Class 11 Assamese Chapter 13 বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা

Class 11 Assamese Chapter 13 বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes. The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter – 13 বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা and select needs one.

Class 11 Assamese Chapter 13 বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 13 বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা Solutions for All Subject, You can practice these here.

বনকুঁৱৰী – চন্দ্ৰকুমাৰ আগৰৱালা

পাঠ: ৪

তৃতীয় গোট -কবিতা 

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি ? 

উত্তৰঃ ‘বনকুঁৱৰী’ । 

প্ৰশ্ন ২: বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে কি মন্তব্য কৰিছিল ? 

উত্তৰঃ বেজবৰুৱাই ‘প্ৰতিমা’ সম্পৰ্কে মন্তব্য কৰিছিল যে – ‘প্ৰতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ’ । 

প্ৰশ্ন ৩: ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা । 

প্ৰশ্ন ৪: ‘প্ৰতিমা খনিকৰ’ বুলি কাক কোৱা হয় ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাক । 

প্ৰশ্ন ৫: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ? 

উত্তৰঃ প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

প্ৰশ্ন ১: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা ।

উত্তৰঃ ‘প্ৰতিমা’ আৰু ‘বীণ বৰাগী’ । 

প্ৰশ্ন ২: ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি কাক ক’লে কাক বুজোৱা হয় ? 

উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায় । 

প্ৰশ্ন ৩: ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ? 

উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ মাজত উমলি ফুৰা বনকুঁৱৰীৰ ৰূপ আৰু ধেমালি দেখি এক অনিৰ্বাচনীয় আনন্দৰ সন্ধান লাভ কৰিছে । জনবিশ্বাস যে বতাহে যেতিয়া মৰমৰ ভিক্ষাৰী হৈ প্ৰাণৰ অমিয়া মাধুৰী বিচাৰিছিল তেতিয়া বনকুঁৱৰীয়ে আৰু বনকুঁৱৰীৰ লগত থকা জলৰ দেৱী নীয়ৰীয়ে বতাহক মিচিকি হাঁহিৰে আনন্দিত কৰিছিল আৰু সেই আনন্দৰ ঢৌৱে সমগ্ৰ প্ৰাণীৰ প্ৰাণ শিহৰিত কৰি তুলিছিল । 

প্ৰশ্ন ৪: অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰ পৰা গ্ৰহণ কৰিছিল ? 

উত্তৰঃ অসমীয়া ৰোমান্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল নিজৰ দেশ তথা সমাজৰ পৰা সংগ্ৰহ কৰিছিল । 

প্ৰশ্ন ৫: হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ? 

উত্তৰঃ শুকান পাতৰ পৰা হাবিৰ মাজত ‘মৰ্ – মৰ্’ ধ্বনি উঠিছিল । 

প্ৰশ্ন ৬: প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন ? 

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: ‘বনকুঁৱৰী’ কবিতাটিৰ মূলভাব লিখা ।

উত্তৰঃ জোনাকী কাকতৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশিত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটো অসমীয়া ৰোমান্টিক কবিতাৰ প্ৰথম প্ৰকাশ, সাৰ্থক উন্মেষ । পিছলৈ প্ৰতিমা নামৰ কাব্যপুথিত সংকলিত হোৱা এই কবিতাটো এটি উল্লেখনীয় গীত কবিতা আৰু অসমীয়া প্ৰথম কাহিনী গীত বা মালিতা । 

বনকুঁৱৰী কবিতাত এটি কাহিনী আছে যদিও সুসংবদ্ধ নহয় । বনকুঁৱৰীৰ কাহিনী ভাগত এটি আধি দৈৱিক জগতখনহে প্ৰতিফলিত হৈছে এই কবিতাটোৰ আকৰ্ষণীয় দিশ হ’ল সংবেদনশীল মানৱীয় আবেদন । কথা বস্তুৰ তুলনাত ইয়াৰ নৈসৰ্গিক চিত্ৰহে অধিক আকৰ্ষণীয় । 

নিয়ম দুপৰীয়া আপোন মনে বনৰ মাজত সুহুৰি মাৰি হালি জালি দেও দি দি নাচি নাচি ফুৰা বনকুঁৱৰীয়ে ইটিয়ে সিটিক মৰম যাচিছে । প্ৰকৃতি জীয়ৰী বনকুঁৱৰী যেন সংসাৰৰ বিষয় বাসনাৰ পৰা বহু আঁতৰত । উজ্জ্বল মুখখনি, শিৰত মৰকতমনি, বিবিধ বন লতাৰ আভূষণেৰে সজ্জিত বনকুঁৱৰী দেৱী নে আন কিবা কবিয়ে ধৰিব পৰা নাই । আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া  গাভৰুৰ চিত্ৰ অংকন কৰিছে । তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন । প্ৰকৃতিৰ এই অনিৰ্বচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে । তেওঁ সেয়েহে প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰি টুক্ টুক্ চাপৰি বজোৱা ছোৱালীজনী । প্ৰকৃতিৰ সত্বাৰ এই ভুৱন ভুলোৱা ৰূপত তেওঁ বিমোহিত হৈছে, মিচিকণি হাঁহিৰ এটি সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দেৰে ভৰপূৰ হৈ পৰিছে । 

কবিতাটোৰ আকৰ্ষণীয় দিশটো হ’ল প্ৰকৃতিৰ মানবয়ন । প্ৰকৃতিক তেওঁ বনকুঁৱৰীৰ ৰূপত কল্পনা কৰিছে যাৰ সত্বা কবিৰ বাবে এগৰাকী পূৰ্ণযৌৱনা চঞ্চলা গাভৰুৰ দৰে । কিন্তু তেওঁৰ ৰূপত বা চাল-চলনত কোনো কৃত্ৰিমতা নাই । সম্পূৰ্ণ স্বাভাৱিক, ঠিক প্ৰকৃতিৰ বুকুত লালিত-পালিত হোৱা সৰল মনৰ গাভৰু গৰাকীৰ দৰে । চঞ্চলতা আছে; ৰাংঢালী, মুকলিমূৰীয়া কিন্তু কৃত্ৰিম নহয় । কবিতাটোত প্ৰকৃতিৰ এই ৰূপ লাৱণ্যকে মানৱী ৰূপত কল্পনা কৰা হৈছে । 

প্ৰশ্ন ২: ‘বনকুঁৱৰী’ কবিতাটিৰ প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা । 

উত্তৰঃ বনকুঁৱৰী কবিতাটিত কবিয়ে প্ৰকৃতিৰ বিভিন্ন ৰূপৰ মনোমোহা বৰ্ণনা দিছে আৰু এই বৰ্ণনা দাঙি ধৰিছে এগৰাকী ৰাংঢালী গাভৰুৰ কল্পনাৰ মাজেৰে । 

প্ৰকৃতিয়ে যেন নিজম দুপৰীয়া বনৰ মাজত সুহুৰি মাৰিছে, হালি জালি ফুৰিছে । গহীন গছবোৰত যেন বনকুঁৱৰীজনী বতাহত ছাটৰ দৰে । পাতবোৰ কঁপাই যায় । গছবোৰক সাৱটি ধৰি মৰম যাচে । ফুটা নুফুটা মাতেৰে তাই মৰমৰ গীত জুৰিছে । গছবোৰে নৈৰ মুখলৈ চাই হাঁহি মাৰি হালি পৰিছে । নৈৰ বুকুতো কুলু কুলু শব্দ যেন বুজিব নোৱাৰা বহুত কথা । গছৰ আগত ময়না চৰাইটিয়ে মাত মাতি নিচুপ হৈ পৰিল; কিন্তু সেই মাত শুনাৰ হেঁপাহ শেষ নহ’ল । আৰু শুনো শুনোঁকৈ মনৰ হেঁপাহ মনতে ৰ’ল । সেই বকুল জোপা দেখি কবিয়ে ভাবিছে যে এইখন নিশ্চয় কাৰোবাৰ তামোল লেটকুৰে ভৰা ঘৰেই আছিল । এতিয়া এৰাবাৰী হ’ল । বাঁহৰ ছাঁত গজা গজালিবোৰ দেখিলে কোনোবা ঘূৰি ফুৰা যেন লাগে । আচলতে বাঁহৰ মাজে মাজে জুৰ মলয়া ছাটিহে ঘূৰি ফুৰিছে । 

গছৰ পাতবোৰে ইটি সিটি লগ লাগি ফুচফুচাই মেল পাতিছে, মিচিকি মাচাক হাঁহিছে । সুখৰ যেন কোনোবাই সুৰ সুৰাইহে দিছেহি । 

কপৌ দুটিয়ে গাত-গা লগাই মুখত মুখ দি আছে, অকণী বুকুৰ মাজতে ইটিয়ে সিটিক সুমুৱাই মৰম যাচিছে । ফুলৰ পাহি যে কোনোবা প্ৰেত কন্যাই আহি যেন জানৰ কাষত হৰিণা পোৱালিটিক পানী খুৱাইছেহি । ৰ’ লাগি চাই থাকে । কিনো চাইছ বুলি সুধিলে লাজতে গাল ৰঙা পৰি যায় । দেও দি লৰি গৈ সিহঁত মাজ পালেগৈ আৰু বনফুলৰ সাজ পিন্ধি আঁহতৰ তলত নাচিবলৈ ধৰিলে । মুকলি মনেৰে টুক্ টুক্ চাপৰি বজাই নাম গোৱা দেৱকন্যাহে যেন । খিল খিলাই হাঁহি দিহা দিহি যায় । কোনোবা জনীয়ে ফুল চিঙে । কোনোবা জনীয়ে কপৌৰ বাহলৈ উৰি গৈ চুমা যাচে । 

খোপাত বনৰ পখিলা, শ্যামলী শৰীৰত বনফুলৰ বিভিন্ন আভূষণ, শিৰত মৰকত মণিৰে সুশোভিতা হৈ বনকুঁৱৰী ওলাইছে । লগত জলৰ দেৱী নিয়ৰ (নিয়ৰী) নিয়ৰৰ টুপালবোৰ মুকুতা মণিৰ দৰে শোভা কৰিছে । বন-বননিৰ নানান সৌন্দৰ্য আৰু সুন্দৰ সুভাসেৰে পৰিপূৰ্ণ হৈ উঠিছে তাই । তাই যেন জুৰ বতাহছাটি বোৱাই আনিছে । সেই বতাহে উৰি আহিছে কেতেকীৰ সুভাস । কেতেকীৰ গোন্ধত চৌদিশ মলমলাই গৈছে । বতাহে হাঁহি মাৰি মৰমৰ সমিধান বিচাৰিছে । দুয়ো গৰাকী প্ৰকৃতি কুঁৱৰীয়ে মিচিকি হাঁহিৰে তাৰ প্ৰতিদান দিছে আৰু সকলোৰে মনত আনন্দৰ ঢৌ উঠিছে । 

কবিতাটোত কবিয়ে অতি সূক্ষ্মভাৱে প্ৰকৃতিৰ বিভিন্ন ৰূপ আৰু বিচিত্ৰ খেলা পৰ্যবেক্ষণ কৰিছে । প্ৰতিটো ৰং ৰূপৰ মাজতে বিচাৰি পাইছে এক মানৱী সত্বাৰ উপলব্ধি । প্ৰকৃতিৰ মাজত এনে ৰং ৰূপৰ পোহাৰ মেলিছে যেন কোনোবা বনকুঁৱৰীয়ে । সেই বনকুঁৱৰীৰ পৰশত চাৰিওফালে সুন্দৰতা ভৰি পৰিছে । প্ৰকৃতিৰ সৌন্দৰ্য্য, চঞ্চলতা, চপলতা, মুকুলিমূৰীয়া মনটোৰ চিত্ৰকে কবিয়ে অতি নিটোল ৰূপত ফুটাই তুলিছে । 

প্ৰশ্ন ৩: ‘বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্ৰাকৃত পৰিবেশৰ সৃষ্টি কৰিছে বুজাই লিখা । 

উত্তৰঃ বনকুঁৱৰী কবিতাটোত কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ অনুভৱে কেনেকৈ প্ৰাণীজগতক অপাৰ্থিৱ অনিৰ্বাচনীয় আনন্দ দিব পাৰে, কবিয়ে তাকেই প্ৰকাশ কৰিব বিচাৰিছে । চাক্ষুস দৃষ্টিৰে প্ৰত্যক্ষ কৰা প্ৰকৃতি জগতখনৰ মাজত যে আন এক অপাৰ্থিৱ সত্তা লুকাই আছে কবিয়ে যেন তাৰেই সন্ধান দিব বিচাৰিছে । 

প্ৰশ্ন ৪: চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ।

উত্তৰঃ অসমীয়া কবিতাৰ প্ৰথম প্ৰকাশ সাৰ্থক উন্মেষ ঘটোৱা ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয় ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত । কলিকতাত উচ্চশিক্ষা লাভ কৰি থকাৰ সময়তে তেওঁ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা গঠনত আগভাগ লয় আৰু জোনাকী কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে থাকি অসমীয়া ভাষা সাহিত্যৰ সৰ্বাঙ্গীন বিকাশৰ হকে আত্মোৎসৰ্গা কৰিবলৈ ধৰে । ১৮৮৯ চনত প্ৰকাশিত জোনাকী কাকতৰ তেৱেঁই আছিল প্ৰতিষ্ঠাপক সম্পাদক । চন্দ্ৰকুমাৰৰ জোনাকীত প্ৰকাশ হোৱা ‘বনকুঁৱৰী’ নামৰ লিৰিকটোৱেই প্ৰথম অসমীয়া ৰোমান্টিক কবিতা । তেওঁৰ জোনাকীত প্ৰকাশ হোৱা ৩৫ টা কবিতাপুথি আকাৰত ছপোৱা পুথিখন আছিল ‘প্ৰতিমা’ । বেজবৰুৱাই প্ৰতিমাৰ বিষয়ে লিখিছে যে “প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ” । তেওঁৰ আনখন কবিতাপুথি হ’ল “বীণ বৰাগী” । তেখেতে ‘অসমীয়া’, ‘সাদিনয়া অসমীয়া’ আৰু ‘তিনিদিনীয়া অসমীয়া’ আদি কাকত সুখ্যাতিৰে পৰিচালনা কৰে । স্বতন্তৰীয়া ব্যৱসায়েৰে আত্ম প্ৰতিষ্ঠা কৰা আগৰৱালাদেৱে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে নিস্বাৰ্থভাৱে ভালেখিনি সেৱা আগবঢ়াই থৈ যায় । ১৯৩৭ চনত গুৱাহাটীৰ নিজা ঘৰত তেওঁৰ মৃত্যু হয় । 

Sl. No.Contents
Unit 1 গোট ১: গদ্য
Chapter 1ধনৰ ব্যৱহাৰ
Chapter 2অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
Chapter 3 গৌৰৱ
Chapter 4কিতাপৰ কথা
Chapter 5গিবন
Chapter 6কেম্ব্ৰিজ’ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠা
Chapter 7অসমৰ পুৰণি খেল-ধেমালি
Chapter 8এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
Unit 2গোট ২: চুটিগল্প
Chapter 1বিয়াৰ প্ৰেজেন্ট
Unit 3গোট ৩: কবিতা
Chapter 1ৰাৱনক বিভীষণৰ সজ উপদেশ
Chapter 2বৰগীতঃ জয় জয় যাদৱ
Chapter 3ধনবৰ আৰু ৰতনী
Chapter 4বনকুঁৱৰী
Chapter 5লাচিত ফুকন
Chapter 6ৰাজপথ
Chapter 7এখন চিঠি

প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ

(ক)    অথিৰ বায়ু শিয়ঁৰিল নোম, 

                       উছলাইছে গৈ জান

            কাৰণ নেদেখা আনন্দৰ ঢৌৱে 

                        বুৰালে প্ৰাণীৰ প্ৰাণ । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি অসমলৈ ৰমন্যাসৰ বাট কাটোতা কবি চন্দ্ৰকুমাৰ আগৱালা দেৱৰ । আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট তেখেতৰ ‘বনকুঁৱৰী’ নামৰ গীত কবিতাটোৰ পৰা এই ফাঁকি কবিতা লোৱা হৈছে । 

কবিয়ে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হোৱা পৰিবৰ্তনৰ কথা কবলৈ গৈ এই কথাৰ অৱতাৰণা কৰিছে । 

বন্য ফুল পাতেৰে সজ্জিতা বনকুঁৱৰীৰ ৰূপ সৌন্দৰ্যই বতাহক বলিয়া কৰিছে । মুগ্ধ বতাহে সেয়েহে মৰমৰ সমিধান বিচাৰিছে । বনকুঁৱৰী আৰু জলকোঁৱৰী দুয়ো মিচিকিয়া হাঁহিৰে বতাহৰ প্ৰতি সমিধান দিছে । দুই কুঁৱৰীৰ এনে সমিধানত অস্থিৰ হৈ থকা বতাহৰ নোম যেন সিয়ৰি উঠিছে । এই শিহৰণে জান জুৰি পানী উছলাই তুলিছে । এক অজান আনন্দত সকলোৰে মন ভৰি পৰিছে । আচলতে কবিয়ে প্ৰকৃতিৰ মাজত চলি থকা এই বিচিত্ৰ লীলাক মানৱীয় ৰূপত প্ৰত্যক্ষ কৰিছে আৰু মানুহৰ প্ৰেম ভালপোৱা তাৰ মাজতেই অনুভৱ কৰিছে । 

(খ)     মুকলি চুলিৰে নাম গাই ঘূৰি 

                     চাপৰি টুক্ টুক্ টুক্ ।

            ৰূপহীৰ মেল দেৱযোনি খেল 

                     মানুহে নেদেখা মুখ । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ সন্নিবিষ্ট চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে । 

কবিয়ে কবিতাটিত বিভিন্ন চিত্ৰ অতি সযতনে তুলি ধৰিছে আৰু প্ৰকৃতিক তেওঁ মানৱীয় ৰূপত কল্পনা কৰিছে । বনকুঁৱৰীয়ে যেন প্ৰকৃতি জগতখনক মূহময়ী কৰি তুলিছে । আচলতে কবিয়ে এগৰাকী মুকলিমূৰীয়া গাভৰুৰ চিত্ৰ অংকন কৰিছে । তেওঁ প্ৰকৃতিৰ মাজত বিচাৰি পাইছে সেই উন্মুক্ত যৌৱন । প্ৰ্ৰকৃতিৰ এই অনিৰ্বাচনীয় ৰূপ আৰু স্বাধীন সত্বাটোৱে কবিক আকৰ্ষিত কৰিছে । সেয়ে তেওঁ প্ৰকৃতিৰ মাজতে বিচাৰি পাইছে মুকলি চুলিৰে নাম গাই ঘূৰি ফুৰা টুক্ টুক্ চাপৰি বজোৱা ছোৱালীজনী । প্ৰকৃতিৰ সত্বাৰ এই ভুৱন ভলোৱা ৰূপত তেওঁ বিমোহিত হৈ মিচিকণি হাঁহিৰ এটা সমিধান বিচাৰিছে আৰু তাতেই তেওঁৰ প্ৰাণ আনন্দৰে ভৰপূৰ হৈ পৰিছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top