Class 10 Social History Chapter – 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social History Chapter – 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান and select needs one.
Class 10 Social History Chapter – 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social History Chapter – 3 অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ – সমাধান Solutions for All Subject, You can practice these here…
৯। ১৮৯১ চনত মণিপুৰত টিকেন্দ্রজিতৰ নেতৃত্বত ব্রিটিছৰ বিৰুদ্ধে হােৱা বিদ্ৰোহৰ বিষয়ে লিখা ।
উত্তৰঃ দীর্ঘকালজুৰি মণিপুৰ ব্রিটিছৰ সুৰক্ষাৰ অধীনৰ দেশীয় ৰাজ্যৰূপে বর্তি আছিল । ১৮৯০ চনত সিংহাসনৰ বাবে ৰাজপৰিয়ালৰ মাজত বিবাদৰ সূত্রপাত হােৱাত অসমৰ ব্রিটিছ চীফ কমিছনাৰে অনাহকতে হস্তক্ষেপ কৰে । ব্রিটিছৰ উপস্থিতিৰ সুযােগ গ্ৰহণ কৰি যুৱৰাজ কুলচন্দ্ৰই মহাৰাজ সুৰচন্দ্ৰক সিংহাসনচ্যুত কৰি ১৮৯০ চনৰ ২১ ছেপ্টেম্বৰত সিংহাসন দখল কৰে ।
সুৰচন্দ্ৰই সহায়ৰ বাবে অনুৰােধ জনােৱাত ব্রিটিছে কর্ণপাত নকৰিলে আৰু ব্রিটিছৰ বিৰুদ্ধে গােপনে বিদ্ৰোহৰ পৰিকল্পনা কৰা সেনাপতি টিকেন্দ্রজিতক দেশান্তৰিত কৰিবলৈ নতুন ৰজাক হেঁচা প্রয়ােগ কৰে । অৱশ্যে , জনপ্রিয় সেনাপতিজনক দেশান্তৰিত কৰাটো কুলচন্দ্ৰৰ বাবে সহজ কথা নাছিল ।
এনে প্রেক্ষাপটত অসমৰ মুখ্য আয়ুক্ত জে ডব্লিউ কুইন্টন আৰু চাৰিজন অন্যান্য বিষয়াই টিকেন্দ্রজিতক আটক কৰিবলৈ মণিপুৰলৈ আহোঁতে বিদ্রোহী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে । পৰৱৰ্তী পৰ্যায়ত ব্রিটিছসকলে এক শক্তিশীলী বাহিনী প্রেৰণ কৰি টিকেন্দ্রজিতক আটক কৰে ।
ব্রিটিছ বিৰােধী কার্যকলাপৰ বাবে তেওঁক ফাঁচী দিয়া হয় । ১৮৯১ চনৰ ছেপ্টেম্বৰত চূড়চন্দ্র নামৰ নাবালক এজনক ৰজা হিচাপে ঘােষণা হয় । ব্রিটিছ চৰকাৰৰ ৰাজনৈতিক প্রতিনিধিক মণিপুৰৰ প্ৰশাসনৰ সকলাে দায়িত্ব অর্পণ কৰা হয় ।
বিদ্ৰোহৰ সময়ছােৱাত ব্রিটিছে সন্মুখীন হােৱা ক্ষতিৰ বাবত ব্রিটিছসকলক ২.৫০ লাখ টকা পৰিশােধ কৰিবলৈ বাধ্য কৰা হয় । এনেদৰে , ব্রিটিছে মণিপুৰৰ ওপৰত আধিপত্য প্রতিষ্ঠা কৰিছিল ।
চমু টোকা লিখা :
১ । অসমত ইংৰাজে প্রৱর্তনকৰা ৰাজহ ব্যৱস্থা ।
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসম ব্রিটিছ সাম্রাজ্যৰ অংশ হৈ পৰিছিল । অৱশেষত তেওঁলােকে ৰাজ্যখনৰ প্রশাসনৰ দায়িত্ব সম্পূৰ্ণৰূপে গ্রহণ কৰে । কেইটামান বৰ্ষৰ ভিতৰতে গঢ়ি তােলা শক্তিশালী ৰাজহ সংগ্ৰহৰ প্ৰণালীৰ অধীনত এক নতুন ৰাজহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হয় ।
কৃষিৰ উন্নীতকৰণ বা কৃষকৰ দৰিদ্রতা দূৰীকৰণৰ পৰিৱৰ্তে ৰাজহ সংগ্ৰহৰ ওপৰতহে অধিক গুৰুত্ব আৰােপ কৰা হৈছিল । আহােম যুগত দ্ৰব্যৰ জৰিয়তে প্রদান কৰা হৈছিল , কিন্তু ব্রিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ ব্যৱস্থাৰ প্রৱর্তন কৰে ।
এই ব্যৱস্থাৰ জৰিয়তে কৃষকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল কিয়নাে কৰ পৰিশােধ কৰিব পৰাকৈ তেওঁলােকৰ হাতত নগদ ধন নাছিল । কৃষকসকলে সুদখােৰ মাৰােৱাৰী আৰু বঙালী
মহাজনৰ পৰা ধন ধাৰলৈ ল’বলৈ বাধ্য হৈছিল । এই মহাজন শ্রেণীটোৱে অত্যধিক সুতৰ হাৰ দাবী কৰাৰ পৰিণতিত তেওঁলােকৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল।এনেদৰে ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি আৰু মুদ্রা অর্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্র অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছােৱাত ভালেমান বিদ্রোহ সংঘটিত হৈছিল ।
২। মণিৰাম দেৱান ।
উত্তৰঃ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বীজ ৰােপণ কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান । তেওঁ এগৰাকী বিচক্ষণ ৰাজনীতিজ্ঞ আৰু প্রশাসক আছিল । তেওঁৰ সম্পূর্ণ নামটো আছি মণিৰাম বৰভাণ্ডাৰ বৰুৱা । তেওঁক ব্রিটিছে যােৰহাটত চিৰস্তাদাৰ হিচাপে নিয়ােগ কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰজা পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যােগদান কৰিছিল ।
পাছত তেওঁ যােৰহাটত চাহ বাগিছা স্থাপন কৰিছিল , কিন্তু ব্রিটিছ চাহ খেতিয়কে পােৱাৰ দৰে তেওঁ ৰাজহ পৰিশােধৰ ক্ষেত্ৰত ৰেহাই পােৱা নাছিল । এইটো কাৰণৰ লগতে অন্যান্য কাৰকে তেওঁক ব্রিটিছ বিৰােধী কৰি তুলিছিল ।
চিপাহী বিদ্ৰোহৰ দ্বাৰা অনুপ্রাণিত হৈ তেওঁ ১৮৫৭ চনত বিদ্ৰোহৰ পৰিকল্পনা কৰিছিল যাৰ বাবে তেওঁ কেইগৰাকীমান বিশিষ্ট দেশভক্ত লােক সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল । অৱশ্যে তেওঁলােকে পৰিকল্পনাটো কার্যকৰী কৰাৰ আগতে তেওঁলােক ৰচনা কৰা ষড়যন্ত্ৰটো ৰাজহুৱা হৈ পৰিছিল ।
মণিৰাম দেৱান আৰু তেওঁৰ এজন সহযােগী পিয়লি বৰুৱাক দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাটত ৰাজহুৱকৈ ফাঁচী দিয়া হয় । তেওঁৰ জীৱনৰ আদৰ্শই শ শ স্বাধীনতা প্রয়াসী যুবক যুবতীক অনুপ্রাণিত কৰিছিল ।
৩। ফুলগুৰি ধাৱা ।
উত্তৰঃ ১৮৬১ চনত সংঘটিত হােৱা ফুলগুৰি ধাৱাক অসমৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ বিদ্রোহ হিচাপে বিবেচনা কৰা হয় । ব্রিটিছৰ শােষণাত্মক অর্থনৈতিক নীতিৰ বিৰুদ্ধে গঢ়ি উঠা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এয়া প্রথমটো বিদ্রোহ আছিল । ব্রিটিছ চৰকাৰৰ আফু খেতি বন্ধ কৰাৰ আদেশটোৱেই ইয়াৰ কাৰক আছিল ।
ব্রিটিছসকলে তিৱা জনজাতিৰ লােকসকলক আফিং বা কানিৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰােপ কৰিছিল কিয়নাে তেওঁলােকে ( ব্রিটিছে ) নিজে কানি বিক্রী কৰিবলৈ লৈছিল ।
এই নিষেধাজ্ঞাই তিৱা জনজাতিৰ লােকসকলক যথেষ্ট প্রভাৱিত কৰিছিল আৰু তেওঁলােকে নগাঁৱৰ ওচৰৰ ফুলগুৰি নামৰ গাঁওখনত বিদ্রোহ সংঘটিত কৰিছিল । বিদ্রোহী সকলে নগাঁৱৰ সহকাৰী উপাযুক্ত লেফটেনেন্ট ছিংগাৰক হত্যা কৰিছিল । এই অপৰাধত বহুতাে কৃষকক গ্রেপ্তাৰ কৰা হয় আৰু হেজাৰজনক স্থায়ী কাৰাগাৰত কেইবা মাহ বন্দী কৰি ৰখা হয় ।
৪। লাচিমাৰ কৃষক বিদ্রোহ ।
উত্তৰঃ ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত সংঘটিত হােৱা এলানি কৃষক বিদ্ৰোহৰ ভিতৰত এক গুৰুত্বপূর্ণ বিদ্রোহ আছিল । ১৮৯৪ চনৰ জানুৱাৰীত কামৰূপ জিলাত সংঘটিত হােৱা লচিমাৰ বিদ্রোহ।লচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্রিটিছসকলে আৰােপ কৰা বর্ধিত হাৰৰ ৰাজহ।
কৃষকসকলে খাজনা হ্রাস কৰিবলৈ ব্রিটিছ কর্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল যদিও তেওঁলােকৰ দাবী মানি নললে । ইয়াৰ ফলত কৃষকসকলে বিদ্ৰোহৰ সূত্রপাত কৰে । উত্তৰ কামৰূপৰ বজালী অঞ্চলত লচিমা অৱস্থিত । অঞ্চলটোৰ ৰাইজে অনুষ্ঠিত কৰা ৰাইজমেলত চৰকাৰে নিৰ্ধাৰণ কৰা বর্ধিত হাৰৰ ৰাজহ পৰিশােধ নকৰাৰ সিদ্ধান্ত ল’লে ।
ৰাজহ সংগ্ৰহৰ বাবে যােৱা দুজন ব্যক্তিক বেয়াকৈ মাৰধৰ কৰাৰ ফলত তাৰে এজনৰ কিছুদিন পিছত মৃত্যু হয় । পৰৱৰ্তী পৰ্যায়ত ব্রিটিছ কর্তৃপক্ষই প্ৰেৰণ কৰা নগাঁৱৰ মহকুমাধিপতিয়ে ৭৫ জন লােকক আটক কৰি লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় । প্রায় ৩০০০ কৃষকে শিবিৰটো ঘেৰাও কৰাত তেওঁ বন্দীসকলক মুকলি কৰি দিয়ে ।
এই বিদ্ৰোহৰ প্রধান নেতাসকল আছিল গোঁসাই দলৈ , পুষ্পৰাম কলিতা , দেৱীদত্ত শৰ্মা , জয়ন্তী বেজ , নির্ভাষা কলিতা আৰু মংগলু কলিতা ।
৫। পথৰুঘাটৰ ৰণ ।
উত্তৰঃ ব্রিটিছ চৰকাৰে কৃষকসকলক কৰা অর্থনৈতিক শােষণ আৰু অত্যাধিক কৰাৰােপণৰ বাবে ১৮৬০ চনৰ পৰা ১৮৯৪ চনলৈ অসমত এলানি কৃষক বিদ্ৰোহৰ সূত্রপাত হয় । ব্রিটিছৰ শােষণৰ বিৰুদ্ধে ফুলগুৰি , ৰঙিয়া , লচিমা আদিৰ লােকে ইতিমধ্যেই বিদ্রোহ ঘােষণা কৰিছিল । ১৮৯৪ চনৰ জানুৱাৰীত পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটি হৈছিল ।
এই অঞ্চলৰ কৃষকসকলে ১৮৯৪ চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ পথৰুঘাটত তিনি দিনীয়াকৈ এক বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰি তাত সমবেত হােৱাৰ পৰিকল্পনা কৰিছিল । জিলাধিপতিয়ে এই সম্পর্কে অৱগত হােৱাত তেওঁ আৰক্ষী অধীক্ষকৰ সৈতে পুলিচ আৰু সামৰিক বাহিনীৰ এক বৃহৎ ফৌজ লৈ ২৭ জানুৱাৰীত পথৰুঘাটত উপস্থিত হয় ।
খাজনা নিদিয়া কৃষকৰ সম্পত্তি তেওঁলােকে বাজেয়াপ্ত কৰি আনে । এই ঘটনাত ক্ষুদ্ধ হৈ ৰাজহ সংগ্ৰহ কৰিবলৈ যােৱা আৰক্ষী অধীক্ষক বেৰিংটনক প্রায় ২০০ জন কৃষকে আগুৰি ধৰে । তেওঁ কোনােমতে সাৰি আহি জিৰণি শিবিৰত উপনীত হয় । লাঠি আৰু বাঁহৰ কামিৰে সজ্জিত প্রায় ২০০০ গৰাকী উত্তেজিত কৃষকে জিৰণি শিবিৰৰ পিনে অগ্ৰসৰ হয় ।
সমবেত কৃষকসকলক নিয়ন্ত্রণ কৰিবলৈ ব্যর্থ হােৱাত উপায়ুক্তই বেৰিংটনক গুলীচালনা কৰিবলৈ নির্দেশ দিয়ে । গুলীচালনাৰ ফলস্বৰূপে ১৪০ জন কৃষকৰ মৃত্যু হয় , আনহাতে ১৫০ জন কৃষক আহত হয় । অৱশ্যে চৰকাৰী হিচাপমতে ১৫ জন কৃষকৰ মৃত্যু হয় আৰু ৩৭ জন কৃষক আহত হয় ।
চৰকাৰে ৩৭ জন কৃষকক গ্রেপ্তাৰ কৰি বিদ্রোহত জড়িত থকাৰ অভিযােগত বিচাৰ কৰে । আকলু শ্বেখ আৰু অন্য ছয়জনক শাস্তি প্রদান কৰা হয় আৰু বাকী সকলােকে মুক্তি দিয়া হয় ।
৬। অসমত কৃষক বিদ্ৰোহৰ গুৰুত্ব ।
উত্তৰঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে ব্রিটিছসকলে অসমৰ প্ৰশাসনৰ দায়িত্ব লাভ কৰে । ভূখণ্ডৰ গৰাকী হােৱাৰ পাছত তেওঁলােকে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থাই অসমৰ কৃষকসকলক সম্পূর্ণভাৱে বিধ্বস্ত কৰে ।
তেওঁলােকে উচ্চ হাৰত ৰাজহ দাবী কৰিছিল আৰু মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰিছিল যিটো পৰিশােধ কৰাটো কৃষকসকলৰ বাবে কষ্টকৰ আছিল । ব্রিটিছৰ বিৰুদ্ধে সামগ্রিক অসন্তুষ্টিৰ ফলস্বৰূপে ৰাজ্যৰ বিভিন্ন অংশত এলানি কৃষক বিদ্ৰোহৰ সূচনা হয় ।
এনে কিছুমান বিদ্রোহ হৈছে ফুলগুৰি ধাবা ( ১৮৬১ ) , নামনি অসমৰ বিদ্রোহ ( ১৮৯২-৯৩ ) , ৰঙিয়াৰ বিদ্রোহ ( ১৮৯৩-৯৪ ) , লচিমাৰ বিদ্রোহ ( ১৮৯৪ ) , পথৰুঘাটৰ বিদ্রোহ ( ১৮৯৪ ) ইত্যাদি । এই বিদ্রোহ বিলাকৰ উল্লেখযােগ্য বৈশিষ্ট্যটো এয়ে যে–
১। এয়া সাধাৰণ জনগণৰ বিদ্রোহ আছিল , অভিজাত শ্ৰেণীৰ বিদ্রোহ নাছিল ।
২। দ্বিতীয়তে , ব্রিটিছ চৰকাৰে আৰােপ কৰা অত্যধিক ৰাজহৰ বিৰুদ্ধে এই বিদ্রোহসমূহ সংগঠিত কৰা হৈছিল । ইয়াত ৰাজনৈতিক বা সামাজিক দিশ জড়িত হৈ থকা নাছিল , অর্থনৈতিক কাৰকৰ বাবােহে এই বিদ্রোহ সংঘটিত হৈছিল ।
তদুপৰি , এই বিদ্রোসমূহে ব্রিটিছবিৰােধী যুঁজৰ অগ্রণী স্থানত সাধাৰণ জনগণৰ উত্থান দেখুৱায় । এই বিদ্রোসমূহে ৰাজ্যখনত স্বাধীনতাৰ স্পৃহা বৃদ্ধি কৰে আৰু এয়া ভৱিষ্যত প্রজন্মৰ বাবে প্রেৰণাদায়ক পটন্তৰ হৈ পৰে ।
৭। টিকেন্দ্রজিৎ
উত্তৰঃ মণিপুৰৰ ইতিহাসৰ এক অন্যতম বিশিষ্ট ব্যক্তি হৈছে টিকেন্দ্রজিৎ । তেওঁ মণিপুৰ ৰাজ্যৰ সেনাপতি হিচাপে কেইবাবছৰৰ ধৰি কার্যনিবাহ কৰিছিল । তেওঁ এগৰাকী প্রকৃত দেশভক্ত আছিল যিয়ে মণিপুৰ ৰাজ্যৰ কল্যাণৰ বাবে অৱদান আগবঢ়াইছিল ।
সেয়ে ব্রিটিছৰ আশ্রিত ৰাজ্য মণিপুৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ প্ৰয়াস কৰোঁতে তেওঁ ব্রিটিছসকলৰ বিৰােধিতা কৰিছিল । অৱশেষত তেওঁ ৰাজ্যখনৰ ব্রিটিছ বিৰােধী আন্দোলনৰ নেতা হৈ পৰে । মণিপুৰে ৰাজ্য নিয়ন্ত্ৰণৰ বিষয়তে ব্রিটিছে তেওঁক প্রতিবন্ধক হিচাপে গণ্য কৰিলে ।
সেয়ে , তেওঁক আটক কৰি নির্বাসিত কৰাৰ পৰিকল্পনা তেওঁলােকে কৰিলে । কিন্তু দুর্ভাগ্যবশতঃ যেতিয়া অসমৰ চীফ কমিছনাৰ জে ডব্লিউ কুইন্টন আৰু অন্য চাৰিজন বিষয়াই টিকেন্দ্রজিতক গ্রেপ্তাৰ কৰিবলৈ আহিল , তেতিয়া স্বাধীনতাপ্রিয় মণিপুৰীসকলে তেওঁলােকক হত্যা কৰিলে ।
অৱশ্যে , পৰৱর্তী পর্যায়ত ব্রিটিছে টিকেন্দ্রজিতক আটক কৰি ব্রিটিছ বিৰােধী কার্যকলাপৰ বাবে দোষী সাব্যস্ত কৰি ৰাজহুৱাকৈ ফাঁচী দিলে । শক্তিশালী ব্রিটিছৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম সাহসিকতাপূর্ণ দেশভক্তিৰ কাহিনী হিচাপে স্মৰণীয় হৈ ৰ’ব ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.