Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান and select needs one.

Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ Solutions for All Subject, You can practice these here.

অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ

প্ৰথম খণ্ড 

( ANTI – BRITISH RISING AND PEASANT REVOLTS IN ASSAM )

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। ”ব্ৰিটিছে প্ৰবৰ্ত্তন কৰা ভূমি ৰাজহ কৃষকে দিব পৰাতকৈ বহু বেছি আছিল।” -কথাষাৰ কোনে ক’ত লিখিছিল?

উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকনে ১৮৫৩ চনত মফট মিলছ চাহাবক দিয়া আর্জিত লিখিছিল।

প্রশ্ন ২। ব্ৰিটিছৰ অর্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্রথম বিদ্রোহটো কি?

উত্তৰঃ ফুলগুৰি ধাৰা।

প্রশ্ন ৩। ফুলগুৰি ধাৱাৰ সময়ত নগাঁৱৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ লেফটেনেন্ট হার্বার্ট স্কুল।

প্রশ্ন ৪। ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰক কোনে মূৰত লাঠীৰে কোৰাই মাটিড বগৰাই দিছি?

উত্তৰঃ কাঁহিঘৰ মৌজাৰ বাৰু কৈবর্ত নামৰ মাছমৰীয়া এজনে।

প্রশ্ন ৫। নচিয়াৰ কৃষক বিদ্ৰোহৰ সময়ত অসমৰ ক’ত বৃহৎ ৰাইজমেল বহিছিল?

উত্তৰঃ পানা গাঁৱৰ চাপৰিত।

প্রশ্ন ৬। কোন চনত অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল?

উত্তৰঃ ১৮৪৩ চনত।

প্রশ্ন ৭। লেফটেনেণ্ট জি. বি. ছিংগাৰৰ মূৰত পূর্ণহতীয়া কোব শোধোৱা কৃষকজনৰ নাম কি আফি? 

উত্তৰঃ বাবু কৈৱৰ্ত।

প্রশ্ন ৮। ১৮৬১ চনত অসমত সংঘটিত হোৱা কৃষক বিদ্রোহটোৰ নাম কি?

উত্তৰঃ ফুলগুৰিৰ ধাৰা।

প্রশ্ন ৯। টিৰোং সিং কোন ৰাজ্যৰ আছিল? 

উত্তৰঃ খাচী পাহাৰৰ।

প্রশ্ন ১০। পথৰুঘাটৰ বিদ্ৰোহৰ সময়ত দৰং জিলাৰ উপায়ুক্ত কোন আছিল?

উত্তৰঃ জে. ডি. এণ্ডাৰছন।

Multiple Choice Questions & Answers

1. মণিৰাম দেৱানৰ বিচাৰ কৰিছিল— 

(a) মফট মিলচে।

(b) কেপ্টেইন হলৰইডে।

(c) জে ডব্লিউ কুইণ্টনে।

(d) জেনকিন্সে।

উত্তৰঃ (b) কেপ্টেইন হলৰইডে।

2. মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল— 

(a) মধুমল্লিক।

(b) মিলচ চাহাবে।

(c) মহিৰাম মুক্তিয়াৰ।

(d) মণিৰাম দেৱাণে।

উত্তৰঃ (a) মধুমল্লিক।

3. অসমত দাস প্রথা নিষিদ্ধ কৰা হৈছিল—

(a) ১৮৪০ চনত।

(b) ১৮৪৩ চনত।

(c) ১৮৪১ চনত।

(d) ১৮৪৫ চনত।

উত্তৰঃ (a) ১৮৪০ চনত।

4. গোবিন্দ চন্দ্ৰ ৰজা আছিল— 

(a) মণিপুৰৰ।

(b) কাছাৰৰ।

(c) ডিমাপুৰৰ।

(d) চীনৰ।

উত্তৰঃ (a) মণিপুৰৰ।

5. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল—

(a) মণিৰাম দেৱান।

(b) পিয়লি ফুকন।

(c) গমধৰ কোঁৱৰ।

(d) পুৰন্দৰ সিংহা।

উত্তৰঃ (c) গমধৰ কোঁৱৰ।

6. অসম ব্ৰিটিছৰ অধীনলৈ আহিছিল—

(a) ১৮২৪ চনত।

(b) ১৮২৮ চনত।

(c) ১৮২৬ চনত।

(d) ১৮৩০ চনত।

উত্তৰঃ (c) ১৮২৬ চনত।

7. ফুলগুৰিৰ ধাৱা সংঘটিত হৈছিল—

(a) ১৮৫১ চনত।

(b) ১৮৬১ চনত।

(c) ১৮৬৩ চনত।

(d) ১৮৫৬ চনত।

উত্তৰঃ (a) ১৮৫১ চনত।

8. ব্ৰিটিছে টিকট কৰ প্ৰৱৰ্তন কৰিছিল—

(a) ১৮৪৮ চনত।

(b) ১৮৫৮ চনত।

(c) ১৮৬৮ চনত।

(d) ১৮৭৮ চনত।

উত্তৰঃ (a) ১৮৪৮ চনত।

9. মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচিকাঠত ওলমোৱা হৈছিল— 

(a) জিউৰাম দুলীয়া বৰুৱাক।

(b) পিয়লি বৰুৱাক।

(c) গোমধৰ কোঁৱৰক।

(d) দুতিৰাম বৰুৱাক।

উত্তৰঃ (b) পিয়লি বৰুৱাক।

10. জয়ন্তীয়া ৰাজ্য ইংৰাজৰ হাতলৈ যায়—

(a) ১৮৩০ চনত।

(b) ১৮৪৫ চনত।

(c) ১৮৩৫ চনত।

(d) ১৮৬১ চনত।

উত্তৰঃ (c) ১৮৩৫ চনত।

11. ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল— 

(a) পুৰন্দৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) কন্দৰ্পেশ্বৰ সিংহ।

(d) গদাধৰ সিংহ।

উত্তৰঃ (a) পুৰন্দৰ সিংহ।

12. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(a) টিকেন্দ্রজিতে।

(b) সম্বোধন কছাৰী।

(c) ৰাজেন্দ্ৰ সিঙে।

(d) ওকিয়াং নং বাহে।

উত্তৰঃ (d) ওকিয়াং নং বাহে।

13. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিল— 

(a) টিকেন্দ্রজিতে।

(b) ওকিয়াং নং বাহে।

(c) শম্ভু ধন কছাৰীয়ে।

(d) ৰাজেন্দ্ৰ সিঙে।

উত্তৰঃ (c) শম্ভু ধন কছাৰীয়ে।

14. তলৰ কোনটো চনত বৃটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল?

(a) ১৮৪৩ চনত।

(b) ১৮৬০ চনত।

(c) ১৮৫৭ চনত।

(d) ১৮৬৩ চনত।

উত্তৰঃ (a) ১৮৪৩ চনত।

15. অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলছক আর্জি লিখিছিল?

(a) মণিৰাম দেৱান।

(b) পিয়লি বৰুৱা।

(c) মহাত্মা গান্ধী।

(d) আনন্দৰাম ঢেকিয়াল ফুকন।

উত্তৰঃ (d) আনন্দৰাম ঢেকিয়াল ফুকন।

16. ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল?

(a) ১৯৩৫ চনৰ আগষ্ট মাহত।

(b) ১৯৪৫ চনৰ জুলই মাহত।

(c) ১৯৪৬ চনৰ মাৰ্চ মাহত।

(d) ১৯৪৭ চনৰ আগষ্ট মাহত।

উত্তৰঃ (c) ১৯৪৬ চনৰ মাৰ্চ মাহত।

17. অসমৰ অভিজাত শ্রেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰিণ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী সুযোগ দিয়া বিদ্ৰোহটো হৈছে—

(a) ১৮৫৭ চনৰ চিপাহী বিদ্রোহ।

(b) মোৱামৰীয়া বিদ্ৰোহ।

(c) জয়ন্তীয়া বিদ্রোহ।

(d) উত্তৰ কাছাৰ বিদ্ৰোহ।

উত্তৰঃ (a) ১৮৫৭ চনৰ চিপাহী বিদ্রোহ।

18. আলিপুৰ কাৰাগাৰত বন্দী কৰি ৰখা অসমৰ ৰাজকুমাৰজন আছিল— 

(a) পুৰন্দৰ সিংহ।

(b) গোমধৰ কোঁৱৰ।

(c) কন্দপেশ্বৰ সিংহ।

(d) যোগেশ্বৰ সিংহ।

উত্তৰঃ (c) কন্দপেশ্বৰ সিংহ।

19. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল—

(a) মধুমল্লিকে।

(b) দুতিৰাম বৰুৱাই।

(c) বাহাদুৰ গাঁওবুঢ়াই।

(d) মণিৰাম দেৱানে।

উত্তৰঃ (d) মণিৰাম দেৱানে।

20. চৰকাৰে বন্ধ কৰা খেতি যাৰ বাবে ফুলগুৰি ধাৰা সংঘটিত হৈছিল সেইটো হ’ল—

(a) চাহ খেতি।

(b) তামোল-পাণৰ খেতি।

(c) আফুখেতি।

(d) সৰিয়হ খেতি।

উত্তৰঃ (c) আফুখেতি।

অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।

অতি চমু উত্তৰৰ প্ৰশ্ন

১। ব্রিটিছশাসন প্রতিষ্ঠা হােৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ  ১৮২৬ চনত অসমত ব্রিটিছ শাসন প্রতিষ্ঠা হােৱাৰ পিছত দ্রব্যৰ পৰিবৰ্তে মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় । ব্রিটিছসকলে সকলাে ধৰণৰ ৰাজহ মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে । 

২। কোন চনত মফট মিলচ অসমলৈ আহিছিল ?

উত্তৰঃ  ১৮৫৩ চনত মফট মিলচ অসমলৈ আহিছিল । 

৩। কেঞাসকল কোন আছিল ? 

উত্তৰঃ কেএসকল হৈছে বহিৰাগত মাৰােৱাৰি সম্প্ৰদায়ৰ লােক যিয়ে অসমীয়া প্ৰজাক সুতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নির্বাহ কৰিছিল । 

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ নেতৃত্ব  মণিৰাম দেৱানে দিছিল । 

৫। ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কোন আহােম ৰাজকোঁৱৰক পুনৰায় আহােম সিংহাসনত বহুৱাব খুজিছিল ?

উত্তৰঃ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ বিদ্রোহীসকলে কন্দৰপেশ্বৰ সিংহক আহােম ৰাজকোঁৱৰক পুনৰায় আহােম সিংহাসনত বহুৱাব খুজিছিল ।

৬। মণিৰাম দেৱানক কোন বঙালী মুক্তিয়াৰে সহায় কৰিছিল ? 

উত্তৰঃ মণিৰাম দেৱানক মধু মল্লিক বঙালী মুক্তিয়াৰে সহায় কৰিছিল ।

৭। মণিৰাম দেৱানৰ লগত আৰু কোন ফাচীকাঠত ওলমিব লগা হৈছিল ? 

উত্তৰঃ মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাচীকাঠত ওলমিব লগা হৈছিল ।

৮। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল ?

উত্তৰঃ  কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 

৯। অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণ উল্লেখ কৰা ।

উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা গুৰুত্বপূর্ণ কাৰণ আছিল-

 ( ক ) বিদ্রোহীৰ সংখ্যা অতি কম আছিল , কেৱল যােৰহাট আৰু শিৱসাগৰতেই এওঁলােকৰ গতিবিধি সীমিত আছিল । দেৱানে নগাঁও , কামৰূপ আৰু গুৱাহাটীত সমর্থন আদায় কৰিব পৰা নাছিল । 

( খ ) বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱানে বিদ্রোহস্থলীৰ পৰা বহু দূৰত অৱস্থান কৰিছিল । তেওঁ কলিকতাত থাকি পত্ৰৰ জৰিয়তে বিদ্রোহ নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছিল যিটো অপ্রায়ােগিক বুলি প্রমাণিত হয় । তেওঁ নিকটবর্তী স্থানৰ পৰা বিদ্রোহ পৰিচালিত কৰাৰ প্রয়ােজন আছিল ।

১০। কোন কোন চনত টিকট কৰ আৰু আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ? 

উত্তৰঃ ১৮৫৮ চনত টিকট কৰ আৰু ১৮৬০ চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল ।

১১। ব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা  কাৰণ লিখা ।

উত্তৰঃব্রিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা প্ৰধান  কাৰণ হ’ল-

 ( ক ) ব্রিটিছ চৰকাৰে আৰােপ কৰা অত্যধিক কৰ ।

 ( খ ) বানপানী , অনাবৃষ্টি আদি প্রাকৃতিক দুর্যোগ । 

১২। লেফটেনেন্ট ছিংগাৰ কোন আছিল ? 

উত্তৰঃ ১৮৬১ চনৰ ফুলগুৰি ধাৱাৰ সময়ত লেফটেনেন্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল । প্রতিবাদকাৰী কৃষকসকলৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰোঁতে কৃষকসকলে তেওঁক লাঠীৰে কোবাই হত্যা কৰে ।

১৩। ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ফুলগুৰিৰ ধাৱা ১৮৬১ চনত সংঘটিত হৈছিল ।

১৪। ৰঙিয়াৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ? 

উত্তৰঃ ৰঙিয়াৰ কৃষক বিদ্রোহ ১৮৯৩ চনত সংঘটিত হৈছিল । 

১৫। লচিমা ক’ত অৱস্থিত ? 

উত্তৰঃ অসমৰ উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত ।

১৬। লচিমাৰ কৃষক বিদ্রোহ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ লচিমাৰ কৃষক বিদ্রোহ ১৮৯৪ চনত   সংঘটিত হৈছিল ।

১৭। পথৰুঘাটৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল ?

উত্তৰঃ পথৰুঘাটৰ কৃষক বিদ্রোহ ১৮৯৪ চনত   হৈছিল ।

১৮। ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব   ওকিয়াং নবায়ে  দিছিল ।

১৯। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ?

উত্তৰঃ ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বােধন কছাৰী দিছিল ।

২০। টিকেন্দ্রজিতক কোনে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ? 

উত্তৰঃ টিকেন্দ্রজিতক ব্রিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল ।

২১। জে ডব্লিউ কুইন্টনক কোন চনত হত্যা কৰিছিল ?

উত্তৰঃ জে ডব্লিউ কুইন্টনক ১৮৯১ চনত হত্যা কৰিছিল ।

দীঘল উত্তৰৰ প্রশ্ন

১। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পর্কে চমুকৈ আলােচনা কৰা । 

উত্তৰঃ ভাৰতীয় চিপাহীসকলৰ বিদ্রোহেৰে ১৮৫৭ চনত মিৰাটত আৰম্ভ হােৱা ভাৰতৰ প্রথম স্বাধীনতা সংগ্ৰামৰ এটা আৰম্ভণি আছিল ১৮৫৭ চনৰ বিদ্রোহ । ব্রিটিছ প্রশাসন ওপৰত জনসাধাৰণৰ অসন্তুষ্টি আছিল অসমত বিদ্ৰোহৰ সূত্রপাত হােৱাৰ প্ৰধান কাৰণ। বিদ্ৰোহৰ পৰিকল্পনাৰ কাৰককেইটা তলত উল্লেখ কৰা হ’ল –

(ক) ভূমি ৰাজহ ব্যৱস্থা :-  অসমত ১৮৫৭ চনৰ বিদ্রোহৰ সূত্রপাত হােৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কাৰক হৈছে নতুন ৰাজহ ব্যৱস্থা । এই ব্যৱস্থাৰ অন্তৰ্গত মুদ্ৰাৰে ভূমি ৰাজহ আৰু অন্যান্য কৰ সংগ্ৰহৰ পদক্ষেপ গ্রহণ কৰা হৈছিল । এই ব্যৱস্থাই অসমীয়া কৃষক সমাজৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছিল। ব্রিটিছসকলে কৰ সংগ্ৰহৰ ওপৰতহে গুৰুত্ব দিছিল। মথাউৰি নিৰ্মাণ আৰু জলসিঞ্চনৰ ব্যৱস্থা অদিৰ দ্বাৰা কৃষি কাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰা নাছিল । অসমীয়া প্ৰজাসকলে সুদখােৰ মহাজন শ্রেণীৰ পৰা টকা ধাৰত লৈ ৰাজহ পৰিশােধ কৰিবলগীয়া হৈছিল।

(খ) মহামাৰীৰ বিস্তাৰ :-  উজনি অসমত কলেৰা আৰু বসন্তই সৃষ্টি কৰা মহামাৰীয়ে বহু সংখ্যক গাঁও ধ্বংস কৰিছিল । ইয়াৰ পিছতো কোনাে ধৰণৰ সহায় আৰু কৰ ৰেহাই প্রদান নকৰাত সাধাৰণ লােকসকল অসন্তুষ্টি হৈ পৰিছিল ।

(গ) চাহ বাগিছাসমূহক ভূমি ৰাজহৰ পৰা ৰেহাই :-  ব্রিটিছসকলে উজনি অসমত স্থাপন কৰা চাহ বাগিছাৰ অন্তর্ভুক্ত লোক সকলক ভূমিৰ ৰাজহৰ পৰা ৰেহাই প্ৰদান কৰিছিল । সেয়েহে অতিৰিক্ত কৰৰ বােজা সাধাৰণ কৃষকে বহন কৰিব লাগিছিল ।

(ঘ) কুটীৰ শিল্পৰ অৱনতি :-  ব্রিটিছসকলে বিদেশী বস্ত্র আমদানি কৰাৰ নীতি গ্রহণ কৰাৰ ফলত স্বদেশী উদ্যোগৰ লগত জড়িত লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল ।

(ঙ) নিয়ােগৰ অভাৱ :- অসমীয়া সমাজৰ লােকসকল আধুনিক শিক্ষাৰে শিক্ষিত নােহােৱাৰ বাবে ইষ্ট-ইণ্ডিয়া কোম্পানীত নিযুক্ত হ’ব পৰা নাছিল । ব্রিটিছসকলে বংগদেশৰ পৰা অনা বঙালী সকল কোম্পানীৰ প্ৰশাসনত নিযুক্ত কৰিছিল ।

(চ) দাস প্রথা বিলুপ্তি :- ১৮৪৩ চনত হােৱা দাস প্রথাৰ বিলুপ্তি হোৱাটো অভিজাত শ্ৰেণীটোৱে মানি লব পৰা নাছিল । কিয়নাে ইয়াৰ পৰিপ্ৰেক্ষিতত হোৱা সকলাে ধৰণৰ কায়িক শ্রম তেওঁলােকে নিজে কৰিবলগীয়া হৈছিল । এনেদৰে মর্যাদা হানি হােৱাত তেওঁলােকৰ মনত অসন্তুষ্টিৰ সৃষ্টি হৈছিল । 

(ছ) লাখেৰাজ ভূমিৰ ওপৰত কৰ নিৰ্ধাৰণ :- ব্রাহ্মণ পুৰােহিত সকলে পূর্বৰে পৰা ভােগ – দখল কৰি আহিছিল। সেয়েহে এই ভূমিসমূহৰ অতিৰিক্তখিনি কাঢ়ি লৈ অৱশিষ্টভাগৰ ওপৰত খাজনা আৰােপ কৰাত তেওঁলােক ইংৰাজৰ বিৰােধী হৈ পৰিছিল।

(জ) পূর্ববতী বিদ্রোহ :- ব্রিটিছসকলে অসম অধিকাৰ কৰাৰ পিছত আহােম ৰাজতন্ত্র পুনৰায় প্রতিষ্ঠা কৰিবৰ বাবে কেইবাটাও বিদ্রোহ সংঘটিত হৈছিল । ১৮৫৭ চনৰ বিদ্রোহক এই বিদ্রোহ বিলাকৰ পৰৱর্তী পর্যায়ৰ বিদ্রোহ হিচাপে বিবেচনা কৰা হৈছিল।

২। অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে । তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী , উপদেষ্টা আৰু সংগঠক আছিল । কিন্তু ব্রিট্রিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মর্যাদা হেৰুৱাব লগীয়া হৈছিল আৰু সাধাৰণ প্রজা হিচাপে জীৱন নির্বাহ কৰিবলগীয়া হৈছিল । আহােম ৰাজতন্ত্রৰ পুনৰ প্রতিষ্ঠা হলে পুনৰ মর্যাদা ঘূৰাই পােৱাৰ আশাত তেওঁ ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফট মিলচৰ হাতত এখন আৱেদন দাখিল কৰিছিল যদিও তেওঁৰ প্রতি কোনাে সহানুভূতি দেখুওৱা নাছিল বৰং তেওঁক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল । আহােম ৰাজকোৱৰ কন্দপেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্রিটিছ কর্তৃপক্ষক লগ কৰিবলৈ তেওঁ কলিকতালৈ গৈছিল , কিন্তু তেওঁ গৱৰ্ণৰ জেনেৰেলক লগ পোৱা নাছিল । তাতেই তেওঁ মিৰাটত সূত্রপাত ঘটা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰিছিল।

কলিকতাত মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্রিটিছসকলক অসমৰ পৰা আঁতৰাবলৈ ষড়যন্ত্র ৰচনা কৰিছিল। তেওঁলােকে বাহাদুৰ গাঁওবুঢ়া , ফর্মুদ আলি , দুটিৰাম বৰুৱা , মায়াম নাজিৰ , মহাবীৰ মুক্তিয়াৰ আদি ব্যক্তিসকলৰ পৰা সমর্থন লাভ কৰিছিল ।

মণিৰাম দেৱানে কলিকতাৰ পৰা কন্দর্পেশ্বৰ সিংহ আৰু কেইজন মান বিশ্বাসী লােকক পত্রযােগে বিদ্রোহৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছিল  লগতে ডিব্ৰুগড় আৰু গােলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যােগাযােগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল । আন ঠাইৰ দৰে অসমতো ১৮৫৭ চনৰ বিদ্ৰোহে সফলতা লাভ কৰিব নোৱাৰিলে। কিয়নাে ব্রিটিছ চৰকাৰৰ বিৰুদ্ধে স্পষ্টভাৱে ষড়যন্ত্রৰ উল্লেখ থকা মণিৰাম দেৱানৰ পত্ৰসমূহ ব্রিটিছৰ হাতত পৰিছিল । ইংৰাজ সকলে সহজে এই বিদ্ৰোহ দমন কৰিলে। বিদ্রোহ সংগঠনত মণিৰাম দেৱানে পালন কৰা ভূমিকাৰ বাবে তেওঁক কলিকতাত গ্রেপ্তাৰ কৰি বিচাৰ কৰিবলৈ অসমলৈ অনা হৈছিল । ব্রিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰি মণিৰাম দেৱানক আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাট কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচী দিয়া হৈছিল।

৩। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্রোহ ব্যর্থ হৈছিল আলােচনা কৰা ।

উত্তৰঃ ১৮৫৭-৫৮ চনৰ চিপাহী বিদ্ৰোহ ভাৰত বুৰঞ্জীৰ অতি উল্লেখযোগ্য ঘটনা। ঐতিহাসিকসকলে এই বিদ্রোহক ভাৰতৰ প্ৰথম স্বাধীনতা আন্দোলন বুলি আখ্যা দিয়ে । ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছতে ইংৰাজে অসমক ব্ৰিটিছ শাসনৰ অন্তৰ্ভুক্ত কৰি লৈছিল। অসমত ১৮৫৭-৫৮ চনত বিদ্রোহ সংঘটিত কৰাৰ আঁচনি প্রস্তুত কৰিছিল মণিৰাম দেৱান আৰু তেওঁক কেইগৰাকীমান আহােম ডাঙৰীয়াই সহায় কৰিছিল। ব্রহ্মপুত্র উপত্যকাত পুনৰায় আহােম শাসন প্রতিষ্ঠাৰ লক্ষ্যত উপনীত হােৱাত ই বিফল হােৱাৰ কাৰণ সমূহ তলত উল্লেখ কৰা হ’ল- 

( ক ) বিদ্রোহীৰ সংখ্যা অতি কম আছিল :-  মণিৰাম দেৱানৰ সমর্থক কেৱল যােৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল । নগাঁও , কামৰূপ আৰু গুৱাহাটীৰ পৰা তেওঁ সমর্থন আদায় কৰিব পৰা নাছিল । 

( খ ) আঁচনি কার্যকৰী কৰা :- সকলাে ধৰণৰ প্রস্তুতি সম্পূর্ণ হোৱাৰ পাছতাে বিদ্রোহীসকলে বিদ্রোহ কার্যকৰী কৰাত পলম কৰিছিল । যাৰ ফলত ব্রিটিছসকলে প্ৰতিৰােধী ব্যৱস্থাৰে বিদ্রোহ দমন কৰিবলৈ যথেষ্ট সময় লাভ কৰিছিল । 

( গ ) নেতৃত্বৰ অভাৱ :-  বিদ্ৰোহৰ প্রধান সংগঠক মণিৰাম দেৱানে  কলিকতাৰ পৰা পত্ৰৰ জৰিয়তে বিদ্রোহ পৰিচালনা কৰিবলৈ চেষ্টা কৰিছিল , যিটো বাস্তৱসন্মত নাছিল ।  মণিৰাম দেৱান ভাল প্রশাসক আছিল যদিও বিদ্ৰোহৰ নেতৃত্বৰ বাবে আৱশ্যকীয় অহর্তা নাছিল । 

(ঘ) গােপনীয়তাৰ অভাৱ :- অসমৰ বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। মণিৰাম দেৱানে কলিকতাৰ পৰা তেওঁৰ সহযােগীসকললৈ লিখা পত্র ব্রিটিছসকলে হস্তগত কৰিছিল । বিদ্ৰোহৰ আৰম্ভণিৰ আগতেই ইংৰাজৰ আগত বিদ্ৰোহৰ সম্পূৰ্ণ আঁচনি প্ৰকাশ হৈ গৈছিল।

(ঙ) অস্ত্র-শস্ত্ৰৰ অভাৱ :-  মণিৰাম দেৱানে অস্ত্র-শস্ত্র লৈ অসমলৈ অহাৰ কথা আছিল । কিন্তু তেতিয়া তেওঁ কলিকতাত ব্ৰিটিছৰ হাতত ধৰা পৰিছিল আৰু তেওঁক কলিকতাত বন্দী কৰিছিল, যাৰ বাবে বিদ্রোহীসকলে অস্ত্র শস্ত্র প্রত্যক্ষ কৰা নাছিল ।

(চ) চিপাহীসকলৰ সমর্থনৰ অভাৱ :-  অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ অকৃতাকাৰ্য হোৱাৰ প্ৰথম কাৰণ আছিল সাংগঠনিক শিথিলতা। অসমৰ বিভিন্ন ঠাইত থকা চিপাহী সকলৰ মাজত সমন্বয় তথা যোগাযোগ অপৰিহাৰ্য আছিল যদিও সেয়া হোৱা নাছিল

৪। অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে আলােচনা কৰা ।

উত্তৰঃ  অসমৰ ১৮৫৭ চনৰ বিদ্রোহ অসমৰ ইতিহাসৰ এক উল্লেখযােগ্য ঘটনা ।  ভাৰতৰ আন ঠাইৰ দৰে অসমতো ১৮৫৭ খ্ৰীঃৰ বিদ্রোহে সফলতা লাভ কৰিব পৰা নাছিল যদিও এই বিদ্রোহে অসম আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছিল । এই বিদ্ৰোহৰ গুৰুত্ব সম্পর্কে তলত উল্লেখ কৰা হ’ল- 

(ক) অসম জাতীয় আন্দোলনৰ অংশত পৰিণত হয় :- ১৮৫৭ চনৰ বিদ্ৰোহত অসম প্ৰথম বাৰৰ বাবে অংশগ্ৰহণ কৰিছিল । এনেদৰে অসমৰ জনসাধাৰন জাতীয় স্বাধীনতা আন্দোলনৰ অংশ হৈ পৰিছিল । 

(খ) আদর্শগত উদাহৰণ :-  ১৮৫৭ চনৰ বিদ্ৰোহ বিফল হোৱাৰ পাছত ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ ৰাজ্যৰ বিভিন্ন অংশত বহুতাে কৃষক বিদ্রোহ সংঘটিত হৈছিল । এই বিদ্ৰোহ সমূহ প্ৰমাণ কৰে যে সৰ্বসাধাৰণ লোকে ব্ৰিটিছ ৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস পাইছিল।

(গ) হিন্দু মুছলমানৰ মাজত একতা স্থাপন :-  হিন্দু আৰু মুছলমান উভয় সম্প্রদায়ৰ বিশিষ্ট ব্যক্তিসকলে বিদ্ৰোহৰ মুখ্য সংগঠকৰ ভূমিকা পালন কৰিছিল  । হিন্দু আৰু মুছলমান একগােট হৈ বিদ্রোহত জপিয়াই পৰাত জাতীয়তাবাদ বিকাশৰ সূত্ৰপাত হৈছিল ।

(ঘ)  অনুপ্ৰেৰণাৰ উৎস :- মণিৰাম দেৱান, পিয়লি বৰুৱাৰ দৰে সংগ্ৰামীৰ নেতৃত্বত উত্থান হােৱা জাতীয় আন্দোলনৰ জাগৰণে  শ শ স্বাধীনতাপ্রিয় জনতাক অনুপ্রাণিত কৰিছিল । 

৫। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা ।

উত্তৰঃ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে  অসমত কেইবাবছৰ ধৰি চলা এলানি কৃষক বিদ্ৰোহৰ প্ৰথমটো বিদ্রোহ টোৱেই হৈছে ১৮৬১ চনৰ ফুলগুৰিৰ ধাৱা । ১৮৬১ চনৰ ফুলগুৰৰ বিদ্ৰোহক অসম বুৰঞ্জীৰ ঊল্লেখযোগ্য ঘটনা বুলি কোৱা হয় । ব্রিটিছসকলে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতিৰ ফলত কৃষকসকলৰ দুৰবস্থা ঘটিছিল । চৰকাৰে ব্যক্তিগত আফু খেতি কৰা বন্ধ কৰা  আৰু তামােল – পাণৰ ওপৰত কৰ আৰােপ কৰাটোৱেই হৈছে ফুলগুৰি ধাৱাৰ প্ৰধান কাৰণ ৷ আফু খেতি কৰা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াত আফু খেতিৰ জৰিয়তে জীৱন নির্বাহ কৰা ফুলগুৰি গাঁৱত বসবাস কৰা কৃষক সকল অতিশয় অসন্তুষ্ট হৈ পৰে । 

 চৰকাৰৰ এনে ব্যৱস্থাৰ বিৰুদ্ধে ফুলগুৰিত ৰাইজ মেল বহিছিল আৰু তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ তাৰিখে প্ৰায় ১৫০০ কৃষক একগোট হৈ বিৰাট ৰাইজ মেল অনুষ্ঠিত কৰিছিল। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ-তামোলৰ ওপৰত যাতে কোনো ধৰণৰ কৰ আৰোপ কৰা নহয় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেইসময়ত নগাঁৱৰ উপযুক্ত  তেওঁলােকক সঁহাৰি জনোৱাৰ পৰিবৰ্তে দুর্ব্যৱহাৰ কৰিলে।

এই অপমানৰ প্ৰতিবাদ কৰিবলৈ ১৮৬১ চনৰ ১৫ অক্টোবৰত ফুলগুৰিত লাঠিৰে সজ্জিত কৃষকসকলে অন্য এক ৰাইজমেল অনুষ্ঠিত কৰিলে । ১৮ অক্টোবৰত এই মেলত প্রায় চাৰি হাজাৰ কৃষক ৰাইজ সমৱেত হৈছিল । সহকাৰী উপায়ুক্ত লেফটেনেন্ট জি বি ছিংগাৰে ৰাইজৰ প্রতি সহানুভূতি প্রদর্শন নকৰিলে আৰু লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতত থকালাঠিবােৰ কাঢ়ি আনিবলৈ নির্দেশ দিছিল ইয়াতে পুলিচ আৰু ৰাইজৰ মাজত সংঘৰ্ষ হয় আৰু ৰাইজৰ মাজত এজনে মি. ছিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে।

এনেদৰে সমবেত ৰাইজৰ উপর্যুপৰি লাঠিৰ আঘাতত তেওঁৰ ঘটনাস্থলীতে মৃত্যু হয় । এই ঘটনাৰ খবৰ চাৰিওফালে বিয়পি পৰিছিল আৰু উত্তেজিত ৰাইজে বহা থানা জ্বলাই ভস্ম কৰি দিছিল । ইয়াৰ পিছত নগাঁওৰ জিলা প্ৰশাসকে সৈন্যবাহিনী লৈ আহি আঠজনমান জনজাতীয় মূৰব্বীক  গ্ৰেপ্তাৰ কৰিছিল। এই বিচাৰত তেওঁলোকৰ কেইজনমানক দ্বীপান্তৰ আৰু কেইজনমানক ফাঁচী দিয়া হৈছিল।

৬। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হােৱা কৃষক বিদ্রোহ সম্পর্কে আলােচনা কৰা । 

উত্তৰঃ ১৮৬১ চনত হোৱা ফুলগুৰি ধাৱা বিদ্ৰোহৰ পিছতো ব্রিটিছ চৰকাৰৰ অৱদমনকাৰী নীতিৰ বিৰুদ্ধে কৃষক বিদ্রোহ সংগঠিত হােৱাৰ পদক্ষেপ অব্যাহত থাকিল । ব্রিটিছসকলে ফুলগুৰিৰ বিদ্ৰোহৰ পৰৱর্তী পর্যায়তাে ১৮৯২ চনত ১০০ শতাংশ খাজনা বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ দিছিল আৰু কঠোৰভাৱে সংগ্ৰহ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । ইয়াৰ ফলস্বৰূপে সাধাৰণ জনগণ ক্ষুদ্ধ হৈ পৰিছিল আৰু ৰাইজ মেলত মিলিত হৈ বৰ্ধিত হাৰত খাজনা নিদিবলৈ সংকল্প লৈছিল । ১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ওচৰ-পাজৰৰ কৃষকসকলে তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু- লাঞ্ছনা কৰিছিল।

তেওঁলোকে ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে মাৰোৱাৰী সুধখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথিপত্র লুট কৰিছিল । বজালী অঞ্চলৰ ৰাইজমেলত আৰু পানাগাঁৱৰ চাপৰিত অনুষ্ঠিত ৰাইজমেলত উত্তৰ কামৰূপৰ লচিমা , চৌখুটী , পানাগাঁও , সৰ্থেবাৰী , পাটাছাৰকুছি , ৰঙিয়া , নলবাৰী , ধর্মপুৰ , বজালী আদিৰ কৃষকসকলে অংশগ্রহণ কৰিছিল । ১৮৯৪ চনৰ ২১ জানুৱাৰীত কাপালা গাঁৱত খাজনা সংগ্রহ কৰিবলৈ যাওঁতে মৌজাদাৰ আৰু মণ্ডলক ৰাইজে মাৰধৰ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে কেইদিন মানৰ পিছত মণ্ডলৰ মৃত্যু হৈছিল। বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক  আটক কৰে আৰু লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় ।

অৱশ্যে , ৩০০০ জন কৃষকে ভাবুকি প্রদান কৰাৰ ফলস্বৰূপে তেওঁলােকক মুকলি কৰি দিবলৈ বাধ্য হয় । পিছদিনা উপায়ুক্ত মেক কেবেই ৫৯ জন বিদ্রোহীক গ্রেপ্তাৰ কৰি জেলত আবদ্ধ কৰি ৰাখে । তেওঁ সমবেত ৰাইজৰ দাবী মানিবলৈ অস্বীকাৰ কৰে । এনেদৰে চৰকাৰে কৃষক সকলৰ বিৰূদ্ধে বিভিন্ন দমন মূলক ব্যৱস্থা লয় আৰু বিদ্ৰোহ দমন কৰে । ১৮৯৪ চনত সংঘটিত লচিমাৰ কৃষক বিদ্রোহেই হৈছে উত্তৰ কামৰূপৰ প্ৰধান কৃষক বিদ্ৰোহ । 

৭। ১৮৯৪ চনত পথৰুঘাটত সংগটিত হােৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ানদাঙি ধৰা ।

উত্তৰঃ  ব্রিটিছসকলে প্ৰৱৰ্তন কৰা অর্থনৈতিক নীতিৰ বিৰুদ্ধে ১৮৬১ চনৰ পৰা ১৮৯৪ চনলৈ এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল। কামৰূপ , দৰং আৰু নগাঁও জিলাৰ বহুতাে অংশত বিদ্ৰোহৰ উত্থান ঘটিছিল । কিন্তু এই বিদ্ৰোহ সমূহ  ব্রিটিছে কঠোৰভাৱে দমন কৰিছিল ।১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰং জিলাৰ মঙ্গলদৈ মহকুমাৰ অন্তৰ্গত পথৰুঘাট নামে ঠাইত কৃষকসকলে এই বিদ্রোহ সংগঠিত কৰিছিল । বিদ্ৰোহৰ সূত্রপাত হােৱাৰ আগতেই বৃহৎ মাত্ৰাত প্রস্তুতি আৰু পৰিকল্পনা কৰি থৈছিল । মঙলদৈ মহকুমাৰ কলাইগাঁও , মঙলদৈ,  ছিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে প্ৰথমতে ৰাইজমেলত মিলিত হৈছিল  আৰু তেওঁলোকে নিজ নিজ অঞ্চলত ৰাইজমেল অনুস্থিত কৰি পৰৱর্তী পর্যায়ত ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত ৰাইজমেল অনুষ্ঠিত কৰি গােট খােৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

জিলাধিপতিয়ে এই সম্পর্কে অৱগত হৈ তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ পথৰুঘাটত উপস্থিত হৈছিল । খাজনা নিদিয়া কৃষকৰ ভূমি তেওঁলােকে বাজেয়াপ্ত কৰিছিল । তাতেই প্ৰায় ২০০ জন ক্ষুদ্ধ কৃষকে অধীক্ষক বেৰিংটনক আগুৰি ধৰাত তেওঁ কোনােমতে সাৰি আহি জিৰণি শিবিৰত আশ্রয় গ্রহণ কৰিছিল । লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্রায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয় । সমবেত কৃষকসকলক নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হােৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিবলৈ নির্দেশ দিছিল ।

গুলীচালনা কৰাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হৈছিল আনহাতে ১৫০ জন কৃষক আহত হৈছিল । কিন্তু  চৰকাৰী হিচাপমতে দেখা গৈছিল ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয় । চৰকাৰে ৩৭ জন কৃষকক বিদ্রোহত জড়িত থকাৰ অভিযােগত  গ্রেপ্তাৰ কৰি বিচাৰ কৰিছিল । আকলু শেখ আৰু অন্যান্য ছয়জনক শাস্তি দিয়া হৈছিল আৰু বাকী সকলকে মুকলি কৰি দিয়া হৈছিল । ব্রিটিছৰ অর্থনৈতিক নীতিৰ বিৰুদ্ধে অসমত উত্থান হােৱা বিদ্রোহসমূহৰ ভিতৰত এয়া অন্তিমটো বিদ্রোহ আছিল । 

৮। ১৮৫০ চনত ব্রিটিছৰ বিৰুদ্ধে জয়ন্তীসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ জয়ন্তীয়াসকল আছিল ব্রিটিছৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হােৱা এক অন্যতম পাহাৰীয়া জনজাতি । ১৮৩৫ চনত ব্রিটিছে স্বাধীনতাপ্রিয় জয়ন্তীয়া জনজাতিসকলৰ ভূখণ্ড কোম্পানী ৰাজ্যৰ লগত চামিল কৰাত তেওঁলােক ব্রিটিছৰ এই পদক্ষেপ সহজভাৱে লােৱা নাছিল । তদুপৰি জয়ন্তীয়াসকলৰ ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পৰ্ব তথা সামাজিক জীৱনত হস্তক্ষেপ, পূৰ্বৰেপৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচেতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্বেষী কৰি তুলিছিল । নগদ ধন হিচাপে কৰ কাটল প্রদান কৰি নােপােৱা এই জনজাতিসকলৰ ওপৰত গৃহকৰ আৰু আয়কৰ আৰােপ কৰা পদক্ষেপে তেওঁলােকৰ মাজত ক্ষোভ অধিক মাত্রা বৃদ্ধি কৰিছিল । চৰ্দাৰ আৰু দলৈসকলৰ লগত মিলিত হৈ জয়ন্তীসকলে বিদ্ৰোহৰ প্রস্তুতি কৰিবলৈ আৰম্ভ কৰিছিল ।

গৃহকৰ আৰােপ কৰাৰ ঠিক পাছতে জোৱাইৰ তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে  বিদ্ৰোহৰ সূচনা কৰে । পৰৱৰ্তী পৰ্যায়ত জয়ন্তীপুৰ , মূলাগােল , জাফলং , ছেৰা অঞ্চলত বিদ্ৰোহৰ আৰম্ভ হয় । কিন্তু ব্রিটিছ চৰকাৰে কঠোৰভাৱে এই বিদ্রোহ দমন কৰিবলৈ চেষ্টা কৰিছিল । সমগ্র জয়ন্তীয়া পাহাৰৰ লােকসকলে ওকিয়াং নংবাহৰ নেতৃত্বত এই বিদ্রোহত চামিল হৈ বিদ্ৰোহ ঘােষণা কৰিছিল আৰু ১৮৬২ চনৰ ১৭ জানুৱাৰীত তেওঁলােকে জোৱাইস্থিত ব্রিটিছ ছাউনীতহঠাৎ আক্রমণ কৰে । তেওঁলােকে জোৱাই – চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী – জয়ন্তীপুৰ সংযােগী পথ দুটা আগৰে পৰা অৱৰােধ কৰি ৰাখিছিল আৰু তেওঁলােকৰ ওপৰত অত্যাচাৰ চলােৱা পুলিচ বাহিনীৰ লােকক হত্যা কৰিছিল ।ওকিয়াং নংবাহক ফাঁচী দিয়াৰ পাছত অন্যান্য বিদ্রোহী সকলৰ আশাহত হৈছিল আৰু ১৮৬৩ চনত ব্রিটিছৰ ওচৰত আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল । এনেদৰে এই বিদ্ৰোহৰ সমাপ্তি ঘটিছিল । 

৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হােৱা বিদ্ৰোহৰ বিষয়ে লিখা ।

উত্তৰঃ  দীর্ঘকালজুৰি মণিপুৰ ব্রিটিছৰ সুৰক্ষাৰ অধীনৰ দেশীয় ৰাজ্যৰূপে বর্তি আছিল । ১৮৯০ চনত ৰাজপৰিয়ালৰ সদস্য সকলৰ মাজত  সিংহাসনক কেন্দ্ৰ কৰি বিবাদৰ সূত্রপাত হােৱাত অসমৰ ব্রিটিছ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰিছিল । ব্রিটিছৰ উপস্থিতিৰ সুযােগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনৰ পৰা খেদি পঠিয়াই ১৮৯০ চনৰ ২১ ছেপ্টেম্বৰত সিংহাসন দখল কৰিছিল । সুৰচন্দ্ৰই সহায়ৰ বাবে অনুৰােধ জনােৱাত ব্রিটিছে গুৰুত্ব দিয়া নাছিল । টিকেন্দ্ৰজিতে হাড়ে হিমজুৱে ইংৰাজ বিৰোধী আছিল।

ব্রিটিছৰ বিৰুদ্ধে গােপনে বিদ্ৰোহৰ পৰিকল্পনা কৰা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজাক হেঁচা প্রয়ােগ কৰিছিল । জনপ্রিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল । সেইবাবে তেওঁ সেইটো অমান্য কৰিছিল । এনে প্রেক্ষাপটত অসমৰ মুখ্য আয়ুক্ত জে ডব্লিউ কুইন্টন আৰু চাৰিজন অন্যান্য বিষয়াই টিকেন্দ্রজিতক আটক কৰিবলৈ মণিপুৰলৈ আহোঁতে বিদ্রোহী মণিপুৰীসকলে আটাইকেইজন ব্ৰিটিছ বিষয়াক হত্যা কৰিছিল । পৰৱৰ্তী পৰ্যায়ত ব্রিটিছসকলে এক শক্তিশীলী বাহিনী প্রেৰণ কৰি টিকেন্দ্রজিতক আটক কৰিছিল ।

ব্রিটিছ বিৰােধী কার্যকলাপৰ বাবে তেওঁক দোষী সাব্যস্ত কৰি ফাঁচী দিয়া হৈছিল । ১৮৯১ চনৰ ছেপ্টেম্বৰত চূড়চন্দ্র নামৰ নাবালক এজনক ৰজা হিচাপে ঘােষণা কৰা হয় । ব্রিটিছ চৰকাৰৰ ৰাজনৈতিক প্রতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলাে দায়িত্ব অর্পণ কৰা হয় । বিদ্ৰোহৰ সময়ছােৱাত ব্রিটিছে সন্মুখীন হােৱা ক্ষতিৰ বাবত ব্রিটিছসকলক ২.৫০ লাখ টকা পৰিশােধ কৰিবলৈ বাধ্য কৰা হয় । এনেদৰে , ব্রিটিছে মণিপুৰৰ ওপৰত আধিপত্য প্রতিষ্ঠা কৰিছিল ।

চমু টোকা লিখা

১। অসমত ইংৰাজে প্রৱর্তনকৰা ৰাজহ ব্যৱস্থা ।

উত্তৰঃ  ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্রিটিছ সাম্রাজ্যৰ আৰম্ভণি হৈ পৰিছিল । ব্ৰিটিছ সকলে ৰাজ্যখনৰ প্রশাসনৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্রহণ কৰিছিল । অতি কম সময়ৰ ভিতৰতে গঢ়ি তােলা শক্তিশালী কৰ কাটল সংগ্ৰহত বেছি গুৰুত্ব প্ৰদান কৰিছিল। কৃষিৰ উন্নীতকৰণ বা কৃষকৰ দৰিদ্রতা দূৰীকৰণৰ পৰিৱৰ্তে ৰাজহ সংগ্ৰহৰ ওপৰতহে অধিক গুৰুত্ব আৰােপ কৰা হৈছিল । আহােম যুগত দ্ৰব্যৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা  হৈছিল , কিন্তু ব্রিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ প্রৱর্তন কৰিছিল ।

এই ব্যৱস্থাৰ বাবে কৃষকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল  কিয়নাে কৰ পৰিশােধ কৰিবৰ বাবে তেওঁলােকৰ হাতত নগদ ধন নাছিল । কৃষকসকলে সুদখােৰ মাৰােৱাৰী মহাজনৰ পৰা ধন ধাৰত ল’বলৈ বাধ্য হৈছিল । এই মহাজন শ্রেণীটোৱে অত্যাধিক সুতৰ হাৰ দাবী কৰাৰ পৰিণতিত তেওঁলােকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল। এনেদৰে ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি আৰু মুদ্রা অর্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছােৱাত ভালেমান বিদ্রোহ সংঘটিত হৈছিল ।

২। মণিৰাম দেৱান ।

উত্তৰঃ  অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বীজ ৰােপণ কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান । তেওঁৰ সম্পূর্ণ নামটো আছিল মণিৰাম বৰভাণ্ডাৰ বৰুৱা । তেওঁক ব্রিটিছে যােৰহাটত চিৰস্তাদাৰ হিচাপে নিয়ােগ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰজা পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যােগদান কৰিছিল। মণিৰাম দেৱানে যােৰহাটত চাহ বাগিছা স্থাপন কৰিছিল, কিন্তু ব্রিটিছ চাহ খেতিয়কে ৰাজহ ৰেহাই পােৱাৰ দৰে তেওঁ ৰাজহ পৰিশােধৰ ক্ষেত্ৰত ৰেহাই পােৱা নাছিল । এইটো কাৰণৰ লগতে অন্যান্য কাৰকে তেওঁক ব্রিটিছ বিৰােধী কৰি তুলিছিল।

চিপাহী বিদ্ৰোহৰ দ্বাৰা অনুপ্রাণিত হৈ ১৮৫৭ চনত মনিৰাম দেৱানে বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল যাৰ বাবে তেওঁ কেইগৰাকীমান বিশিষ্ট দেশভক্ত লােক সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। অৱশ্যে তেওঁলােকে পৰিকল্পনাটো কার্যকৰী কৰাৰ আগতে তেওঁলােকৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ কল্পনা কৰা ষড়যন্ত্ৰটো ৰাজহুৱা হৈ পৰিছিল । ব্ৰিটিছে বিদ্ৰোহত জৰিত থকাৰ বাবে দোষী সাব্যস্ত কৰি মণিৰাম দেৱান আৰু তেওঁৰ এজন সহযােগী পিয়লি বৰুৱাক  ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাটত ৰাজহুৱকৈ ফাঁচী দিয়া হয়। তেওঁৰ জীৱনৰ আদৰ্শই শ শ স্বাধীনতা প্রয়াসী যুবক যুবতীক অনুপ্রাণিত কৰিছিল । 

৩। ফুলগুৰি ধাৱা ।

উত্তৰঃ ইংৰাজৰ অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে ১৮৬১ চনত সংঘটিত হােৱা ফুলগুৰি ধাৱাক অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ বিদ্রোহ হিচাপে বিবেচনা কৰা হৈছিল। ব্রিটিছৰ শােষণাত্মক অর্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এয়া প্রথমটো বিদ্রোহ আছিল । ব্রিটিছ চৰকাৰৰ আফু খেতি বন্ধ কৰাৰ  লগতে তামোল পাণৰ ওপৰত এই কৰ বহুওৱাৰ আদেশটোৱেই এই বিদ্ৰোহৰ কাৰক আছিল । ব্রিটিছসকলে তিৱা জনজাতিৰ লােকসকলক আফিং বা কানিৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিছিল কিয়নাে তেওঁলােকে ( ব্রিটিছে ) নিজে কানি বিক্রী কৰি অধিক লাভ অৰ্জন কৰিব বিচাৰিছিল।

এই নিষেধাজ্ঞাই তিৱা জনজাতিৰ লােকসকলক যথেষ্ট প্রভাৱিত কৰিছিল আৰু তেওঁলােকে নগাঁৱৰ ওচৰৰ ফুলগুৰি নামৰ গাঁওখনত বিদ্রোহ সংঘটিত কৰিছিল । এনেদৰে ক্ৰমান্বয়ে পৰিস্থিতি বৰ জটিল হৈ আহে আৰু শেষত কৃষক আৰু চৰকাৰী পুলিচৰ মাজত সংঘর্ষ হয়। এই ঘটনাত বিদ্রোহীসকলে ইংৰাজ কমিচনাৰ লেফ্‌টেনেণ্ট জি.বি. ছিংগাৰক হত্যা কৰে । এই অপৰাধত বহুতাে কৃষকক গ্রেপ্তাৰ কৰা হয় আৰু হেজাৰজনক স্থায়ী কাৰাগাৰত কেইবা মাহ বন্দী কৰি ৰখা হয় ।

৪। লাচিমাৰ কৃষক বিদ্রোহ ।

উত্তৰঃ ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত সংঘটিত হােৱা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এইটো এক গুৰুত্বপূর্ণ বিদ্রোহ আছিল । ১৮৯৪ চনৰ ২১ জানুৱাৰীত কামৰূপ জিলাত সংঘটিত হােৱা বিদ্ৰোহটো আছিল লচিমাৰ বিদ্রোহ। লচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্রিটিছসকলে আৰােপ কৰা বর্ধিত হাৰৰ ৰাজহ। কৃষকসকলে খাজনা হ্রাস কৰিবলৈ ব্রিটিছ কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল কিন্তু তেওঁলােকে এই দাবী মানি লোৱা নাছিল। ইয়াৰ ফলত অসন্তুষ্ট হৈ কৃষকসকলে বিদ্ৰোহৰ সূত্রপাত কৰে ।

উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত । অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰা ৰাইজমেলত চৰকাৰে নিৰ্ধাৰণ কৰা বর্ধিত হাৰৰ ৰাজহ পৰিশােধ নকৰাৰ সিদ্ধান্ত ল’লে । ৰাজহ সংগ্ৰহৰ বাবে যােৱা মৌজাদাৰ আৰু মণ্ডল এই দুজন ব্যক্তিক বেয়াকৈ মাৰধৰ কৰিছিল আৰু যাৰ ফলত তাৰে এজনৰ কিছুদিন পিছত মৃত্যু হৈছিল । পৰৱৰ্তী পৰ্যায়ত ব্রিটিছ কর্তৃপক্ষই প্ৰেৰণ কৰা নগাঁৱৰ মহকুমাধিপতিয়ে ৭৫ জন লােকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় । এই কাৰ্যত উত্তেজিত হৈ প্রায় ৩০০০ কৃষকে শিবিৰটো ঘেৰাও কৰিছিল যাৰ ফলত তেওঁ বন্দীসকলক মুকলি কৰি দিবলৈ বাধ্য হৈছিল। এই বিদ্ৰোহৰ প্রধান নেতাসকল আছিল গোঁসাই দলৈ , পুষ্পৰাম কলিতা , দেৱীদত্ত শৰ্মা , জয়ন্তী বেজ , নির্ভাষা কলিতা আৰু মংগলু কলিতা ।

৫। পথৰুঘাটৰ ৰণ ।

উত্তৰঃ  ব্রিটিছ চৰকাৰে কৃষকসকলক কৰা অর্থনৈতিক শােষণ আৰু অত্যাধিক কৰ আৰোপৰ বাবে  অসমত এলানি কৃষক বিদ্ৰোহৰ সূত্রপাত হৈছিল। ১৮৯৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে দৰং জিলাত ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটি হৈছিল । এই অঞ্চলৰ কৃষকসকলে ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ প্ৰায়  তিনি দিনীয়াকৈ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰি  তাত সমবেত হােৱাৰ পৰিকল্পনা কৰিছিল।

জিলাধিপতিয়ে এই সম্পর্কে অৱগত হােৱাত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ পথৰুঘাটত উপস্থিত হয় । ইতিমধ্যে পথৰুঘাটৰ তহচিলদাৰে বৰ্দ্ধিত হাৰত খাজনা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত ৰায়তৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। চৰকাৰৰ এনে কাৰ্যত কৃষক ৰাইজ অধিক অসন্তুষ্ট হয়। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয় । এই ঘটনাত ক্ষুদ্ধ হৈ ৰাজহ সংগ্ৰহ কৰিবলৈ যােৱা আৰক্ষী অধীক্ষক বেৰিংটনক প্রায় ২০০ জন কৃষকে আগুৰি ধৰে ।

তেওঁ কোনােমতে সাৰি আহি জিৰণি শিবিৰত উপনীত হয় । লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্রায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয় । সমবেত কৃষকসকলক নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হােৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে । গুলীচালনাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হৈছিল , আনহাতে ১৫০ জন কৃষক আহত হৈছিল । অৱশ্যে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয় । চৰকাৰে ৩৭ জন কৃষকক গ্রেপ্তাৰ কৰি বিদ্রোহত জড়িত থকাৰ অভিযােগত বিচাৰ কৰে । আকলু শ্বেখ আৰু অন্য ছয়জনক শাস্তি  প্রদান কৰা হয় আৰু বাকী সকলােকে মুক্তি দিয়া হৈছিল।

 ৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব 

উত্তৰঃ অসমত ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজমেলসমূহে । ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্রিটিছসকলে অসমত শাসন কৰাৰ সুযোগ লাভ কৰিছিল । শাসন ভাৰ পোৱাৰ পাছত তেওঁলােকে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাই অসমৰ কৃষকসকলক সম্পূর্ণভাৱে বিধ্বস্ত কৰি পেলাইছিল । তেওঁলােকে উচ্চ হাৰত ৰাজহ আৰোপ কৰিছিল আৰু মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা জাৰী কৰিছিল যিটো পৰিশােধ কৰাটো কৃষকসকলৰ বাবে সম্ভৱ নাছিল ।

ব্রিটিছৰ বিৰুদ্ধে  অসন্তুষ্টিৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন অংশত এলানি কৃষক বিদ্ৰোহৰ সূচনা হৈছিল । শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্রোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা। ১৮৬১ চনত হোৱা ফুলগুৰি ধাৱাৰ লগতে আন বিদ্ৰোহ সমূহ হল- নামনি অসমৰ বিদ্রোহ ( ১৮৯২-৯৩ ) , ৰঙিয়াৰ কৃষক বিদ্রোহ ( ১৮৯৩-৯৪ ) , লচিমাৰ বিদ্রোহ ( ১৮৯৪ ) , পথৰুঘাটৰ বিদ্রোহ ( ১৮৯৪ l) ইত্যাদি । এই বিদ্রোহ বিলাকৰ উল্লেখযােগ্য বৈশিষ্ট হ’ল –

১। এয়া সাধাৰণ কৃষক সকলৰ বিদ্রোহ আছিল l অভিজাত শ্ৰেণীৰ বিদ্রোহ নাছিল । 

২। দ্বিতীয়তে , ব্রিটিছ চৰকাৰে আৰােপ কৰা অত্যধিক ৰাজহৰ বিৰুদ্ধে এই বিদ্রোহসমূহৰ সূত্ৰপাত ঘটিছিল । অর্থনৈতিক কাৰকৰ বাবেহে এই বিদ্রোহ সংঘটিত হৈছিল । তদুপৰি , এই বিদ্রোসমূহে ব্রিটিছবিৰােধী যুঁজৰ অগ্রণী স্থানত সাধাৰণ জনগণৰ উত্থান দেখুৱাইছিল । কৃষক সকলৰ এই বিদ্রোহে ব্ৰিটিছ চৰকাৰক বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰাই নহয় এই কৃষক বিদ্রোহে পিছৰ সময়চোৱাত অসমৰ সমূহ জনসাধাৰণক ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা যোগাইছিল। যাৰ ফলত লচিমাৰ কৃষক বিদ্রোহ, ৰঙিয়াৰ কৃষক বিদ্রোহ, ফুল গুৰিৰ ধাৱা, পথৰুঘাটৰ ৰণ আদিৰ বাবে গৌৰৱবোধ অনুভৱ কৰে।

৭। টিকেন্দ্রজিৎ 

উত্তৰঃ টিকেন্দ্রজিৎ মণিপুৰৰ ইতিহাসৰ এক বিশিষ্ট ব্যক্তি আছিল । তেওঁ মণিপুৰ ৰাজ্যৰ সেনাপতি হিচাপে কার্যনিবাহ কৰিছিল। তেওঁ এগৰাকী প্রকৃত দেশভক্ত আছিল যিয়ে মণিপুৰৰ কল্যাণৰ বাবে অৱদান আগবঢ়াইছিল । টিকেন্দ্রজিত হাড়ে হিমজুৱে ইংৰাজ বিৰোধী আছিল। মণিপুৰ ৰাজ্য নিয়ন্ত্ৰণৰ বিষয়তে ব্রিটিছে তেওঁক প্রতিবন্ধক হিচাপে গণ্য কৰিছিল । সেয়ে চীফ কমিচনাৰে ইংৰাজ বিৰোধী সেনাপতি টিকেন্দ্ৰজিতক তেওঁৰ ওচৰত হাজিৰ হ’বলৈ আদেশ দিয়ে । কিন্তু যেতিয়া কমিছনাৰে টিকেন্দ্রজিৎক ধৰি আনিবলৈ সমৰিক বিষয়া প্ৰেৰণ কৰিছিল  তেতিয়া স্বাধীনতাপ্রিয় মণিপুৰীসকলে তেওঁলােকক হত্যা কৰিছিল । সেনাপতি টিকেন্দ্রজিত আৰু সহযোগীসকলৰ এনে কাৰ্যত ইংৰাজ কৰ্তৃপক্ষ গভীৰ অসন্তুষ্ট হয় । পৰৱর্তী পর্যায়ত ব্রিটিছে টিকেন্দ্রজিতক আটক কৰি ব্রিটিছ বিৰােধী কার্যকলাপৰ বাবে দোষী সাব্যস্ত কৰি ৰাজহুৱাকৈ ফাঁচী দিছিল । 

2 thoughts on “Class 10 Social History Chapter 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top