Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান

Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান, HS 1st year Anthropology notes, আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান and select needs one.

AHSEC Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান Question Answer are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 2 (ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান Notes for All Subject, You can practice these here.

(ক) আবয়বিক নৃতত্ত্ব জীৱজগতত মানুহৰ স্থান

Chapter – 2 ( ক )

নৃতত্ত্ব

(ক) অতি চমু প্রশ্নোত্তৰ

১। জীৱজগতত মানুহৰ স্থান কি ? 

উত্তৰঃ প্রাণীজগতক দুটা প্রধান ভাগত ভগোৱা হৈছে— 

( ক ) এককোষী । আৰু 

( খ ) বহুকোষী প্রাণী । 

মনুহ বহুকোষী প্রাণী । আকৌ বহুকোষী প্রাণীক দুটা ভাগত ভাগ কৰা হৈছে । অমেৰুদণ্ডী আৰু মেৰুদণ্ডী । মেৰুদণ্ডী প্রাণীক পাঁচটা ভাগত ভাগ কৰা হৈছে । ভাগকেইটা হৈছে— মাছ উভচৰ , সৰীসৃপ চৰাই আৰু স্তন্যপায়ী প্রাণী । মানুহ স্তন্যপায়ী মেৰুদণ্ডী প্রাণী । মেৰুদণ্ডী প্রাণী পাঁচ বিধৰ ভিতৰত মানুহক মাছৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি , কাৰণ পানীত সাঁতুৰিবলৈ মানুহৰ ফান নাই ৷ তদুপৰি মাছে ফুলৰ সহায়ত উশাহ লয় কিন্তু মানুহে উশাহ লয় হাওঁফাওঁৰ দ্বাৰা । আকৌ মাছ শীতল ৰক্তি প্রাণী, ইয়াৰ হৃদপিণ্ডত মাত্ৰ দুটা কক্ষ আছে– অলিন্দ আৰু নিলয় । 

মানুহক উভচৰতো অন্তৰ্ভুক্ত কৰিব নোৱাৰি । ভেকুলী আদি উভচৰ প্ৰাণীসমূহে পানী আৰু বাম উভয়তে বাস কৰে ইহঁতো শীতল ৰক্তি প্রাণী। ইহঁতৰ হৃদপিণ্ডত দুটা কক্ষ থাকে । ইহঁতৰ ক্লয়েকা আছে অর্থাৎ ইহঁতৰ মুদ্ৰদ্বাৰ আৰু জননদ্বাৰ একেটাই ৷ মানুহক সৰীসৃপৰ অন্তৰ্ভুক্ত কৰিব নোৱাৰি কাৰণ সৰীসৃপৰ গা মাছৰ নিচিনা বাকলিৰ দ্বাৰা আবৃত । ইহঁতৰ হৃদপিণ্ডত দুটা অলিন্দ আৰু অসম্পূৰ্ণভাৱে বিভক্ত দুটা নিলয় আছে । ইহঁতো শীতল ৰক্তি প্রাণী । মানুহক চৰাই জাতীয় প্ৰাণীৰ অন্তর্ভুক্ত কৰিব নোৱাৰি কাৰণ চৰাইৰ নিচিনা মানুহৰ ডেউকা নাই । মানুহক মেৰুদণ্ডী স্তন্যপায়ী প্ৰাণীৰ অন্তৰ্ভুক্ত কৰা হৈছে । 

কাৰণ স্তন্যপায়ী প্রাণীৰ শৰীৰত থকা লক্ষণবোৰ যেনে— 

( i ) শৰীৰ নোমেৰে আবৃত ।

( ii ) ড’ষ্ণ ৰক্তীয় প্রাণী ।

( iii ) হাওঁফাওঁৰ দ্বাৰা উশাহ লয় । 

( iv ) স্তন্যৰ গাখীৰ খাই পোৱালিয়ে পুষ্টি লাভ কৰে ।

( v ) গৰ্ভত থকা অৱস্থাত সন্তানে ফুলৰ সহায়ত পৰিপুষ্টি লাভ কৰে । 

( vi ) আলজিভা আছে ।

( vii ) বহিকর্ণ আছে ।

( viii ) আঙুলিত বক্র নখ আছে । 

( ix ) ক্ৰেয়েকা নাই ।

( x ) মহাৰৰ্দ্ধৰ দুয়োকাষে দুটা অস্থিকন্দ আছে । 

( xi ) দুই ধৰণৰ দাঁত যেনে— গাখীৰ দাঁত আৰু স্থায়ী দাঁত আছে । 

স্তন্যপায়ী প্ৰাণীৰ প্ৰায়বোৰ লক্ষণেই মানুহৰ দেহত পৰিলক্ষিত হয় কাৰণে মানুহক স্তন্যপায়ী মেৰুদণ্ডী প্রাণীৰ অন্তৰ্ভুক্ত কৰা হৈছে । 

২। স্তন্যপায়ী জীৱৰ শ্রেণীবিভাগ কৰা ৷ স্তন্যপায়ীৰ অন্তৰ্ভুক্ত প্রত্যেকটো বৰ্গৰ পৰা একোটাকৈ উদাহৰণ দিয়া । 

উত্তৰঃ স্তন্যপায়ী জীৱবোৰক কেইবাটাও উপ শ্ৰেণী আৰু অডাৰত ভাগ কৰা হৈছে । শ্ৰেণী— স্তন্যপায়ী প্ৰাণীৰ প্ৰথম উপশ্ৰেণীটো হ’ল প্ৰট’থেৰিয়া।প্ৰট’থেৰিয়াৰ দুটা জীৱিত পৰিয়াল আছে— অৰনিথ নিকাছ বা দাকবিল আৰু একিড্‌না বা কণ্টকমুক্ত পৰুৱা ভক্ষক । 

স্তন্যপায়ী উপশ্রেণীসমূহ :- প্ৰাণীসমূহৰ লক্ষণসমূহলৈ চালে মানুহক ইউথেৰিয়াৰ অন্তর্ভুক্ত কৰিব পাৰি । ইউথেৰিয়াক নটা বৰ্গত ভাগ কৰা হৈছে । এই ভাগসমূহ হ’ল ― ইডেনটাটা , ছিৰেনিয়া , ছিটেছিয়া , আংগুলাটা , কাৰ্নিৰ্ভৰা , ইনছিকটিভৰা , ডিৰ’পটেৰা , ৰ’ডেনছিয়া আৰু প্ৰাইমেট । 

( i ) ইডেনটাটা :- ইডেনটাটা অৰ্ডাৰৰ কিছুমান প্ৰাণীৰ দাঁত নাই আৰু কিছুমানৰ দাঁতত এনামেল নাথাকে । শ্লথ , আর্মাডিলো , পৰুৱা ভক্ষক আদি প্ৰাণীবোৰ ইয়াৰ অন্তৰ্ভুক্ত । 

( ii ) ছিটেছিয়া :- তিমি ছিটেছিয়াৰ অন্তৰ্ভুক্ত । ইহঁতৰ আকৃতি মাছৰ নিচিনা আৰু সামুদ্রিক । পাছঠেং নাই , আগঠেং দুখন ব’ঠাৰ নিচিনা । ইহঁতৰ কণ্ঠাস্থি নাই । 

( iii ) ছিৰেনিয়া :- ইহঁতো ছিটেছিয়াৰ নিচিনা জলচৰ । মানটি আৰু ডুগং এই শ্রেণীৰ প্ৰাণী । ইহঁতৰ শৰীৰত নোম বৰ কম । দাঁত আছে আৰু ইহঁত তৃণভোজী । 

( iv ) আংগুলাটা :- গৰু , ঘোঁৰা , ম’হ , হৰিণা আদি চাৰিঠেঙীয়া স্থলচৰ প্ৰাণীবোৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত । ইহঁতৰ ঠেঙৰ আঙুলিত নখৰ সলনি খোড়া আছে । কণ্ঠাস্থি নাই । 

( v ) কার্নিভৰা :- বাঘ , সিংহ , কুকুৰ , মেকুৰী আদিৰ দৰে মাংসভোজী প্রাণীসমূহ কানিৰ্ভৰাৰ ভিতৰত পৰে । ইহঁত সৰহভাগৰে শৰীৰ নোমেৰে আবৃত । আঙুলিত বক্ৰ নখ আছে আৰু ইহঁতৰ কুকুৰ দৰে অন্য দাঁততকৈ দীঘল আৰু জোঙা ৷ কণ্ঠাস্থি নাই আৰু মাংসভোজী প্রাণী । 

( vi ) ইনছিকটিভৰা :- ইহঁত আকাৰত সৰু আৰু নিশাচৰ । বৃক্ষশ্ৰু , হেজহ’গ , চিকা আদি প্ৰাণীসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত । ইহঁতৰ কণ্ঠাস্থি আছে আৰু ঠেঙত পাঁচকৈ আঙুলি দেখা যায় ৷ 

( vii ) ৰ’ডেনছিয়া :- এন্দুৰ , কেৰ্কেটুৱা আদি প্ৰাণী ৰ’ডেনছিয়াৰ অন্তৰ্ভুক্ত । ইহঁত আকাৰত সৰু আৰু শৰীৰ নোমেৰে ঢকা । 

( viii ) ছিৰ’পটেৰা :- বাদুলী এই শ্ৰেণীৰ প্ৰাণী । ইহঁতৰ আগঠেং দুখন ৰূপান্তৰিত হৈ ডেউকাত পৰিণত হৈছে । ইহঁতৰ আকৃতি বান্দৰৰ নিচিনা। 

৩। মেটাথেৰিয়া আৰু ইউথেৰিয়াৰ অন্তৰ্ভুক্ত স্তন্যপায়ী জীৱবোৰৰ পাৰ্থক্য কি কি ? 

উত্তৰঃ মেটাথেৰিয়া বা মার্ছোপ্রিয়েল অষ্ট্রেলিয়াত পোৱা যায় । কেংগাৰু , অ’পছাম , বেনডিকুট আদি প্রাণী এই উপশ্রেণীৰ অন্তৰ্ভুক্ত । 

মেটাথেৰিয়া প্ৰাণীসমূহৰ প্ৰধান লক্ষণসমূহ হ’ল— 

( i ) ফুল পৰিৱৰ্দ্ধিত নহয় । 

( ii ) অপৈণত অৱস্থাত সন্তান জন্ম দিয়ে ।

( iii ) মাক জন্মৰ পিছত পেটৰ তলপিনে থকা মোনাত থৈ গাখীৰ খুৱাই ডাঙৰ দীঘল কৰে ।

আনহাতে ইউথেৰিয়াৰ অন্তৰ্ভুক্ত প্রাণীবোৰৰ প্রধান বৈশিষ্ট্য হ’ল ফুল সম্পূৰ্ণৰূপে পৰিৱৰ্দ্ধিত অর্থাৎ গৰ্ভত থকা অৱস্থাত সন্তানে ফুলৰ সহায়েৰে মাছৰ শৰীৰৰ পৰা সম্পূৰ্ণৰূপে খাদ্য আহৰণ কৰে । আৰু জন্মৰ পিছত মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয় । ইউথেৰিয়াৰ অন্তৰ্ভুক্ত প্রাণীবোৰ দুই প্ৰকাৰৰ দাঁত আছে । গাখীৰ দাঁত আৰু স্থায়ী দাঁত। 

৪। প্রাইমেটৰ প্ৰধান লক্ষণসমূহ লিখা । 

উত্তৰঃ প্রাইমেটৰ প্ৰধান লক্ষণসমূহ হল— 

( i ) তুলনামূলকভাৱে ডাঙৰ আৰু জটিল মগজু । 

( ii ) প্রহস্ত আৰু পদ উভয়ৰে বৃদ্ধাংগুলি প্ৰতিমুখী হোৱা বাবে গছৰ ডালত খামুচি ধৰিবলৈ সহজ হয়। 

( iii ) আটাইকেইটা আঙুলিত বা কেইটামান আঙুলিত বক্ৰ নখৰ সলনি নখ আছে । 

( iv ) ত্রিবিম দৃষ্টি । 

( v ) কণ্ঠাস্থি সম্পূৰ্ণৰূপে পৰিবৰ্দ্ধিত । 

( vi ) চকুৰ কোটৰ হাড়ৰ দ্বাৰা আবৃত । 

( vii ) প্রাইমেটৰ দাঁতবোৰ আগদাঁত , কুকুৰ দাঁত , প্ৰাক্‌ জামুদাঁত , জামুদাঁত এই চাৰি ভাগত বিভক্ত কৰিব পাৰি । 

( viii ) বুকুত এযোৰ স্তন আছে , অৱশ্যে কিছুমানৰ এযোৰতকৈ বেছি স্তন দেখা যায় । 

( ix ) গৰ্ভধাৰণৰ সময় দীঘলীয়া । 

( x ) এবাৰত সাধাৰণতে এটাকৈ পোৱালি জন্ম দিয়ে । অৱশ্যে কেতিয়াবা দুটা – তিনিটাও দিয়া দেখা যায় । 

( xi ) পাকস্থলী জটিল নহয় । 

৫। মানুহক কিয় প্রাইমেট বোলা হয় ? 

উত্তৰঃ 1758 চনত ছুইজাৰলেণ্ডৰ প্রকৃতিবিদ লিনিয়াছে লেমুৰ , টাৰছিয়াছ , বান্দৰ , বন মানুহ আৰু মানুহৰ শাৰীৰিক গঠনৰ সাদৃশ্যলৈ চাই ইহঁতক প্রাইমেটৰ অন্তৰ্ভুক্ত কৰিছে । ইহঁতৰ একেধৰণৰ লক্ষণসমূহ হ’ল— মানুহৰ পদৰ বৃদ্ধাংগুলি আন প্ৰাইমেটৰ দৰে প্ৰতিমুখী নহয় ৷ ইয়াৰ বাহিৰে প্ৰাইমেটৰ অন্যান্য লক্ষণসমূহ মানুহৰ লগত মিল আছে । উক্ত কাৰণতেই মানুহক প্রাইমেটৰ অন্তৰ্ভুক্ত কৰা হৈছে । 

৬। প্রাইমেট প্রাইমেটৰ শ্ৰেণীবিভাজন লিখা । 

উত্তৰঃ প্রাইমেট :

প্রাইমেট প্রাইমেটৰ শ্ৰেণীবিভাজন

৭। প্লেটিৰাইন আৰু কেটাৰাইনৰ পাৰ্থক্য কি ? 

উত্তৰঃ প্লেটিৰাইন আৰু কেটাৰাইনৰ মাজৰ প্ৰধান পার্থক্যটো দেখা যায় নাকৰ গঠনৰ ক্ষেত্ৰত । প্লেটিৰাইনৰ নাকৰ পিন্ধা দুটা । এটাৰ পৰা আনটো যথেষ্ট আঁতৰত অৱস্থিত । কিন্তু কেটাৰাইনৰ পিন্ধা দুটা ওচৰা- উচৰিকৈ অৱস্থিত আৰু নাকৰ বিন্ধা দুটা এখন পাতল নাসিকা পটৰ দ্বাৰা পৃথক । প্লেটিৰাইনৰ নাকৰ বিন্ধা সন্মুখলৈ মুখ কৰা আৰু কেটাৰাইনৰ নাকৰ পিন্ধা তলমুৱা । 

প্লেটিৰাইনৰ দাঁতৰ সূত্ৰ হ’ল—

প্লেটিৰাইনৰ দাঁতৰ সূত্ৰ

আনহাতে কেটাৰাইনৰ দাঁতৰ সূত্ৰ হ’ল—

কেটাৰাইনৰ দাঁতৰ সূত্ৰ

কেটাৰাইন বান্দৰৰ আটাইবোৰ আঙুলিত চোপটা নখ আছে । ইহঁতৰ বৃদ্ধাংগুলি বৰ চুটি । কিছুমানৰ বৃদ্ধাংগুলি নায়েই । বেছি ভাগৰেই গালত মোনা থাকে । নিতম্বৰ পেড বা কন্ঠকাটি আছে । নেজ পৰিগ্ৰাহী নহয় , কিন্তু প্লেটিৰাইনৰ নেজ পৰিগ্ৰাহী । 

টোকা : 

প্ৰছিমিয়াৰ তিনিটা ভাগ হ’ল— 

( i ) লেমুৰইড ( ii ) লৰিছয়ড আৰু ( iii ) টাছিয়ড 

( i ) লেমুৰইড : ( ii ) টুপেয়িডি : বৃক্ষশ্ৰু , কেৰ্কেটুৱা সদৃশ সৰু প্ৰাণী । 

( iii ) লেমুৰিডি : লেমুৰ । 

( iv ) ডবেনটিডি : আই আই । 

( v ) লৰিছয়ড : লৰিছ । 

( vi ) টাৰছিয়ড : টাৰছিডি এটা মাত্ৰ জীনাছ হ’ল টাৰছিয়াছ । 

এনথ্রপয়ডিয়াক দুটা ভাগত ভাগ কৰা হৈছে— 

( i ) প্লেটিৰাইন আৰু ( ii ) কেটাৰাইন । 

( i ) প্লেটিৰাইন : ( a ) হেপালিডি আৰু ( b ) ছিবিডি ।

( ii ) কেটাৰাইন : ( a ) ছাৰক’পিথেকয়ডিয়া আৰু ( b ) ছিবিডি ( c ) হমিনিডি । হেপাপিডি , ছিবিডি আৰু ছাৰক পিথেকয়ডি বান্দৰ পৰিয়াল, ছিবিডি বন মানুহৰ পৰিয়াল আৰু হমিনিত মানুহৰ পৰিয়াল । 

প্লেটিৰাইন : 

( i ) হেপালিডি : আকাৰত কেৰ্কেটুৱাৰ সমান , মাৰ্মোছেট এই শ্ৰেণীৰ বান্দৰ । 

( ii ) ছিবিডি : এঘাটা জিনেৰাৰ জনসংখ্যা বান্দৰ ছিবিডিৰ অন্তৰ্গত । ইহঁত হ’ল হাঔলাৰ , কেপুছিন , ছিবাছ , স্পাইডাৰ ইত্যাদি ।

কেঠাৰাইন : 

( i ) ছাৰক’’পিথেকয়ডিয়াৰ এটা মাত্ৰ পৰিয়াল হ’ল— ছাৰ’পিথেছিডি আৰু দুটা উপ পৰিয়াল হ’ল ছাৰক’পিথেছিনি আৰু ছেমন ‘ পিয়েছিনি । 

( a ) ছাৰক’পিথেছিডি : ইয়াৰ অন্তৰ্গত বান্দৰসমূহ হ’ল বেবুন , মেনড্ৰিল , ছিলিবিছ , মেকাকাছ ইত্যাদি । 

( b ) ছেমন ‘ পিথেছিনি : লেংগুৰ , গুৱেৰেজাছ , প্ৰাছিছ আদি বান্দৰ । 

হমিনয়ডিয়াঃ হমিনয়ডিয়াৰ তিনিটা পৰিয়াল আছে— 

( i ) হাইল’বেটিডি ( ii ) ছিবিডি আৰু ( iii ) হ ’মিনিডি । 

( i ) হাইল বেটিডি : গিবন ।

( ii ) ছিবিডি : ছিম্পাঞ্জী আৰু ওৰাংওটান , গৰিলা ছিবিডিৰ অন্তৰ্গত । 

( iii ) হমিনিডি : মানুহ । 

৭। মানুহৰ বৈজ্ঞানিক নাম কি ? মানুহক সকলো জীৱতকৈ উচ্চ স্থান কিয় দিয়া হৈছে ? 

উত্তৰঃ পৃথিৱীত বাস কৰা সমগ্ৰ মানৱক এটা পৰিয়াল ইমিনিডিৰ অন্তৰ্ভুক্ত কৰা হৈছে । মানুহৰ এটা মাত্র জিনছ হ’ম ’ আৰু এটা স্পিছিচ চেপিয়েন্স । বুদ্ধিমত্তা , চিন্তাশক্তি , কথা ক’ব পৰা , পোন হৈ খোজ কঢ়াৰ ক্ষমতা আদিৰ কাৰণে মানুহক অন্য জীৱতকৈ উচ্চ স্থান দিয়া হৈছে । 

জীৱিত এনথ’পয়ডিয়াক দুটা ভাগত ভাগ কৰা হৈছে । যেনে— প্লেটিৰাইন আৰু কেটাৰাইন ৷ প্লেটিৰাইনক আকৌ দুটা ভাগত ভাগ কৰা হৈছে । যেনে— হেপালিডি আৰু ছিবিডি । কেটাৰাইনৰ তিনিটা ভাগ যেনে— ছাৰক’পিয়েকয়ডি , ছিবিডি আৰু হমিনিডি । হেপালিডি , ছিবিডি আৰু ছাৰক ‘ পিথেকয়ডি বান্দৰৰ পৰিয়াল , ছিবিডি বন মানুহৰ পৰিয়াল আৰু হ’মিনিডি মানুহৰ পৰিয়াল ৷ 

৮। মানুহৰ বিশিষ্ট লক্ষণসমূহ লিখা । 

উত্তৰঃ মানুহৰ বিশিষ্ট লক্ষণসমূহ হ’ল— 

( i ) মানুহৰ মগজু জটিল আৰু মগজুৰ পৰিমাণ বেছি । 

( ii ) মানুহে দুখন ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়ে । যাৰ ফলত হাত দুখন সম্পূৰ্ণভাৱে মুক্ত হোৱাত হাত দুখন নানা কামত ব্যৱহৃত হয় ।

( iii ) শৰীৰত নোম বৰ কম , স্পর্শনোম নাই । 

( iv ) কৰোটিৰ দৈৰ্ঘ্য বেছি আৰু মুখমণ্ডলৰ উচ্চতা কম । 

( v ) মুখমণ্ডলৰ তুলনাত কৰোটি ডাঙৰ । 

( vi ) নাকৰ হাড় ডাঙৰ আৰু বহল । 

( vii ) নাকৰ হাড় দুডাল অন্তনাসিকা সীৰলুৰ দ্বাৰা পৃথক । 

৯। ‘ জীৱৰ উৎপত্তি নামৰ ’ কিতাপখনত তেওঁ তিনিটা মতবাদ দাঙি ধৰে ৷ সেইকেইটা কি কি ?

উত্তৰঃ বিখ্যাত নৃতত্ত্ববিদ চালৰ্ছ ডাউইনৰ দ্বাৰা ৰচিত  ‘ জীৱৰ উৎপত্তি’ নামৰ কিতাপখনত ডাউইনে তিনিটা সংবাদ দাঙি ধৰে । সেইকেইটা হ’ল— 

( i ) জীয়াই থাকিবলৈ সকলো জীৱই সংগ্ৰাম কৰিব লাগে । 

( ii ) এনে জীৱন সংগ্ৰামত জয়ী হোৱাজনেহে অর্থাৎ প্ৰকৃতিৰ বাছনিত সক্ষম হোৱাজনেহে পৃথিৱীত বৰ্তি থাকিব পাৰে । 

( iii ) জীৱন সংগ্ৰামত জয়ী হৈ জীয়াই থাকিবলৈ জীৱই পাৰিপাৰ্শ্বিক অৱস্থাৰ হৈতে নিজকে খাপ খুৱাই লয় । ইয়াৰ ফলত জীৱৰ অংগৰ পৰিৱৰ্তন হয় । শৰীৰৰ এই পৰিৱৰ্তনবোৰ কালক্ৰমত স্থায়ী হয় আৰু বিভিন্ন ৰূপ ধাৰণ কৰে । বংশগতিৰ দ্বাৰা এই নতুন ৰূপ একেদৰে চলি থাকে । এনেকৈ নতুন নতুন জীৱৰ সৃষ্টি হয় । 

১০। চিম্পাঞ্জীৰ বাসস্থান ক’ত ? 

উত্তৰঃ চিম্পাঞ্জীৰ বাসস্থান পূব আৰু পশ্চিম আফ্ৰিকাৰ বিষুৱীয় অঞ্চলত। 

১১। মানুহৰ প্ৰধান আবয়বিক লক্ষণসমূহ লিখা । 

উত্তৰঃ মানুহে পোন হৈ খোজ কাঢ়িবলৈ লোৱাৰে পৰা শৰীৰৰ বিভিন্ন অংগৰ পৰিৱৰ্তন হ’ল । সকলো জীৱৰ ভিতৰত মানুহ , বনমানুহ আৰু বান্দৰৰ বহুতো আবয়বিক লক্ষণত মিল থকাৰ কাৰণে মানুহৰ লগত বান্দৰ আৰু বন মানুহৰ ওচৰ সম্বন্ধ দেখিবলৈ পোৱা যায় । 

মানুহৰ প্ৰধান আবয়বিক লক্ষণসমূহ হ’ল— 

( i ) মানুহৰ এটা মাত্ৰ জিনচ হ’ম ‘ এটা স্পেইছিছ চেপিয়েন্‌ছ ।

( iii ) শ্রেষ্টী খুব চুটি । 

( iv ) উৰ্বাস্থি ডাঙৰ আৰু শকত ৷ 

( v ) উৰ্বিকা ৰেখা সম্পূর্ণ নহয় । 

শাৰীৰিক উচ্চতা :- লা – চেপেল – অকছ – চেইণ্টচৰ শাৰীৰিক উচ্চতা প্রায় 5.1 ছেঃমি । প্ৰফেছাৰ ৱেইডেনৰিছ আৰু কিছু নৃতত্ত্ববিদে নিয়ানডাৰথেলক প্রকৃত মানৱৰ আদি পুৰুষ বুলি ক’ব খোজে । আন কিছুমান পণ্ডিতৰ মতে নিয়েনডাৰথেল কেতিয়াও প্রকৃত মানৱৰ আদি পুৰুষ নহয় ৷ কিয়নো পশ্চিম ইউৰোপত আৱিষ্কৃত অৱশেষসমূহ নিয়ানডাৰথেলতকৈ যথেষ্ট উন্নতৰ অথচ ইহঁততকৈ আগত বাস কৰিছিল । শেষ প্লিছট’ছিন যুগত বাস কৰা নিয়েনডাৰথেলৰ বিলুপ্তি সম্পর্কে বিভিন্ন মত পোষণ কৰে ৷ কিছুমানৰ মতে অতিপাত ঠাণ্ডা আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলস্বৰূপেই ইহঁত লুপ্ত হৈ যায় । আন এটা চামৰ মতে ইউৰোপৰ ক্ৰমেগননৰ লগত যুঁজত হাৰি ইহঁত ধ্বংসপ্রাপ্ত হয় , আনহাতে কিছুমানে ভাবে নিয়েনডাৰথেল মানৱ লুপ্ত হৈ যোৱা নাই , বৰঞ্চ ক্ৰমেগননৰ লগত মিশ্ৰিত হৈ মিলি গৈছে । 

১৯। জীৱবিদ্যালমূলক দিশত বিৱৰ্তন নীতি নৃতত্ত্বৰ আধাৰশিলাসদৃশ ? বর্ণনা কৰা ৷ 

উত্তৰঃ মানুহৰ উৎপত্তি সম্বন্ধে ঊনবিংশ শতিকাৰ মাজভাগলৈ নানা ধৰণৰ অলৌকিক আৰু অদ্ভুত কাহিনী শুনা গৈছিল , যিবিলাক কোনো বৈজ্ঞানিক তথ্যৰ ওপৰত ভিত্তি কৰি লোৱা বা লিখিত হোৱা নাছিল । মানুহৰ সৃষ্টিৰ সম্বন্ধে বিভিন্ন ধর্মীয় শাস্ত্ৰবোৰত বিভিন্ন ধৰণৰ বৰ্মনা পোৱা যায় । সেই সময়ৰ ইউৰোপৰ প্ৰায় সকলো লোকেই বিশেষ সৃষ্টিতত্ত্বত বিশ্বাস কৰিছিল ৷ ইয়াৰ পৃষ্ঠপোষক আছিল খ্ৰীষ্টিয় ধর্মযাজকসকল । তেওঁলোকৰ মতে সাতদিনত সকলো বস্তুৰ সৃষ্টি হৈছিল।প্রথম দিনত এন্ধাৰ আৰু পোহৰৰ সৃষ্টি হৈছিল । দ্বিতীয় দিনা আকাশৰ সৃষ্টি হৈছিল । তৃতীয় দিনা শুকান মাটিৰ সৃষ্টি হৈছিল আৰু ইয়াক পৃথিৱী বুলি নামকৰণ কৰা হৈছিল । ইয়াৰ পিছত পানীৰ সৃষ্টি হ’ল আৰু ইয়াৰ লগে লগে ঘাঁহ , বিভিন্ন পুলি আৰু গছৰ জন্ম হ’ল । চতুর্থ দিনত আকাশত সূৰ্য আৰু তৰাৰ সৃষ্টি হ’ল , যাতে জগতখন সদায় পোহৰেৰে আলোকিত হৈ থাকে । পঞ্চম দিনত ডাঙৰ ডাঙৰ তিমি মাছ , সৰু সৰু মাছ আৰু চৰাইৰ সৃষ্টি হ’ল আৰু একেবাৰে শেষত মানুহৰ সৃষ্টি কৰিলে । এই সকলোবোৰৰ সৃষ্টিকৰ্তা ঈশ্বৰ বুলি ধৰা হৈছিল । 

আর্কবিশ্বপ উশ্বাৰৰ মতে খ্ৰীষ্টপূর্ব 4400 বছৰৰ আগতে মানুহৰ জন্ম হৈছিল । ঊনৈশ শতিকাৰ মাজভাগলৈকে মানুহে আদিপুৰুষ আদাম আৰু আদি নাৰী ইতৰ পৰা মানুহৰ উৎপত্তি হৈছিল বুলি বিশ্বাস চলি আহিছিল।কিন্তু জীৱ বিজ্ঞান , শৰীৰ বিজ্ঞান আৰু জীৱাশ্ম বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে পণ্ডিতসকলে ধর্মযাজকসকলৰ মানুহৰ উৎপত্তিৰ তথ্য মানি ল’বলৈ ইতস্ততঃ কৰিলে । ঊনৈশ শতিকাৰ আৰম্ভণিতে ভূতত্ত্ববিদ , প্রত্ন জীৱাশ্ম তত্ত্ববিদ আৰু প্রত্নতত্ত্ববিদসকলে কিছুমান প্রাচীন জীৱৰ জীৱাশ্ম আৰু শিলৰ সঁজুলি আৱিষ্কাৰ কৰে । ফলত বিজ্ঞান জগতত কিছু আলোড়নৰ সৃষ্টি হয় । 1859 চনৰ প্রথিতযশা পণ্ডিত চাৰ্লছ ডাউইনে তেওঁৰ যুগান্তৰকাৰী গ্রন্থ ‘ জীৱৰ উৎপত্তি ’ ” Origin of Species ” প্ৰকাশ কৰে । এই কিতাপখনত তেওঁ তিনিটা মতবাদ দাঙি ধৰে । সেইকেইটা হ’ল— 

( i ) জীয়াই থাকিবৰ বাবে সকলো জীৱই সংগ্ৰাম কৰিব লাগে । 

( ii ) এনে জীৱন সংগ্ৰামত জয়ী হোৱাজনহে অর্থাৎ প্ৰকৃতিৰ বাছিবলৈ সক্ষম হোৱাজনেহে পৃথিৱীত বৰ্তি থাকিব পাৰে । 

( iii ) জীৱন সংগ্ৰামত জয়ী হৈ জীয়াই থাকিবলৈ জীৱই পাৰিপাৰ্শ্বিক অৱস্থাৰ সৈতে নিজকে খাপ খুৱাই লয় । ইয়াৰ ফলত জীৱৰ অংগৰ পৰিৱৰ্তন হয় । শৰীৰৰ এই পৰিৱৰ্তনবোৰ কালক্ৰমত জয়ী হয় আৰু বিভিন্ন ৰূপ ধাৰণ কৰে । বংশগতিৰ দ্বাৰা এই নতুন ৰূপ একেদৰে চলি থাকে এনেকৈ নতুন নতুন জীৱৰ সৃষ্টি হয় । এয়ে হ’ল বিৱৰ্তন নীতি । 

বিৱৰ্তনৰ ফলত নানান অৱস্থাৰ সন্মুখীন হৈ মানুহে বৰ্তমান ৰূপ পাইছে।1871 চনত ডাউইনে ‘ মানুহৰ অবৰুহন ‘ প্ৰকাশ কৰে ৷ তেওঁ ইয়াত মানুহৰ লগত বিভিন্ন প্ৰাণীৰ শাৰীৰিক গঠনৰ সাদৃশ্যসমূহ ফঁহিয়াই দেখুৱায় । মানুহ আৰু বিভিন্ন প্ৰাণীৰ জকা , মাংসপেশী , স্নায়ু , ভ্রুণ আদি তুলনা কৰি মন্তব্য কৰে যে মানুহৰ লগত কিছুমান প্ৰাণীৰ শাৰীৰিক গঠনৰ মিল আছে । বিশেষকৈ প্ৰাইমেটৰ অন্তৰ্ভুক্ত বান্দৰ আৰু বন মানৱৰ লগত মানুহৰ সাদৃশ্য আটাইতকৈ বেছি । ডাউইনৰ মতে অতি সাধাৰণ বান্দৰজাতীয় জীৱৰ পৰাই ক্ৰমবিৱৰ্তনৰ ফলত মানুহৰ উৎপত্তি হয় । 

উক্ত কাৰণতেই বিৱৰ্তন নীতিক জীৱবিদ্যা মূলক দিশত নৃতত্ত্বৰ আধাৰশিলা সদৃশ বুলি কোৱা হয় ৷ 

২০। চমুটোকা লিখা : 

ক্ৰমেন মানৱ ।

উত্তৰঃ আৱিষ্কাৰ :- 1868 চনত ফ্ৰান্সৰ ডৰ্ডন নামে ঠাইত ৰে’ল বিভাগৰ কৰ্মী কেইজনমানে মানুহৰ জকা আৱিষ্কাৰ কৰে । এই পাঁচটা জকাৰ দুটা প্রাপ্তবয়স্ক লোকৰ , এটা মহিলাৰ , এটা অজান শিশু আৰু এটা বুঢ়া মানুহৰ । ইয়াৰ আৱিষ্কাৰক হ’ল এ এম লুইলাৰলেট ঠাইডোখৰৰ নাম অনুসৰি এই মানৱৰ নাম দিয়া হ’ল ক্ৰ’মেগ্‌নন। ইয়াৰ পিছত ইউৰোপৰ বিভিন্ন ঠাইত ক্ৰ’মেগ্‌নৰ বিভিন্ন অৱশেষ আৱিষ্কৃত হয় ।

কলা আৰু সংস্কৃতি :- পণ্ডিতসকলৰ মতে ক্ৰ’মেগ্‌নৰ ভূতাত্ত্বিক কাল হ’ল শেষ প্লিষ্টচিন । এই অৱশেষবোৰৰ লগত ধুনীয়া শিলৰ আৰু হাড়ৰ সঁজুলি পোৱা গৈছিল । এই আটাইবোৰ সঁজুলি তৈয়াৰ কৰাৰ উপৰি মানুহবোৰে গুহাৰ বেৰত নানা ধৰণৰ ছবি আঁকিছিল আৰু খোদাই কৰিছিল ৷ ক্ৰমেনৰ অৱশেষবোৰৰ ভিতৰত বুঢ়া মানুহৰ সম্পূৰ্ণ জকা পোৱা গৈছিল ৷ তলত ইয়াৰ বৰ্ণনা দিয়া হ’ল— 

( i ) লাওখোলটো বৰ দীঘল , দৈর্ঘ্য 203 মিঃমিঃ আৰু প্ৰস্থ 150 মিঃমিঃ।মস্তকৰ অনুপাতিক সূচনা 73.7 মিঃমিঃ । 

( ii ) কৰোটিৰ উত্থতি উচ্চ কপাল বহল আৰু পোন ৷ 

( iii ) অধ্যাক্ষি সীৰলু বৰ বেছি প্ৰকট নহয় । 

( iv ) মুখমণ্ডল বৰ বহল , কপালাস্থি শকত , নাক দীঘল আৰু ঠেক । 

( v ) নাসিকা দণ্ড উচ্চ । 

( vi ) ঊধ্ব হনু দৈঘ্য প্রক্ষিপ্ত । 

( vii ) অধঃহনু শকত আৰু ডাঙৰ , ছিগময়থমাজ গভীৰ । 

( viii ) থঁতৰি আছে , দাঁতবোৰ ডাঙৰ । 

( ix ) ঊর্ধ্ব বাহু বাহুৰ তুলনাত দীঘল আৰু চৰণ উকৰ তুলনাত দীঘল। 

( x ) উৰ্বাস্থিৰ উৰ্বিকা ৰেখা সুস্পষ্ট । 

( xi ) শৰীৰৰ উচ্চতা প্রায় 1.82 ছেঃমিঃ বুলি স্থিৰ কৰা হৈছে । 

উক্ত লক্ষণসমূহৰ পৰা বুজিব পাৰি যে ক্ৰমেন মানৱ ককেছীয় প্ৰজাতিৰ অন্তৰ্গত । 

টোকা :

পিথেকানথ্র’পাছ ইৰেকটাছ 

1890-91 চনত ডাচ দেশীয় চিকিৎসাবিধি আগেন ডুবয়ে যাভাৰ চেলো নদীৰ পাৰত ট্ৰিনিল নামে ঠাইত প্রস্তৰীভূত লাওখোলা এটাৰ ওপৰৰ অংশ , অধঃহনুৰ টুকুৰা এটা , জামু দাঁত তিনিটা আৰু উৰ্বাস্থিৰ হাড় এডাল আৱিষ্কাৰ কৰে । ডুবয়ে এই অৱশেষবোৰ পৰীক্ষা কৰি ইয়াৰ নামকৰণ কৰে পিয়েকানথ্র’পাছ ইকেটাছ বা পোন হৈ খোজ কঢ়া অধ মানুহ বা অর্ধ বনমানুহ ৷ 

বনমানুহ আৰু মানুহৰ মাজৰ সূত্ৰ বিচাৰি উলিওৱাত নৃতত্ত্ববিদসকলক এই জীৱাশ্মবিধে যথেষ্ট সহায় কৰিছিল । পিথেকানথ্র’পাছ জীৱাশ্মবোৰৰ লগত আন কিছুমান জীৱ – জন্তুৰো জীৱাশ্ম পোৱা গৈছে । যেনে জলহস্তী, গঁড় আদি । 

পিথেকনথ্র’পাছৰ জীৱাশ্ম আৱিষ্কাৰ হোৱা বস্তুৰ পৰীক্ষা কৰি ইয়াক মধ্য প্লিষ্ট’ছিন পৰ্যায়ৰ বুলি ক’ব পাৰি 

ইয়াৰ লক্ষণসমূহ :- 

লাওখোলা :- ( i ) ইয়াৰ দৈৰ্ঘ্য 184 মিঃমিঃ আৰু প্ৰস্থ 134 মিঃমিঃ । কৰোটিৰ আনুপাতিক সূচনা 90 । 

( ii ) কৰোটিৰ উত্থিতি মানুহৰ কৰোটিৰ উত্থিতিতকৈ চাপৰ । 

( iii ) অধ্যাক্ষি সীৰলু দুডাল লগ লগা আৰু ট্ৰাছ প্রকট । 

( iv ) কৰোটিৰ ধাৰণ ক্ষমতা 290 ৰ পৰা 550 ঘন চেঃমিঃ । 

( v ) কপাল ঠেক আৰু এঢলীয়া ৷ 

( vi ) লাওখোলাৰ হাড় বৰ ডাঠ আৰু হাড়ৰ মাজৰ সীৰলু সম্পূৰ্ণৰূপে লগ লগা । 

দাঁত : ( i ) বনমানুহৰ নিচিনা দাঁতৰ গুৰিৰ দূৰত্ব বেছি । 

( ii ) শখৰৰ লক্ষণ মানুহৰ দন্ত শিখৰৰ নিচিনা । 

( iii ) দাঁতবোৰ বৰ ডাঙৰ । 

ঊর্বাস্থি :- ( i ) উর্বাস্থিডাল দেখাত মানুহৰ নিচিনা । 

( ii ) উর্বাস্থিডাল পোন আৰু দীঘল । 

( iii ) উৰ্বিকা ৰেখা সুস্পষ্ট । 

পিথেকানথ্র’পাছৰ দাঁত আৰু লক্ষণসমূহ বনমানুহৰ আৰু মানুহৰ লক্ষণৰ লগত কিছু মিল থকা দেখা যায় ৷ কিন্তু মগজুৰ পৰিমাণ আৰু পোন হৈ খোজ কঢ়াৰ ক্ষেত্ৰত ই বনমানুহতকৈ বহুত উন্নত । সেই কাৰণে জীৱাশ্ম বিদসকলে ইয়াক হ’ম ইৰেকটাছ নামেৰে নামকৰণ কৰিছে । 

নিয়ানডাৰৰ্থেলঃ 

লাওখোলা :- ( i ) ইয়াৰ দৈৰ্ঘ্য 208 মিলিমিটাৰ আৰু প্ৰস্থ 155 মিঃ মিঃ । 

( ii ) কৰোটিৰ উত্থিতি মানুহৰ কৰোটিৰ উত্থিতিতকৈ নিম্ন । 

( iii ) কৰোটিৰ ধাৰণ ক্ষমতা 1600 ঘন ছেঃমি ।

( iv ) শংখাস্থি কোটৰ ডাঙৰ । 

( v ) কপাল এঢলীয়া , অধ্যাক্ষি সীৰলু বৰ ডাঙৰ আৰু টৰাছ প্রকট । 

( vi ) চক্ষুকোটৰ ডাঙৰ আৰু ঘূৰণীয়া । 

( vii ) নাক বহল আৰু চুটি । 

( viii ) ঊর্ধ্ব হনু ঈষৎ প্রক্ষিপ্ত । 

( ix ) মহাৰন্ধ্র মানুহৰ মহাৰন্ধ্রতকৈ পিছলৈ অৱস্থিত । 

অধঃহনু আৰু দাঁত : ( i ) অধঃহনু ডাঙৰ আৰু শক্তিশালী । 

( ii ) থঁতৰি নাই ৷ 

( iii ) চিবুকাস্থি ডাঙৰ আৰু বহল । 

( iv ) চিগময়ড খাজ বেছি গভীৰ নহয় । 

( v ) কৰণয়ড প্ৰবন্ধ ভোটা । 

দাঁত :- ( i ) দাঁতৰ মাজত ফাক নাই ৷ 

( ii ) কুকুৰ দাঁত সৰু , আন দাঁততকৈ বাহিৰ ওলোৱা নহয় ৷ 

জকাৰ হাড় :- ( i ) ৰাজহাড় চুটি কিন্তু কামীহাড়বোৰ শক্তিশালী । 

( ii ) কণ্ঠাস্থি দীঘল আৰু লাহী । 

( iii ) শ্রোণী খুব চুটি । 

( iv ) উৰ্বাস্থি ডাঙৰ আৰু শকত । 

( v ) উৰ্বিকা ৰেখা সম্পূর্ণ নহয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top