Class 11 Anthropology Chapter 1 নৃতত্ত্ব

Class 11 Anthropology Chapter 1 নৃতত্ত্ব, Class 11 Anthropology Question Answer AHSEC, HS 1st year Anthropology notes, নৃতত্ত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 1 নৃতত্ত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 1 নৃতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 1 নৃতত্ত্ব Notes for All Subject, You can practice these here.

নৃতত্ত্ব

Chapter – 1

নৃতত্ত্ব

(ক) অতি চমু প্ৰশ্ন

১ । Anthropology শব্দটো কোনে উদ্ভাৱন কৰিছিল ? 

উত্তৰঃ নৃতত্ত্ব ( Anthropology ) শব্দটো প্রথমে গ্রীক দার্শনিক এৰিষ্ট টলে ( খ্রীষ্টপূর্ব 384 322 ) উল্লেখ কৰিছিল । 

২ । নৃতত্ত্ব শব্দটো প্ৰথমতে কিমান চনত ইংৰাজী ভাষাত ব্যৱহাৰ হৈছিল ? 

উত্তৰঃ 1655 খ্ৰীষ্টাব্দত এখন বেনামী কিতাপ যাৰ নাম আছিল ‘ Anthropologie Abstracted ‘ প্রথম নৃতাত্ত্বিক শব্দটো ইংৰাজী ভাষাত ব্যৱহাৰ হৈছিল। 

৩। কোনটো শতিকাৰ পৰা আৰু কাৰ মতবাদৰ ভিত্তিত নৃতত্ত্ব এটা বৈজ্ঞানিক বিষয় হিচাপে স্বীকৃতি লাভ কৰে ? 

উত্তৰঃ উনবিংশ শতিকাৰ প্ৰায় মাজভাগলৈ পণ্ডিতসকলে বিশেষ সৃষ্টিবাদৰ পৃষ্ঠপোষকতা কৰিছিল । কিন্তু ঊনৈশ শতিকাৰ মধ্যভাগত প্রথিতযশা পণ্ডিত চাৰ্লছ ডাউইন আৰু আলফ্রেড আৰু ওৱালেচে আগবঢ়োৱা বিৱৰ্তনৰ তত্ত্বৰ ভিত্তি কৰি নৃতত্ত্বক বৈজ্ঞানিক বিষয় হিচাপে স্বীকৃতি দিয়া হয় । 

৪। The Origin of Species আৰু The Descent of Men ৰ লেখক কোন ?

উত্তৰঃ The Origin of Species ( 1859 ) আৰু The Descent of Men বা মানৱৰ উপানুক্ৰমৰ লেখক হ’ল প্রথিতযশা পণ্ডিত চাৰ্লছ ডাউইন । 

( খ ) ৰচনাধৰ্মী প্রশ্নোত্তৰ : 

৫। এছিয়াটিক ছ’চাইটী অব বেংগলৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ ভাৰতত 1774 খ্ৰীষ্টাব্দত এছিয়াটিক ছ’চাইীটী অব্ বেংগল সংগঠিত হয় । ইয়াৰ জৰিয়তে নৃতত্ত্ব অধ্যয়নৰ পাতনি মেলা হয় । ছাৰ উইলিয়াম জোনছ এই সমাজৰ প্রতিষ্ঠাপক সভাপতি আছিল ।এই সমাজৰ উদ্দেশ্য আছিল ভাৰতত ‘ প্রকৃতি আৰু মানৱ’ৰ বিষয়ে অধ্যয়ন।এই সমাজৰ জৰিয়তে বিভিন্ন অনালিপিক লোকসকলৰ বিভিন্ন দিশ অধ্যয়ন কৰা হৈছিল আৰু বিভিন্ন গৱেষণামূলক প্রবন্ধ প্রকাশিত হৈছিল । 

৬। নৃতত্ত্বই এটা বৈজ্ঞানিক বিষয় হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে ? 

উত্তৰঃ 1920 চনত । 

৭। অসমৰ নৃতত্ত্বৰ আৰম্ভণি কিদৰে হয় ? 

উত্তৰঃ অসমত 1947 চনত কটন কলেজত নৃতত্ত্ব অধ্যয়ন আৰম্ভ হয় । 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপিত হোৱাৰ লগে লগে নৃতত্ত্বকো শিক্ষাৰ বিষয় হিচাপে অন্তর্ভুক্ত কৰা হয় । 1966 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নৃতত্ত্ব শিক্ষাৰ বিষয় হিচাপে পাতনি মেলা হয় । 

৮। The Tribal culture of India ৰ লেখক কোন ? 

উত্তৰঃ এল পি বিদ্যার্থী আৰু বি কে ৰয়ে 1977 চনত এই কিতাপখন প্ৰকাশ কৰে । 

৯। নৃতত্ত্ব অধ্যয়নৰ উপকালসমূহ কেইটা আৰু কি কি ? 

উত্তৰঃ এল পি বিদ্যার্থী আৰু বি কে ৰয় নামৰ দুজন নৃতত্ত্ববিদে তেওঁলোকৰ দ্বাৰা প্ৰকাশিত ‘ The Tribal Culture of India ( 1977) কিতাপত ভাৰতৰ নৃতত্ত্ব অধ্যয়নৰ কালক তিনিটা উপকালত ভগাইছে। ভাগকেইটা হ’ল— 

( i ) নির্মাণকাল [ 1774-1919 ] ( Formative Period ) 

( ii ) গঠনমূলক কাল [ 1920-1949 ] ( Constructive Period ) 

( iii ) বিশ্লেষণমূলক কাল ( 1950- ) ( Analytical Period ) 

১০। কোনটো কালত ভাৰতীয় নৃতাত্ত্বিক পিয়ল বিভাগ স্থাপিত হয় ? 

উত্তৰঃ গঠনমূলক কালত ‘ Anthropological Survey of India ‘ . 

১১ । কেতিয়াৰ পৰা ভাৰতৰ সমূহীয়া উন্নয়ন প্রকল্পৰ [ Community Development Projects ] আৰম্ভ হৈছিল ? 

উত্তৰঃ ‘ Community Development Projects ‘ ৰ আৰম্ভ হয় 1950 চনত । এই প্ৰকল্পৰ মুখ্য উদ্দেশ্য আছিল ভাৰতৰ গাঁৱলীয়া আৰু জনজাতীয় লোকৰ উন্নতিৰ কাৰণে কাম কৰা । 

১২। গঠনমূলক কালত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ মূৰ দাঙি উঠা নৃতত্ত্ব প্রধান ভাগ দুটা কি কি ? 

উত্তৰঃ প্রায়োগিক নৃতত্ত্ব ( Applied Anthropology ) আৰু ( Action Anthropology ) ক্রীড়া নৃতত্ত্ব । 

১৩ । গঠনমূলক কাল আৰু বিশ্লেষণমূলক কালৰ মাজত পার্থক্য কি ? 

উত্তৰঃ গঠনমূলক কাল আৰম্ভ হৈছিল 1920 চনত । 1919 চনত মুম্বাই বিশ্ববিদ্যালয়ৰ সমাজ বিজ্ঞান বিভাগ খোলা হয় আৰু ইয়াৰ জৰিয়তে সমাজ বিজ্ঞানৰ অধ্যয়ন আৰম্ভ হয় । 1920 চনত কলিকতা বিশ্ববিদ্যালয়ত নৃতত্ত্ব বিভাগটো খোলা হয় । আৰু ইয়াৰ জৰিয়তে 1921 চনৰ পৰা নৃতাত্ত্বিক অধ্যয়ন আৰম্ভ হয় । এই গঠনমূলক কালতেই ভাৰতীয় নৃতাত্ত্বিক পিয়ল বিভাগ স্থাপিত হয় ৷ আনহাতে বিশ্লেষণামূলক সময়ছোৱাত নৃতত্ত্বই বর্ণনামূলক অধ্যয়নতকৈ বিশ্লেষণমূলক অধ্যয়নক অধিক গুৰুত্ব দিয়ে । 1950 চনত ভাৰত স্বাধীন হোৱাৰ পিছতেই ভাৰতৰ গাঁৱলীয়া আৰু জনজাতীয় লোকৰ উন্নতিৰ কাৰণে সমূহীয়া উন্নয়ন প্রকল্প আৰম্ভ হৈছিল । এই সময়ত চৰকাৰে গাঁৱৰ মানুহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে সমাজ বৈজ্ঞানিক আৰু নৃতাত্ত্বিকসকলৰ সহায় সহযোগিতা বিচাৰিছিল । এই সময়ছোৱাতেই প্রায়োগিক নৃতত্ত্ব আৰু ক্ৰীড়া নৃতত্ত্বই মূৰ দাঙি উঠিছিল । 

১৪ । নৃতত্ত্ব শব্দৰ অৰ্থ কি ? 

উত্তৰঃ নৃতত্ত্বক ইংৰাজীত Anthropology বুলি কোৱা হয় । Anthropology শব্দটো দুটা গ্রীক শব্দৰ সংযোজন হৈ উৎপত্তি হৈছে । সেই শব্দ দুটা হ’ল— এনথ্র’পছ বা মানৱ আৰু লগছ বা বিজ্ঞান ৷ অর্থাৎ মানৱ বিজ্ঞান । Antropologi ক নৃতত্ত্ব বা নৃবিজ্ঞান বুলিও কোৱা হয়।নৃ শব্দৰ অৰ্থ হ’ল মানৱ আৰু তত্ত্বৰ অৰ্থ বিজ্ঞান বা সম্ভেদ । নৃতত্ত্ব শব্দটো প্রথমে গ্রীক দার্শনিক এৰিষ্ট টলে ব্যৱহাৰ কৰিছিল ( খ্রীষ্টপূর্ব 284 322 ) । 

১৫। নৃতত্ত্বৰ সংজ্ঞা দিয়া । 

উত্তৰঃ নৃতত্ত্ব শব্দৰ অৰ্থ হ’ল মানৱ বিজ্ঞান । বিভিন্ন পণ্ডিতে নৃতত্ত্বৰ সংজ্ঞা বিভিন্ন ধৰণে দাঙি ধৰিছে । হাৰস্ক ’ ভিট্‌ছৰ মতে নৃতত্ত্ব হ’ল মানুহ আৰু তেওঁৰ কাৰ্যাৱলীৰ অধ্যয়ন । 

বিল্‌ছ আৰু হইজাৰৰ মতে নৃতত্ত্ব অতীতত আৰু বৰ্তমানত বৰ্তি থকা সকলো মানৱ গোষ্ঠী আৰু তেওঁলোকৰ বিভিন্ন কৰ্ম আৰু কাৰ্যাৱলীৰ লগত সংশ্লিষ্ট । 

এ . এল . ক্ৰোৱাৰৰ মতে নৃতত্ত্ব হ’ল মানুহ , তেওঁৰ কৰ্ম আৰু আচৰণৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞান ৷ পৃথিৱী বিভিন্ন মানৱ গোষ্ঠীৰ বাসভূমি। গতিকে নৃতত্ত্বক বিভিন্ন মানৱ গোষ্ঠী আৰু তেওঁলোকৰ উপাদানসমূহৰ অধ্যয়ন বিজ্ঞান বুলিও আখ্যা দিব পাৰি । মানৱক কেন্দ্ৰ কৰি মানৱৰ ঐতিহাসিক আৰু ভৌগোলিক প্ৰমুখ্যে সকলো দিশ সম্বন্ধে অধ্যয়ন কৰাটোৱেই নৃতত্ত্বৰ প্ৰধান লক্ষ্য । 

১৬ । নৃতত্ত্বৰ উদ্দেশ্য কি ? 

উত্তৰঃ নৃতত্ত্বৰ প্রধান উদ্দেশ্য হ’ল নিজৰ অৰ্থাৎ মানৱৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাটো । হয়তো সকলো মানৱ গোষ্ঠীৰ লোকসকলৰ শাৰীৰিক , মানসিক , সামাজিক আৰু অৰ্থনৈতিক উন্নতি কেনেকৈ সাধন কৰিব পাৰি তাৰ ওপৰত নৃতত্ত্বই আলোকপাত কৰে ৷ তৃতীয়তে মানৱৰ সৰ্বাংগীণ উন্নতি সাধন কৰি তেওঁলোকৰ মাজত কেনেকৈ সমন্বয় ৰক্ষা কৰিব পাৰি তাৰ বিষয়েও নৃতত্ত্বই চেষ্টা চলায় । 

১৭ । নৃতত্ত্বৰ পৰিসৰ সম্পর্কে লিখা । 

উত্তৰঃ নৃতত্ত্বৰ পৰিসৰ বৰ বিস্তৃত ৷ নৃতত্ত্বই মানৱৰ সকলো দিশৰ ওপৰত অধ্যয়ন কৰিবলৈ চেষ্টা কৰে ৷ নৃতত্ত্বক দুটা ভাগত ভাগ কৰা হৈছে ―

( ক ) আবয়বিক বা জৈৱিক নৃতত্ত্ব । আৰু

( খ ) সাংস্কৃতিক নৃতত্ত্ব । 

এই দুয়োটা বিভাগৰ অন্তৰ্গত বিভিন্ন বিষয়ৰ ওপৰত নৃতত্ত্বই আলোকপাত কৰে । ইউৰোপৰ ইংলেণ্ডৰ বাহিৰে কেৱল আবয়বিক নৃতত্ত্বৰ ওপৰতেহে গুৰুত্ব দিয়া হয় । তাত সাংস্কৃতিক নৃতত্ত্বক নৃগোষ্ঠী তত্ত্ব হিচাপে অভিহিত কৰা হয় । কিন্তু ইংলেণ্ড , আমেৰিকা , অষ্ট্ৰেলিয়া , ভাৰতবৰ্ষ আৰু অন্যান্য দেশসমূহত নৃতত্ত্বই আবয়বিক আৰু সাংস্কৃতিক দুয়োটা দিশকে সামৰি লয় । দ্বিতীয়তে , পৃথিৱীৰ বিভিন্ন দেশৰ বিভিন্ন এলেকাত অৱস্থিত আৰু বিভিন্ন পৰিৱেশত বাস কৰা লোকসকলৰ বিষয়ে নৃতত্ত্বই অধ্যয়ন কৰে । তৃতীয়তে পৃথিৱীৰ বিভিন্ন ধৰণৰ জলবায়ুত বাস কৰা লোকৰ ওপৰতো নৃতত্ত্বই অধ্যয়ন কৰে । চতুৰ্থতে পৃথিৱীৰ বিভিন্ন পৰিৱেশে মানুহৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় আৰু তাৰ প্ৰতিকাৰ কিদৰে কৰিব পাৰি তাৰ ওপৰতো নৃতত্ত্বই আলোকপাত কৰে । নৃতত্ত্বই সকলো কালৰ মানৱ সম্পৰ্কেও আলোচনা কৰে ।

গতিকে নৃতত্ত্বই মানুহৰ সামগ্রিক স্বৰূপটো প্ৰকাশ কৰিবলৈ চেষ্টা কৰে । ইয়াৰ অধ্যয়ন কেৱল আবয়বিক দিশতেই সীমাবদ্ধ নাথাকি সাংস্কৃতিক দিশটোকো সামৰি লয় । 

১৮। গঠনমূলক কালত গঠিত হোৱা নৃতত্ত্বৰ ভাগ দুটা কি কি আৰু তাৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ গঠনমূলক কালত গঠিত হোৱা নৃতত্ত্বৰ ভাগ দুটা হৈছে প্ৰায়োগিক নৃতত্ত্ব আৰু ক্ৰীড়া নৃতত্ত্ব। 

প্রায়োগিক নৃতত্ত্ব :- নৃতাত্ত্বিক ধাৰণাসমূহ কিদৰে মানৱ জীৱনত বা দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত প্রায়োগিক নৃতত্ত্বই আলোকপাত কৰে । এই ক্ষেত্ৰত আবয়বিক নৃতত্ত্বই বিশেষ ভূমিকা গ্রহণ কৰে ৷ নৃদেহমাপতত্ত্ব আবয়বিক নৃতত্ত্বৰ প্ৰধান অংগ । ইয়াৰ জৰিয়তে মানুহৰ শৰীৰৰ বিভিন্ন অংগৰ জোখ – মাখ লোৱা হয় । ইয়াৰ দ্বাৰা মানুহৰ অংগ – প্রত্যগৰ অনুপাত জনা যায় । আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত প্ৰায়বোৰ বস্তুৱেই যেনে – পোছাক , জোতা , ৰন্ধন সামগ্রী , স্কুল কলেজৰ ক্লাছ ৰুম , অফিচ আদিত ব্যৱহৃত সামগ্ৰীসমূহৰ ক্ষেত্ৰত জোখ – মাখৰ প্রয়োজন হয় ৷ তদুপৰি উৰাজাহাজ , ৰে’লগাড়ী , মটৰ গাড়ী , ৰিক্সা , চিনেমা হল আদি ঠাইত এজন ব্যক্তিৰ কাৰণে যিখিনি ঠাইৰ প্ৰয়োজন হয় তাৰ ওপৰতো নৃদেহমাপতত্ত্বৰ ব্যৱহাৰ অপৰিহাৰ্য । 

উদ্যোগ , কাৰখানা আদিত মানুহে যাতে আৰামেৰে কাম কৰিব পাৰে তাৰ বাবে মানুহৰ অংগ চালনাত কিমান ঠাইৰ প্ৰয়োজন হয় নৃদেহমাপতত্ত্বই তাৰ ওপৰতো প্রতিবিধান দিব পাৰে । তদুপৰি সৈন্যভৰ্তি আৰু মানুহৰ লাগতিয়াল যন্ত্রপাতি তৈয়াৰ কৰোতেও নৃদেহমাপতত্ত্বৰ প্ৰয়োজন হয় । আবয়বিক নৃতত্ত্বৰ উপৰি সাংস্কৃতিক নৃতত্ত্বৰো প্রায়োগিক দিশৰ গুৰুত্ব আছে । কোনো মানৱ গোষ্ঠীৰ উন্নয়নমূলক আঁচনি ল’বলৈ হ’লে তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ কৰাটো দৰকাৰ । এই ক্ষেত্ৰত সাংস্কৃতিক নৃতত্ত্বই আর্থ – সামাজিক দিশৰ বিশেষ ভূমিকা গ্ৰহণ কৰে । বিভিন্ন উদ্যোগৰ ধৰ্মঘট সমস্যাও সাংস্কৃতিক নৃতাত্ত্বিকৰ সহায়ত সমাধান কৰা হয় । 

ক্রীড়া নৃতত্ত্ব :- ক্রীড়া নৃতত্ত্বৰ প্ৰতিষ্ঠাপক হ’ল প্রখ্যাত নৃতত্ত্ববিদ চালটেক্স ৷ তেওঁৰ মতে ক্ৰীড়া নৃতত্ত্বই সমাজৰ কোনো পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা প্ৰতিকূল সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়ায় । 

১৯ । নৃতত্ত্বৰ লগত অন্যান্য শিক্ষা বিষয়ক বিজ্ঞানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা ৷ 

উত্তৰঃ নৃতত্ত্ব হ’ল এটা বহুমুখী বিস্তৃত বিজ্ঞান । অন্যান্য বিজ্ঞানতকৈও ইয়াৰ বহল দৃষ্টিয়ে হয়তো বিষয়ৰ লগত সম্পর্ক স্থাপন কৰিছে আৰু ইয়াৰ আন্তঃসম্বন্ধই নৃতত্ত্বক এটা স্বতন্ত্ৰ ৰূপ দিছে । নৃতত্ত্বই প্রকৃতিক আৰু সামাজিক বিজ্ঞানৰ উভয় ক্ষেত্রতেই সহযোগ স্থাপন কৰিছে আৰু সমাজৰ বিভিন্ন সমস্যাৰ নিৰীক্ষণ আৰু সমাধানৰ কাৰণে অন্যান্য বিষয়সমূহৰ সহায় লয় । আবয়বিক নৃতত্ত্বৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহৰ কাৰণে প্ৰকৃতিক বিজ্ঞান যেনে জীৱবিদ্যা , প্রাণীবিদ্যা , দেহতত্ত্ব, শৰীৰ ক্রিয়া বিজ্ঞান , ভূ – বিজ্ঞান , মানৱ ভূগোল বিদ্যা ইত্যাদিৰ সহায় লোৱা হয় । 

সাংস্কৃতিক নৃতত্তৰ বিভিন্ন দিশৰ ওপৰত তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সামাজিক বিজ্ঞানৰ সহায় লোৱা হয় । সামাজিক বিজ্ঞান যেনে সমাজ বিজ্ঞান , অর্থনীতি বিজ্ঞান , ৰাজনৈতিক বিজ্ঞান , ইতিহাস আদি বিজ্ঞানসমূহৰ সাংস্কৃতিক নৃতত্ত্বৰ লগত বিশেষ সম্বন্ধ গঢ়ি উঠিছে আৰু এইবিলাকে সাংস্কৃতিক নৃতত্ত্ব অধ্যয়ন কৰাত বিশেষ সহায় হৈ পৰিছে । পুৰাতত্ত্ব আৰু নৃগোষ্ঠী তত্ত্বয়ো নৃতত্ত্ব অধ্যয়নত বিশেষ অৰিহণা যোগায়৷ পুৰাতত্ত্ব ভূবিজ্ঞান , জীৱাশ্ম বিজ্ঞান , ৰাসায়নবিদ্যা , পদার্থ বিজ্ঞান আদিৰ লগত সম্পর্ক আছে ৷ পুৰাতত্ত্বই উক্ত বৈজ্ঞানিক বিষয়সমূহৰ সহায়ত আদিম মানৱ জীৱনৰ জীৱন ধাৰাৰ বিষয়ে তথ্য সংগ্ৰহ কৰাত বিশেষ সহায় হয় । উক্ত কাৰণতেই নৃতত্ত্বক এটা বহুমুখী , বিস্তৃত বিজ্ঞান বুলি কোৱা হয় ৷ 

২০। নৃতত্ত্বৰ মুখ্য শাখাসমূহ কি কি ? প্রতি শাখাৰ বিষয়বস্তুসমূহ উল্লেখ কৰা । 

উত্তৰঃ নৃতত্ত্বক প্রধানতঃ দুটা ভাগত ভাগ কৰিব পাৰি : 

( ক ) আবয়বিক বা জৈৱিক নৃতত্ত্ব । আৰু

( খ ) সাংস্কৃতিক নৃতত্ত্ব ।

আবয়বিক নৃতত্ত্ব :- আবয়বিক নৃতত্ত্ব অধ্যয়নৰ মূল বিষয়সমূহ হ’ল জীৱ জগতৰ অংশবিশেষ স্বৰূপে মানৱ গোষ্ঠীৰ জৈৱিক অৱস্থিতি আৰু বিভিন্নতা , প্রাণী জগতত মানৱৰ স্থান , মানৱৰ উৎপত্তি , বিৱৰ্তন , শাৰীৰিক গঠনৰ বৈশিষ্ট্য , আনুবংশিক বিজ্ঞান আৰু বংশগতি , প্ৰজাতিৰ বিভিন্ন দিশ , মানুহৰ পৰিৱৰ্তনত পাৰিপাৰ্শ্বিকতাৰ প্রভাৱ ইত্যাদি । আবয়বিক নৃতত্ত্বক চাৰিটা ভাগত ভগা কৰা হৈছে— 

( i ) নৃজীৱতত্ত্ব ।

( ii ) মানৱৰ ক্ৰমবিৱৰ্তন ।

( iii ) নৃবিভিন্নতা । আৰু

( iv ) আনুবংশকিকি বিজ্ঞান । 

( i ) নৃজীবতত্ত্ব :- জীৱজগতত মানুহৰ কি স্থান আৰু ইয়াৰ নিকটৱৰ্তী অন্যান্য স্তন্যপায়ী জীৱ যেনে— বান্দৰ , বনমানৱ আদিৰ লগত সম্বন্ধ কি সেই বিষয়ে নৃজীৱতত্ত্বত অধ্যয়ন কৰা হয় । স্তন্যপায়ী প্ৰাণীৰ এটা ভাগ প্রাইমেটৰ মানুহ যদিও অন্তর্ভুক্ত তথাপি মানুহক এটা সুকীয়া জৈৱিক গোষ্ঠী হিচাপে লোৱা হৈছে । এই জৈৱিক গোষ্ঠীভুক্ত মানুহৰ উৎপত্তি , শাৰীৰিক গঠন , আবয়বিক লক্ষণ আদি বিভিন্ন দিশবোৰ নৃজীৱতত্ত্বত অদ্যয়ন কৰা হয় । নৃজীৱতত্ত্ব অধ্যয়ন কৰোঁতে লুপ্ত হৈ যোৱা প্ৰাইমেটৰ জীৱাশ্মবোৰ অধ্যয়ন কৰা হয় । যাক প্রাইমেট প্রত্ন জীৱতত্ত্ব বোলা হয় । 

( ii ) মানৱৰ ক্ৰমবিৱৰ্তন :- ঊনবিংশ শতিকাৰ মাজভাগলৈ পণ্ডিতসকলে বিশেষ সৃষ্টিবাদৰ পোষকতা কৰিছিল । খ্ৰীষ্টিয় ধর্মযাজকসকলে সকলো জীৱ ভগৱানৰ দ্বাৰা সৃষ্টি হোৱা বুলি কৈছিল আৰু খ্ৰীষ্টপূৰ্ব 2004 চনত মানুহৰ জন্ম হোৱা বুলি উল্লেখ কৰিছিল । কিন্তু ঊনবিংশ শতিকাৰ দ্বিতীয়ার্ধত প্রথিতযশা পণ্ডিত চাৰ্লছ ডাউইন আৰু আলফ্ৰেদ আৰু ওলাচে বিৱৰ্তন তত্ত্বৰ বিষয়ে বিজ্ঞানসন্মত মত প্ৰকাশ কৰে ৷ তেওঁলোকে আগবঢ়োৱা বিৱৰ্তন তত্ত্বৰ পৰা এইটো গম পোৱা গ’ল যে নিম্নস্তৰৰ প্ৰাণীৰ পৰা ক্ৰমবিৱৰ্তনৰ ফলত মানুহৰ উৎপত্তি হ’ল । মানুহৰ উৎপত্তিৰ পিছত কেনেকৈ মানুহৰ শাৰীৰিক বিৱৰ্তন হ’ল তাৰ ওপৰত আলোচনা কৰিবলৈ প্ৰত্ন জীৱতত্ত্বৰ সহায় লোৱা হয় ।

( iii ) বৰ্তমানৰ নৃতাত্ত্বিকসকলে প্ৰজাতি শ্ৰেণীকৰণ কৰা পুৰণি পদ্ধতিতেই সীমাবদ্ধ নাথাকি ৰক্তসমষ্টি , চর্মচাপ , পি টি চি পৰীক্ষা আদিৰে বংশগতিৰ দ্বাৰা নিয়ন্ত্রিত লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি প্ৰজাতি শ্ৰেণীকৰণ কৰাত বিশেষ গুৰুত্ব দিয়া হয় । আবয়বিক নৃতত্ত্বই প্রাকৃতিক পৰিৱেশে মানুহৰ ওপৰত কি প্ৰভাৱ পেলায় তাৰ বিষয়ে অধ্যয়ন কৰে । তদুপৰি সু – প্রজনন বিজ্ঞানৰ সহায়ত কোনো জনসমষ্টিৰ মাজত বৰ্তি থকা অনিষ্টকাৰী লক্ষণসমূহ আঁতৰাই এই উদ্দেশ্যে জন্মোধিকাৰ সূত্ৰে লাভ কৰা বংশগত লক্ষণসমূহ অধ্যয়ন কৰা হয় । 

( iv ) সাংস্কৃতিক নৃতত্ত্ব :- মানুহে কেতিয়া আৰু কিদৰে সমাজ পাতি থাকিবলৈ ল’লে , কিদৰে মানুহৰ ভাষা জ্ঞান উদয় হ’ল , কিদৰে হাতেৰে সা – সঁজুলি তৈয়াৰ কৰিবলৈ শিকিলে , কেনেকৈ জীৱন প্ৰৱৰ্তন কৰিবলৈ ধৰিলে অর্থাৎ সমাজৰ বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰা হয় । ইয়ৰ উপৰি সাংস্কৃতিক নৃতত্ত্বই সমাজ আৰু মানুহৰ কি দুর্বলতা বা ত্রুটি আছে, সেইবোৰ কেনেকৈ দূৰ কৰি মানুহে প্ৰগতিৰ পথত আগুৱাই যাব পাৰে তাৰ ওপৰত সাংস্কৃতিক নৃতত্ত্বই মনোনিৱেশ কৰে । 

সাংস্কৃতিক নৃতত্ত্বৰ মূল শাখাসমূহ হ’ল— 

( i ) প্রাগৈতিহাসিক বা প্রাগ্ ঐতিহাসিক পুৰাতত্ত্ব । 

( ii ) নৃগোষ্ঠীতত্ত্ব । আৰু 

( iii ) নৃগোষ্ঠীয় ভাষাতত্ত্ব । 

নৃগোষ্ঠীক আকৌ কেইবাটাও শাখাত ভাগ কৰা হৈছে । যেনে — অর্থনৈতিক নৃতত্ত্ব , সামাজিক নৃতত্ত্ব , নৃগোষ্ঠী বর্ণনা তত্ত্ব , ধর্ম , লোকসংস্কৃতি , কলা আৰু অন্যান্য । 

( i ) প্রাক্ ইতিহাস :- প্রাক্‌ ইতিহাস সাংস্কৃতিক নৃতত্ত্বৰ এটা বিশিষ্ট শাখা । প্রাগৈতিহাসিক বিশেষজ্ঞসকলে কোৰ আৰু বেলসাৰৰ সহায়ত বিলুপ্ত মানৱ আৰু তেওঁলোকৰ সংস্কৃতি আৰু বৰ্তমান যুগৰ মানৱৰ অতীত জীৱনৰ বিষয়ে আলোকপাত কৰে । বিশেষজ্ঞসকলে অতীতৰ মানুহে বিভিন্ন প্রয়োজনীয় হাতিয়াৰ আৰু সাধন তৈয়াৰ কৰি কেনেকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খুৱাই নিজৰ খাদ্য , কাপোৰ – কানি , কলা প্ৰমুখ্যে শাৰীৰিক আৰু মানসিক চাহিদা পূৰণ কৰিছিল সেই বিষয়েও আভাস দিয়ে ৷ পুৰাতত্ত্বই স্তৰ বিন্যাস , ৰেডিঅ’ কাৰ্বন আদি বিভিন্ন প্ৰণালীৰ সহায়ত সাংস্কৃতিক ক্ৰম আৰু কাল নিৰ্ধাৰণ কৰাত বিশেষ বৰঙণি যোগায় । প্রত্নজীৱতত্ত্ব নামে আৰু এটা বৈজ্ঞানিক প্রশাখা আছে , যাৰ সহায়ত পুৰাতত্ত্ব বিভাগে জীৱাশ্মবোৰৰ পৰা বিলুপ্ত হোৱা প্ৰজাতিসমূহৰ ওপৰত অধ্যয়ন কৰিব পাৰে আৰু কেনেকুৱা প্ৰাণীৰ বংশগোষ্ঠী পৰিৱৰ্তনশীল প্রাকৃতিৰ পৰিৱেশত খাপ খাই অৰ্থাৎ ৰূপান্তৰিত হৈ আধুনিক প্রাণী বিলাকৰ জন্ম হৈছে সেই বিষয়েও সম্যক জ্ঞান লাভ কৰিব পাৰে ।

২১। ‘ নৃতত্ত্ব মানে মানৱ বিজ্ঞান’– এই উক্তিৰ পৰা তুমি কি বুজা ? 

উত্তৰঃ নৃ শব্দৰ অৰ্থ হ’ল মানৱ আৰু তত্ত্ব শব্দৰ অৰ্থ হ’ল বিজ্ঞান অর্থাৎ মানুহৰ সামগ্ৰিক অধ্যয়নেই হ’ল নৃতত্ত্ব । নৃতাত্ত্বিক অধ্যয়নসমূহ কেৱল আবয়বিক দিশতেই সীমাবদ্ধ নাথাকি সাংস্কৃতিক দিশটোকো সামৰি লয়।অতীত আৰু বৰ্তমানত ঘটা মানুহৰ বিভিন্ন ঘটনাৰ ওপৰত ই আলোকপাত কৰে । পৃথিৱীৰ বিভিন্ন ঠাইত বাস কৰা বিভিন্ন জনগোষ্ঠীসমূহৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি মানৱ জীৱনৰ সামগ্রিক উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি তৈয়াৰ কৰা হয় । নৃতাত্ত্বিক অধ্যয়নৰ পৰিসৰ বৰ বিস্তৃত । উক্ত কাৰণতেই নৃতত্ত্বই এটা বৈজ্ঞানিক বিষয় হিচাপে স্বীকৃতি লাভ কৰে ।

1 thought on “Class 11 Anthropology Chapter 1 নৃতত্ত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top