Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ

Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ and select needs one.

Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ Solutions for All Subject, You can practice these here.

ব্যৱসায় সংগঠনৰ প্ৰকাৰ

Chapter : 2

অতি চমু প্ৰশ্নোত্তৰ

১। যি গাথঁনিত মালিক আৰু ব্যৱস্থাপনা পৃথক হয় তাক কোৱা হয়  –

(ক) ব্যক্তিগত কোম্পানী 

(খ) অংশীদাৰ

(গ)  কোম্পানী 

(ঘ)  সকাম ব্যৱসায় সংগঠন  ।

উত্তৰ :- (গ) কোম্পানী  ।

২। যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ত কৰ্তাই বহন কৰে – 

(ক)  সীমিত দেনা দায়িত্ব 

(খ)  অপৰিসীম দেনা দায়িত্ব 

(গ)  ঋণৰ বাবে কোনো দেনা দায়িত্ব নাই 

(ঘ)  যৌথ দেনা দায়িত্ব  ।

উত্তৰ :- (খ) অপৰিসীম  ।

৩। সমবায় সমিতিৰ মূলমন্ত্ৰ হৈছে –

(ক) এটা অংশ এটা ভোট 

(খ) এজন ব্যক্তি এটা ভোট 

(গ) অংশধাৰক সকলে 

(ঘ) কৰ্মচাৰী 

উত্তৰ :- (খ) এজন ব্যক্তি এটা ভোট  ।

৪। যৌথ মূলধনী কোম্পানীত পৰিচালক মণ্ডলীক নিৰ্বাচিত কৰে – 

(ক) সৰ্বসাধাৰণ ৰাইজে

(খ) চৰকাৰী বিভাগে 

(গ) অংশধাৰক সকলে 

(ঘ) কৰ্মচাৰী সকলে  ।

উত্তৰ :- (গ) অংশধাৰক সকলে  ।

৫। বেংকিং ব্যৱসায়ত অনুমতি লাভ কৰা সৰ্বোচ্চ সংখ্যক অংশীদাৰ হ’ল  – 

(ক) বিশজন

(খ)  দহ জন 

(গ)   সীমা নাই 

(ঘ)  দুজন 

উত্তৰ :- দহজন 

৬। লাভৰ অংশ বিতৰণ নহয় । এই উক্তিটোৱে কাক উনুকিয়াই  ?

(ক) অংশীদাৰ ব্যৱসায় 

(খ) যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় 

(গ) ব্যক্তিগত মালিকীস্বত্ব 

(ঘ) কোম্পানী

উত্তৰ :-  (গ)ব্যক্তিগত মালিকীস্বত্ব  ।

৭। কোম্পানীৰ মূলধন বিভক্ত হয় অংশত,ইয়াৰ প্ৰত্যেক অংশক কি বুলি কোৱা হয়  – 

(ক)  লাভাংশ 

(খ) লাভ 

(গ) সুদ 

(ঘ)  অংশ পত্ৰ

উত্তৰ :- (ঘ) অংশ পত্ৰ

৮। যৌথ হিন্দু পৰিয়ালৰ মূৰ্ব্বীজনক কোৱা হয় – 

(ক) মালিক 

(খ)  সঞ্চালক

(গ)কৰ্তা

(ঘ) মেনেজাৰ – নিবন্ধক

উত্তৰ :- কৰ্তা 

৯। যুক্তিসঙ্গত হাৰত আবাহিক গৃহত সদস্য সকলক থাকিবলৈ দিয়া ব্যৱস্থা কৰাটো উদ্দেশ্য হ’ল – 

(ক)  উৎপাদন কাৰী সমবায় 

(খ)  গ্ৰাহক সমবায় ভাণ্ডাৰৰ 

(গ)  গৃহনিৰ্মান সমবায়ৰ 

(ঘ)  ঋণ দান সমবায়  ।

উত্তৰ :- গৃহ নিৰ্মাণ সমবায়  ।

১০।এজন অংশীদাৰ যাৰ অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ লগত সহযোগ থকা বুলি সাধাৰণ ৰাইজে নাজানে তেওঁক কোৱা হয় – 

(ক) সক্ৰিয় অংশীদাৰ

(খ) সুপ্ত অংশীদাৰ 

(গ) নামমাত্ৰ অংশীদাৰ 

(ঘ) গোপনীয় অংশীদাৰ  ।

উত্তৰ :-  (ঘ) গোপনীয় অংশীদাৰ  ।

চমু উত্তৰৰ প্ৰশ্নৱালী : 

১। প্ৰশ্ন  :  কি কাৰণত তলত দিয়া ব্যৱসায় সমূহ ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব বুলি ভাবা ?

(ক)  গেলামালৰ দোকান 

(খ)  দাৱাইখানা 

(গ)   আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান

(ঘ)   শিল্পবিদ্যাৰ কেন্দ্ৰ 

(ঙ)   এণ্টাৰনেট 

(চ)   চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান

উত্তৰ :- যিবোৰ ব্যৱসায় এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ কৰিব পাৰে , মূলধনৰ যোগানৰ পৰিমাণ তুলনামূলকভাৱে লঘু হয় , পণ্যৰ চাহিদা থলুৱা হয় , গ্ৰাহক বা ভোক্তাৰ বাবে বব্যৱসায়িৰ ব্যক্তিগত মনোযোগৰ আৱশ্যক হয় আৰু আইনগত প্ৰয়োজনীয়তা পূৰণৰ মাত্ৰা সামান্য হয় তেনে ক্ষেত্ৰত ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় সংগঠন সুবিধাজনক হয় । এই ক্ষেত্ৰত গেলামালৰ দোকান , দাৱাইখানা , আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান , শিল্প বিদ্যাৰ কেন্দ্র , ইণ্টাৰনেট , চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান ইত্যাদি ব্যৱসায় প্ৰতিষ্ঠানৰ ক্ষেত্ৰত উক্ত সুবিধাসমূহ বিদ্যমান । সেয়ে ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ৰ বাবে সুবিধা জনক হয়  ।

২। প্ৰশ্ন :  কি কাৰণত তলত দিয়া ব্যৱসায় সমূহ অংশীদাৰী ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব বুলি ভবা ?

(ক)  গেলামালৰ দোকান 

(খ)  আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান 

(গ)  দাৱাইখানা 

(ঘ)  শিল্পবিদ্যাৰ কেন্দ্র 

(ঙ)  ইন্টাৰনেট 

(চ)  চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠান  ।

উত্তৰ :- অংশীদাৰ ব্যৱসায় প্ৰতিষ্ঠানত থকা সুবিধা সমূহ যেনে গঠনৰ সুবিধা , মূলধনৰ সুবিধা , ঋণ লাভৰ ক্ষমতা বৃদ্ধি , পৰিচালনাৰ সুবিধা, নমনীয়তাৰ সুবিধা ,বিকাশ আৰু সম্প্ৰসাৰণৰ সুবিধা ,লাভৰ সৰ্বাধিকৰণ আৰু বিপাদসৰ্বনিম্নকৰণ , ব্যৱসায়িক গোপনিয়তা ৰখা , সহজ বিলুপ্তিকৰণ ইত্যাদি সুবিধা সমূহ গেলামালৰ দোকান ,আইনৰ পৰামৰ্শ দিয়া প্ৰতিষ্ঠান  , দাৱাইখানা  , শিল্পবিদ্যাৰ কেন্দ্ৰ ,ইণ্টাৰনেট কেফি  , চাৰ্টাড একাউণ্টেন্সি প্ৰতিষ্ঠানত বিদ্যমান । সেয়ে অংশীদাৰী ব্যৱসায় সংগঠন হিচাপে সুবিধাজনক হ’ব  ।

৩। প্ৰশ্ন  :  তলত দিয়া শব্দবোৰৰ চমু ব্যখ্যা দিয়া  ।

(ক)  চিৰন্তন অস্তিত্ব বাসনা 

(খ)  সাধাৰণ ছীলমোহৰ

(গ)  কৰ্তা 

(ঘ)  কৃত্ৰিম ব্যক্তি 

উত্তৰ :- (ক) চিৰন্তন অস্তিত্ব :-  নিগমবদ্ধকৰণৰ পিছত আইনৰ ব্যবস্তানুসৰি অবলোপন নকৰাকৈ কোম্পানী চলি থাকে  । সেয়েহে ইয়াৰ অস্তিত্ব চিৰন্তন বুলি কোৱা হয়  । ইয়াৰ অংশ হস্তান্তৰযোগ্য হোৱা বাবে কোনো সভ্যৰ মৃত্যু , দেউলিয়া আদি পৰিস্থিতিত কোম্পানীৰ বিলোপ নঘটে  । 

(খ) সাধাৰণ ছিলমোহৰ :-  কোম্পানীৰ সাধাৰণ ছিলমোহৰ থাকে  । ইয়াত কোম্পানীৰ নাম ঠিকনা খোদিত হয় আৰু গুৰুত্বপূৰ্ণ  দলিলত ইয়াক ব্যৱহাৰ কৰা হয়  ।কৃত্ৰিম ব্যক্তিৰ অস্তিত্বৰে কোম্পানীৰ ছিলমোহৰ যুক্ত নথিৰে ই ব্যৱসায় কাম কাজ সম্পাদন কৰে  ।

(গ) কৰ্তা :- যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সকলো ধৰণৰ কাম কাজ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত আৰু অনিয়ন্ত্ৰিত হয়  । পৰিয়ালৰ জ্যেষ্ঠ জনক এই দায়িত্ব অৰ্পণ কৰা হয়  । এই ব্যক্তিজনকেই কৰ্তা বুলি কোৱা হয়  ।

(ঘ) কৃত্ৰিম ব্যক্তি :- আইনৰ দ্বাৰা সৃষ্টি হোৱা ব্যক্তিক কৃত্ৰিম ব্যক্তি বুলি কোৱা হয় । কোম্পানী আইনৰ দ্বাৰা সৃষ্টি কৰা ব্যক্তিজনে অৰ্থাৎ কোম্পানীয়ে পৃথক নামত সম্পত্তি কিনিব পাৰে আৰু ঋণ ল’ব  পাৰে , তৃতীয় ব্যক্তিৰ লগত স্বাভাৱিক চুক্তি কৰিব পাৰে আদালতত গোচৰ তৰিব পাৰে    ।

৪। প্ৰশ্ন :  যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ মাজত থকা নাবালকৰ মৰ্যাদা তুলনা কৰা  ।

উত্তৰ :- যৌথ হিন্দু পাৰিবাৰিক ব্যৱসায়ত জন্মসূত্ৰে সদস্য হযে গতিকে নাবালক এজনো ব্যৱসায়ৰ সদস্য হ’ব পাৰে  । আনহাতে অংশীদাৰী ব্যৱসায়ত যিহেতু আইনগত চুক্তি অনুসৰি হয় আৰু নাবালকৰ আইনগত বৈধ চুক্তি কৰিবলৈ যোগ্যতা নাই সেয়ে নাবালক অংশীদাৰী ব্যৱসায়ৰ অংশীদাৰ হ’ব নোৱাৰে কিন্তু নাবালক অংশীদাৰী ব্যৱসায়ত লাভ ভোগ কৰিবৰ বাবে ভৰ্তি কৰা হয় আন অংশীদাৰ সকলৰ পাৰস্পৰিক মত সাপেক্ষে  । এই ক্ষেত্ৰত নাবালকৰ দেনা দায়িত্ব সীমিত থাকিব । নাবালকে ব্যৱসায়ৰ লাভত অংশ গ্ৰহণ কৰিব পাৰে কিন্তু লোকচান বহন নকৰে  ।

৫। প্ৰশ্ন : যদিও অংশীদাৰী ব্যৱসায়ৰ পঞ্জীভূক্তকৰন ঐচ্ছিক তথাপিও অংশীদাৰী ব্যৱসায় আইনৰ নিয়ম কানুনৰ দ্বাৰা কিয় পঞ্জীভূক্ত কৰা ব্যখ্যা কৰা  ।

উত্তৰ :- অংশীদাৰী ব্যৱসায় পঞ্জীভূকৰণ ঐচ্ছিক যদিও আইনৰ দ্বাৰা পঞ্জীভূক্ত কৰিলে তলত উল্লেখ কৰা সুবিধা সমূহ ভোগ কৰিব পাৰে  । 

(ক) প্ৰতিষ্ঠানৰ প্ৰতি :- পঞ্জীভূক্ত কোনো প্ৰতিষ্ঠানে ইয়াৰ অধিকাৰ সব্যস্ত কৰিবলৈ তৃতীয় পক্ষৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে  ।

(খ) অংশীদাৰৰ প্ৰতি :- অংশীদাৰ সকলে তেওঁলোকৰ মাজত বিবাদ সৃষ্টি হ’লে নিষ্পত্তিৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে  । সেইদৰে তৃতীয় পক্ষৰ পৰা ৰাওনা আদায় কৰাৰ ক্ষেত্ৰতো আদালতৰ ওচৰ চাপিব পাৰে  ।

(গ) নৱাগত আৰু বিদায়ী অংশীদাৰৰ প্ৰতি :- পঞ্জীভূক্ত প্ৰতিষ্ঠানৰ নৱাগত অংশীদাৰে তেওঁৰ অধিকাৰৰ বাবে আৰু একেদৰে বিদায়ী অংশীদাৰৰ ক্ষেত্ৰতো অৱসৰজনিত  সুবিধা লাভৰ বাবে উচিত বিবেচনা আশা কৰিব পাৰে । বিদায়ী অংশীদাৰ অৱসৰত ৰাজহুৱা জাননী প্ৰকাশ নোপোৱালৈকে অংশীদাৰ এজন দায়বদ্ধ হয় । মৃত্যু জনিত কাৰণত অংশীদাৰৰ উত্তৰাধিকাৰী কিন্তু দেনাৰ পৰা দায়মুক্ত নহয়  ।

৬ । প্ৰশ্ন : প্ৰাইভেট কোম্পানীয়ে পোৱা কিছুমান বিশেষ অধিকাৰ বৰ্ণনা কৰা  ।

উত্তৰ :- প্ৰাইভেট কোম্পানীয়ে পোৱা কিছুমান বিশেষ অধিকাৰ সমূহ হ’ল – 

(ক) প্ৰাইভেট কোম্পানী গঠন কৰিবলৈ দুজন ব্যক্তি হ’লেই হয় কিন্তু পাব্লিক কোম্পানীৰ ক্ষেত্ৰত সাত জন ব্যক্তি লাগিব  ।

(খ)  প্ৰাইভেট কোম্পানীয়ে ৰাইজৰ মাজত অনুষ্ঠান পত্ৰ বিক্ৰী কৰিব নালাগে কিয়নো প্ৰাইভেট কোম্পানীৰ মূলধনত অংশ গ্ৰহণ কৰিবৰ বাবে ৰাইজক আমন্ত্ৰণ নজনায়  ।

(গ)  সৰ্বনিম্ন মূলধানৰ বৰঙণি নোপোৱাকৈ অংশ পত্ৰত আৱন্টন কৰিব পাৰে  ।

(ঘ)   যেতিয়াই কোম্পানীয়ে নিবন্ধৰ প্ৰমাণ পত্ৰ পায় প্ৰাইভেট কোম্পানীয়ে ব্যৱসায় আৰম্ভ কৰিব পাৰে , কিন্তু পাব্লিক কোম্পানীযে নিবন্ধৰ প্ৰমাণ পত্ৰ পোৱাৰ উপৰিও ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আৰম্ভণি প্ৰমাণ পত্ৰ পাব লাগিব  ।

(ঙ)  প্ৰাইভেট কোম্পানীৰ ক্ষেত্ৰত দুজন সঞ্চালক হ’লেও হয় কিন্তু পাব্লিক কোম্পানীত সৰ্বনিম্ন তিনিজন সঞ্চালক থাকিব লাগিব  ।

(চ)  প্ৰাইভেট কোম্পানীয়ে সভ্যসকলৰ সুচাঙক ৰখাৰ প্ৰয়োজন নাই কিন্তু পাব্লিক কোম্পানীয়ে ৰখাৰ প্ৰয়োজন আছে  ।

(ছ)  প্ৰাইভেট কোম্পানীত সঞ্চালক সকলক ঋণ দানৰ পৰিমাণৰ কোনো বাধা আৰোপ কৰা নাই  । সেই কাৰণে ঋণদানৰ বাবে চৰকাৰৰ পৰা কোনো অনুমতি ল’ব নালাগে । কিন্তু পাব্লিক কোম্পানীৰ অনুমতিৰ প্ৰয়োজন । 

৭ । প্ৰশ্ন :  সমবায় সমিতিয়ে কেনেকৈ গণতন্ত্ৰ আৰু ধর্ম নিৰপেক্ষতাৰ উদাহৰণ দিয়ে ব্যখ্যা কৰা  । 

উত্তৰ :- গণতান্ত্ৰিক পৰিচালনা :- সমবায় সমিতি হৈছে এটা গণতান্ত্ৰিক সংগঠন কাৰণ সকলো সভ্যৰ সমান ভোটাধিকাৰ থাকে । আনহাতে সমিতিৰ নিয়ন্ত্ৰণ দায়িত্ব নিৰ্বাচিত প্ৰতিনিধিৰ ওপৰত ন্যস্ত থাকে । সভ্যসকলৰ দ্বাৰা নিৰ্বাচিত কমিটিৰ পৰিচালনাৰ ব্যৱস্থাত কমিটিয়ে সভ্যৰ সাধাৰণ সভাত গৃহীত নীতি আৰু সিদ্ধান্ত কাৰ্যকৰী কৰে । এজন সভ্যৰ এটা ভোট এই নীতিয়ে সমবায় সমিতিৰ গণতান্ত্ৰিক পৰিচালনা আৰু নিয়ন্ত্ৰণ নিশ্চিত কৰে । 

মুক্ত সভ্যপদ :- সমবায় সভ্যপদ স্বেচ্ছা মূলক অৰ্থাৎ জাতি , ধৰ্ম,ভাষা,বৰ্ণ অথবা লিংগ নিৰ্বিশেষে ইয়াৰ সদস্য পদ লাভ কৰিব পাৰে । সমবায়ত কোনো ধৰ্মীয় বা ৰাজনৈতিক পক্ষপাতিত্ব নাথাকে আৰু সমবায় আদৰ্শেৰে ঐক্যবদ্ধ হ’ব খোজে সকলোৱে ইয়াৰ সভ্যপদ লাভ কৰিব পাৰে । সভ্যপদ মুক্ত হোৱা হেতুকে ইয়াত ধৰ্মনিৰপেক্ষ অটুট থাকে ।

৮। প্ৰশ্ন :  প্ৰমানিক অংশীদাৰ মানে কি বুজা  ? ব্যখ্যা কৰা ।

উত্তৰ  : যেতিয়া এজন ব্যক্তিয়ে তেওঁৰ ব্যৱহাৰ , চলাচল , অভিপ্ৰায়ৰে আনক ভাবিবলৈ বাধ্য কৰাই যে তেওঁ অংশীদাৰ ব্যৱহায়টোৰ অংশীদাৰ তেতিয়া তেনে অংশীদাৰক প্ৰমানিক অংশীদাৰ হিচাপে গণ্য কৰা হয় । প্ৰমানিক অংশীদাৰ ব্যৱসায়ত মূলধনত বৰঙণি নোযোগায় অথবা ব্যৱসায় পৰিচালনাত ভাগ নলয় কিন্তু তেওঁলোক তৃতীয় ব্যক্তিৰ দেনা পৰিশোধৰ বাবে দায়বদ্ধ ।

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী : 

১। প্ৰশ্ন :  ব্যক্তিগত মালিকীস্বত্ব প্ৰতিষ্ঠান বুলিলে কি বুজা  ? এই প্ৰতিষ্ঠানৰ সুবিধা অসুবিধা সমূহ ব্যখ্যা দিয়া  ।

উত্তৰ :- গাইগুটিয়া কাৰবাৰৰ অৰ্থ হৈছে একক ব্যক্তিৰ মালিকীস্বত্ব, পৰিচালনা আৰু নিয়ন্ত্ৰণৰ ব্যৱসায় সংগঠন ।  ব্যৱসায়ৰ মালিক হিচাপে অকল এজন ব্যক্তিয়ে ইয়াত কাৰবাৰ গঠন কৰে , মূলধন যোগান ধৰে আৰু কাজকাজ পৰিচালনা কৰে । তেওঁ লাভৰ সম্পূৰ্ণ নিজে ভোগ কৰে আৰু দেনৰ সম্পূৰ্ণ দায়িত্বও নিজে বহন কৰে  । J.L.Hansen  ৰ মতে ” ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় হৈছে এনে প্ৰকাৰৰ ব্যৱসায় য’ত এজন ব্যক্তিয়ে সম্পূৰ্ণ দায়িত্ব বহন কৰি মূলধন যোগান ধৰে , ব্যৱসায়ৰ বিপদশকা বহন কৰে আৰু পৰিচালনা কৰে ।

সুবিধাসমূহ :- 

(ক)  গঠন আৰু সমাপ্তিৰ সহজ প্ৰক্ৰিয়া :- ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে আইনৰ নূন্যতম অনুষ্ঠানিকতা সহ ব্যৱসায়ত অৱতীৰ্ণ হ’ব পৰাটো । ব্যৱসায় সংগঠনত আইনৰ নিয়ন্ত্ৰণ নিচেই কম সেইবাবে এই ব্যৱসায় আৰম্ভ কৰা আৰু সমাপ্ত কৰা অতি সহজ । যিকোনো ব্যক্তিয়ে ইচ্ছানুসৰি ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু বন্ধ কৰিব পাৰে । 

(খ)  খৰকীয়া  সিদ্ধান্ত গ্ৰহণ :- ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ত মালিকে ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ স্বাধীনতা পায় । তদুপৰি ব্যৱসায়িক সিদ্ধান্ত খৰতকীয়াকৈ ল’ব পাৰে । যিহেতু তেওঁ আনৰ লগত আলোচনা কৰাৰ আৱশ্যকতা নাই । সেইবাবে বজাৰৰ সুযোগ ,সুবিধা লোৱাত সহায়ক হয় ।

(গ) ব্যৱসায়ৰ তথ্যৰ গোপনিয়তা :- নিজাববীয়াকৈ ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ অধিকাৰ থকাৰ বাবে মালিকে সকলো ব্যৱসায়িক সম্পৰ্কীয় খবৰ গোপনিয়তা ভাবে ৰাখিব পাৰে  । ব্যক্তিগত ব্যৱসায়ৰ হিচাপ পত্ৰ প্ৰকাশৰ বাবে আইনৰ বাধ্যবাধকতা নাই  ।

(ঘ) পোনপটীয়া অনুপ্ৰেৰণা :- ব্যক্তিগত ব্যৱসায়ত ব্যৱসায়ীজনে তেওঁৰ সৰ্বশক্তি প্ৰয়োগ কৰি ব্যৱসায়ত লাভৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চেষ্টা চলায় কিয়নো তেওঁ জানে যে ব্যৱসায়ৰ পৰা হোৱা লাভ তেওঁ নিজেই ভোগ কৰিব । তেওঁ লাভৰ অংশ কাকো দিব নালাগে । ইয়ে ব্যৱসায়ীজনৰ কঠোৰ পৰিশ্ৰম কৰিবৰ বাবে অনুপ্ৰেৰণা যোগায়  ।

(ঙ) আত্মসন্তুষ্টি বোধ :-  জ্ঞানৰ দ্বাৰা পাৰিপুষ্ট হৈ ব্যৱসায়ৰ কৃতকাৰ্যতাৰ দায়িত্ব নিজে বহন কৰে আৰু নিজে সন্তোষ লভাৰ উপৰিও নিজৰ পৈণত অনুভবশক্তি বৃদ্ধি আৰু আত্ম বিশ্বাসৰ অক্ষৰতা আদিৰো বৃদ্ধিত অৰিহণা যোগায়  ।

অসুবিধা :- 

(ক) সীমিত সম্পদ :- ব্যক্তিগত ব্যৱহাঞিৰ সম্পদ সীমিত  । তেওঁৰ ব্যক্তিগত সঞ্চয় আৰু আনৰ পৰা ঋণ লৈ ব্যৱসায় কৰিব পাৰে । বেংকৰ অথবা আন বিত্তীয় প্ৰতিষ্ঠানে তেওঁক দীৰ্ঘকালীন ঋণ দিবলৈ ইতস্তত কৰিব পাৰে । সীমিত সম্পদৰ বাবেই ব্যক্তিগত ব্যৱসায়ৰ আয়তন বৃদ্ধি নাপায় আৰু ক্ষুদ্র অৱস্থাত থাকে । 

(খ) ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যকাল সীমিত :- আইনৰ চকুত ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ত মালিক আৰু প্ৰতিষ্ঠান একেই । মালিকৰ মৃত্যু, দেউলিয়া হোৱা অৱস্থাত বা বেমাৰৰ বাবে ব্যৱসায়ত প্ৰভাৱ পেলোৱাৰ উপৰিও ব্যৱসায় বন্ধ হ’ব পাৰে 

(গ) অপৰিসীম দেনা দায়িত্ব :- ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ৰ আটাইতকৈ ডাঙৰ অসুবিধা হ’ল মালিকৰ দেনা দায়িত্ব অপৰিসীম । যদি ব্যৱসায়ত লোকচান হয় তেতিয়া ধৰোৱা সকলৰ ঋণ পৰিশোধৰ বাবে ব্যৱসায়ৰ সম্পত্তিৰে কৰিব নোৱাৰিলে মালিকৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি হ’লেও ঋণ পৰিশোধ কৰিব লাগিব । এক ভুল সিদ্ধান্তৰ বাবে অথবা অজানিত কাৰণৰ বাবে ভিত্তিত সংকটৰ সৃষ্টি হ’ল। মালিকৰ গুৰুতৰ সমস্যা হিচাপে দেখা দিব পাৰে । 

(ঘ) পৰিচালনা সীমিত সামৰ্থ :- ব্যক্তিগত ভাবে মালিকে বিভিন্ন ধৰণৰ দায়িত্ব বহন কৰিব লাগিব । যেনে ক্ৰয়, বিক্ৰয় , বিত্ত ব্যৱস্থা ইত্যাদি । বিত্তীয় সম্পদ সীমিত হোৱা হেতু বিশেষ ব্যুত্পত্তি থকা মানুহ নিয়োগ কৰিব নোৱাৰে  । সেয়ে ব্যৱসায়িক সিদ্ধান্ত সকলো ক্ষেত্ৰতে সঠিক নহ’বও পাৰে । 

বৃহৎ মাথাৰ মিতব্যয়ীতাৰ অভাৱ – বৃহৎ মাত্ৰাত ক্ৰয় , পৰিবহন,বিজ্ঞাপন ইত্যাদি লাভ কৰা মিতব্যয়ীতা ব্যক্তিগত কাৰবাৰ নাথাকে ।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

২। প্ৰশ্ন :  কিছুমান ব্যক্তিয়ে কিয় অংশীদাৰী ব্যৱসায় সম্পৰ্কে আজনপ্ৰিয় মালিকীস্বত্ব ব্যৱসায় হিচাপে বিবেচনা কৰে  ? অংশীদাৰী ব্যৱসায়ৰ সুবিধা আৰু সীমাবদ্ধতা বা অসুবিধা সমূহৰ ব্যখ্যা কৰা ।

উত্তৰ :- অংশীদাৰ ব্যৱসায়ৰ সুবিধা সমূহ হ’ল – 

(ক)  সহজ গঠন আৰু সমাপ্তি :- অংশীদাৰী ব্যৱসায়ও চুক্তি পত্ৰৰ জৰিয়তে ইচ্ছুক অংশীদাৰ সকলে কোনো নিৰ্দিষ্ট ঠাইত বিপদৰ আকাংকা নিজৰ ভিতৰত ভাগ – বতোৱাৰা কৰি লৈ অতি সহজে প্ৰতিষ্ঠা কৰিব পাৰে । অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পঞ্জীভূক্তকৰনৰ বাধ্যবাধকতা সীমিত । বিলুপ্তিকৰণৰ প্ৰক্ৰিয়াও অতি সহজ আৰু সীমিত ।

(খ) অধিক পুঁজিৰ বৰঙণি :- অংশীদাৰী ব্যৱসায়ত অংশীদাৰ সকলে নিজৰ সামৰ্থ অনুযায়ী অধিক মূলধন বৰঙণি দি আৰম্ভ কৰিব পাৰে যাৰ বাবে ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়ৰ তুলনাত অধিক মূলধন সংগ্ৰহৰ সুবিধা হয় আৰু প্ৰয়োজন সাপেক্ষে অতিৰিক্ত ব্যৱসায়ৰ কাম – কাজ গ্ৰহনত সুবিধা হয় । 

(গ) সণ্ডলীত সিদ্ধান্ত গ্ৰহণত সুবিধা :- অংশীদাৰী ব্যৱসায়ত পৰিচালনাৰ বোজা বিভিন্ন জনৰ হাতত ন্যস্ত থকাৰ পৰিপেক্ষতত ব্যৱসায়িক সিদ্ধান্তত ভুল ক্ৰুটিৰ মাত্ৰা কম হোৱাত সণ্ডলিত সিদ্ধান্ত লোৱাত সুবিধা হয় ।

(ঘ) বিপদাংশকাৰ ভাগিদাৰ :- অংশীদাৰী ব্যৱস্থা বিপদাংশকা অংশীদাৰী সমূহৰ মাজত সমানে ভাগ হোৱাৰ ফলত অংশীদাৰ সকলৰ বোজা ,  হেঁচা ,অস্থিৰতা আদি কম হোৱা দেখা যায় ।

(ঙ) গোপনিয়তা :- অংশীদাৰী ব্যৱসায়ত কাম কাজৰ খতিয়ান খবৰ আদি গোপনে ৰাখিব পাৰে যাৰ বাবে অংশীদাৰী ব্যৱসায়ত আইনগত ভাবে প্ৰতিবেদন দাখিল কৰা বাধ্য বাধকতা নহয় আৰু ই এটা উৎকণ্ঠা, সুবিধা হিচাপে পৰিগণিত হয় ।

অসুবিধা সমূহ বা সীমাবদ্ধতা :- অংশীদাৰী ব্যৱসায়ত অসুবিধা সমূহ বা সীমাবদ্ধতা তলত চমুকৈ উল্লেখ কৰা হ’ল  ।

(ক) সীমিত সম্পদ :- অংশীদাৰী ব্যৱসায়ত সদস্য পদৰসংখ্যা সীমিত । সাধাৰণ ব্যৱসায়ত সৰ্ব্বোচ্চ ২০ জন আৰু বেংকৰ ব্যৱসায়ত ১০ জন ।   অংশীদাৰ সকলৰ বৰঙণিৰে মূলধনত যি বিনিয়োগ হয় সেইয়া বিশেষকৈ ডাঙৰ ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট নহয় ফলত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে সমস্যাৰ সন্মুখীন হোৱা দেখা যায়  ।

(খ) অপৰিসীম দেনা দায়িত্ব :- অংশীদাৰ সকলে নিজৰ ব্যক্তিগত সম্পত্তি বিক্ৰী কৰি হ’লেও দেনা পৰিশোধ কৰিব লাগে যদিহে ব্যৱসায়ৰ সম্পত্তিৰে পৰিশোধ কৰিবৰ বাবে অপাৰগ হয় । অংশীদাৰ সকলৰ দেনা দায়িত্ব ব্যক্তিগত তথা যৌথভাৱে অধিক হোৱাৰ পৰিপেক্ষিতত বেছি সম্পত্তিবান অংশীদাৰৰ বাবে কিছু প্ৰতিবদ্ধকতাৰ সৃষ্টি হোৱা দেখা যায় ।

(গ) ধাৰাবাহিক অভাৱ :- অংশীদাৰৰ মৃত্যু, অৱসৰ ,দেউলিয়া বাতুলতা আদি সৃষ্টি অংশীদাৰী ব্যৱসায় বদ্ধ হৈ যাব পাৰে  ।  ফলত ব্যৱসায়িক ধাৰাবাসিক্তৰ অভাৱ পৰিলক্ষিত হয় । তথাপি অৱশিষ্ট অংশীদাৰসকলে পুনৰ নতুন চুক্তি তৈয়াৰ কৰি ব্যৱসায় চলাই যাব পাৰে  ।

(ঘ) বিবাদৰ সম্ভাৱনা :- অংশীদাৰী ব্যৱসায়িক সিদ্ধান্ত ভগাই লোৱা হয় যাৰ বাবে কিছু ক্ষেত্ৰত মতৰ অমিল হোৱা দেখা যায়  । তাৰোপৰি যিহেতু এক বা ততোধিক ব্যক্তিৰ সহায়ত অংশীদাৰী ব্যৱসায় আৰম্ভ হয় ফলস্বৰূপে এজন অংশীদাৰী সিদ্ধান্তত আন সকলো বান্ধ খাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । তদুপৰি অংশীদাৰী ব্যৱসায়ত অংশীদাৰৰ মালিকীস্বত্ব হস্তান্তৰ আইনগত বাধা আৰোপ কৰাৰ ফলত বিত্তীয় ঘাটি হোৱাৰ আশংকা আহি পৰে  ।

(ঙ) ৰাইজৰ  বিশ্বাস ভাজনৰ অভাৱ :- অংশীদাৰী ব্যৱসায়ত বিত্তীয় খতিয়ান ৰাইজৰ আগত দাঙি ধৰা বাধ্যবাধকতা নহয় । ফলস্বৰূপে সাধাৰণ জনতাই প্ৰতিষ্ঠানৰ বিত্তীয় পৰিস্থিতি সহজে অনুমান কৰিব নোৱাৰে আৰু ৰাইজৰ বিশ্বাস ভাজনৰ পৰা বঞ্চিত হোৱা দেখা যায়  ।

৩। প্ৰশ্ন : সঠিক ব্যৱসায় সংগঠনৰ বাচনিক কিয় গুৰুত্ব দিয়া হয়  ? কি কি কাৰক সমূহে ব্যৱসায় সংগঠনৰ বাছনি নিৰ্ধাৰণ কৰে আলোচনা কৰা  ।

উত্তৰ :- কোনো ব্যৱসায় আৰম্ভ কৰিবৰ বাবে অতিশয় প্ৰয়োজনীয় কথাটো হ’ল পৰিকল্পনাঃ ব্যৱসায় সংগঠন সমূহক বিভিন্ন প্ৰকাৰে তলত উল্লেখ কৰাৰ দৰে ভাগ কৰিব পাৰে যেনে  – 

(ক)  ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় 

(খ)  অংশীদাৰী ব্যৱসায় 

(গ)   হিন্দু যৌথ পৰিয়াল ব্যৱসায় 

(ঘ)  সমবায় সমিতি 

(ঙ)  যৌথ মূলধনী ব্যৱসায় ।

প্ৰত্যেক ব্যৱসায় সংগঠন সমূহৰ সুবিধা অসুবিধা সমূহ বিচাৰ কৰি নিজৰ ৰায়োজ  সাপেক্ষে এটা ব্যৱসায় আৰম্ভ বা সম্প্ৰসাৰণ কৰা হয় । প্ৰতিটো ব্যৱসায় সংগঠনৰ কিছুমান সুবিধা আৰু কিছুমান অসুবিধা থকা দেয়া যায় । গতিকে এক নিৰ্দিষ্ট বিবেচনাৰ ওপৰত ভিত্তি কৰি তুলনামূলক সম্প্ৰৰীক্ষাৰ অন্তত সঠিকভাৱে ব্যৱসায় সংগঠন বাছনি কৰি উলিওৱা টো বাঞ্চনীয় ।

ব্যৱসায় সংগঠনৰ বাছনি নিৰ্ধাৰণৰ কৰক সমূহ তলত চমুকৈ আলোচনা কৰা হ’ল – 

(ক)  কম খৰচত আৰু সহজতে প্ৰতিষ্ঠা কৰিব পৰা :- ব্যৱসায় সংগঠন সমূহৰ বৈশিষ্ট্য সমূহ পৰীক্ষা কৰিলে দেখা যায় যে কম খৰচত আৰু সহজে প্ৰতিষ্ঠা কৰিব পৰা ব্যৱসায় সংগঠন হ’ল ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়  । ইয়াত প্ৰাৰম্ভিক খৰচ আৰু   আইনৰ নিয়ম কানুনৰ মাত্ৰা অতিশয় কম । কিন্তু ব্যৱসায়ৰ পৰিধিত সীমিত । অংশীদাৰী ব্যৱসায়। গঠনত প্ৰক্ৰিয়া সহজ । আনহাতে কোম্পানী ব্যৱসায়ৰ সংগঠন গঠন কৰা জটিল আৰু খৰচৰ মাত্ৰাও অধিক । 

(খ) দেনা দায়িত্ব :- দেনা দায়িত্ব এক বিচাৰষকৰ  কাৰক  । ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায়ত দেনা পৰিশোধৰ বাবে তেওঁলোকৰ ব্যক্তিগত সম্পত্তি সুৰক্ষিত নহয় । অৰ্থাৎ দেনা দায়িত্ব অপৰিসীম । যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায়ত কেৱল কৰ্তাৰহে অপৰিসীম দেনা দায়িত্ব । আনহাতে দি সমবায় সমিতি আৰু কোম্পানী ব্যৱসায়ত সদস্যসকলৰ দেনা দায়িত্ব সীমিত । কোম্পানীৰ ক্ষেত্ৰত পাওনাদাৰ সকলে কোম্পানীৰ সম্পত্তিৰ ওপৰত হে তেওঁলোকৰ দাবী সব্যস্ত কৰিব পাৰে । গতিকে বিনিয়োগকাৰীৰ দৃষ্টি ভংগীত কোম্পানী ব্যৱসায় সংগঠনেই অতি গ্ৰহণযোগ্য , এই ব্যৱসায়ত বিনিয়োগ কাৰীৰ বিপদাশংকা কম । 

(গ) ধাৰাবাহিকতা :- ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায়ত মালিকসকলৰ মৃত্যু , দেউলিয়া , অৱস্থা ,বাতুলতা আদি কাৰকে  প্ৰভাৱ পেলায় । অৰ্থাৎB যেভায় বান্ধ হোৱাৰ পৰিস্থিতি আহি পৰে । কিন্তু এই কাৰক সমূহে যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় , সমবায় সমিতি আৰু কোম্পানী ব্যৱসায়ত কোনো প্ৰভাৱ পেলাব নোৱাৰে । ধাৰাবাহিকতা দৃষ্টিত কোম্পানী ব্যবগায় অতি উত্তম  ।

(গ) ব্যৱসায়ৰ প্ৰকৃতি :- যদি ব্যৱসায়ত গ্ৰাহক সকলৰ লগত ব্যক্তিগত সম্পৰ্ক স্থাপনৰ আৱশ্যক হয় তেন্তে ব্যক্তিৰ মালিকীস্বত্ব ব্যৱসায় অতি উত্তম । কিন্তু বৃহৎ বস্তুৰ উৎপাদন কাৰী প্ৰতিষ্ঠানত কোম্পানী সংগঠন বেছি গ্ৰহণযোগ্য সেৱাৰ ক্ষেত্ৰত কোম্পানী ব্যৱসায় অতি উত্তম ।

(ঘ) ব্যৱস্থাপনাৰ সামৰ্থতা :- ব্যৱস্থাপনাৰ সামৰ্থতা ভিত্তিত দেখা যায় যে কোম্পানী ব্যৱসায় মালিকীস্বত্ব বা অংশীদাৰী ব্যৱহায়তকৈ আদি সুবিধাদায়ক যিহেতু কৰ্মৰ বিভক্তকৰণৰ বাবেবিশেষজ্ঞ সকলক নিৰ্দিষ্ট কৰ্মত নিয়োজিত কৰা হয় । ফলত ব্যৱসায়িক সিদ্ধান্ত নিখুঁত হয় ।

(ঙ) মূলধনৰ বিবেচনা :- মূলধনৰ বিবেচনাৰ ক্ষেত্ৰত আটাইতকৈ সুবিধা জনক স্থিতিৰ কোম্পানীৰ ব্যৱসায় । কোম্পানী ব্যৱসায়ত বৃহৎ পৰিমাণৰ মূলধন সংগ্ৰহ কৰিবৰ বাবে অংশপত্ৰচহ বিনিয়োগকাৰী সকলৰ ওপৰত বিলাই কৰা হয় । তদুপৰি ব্যৱসায়ৰ প্ৰসাৰতা আৰু সম্প্ৰসাৰণৰ দিশৰ পৰা বিবেচনা কৰিলে কোম্পানী ব্যৱসায় সংগঠন ভাল কিয়নো সম্প্ৰসাৰণত বিনিয়োগৰ বাবে প্ৰয়োজনীয় মূলধন সংগ্ৰহ কৰিব পাৰে  ।

(চ) নিয়ন্ত্ৰণৰ মাত্ৰা :- যদি ব্যৱসায় সংগঠনত মালিক সকলে নিয়ন্ত্ৰণ ভগাই লোৱাত আপত্তি কৰে তেন্তে অংশীদাৰী ব্যৱসায় বা কোম্পানী ব্যৱসায় বেছি গ্ৰহণযোগ্য । আকৌ যদি ব্যৱসায়ৰ কাৰ্যৱলীৰ ওপৰত পোনপটীয়া নিয়ন্ত্ৰণৰ আৱশ্যক হয় আৰু ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ পূৰ্ণ ক্ষমতা প্ৰয়োজন হয় সেই ক্ষেত্ৰত ব্যক্তিগত মালিকীস্বত্ব ব্যৱসায়েই ভাল  ।

শেষত এটা সিদ্ধান্তত উপনীত হ’ব পাৰি যে উপৰোক্ত কাৰক সমূহ আন্তঃসম্পর্কীয় গতিকে ব্যবগায়ৰ বৈশিষ্ট্য সমূহ ভালদৰে চালি জাৰি চাই লৈহে সিদ্ধান্তত উপনীত হোৱা উচিত ।

৪। প্ৰশ্ন : সমবায় সমিতিৰ বৈশিষ্ট্য, সুবিধাসমূহ আৰু সীমাবদ্ধতা / অসুবিধাসমূহৰ আলোচনা কৰা । লগতে বিভিন্ন ধৰণৰ সমবায় সমিতি সমূহৰ চমু বৰ্ণনা দিয়া  ।

উত্তৰ :- সমবায় সমিতিৰ বৈশিষ্ট্য সমূহ চমুকৈ তলত উল্লেখ কৰা হ’ল-

(ক) স্বেচ্ছামূলক সদস্যপদ :- সমবায় সমিতিৰ সদস্যপদ স্বেচ্ছামূলক  সদস্যপদ গ্ৰহণ কৰা আৰু ত্যাগ কৰাৰ কোনো বাধ্যবাধকতা নাই ।

(খ) আইনগত মৰ্য্যদা :- সমবায় সমিতিৰ পঞ্জীভূক্তকৰ বাধ্যতামূলক । সেইবাবে আইনগত পৃথক সত্বা পায় আৰু সেই বাবে সদস্যসকল আৰু সমবায় সমিতি পৃথক হিচাপে বিবেচিত হয় । 

(গ) সীমিত দেনা দায়িত্ব :- সমবায় সমিতিৰ সদস্যসকলৰ দেনা দায়িত্ব সীমিত । তেওঁলোকৰ দেনা দায়িত্ব তেওঁলোকৰ গ্ৰহণ কৰা মূলধনলৈকেহে সীমিত ।

(ঘ) নিয়ন্ত্ৰণ :- সমবায় সমিতিত ব্যৱসায়িক সিদ্ধান্ত লোৱাৰ অধিকাৰ নিৰ্বাচিত পৰিচালনা কমিটিৰ ওপৰত । সদস্যসকলৰ ভোটাধিকাৰ থকাৰ বাবে চাৰিত্ৰিক গঠন গণতান্ত্ৰিক ।

(ঙ) সেৱাৰ মনোভাৱ :- সমবায় সমিতি সমূহীয়া পাৰস্পৰিক সহায় আৰু কল্যাণৰ মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ব্যৱসায়িক সংগঠন ।

সমবায় সমিতিৰ সুবিধাসমূহ – 

(ক) ভোটাধিকাৰ সম মৰ্যাদা :- সদস্যসকলৰ ভোটাৰ মূলমন্ত্ৰৰ ওপৰত সমবায় সমিতি নিয়ন্ত্ৰণ হয় । এজন সদস্যৰ মূলধনত বৰঙণিৰ পৰিমাণে বেছি হ’লে তেওঁ এটা ভোটাৰ হে সম অধিকাৰ পায় । 

(খ) সীমিত দেনা দায়িত্ব :- সমবায় সমিতিৰ সদস্যসকলৰ দেনা দায়িত্ব সীমিত অৰ্থাৎ তেওঁ মূলধনৰ বৰঙণি যোগোৱা পৰিমাণ লৈকেহে দায়বদ্ধ ।

(গ) স্থায়ী অস্তিত্ব :- সদস্যসকলৰ মৃত্যু, দেউলয়া অসুস্থ মস্তিষ্কৰ বাবে ব্যৱসায়ত কোনো প্ৰভাৱ পেলাব নোৱাৰে । 

(ঘ) চৰকাৰৰ পৃষ্ঠপোষকতা :- সমবায় সমিতি গণতন্ত্ৰৰ আধাৰত প্ৰতিষ্ঠিত বাবে চৰকাৰে পৃষ্ঠপোষকতা কৰি কম কমকৈ লয় , ৰেহাই দিয়ে আৰু ঋণৰ সুদ কম লয় ।

(ঙ) সহজ  গঠন :- সমবায় সমিতি সৰ্বনিম্ন দহ জন সদস্যৰে গঠন হয় । পঞ্জীভূক্তকৰনো সহজ / নামমাত্ৰ আইনৰ বিধিবিধানৰ আৱশ্যক ।

অসুবিধাসমূহ / সীমাবদ্ধতা :- 

(ক) সীমিত সম্পদ :- সমবায় সমিতিৰ সম্পদ সীমিত বাবে অধিক মূলধন সংগ্ৰহত বাধা আহি পৰে ।

(খ) পৰিচালনা দক্ষতাৰ অভাৱ :- সমবায় সমিতি সমূহত সাধাৰণতে পৰিচালনাত দক্ষতাৰ অভাৱ দেখা যায় কিয়নো বেছি দৰমহা বা পৰিশ্ৰমিক দি বিশেষজ্ঞ মেনেজাৰক আকৰ্ষণ কৰিব নোৱাৰে ।

(গ) চৰকাৰী নিয়ন্ত্ৰণ :- চৰকাৰী নিয়ন্ত্ৰণৰ দ্বাৰা সমবায় সমিতিৰ কাম কাৰ্যত হস্তক্ষেপ কৰাৰ ফলত সমবায় সমিতিৰ কাম কাজৰ স্বাধীনতা ।

(ঘ) গোপনিয়তাৰ অভাৱ :- ব্যৱসায়ৰ গোপনিয়তা ৰখা কৰা সমবায় সমিতিৰ পক্ষে টান কিয়নো সমিতিৰ সভাত সকলো কথা মুকলিকৈ আলোচনা হয় ।

(ঙ) মতভেদ :- সদস্যসকলৰ মতভেদৰ বাবে কল্যাণকামী সেৱাৰ মনোভাৱৰ বিপৰীতে ব্যক্তিগত স্বাৰ্থই অগ্ৰাধিকাৰ পায় ।

৫।প্ৰশ্ন : যৌথ হিন্দু পৰিয়ালৰ ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায়ৰ মাজত পাৰ্থক্য দেখুওৱা  ।

উত্তৰ :- যৌথ পৰিয়ালৰ ব্যৱসায় আৰু অংশীদাৰী ব্যৱসায়ৰ মাজত পাৰ্থক্য হ’ল –

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top