Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা, Class 10 Social Science Multiple Choice Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA সমাজ বিজ্ঞান Class 10 Objective Type Question Answer and Short Type Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Question Answer can be of great value to excel in the examination.

SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা

Join Telegram channel

Table of Contents

SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Social Science MCQ Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মুদ্ৰা আৰু বেংক ব্যৱস্থা

Chapter – 12

ৰাজনীতি আৰু অৰ্থনীতি

Multiple Choice Questions & Answers

1. তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক?

(a) NABARD.

(b) SBI.

(c) RBI.

(d) IDBI.

উত্তৰঃ (a) NABARD.

2. তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল— 

(a) কাগজী মুদ্রা।

(b) ধনাদেশ মুদ্রা।

(c) ধাতু মুদ্রা।

(d) আদেশ মুদ্রা। 

উত্তৰঃ (b) আদেশ মুদ্ৰা।

3. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল—

(a) ভাৰতীয় ষ্টেট বেংক।

(b) ভাৰতীয় ইউনিয়ন বেংক।

(c) ভাৰতৰ ৰিজাৰ্ভ বেংক।

(d) ভাৰতীয় ইউনাইটেড বেংক।

উত্তৰঃ (c) ভাৰতৰ ৰিজাৰ্ভ বেংক।

4. ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা—

(a) কেন্দ্রীয় বেংক।

(b) সমবায় বেংক।

(c) বাণিজ্যিক বেংক। 

(d) কৃষি উন্নয়ন বেংক।

উত্তৰঃ (c) বাণিজ্যিক বেংক।

5.‌ ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল— 

(a) ১৯২৮ চনত। 

(b) ১৯৪৫ চনত।

(c) ১৯৩৫ চনত।

(d) ১৯৪৭ চনত।

উত্তৰঃ (c) ১৯৩৫ চনত।

6. ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল — 

(a) ১৯৪৬ চনত।

(b) ১৮৬৪ চনত।

(c) ১৮৪৬ চনত।

(d) ১৯৬৪ চনত।

উত্তৰঃ (d) ১৯৬৪ চনত।

7. NABARD স্থাপন কৰা হৈছিল—

(a) ১৯৬২ চনত।

(b) ১৯৬৬ চনত।

(c) ১৯৭২ চনত।

(d) ১৯৮২ চনত।

উত্তৰঃ (d) ১৯৮২ চনত।

8. SIDBI ৰ মুখ্য কার্যালয়—

(a) লক্ষ্ণৌত।

(b) দিল্লীত।

(c) কলিকতাত।

(d) ৰাজস্থানত।

উত্তৰঃ (a) লক্ষ্ণৌত। 

9. ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?

(a) ভাৰতীয় ৰিজাৰ্ভ বেংক।

(b) বেংক অব হিন্দুস্থান।

(c) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক।

(d) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক।

উত্তৰঃ (b) বেংক অব হিন্দুস্থান।

10. মুদ্ৰাৰ প্ৰধান কার্য—

(a) 10.

(b) 5.

(c) 4. 

(d) 3.

উত্তৰঃ (c) 4.

11. বহল অৰ্থত মুদ্রা কেই প্ৰকাৰৰ- 

(a) 2.

(b) 4.

(c) 5.

(d) 6.

 উত্তৰঃ (a) 2.

12. চেক এবিধ — 

(a) কাগজী মুদ্রা।

(b) প্রতীক মুদ্রা।

(c) বিহিত মুদ্রা।

(d) অবিহিত মুদ্রা।

উত্তৰঃ (d) অবিহিত মুদ্ৰা।

13. ভাৰতবৰ্ষৰ মান মুদ্ৰা হ’ল— 

(a) টকা।

(b) ডলাৰ।

(c) পাউণ্ড।

(d) য়েন।

উত্তৰঃ (a)

14. বেংক অব ভেনিচ স্থাপন হৈছিল—

(a) ইটালীত।

(b) ৰোমত।

(c) ফ্ৰান্সত।

(d) ৰাছিয়াত।

উত্তৰঃ (a) ইটালীত।

15. গুৱাহাটী স্থাপিত হৈছিল—

(a) ১৯২০ চনত।

(b) ১৯২৬ চনত।

(c) ১৯৩০ চনত। 

(d) ১৯৩২ চনত।

উত্তৰঃ (b) ১৯২৬ চনত।

16. ১৯৭০ চনত ভাৰতবৰ্ষত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল?

(a) বেংক অব ভেনিচ।

(b) ৰিক্স বেংক।

(c) ষ্টেট বেংক অব ইণ্ডিয়া।

(d) বেংক অব হিন্দুস্থান।

উত্তৰঃ (d) বেংক অব হিন্দুস্থান।

17. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ’ল-

(a) ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া।

(b) ফেডাৰেল ৰিজার্ভ ছিষ্টেম।

(c) ষ্টেট বেংক অব ইণ্ডিয়া।

(d) দা পিপ’লচ বেংক।

উত্তৰঃ (a) ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া।

18. ১৯৭৫ চনত প্ৰথমতে আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়— 

(a) 8.

(b) 6.

(c) 5.

(d) 10.

উত্তৰঃ (c) 5.

Very Short & Short Type Questions and Answers

1. বিনিময় প্রথা কি?

উত্তৰঃ যি প্রথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্রত্যক্ষ বিনিময় হয় তেনে প্রথাকে বিনিময় প্রথা বোলা হয়। 

2. ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া।

3. কোন চনত ১৯ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

উত্তৰঃ ১৯৬৯ চনৰ ১৯ জুলাই।

4. মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম স্তৰটো কি আছিল?

উত্তৰঃ বিনিময় প্রথা।

5. মুদ্ৰাৰ ক্ৰমবিকাশৰ দ্বিতীয় স্তৰটো কি আছিল?

উত্তৰঃ জন্তুমান। 

6. মুদ্ৰাৰ ক্ৰমবিকাশৰ তৃতীয় স্তৰটো কি আছিল?

উত্তৰঃ অমৌদ্রিক ধাতুমান।

7. মুদ্ৰাৰ ক্ৰমবিকাশৰ চতুৰ্থ স্তৰটো কি আছিল? 

উত্তৰঃ ধাতুৰ মুদ্ৰা যেনে: সোণ, ৰূপ, তাম ইত্যাদিৰে নির্মিত মুদ্রা।

8. মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চমটো স্তৰ কি?

উত্তৰঃ কাগজী মুদ্রা। 

9. জিয়ফী ক্রাউথাৰ কোন আছিল?

উত্তৰঃ ইংৰাজ মুদ্রা অর্থনীতিবিদ আছিল। 

10. ‘মন্তে’ (Monte) শব্দটোৰ ঠাইত কোনে banck শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ জার্মান সকলে। 

11. ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯৭০ চনত।

12. অসমত স্থাপন হোৱা প্ৰথমটো বেংকৰ নাম কি আছিল?

উত্তৰঃ গুৱাহাটী বেংক।

13. ভাৰতবৰ্ষৰ প্ৰথম বেংকটোৰ নাম লিখা?

উত্তৰঃ বেংক অব হিন্দুস্থান।

14. কেন্দ্রীয় বেংক কি?

উত্তৰঃ কেন্দ্ৰীয় বেংক হ’ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। এই বেঙ্কৰ নীতি-নিদের্শনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে।

15. পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? 

উত্তৰঃ ছুইডেনৰ ৰিক্স বেংক। 

16. বেংক সমূহৰ বেংক বুলি কোনটো বেংকক কোৱা হয়?

উত্তৰঃ কেন্দ্ৰীয় বেংকক।

17. কোনটো বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰোতা, পৰামৰ্শ দাতা আৰু এজেণ্ট হিচাবে কাম কৰে?

উত্তৰঃ কেন্দ্ৰীয় বেংকে।

18. ছুইডেনৰ ৰিক্স বেংক কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৬৬৫ চনত।

19. ভাৰতীয় উদ্যোগিক উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

20. IDBI ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক।

21. আঞ্চলিক গ্রাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯৭৫ চনত।

22. RRB ৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ আঞ্চলিক গ্রাম্য বেংক।

23. ১৯৭৫ চনত প্ৰথমতে কেইটা আঞ্চলিক গ্রাম্য‌ বেংক স্থাপন কৰা হয়?

উত্তৰঃ ৫টা। 

24. ২০১৪ চনত ভাৰতত কেইটা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়?

উত্তৰঃ ৫৭ টা।

25. নাবার্ড কেতিয়া স্থাপন কৰা হয়?

উত্তৰঃ ১৯৮২ চনত।

26. নাবাৰ্ডৰ সম্পূর্ণ নামটো কি?

উত্তৰঃ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক। 

27. ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৯০ চনত। 

28. কোন চনত সংসদত ছিদবি আইন গৃহীত হয়? 

উত্তৰঃ ১৯৮৯ চনত। 

29. ছিদবিৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক। 

30. ছিদবিৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ লক্ষ্মৌত অৱস্থিত।

31. জন হিক্সে আগবঢ়োৱা মুদ্ৰাৰ সংজ্ঞাটো লিখা ।

উত্তৰঃ জন হিক্সৰ মতে ‘মুদ্ৰা হিচাবে ব্যৱহৃত সকলো বস্তুৱেই মুদ্রা’।

32. ৱাকাৰে আগবঢ়োৱা মুদ্ৰাৰ সংজ্ঞাটো লিখা।

উত্তৰঃ ৱাকাৰৰ মতে ‘মুদ্ৰাই যি কৰে সিয়ে মুদ্রা।’ 

33. জিয়’ফ্রী ক্রাউথাৰে আগবঢ়োৱা মুদ্ৰাৰ সংজ্ঞাটো লিখা।

উত্তৰঃ জিয়’ফ্রী ক্রাউথাৰৰ মতে ‘বিনিময়ৰ মাধ্যম হিচাবে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাবে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই হ’ল মুদ্রা। 

34. চেমুৱেলচনে কেন্দ্ৰীয় বেংকৰ কি সংজ্ঞা আগবঢ়াইছে? 

উত্তৰঃ চেমুৱেলচনৰ মতে কেন্দ্রীয় বেংক হ’ল বেংকসমূহৰ বেংক।

35. ইংলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ বেংক অব ইংলেণ্ড।

36. আমেৰিকাক কেন্দ্ৰীয় বেংকটোৰ নাম কি?

উত্তৰঃ ফেদাৰেল ৰিজাৰ্ভ ছিষ্টেম।

37. বিনিময় প্রথা এতিয়াও প্ৰচলিত হৈ থকা ভাৰতৰ এখন বজাৰৰ নাম লিখা?

উত্তৰঃ অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা।

38. নিকট মুদ্রা কি?  

উত্তৰঃ এখন চেকক আমি নিকট মুদ্ৰা বুলি কওঁ কাৰণ যদিও ই বিহিত মুদ্ৰা নহয় তথাপি ইয়াক যি কোনো সময়তে মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰি। 

39. চেকক কিয় নিকট মুদ্রা বোলা হয়?

উত্তৰঃ চেকক যদিও বিহিত মুদ্রা নহয় তথাপি ইয়াক যিকোনো সময়তে মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰি। সেই বাবে ইয়াক নিকট মুদ্রা বোলে। 

40. নাবার্ড কি? 

উত্তৰঃ গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে, সেই আটাইবোৰৰ শীর্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ’ল নাবার্ড। 

41. ঋণ মুদ্ৰাৰ সৃষ্টি মানে কি?

উত্তৰঃ প্ৰাথমিক বা নিষ্ক্রিয় আমানতৰ ভিত্তিত বেংকসমূহ সক্রিয় বা উদ্ভূত বা সক্ৰিয় আমানতৰ সৃষ্টি কৰাকে ঋণ মুদ্ৰাৰ সৃষ্টি বোলে। 

42. মুদ্ৰা ব্যৱস্থাত সামগ্ৰী কিহৰ ৰূপত সঞ্চয় হয়? 

উত্তৰূ মুদ্ৰাৰ ৰূপত। 

43. বিনিময় প্রথাত কিহক মুদ্ৰা হিচাবে ব্যৱহাৰ কৰা হৈছিল?

উত্তৰঃ বস্তু বা সামগ্ৰীক। 

44. মুদ্ৰাৰ তাৰল্য গুণ মানে কি?

উত্তৰঃ যিকোনো মুদ্ৰাক সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত কৰিব পৰা গুণটোকেই তাৰল্য গুণ বোলে। 

45. আভ্যন্তৰীণ বেংকীকৰণ মানে কি?

উত্তৰঃ যি ব্যৱস্থাত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈয়ে লেনদেন সম্পাদিত হয় তাকে আভ্যন্তৰীণ বেংকীকৰণ বুলি কোৱা হয়। 

46. বিহিত মুদ্ৰা কাক বোলে? 

উত্তৰঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত তেনে মুদ্ৰাক বিহিত মুদ্রা বোলে।

47. সসীম বিহিত মুদ্রা কাক বোলে?

উত্তৰঃ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰাক সসীম বিহিত মুদ্রা বোলা হয়।  

48. অবিহিত মুদ্রা কাক বোলে?

উত্তৰঃ যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইন সংগত নহয়, অর্থাৎ যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘা কৰাটো নুবুজায়, সেই মুদ্রাকে অবিহিত মুদ্রা বোলা হয়। 

49. আদেশী মুদ্রা কাক বোলে? 

উত্তৰঃ চৰকাৰী আদেশৰ ভিত্তিত যি মুদ্রা বিনিময়ৰ মাধ্যম হিচাবে গ্ৰহণ কৰা হয়, তাক আদেশী মুদ্ৰা বোলে । 

50. প্রতীক মুদ্রা কাক বোলে?

উত্তৰঃ যি মুদ্ৰাৰ প্ৰদৰ্শিত মূল্য বা খোদিত মূল্য বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুগত মূল্যতকৈ অধিক তেনে মুদ্রাকে প্রতীক মুদ্রা বোলে।

51. ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ কি?

উত্তৰঃ ক’লা মুদ্ৰাৰ উৎপত্তিৰ কাৰণ হ’ল অৰ্থনৈতিক অপৰাধ।

52. উচ্চ ক্ষমতা সম্পন্ন মুদ্রা কাক বোলে?

উত্তৰঃ দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্রীয় বেংকে প্রত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই অংশটোকেই উচ্চ ক্ষমতা সম্পন্ন মুদ্রা বোলে। 

53. বেংক কি?

উত্তৰঃ বেংক এবিধ বিত্তীয় অনুষ্ঠান, যি ঋণৰ ব্যৱসায় কৰে। 

54. অর্থনীতিবিদ ক্রাউথাৰৰ মতে বেংকৰ পূৰ্বপুৰুষ কোন? 

উত্তৰঃ অৰ্থনীতিবিদ ক্রাউথাৰৰ মতে বেপাৰী, সোণাৰী আৰু ঋণ দিওঁতা মহাজন সকলেই হ’ল বেংকৰ পূৰ্বপুৰুষ। 

55. চৰকাৰক বিত্তৰ যোগান কোনে ধৰে? 

উত্তৰঃ কেন্দ্ৰীয় বেংকে। 

56. বজাৰ অৰ্থনীতি কি?

উত্তৰঃ যি ব্যৱস্থাত বজাৰৰ চাহিদা আৰু যোগানে উৎপাদন প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে, চৰকাৰী নীতি নিৰ্দেশনা নকৰে সেই ব্যৱস্থাটোকেই বজাৰ কেন্দ্ৰিক অর্থনীতি বোলে। 

খালী ঠাঁই পূৰ কৰা

1. _______ ব্যৱস্থাত মুদ্ৰা হ’ল উমৈহতীয়া একক।

উত্তৰঃ মুদ্রা 

2. অমৌদ্রিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাত _______ মুদ্ৰাৰ সৃষ্টি হ’ল।

উত্তৰঃ ধাতু। 

3. মুদ্ৰাই প্ৰধানকৈ _______টা কাৰ্য সম্পাদন কৰে।

উত্তৰঃ ৪

4. _________এটা বিনিময়ৰ মাধ্যম হ’লে জন্তু মুদ্ৰাৰ সৃষ্টি হয়।

উত্তৰঃ জন্তু। 

5. মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ ________হিচাবে কাম কৰে। 

উত্তৰঃ মাপকাঠি।

6. বৰ্তমানৰ _______ মুদ্ৰা হ’ল অ-প্রতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্রা।

উত্তৰঃ কাগজী।

7. চেক এখনৰ সাধাৰণ _________ নাথাকে।

উত্তৰঃ গ্ৰহণযোগ্যতা।

8. বজাৰকেন্দ্ৰিক অর্থনীতিৰ _______ব্যৱস্থা হ’ল এক নে প্রধান বৈশিষ্ট্য। 

উত্তৰঃ দৰ। 

9. ________বেংকে বেংকসমূহৰ বেংক হিচাবে কাম কৰে।

উত্তৰঃ কেন্দ্ৰীয়। 

10. কেন্দ্ৰীয় বেংকে চৰকাৰৰ ________হিচাবে সকলো চৰকাৰী আয় আৰু ব্যয়ৰ হিচাব ৰাখে। 

উত্তৰঃ প্ৰতিনিধিত্ব।

11. বাণিজ্যিক বেংকসমূহে_______মুদ্ৰাৰ সৃষ্টি কৰে।

উত্তৰঃ ঋণ।

12. কেন্দ্রীয় বেংক হ’লে দেশৰ বৈদেশিক _________ মুদ্ৰাৰ ৰক্ষক।

উত্তৰঃ বিনিময়যোগ্য।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

প্রশ্ন ১। কোন বছৰত অসমৰ গাঁৱলীয়া বেংক সমূহক অসম গ্রামীণ বিকাশ বেংক নামেৰে নামাকৰণ কৰা হৈছিল?

(ক) ২০০৪

(খ) ২০০৬

(গ) ২০০৮

(ঘ) ২০১০

উত্তৰঃ (খ) ২০০৬

প্রশ্ন ২। তলত উল্লেখ কৰাবোৰৰ কোনটো কৃষি উন্নয়ন বেংক?

(ক) NABARD

(খ) SBI

(গ) RBI

(ঘ) IDBI

উত্তৰঃ (ক) NABARD

প্রশ্ন ৩ ৷ তলত উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অবিহিত মুদ্ৰাটো হ’ল—

(ক) কাগজী মুদ্রা।

(খ) ধনাদেশ মুদ্রা।

(গ) ধাতু মুদ্রা।

(ঘ) আদেশ মুদ্রা।

উত্তৰঃ (খ) ধনাদেশ মুদ্রা।

প্রশ্ন ৪। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো হ’ল—

(ক) ভাৰতীয় ষ্টেট বেংক।

(খ) ভাৰতীয় ইউনিয়ন বেংক।

(ঘ) ভাৰতীয় ইউনাইটেড বেংক।

(গ) ভাৰতৰ ৰিজাৰ্ভ বেংক।

উত্তৰঃ (ক) ভাৰতীয় ৰিজাৰ্ভ বেংক।

প্রশ্ন ৫। ভাৰতীয় ষ্টেট বেংক মূলতঃ এটা-

(ক) কেন্দ্রীয় বেংক।

(খ) সমবায় বেংক।

(গ) বাণিজ্যিক বেংক।

(ঘ) কৃষি উন্নয়ন বেংক।

উত্তৰঃ (খ) বাণিজ্যিক বেংক।

প্রশ্ন ৬। ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল—

(ক) ১৯২৮ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৩৫ চনত।

(ঘ) ১৯৪৭ চনত।

উত্তৰঃ (গ) ১৯৩৫ চনত।

প্রশ্ন ৭। ঔদ্যোগিক উন্নয়ন (IDBI) বেংক স্থাপন হৈছিল—

(ক) ১৯৪৬ চনত।

(খ) ১৮৬৪ চনত।

(গ) ১৮৪৬ চনত।

(ঘ) ১৯৬৪ চনত।

উত্তৰঃ (ঘ) ১৯৬৪ চনত।

প্রশ্ন ৮। NABARD স্থাপন কৰা হৈছিল—

(ক) ১৯৬২ চনত।

(খ) ১৯৬৬ চনত।

(গ) ১৯৭২ চনত।

(ঘ) ১৯৮২ চনত।

উত্তৰঃ (ঘ) ১৯৮২ চনত।

প্রশ্ন ৯। SIDBI ৰ মুখ্য কাৰ্যালয়—

(ক) লক্ষ্ণৌত।

(খ) দিল্লীত।

(গ) কলিকতাত।

(ঘ) ৰাজস্থানত।

উত্তৰঃ (খ) লক্ষ্ণৌত।

প্রশ্ন ১০। অসম সমবায় এপেক্স বেংক লিমিটেড স্থাপন কৰা হয়-

(ক) ১৯৩৮ চনত।

(খ) ১৯৪৫ চনত।

(গ) ১৯৪৮ চনত।

(ঘ) ১৯৪৭ চনত।

উত্তৰঃ (গ) ১৯৪৮ চনত।

প্রশ্ন ১১। ভাৰতত চৰকাৰী খণ্ডৰ বেংক—

(ক) ১৫ টা।

(খ) ২১ টা।

(গ) ১৮ টা।

(ঘ) ১৪ টা।

উত্তৰঃ (খ) ২১ টা।

প্রশ্ন ১২। অসম গ্রামীণ বিকাশ স্থাপিত হৈছিল—

(ক) ১৯৬৯ চনৰ ৩০ জানুৱাৰী।

(খ) ১৯৬৯ চনৰ ২৬ জানুৱাৰী।

(গ) ১৯৬৯ চনৰ ১৫ আগষ্ট।

(ঘ) ১৯৬৯ চনৰ ১৯ জুলাই।

উত্তৰঃ (ঘ) ১৯৬৯ চনৰ ১৯ জুলাই।

প্রশ্ন ১৩। ১৭৭০ চনত ভাৰতত প্ৰথমে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল?

(ক) ভাৰতীয় ৰিজাৰ্ভ বেংক।

(খ) বেংক অব হিন্দুস্থান।

(গ) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক।

(ঘ) ভাৰতীয় ক্ষুদ্র উদ্যোগ বিকাশ বেংক।

উত্তৰঃ (খ) বেংক অব হিন্দুস্থান।

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষৰ মান মুদ্ৰা কি?

উত্তৰঃ টকা।

প্রশ্ন ২। মুদ্ৰাৰ প্ৰাথমিক কার্য কি?

উত্তৰঃ বিনিময়ৰ মাধ্যম।

প্রশ্ন ৩। ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক।

প্রশ্ন ৪। কিমান চনত নাবার্ড স্থাপন কৰা হয়?

উত্তৰঃ ১৯৮২ চনত।

প্রশ্ন ৫। কিমান চনত SIDBI (ছিদবি) আইন গৃহীত হয়?

উত্তৰঃ ১৯৮৯ চনত।

প্রশ্ন ৬। কিমান চনত ভাৰতবৰ্ষত ৫৭ টা আঞ্চলিক গ্রাম্য বেংক কার্যকৰী হয়?

উত্তৰঃ ২০১৪ চনত।

প্রশ্ন ৭। ছিদবি বেংকৰ (SIDBI) ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ লক্ষ্ণৌত।

প্রশ্ন ৮। NABARD বেংকৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ মুম্বাইত।

প্রশ্ন ৯। কৃষি উন্নয়ন বেংকটোৰ নাম কি?

উত্তৰঃ নাবার্ড (NABARD)।

প্রশ্ন ১০। ক’লা ধনৰ অৰ্থ কি?

উত্তৰঃ অসৎ উপায়েৰে উপাৰ্জন কৰা হিচাপবিহীন টকা।

প্রশ্ন ১১। NABARD ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰঃ National Bank for Agricultural Rural Development. (কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক।)।

প্রশ্ন ১২। ৱাকাৰৰ মতে মুদ্ৰাৰ সংজ্ঞা কি?

উত্তৰঃ ৱাকাৰৰ মতে ‘মুদ্ৰাই যি কাৰ্য কৰে সিয়েই মুদ্ৰা’।

প্রশ্ন ১৩। অর্থনীতিবিদ জিয়ফ্রি মতে মুদ্ৰাৰ সংজ্ঞা কি?

উত্তৰঃ অর্থনীতিবিদ জিয়ফ্রি ক্রাউথাৰৰ মতে যি বিনিময় মাধ্যম, সাধাৰণভাৱে গ্রহণযোগ্য আৰু লগতে মূল্যৰ কাগজী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে সিয়ে মুদ্ৰা।

প্রশ্ন ১৪। ভাৰতবৰ্ষৰ হিচাপৰ মুদ্ৰা কি?

উত্তৰঃ টকা।

প্রশ্ন ১৫। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিচাপৰ মুদ্ৰা কি?

উত্তৰঃ ডলাৰ।

প্রশ্ন ১৬। বস্তুৰ দাম কি?

উত্তৰঃ কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়।

অৰ্থাৎ মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম।

প্রশ্ন ১৭। অর্থনীতিবিদ চেমুৱেলচনৰ মতে কেন্দ্রীয় বেংক মানে কি?

উত্তৰঃ অর্থনীতিবিদ চেমুৱেলচনৰ মতে কেন্দ্ৰীয় বেংক মানে বেংক সমূহৰ বেংক।

প্রশ্ন ১৮। কোনটো বেংকে চৰকাৰৰ বেংক হিচাপে কাম কৰে?

উত্তৰঃ কেন্দ্ৰীয় বেংকে।

প্রশ্ন ১৯। ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বাণিজ্যিক বেংকটোৰ নাম কি?

উত্তৰঃ ভাৰতীয় ষ্টেট বেংক।

প্রশ্ন ২০। বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভিত্তি কি?

উত্তৰঃ বেংক আমানত।

প্রশ্ন ২১। কাগজী মুদ্ৰাৰ প্ৰচলনৰ আগতে কি মুদ্ৰাৰে বিনিময় কার্য সম্পাদন কৰা হৈছিল?

উত্তৰঃ কাগজী মুদ্ৰাৰ প্ৰচলনৰ আগতে তাম, ৰূপ আৰু সোণ আদি ধাতুৰে তৈয়াৰী মুদ্ৰাৰে বিনিময় কার্য সম্পাদন কৰা হৈছিল।

প্রশ্ন ২২। বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্যটো কি?

উত্তৰঃ বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্যটো হ’ল— অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ আগবঢ়োৱা।

প্রশ্ন ২৩। কিমান চনত অসমত অসম সমবায় এপেক্স বেংক লিমিটেড নামেৰে ৰাজ্যিক সমবায় বেংক স্থাপন কৰা হয়?

উত্তৰঃ ১৯৪৮ চনত।

প্রশ্ন ২৪। ভাৰতত সমবায় সমিতি আইনখন কেতিয়া গৃহীত হৈছিল?

উত্তৰঃ ১৯০৪ চনত।

প্রশ্ন ২৫। ভাৰতবৰ্ষৰ উন্নয়ন বেংকসমূহৰ ভাগ দুটা কি কি লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ উন্নয়ন বেংকসমূহৰ ভাগ দুটা হ’ল—

(ক) কৃষি উন্নয়ন বেংক। আৰু 

(খ) ঔদ্যোগিক উন্নয়ন বেংক।

প্রশ্ন ২৬। ৰাজ্যিক পৰ্যায়ৰ প্ৰধান উদ্যোগিক উন্নয়ন বেংক দুটাৰ নাম কি কি?

উত্তৰঃ ৰাজ্যিক পৰ্যায়ৰ প্ৰধান ঔদ্যোগিক উন্নয়ন বেংক দুটা হ’ল—

(ক) ৰাজ্যিক বিত্ত নিগম। আৰু 

(খ) ৰাজ্যিক উদ্যোগিক নিগম।

প্রশ্ন ২৭। অসমত বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ ১৯৫৪ চনত।

প্রশ্ন ২৮। উত্তৰ-পূব উন্নয়ন পৰিষদ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ ঔদ্যোগিক বিকাশ বেংকৰ নেতৃত্বত উত্তৰ পূব উন্নয়ন পৰিষদ স্থাপন কৰা হৈছিল।

প্রশ্ন ২৯। অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য বিত্তীয় প্রয়োজন পূৰণ কৰাটো।

প্রশ্ন ৩০। উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ এটা প্রধান উদ্দেশ্য লিখা।

উত্তৰঃ উত্তৰ-পূব উন্নয়ন বিত্ত নিগমৰ এটা প্রধান উদ্দেশ্য হ’ল— উত্তৰ পূৰ্বাঞ্চলৰ পিছ পৰা ৰাজ্য সমূহৰ ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত কৰা।

প্রশ্ন ৩১। বর্তমান কালত দ্রব্য মূল্যাংকৰ প্ৰধান মাপকাঠী কি?

উত্তৰঃ মুদ্রা।

প্রশ্ন ৩২। কাগজী মুদ্রা ছপা আৰু প্ৰচলন কৰাৰ একচেটিয়া অধিকাৰ কোনটো বেংকৰ ওপৰত ন্যস্ত কৰা হৈছে?

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ ওপৰত৷

প্রশ্ন ৩৩। প্রতিনিধিত্বমূলক কাগজী মুদ্রা মানে কি?

উত্তৰঃ কাগজী মুদ্ৰা প্ৰচলনৰ বিপৰীতে শতকৰা ১০০ ভাগ মূল্যৰ সোণ নাইবা মূল্যৱান ধাতু জমা ৰাখিলে তাক প্রতিনিধিমূলক কাগজী মুদ্রা বোলা হয়।

প্রশ্ন ৩৪। আদেশ মুদ্ৰাবোৰক পূৰ্ণমুদ্ৰা বুলিব পাৰিনে?

উত্তৰঃ নোৱাৰি।

প্রশ্ন ৩৫। ধনাদেশক নিকট-মুদ্ৰা বোলাৰ কাৰণ কি?

উত্তৰঃ ধনাদেশ এখন অতি কম সময়ৰ ভিতৰত এটা মুদ্ৰালৈ ৰূপান্তৰিত কৰিব পাৰি। সেই কাৰণে ধনাদেশক নিকট মুদ্ৰা বুলি কোৱা হয়।

প্রশ্ন ৩৬। মুদ্রানীতি কি?

উত্তৰঃ মুদ্ৰা ব্যৱস্থাৰ সৈতে জড়িত দেশৰ মুদ্ৰা আৰু ঋণৰ যোগানৰ পৰিচালনা আৰু বিত্তীয় প্রতিষ্ঠানসমূহৰ ঋণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ নীতিক মুদ্রানীতি বোলা হয়।

প্রশ্ন ৩৭। বিনিময় মাধ্যম হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ আৱশ্যকীয় গুণটো কি?

উত্তৰঃ মুদ্ৰাৰ জৰিয়তে বজাৰত ক্ৰেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰে।

প্রশ্ন ৩৮। সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য কৰিবলৈ মুদ্ৰাৰ প্ৰধান গুণটো কি?

উত্তৰঃ সঞ্চয়ৰ যোগেদি মুদ্ৰাক আন সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি।

প্রশ্ন ৩৯। বিনিময় প্রথাৰ দুটা অসুবিধাসমূহ লিখা কৰা।

উত্তৰঃ বিনিময় প্রথাৰ অসুবিধাসমূহ হৈছে –

(ক) সংগতিবিহীন অভাৱ।

(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ।

(গ) বিভাজনীয়তাৰ অসুবিধা।

(ঘ) মূল্যৰ ভাণ্ডাৰৰ অভাৱ৷

প্রশ্ন ৪০৷ মুদ্ৰাৰ দুটা মুখ্য কাৰ্য লিখা।

উত্তৰঃ মুদ্ৰাৰ দুটা মুখ্য কাৰ্য হ’ল-

(ক) মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম।

(খ) মুদ্ৰাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠী হিচাপে কার্য সম্পাদন কৰে।

প্রশ্ন ৪১। মুদ্ৰাৰ দুটা গৌণ কার্য লিখা।

উত্তৰঃ মুদ্ৰাৰ দুটা গৌণ কার্য হ’ল— 

(ক) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে।

(খ) মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্যসম্পাদন কৰিব লাগে।

প্রশ্ন ৪২। বহল অৰ্থত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বহল অৰ্থত মুদ্ৰা দুই প্ৰকাৰৰ ৷ যেনে-

(ক) হিচাপ-নিকাচৰ মুদ্ৰা। আৰু 

(খ) প্ৰকৃত মুদ্রা।

প্রশ্ন ৪৩। ভাৰতবৰ্ষত কিমান চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল আৰু সেই বেংকটোৰ নাম কি?

উত্তৰঃ ভাৰতবৰ্ষত ১৭৭০ চনত প্ৰথমটো বেংক স্থাপন কৰা হৈছিল। এই বেংকটোৰ নাম আছিল বেংক অব হিন্দুস্তান।

প্রশ্ন ৪৪। অসমৰ প্ৰথমটো বেংকৰ নাম কি আৰু কেতিয়া স্থাপিত হৈছিল?

উত্তৰঃ অসমৰ প্ৰথমটো বেংকৰ নাম হ’ল গুৱাহাটী বেংক। এই বেংকটো ১৯২৬ চনত স্থাপিত হৈছিল।

প্রশ্ন ৪৫। কেন্দ্রীয় বেংক মানে কি? সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? এই বেংক কিমান চনত স্থাপিত হৈছিল?

উত্তৰঃ কেন্দ্ৰীয় বেংক হ’ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক।

সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম হ’ল— ছুইডেনৰ ৰিক্স বেংক।

এই বেংক ১৯৫৬ চনত স্থাপিত হৈছিল।

প্রশ্ন ৪৬। বাণিজ্যিক বেংক কাক বোলে?

উত্তৰঃ যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয়, ঋণ, বেপাৰ বাণিজ্য আদিত জড়িত কার্য সম্পন্ন কৰে, তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয়।

প্রশ্ন ৪৭। বাণিজ্যিক বেংকৰ তিনিটা কার্য লিখা।

উত্তৰঃ বাণিজ্যিক বেংকৰ তিনিটা কাৰ্য হ’ল—

(ক) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে।

(খ) বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে।

(গ) বাণিজ্যিক বেংক সমূহে ঋণ মুদ্রা সৃষ্টি কৰে।

প্রশ্ন ৪৮। কেতিয়া আৰু কি উদ্দেশ্য লৈ অসম বিত্তীয় নিগম গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫৪ চনত অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বিত্তীয় প্রয়োজন পূৰণৰ উদ্দেশ্য লৈ অসম বিত্তীয় নিগম গঠন কৰা হৈছিল।

প্রশ্ন ৪৯। ভাৰতবৰ্ষৰ দুটা প্রধান বাণিজ্যিক বেংকৰ নাম উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ দুটা বাণিজ্যিক বেংকৰ নাম হ’ল— 

(ক) ভাৰতীয় ষ্টেট বেংক। আৰু 

(খ) ভাৰতৰ ৰিজাৰ্ভ বেংক।

প্রশ্ন ৫০। ভাৰতবৰ্ষত সমবায় বেংকসমূহে আশানুৰূপ সফলতা অৰ্জন কৰিব পৰা নোৱাৰা দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ভাৰতবৰ্ষত সমবায় বেংকসমূহে আশানুৰূপ সফলতা অর্জন কৰিব নোৱাৰা দুটা কাৰণ হ’ল—

(ক) গাঁও অঞ্চলৰ সমবায় সমিতিবোৰ আৰ্থিকভাৱে দুৰ্বল, এইবোৰৰ পুঁজিৰ পৰিমাণ কম।

(খ) সময়মতে ঋণ পৰিশোধ নকৰা সমিতিবোৰৰ এটা প্রধান সমস্যা।

প্রশ্ন ৫১। ইউনিট ট্রাষ্ট অব্ ইণ্ডিয়াৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ইউনিট ট্রাষ্ট অব্ ইণ্ডিয়াৰ দুটা উদ্দেশ্য হল—

(ক) উত্তৰ-পূৰ্বাঞ্চলৰ পিছ পৰা ৰাজ্যসমূহৰ ঔদ্যোগিক উন্নয়ন বৃদ্ধি কৰা।

(খ) উত্তৰ-পূৰ্বাঞ্চলৰ পিছপৰা ৰাজ্যসমূহক প্ৰাৰম্ভিক মূলধনৰ যোগান ধৰা।

প্রশ্ন ৫২। বেংক জমা কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বাণিজ্যিক বেংকত জমা ৰখা সঞ্চয়ক বেংক জমা বোলে। 

বেংক জমা তিনি প্ৰকাৰৰ-

(ক) চলিত জমা বা চাহিদা জমা।

(খ) সঞ্চয় জমা।

(গ) স্থিৰ জমা বা কাল জমা।

প্রশ্ন ৫৩। বেংক আমানত কেই প্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ বেংক আমানত হৈছে বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভেঁটি। বেংক আমানত দুই প্ৰকাৰৰ৷ যেনে–

(ক) প্রাথমিক বা নগদ আমানত। আৰু 

(খ) মাধ্যমিক বা অদ্ভুত আমানত।

প্রশ্ন ৫৪। ঋণ মুদ্রা সৃষ্টি কেনেকৈ হয়?

উত্তৰঃ বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। অৰ্থাৎ বেংকে প্রাথমিক আমানতৰ পৰা মাধ্যমিক বা অদ্ভুত আমানত সৃষ্টি কৰে। সেই অদ্ভুত আমানত সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি বুলি কোৱা হয়।

প্রশ্ন ৫৫। ভাৰতৰ সমবায় আন্দোলন শক্তিশালী কৰাৰ বাবে দুটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ ভাৰতৰ সমবায় আন্দোলন শক্তিশালী কৰাৰ দুটা পৰামৰ্শ হ’ল—

(ক) চৰকাৰৰ পৃষ্ঠপোষকতাৰ দৰকাৰ।

(খ) বিত্তীয় সাহায্যৰ লগতে প্ৰশিক্ষণপ্রাপ্ত পৰিমাণৰ নিয়োগ।

প্রশ্ন ৫৬। উন্নয়ন বেংকৰ দুটা প্রধান উদ্দেশ্য লিখা।

উত্তৰঃ উন্নয়ন বেংকৰ দুটা প্রধান উদ্দেশ্য হ’ল—

(ক) ঋণ প্ৰদানৰ যোগেদি বেংক সেৱা আগবঢ়োৱা৷

(খ) অন্যান্য সেৱাকাৰ্যৰ জৰিয়তে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰা৷

প্রশ্ন ৫৭। মুদ্রাক কিয় মূল্যৰ মাপকাঠি বুলি কোৱা হয়?

উত্তৰঃ মুদ্ৰাক মূল্যৰ মাপকাঠি বুলি কোৱা হয় কাৰণ সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিনিময় মূল্য মুদ্ৰাৰ জৰিয়তে প্ৰকাশ কৰা হয়।

প্রশ্ন ৫৮। মুদ্ৰাক মূল্যৰ ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰাত কি কি সুবিধা হয় লিখা।

উত্তৰঃ মুদ্ৰাক মূল্যৰ ভাণ্ডাৰ হিচাপে ব্যৱহাৰ কৰাত তলত দিয়া ধৰণে সুবিধা হয়-

(ক) মুদ্ৰাৰ স্থায়িত্ব গুণ অধিক হোৱাৰ বাবে মুদ্ৰাক ভৱিষ্যতলৈ সঞ্চয় কৰি ৰাখিব পাৰি৷

(খ) সঞ্চয়ৰ যোগেদি মুদ্ৰাক আন আন সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি৷

প্রশ্ন ৫৯। আধুনিক অর্থনীতিক কিয় মুদ্রা অর্থনীতি বুলি কোৱা হয়?

উত্তৰঃ আধুনিক অর্থনীতিক মুদ্রা অর্থনীতি বুলি কোৱা হয় কাৰণ এখন দেশৰ সকলো অর্থনৈতিক কার্যকলাপ মুদ্ৰাৰ লগত জড়িত।

প্রশ্ন ৬০। বৈদেশিক বিনিময়ৰ হাৰ কি?

উত্তৰঃ বৈদেশিক বিনিময়ৰ হাৰ মানে এখন দেশৰ মুদ্ৰা মূল্য আন এখন দেশৰ মুদ্ৰাৰে স্থিৰ কৰা এক নিৰ্দিষ্ট পৰিমাণ বা অনুপাত। 

প্রশ্ন ৬১। চৰকাৰৰ বেংক হিচাপে কেন্দ্রীয় বেংকে কি কি কার্য সম্পাদন কৰে?

উত্তৰঃ চৰকাৰৰ বেংক হিচাপে কেন্দ্রীয় বেংকে তলত দিয়া কাৰ্যসমূহ সম্পাদন কৰে।

(ক) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা।

(খ) চৰকাৰৰ পৰামৰ্শ দাতা। আৰু

(গ) চৰকাৰৰ এজেণ্ট বা প্রতিনিধি হিচাপে কাম কৰে।

প্রশ্ন ৬২। মুদ্রানীতি নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় বেংকে কি কি ব্যৱস্থা হাতত ল’ব পাৰে?

উত্তৰঃ মুদ্রানীতি নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় বেংকে তলত দিয়া ব্যৱস্থাসমূহ হাতত ল’ব পাৰে—

(ক) সুদৰ হাৰ বৃদ্ধি কৰিব পাৰে।

(খ) মুক্ত বজাৰত ঋণপত্র বিক্ৰি কৰিব পাৰে। 

(গ) সংৰক্ষিত পুঁজিৰ তুলনাত বৃদ্ধি কৰিব পাৰে। 

(ঘ) বিশ্ববেংক আদি আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা৷

প্রশ্ন ৬৩। অসমত স্থাপন হোৱা গাঁৱলীয় বেংক কেইটা কি কি?

উত্তৰঃ অসমত স্থাপন হোৱা গাঁৱলীয়া বেংক কেইটা হ’ল—

(ক) প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক।

(খ) লখিমী গাঁৱলীয়া বেংক।

(গ) সোৱণশিৰি গাঁৱলীয়া বেংক

(ঘ) কাছাৰ গ্ৰামীণ বেংক।

(ঙ) গাঁৱলীয়া বেংক।

প্রশ্ন ৬৪। পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা উল্লেখ কৰা।

উত্তৰঃ পণ্য বিনিময় প্ৰথাৰ দুটা অসুবিধা হ’ল—

(ক) অভাৱৰ পাৰস্পৰিক সংগতিহীনতা।

(খ) মূল্য নিৰ্ধাৰণৰ জটিলতা।

প্রশ্ন ৬৫। মুদ্ৰাৰ চাৰিটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ মুদ্ৰাৰ চাৰিটা কাৰ্য হ’ল—

(ক) বিনিময় মাধ্যম।

(খ) মূল্যৰ মাপকাঠী।

(গ) মূল্যৰ ভাণ্ডাৰ।

(ঘ) স্থগিত দেনা-পাওনাৰ মানদণ্ড।

প্রশ্ন ৬৬। মুদ্ৰাৰ তিনিটা কুফল লিখা।

উত্তৰঃ মুদ্ৰাৰ তিনিটা কুফল হ’ল—

(ক) মুদ্ৰাই মূল্যৰ স্থিৰতা হেৰুৱাব পাৰে।

(খ) মুদ্ৰা অৰ্থনীতিৰ আয় বণ্টন ব্যৱস্থা বৈষম্যমূলক।

(গ) অধিক মুদ্ৰা উপাজনৰ বাবে কিছুসংখ্যক লোক লালসাগ্ৰস্ত আৰু দুৰ্নীতিপৰায়ণ হৈ উঠে।

প্রশ্ন ৬৭। কেন্দ্রীয় বেংকৰ তিনিটা কার্য লিখা।

উত্তৰঃ কেন্দ্ৰীয় বেংকৰ তিনিটা কাৰ্য হ’ল—

(ক) কাগজী মুদ্ৰাৰ যোগান।

(খ) চৰকাৰৰ বেংক হিচাপে কাম কৰা।

(গ) বেংকসমূহৰ বেংক হিচাপে কাম কৰা।

প্রশ্ন ৬৮। বাণিজ্যিক বেংকৰ দুটা কাৰ্য লিখা।

উত্তৰঃ বাণিজ্যিক বেংকৰ দুটা কাৰ্য হ’ল—

(ক) সঞ্চয় গ্ৰহণ আৰু ঋণৰ যোগান।

(খ) ঋণ মুদ্রা বা আমানত সৃষ্টি।

প্রশ্ন ৬৯। ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য হ’ল—

(ক) সস্তীয়া কৃষি ঋণৰ যোগান ধৰা।

(খ) গাঁও আৰু পিছপৰা অঞ্চলত দ্রুত গতিত শাখা সম্প্ৰসাৰণ কৰা।

(গ) ক্ষিপ্রগতিত সঞ্চয় গ্ৰহণ কৰা।

প্রশ্ন ৭০। উন্নয়ন বেংকৰ তিনিটা কাৰ্য লিখা।

উত্তৰঃ উন্নয়ন বেংকৰ তিনিটা কাৰ্য হ’ল-

(ক) উদ্যোগসমূহক মধ্যকালীন আৰু দীৰ্ঘকালীন মূলধনৰ যোগান ধৰা।

(খ) বিপদ সম্ভাৱনাময় মূলধনৰ যোগান ধৰা।

(গ) বৈদেশিক মুদ্ৰাৰ ঋণ যোগানৰ ব্যৱস্থা কৰা।

প্রশ্ন ৭১। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ লিখা।

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যসমূহ হ’ল-

(ক) এই বেংকে কাগজী মুদ্ৰা ছপা কৰে৷

(খ) আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top