Class 11 Education Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন

Class 11 Education Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন and select needs one.

Class 11 Education Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 6 মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন Solutions for All Subject, You can practice these here.

মানৱ আচৰণৰ ভিত্তিসমূহ আৰু দিকদৰ্শন

পাঠ: ৬

প্রশ্নাৱলী

১। আচৰণ কি? কোনবোৰ দিশৰ ওপৰত মানৱ আচৰণে ভিত্তি কৰে।

উত্তৰঃ এটা মানৱ প্ৰাণীৰ চাৰিওফালে থকা নানা ধৰণৰ উদ্দীপকৰ প্ৰতি মানুহে যি দেহ-মানসিক প্রতিক্রিয়া প্রদর্শন কৰে তেনে প্রতিক্ৰিয়াৰ ফলাফলকে আচৰণ বুলি কোৱা হয়।

মানৱ আচৰণৰ ভিত্তি নিৰ্ভৰ কৰে কিছুমান বিশেষ দিশৰ ওপৰত। সেই দিশবোৰ হ’ল প্ৰয়োজন, প্ৰেৰণা, অভিপ্রায়, প্রবৃত্তি, অনুভবজনিত চিন্তা, আৱেগ, মানসিক জোঁট ইত্যাদি।

২। প্রয়োজন বুলিলে কি বুজায়। প্রয়োজনৰ শৈক্ষিক তাৎপর্য বর্ণনা কৰা।

উত্তৰঃ জীয়াই থকাৰ বাবে প্ৰাণীয়ে দৰকাৰী বুলি অনুভৱ কৰা সকলো বস্তু সামগ্রী, চিন্তা-চেতনা, ভাৱ-অনুভূতি  ইত্যাদি সকলোবোৰকে প্রয়োজন বোলা হয়।

প্রয়োজনৰ বিভিন্ন দিশলৈ লক্ষ্য কৰি ক’ব পৰা যায় যে, ইয়াৰ শৈক্ষিক বিশেষত্ব আছে। মানুহৰ বাহিৰে আনবোৰ জীৱৰ প্ৰয়োজন- সমহক সাধাৰণতে গতানুগতিক আৰু নতুনত্বহীন বুলি ক’ব পাৰি। তেনেবোৰ জীৱৰ ক্ষেত্ৰত প্ৰয়োজনৰ কোনো পৰিৱৰ্তন হোৱা দেখা নাযায়। কাৰণ, দৈহিক প্রয়েজনীয়তা- সমূহ সাধাৰণতে সহজাত নহয়। ইয়াক শিক্ষাৰ প্রভাৱত সালসলনি কৰিব পৰা যায়। বিশেষকৈ মানসিক প্রয়োজনসমূহৰ শিক্ষাৰদ্বাৰা উৎকর্ষ সাধন কৰিব পাৰি। ইয়াক উন্নত আৰু সুৰুচিপূর্ণ কৰিবলৈ হ’লে শিক্ষাৰ সহায় ল’বলগীয়া হয়। মানুহৰ দৈহিক প্রয়োজন-সমূহতকৈ মানসিক প্রয়োজনসমূহ অধিকভাৱে গুৰুত্বপূর্ণ। মানসিক প্রয়োজনসমূহ অধিকভাৱে বিকাশশীল আৰু শিক্ষালব্ধ হোৱা দেখা যায়। আৰু ইয়াৰ প্রভাৱ ব্যক্তিৰ জীৱনত তাৎপর্যপূর্ণ-ভাৱে পৰাও দেখা যায়।

৩। প্রেৰণা কি? প্রেৰণাৰ শৈক্ষিক তাৎপর্য নির্ণয় কৰা।

উত্তৰঃ শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অৱস্থাটোৱেই হ’ল প্ৰেৰণা। প্ৰেৰণা হ’ল প্ৰাণীৰ ভিতৰত থকা এটা আভ্যন্তৰীণ প্রচেষ্টা। 

‘প্ৰেৰণা’ নামৰ ধাৰণাটোৰ শৈক্ষিক তাৎপর্য বিস্তৃত ধৰণৰ। আমি শিক্ষালাভ কৰিবলৈ পোৱা উদ্যমখিনিয়েই হ’ল প্ৰেৰণা। প্ৰেৰণাই কর্মখিনি নিয়াৰি তথা সুচাৰুৰূপে সম্পাদন কৰিবলৈ আমাক অনুপ্রাণিত কৰে। সমাজৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় যে, কিছুমান ল’ৰা- ছোৱালীয়ে ঘৰৰ পিতৃ-মাতৃয়ে কৰিব দিয়া যিকোনো কামকেই ইচ্ছা নাই, ভাগৰ লাগিছে আদিৰ দৰে অজুহাতৰ দোহাই দি কৰিবলৈ নিবিচাৰে। কিন্তু সেই একেবোেৰ ল’ৰা-ছোৱালীয়ে লগৰ লগৰীয়া আৰু সমনীয়াবোৰৰ লগত দৌৰি- খেলি কর্মত প্রবৃত্ত হৈ থাকে। ইয়াৰ মূলতে থাকে প্ৰেৰণা। পিতৃ-মাতৃৰ কাম প্ৰেৰণাদায়ক নহয়, কাৰণ ইয়াক নকৰিলেও হ’ব কিন্তু লগৰীয়াৰ লগত নেখেলিলে লগৰীয়াসকলে বেয়া পাব। ব্যক্তিয়ে নিজৰ জীৱনৰ প্ৰয়োজনখিনি পুৰণ কৰাৰ বাবে লাভ কৰা প্ৰেৰণাখিনিৰ শৈক্ষিক তাৎপর্য আছে। শিক্ষাৰ মাধ্যমত ব্যক্তিসকলৰ জৈৱিক প্ৰেৰণাৰ প্ৰকাশ গতানুগতিক অৱস্থাৰ পৰা উন্নত পৰ্যায়লৈ নিব পাৰি। শিক্ষালাভ কৰা ব্যক্তি আৰু শিক্ষালাভ নকৰা ব্যক্তিৰ মাজত প্রকাশিত হোৱা ক্ষুধা, তৃষ্ণা, যৌন প্ৰৱণতা একে ধৰণৰ যদিও প্রকাশৰ ভাবধাৰাৰ ক্ষেত্ৰত ভিন্নতা থাকে। শিক্ষালাভ কৰা ব্যক্তিৰ প্রকাশভংগী সংযত আৰু শালীন হোৱাৰ সম্ভাৱনা অধিক। অৱশ্যে মানুহ আৰু আন জীৱৰ প্ৰকাশভংগীৰ পাৰ্থক্য থাকিবই। ব্যক্তিৰ প্ৰেৰণাবোৰ শিক্ষাৰ মাধ্যমত সংযত, শালীন আৰু সুৰুচিপূর্ণ কৰি তুলিব পৰা যায়।

৪। অভিপ্রায় বুলিলে কি বুজায়?

উত্তৰঃ কোনো কাৰ্যৰ লক্ষ্যত উপনীত হবৰ বাবে মনক সক্ৰিয় কৰি তোলা পৰিস্থিতিয়েই হৈছে অভিপ্ৰায়।

৫। শিশুৰ প্রয়োজনবোৰ উল্লেখ কৰা। 

উত্তৰঃ শিশুৰ প্রয়োজনবোৰ হৈছে-

শিশুসকলৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ’ল শাৰীৰিক গঠন আৰু বিকাশ। এনে বিকাশক বাস্তৱমুখী কৰিবলৈ হ’লে সিহঁতে অনুভৱ কৰা ভোক, পিয়াহ ইত্যাদিবোেল সময়মতে পূৰণ কৰাৰ ব্যৱস্থা হাতত ল’ব লাগিব পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ পানী, উপযুক্ত জলবায়ু, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ ব্যৱস্থা কৰি শিশুৰ দৈহিক বর্ধনত অৰিহণা যোগাব লাগিব।

শিশুসকলৰ বিকাশৰ বাবে খেল- ধেমালীৰো প্রয়োজন। সাধাৰণতে শিশুসকলক ক্রীড়াপ্রবণ বুলি ক’ব পৰা যায়। ক্রীড়া অথবা খেল-ধেমালীৰ মাধ্যমত শিশুসকলে নিজৰ অংগসঞ্চালন কৰিবলৈ সক্ষম হয়। খেল- ধেমালীয়ে শিশুক দৈহিক আৰু মানসিকভাৱে পৰিপুষ্ট কৰি তোলে। গৃহ আৰু বিদ্যালয়ত খেল- ধেমালীৰ ব্যৱস্থা কৰি শিশুৰ এনে ধৰণৰ প্রয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰি।

৬। প্রয়োজনৰ লগত মানৱ আচৰণৰ সম্পর্ক ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰয়োজন হৈছে সাধাৰণ আৱশ্যকতা। সকলোধৰণৰ আচৰণৰ মূলতে হৈছে এই প্রয়োজন। যেতিয়া ব্যক্তিয়ে কোনোধৰণৰ অভাৱ অনুভৱ কৰে, তেতিয়া সেই অভাৱ পূৰ কৰিবলৈ উদ্যত হয়। এনেদৰে অভাৱে জন্ম দিয়ে প্রয়োজনৰ।

প্রয়োজনক দুটা ভাগত ভাগ কৰিব পাৰি, যেনে মুখ্য প্রয়োজন আৰু গৌণ প্রয়োজন। মুখ্য প্রয়োজনসমূহৰ ভিতৰত জৈৱিক বা দৈহিক প্রয়োজনসমূহ অন্তর্ভুক্ত। প্রতি জীৱই নিজৰ প্ৰাণ ৰক্ষা আৰু জাতি ৰক্ষাৰ বাবে ইয়াক অনুভৱ কৰে। এই প্রয়োজনবোৰ দেহৰ ভিতৰত হোৱা ৰাসায়নিক ক্ৰিয়া আৰু পৰিৱৰ্তনৰ বাবে দেখা দিয়ে। ইয়াৰ ফলত জীৱই এক অভাৱৰ তীব্রতা দেহ-মনত অনুভৱ কৰে। এই অভাৱ পূৰণ নোহোৱালৈকে এক অশান্ত আৰু অস্বাভাৱিক অৱস্থাই জীৱক আমনি দিয়ে। উদাহৰণস্বৰূপে, খাদ্যৰ অভাৱত অনুভৱ কৰা ভোক, পানীৰ অভাৱত পিয়াহ আৰু বায়ুৰ অভাৱত উশাহ নিশাহ লোৱাৰ অসুবিধা ইত্যাদি। এই দৈহিক প্ৰয়োজনবোৰ শৰীৰৰ ভিতৰত হোৱা ৰাসায়নিক ক্রিয়াৰ দ্বাৰা উদ্ভৱ হয়। দৈহিক প্রয়োজনৰ ভিতৰত যৌন প্রয়োজন এক গুৰুত্বপূর্ণ। তেনেকৈ সুস্থ দেহৰ বাবে বিশ্রামৰ প্ৰয়োজন, নিদ্ৰাৰ প্রয়োজন ইত্যাদি। এই দৈহিক প্রয়োজনবোৰ সহজাত বিধৰ হয়। শিক্ষাৰ দ্বাৰা কিছু পৰিমাণে ই প্ৰভাৱিত হ’লেও ই শিক্ষালব্ধ নহয়। গৌণ প্রয়োজনৰ ভিতৰত মানসিক আৰু সামাজিক প্রয়োজনসমূহ অন্তর্ভুক্ত। 

উচ্চ শ্ৰেণীৰ প্ৰাণী হিচাপে বিশেষকৈ মানুহৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্রয়োজনৰ গুৰুত্ব বেছি। নিঃসংগ অৱস্থাত আনলোকৰ সংস্পৰ্শৰ প্রয়োজনীয়তা অনুভৱ কৰা হয়। জ্ঞানৰ অভাৱ পূৰণৰ বাবে অধ্যয়ন কৰিবলৈ বিচৰা হয়। সু-জীৱন যাপন কৰিবৰ মৰম-চেনেহ আৰু ভাল পোৱা আদিৰ প্ৰয়োজন। তেনেদৰে সামাজিক জীৱন যাপন কৰিবলৈ ব্যক্তিৰ প্ৰয়োজন হয় মান-সম্মান, ক্ষমতা, স্বাধীনতা, ধন-সম্পত্তি ইত্যাদিৰ। ব্যক্তিৰ সু-সামঞ্জস্যপূর্ণ ব্যক্তিত্ব বিকাশৰ বাবে এই মানসিক আৰু সামাজিক প্রয়োজনসমূহ পূৰণ কৰাটো গুৰুত্বপূৰ্ণ। এই প্রয়োজনসমূহ শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হোৱা বাবে ইয়াৰ বিকাশ সম্ভৱ হৈ উঠে।

৭। প্রবৃত্তি কি? প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ প্রবৃত্তি শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Instinct’। এই ‘In- stinct’ শব্দটো লেটিন ভাষাৰ ‘Instinctus’ শব্দটোৰ পৰা আহিছে। Instinctus শব্দটোৰ অর্থ হৈছে ‘impulse’ অর্থাৎ ‘তাড়না’। প্রবৃত্তি শব্দটোৰ দ্বাৰা ইচ্ছা; বাসনা; স্বভাৱ আদিৰ কথা বুজোৱা হয়। 

প্রবৃত্তিৰ চাৰিটা বৈশিষ্ট:

১।  প্রাণীজগতৰ উচ্চ শ্ৰেণীৰ প্ৰাণীৰ প্রবৃত্তি সংশোধনৰ ক্ষমতা অধিক।

২। প্রবৃত্তিগত কাৰ্যত জীৱৰ জাতিগত চৰিত্ৰ আৰু বৈশিষ্ট্য পৰিস্ফুট হয়।

৩। আত্মৰক্ষা আৰু জাতিৰক্ষা বা বংশ ৰক্ষা এই দুয়োটাই প্রবৃত্তিমূলক কাৰ্যৰ অন্তৰালত গভীৰভাৱে ক্রিয়া কৰা মূল শক্তি।

৪। প্রবৃত্তিসমূহৰ প্ৰভাৱ জীৱৰ গোটেই জীৱনজুৰি পৰিলক্ষিত হয়।

৮। মেকডুগালে উল্লেখ কৰা যি কোনো আঠটা প্রবৃত্তিৰ নাম লিখা।

উত্তৰঃ মেকডুগালে উল্লেখ কৰা যি কোনো আঠটা প্রবৃত্তিৰ নাম হল-

১। পলায়ন।

২। যুযুৎসা প্রবৃত্তি।

৩। নিবাৰণ বা অপকর্ষণ।

8। বাৎসল্য।

৫। আবেদন।

৬। যুগল মিলন।

৭। কৌতূহল।

৮। বশ্যতা, অধীনতঙ্গ।

৯। প্রবৃত্তিৰ পৰিশোধন কৰিব পাৰিনে? প্রবৃত্তি পৰিশোধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ প্রবৃত্তিৰ পৰিশোধন কৰিব পাৰি। প্রবৃত্তি পৰিশোধনৰ পাঁচটা উপায়ৰ বিষয়ে উল্লেখ কৰা হৈছে-

১। কাৰ্যৰ অব্যৱহাৰ (Disuse of Activities): পৰিৱেশৰ ভিন্নতাৰ বাবে প্ৰবৃত্তিসমূহৰ মুক্ত প্রকাশ বা বিকাশৰ প্রভাব ভিন্ন ধৰণৰ হয়। সামাজিক ৰীতি-নীতি আদিয়ে কাৰ্যৰ ভাল বেয়া দিশ নির্ণয় কৰে। কোনো সামাজিক পৰিৱেশত প্রকাশৰ বাবে অনুপযুক্ত বুলি প্রতিপন্ন হোৱা প্রবৃত্তিসমূহৰ ব্যৱহাৰ অভ্যাসৰ দ্বাৰা ৰোধ কৰিব পাৰিলে বা তেনে পৰিৱেশ পৰিৱৰ্তন কৰিলে প্রবৃত্তিৰ উন্নত বিকাশ ঘটিব পাৰে। উদাহৰণ স্বৰূপে বন্য জীৱ-জন্তুসমূহৰ বন্য আচৰণৰ অব্যৱহাৰৰ বাবে চাৰ্কাচৰ জীৱ জন্তুৰ প্ৰবৃত্তি বা আচৰণ নতুন ৰূপত প্রকাশ পায়। চৌর্য – (চুৰিকৰা) প্রবৃত্তিৰ অব্যৱহাৰৰ বাবে পৰিৱেশ পৰিৱৰ্তন কৰি উন্নত পৰিৱেশ প্রাপ্ত কৰিলে তেনে প্রবৃত্তি ৰোধ কৰিব পাৰি।

২। পূর্ণস্বাধীনতা প্রয়োগ (Use of Complete Freedom): পূর্ণস্বাধীনতাৰ প্ৰয়োগৰ মাজেৰেও প্রবৃত্তিসমূহ সংশোধন কৰিব পাৰি। প্রখ্যাত প্রকৃতিবাদী শিক্ষাবিদ ৰুচোই এই ব্যৱস্থাৰ সমৰ্থন কৰিছে। মুক্ত আৰু স্বাধীন পৰিৱেশত মানুহৰ জন্মগত প্রবৃত্তিসমূহৰ প্ৰকাশ ঘটাব পাৰিলে যিবোৰ প্রবৃত্তিৰ ফল ব্যক্তিগত তথা সামাজিক জীৱনৰ বাবে অনুপযুক্ত তেনেবোৰ প্ৰবৃত্তিৰ বিকাশত বাধা দি উপযুক্ত আৰু গঠনমূলক প্রবৃত্তিগত কাৰ্যবোৰৰ বিকাশ ঘটাব পাৰি। অৱশ্যে কিছুমান শিক্ষা মনোবিজ্ঞানীয়ে শিশুসকলক মুক্ত স্বাধীনতা প্রদান কৰি অবাধে বিচৰণ কৰিব দিয়া মতৰ বিৰোধিতা কৰিছে। তেওলোকৰ মতে এনে স্বাধীনতাই শিশুৰ ব্যক্তিত্ব গঠনত প্রতিকূল অৱস্থাৰ সৃষ্টি কৰিব পাৰে।

৩। অবদমন (Repression): অবদমন প্রবৃত্তি সংশোধনৰ উপযুক্ত উপায় নহয় যদিও ইয়াৰ মাজেৰে অসুস্থ আৰু অস্বাভাৱিক প্রবৃত্তিৰ মুক্ত প্রকাশত বাধাৰ সৃষ্টি কৰিব পাৰি। দৈননিন্দন জীৱন প্রক্রিয়াত স্বাভাৱিক পৰিৱেশ বা অৱস্থাত সামাজিক ৰীতি-নীতি, পাৰিবাৰিক নিয়ম শৃংখলা, সাংস্কৃতিক মূল্যবোধ আদিৰ বাবে পূৰণ কৰিব নোৱাৰা প্ৰবৃত্তিমূলক তাড়নাসমূহৰ ব্যৰ্থ অভিজ্ঞতাসমূহ চেতন মনৰ পৰা অচেতন মনত যোৰপূৰ্বক দমিত কৰি ৰখা কাৰ্যই হ’ল অবদমন। এই কাৰ্যৰ সহায়ত চেতন মনৰ নীতি বিগর্হিত কামনা-বাসনা অচেতন মনত দমিত কৰি অসুস্থ প্রবৃত্তিগত তাড়নাক সাময়িকভাৱে আৰু কেতিয়াবা দীর্ঘকালীনভাৱে অচেতন মনত বাধ্যতামূলক হেঁচা দি ৰাখিব পাৰি।

৪। প্রতিস্থাপন (Substitution): কোনো বিশেষ প্রবৃত্তিৰ স্বাভাৱিক পূৰণত ব্যৰ্থ হৈ তেনে প্রবৃত্তি পূৰণৰ বাবে আন কোনো বিকল্প ব্যৱস্থা গ্রহণ কৰাটোৱেই হ’ল প্রবৃত্তিৰ প্রতিস্থাপন। ইয়াৰ যোগেদি প্রবৃত্তিৰ অসুস্থ প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা যায়।

৫। বিৰেচন( Catharsis): মনঃসমীক্ষণ পদ্ধতিৰ প্রৱর্তক প্রখ্যাত মনোবিজ্ঞানী ছিগমাণ্ড ফ্রয়েড আৰু প্রখ্যাত স্নায়ু বিশেষজ্ঞ ডা° জছেফ ব্ৰুয়াৰ আদিৰ দৰে লোকসকলে মানসিক ৰোগৰ চিকিৎসাৰ বাবে বিৰেচন পদ্ধতিৰ উদ্ধাৱন কৰে। প্রবৃত্তিৰ পৰিশোধনৰ ক্ষেত্ৰত এই পদ্ধতিৰ ভূমিকা অধিক। এনে পদ্ধতিৰে অনিষ্টকাৰী প্রবৃত্তিৰ উপাদানবোৰ নাইকীয়া কৰি মানসিক অৱস্থা সুস্থ কৰি তোলা হয়। ফ্রয়েড আৰু ডা° ব্রুয়াৰৰ মতে মানুহৰ অতীত জীৱনত আৱেগজনিত স্মৃতি কিছুমানক কেন্দ্ৰ কৰি মনৰ অভ্যন্তৰ ভাগত মানসিক দ্বন্দ্বৰ সৃষ্টি হয়। এনে অৱস্থাৰ পৰাই হিষ্টিৰিয়া ৰোগৰ লক্ষণেও দেখা দিয়ে। গতিকে বাস্তৱ জীৱনৰ ব্যৰ্থ অভিজ্ঞতাৰ বিৰূপ অৱস্থা নাইকীয়া কৰাৰ বাবে ৰুদ্ধ আৱেগজনিত স্মৃতিসমূহ মুক্ত কৰাৰ প্ৰয়োজন। এনে কার্য সম্ভৱ হয় বিৰেচন পদ্ধতিৰ সহায়ত। 

১০। চমুটোকা লিখা:

(ক) প্রয়োজন।

উত্তৰঃ প্ৰয়োজন হৈছে জীৱ মাত্ৰই জীয়াই থাকিবলৈ অহৰহ চেষ্টা কৰে । অৰ্থাৎ নিজৰ বিভিন্ন প্ৰয়োজন পূৰণৰ বাবে মানুহে বিভিন্ন ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। অবিৰতভাৱে দৈহিক আচৰণ প্ৰদৰ্শন কৰাৰ ফলত আমাৰ দেহ-যন্তত কিছু অভাৱ পৰিলক্ষিত হয় যাৰ ফলত জীৱই কোনো বিশেষ প্ৰয়োজন অনুভৱ কৰে। সেয়ে প্ৰয়োজন বুলিলে দৈহিক অভাৱ বুজায়। বিখ্য়াত মনোবিজ্ঞানীৰ ক্লউজামেইয়াৰে প্ৰয়োজন সম্পৰ্কে এই বুলি মত প্ৰকাশ কৰিছে যে ”প্ৰয়োজন জীৱৰ এনে এক শাৰীক আৰু মানসিক আয়স্থা যাৰ উপস্থিতিত জীৱেই এক বিশেষ কৰ্ম প্ৰৱণতা অনুভৱ কৰে।

(খ) প্ৰেৰণা।

উত্তৰঃ প্রেৰণা হ’ল ব্যক্তিৰ এবিধ উল্লেখযোগ্য মানসিক অৱস্থা। এই অৱস্থাটো ব্যক্তিৰ জীৱনলৈ আহে প্রয়োজনৰ তাড়নাই সৃষ্টি কৰা ক্রিয়াপ্রৱণ গতিশীলতাৰ ফলস্বৰূপে। শৰীৰৰ ভিতৰৰ যিবিলাক অৱস্থাই প্রাণীক একোটা বিশেষ কাম কৰিবলৈ প্ৰস্তুত কৰায়, তেনে অৱস্থাটোৱেই হ’ল প্ৰেৰণা। প্ৰেৰণা হ’ল প্ৰাণীৰ ভিতৰত থকা এটা আভ্যন্তৰীণ প্রচেষ্টা। আমাৰ কিছুমান জৈৱিক আৰু মানসিক দাবী আছে। প্ৰেৰণাই সেই দাবীবোৰ পূৰণ কৰাৰ বাবে এবিধ অন্তর্নিহিত শক্তিৰ যোগান ধৰে। তাৰ ফলত আমি কার্যত প্রবৃত্ত হওঁ। কিছুমান প্ৰেৰণা দৈহিক কাৰণত সৃষ্টি হয় আৰু সেই প্ৰেৰণাবোৰ সকলো জীৱৰ ক্ষেত্ৰতে একে ধৰণৰ হোৱা দেখা যায়। মনোবিজ্ঞানীসকলে প্ৰেৰণাক বহল অৰ্থত ব্যৱহাৰ কৰা দেখা যায়। ব্যক্তিৰ দৈহিক আৰু মানসিক প্রয়োজনবোৰ পূৰণৰ বাবে কিছুমান মূল ক্রিয়াশক্তিৰ প্ৰয়োজন হয়। সেই প্রয়োজনসমূহ পূৰাবলৈ যাওঁতে প্রস্তুতিৰ প্ৰয়োজন হয়। সেই প্রস্তুতিয়েই হ’ল প্ৰেৰণা।

(গ) প্রবৃত্তি।

উত্তৰঃ প্রবৃত্তি শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Instinct’। এই ‘In- stinct’ শব্দটো লেটিন ভাষাৰ ‘Instinctus’ শব্দটোৰ পৰা আহিছে। Instinctus শব্দটোৰ অর্থ হৈছে ‘impulse’ অর্থাৎ ‘তাড়না’। প্রবৃত্তি শব্দটোৰ দ্বাৰা ইচ্ছা; বাসনা; স্বভাৱ আদিৰ কথা বুজোৱা হয়। 

আধুনিক মনোবিজ্ঞানীসকলে আগবঢ়োৱা বিভিন্ন সংজ্ঞা বিশ্লেষণ কৰিলে প্রবৃত্তিৰ ধাৰণা আৰু অধিক স্পষ্ট হৈ পৰে। মনোবিজ্ঞানী উইলিয়াম মেকডুগালৰ মতে ‘যি সুপ্ত প্রৰণতাই জীৱক কোনো বিশেষ শ্রেণীৰ অন্তর্ভুক্ত বিষয়ৰ প্ৰতি মনোনিবেশ কৰায় আৰু ইয়াৰ পৰিৱৰ্তনত এক বিশেষ আৱেগৰ উত্তেজনা আৰু কৰ্মপ্রেৰণা অনুভৰ কৰায় আৰু বিষয় বস্তুৰ লগত সম্বন্ধ ৰাখি এক বিশেষ আচৰণ প্ৰকাশ কৰায় সেয়াই প্রবৃত্তি।’

প্রখ্যাত মনোবিজ্ঞানী ৰ’চৰ মতে – ‘কিছুমান বিশেষ পৰিস্থিতিত কিছুমান বিশেষ সুপ্ত আচৰণ প্রদর্শিত হয় যি শিকিব লগা নহয় আৰু যিবোৰ এক শ্রেণী জীৱৰ সকলোৰে মাজত সাধাৰণভাৱে উপস্থিত থাকে – এনে শক্তি আৰু আচৰণক প্রবৃত্তি আৰু প্রবৃত্তিগত শব্দৰ সহায়ত বুজোৱা হয়।’

মনোবিজ্ঞানী ভেলেনটাইনৰ মতে ‘প্রবৃত্তি হ’ল এক জৈৱিক উদ্দেশ্য পূৰণৰ বাবে কৰা ক্রিয়া আচৰণ।’

অন্যান্য আধুনিক মনোবিজ্ঞানীসকলে প্রাণীৰ জন্মসূত্রে আহৰণ কৰা অপৰিৱৰ্তনীয় আটাইতকৈ জটিল ধৰণৰ ক্ৰিয়া আচৰণসমূহকে প্রবৃত্তি বুলি অভিহিত কৰিছে। 

(ঘ) অভ্যাস।

উত্তৰঃ অভ্যাস শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে Habit। এই Habit শব্দটো লেটিন ভাষাৰ ‘habitus’ শব্দটোৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ‘condition’ অর্থাৎ ‘অৱস্থা’। অভ্যাসে আমাৰ এটা বিশেষ অৱস্থাৰ কথাকে সূচায়। তুমি ৰাতিপুৱা পলমকৈ বিছনাৰ পৰা উঠা। ইয়াত তুমি বিচনাৰ পৰা উঠা কামৰ এটা অৱস্থাৰ বিষয়ে বুজোৱা হৈছে যিটো এটা বিশেষ অভ্যাসৰ অন্তর্ভুক্ত। অভ্যাসৰ বৈশিষ্ট্য, প্রকৃতি বা স্বৰূপৰ বিষয়ে বর্ণনা কৰিবলৈ গ’লে ইয়াৰ বিশেষ কিছুমান লক্ষণ চকুত পৰে। এনে লক্ষণসমূহ উপলব্ধি কৰি এইবোৰৰ মাজতেই অভ্যাসৰ স্বৰূপ উপলব্ধি কৰিব পাৰি। অর্থাৎ অভ্যাসৰ প্রধান ধর্ম পাঁচটাই হৈছে অভ্যাসৰ বিশিষ্ট স্বৰূপ। 

এইবোৰ মূলতঃ তলত দিয়া ধৰণৰ:

১। অভ্যাস হ’ল এক যান্ত্রিক আৰু স্বয়ংক্রিয় প্রক্রিয়া।

২। অভ্যাস কোনো এটা কাম বহুতবাৰ একেৰাহে কৰাৰ পিছতহে উপার্জিত হয়।

৩। অভ্যাস মনোযোেগ বা ইচ্ছাশক্তিৰ প্রয়োজন নোহোৱাকৈ অতি কম সময়ৰ ভিতৰতে সম্পন্ন হয়।

৪। অভ্যাস একে পৰিস্থিতি বা পৰিৱেশৰ আধাৰত সম্পন্ন হয়।

৫। অভ্যাস কৰ্মৰ একতাৰ ওপৰত নিৰ্ভৰশীল।

(ঙ) প্রতিবর্ত ক্ৰিয়া।

উত্তৰঃ প্ৰখ্যাত মনোবিদ মেকডুগালৰ মতে প্রাণীয়ে বংশানুক্রমিকভাৱে লাভ কৰা প্ৰবৃত্তি অথবা জন্মগত ক্ষমতাসমূহৰ দৰে প্ৰতিক্ষেপ বা প্রতিবর্ত সঞ্চালন সমূহো জন্মসূত্রে লাভ কৰে। অৰ্থাৎ প্রবৃত্তি সমূহৰ দৰে প্ৰতিক্ষেপ সঞ্চালন ক্ষমতাও সহজাত ক্ষমতা। সৰলদৃষ্টিত প্রতিক্ষেপ অথবা প্রতিবর্ত ক্রিয়া প্রাণীৰ সহজাতভাৱে অথবা স্বতঃস্ফূর্তভাৱে সম্ভৱ হোৱা সংবেদী আৰু সঞ্চালনধর্মী সংযোগৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। এনে কার্যত প্রাণীয়ে অপৰিৱৰ্তনীয় আচৰণ প্রক্রিয়াৰে প্রয়োজনীয় ভাৱে পৰিবেশৰ প্রতি প্রতিক্রিয়া প্ৰদৰ্শন কৰে। একান্ত দৈহিক প্রয়োজনৰ তাগিদাত সম্পূর্ণ নিয়মবিহীনভাৱে এনে প্রতিক্রিয়া প্রদর্শন কৰিবলৈ প্ৰাণীয়ে বাধ্য হৈ পৰে। সৰ্বাত্মক দৃষ্টিত প্রতিক্ষেপসমূহ প্রাণীয়ে সহজাতভাৱে আহৰণ কৰা বিশেষ মনোদৈহিক ক্ষমতাহে। 

প্রতিবর্ত ক্ৰিয়াৰ উদাহৰণ হিচাপে: চকু পিৰিকিওৱা, হাঁচিওৱা, কাঁহ উঠা ইত্যাদি।

(চ) অবদমন।

উত্তৰঃ অবদমন প্রবৃত্তি সংশোধনৰ উপযুক্ত উপায় নহয় যদিও ইয়াৰ মাজেৰে অসুস্থ আৰু অস্বাভাৱিক প্রবৃত্তিৰ মুক্ত প্রকাশত বাধাৰ সৃষ্টি কৰিব পাৰি। দৈননিন্দন জীৱন প্রক্রিয়াত স্বাভাৱিক পৰিৱেশ বা অৱস্থাত সামাজিক ৰীতি-নীতি, পাৰিবাৰিক নিয়ম শৃংখলা, সাংস্কৃতিক মূল্যবোধ আদিৰ বাবে পূৰণ কৰিব নোৱাৰা প্ৰবৃত্তিমূলক তাড়নাসমূহৰ ব্যৰ্থ অভিজ্ঞতাসমূহ চেতন মনৰ পৰা অচেতন মনত যোৰপূৰ্বক দমিত কৰি ৰখা কাৰ্যই হ’ল অবদমন। এই কাৰ্যৰ সহায়ত চেতন মনৰ নীতি বিগর্হিত কামনা-বাসনা অচেতন মনত দমিত কৰি অসুস্থ প্রবৃত্তিগত তাড়নাক সাময়িকভাৱে আৰু কেতিয়াবা দীর্ঘকালীনভাৱে অচেতন মনত বাধ্যতামূলক হেঁচা দি ৰাখিব পাৰি।

(ছ) উন্নীতকৰণ।

উত্তৰঃ অসুস্থ প্রবৃত্তিৰ প্রভাৱৰ পৰা হাত সৰাৰ আৰু তেনে প্রবৃত্তিৰ সংশোধন কাৰ্যৰ বাবে আটাইতকৈ উন্নত ব্যৱস্থাটো হ’ল প্রবৃত্তিৰ উন্নীতকৰণ। শিক্ষামনোবিজ্ঞানী ৰচৰ মতে – উন্নীতকৰণ হৈছে এটা শব্দ যাৰ ব্যৱহাৰৰ মাজেৰে প্ৰবৃত্তিক আদিম জৈৱিক উদ্দেশ্যৰ পৰা সামাজিক আৰু ব্যক্তিগতভাৱে উচ্চস্তৰলৈ উন্নয়ন কৰি পুনৰ নিয়োগ কৰিব পাৰি। জীৱৰ সহজাত প্রবৃত্তিসমূহ কেতিয়াও নাইকীয়া কৰিব নোৱাৰি। এনে প্রবৃত্তিসমূহ চৰিতাৰ্থ কৰাৰ বাবে পূর্ণ স্বাধীনতা দিয়াটোও বিপদজনক নতুবা অবদমিত কৰি ৰখাটোও অধিক ক্ষতিকাৰক। সেয়ে ব্যক্তিত্ব বিকাশৰ উপায় হিচাপে গঠনাত্মক আৰু সামাজিকভাৱে গ্রহণযোগ্য কাৰ্য ব্যৱস্থাৰ মাজত প্রবৃত্তিসমূহ প্রয়োগ কৰাটোৱেই হ’ল প্রবৃত্তিৰ উন্নীতকৰণ। এই পদ্ধতিৰ মাজেৰে মানুহে নিজৰ চিন্তা শক্তিৰ বিকাশ ঘটাই নতুন নতুন সৃষ্টিৰ মাজেৰে নিজৰ প্রতিভাসমূহ বিকাশ কৰি তুলিব পাৰে।

(জ) বিৰেচন।

উত্তৰঃ মনঃসমীক্ষণ পদ্ধতিৰ প্রৱর্তক প্রখ্যাত মনোবিজ্ঞানী ছিগমাণ্ড ফ্রয়েড আৰু প্রখ্যাত স্নায়ু বিশেষজ্ঞ ডা° জছেফ ব্ৰুয়াৰ আদিৰ দৰে লোকসকলে মানসিক ৰোগৰ চিকিৎসাৰ বাবে বিৰেচন পদ্ধতিৰ উদ্ধাৱন কৰে। প্রবৃত্তিৰ পৰিশোধনৰ ক্ষেত্ৰত এই পদ্ধতিৰ ভূমিকা অধিক। এনে পদ্ধতিৰে অনিষ্টকাৰী প্রবৃত্তিৰ উপাদানবোৰ নাইকীয়া কৰি মানসিক অৱস্থা সুস্থ কৰি তোলা হয়। ফ্রয়েড আৰু ডা° ব্রুয়াৰৰ মতে মানুহৰ অতীত জীৱনত আৱেগজনিত স্মৃতি কিছুমানক কেন্দ্ৰ কৰি মনৰ অভ্যন্তৰ ভাগত মানসিক দ্বন্দ্বৰ সৃষ্টি হয়। এনে অৱস্থাৰ পৰাই হিষ্টিৰিয়া ৰোগৰ লক্ষণেও দেখা দিয়ে। গতিকে বাস্তৱ জীৱনৰ ব্যৰ্থ অভিজ্ঞতাৰ বিৰূপ অৱস্থা নাইকীয়া কৰাৰ বাবে ৰুদ্ধ আৱেগজনিত স্মৃতিসমূহ মুক্ত কৰাৰ প্ৰয়োজন। এনে কার্য সম্ভৱ হয় বিৰেচন পদ্ধতিৰ সহায়ত। 

(ঝ) কার্যৰ অব্যৱহাৰ।

উত্তৰঃ পৰিৱেশৰ ভিন্নতাৰ বাবে প্রবৃত্তিসমূহৰ মুক্ত প্রকাশ বা বিকাশৰ প্রভাৱ ভিন্ন ধৰণৰ হয়। সামাজিক ৰীতি-নীতি আদিয়ে কাৰ্যৰ ভাল বেয়া দিশ নির্ণয় কৰে। কোনো সামাজিক পৰিৱেশত প্রকাশৰ বাবে অনুপযুক্ত বুলি প্রতিপন্ন হোৱা প্রবৃত্তিসমূহৰ ব্যৱহাৰ অভ্যাসৰ দ্বাৰা ৰোধ কৰিব পাৰিলে বা তেনে পৰিৱেশ পৰিৱৰ্তন কৰিলে প্রবৃত্তিৰ উন্নত বিকাশ ঘটিব পাৰে। উদাহৰণ স্বৰূপে বন্য জীৱ-জন্তুসমূহৰ বন্য আচৰণৰ অব্যৱহাৰৰ বাবে চাৰ্কাচৰ জীৱ জন্তুৰ প্রবৃত্তি বা আচৰণ নতুন ৰূপত প্রকাশ পায়। চৌর্য (চুৰিকৰা) প্রবৃত্তিৰ অব্যৱহাৰৰ বাবে পৰিৱেশ পৰিৱৰ্তন কৰি উন্নত পৰিৱেশ প্রাপ্ত কৰিলে তেনে প্রবৃত্তি বোধ কৰিব পাৰি।

১১। প্রবৃত্তিৰ শৈক্ষিক মূল্য নির্ণয় কৰা।

উত্তৰঃ প্রবৃত্তিৰ শৈক্ষিক মূল্য হৈছে– প্রবৃত্তিসমূহ মানৰ চৰিত্ৰ গঠনৰ আন এক ভেঁটি। শিক্ষা আৰু চৰিত্ৰ ইটোৰ লগত সিটো ওতঃপ্রোতঃভাৱে জড়িত। শিক্ষাৰ ক্ষেত্ৰত শিশুৱে ভৰি দিয়ে নিজ বংশগতি আৰু পৰিৱেশৰ বশবর্তী হৈ। বংশগতিৰ মূল উপাদান হ’ল প্রবৃত্তি। প্রবৃত্তি জন্মগত, কিন্তু জন্মৰ পিছৰ পৰা শিশুটোৱে এটা বিশেষ পৰিৱেশত বাস কৰে।

সেয়েহে পৰিৱেশৰ পৰা শিশুৱে কিছু মূলধন সংগ্রহ কৰে। শিশুক শিক্ষাক্ষেত্রত নিয়ন্ত্রণ কৰাটো অভিভাৱক তথা শিক্ষকৰ প্রধান দায়িত্ব। শিশুৰ মাজত থকা আদিম জৈৱিক চাহিদা সংশোধন ঘটাই তাক সমাজৰ উপকাৰত আহিব পৰা কৰাটোৱেই শিক্ষক তথা অভিভাৱকৰ বিশেষ সাফল্য। শিশুৰ গাত জন্মগতভাৱে থকা অনুসন্ধিৎসা প্রবৃত্তিৰ সহায়ত নানা প্ৰকাৰে শিক্ষা প্রদান কৰিব পাৰি।

মানৱ শিশুৰ বিকাশ প্রক্রিয়া গতিশীল হোৱাৰ লগে লগে প্রবৃত্তিসমূহৰো বিকাশ হ’বলৈ ধৰে। এই বিকাশে কৈশোৰ কালত বিশেষ ধৰণৰ ভূমিকা গ্রহণ কৰে। শিক্ষাই শিশুৰ মনত নানা ধৰণৰ প্রভাব পেলায়। প্রবৃত্তিসমূহক দমন কৰাৰ প্ৰচেষ্টা নকৰি শিক্ষাৰ দ্বাৰা প্রবৃত্তিক সকলো কামত খটুৱাব পৰা যায়। শিক্ষকে শিক্ষার্থীসকলৰ মনত গঢ় লোৱা আত্মপ্রতিষ্ঠাৰ প্রবৃত্তিক, খেল-ধেমালি, সাহিত্য, ৰচনা, তর্ক প্রতিযোগিতা আদিৰ লগতে বিভিন্ন শাৰীৰিক আৰু বৌদ্ধিক প্রতিযোগিতাৰ মাধ্যমেদি গঠনমূলক দৃষ্টিভংগী লৈ, প্রবৃত্তিসমূহৰ সংস্কাৰ সাধন কৰিব পাৰে।

১২। আৱেগ কি? আৱেগৰ সংজ্ঞা দিয়া।

উত্তৰঃ মানুহৰ নানাধৰণৰ জন্মগত ক্ষমতা আৰু বিশেষত্বৰ ভিতৰত আৱেগ এটা বিশেষ ক্ষমতা। আৱেগৰ ইংৰাজী প্রতিশব্দ হৈছে ‘Emotion এই ‘Emotion’ শব্দটো লেটিন ভাষাৰ ‘Emovare’ শব্দটোৰ পৰা আহিছে। ‘Emovare’ শব্দটোৰ অৰ্থ হৈছে ‘disturb’ অর্থাৎ বিৰক্ত কৰা; আলোড়িত কৰা ইত্যাদি। সাধাৰণ দৃষ্টিভংগীত আৱেগৰ অৰ্থ হৈছে ব্যাকুলতা, ব্যগ্রতা; উৎকণ্ঠা ইত্যাদি। 

আৱেগৰ সংজ্ঞা: প্রখ্যাত মনোবিজ্ঞানী উডৱৰ্থৰ মতে ‘আৱেগ হৈছে ব্যক্তিক সঞ্চালিত অথবা আন্দোলিত কৰা অৱস্থা।’ 

গেটচ্,ৰ মতে ‘আবেগ হ’ল এটা প্রয়াস য’ত ব্যক্তি সঞ্চালিত নাইবা উত্তেজিত হয়।’ 

১৩। আৱেগৰ যিকোনো চাৰিটা বৈশিষ্ট উল্লেখ কৰা।

উত্তৰঃ আৱেগৰ যিকোনো চাৰিটা বৈশিষ্ট হৈছে-

১। আৱেগ আৰু অনুভূতি প্রধানত দুই প্ৰকাৰৰ- সেয়া হ’ল প্ৰীতিকৰ আৰু অপ্রীতিকৰ। প্ৰীতিকৰ আৱেগ অনুভূতিৰ প্রতি মানুহে সদায় প্রস্তুত আৰু সচেষ্ট হৈ থাকে আৰু অপ্রীতিকৰ আৱেগ অনুভূতি এৰিব বিচাৰে।

২। মানৱ ব্যক্তিত্বৰ আৱেগজনিত পটভূমি হৈছে মনোভাৱ। এই মনোভাৱ অপেক্ষাকৃতভাৱে সংকীর্ণ উত্তেজনামূলক অৱস্থা যি জীৱনৰ বিভিন্ন অএস্থা, অনুভূতি আদিৰ প্রভাৱাধীন।

৩। আৱেগিক উত্তেজনাৰ ফলত আমাৰ মন আৰু শৰীৰ ক্লান্ত হৈ পৰে আৰু কার্যক্ষমতা কিছু পৰিমাণে সাময়িকভাৱে ক্ষতিগ্রস্ত হয়।

৪। আৱেগিক উত্তেজনা বা আৱেগিক প্রকাশ সদায় সহজাত প্রবৃত্তিৰ ওপৰত নিৰ্ভৰশীল। প্রবৃত্তিৰ তাড়নাত পৰি আৱেগিক উত্তেজনাৰ সৃষ্টি হ’ব পাৰে।

১৪। আৱেগ শব্দটো কোন ভাষাৰ পৰা অনা হৈছে? মূল শব্দটো কি?

উত্তৰঃ আৱেগ শব্দটো লেটিন ভাষাৰপৰা অনা হৈছে। মূল শব্দটো হ’ল- Emovare.

১৫। তলত উল্লেখ কৰা প্রবৃত্তিবোৰৰ লগত জড়িত আবেগবোৰ উল্লেখ কৰা:

(ক) কৌতূহল।

উত্তৰঃ বিস্ময়।

(খ) বশ্যতা।

উত্তৰঃ অধীনতা।

(গ) পলায়ন।

উত্তৰঃ ভয়।

(ঘ) অপকর্ষণ।

উত্তৰঃ বিৰক্তি।

(ঙ) বাৎসল্য।

উত্তৰঃ স্নেহ।

১৬। আৱেগ আৰু প্রবৃত্তিৰ মাজত পাৰ্থক্য নির্ণয় কৰা।

উত্তৰঃ আৱেগ আৰু প্রবৃত্তিৰ মাজত পাৰ্থক্য হৈছে-

১। প্রবৃত্তিৰ প্ৰভাৱ দেহ-মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগত অনুভূত হয় কিন্তু আৱেগিক উত্তেজনা সমগ্র দেহতে পৰিস্ফুট হয়।

২। প্রবৃত্তিয়ে প্রাণীক কৰ্ম্ম প্ৰেৰণা যোগায় আৰু আৱেগে অনুভূতি প্ৰেৰণাহে যোগাই তোলে।

৩। প্রবৃত্তিৰ তাড়না তাৎক্ষণিকভাৱে অনুভূত নহ’বও পাৰে কিন্তু আৱেগিক তাড়না তাৎক্ষণিকভাৱে অনুভূত হয়।

8। প্ৰতিটো প্রবৃত্তিৰ লগত একোটা আৱেগিক প্রক্রিয়া জড়িত হৈ থাকে আৰু প্ৰতিটো আৱেগৰ ক্ষেত্ৰতো একোটা প্রবৃত্তিগত উৎস সংলগ্নিত হৈ থাকে।

৫। আৱেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন কিন্তু প্রবৃত্তিৰ বাবে আৱেগৰ প্ৰয়োজন নহ’বও পাৰে।

১৭। অভ্যাস বুলিলে কি বুজা? অভ্যাসৰ মূল বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

উত্তৰঃ অভ্যাস শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে Habit। এই Habit শব্দটো লেটিন ভাষাৰ ‘habitus’ শব্দটোৰ পৰা আহিছে যাৰ অর্থ হৈছে ‘condition’ অর্থাৎ ‘অৱস্থা’। অভ্যাসে আমাৰ এটা বিশেষ অৱস্থাৰ কথাকে সূচায়। তুমি ৰাতিপুৱা পলমকৈ বিছনাৰ পৰা উঠা। ইয়াত তুমি বিচনাৰ পৰা উঠা কামৰ এটা অৱস্থাৰ বিষয়ে বুজোৱা হৈছে যিটো এটা বিশেষ অভ্যাসৰ অন্তর্ভুক্ত। 

অভ্যাসৰ মূল বৈশিষ্ট্যবোৰ হৈছে-

১। অভ্যাস এবাৰ সৃষ্টি হ’লে কৰ্ম সম্পাদনত চিন্তাশক্তি, মনোযোগ, আগ্রহ, ইচ্ছাশক্তি আদিৰ প্রাবল্য নোহোৱা হৈ পৰে।

২। অভ্যাস একে ধৰণৰ অৱস্থাতহে সম্পাদন কৰিব পাৰি।

৩। অভ্যাস এবাৰ গঠন হোৱাৰ পিছত যিকোনো কাম ঐচ্ছিক পৰ্যায়ৰ পৰা নিচেষ্ট পৰ্যায়লৈ পৰিৱৰ্তিত হয়।

৪। অভ্যাসে কর্ম সম্পাদনত নিপুনতা আনে আৰু সম্পাদন প্রক্রিয়া দ্রুততৰ কৰে।

৫। অভ্যাসত পৰিণত হোৱা কাম সহজে পৰিত্যাগ কৰিব নোৱাৰি।

৬। অভ্যাসসিদ্ধ কর্মত নতুন আঁচনি বা নতুন চিন্তাশক্তিৰ প্ৰয়োজন নহয়।

৭। অভ্যাস এবাৰ দঢ়ভাৱে গঠিত হ’লে সেই বিশেষ কাম কৰি থকা অৱস্থাত আমি আন কামতো মনোযোগ দিব পাৰো।

১৮। অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে উল্লেখ কৰা। কু-অভ্যাস কেনেকৈ ধ্বংস কৰিবা?

উত্তৰঃ অভ্যাস গঠনৰ নীতিসমূহৰ বিষয়ে হৈছে:

১। সু-অভ্যাস গঠন কৰিবলৈ হ’লে দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব। দৃঢ় সংকল্প নকৰি সম্পাদন কৰা কাম কেতিয়াও অভ্যাসত পৰিণত নহয়।

২। অভ্যাস সময়মতে আৰু প্রথম সুযোগতে গঢ়ি তোলা দৰকাৰ। আজিৰ প্ৰয়োজনীয় কাম আজিয়েই কৰিব লাগে। পিছলৈ পেলাই থোৱাৰ দৰকাৰ নাই।

৩। অভ্যাস কৰি থকা অৱস্থাত যতি পেলাব নালাগে বা বন্ধ কৰিব নালাগে।

৪। অভ্যাস গঠনৰ ক্ষেত্ৰত অনুৰাগ আৰু আৱেগিক উদ্দীপনাই সহায় কৰে।

৫। শৈশৱকাল হ’ল অভ্যাস গঠনৰ প্ৰকৃত সময়। 

৬। অভ্যাস গঠনত আনন্দমুখৰ পৰিৱেশ, উৎসাহ-উদ্দীপনাৰ ভূমিকাও মন কৰিবলগীয়া।

৭। অভ্যাস গঠনৰ ক্ষেত্ৰত সুযোগ আৰু সুবিধাৰো প্রয়োজন।

৮। শিক্ষার্থীসকলে উপদেশ মানি চলাতকৈ আৰ্হিকহে অধিকভাৱে প্রাধান্য দিয়ে।

কু-অভ্যাস আঁতৰ কৰা প্রক্রিয়াটো বৰ সহজ নহয়। ভাল অভ্যাস গঠন আৰু বেয়া অভ্যাস ধ্বংসৰ বাবে ব্যক্তিৰ মাজত দৃঢ়তা আৰু আত্মবিশ্বাসৰ ভাৱ অনুভূতি থাকিব লাগিব। শৈশৱকালত সু-অভ্যাস গঠনৰ পৰিৱৰ্তে কু অভ্যাস গঠন কৰি লয়, তেওঁলোকৰ জীৱন দুর্বিসহ হয় আৰু এনে লোকসকল অকর্মন্য, চৰিত্ৰহীন হৈ পৰে। সেইবাবেই পিতৃ, মাতৃ, শিক্ষক, আন আন আপোন লোক আৰু অভিভাৱক আদিয়ে শৈশৱকালত শিশুৰ সু-অভ্যাস গঠনৰ ওপৰত ভালদৰে নজৰ দিব লাগে। এনেদৰে  কু-অভ্যাস ধ্বংস কৰিব পাৰি।

১৯। অভ্যাস গঠনৰ নীতিসমূহ কি কি? উপযুক্ত উদাহৰণেৰে সৈতে সেইবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ ১। সু-অভ্যাস গঠন কৰিবলৈ হ’লে দৃঢ় সংকল্পবদ্ধ হ’ব লাগিব। দৃঢ় সংকল্প নকৰি সম্পাদন কৰা কাম কেতিয়াও অভ্যাসত পৰিণত নহয়।

২। অভ্যাস সময়মতে আৰু প্রথম সুযোগতে গঢ়ি তোলা দৰকাৰ। আজিৰ প্ৰয়োজনীয় কাম আজিয়েই কৰিব লাগে। পিছলৈ পেলাই থোৱাৰ দৰকাৰ নাই।

৩। অভ্যাস কৰি থকা অৱস্থাত যতি পেলাব নালাগে বা বন্ধ কৰিব নালাগে।

৪। অভ্যাস গঠনৰ ক্ষেত্ৰত অনুৰাগ আৰু আৱেগিক উদ্দীপনাই সহায় কৰে।

৫। শৈশৱকাল হ’ল অভ্যাস গঠনৰ প্ৰকৃত সময়। 

৬। অভ্যাস গঠনত আনন্দমুখৰ পৰিৱেশ, উৎসাহ-উদ্দীপনাৰ ভূমিকাও মন কৰিবলগীয়া।

৭। অভ্যাস গঠনৰ ক্ষেত্ৰত সুযোগ আৰু সুবিধাৰো প্রয়োজন।

৮। শিক্ষার্থীসকলে উপদেশ মানি চলাতকৈ আৰ্হিকহে অধিকভাৱে প্রাধান্য দিয়ে।

২০। অভ্যাসৰ বৈশিষ্ট্যবোৰ কি কি? ভাল অভ্যাস কেনেকৈ গঠন কৰিব পাৰি লিখা।

উত্তৰঃ অভ্যাসৰ বৈশিষ্ট্যবোৰ হল:

১। অভ্যাস এবাৰ সৃষ্টি হ’লে কৰ্ম সম্পাদনত চিন্তাশক্তি, মনোযোগ, আগ্রহ, ইচ্ছাশক্তি আদিৰ প্রাবল্য নোহোৱা হৈ পৰে।

২। অভ্যাস একে ধৰণৰ অৱস্থাতহে সম্পাদন কৰিব পাৰি।

৩। অভ্যাস এবাৰ গঠন হোৱাৰ পিছত যিকোনো কাম ঐচ্ছিক পৰ্যায়ৰ পৰা নিচেষ্ট পৰ্যায়লৈ পৰিৱৰ্তিত হয়।

৪। অভ্যাসে কর্ম সম্পাদনত নিপুনতা আনে আৰু সম্পাদন প্রক্রিয়া দ্রুততৰ কৰে।

৫। অভ্যাসত পৰিণত হোৱা কাম সহজে পৰিত্যাগ কৰিব নোৱাৰি।

৬। অভ্যাসসিদ্ধ কর্মত নতুন আঁচনি বা নতুন চিন্তাশক্তিৰ প্ৰয়োজন নহয়।

৭। অভ্যাস এবাৰ দঢ়ভাৱে গঠিত হ’লে সেই বিশেষ কাম কৰি থকা অৱস্থাত আমি আন কামতো মনোযোগ দিব পাৰো।

ভাল অভ্যাস কেনেকৈ গঠন কৰিব পাৰি তাৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে:

১। ল’ৰা-ছোৱালীক পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যচর্চাৰ লগতে স্বাস্থ্যৰক্ষাৰ জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগিব।

২। ল’ৰা-ছোৱালীৰ দেহ-মন প্ৰচুৰ শাৰীৰিক আৰু মানসিক শক্তিৰে ভৰপুৰ। শিক্ষানুষ্ঠানৰ লগতে পৰিয়ালবোৰতো খেল-ধেমালিৰ লগতে আন আন সহ পাঠ্যক্রমিক কাৰ্যসূচীৰ প্ৰয়োগ সফল কৰি তুলিব লাগিব।

৩। ল’ৰা-ছোৱালীবোৰে সাধাৰণতে অনুকৰণ কৰি ভাল পায়। তেওঁলোকে সজ্ঞান আৰু অজ্ঞান দুয়োটা ধাৰণাৰে অনুকৰণ কৰে যদিও অজ্ঞান অনুকৰণৰ প্ৰভাৱ ল’ৰা- ছোৱালীৰ জীৱনত অধিক।

৪। ল’ৰা-ছোৱালীৰ বিকাশত শাস্তি আৰু পুৰস্কাৰৰ প্ৰভাৱ বিশেষভাৱে মন কৰিবলগীয়া। শাক্তি আৰু পুৰস্কাৰৰ উপযুক্ত ব্যৱহাৰে ল’ৰা- ছোৱালীক কি কাম ভাল কি কাম বেয়া, সেই বিষয়ে বুজাই দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top