Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ

Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 15 আমাৰ পৰিৱেশ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 15 আমাৰ পৰিৱেশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ পৰিৱেশ

Chapter – 15

পৰিৱেশ বিজ্ঞান

Multiple Choice Questions & Answers

1. তলৰ কোনবিধ পদার্থ জীৱ নিম্নীকৰণ অযোগ্য –

(a) কাঠ। 

(b) কাগজ।

(c) কপাহী কাপোৰl

(d) প্লাষ্টিক।

উত্তৰঃ  (d) প্লাষ্টিক।

2. তলৰ কোনবিধ এটা কৃত্রিম পৰিৱেশতন্ত্র–

(a) বাগিছা। 

(b) পুখুৰী। 

(c) হ্রদ। 

(d) অৰণ্য।

উত্তৰঃ (a) বাগিছা। 

3. তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি–

(a) বেক্টেৰিয়া।

(b) ভেঁকুৰ।

(c) নীল-সেউজ শেলাই।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ  (c) নীল-সেউজ শেলাই।

4. তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে– 

(a) নীল-সেউজ শেলাই।

(b) বেক্টেৰিয়া।

(c) সেউজীয়া উদ্ভিদ।

(d) পৰজীৱী প্রাণী।

উত্তৰঃ (b) বেক্টেৰিয়া।

5. স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত—

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ  (a) প্রথম। 

6. তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলব কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত— 

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ। 

উত্তৰঃ (b) দ্বিতীয়।

7. সৰু মাংসভোজী প্রাণী বা দ্বিতীয়ক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত—

(a) প্রথম। 

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ। 

উত্তৰঃ (c) তৃতীয়।

8. চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবিধ প্ৰাণীক ৰখা হয়— 

(a) স্বপোষী জীৱ।

(b) সৰু মাংসভোজী প্রাণী।

(c) ডাঙৰ মাংসভোজী প্রাণী। 

(d) তৃণভোজী প্রাণী। 

উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী। 

9. সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।

(a) 10% 

(b) 1% 

(c) 90% 

(d) 100%

উত্তৰঃ (b) 100%

10. উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল– 

(a) 1% 

(b) 20% 

(c) 40% 

(d) 10%

উত্তৰঃ (d) 10%

11. তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰ এটাত আটাইতকৈ বেছি হয়—

(a) উৎপাদক।

(b) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী।

(c) দ্বিতীয়ক উপভোক্তা বা সৰু মাংসভোজী প্রাণী।

(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী।

উত্তৰঃ (a) উৎপাদক।

12. অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদার্থ দায়ী –

(a) অক্সিজেন।

(b) অতি বেঙুনীয়া ৰশ্মি। 

(c) ক্ল’ৰ ‘ফ্ল’ৰ’ কাৰ্বন। 

(d) হিলিয়াম।

উত্তৰঃ (c) ক্ল’ৰ ‘ফ্ল’ৰ’ কাৰ্বন। 

13. তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিম্নীকৰণযোগ্য বস্তু আছে? 

(a) ঘাঁহ, ফুল আৰু চামৰা।

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।

(c) ফলৰ বাকলি, কেক আৰু নেমু – ৰস।

(d) কেক, কাঠ আৰু ঘাঁহ।

উত্তৰঃ (a), (c), (d)

14. তলৰ কোনটোৱে এডাল খাদ্যশৃংখল গঠন কৰে? 

(a) ঘাঁহ, ঘেঁহু, আৰু আম।

(b) ঘাঁহ, ছাগলী আৰু মানুহ।

(c) ছাগলী, গৰু আৰু হাতী।

(d) ঘাঁহ, মাছ আৰু ছাগলী।

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

15. তলৰ কোনটো এটা পৰিৱেশ – হিতৈষী অনুশীলনী?

(a) বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কঢ়িওৱা।

(b) অদৰকাৰী লাইট আৰু ফেনৰ চুইচ অফ কৰা।

(c) তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজ কাঢ়ি যোৱা।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

16. যিবিলাক পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি যায়, সিহঁতক বোলা হয়–

(a) নৱীকৰণযোগ্য।

(b) অনৱীকৰণযোগ্য। 

(c) জীৱনিম্নিকৰণ।

(d) জীৱ অনিম্নিকৰণ।

উত্তৰঃ (c) জীৱনিম্নিকৰণ।

 17. যিবিলাক পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়, সিহঁতক বোলা হয়—

(a) নৱীকৰণযোগ্য।

(b) অনৱীকৰণযোগ্য। 

(c) জীৱনিম্নিকৰণ।

(d) জীৱ অনিম্নিকৰণ।

উত্তৰঃ (d) জীৱ অনিম্নিকৰণ।

18. তলৰ কোনটো জীৱ নিম্নিকৰণ আৱৰ্জনা নহয়? 

(a) পাকঘৰৰ শাক-পাচলিৰ আৱৰ্জনা।

(b) পুৰণি ফটা কাপোৰ।

(c) প্লাষ্টিকৰ মোনা।

(d) পুৰণি বাতৰি কাকত।

উত্তৰঃ (c) প্লাষ্টিকৰ মোনা।

19. তলৰ দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনীয়া দ্ৰব্য?

(a) পলিথিনৰ মোনা।

(b) আমৰ বাকলি।

(c) এলুমিনিয়ামৰ পাত।

(d) কাঁচ।

উত্তৰঃ (b) আমৰ বাকলি।

20. তলৰ কোনটো জীৱ অনিম্নিকৰণ পেলনীয়া দ্রব্য?

(a) ব্যৱহাৰ হোৱা চাহপাত।

(b) ফাটি যোৱা চামৰাৰ বেগ।

(c) খালী হোৱা ঔষধৰ বটল।

(d) খালী ডাঠ কাগজৰ কাৰ্টন।

উত্তৰঃ (c) খালী হোৱা ঔষধৰ বটল।

21. জীৱ অনিম্নিককৰণ পদাৰ্থসমূহ সৰল অৱস্থালৈ ভাঙি নাযায়, কাৰণ — 

(a) ইহঁত অতিকৈ কঠিন।

(b) ইহঁতৰ ওপৰত তাপ আৰু চাপৰ দৰে ভৌতিক প্ৰক্ৰিয়াবোৰে ক্ৰিয়া নকৰে।

(c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) ইহঁত বেক্টেৰিয়া আৰু আন মৃতজীৱীৰ ক্ৰিয়াৰ দ্বাৰা ভাঙি নাযায়।

22. জীৱ নিম্নিকৰণ পদাৰ্থসমূহ তলৰ কোনটো প্ৰক্ৰিয়াৰ ধাৰা ভাঙি যায়? 

(a) ভৌতিক।

(b) ৰাসায়নিক।

(c) জৈৱিক।

(d) তাপীয়।

উত্তৰঃ (c) জৈৱিক।

23. তলৰ কোনটো পেলনীয়া দ্রব্য জীৱ নিম্নিকৰণ? 

(i) ফাটি যোৱা চামৰাৰ জোতা।

(ii) গাখীৰৰ পেকেট।

(iii) নষ্ট হোৱা খাদ্য।

(iv) পুৰণি কাঁচৰ বটল।

শুদ্ধ উত্তৰটো হ’ল— 

(a) (i), (iii) 

(b) কেৱল (iii) 

(c) (i),(ii), (iii)

(d) (i), (ii), (iii) (iv)

উত্তৰঃ (a) (i), (iii) 

24. এটা অঞ্চলৰ সকলো আন্তঃক্রিয়াশীল জীৱই অজৈৱিক উপাদনসমূহৰ লগত একেলগে এটা গঠন কৰে। 

(a) পৰিৱেশ।

(b) জৈৱিক সম্প্রদায়।

(c) জীৱমণ্ডল। 

(d) পৰিস্থিতি তন্ত্ৰ।

উত্তৰঃ (d) পৰিস্থিতি তন্ত্ৰ।

25. তলৰ কোনবিধ এবিধ বিয়োজক? 

(i) বেক্টেৰিয়া।

(ii) শেলাই।

(iii) আদ্যপ্রাণী।

(iv) ভেঁকুৰ।

শুদ্ধ বিকল্পটো হ’ল- 

(a) (i), (ii)

(b) (i)

(c) (i), (iv)

(d) (i), (iii)

উত্তৰঃ (c) (i), (iv)

26. খাদ্য শৃংখলৰ প্ৰথম পৌষ্টিক স্তৰত থাকে— 

(a) প্রাথমিক উপভোক্তা।

(b) তৃণভোজী প্রাণী।

(c) উপভোক্তা।

(d) উৎপাদক।

উত্তৰঃ (d) উৎপাদক।

27. খাদ্য শৃংখলৰ দ্বিতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ—

(a) দ্বিতীয়ক উপভোক্তা।

(b) উৎপাদক।

(c) প্রাথমিক উপভোক্তা।

(d) তৃতীয়ক উপভোক্তা।

উত্তৰঃ (c) প্রাথমিক উপভোক্তা।

28. খাদ্য শৃংখলৰ তৃতীয় পৌষ্টিক স্তৰত থকা জীৱসমূহ— 

(a) দ্বিতীয়ক উপভোক্তা।

(b) তৃতীয়ক উপভোক্তা।

(c) বিয়োজক।

(d) উৎপাদক।

উত্তৰঃ (a) দ্বিতীয়ক উপভোক্তা।

29. এডাল খাদ্য শৃংখলৰ বাবে শক্তিৰ যোগান ধৰে— 

(a) স্বপোষী জীৱে।

(b) তৃণভোজী প্রাণীয়ে। 

(c) সূর্যই।

(d) বিয়োজক।

উত্তৰঃ (c) সূর্যই।

30. পৰিস্থিতি তন্ত্ৰ এটাত বিভিন্ন খাদ্য শৃংখলবোৰ আন্তঃসংলগ্ন হৈ উৎপন্ন হয়— 

(a) শক্তি প্রবাহ চিত্র। 

(b) খাদ্যজাল।

(c) জৈৱিক বিবর্ধন।

(d) পৌষ্টিক স্তৰ।

উত্তৰঃ (b) খাদ্যজাল।

31. তলৰ খাদ্য শৃংখলডালৰ কোনটো জীৱত জৈৱিক বিবর্ধনৰ মাত্ৰা সৰ্বাধিক হ’ব?

ঘাঁহ → ফৰিং → ভেকুলী → সাপ → ঈগল

(a) ঈগল।

(b) সাপ।

(c) ঘাঁহ।

(d) ভেকুলী।

উত্তৰঃ (a) ঈগল।

32. তলৰ খাদ্য শৃংখলৰ কোনটো জীৱে আহৰণ কৰা শক্তিৰ পৰিমাণ আটাইতকৈ বেছি?

ঘাঁহ → হৰিণা → বাঘ

(a) বাঘ।

(b) হৰিণা।

(c) ঘাঁহ।

(d) আটাইকেইটাই সমান শক্তি আহৰণ কৰে।

উত্তৰঃ (c) ঘাঁহ।

33. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে – বাধা দিয়ে। 

(a) অৱলোহিত ৰশ্মি।

(b) দৃশ্যমান পোহৰ।

(c) অতি বেঙুণীয়া ৰশ্মি।

(d) (a) আৰু (b) দুয়োটাই।

উত্তৰঃ (c) অতি বেঙুণীয়া ৰশ্মি।

Very Short & Short Type Questions and Answers

1. জীৱ নিম্নীকৰণ যোগ্য পদার্থ কি? উদাহৰণ দিয়া। 

উত্তৰঃ যিবিলাক পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত হয়, তেনে পদার্থক জীৱ নিম্নীকৰণযোগ্য পদার্থ বোলে। যেনে: কাগজ, কাপোৰ, শাক-পাচলিৰ পেলনীয়া অংশ আদি।

2. জীব নিম্নীকৰণ অযোগ্য পদার্থ কি? উদাহৰণ দিয়া। 

উত্তৰঃ যিবিলাক পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয়, তেনে পদাৰ্থক জীৱ নিম্নীকৰণ অযোগ্য পদার্থ বোলে। যেনেঃ প্লাষ্টিক, ৰবৰ, ধাতু আদি। 

3. পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশতন্ত্ৰ কি? 

উত্তৰঃ কোনো এটা অঞ্চলৰ সকলোবোৰ আন্তঃ ক্রিয়াশীল জীৱই পৰিৱেশৰ অজৈৱিক উপাদানসমূহৰ লগত একেলগে এটা পৰিৱেশতন্ত্র কৰে।

4. এটা পৰিস্থিতিতন্ত্ৰৰ মুখ্য উপাদান দুটা কি কি? 

উত্তৰঃ এটা পৰিস্থিতিতন্ত্ৰৰ মুখ্য উপাদান দুটা হ’ল— 

(i) জৈৱিক উপাদান, যি উদ্ভিদ, প্রাণী আৰু অণুজীৱৰ দ্বাৰা গঠিত।

(ii) অজৈৱিক উপাদান, যি উষ্ণতা, বৰষুণ, বতাহ মাটি আৰু খনিজ পদাৰ্থৰ দৰে ভৌতিক কাৰকসমূহৰ দ্বাৰা গঠিত। 

5. দুটা প্রাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া। 

উত্তৰঃ (i) অৰণ্য।

(ii) পুখুৰী।

6. দুটা মানৱসৃষ্ট বা কৃত্ৰিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ দিয়া। 

উত্তৰঃ বাগিছা আৰু শস্য পথাৰ।

7. পৰিৱেশৰ পৰা খাদ্য আহৰণৰ ওপৰত ভিত্তি কৰি পৰিবেশতন্ত্ৰ এটাৰ জীৱসমূহক কি কি প্রধান ভাগত ভগোৱা হৈছে? 

উত্তৰঃ উৎপাদক, উপভোক্তা আৰু বিয়োজক। 

8. উৎপাদক বুলিলে কি বুজা? 

উত্তৰঃ যিবিলাক জীৱই পত্ৰহৰিত উপস্থিতিত সূৰ্যৰ বিকিৰিত শক্তি ব্যৱহাৰ কৰি অজৈৱ পদাৰ্থৰ পৰা শৰ্কৰা আৰু শ্বেতসাৰৰ দৰে জৈৱ যৌগ উৎপন্ন কৰিব পাৰে, তেনে জীৱক উৎপাদক বোলে। 

9. দুটা উৎপাদকৰ উদাহৰণ দিয়া। 

উত্তৰঃ সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান নীল- সেউজ শেলাই। 

10. উপভোক্তা কি? 

উত্তৰঃ যিবিলাক জীৱই উৎপাদকৰ দ্বাৰা প্ৰস্তুত খাদ্য প্রত্যক্ষভাৱে উৎপাদকৰ পৰা বা পৰোক্ষভাৱে আন উপভোক্তাক ভক্ষণ কৰি গ্ৰহণ কৰে, তেনে জীৱক উপভোক্তা বোলে। 

11. উপভোক্তাক কি কি ভাগত শ্রেণীবিভাজন কৰা হৈছে? 

উত্তৰঃ তৃণভোজী, মাংসভোজী, সৰ্বভক্ষী আৰু পৰজীৱী। 

12. বিয়োজক কি? 

উত্তৰঃ  যিবিলাক অণুজীৱে জীৱৰ মৃত অৱশিষ্ট অংশ আৰু সিহঁতৰ অপচয়ত থকা জটিল জৈব পদার্থসমূহ ভাঙি সৰল অজৈৱ পদাৰ্থৰ সৃষ্টি কৰে, তেনে অণুজীৱক বিয়োজক বোলে। 

13. বিয়োজকৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ বেক্টেৰিয়া আৰু ভেঁকুৰ। 

14. খাদ্যশৃংখল কি? 

উত্তৰঃ বিভিন্ন জৈৱিক স্তৰত অংশ লোৱা জীৱসমূহৰ এটা শ্ৰেণীক খাদ্যশৃংখল বোলে। 

15. খাদ্যজাল কি? 

উত্তৰঃ খাদ্যশৃংখলৰ প্ৰতিটো জীৱকে সাধাৰণতে দুটা বা ততোধিক আন প্ৰকাৰৰ জীৱে ভক্ষণ কৰে, যাক আনহাতে আন বেলেগ বেলেগ জীৱে খাদ্য হিচাপে গ্রহণ কৰে। সেয়ে এডাল সৰল ৰৈখিক খাদ্যশৃংখলৰ পৰিবৰ্তে, জীৱসমূহৰ সম্পৰ্কক প্ৰশাখাযুক্ত ৰেখাৰ এটা শ্ৰেণী হিচাপে দেখুৱাব পাৰি যাক খাদ্যজাল বোলা হয়।

16. জৈৱিক বিবর্ধন কি? 

উত্তৰঃ  যিকোনো খাদ্যশৃংখলৰে শীৰ্ষস্তৰ মানুহে অধিকাৰ কৰি থাকে বাবে খাদ্যশংখলত সোমোৱা কিছুমান হানিকাৰক ৰাসায়নিক পদাৰ্থ সর্বোচ্চ গাঢ়তাত মানুহৰ শৰীৰত সঞ্চিত হয়। এই পৰিঘটনাক জৈৱিক বিবর্ধন বোলে।

17. কিছুমান পদার্থ কিয় জীৱ নিম্নীকৰণযোগ্য আৰু কিছুমান জীৱ নিম্নীকৰণ অযোগ্য? 

উত্তৰঃ কিছুমান পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল পদাৰ্থলৈ ভাঙি যায়। সেয়ে এনে পদার্থসমূহ জীৱ নিম্নীকৰণযোগ্য। আনহাতে আন কিছুমান পদার্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত নহয়। তেনে পদার্থসমূহক জীৱ নিম্নীকৰণ অযোগ্য পদার্থ বোলা হয়।

18. জীৱ নিম্নীকৰণযোগ্য পদার্থই পৰিৱেশক প্ৰভাৱান্বিত কৰিব পৰা এটা উপায়ৰ বিষয়ে লিখা। 

উত্তৰঃ এনে পদাৰ্থসমূহ সৰল অৱস্থালৈ ভাঙি গৈ যিহেতু মাটিৰ লগত মিহলি হৈ যায়, ইহঁতে ৰাস্তা-ঘাটত আৱৰ্জনাৰ সৃষ্টি নকৰে আৰু আমাৰ চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ হৈ থকাত সহায় কৰে।

19. জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশক প্রভাবান্বিত কৰিব পৰা এটা উপায়ৰ বিষয়ে লিখা। 

উত্তৰঃ এনে পদাৰ্থ যিহেতু মাটিত মিহলি হৈ নাযায়, সেয়ে ইহঁতে ৰাস্তা-ঘাটত আৱৰ্জনাৰ সৃষ্টি কৰি আমাৰ চৌপাশৰ পৰিৱেশ অপৰিষ্কাৰ কৰি ৰাখে। 

20. পৌষ্টিক স্তৰ কি?

উত্তৰঃ এডাল খাদ্যশৃংখলৰ প্ৰতিটো স্তৰ বা পর্যায়ক পৌষ্টিক স্তৰ বোলে। 

21. খাদ্যশৃংখলৰ এটা উদাহৰণ দিয়া আৰু ইয়াত থকা বেলেগ বেলেগ পৌষ্টিক স্তৰৰ নাম লিখা। 

উত্তৰঃ খাদ্য শৃংখলৰ উদাহৰণ–

ঘাঁহ-বন → ফৰিং → ভেকুলী → সাপ

প্রথম পৌষ্টিক স্তৰ – ঘাঁহ-বন। 

দ্বিতীয় পৌষ্টিক স্তৰ — ফৰিং।

তৃতীয় পৌষ্টিক স্তৰ – ভেকুলী।

চতুর্থ পৌষ্টিক স্তৰ— সাপ। 

22. পৰিৱেশতন্ত্ৰত বিয়োজকৰ ভূমিকা কি? 

উত্তৰঃ বিয়োজকৰ বাবে মাটিৰ প্ৰয়োজনীয় পোষক পদাৰ্থসমূহৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ পৰে, যাক উদ্ভিদে নিৰৱচ্ছিন্নভাৱে ব্যৱহাৰ কৰি থাকিব পাৰে।

23. অ’জন কি? 

উত্তৰঃ অ’জন (O₃) হ’ল তিনিটা অক্সিজেন পৰমাণুৰে গঠিত এটা অণু। 

24. অ’জনে পৰিবেশতন্ত্ৰ এটাক কেনেদৰে প্রভাৱান্বিত কৰে? 

উত্তৰঃ  অ’জনে বায়ুমণ্ডলৰ ওপৰৰ স্তৰত সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক শোষণ কৰি পৃথিৱী পৃষ্ঠক তাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সুৰক্ষা দিয়ে।

25. আৱৰ্জনা নিষ্কাশনৰ সমস্যা কমাবলৈ তুমি কেনেদৰে সহায় কৰিব পাৰা? যিকোনো এটা পদ্ধতি উল্লেখ কৰা।

উত্তৰঃ আমি দৈনন্দিন জীৱনত জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থৰ ব্যৱহাৰ কমাই জীৱ নিম্নীকৰণযোগ্য পদাৰ্থৰ ব্যৱহাৰ বেছিকৈ কৰা উচিত।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। জীৱ নিম্নীকৰণ যোগ্য পদার্থ কি?

উত্তৰঃ যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰ বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত হয়, তেনে পদাৰ্থক জীৱ নিম্নীকৰণযোগ্য পদার্থ বোলে।

প্রশ্ন ২। জীৱ নিম্নীকৰণ অযোগ্য (Non – biodegradable) পদাৰ্থ কি? উদাহৰণ দিয়া।

উত্তৰঃ যিবিলাক পদাৰ্থ জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা বিশ্লেষিত হৈ সৰল অৱস্থালৈ ৰূপান্তৰিত নহয়, তেনে পদাৰ্থক জীৱ নিম্নীকৰণ অযোগ্য পদার্থ বোলে৷ যেনেঃ প্লাষ্টিক, ৰবৰ, ধাতু আদি।

প্রশ্ন ৩। পৰিস্থিতিতন্ত্র বা পৰিৱেশতন্ত্ৰ (Ecosystem) কি?

উত্তৰঃ কোনো এটা অঞ্চলৰ সকলোবোৰ আন্তঃ ক্রিয়াশীল জীৱই পৰিৱেশৰ অজৈৱিক উপাদান সমূহৰ লগত একেলগে এটা পৰিৱেশতন্ত্ৰ গঠন কৰে।

প্রশ্ন ৪। তিনিটা প্রাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ দিয়া।

উত্তৰঃ তিনিটা প্রাকৃতিক পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ হ’ল– 

(i) অৰণ্য।

(ii) পুখুৰী। আৰু 

(iii) হ্রদ।

প্রশ্ন ৫। দুটা মানৱসৃষ্ট বা কৃত্রিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ দিয়া।

উত্তৰঃ দুটা মানৱসৃষ্ট বা কৃত্রিম পৰিৱেশতন্ত্ৰৰ উদাহৰণ হ’ল— বাগিছা আৰু শস্য পথাৰ।

প্রশ্ন ৬। উপভোক্তা (Consumers) কি?

উত্তৰঃ যিবিলাক জীৱই উৎপাদকৰ দ্বাৰা প্ৰস্তুত খাদ্য প্ৰত্যক্ষভাৱে উৎপাদকৰ পৰা বা পৰোক্ষভাৱে আন উপভোক্তাক ভক্ষণ কৰি গ্ৰহণ কৰে, তেনে জীৱক উপভোক্তা বোলে।

প্রশ্ন ৭। উপভোক্তাক কি কি ভাগত শ্রেণীবিভাজন কৰা হৈছে?

উত্তৰঃ উপভোক্তাৰ বিভিন্ন ভাগসমূহ হ’ল— তৃণভোজী, মাংসভোজী, সর্বভক্ষী আৰু পৰজীৱী। 

প্রশ্ন ৮। খাদ্যশৃংখল (Food chain) কি? এটা উদাহৰণ দিয়া।

উত্তৰঃ বিভিন্ন জৈৱিক স্তৰ (Biotic level) ত অংশ লোৱা জীৱসমূহৰ এটা শ্রেণীক খাদ্যশৃংখল বোলে। উদাহৰণ: ঘাঁহ → ফৰিং → ভেকুলী → সাপ।

প্রশ্ন ৯। পৌষ্টিক স্তৰ (Trophic level) কি?

উত্তৰঃ খাদ্যশৃংখল এডালৰ প্ৰতিটো স্তৰ বা পর্যায়ক পৌষ্টিক স্তৰ বোলে।

প্রশ্ন ১০। শক্তি প্রবাহ চিত্র (Energy Flow Diagram) কি?

উত্তৰঃ পৰিৱেশতন্ত্ৰ এটাত বিভিন্ন পৌষ্টিক স্তৰৰ মাজত শক্তিৰ অগ্ৰগামী প্ৰবাহৰ ৰৈখিক প্ৰকাশক শক্তি প্রবাহ চিত্র বোলে।

প্রশ্ন ১১। অ’জন কি?

উত্তৰঃ অ’জন (O,) হ’ল তিনিটা অক্সিজেন পৰমাণুৰ দ্বাৰা গঠিত এক অণু। ই এক বিষাক্ত গেছ আৰু ইয়াক বায়ুমণ্ডলৰ ওপৰৰ স্তৰত পোৱা যায় ৷

প্রশ্ন ১২। অ’জন স্তৰৰ অৱক্ষয় ৰোধ কৰাৰ এটা উপায় উল্লেখ কৰা।

উত্তৰঃ অ’জন স্তৰৰ অৱক্ষয় ৰোধ কৰাৰ এটা উপায় হ’ল এই অৱক্ষয়ৰ বাবে দায়ী ক্ল’ৰফ্ল’ৰ কাৰ্বন (CFC) নামৰ ৰাসায়নিক পদার্থবিধৰ ব্যৱহাৰ বন্ধ কৰা।

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

প্রশ্ন ১। তলৰ কোনবিধ পদার্থ জীৱ নিম্নীকৰণ অযোগ্য –

(a) কাঠ।

(b) কাগজ।

(c) কপাহী কাপোৰ।

(d) প্লাষ্টিক।

উত্তৰঃ (d) প্লাষ্টিক।

প্রশ্ন ২। তলৰ কোনবিধ এটা কৃত্রিম পৰিৱেশতন্ত্র-

(a) বাগিছা।

(b) পুখুৰী।

(c) হ্রদ।

(d) অৰণ্য।

উত্তৰঃ (a) বাগিছা।

প্রশ্ন ৩। তলৰ কোনবিধ জীৱক উৎপাদক বুলিব পাৰি –

(a) বেক্টেৰিয়া।

(b) ভেঁকুৰ।

(c) নীল-সেউজ শেলাই।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) নীল-সেউজ শেলাই।

প্রশ্ন ৪। তলৰ কোনবিধ জীৱে বিয়োজকৰ ভূমিকা পালন কৰে –

(a) নীল-সেউজ শেলাই।

(b) বেক্টেৰিয়া।

(c) সেউজীয়া উদ্ভিদ।

(d) পৰজীৱী প্ৰাণী।

উত্তৰঃ (b) বেক্টেৰিয়া।

প্রশ্ন ৫। স্বপোষী জীৱ বা উৎপাদকবোৰ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত-

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ (a) প্রথম।

প্রশ্ন ৬। তৃণভোজী প্রাণী বা প্রাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত –

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ (b) দ্বিতীয়।

প্রশ্ন ৭। সৰু মাংসভোজী প্রাণী বা গৌণ উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত-

(a) প্রথম।

(b) দ্বিতীয়।

(c) তৃতীয়।

(d) চতুর্থ।

উত্তৰঃ (c) তৃতীয়।

প্রশ্ন ৮। চতুর্থ পৌষ্টিক স্তৰত তলৰ কোনবোধ প্ৰাণীক ৰখা হয়—

(a) স্বপোষী জীৱ।

(b) সৰু মাংসভোজী প্রাণী।

(c) ডাঙৰ মাংসভোজী প্রাণী।

(d) তৃণভোজী প্রাণী।

উত্তৰঃ (c) ডাঙৰ মাংসভোজী প্রাণী।

প্রশ্ন ৯। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰৰ কিমান শতাংশ শক্তিক আৱদ্ধ কৰি খাদ্য শক্তিলৈ পৰিবৰ্তন কৰে।

(a) 10%

(b) 1%

(c) 90%

(d) 100%

উত্তৰঃ (b) 1%

প্রশ্ন ১০। উপভোক্তাৰ এটা পৰ্যায়ৰ পৰা পৰৱৰ্তী পৰ্যায়লৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ’ল –

(a) 1%

(b) 20%

(c) 40%

(d) 10%

উত্তৰঃ (d) 10%

প্রশ্ন ১১। তলৰ কোনটো উপভোক্তাৰ এটা প্ৰকাৰ নহয়-

(a) প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণী।

(b) গৌণ উপভোক্তা বা সৰু মাংসভোজী প্রাণী।

(c) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাংসভোজী প্রাণী।

(d) স্বপোষী জীৱ।

উত্তৰঃ (d) স্বপোষী জীৱ।

প্রশ্ন ১২। তলৰ কোনবিধ জীৱৰ সংখ্যা পৰিৱেশতন্ত্ৰ এটাত আটাইতকৈ বেছি হয়—

(a) উৎপাদক।

(b) প্রাথমিক উপভোক্তা বা তৃণভোজী-প্রাণী।

(c) গৌণ উপভোক্তা বা সৰু মাংসভোজী প্রাণী।

(d) তৃতীয়ক উপভোক্তা বা ডাঙৰ মাসংভোজী প্রাণী।

উত্তৰঃ (a) উৎপাদক।

প্রশ্ন ১৩। অ’জন স্তৰৰ অৱক্ষয়ৰ বাবে তলৰ কোনবিধ পদাৰ্থ দায়ী-

(a) অক্সিজেন।

(b) অতি বেঙুনীয়া ৰশ্মি।

(c) ক্ল’ৰফ্ল’ৰ’ কাৰ্বন।

(d) হিলিয়াম।

উত্তৰঃ (c) ক্ল’ৰফ্ল’ৰ’ কাৰ্বন।

প্রশ্ন ১৪। তলৰ কোনবোৰ গোষ্ঠীত মাত্ৰ জীৱ নিম্নীকৰণযোগ্য বস্তু আছে?

(a) ঘাঁহ, ফুল আৰু চামৰা।

(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক।

(c) ফলৰ বাকলি, কেক আৰু নেমু ৰস।

(d) কেক, কাঠ আৰু ঘাঁহ।

উত্তৰঃ (a) ঘাঁহ, ফুল আৰু চামৰা।

প্রশ্ন ১৫। তলৰ কোনটোৱে এডাল খাদ্যশৃংখল গঠন কৰে?

(a) ঘাঁহ, ঘেঁহু, আৰু আম।

(b) ঘাঁহ, ছাগলী আৰু মানুহ।

(c) ছাগলী, গৰু আৰু হাতী।

(d) ঘাঁহ, মাছ আৰু ছাগলী।

উত্তৰঃ (b) ঘাঁহ, ছাগলী আৰু মানুহ।

প্রশ্ন ১৬। তলৰ কোনটো এটা পৰিৱেশ অনুকুল (Environment friendly) অনুশীলনী?

(a) বজাৰ কৰাৰ সময়ত কিনা সামগ্ৰী ৰাখিবলৈ কাপোৰৰ মোনা কঢ়িওৱা।

(b) অদৰকাৰী লাইট আৰু ফেন চুইচ অফ কৰা।

(c) তোমাৰ মাই স্কুটাৰেৰে তোমাক স্কুলত থোৱাৰ সলনি স্কুললৈ খোজ কাঢ়ি যোৱা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top