Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য and select needs one.

Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য Solutions for All Subject, You can practice these here.

ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য

Chapter : 1

(পাঠভিত্তিক প্ৰশ্নোত্তৰ )

১৷ তলৰ কোনটো ব্যৱসায়িক কাৰ্যৰ লক্ষণ নহয়  ?

(ক)  পণ্য আৰু সেৱাৰ উৎপাদন

(খ)  বিপদ শংকাৰ উপস্থিতি

(গ)  পণ্য আৰু সেৱাৰ বিক্ৰী বা বিনিময় 

(ঘ)  দৰমহা বা মজুৰি  ।

উত্তৰ : (ঘ)  দৰমহা বা মজুৰি  ।

২৷ তলৰ কোন শ্ৰেণীৰ উদ্যোগৰ ভিতৰত তেল শোধনাগাৰ আৰু চেনী কল অন্তৰ্ভুক্ত  ?

(ক)  প্ৰাথমিক 

(খ)   গৌণ

(গ)   সেৱামূলক 

(ঘ)   ইয়াৰ কোনোটোৱে নহয়  ।

উত্তৰ :  গৌণ  ।

৩৷ তলৰ কোনটো বেহা বেপাৰৰ আনুষংগিক কাৰ্য হিচাপে ভাগ কৰিব পৰা নাযায়  ?

(ক) খনি

(খ)  বিমাকৰণ 

(গ)  পন্যাগাৰ 

(ঘ) পৰিবহণ  ।

উত্তৰ :  (ক)  খনি  ।

৪৷ যি বৃত্তিত মানুহে আনৰ হকে কাম কৰে আৰু বিনিময়ত পৰিশ্ৰমিক লাভ কৰে তাক জনা যায় –

(ক)  ব্যৱসায় 

(খ)  নিয়োগ

(গ)  পেচা

(ঘ)  ইয়াৰ কোনোটোৱে নহয়  ।

উত্তৰ  :  (খ)  নিয়োগ 

৫৷ যিবোৰ উদ্যোগে আন উদ্যোগলৈ সহায়মুলক সেৱা আগবঢ়ায় সেইবোৰক জনা যায় – 

(ক)  প্ৰাথমিক উদ্যোগ

(খ)   গৌণ উদ্যোগ

(গ)   বাণিজ্যিক উদ্যোগ

(ঘ)  সেৱামূলক উদ্যোগ

উত্তৰ  :  (ঘ)  সেৱামূলক উদ্যোগ  ।

৬। তলৰ কোনটোক ব্যৱসায়ৰ উদ্দেশ্য হিচাপে শ্রেণীভুক্ত কৰিব পৰা নাযায়  ?

(ক)  বিনিয়োগ

(খ)  উৎপাদনশীলতা 

(গ)  উদ্ভাৱন

(ঘ)  লাভ উপাৰ্জন

উত্তৰ  :  (ক) বিনিয়োগ

৭৷এনে কাৰণত ব্যৱসায়িক বিপদশঙ্কা উদ্ভৱ নহ’ব পাৰে  –

(ক)  চৰকাৰী নীতিৰ পৰিৱৰ্তন

(খ)  সু – ব্যৱস্থাপনা

(গ)  কৰ্মচাৰী নীতিৰ পৰিৱৰ্তন

(ঘ)  বিজুলী সৰবৰাহৰ বিজুটি  ।

উত্তৰ  :  (খ) সু – ব্যৱস্থাপনা ।

চমু উত্তৰৰ প্ৰশ্নৱালী :

১৷ প্ৰশ্ন : বিভিন্ন প্ৰকাৰৰ আৰ্থিক কাম – কাজসমূহ উল্লেখ কৰা  ।

উত্তৰ :- মানুহে  জীৱিকা নিৰ্বাহৰ বাবে অৰ্থ – উপাৰ্জনৰ অভাৱ পূৰণ কৰিবলৈ যিবোৰ কাৰ্য সম্পাদন কৰে সেইবোৰ কাৰ্যই হৈছে আৰ্থিক কাৰ্য । ই সম্পদ সৃষ্টি আৰু লাভ অৰ্জনৰ লক্ষত জড়িত  । যেনে কষ্টকৰ কৃষি কাৰ্য , কাৰখানাত শ্ৰমিকৰ শ্ৰম কাৰ্য, শ্ৰেণীত শিক্ষকৰ পাঠদান কাৰ্য,চিকিৎসালয়ত চিকিৎসকৰ কাৰ্য ,উকিলৰ ওকালতি কাৰ্য ইত্যাদি কাৰ্য হৈছে জীৱিকা নিৰ্বাহৰ বাবে কৰা আৰ্থিক কাৰ্য  ।

২৷ প্ৰশ্ন : ব্যৱসায়ক কিয় আৰ্থিক কাৰ্য হিচাপে গণ্য কৰা হয়  ?

উত্তৰ :- ব্যৱসায়ক এক আৰ্থিক কাৰ্য হিচাপে বিবেচনা কৰা হয় কাৰণ ইয়াক অৰ্থ উপাৰ্জনৰ বা জীৱন ধাৰণৰ  উদ্দেশ্যে গ্ৰহণ কৰা হয়  ।ইয়াৰোপৰি ব্যৱসায় কাৰ্য সম্পদ সৃষ্টি আৰু লাভ অৰ্জনৰ উদ্দেশ্য আগত ৰাখি সম্পাদনা কৰা হয়  ।

৩। প্রশ্ন : ব্যৱসায়ৰ ধাৰণাটো ব্যখ্যা কৰা  ।

উত্তৰ :-  ব্যৱসায় শব্দটো ব্যস্ততা শব্দৰ পৰা উৎপত্তি হৈছে ।  ইয়াৰ অৰ্থ হ’ল কোনো কামত ব্যস্ত থকা  । অর্থাৎ ধন উপাৰ্জনৰ কাৰণে মানুহে কৰা যিকোনো ধাৰাবাহিক পেচা বা কাম -কাজকে ব্যৱসায় বোলে  ।  ইয়ে মানুহৰ অৱশ্যকতা পূৰণ কৰিবৰ বাবে বিক্ৰীৰ উদ্দেশ্যেৰে পণ্য উৎপাদন বা ক্ৰয় কৰা বা পণ্য বিনিময় কৰা বা সেৱা যোগান ধৰা কাৰ্য সমূহকো সামৰি লয়  ।

৪৷প্ৰশ্ন :  ব্যৱসায়িক কামকাজবোৰক তুমি কিদৰে শ্ৰেণী বিভাজন কৰিবা  ?

উত্তৰ :-  বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক কামকাজক প্ৰধানকৈ ২টা ভাগত ভাগ কৰিব পাৰি যেনে উদ্যোগ আৰু বাণিজ্য  ।  উদ্যোগ পানী সামগ্ৰী উৎপাদন আৰু কেঁচা সামগ্ৰীৰ প্ৰক্রিয়া কৰণৰ সৈতে জড়িত  ।  আনহাতে পণ্য আৰু সেৱাৰ বিনিময়ত সহায় আগবঢ়াবৰ বাবে প্ৰযোজনীয় কামকাজবোৰক বাণিজ্যৰ অন্তৰ্ভুক্ত  ।

উদ্যোগ :- ব্যৱসায়ৰ কেঁচাসমগ্ৰীৰ সংগ্ৰহ আৰু সেইবোৰৰ আকৃতিগত পৰিৱৰ্তনেৰে অথবা ক্ৰমোন্নয়নেৰে উৎপাদিত সামগ্ৰী সাজু কৰি উলিওৱা প্ৰক্ৰিয়াকে উদ্যোগ বোলে  । উদাহৰণ স্বৰূপে কপাহী সূতাৰ বয়ন কাৰ্যৰ পৰা কাপোৰ তৈয়াৰ কৰাতো এক উদ্যোগিক কাৰ্য  ।

বাণিজ্য :-  উৎপাদ স্থলীৰ পৰা পণ্য সামগ্ৰী ভুক্ততাৰ ওচৰ চপোৱাত যিবোৰ কাৰ্য সম্পাদন কৰা হয় সেইবোৰেই হৈছে বাণিজ্য  । বাণিজ্যই পণ্য সামগ্ৰীৰ ক্ৰয়- বিক্ৰয়ত উৎপাদনকাৰী আৰু ভোক্তাৰ মাজত পণ্য আৰু সেৱাৰ মুক্ত প্ৰবাহ সুচল কৰাৰ লগত জড়িত সকলো কাৰ্য সামৰি লয়  ।

৫।প্ৰশ্ন : বিভিন্ন প্ৰকাৰৰ উদ্যোগ সমূহ কি কি  ?

উত্তৰ :-  উদ্যোগ –

৬৷প্রশ্ন : এনে দুটা ব্যৱসায়িক কাম -কাজৰ ব্যাখ্যা কৰা যি বেহা -বেপাৰৰ আনুষংগিক কাৰ্য  ।

উত্তৰ :-  ব্যৱসায়ৰ দুটা আনুষংগিক কাৰ্য হ’ল –

(ক)  বেংক আৰু বিত্ত যোগান :- উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত স্বাভাৱিক দূৰত্বই বেহা-বেপাৰৰ প্ৰয়োজন অধিক কৰি তোলে  । উৎপাদন বিতৰণকাৰী  প্ৰতিষ্ঠানবোৰৰ সময়জনীত দূৰত আঁতৰাই কাম কাজ অবিৰত ভাৱে সম্পাদন কৰাত বৃত্তৰ যোগান অপৰিহাৰ্য হয়  ।বাণিজ্যিক বেংক বেহাবেপাৰৰ হ্ৰাস্বকালীন বিত্তীয় প্ৰয়োজন পূৰণ কৰে । ব্যৱসায় লৈ বেংকৰ নগদ ঋণ প্ৰদান ,অধিবিকৰ্ষৰ প্ৰদান ,বাট্টাত বিল ভাঙোৱা আদি উপায়েৰে বিত্ত যোগান ধৰাৰ উপৰি বৈদেশিক লেন দেনত চালান আদি প্ৰেৰণত সহায় উল্লেখযোগ্য  ।

(খ) বীমা :- পণ্য সামগ্ৰীৰ পৰিবহণ অথবা গোদামত মজুত ৰখা অৱস্থাত অগ্নিকাণ্ড ,চুৰি,ডকাইতি ,পথ দুৰ্ঘটনা আদি কাৰণত বিপাদংশাৰ সৃষ্টি হয় । বীমা কোম্পানীৰ বৈশিষ্ট্য পূৰ্ণ কাৰ্য হৈছে বীমা চুক্তি মতে কিস্তি ধন লাভ কৰাৰ বিনিময়ত বিমাকৃত সামগ্ৰীৰ ক্ষয় হ’লে ক্ষতিপূৰণ আদায় দিয়া ব্যৱসায়ি সকললৈ বীমা কোম্পানীৰ এনে সেৱাই বেহা বেপাৰৰ উন্নতিলৈ বহুতো বৰঙনি যোগান  ।

৭৷ প্ৰশ্ন :  ব্যৱসায়ত লাভৰ ভূমিকা কি  ?

উত্তৰ :-  ব্যৱসায়ত লাভৰ ভূমিকা অপৰিসীম কিয়নো ব্যৱসায় প্ৰতিষ্ঠান এটাই অস্তিত্ব বজাই ৰাখিবলৈ , সাম্প্ৰসাৰণ কৰিবলৈ বা পৃথকীকৰণ কৰিবলৈ হ’লে অর্জন কৰিবৈ লাগিব ।ইয়াৰোপৰি ব্যৱসায়ৰ বিভিন্ন অনিশ্চিয়তা যেনে -মুদ্ৰাৰ বজাৰৰ উত্থান-পতন,ভোক্তাৰ চাহিদা আৰু ৰুচিৰ পৰিবৰ্তন,ব্যৱসায় চক্ৰৰ কুফল আদিৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ সন্মুখীন হ’বলৈ প্ৰত্যেক ব্যৱসায় গোট অৰ্থনৈতিক ভাৱে সফল হ’ব লাগি লাগে ।এইবোৰৰ উপৰি বিনিয়োগকাৰীলৈ উপযুক্ত প্ৰত্যাৰ্পন নিশ্চিত কৰা,শ্ৰমিক -কৰ্মচাৰী লৈ সন্তোষজনক  মজুৰি আৰু দৰমহা প্ৰদান কৰা,উদ্যোগীৰ বাবে সুবিধা লাভ কৰা আদি কাৰণতো লাভৰ পৰিমান সন্তোষজনক হোৱা উচিত  ।

৮। প্ৰশ্ন :  ব্যৱসায়িক বিপাদংশকা  কি ? ইয়াৰ প্ৰকৃতি কেনেকুৱা ?

উত্তৰ :-  ব্যৱসায়িক বিপদাংশকা হৈছে ভোক্তাৰ ৰুচি -অভিৰুচি আৰু পছন্দৰ পৰিবৰ্তনৰ বাবে বা চাহিদাৰ পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা এক ব্যৱসায়িক প্ৰতিকূল অৱস্তা বা অবাঞ্চিত পৰিঘটনা  ।

ইয়াৰ প্ৰকৃতি হ’ল-

(ক)  ব্যৱসায়িক বিপদাংশকা অনিশ্চয়তাৰ ফলত উদ্ভৱ হয় ।ব্যৱসায় প্ৰতিষ্ঠানত ভৱিষ্যতত কি ঘটিব পাৰে সেই সম্বন্ধে জ্ঞানৰ অভাৱ হোৱাকে অনিশ্চয়তা বোলা হয়  । প্ৰাকৃতিক দুৰ্যোগ, চাহিদা আৰু মূল্যৰ পৰিবৰ্তন ,চৰকাৰী নীতিৰ পৰিবৰ্তন ,প্ৰযুক্তিবিদ্যাৰ উন্নতিকৰণ ইত্যাদি কিছুমান অনিশ্চিয়ভাৱে বিপাদংশকাৰ সৃষ্টি কৰে , কাৰণ  এনেবোৰ ঘটনাৰ সৃষ্টি আগতীয়াকৈ জানিব পাৰি  ।

(খ)  বিপাদংশকা প্রতিটো ব্যৱসায়ৰে অপৰিহাৰ্য অংগ :-  প্ৰতিটো ব্যৱসায়তে বিপাদংশকা বিদ্যমান । ব্যৱসায় ভেদে বিপাদংশকাৰ পৰিমাণ বেলেগ বেলেগ হলেও কোনো ব্যৱসায়ে বিপদাংশকা এৰাই চলিব নোৱাৰে  ।

(গ) বিপদাংশকাৰ মাত্ৰা ব্যৱসায়ৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল :-  বিপদাংশকাৰ মাত্ৰা ব্যৱসায়ৰ প্ৰকৃতি আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰে । যেনে চৌখিন সামগ্ৰীৰ সৈতে জৰিত ব্যৱসায়ৰ বিপদাংশকাৰ মাত্ৰা বেছি । সেইদৰে ক্ষুদ্র আকাৰৰ ব্যৱসায়ৰ তুলনাত বৃহৎ আকাৰৰ ব্যৱসায়ত বিপদাংশকাৰ মাত্ৰা বেছি  ।

(ঘ) লাভ বিপদাংশকা বহনৰ পুৰস্কাৰ :-  ব্যৱসায়ত বিপদাংশকাৰ পৰিমাণ যিমান বেছি ,লাভ অৰ্জনৰ সুযোগ সিমানেই বেছি । উদ্যোগীয়ে অধিক লাভ অর্জনৰ আশাত বিপদাংশকা গ্ৰহণ কৰে  । গতিকে লাভ হ’ল বিপাদংশকা গ্ৰহণৰ পুৰস্কাৰ  ।

দীঘলীয়া উত্তৰৰ প্ৰশ্নৱালী :

১। প্ৰশ্ন :  ব্যৱসায়ৰ বৈশিষ্ট্য সমূহ ব্যাখ্যা কৰা  ।

উত্তৰ :-  ব্যৱসায়ৰ বৈশিষ্ট্য সমূহ হ’ল –

(ক)  এক আৰ্থিক কাৰ্য :-  ব্যৱহায়ক এক আৰ্থিক কাৰ্য হিচাপে বিবেচনা কৰা হয় কাৰণ ইয়াক অৰ্থ উপাৰ্জন বা জীৱন ধাৰণৰ উদ্দেশ্যে গ্ৰহণ কৰা হয়  ।

(খ)  পণ্য আৰু সেৱাৰ বিনিময় :-  ব্যৱসায় হৈছে পণ্য সামগ্ৰীৰ উৎপাদন আৰু সেৱাৰ বিনিময়ৰ লগত জড়িত কাৰ্য । বেহাবেপাৰ কৰা কাৰ্যই হওক ব্যৱসায়ত পণ্য আৰু সেৱাত বিনিময় ঘটোৱা হয়  ।

(গ)  লাভৰ অভিপ্ৰায় :-  লাভৰ অভিপ্ৰায় নথকা কোনো কাৰ্যই ব্যৱসায়ৰ অন্তৰ্ভুক্ত নহয় । ই ব্যৱসায়ৰ সক্ৰিয় আৰু প্ৰেৰণাদায়ক উপাদান । ব্যৱসায়ীয়ে কাৰ্য সম্পাদনৰ পৰা লাভ অর্জন লক্ষ্য স্থিৰ কৰে  । অৱশ্যে উক্ত লাভৰ পৰা অভিপ্ৰায়ে ব্যৱসায়ী সকলক ভোক্তাৰ শোষণ কৰাৰ অধিকাৰ প্ৰদান কৰে  ।

(ঘ) বিপদ আৰু নিশ্চয়তা :-  ব্যৱসায়িক কাম কাজ বিপদ অনিশ্চয়তাৰে ভৰা । সেয়েহে ব্যৱহায়ক এক সহসিকতাৰ কাৰ্য বুলি কোৱা হয় ।  ব্যৱসায়িয়ে  বিনিয়োগৰ দায়িত্ব গ্ৰহণ কৰি লাভৰ অভিপ্ৰায়েৰে ব্যৱসায় কৰোতে লোকচান উদ্ভৱ হ’লে তাৰ দায়িত্ব লোৱা,সেইদৰে চাহিদাৰ পৰিৱৰ্তন ঘটিলে দায়িত্ব স্বীকাৰ কৰাৰ আৱশ্যক হয়  । এনেদৰে ব্যৱসায়ীয়ে ভৱিষ্যতৰ অনিশ্চিত উপাদানবোৰ আগতীয়াকৈ অনুমান কৰিলে সম্ভাৱ্য লোকচানৰ মূৰ পাতি লৈ বিপদ  বহন কৰে  ।

(ঙ) বিত্ত আৰু মূলধন যোগান :- ক্ষুদ্র বা বৃহৎ যিকোনো আকাৰৰ ব্যৱসায়ৰ আৰম্ভণিতে আৰু পৰৱৰ্তী কালৰ প্ৰতিটো স্তৰতে বিত্ত বা মূলধন যোগান অপৰিহাৰ্য হয় । মূলধন অবিহনে ব্যৱসায়ৰ অস্তিত্ব কল্পনা কৰা নাযায়  । ব্যৱসায়ৰ প্ৰকৃতি ,আকাৰ ,উৎপাদনৰ পৰিমাণ আৰু পদ্ধতি আদি উপাদান বিবেচনা কৰি মূলধনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়  ।

(চ) ধাৰাবাহিকতা :-  ব্যৱসায়ৰ আন এটা বৈশিষ্ট্য হৈছে ইয়াৰ কাম কাজৰ ধাৰাবাহিকতা ৰক্ষা কৰা । এজন ব্যক্তিয়ে কোনো বস্তু এবাৰ উৎপাদন বা ক্ৰয় বিক্ৰয় কৰি লাভ অর্জন কৰাকে ব্যৱসায় বুলি কোৱা নহয়  । ক্ৰয় বিক্ৰয় নিয়মিত আৰু ধাৰাবাহিক ভাৱে সংঘটিত কৰা হ’লেহে ব্যৱসায় কৰা হয়  ।

(ছ)  উপযোগীতাৰ  সৃষ্টি :-  দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা গুনক উপযোগীতা বোলে । ব্যৱসায়ে অভাৱ পূৰণ কৰিবলৈ দ্ৰৱ্য উৎপাদন কৰে । উৎপাদনৰ অৰ্থ হৈছে কোনো কেঁচা সামগ্ৰীৰ আকৃতিগত পৰিৱৰ্তন কৰা । এই কাৰ্যই  আকাৰ গত উপযোগিতাৰ সৃষ্টি কৰে । সেইদৰে স্থান উপযোগিতা, সময় উপযোগিতা,দৰ উপযোগিতা আদিৰ সৃষ্টি কৰে  ।

(জ) গঠন :-  সংগঠনৰ অৰ্থ হৈছে ব্যৱসায়ৰ উদ্দেশ্য সাধন কৰিবলৈ সুবিধাজনক কিছুমান বিভাগৰ সৃষ্টি কৰি উপযুক্ত লোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰা । ইয়াত ব্যৱসায়ৰ সামগ্ৰীক কাম কাজৰ ভাগ কৰা হয় আৰু বিভাগবোৰৰ মাজত আৱশ্যকীয় সমন্বয় সাধন কৰি নিয়াৰীলৈ কাৰ্য সম্পাদনা ব্যৱস্থা কৰা হয়  ।

২। প্রশ্ন :  পেচা বা বৃত্তি আৰু নিয়োগৰ সৈতে ব্যৱসায়ক তুলনা কৰা  ।

উত্তৰ :-  পেচা বা বৃত্তি আৰু নিয়োগৰ সৈতে ব্যৱহায়ক তলত উল্লেখ কৰা ধৰণে তুলনা কৰিব পাৰি  ।

৩। প্ৰশ্ন :   উদাহৰণেৰে সৈতে বিভিন্ন প্ৰকাৰৰ উদ্যোগ সমূহ ব্যাখ্যা কৰা  ।

উত্তৰ :-  উদ্যোগক বহুলভাৱে তিনিটা ভাগত ভাগ কৰিব পাৰি  ।  যেনে  –  (ক) প্ৰাথমিক উদ্যোগ (খ)  গৌণ উদ্যোগ (গ) সেৱামূলক উদ্যোগ  ।

(ক) প্ৰাথমিক উদ্যোগ :-  প্ৰাকৃতিক সম্পদৰ ভিত্তিক প্ৰাথমিক উদ্যোগ প্ৰতিষ্ঠিত হয়  । উদ্যোগিকৰণৰ দুটা প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা শ্ৰেণীৰ উদ্যোগ প্ৰতিষ্ঠা কৰা হয়  ।

ইয়াৰ ভাগ দুটা – 

(i) উদ্ঘাটন মূলক উদ্যোগ :-  এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰা সম্পদ , যেনে মাটি পানী ,বায়ু আদিৰ ভিত্তিক প্ৰতিষ্ঠিত উদ্যোগ  ।মীন,খনিজ, চিকাৰ ,ফলমূলৰ উদ্যোগ হৈছে উদ্ঘাটনমূলক উদ্যোগৰ বৈশিষ্ট্য ।

(ii) বংশানুক্ৰমিক উদ্যোগ :-  গছ- গছনি,জীৱ -জন্তুৰ বংশ বৃদ্ধি আৰু পুনৰ উৎপাদনৰ উপযোগিতা সৃষ্টি কৰাই হৈছে এই শ্ৰেণীৰ উদ্যোগৰ বৈশিষ্ট্য । গৰু -গাহৰি ,হাঁহ -কুকুৰা আদিৰ কৃত্ৰিম প্ৰজননৰ উদ্যোগ ,গছ-গছনিৰ মূল আৰু অংকুৰৰ পৰা নাৰ্ছাৰী ,বনানিকৰণ আদিৰ উদ্যোগ হৈছে বংশানুক্ৰমিক উদাহৰণ  ।

(খ) গৌণ উদ্যোগ :- উদঘাটনমূলক আৰু বংশানুক্ৰমিক উদ্যোগৰ সামগ্ৰীৰ আকৃতিক পৰিৱৰ্তনৰ জৰিয়তে অন্যান্য সামগ্ৰী উৎপাদন কৰাৰ লগত জড়িত উদ্যোগবোৰ হৈছে গৌণ উদ্যোগ  ।

গৌণ উদ্যোগমূলক দুই প্ৰকাৰৰ –

(a) নিৰ্মাণ উদ্যোগ :- এনে উদ্যোগবোৰ ঘৰ ,ৰাস্তা -ঘাট , দলং ,নলা,পাহাৰৰ সুৰংগ আদি নিৰ্মাণৰ সৈতে জড়িত । নিৰ্মাণ উদ্যোগত কাৰিকৰী আৰু স্থাপিত্য বিদ্যাৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ  ।

(b) পণ্য উৎপাদন কাৰী শিল্প উদ্যোগ :- এনে উদ্যোগবোৰ কেঁচা মালৰ প্ৰক্ৰিয়াকৰণৰ  দ্বাৰা দ্ৰব্য উৎপাদন আৰু তাৰ আকাৰ উপযোগিতা সৃষ্টিৰ সৈতে জড়িত । কেচামাল বা আংশিক ভাৱে বিভিন্ন প্ৰকাৰৰ ভোগ্য পূৰ্ণ সামগ্ৰীৰ সৃষ্টি কৰে  ।এই উদ্যোগবোৰক পুনৰ চাৰিটা ভাগত ভাগ কৰিব পাৰি –

(i) বিশ্লষণাত্মক শিল্প :- এই উদ্যোগ কেঁচা সামগ্রীক তন্ন তন্ন কৈ বিশ্লেষণ কৰে আৰু পৃথক কৰে । যেনে তেল শোধনাগাৰ  ।

(ii) যৌগিক শিল্প :- এনে উদ্যোগত এটা নিৰ্দিষ্ট দ্ৰৱ্য উৎপাদন কৰিবলৈ বহু কেইবিধ কেঁচা সামগ্ৰী সংশ্লেষণ কৰিবলগীয়া হয় । যেনে – চিমেন্ট, চাবোন ,সাৰ ,ঔষধ, প্রসাধন আদি শিল্প উদ্যোগ  ।

(iii) প্ৰক্ৰিয়ামূলক শিল্প :- ইয়াত কেচা সামগ্রীক পূৰ্ণ দ্ৰব্যৰ ৰূপ দিবলৈ কেইটিমান স্তৰৰ মাজেদি আগবঢ়াই নিয়া হয় । যেনে- চেনী,কাগজ,মৰাপাট ,কপাহ ইত্যাদি  ।

(iv) সংযোজিত শিল্প :- ইয়াত একোটা দ্ৰব্যৰ বিভিন্ন অংশ বিভিন্ন ঠাইৰ পৰা সংগ্রহ কৰি আনি সম্পূৰ্ণ দ্ৰব্যটো তৈয়াৰ কৰা হয় । যেনে – টেলিভিছন, গাড়ী-মটৰ ,কম্পিউটাৰ ইত্যাদি  ।

(গ) সেৱামূলক উদ্যোগ :- এই উদ্যোগবোৰ প্ৰাথমিক আৰু গৌণ উদ্যোগলৈ সহায়কাৰী সেৱা আগবঢ়োৱা তথা বেহাবেপাৰৰ কামকাজৰ লগত জড়িত থাকে ।এনে উদ্যোগে সেৱামূলক সা -সুবিধা আগবঢ়ায় । এনে উদ্যোগৰ ভিতৰত পৰিবহন সেৱা,বেংকিং ,বীমা কোম্পানী, পন্যাগৰ ,যোগাযোগ ,বিজ্ঞাপন ইত্যাদিক সামৰি লোৱা হয়।

Sl. No.সূচী-পত্ৰ
প্ৰথম খণ্ডব্যৱসায়ৰ বুনিয়াদ
Chapter 1ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য ।
Chapter 2ব্যৱসায় সংগঠনৰ প্ৰকাৰ ।
Chapter 3ব্যক্তিগত, ৰাজহুৱা আৰু গোলকীয় উদ্যোগসমূহ ।
Chapter 4ব্যৱসায় সেৱা ।
Chapter 5ব্যৱসায়ৰ নতুন নতুন ধৰণ ।
Chapter 6ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ ।
দ্বিতীয় খণ্ডকোম্পানী সংগঠন, বিত্ত আৰু বেহা-বেপাৰ
Chapter 7কোম্পানীৰ গঠন ।
Chapter 8ব্যৱসায় বিত্তৰ উৎসসমূহ ।
Chapter 9ক্ষুদ্ৰ ব্যৱসায় ।
Chapter 10আভ্যন্তৰীণ বেহা–বেপাৰ ।
Chapter 11আন্তৰ্জাতিক ব্যৱসায় – ১

৪। প্রশ্ন :  বাণিজ্যৰ সৈতে জড়িত কাম কাজ সমূহ বর্ণনা কৰা  ।

উত্তৰ :- বাণিজ্যত দুই প্ৰকাৰৰ কাৰ্য জড়িত হয় ।

(i) বেহাবেপাৰ :- প্ৰস্তুতকাৰী পণ্য সামগ্ৰী ভোক্তাৰ ওচৰ চপোৱা আৰু বিতৰণ কৰা,যোগান ধৰা কাৰ্যই হৈছে বেহাবেপাৰ ।এই কাৰ্যত মাধ্যস্থতাকাৰীয়ে পণ্য সামগ্ৰী ভোক্তাসকললৈ যোগান ধৰে । উৎপাদন ক্ষেত্ৰ আৰ উৎপানকাৰীৰ মাজুতত ভঁৰাল বা পনয়গাৰৰ পৰা পণ্য সংগ্রহ কৰি ভোক্তালৈ যোগান ধৰা এনেচাম মাধ্যস্থতাকাৰীৰ কাম-কাজৰ সমষ্টিকে বেহাবেপাৰ বোলা হয়  ।

(ii) বেহাবেপাৰৰ আনুষংগিক কাৰ্য :- বেহা বেপাৰ অনুশীলনত বিভিন্ন দিশৰ বাধা বিঘিনি আঁতৰাই পণ্য সামগ্ৰীৰ লেন-দেন সুচল কৰিবলৈ কিছুমান সহায়কাৰী বাণিজ্যিক সেৱা প্ৰতিষ্ঠনৰ আৱশ্যক হয় । এই সহায়ক বা আনুসংগিক বোৰৰ বৰঙণি সেৱা হিচাপে গণ্য কৰা হয়  ।

এই আনুষংগিক সেৱাবৰ হ’ল – 

(ক) পৰিবহন আৰু যোগাযোগ :- পৰিবহনে উৎপাদন স্থলীলৈ কেচামাল সঞ্চালন বা স্থানান্তৰ সম্ভৱ কৰি তোলে ।ইয়াৰ লগত যোগাযোগৰ সা-সুবিধাৰো আৱশ্যক যাতে উৎপানকাৰী ,বণীক আৰু ভোক্তা সকলে ইজনে আনজনৰ সৈতে তথ্যপাতিৰ বিনিময় কৰিব পাৰে । গতিকে ডাক সেৱা আৰু টেলিফোনৰ সেৱাকো ব্যৱসায়িক কামকাজৰ সহায়কাৰী হিচাপে গণ্য কৰিব পাৰি  ।

(খ) বেংকিং আৰু বিত্ত যোগান :-  উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত স্বাভাৱিক বেহাবেপাৰত বিত্তৰ প্ৰয়োজন অধিক কৰি তোলে । উৎপাদন বিতৰণ কাৰী প্ৰতিষ্ঠান বোৰৰ সময়জনীত দূৰত্ব আঁতৰাই কাম কাজ অবিৰতভাৱে সম্পাদনা কৰাত বিত্তৰ যোগান অপৰিহাৰ্য হয় । বিত্তৰ এই অপৰিহাৰ্যতা পূৰাবলৈ অন্যান্যৰ লগতে বাণিজ্যিক বেংকৰ অৱদান গুৰুত্বপূৰ্ণ । বাণিজ্যিক বেংকে বেহাবেপাৰ হ্ৰস্বকালীন বিত্তীয় প্ৰয়োজন পূৰণ কৰে । ব্যৱহায়লৈ বেংকৰ নগদ ঋণ প্ৰদান ,অধিকৰ্ষৰ সুবিধা প্ৰদান, বাট্টাত বিল ভঙুৱা আদি উপায়েৰে বিত্ত যোগান ধৰাৰ উপৰি বৈদেশিক লেন-দেনত চালান আদি প্ৰেৰণত সহায় কৰে  ।

(গ) বীমা :- পণ্য সামগ্ৰীৰ পৰিবহনত অথবা গুদামত মজুত ৰখা অৱস্থাত অগ্নিকাণ্ড ,চুৰি,ডকাইতি, পথ দুৰ্ঘটনা আদি কাৰণত বিপাদংশকাৰ সৃষ্টি হয় । বীমা কোম্পানীৰ বৈশিষ্ট্য পূৰ্ণ কাৰ্য হৈছে বীমাৰ চুক্তিমতে কিস্তি ধন লাভ কৰাৰ বিনিময়ত বীমাকৃত সামগ্ৰীৰ ক্ষতি হ’লে ক্ষতিপূৰণ আদায় দিয়া । ব্যৱসায়ী সকললৈ বীমা কোম্পানীৰ এনে সেৱাই বেহাবেপাৰৰ উন্নতিলৈ বহুতো বৰঙণি যোগায়  ।

(ঘ) পন্যাগৰ :- সাধাৰণতে উৎপাদনৰ পিছতো পণ্যসামগ্ৰীবোৰ বিক্ৰী বা ভোগ কৰা নহয় । সেইবোৰ যেতিয়াই প্ৰয়োজন উপলব্ধ কৰাৰ বাবে মজুত কৰি ৰখা হয় । লোকচান বা ক্ষতিৰ পৰা  সুৰক্ষা দিবলৈ পণ্য সমগ্ৰীবোৰ মজুত কৰাৰ বাবে বিশেষ ধৰণৰ ব্যৱস্থা ল’ব লাগে  ।পন্যাগাৰে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ সামগ্ৰী মজুত ৰখা সমস্যা দূৰ কৰে আৰু প্ৰয়োজন অনুসৰি পণ্যৰ প্ৰাপ্তিত সহায় কৰে । এনেদৰে পণ্যৰ ধাৰাবাহিক যোগানৰ মাধ্যমেৰে মূল্য যথাযত স্তৰত থকাটো সুনিশ্চিত কৰে  ।

(ঙ) বিজ্ঞাপন :- পণ্যৰ সম্পৰ্কে বিভিন্ন তথ্য যেনে সেইবোৰৰ গুণাগুণ ব্যৱস্থাৰ ,প্ৰাপ্তি স্থান ইত্যাদিৰ সৈতে ভোক্তাৰ বাবে আৱশ্যকীয় তথ্য । সেয়েহে বেহাবেপাৰত বিজ্ঞাপনৰ সেৱা উল্লেখযোগ্য বুলি বিবেচনা কৰা হয়  । 

৫। প্ৰশ্ন : ব্যৱসায়ত বহুমুখী উদ্দেশ্যৰ কিয় প্ৰয়োজন  ? এনে যিকোনো পাঁচটা উদ্দেশ্য ব্যাখ্যা কৰা  ।

উত্তৰ :- ব্যৱসায় প্ৰতিষ্ঠান এটাই  ইয়াৰ অস্তিত্ব বজাই ৰখা আৰু সমৃদ্ধিৰ কাৰণে বহুমুখী উদ্দেশ্যৰ প্ৰয়োজন হয় । ব্যৱসায় বহুতো আৱশ্যকতা আৰু লক্ষ্যৰ মাজত ভাৰসাম্য স্থাপন কাৰিব লাগে সেয়ে ইয়াৰ উদ্দেশ্যসমূহ বহুমুখী হোৱা আৱশ্যক । ইয়াৰ উপৰিও বিক্ৰীৰ পৰিমাণ নিৰূপণ ,সংগ্ৰহ কৰিবলগীয়া মূলধন নিৰূপণ তথা উৎপাদন কৰিবলগীয়া সামগ্ৰীৰ পৰিমাণ নিৰ্ধাৰণ ইত্যাদিৰ কাৰণেও ব্যৱসায়ৰ বহুমুখী উদ্দেশ্যৰ আৱশ্যক  ।

ব্যৱসায় বহুমুখীৰ উদ্দেশ্য সমূহ হ’ল-

(ক) বজাৰৰ স্থিতি :- বজাৰৰ স্থিতি বুলিলে প্ৰতিযোগী সকলৰ তুলনাত এটা প্ৰতিষ্ঠানৰ স্থিতি বা অৱস্থাৰ কথাকে বুজায় । ভোক্তালৈ প্ৰতিযোগিতা মূলক পণ্য আগবঢ়োৱা আৰু সন্তুষ্ট হ’ব পৰাকৈ সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত এটা ব্যৱসায় প্ৰতিষ্ঠানে ইয়াৰ স্থিতি শক্তিশালী কৰিবলৈ লক্ষ্য বান্ধি ল’ব লাগে  ।

(খ) উদ্ভাৱন :- চাহিদা অনুসৰি উন্নত পণ্য সামগ্ৰী যোগান ধৰিবলৈ শেহতীয়া আৰু নতুন নতুন উৎপাদন কৌশল অৱলম্বন কৰিব লাগে।বিজ্ঞাপন আৰু প্ৰযুক্তি বিদ্যাৰ আবিষ্কাৰ ন ন যন্ত্ৰপাতিৰ ব্যৱহাৰেৰে আধুনিক আৰু পৰিবৰ্তিত ৰুচিৰ দ্ৰব্য উৎপাদনৰ লক্ষ্য নিৰূপনেৰে অৰ্থনৈতিক উদ্দেশ্যৰে এই পৰ্যায় অতিক্ৰম কৰিব পাৰে  ।

(গ) লাভ উপাৰ্জন :- বিনিয়োগ কৰা মূলধনৰ ওপৰত লাভ উপাৰ্জন কৰাটো ব্যৱসায়ৰ এটা লক্ষ্য বা উদ্দেশ্য । লাভ উপাৰ্জনৰ যোগ্যতা বুলিলে মূলধনৰ বিনিয়োগৰ বিপৰীতে লাভ উপাৰ্জনৰ কথা বুজাই ।প্ৰত্যেক ব্যৱসায়ে যথাযথ পৰিমাণৰ লাভ উপাৰ্জন কৰিবই লাগিব কাৰণ ইয়াৰ অস্তিত্ব আৰু বিকাশৰ বাবে লাভ অতি গুৰুত্বপূৰ্ণ বিষয়  ।

(ঘ) ব্যৱস্থাপকৰ কৃতকাৰ্যতা আৰু বিকাশ :- ব্যৱসায়িক কাম কাজবোৰ পৰিচালনা আৰু সমন্বয় সাধনৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠানবোৰকা ব্যৱস্থাপকৰ আৱশ্যক । ব্যৱস্থাপক সকলৰ মনোবৃত্তি গঠনৰ বাবে বিভিন্ন কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা আৱশ্যক । ব্যৱস্থাপকৰ কৃতকাৰ্যতা আৰু বিকাশ এটা অতি গুৰুত্বপূৰ্ণ উদ্দেশ্য । প্ৰতিষ্ঠানবোৰে এই উদ্দেশ্য সক্ৰিয়ভাৱে কাম কৰিব লাগে  ।

(ঙ) সামাজিক দায়বদ্ধতা :- সামাজিক দায়বদ্ধতা বুলিলে সামাজিক সমস্যা সমাধান কৰা আৰু সামাজিক ভাৱে আকাংক্ষিক ধৰণে ব্যৱসায়িক প্ৰতিষ্ঠান বোৰ আগবঢ়োৱা বৰঙনিক বুজায়  ।

৬। প্রশ্ন  : ব্যৱসায়িক বিপাশঙ্কাৰ কাৰণসমূহ ব্যাখ্যা কৰা  ।

উত্তৰ :-  (ক) প্ৰাকৃতিক কাৰণ :-  প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী,ভূমিকম্প ,দূৰ্ভিক্ষ ,খৰাং আদি সমূহৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ নাথাকে । এইবোৰ মানুহৰ জীৱন ,সা- সম্পত্তি আৰু ব্যৱসায়ৰ উপাৰ্জনৰ গুৰুৰত ক্ষতি সাধন কৰে  ।

(খ) মানৱীয় কাৰণ :- মানৱীয় কাৰণৰ ভিতৰত অবাঞ্চিত ঘটনা যেনে অসাধুতা ,অসৱধানত বা কৰ্মচাৰীৰ অৱহেলা ,বিজুলী সংযোগ ব্যাহত হোৱাৰ ফলত কাম বন্ধ হোৱা ,ধৰ্মঘট ,উচ্ছঙ্খল পৰিস্থিতি ,ব্যৱস্থাপনাৰ অদক্ষতা ইত্যাদি অন্তৰ্ভুক্ত হয় । ঋণৰ বাবে সুদৰ হাৰ বৃদ্ধি ,উচ্চ হাৰত অন্তৰ্ভুক্ত যিহেতু এইবোৰে ব্যৱসায় পৰিচালিত কৰাৰ ক্ষেত্ৰত অবাঞ্চিত ব্যয় বৃদ্ধি কৰে  ।

(গ) অন্যান্য কাৰণ :- এইবোৰ হ’ল অদৃশ্যমান ঘটনা । যেনে ৰাজনৈতিক অস্থিৰতা ,যান্ত্ৰিক বিজুটি যেনে বয়লাৰ ফাটি যোৱা,বিনিময় হাৰৰ হ্ৰাস বৃদ্ধি ইত্যাদি যিবোৰ ব্যৱসায়িক বিপদশঙ্কাৰ সম্ভাৱনা বৃদ্ধি কৰে  ।

৭ । প্রশ্ন: ব্যৱসায় আৰম্ভ কৰোতে বিবেচনা কৰিব লগীয়া গুৰুত্বপূৰ্ণ উপদানবোৰ কি কি ?

উত্তৰ :-  ব্যৱসায় কৰিবলৈ তলত উল্লেখ কৰা উপাদানবোৰ বিবেচনা কৰা হয়  ।

(ক) কেঁচাসামগ্ৰীৰ সৰবৰাহ :- ব্যৱসায় প্ৰতিষ্ঠান এটাই কোনো পণ্য সামগ্ৰীৰ উৎপাদন কৰিবলৈ হ’লে কেঁচাসামগ্ৰীৰ  পৰ্যাপ্ততা সম্পর্কে বিবেচনা কৰিব লাগে । কিয়নো কেঁচা সামগ্ৰীৰ পৰ্যাপ্ততা সম্পৰ্কে নিশ্চিত নহলে উৎপাদন কাৰ্য সম্ভৱ নহয় ফলত ব্যৱসায় আৰম্ভ কৰিব নোৱাৰে  ।

(খ) বজাৰ সমীপতা :- নিশ্চিত বজাৰ অবিহনে উৎপাদিত সামগ্ৰীৰ বিক্ৰী সম্ভৱ নহয় অৰ্থাৎ উৎপাদিত সামগ্ৰী বজাৰকৰণ কৰা নহ’লে উৎপাদন কৰাৰ কোনো অৰ্থ নাথাকে ফলত ব্যৱসায় আৰম্ভ কৰিব পৰা নাযায় ।সেয়ে উপযুক্ত চাহিদা অনুযায়ী বজাৰ বিশ্লেষণ কৰা প্ৰয়োজন  ।

(গ) পৰিবহন :- ব্যৱসায় আৰম্ভ কৰিবলৈ বিবেচনা কৰা  উপাদান সমূহৰ ভিতৰত পৰিবহণ ব্যৱস্থা এটা অন্যতম উপাদান । ইয়াৰ দ্বাৰা কেঁচা সামগ্ৰী বা উৎপাদিত সামগ্ৰী বিভিন্ন ঠাইৰ পৰা উৎপাদন কেন্দ্ৰলৈ বা উৎপাদন কেন্দ্ৰৰ পৰা বিভিন্ন ঠাইলৈ কঢ়িয়াই নিয়ে হয় । সেয়ে কোনো ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে পৰিবহনৰ সুবিধা পৰীক্ষা কৰা আৱশ্যক ।

(ঘ) বিত্ত যোগান :- ব্যৱসায় আৰম্ভ কৰাৰ উপৰিও ইয়াক সম্প্ৰসাৰণ কৰাৰ কাৰণে বিত্ত যোগান লাভ কৰাটো আৱশ্যকীয় । ব্যৱসায় প্ৰতিষ্ঠান এটাই স্থায়ী সম্পত্তি ক্ৰয় কৰা আৰু দৈনন্দিন খৰচৰ বাবে কাৰ্যকাৰী মূলধনৰ কাৰণে উপযুক্ত পৰিমাণৰ মূলধন নিৰ্ধাৰণ কৰিব লাগে  আৰু সেইমৰ্মে বিত্তৰ উৎস বিচাৰিব লাগে  ।

(ঙ) চৰকাৰী নীতি :- ব্যৱসায় আৰম্ভ কৰা আৰু ইয়াৰ কাম কাজ নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰী নীতিৰ প্ৰয়োগ ঘটে । ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ৰ ওপৰত কোনো উদ্গনিমুলক ব্যৱস্থা ৰেহাই সুবিধা,ৰাজসাহায্য ,পঞ্জিকৰণ বাধা নিষেধ  আদি কৰাৰ বিষয়ে  ভালদৰে অনুসন্ধান কৰিব লাগে  ।

(চ) শ্ৰমিক যোগান :- প্ৰস্তুতকৰণ প্ৰতিষ্ঠানৰ দক্ষ অদক্ষ ,শিক্ষিত-অশিক্ষিত শ্ৰমিকৰ আৱশ্যক হয় । সেইদৰে বেহাবেপাৰৰ প্ৰতিষ্ঠানৰ ক্ষেত্ৰতো তুলনামূলকভাৱে কম সংখ্যক হ’লেও শ্ৰমিকৰ আৱশ্যক হয় । কোনো ঠাইত ব্যৱসায় স্থাপনৰ আগে আগে শ্ৰমিকৰ যোগান বিবেচনা কৰাৰ প্ৰয়োজন হয় । 

(ছ) কায়িক বা প্ৰাকৃতিক সা-সুবিধা :- ব্যৱসায়ৰ আৰম্ভণিতে বিবেচনা কৰিবলগীয়া গুৰুত্বপূৰ্ণ উপাদান টো হ’ল প্ৰাকৃতিক সা -সুবিধা । যেনে – যন্ত্ৰপাতি আৰু সা -সৰঞ্জাম ,দৰকাৰী আৰু সহায়কাৰী সেৱাসমূহ ।এই উপাদানটো সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰাটো নিৰ্ভৰ কৰে ব্যৱসায়ৰ প্ৰকৃতি আৰু আকাৰ ,পুঁজিৰ প্ৰাপ্তি আৰু উৎপাদন প্ৰক্ৰিয়াৰ ওপৰত  ।

1 thought on “Class 11 Business Chapter 1 ব্যৱসায়ৰ প্ৰকৃতি আৰু উদ্দেশ্য”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top