Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন and select needs one.

Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন Solutions for All Subject, You can practice these here…

দীঘলীয়া প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: শ্ৰেণীকোঠা নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া চৰ্ত উল্লেখ কৰা ।

উত্তৰ: শ্ৰেণীকোঠা নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া চৰ্ত হ’ল :

(ক) শ্ৰেণীকক্ষ সাধাৰণতে ৫০ জন ছাত্ৰ-ছাত্ৰী বহিব পৰা হ’ব লাগে ।

(খ) শ্ৰেণীকোঠাটোত পোহৰ আৰু  বায়ু চলাচলৰ সুবিধা থাকিব লাগে ।

(গ) শ্ৰেণীকোঠাত আকাৰ আয়তক্ষেত্ৰৰ দৰে হ’ব লাগে ।

(ঘ) শ্ৰেণী কোঠাবোৰত যথেষ্ট পৰিমাণৰ দুৱাৰ খিৰিকী, ভেন্টিলেশ্যন আদিৰ ব্যৱস্থা থাকিব লাগে ।

(ঙ) শিক্ষকৰ বহা আসন কিছু ওখ ঠাইত হ’ব লাগে ।

(চ) বলছবোৰ্ডখন যাতে শ্ৰেণীকক্ষৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে দেখা পায় আৰু বৰ্ডখনত যাতে ঠিকমতে পোহৰ পৰে 

তাৰবাবে লক্ষ্য  ৰাখিব লাগে ।

(ছ) শ্ৰেণীকোঠাৰ বেৰবোৰৰ ৰং পাতল হ’ব লাগে ।

প্ৰশ্ন ২: বিজ্ঞান পৰীক্ষাগাৰ নির্মাণ কৰোতে মনত ৰাখিবলগীয়া পাঁচটা চৰ্ত উল্লেখ কৰা ।

উত্তৰ: বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰোঁতে মনত ৰাখিবলগীয়া পাঁচটা চৰ্ত হ’ল :

(ক) ইয়াক মূখ্য স্কুলঘৰৰ পৰা অলপ আঁতৰত স্থাপন কৰিব লাগে ।

(খ) কোঠাত গেছ,পানী আৰু বিদ্যুত যোগানৰ সুবিধা থাকিব লাগে ।

(গ) দামী আৰু বিপদজনক ৰাসায়নিক পদাৰ্থ বিলাক আলমাৰীৰ ভিতৰত বন্ধ কৰিব লাগে ।

(ঘ) পৰীক্ষাগাৰৰ ভিতৰতে শ্লাইড প্ৰদৰ্শনীৰ বাবে স্ক্ৰীণ স্থাপন কৰি শিক্ষা দিয়াৰো ব্যৱস্থা কৰিব পাৰি ।

(ঙ) বস্তুবোৰ সঠিক ঠাইত থোৱাৰ বাবে এজন পৰীক্ষাগাৰ কৰ্মচাৰীৰ নিযুক্ত কৰিব লাগে ।

প্ৰশ্ন ৩: সূচলকাৰী হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰ: সূচলকাৰী হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী হ’ল :

(ক) এজন শিক্ষকে শিক্ষাদানৰ বিভিন্ন উপায় অৱলম্বন কৰিব লাগে ।

(খ) তেওঁ পাঠদান কৰা বিষয়টোৰ ওপৰত ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিব লাগে ।

(গ) শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ বহীবোৰ চাব লাগে আৰু কিবা ভুল হ’লে তাক শুধৰাই ছাত্ৰ-ছাত্ৰীক বুজাই দিব লাগে ।

(ঘ) তেওঁ শিক্ষণৰ সময়ত বিভিন্ন প্ৰকাৰৰ নিয়ম বা কৌশল মানি চলিব লাগে ।

(ঙ) তেওঁ ছাত্ৰ-ছাত্ৰীক প্ৰশ্নৰ উত্তৰ সঠিক ভাবে দিবলৈ উৎসাহিত কৰিব লাগে ।

প্ৰশ্ন ৪: অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰ: অভিপ্ৰেৰক হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী হ’ল : 

(ক) শিক্ষকজনে তেওঁৰ বিষয়ৰ ওপৰত এক স্পষ্ট ধাৰণা শিক্ষাৰ্থীসকলক দিব লাগে ।

(খ) শিক্ষকজনে বিভিন্ন ধৰণৰ শিক্ষণ কৌশল অৱলম্বন কৰি তেওঁৰ শিক্ষণ প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ চেষ্টা কৰিব লাগে ।

(গ)শিক্ষকে পাঠদানৰ সময়ত বিভিন্ন পৰিঘটনা আৰু উদাহৰণৰ সহায় লোৱা উচিত ।

(ঘ) শিক্ষকজনে পাঠদানৰ সময়ত এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে ।

(ঙ) শিক্ষাৰ্থীয়ে যাতে বাহ্যিক জগতৰ বিষয়ে জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে তাৰবাবে কোনো বিশেষ শিক্ষকে কেতিয়াবা কেতিয়াবা ছাত্ৰ-ছাত্ৰীৰ লগত সময় কটাব লাগে ।

প্ৰশ্ন ৫: পৰামৰ্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰ: পৰামৰ্শদাতা হিচাপে শিক্ষকৰ পাঁচটা কাৰ্যাৱলী হ’ল :

(ক) শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা দিশটোৰ বিষয়ে জানিব লাগে ।

(খ) ছাত্ৰ-ছাত্ৰীসকলৰ মাজত থকা ব্যক্তিগত পাৰ্থক্যৰ বিষয়ে তেওঁৰ জ্ঞান থকা উচিত ।

(গ) তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ দিনটোৰ সকলো তথ্য সদায়ে সংগ্ৰহ কৰিব পাৰে ।

(ঘ) শিক্ষকজনে ছাত্ৰ-ছাত্ৰী সকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা উচিত যাতে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ 

যিকোনো সমস্যা শিক্ষকজনক সুধিব পাৰে ।

(ঙ) ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন সমস্যা সমাধান কৰাত শিক্ষকসকলে তেওঁলোকক সহায় কৰাৰ দৰকাৰ ।

প্ৰশ্ন ৬: ভাল পুথিভঁৰড়াল এটাৰ যিকোনো পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ: ভাল পুথিভঁড়াল এটাৰ যিকোনো পাঁচটা বৈশিষ্ট্য হ’ল :

(ক) পুথিভঁড়ালত সকলো বয়সৰে ছাত্র-ছাত্ৰী আৰু শিক্ষকসকলৰ বাবে উপযোগী নিৰ্বাচিত কিতাপ থাকিব    লাগে ।

(খ) পুথিভঁড়ালত এজন প্ৰশিক্ষণপ্ৰাপ্ত আৰু অৰ্হতাসম্পন্ন পুথিভঁড়ালী থাকিব লাগে ।

(গ) বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি পুথিসমূহ সজাই থব লাগে যাতে বিভিন্ন বিষয়ৰ পুথি সহজে পাব পাৰি ।

(ঘ) পুথিভঁড়ালৰ পৰা কিতাপ লোৱা আৰু ঘূৰাই দিয়াৰ নিয়মসমূহ ছাত্ৰ-ছাত্ৰীয়ে মানিব পৰাকৈ নিৰ্ধাৰণ কৰিব লাগে ।

(ঙ) স্কুলৰ পুথিভঁড়াল বন্ধৰ সময়তো খোলা ৰখাৰ ব্যৱস্থা কৰিব লাগে ।

Sl. No.Contents
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্য
Chapter 2মানুহৰ বিকাশৰ স্তৰ
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠন
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষা
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটি
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা

প্ৰশ্ন ৭: এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী উল্লেখ কৰা ।

উত্তৰ: এজন শিক্ষকৰ পাঁচটা ব্যক্তিগত গুণাৱলী :

(ক) শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শন হ’ব লাগে ।

(খ) তেওঁৰ মাত ডাঙৰ আৰু স্পষ্ট হ’ব লাগে ।

(গ) তেওঁ মৃদু হাস্যৰসী হ’ব লাগে ।

(ঘ) তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পক্ষপাতিত্বমূলক আচৰণ কৰিব    নালাগে  ।

(ঙ) শিক্ষক এজনৰ নিজৰ বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধা ভাব থকা দৰকাৰ  ।

প্ৰশ্ন ৮: শিক্ষকৰ পাঁচটা ব্যৱহাৰিক গুণাৱলী উল্লেখ কৰা ।

উত্তৰ: শিক্ষকৰ পাঁচটা ব্যৱহাৰিক গুণাৱলী হ’ল :

(ক) শিক্ষক এজনৰ নিজৰ বিষয়টোৰ ওপৰত যথেষ্ট পৰিমাণৰ দক্ষতা থকাৰ প্ৰয়োজন ।

(খ) শিক্ষক এজনৰ শিশু মনোবিজ্ঞান বিষয়ে জ্ঞান থকা উচিত ।ইয়ে তেওঁক ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাবোৰ বুজি 

পোৱাত আৰু তাক সমাধান কৰাত সহায় কৰিব ।

(গ) শিক্ষকে ছাত্ৰ- ছাত্ৰীক শিক্ষাদানৰ বাবে প্ৰকৃত পদ্ধতি গ্ৰহণ কৰা উচিত ।

(ঘ) বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ সুকীয়া ব্যক্তিত্ব থকাৰ কথা তেওঁ বুজা উচিত । তেওঁ ছাত্ৰ -ছাত্ৰীৰ অনুভূতি আৰু দৃষ্টিভঙ্গীক গুৰুত্ব প্ৰদান কৰা উচিত ।

(ঙ) শিক্ষক এজনে শিক্ষাৰ্থীক প্ৰশ্ন সোধাৰ কলা জানিব লাগে । পাঠ্যক্ৰমৰ ওপৰত সঠিক প্ৰশ্ন সুধি শিক্ষকে ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰিব লাগে ।

প্ৰশ্ন ৯: আদৰ্শ শিক্ষক এজনৰ পাঁচটা গুণ উল্লেখ কৰা ।

উত্তৰ: আদৰ্শ শিক্ষক এজনৰ পাঁচটা গুণ হ’ল :

(ক) শিক্ষক এজনৰ নিজে পঢ়োৱা বিষয়বস্তুৰ পৰ্যাপ্ত জ্ঞান থাকিব লাগে ।

(খ) তেওঁৰ শিক্ষণৰ পদ্ধতি সম্পৰ্কে জ্ঞান থাকিব লাগিব ।

(গ) মনোবৈজ্ঞানিক সচেতনতা ।

(ঘ) ৰসিকতা আৰু বিনম্ৰতা ।

(ঙ) প্ৰশংসা আৰু শান্তিৰ উপযুক্ত প্ৰয়োগ কৰাৰ জ্ঞান থাকিব লাগে ।

প্ৰশ্ন ১০: নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া পাঁচটা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া পাঁচটা প্ৰত্যাহ্বান হ’ল :

(ক) জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে জ্ঞানৰ বিকাশ হৈছে আৰু ই শিক্ষকৰ ভূমিকাক যথেষ্ট প্ৰত্যাহ্বানমূলক কৰি তুলিছে ।

(খ) শিক্ষক এজনে ৰেদিঅ,’ দূৰদৰ্শন আদি গণমাধ্যমসমূহৰ শিক্ষণ প্ৰক্ৰিয়াত উচিত প্ৰয়োগ কৰিব লগা হৈছে ।

(গ) বৰ্তমান শিক্ষকসকলে নিজৰ বিষয়ৰ ওপৰত এক বহল দৃষ্টিভঙ্গী ল’ব লাগে ।

(ঘ) শিক্ষকসকলে নিতৌ নতুন নতুন ধাৰণা যেনে ব্যক্তিবিষয়ক দিয়া নিৰ্দেশনা,অনুশিক্ষণ,কৰ্ম অভিজ্ঞতা,সমাজ সেৱা আদিৰে নিজকে পৰিপুষ্টি কৰিব লাগে ।

(ঙ) জীৱনৰ প্ৰতি এক গণতান্ত্ৰিক,বাৱহাৰিক আৰু  সামাজিক ধাৰণা শিক্ষকে গ্ৰহণ কৰিব লাগে ।

প্ৰশ্ন ১১: চমুটোকা লিখা :

(ক) বিষয়কেন্দ্ৰিক পাঠ্যক্ৰম ।

উত্তৰ: বিষয়কেন্দ্ৰিক পাঠ্যক্ৰমত ছাত্ৰতকৈ বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় । ই কেৱল ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক দিশৰ বিকাশতহে অধিক গুৰুত্ব দিয়ে আৰু সামাজিক আৰু ব্যক্তিগত দিশৰ বিকাশক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰে ।

(খ) ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম ।

উত্তৰ: যি পাঠ্যক্ৰমে শিক্ষাত কৰ্ম বা ক্ৰিয়াৰ নীতিসমূহ অনুসৰণ কৰে তাকে ক্ৰিয়াভিত্তিক পাঠ্যক্ৰম বোলে । এই পাঠ্যক্ৰমত কৰ্মৰ মাজেৰে বিষয়বস্তুৰ জ্ঞান দিয়া হয় । এই ধৰণৰ পাঠ্যক্ৰমে ল’ৰা- ছোৱালীৰ সামাজিক গুণৰ বিকাশ ঘটোৱাৰ উপৰিও শিশুৰ ব্যক্তিত্বৰ সামগ্ৰিক বিকাশ ঘটায় ।

(গ) অভিজ্ঞতাভিত্তিক পাঠ্যক্ৰম ।

উত্তৰ: এইবিধ পাঠ্যক্ৰমৰ পৰা শিক্ষাৰ্থীয়ে উন্নত মানৰ জ্ঞান আৰু অভিজ্ঞতা আহৰণ কৰে । শিক্ষাবিদ, জন ডিউটৰ মতে শিশুৰ অভিজ্ঞতাই হৈছে শিক্ষাৰ একমাত্ৰ মৌলিক উপাদান ।

(ঘ) অপৃথকীকৰণ পাঠ্যক্ৰম ।

উত্তৰ: বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰাত এইবিধ পাঠ্যক্ৰমে গুৰুত্ব নিদিয়ে । বিষয়ৰ একত্ৰিকৰণ আৰু কৰ্মৰ যোগেদিহে শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰি ।

(ঙ) বুনিয়াদী শিক্ষা পাঠ্যক্ৰম ।

উত্তৰ: মহাত্মা গান্ধীৰ শিক্ষা সম্বন্ধীয় ধাৰণাৰ ওপৰত বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰম নিৰ্ভৰশীল । এই পাঠ্যক্ৰমে উদ্দেশ্যধৰ্মী কাৰ্যকলাপৰ দ্বাৰা জ্ঞানৰ যোগান ধৰা কথাত বিশ্বাস কৰিছিল ।

এই পাঠ্যক্ৰমে সহ-সম্বন্ধৰ নীতি মানি  চলে । বুনিয়াদী শিক্ষাৰ পাঠ্যক্ৰমে শিক্ষাৰ বাস্তৱিক দিশত বেছি গুৰুত্ব দিয়ে ।

(চ) জীৱনভিত্তিক পাঠ্যক্ৰম ।

উত্তৰ: জীৱনভিত্তিক পাঠ্যক্ৰমে মানৱ জীৱনৰ প্ৰতিটো ক্ৰিয়া- কলাপৰ দিশকেই সামৰি লয় । এই পাঠ্যক্ৰমে শিশুসকলক বৰ্তমান সময়ৰ পৰিৱৰ্তনশীল আৰু জটিল সমাজখনত সমাযোজন কৰি তোলাত সক্ষম কৰি তোলে ।

প্ৰশ্ন ১২: প্ৰচলিত পাঠ্যক্ৰমৰ পাঁচটা আসোঁৱাহ উল্লেখ কৰা ।

উত্তৰ: বৰ্তমান শিক্ষাবিদসকলে চলিত বিদ্যালয়ৰ বিষয়প্ৰধান পাঠ্যক্ৰম ক্ৰটিপূৰ্ণ বুলি অভিহিত কৰিছে । সেই আসোঁৱাহ সমূহ হ’ল : 

(ক) পুথিগত আৰু তত্বপ্ৰধান : বিশ্ববিদ্যালয়ৰ তত্বপ্ৰধান পাঠ্যক্ৰমৰ আৰ্হিতেই স্কুলৰ পাঠ্যক্ৰমো ৰচনা কৰা হৈছে । ফলত অনাৱশ্যক ভাবেই পুথিগত আৰু তত্ত্বপ্ৰধান হৈ পৰিছে ।ফলত ই অনাকৰ্ষণীয় আৰু জীৱন বিচ্ছিন্ন বিধৰ হৈ পৰিছে ।

(খ) আকৰ্ষণহীনতা : শিশুৰ স্বাভাৱিক যি সক্ৰিয়তা সেই সক্ৰিয়তাক আমাৰ প্ৰচলিত পাঠ্যক্ৰমে অৱহেলা কৰা দেখা গৈছে । গতিকে ই অনাকৰ্ষণীয় হৈ   পৰিছে ।

(গ) পৰীক্ষা প্ৰধান : গতানুগতিক পাঠ্যক্ৰম পৰীক্ষাৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ পৰিছে । ফলত শিক্ষাৰ্থীক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈকে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা যেন বোধ হয় ।

(ঘ) সংকীৰ্ণ ধাৰণা : প্ৰচলিত পাঠ্যক্ৰমৰ লক্ষ্য অত্যন্ত সংকীৰ্ণ বুলিও বহু শিক্ষাবিদৰ মত । শিক্ষাৰ্থীৰ সৰ্বতোমুখী বিকাশৰ সুযোগ আৰু ব্যৱস্থা ইয়াত নাই ।

(ঙ)বৃত্তিশিক্ষাৰ অভাৱ : অৰ্থনৈতিক জীৱনত অৰ্থনৈতিক জীৱনত অংশ গ্ৰহণ কৰিবলৈ প্ৰচলিত পাঠ্যক্ৰমত কোনো সুবিধা নাই । কিয়নো বৃত্তীয় শিক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা ইয়াত নাই ।

প্ৰশ্ন ১৩: পাঠ্যক্ৰম প্ৰস্তুত কৰণৰ পাঁচটা নীতি উল্লেখ কৰা ।

উত্তৰ: পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতে তলৰ নীতিসমূহ মানিব লাগে –

(ক) ব্যক্তি পাৰ্থক্যৰ বিবেচনা :  শিক্ষা আহৰণ আৰু তাৰ প্ৰয়োগকৰণ হৈছে মূলতেই এক ব্যক্তিগত ক্ৰিয়া প্ৰচেষ্টা । প্ৰতিজন ছাত্ৰই পাঠ্যক্ৰমৰ পৰা সমানে উপকৃত নহয় ।তেওঁলোকে নিজ ব্যক্তিগত ক্ষমতা আৰু যোগ্যতা অনুসৰি নিজ নিজ ভাবেহে উপকৃত হয় ।

(খ) অৱসৰ বিনোদনৰ ব্যৱস্থা : আজিৰ সময়ত যাতে শিক্ষাৰ্থীয়ে সৃজনীমূলক কাম,আমোদ প্ৰমোদ আৰু খেল ধেমালি কৰি কটাব পাৰে,বিভিন্ন কামৰ মাজেৰে নিজৰ বিশেষ ইচ্ছা আৰু শক্তিৰ ক্ষমতা যাতে প্ৰকাশ কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে ।

(গ) সহ-সম্বন্ধ স্থাপন : পাঠ্যক্ৰম কাৰ্যসূচীৰ মাজত সমন্বয় অভিজ্ঞতাৰ যোগান ধৰা উচিত ।

(ঘ) নমনীয়তাৰ নীতি : পাঠ্যক্ৰম নয়নীয় আৰু গতিশীল হ’ব লাগে ।

(ঙ) উপযোগীতাৰ নীতি : পাঠ্যক্ৰম প্ৰস্তুতিৰ ক্ষেত্ৰত উৎপাদনশীলতাৰ নীতি অপৰিহাৰ্য । পাঠ্যক্ৰমত কৰ্ম অভিজ্ঞতা,কাৰিকৰী আৰু বৃত্তীয় বিষয়সমূহ অন্তৰ্ভুক্ত কৰিব লাগে ।

প্ৰশ্ন ১৪: সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ যিকোনো পাঁচটা উপকাৰিতাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উপকাৰিতা তলত দিয়া হ’ল :

(ক) সহ-পাঠ্যক্ৰম কাৰ্যসূচীসমূহে ছাত্ৰ-ছাত্ৰীৰ সামাজিক জীৱনৰ বাবে প্ৰয়োজন হোৱা বহল পৰিসৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে ।

(খ) ই ছাত্ৰ-ছাত্ৰীসকলৰ দেহ মানসিক স্বাস্থ্য ৰক্ষা কৰি সুস্থ দেহত সুস্থ মন গঢ় দি তোলাতো সম্ভৱ কৰি তুলিব পাৰে ।

(গ) গতানুগতিক পাঠ্যক্ৰমৰ ফলত সৃষ্টি হোৱা জড়তা আৰু অৱসাদ আদি গুচাই এই কাৰ্যসূচীবোৰে ছাত্ৰ-শিক্ষকৰ মনত নতুনত্বৰ প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনা দান কৰিব পাৰে ।

(ঘ) ব্যক্তিৰ সুপ্ত আৰু অন্তৰ্নিহিত দেহ মানসিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহে ইয়াৰ যোগেদি প্ৰকাশ লাভৰ সুবিধা পাব পাৰে ।

(ঙ) এই কাৰ্যসূচীবোৰে ছাত্ৰৰ মনত সামাজিক চেতনা, বন্ধুৰ, সহযোগিতা,সহানুভূতিশীলতা,নেতৃত্ব প্ৰদান আৰু নেতৃত্ব গ্ৰহণৰ ক্ষমতা আদি সামাজিক গুণসমূহ বিকশাই তুলিব   পাৰে ।

প্ৰশ্ন ১৫: সহ- পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰ: সহ-পাঠ্যক্ৰম কাৰ্যসূচীৰ পাঁচটা উদ্দেশ্য হ’ল :

(ক) ছাত্ৰ-ছাত্ৰীৰ অৱসৰৰ সময়খিনিৰ সৎ ব্যৱহাৰ কৰা ।

(খ) শিক্ষাৰ্থীক নিজৰ দায়িত্ববোধ সম্পৰ্কে সচেতন কৰা ।

(গ) ছাত্ৰ-ছাত্ৰীৰ অন্তৰ্নিহিত প্ৰতিভাসমূহ চিনাক্ত কৰি সেইবোৰক বিকশিত হ’বলৈ সুযোগ প্ৰদান কৰা ।

(ঘ) ছাত্ৰ-ছাত্ৰীক সামাজিক জীৱনৰ প্ৰতি প্ৰস্তুত কৰি তোলা ।

(ঙ) ছাত্ৰ-ছাত্ৰীৰ মনত গণতান্ত্ৰিক মূল্যবোধৰ বীজ ৰোপন কৰা ।

প্ৰশ্ন ১৬: বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) ৰ যিকোনো পাঁচটা কাৰ্যাৱলী উল্লেখ কৰা ।

উত্তৰ: বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)ৰ যিকোনো পাঁচটা কাৰ্যাৱলী হ’ল :

(ক) এই আয়োগ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন দিশৰ মাজত সমন্বয় সাধন কৰি তোলে ।

(খ) ই বিশ্ববিদ্যালয়ৰ আৰ্থিক প্ৰয়োজনৰ বিষয়ে অনুসন্ধান কৰি অৰ্থৰ পৰিমাণ নিৰ্ধাৰণ কৰি তাক প্ৰদান কৰে ।

(গ) কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই আয়োগে বিশ্ববিদ্যালয় সমূহক অনুদান আগবঢ়াবলৈ পৰামৰ্শ দিয়ে ।

(ঘ) গোটেই বছৰটোৰ বাবে ই বাজেট প্ৰস্তুত কৰে ।

(ঙ) বিশ্ববিদ্যালয়ৰ শিক্ষাৰ উন্নীতকৰণৰ বাবে দৰকাৰী পৰামৰ্শ দিয়া আৰু পৰামৰ্শ সমূহ কাৰ্যকৰীকৰণত সহায় কৰা ।

প্ৰশ্ন ১৭: NCERT ৰ পাঁচটাকৈ কাৰ্যৱলী বিষয়ে উল্লেখ কৰা ।

উত্তৰ: NCERT ৰ পাঁচটাকৈ কাৰ্যৱলী হ’ল :

(ক) ই শিক্ষাৰ্থীৰ বাবে স্কুলীয়া পাঠ্যপুথি,সাধাৰণ কিতাপ,শিক্ষামূলক আলোচনী আৰু গৱেষণামূলক সাহিত্য আদি প্ৰস্তুত আৰু প্ৰণয়ন কৰে ।

(খ) গৱেষণা আৰু উন্নয়নৰ কাৰ্য পৰিচালনা কৰা ।

(গ) ৰাজ্যিক চৰকাৰবোৰৰ লগত যোগাযোগ ৰক্ষা কৰি প্ৰাক কাৰ্যকালীন আৰু কৰ্মকালীন শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা কৰা ।

(ঘ) শিক্ষকৰ নীতি আৰু ক্ৰিয়া আচঁনিসমূহ কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰবোৰৰ মাজত ই সমন্বয় সাধন কৰে ।

(ঙ) দশম শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীৰ বাবে বৃত্তিৰ ব্যৱস্থা কৰা ।

প্ৰশ্ন ১৮: DIET ৰ পাঁচটাকৈ কাৰ্যৱলীৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: DIET ৰ পাঁচটাকৈ কাৰ্যৱলী হ’ল :

(ক) প্ৰাক কৰ্মকালীন আৰু কৰ্মকালীন প্ৰাথমিক শিক্ষক সকলৰ প্ৰশিক্ষণ ।

(খ) ই প্ৰাথমিক আৰু প্ৰাপ্তবয়স্ক শিক্ষা সমস্যাবোৰৰ সম্বন্ধে ক্ষেত্ৰভিত্তিক গৱেষণা আৰু পৰিখনমূলক ক্ৰিয়া দায়িত্ব গ্ৰহণ কৰে ।

(গ) শিক্ষাৰ লগত সংগতি থকা স্থানীয় সামগ্ৰী, শিক্ষণা সঁজুলি,আৰু মূল্যাংকন কৰা সঁজুলি সমূহৰ বিকাশ সাধন কৰা ।

(ঘ) শিক্ষক আৰু প্ৰশিক্ষক সকলৰ বাবে খোলা শিক্ষা কেন্দ্ৰক সহায় কৰে ।

(ঙ) জিলাসমূহত শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ সমাধান কৰিবলৈ ই ক্ষেত্ৰ গৱেষণাৰ বাবে আচঁনি প্ৰস্তুত   কৰে ।

প্ৰশ্ন ১৯: এটা সম্পূৰ্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: এটা সম্পূৰ্ণ কম্পিউটাৰ গোটৰ পাঁচটা অংশ হ’ল : 

(ক) মনিটৰ ।

(খ) চবিফলি ।

(গ) প্ৰক্ৰিয়াৰ গোট ।

(ঘ) মাউছ ।

(ঙ) প্ৰিন্টাৰ ।

প্ৰশ্ন ২০: কম্পিউটাৰৰ পাঁচটা মুখ্য শৈক্ষিক সুবিধাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: কম্পিউটাৰ ব্যৱহাৰৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত এক অভিনৱ নতুনত্ব আৰু গতিশীলতা আহিছে । ইয়াৰে শৈক্ষিক সুবিধা সমূহ হ’ল :

(ক) কম্পিউটাৰৰ জৰিয়তে শিক্ষা গ্ৰহণ আৰু শিক্ষা প্ৰদান প্ৰক্ৰিয়াটো যথেষ্ট আকৰ্ষণীয়,বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত  হৈ পৰিছে ।

(খ) ই ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক উন্নতি পৰীক্ষা কৰাত সহায় কৰে ।

(গ) কম্পিউটাৰৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলে নতুন নতুন তথ্য আহৰণ কৰিব পৰা হৈছে ।

(ঘ) প্ৰশাসনীয় অভিক্ষমতা আৰু শৈক্ষিক কৃতিত্বৰ অভীক্ষাত ই সহায় কৰে ।

(ঙ) ছাত্ৰ আৰু শিক্ষকে অবিৰাম গতিত পৰীক্ষাৰ ফলাফল সমূহ পাই থাকে বাবে নিজৰ ভুলবোৰ শুধৰাব পাৰে ।

প্ৰশ্ন ২১: শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: শিক্ষাত কম্পিউটাৰ ব্যৱহাৰৰ পাঁচটা সীমাবদ্ধতা হ’ল :

(ক) কম্পিউটাৰ বেছি ব্যয়বহুল ।

(খ) ছফটৱেৰৰ কিছুমান ক্ৰটি থকাও দেখা যায় ।

(গ) কম্পিউটাৰৰ জৰিয়তে শিক্ষা দিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ প্ৰয়োজন ।

(ঘ) ডাঙৰ শ্ৰেণী কোঠা এটাৰ বাবে ই উপযুক্ত নহয় কাৰণ কম্পিউটাৰৰ পৰ্দাখন সৰু বাবে সকলো ছাত্ৰই ভালদৰে দেখা নাপাবও পাৰে ।

(ঙ) আমাৰ বিদ্যালয়বোৰত যথেষ্ট পৰিমানৰ শিক্ষাৰ সঁজুলি,শুসজ্জিত কোঠালী প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰী আৰু ছফটৱেৰ নাই ।

প্ৰশ্ন ২২: ইণ্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধাৰ বিষয়ে উল্লেখ কৰা ।

উত্তৰ: ইণ্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধা হ’ল :

(ক) ইয়াত শেহতীয়া খবৰবোৰ পাব   পাৰি ।

(খ) গানো শুনিব পাৰি ।

(গ) ইয়াত খেল খেলিবও পাৰি ।

(ঘ) ই বিশ্বৰ যিকোনো প্ৰাপ্তলৈ অতি খৰকৈ তথ্য সৰবৰাহ কৰিব পাৰে ।

(ঙ) ইয়াৰ সহায়ত বস্তুৰ কিনা-বেচাও কৰিব পাৰি ।

প্ৰশ্ন ২৩: চমুটোক লিখা :

(ক) ইণ্টাৰনেট 

উত্তৰ: ইণ্টাৰনেট বহুতো নেটৱৰ্কৰ মাজেৰে এটা নেটৱৰ্ক । গোটেই পৃথিৱীৰ বহুতো নেটৱৰ্ক পাৰম্পৰিকভাবে সংযুক্ত হ’লেহে ইণ্টাৰনেট তৈয়াৰ হয় । প্ৰথম ইণ্টাৰনেট আমেৰিকাত ব্যৱহাৰ হৈছিল । ইণ্টাৰনেট সংযোগ কৰিবলৈ দৰকাৰী সামগ্ৰীসমূহ হ’ল । (ক) এটা কম্পিউটাৰ (খ) যোগাযোগ স্থাপন কৰিবৰ বাবে এটা ছফটৱেৰ (গ) এটা টেলিফোন লাইন আৰু (ঘ) এটা ম’ডেম । ইণ্টাৰনেটৰ বহুতো সুবিধাও আছে যেনে ইয়াৰ সহায়ত শেহতীয়া খবৰবোৰ সহজেই পাব পাৰি,ই যিকোনো ঠাইলৈ অতি দ্ৰুতগতিত তথ্য পঠাব পাৰে,ইয়াত গানো শুনিব পাৰি আৰু খেলা খেলিব পাৰি ।

(খ) ৱেবচাইট

উত্তৰ: ৱেবচাইটসমূহ হ’ল ৱেব পেজৰ সমষ্টি । প্ৰতিটো ৱেব ছাইটতে একোটা হোম পেজ থাকে । প্ৰতিটো ৱেব ছাইট WWWৰে আৰম্ভ হয় । প্ৰত্যেক ৱেব পেজৰ নিজৰ নিজৰ ৱেব পৰিচয় আছে ।বেৰ পেজসমূহে এটা ব্ৰাউচাৰৰ জৰিয়তে ডাউন লোড কৰাত সহায় কৰে ।

(গ) চি ডি ৰোম 

উত্তৰ: চি ডি ৰোম হ’ল এক বৃহৎ সংখ্যক তথ্য সংৰক্ষণ ব্যৱস্থা । ইয়াৰ সম্পূৰ্ণ ৰূপটো হ’ল কম্পেক্ট ডিক্স ৰিড অনলী মেম’ৰী । ইয়াত সংৰক্ষিত হৈ থকা তথ্যসমূহ সহজে বেয়া নহয় । ইয়াত  সংৰক্ষিত হৈ তথ্যসমূহ মচি পেলাব আৰু পৰিৱৰ্তন কৰিব নোৱাৰি । ই অতি কম খৰচী আৰু এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্যসমূহ অতি সহজতে অনা-নিয়া কৰিব পাৰি ।

(ঘ) ই- মেইল 

উত্তৰ: ইলেকট্ৰনিক উপায়েৰে চিঠি পত্ৰৰ আদান প্ৰদান কৰাটোৱেই ই মেইলৰ প্ৰধান কাম । ই-মেইল হৈছে যোগাযোগৰ বাবে এটি কম খৰচীয় আৰু দ্ৰুত ব্যৱস্থা । বাৰ্তা প্ৰেৰণাকাৰী আৰু বাৰ্তা গ্ৰহণকাৰী উভয়ৰে ই মেইল ঠিকনা থাকিব লাগিব । তেওঁলোকৰ একোটা নিজৰ পাছৱৰ্ড থাকে । ইয়াকে ই -মেইল আই-ডি    বোলে ।

(ঙ) দুৰালাপ সন্মিলন 

উত্তৰ: দুৰালাপ সন্মিলন হৈছে দূৰত্ব শিক্ষা পদ্ধতিৰ আটাইতকৈ উপযোগী পদ্ধতি । ই শিক্ষাৰ মান সাধাৰণতে উচ্চস্তৰৰ হয় । ইয়াত শিক্ষাৰ ব্যয় বহুত কম । ই মুখ্যতঃ তিনি প্ৰকাৰৰ – (ক) শ্ৰব্য দুৰালাপ সন্মিলন (খ) দৃশ্য দুৰালাপ সন্মিলন আৰু (গ) কম্পিউটাৰ দুৰালাপ সন্মিলন ।

(চ) বিজ্ঞানৰ পৰীক্ষাগাৰ : বৰ্তমান বিদ্যালয়ত বিজ্ঞান শিক্ষাৰ বাবে এটা উন্নত পৰীক্ষাগাৰৰ প্রয়োজনীয়তা অনস্বীকাৰ্য । বিজ্ঞানৰ জটিল বিষয়ৰ  ধাৰণা সহজ কৰি তুলিবলৈ আৰু বিজ্ঞান শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ বঢ়াবলৈ আৰু শিক্ষকে সাৰ্থকভাবে শিক্ষাদান কৰিবলৈ পৰীক্ষাগাৰটোৰ বৈষয়িক অৱস্থাৰ ওপৰত বিশেষ ভাৱে নিৰ্ভৰ।  কৰে । স্কুলত থকা বিজ্ঞানৰ এই পৰীক্ষাগাৰবোৰেই কিশোৰ-কিশোৰীসকলৰ মনত সৃষ্টিৰ ৰহস্য উদঘাটন কৰিবৰ বাবে আৱশ্যকীয় কৌতুহল জগাই তোলে । তেওঁলোকৰ অন্তৰ্নিহিত সৃষ্টিশীল ক্ষমতাই ইয়াতেই প্ৰকাশৰ পথ বিচাৰি পায় ।

বিজ্ঞানৰ পৰীক্ষাগাৰ সচৰাচৰ এটা শ্ৰেণী কোঠাৰ আকাৰৰ দৰেই হ’ব লাগে । এই পৰীক্ষাগাৰ দুটা শ্ৰেণী কোঠাৰ মাজত নহৈ স্কুল ঘৰটোৰ একোটা মূৰত অৱস্থিত হ’ব লাগে । ইয়াত গেচ,পানী আৰু বিজুলী সংযোগ কৰিব লাগে । বিজ্ঞানৰ বিভিন্ন আহিলাপাতি আৰু ৰাসায়নিক পদাৰ্থ আদি ভালদৰে ৰাখিবৰ বাবে আলমাৰী,চেলফ,ৰেক আদি প্ৰয়োজন মতে ৰাখিব লাগে । বিপদজনক পদাৰ্থ আৰু দামী আহিলা পাতি আচুতিয়াকৈ নিৰপদে ৰাখিবৰ বাবেও পৃথক ব্যৱস্থা কৰিব লাগে । পৰীক্ষাগাৰৰ লগতে শ্ৰেণী সংযোগৰ ব্যৱস্থা কৰিব লাগে । পৰীক্ষাগাৰৰ লগতে শ্ৰেণী সংযোগৰ ব্যৱস্থা থাকিলে ছাত্ৰ-শিক্ষকৰ শিক্ষা নিৰ্দেশনাত সুবিধা হয় । পৰীক্ষাগাৰৰ ভিতৰতে শ্লাইড প্ৰদৰ্শনীৰ বাবে স্ক্ৰীণ স্থাপন কৰি শিক্ষা দিয়াৰো ব্যৱস্থা কৰিব পাৰি । পৰীক্ষাগাৰৰ দায়িত্ব বিভাগীয় শিক্ষকৰ হাতত থাকিব লাগে ।

1 thought on “Class 11 Education Chapter 3 বিদ্যালয় আৰু ইয়াৰ সংগঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top