Class 10 Science MCQ Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 13 বিদ্যুৎ-প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 13 বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বিদ্যুৎ – প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া

Chapter – 13

পদার্থ বিজ্ঞান

Multiple Choice Questions & Answers

1. চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য–

(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে। 

(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। 

(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র। 

উত্তৰঃ (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

2. প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল–

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(d) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

3. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য—

(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম। 

(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা। 

(c) পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

(d) কুণ্ডলীত প্রবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তর্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে। 

উত্তৰঃ (c)পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

4. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—

(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান। 

(b) চৌম্বক ক্ষেত্ৰখনৰ মান। 

(c) পৰিবাহীৰ দৈৰ্ঘ্য।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

5. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল– 

(a) চৌম্বক ক্ষেত্ৰৰ দিশ।

(b) পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ দিশ।

(c) (a) আৰু (b) দুয়োটা। 

(d) (d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) (a) আৰু (b) দুয়োটা। 

6. চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল— 

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(d) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

7. কাষৰ চিত্ৰত এটা আলফা কণা (ধনাত্মক আধানযুক্ত) চৌম্বক ক্ষেত্ৰ এখনত লম্বভাবে সোমাইছে। আলফা কণাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব—

(a) সোঁফাললৈ।

(b) বাঁওফাললৈ।

(c) পৃষ্ঠাৰ বাহিৰলৈ।

(d) পৃষ্ঠাৰ ভিতৰলৈ।

উত্তৰঃ (c) পৃষ্ঠাৰ বাহিৰলৈ।

8. বৰ্তনীত প্ৰবাহৰ উপস্থিতি নিৰ্ণয় কৰা সঁজুলিবিধ হ’ল–

(a) গেলভেন’মিটাৰ।

(b) এমিটাৰ।

(c) ভল্টমিটাৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) গেলভেন’মিটাৰ।

9. চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল— 

(a) কুণ্ডলীৰ গতিৰ দিশ।

(b) চৌম্বক ক্ষেত্ৰৰ দিশ।

(c) (a) আৰু (b) দুয়োটা। 

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) (a) আৰু (b) দুয়োটা। 

10. চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্রবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল– 

(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(d) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

11. ভাৰতত পৰিবর্তী প্রবাহৰ কম্পনাংক হ’ল- 

(a) 25Hz

(b) 50Hz

(c) 100Hz

(d) 5Hz

উত্তৰঃ (b) 50Hz

12. ভাৰতত AC ৰ দিশ সলনি হয় প্রতি –

(a) 0.01 ছেকেণ্ডত।

(b) 0.02 ছেকেণ্ডত।

(c) 1 ছেকেণ্ডত।

(d) 5 ছেকেণ্ডত।

উত্তৰঃ (a) 0.01 ছেকেণ্ডত।

13. ভাৰতত সজীৱ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভৱভেদৰ মান— 

(a) 100V

(b) 200V

(c) 250V

(d) 220V

উত্তৰঃ (d) 220V

14. প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল— 

(a) কুণ্ডলীৰ মাজেৰে চালিত প্রবাহ।

(b) কুণ্ডলীৰ ব্যাসাৰ্দ্ধ।

(c) কুণ্ডলীৰ পাকৰ সংখ্যা।

(d) ওপৰৰ আটাইকেইটা। 

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা। 

15. এটা AC জেনেৰেটৰত ব্যৱহৃত হয়–

(a) দুটা শ্লিপ ৰিং।

(b) এটা ফলা আঙুঠি।

(c) (a) নাইবা (b) 

(d) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (a) দুটা শ্লিপ ৰিং।

16. এটা DC জেনেৰেটৰত ব্যৱহৃত হয়—

(a) দুটা শিল্প ৰিং।

(b) এটা ফলা আঙুঠি। 

(c) (a) নাইবা (b)

(d) ওপৰৰ এটাও নহয়। 

উত্তৰঃ (b) এটা ফলা আঙুঠি। 

17. তলৰ কোনটোৱে এটা বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তক হিচাপে কাম কৰে—  

(a) আয়তাকাৰ কুণ্ডলী।

(b) শিল্প ৰিং।

(c) ব্ৰাছ।

(d) ফলা আঙঠি। 

উত্তৰঃ (d) ফলা আঙঠি। 

18. এটা বৈদ্যুতিক মটৰত কুণ্ডলীত প্ৰবাহৰ দিশ সলনি হয় প্রতি—

(a) দুটা পাকৰ মূৰত।

(b) এটা পাকৰ মূৰত।

(c) আধা পাকৰ মূৰত।

(d) চাৰি পাকৰ মূৰত।

উত্তৰঃ (c) আধা পাকৰ মূৰত।

19. পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে চৌম্বক ক্ষেত্ৰ এখনত ৰখা প্রবাহযুক্ত পৰিবাহী এডালৰ ওপৰত প্ৰয়োগ হোৱা বল সর্বোচ্চ হ’ব? 

(a) 45°

(b) 90°

(c) 120°

(d) 180°

উত্তৰঃ (b) 90°

20. পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰৰ মাজৰ তলৰ কোনটো কোণৰ বাবে চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহী এডালত প্ৰয়োগ হোৱা বল শূন্য হ’ব?

(a) 45°

(b) 90°

(c) 60°

(d) 180°

উত্তৰঃ (d) 180°

21. কাষৰ চিত্ৰত দেখুওৱাৰ দৰে এটা আধানযুক্ত কণাই চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে প্ৰৱেশ কৰিছে। যদি চৌম্বক ক্ষেত্ৰত কণাটোৱে উলম্বভাৱে পৃষ্ঠাৰ পৰা বাহিৰলৈ গতি কৰে, তেন্তে কণাটোৰ আধানৰ প্রকৃতি—

(a) ধনাত্মক।

(b) ঋণাত্মক।

(c) কণাটো আধানহীন।

(d) ধনাত্মক নতুবা ঋণাত্মক।

উত্তৰঃ (a) ধনাত্মক।

22. এটা আধানযুক্ত কণাই চিত্ৰত দেখুওৱাৰ দৰে চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে প্ৰৱেশ কৰিছে। কণাটোৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ উলম্বভাৱে পৃষ্ঠাৰ ভিতৰলৈ হ’লে, কণাটোৰ আধানৰ প্ৰকৃতি—

(a) ধনাত্মক।

(b) ঋণাত্মক।

(c) কণাটো আধানহীন।

(d) ধনাত্মক নতুবা ঋণাত্মক।

উত্তৰঃ (b) ঋণাত্মক।

23. তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক মটৰ নিৰ্মাণ কৰা হয়?

(a) বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি।

(b) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(d) চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্রয়োগ হয়।

উত্তৰঃ (d) চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্রয়োগ হয়।

24. তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছে?

(a) বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি।

(b) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(d) চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল প্রয়োগ হয়।

উত্তৰঃ (a) বিদ্যুৎ-চুম্বকীয় আবেশৰ নীতি।

25. তলৰ কোনটো সঁজুলিয়ে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে? 

(a) বৈদ্যুতিক জেনেৰেটৰ।

(b) গেলভেন’মিটাৰ।

(c) বৈদ্যুতিক মটৰ।

(d) এমিটাৰ।

উত্তৰঃ (c) বৈদ্যুতিক মটৰ।

26. তলৰ কোনটো সঁজুলিয়ে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে? 

(a) বৈদ্যুতিক জেনেৰেটৰ।

(b) গেলভেন’মিটাৰ।

(c) বৈদ্যুতিক মটৰ।

(d) এমিটাৰ।

উত্তৰঃ (a) বৈদ্যুতিক জেনেৰেটৰ।

27. চৌম্বক ক্ষেত্ৰ আৰু চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাৰ গতিৰ দিশৰ মাজৰ তলৰ কোনটো কোণৰ বাবে কুণ্ডলীত আৱিষ্ট প্রবাহ সর্বোচ্চ হয়?

(a) 60°

(b) 90°

(c) 45°

(d) 180º

উত্তৰঃ (b) 90°

28. ঘৰুৱা বৰ্তনীত তলৰ কোনটো এটা সুৰক্ষামূলক ব্যৱস্থা হিচাপে ব্যৱহাৰ হয় যাতে সঁজুলিৰ ধাতব শৰীৰলৈ নিঃসৰিত প্রবাহে ব্যৱহাৰ কৰাজনক প্রচণ্ড বৈদ্যুতিক আঘাত নিদিয়ে–

(a) সজীৱ তাঁৰ।

(b) উদাসীন তাঁৰ।

(c) ফিউজ।

(d) ভূমি সংলগ্ন তাঁৰ।

উত্তৰঃ (d) ভূমি সংলগ্ন তাঁৰ।

29. হ্রস্ব বর্তনী বা অভাৰলোডিং হোৱাৰ পৰা বৰ্তনীসমূহক সুৰক্ষা দিবলৈ ঘৰুৱা বৰ্তনীত তলৰ কোনটো সুৰক্ষামূলক ব্যৱস্থা লোৱা হয়? 

(a) সজীৱ তাৰ।

(b) উদাসীন তাঁৰ।

(c) ফিউজ।

(d) ভূমি সংলগ্ন তাঁৰ।

উত্তৰঃ (c) ফিউজ।

30. এটা বৈদ্যুতিক মটৰত ব্যৱহাৰ হয়— 

(i) স্থায়ী চুম্বক।

(ii) এটা ঘূর্ণায়মান কুণ্ডলী। 

(iii) দুটা পূর্ণ আঙুঠি।

(iv) এটা ফলা আঙুঠি।

শুদ্ধ উত্তৰটো হ’ল –

(a) (i), (ii), (iii)

(b) (i), (ii)

(c) কেৱল (iv) 

(d) (i), (ii), (iv)

উত্তৰঃ (d) (i), (ii), (iv)

31. এটা AC জেনেৰেটৰত ব্যৱহাৰ হয়—

(i) ঘূর্ণায়মান কুণ্ডলী।

(ii) স্থায়ী চুম্বক।

(iii) ব্ৰাছ। 

(iv) ফলা আঙুঠি। 

শুদ্ধ উত্তৰটো হ’ল— 

(a) (i), (ii)

(b) (i), (ii), (iv)

(c) (i), (ii), (iii) 

(d) (i), (ii),(iii), (iv)

উত্তৰঃ (c) (i), (ii), (iii) 

32. এটা DC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়? 

(a) ফলা আঙুঠি।

(b) দু’টা সম্পূর্ণ আঙুঠি।

(c) ব্ৰাছ। 

(d) চুম্বক।

উত্তৰঃ (b) দু’টা সম্পূর্ণ আঙুঠি।

33. এটা AC জেনেৰেটৰত তলৰ কোনটো ব্যৱহৃত নহয়? 

(a) ফলা আঙুঠি।

(b) দুটা সম্পূর্ণ আঙুঠি।

(c) ব্ৰাছ।

(d) চুম্বক।

উত্তৰঃ (a) ফলা আঙুঠি ।

34. এটা বাণিজ্যিক মটৰত তলৰ কোনটো ব্যৱহৃত নহয়? 

(a) বৃহৎ সংখ্যক পাকৰ কুণ্ডলী।

(b) স্থায়ী চুম্বক।

(c) আৰ্মেচাৰ।

(d) ব্ৰাছ।

উত্তৰঃ (b) স্থায়ী চুম্বক।

35. চিত্ৰত দেখুওৱাৰ দৰে এটা ইলেক্ট্রন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে। ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ’ব–

(a) সোঁফাললৈ।

(b) বাঁওফাললৈ।

(c) পৃষ্ঠাৰ বাহিৰলৈ। 

(d) পৃষ্ঠাৰ ভিতৰলৈ।

উত্তৰঃ (d) পৃষ্ঠাৰ ভিতৰলৈ।

Very Short & Short Type Questions and Answers

1. চৌম্বক ক্ষেত্র কাক বোলে? 

উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, তাক চুম্বকডালৰ চৌম্বক ক্ষেত্ৰ বোলা হয়। 

2. চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা কি? 

উত্তৰঃ এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে গতি কৰা পথসমূহ নির্দেশ কৰা ৰেখাবোৰক চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা বোলা হয়।

3. চৌম্বক ক্ষেত্ৰ এখনৰ কোনো বিন্দুত চৌম্বক দিশ কেনেদৰে নিৰ্ণয় কৰা হয়? 

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত ৰখা দিগদর্শন যন্ত্ৰৰ কাঁটাৰ উত্তৰ মেৰুটোৱে নিৰ্দেশ কৰা দিশকেই উক্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ হিচাপে গণ্য কৰা হয়। 

4. চৌম্বক বলৰেখাবোৰ কিয় বন্ধ বক্র? 

উত্তৰঃ কাৰণ, চুম্বক এডালৰ বহিৰ্ভাগত চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে। আনহাতে চুম্বকডালৰ অন্তৰ্ভাগত এই চৌম্বক বলৰেখাবোৰৰ দিশ চুম্বকৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়। সেইবাবে চৌম্বক বলৰেখাবোৰক বন্ধ বক্ৰ বুলি গণ্য কৰা হয়।

5. প্রবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে? 

উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত। 

6. প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম কি? 

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি৷

7. প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক বলৰেখাৰ অৱয়ব/ আৰ্হি কেনেকুৱা?

উত্তৰঃ প্ৰবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক বলৰেখাসমূহ পৰিবাহীডালক কেন্দ্ৰ কৰি সৃষ্টি হোৱা ঐককেন্দ্রিক বৃত্ত। এই বৃত্তসমূহ থকা সমতলখনৰ লম্বভাৱে আৰু বৃত্তসমূহৰ উমৈহতীয়া কেন্দ্ৰটোৰ মাজেৰে পৰিবাহীডাল পাৰ হৈ যায়।

8. প্রবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ কোনো প্ৰদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্য কেনেদৰে সলনি হ’ব যদি পৰিবাহীৰ মাজেৰে চালিত প্রবাহৰ মান বঢ়োৱা হয়?

উত্তৰঃ প্ৰদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্যৰ মানো বাঢ়িব। 

9. পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্ৰদত্ত প্রবাহে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰৰ মান কেনেদৰে হ’ব?

উত্তৰঃ দূৰত্ব বঢ়াৰ লগে লগে চৌম্বক ক্ষেত্ৰৰ মান কমি যাব। 

10. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সুষম। 

11. এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সমান্তৰাল সৰলৰেখা।

 12. এখন সুষম চৌম্বক ক্ষেত্রই কি বুজায়?

 উত্তৰঃ এখন সুষম চৌম্বক ক্ষেত্রই বুজায় যে চৌম্বক ক্ষেত্ৰখনৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰৰ প্রাবল্য একে।

13. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাত পাকৰ সংখ্যা বঢ়ালে ইয়াৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান কিয় বাঢ়ে?

উত্তৰঃ কাৰণ, কুণ্ডলীৰ প্ৰতিটো বৃত্তাকাৰ পাকৰ মাজেৰে প্ৰবাহ একেটা দিশত বয় আৰু সেয়ে প্ৰতিটো পাকৰ বাবে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানবোৰৰ যোগফলে কুণ্ডলীৰ অন্তৰ্ভাগৰ মুঠ চৌম্বক ক্ষেত্ৰৰ মান দিয়ে।

14. প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাসমূহক কিয় সমান্তৰাল সৰলৰেখা হিচাপে পোৱা যায়?

উত্তৰঃ কাৰণ প্ৰবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ প্ৰতিটো বিন্দুৰ চৌপাশে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰক নিৰ্দেশ কৰা ঐককেন্দ্ৰিক বৃত্তবোৰ পৰিবাহীৰ পৰা আঁতৰি গৈ থাকিলে ক্ৰমান্বয়ে ডাঙৰ হৈ যায়। যেতিয়া আমি বৃত্তাকাৰ কুণ্ডলীটোৰ কেন্দ্ৰত উপনীত হ’ম, তেতিয়া এই ডাঙৰ বৃত্তবোৰৰ চাপবোৰ সৰলৰেখাৰ ৰূপত দেখা যাব।

15. বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত হ’লৈ সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবোৰ অংকন কৰা।

উত্তৰঃ

16. চলেনইড কি?  

উত্তৰঃ চুঙা এটাৰ আকৃতিত ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকযুক্ত কুণ্ডলীক চ’লেনইড বোলে।

17. চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সুষম। 

18. চ’লেনইডৰ এটা ব্যৱহাৰ লিখা। 

উত্তৰঃ কোমল লোৰ দৰে চৌম্বক পদাৰ্থৰ টুকুৰা এটা চ’লেনইডৰ অন্তৰ্ভাগত ৰাখি তাক চলেনইডৰ অন্তৰ্ভাগৰ শক্তিশালী চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক বিদ্যুৎ চুম্বক বোলে।

19. বিদ্যুৎ-চুম্বক কি?

উত্তৰঃ কোমল লোৰ দৰে চৌম্বক পদাৰ্থৰ টুকুৰা এটা চ’লেনইডৰ অন্তৰ্ভাগত ৰাখি তাক চ’লেনইডৰ অন্তৰ্ভাগৰ শক্তিশালী চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰি। এনেদৰে প্ৰস্তুত কৰা চুম্বকক বিদ্যুৎ চুম্বক বোলে। 

20. ফ্লেমিঙৰ বাঁওহতীয়া নীতিৰ পৰা আমি কি জানিব পাৰো? 

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখন ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্রয়োগ হোৱা বলৰ দিশ। 

21. প্রবাহযুক্ত পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা কেইটামান সঁজুলিৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক মটৰ, বৈদ্যুতিক জেনেৰেটৰ, স্বৰবৰ্দ্ধক (loud speaker), মাইক্ৰ’ফ’ন আৰু জোখ- মাখৰ সঁজুলি। 

22. বৈদ্যুতিক মটৰ কি? 

উত্তৰঃ বৈদ্যুতিক মটৰ হ’ল এনে এক সঁজুলি যিয়ে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে।  

23. দিক পৰিবর্তক কি?

উত্তৰঃ দিক পৰিবৰ্তক হ’ল এনে এবিধ সঁজুলি যিয়ে বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে।

24. বৈদ্যুতিক মটৰত দিক পৰিবৰ্তকৰ কাম কোনে কৰে? 

উত্তৰঃ ফলা আঙুঠি (স্প্লিট ৰিং) এটাই ৷

25. আৰ্মেছাৰ কি? 

উত্তৰঃ বাণিজ্যিক মটৰত কোমল লোৰ মজ্জা এটাত অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা পকাই ৰখা হয়। কোমল লোৰ মজ্জা আৰুকুণ্ডলী দুয়োটাক একেলগে আৰ্মেছাৰ বোলে।

26. বিদ্যুৎ-চুম্বকীয় আবেশ কি? 

উত্তৰঃ পৰিবাহী কুণ্ডলী এটাৰ মাজেৰে পাৰ হৈ যোৱা চৌম্বক বলৰেখাৰ সংখ্যাৰ সলনিয়ে কুণ্ডলীটোত এক আবিষ্ট বিভৱভেদৰ সৃষ্টি কৰে, যিয়ে কুণ্ডলীটোত এক আৱিষ্ট প্ৰবাহৰ সৃষ্টি কৰে। এই পৰিঘটনাক বিদ্যুৎ-চুম্বকীয় আৱেশ বোলে। 

27. গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্রবাহ উৎপাদনৰ কৌশল আৱিষ্কাৰ কৰা বিজ্ঞানীগৰাকী কোন আছিল?

উত্তৰঃ মাইকেল ফাৰাডে।

28. ফ্লেমিঙৰ সোঁহতীয়া নীতিয়ে কি দিয়ে?

উত্তৰঃ চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ।

29. চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট প্রবাহ কেতিয়া সর্বোচ্চ হয়?

উত্তৰঃ যেতিয়া কুণ্ডলীৰ গতিৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয়।

30. বৈদ্যুতিক জেনেৰেটৰ কি? 

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল এনে এক সঁজুলি যিয়ে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

31. বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰ মূল পার্থক্য কি? 

উত্তৰঃ বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বিপৰীতে বৈদ্যুতিক জেনেৰটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

32. পৰিবৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মূল পার্থক্য কি?

উত্তৰঃ পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত দুটা শিল্প ৰিং (slip ring) ব্যৱহাৰ হোৱাৰ বিপৰীতে প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক (ফলা আঙঠি) ব্যৱহাৰ কৰা হয়। 

33. প্রত্যক্ষ প্রবাহ কি? 

উত্তৰঃ যি প্রবাহে সময়ৰ লগে লগে নিজৰ দিশ সলনি নকৰে, তাক প্ৰত্যক্ষ বা একমুখী প্রবাহ বোলে।

34. পৰিৱৰ্তী প্রবাহ কি? 

উত্তৰঃ যি প্রবাহে এক নিৰ্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰে, তাক পৰিৱৰ্তী প্রবাহ বোলে।

35. ভাৰতত AC য়ে এক ছেকেণ্ডত কিমানবাৰ দিশ সলনি কৰে? 

উত্তৰঃ 100 বাৰ। 

36. DC (প্ৰত্যক্ষ প্রবাহ)ৰ তুলনাত AC (পৰিৱৰ্তী প্রবাহ)ৰ এটা উল্লেখযোগ্য সুবিধা লিখা।

উত্তৰঃ DC ৰ তুলনাত AC ক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ দূৰ-দূৰণিলৈ সঞ্চালিত কৰিব পাৰি।

37. এটা AC জেনেৰেটৰক কেনেদৰে DC জেনেৰেটৰলৈ ৰূপান্তৰিত কৰিব পাৰি? 

উত্তৰঃ এটা AC জেনেৰেটৰত ব্যৱহাৰ হোৱা শিপ ৰিং দুটাৰ সলনি দিক পৰিৱৰ্তক হিচাপে এটা ফলা আঙুঠি ব্যৱহাৰ কৰি AC জেনেৰটৰক DC জেনেৰেটলৈ ৰূপান্তৰিত কৰিব পাৰি। এই ব্যৱস্থাত এডাল ব্ৰাছ ক্ষেত্ৰখনত ওপৰলৈ উঠা বাহুটোৰ লগত সকলো সময়তে সংযোগত ৰখা হয় আৰু আনডাল ব্ৰাছ তললৈ গতি কৰা বাহুটোৰ লগত অনবৰতে সংযোজিত হৈ থাকে।

38. বৈদ্যুতিক মটৰত ব্ৰাছৰ কাম কি? 

উত্তৰঃ বৈদ্যুতিক মটৰত ব্ৰাছ দুডালৰ কাম হ’ল বাহ্যিক বৰ্তনীৰ প্ৰবাহক ঘূর্ণায়মান আয়তাকাৰ কুণ্ডলীটোলৈ কঢ়িয়াই নিয়া ৷

39. বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম কি?

 উত্তৰঃ বেদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম হ’ল চৌম্বক ক্ষেত্ৰত ঘূর্ণায়মান আয়তাকাৰ কুণ্ডলীটোত আবিষ্ট হোৱা প্ৰবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা।

40. বৈদ্যুতিক জেনেৰেটৰত শিল্প ৰিং দুটাৰ কাম কি? 

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰত শিল্প ৰিং দুটা আয়তাকাৰ কুণ্ডলীটোৰ একোটা বাহুৰ লগত অনবৰতে সংযোজিত হৈ থাকে। ইয়াৰ বাবে কুণ্ডলীৰ ঘূৰ্ণনৰ বাবে উৎপন্ন হোৱা আবিষ্ট প্ৰবাহৰ পৰিৱর্তী প্রকৃতি অক্ষুণ্ণ থাকে।

41. ঘৰুৱা বৰ্তনীত ব্যবহৃত তিনি প্ৰকাৰৰ তাঁৰ কি কি? 

উত্তৰঃ সজীৱ তাঁৰ (ৰঙা ৰঙৰ অন্তৰণৰ আচ্ছাদন বিশিষ্ট) বা ধনাত্মক তাঁৰ, উদাসীন তাঁৰ (ক’লা ৰঙৰ অন্তৰণৰ অচ্ছাদনবিশিষ্ট) বা ঋণাত্মক তাঁৰ আৰু ভূমি সংলগ্ন তাঁৰ (সেউজীয়া ৰঙৰ অন্তৰণৰ আচ্ছাদনবিশিষ্ট)।

42. ভূমি সংযোগী তাঁৰ কি?

উত্তৰঃ ঘৰুৱা বৰ্তনীত ব্যৱহৃত ই এডাল সেউজীয়া ৰঙৰ অন্তৰণ বিশিষ্ট তাঁৰ, যাক সঁজুলিৰ ধাতৱ শৰীৰৰ লগত সংযোগ কৰি মাটিৰ যথেষ্ট তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়।

43. হ্রস্ববর্তনী কি? 

উত্তৰঃ সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটিলে বৰ্তনীৰ বোজা অত্যধিক হয়। এনে অৱস্থাত বৰ্তনীৰ প্রবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াকে হ্রস্ববর্তনী বোলে।

44. বৰ্তনীৰ বোজা অত্যধিক হোৱা বা অভাৰলোডিং (Overloading) মানে কি বুজা? 

উত্তৰঃ ভিন ভিন কাৰণত বর্তনী এটাত নিৰ্ধাৰিত মানতকৈ অধিক উচ্চ মানৰ প্ৰবাহ চালিত হ’লে বৰ্তনীৰ বোজা অত্যধিক হোৱা বুলি কোৱা হয়। 

45. প্রবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ আকৃতি কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ পৰিবাহীৰ আকৃতি।

46. আমাৰ ঘৰত গীজাৰ, বায়ু-শীতলীকৰণ যন্ত্র আদিৰ দৰে উচ্চ ক্ষমতাৰ সঁজুলিৰ বাবে আৰু বাল্ব, ফেন আদি কম ক্ষমতাৰ সঁজুলিৰ বাবে ব্যৱহাৰ হোৱা পৃথক বর্তনী দুটাৰ প্ৰবাহৰ নিৰিখ কি?

উত্তৰঃ ক্ৰমে 15A আৰু 5A

47. চ’লেনইডৰ সহায়ত স্থায়ী বিদ্যুৎ-চুম্বক কেনেদৰে তৈয়াৰ কৰিব পাৰি? 

উত্তৰঃ প্ৰবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগত মজ্জা হিচাপে কোমল লোৰ সলনি কঠিন তীখাৰ টুকুৰা ৰাখিলে ই স্থায়ী বিদ্যুৎ চুম্বকলৈ পৰিণত হয়।

48. কোন গৰাকী বিজ্ঞানীয়ে আবিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়? 

উত্তৰঃ হান্স খ্রিষ্টিয়ান অ’ৰষ্টেডে। 

49. ভাৰতত কিমান সময়ৰ মূৰে মূৰে পৰিৱৰ্তী প্ৰবাহ (AC) ৰ দিশ সলনি হয়? 

উত্তৰঃ প্ৰতি 1/100 ছেকেণ্ড বা 0.01 ছেকেণ্ডৰ মূৰে মুৰে।

50. ভাৰতত AC ৰ কম্পনাংক কিমান? 

উত্তৰঃ 50 হাৰ্টজ। 

51. আমাৰ দেশত সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ কিমান?

উত্তৰঃ 220 ভল্ট।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। কোন গৰাকী বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল যে ধাতুৰ পৰিবাহীৰ মাজেৰে প্ৰবাহ চালিত হ’লে ইয়াৰ চাৰিওফালে এখন চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়?

উত্তৰঃ হান্স খ্রিষ্টিয়ান অ’ৰষ্টেডে।

প্রশ্ন ২। চৌম্বক ক্ষেত্র কাক বোলে?

উত্তৰঃ চুম্বক এডালৰ চাৰিওফালৰ যি অঞ্চলত চুম্বকডালৰ বল অনুভূত হয়, তাক চুম্বকডালৰ চৌম্বক ক্ষেত্র বোলা হয়।

প্রশ্ন ৩। চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা কি?

উত্তৰঃ এখন চৌম্বক ক্ষেত্ৰত মুক্তভাৱে বিচৰণ কৰিব পৰা এটা কাল্পনিক উত্তৰ মেৰুৱে গতি কৰা পথসমূহ নিৰ্দেশ কৰা ৰেখাবোৰক চৌম্বক ক্ষেত্ৰৰেখা বা বলৰেখা বোলা হয়।

প্রশ্ন ৪। চৌম্বক ক্ষেত্ৰ এখনৰ কোনো বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ কেনেদৰে নিৰ্ণয় কৰা হয়?

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত ৰখা দিগদর্শন যন্ত্ৰৰ কাঁটাৰ উত্তৰ মেৰুটোৱে নিৰ্দেশ কৰা দিশকেই উক্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ দিশ হিচাপে গণ্য কৰা হয়।

প্রশ্ন ৫। প্রবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত।

প্রশ্ন ৬। প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ হোৱা নীতিটোৰ নাম কি?

উত্তৰঃ সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি। 

প্রশ্ন ৭। প্রবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ কোনো প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্য কেনেদৰে সলনি হ’ব যদি পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ মান বঢ়োৱা হয়?

উত্তৰঃ প্রদত্ত বিন্দুত চৌম্বক ক্ষেত্ৰৰ প্রাবল্যৰ মানো বাঢ়িব।

প্রশ্ন ৮। পৰিবাহীৰ পৰা দূৰত্ব বঢ়াৰ লগে লগে কোনো পৰিবাহীৰ প্ৰদত্ত প্রবাহে সৃষ্টি কৰা চৌম্বক ক্ষেত্ৰৰ মান কেনেদৰে সলনি হ’ব?

উত্তৰঃ দূৰত্ব বঢ়াৰ লগে লগে চৌম্বক ক্ষেত্ৰৰ মান কমি যাব।

প্রশ্ন ৯। প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলী এটাৰ কেন্দ্ৰত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সুষম।

প্রশ্ন ১০। এখন সুষম চৌম্বক ক্ষেত্ৰৰ বাবে চৌম্বক বলৰেখাবোৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সমান্তৰাল সৰলৰেখা।

প্রশ্ন ১১। এখন সুষম চৌম্বক ক্ষেত্ৰই কি বুজায়?

উত্তৰঃ এখন সুষম চৌম্বক ক্ষেত্রই বুজায় যে চৌম্বক ক্ষেত্ৰখনৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰৰ প্রাবল্য একে।

প্রশ্ন ১২। চ’লেনইড কি?

উত্তৰঃ চুঙা এটাৰ আকৃতিত ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকযুক্ত কুণ্ডলীক চ’লেনইড বোলে।

প্রশ্ন ১৩। চ’লেনইডৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ প্ৰকৃতি কেনেকুৱা?

উত্তৰঃ সুষম।

প্রশ্ন ১৪। চ’লেনইডৰ সহায়ত স্থায়ী বিদ্যুৎ-চুম্বক কেনেদৰে তৈয়াৰ কৰিব পাৰি?

উত্তৰঃ প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাগত মজ্জা হিচাপে কোমল লোৰ সলনি কঠিন তীখাৰ টুকুৰা ৰাখিলে ই স্থায়ী বিদ্যুৎ চুম্বকলৈ পৰিণত হয়।

প্রশ্ন ১৫। ফ্লেমিঙৰ বাঁওহতীয়া নীতিৰ পৰা আমি কি জানিব পাৰো?

উত্তৰঃ চৌম্বক ক্ষেত্ৰ এখন ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ।

প্রশ্ন ১৬। প্রবাহযুক্ত পৰিবাহী আৰু চৌম্বক ক্ষেত্ৰ ব্যৱহাৰ কৰা কেইটামান সঁজুলিৰ নাম লিখা।

উত্তৰঃ বৈদ্যুতিক মটৰ, বৈদ্যুতিক জেনেৰেটৰ, স্বৰবৰ্দ্ধক (loud speaker), মাইক্ৰ’ফ’ন আৰু জোখ-মাখৰ সঁজুলি।

প্রশ্ন ১৭। বৈদ্যুতিক মটৰ কি?

উত্তৰঃ বৈদ্যুতিক মটৰ হ’ল এনে এক সঁজুলি যিয়ে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন ১৮। দিক পৰিবৰ্তক কি?

উত্তৰঃ দিক পৰিবৰ্তক হ’ল এনে এবিধ সঁজুলি যিয়ে বৰ্তনীত প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে।

প্রশ্ন ১৯। বৈদ্যুতিক মটৰত দিক পৰিবৰ্তৰ্কৰ কাম কোনে কৰে?

উত্তৰঃ ফলা আঙুঠি (স্প্লিট ৰিং) এটাই।

প্রশ্ন ২০। আর্মেছাৰ কি?

উত্তৰঃ বাণিজ্যিক মটৰত কোমল লোৰ মজ্জা এটাত অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা পকাই ৰখা হয়। কোমল লোৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আৰ্মেছাৰ বোলে।

প্রশ্ন ২১। গতিশীল চুম্বকৰ পৰা বিদ্যুৎ প্রবাহ উৎপাদনৰ কৌশল আৱিষ্কাৰ কৰা বিজ্ঞানীগৰাকী কোন আছিল?

উত্তৰঃ মাইকেল ফাৰাডে।

প্রশ্ন ২২। ফ্লেমিঙৰ সোঁহতীয়া নীতিয়ে কি দিয়ে?

উত্তৰঃ চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ।

প্রশ্ন ২৩। চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট প্রবাহ কেতিয়া সর্বোচ্চ হয়?

উত্তৰঃ যেতিয়া কুণ্ডলীৰ গতিৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয়।

প্রশ্ন ২৪। বৈদ্যুতিক জেনেৰেটৰ কি?

উত্তৰঃ বৈদ্যুতিক জেনেৰেটৰ হ’ল এনে এক সঁজুলি যিয়ে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন ২৫। বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনেৰেটৰৰ মূল পার্থক্য কি?

উত্তৰঃ বৈদ্যুতিক মটৰে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰিত কৰাৰ বিপৰীতে বৈদ্যুতিক জেনেৰটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে।

প্রশ্ন ২৬। পৰিৱৰ্তী প্রবাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্রবাহ জেনেৰেটৰৰ মূল পার্থক্য কি?

উত্তৰঃ পৰিৱৰ্তী প্রবাহ জেনেৰেটৰত দুটা শিল্প ৰিং (slip ring) ব্যৱহাৰ হোৱাৰ বিপৰীতে প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিৱৰ্তক (ফলা আঙঠি) ব্যৱহাৰ কৰা হয়।

প্রশ্ন ২৭। প্রত্যক্ষ প্রবাহ কি?

উত্তৰঃ যি প্ৰবাহে সময়ৰ লগে লগে নিজৰ দিশ সলনি নকৰে, তাক প্রত্যক্ষ বা একমুখী প্রবাহ বোলে।

প্রশ্ন ২৮। পৰিৱৰ্তী প্রবাহ কি?

উত্তৰঃ যি প্রবাহে এক নির্দিষ্ট সময়ৰ ব্যৱধানত দিশ সলনি কৰে, তাক পৰিৱৰ্তী প্রবাহ বোলে।

প্রশ্ন ২৯। ভাৰতত কিমান সময়ৰ মূৰে মূৰে পৰিৱৰ্তী প্রবাহ (AC) ৰ দিশ সলনি হয়?

উত্তৰঃ প্রতি 1/100 ছেকেণ্ড বা 0.01 ছেকেণ্ডৰ মূৰে মূৰে।

প্রশ্ন ৩০। ভাৰতত AC ৰ কম্পনাংক কিমান?

উত্তৰঃ 50 হার্টজ।

প্রশ্ন ৩১। ভাৰতত AC য়ে এক ছেকেণ্ডত কিমানবাৰ দিশ সলনি কৰে?

উত্তৰঃ 100 বাৰ।

প্রশ্ন ৩২। DC (প্রত্যক্ষ প্রবাহ)ৰ তুলনাত AC (পৰিৱৰ্তী প্রবাহ)ৰ এটা উল্লেখযোগ্য সুবিধা লিখা।

উত্তৰঃ DC ৰ তুলনাত AC ক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ দূৰ-দূৰণিলৈ সঞ্চালিত কৰিব পাৰি।

প্রশ্ন ৩৩। বৈদ্যুতিক মটৰত ব্ৰাছৰ কাম কি?

উত্তৰঃ বৈদ্যুতিক মটৰত ব্ৰাছ দুডালৰ কাম হ’ল বাহ্যিক বৰ্তনীৰ প্ৰবাহক ঘূর্ণায়মান আয়তাকাৰ কুণ্ডলীটোলৈ কঢ়িয়াই নিয়া।

প্রশ্ন ৩৪। বৈদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম কি?

উত্তৰঃ বেদ্যুতিক জেনেৰেটৰত ব্ৰাছৰ কাম হ’ল চৌম্বক ক্ষেত্ৰত ঘূর্ণায়মান আয়তাকাৰ কুণ্ডলীটোত আৱিষ্ট হোৱা প্ৰবাহক তলৰ বাহ্যিক বর্তনীটোলৈ কঢ়িয়াই অনা। 

প্রশ্ন ৩৫। আমাৰ দেশত সজীৱ তাঁৰ আৰু উদাসীন তাঁৰৰ মাজৰ বিভৱভেদ কিমান?

উত্তৰঃ 220 ভল্ট।

প্রশ্ন ৩৬। আমাৰ ঘৰত গীজাৰ, বায়ু-শীতলীকৰণ যন্ত্র আদিৰ দৰে উচ্চ ক্ষমতাৰ সঁজুলিৰ বাবে আৰু বাল্ব, ফেন আদি কম ক্ষমতাৰ সঁজুলিৰ বাবে ব্যৱহাৰ হোৱা পৃথক বৰ্তনী দুটাৰ প্ৰবাহৰ নিৰিখ কি?

উত্তৰঃ ক্ৰমে 15A আৰু 5A।

প্রশ্ন ৩৭। হ্রস্ববর্তনী কি?

উত্তৰঃ সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্ছিত সংযোগ ঘটিলে বৰ্তনীৰ বোজা অত্যধিক হয়। এনে অৱস্থাত বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াকে হ্রস্ববর্তনী বোলে।

প্রশ্ন ৩৮। বৰ্তনীৰ বোজা অত্যধিক হোৱা বা অভাৰলোডিং (Overloading) মানে কি বুজা?

উত্তৰঃ ভিন ভিন কাৰণত বৰ্তনী এটাত নিৰ্ধাৰিত মানতকৈ অধিক উচ্চ মানৰ প্ৰবাহ চালিত হ’লে বৰ্তনীৰ বোজা অত্যধিক হোৱা বুলি কোৱা হয়। 

বিকল্পীধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১। কোনগৰাকী বিজ্ঞানীয়ে পোন প্ৰথমবাৰ দেখুৱাইছিল যে প্রবাহযুক্ত পৰিবাহীয় চুম্বকত্ব প্ৰদৰ্শন কৰে –

(a) ফাৰাডে।

(b) এম্পিয়াৰ।

(c) লৰেণ্টজ।

(d) অৰষ্টেড।

উত্তৰঃ (d) অৰষ্টেড।

প্রশ্ন ২। চৌম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি অসত্য-

(a) দুডাল চৌম্বক বলৰেখাই কেতিয়াও কটাকটি কৰিব নোৱাৰে।

(b) চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত প্ৰৱেশ কৰে।

(c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

(d) চৌম্বক বলৰেখাবোৰ কিছুমান বন্ধ বক্র।

উত্তৰঃ (c) চুম্বকৰ অন্তৰ্ভাগত চৌম্বক বলৰেখাৰ দিশ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ।

প্রশ্ন ৩। প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন হোৱা চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰে—

(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মানৰ ওপৰত।

(b) পৰিবাহীৰ পৰা দূৰত্বৰ ওপৰত৷

(c) (a) আৰু (b) দুয়োটা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।

প্রশ্ন ৪। প্রবাহযুক্ত পোন পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এনে ক্ষেত্ৰত চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰিবলৈ ব্যৱহৃত নীতিটো হ’ল-

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

প্রশ্ন ৫। উলম্বভাৱে ৰখা পোন পৰিবাহী এডালত প্রবাহ ওপৰৰ পৰা তলফাললৈ বৈছে। পৰিবাহীৰ চাৰিওফালে উৎপন্ন চৌম্বক ক্ষেত্ৰৰ দিশ হ’ব—

(a) তললৈ।

(b) ওপৰলৈ।

(c) ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত।

(d) ঘড়ীৰ কাঁটাৰ দিশত।

উত্তৰঃ (d) ঘড়ীৰ কাঁটাৰ দিশত।

প্রশ্ন ৬। প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীয়ে উৎপন্ন কৰা চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য-

(a) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক ক্ষেত্র সুষম।

(b) কুণ্ডলীৰ কেন্দ্ৰত চৌম্বক বলৰেখাবোৰ সৰলৰেখা৷

(c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

(d) কুণ্ডলীত প্ৰবাহৰ মান বঢ়ালে কুণ্ডলীৰ অন্তৰ্ভাৰ্গত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মানো বাঢ়ে।

উত্তৰঃ (c) কুণ্ডলীৰ পাকৰ সংখ্যা বঢ়ালেও কুণ্ডলীৰ অন্তৰ্ভাগত চৌম্বক ক্ষেত্ৰৰ মান একে থাকে।

প্রশ্ন ৭। চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ মান তলৰ কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে—

(a) পৰিবাহীৰ মাজেৰে যোৱা প্ৰবাহৰ মান।

(b) চৌম্বক ক্ষেত্ৰখনৰ মান।

(c) পৰিবাহীৰ দৈৰ্ঘ্য।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন ৮। চৌম্বক ক্ষেত্ৰত ৰখা প্রবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল-

(a) চৌম্বক ক্ষেত্ৰৰ দিশ।

(b) পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশ।

(c) (a) আৰু (b) দুয়োটা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।

প্রশ্ন ৯। চৌম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—

(a) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(b) ফ্লেমিঙৰ বাঁহতীয়া নীতি।

(c) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) ফ্লেমিঙৰ বাঁহতীয়া নীতি।

প্রশ্ন ১০। কাষৰ চিত্ৰত এটা আলফা কণা (ধনাত্মক আধানযুক্ত) চৌম্বক ক্ষেত্ৰ এখনত লম্বভাৱে সোমাইছে। আলফা কণাৰ ওপৰত ক্রিয়া কৰা বলৰ দিশ হ’ব—

(a) সোঁফাললৈ।

(b) বাঁওফাললৈ।

(c) পৃষ্ঠাৰ বাহিৰলৈ।

(d) পৃষ্ঠাৰ ভিতৰলৈ।

উত্তৰঃ (c) পৃষ্ঠাৰ বাহিৰলৈ।

প্রশ্ন ১১। বৰ্তনীত প্ৰবাহৰ উপস্থিতি নির্ণয় কৰা সঁজুলিবিধ হ’ল—

(a) গেলভেন’মিটাৰ।

(b) এমিটাৰ।

(c) ভল্টমিটাৰ।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) গেলভেন’মিটাৰ।

প্রশ্ন ১২। চৌম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নিৰ্ভৰ কৰা কাৰকটো হ’ল—

(a) কুণ্ডলীৰ গতিৰ দিশ।

(b) চৌম্বক ক্ষেত্ৰৰ দিশ।

(c) (a) আৰু (b) দুয়োটা।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (c) (a) আৰু (b) দুয়োটা।

প্রশ্ন ১৩। চৌম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আৱিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ’ল—

(a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

(b) ফ্লেমিঙৰ বাঁওহতীয়া নীতি।

(c) সোঁহাতৰ বুঢ়া আঙুলিৰ নীতি।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) ফ্লেমিঙৰ সোঁহতীয়া নীতি।

প্রশ্ন ১৪। ভাৰতত পৰিৱৰ্তী প্ৰবাহৰ কম্পনাংক হ’ল—

(a) 25Hz

(b) 50Hz

(c) 100Hz

(d) 5Hz

উত্তৰঃ (b) 50Hz

প্রশ্ন ১৫। ভাৰতত AC ৰ দিশ সলনি হয় প্রতি—

(a) 0.01 ছেকেণ্ডত।

(b) 0.02 ছেকেণ্ডত।

(c) 1 ছেকেণ্ডত।

(d) 5 ছেকেণ্ডত।

উত্তৰঃ (a) 0.01 ছেকেণ্ডত।

প্রশ্ন ১৬। ভাৰতত সজীৱ আৰু উদাসীন তাঁৰৰ মাজত ৰখা বিভৱভেদৰ মান—

(a) 100V

(b) 200V

(c) 250V

(d) 220V

উত্তৰঃ (d) 220V

প্রশ্ন ১৭। চৌম্বক ক্ষেত্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য-

(a) ইয়াৰ কেৱল মান আছে, দিশ নাই।

(b) ইয়াৰ কেৱল দিশ আছে, মান নাই।

(c) ইয়াৰ মান আৰু দিশ দুয়োটাই আছে।

(d) ইয়াৰ মান আৰু দিশ এটাও নাথাকে।

উত্তৰঃ (c) ইয়াৰ মান আৰু দিশ দুয়োটাই আছে।

প্রশ্ন ১৮। এটা প্রবাহযুক্ত বৃত্তাকাৰ কুণ্ডলীৰ পাকৰ সংখ্যা 50। এনে অৱস্থাত ইয়াৰ অন্তর্ভাগত উৎপন্ন চৌম্বক ক্ষেত্ৰৰ মান ধৰা হ’ল X। এতিয়া কুণ্ডলীৰ পাকৰ সংখ্যা 30 লৈ হ্ৰাস কৰিলে কুণ্ডলীৰ অন্তৰ্ভাগৰ চৌম্বক ক্ষেত্ৰৰ মান হ’ব—

(a) X

(b) 30X

(c) 50X

(d) 3X/5

উত্তৰঃ (d) 3X/5

প্রশ্ন ১৯। প্রবাহযুক্ত চ’লেনইড এটাৰ অন্তৰ্ভাৰ্গৰ চৌম্বক ক্ষেত্ৰৰ মান নিৰ্ভৰ কৰা কাৰকটো হ’ল—

(a) কুণ্ডলীৰ মাজেৰে চালিত প্ৰবাহ।

(b) কুণ্ডলীৰ ব্যাসাৰ্দ্ধ।

(c) কুণ্ডলীৰ পাকৰ সংখ্যা।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

প্রশ্ন ২০। এটা AC জেনেৰেটৰত ব্যৱহৃত হয় –

(a) দুটা শিল্প ৰিং।

(b) এটা ফলা আঙুঠি।

(c) (a) নাইবা (b)।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (a) দুটা শিল্প ৰিং।

প্রশ্ন ২১। এটা DC জেনেৰেটৰত ব্যৱহৃত হয়—

(a) দুটা শিল্প ৰিং।

(b) এটা ফলা আঙুঠি।

(c) (a) নাইবা (b)।

(d) ওপৰৰ এটাও নহয়।

উত্তৰঃ (b) এটা ফলা আঙুঠি।

প্রশ্ন ২২। তলৰ কোনটোৱে এটা বৈদ্যুতিক মটৰত দিক পৰিৱৰ্তৰ্ক হিচাপে কাম কৰে –

(a) আয়তাকাৰ কুণ্ডলী।

(b) শিল্প ৰিং।

(c) ব্ৰাছ।

(d) ফলা আঙঠি। 

উত্তৰঃ (d) ফলা আঙঠি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top