Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক

Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক and select needs one.

Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Banking Chapter 5 বেংকাৰ আৰু গ্ৰাহক Solutions for All Subject, You can practice these here…

বেংকাৰ আৰু গ্ৰাহক

Chapter : 5

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

১। বেংকাৰ কাক বােলে ? 

উত্তৰঃ বহুল অর্থত যি প্রতিষ্ঠান বা ব্যক্তিয়ে বেংকিং ব্যৱসায় চলায় সিয়ে বেংকাৰ । ১৯৪৯ চনৰ বেংকিং নিয়ন্ত্রণ আইনৰ ধাৰা মতে “ ঋণদান বা বিনিয়ােগৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা গৃহীত আমানত জমাদাতা গ্রাহকৰ তাগিদা মতে বা অন্য প্রকাৰে পৰিশােধ কৰা আৰু চেক , ড্রাফট বা অন্য উপায়ে তাক উলিয়াই দিয়া কার্যকে বেংকিং বােলে । অর্থাৎ বেংকাৰ হ’বলৈ হ’লে তেওঁ –

( ক ) জনসাধাৰণৰ পৰা বিভিন্ন হিচাপত আমানত গ্রহণ কৰিব লাগিব । 

( খ ) সেই আমানতৰ ধন কিছু পৰিমাণে হ’লেও জমাদাতাই দাবী কৰা মতে পৰিশােধ যােগ্য হ’ব লাগিব । 

( গ ) লগতে আমানতৰ ধন জমাদাতাই চেক দি বা আদেশ পত্র লিখি বেংকৰ পৰা উলিয়াই নিব পৰা সুবিধা থাকিব লাগিব । 

( ঘ ) এই আমানতৰ ধন বেংকে ব্যক্তি বা প্রতিষ্ঠানক দিব আৰু বিনিয়ােগ কৰিব । 

২ । বেংকিং মানে কি ? 

উত্তৰঃ ঋণদান বা বিনিয়ােগৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা আমানত গ্রহণ ; যি নেকি জমাদাতাৰ তলৰ মতে বা অন্য প্রকাৰে পৰিশােধ্য আৰু যি আমানত চেক , ড্রাফট , নির্দেশমতে বা অন্য প্ৰকাৰে উলিয়াই নিব পাৰে তাকে বেংকিং বা বেংকিং ব্যৱসায় বােলে ।

৩। গ্রাহক কাক বােলে ? 

উত্তৰঃ সাধাৰণ অৰ্থত যি ব্যক্তি বা প্রতিষ্ঠানে বেংকৰ লগত লেনদেন কৰিবলৈ বেংকত হিচাপ খােলে তাকে বেংকৰ গ্রাহক বােলে । বেংক গ্রাহক হােৱাৰ ক্ষেত্ৰত অন্ততঃ দুটা চর্ত থাকিব লাগে । 

( ক ) তেওঁৰ নামত সঞ্চয় , চলিত অথবা ম্যাদী হিচাপ থাকিব লাগিব । আৰু 

( খ ) বেংক আৰু গ্ৰাহকৰ মাজত হােৱা লেনদেনবােৰ বেংকিং সম্পর্কীয় হ’ব লাগিব । 

৪। বেংকত আমানত হােৱা চাৰিবিধ হিচাপৰ নাম লিখা । 

উত্তৰঃ বেংকত আমানত থােৱা হিচাপ চাৰিবিধ হল – 

( ক ) সঞ্চয়ী জমা হিচাপ । 

( খ ) চলিত জমা হিচাপ ।

( গ ) ম্যাদী জমা হিচাপ । আৰু 

( ঘ ) আৱর্ত বা পৌনঃপুনিক বা ৰেকাৰিং জমা হিচাপ । 

৫। চলিত হিচাপৰ অর্থ প্রকাশ কৰা । 

উত্তৰঃ সাধাৰণতে দৈনিক ধনৰ লেনদেন কৰা মানুহ যেনে উদ্যোগিক প্রতিষ্ঠান , ব্যৱসায়ী , ব্যক্তি ইত্যাদিৰ কাৰণে অতি জনপ্রিয় আৰু দৰকাৰী হিচাপ হ’ল চলিত জমা হিচাপ । বর্তমান যুগত এনে কোনাে ব্যৱসায়ী বা ব্যৱসায়ী প্রতিষ্ঠান নাই যাৰ নেকি বেংকত এটা চলিত হিচাপ নাই । অর্থাৎ বেংকৰ চলিত হিচাপ ব্যৱসায়ীৰ বাবে বিশেষভাৱে উপযােগী । এনে হিচাপৰ যােগেদি এদিনত দুবাৰ বা তিনিবাৰ পর্যন্ত টকা আহৰণ কৰিব পাৰি আৰু এনে হিচাপৰ বিপৰীতে বেংকে কোনাে সুত প্রদান নকৰে । গতিকে বেংকে গ্রাহকৰ চাহিদা পুৰণ কৰিবৰ কাৰণে সমুদায় ধন ৰাখি থ’ব লাগে । সেয়ে ইয়াৰ পৰা বেংকে কোনাে বৰণৰ উপার্জন কৰিব নােৱাৰে কাৰণে বেংকে গ্রাহকলৈ সুত প্ৰদান কৰিব নােৱাৰে । 

৬। সঞ্চয়ী আমানত হিচাপ বুলিলে কি বুজা ? 

উত্তৰঃ স্থিৰ তথা কম উপার্জনক্ষম ব্যক্তিৰ মাজত বেংকিং অভ্যাস গঢ়ি তুলি সঞ্চয় বৃদ্ধি কৰাৰ উদ্দেশ্যেৰেই সঞ্চয়ী বেংক হিচাপ আৰম্ভ কৰা হৈছিল যদিও বর্তমান সকলাে শ্রেণীৰে লােকেই এই হিচাপ খুলিব পাৰে । বেংকৰ নির্দিষ্ট প্র-পত্র বা চেকৰ দ্বাৰা এনে হিচাপৰ বিপৰীতে গ্রাহকে ধন উলিয়াব পাৰে ।

৭। ম্যাদী হিচাপ কাক বােলে ? 

উত্তৰঃ ম্যাদী জমা হিচাপত নির্দিষ্ট সময় বা ম্যাদৰ কাৰণে টকা জমা লােৱা হয় । ইয়াত টকা জমা থােৱাৰ মূল উদ্দেশ্য সুত উপার্জন কৰা । ক্ষুদ্র সঞ্চয়কাৰীক ই বিনিয়ােগৰ সুবিধা দিয়ে । এই আমানত যিহেতু বেংকে নির্দিষ্ট সময়ৰ কাৰণে পায় , ইয়াক তেনে সময়ৰ কাৰণে লাভজনকভাৱে কামত খটাব পাৰে । সেয়ে ম্যাদী হিচাপত বেংকে দিয়া সুতৰ হাৰ সঞ্চয় জমা হিচাপতকৈ অধিক । ম্যাদৰ সময় অনুসৰি সুদৰ হাৰ কম বেছি হয় । 

৮। আৱর্ত হিচাপৰ অর্থ ব্যাখ্যা কৰা । 

উত্তৰঃ আৱর্ত বা পৌনঃপুনিক জমা হিচাপ এক প্ৰকাৰ ম্যাদী হিচাপ । এই হিচাপত নির্দিষ্ট পৰিমাণৰ টকা নির্দিষ্ট সময়ৰ ( মাহ , পষেক , সপ্তাহ আদি ) অন্তৰে অন্তৰে ম্যাদৰ সময়ছােৱাত জমা দিয়া হয় । কিন্তু ম্যাদ সম্পূর্ণ সময় উকলি যােৱাতহে সমুদায় জমাৰ টকা ঘুৰাই ল’ব পাৰি । আৱর্ত হিচাপৰ মাধ্যমেদি নিয়মীয়া কম উপার্জনৰ লােকে সঞ্চয়ৰ ধন বিনিয়োগ কৰি তুলনামূলকভাৱে উচ্চহাৰৰ সুদ লাভ কৰিব পাৰে । 

৯। পে-ইন-শ্লিপৰ অৰ্থ প্ৰকাশ কৰা । 

উত্তৰঃ পে – ইন – শ্লিপ মানে হৈছে বেংকত টকা বা চেক বা ড্রাফট জমা দিবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰ কাকত । ইয়াক বেংকে বহী আকাৰে নতুবা খােলা ভাৱে গ্ৰাহকক যােগান ধৰে । টকা জমা দিবলৈ ব্যৱহাৰ কৰা এই কাকত খনত তাৰিখ , গ্রাহকৰ নাম , হিচাপৰ নম্বৰ আৰু টকাৰ বিৱৰণ লিখি দিয়াৰ ব্যৱস্থা থাকে । ইয়াত থকা দুটা খণ্ডতে এইবােৰ যথার্থভাৱে লিখি বেংকৰ কৰ্মচাৰীৰ হাতত টকা বা চেক সহকাৰে জমা দিব লাগে । কৰ্মচাৰীয়ে টকা বা চেকৰ লগতে প্রথম খণ্ড কাকত ৰাখি , দ্বিতীয় খণ্ড তেওঁৰ চহী কৰি বেংকৰ ছীল মাৰি গ্ৰাহকক ঘূৰাই দিয়ে । ইয়ে প্রাপ্তি স্বীকাবী ৰেচিদৰ কাম কৰে । 

১০। বেংকৰ পাছ বুক কাক বােলে ? 

উত্তৰঃ পাছ বুক বা পাছ বহী হৈছে এক প্রকাৰ ক্ষুদ্র পুস্তিকা । ইয়াত হিচাপ পৰিচালনা কৰা বেংকৰ নীতি – নিয়ম লিখা থাকে । বেংকত হিচাপ খােলা সময়ত বেংকে গ্রাহকক এটা পাছ বুক দিয়ে । প্রত্যেক পাছ বুকৰে সুকীয়া নম্বৰ থাকে । ই প্ৰকৃততে বেংকৰ খতিয়ান বহীৰ নম্বৰ আৰু পৃষ্ঠা সংখ্যাৰে গঠিত নম্বৰ । গ্রাহকৰ সকলাে লেনদেন , জমা , আহৰণ ; তহবিল আদি বেংকে পাছবুকত লিখি তাক ঘূৰাই দিয়ে । ই প্ৰকৃততে বেংকে গ্রাহকৰ নামত ৰখা খতিয়ানৰ প্রতিলিপি মাত্র । 

১১। চেক বহী কি বুজাই লিখা । 

উত্তৰঃ চেক বহী হৈছে বেংকে গ্রাহকক যােগান ধৰা এক প্রকাৰৰ বহী । ইয়াক গ্রাহকে বেংকৰ পৰা টকা আহৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰে । চেক বহীৰ প্রত্যেক খিলা চেকৰ দুটা খণ্ড থাকে । দুয়াে খণ্ডতে তাৰিখ , হিচাপৰ নম্বৰ , টকাৰ পৰিমাণ আৰু প্ৰাপকৰ নাম লিখিব লাগে । লগতে গ্রাহকে চেকৰ তলৰ বাওঁফালে নিজৰ চহী কৰি দিয়ে । ইয়াৰে প্রথম খণ্ড চেক বেংকত জমা দিয়া হয় । বেংকৰ কৰ্মচাৰীয়ে চেকখন ভালদৰে পৰীক্ষা কৰে । গ্রাহকৰ হিচাপত সেই চেক আদায় দিব পৰা জমা আছেনে নাই চাই লয় । লগতে চেকত দিয়া চহী বেংকত আহি হিচাপে থকা চহীৰ লগত যত্ন সহকাৰে মিলাই চাব । দুয়ােটা চহীৰ মিল থাকিলে চেকৰ টকা আদায় দিব । তাৰ পিছত বেংকৰ খতিয়ান বহীত থকা গ্রাহকৰ হিচাপত ডেবিট দিব । 

১২। বেংকৰ আমানত বীমাৰ অর্থ লিখা । 

উত্তৰঃ বেংকৰ আমানত কাৰীসকলক নিৰাপত্তা প্রদান কৰিবলৈ আৰু বাণিজ্যিক বেংকসমূহ সুস্থভাৱে পৰিচালিত হােৱাত সহায় কৰিবৰ বাবে ১৯৬১ চনত ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰা এক আঁচনি । বেংক অচল হৈ পৰিলেও ইয়াৰ জমাদাতাসকলে যাতে জমাৰ ধন ঘূৰাই পাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবে এই বেংক আমানতৰ বীমা আঁচনি প্ৰৱৰ্তন কৰা হয় । 

১৩। ক্রেডিট কার্ড মানে কি ?

উত্তৰঃ ক্রেডিট কার্ড বা প্লাষ্টিক মুদ্রা বেংকে গ্রাহকলৈ আগবঢ়োৱা এক নতুন সেৱা । ক্রেডিট কার্ডে বিনিময় মাধ্যম হিচাপে কাম কৰে । কাৰণ ক্রেডিট কার্ডৰ ধাৰকে প্রকৃত মুদ্ৰাৰ ব্যৱহাৰ নকৰাকৈ কাৰ্ডৰ মাধ্যমত বস্তু বা সেৱা কাৰ্য ক্রয় কৰিব পাৰে । ক্রেডিট কার্ড সাধাৰণতে বেংকে আঢ্যবন্ত গ্রাহকক দিয়ে । তেনে গ্রাহকৰ উপার্জন ভাল হ’ব লাগিব । সচৰাচৰ ক্রেডিট কাৰ্ডৰ ধাৰকে দীর্ঘস্থায়ী ভােগ্য সামগ্রী , হােটেল , বহু বিভাগ থকা দোকান , নাৰ্ছিং হােম , ৰেলৰ টিকট , এৰােপ্লেনৰ টিকট আদি লব পাৰে । 

১৪। ই – বেংকিং কাক বােলে ?

উত্তৰঃ ই – বেংকিং মানে হ’ল ইলেকট্রনিক বেংকিং । ব্যৱসায় – বাণিজ্যৰ বিকাশৰ লগে লগে বেংক ব্যৱসায়ৰ পৰিৱৰ্তন ঘটিছে । ইলেকট্রনিক প্রযুক্তিবিদ্যাই ব্যৱসায় – বাণিজ্যত প্রৱেশ কৰাৰ বেংকিং কার্যটো ইয়াৰ প্ৰয়ােগ অনিবার্য হৈ পৰে । অর্থাৎ বেংকিং ব্যৱসায়ত ইলেকট্রনিক তথ্য আৰু যােগাযােগ প্রযুক্তিবিদ্যাৰ প্ৰয়ােগৰ ফলত ই – বেংকিং আৰম্ভ হৈছে । ইয়াৰ ফলত বেংকিং ব্যৱসায়ত ক্ষীপ্ৰতা আৰু ইয়াৰ পৰিধি ব্যাপক হৈছে । এতিয়া বেংকৰ এ . টি . এম . সেৱা , ইলেকট্রনিক ফাণ্ড ট্রানফাৰ ৰ যােগেদি টকা – পইচা বা ফাণ্ড স্থানান্তৰ ক্ষীপ্র হৈছে । ঠিক সেইদৰে ইণ্টাৰনেটৰ আৰ্শীবাদত ইণ্টাৰনেট বেংকিং বা অনলাইন বেংকিং আদি নতুন বেংকিং সেৱা আগবঢ়োৱা সম্ভৱ হৈছে । ঠিক সেইদৰে মােবাইল বেংকিং সেৱাও উপলব্ধ হৈছে । ইয়াৰ সহায়ত গ্রাহকে কেৱল নিজৰ মােবাইল বা স্মার্ট ফোনৰ যােগেদিয়েই পুঁজি স্থানান্তৰ , হিচাপৰ পৰা অন্য হিচাপলৈ পুঁজি স্থানান্তৰ কৰা , অনলাইন চপিং কৰা ইত্যাদি নিত্য নতুন সেৱা লাভ কৰিবৰ সক্ষম হৈছে । 

১৫। এ . টি . এম . মানে কি ? 

উত্তৰঃ এ . টি . এম . বা অট’মেটেড টেলাৰ মেচিন হ’ল বেংকৰ পৰা গ্ৰাহকক টকা উলিয়াবলৈ সুবিধা দিয়া এক প্রকাৰ ইলেকট্রনিক প্রণালী । বেংকৰ কৰ্মচাৰীয়ে চলােৱা টেলাৰ কাউন্টাৰৰ সলনি এ . টি . এম প্রচলন কৰা হৈছে । এ . টি . এম . থকা গ্রাহকে দিনৰ ভিতৰত যিকোনাে সময়তে টকা উলিয়াব পাৰে । আনহাতে যিবােৰ বেংকৰ কেন্দ্রীভূত কম্পিউটাৰ ব্যৱস্থা থাকে , তেনে বেংকৰ এ . টি . এম থকা গ্রাহকে বেংকৰ যিকোনাে শাখাৰ এ . টি . এমৰ পৰা টকা উলিয়াব পাৰে ।

( খ ) চমু প্ৰশ্নোত্তৰ : 

১। চলিত আৰু সঞ্চয়ী হিচাপৰ পার্থক্য লিখা । 

উত্তৰঃ চলিত জমা হিচাপ আৰু সঞ্চয়ী জমা হিচাপৰ মাজত কিছুমান পার্থক্য দেখা যায় । এই পার্থক্যসমূহ হল – 

( ক ) চলিত জমা হিচাপ ব্যৱসায়ী আৰু ব্যৱসায় – প্রতিষ্ঠানৰ বাবে অপৰিহার্য । অর্থাৎ এই দুই শ্ৰেণীৰ বাবে চলিত হিচাপ সুবিধাজনক । আনহাতে , সঞ্চয় জমা হিচাপ সমাজৰ কম আয়ৰ তথা মধ্যবিত্ত আৰু নিম্নবিত্ত শ্ৰেণীৰ বাবে সুবিধাজনক । 

( খ ) চলিত জমা হিচাপত নিম্নতম জমাৰ পৰিমাণ বেছি । সেইদৰে জমা ৰাখিব পৰা আমানতৰ পৰিমাণে বেছি । সঞ্চয়ী জমা হিচাপত নিম্নতম জমাৰ পৰিমাণ কম । সেইদৰে জমা ৰাখিব পৰা আমানতৰ পৰিমাণাে সীমাবদ্ধ । 

( গ ) চলিত জমা হিচাপত জমাকাৰী গ্রাহকে নিজ সুবিধামতে একে দিনতে ইয়াত বাৰ টকা জমা ৰাখিব পাৰে আৰু একে দিনাই বহুবাৰ টকা উলিয়াব পাৰে । কিন্তু সঞ্চয় জমা হিচাপত জমাকাৰী গ্রাহকে নিজ সুবিধা মতে একেদিনাই বাৰে বাৰে টকা জমা ৰখা বা উলিয়াব নােৱাৰে । 

( ঘ ) চলিত জমা হিচাপত বেংকে গ্রাহকক সুত নিদিয়ে কাৰণ এই হিচাপৰ টকা যি কোনাে মুহূর্তত উলিয়াই থাকে গ্রাহকে । সঞ্চয়ী জমা হিচাপত বেংকে গ্রাহকক নির্দিষ্ট পৰিমাণৰ সুত দিয়ে । 

( ঙ ) চলিত জমা হিচাপৰ উদ্দেশ্য হ’ল ইয়াৰ গ্ৰাহকক ব্যৱসায়িক সুবিধাৰ বাবে বেংকত টকা – পইচাৰ লেনদেন কৰা সুচল কৰা । আনহাতে , সঞ্চয়ী জমা হিচাপৰ যােগেদি গ্রাহকে নিজৰ সঞ্চয় জমা কৰাৰ ফলত পুঁজি গঠনৰ সুবিধা লাভ কৰে । 

( চ ) চলিত জমা হিচাপত গ্রাহকে অভাৰড্রাফট বা অধিবিকৰ্যৰ সুবিধা ভােগ কৰে । অর্থাৎ হিচাপত থকা জমা আমানতকৈ অধিক টকা উলিয়াব পাৰে । আনহাতে , সঞ্চয়ী জমা হিচাপৰ গ্ৰাহকে এই সুবিধা নাপায় । 

২। চলিত আৰু ম্যাদী হিচাপৰ পার্থক্য লিখা । 

উত্তৰঃ চলিত জমা হিচাপ আৰু ম্যাদী জমা হিচাপৰ মাজত প্রভেদ আছে । এইবােৰ হ’ল — 

( ক ) ম্যাদী জমা হিচাপৰ দ্বাৰা ক্ষুদ্র সঞ্চয়কাৰীয়ে ভৱিষ্যৎ সুৰক্ষা তথা বিনিয়ােগৰ বাবে পুঁজি গঠনৰ সুবিধা পায় । আনহাতে , চলিত জমা হিচাপ হ’ল ব্যৱসায়ী আৰু ব্যৱসায় প্রতিষ্ঠানৰ বাবে সুবিধাজনক আৰু অপৰিহার্য হিচাপ । 

( খ ) ম্যাদী জমা হিচাপত নির্দিষ্ট সময় বা ম্যাদৰ কাৰণে টকা জমা থােৱা হয় । আনহাতে চলিত জমা হিচাপত কোনাে নির্দিষ্ট সময় বা ম্যাদৰ বাবে টকা জমা নকৰে । জমাদাতাৰ সুবিধামতে যেতিয়াই টকা উলিয়াব পাৰে এই হিচাপত । 

( গ ) ম্যাদী জমা হিচাপত জমাদাতাই এবাৰ এক নির্দিষ্ট সময়ৰ বা ম্যাদৰ বাবে টকা জমা – কৰিলে তাক যেতিয়াই ইচ্ছা তেতিয়াই উলিয়াব নােৱাৰে । কিন্তু চলিত জমা হিচাপত জমাদাতাই এদিনতে বহু বৰ টকা জমা কৰিব পাৰে আৰু উলিয়াব পাৰে । 

( ঘ ) ম্যাদী জমা হিচাপত টকা জমা থােৱাৰ মূল উদ্দেশ্য সুদ উপার্জন কৰা । কিন্তু চলিত জমা হিচাপত টকা জমা থােৱা হয় জমাকাৰীৰ সুবিধামতে উলিয়াবৰ বা লেনদেন সম্পন্ন কৰিবৰ বাবে । 

( ঙ ) ম্যাদী জমা হিচাপত যিহেতু টকা এক নির্দিষ্ট সময়ৰ বাবে জমা ৰখা হয় , সেয়ে ইয়াৰ সুদৰ হাৰ অধিক হয় চুতা ) আনহাতে চলিত জমা হিচাপত ৰখা টকা জমাকাৰীয়ে নিজ ইচ্ছামতে জমা কৰে বা উলিয়াই নিয়ে , সেয়ে এই হিচাপত সুত বেংকে প্রায় নিদিয়েই । 

৩। পাছবুকৰ গুৰুত্ব লিখা । 

উত্তৰঃ পাছবুক হ’ল এক প্রকাৰ ক্ষুদ্র পুস্তিকা । যেয়ে বেংকত হিচাপ খােল , সিয়ে একো একোখন পাছবহী লাভ কৰে । পাছবুকত হিচাপ পৰিচালনা কৰা বেংকৰ নীতি – নিয়ম লিখা থাকে । বেংকত হিচাপ খােলা সময়তে একোটা পাছবুক গ্রাহকক দিয়ে । গ্রাহকে যত্ন সহকাৰে ইয়াক ৰাখিব লাগে আৰু প্ৰয়ােজন মতে বেংকত দাখিল কৰিব লাগে । প্রত্যেক পাহবুকৰে সুকীয়া নম্বৰ থাকে । ই প্ৰকৃততে বেংকৰ খতিয়ান বহীৰ নম্বৰ আৰু পৃষ্ঠা সংখ্যাৰে গঠিত নম্বৰ । টকা জমা দিওঁতে আৰু উয়িয়াবৰ সময়ত প্ৰপত্র বা পে – ইন -শ্লিপ বা চেক লিখিলে তাত হিচাপৰ নম্বৰ অর্থাৎ পাছবুকৰ নম্বৰ লিখি দিব লাগে । গ্রাহকৰ সকলাে লেনদেন , জমা , আহৰণ , তহবিল আদি বেংকে পাছবুকত লিখি , তাক ঘূৰাই দিয়ে । ই প্ৰকৃততে বেংকে গ্রাহকৰ নামত ৰখা খতিয়ন প্রতিলিপি মাত্র । পাছবুক ঘূৰাই লােৱা সময়ত ইয়াৰ প্রবৃষ্টি গ্রাহকে চাই বুজি লব লাগে । কিবা আসোঁৱাহ থাকিলে বেংকৰ নজৰত আনিব লাগে । পাছবুকৰ প্রত্যেক প্রবিষ্টি শুদ্ধ বুলি সাব্যস্ত কৰিবলৈ বেংকৰ বিষয়াৰ চহী থাকিব লাগে ।

৪। চলিত হিচাপৰ সুবিধা অসুবিধা লিখা । 

উত্তৰঃ চলিত জমা হিচাপৰ সুবিধাসমূহ হ’ল – 

( ক ) গ্রাহকে এই হিচাপৰ যােগেদি লেনদেন নিষ্পত্তি কৰিব পাৰে । বিশেষত অধিক মূল্যৰ ব্যৱসায়িক লেনদেন চেকৰ মাধ্যমত নিস্পত্তি কৰা হয় । ইয়াৰ ফলত ব্যৱসায়ীয়ে । নগদ টকাৰ ব্যৱহাৰৰ পৰা উদ্ভৱ হ’ব পৰা অসুবিধাৰ হাত সাৰে । 

( খ ) দ্বিতীয়তে , নগদ টকা জমা লােৱা বা আদায় দিয়াৰ উপৰিও বিনিময় পত্র , বেংক ড্রাফট , চেক আদি চলিত হিচাপত গ্ৰাহকৰ হকে বেংকে জমা লয় আৰু এইবােৰ গ্রাহকৰ হকে আদায় কৰে । 

( গ ) তৃতীয় পক্ষৰ চেক বা পৃষ্ঠাংকন কৰা চেক চলিত হিচাপৰ যােগেদিহে সংগ্রহ কৰিব পাৰি । 

( ঘ ) গ্রাহকে বেংকৰ পৰা অধিবিকর্ষ বা অভাৰ ড্রাফট কেৱল চলিত হিচাপৰ যােগেদিহে  ল’ব পাৰে । 

( ঙ ) বেংকে কোনাে গ্রাহকক ঋণ বা অগ্রিম মঞ্জুৰ কৰিলে তাৰ টকা চলিত হিচাপতহে জমা দেখুৱায় । 

চলিত হিচাপৰ অসুবিধাসমূহ হ’ল — 

( ক ) চলিত জমা হিচাপ কেৱল এক শ্রেণীৰ ব্যক্তি তথা ব্যৱসায়ী , ব্যৱসায় প্রতিষ্ঠানৰ বাবেহে । 

( খ ) চলিত জমা হিচাপত সুত প্রদানৰ নিয়ম নাই । 

( গ ) চলিত জমা হিচাপত সঞ্চয় কৰি টকা জমা ৰখা নহয় । 

( ঘ ) চলিত জমা হিচাপত ৰাখিবলগীয়া নিম্নতম জমাৰ পৰিমাণ বেছি হয় ।

( গ ) দীঘলীয়া প্ৰশ্নোত্তৰ :  

১ । চলিত হিচাপ কিদৰে খােলে আৰু লেনদেন কেনে ধৰণে কৰে আলােচনা কৰা । 

উত্তৰঃ বেংকত চলিত হিচাপ খুলিবলৈ তলৰ পদ্ধতিসমূহ অনুসৰণ কৰা হয় । 

( ক ) প্ৰপত্ৰৰ আবেদন :- প্রথমতে গ্রাহকজনে হিচাপ খােলাৰ কাৰণে বেংকে প্রদান কৰা নির্দিষ্ট প্রপত্ৰখন যথাযথভাৱে পুৰণ কৰি বেংকত জমা দিব লাগে । প্ৰপত্ৰ দৰখাস্তকাৰীৰ নাম , জীৱিকা বা বৃত্তি , ঠিকনা , নমুনামূলক চহী আৰু অভিমত দাতা ব্যক্তিৰ নাম , ঠিকনা , চহী লিখি দিব লাগে । 

( খ ) চিনাক্তকৰণঃ দ্বিতীয়তে , প্রপত্ৰখনত থকা এটা স্তম্ভত গ্রাহকজনৰ পৰিচয়টো বেংকৰ দ্বাৰা নির্দিষ্ট কৰি দিয়া ব্যক্তিৰ দ্বাৰা অর্থাৎ এনে বেংকৰে কোনাে চলিত হিচাপৰ গ্রাহকৰ দ্বাৰা চিনাকি কৰাই আনিব লাগিব । 

( গ ) নমুনা চহী :- তৃতীয়তে , হিচাপটো যিগৰাকী ব্যক্তিয়ে পৰিচালনা কৰিব তেওঁৰ নমুনা চহী নির্দিষ্ট ঠাইত ( কার্ডত ) কৰি জমা দিব লাগিব । 

( ঘ ) নিম্নতম জমা :- চতুর্থতে , বেংকে নির্দিষ্ট কৰি দিয়া পৰিমাণৰ নিম্নতম নগদ ধন বেংকৰ নির্দিষ্ট পে – ইন – শ্লিপৰ দ্বাৰা জমা কৰিব লাগিব । 

( ঙ ) অধিবিকৰ্ষৰ সুবিধা :- পঞ্চমতে , হিচাপ পৰিচালনাৰ ক্ষেত্ৰত কোনাে ধৰণৰ বিশেষ নির্দেশ অথবা অধিবিকৰ্ষৰ কিবা ব্যৱস্থা থাকিলে তাক লিখিত আকাৰত বেংকত জমা দিব লাগিব । 

( চ ) হিচাপৰ মুকলিঃ উপৰােক্ত বিষয়সমূহ সম্পর্কে বেংক সন্তুষ্ট হলে গ্রাহকলৈ হিচাপ খােলাৰ বুলি পাছ বহী এখন , চেক বহী এখন আৰু পে – ইন – স্লিপ বা ধন জমা দিয়া পত্র গ্রাহকক দিব আৰু হিচাপৰ মুকলি হ’ব । 

চলিত হিচাপৰ লেনদেনঃ চলিত হিচাপত লেনদেন কৰা মানে হৈছে গ্রাহকে প্রধানকৈ তাত টকা জমা দিয়া আৰু উলিওৱা কার্য । গ্রাহকে বেংকৰ পৰা পােৱা পে – ইন – শ্লিপ বুকৰ পত্ৰত লিখি নগদ টকা বা চেক বেংকত জমা দিয়ে । পে – ইন – শ্লিপৰ দুয়ােটা খণ্ড যথাযথভাৱে পূৰণ কৰি বেংকৰ কৰ্মচাৰীৰ হাতত টকা বা চেক সহকাৰে জমা দিব লাগে । কৰ্মচাৰীয়ে টকা বা চেকৰ লগতে প্রথম খণ্ড কাকত ৰাখি , দ্বিতীয় খণ্ডত তেওঁৰ চহী কৰি বেংকৰ ছীল মাৰি গ্ৰাহকক ঘূৰাই দিয়ে । ইয়ে প্রাপ্তি স্বীকাৰ ৰচিদৰ কাম কৰে । 

বেংকে ৰাখি থােৱা কাকত খিলাৰ সহায়ত ইয়াৰ খতিয়ান বহীত থকা গ্রাহকৰ হিচাপত জমা পােৱা টকাৰ পৰিমাণ জমা বা ক্রেডিট কৰে । কিন্তু আন বেংকৰ পৰা আদায় কৰিবলগীয়া চেক পালে , তাক সংগ্ৰহৰ বাবে পঠায় । তেতিয়াই চেক সংগ্ৰহৰ পিছত ক্রেডিট কৰে । 

চলিত হিচাপৰ পৰা টকা উলিয়াবলৈ গ্রাহকে চেক দিয়ে । এই চেক বহী গ্রাহকে বেংকৰ পৰা বিনামূলীয়াকৈ পায় , যেতিয়াই টকাৰ দৰকাৰ হয় , গ্রাহকে চেক প্রয়ােজন মতে লিখি দিয়ে । চেকবহীৰ প্রত্যেক খিলা চেকৰ দুটা খণ্ড থাকে । দুয়াে খণ্ড যথাযথভাৱে পূৰণ কৰি , প্রথম খণ্ড চেক বেংকত জমা দিয়া হয় । বেংকৰ কৰ্মচাৰীয়ে চেকখন ভালদৰে পৰীক্ষা কৰে । 

গ্রাহকৰ হিচাপত সেই চেক আদায় দিব পৰা জমা আছেনে নাই চাই লয় । লগতে চেকত দিয়া চহী বেংকত আহি হিচাপে থকা চহীৰ লগত যত্ন সহকাৰে মিলাই চাব । দুয়ােটা চহীৰ মিল থাকিলে চেকৰ টকা আদায় দিব । তাৰ পিছত বেংকৰ খতিয়ান বহীত থকা গ্রাহকৰ হিচাপত ডেবিট দিব । এইদৰে গ্ৰাহকৰ লগত আদান – প্রদান হলে বেংকে নিজৰ খতিয়ান বহীত লিখাৰ উপৰিও , গ্রাহকৰ হাতত থকা পাছবুকত এইবােৰ লিখি দিয়ে । টকা জমা দিয়া বা উলিওৱা সময়ত নতুবা সময়ে সময়ে গ্রাহকে পাছবুক বেংকত জমা দিয়ে । তেতিয়া বেংকে নিজ খতিয়ান বহীৰ পৰা গ্ৰাহকৰ হিচাপৰ ডেবিট – ক্রেডিট প্রবিষ্টি কৰি জমা বা তহবিল দেখুৱাই , সেই পাছবুক গ্রাহকক পুনৰাই ঘূৰাই দিয়ে । 

Sl. No.সূচী-পত্ৰ
Chapter 1বেংকৰ প্ৰকৃতি আৰু সংগঠন ।
Chapter 2সহযােগী ধাৰণা কেইবিধমান ।
Chapter 3বিভিন্ন প্রকাৰৰ বেংক ।
Chapter 4কেন্দ্রীয় বেংক ।
Chapter 5বেংকাৰ আৰু গ্রাহক ।
Chapter 6বিভিন্ন প্ৰকাৰৰ গ্রাহক ।

২। সঞ্চয় হিচাপ খুলিবলৈ আৰু চলাবলৈ কি কি ব্যৱস্থা ল’ব লাগে বর্ণনা কৰা । 

উত্তৰঃ সঞ্চয় হিচাপ খােলাৰ প্রণালী তলত বর্ণনা কৰা হ’ল — 

( ক ) প্ৰথমতে , সঞ্চয় হিচাপ খুলিবলৈ ইচ্ছুক ব্যক্তিয়ে বেংকৰ প্ৰপত্ৰত আবেদন কৰিব লাগে । প্ৰপত্ৰখনত আবেদনকাৰীৰ নাম , ঠিকনা , জীৱিকা আদি তথ্য যথাযথভাৱে লিখি দিব লাগে ।

( খ ) দ্বিতীয়তে , চলিত হিচাপৰ দৰে বেংকৰ নিয়মানুসৰি সম্ভাৱ গ্ৰাহকক আন গণ্য মান্য বা বেংকৰ মনঃপুত ব্যক্তিয়ে চিনাক্তকৰণ কৰি দিব লাগে । 

( গ ) তৃতীয়তে , এটুকুৰা কাকতত আবেদনকাৰী গ্রাহকৰ নমুনা চহী বা দস্তখত দিব লাগে । 

( ঘ ) চতুর্থত , উপৰোক্ত চর্তসমূহ সন্তোষজনক হলে নিম্নতম জমা টকা জমা থবলৈ দিয়ে । 

( ঙ ) এইবােৰৰ পিছতে , নিম্নতম জমা টকা লৈ হিচাপ মুকলৈ কৰে আৰু গ্ৰাহকক এখন পাছবুক দিয়ে আৰু আজিকালি যদি আবেদনকাৰী গ্রাহকে প্রপত্ৰৰ নির্দিষ্ট স্থানত এ . টি . এম . সুবিধাৰ বাবে আবেদন কৰে তেতিয়া বেংকে গ্রাহকক এ . টি . এম . কার্ড বা ডেবিট কার্য এখনাে প্রদান কৰে । 

সঞ্চয় হিচাপৰ লেনদেনঃ সঞ্চয় হিচাপৰ লেনদেন চলিত হিচাপৰ লগত প্রায় একে । সঞ্চয় হিচাপত টকা জমা দিওঁতে প্ৰপত্ৰ পূৰণ কৰি পাছবুক সহকাৰে টকা জমা দিব লাগে । আকৌ টকা উলিয়াবলৈ হ’লেও প্ৰপত্ৰ পূৰাই পাছবুক সহকাৰে বেংকত জমা দিব লাগে । আকৌ টকা উলিয়াবলৈ হ’লেও প্রপত্র পুৰাই পাছবুক সহকাৰে বেংকত জমা দিব লাগে । এইবােৰত আসোঁৱহা নাথাকিলে বেংকে গ্রহণ কৰে । টকা জমাল’লে বা আদায় দিলে প্রপত্ৰৰ পৰা চাই বেংকৰ খতিয়ান বহীৰ গ্ৰাহকৰ হিচাপত ডেবিট বা ক্রেডিট দিয়ে । সেইদৰে পাছবুকতাে ডেবিট বা ক্রেডিট দি তহবিল উলিয়াই গ্রাহকক সেইটো ঘূৰাই দিয়ে । 

৩। আৱর্ত বা ৰেকাৰিং হিচাপ কেই প্ৰকাৰৰ আৰু কি কি ? বর্ণনা কৰা । 

উত্তৰঃ আৱর্ত বা পৌনঃপুনিক বা ৰেকাৰিং জমা হিচাপ সাধাৰণতে দুই প্রকাৰৰ । ম্যাদী আৱর্ত জমা হিচাপে আৰু শিথিল আৱর্ত জমা হিচাপ । 

ম্যাদী আৱর্ত জমা হিচাপ :- ম্যাদী আৱর্ত জমা হিচাপত কিস্তিৰ পৰিমাণ নির্দিষ্ট থাকে গােটেই আৱর্ত জমা হিচাপৰ নির্দিষ্ট বা নির্ধাৰিত সময়জুৰি । অর্থাৎ জমাকাৰীয়ে কিস্তিৰ পৰিমাণ প্রতিবাৰত একেই হিচাবে জমা দিব লাগিব যেতিয়ালৈকে আৱর্ত জমা হিচাপৰ ম্যাদ বাহাল থাকে । 

শিথিল আৱর্ত জমা হিচাপঃ শিথিল আৱর্ত জমা হিচাপত আকৌ জমাকাৰীয়ে প্রতিবাৰত জমা দিয়া কিস্তিৰ পৰিমাণ কমােৱা বা বঢ়োৱা কৰিব পাৰে আৰু এইটো ম্যাদৰ যিকোনাে সময়তে কৰিব পাৰে যেতিয়াই গ্রাহকে বিচাৰে । 

৪। কি কি উপায়ে বেংকে জনসাধাৰণৰ সঞ্চয় সংগ্রহ কৰে লিখা । 

উত্তৰঃ সঞ্চিত ধন বা ৰাহি টকা পইচা নিৰাপদে ৰাখিবলৈ জনসাধাৰণে প্ৰথমতে টকা পইচা বেংকত জমা ৰাখিছিল । কিন্তু এইদৰে জমা পােৱা টকা পইচা নিয়ােগ কৰি ( ধাৰ দি ) বেংক লাভবান হয় । সেইকাৰণে পিচত বেংকে অধিক আমানত ( বা জমা ) সংগ্রহ কৰিবলৈ চেষ্টা কৰে । জনসাধাৰণে মিত্যব্যয়িতা অৱলম্বন কৰি অধিক সঞ্চয় কৰি বেংকত জমা দিলে , বেংকে অধিক ঋণ দিব পাৰে । অধিক ঋণ দিলে সুদ উপার্জন বেছি হয় । আজিও বেংকৰ মুঠ কার্যকৰী পুঁজিৰ বুজন পৰিমাণ আমানতৰ যােগেদি সংগ্রহ কৰে । 

আমানত বৃদ্ধিৰ উদ্দেশ্যে বেংকে সঞ্চয় উৎসাহিত কৰিবলগীয়া হয় । সেয়ে কোনাে কোনাে আমানতৰ ওপৰত বেংকে সুদ দিয়ে । দেখা যায় বিভিন্ন শ্রেণীৰ লােকৰ সুবিধা হােৱাকৈ বেংকে বিভিন্ন প্রকাৰ হিচাপ খােলাৰ ব্যৱস্থা কৰিছে যাৰ দ্বাৰা জনসাধাৰণৰ সঞ্চয় সংগ্রহ কৰাত বেংকৰ লগতে সঞ্চয়কাৰী গ্রাহকৰো সুবিধা হয় । এই হিচাপবােৰ সঞ্চয় জমা হিচাপ , চলিত জমা হিচাপ , ম্যাদী জমা হিচাপ আৰু আৱর্ত বা ৰেকাৰিং জমা হিচাপ । এই হিচাপসমূহৰ বিষয়ে ওপৰৰ প্রশ্নবােৰত বহলাই বর্ণনা কৰা হৈছে । 

৫। মানুহৰ সঞ্চয় প্রবৃত্তি জগাই তুলিবলৈ বেংকে কি কি নতুন হিচাপৰ উদ্ভাৱন কৰিছে বর্ণনা কৰা । 

উত্তৰঃ বর্তমান সময়ত বেংকে সঞ্চয় সংগ্রহৰ কিছুমান অভিনৱ জমা প্রণালীৰ উদ্ভাৱন কৰিছে । এনে আঁচনিৰ সহায়ত এহাতে বেংকে অধি পৰিমাণে আমানত সংগ্রহ কৰে , আনহাতে জনসাধাৰণৰ সঞ্চয় লিঙ্গা জাগ্রত কৰে । জনসাধাৰণে মিতব্যয়িতা অৱলম্বন কৰি সঞ্চয় কৰা ক্ষেত্ৰত উদগণি দিবলৈ বেংকে সঞ্চয়ৰ ধন সংগ্রহ কৰাৰ ব্যৱস্থাও কৰে । গৃহ নির্মাণ , ল’ৰা ছােৱালীৰ শিক্ষা , বিবাহ , পৌঢ় অৱস্থাৰ পেনচন , টান নৰিয়াৰ চিকিত্সা আদি নানা কাৰণত জনসাধাৰণক সঞ্চয় কৰিবলৈ প্রবৃত্ত কৰে । বর্তমান প্রচলিত এনে ধৰণৰ জমা আঁচনি কেইখনমান হ’ল — 

( ক ) কৃষকৰ জমা আঁচনি :- এই আঁচনি অনুসৰি কৃষকে ফচল চপাই বিক্ৰী কৰা সময়ত এবাৰ বা ততােধিকবাৰ টকা জমা ৰখা সুবিধা পায় । এই হিচাপৰ পৰা প্রতি মাহে জমাৰ এখ দশমাংশ টকা জমাদাতাই উলিওৱা সুবিধা পায় ।

( খ ) গৃহ নির্মাণ আঁচনি :- যিবােৰ লােকে গৃহ নির্মাণ কৰিবৰ মনস্থ কৰে তেনে লােকৰে সুবিধার্থে এই আঁচনি প্ৰৱৰ্তন কৰা হৈছে । হিচাপ খােলােতাই কিস্তি হিচাপে প্রতি মাহে এক নির্দিষ্ট সময়ছােৱাৰ কাৰণে নির্দিষ্ট পৰিমাণ ধন জমা ৰাখে । জমাৰ সময় উকলি গ’লে জমাদাতাই আমানতৰ দুগুণ পৰিমাণৰ ঋণ ল’ব পাৰে । ৰেহাই হাৰ সুদত এনে প্ৰদান কৰে । 

( গ ) মাহেকীয়া সুত উপার্জন আঁচনি :- ই এক প্রকাৰ স্থায়ী হিচাপ । কিন্তু আন প্ৰকাৰ স্থায়ী বা ম্যাদী হিচাপৰ সুত ছমহীয়া বা বছৰেকীয়া কিস্তিত দিয়া হয় । কিন্তু এই আঁচনিত সুত প্রতি মাহে আদায় দিয়াৰ ব্যৱস্থা থাকে । 

( ঘ ) বার্ষিক আঁচনিঃ এই আঁচনি মতে পূর্বে নির্ধাৰিত এছােৱা সময়ৰ বাবে মাহেকীয়া কিস্তিত আমানত জমা লােৱা হয় । নির্ধাৰিত সময় এইদৰে অতিবাহিত হােৱাৰ পিছত মাহেকীয়া ভিত্তিত পূর্ব জমা আৰু সুদ বা মাহেকীয়া জমাৰ দুগুণ আদায় দিয়াৰ দিহা কৰা হয় । 

( ঙ ) ৰােক পত্র :- ৰােক পত্ৰ এক প্ৰকাৰ স্থায়ী ম্যাদী জমা । কিন্তু ম্যাদোত্তীর্ণ হােৱাৰ আগতেও ইয়াক ভঙাব পাৰি । এনেদৰে ৰােক পত্ৰ ভঙালে বেংকে বাট্টা লয় । কিন্তু ৰোক পত্ৰৰ ম্যাদ অন্তত মূলৰ লগতে সুদ দিয়ে । 

( চ ) দৈনিক সঞ্চয় আঁচনিঃ এই আঁচনি মতে ক্ষুদ্র সঞ্চয়কাৰীসকলে বেংকত সদায় ধন জমা দিয়াৰ ব্যৱস্থা ৰখা হয় । দৈনিক মজুৰি উপার্জনকাৰী , ঠেলাৱাল , ৰিক্সাৱালা আদিৰ বাবে ই উপযােগী । 

( ছ ) নাবালকৰ সঞ্চয় আঁচনি :- সৰু সৰু ল’ৰা – ছােৱালীৰ মনত সঞ্চয় প্রবৃত্তি জাগ্রত কৰাৰ উদ্দেশ্যে বেংকত এই আঁচনিত জমা গ্ৰহণ কৰা হয় । কোনাে কোনাে ক্ষেত্ৰত নাবালকৰ সুবিধার্থে অতি ক্ষুদ্র সঞ্চয়ৰ ধন ৰখা উদ্দেশ্যে তলাবন্ধ সঞ্চয় বাকচৰ যােগান ধৰা হয় । সময়ে সময়ে এই বাকচৰ ধন বেংকত জমা দিয়া হয় । এই হিচাপত সীমিত পৰিমাণে টকা উলিওৱাৰ সুবিয়া দিয়া হয় । 

( জ ) উপহাৰ কিস্তি আমানত পত্ৰ :- ভাৰতীয় ষ্টেট বেংকে প্রৱর্তন কৰা ই এক অভিনৱ আঁচনি । এই আঁচনিত এশ টকীয়া , পাঁচশ টকীয়া আৰু হাজাৰ টকীয়া প্রমাণ পত্র বিক্ৰী কৰে । এনে জমা ছয় মাহ বা এবছৰৰ কাৰণে ৰখা হয় । এই জমাৰ ওপৰত অতি কম হাৰত সুদ দিয়া হয় । কিন্তু প্রমাণ পত্ৰবােৰৰ মাজত লটাৰী পদ্ধতি অৱলম্বন দিয়াৰ দিহা কৰা হয় । লটাৰী ধন পাওঁক বা নাপাওঁক জমা দাতাই ম্যাদৰ অন্তত সুদ – মূল ঘূৰাই পায় । 

( ঝ ) বীমা সংযুক্ত সঞ্চয়ী হিচাপ :- কিছুমান বেংকে সঞ্চয় হিচাপ খােলা গ্রাহক কিছুমানৰ বিনামূলীয়াকৈ জীৱন বীমাৰ সুবিধা পাবলৈ জমাদাতা ১৮ বছৰৰ পৰা ৪৯ বছৰ বয়সৰ ভিতৰত হ’ব লাগে । এনে জমাদাতা নগৰৰ হ’লে হিচাপত নিম্নতম ১০০০ টকা আৰু গাঁৱৰ হ’লে নিম্নতম ৫০০ টকা জমা ৰাখিব লাগে । এই জমাৰ ওপৰত জমাকাৰীয়ে সচৰাচৰ হাৰত সুদ পায় । আনহাতে জমাদাতাৰ মৃত্যু হলে তেঁওৰ উত্তৰাধিকাৰীয়ে জমাৰ ধন ঘূৰাই পােৱাৰ উপৰিও চুক্তিমতে বীমাৰ ধনাে লাভ কৰে ।

৬। ম্যাদী জমা হিচাপ কাক বােলে ? ইয়াৰ সুবিধা – অসুবিধাবােৰ বৰ্ণনা কৰা । 

উত্তৰঃ যেতিয়া কোনাে এজন গ্রাহকে এটা নির্দিষ্ট পৰিমাণৰ ধন এক নির্দিষ্ট সময়ৰ বাবে নির্দিষ্ট সুদৰ বিনিময়ত স্থায়ীভাৱে এটা বেংকত জমা ৰাখে , বেংকে জমা আৰু জমা ৰখা হিচাপক স্থায়ী বা ম্যাদী জমা হিচাপ বােলে । নির্দিষ্ট ম্যাদৰ অন্তত হে গ্রাহকজনে তেনে হিচাপৰ ধন উলিয়াব পাৰে । 

ম্যাদী জমা হিচাপৰ সুবিধাসমূহ হ’ল — ( ক ) ক্ষুদ্র সঞ্চয়কাৰীয়ে ম্যাদী জমা হিচাপত জমা ৰাখি বিনিয়ােগৰ সুবিধা লাভ কৰিব পাৰে । 

( খ ) ম্যাদী জমা হিচাপত বেংকে অধিক সুত প্রদান কৰে ইয়াৰ ম্যাদী জমাকাৰীক । 

( গ ) ম্যাদীজমা হিচাপৰ বিপৰীতে জমা পােৱা সমুদায় ধন নিৰাপদভাৱে কোনাে লাভজনক ঠাইত দীর্ঘ সময়ৰ বাবে বিনিয়ােগ কৰি বেংক অধিক লাভৱান হ’ব পাৰে । 

( ঘ ) ম্যাদী জমা হিচাপত ধন জমা কৰি গ্ৰাহকে নির্দিষ্ট সময়ৰ পিছত ম্যাদৰ শেষত – কোনাে এক নির্দিষ্ট ঠাইত জমা টকা খটুৱাব পাৰে । 

ম্যাদী জমা হিচাপৰ অসুবিধাবােৰ হ’ল — ( ক ) ম্যাদী জমা হিচাপত টকা জমা কৰিলে গ্রাহকে সাধাৰণতে ইয়াক নির্দিষ্ট সময়ৰ বা ম্যাদ শেষ হােৱাৰ পিছতহে উলিয়াব পাৰে । 

( খ ) এই হিচাপত জমাকাৰীয়ে বিশেষ কাৰণত ম্যাদ উকলি যােৱাৰ আগতে ইয়াৰ টকা উলিয়াব লাগিলে আগতীয়া জাননী দিব লাগে । এই ক্ষেত্ৰত বেংকে পূৰ্বৰ চুক্তিমতে সুদ নিদিয়ে । অর্থাৎ কম হাৰত সুদ দিব পাৰে । 

৭। আমানত বীমা নিগম কাক বােলে ? ই , ইয়াৰ লক্ষ্য সাধনত কৃতকার্য হৈছে নে ? 

উত্তৰঃ উনবিংশ শতিকাৰ পৰা বিংশ শতিকাৰ মাজ ভাগলৈ ভাৰতত বহুতাে বেংকৰ পতন হয় । বেংক পতন হ’লে নিৰীহ জমাদাতাসকলে যাতে কিছু হলেও উপশম পায় , সেই বিষয়ে চিন্তা কৰি আমানত বীমা আঁচনি প্ৰৱৰ্তন কৰাৰ পদক্ষেপ গ্রহণ কৰে । ইতিমধ্যে , ১৯৬০ চনৰ মে মাহত ‘ দি লক্ষ্মী বেংক’ আৰু সেই বছৰৰে আগষ্ট মাহত ‘ দি পিলাই বেংক ’ অচল হৈ পৰে । ইয়াৰ ফলত বেংক ব্যৱস্থাৰ ওপৰত জনসাধাৰণৰ আস্থা ম্লান হয় । 

এনে পৰিস্থিতিৰ সন্দৰ্ভত ভাৰতীয় ৰিজাৰ্ভ বেংকে এক আঁচনি যুগুত কৰে । এই আঁচনিৰ ভিত্তিত ১৯৬১ চনত ভাৰতীয় আমানত বীমা নিগম আইন প্রণয়ন কৰা হয় । ১৯৬১ চনৰ আইনৰ বিধানমতে ১৯৬২ চনৰ পহিলা জানুৱাৰীত ভাৰতীয় আমানত বীমা নিগম প্রতিষ্ঠা হয় । ইয়াৰ পৰিচালনা , পর্যবেক্ষণ , নীতি নির্ধাৰণ আদি বিষয় পাচ জনীয়া সঞ্চালক পৰিষদৰ ওপৰত ন্যস্ত ।

লক্ষ্য : ভাৰতীয় আমানত বীমা নিগমৰ লক্ষ্য তথা বৈশিষ্ট্যসমূহ হল – 

( ক ) প্রথমতে সকলাে প্ৰকাৰৰ বাণিজ্যিক বেংককে এই আঁচনিৰ অন্তর্ভুক্ত কৰি লােৱা হৈছে ।

( খ ) দ্বিতীয়তে , এই আঁচনিৰ যােগেদি পৰ্য্যায়ক্রমে প্রথমে ১৫০০ টকাৰ পৰা বর্তমান ৩০,০০০ টকা পর্যন্ত আমানত কাৰীৰ আমানতক সামৰি লােৱা হৈছে । 

( গ ) তৃতীয়তে , এই আঁচনিৰ দ্বাৰা চৰকাৰ তথা বাণিজ্যিক বেংক আৰু বৈদেশিক চৰকাৰৰ আমানতৰ বাহিৰে বাকী সকলাে প্ৰকাৰৰ আমানতকাৰীৰ আমানতক বীমাকৰণত সামৰি লােৱা হৈছে । 

( ঘ ) কোনাে বেংকৰ পতনৰ ফলত আমানত কাৰীসকলৰ বীমাকৃত আমানতৰ সমপৰিমাণৰ ধন ভাৰতীয় বীমা আৰু ঋণ প্রত্যাভূতি নিগমৰ পৰা ঘূৰাই পাব পাৰিব । 

( ঙ ) প্ৰতিটো বীমাকাৰী বেংকে প্রিমিয়াম হিচাপে মুঠ বীমাকৃত আমানতৰ ওপৰত প্রতি ১০০ টকাৰ ওপৰত ৪ পইচাকৈ পৰিশােধ কৰিব লাগে । অৱশ্যে এনে প্রিমিয়ামৰ হাৰ পৰিৱৰ্তনশীল । 

অর্থাৎ ভাৰতীয় আমানত বীমা নিগমৰ প্রধান লক্ষ্য হৈছে আমানত কাৰীসকলক নিৰাপত্তা প্রদান কৰা আৰু বাণিজ্যিক বেংক সুস্থভাৱে পৰিচালিত হােৱাত সহায় কৰা । কোনাে বাণিজ্যিক বেংক বন্ধ হলে নতুবা এটা বেংক আন এটাৰ লগত চামিল হলে , তাৰ জমাদাতাসকলে যাতে জমাৰ ধন ঘূৰাই পাব পাৰে তাৰ ব্যৱস্থা কৰা । বিশেষতঃ ক্ষুদ্র সঞ্চয়কাৰীসকলে যাতে সঞ্চিত ধনৰ পৰা বঞ্চিত নহয় তাৰ নিৰাপত্তা দিয়াটো নিগমৰ মূল উদ্দেশ্য । 

ভাৰতত বেংক আমানত বীমা আঁচনি প্ৰৱর্তন হােৱাৰ পৰা নানা দিশত সুফল দেখা দিছে । দেশত বেংক আমানত বীমা নিগম গঠন হােৱাৰে পৰা বেংক পতন প্রায় বন্ধ হৈছে । ১৯৭৮ চনত ভাৰতৰ ঋণ প্রত্যাভূতি নিগম আৰু আমানত বীমা নিগম সংলগ্ন কৰা হয় । তেতিয়াৰ পৰা সংলগ্ন অনুষ্ঠানটিক ‘ আমানত বীমা আৰু ঋণ প্রত্যাভূতি নিগম ’ নামেৰে সংগঠন কৰা হয় । ১৯৮৩ চনত বীমাকাৰী বেংকৰ সংখ্যা ১৭১৮ টালৈ বৃদ্ধি পায় । ইয়াৰে ভিতৰত ৮৩ টা বাণিজ্যিক বেংক ১৪৯৫ টা সমবায় বেংক । নিগমে প্রতি আমানত কাৰীক বীমাৰ দ্বাৰা ৩০,০০০ টকালৈ নিৰাপত্তা দিবলৈ সক্ষম হয় । নিৰাপত্তাৰ বাবদ কিস্তি হিচাপে নিগমে এশ টকা আমানত মাত্র চাৰি পইচা কিস্তি লয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top