Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন

Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 13 অৰ্থনৈতিক উন্নয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অৰ্থনৈতিক উন্নয়ন

Chapter – 13

ৰাজনীতি আৰু অৰ্থনীতি

Multiple Choice Questions & Answers

1. উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ’ল— 

(a) অর্থনৈতিক বিকাশ।

(b) বিশ্বায়ন।

(c) অর্থনৈতিক উন্নয়ন।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) বিশ্বায়ন।

2. সেউজ বিপ্লৱৰ সূচনা হয় — 

(a) ৬০ দশকৰ মাজত।

(b) ৭০ দশকৰ মাজত।

(c) ৫০ দশকৰ মাজত।

(d) ৮০ দশকৰ মাজত।

উত্তৰঃ (a) ৬০ দশকৰ মাজত।

3. ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰে—

(a) ১৯৯১ চনত।

(b) ১৯৯৫ চনত।

(c) ১৯৯২ চনত।

(d) ১৯৯৬ চনত।

উত্তৰঃ (a)‌ ১৯৯১ চনত।

4. UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৰ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল — 

(a) ১৯০০ চনত।

(b) ১৯৯০ চনত।

(c) ১৯৮৫ চনত।

(d) ১৯৯৫ চনত।

উত্তৰঃ (b) ১৯৯০ চনত।

5. এটা বিত্তীয় বছৰত দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ বা সামগ্ৰীৰ মুদ্রাগত মূল্যই হ’ল—

(a) জাতীয় আয়।

(b) ব্যক্তিগত আয়।

(c) জনমুৰি আয়।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) জাতীয় আয়।

6. তলৰ কোনটো মানৱ উন্নয়নৰ সূচক নহয়— 

(a) প্রত্যাশিত আয়ুস।

(b) শিক্ষা।

(c) জীৱন যাত্ৰাৰ মান।

(d) জনমুৰি আয়।

উত্তৰঃ (d) জনমূৰি আয়।

7. NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল—

(a) দিল্লীত।

(b) কলিকতাত।

(c) লক্ষ্মৌত।

(d) মুম্বাইত।

উত্তৰঃ (a) দিল্লীত।

8. NITI আয়োগ গঠন কৰা বুলি ঘোষণা কৰা হয়— 

(a) ২০১৫ চনৰ ৩১ ডিচেম্বৰত।

(b) ২০১৪ চনৰ ৩১ জানুৱাৰীত।

(c) ২০১৫ চনৰ ১ জানুৱাৰীত।

(d) ২০১৫ চনৰ ৩১ মাৰ্চত।

উত্তৰঃ (c) ২০১৫ চনৰ ১ জানুৱাৰীত।

9. NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়-

(a) ৪ ফেব্ৰুৱাৰী, ২০১৫ চনত।

(b) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।

(c) ৮ ফেব্ৰুৱাৰী, ২০১৪ চনত।

(d) ৪ ফেব্ৰুৱাৰী, ২০১৪ চনত।

উত্তৰঃ (b) ৮ ফেব্ৰুৱাৰী, ২০১৫ চনত।

Very Short & Short Type Questions and Answers

1. অর্থনৈতিক উন্নয়ন মানে কি?

উত্তৰঃ দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰ, পৰম্পৰাগত কৃষি আৰু উদ্যোগখণ্ডৰ বিকাশ সাধন, মানুহৰ মৌলিক প্রয়োজনসমূহৰ পূৰণ, জীৱন ধাৰণৰ সাধাৰণ মানদণ্ডৰ উন্নতি আৰু মানুহৰ সামাজিক আৰু মানসিক দৃষ্টিভঙ্গীৰ পৰিবৰ্তনক অর্থনৈতিক উন্নয়ন বোলে। 

2. জনমুৰি আয় কেনেকৈ উলিওৱা হয়?

উত্তৰঃ ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে হৰণ কৰি জনমুৰি আয় উলিওৱা হয়।

জনমুৰি আয়= জনমুৰি আয় / দেশৰ মুঠ জনসংখ্যা।

3. প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন কেতিয়া প্রকাশ হৈছিল?

উত্তৰঃ ১৯৯০ চনত।

4. মানৱ উন্নয়ন প্রতিবেদন কোনটো অনুষ্ঠানে প্রকাশ কৰে?

উত্তৰঃ ‘ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী’য়ে।

5. UNDP ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ United Nations Development Programme.

6. প্রত্যাশিত আয়ুস কি?

উত্তৰঃ জন্মৰ সময়ত এটি শিশু কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায় তাকেই প্রত্যাশিত আয়ুস বোলে।

7. HDI ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ Human Development Index. 

8. প্ৰথম পাঁচবছৰীয়া পৰিকল্পনাৰ সময়ছোৱা কি আছিল?

উত্তৰঃ ১ এপ্রিল ১৯৫১ চনৰ পৰা ৩১ মাৰ্চ ১৯৫৬ লৈ।

9. NITI ৰ সম্পূৰ্ণ নামটো?

উত্তৰঃ National Institution for Transforming India Ayog. 

10. ভাৰতৰ পৰিকল্পনা আয়োগৰ ঠাইত কি আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ NITI আয়োগ।

11. NITI আয়োগৰ কাৰ্যাৱলী কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা।

12. NITI আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০১৫ চনৰ ৮ ফেব্ৰুৱাৰীত।

13. NITI আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী।

14. NITI আয়োগৰ উপাধ্যক্ষক কোনে নিয়োগ কৰে?

উত্তৰঃ প্ৰধানমন্ত্ৰীয়ে।

15. মিশ্র অর্থনীতি কি?

উত্তৰ যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহৱস্থান হয়, সেই অর্থনীতিক মিশ্র অর্থনীতি বোলা হয়।

16. বিত্তীয় খণ্ড কাক বোলে?

উত্তৰঃ ব্যৱসয়িক বেংক, বিনিয়োগ বেংক, অংশ পত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময় যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টিয়েই হ’ল বিত্তীয় খণ্ড।

17. সেউজ বিপ্লৱ মানে কি?

উত্তৰঃ আধুনিক প্রযুক্তি বিদ্যা প্ৰয়োগ কৰি কৃষিখণ্ডৰ উৎপাদনৰ পৰিমাণ বৃদ্ধিয়েই হ’ল সেউজ বিপ্লৱ।

18. সেউজ বিপ্লৱৰ দ্বাৰা উপকৃত হোৱা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পাঞ্জাৱ আৰু হাৰিয়ানা।

19. অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সু-নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ’ল অৰ্থনৈতিক পৰিকল্পনা।

20. গণতান্ত্ৰিক পৰিকল্পনা কি?

উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্রহণ সু-নিশ্চিত কৰা হয় সেই পৰিকল্পনাকেই গণতান্ত্ৰিক পৰিকল্পনা বোলা হয়।

21. ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰিবঠা কোনে ধৰিছিল?

উত্তৰঃ ৰাজহুৱা খণ্ডই।

22. ১৯৯১ চনৰ নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ কিমানটা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়া হৈছিল?

উত্তৰঃ ৯ টা উদ্যোগ।

23. নির্বিনিয়োজন কেতিয়া কার্যকৰী হয়?

উত্তৰঃ চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানৰ অংশপত্র (share) যেতিয়া কোনো ব্যক্তিক কিনিবলৈ অনুমতি দিয়া হয়‌ তেতিয়া নির্বিনিয়োজন কার্যকৰী হয়।

24. ব্যক্তিগতকৰণৰ এক ক্ষুদ্র সংস্কৰণ কি?

উত্তৰঃ নিৰ্বিনিয়োজন নীতি। 

25. অসমৰ দ্বাদশ পৰিকল্পনাৰ সময়ছোৱা কি? 

উত্তৰঃ ২০১২ ৰ পৰা ২০১৭ লৈ।

26. অসমৰ দ্বাদশ পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ‌ কৰা খণ্ডটো কি? 

উত্তৰঃ গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্রশ্ন ১। উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি হ’ল—

(ক) বিশ্বায়ন।

(খ) গোলকীকৰণ।

(গ) অর্থনৈতিক উন্নয়ন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) গোলকীকৰণ।

প্রশ্ন ২। সেউজ বিপ্লৱৰ সূচনা হয় –

(ক) ৬০ দশকৰ মাজত।

(খ) ৭০ দশকৰ মাজত।

(গ) ৫০ দশকৰ মাজত।

(ঘ) ৮০ দশকৰ মাজত।

উত্তৰঃ (ক) ৬০ দশকৰ মাজত।

প্রশ্ন ৩। ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক নীতি আৰু উদাৰীকৰণ নীতি গ্রহণ কৰে—

(ক) ১৯৯১ চনত।

(খ) ১৯৯৫ চনত।

(গ) ১৯৯২ চনত।

(ঘ) ১৯৯৬ চনত।

উত্তৰঃ (ক) ১৯৯১ চনত।

প্রশ্ন ৪। UNDP ৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্রতিবেদন প্রকাশ হৈছিল—

(ক) ১৯০০ চনত। 

(খ) ১৯৯০ চনত।

(গ) ১৯৮৫ চনত।

(ঘ) ১৯৯৫ চনত।

উত্তৰঃ (খ) ১৯৯০ চনত।

প্রশ্ন ৫ ৷ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ-পূব পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে—

(ক) ৰাজ্যসমূহৰ এজন মুখ্যমন্ত্ৰীক।

(খ) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক।

(গ) ৰাজ্যসমূহৰ এজন বিত্তমন্ত্রীক।

(ঘ) ৰাজ্যসমূহৰ এজন মুখ্য সচিবক।

উত্তৰঃ (খ) ৰাজ্যসমূহৰ এজন ৰাজ্যপালক।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। জাতীয় আয় কি?

উত্তৰঃ এটা বিত্তীয় বছৰত (১ এপ্ৰিলৰ পৰা ৩১ মার্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল জাতীয় আয়।

প্রশ্ন ২। জনমূৰি আয় কি?

উত্তৰঃ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায়৷

প্রশ্ন ৩। NITI (নিটি) আয়োগ কি?

উত্তৰঃ NITI আয়োগ হ’ল ভাৰতবৰ্ষৰ ৰূপান্তৰণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান।

প্রশ্ন ৪। NITI ৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ National Institute for Transforming India. 

প্রশ্ন ৫। নীতি আয়োগৰ প্ৰথমখন বৈঠক ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীৰ দিনা দিল্লীত অনুষ্ঠিত হয়।

প্রশ্ন ৬। অর্থনৈতিক বিকাশ মানে কি?

উত্তৰঃ অর্থনৈতিক বিকাশ হ’ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰী আয় বৃদ্ধি।

প্রশ্ন ৭। মানৱ উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ মানৱ উন্নয়নে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন-ধাৰণৰ মানদণ্ড, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়ন বুজায়।

প্রশ্ন ৮। UNDP ৰ সম্পূৰ্ণ অর্থ কি?

উত্তৰঃ United Natuons Development Programme চমুকৈ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী।

প্রশ্ন ৯। মিশ্রিত আর্থিক ব্যৱস্থা মানে কি?

উত্তৰঃ যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহৱস্থান হয়, সেই আর্থিক ব্যৱস্থাই হ’ল মিশ্ৰিত আর্থিক ব্যৱস্থা৷

প্রশ্ন ১০। কিমান চনত নতুন ঔদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ ৯ টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়ে।

উত্তৰঃ ১৯৯১ চনত।

প্রশ্ন ১১। ব্যক্তিগত কৰণত এক ক্ষুদ্র সংস্কৰণ কি?

উত্তৰঃ নিৰ্বিনিয়োজন নীতি।

প্রশ্ন ১২। অসমত চলিত পঞ্চবার্ষিক পৰিকল্পনা কিমান চনৰ পৰা কিমান চনলৈকে বৰ্তি আছিল?

উত্তৰঃ ২০১২ চনৰ পৰা ২০১৭ চনলৈকে।

প্রশ্ন ১৩। সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰঃ পঞ্জাৱ আৰু হাৰিয়ানা।

প্রশ্ন ১৪। ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ তিনিটা কি কি?

উত্তৰঃ ভাৰতীয় প্রশাসন ব্যৱস্থাৰ স্তৰ তিনিটা হ’ল—

(ক) কেন্দ্ৰীয় চৰকাৰ।

(খ) ৰাজ্য চৰকাৰ।

(গ) স্থানীয় নিকায়সমূহ (যেনে— পঞ্চায়ত আৰু নগৰ পালিকা)।

প্রশ্ন ১৫। উদাৰীকৰণৰ দুটা উদ্দেশ্য লিখা।

উত্তৰঃ উদাৰীকৰণৰ দুটা উদ্দেশ্য হ’ল— 

(ক) ভাৰতৰ ঋণৰ বোজা হ্রাস কৰা।

(খ) উন্নত দেশসমূহলৈ ৰপ্তানি বৃদ্ধি কৰা৷

প্রশ্ন ১৬। উদাৰীকৰণৰ দুটা অসুবিধা লিখা।

উত্তৰঃ উদাৰীকৰণৰ দুটা অসুবিধা হ’ল—

(ক) উদাৰীকৰণৰ পাছত নিয়োগ বৃদ্ধিৰ হাৰ কমি আহিছে।

(খ) উদাৰীকৰণে উদ্যোগপতিসকলক একচেতীয়া ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পাৰে।

প্রশ্ন ১৭। ব্যক্তিগতকৰণৰ দুটা সুবিধা লিখা।

উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা সুবিধা হ’ল—

(ক) প্ৰতিটো উৎপাদনৰ সদ ব্যৱহাৰ হোৱাৰ বাবে সামগ্ৰীৰ উৎপাদনৰ মূল্য কম হয়।

(খ) বিভিন্ন উদ্যোগসমূহৰ মাজত প্ৰতিযোগিতা থকা বাবে উন্নত মানৰ সামগ্ৰীৰ উৎপাদন হ’ব।

প্রশ্ন ১৮। ব্যক্তিগতকৰণৰ দুটা অসুবিধা লিখা।

উত্তৰঃ ব্যক্তিগতকৰণৰ দুটা অসুবিধা হ’ল—

(ক) লোকচান হোৱা উদ্যোগসমূহক ব্যক্তিগতকৰণ কৰা সম্ভৱ নহয়।

(খ) গণতান্ত্রিক সমাজত শ্রমিকৰ সুবিধাৰ বাবে বেচৰকাৰীকৰণ সম্ভৱ নহয়।

প্রশ্ন ১৯। গোলকীকৰণৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা বৈশিষ্ট্য হ’ল—

(ক) বিভিন্ন দেশৰ মাজত সামগ্ৰী আৰু সেৱা খণ্ডৰ আদান প্রদান কৰাত থকা অসুবিধাসমূহ দূৰ কৰা।

(খ) বিভিন্ন দেশৰ মাজত শ্রমশক্তিৰ আদান-প্ৰদান কৰাৰ অনুমতি দিয়া।

প্রশ্ন ২০। গোলকীকৰণৰ দুটা সুবিধা লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা সুবিধা হ’ল—

(ক) ভাৰতবৰ্ষলৈ বৈদেশিক মূলধন অহাৰ ফলত বৈদেশিক মুদ্ৰাৰ পুঁজি যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

(খ) ভাৰতবৰ্ষত বৈদেশিক উদ্যোগপতিসকলৰ ব্যৱসায় সম্পৰ্কত গঢ়ি উঠা স্বাৰ্থৰ ফলত উন্নতমানৰ প্ৰযুক্তি ভাৰতলৈ হস্তান্তৰিত হৈছে।

প্রশ্ন ২১। মিশ্রিত আর্থিক ব্যৱস্থা মানে কি?

উত্তৰঃ যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় সেই আর্থিক ব্যৱস্থাই হ’ল মিশ্ৰিত আর্থিক ব্যৱস্থা।

প্রশ্ন ২২। মানৱ উন্নয়নৰ সূচকাংক মানে কি?

উত্তৰঃ সম্প্ৰতি একোখন দেশৰ উন্নয়নৰ সামগ্রিক ছবিখন মানৱ উন্নয়ন সূচকাংকৰে বুজোৱা হয়। মানৱ উন্নয়নৰ চাৰিটা স্তৰ— অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক উন্নয়নৰ ভিত্তিত মানুহৰ উন্নত জীৱন-যাপনৰ বাবে প্রত্যাশিত আয়ুস, শিক্ষা আৰু জনমূৰি আয় এই তিনিটা সূচকৰ সন্মিলিত এটা পৰিসংখ্যাই হ’ল মানৱ উন্নয়নৰ সূচকাংক।

প্রশ্ন ২৩। ছয় দশকতকৈ অধিক সময় সামৰি লোৱা ভাৰতবৰ্ষৰ পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ ব্যাখ্যা দুটাৰ ভাগ দুটা কি কি?

উত্তৰঃ ভাগ দুটা হ’ল-

(ক) প্রথমতে ১৯৫০-৫১ চনৰ পৰা ১৯৯০-৯১ চনলৈকে।

(খ) দ্বিতীয়তে ১৯৯১-৯২ চনৰ পৰা বৰ্তমানলৈকে।

প্রশ্ন ২৪। গ্রাম্য অৰ্থনীতিৰ উন্নয়নৰ ভিতৰত কি কি পৰে?

উত্তৰঃ কৃষি আৰু আনুসংগিক খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাঁত আৰু কুটিৰ শিল্পক সামৰি লয়।

প্রশ্ন ২৫। নিটি আয়োগ কেতিয়া গঠন কৰা হয়? নিটি আয়োগৰ অধ্যক্ষ কোন?

উত্তৰঃ নিটি আয়োগ ২০১৫ চনৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা হ’ল। নিটি আয়োগৰ অধ্যক্ষজন হ’ল প্রধানমন্ত্রী।

প্রশ্ন ২৬। অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা প্রধান লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ অসমৰ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাৰ তিনিটা প্রধান লক্ষ্য হ’ল—

(ক) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্রাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্রহণ।

(খ) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি।  

প্রশ্ন ২৭। মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?

উত্তৰঃ মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল—

(ক) প্রত্যাশিত আয়ুস।

(খ) শিক্ষা।

(গ) জীৱন-যাত্ৰাৰ মান৷

প্রশ্ন ২৮। পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ লিখা।

উত্তৰঃ পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হ’ল-

(ক) অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্রতৰ কৰা।

(খ) দৰিদ্ৰতা নিৰ্মূল কৰা।

(গ) নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা।

(ঘ) আঞ্চলিক বৈষম্য আঁতৰ কৰা।

(ঙ) পৰিৱেশ দূষিতকৰণ ৰোধ কৰা।

(চ) আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top