Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব

Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব

Join Telegram channel

SEBA Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 14 আমাৰ অধিকাৰ আমাৰ দায়িত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ অধিকাৰ আমাৰ দায়িত্ব

Chapter – 14

প্ৰকল্প

Multiple Choice Questions & Answers

প্রশ্ন ১। ৰাষ্ট্ৰসংঘই কিমান চনত ‘শিশুৰ অধিকাৰ’ আঁচনিখন গ্ৰহণ কৰে?

উত্তৰঃ ১৯৫৯ চনত।

প্রশ্ন ২। ভাৰতবৰ্ষই কিমান চনত ‘শিশুৰ বাবে ৰাষ্ট্ৰীয় নীতি’ প্ৰৱৰ্তন কৰে?

উত্তৰঃ ১৯৭৪ চনত।

প্রশ্ন ৩। কিমান চনত ভাৰতবৰ্ষই ‘শিশুৰ অধিকাৰ আইন’ গ্ৰহণ কৰে?

উত্তৰঃ ১৯৯২ চনৰ ১১ ডিচেম্বৰত।

প্রশ্ন ৪। শিশুৰ অভিভাৱক আৰু নাগৰিকৰ প্ৰাথমিক দায়িত্ব কি?

উত্তৰঃ ১৮ বছৰ বয়সৰ সকলো শিশুৰে শাৰীৰিক, বৌদ্ধিক আৰু মানসিক পৰিপুষ্টি আৰু বিকাশৰ বাবে চেষ্টা কৰাটো সকলো অভিভাৱক আৰু নাগৰিকৰ প্ৰাথমিক দায়িত্ব।

প্রশ্ন ৫। এজন শিশুৰ প্ৰথম অধিকাৰটো কি?

উত্তৰঃ সন্মান আৰু প্ৰকাশৰ অধিকাৰ।

প্রশ্ন ৬। শ্ৰেণীকোঠাৰ ভিতৰত থকা শিশুৰ এটা অধিকাৰ লিখা।

উত্তৰঃ শ্ৰেণীকোঠাত যিকোনো প্রশ্ন সোধাৰ অধিকাৰ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে আছে।

প্রশ্ন ৭। শিশুৰ ক্ষেত্ৰত থকা নাগৰিকৰ এটা কর্তব্য লিখা।

উত্তৰঃ শিশুসকলক বিদ্যালয়লৈ যাবলৈ উদ্‌গনি যোগোৱাটো প্ৰতিজন নাগৰিকৰে কর্তব্য।

প্রশ্ন ৮। ডাঙৰসকলৰ শিশুৰ প্ৰতি থকা এটা দায়িত্ব উল্লেখ কৰা।

উত্তৰঃ প্ৰতিগৰাকী শিশুৱে সু-স্বাস্থ্যৰ বাবে সকলো সুবিধা পোৱাৰ অধিকাৰ আছে আৰু সেইটো নিশ্চিত কৰাটো ডাঙৰসকলৰ দায়িত্ব।

প্রশ্ন ৯। ই. ভি. এম.ৰ সম্পূৰ্ণ অর্থ কি?

উত্তৰঃ ইলেক্ট্রনিক ভোটিং মেচিন।

প্রশ্ন ১০। ভোটদান প্রক্রিয়া মানে কি?

উত্তৰঃ সাধাৰণতে ভোটদান প্রক্রিয়া এটা আমাৰ মত প্ৰকাশৰ এটা গণতান্ত্ৰিক ব্যৱস্থা। এই গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে আমি নির্বাচিত কৰি পঠিওৱা জনপ্রতিনিধিয়ে ভাৰতবৰ্ষৰ সংবিধান অনুসৰি আমাৰ দেশখনক শাসন কৰে।

প্রশ্ন ১১। আমাৰ দেশখনক কিয় ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়?

উত্তৰঃ আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰে সু-স্বাস্থ্য, সু-খাদ্য, সু-শিক্ষা আৰু কোনো ধৰণৰ বিভেদ নথকাকৈ সকলো সুবিধা পোৱাৰ অধিকাৰ আছে। আমাৰ দেশত সকলো ধৰ্মকে, সকলো ধৰ্মৰ আদৰ্শ আৰু দৰ্শনকে সন্মান প্ৰদৰ্শন কৰা হয়। সেইকাৰণেই আমাৰ দেশখনক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয়।

প্রশ্ন ১২। N.C.C. ৰ সম্পূৰ্ণ অর্থ কি?

উত্তৰঃ National Cadet Corps

প্রশ্ন ১৩। নাগৰিকৰ কৰ্তব্য সম্পৰ্কীয় কথাখিনি সংবিধানৰ ক’ত সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ আমাৰ সংবিধানৰ ‘নিৰ্দেশ নীতি’ৰ আধাৰত।

প্রশ্ন ১৪। নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ উল্লেখ কৰা।

উত্তৰঃ নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ হ’ল—

(ক) প্ৰথমতে, আমি আমাৰ সংবিধানক, আমাৰ ৰাষ্ট্ৰীয় পতাকাক আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিব লাগিব।

(খ) দেশৰ ঐক্য, সংহতি, অখণ্ডতা আৰু সন্মান ৰক্ষাৰ বাবেই আমি সদায় প্রস্তুত থাকিব লাগিব। 

প্রশ্ন ১৫। কোন কালত এটা শিশুৰ শাৰীৰিক আৰু মানসিক দুয়োটা পৰিৱৰ্তন হয়?

উত্তৰঃ কৈশোৰ কালত।

প্রশ্ন ১৬। কৈশোৰ কালৰ দুটা পৰিৱৰ্তন লিখা।

উত্তৰঃ কৈশোৰ কালৰ দুটা পৰিৱৰ্তন হ’ল—

(ক) বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হোৱা।

(খ) মনৰ অস্থিৰতা বঢ়ে আৰু মনটো কৌতূহলী হৈ পৰে।

প্রশ্ন ১৭। এজন মানুহে নিচাৰ গ্ৰাসত পৰিছে বুলি কেনেকৈ ধৰিব পাৰি?

উত্তৰঃ যদি কোনো এটা বিশেষ দ্রব্য সেৱন নকৰিলে মানুহ এজনে অস্বস্তি অনুভৱ কৰে, অস্থিৰ হৈ পৰে, তেনেহ’লে বুজিব লাগিব মানুহজন নিচাৰ গ্ৰাসত পৰিছে।

প্রশ্ন ১৮। নিচা মানে কি?

উত্তৰঃ নিচা একপ্ৰকাৰ মানসিক বেমাৰ। নিচাই মানুহৰ জীৱনলৈ সর্বনাশ মাতি আনে।

প্রশ্ন ১৯। ড্ৰাগছ মানে কি?

উত্তৰঃ ড্ৰাগছ হ’ল আমাৰ দৈহিক প্ৰক্ৰিয়াৰ পৰিৱৰ্তন ঘটাব পৰা এবিধ ৰাসায়নিক দ্রব্য।

প্রশ্ন ২০। দুবিধ ধঁপাত জাতীয় দ্রব্যৰ নাম লিখা।

উত্তৰঃ চিগাৰেট আৰু চাদা।

প্রশ্ন ২১। নিচাযুক্ত কেইবিধমান দ্ৰব্যৰ নাম লিখা।

উত্তৰঃ মদ, ডেনড্রাইট, গুট্‌য়া, ড্ৰাগছ আদি।

প্রশ্ন ২২। ধঁপাত সেৱনৰ ফলত হ’ব পৰা দুটা অসুবিধা লিখা।

উত্তৰঃ (ক) বেছিকৈ ধঁপাত খালে ই ৰক্তচাপ বৃদ্ধি কৰে। আৰু

(খ) শৰীৰৰ বিভিন্ন অংগলৈ তেজ চলাচলত বাধা দিয়ে।

প্রশ্ন ২৩। কেন্সাৰ বেমাৰৰ মুখ্য কাৰণ কি?

উত্তৰঃ ধঁপাত সেৱন কৰা।

প্রশ্ন ২৪। চিগাৰেট আৰু বিড়ি খোৱাৰ পাছত ওলোৱা ধোঁৱাখিনিত কি কি ৰাসায়নিক পদার্থ থাকে?

উত্তৰঃ টাৰ, নিক’টিন আৰু কাৰ্বন-মন অক্সাইড।

প্রশ্ন ২৫। চিগাৰেট খোৱা মানুহৰ ওচৰত থকা সৰু ল’ৰা-ছোৱালীৰ কি কি বেমাৰ হ’ব পাৰে?

উত্তৰঃ (ক) ব্রংকাইটিছ আৰু নিম’নিয়া হ’ব পাৰে।

(খ) কাণৰ ভিতৰত ঘা হ’ব পাৰে।

(গ) হাঁওফাঁওৰ বৃদ্ধিৰ হাৰ হ্ৰাস হ’ব পাৰে।

(ঘ) কাহ হ’ব পাৰে।

(ঙ) উশাহ লোৱাত কষ্ট হ’ব পাৰে।

প্রশ্ন ২৬। ড্ৰাগছ সেৱনৰ ফলত হ’ব পৰা দুটা সমস্যা লিখা।

উত্তৰঃ (ক) ড্ৰাগছ খালে এজন মানুহৰ মানসিক স্বাস্থ্য একেবাৰে ভাগি যায়।

(খ) শিকাৰ ক্ষমতা লোপ পায় আৰু কাম কৰিবলৈ মন নোযোৱা হয়।

প্রশ্ন ২৭। ড্ৰাগছ সেৱনৰ ফলত হ’ব পৰা কেইবিধমান বেমাৰৰ নাম লিখা।

উত্তৰঃ (ক) লিভাৰ, হৃদযন্ত্ৰ আদিত ৰোগৰ সৃষ্টি হয়।

(খ) মুখ, খাদ্যনলী আৰু শ্বাসনলীত কেন্সাৰ বেমাৰ হ’ব।

প্রশ্ন ২৮। জীৱনত কৃতকাৰ্য হোৱাৰ প্ৰধান চাবিকাঠী কি?

উত্তৰঃ ইচ্ছাশক্তি আৰু আত্মবিশ্বাসেই হ’ল জীৱনৰ কৃতকাৰ্য হোৱাৰ প্ৰধান চাবিকাঠী।

প্রশ্ন ২৯। নেপোলিয়ন কোন আছিল?

উত্তৰঃ ফ্ৰান্সৰ এজন সম্রাট আছিল।

প্রশ্ন ৩০। নেপোলিয়নে প্রাথমিক শিক্ষা লাভ কৰা স্কুলখনৰ নাম কি?

উত্তৰঃ ৰয়েল মিলিটেৰী স্কুল।

প্রশ্ন ৩১। কি কি কাৰণত এইছ আই ভি ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সঞ্চালিত হ’ব নোৱাৰে?

উত্তৰঃ এজন এইছ আই ভি পজিটিভ ব্যক্তিৰ লগত ক্ৰমৰ্দন কৰিলে, একে শৌচাগাৰ বা স্নানাগাৰ ব্যৱহাৰ কৰিলে, একেলগে সাঁতুৰিলে, একেলগে শুলে এই ভাইৰাছ এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যাব নোৱাৰে।

প্রশ্ন ৩২। ৰাজহুৱা স্থান মানে কি?

উত্তৰঃ ৰাজহুৱা স্থান মানে প্রেক্ষাগৃহ, চিকিৎসালয়, ৰে’লওৱে প্লেটফৰ্মত থকা জিৰণী কোঠা, বিনোদন কেন্দ্ৰ, ৰেষ্টুৰেণ্ট, সভাগৃহ, ৰাজহুৱা কাৰ্যালয়, আদালত কক্ষ, শিক্ষা প্রতিষ্ঠান, শ্বপিংমল, চিনেমা গৃহ, গ্রন্থাগাৰ আদিবোৰক ৰাজহুৱা স্থান বুলি কোৱা হয়।

প্রশ্ন ৩৩। আন্তর্জাতিক যোগ দিবস কেতিয়া পালন কৰা হয়?

উত্তৰঃ ২১ জুন তাৰিখে।

প্রশ্ন ৩৪। পৰিৱেশ কাক বোলে?

উত্তৰঃ আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, পৰ্বত-পাহাৰ, নৈ, জান-জুৰি, চৰাই এই সকলোকে আমাৰ পৰিৱেশ বুলি কোৱা হয়।

প্রশ্ন ৩৫। শৰীৰৰ বাবে অপকাৰী এবিধ বায়ুমণ্ডলীয় গেছৰ নাম লিখা।

উত্তৰঃ কার্বন-ডাই-অক্সাইজ।

প্রশ্ন ৩৬। দূষিত বায়ু মানে কি?

উত্তৰঃ ডাঙৰ ডাঙৰ চহৰবোৰত কল-কাৰখানাৰ ধোঁৱা, গাড়ী-মটৰৰ ধোঁৱা, ধূলি আদিয়ে বায়ুত আমাৰ শৰীৰৰ অপকাৰী গেছৰ পৰিমাণ বঢ়াই তোলে। তেনেকুৱা বায়ুৱেই দূষিত বায়ু।

প্রশ্ন ৩৭। বিশুদ্ধ বায়ু কাক বোলে?

উত্তৰঃ বায়ুত যিকেইবিধ গেছ যিমান পৰিমাণত মিহলি হৈ থাকিব লাগে সেইকেইবিধ গেছ সিমান পৰিমাণতেই যদি মিহলি হৈ থাকে সেই বায়ুকেই বিশুদ্ধ বায়ু বুলি কোৱা হয়। 

প্রশ্ন ৩৮। চাইবাৰ অপৰাধ মানে কি? 

উত্তৰঃ ইণ্টাৰনেটৰ অপপ্ৰয়োগ কৰি অপৰাধ কৰা কাৰ্যক চাইবাৰ অপৰাধ বুলি কোৱা হয়। 

প্রশ্ন ৩৯। ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কিমান শতাংশ ব্যক্তি বিশেষভাৱে সক্ষম?

উত্তৰঃ ১২১ কোটি জনসাধাৰণৰ ২.২১ শতাংশ (২.৬৮ কোটি)।

প্রশ্ন ৪০। বয়ঃসন্ধি কাল মানে কি?

উত্তৰঃ আমাৰ জীৱনৰ চাৰিটা স্তৰ— শিশু, কৈশোৰ, যৌৱন আৰু বৃদ্ধি অৱস্থা। শিশু অৱস্থাৰ পৰা কৈশোৰত ভৰি দিয়া এই সময়ক বয়ঃসন্ধি কাল বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top