Class 11 Assamese Chapter 11 বৰগীত: জয় জয় যাদৱ

Class 11 Assamese Chapter 11 বৰগীত: জয় জয় যাদৱ, Class 11 Assamese Question Answer SEBA, HS 1st year Assamese notes, বৰগীত class 11 The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Assamese Chapter – 11 বৰগীত: জয় জয় যাদৱ and select needs one.

Class 11 Assamese Chapter 11 বৰগীত: জয় জয় যাদৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Assamese Chapter – 11 বৰগীত: জয় জয় যাদৱ Solutions for All Subject, You can practice these here…

বৰগীত :জয় জয় যাদৱ – শংকৰদেৱৰ

পাঠ: ২

তৃতীয় গোট -কবিতা 

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

উত্তৰঃ ‘মন মেৰি ৰাম চৰণহি লাগু’ ।

প্ৰশ্ন ২: শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ? 

উত্তৰঃ ভক্তি ৰত্নাকৰ । 

প্ৰশ্ন ৩: শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল ? 

উত্তৰঃ ছয়খন ।

প্ৰশ্ন ৪: বৰগীতবোৰ কি ভাষাত ৰচিত ? 

উত্তৰঃ ব্ৰজাৱলী ভাষাত ।

প্ৰশ্ন ৫: শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি ? 

উত্তৰঃ হৰিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে । এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক – ২/৩) 

প্ৰশ্ন ১: ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি ? ইয়াৰ দ্ধাৰা কাৰ কথা কোৱা হৈছে ? 

উত্তৰঃ ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰা ।ইয়াৰ দ্ধাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে । তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰবল জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

প্ৰশ্ন ২: বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা ।

উত্তৰঃ মধুৰিপু আৰু মুৰনাশী । 

প্ৰশ্ন ৩: বৰগীতটিত ভগৱানৰ শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে ? 

উত্তৰঃ ‘মহদানন্দ কন্দ’ মানে মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ । শ্ৰীকৃষ জগতৰ সকলোৱে জীৱন শ্বৰূপ আৰু সকলোৰে দুখহৰ্তা । তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ । সেই কাৰণে শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে । 

প্ৰশ্ন ৪: শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল ? 

উত্তৰঃ শ্ৰীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল । তেওঁ প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল । 

প্ৰশ্ন ৫: বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে ? 

উত্তৰঃ শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য ।

ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে । ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা । 

উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে । বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । 

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

এই জগতৰ জীৱন স্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে বিৰাজমান । শ্ৰীকৃষ্ণই ৰাক্ষসকলক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে । পিতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে । শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে । 

প্ৰশ্ন ২: বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মঙ্গলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা । 

উত্তৰঃ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা । তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত মৎস্য অৱতাৰ লৈ বেদমূহক উদ্ধাৰ কৰিছিল । দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ । শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয় । চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে । 

প্ৰশ্ন ৩: বৰগীতটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অব্যয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা । 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মঙ্গলময় ৰূপৰ উপৰিও অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে । 

শ্ৰীকৃষ্ণ এই জগতৰ জীৱন স্বৰূপ । তেৱেঁই সত্য আৰু সনাতন মঙ্গলময় । শিৱৰূপে জগতত বিৰাজমান । সেইবাবেই তেওঁক সত্যম শিৱম সুন্দৰম বুলি কোৱা হয় । বৰগীতটোত শ্ৰীমন্ত শংকৰদেৱে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে বুলি উল্লেখ কৰিছে । অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্যই সকলোকে মোহিত কৰিছে । 

প্ৰশ্ন ৪: বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্ৰকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য । ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় । বৰগীতটিত ‘জগত জনজীৱন অৰ্জন জনাৰ্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে । ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে । গতিকে চাবলৈ গ’লে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উৎকৃষ্ট সৃষ্টি । 

Sl. No.Contents
Unit 1 গোট ১: গদ্য
Chapter 1ধনৰ ব্যৱহাৰ
Chapter 2অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ
Chapter 3 গৌৰৱ
Chapter 4কিতাপৰ কথা
Chapter 5গিবন
Chapter 6কেম্ব্ৰিজ’ৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠা
Chapter 7অসমৰ পুৰণি খেল-ধেমালি
Chapter 8এভাৰেষ্টৰ সপোন আৰু বিভীষিকা
Unit 2গোট ২: চুটিগল্প
Chapter 1বিয়াৰ প্ৰেজেন্ট
Unit 3গোট ৩: কবিতা
Chapter 1ৰাৱনক বিভীষণৰ সজ উপদেশ
Chapter 2বৰগীতঃ জয় জয় যাদৱ
Chapter 3ধনবৰ আৰু ৰতনী
Chapter 4বনকুঁৱৰী
Chapter 5লাচিত ফুকন
Chapter 6ৰাজপথ
Chapter 7এখন চিঠি

প্ৰশ্ন ৫: ব্যাখ্যাঃ 

(ক)    জগজনজীৱন এজন জনাৰ্দন দনুজদমন দুখহাৰী । 

         মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।

উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । 

ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ আৰু তেৱেঁই যে সকলো আনন্দৰ মূল কাৰণ তাকেই কোৱা হৈছে ।

শ্ৰীকৃষ্ণ এই জগতৰ সকলোৰে জীৱনস্বৰূপ । তেওঁৰ নাম শুনা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল । তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগত বন্ধুবিধ’ বুলিও কোৱা হয় । ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে ।

1 thought on “Class 11 Assamese Chapter 11 বৰগীত: জয় জয় যাদৱ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top