Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি and select needs one.

Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 5 মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Solutions for All Subject, You can practice these here.

মানসিক জীৱনৰ শাৰীৰিক ভেটি

পাঠ: ৫

প্রশ্নাৱলী

১। সংবেদন বুলিলে কি বুজা। সংবেদনৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সংবেদন হ’ল চেতনাৰ সাধাৰণ বা সৰলতম অৱস্থা। অর্থাৎ সংবেদন হ’ল মানসিক ক্ৰিয়াৰ প্ৰাথমিক অৱস্থা। ইন্দ্রিয়সমূহ উদ্দীপকৰ সংস্পৰ্শলৈ অহাৰ লগে লগে উদ্দীপক সম্বন্ধে মনত যি প্রাথমিক চেতনা অনুভূত হয় তাকে সংবেদন বোলা হয়।

সংবেদনৰ বৈশিষ্ট্যসমূহ হল-

১। জ্ঞান বা অভিজ্ঞতাৰ সৰলতম উপাদান হ’ল সংবেদন। সংবেদনৰ সহায়ত আমি বাহিৰা জগতৰপৰা জ্ঞান লাভ কৰোঁ।

২। উদ্দীপক হ’ল সংবেদনৰ মূল কাৰণ। কাৰণ উদ্দীপকে দেহৰ ওপৰত ক্রিয়া কৰাৰ ফলত সমবেদনৰ সৃষ্টি হয়।

৩। সংবেদন বস্তুকেন্দ্রিক মানসিক অৱস্থা মাথোন। অনুভূতি আৰু সংবেদনৰ পাৰ্থক্য এইখিনিতে। অনুভূতি হ’ল ব্যক্তিকেন্দ্রিক আৰু সংবেদন হ’ল বস্তুকেন্দ্রিক। সুখ-দুখ হ’ল আমাৰ মনৰ অৱস্থা মাথোনঃ ই কোনো বস্তু বা পদাৰ্থৰ গুণ নহয়। সংবেদন মানসিক অৱস্থা হ’লেও কিন্তু ই ‘বস্তুকেন্দ্রিক অর্থাৎ উদ্দীপকৰ ওপৰত নিৰ্ভৰশীল। যেনেঃ- ৰঙৰ সংবেদন।

৪। সংবেদন মনৰ এক নিষ্ক্রিয় অৱস্থা। সংবেদনৰ বেলিকা মনে বাহিৰা জগতৰ উদ্দীপনা নিষ্ক্রিয়ভাৱে গ্ৰহণ কৰে। ব্যক্তিয়ে নিজৰ ইচ্ছাৰে এই উদ্দীপনা গ্ৰহণ নকৰে। বাহিৰৰপৰা জোৰ কৰি এই উদ্দীপনা জাপি দিয়া হয়। সংবেদনৰ সৃষ্টি হোৱাৰ পিছতহে মন সক্রিয় হৈ উঠে।

২। সংবেদন কেই প্ৰকাৰৰ। জৈৱিক সংবেদন আৰু পেশীয় সংবেদনৰ পাৰ্থক্য লিখা। 

উত্তৰঃ সংবেদন তিনিপ্ৰকাৰৰ। জৈৱিক সংবেদনৰ আৰু পেশীয় সংবেদনৰ পাৰ্থক্য তলত উল্লেখ কৰা হৈছে-

জৈৱিক সংবেদনৰ পাকস্থলীৰ পেশীসমূহৰ ক্রিয়া- প্রক্রিয়া আৰু দৈহিক পৰিৱৰ্তনৰ ফলত এই সংবেদনৰ সৃষ্টি হয়। ক্ষুধা আৰু তৃষ্ণা হ’ল জৈৱিক সংবেদনৰ উদাহৰণ। আনহাতে  পেশীয় সংবেদন মাংসপেশী আৰু তন্তুসমূহৰ ক্রিয়া-প্রতিক্রিয়াই স্নায়ুকোষসমূহত এক বিশেষ উদ্দীপনাৰ সৃষ্টি কৰে। এনে উদ্দীপনাৰ ফলত যি সংবেদন অনুভূত হয়, তাকে পেশীয় সংবেদন বোলে।

৩। সংবোধন কাক বোলে। সংবোধন বিভিন্ন স্তৰৰ যোগেদি কেনেকৈ গঠন হয় লিখা।

উত্তৰঃ প্রথমে যেতিয়া ঘৰত পোহনীয়া জন্তু গৰু, কুকুৰ, মেকুৰী আদি দেখে, সেইবোৰে শিশুৰ মনত অর্থশূন্য সংবেদনৰ সৃষ্টি কৰে। শিশুটি ক্রমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে সেই পোহনীয়া জন্তুবোৰৰ বিষয়ে এটা ধাৰণা হয়। জন্তুবোৰ উপকাৰী, কুকুৰে ৰাতি পহৰা দিয়ে, গৰুৱে গাখীৰ দিয়ে, গাখীৰ বৰ উপকাৰী আদি ধাৰণাই মনত গঢ় লয়। উদ্দীপক সম্পর্কে সংবেদন যেতিয়া অর্থপূর্ণ হয় তেতিয়া তাক সংবোধন বুলি কোৱা হয়।

সংবোধনৰ বিভিন্ন স্তৰসমূহ হল-

১। প্রভেদ নিৰূপণ বা পৃথকীকৰণ (Discrimination): যেতিয়া আমাৰ এক বিশেষ সংবেদন অনুভূত হয়, তেতিয়া আমি তাক অন্য সংবেদাত্মক অনুভূতিৰপৰা পৃথক কৰি লৈ বোধগম্য কৰোঁ।

২। সদৃশকৰণ (Assimilation) : অতীতত লাভ কৰা পৰিচিত সংবেদনাত্মক অনুভূতিৰ তুলনা কৰি বা সদৃশকৰণৰ যোগেদি সংবোধন গঢ়ি উঠে। মানুহৰ কণ্ঠস্বৰ আৰু চিনাকি বন্ধুৰ কণ্ঠস্বৰ পৃথকীকৰণৰ যোগেদি উপলব্ধি কৰা হয়।

৩। অনুষঙ্গ আৰু পুনৰুদ্ভাৱন (Association and Reproduction): অতীত অভিজ্ঞতা বা ঘটনাৰ পুনৰুদ্ভাৱন আৰু ভাৱৰ অনুষংগৰ যোগেদি সংবোধন গঢ়ি উঠে। নেমু টেঙা দেখি প্রথমতে মোৰ সংবেদনাত্মক অনুভূতি হ’ল। তাৰ পিছত স্পর্শ কৰি অন্য টেঙা আৰু ফলৰ লগত মিলাই ৰিজাই চালোঁ। বাকলি গুচাই তাৰ সোৱাদো ললোঁ। পিছলৈ কেতিয়াবা কৰবাত নেমু টেঙা দেখিলে মোৰ আগৰ টেঙা খোৱাৰ অভিজ্ঞতালৈ মনত পৰিব। অর্থাৎ মই খোৱাৰ অতীত অভিজ্ঞতা মনত পুনৰুদ্ধাৰ কৰিম বা স্মৰণ কৰা হ’ব।

৪। বাস্তৱীকৰণ আৰু স্থান নিৰূপণ (Objectification and Localisation): বর্তমান সংবেদনাত্মক অনুভূতিয়ে অতীতৰ সংবেদনক পুণৰুদ্ধাৰ কৰাৰ পিছত সংবেদনৰ উৎস উপলব্ধি কৰি তাক বিশেষ স্থানত অৱস্থিত কৰি সেই স্থান নিৰূপিত কৰা হয়। 

৫। বিশ্বাস (Belief): অৱশেষত উদ্দীপকৰ বাস্তৱ অস্তিত্বক বিশ্বাস কৰি সংবোধন দৃঢ় কৰি লোৱা হয়। বজাৰত নেমু টেঙাবোৰ দেখি নেমু টেঙাৰ বাস্তৱ অস্তিত্বক বিশ্বাস কৰা হয়।

৪। সংবেদন আৰু সংবোধনৰ সম্বন্ধ বুজাই লিখা।

উত্তৰঃ সংবেদন আৰু সংবোধনৰ সম্পৰ্ক: মন, উদ্দীপক আৰু ইন্দ্ৰিয়ৰ সান্নিধ্যত সৃষ্টি হোৱা সংবেদন এক সৰলতম মানসিক অৱস্থা। সংবেদনক ব্যাখ্যা কৰিলেই সংবোধনত পৰিণত হয়। গতিকে দেখা যায়- দুয়োটাৰে মাজৰ সম্পর্ক অতি ঘনিষ্ঠ। দুয়োৰে এই সম্পৰ্কৰ ঘনিষ্ঠতালৈ লক্ষ্য কৰিলে সংবেদন আৰু সংবোধনৰ মাজত কিছু সাদৃশ্য আৰু বৈসাদৃশ্যও আমাৰ চকুত পৰে। যেনে-

সাদৃশ্য:

১। সংবেদন আৰু সংবোধন দুয়ো ইন্দ্ৰিয়ৰ ওপৰত নিৰ্ভৰশীল। উদ্দীপকে যদি আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত নকৰে তেনেহ’লে সংবেদন আৰু সংবোধনৰ সৃষ্টি নহয়।

২। সংবেদন আৰু সংবোধন দুয়োটাই বহিঃমুখী। বাহ্যজগতৰ উদ্দীপকৰ ওপৰত দুয়োটাই নিৰ্ভৰশীল।

বৈসাদৃশ্য:

১। সংবেদন হ’ল উদ্দীপনাৰ প্রাথমিক সৰল অনুভূতি। কিন্তু সংবোধন এটা জটিল মানসিক প্রক্রিয়া। সংবোধন হ’ল সংবেদন আৰু তাৰ ব্যাখ্যা।

২। সংবেদন হ’ল বস্তুৰ গুণৰ চেতনা; কিন্তু সংবোধন হ’ল গুণবিশিষ্টৰ অস্তিত্বৰ চেতনা। যেনে- ৰঙা ৰংটো হ’ল সংবেদন, আৰু ৰঙা ৰঙৰ বস্তুটো হ’ল সংবোধন।

৩। সংবেদন হ’ল নিষ্ক্রিয়, সংবোধন হ’ল সক্রিয় প্রক্রিয়া। সংবোধনৰ ক্ষেত্ৰত কেৱল উত্তেজনাকহে গ্রহণ কৰা হয়; কিন্তু সংবেদনৰ বেলিকা মনোযোগ, ইচ্ছা আদিৰে সেই উত্তেজনাক ব্যাখ্যা কৰা হয়।

৪। সংবেদন হ’ল উপস্থাপনমূলক কিন্তু সংবোধন হ’ল উপস্থাপকমূলক আৰু পুনৰুদ্ভাৱনমূলক প্রক্রিয়া।

৫। সংবেদনে উদ্দীপকৰ সম্পূৰ্ণ জ্ঞান নিদিয়ে; কিন্তু সংবোধনৰ ক্ষেত্ৰত উদ্দীপকৰ সম্পূৰ্ণ জ্ঞান পোৱা যায়।

৫। সংপ্রত্যক্ষ কাক বোলে। শিক্ষকে সংপ্রত্যক্ষৰ যোগেদি কেনেকৈ শিক্ষণ প্রক্রিয়া সফল কৰি তুলিব পাৰে লিখা।

উত্তৰঃ সংবোধনৰ উন্নত মানসিক স্তৰকে সংপ্রত্যয়ন বুলি কোৱা হয়। পূৰ্বৰ জ্ঞান অভিজ্ঞতা সুসংবদ্ধ হোৱাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ়ি উঠে। যেনে- আমাৰ মনত সংবোধনৰ ফলস্বৰূপে মানুহ, গৰু, মেকুৰী, চন্দ্র, সূর্য, তৰা আদিৰ বিষয়ে এক সুসংবদ্ধ সাধাৰণ ধাৰণাই গঢ় লৈছে। সংপ্রত্যয়ন গঠন হ’ল এক ক্রমবর্দ্ধমান প্রক্রিয়া।

ভাষাৰ বিষয়ৰ ওপৰত সংপ্রত্যয়ন গঠন ঘাইকৈ নিৰ্ভৰ কৰে। ভাষা হৈছে চিন্তা আৰু ভাবৰ আদান প্রদানৰ ঘাই আহিলা। সেয়েহে শিক্ষাক্ষেত্রত ভাষাক প্রয়োগৰ যোগেদি সংপ্রত্যয়ন গঠন কৰা উচিত। শিশুৰ মনত নির্ভুল ধাৰণা বা সংপ্রত্যয়ন গঢ়ি উঠাৰ ওপৰত শিক্ষক আৰু পিতৃ-মাতৃয়ে বিশেষকৈ প্রাথমিক আৰু মাধ্যমিক স্তৰত ছাত্ৰ-ছাত্ৰীৰ নির্ভুল ধাৰণা গঠনৰ ক্ষেত্ৰত শিক্ষকে যত্ন সহকাৰে মনোযোগ দিয়া দৰকাৰ। নিষ্ক্রিয় শিক্ষা-ব্যৱস্থা আৰু শিক্ষকৰ অনাকর্ষণীয় শিক্ষাদান কার্যই শিশুৰ সংপ্রত্যয়ন বিকাশত অকণো সহায় নকৰে। শিশুৱে বাস্তৱ অভিজ্ঞতাৰ যোগেদি আন কথাত শিশুৱে বিভিন্ন বস্তু দেখি, শুনি, স্পষ্ট সংপ্রত্যয়ন লাভ কৰে। সেয়েহে প্রাক্-প্রাথমিক স্তৰত শিশুৰ ইন্দ্ৰিয় প্ৰশিক্ষণৰ অতি প্রয়োজনীয়। মন্টেচৰী, কিণ্ডাৰগার্টেন আৰু আমাৰ বুনিয়াদী শিক্ষাৰ এনে বাস্তৱমুখী শিক্ষা ব্যৱস্থাৰ উল্লেখ আছে। শিক্ষকে শিক্ষাদান কৰাৰ সময়ত শিশুৱে জনা কথা বা পূর্ব অভিজ্ঞতাৰ ভিত্তিত আৰম্ভ কৰি তাৰ লগত সম্বন্ধ থকা নতুন পাঠ আৰম্ভ কৰিলে শিশুৰ বাবে সেই পাঠ অধিক মনোগ্রাহী হয়। পাঠদানত শিক্ষকে চিত্র বা ছবি, আর্হি বা মানচিত্ৰ ব্যৱহাৰ, নতুবা বিভিন্ন আকর্ষণীয় সঁজুলি ব্যৱহাৰ কৰা উচিত। শিশুৰ দেহ মানসিক পৰিপক্কতা ৰ ওপৰত সংপ্রত্যয়ন গঠন নিৰ্ভৰ কৰে বাবে শিক্ষকে তেওঁলোকৰ প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান ব্যৱস্থা কৰিব লাগে তেতিয়াহে শিক্ষা প্ৰক্ৰিয়াক সফল কৰি তুলিব পৰা যায়। 

৬। ‘ইন্দ্রিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ’- কোনে কি প্রসঙ্গত এই কথাষাৰ কৈছিল? ব্যাখ্যা কৰা।

উত্তৰঃ মেডাম্ মন্টেচৰীয়ে কৈছিল যে ইন্দ্রিয়সমূহেই হৈছে জ্ঞান আহৰণৰ দুৱাৰ মুখ।’

শিশুৰ শিক্ষা ব্যৱস্থাত সংবেদনৰ যথেষ্ট গুৰুত্ব আছে। আধুনিক শিক্ষাবিদসকলেও এই কথাৰ ওপৰত গুৰুত্ব প্রদান কৰিছে। সংবেদন হৈছে শিশুৰ প্ৰাথমিক অভিজ্ঞতা। সংবেদন লাভ কৰা পঞ্চ ইন্দ্ৰিয়সমূহেই হৈছে শিশু শিক্ষাৰ প্রধান আহিলাস্বৰূপ। কাৰণ শিশুৰ প্ৰাৰম্ভিক কালৰ শিক্ষা সংবেদনাত্মক অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰে, যেনে- চকুৰে চাই, কাণেৰে শুনি বা স্পর্শ কৰি কোনো বস্তুৰ বিষয়ে অনুভূতি আয়ত্ত কৰা। উদ্দীপকৰ তীব্রতা, স্থায়িত্ব, গতিশীলতা আদিৰ ওপৰত শিশুৰ সংবেদন নিৰ্ভৰ কৰে। অৱশ্যে শিশুৰ সংবেদন অনুভূতি সাধাৰণতে দুৰ্বল হয়।

৭। সংপ্ৰত্যয়ৰ মানসিক নিতব্যয় (Mental economy) কেনেকৈ হয়? সংগ্রত্যয়নৰ বৈশিষ্টসমূহ লিখা।

উত্তৰঃ সংবোধনৰ উন্নত মানসিক স্তৰকে সংপ্রত্যয়ন বোলে। পূৰ্বৰ জ্ঞান অভিজ্ঞতা সুসংবদ্ধ হোৱাৰ পিছত আমাৰ মনত এটা সাধাৰণ ধাৰণা গঢ়ি উঠে  তাকে সংপ্রত্যায়ন বোলে। যেনে  মানুহ, গৰু , মেকুৰী সূৰ্য আদিৰ বিষয়ে এক সুসংবদ্ধ ধাৰণা গঢ় লৈ উঠে। 

সংপ্রত্যয়নৰ দ্বাৰা মানসিক মিতব্যয় হোৱাৰ কাৰণ সমূহ হল –

১। চিন্তাৰ প্রয়োজনীয় উপাদান হিচাপে সংপ্রত্যয়নৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সংপ্রত্যয়নৰ যোগেদি আমাৰ জ্ঞান- অভিজ্ঞতা, বস্তু, বিষয় আদিক শ্রেণীবদ্ধ আৰু সুসংগঠিত কৰা হয়।

২। সংপ্রত্যয়নৰ সহায়ত মানসিক পৰিশ্ৰম লাঘৱ হয়। কিয়নো ইয়াত বিষয়বস্তু বা উদ্দীপকৰ বিশদ বিৱৰণৰ প্ৰয়োজন নকৰে।

৩। সংপ্রত্যয়নে চিন্তাৰ পৰিধি প্ৰসাৰিত কৰে। চিন্তাক বর্তমানত আবদ্ধ নাৰাখি অতীত আৰু ভবিষ্যৎ পর্যন্ত প্ৰসাৰিত কৰে।

৪। সংপ্রত্যয়নৰ সহায়ত যুক্তি আৰু অনুমান গঠন কৰিব পাৰি।

সংগ্রত্যয়নৰ বৈশিষ্টসমূহ হৈছে:

১। সংপ্রত্যয়ন সংবেদনৰ বিষয়বস্তু নহয়। সংপ্রত্যয়নৰ লগত সংবেদনৰ পোনপটীয়া সংযোগ নাথাকে। উদ্দীপক ইন্দ্ৰিয়ৰ সংস্পর্শলৈ আহিলে আমি প্রত্যক্ষ কৰোঁ। কিন্তু ‘মানুহ’ সংপ্রত্যয়ন বা ধাৰণাৰ লগত ইন্দ্রিয় সংযোগ নহয়। গতিকে সংপ্রত্যয়ন চিন্তাৰহে উপাদান।

২। সংপ্রত্যয়ন সংবোধনৰ ওপৰত নিৰ্ভৰশীল। সংবোধন যিমান স্পষ্ট আৰু নির্ভুল হয়, সংপ্রত্যয়নো সিমানে নির্ভুল আৰু স্পষ্ট হয়।

৩। মনোবিদ মানে (Mann) সংপ্রত্যয়নক ‘অভিজ্ঞতাৰ’ সংক্ষেপ বুলি কৈছে। এনে অভিজ্ঞতাৰ সংক্ষেপণ নামকৰণৰ যোগেদি প্রকাশ কৰা হয়। বিভিন্ন সময়ত লাভ কৰা বিভিন্ন জ্ঞান ইয়াৰ দ্বাৰা একীভূত কৰা হয় আৰু অনাৱশ্যকীয় বিৱৰণ বৰ্জন কৰি মানসিক মিতব্যয়িতা সাধে বা মানসিক পৰিশ্ৰম লাঘৱ কৰে।

৪। সংপ্রত্যয়ন গুণগত আৰু আকৃতিগত দুয়োবিধৰে হ’ব পাৰে। যেনে- সামাজিকতা, দুর্বলতা, ডাঙৰ, সৰু ঘূৰণীয়া ইত্যাদি।

৫। সংপ্রত্যয়ন ইন্দ্রিয়গত বস্তুৰ সংস্পৰ্শলৈ নহাকৈ গঢ়ি উঠা বাবে কেতিয়াবা ইয়াৰ বাস্তৱ ভিত্তি নাথাকে। যেনে- দৈত্য- দানৱ, ভূত-প্রেত, দেও-পিশাচ, পৰী দেৱতা ইত্যাদি।

৬। সংপ্রত্যয়ন হৈছে শ্রেণীকৰণৰ ভিত্তি। যেনে- ‘প্রাণী’ ধাৰণাৰ সহায়ত মানুহ, গৰু আদিক শ্রেণীবদ্ধ কৰা হয়।

৮। চমুটোকা লিখাঃ

(ক) মস্তিষ্ক

উত্তৰঃ মস্তিষ্ক (Brain): মূৰৰ লাওখোলাৰ (Skull) ভিতৰত থকা বগা কোমল পদার্থখিনিকে মস্তিষ্ক বুলি কোৱা হয়। মস্তিষ্ক আমাৰ শৰীৰৰ এক প্রধান কর্তৃত্বশীল অংশ মস্তিষ্কৰ নিৰ্দেশ মতেই শাৰীৰিক ক্রিয়া-কলাপবোৰ সম্পাদিত হয়। দেহৰ কোনো অংশত মহে কামুৰিলে মস্তিষ্কই তৎক্ষণাত মহটোক মাৰিবলৈ নির্দেশ দিয়ে। মস্তিষ্কক টেলিফোনৰ ছুইছ-বৰ্ডৰ লগত ৰিজাব পাৰি। কাৰণ আমাৰ সকলো প্ৰকাৰৰ সংবেদাত্মক স্থান ইয়াতে অৱস্থিত। শৰীৰৰ আভ্যন্তৰীণ ভাগত ই উত্তেজনাৰ যোগসূত্ৰ হিচাবে কাম কৰে। ইয়াত অভিজ্ঞতা সঞ্চয় কৰি ল’ব পৰা স্থানো আছে। মস্তিষ্ক আঘাতপ্রাপ্ত হ’লে অতীত অভিজ্ঞতাৰ সাঁচ আমি স্মৰণ কৰাত ব্যর্থ হওঁ। স্বাভাৱিকতে এজন মানুহৰ মস্তিষ্কৰ ওজন পৰিমাণ ১৪৫০ গ্রাম হয়।

(খ) উদ্দীপক

উত্তৰঃ যিবিলাক বস্তু বা অৱস্থা- বিশেষে আমাৰ ইন্দ্ৰিয়সমূহ উত্তেজিত কৰি প্রতিক্রিয়াৰ সৃষ্টি কৰিব পাৰে সেইবিলাক বস্তু বা অৱস্থা বিশেষক উদ্দীপক বুলি কোৱা হয়। যেনে- মজিয়াত পৰি থকা গজাল এটা পৰিবেশৰ বস্তু মাত্র। কিন্তু সেই গজালটোৱে ভৰিত বিন্ধাৰ লগে লগে ই উদ্দীপকৰ স্থান পায়। কিয়নো গজালটোৱে ভৰিত বিন্ধা কাৰণে আমাৰ শৰীৰৰ ‘ছাল’ ইন্দ্ৰিয়ত উত্তেজনাৰ সৃষ্টি হৈ অন্তঃমুখী স্নায়ুৰ যোগেদি মস্তিষ্ক পায়গৈ। এই দৰেই আমাৰ সংবেদনৰ সৃষ্টি হয়। ফলস্বৰূপে আমি নানা প্রকাৰৰ দৈহিক প্রতিক্রিয়া প্রদর্শন কৰোঁ। আমাৰ জ্ঞানেন্দ্রিয়সমূহৰ আকৌ প্রত্যেকৰে ভিন্ন ভিন্ন উদ্দীপক আছে। বিভিন্ন উদ্দীপকে আমাৰ শৰীৰৰ বিভিন্ন জ্ঞানেন্দ্ৰিয়ক উত্তেজিত কৰি সেই উদ্দীপনাক সংবেদনাত্মক স্নায়ুৰ সহায়ত মস্তিষ্কলৈ প্রেৰণ কৰে।

(গ) গ্রহণেন্দ্রিয়

উত্তৰঃ গ্রহণেন্দ্রিয় (Receptors): ইন্দ্রিয়সমূহক জ্ঞানেন্দ্রিয় বা গ্রহণেন্দ্রিয় বুলি কোৱা হয়। কিয়নো ইন্দ্রিয়সমূহে বাহ্যিক জগতৰ পৰা বিভিন্ন জ্ঞান সংগ্রহ বা গ্রহণ কৰি মস্তিষ্কলৈ প্ৰেৰণ কৰে। চকু, কাণ, নাক, জিভা, ছাল এই কেইটা আমাৰ প্রধান ইন্দ্রিয়। ইন্দ্ৰিয়সমূহৰ প্ৰত্যেকৰে বেলেগ বেলেগ উদ্দীপক আছে। সেইবাবে আমাৰ সংবেদাত্মক অনুভূতিও বেলেগ বেলেগ হয়। যেনে- প্রত্যেক ইন্দ্ৰিয়ৰ লগত কিছুমান গ্রহণকোষ থাকে। উদ্দীপকে এই গ্রহণকোষবিলাক উত্তেজিত কৰাৰ লগে লগে সংবেদনবাহী স্নায়ুৱে সেই উত্তেজনা মেৰুদণ্ড বা মস্তিষ্কলৈ অথবা মেৰুদণ্ডৰ মাধ্যমেৰে মস্তিষ্কলৈ প্ৰেৰণ কৰে।

(ঘ) অনালী গ্রন্থী

উত্তৰঃ অনালী গ্রন্থীৰ পৰা নি: সৰণ হোৱা গ্রন্থী ৰস ৰক্ত প্ৰবাহ ৰ লগত মিলি যায়। অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা ওলোৱা গন্থিৰসক হৰমোন বুলি কোৱা হয়। অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ পৰা যি হৰমোন নিঃসৰণ হয় সি আমাৰ শৰীৰৰ তেজত মিলি গৈ সমগ্ৰ শৰীৰতে বিয়পি পৰে। এই গ্ৰন্থি ৰসে শৰীৰত এক দেহ ৰসয়নিক ক্ৰিয়াৰ সৃষ্টি কৰে আৰু এই ক্ৰিয়াৰ ওপৰত ব্যাক্তিৰ ব্যক্তিত্ব নিৰ্ভৰ কৰে। আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত হৰমোনৰ ভূমিকা গুৰুত্বপূৰ্ণ। অন্ত:ক্ষৰা গ্ৰন্থিসমূহে শৰীৰৰ অভ্যন্তৰীণ যন্ত্ৰ সমূহৰ ক্ৰিয়াৰ মাজত সমন্বয় সাধন কৰি সেই সমূহৰ সু – সংবব্ধ ক্ৰিয়া পৰিচালনা কৰাত হৰমোন সহায় কৰে। অনালি গ্ৰন্থিসমূহে দেহৰ গঠন, সুস্থ্তা, ব্যক্তিত্ব আৰু বুদ্ধিৰ বিকাশত প্ৰভাৱ পেলায়। উপ গলগন্থি, গলগ্ৰন্থি , অধিবৃক্ক , অগ্নাশয় , ডিম্বাশয় , আদি অনালী গ্ৰন্থীৰ উদাহৰণ।

৯। ভুল সংবোধন কেনেকৈ হয়। ই কেই প্রকাৰৰ? ভ্রান্ত প্রত্যক্ষৰ কাৰণ সমূহ লিখা।

উত্তৰঃ সংবেদনৰ সঠিক শুদ্ধ ব্যাখ্যাই হ’ল সংবোধন। সংবেদন সঠিকভাৱে বা শুদ্ধকৈ ব্যাখ্যা নহ’লে ভুল সংবোধনব সৃষ্টি হয়। বাহ্য জগতৰ বিভিন্ন উদ্দীপকৰ সহায়ত ইন্দ্রিয়সমূহৰ জৰিয়তে আমাৰ মনত সংবেদন জাগে আৰু সেই সংবেদনৰ প্রকৃত অর্থ নির্ণয় কৰাত পৃথককৰণ, সদৃশকৰণ, পুৰুদ্ভাৱন আদিয়ে সহায় কৰে। সংবোধন হ ‘বলৈ হ’লে সংবেদন আৰু তাৰ ব্যাখ্যাৰ প্রয়োজন। গতিকে সঠিক আৰু শুদ্ধ সংবোধন পাবলৈ হ’লে এই দুয়োটাই সঠিক হ’ব লাগিব। আমাৰ দৈনন্দিন জীৱনত বহুতো ভুল সংবোধন সংঘটিত হৈ থাকে। “অস্বাভাৱিক কল্পনাৰ প্রভাৱত কোনো এটা সংবেদনৰ অযথা ব্যাখ্যাৰ ফলত আমাৰ সংবোধনো দোষযুক্ত বা ভুল হয়। তেনেকৈ ভুল সংবোধন সৃষ্টি হয়।

সংবোধন দুই প্ৰকাৰৰ। ভ্রান্ত প্রত্যক্ষ আৰু অলীক প্রত্যক্ষ।

ভ্রান্ত প্রত্যক্ষ (Illusion): সংবেদনৰ প্ৰকৃত অর্থ। নিৰ্ণয় কৰাৰ সময়ত অস্বাভাবিক কল্পনাৰ প্রভাৱত যেতিয়া আমি উদ্দীপক সম্বন্ধে ভুল ব্যাখ্যা দিওঁ, তেতিয়া তাক ভ্রান্ত প্রত্যক্ষ বুলি কোৱা হয়।  

ভ্রান্ত প্রত্যক্ষৰ কাৰণসমূহ হল-

১। বস্তুগত কাৰণ: উদ্দীপকৰ আকাৰ, গঠন আদিৰ কাৰণেও ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হয়।

২। দৈহিক কাৰণ: ব্যক্তিৰ দৈহিক অৱস্থাৰ ফলতো ভ্রান্ত প্রত্যক্ষৰ সৃষ্টি হয়। বৃদ্ধ কালত দৃষ্টি শক্তি কমি যোৱাৰ ফলত হৰিকে ৰাম বুলি ভুলকৈ মতা, পাণ্ডুৰোগীয়ে বগা বস্তুক হালধীয়া বৰণৰ দেখা ইত্যাদি।

৩। মানসিক কাৰণ: ভ্ৰান্ত ধাৰণা, পূৰ্ব-ধাৰণা, প্রত্যাশা, উদ্বেগ, ভয়, সংস্কাৰ, অন্ধ বিশ্বাস, সন্দেহ আদিয়েও ভ্রান্ত ধাৰণাৰ সৃষ্টি কৰে। মাক-দেউতাকে নিজৰ সন্তানৰ ভুল নেদেখা, বসন্তৰোগৰ প্ৰাদুৰ্ভাৱৰ সময়ত মহ এটাই কামুৰি শৰীৰৰ কোনো ঠাই উখহিলেও তাকে বসন্ত ৰোগ হোৱা বুলি ধাৰণা কৰা ইত্যাদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top