Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব

Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব, HS 1st year Anthropology notes, সামাজিক নৃতত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 2 (খ) সামাজিক নৃতত্ব Notes for All Subject, You can practice these here.

( খ ) সামাজিক নৃতত্ব

Chapter – 2 ( )

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ


১। মানৱ সমাজৰ অৰ্থ লিখা । 

উত্তৰঃ মানৱ সমাজ হ’ল মানৱৰ দ্বাৰা গঠিত সমূহীয়া গোট । এই গোটবোৰ ব্যাপক ৷ ইয়াক দুটা ভাগত ভগাব পাৰি । যেনে— সামাজিক গোটসমূহ আৰু সামাজিক প্রতিষ্ঠানসমূহ । সামাজিক গোটৰ ব্যক্তিসকল গোটৰ নিৰাপত্তা আৰু উন্নতিৰ বাবে দায়বদ্ধ । আনহাতে সামাজিক প্রতিষ্ঠানৰ প্ৰয়োজন হয় সংগঠিত জীৱনৰ দ্বাৰা উন্নত আৰু শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ । 

মানৱ সমাজ গঠিত হৈছে সংস্কৃতিৰ ওপৰত ভিত্তি কৰি । মানৱ সমাজ গতিশীল । সংস্কৃতিয়ে মানৱ সমাজক ক্ৰমান্বয়ে উচ্চ শিখৰলৈ উঠিবলৈ উদগনি দিছে । ইংৰাজীত মানৱ সমাজৰ প্ৰতিশব্দ Society | Society শব্দটো লেটিন ভাষা Socius ৰ পৰা আহিছে । Socius ৰ অৰ্থ হ’ল সংগী বা বন্ধু । Society ৰ অৰ্থ হ’ল সমাজ । সমাজ গঢ়ি উঠিছে মানুহৰ নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ প্রচেষ্টাৰ ফলস্বৰূপে । ক্রমে আদিম অৱস্থাৰ পৰা মানৱ সমাজৰ ক্রমাগত উন্নতিৰ ফলত সংস্কৃতিৰ উদ্ভৱ হ’ল আৰু ক্ৰমান্বয়ে ইয়াৰ জৰিয়তে মানুহে উন্নত জীৱন যাপন কৰিবলৈ ধৰিলে । সংস্কৃতিৰ লগে লগে মানুহৰ সমাজো সংগঠিত হ’ল । পৃথিৱীৰ বিভিন্ন এলেকাত মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিলে আৰু সেইদৰেই সমাজৰ জন্ম হল । 

বিখ্যাত সমাজতত্ত্ববিদ R. M Mac Iver আৰু C Pag- য়ে সমাজৰ বিষয়ে মন্তব্য দাঙি ধৰে এনেদৰে— 

‘ সমাজ হ’ল এটা সামূহিক ব্যৱস্থা , য’ত নিহিত হৈ আছে প্রচলিত আচাৰ – ব্যৱহাৰ , কার্যপদ্ধতি , কর্তৃত্ব আৰু পাৰস্পৰিক সাহাৰ্য্য , বিভিন্ন গোট আৰু বিভাজন , মানুহৰ আচৰণ আৰু স্বতন্ত্ৰতাৰ নিয়ন্ত্ৰণ ৷ সমাজৰ ব্যক্তিসকলৰ আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধত সমাজ এখন গঢ়ি উঠে । সমাজ এখন মকৰাৰ জালসদৃশ য’ত সমাজৰ বিভিন্ন সম্বন্ধবোৰ বিজড়িত হৈ থাকে ৷ সমাজৰ অবিহনে ব্যক্তিৰ অস্তিত্ব আৰু বিকাশ সম্ভৱ নহয় । নিজৰ চাহিদা পূৰণৰ বাবে সমাজৰ আন সদস্যসকলৰ সহযোগিতা বিচাৰে । সেই কাৰণে বহু ব্যক্তিয়ে একেলগে একে ঠাইতে থকাত তেওঁলোকৰ মাজত আন্তঃক্ৰিয়া আৰু আন্তঃসম্বন্ধৰ প্ৰতিফলনত এক নীতি নিয়মৰ সৃষ্টি হয় ৷ 

এই নীতি – নিয়মে দৈনন্দিন মানৱ জীৱনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে আৰু সমাজ এখন সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে । মানৱ সমাজ হ’ল মানৱৰ দ্বাৰা গঠিত গোট এই গোটবোৰ ব্যাপক । ইয়াক দুটা ভাগত ভাগ কৰিছে– সামাজিক গোটসমূহ আৰু সামাজিক প্রতিষ্ঠান । সামাজিক গোটৰ ব্যক্তিসকল গোটৰ নিৰাপত্তা আৰু উন্নতিৰ বাবে দায়বদ্ধ । আনহাতে সামাজিক প্ৰতিষ্ঠানৰ প্ৰয়োজন হয় সংগঠিত জীৱনৰ বাবে উন্নত আৰু প্রণালীবদ্ধ জীৱন যাপন কৰিবলৈ । 

গ্রিমালডি :- প্ৰফেছাৰ ভাৰ্মুৱে 1901 চনত ফ্রান্স আৰু ইটালীৰ সীমাৰ গ্ৰীমলডি নামে ঠাইৰ এটা গুহাত দুটা কংকাল আৱিষ্কাৰ কৰে । কংকাল দুটাৰ এটা হ’ল প্রায় ত্ৰিশ বছৰীয়া ল’ৰা এজন ৷ দুয়োটা কংকাল ওচৰা – উচৰিকৈ শুই থকা অৱস্থাত পোৱা গৈছিল ৷ ল’ৰাজনৰ হাতত গেৰুৱা মাটি লাগি আছিল আৰু লাওখোলাটোৰ চাৰিওফালে শিলৰ আৱৰণ আছিল ৷ জকা দুটাৰ লগত শামুকৰ খোলাৰ গহনা আৰু বিভিন্ন ধৰণৰ শিলৰ আৰু হাড়ৰ সঁজুলি পোৱা গৈছিল । এই সঁজুলিবোৰে প্ৰমাণ কৰে যে গ্রিমালডি শেষ প্লিষ্টচিন পৰ্যায়ৰ আছিল ৷ 

লাওখোলা :- ( i ) দুয়োটা লাওখোলাই দীঘল আছিল আৰু কৰোটি দুটাৰ উত্থিতি উচ্চ আছিল। 

( ii ) নাৰীগৰাকীৰ কৰোটিৰ ধাৰণ ক্ষমতা 1265 ঘন ছেঃমিঃ আৰু কৰোটিৰ অনুপাতিক সূচনা 60.5¼ 

( iii ) ল’ৰাজনৰ কৰোটিৰ ধাৰণ ক্ষমতা 1454 আৰু আনুপাতিক সূচনা 68.5¼ 

( iv ) কপাল পোন আৰু অলপ বাহিৰলৈ ওলোৱা। 

( v ) অধ্যাক্ষি সীৰলু প্রকট নহয় । 

( vi ) চকু কোটৰ ডাঙৰ । 

( vii ) মূৰ দীঘল কিন্তু মুখমণ্ডল বহল আৰু চুটি । 

( viii ) নাক বৰ বহল । 

( ix ) অধঃহনু বৰ শকত । 

( x ) চিবুকাস্থিৰ প্ৰস্থ বেছি আৰু ইয়াৰ উচ্চতা কম। 

( xi ) থঁতৰি ঈষৎ এঢলীয়া ৷ 

( xii ) এলভিঅ’লীয় প্রক্ষিপ্ততা আছে ।

দাঁত :- দাঁতৰ আকাৰ ডাঙৰ আৰু সুস্পষ্ট । ইহঁতৰ দঁতাৰ লক্ষণ অষ্ট্ৰেলীয়সকলৰ দঁতাৰ লক্ষণৰ লগত মিল দেখা যায় । 

জকাৰ দীঘল হাড় :- গ্রীমলোডি অগ্রবাহু বাহুৰ তুলনাত দীঘল আৰু পদ উৰুতকৈ দীঘল । শ্ৰেণীৰ ইলিয়াক হাড় চেপেটা আৰু পদৰ গেৰুৱা অস্থি দীঘলীয়া । গ্রীমালডিৰ এই লক্ষণবোৰ নিগ্ৰোসকলৰ মাজত দেখা যায় । 

শৰীৰৰ উচ্চতা :- গ্রীমালডি মাইকী মানুহজনীৰ শৰীৰৰ উচ্চতা 5.3 চেঃমিঃ আৰু ল’ৰাজনৰ শৰীৰৰ উচ্চতা 5.11 / 3 চেঃমিঃ বুলি জনা গৈছে। 

গ্ৰীমালডিৰ লক্ষণবোৰ পৰ্যবেক্ষণ কৰিলে নিগ্ৰোসকলৰ লক্ষণবোৰৰ লগত মিল থকা বুলি জনা যায় । সেই কাৰণে ইহঁতক গ্ৰীমালডি নিগ্ৰো বুলি গণ্য কৰা হয় । কোনো কোনো নৃতাত্ত্বিকৰ মতে গ্রীমালডিৰ লক্ষণসমূহ দক্ষিণ আফ্ৰিকাৰ বৃছমেন আৰু হ’টেনটতৰ লক্ষণবোৰৰ লগত যথেষ্ট মিল আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top