Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব

Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব, HS 1st year Anthropology notes, সামাজিক নৃতত্ত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 5 সামাজিক নৃতত্ত্ব Notes for All Subject, You can practice these here.

সামাজিক নৃতত্ত্ব

Chapter – 5

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ


১। সামাজিক নৃতত্ত্ব কি ? ইয়াৰ পৰিসৰ আলোচনা কৰা । 

উত্তৰঃ নৃতত্ত্ব হৈছে মানৱ বিজ্ঞান । ইয়াক দুটা প্রধান ভাগত ভাগ কৰা হৈছে । এইকেইটা হ’ল – আবয়বিক আৰু সাংস্কৃতিক নৃতত্ত্ব । সামাজিক নৃতত্ত্ব হৈছে সাংস্কৃতিক নৃতত্ত্বৰ এটা ভাগ । প্রাকৃতিক বিজ্ঞান আৰু আবয়বিক নৃতত্ত্বতকৈ সামাজিক নৃতত্ত্ব নতুন । বিশিষ্ট সমাজতত্ত্ববিদ ইভান পিটাৰ্চৰ মতে ” Social Anthropology is a social history or the history of the Institution . ” RM Mac Iver and C page সমাজৰ বিষয়ে এইদৰে মন্তব্য কৰিছে— ” Society is a system of usages and procedures of authority and mutual aid , of many groupings and divisions , of control of human behaviour and of liberties ‘ অর্থাৎ সমাজ হ’ল এটি সামূহিক ব্যৱস্থা যত নিহিত হৈ আছে প্রচলিত আচাৰ – ব্যৱহাৰ , কাৰ্যপদ্ধতি , কৰ্তৃাদি আৰু পাৰস্পৰিক সাহায্য , বিভিন্ন গোট আৰু বিভাজন , ব্যক্তিৰ আচৰণ আৰু স্বতন্ত্রতা নিয়ন্ত্রণ । সামাজিক নৃতত্ত্বৰ পৰিসৰ যিদৰে বিস্তৃত ঠিক সেইদৰে সীমাবদ্ধও ৷ কাৰণ সামাজিক নৃতত্ত্বৰ ক্ষেত্ৰত সামাজিক সম্বন্ধসমূহে বিশেষ ভূমিকা গ্রহণ কৰে । কাৰণ এই সামাজিক সম্বন্ধসমূহৰ দ্বাৰা সমাজ গঠন হয় । 

কোনো এখন সমাজৰ সামাজিক জীৱনৰ ওপৰত আলোকপাত কৰিব লগীয়া হ’লে প্রথমে সামাজিক সম্বন্ধস অধ্যয়ন কৰা হয় । সামাজিক অনুষ্ঠানসমূহ হৈছে সমাজ গঠনৰ বাস্তৱ ৰূপ । এখন সমাজৰ সকলো ব্যক্তিয়েই আন্তঃ সম্বন্ধৰ দ্বাৰা ইজনে সিজনৰ লগত জড়িত হৈ থাকে । সমাজ এখনৰ বিষয়ে অধ্যয়ন কৰিবলৈ যাওঁতে সেই সমাজখনত বাস কৰা লোকসকলৰ ভাষা , চিন্তাধাৰা , কলা আদিৰ বিষয়েও অধ্যয়ন কৰা হয় ৷ সমাজ এখনৰ পুৰুষ আৰু মহিলাৰ মাজৰ সম্বন্ধৰ বিষয়ে জানিবলৈ সামাজিক অনুষ্ঠান– বিবাহ আৰু পৰিয়ালৰ ওপৰত অধ্যয়ন কৰা হয় । সামাজিক নৃতত্ত্বৰ অধ্যয়নত সৰল আৰু জটিল উভয় সমাজৰ বিষয়ে অধ্যয়ন কৰা হয় । এই ক্ষেত্ৰত সামাজক নীতি – নিয়ম , চিন্তা – চৰ্চা , আচাৰ – ব্যৱহাৰ , সামাজিক অনুষ্ঠান প্রতিষ্ঠান আদিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে । 

সামাজিক নৃতত্ত্বই বিবাহ , মৃত্যু , জন্ম আদিৰ লগত জড়িত বিভিন্ন নীতি – নিয়মৰ ওপৰতো আলোচনা কৰে । সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে কাৰ দ্বাৰা প্ৰৱাহিত হয় আদিৰ ওপৰতো সামাজিক নৃতত্ত্বই অধ্যয়ন কৰে।বিভিন্ন ভৌতিক বিশ্বাস , লৌকিক বিশ্বাস , পাপ – পুণ্য আদিৰ অতীতৰ পৰা বৰ্তমানলৈকে হোৱা পৰিৱৰ্তনসমূহৰ ওপৰতো সামাজিক নৃতত্ত্বই অধ্যয়ন কৰে । সামাজিক নৃতত্ত্বই অতীৰ আৰু বৰ্তমানত বৰ্তি থকা সকলো সমাজৰ সামাজিক গঠনৰ ওপৰত আলোচনা কৰে । কিন্তু ইয়াৰ পৰিসৰ এইখনিতে সীমাবদ্ধ । কাৰণ ই সামাজিক অনুষ্ঠানসমূহৰে কেৱল সাঙুলি লয় ৷ 

২। সামাজিক নৃতত্ত্ব মানে কি ? 

উত্তৰঃ সামাজিক নৃতত্ত্ব হৈছে সাংস্কৃতিক নৃতত্ত্বৰ এটা ভাগ । নৃতত্ত্বই সামগ্রিকভাৱে মানৱ সম্পর্কে সকলো দিশৰ ওপৰত আলোচনা কৰে । কিন্তু সামাজিক নৃতত্ত্বই কেৱল মানুহৰ সমাজ ব্যৱস্থাৰ ধাৰা আৰু ইয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে ৷ 

৩। সামাজিক নৃতত্ত্বৰ অৰ্থ লিখা । 

উত্তৰঃ মানৱ সমাজ হ’ল মানৱৰ দ্বাৰা গঠিত সমূহীয়া গোট । এই গোটবোৰৰ পৰিসৰ বৰ বিস্তৃত । ইয়াক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে— সামাজিক গোটসমূহ আৰু সামাজিক প্রতিষ্ঠানসমূহ । সামাজিক গোটৰ ব্যক্তিসকল গোটৰ নিৰাপত্তা আৰু উন্নতিৰ বাবে দায়বদ্ধ । সামাজিক প্রতিষ্ঠানসমূহ গঠিত হয় সমাজ এখন সুচাৰুৰূপে চলিবলৈ । সমাজ গঢ়ি উঠিছে মানুহৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ প্রচেষ্টাৰ ফলস্বৰূপে।আদিম অৱস্থাৰ পৰা মানৱ সমাজৰ ক্ৰমাগত উন্নতিৰ ফলত সংস্কৃতিৰ আৰম্ভ হ’ল আৰু ক্ৰমান্বয়ে ইয়াৰ জৰিয়তে মানুহে উন্নত জীৱন যাপন কৰিবলৈ ধৰিলে । সংস্কৃতিৰ লগে লগে মানুহৰ সমাজো সংগঠিত হ’ল । পৃথিৱীৰ বিভিন্ন এলেকাত মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিলে আৰু এনেদৰেই সমাজৰ সৃষ্টি হ’ল । 

৪। সমাজৰ তিনিটা ভাগ কি কি ? 

উত্তৰঃ সমাজক প্রধানতঃ তিনিটা ভাগত ভাগ কৰিব পাৰি । 

( i ) গাঁৱলীয়া সমাজ :- অর্থাৎ গাঁৱত বাস কৰা সমাজ । এই সমাজক নিম্নস্তৰৰ সমাজ বুলিও ক’ব পাৰি । ইয়াৰ জনসংখ্যা বেছি নহয় । এই সমাজৰ লোকসকল পৰস্পৰে পৰস্পৰৰ লগত পৰিচিত আৰু এক আত্মীয়তাৰ ভাবত বান্ধ খাই থাকে । 

( ii ) মধ্যৱৰ্তী সমাজ :- নগৰৰ মানুহৰ সমাজক মধ্যৱৰ্তী সমাজ বুলি আখ্যা দিব পাৰি । কাৰণ ইয়াৰ প্ৰত্যেক লোকে আন সকলো লোকৰ লগত পৰিচিত নহয় । নগৰৰ সমাজৰ লোকসকলৰ মাজত আত্মীয়তাবোধৰ প্ৰৱণতাৰ কম থাকে । 

( iii ) বৃহৎ সমাজ :- প্রাদেশিক , দেশীয় আৰু বিশ্বৰ সমাজক বৃহৎ সমাজ বুলিব পাৰি ৷ বিশ্বৰ সমাজক মহাবৃহৎ সমাজ বুলিও আখ্যা দিব পাৰি।

৫। সমাজ আৰু সমূহৰ পাৰ্থক্য লিখা ৷ 

উত্তৰঃ ( i ) সমাজ সামাজিক আন্তঃসম্বন্ধৰ জালসদৃশ । আনহাতে সমূহ কিছুমান ব্যক্তিৰ দ্বাৰা গঠিত এটা গোট ৷ 

( ii ) সমাজৰ কাৰণে নিৰ্দিষ্ট এলেকা নাথাকে , আনহাতে সমূহৰ নিৰ্দিষ্ট এলেকা অপৰিহাৰ্য । 

( iii ) সমাজৰ এটাতকৈ অধিক মানুহ অন্তর্ভুক্ত আনহাতে সমুহত এটাতকৈ অধিক সমাজ থাকিব পাৰে । 

( iv ) সমাজত সমূহীয়া ভাবনা বা ঐক্য তাৰ জৰুৰী নহয় , আনহাতে সমূহত সমূহীয়া ভাবনা অতি প্রয়োজনীয় । 

( v ) সমাজত উমৈহতীয়া স্বাৰ্থ আৰু লক্ষ্য প্রয়োজনীয় নহয় , আনহাতে সমূহত উমৈহতীয়া স্বাৰ্থৰ চুক্তি উদ্দেশ্য অতি জৰুৰী । 

৬। মানুহৰ সমাজ আৰু জীৱ – জন্তুৰ গোটৰ মাজত কিবা পার্থক্য আছেনে ? আলোচনা কৰা । 

উত্তৰঃ জীৱ – জন্তুৰ সামাজিক আচৰণ স্থায়ী আৰু বংশগত । ইহঁতৰ ক্ৰমবিভাজন জৈৱিক বিশেসাতৰ ওপৰত আধাৰিত । ইহঁতে নিশিকাকৈয়ে সহজাত প্রবৃত্তিৰ বলত নিজৰ কামবোৰ কমে । জীৱ – জন্তুবোৰৰ চিঞৰ – বাখৰ , অংগী – ভংগীৰ বাহিৰে কোনো বিশেষ ভাষা নাই । ইয়াৰ দ্বাৰাই ইহঁতে ভাবৰ আদান – প্রদান কৰে । ইহঁতৰ সতি – সস্তানবিলাক অতি কম সময়ত ডাঙৰ দীঘল হয় । ইহঁতৰ বুদ্ধি – বৃত্তি কম । আনহাতে মানুহৰ নিজস্ব কিছুমান সামাজিক আচৰণ আছে । 

এই সামাজিক আচৰণবোৰ এটা শিশুৱে পিতৃ – মাতৃ আৰু ওচৰ – চুবুৰীয়াৰ পৰা শিকি লয় । মানুহৰ কৰ্ম বিভাজন নাৰী আৰু পুৰুষৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি বিভাজন কৰা হয় ৷ মানৱ সমাজ সামাজিক বিৱৰ্তনৰ পৰিণতি । মানৱৰ সৃষ্টিৰ পিছত সামাজিক বিৱৰ্তনৰ ফলস্বৰূপে মানুহে বৰ্তমান অৱস্থাত উপনীত হৈছে । মানুহৰ সু – সংগঠিত ভাষা আছে ৷ ইয়াৰ সহায়ত ভাবৰ আদান – প্রদান কৰে । মানুহৰ সম্ভান ডাঙৰ – দীঘল হ’বলৈ কিছু সময় লাগে । মানুহৰ নিজস্ব সংস্কৃতি আছে আৰু উন্নত বুদ্ধিমত্তাৰ কাৰণে মানুহে পৰিৱেশৰ পৰা নানা সামগ্ৰী তৈয়াৰ কৰি তেওঁলোকৰ চাহিদা পূৰণ কৰিব পাৰিছে আৰু প্ৰগতিৰ পথত দুপদ দুপে আগ বাঢ়ি গৈছে । 

৭। সমাজ আৰু সামাজিক সমষ্টিৰ মাজত থকা দুটা পার্থক্য লিখা । 

উত্তৰঃ সামাজিক গোটসমূহ সাধাৰণতে বিভিন্ন আধাৰৰ ওপৰত গঠিত হয় । উদাহৰণস্বৰূপে , লিংগ , বয়স , আত্মীয়তা , সামাজিক স্তৰ , স্থান, ৰাজনৈতিক ক্ষমতা , জৈৱিক বৃত্তি , যাদুবিদ্যা বা ধর্ম আৰু স্ব – ইচ্ছাই একত্রিত হোৱা লোকসকলৰ গোট । ঠিক সেইদৰে এই সামাজিক গোটবোৰ এটা আনটোৰ লগত আন্তঃসম্বন্ধবে জড়িত । অর্থাৎ একেজন লোকেই ভিন ভিন গোটৰ সদস্য হ’ব পাৰে । এজন পৰিয়ালৰ লোকেই গাঁও এখনৰ সদস্য হ’ব পাৰে আৰু আত্মীয়জনেৰেক গঠিত গোত্ৰৰো সদস্য হ’ব পাৰে । তেওঁ এটা ৰাজনৈতিক দলৰো সদস্য হ’ব পাৰে নাইবা কোনো অর্থনৈতিক সংস্থাৰো সদস্য হ’ব পাৰে । 

আনহাতে সামাজিক অনুষ্ঠানসমূহ গঢ় লৈ উঠিছে সমাজৰ বিভিন্ন চাহিদা পূৰণৰ বাবে । এই অনুষ্ঠানসমূহ সমাজৰ ৰীতি – নীতি , মতবাদ , ধৰ্মীয় ক্ৰিয়া আৰু বিভিন্ন কাৰ্যৰ ওপৰত ভিত্তি কৰি সংগঠিত হয় । অনুষ্ঠানৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু এটা উদ্দেশ্য থাকে । প্রত্যেক অনুষ্ঠানৰে কিছুমান নিয়ম – কানুন থাকে আৰু সেইবোৰ সকলো সদস্যই মানি চলিব লাগে । 

৮। সামাজিক গোট কি কি আধাৰক ভিত্তি কৰি গঠিত হ’ব পাৰে ৷ উদাহৰণসহ আলোচনা কৰা । 

উত্তৰঃ প্রত্যেক সমাজৰে কিছুমান গোট আছে । এই গোটবোৰৰ জৰিয়তে সমাজখনক জীয়াই ৰখা হয় । গোটবোৰ আন্তঃসম্বন্ধৰে জড়িত।অর্থাৎ একেজন লোকেই ভিন ভিন গোটৰ সদস্য হ’ব পাৰে । সামাজিক গোটবোৰ সাধাৰণতে তলত দিয়া আধাৰবোৰৰ ওপৰত ভিত্তি কৰি গঠিত হয় । 

( i ) লিংগ ।

( ii ) বয়স ।

( iii ) আত্মীয়তা বা স্বজনতা ।

( iv ) স্থান ।

( v ) সামাজিক স্তৰ ।

( vi ) ৰাজনৈতিক ক্ষমতা ।

( vii ) জীৱিকা বৃত্তি ।

( viii ) যাদুবিদ্যা বা ধর্ম ।

( xi ) স্ব – ইচ্ছাই একত্ৰিত হোৱা লোকসকলৰ গোট । 

লিংগৰ আধাৰত প্রতিষ্ঠিত সামাজিক গোট :- এখন সমাজ বর্তি থাকে পুৰুষ আৰু মহিলাৰ সহযোগত । সমাজৰ মূল ভেটি হ’ল পৰিয়াল৷ সুস্থ পৰিয়ালৰ কাৰণে পুৰুষ আৰু মহিলাৰ সম্পূৰ্ণ সহযোগ আৰু পাৰস্পৰিক সহায় অপৰিহাৰ্য । তথাপি বহু সমাজত লিংগৰ ভিত্তিত কিছুমান বিশেষ গোট সৃষ্টি হোৱা দেখা যায় । উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াৰ আদি ভাষীসকলৰ মাজত কিছুমান গুপ্ত সমাজ দেখিবলৈ পোৱা যায়। 

এই সমাজবোৰ পুৰুষ আৰু মহিলাৰ কাৰণে বেলেগ বেলেগ হয় আৰু ইহঁত কেৱল পুৰুষ বা মহিলাৰ দ্বাৰাহে গঠিত । ইয়াত কিছুমান পুৰুষৰ টোটেম আৰু কিছুমান নাৰীৰ টোটেম দেখিবলৈ পোৱা যায় । ঠিক সেইদৰে উত্তৰ – পূব ভাৰতৰ পাহাৰীয়া অঞ্চলৰ জনগোষ্ঠীসমূহৰ ডেকা – গাভৰুসকলৰ দ্বাৰা গঠিত কিছুমান মৰৎ আছে ( ডেকাছাং ) । ইয়াত নাৰীক সোমাবলৈ দিয়া নহয় । মধ্য ভাৰতৰ কোনো কোনো ঠাইত ডেকাছাং আৰু গাভৰুছাং উভয়ৰে দ্বাৰা গঠিত কিছুমান বেলেগে বেলেগ গোট আছে । 

( ii ) বয়সৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক গোট :- বয়সৰ আধাৰত ভিত্তি কৰি কিছুমান গোট গঠিত হয় । আও নগাসকলৰ ডেকাছাং কেৱল ডেকাসকলৰ দ্বাৱাহে গঠিত । এওঁলোকৰ এই ডেকাছাঙক মোৰাং সংগঠন বুলিও কোৱা হয় । ইয়াত প্ৰতি বছৰে নতুনকৈ ডেকাসকলক ভৰ্তি কৰা হয় আৰু তিনি বছৰ ধৰি তেওঁলোকক বিভিন্ন বিষয়ত প্রশিক্ষিত দিয়া হয় যাতে তেওঁলোকে গাঁৱত থাকি নির্বিঘ্নে জীৱন – যাপন কৰিব পাৰে আৰু এখন সুস্থ সমাজ গঢ় দিব পাৰো । ঠিক সেইদৰে গাঁৱৰ বয়োজ্যেষ্ঠসকলক পঞ্চায়তৰ সদস্য ভৰ্তি কৰা হয় । তেওঁলোকে গাঁৱৰ বিভিন্ন বিবাদবোৰ বিচাৰ কৰে আৰু গাঁৱৰ উন্নতিৰ কাৰণে বিবিধ পৰামৰ্শ আগবঢ়ায় । 

( iii ) আত্মীয়তা বা স্বজনতা :- আত্মীয়তাৰ ওপৰত প্ৰতিষ্ঠিত গোটসমূহ হ’ল— পৰিয়াল , বংশগোষ্ঠী , গোষ্ট , মিত্রকোল , মইটি ইত্যাদি । পিতৃ – মাতৃ আৰু ল’ৰা – ছোৱালীৰে গঠিত গোট হ’ল বংশগোষ্ঠী ৷ পিতৃপ্রধান সমাজত ছোৱালীৰে গঠিত গোট হ’ল বংশগোষ্ঠী৷পিতৃপ্রধান সমাজত ল’ৰা – ছোৱালীয়ে দেউতাকৰ গোট লয় আৰু মাতৃপ্রধান সমাজত ল’ৰা – ছোৱালীয়ে মাকৰ পৰা গোত্ৰ লয় । খাচী , গাৰোসকলে বিয়াৰ পিছত নিজৰ স্ত্ৰীৰ গোত্ৰ ল’ব লাগে । আকৌ কেইবাটাও গোত্র একত্ৰিত হৈ মিত্রকোল সৃষ্টি হয় যেতিয়া কোনো জনজাতীয় সম্প্রদায় দুটা ভাগত বিভক্ত হয় তেতিয়া প্রত্যেক ভাগকে মইটি বোলে । 

( iv ) যাদু আৰু ধৰ্মৰ ওপৰত প্রতিষ্ঠিত গোট :- বহুতো সমাজত বিশেষকৈ পিছপৰা গাঁৱলীয়া আৰু জনজাতীয় সমাজত যাদু আৰু ধৰ্মৰ প্ৰভাৱ বৰ বেছি । এই সমাজবোৰৰ কোনো লোকৰ কেতবোৰ বিশেষ শক্তি বা যাদুবিদ্যা থকা বুলি বিশ্বাস কৰা হয় , যাৰ দ্বাৰা তেওঁলোকে সমাজৰ হিত বা অহিত কৰ্ম কৰিব পাৰে । 

৯। আদিম সমাজৰ বৈশিষ্ট্যসমূহ লিখা ? 

উত্তৰঃ আদিম জনজাতীয় সম্প্রদায়বোৰৰ গোটবোৰ সৰু সৰু । তেওঁলোক বহু বিষয়তে অনগ্ৰসৰ কাৰণ তেওঁলোকৰ সংস্কৃতি ইমান উন্নত নহয় । আদিম সমাজৰ বৈশিষ্ট্যসমূহ হ’ল— 

( i ) সাধাৰণতে আদিম সম্প্ৰদায়ৰ জনসংখ্যা তাকৰ । 

( ii ) কাৰিকৰী বিদ্যাত অধিক পিছপৰা । 

( iii ) আদিম সমাজৰ ৰাজনৈতিক আৰু বিচাৰ বিভাগৰ কোনো পার্থক্য নাই । 

( iv ) আদিম সমাজৰ সংগঠন সৰল ৷ আৰু তেওঁলোকৰ সংস্কৃতি সমপ্রকৃতি । 

( v ) অর্থনীতি সৰল আৰু নিম্নস্তৰৰ । প্রত্যেক লোকেই সকলো কাম কৰি জীৱিকা চলায় । গতিকে বিশেষীকৰণ দেখিবলৈ পোৱা নাযায় । 

( vi ) আদিতে এওঁলোকৰ মাজত লিখা পঢ়া প্ৰচলন নাছিল ৷ তেওঁলোকৰ মাজত দোৱান প্রচলিত আছে । 

( vii ) আদিম সম্প্রদায়সমূহ আওহতীয়া ঠাইত বাস কৰে । বহুতৰে আধুনিক সভ্যতাৰ লগত যোগাযোগ নাছিল । 

( viii ) আদিম সমাজত আত্মীয়তা আৰু বাসস্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

( ix ) আদিম সমাজৰ ধৰ্ম জীৱবাদৰ ওপৰত আধাৰিত । 

( x ) যাদুৰ প্ৰভাৱ আদিম সমাজত যথেষ্ট আছে । 

( xi ) আদিম সমাজত পঞ্চায়তৰ প্ৰচলন আছে । 

( xii ) প্রণালীবদ্ধভাৱে বিজ্ঞান আৰু ধৰ্ম চৰ্চা নহয় । 

১০। সৰল সমাজ আৰু উন্নত সমাজৰ মাজৰ পাৰ্থক্যসমূহ লিখা । 

উত্তৰঃ ( i ) সৰল সমাজৰ অৰ্থনৈতিক জীৱন গাইগুটীয়াভাৱে চলে অর্থাৎ প্রত্যেক পৰিয়াল , বংশ , গোত্র , আত্মীয়তা অনুযায়ী আর্থিক সমস্যা সমাধান কৰা হয় । আনহাতে উন্নত সমাজৰ আৰ্থিক ব্যৱস্থা জটিল । ইয়াত বিভিন্ন কর্মশ্রেণী দেখিবলৈ পোৱা যায় । 

( ii ) পৰিয়ালৰ পুৰুষ , মহিলা আৰু কিশোৰ – কিশোৰীসকলে শক্তি – সামর্থ্য অনুসাৰে নিজাববীয়াকৈ কাম কৰে আৰু প্ৰয়োজন অনুযায়ী সহযোগিতা আগবঢ়ায় ৷ আনহাতে উন্নত সমাজৰ আৰ্থিক ব্যৱস্থা স্বয়ংসম্পূৰ্ণ নহয় । এই সমাজত বিভিন্নজনে বিভিন্নধৰণব বস্তু উৎপাদন কৰে আৰু ইয়াত এটা জটিল বিতৰণ ব্যৱস্থা আছে । 

( iii ) সৰল সমাজ সৰু সৰু গোটেৰে গঠিত । তেওঁলোকৰ আৰ্থিক অৱস্থাও সৰল আৰু স্বয়ংসম্পূর্ণ । ইহঁতৰ মাজত কর্মশ্রেণী নাই । কিন্তু উন্নত সমাজত আর্থিক ব্যৱস্থা পৰিৱৰ্তনশীল । অর্থাৎ বৈজ্ঞানিক উপায়ায়েৰে নতুন নতুন আহিলা উদ্ভাৱন হোৱাৰ লগে লগে আর্থিক ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন হোৱা দেখা যায় । 

( iv ) সৰল সমাজৰ বস্তুৰ আহৰণ আৰু উৎপাদন কেৱল নিজৰ চাহিদা পূৰণৰ বাবে কৰা হয় ৷ আনহাতে উন্নত সমাজত নিজৰ চাহিদা পূৰণৰ উপৰি বেহা – বেপাৰ আৰু বাণিজ্যৰ কাৰণে নানা ধৰণৰ বস্তুব উৎপাদন কৰা হয় ৷ 

( v ) সৰল সমজাৰ বাণিজ্যিক প্ৰথা তেনেই সৰল । বস্তুৰ আদান – প্রদান বা কিনা – বেচা বিনিময় পদ্ধতিত কৰা হয় । আনহাতে উন্নত সমাজৰ উৎপাদিত বস্তুসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰৰ ব্যৱস্থা আছে । 

( vi ) সৰল সমাজত যাতায়াত ব্যৱস্থা তেনেই সাধাৰণ । আনহাতে উন্নত সমাজত যাতায়াত ব্যৱস্থা বহু প্ৰকাৰৰ । 

১১। সমাজ মানে কি ? সমাজৰ পৰিসৰ আলোচনা কৰা ? 

উত্তৰঃ মানৱ সমাজ হ’ল মানৱৰ দ্বাৰা গঠিত সমূহীয়া গোট । এই গোটবোৰৰ বিস্তৃতি বৰ বহল ৷ ইয়াক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে— 

( i ) সামাজিক গোট ।

( ii ) সামাজিক পতিষ্ঠানসমূহ ৷ 

মানৱ সমাজ গঠিত হৈছে সংস্কৃতিৰ ওপৰত ভিত্তি কৰি , কিন্তু মানৱ সমাজ গতিশীল । সংস্কৃতিয়ে মানৱ সমাজৰ ক্ৰমান্বয়ে উচ্চ শিখৰলৈ লৈ গৈছে । ইংৰাজীত সমাজ শব্দৰ অৰ্থ হ’ল ” Society ” . Society শব্দটো লেটিন ভাষা Socius ৰ পৰা উদ্ভৱ হৈছে । Socius ৰ অৰ্থ হ’ল সংগী বা বন্ধু । Society শব্দৰ অৰ্থ হ’ল সমাজ । সমাজ গঢ়ি উঠিছে মানুহৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ প্রচেষ্টাৰ ফলস্বৰূপে । ঐতিহাসিক কালত মানুহ যেতিয়া স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে তেতিয়াই সমাজৰ জন্ম হ’ল । 

সমাজৰ পৰিসৰ বৰ বিস্তৃত । মানুহ সংগীপ্রিয় জীৱ । সেই কাৰণে মানুহে সমাজ পাতি বাস কৰে আৰু সমূহীয়া জীৱন – যাপন কৰে । সমূহীয়া জীৱন যাপনৰ কাৰণে মানুহক নিৰাপত্তাৰ প্ৰয়োজন । এই নিৰাপত্তা বজাই ৰাখিবলৈ হ’লে মানুহে পৰিৱেশৰ লগত খাপ খুৱাব লাগে । তাৰ বাবে প্রয়োজন হয় সংস্কৃতি । সেই কাৰণে মানৱ সমাজক সংস্কৃতিপূর্ণ গোট বুলি কোৱা হয় । সমাজ আৰু সংস্কৃতি ইটো সিটোৰ পৰিপূৰক । অর্থাৎ এটাৰ অবিহনে আনটো সম্পূৰ্ণ নহয় ৷ সমাজেহে সংস্কৃতিক নতুন প্রজন্মৰ লগত পৰিচয় কৰি দিয়ে ৷ মানুহৰ ভাষা আছে আৰু ইয়াৰ জৰিয়তে পৰস্পৰে পৰস্পৰৰ লগত ভাবৰ আদান – প্রদান কৰিব পাৰে । আৰু এইদৰে সংস্কৃতিৰ সম্প্ৰসাৰণ হয় । সমাজৰ ব্যক্তিসকলে আত্ম – নিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব দিয়ে । এই আত্মনিৰ্ভৰশীলতা সংস্কৃতিৰ বাবেহে সম্ভৱ হয় । প্রত্যেক সমাজ এটা ভৌগোলিক এলেকাত বাস কৰি থাকে ৷ গতিকে সমাজ আৰু সংস্কৃতি অবিহনে মানৱ সভ্যতাৰ উন্নতি সম্ভৱ নহয় । 

১২। মানৱ সমাজৰ মৌলিক বৈশিষ্ট্যসমূহ লিখা । 

উত্তৰঃ ( i ) মানৱ সমাজ ব্যক্তিৰ সমষ্টি । ইয়াত বহুসংখ্যক ব্যক্তি জড়িত হৈ থাকে । 

( ii ) যিকোনো সমাজ এটা ভৌগোলিক অঞ্চল বা এলেকা দখল কৰি থাকে । 

( iii ) প্রত্যেক সমাজৰ এটা সংস্কৃতি আছে । সংস্কৃতিবিহীন সমাজ কথা ভাবিব নোৱাৰি । 

( iv ) সমাজৰ বিষয়ে এটা ধাৰণা বা সংকল্পনাহে ল’ব পাৰি অৰ্থাৎ সমাজৰ বিষয়ে অনুভৱহে কৰিব পাৰি । ইয়াক চকুৰে মনিব নোৱাৰি । 

( v ) সমাজত বাস কৰা সকলো লোকেই আত্মনিৰ্ভৰশীল । জীৱনৰ নিৰাপত্তা আৰু প্রয়োজনীয় চাহিদা পূৰণৰ বাবে প্রত্যেক ব্যক্তিয়ে আনৰ ওপৰত নিৰ্ভৰ কৰিব লগীয়া হয় । 

( vi ) সমাজৰ সকলো মানুহ একে নহয় । অর্থাৎ তেওঁলোকৰ মাজত সাদৃশ্য আৰু পাৰ্থক্য আছে । আপাতদৃষ্টিত সকলো মানুহ একে যদিও মতৰ বা আদৰ্শৰ বিভিন্নতা থাকিব পাৰে । 

( vii ) সমাজৰ সহযোগিতা আৰু সংঘৰ্ষ উভয়ে বিদ্যমান । যিদৰে প্রত্যেকৰে সহযোগিতা নাথাকিলে কোনো কামেই ফলপ্ৰসূ হ’ব নোৱাৰে , ঠিক সেইদৰে পৰস্পৰৰ স্বাৰ্থৰ বিভিন্নতাত বিবাদৰ সৃষ্টি হয় আৰু তাৰ কাৰণে নানা ধৰণৰ সমাজবিৰোধী সংঘৰ্ষৰ সূত্রপাত হয় । 

( viii ) সমাজ পৰিৱৰ্তনশীল । সময় সাপেক্ষে সমাজ পৰিৱৰ্তন হৈ থাকে। 

( ix ) সমাজ সার্বজনীন । অর্থাৎ পৃথিৱীৰ সকলো জনগোষ্ঠীৰ মাজতে সমাজ দেখিবলৈ পোৱা যায় । 

( x ) প্রত্যেক সমাজৰ বিধিসংগত ক্ষমতা থাকে । এই ক্ষমতাৰ সহায়ত সমাজে সকলো ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰে । 

১৩। সমূহ কাক বোলে ? সমূহৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰঃ সমূহ হ’ল ব্যক্তিসকলৰ গোট । এই গোটটো এটা বিশেষ এলেকাতে বাস কৰি থাকে । সমূহৰ ব্যক্তিসকলৰ মাজত এটা আত্মীয়তাৰ ভাবনা থাকে । সমূহৰ বৈশিষ্ট্যসমূহ হ’ল— 

( i ) এটা নির্দিষ্ট এলেকাত সমূহ ব্যক্তিসকলে বাস কৰে । 

( ii ) সমূহ হ’ল পুৰুষ আৰু মহিলা উভয়ৰ দ্বাৰা গঠিত গোট । 

( iii ) সমূহৰ এটা উমৈহতীয়া ভাবনা থাকে । 

( iv ) সমূহৰ লোকসকলে একেধৰণৰ জীৱন যাপন কৰে । অৰ্থাৎ তেওঁলোকৰ জীৱনধাৰা , ধ্যান – ধাৰণা , নীতি – নিয়ম , পৰম্পৰা , আইন – কানুন , আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি একে । 

( v ) সমুহৰ লোকসকলে একে ঠাইতে যাউতি যুগীয়াকৈ বাস কৰে । 

( vi ) সমূহ এটা স্বাভাৱিক প্ৰপঞ্চ । অর্থাৎ সমূহৰ প্রত্যেক ব্যক্তিয়েই সমূহৰ মাজত জন্ম গ্ৰহণ কৰে আৰু সমূহৰ এজন ব্যক্তি হিচাপে মৃত্যুবৰণ কৰে । 

( vii ) প্রত্যেক সমূহৰে একোটা নাম থাকে । 

চমুটোকা : 

( i ) অবাস্তৱ বা নিৰাবয়বতা :- সমাজৰ বিষয়ে এটা ধাৰণা বা সংকল্পনাহে ল’ব পাৰি । অর্থাৎ সমাজখন বোধগম্যহে , বাস্তৱপুষ্ট নহয় । ইয়াক অনুভৱহে কৰিব নোৱাৰি । চকুৰে দেখা নাযায় ৷ এজনে আনজনৰ সহযোগিতাত নিজৰ আৰু উমৈহতীয়া স্বাৰ্থপূৰণ আৰু জীৱন ধাৰণাৰ বাবে সৃষ্টি কৰা প্ৰক্ৰিয়াটোকে সমাজ বুলি ক’ব পাৰি । সমাজত এই আন্তঃসম্বন্ধ স্বতঃস্ফূর্তভাৱে গঢ় লৈ উঠে । 

( ii ) ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰতিষ্ঠিত গোট :- প্রত্যেক সমাজতে কিছুমান গোট বা দল আছে । এই গোটবোৰে সমাজ এখন জীয়াই ৰাখে । গোটবোৰ আন্তঃসম্বন্ধৰে জড়িত । অর্থাৎ একেজন লোকেই ভিন ভিন গোটৰ সদস্য হ’ব পাৰে । কোনো কোনো সমাজত ৰাজনৈতিক ক্ষমতাৰ আধাৰত সামাজিক গোট গঠিত হয় । মিজোৰামৰ লাখেৰসকলৰ মাজত তিনিটা শ্রেণী দেখা যায় , যেনে— ৰাজন্যবর্গ , সম্ভ্রান্ত বৰ্গ আৰু সৰ্বসাধাৰণ লোক । ৰাজন্যবৰ্গৰ লোকেহে সমাজৰ মুখিয়াল হ’ব পাৰে । বিচাৰ আদিত সম্ভ্রান্ত পৰিয়ালৰ লোকে মুখিয়ালসকলক সহায় কৰে ৷ সৰ্বসাধাৰণ লোকসকলক সহায় কৰে । সৰ্বসাধাৰণ লোকসকল বহু সামাজিক অধিকাৰৰ পৰা বঞ্চিত হয় । 

( iii ) স্ব – ইচ্ছাই গঠন কৰা গথিত :- স্ব – ইচ্ছাকৃতভাৱে কিছুমান অনুষ্ঠান গঠিত হয় । এই অনুষ্ঠানৰ সদস্য পদ গ্ৰহণ কৰাটো ব্যক্তিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে । ৰাজনৈতিক , অর্থনৈতিক , সাংস্কৃতিক আদি অনুষ্ঠানত সদস্য পদ গ্ৰহণ কৰাটো ব্যক্তিৰ ইচ্ছা – অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে ৷ এজন মানুহ এটা ৰাজনৈতিক দলৰ সদস্য হ’ব পাৰে । এটা সেৱামূলক সংঘৰো সদস্য হ’ব পাৰে । তেওঁ এটা যুৱক সংঘৰো সদস্য হ’ব পাৰে । কিন্তু স্বেচ্ছাই পৰিয়াল , বংশ – গোষ্ঠী গোট আদিৰ সদস্য পদ আহৰণ কৰিব নোৱাৰে । 

১৪। সমাজ আৰু সামাজিক গোট বা সমষ্টিৰ দুটা পার্থক্য লিখা । 

উত্তৰঃ ( i ) সমাজৰ প্ৰত্যেকজন ব্যক্তিয়েই আত্মনিৰ্ভৰশীল । এই আত্মনিৰ্ভৰশীলতা সংস্কৃতিৰ বাবেহে সম্ভৱ । 

( ii ) প্রত্যেক সমাজ এটা ভৌগোলিক এলেকাত কাম কৰে । 

( iii ) প্রত্যেক সমাজতে বিভিন্ন গোট আৰু অনুষ্ঠান থাকে । এই গোটবোৰ আন্তঃসম্বন্ধৰে গঠিত । আনহাতে সামাজিক গোটবোৰ এখন সমাজৰ অংশবিশেষ । এই গোটবোৰ বিভিন্ন আধাৰৰ ওপৰত ভিত্তি কৰি গঠিত হয় । এই আধাৰবোৰ হৈছে— লিংগ , বয়স , আত্মীয়তা , সামাজিক স্তৰ , ৰাজনৈতিক ক্ষমতা , জীৱিকা বৃত্তি , যাদুবিদ্যা বা ধর্ম , স্ব – ইচ্ছাই একত্ৰিত হোৱা লোকসকলৰ গোট ।

চমুটোকাঃ 

পৰিৱৰ্তনশীল সমাজ :- মানৱ সমাজ গঠিত হৈছে সংস্কৃতিৰ ওপৰত ভিত্তি কৰি কোনো মানৱ সমাজেই একেদৰে চলি নাথাকে অর্থাৎ মানৱ সমাজ গতিশীল । সমাজৰ ব্যক্তিসকলৰ মানসিক উৎকর্ষ সাধনৰ লগে লগে সংস্কৃতিৰো বিকাশ হয় । সংস্কৃতিয়ে মানৱ সমাজক ক্রমান্বয়ে সভ্যতাৰ উচ্চ শিখৰলৈ লৈ যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top