Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes, কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান and select needs one.

Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Solutions for All Subject, You can practice these here…

কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান – ড° হীৰেন গোঁহাই

পাঠ: ৬

প্ৰথম গোট – গদ্য

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্রশ্ন ১: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ? 

উত্তৰঃ কেম নদীৰ উপত্যকাত অৱস্থিত । 

প্ৰশ্ন ২: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে ? 

উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধীনত একত্ৰিছ খন (৩১) কলেজ আছে । 

প্ৰশ্ন ৩: ডঃ হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম লিখা । 

উত্তৰঃ ডঃ হীৰেণ গোহাঁয়ে অধ্যয়ন কৰা কে’ম্ব্ৰিজৰ কলেজখনৰ নাম হ’ল- গণবিল এণ্ড কীইজ কলেজ । 

প্ৰশ্ন ৪: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল ? 

উত্তৰঃ ১২০৯ চনত অক্সফোৰ্ডৰ কিছুমান পণ্ডিত ব্যক্তিয়ে স্থানীয় লোকৰ লগত মিলি কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল । 

প্ৰশ্ন ৫: জৰ্জ ষ্টাইনাৰ কোন ? 

উত্তৰঃ জৰ্জ ষ্টাইনাৰ এগৰাকী বিখ্যাত মাৰ্কিন পণ্ডিত । 

(খ) চমু প্ৰশ্ন : ( মূল্যাংক – ২/৩) 

প্ৰশ্ন ১: ইউৰোপত মধ্যযুগত স্থান হোৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা ।

উত্তৰঃ পাৰি বা পেৰিছ বিশ্ববিদ্যালয়, হাইডে’লবাৰ্গ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় । 

প্ৰশ্ন ২: টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল ? 

উত্তৰঃ টমাছ আকুৱাইনাছ মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দাৰ্শনিক আছিল । আনহাতে পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্চাত্যৰ  এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত আৰু কবি আছিল ।

প্ৰশ্ন ৩: ইংলেণ্ডৰ গিৰ্জাত পৰিস্ফুট হোৱা তিনি প্ৰকাৰৰ গথিক স্থাপত্য শৈলীৰ নাম লিখা । 

উত্তৰঃ কলম, ৰিম আৰু নোটৰডাম । 

প্ৰশ্ন ৪: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰৰ অধ্যক্ষসকলক কিদৰে নিৰ্বাচন কৰা হৈছিল ? 

উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰৰ অধ্যক্ষবোৰক কলেজৰ ফে’লোসকলে নিৰ্বাচন কৰিছিল । আৰু অধ্যক্ষৰ লগ লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল । অধ্যক্ষবোৰৰ ভিতৰত বাহিৰৰ পৰা অহা বিখ্যাত পণ্ডিতো আছিল । 

প্ৰশ্ন ৫: আৰবী গ্ৰন্থত প্লেটো আৰু এৰিষ্ট’টলক কি কি নামেৰে জনা যায় ? 

উত্তৰঃ আৰবী গ্ৰন্থত প্লেটোৰ নাম ‘আফ্লাতুন’ আৰু এৰিষ্ট’টলৰ নাম ‘আৰিস্তু’ ।

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা । 

উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল । তেওঁলোক চাৰ্চৰ বা খ্ৰীষ্টীয় ধৰ্ম মণ্ডলীৰ অন্তৰ্ভুক্ত আছিল আৰু বিদ্যা চৰ্চাৰ বাবে চাৰ্চৰ অন্যান্য কামৰ পৰা তেওঁলোকক ভালেখিনি অব্যাহতি দিয়া হৈছিল । বিশ্ববিদ্যালয়বোৰে গীৰ্জাৰ পৰা পোৱা দান বৰঙণিৰ উপৰিও ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰাও অৰ্থ-সাহাৰ্য লাভ কৰিছিল । পণ্ডিতসকলেও বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি সংগ্ৰহ কৰিছিল । অৰ্থাৎ ধৰ্ম চৰ্চাৰ দৰে বিদ্যা চৰ্চাও প্ৰয়োজনীয় বুলি সেই সময়ৰ গীৰ্জাৰ পৰিচাল সকলে অনুভৱ কৰিছিল ।

কলেজৰ ফে’লোসকলে এজন অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু যুটীয়াভাৱে নিয়াৰিকৈ কলেজৰ প্ৰশাসনৰ দায়িত্ব লৈছিল ।

প্ৰশ্ন ২: ‘ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা ।’- কথাষাৰ বুজাই লিখা । 

উত্তৰঃ ইউৰোপীয় পণ্ডিতসকলে প্ৰাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ নিৰ্ধাৰণ কৰিলেও ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা । খ্ৰীষ্টানৰ পবিত্ৰস্থান জে’ৰুজালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধৰ্মমণ্ডলীৰ প্ৰধান পোপৰ উদগনিত বহু দশক জুৰি যি ক্ৰুছে’ড বা ধৰ্ম যুদ্ধ চলিছিল, তাৰ জৰিয়তে ইউৰোপীয়সকলে আৰৱসকলৰ সান্নিধ্যত এক উন্নত সভ্যতাৰ পৰা ‘মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দৰ্শন চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল । সেই আৰৱ পণ্ডিতসকলৰ ভিতৰত ইবন্ ৰুশ্বড্, চিনা আদি অনেক গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল ইউৰোপীয় বিশ্ববিদ্যালয়বোৰত । 

প্ৰশ্ন ৩: কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান-কাৰ্য সম্পৰ্কে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পাঠদান ব্যৱস্থা সুকীয়া । কলেজৰ পৰা লে’কচাৰ শুনিবলৈ ছাত্ৰসকলে বিশ্ববিদ্যালয়ৰ সুকীয়া কক্ষলৈ যাব লাগে।প্ৰতিজন প্ৰবক্তাই এনেদৰে পাঠদান কৰে যাতে ছাত্ৰ-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰি তেওঁ সেইবোৰ বক্তৃতাৰ ভিত্তিত শেষত এখন কিতাপ লিখিব পাৰে । অৰ্থাৎ বক্তৃতাবোৰত যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু অভিমত থাকিব লাগিব । কেতিয়াবা বিশ্ববিদ্যালয়ৰ বাহিৰৰ পৰা নিমন্ত্রিত পণ্ডিত তথা অনৰেৰী (অস্থায়ী) ফে’লোৱেও এটা বা দুটা টাৰ্ম ক্লাছ লৈছিল । এনেদৰে কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ত পাঠদান কৰা হৈছিল । 

প্ৰশ্ন ৪: ডঃ হীৰেণ গোহাঁইৰ সাহিত্য প্ৰতিভা সম্পৰ্কে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ স্বৰাজোত্তৰ অসমৰ সাহিত্য জগত আৰু সমাজত এগৰাকী অনন্য সাধাৰণ সমালোচক হিচাপে অগ্ৰণী ভূমিকা পালন কৰা চিন্তাবিদ, শিক্ষাবিদ, সাহিত্যিক, সম্পাদক ডঃ হীৰেণ গোহাঁইৰ জন্ম ১৯৩৯ চনত হৈছিল । তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা প্ৰাক্তন কলাগুৰু । 

হীৰেণ গোহাঁই দেৱৰ সৃষ্টিশীল কৰ্মৰ পৰিধি বহুত বহল । এতিয়ালকে তেওঁ প্ৰায় তিনি কুৰিখন গ্ৰন্থৰ উপৰিও বিভিন্ন কাকত আলোচনী আৰু সংকলনত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰিত হৈ আছে । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল – সাহিত্য আৰু সমাজ সমালোচনামূলক গ্ৰন্থ ‘সাহিত্যৰ সত্য’, ‘সমাজ আৰু সমালোচক’, ‘সাহিত্য আৰু চেতনা’, ‘বিশ্বায়তন’, ‘বন্দৰৰ কাল’, ‘কালস্ৰোত আৰু কাণ্ডাৰী’, ‘কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা’, ‘কীৰ্তন পুথিৰ ৰস বিচাৰ’ আৰু ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা’ । তেওঁৰ আত্মকথনমূলক গ্ৰন্থৰ ভিতৰত – ‘লস্ত লাগিজ’, ‘বিতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোন দিকচৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত উল্লেখযোগ্য । গোহাঁইদেৱে ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে ১৯৮৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । 

প্ৰশ্ন ৫: প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা :

          “দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে।জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয় ।”

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ডঃ হীৰেণ গোহাঁইদেৱৰ ৰচিত ‘কে’ম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজবোৰ পণ্ডিতসকলে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰিছিল । পণ্ডিতসকলে বিশ্ববিদ্যালয়ৰ বাবে প্ৰচুৰ মাটি-সম্পত্তি সংগ্ৰহ কৰিছিল, আনহাতে ধনী ব্যক্তি আৰু ব্যৱসায়ী সংঘৰ পৰা অৰ্থ সাহাৰ্যও লাভ কৰিছিল । অৰ্থাৎ ধৰ্ম-চৰ্চাৰ বাবেই বিদ্যা-চৰ্চাৰ প্ৰয়োজন বুলি এসময়ত কেথলিক চাৰ্চে উপলব্ধি কৰিছিল । কলেজৰ সদস্যসকলে অধ্যক্ষ নিৰ্বাচন কৰিছিল আৰু অধ্যক্ষৰ লগ-লাগি নিয়াৰিকৈ কলেজ পৰিচালনা কৰিছিল । কিন্তু পিছলৈ আৰৱ জগতৰ আৰ্হি আৰু প্ৰেৰণাই ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল । আৰৱ পণ্ডিতসকলে আকৌ গ্ৰীক-ৰোমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তৰ্কশাস্ত্ৰ, ঈশ্বৰতত্ব, দৰ্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি মানৱীয় জ্ঞানৰ ভঁৰাল চহকী কৰিছিল । অৰ্থাৎ যোগাযোগ আৰু বিনিময়েহে মানৱীয় জ্ঞান-বিজ্ঞানৰ উন্নতি সাধন কৰে । কেৱল সম্পত্তিৰ ৰূপত চোৱা জ্ঞান কেতিয়াও ফলপ্ৰসূ নহয় ।


AHSEC Class 11th Assamese Solutions – সাহিত্য সুভাষ

11th Class SCERT Solutions for the Assamese gives you an in-depth understanding of all the concepts. Go through the SCERT Solutions for Class 11th Assamese Solutions to be familiar with different kinds of questions. Boost your exam preparation with the study materials provided here.

Sl. No.Contents
Unit 1 গোট ১: গদ্য
Chapter 1ধনৰ ব্যৱহাৰ
Chapter 2অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
Chapter 3 গৌৰৱ
Chapter 4কিতাপৰ কথা
Chapter 5গিবন
Chapter 6কেম্ব্ৰিজ’ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠা
Chapter 7অসমৰ পুৰণি খেল-ধেমালি
Chapter 8এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
Unit 2গোট ২: চুটিগল্প
Chapter 1বিয়াৰ প্ৰেজেন্ট
Unit 3গোট ৩: কবিতা
Chapter 1ৰাৱনক বিভীষণৰ সজ উপদেশ
Chapter 2বৰগীতঃ জয় জয় যাদৱ
Chapter 3ধনবৰ আৰু ৰতনী
Chapter 4বনকুঁৱৰী
Chapter 5লাচিত ফুকন
Chapter 6ৰাজপথ
Chapter 7এখন চিঠি

Leave a Reply

error: Content is protected !!
Scroll to Top