Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Multiple Choice Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 10 Objective Types Question Answer so that you can easily browse through different chapters and select needs one. Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ Question Answer can be of great value to excel in the examination.

SEBA Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Join Telegram channel

Table of Contents

SEBA Class 10 General Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ Notes covers all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 10 Science MCQ Chapter 10 পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ : প্রতিফলন আৰু প্ৰতিসৰণ

Chapter – 10

পদার্থ বিজ্ঞান

Multiple Choice Questions & Answers

1. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু ভাজব্যাসাদ্ধৰ অনুপাত হ’ল—  

(a) 0.5 

(b) 1 

(c) 2 

(d) 3

উত্তৰঃ (a) 0.5

2. অৱতল দাপোণে উৎপন্ন কৰা প্রতিবিম্ব। 

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

3. উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব —

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত।

(d) অসৎ, সংকুচিত।

উত্তৰঃ (d) অসৎ, সংকুচিত।

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়–

(a) উত্তল দাপোণ।

(b) অৱতল দাপোণ। 

(c) সমতল দাপোণ।

(d) ইয়াৰ নহয়। 

উত্তৰঃ (a) উত্তল দাপোণ।

5. সমতল দাপোণত উৎপন্ন প্রতিবিম্ব–

(a) সৎ, অলোটা, সংকুচিত।

(b) অসৎ, থিয়  বিবর্ধিত।

(c) অসৎ থিয় সমান। 

(d) অসৎ, থিয় সংকুচিত।

উত্তৰঃ (c) অসৎ থিয় সমান। 

6. তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহুল–

(a) সমতল।

(b) উত্তল। 

(c) অৱতল।

(d) এটাও নহয়।

উত্তৰঃ (b) উত্তল। 

7. এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব –

(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত। 

(c) ভাঁজকেন্দ্ৰত।

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (c) ভাঁজকেন্দ্ৰত।

8. তলৰ কোনটো লক্ষ্যৰন্তৰ অৱস্থানৰ বাবে অতল দাপোণ এখনে সৎ গুলোটা প্রতিবিম্ব গঠন নকৰে – 

(a) অসীমত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত। 

(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

9. অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) ভাঁজকেন্দ্ৰত।

(b) মুখ ফ’কাছত। 

(c) মুখ্য ফ’কাছ আৰু ভীজকেন্দ্ৰৰ মাজত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

 উত্তৰঃ (b) মুখ ফ’কাছত। 

10. অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে –

(a) মুখ্য ফ’কাছত। 

(b) মুখ্য ফ ‘কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

উত্তৰঃ (d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত। 

11. অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান –

(a) ভাঁজকেন্দ্ৰত।

(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(c) অসীমত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (c) অসীমত।

12. অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তু বাবে উৎপন্ন প্রতিবিম্বৰ স্থান –

(a) ভাঁজকেন্দ্র।

(b) অসীম।

(c) মুখ্য ফ’কাছ। 

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (a) ভাঁজকেন্দ্র।

13. এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব –

(a) মুখ্য ফ’কাছত। 

(b) অসীমত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(d) মুখ্য ফ’কাছ আৰু মেৰুৰ মাজত।

উত্তৰঃ (b) অসীমত।

14. এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব – 

(a) অসীমত।

(b) ভাজকেন্দ্ৰত।

(c) ভাঁজকেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (d) মুখ্য ফ’কাছত।

15. উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব –

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

16. অৱতল লেন্‌ছত উৎপন্ন প্রতিবিম্ব –

(a) সৎ, সংকুচিত।

(b) অসৎ, সংকুচিত।

(c) অসৎ, সমান।

(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (b) অসৎ, সংকুচিত।

17. উত্তল লেন্‌ছ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্ৰতিবিম্ব পাৰলৈ চেষ্টা কৰা হ’ল। লক্ষ্যবস্তুটো থ’ব লাগিব –

(a) অসীমত।

(b) মুখ্য ফ’কাছ F₁ ত।

(c) 2F দূৰত্বত।

(d) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ ‘মাজত। 

উত্তৰঃ (d) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ ‘মাজত। 

18. এখন উত্তল লেন্‌ছে সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব— 

(a) মুখ্য ফ’কাছ F₁ ত।

(b) F₁  আৰু 2F₁  ৰ মাজত।

(c) 2F₁  ত।

(d) 2FF₁  ৰ বাহিৰত।

উত্তৰঃ (b) F₁  আৰু 2F₁  ৰ মাজত।

19. এখন উত্তল লেন্‌ছে উৎপন্ন কৰা এটা সৎপ্ৰতিবিম্বৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য–

(a) ই থিয়।

(b) ই লেন্‌ছৰ লক্ষ্যবস্তু থকা ফালে আছে।

(c) লক্ষ্যবস্তুতকৈ সৰু।

(d) ই ওলোটা।

উত্তৰঃ (d) ই ওলোটা।

20. এখন উত্তল লেন্‌ছে সৎ, ওলোটা আৰু সংকুচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব –

(a) 2F₁ ৰ বাহিৰত।

(b) 2F₁ ত। 

(c) F₁ ত ।

(d) অসীমত।

উত্তৰঃ (a) 2F₁ ৰ বাহিৰত।

21. এটা লক্ষ্যবস্তু উত্তল লেন্‌ছ এখনৰ মূখ্য ফ’কাছ  F₁  ৰখা হ’ল। প্ৰতিবিম্বটো হ’ব –

(a) সৎ, সংকুচিত।

(b) অসৎ, বিবর্ধিত।

(c) সৎ, অতিকৈ বিবর্ধিত।

(d) সৎ সমান আকাৰৰ।

উত্তৰঃ (c) সৎ, অতিকৈ বিবর্ধিত।

22. উত্তল লেন্‌ছ এখনৰ মুখ্য ফ’কাছ F₁  আৰু আকোলকেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্রতিবিম্বটো হ’ব–

(a) সং সংকুচিত।

(b) অসৎ, সংকুচিত।

(c) সৎ, বিবর্ধিত।

(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (d) অসৎ, বিবর্ধিত।

23. অসীম আৰু আলোককেন্দ্র O ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অৱতল লেন্‌ছ এখনে উৎপন্ন কৰা প্রতিবিম্বৰ অৱস্থান হ’ব– 

(a) মুখ্য ফ’কাছ F₁ত।

(b) অসীমত।

(c) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্র O মাজত।

(d) 2F₁ ত।

উত্তৰঃ (c) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্র O মাজত।

24. উত্তল লেন্‌ছ এখনৰ 2F₁ ত লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্ৰতিবিম্ব পোৱা যাব –

(a) 2F₁ ত।

(b) 2F₂ ত।

(c) F₂ত।

(d) 2F₂ ৰ বাহিৰত।

উত্তৰঃ (b) 2F₂ ত।

25. 10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ পৰা 20 ছে. মি. দূৰত লক্ষ্যবস্তু এটা ৰাখিলে, প্রতিবিম্বটো হ’ব–

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত।

(d) সৎ, সমান আকাৰৰ।

উত্তৰঃ (d) সৎ, সমান আকাৰৰ।

26. লেন্‌ছৰ ক্ষমতাৰ একক হ’ল –

(a) cm

(b) cm-¹

(c) ডায়’প্টাৰ।

(d) m

উত্তৰঃ (c) ডায়’প্টাৰ।

27. 50 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছৰ ক্ষমতা— 

(a) 2D 

(b) 0.5D 

(c) 5D 

(d) 25D 

উত্তৰঃ (a) 2D

28. -1.5D ক্ষমতাৰ লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য হ’ব– 

(a) -15cm 

(b) -66.6cm

(c) 1.5cm

(d) 1cm

উত্তৰঃ (b) -66.6cm

29. 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসাৰ্দ্ধ হ’ব—

(a) 1.5 cm

(b) 7.5cm

(c) 30cm

(d) 15cm

উত্তৰঃ (c) 30cm

30. এখন 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেৰুৰ পৰা 12 ছে. মি. আঁতৰত লক্ষ্যবস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বটো হ’ব—

(a) সৎ, বিবর্ধিত।

(b) অসৎ, বিবর্ধিত।

(c) সৎ, সমান আকাৰৰ।

(d) সৎ, সংকুচিত।

উত্তৰঃ (b) অসৎ, বিবর্ধিত।

31. তলৰ কোনখন দাপোণে এটা থিয় বিবর্ধিত প্রতিবিম্ব দিব? 

(a) সমতল।

(b) উত্তল।

(c) অৱতল।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (c) অৱতল।

32. পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পানীত পোহৰ ৰশ্মিডাল–

(a) একেটা দিশত গতি কৰি থাকিব।

(b) অভিলম্বৰ দিশত বেঁকা হ’ব।

(c) অভিলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব।

(d) অভিলম্বৰ ওপৰেৰে গতি কৰিব।

উত্তৰঃ (b) অভিলম্বৰ দিশত বেঁকা হ’ব।

33. চাৰিটা মাধ্যম A, B, C আৰু D ৰ প্ৰতিসৰণাংক ক্রমে 1.47, 1.52, 1.44 আৰু 1.33। ইহঁতৰ ভিতৰত কোনটোত পোহৰে আটাইতকৈ বেছি দ্ৰুতিৰে গতি কৰিব। 

(a) B 

(b) C

(c) D

(d) A

উত্তৰঃ (c) D

34. তলৰ কোনটোৱে প্ৰতিফলনৰ নিয়মবোৰ মানি চলে?

(a) সমতল দাপোণ।

(b) অৱতল দাপোণ আৰু উত্তল দাপোণ।

(c) সকলো ধৰণৰ দাপোণ।

(d) সকলো প্রতিফলনকাৰী পৃষ্ঠ।

উত্তৰঃ (d) সকলো প্রতিফলনকাৰী পৃষ্ঠ।

35. তলৰ কোনটোৱে প্ৰতিসৰণৰ নিয়মবোৰ মানি চলে?

(a) উত্তল লেন্‌ছ।

(b) অৱতল লেন্‌ছ।

(c) সকলো ধৰণৰ লেন্‌ছ।

(d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ।

উত্তৰঃ (d) সকলো প্ৰকাৰৰ প্ৰসিকৰণকাৰী পৃষ্ঠ।

36. আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত– 

(i) নির্গত ৰশ্মি আপাতিত ৰশ্মিৰ দিশৰ লগত সমান্তৰাল হয়।

(ii) নির্গত কোণ আপতন কোণৰ সমান।

(iii) নিৰ্গত ৰশ্মিডাল পার্শ্বীয়ভাৱে (কাষলৈ) স্থানান্তৰিত হয়।

(iv) আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ।

শুদ্ধ বিকল্পটো হ’ল –

(a) (i), (ii)

(b) (i), (iii), (iv)

(c) (i), (ii), (iii)

(d) (i), (iv)

উত্তৰঃ (c) (i), (ii), (iii)

Very Short & Short Type Questions and Answers

1. গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্ৰ কি? 

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰটোকে দাপোণৰ ভাঁজকেন্দ্ৰ বোলে।

2. গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য কাক বোলে? 

উত্তৰঃ গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক ফ’কাছ দৈর্ঘ্য বোলে। 

3. অৱতল দাপোণৰ মুখ্য ফ’কাছ কি? 

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল দাপোণৰ দ্বাৰা প্ৰতিফলনৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে। 

4. উত্তল দাপোণৰ মুখ্য ফ’কাছ কি? 

উত্তৰঃ  মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ উত্তল দাপোণৰ দ্বাৰা প্ৰতিফলনৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুৰ পৰা অপসাৰী হৈ অহা যেন লাগে, সেই বিন্দুটোকে উত্তল দাপোণৰ মুখ্য ফ’কাছ বোলে। 

5. পোহৰৰ প্ৰতিসৰণ কাক বোলে? 

উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পোহৰ হেলনীয়াভাৱে প্ৰৱেশ কৰিলে, দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হয়। এই পৰিঘটনাৰ পোহৰৰ প্ৰতিসৰণ বোলে। 

6. প্ৰতিসৰণৰ স্নেলৰ সূত্ৰটো লিখা। 

উত্তৰঃ প্ৰদত্ত মাধ্যম যুগ্ম আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত এটা ধ্রুৱক। ইয়াকে স্নেলৰ সূত্ৰ বোলে।

7. 1 নং মাধ্যম সাপেক্ষে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক সমীকৰণৰ সহায়ত প্ৰকাশ কৰা।

উত্তৰঃ n₂₁ = 1 নং মাধ্যমত পোহৰৰ দ্ৰুতি /2 নং মাধ্যমত পোহৰৰ দ্ৰুতি।

8. কোনো মাধ্যমৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংকই কি সূচায়? 

উত্তৰঃ  বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংক বোলে।

9. পানীৰ প্ৰতিসৰণাংক 1.33। এই উক্তিষাৰিৰ অর্থ কি? 

উত্তৰঃ এই উক্তিষাৰিৰ অৰ্থ হ’ল বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33

10. উত্তল লেন্‌ছৰ মুখ্য ফ’কাছ কি? 

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ উত্তল লেন্‌ছৰ দ্বাৰা প্ৰতিসৰণৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, সেই বিন্দুটোকে উত্তল লেন্‌ছৰ মুখ্য ফ’কাছ বোলে। 

11. অৱতল লেন্‌ছৰ মুখ্য ফ’কাছ কি? 

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল লেনছৰ দ্বাৰা প্ৰতিসৰণৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুৰ পৰা অপসাৰী হৈ অহা যেন লাগে, সেই বিন্দুটোকে অৱতল লেন্‌ছৰ মুখ্য ফ’কাছ বোলে।

12. লেন্‌ছৰ ক্ষমতা কাক বোলে? 

উত্তৰঃ লেন্‌ছ এখনে ইয়াত আপতিত পোহৰ ৰশ্মিক যি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰে, তাক লেছেৰ ক্ষমতা বোলে।

13. লেন্‌ছৰ ক্ষমতাৰ SI একক কি? 

উত্তৰঃ ডায়’প্টাৰ।

14. হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি? 

উত্তৰঃ এই উক্তিটোৰ অৰ্থ হ’ল- বায়ুত পোহৰৰ প্ৰতি আৰু হীৰাত পোহৰৰ শ্ৰুতিৰ অনুপাত 2.42

15. লেন্‌ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া। 

উত্তৰঃ 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছৰ ক্ষমতাকে। ডায়’প্টাৰ বোলে। 

16. তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা।

(a) গাড়ীৰ হেডলাইট। 

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ। 

(c) সৌৰ ভাতী। 

উত্তৰঃ  (a) অবতল দাপোণ। 

(b) উত্তল দাপোণ।

(c) অৱতল দাপোণ।

অতি চমু প্ৰশ্নোত্তৰঃ

প্রশ্ন ১। পোহৰৰ প্ৰতিফলন কি?

উত্তৰঃ যেতিয়া পোহৰ ৰশ্মি কোনো উৎসৰ পৰা নিৰ্গত হৈ কোনো বস্তুত আপতিত হয়, তেতিয়া ইয়াৰ কিছু অংশ পুনৰ উৎসৰ দিশলৈ উভতি আহে। এই পৰিঘটনাকে পোহৰৰ প্ৰতিফলন বোলে।

প্রশ্ন ২। গোলাকাৰ দাপোণ কি?

উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন কোনো গোলকৰ অংশবিশেষ, তেনে দাপোণক গোলাকাৰ দাপোণ বোলে।

প্রশ্ন ৩। অৱতল দাপোণ কাক বোলে?

উত্তৰঃ যিবিলাক দাপোণৰ প্ৰতিফলন পৃষ্ঠখন ভিতৰলৈ ভাঁজ খোৱা,তেনে দাপোণক ‘অৱতল দাপোণ বোলে।

প্রশ্ন ৪। উত্তল দাপোণ কাক বোলে?

উত্তৰঃ যিবিলাক গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন বাহিৰলৈ ভাঁজ খোৱা, তেনে দাপোণক উত্তল দাপোণ বোলে।

প্রশ্ন ৫। গোলাকাৰ দাপোণৰ মেৰু কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰীয় বিন্দুটোক মেৰু বোলে।

প্রশ্ন ৬। গোলাকাৰ দাপোণৰ ভাঁজকেন্দ্র কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰটোকে দাপোণৰ ভাঁজকেন্দ্র বোলে।

প্রশ্ন ৭। গোলাকাৰ দাপোণৰ ভাঁজ ব্যাসার্দ্ধ কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠখন যিটো গোলকৰ অংশবিশেষ, সেই গোলকৰ ব্যাসাৰ্দ্ধকে দাপোণখনৰ ভাঁজ ব্যাসার্দ্ধ বোলে।

প্রশ্ন ৮। গোলাকাৰ দাপোণৰ মুখ্য অক্ষ কি?

উত্তৰঃ গোলাকাৰ দাপোণ এখনৰ মেৰু আৰু ভাঁজকেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক সৰলৰেখাডালকে দাপোণৰ মুখ্য অক্ষ বোলে।

প্রশ্ন ৯। গোলাকাৰ দাপোণৰ ছিদ্ৰ বা গৱাক্ষ কি?

উত্তৰঃ গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ ব্যাসক তাৰ ছিদ্ৰ বা গৱাক্ষ বোলে।

প্রশ্ন ১০। গোলাকাৰ দাপোণৰ ফ’কাছ দৈর্ঘ্য কাক বোলে?

উত্তৰঃ গোলাকাৰ দাপোণৰ মেৰু আৰু মুখ্য ফ’কাছৰ মাজৰ দূৰত্বক ফ’কাছ দৈৰ্ঘ্য বোলে।

প্রশ্ন ১১। অৱতল দাপোণৰ মুখ্য ফ’কাছ কি?

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল দাপোণৰ দ্বাৰা প্ৰতিফলনৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, তাক অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলে।

প্রশ্ন ১২। গোলাকাৰ দাপোণে উৎপন্ন কৰা বিবৰ্ধনৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্রতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতক দাপোণে উৎপন্ন কৰা বিবর্ধন বোলে।

প্রশ্ন ১৩। পোহৰৰ প্ৰতিসৰণ কাক বোলে?

উত্তৰঃ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমত পোহৰ হেলনীয়াভাৱে প্ৰৱেশ কৰিলে, দ্বিতীয় মাধ্যমত পোহৰৰ গতিৰ দিশ সলনি হয়। এই পৰিঘটনাক পোহৰৰ প্ৰতিসৰণ বোলে।

প্রশ্ন ১৪। পোহৰৰ প্ৰতিসৰণৰ কাৰণ কি?

উত্তৰঃ এটা স্বচ্ছ মাধ্যমৰ পৰা গৈ আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰোঁতে হোৱা পোহৰৰ দ্ৰুতিৰ পৰিবৰ্তনেই হৈছে পোহৰৰ প্ৰতিসৰণৰ কাৰণ।

প্রশ্ন ১৫। কোনো মাধ্যমৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংকই কি সূচায়?

উত্তৰঃ বায়ুত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বা পৰম প্ৰতিসৰণাংক বোলে।

প্রশ্ন ১৬। পানীৰ প্ৰতিসৰণাংক 1.33। এই উক্তিষাৰিৰ অৰ্থ কি?

উত্তৰঃ এই উক্তিষাৰিৰ অৰ্থ হ’ল বায়ুত পোহৰৰ দ্ৰুতি আৰু পানীত পোহৰৰ দ্ৰুতিৰ অনুপাত 1.33

প্রশ্ন ১৭। গোলাকাৰ লেন্‌ছ কি?

উত্তৰঃ গোলাকাৰ লেন্‌ছ হ’ল দুখন পৃষ্ঠৰে আৱৰা এটুকুৰা স্বচ্ছ পদাৰ্থ, যাৰ এখন বা দুয়োখন পৃষ্ঠই কোনো গোলকৰ অংশ বিশেষ।

প্রশ্ন ১৮। উত্তল লেন্‌ছ কাক বোলে?

উত্তৰঃ যিবিলাক গোলাকাৰ লেন্‌ছৰ দুয়ো প্ৰান্তৰ তুলনাত মাজৰ অংশটো শকত, তেনে লেন্‌ছক উত্তল লেন্‌ছ বোলে।

প্রশ্ন ১৯। অবতল লেন্‌ছ কাক বোলে?

উত্তৰঃ যিবিলাক গোলাকাৰ লেন্‌ছৰ মাজৰ অংশটোৰ তুলনাত দুয়ো প্রান্ত শকত, তেনে লেন্‌ছক অৱতল লেন্‌ছ বোলে।

প্রশ্ন ২০। লেন্‌ছৰ আলোককেন্দ্ৰ কি?

উত্তৰঃ গোলাকাৰ লেন্‌ছ এখনৰ কেন্দ্ৰীয় বিন্দুটোক লেন্‌ছৰ আলোককেন্দ্র বোলে।

প্রশ্ন ২১। লেন্‌ছৰ ভাঁজকেন্দ্র কি?

উত্তৰঃ গোলাকাৰ লেন্‌ছৰ পৃষ্ঠ দুখন যি দুটা গোলকৰ অংশবিশেষ, সেই গোলকৰ কেন্দ্ৰকে লেন্‌ছৰ ভাঁজকেন্দ্র বোলে।

প্রশ্ন ২২। লেন্‌ছৰ মুখ্য অক্ষ কাক বোলে?

উত্তৰঃ লেন্‌ছ এখনৰ ভাঁজকেন্দ্ৰ দুটা সংযোগী আৰু লেন্‌ছৰ আলোককেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক সৰলৰেখাডালক লেন্‌ছৰ মুখ্য অক্ষ বোলে।

প্রশ্ন ২৩। লেন্‌ছৰ ছিদ্র বা গৱাক্ষ কি?

উত্তৰঃ গোলাকাৰ লেন্‌ছৰ ঘূৰণীয়া ঘেৰটোৰ কাৰ্যকৰী ব্যাসক লেন্‌ছৰ ছিদ্ৰ বা গৱাক্ষ বোলে।

প্রশ্ন ২৪। উত্তল লেন্‌ছৰ মুখ্য ফ’কাছ কি?

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ উত্তল লেন্‌ছৰ দ্বাৰা প্ৰতিসৰণৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুলৈ অভিসাৰী হয়, সেই বিন্দুটোকে উত্তল লেন্‌ছৰ মুখ্য ফ’কাছ বোলে।

প্রশ্ন ২৫। অবতল লেন্‌ছৰ মুখ্য ফ’কাছ কি?

উত্তৰঃ মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মিসমূহ অৱতল লেনছৰ দ্বাৰা প্ৰতিসৰণৰ পিছত মুখ্য অক্ষত থকা যিটো বিন্দুৰ পৰা অপসাৰী হৈ অহা যেন লাগে, সেই বিন্দুটোকে অৱতল লেন্‌ছৰ মুখ্য ফ’কাছ বোলে।

প্রশ্ন ২৬। গোলাকাৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য কি?

উত্তৰঃ গোলাকাৰ লেন্‌ছৰ আলোককেন্দ্ৰৰ পৰা মুখ্য ফ’কাছলৈ দূৰত্বকে লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য বোলে।

প্রশ্ন ২৭। লেন্‌ছে উৎপন্ন কৰা বিবর্ধনৰ সংজ্ঞা দিয়া।

উত্তৰঃ প্রতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতাৰ অনুপাতকে লেন্‌ছে উৎপন্ন কৰা বিবর্ধন বোলা হয়।

প্রশ্ন ২৮। লেন্‌ছৰ ক্ষমতা কাক বোলে ?

উত্তৰঃ লেন্‌ছ এখনে ইয়াত আপতিত পোহৰ ৰশ্মিক যি মাত্ৰাত অভিসাৰী বা অপসাৰী কৰে, তাক লেন্‌ছৰ ক্ষমতা বোলে।

প্রশ্ন ২৯। লেন্‌ছৰ ক্ষমতাৰ SI একক কি?

উত্তৰঃ ডায়’প্টাৰ (D)।

প্রশ্ন ৩০। লেন্‌ছ এখনৰ ক্ষমতাৰ মান ধনাত্মক হলে লেন্‌ছখনৰ প্ৰকৃতি কি?

উত্তৰঃ উত্তল।

প্রশ্ন ৩১। লেন্‌ছ এখনৰ ক্ষমতাৰ মান ঋণাত্মক হ’লে লেন্‌ছখনৰ প্ৰকৃতি কি?

উত্তৰঃ অৱতল।

প্রশ্ন ৩২। লেন্‌ছ এখনৰ ক্ষমতা +2D । ইয়াৰ অৰ্থ কি?

উত্তৰঃ ইয়াৰ অৰ্থ হ’ল লেন্‌ছখন উত্তল আৰু ইয়াৰ ফ’কাছ দৈৰ্ঘ্য = 1/2 = 0.5m

বিকল্পীধৰ্মী প্রশ্নোত্তৰঃ

প্রশ্ন ১। গোলাকাৰ দাপোণৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক বোলা হয়-

(a) ভাঁজকেন্দ্র।

(b) মেৰু।

(c) আলোককেন্দ্র। 

(d) কেন্দ্র।

উত্তৰঃ (b) মেৰু।

প্রশ্ন ২। গোলাকাৰ দাপোণৰ ফ’কাছ দৈৰ্ঘ্য আৰু ভাঁজব্যাসাৰ্দ্ধৰ অনুপাত হ’ল—

(a) 0.5

(b) 1

(c) 2

(d) 3

উত্তৰঃ (a) 0.5

প্রশ্ন ৩। অৱতল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব—

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

প্রশ্ন ৪। উত্তল দাপোণে উৎপন্ন কৰা প্ৰতিবিম্ব-

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত। 

(d) অসৎ, সংকুচিত।

উত্তৰঃ (d) অসৎ, সংকুচিত।

প্রশ্ন ৫। গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে ব্যৱহাৰ কৰা হয়–

(a) উত্তল দাপোণ।

(b) অৱতল দাপোণ।

(c) সমতল দাপোণ।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) উত্তল দাপোণ।

প্রশ্ন ৬। সমতল দাপোণত উৎপন্ন প্রতিবিম্ব—

(a) সৎ, ওলোটা, সংকুচিত।

(b) অসৎ, থিয়, বিবর্ধিত।

(c) অসৎ, থিয়, সমান।

(d) অসৎ, থিয়, সংকুচিত।

উত্তৰঃ (c) অসৎ, থিয়, সমান।

প্রশ্ন ৭। তলৰ কোনখন দাপোণৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল—

(a) সমতল।

(b) উত্তল।

(c) অৱতল।

(d) এটাও নহয়।

উত্তৰঃ (b) উত্তল।

প্রশ্ন ৮। এখন অৱতল দাপোণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থ’ব লাগিব—

(a) মেৰু আৰু মুখ্য ফ’কাছৰ মাজত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত। 

(c) ভাঁজকেন্দ্ৰত।

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (c) ভাঁজকেন্দ্ৰত।

প্রশ্ন ৯। তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোণ এখনে সৎ, ওলোটা প্রতিবিম্ব গঠন নকৰে-

(a) অসীমত।

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

প্রশ্ন ১০। অসীমত থকা কোনো লক্ষ্যবস্তুৰ বাবে গোলাকাৰ দাপোণ এখনে প্রতিবিম্ব গঠন কৰে–

(a) ভাঁজকেন্দ্ৰত।

(b) মুখ্য ফ’কাছত।

(c) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (b) মুখ্য ফ’কাছত।

প্রশ্ন ১১। অসীম আৰু দাপোণৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোণ এখনে প্রতিবিম্ব গঠন কৰে–

(a) মুখ্য ফ’কাছত। 

(b) মুখ্য ফ’কাছ আৰু ভাঁজকেন্দ্ৰৰ মাজত।

(c) ভাঁজকেন্দ্ৰত।

(d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

উত্তৰঃ (d) মুখ্য ফ’কাছ আৰু দাপোণৰ মেৰুৰ মাজত।

প্রশ্ন ১২। অৱতল দাপোণ এখনৰ মুখ্য ফ’কাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ অৱস্থান—

(a) ভাঁজকেন্দ্রত।

(b) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(c) অসীমত।

(d) মুখ্য ফ’কাছত।

উত্তৰঃ (c) অসীমত।

প্রশ্ন ১৩। অৱতল দাপোণ এখনৰ ভাঁজকেন্দ্ৰত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্রতিবিম্বৰ স্থান –

(a) ভাঁজকেন্দ্র। 

(b) অসীম।

(c) মুখ্য ফ’কাছ।

(d) ভাঁজকেন্দ্ৰৰ বাহিৰত।

উত্তৰঃ (a) ভাঁজকেন্দ্র।

প্রশ্ন ১৪। এখন গোলাকাৰ দাপোণে আটাইতকৈ সংকুচিত প্রতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু থাকিব লাগিব—

(a) মুখ্য ফ’কাছত।

(b) অসীমত।

(c) ভাঁজকেন্দ্ৰৰ বাহিৰত।

(d) মুখ্য ফ কাছ আৰু মেৰুৰ মাজত।

উত্তৰঃ (b) অসীমত।

প্রশ্ন ১৫। এখন অৱতল দাপোণত আটাইতকৈ বিবর্ধিত প্রতিবিম্ব পাবলৈ লক্ষ্যবস্তু ৰাখিব লাগিব-

(a) অসীমত।

(b) ভাঁজকেন্দ্ৰত।

(c) ভাঁজকেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত। 

(d) মুখ্য ফ’কাহত।

উত্তৰঃ (d) মুখ্য ফ’কাহত।

প্রশ্ন ১৬। উত্তল লেন্‌ছত উৎপন্ন প্রতিবিম্ব—

(a) সদায় সৎ।

(b) সদায় অসৎ।

(c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (c) সৎ আৰু অসৎ দুয়োটাই হ’ব পাৰে।

প্রশ্ন ১৭। অৱতল লেন্‌ছত উৎপন্ন প্রতিবিম্ব—

(a) সৎ, সংকুচিত।

(b) অসৎ, সংকুচিত।

(c) অসৎ, সমান।

(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (b) অসৎ, সংকুচিত।

প্রশ্ন ১৮। উত্তল লেন্‌ছ এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তুৰ এটা অসৎ, থিয় আৰু বিবর্ধিত প্ৰতিবিম্ব পাবলৈ চেষ্টা কৰা হ’ল। লক্ষ্যবস্তুটো থ’ব লাগিব—

(a) অসীমত।

(b) মুখ্য ফ’কাছ F₁ ত।

(c) 2F দূৰত্বত।

(d) মুখ্য ফ কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ মাজত।

উত্তৰঃ (d) মুখ্য ফ কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ মাজত।

প্রশ্ন ১৯। এখন উত্তল লেন্‌ছে সৎ, ওলোটা আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব –

(a) মুখ্য ফ’কাছ F₁ ত।

(b) F₁ আৰু 2F₁ ৰ মাজত।

(c) 2F₁ ত।

(d) 2F₁ ৰ বাহিৰত।

উত্তৰঃ (b) F₁ আৰু 2F₁ ৰ মাজত।

প্রশ্ন ২০। এখন উত্তল লেনছে উৎপন্ন কৰা এটা সৎ প্রতিবিম্বৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য-

(a) ই থিয়।

(b) ই লেন্‌ছৰ লক্ষ্যবস্তু থকা ফালে আছে।

(c) লক্ষ্যবস্তুতকৈ সৰু। 

(d) ই ওলোটা।

উত্তৰঃ (d) ই ওলোটা।

প্রশ্ন ২১। এখন উত্তল লেনছে সৎ, ওলোটা আৰু সংকচিত প্রতিবিম্ব গঠন কৰিলে, লক্ষ্যবস্তুৰ অৱস্থান হ’ব-

(a) 2F₁ ৰ বাহিৰত।

(b) 2F₁ ত।

(c) F₁ ত।

(d) অসীমত।

উত্তৰঃ (a) 2F₁ ৰ বাহিৰত।

প্রশ্ন ২২। এটা লক্ষ্যবস্তু উত্তল লেন্‌ছ এখনৰ মুখ্য ফ’কাছ F₁ ত ৰখা হ’ল। প্রতিবিম্বটো হ’ব-

(a) সৎ, সংকুচিত।

(b) অসৎ, বিবর্ধিত।

(c) সৎ, অতিকৈ বিবর্ধিত।

(d) সৎ, সমান আকাৰৰ।

উত্তৰঃ (c) সৎ, অতিকৈ বিবর্ধিত।

প্রশ্ন ২৩। উত্তল লেন্‌ছ এখনৰ মুখ্য ফ’কাছ F₁ আৰু আকোলকেন্দ্ৰ O ৰ মাজত লক্ষ্যবস্তু এটা ৰখা হৈছে। উৎপন্ন প্রতিবিম্বটো হ’ব-

(a) সৎ, সংকুচিত।

(b) অসৎ, সংকুচিত।

(c) সৎ, বিবর্ধিত।

(d) অসৎ, বিবর্ধিত।

উত্তৰঃ (d) অসৎ, বিবর্ধিত।

প্রশ্ন ২৪। অসীম আৰু আলোককেন্দ্ৰ । ৰ মাজত লক্ষ্যবস্তু এটা ৰাখিলে অৱতল লেন্‌ছ এখনে উৎপন্ন কৰা প্ৰতিবিম্বৰ অৱস্থান হ’ব-

(a) মুখ্য ফ’কাছ F₁ ত।

(b) অসীমত।

(c) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ মাজত।

(d) 2F₁ ত।

উত্তৰঃ (c) মুখ্য ফ’কাছ F₁ আৰু আলোককেন্দ্ৰ O ৰ মাজত।

প্রশ্ন ২৫। উত্তল লেন্‌ছ এখনৰ 2F₁ ত লক্ষ্যবস্তু এটা ৰাখিলে এটা সৎ, সমান আকাৰৰ প্রতিবিম্ব পোৱা যাব–

(a) 2F₁ ত।

(b) 2F₂ ত।

(c) F₂ ত।

(d) 2F₂ ৰ বাহিৰত।

উত্তৰঃ (b) 2F₂ ত।

প্রশ্ন ২৬। 10 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ এখনৰ পৰা 20 ছে. মি. দূৰত লক্ষ্যবস্তু এটা ৰাখিলে, প্রতিবিম্বটো হ’ব-

(a) সৎ, বিবর্ধিত।

(b) সৎ, সংকুচিত।

(c) অসৎ, বিবর্ধিত।

(d) সৎ, সমান আকাৰৰ।

উত্তৰঃ (d) সৎ, সমান আকাৰৰ।

প্রশ্ন ২৭। লেন্‌ছৰ ক্ষমতাৰ একক হ’ল-

(a) cm

(b) cm⁻¹

(c) ডায়’প্টাৰ।

(d) m

উত্তৰঃ (c) ডায়’প্টাৰ।

প্রশ্ন ২৮। 50 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছৰ ক্ষমতা-

(a) 2D

(b) 0.5D

(c) 5D

(d) 25D

উত্তৰঃ (a) 2D

প্রশ্ন ২৯। -1.5D ক্ষমতাৰ লেন্‌ছৰ ফ’কাছ দৈর্ঘ্য হ’ব-

(a) -15cm

(b) -66.6cm

(c) 1.5cm

(d) 1cm

উত্তৰঃ (b) -66.6cm

প্রশ্ন ৩০। 15ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ গোলাকাৰ দাপোণ এখনৰ ভাঁজব্যাসাৰ্দ্ধ হ’ব–

(a) 1.5cm

(b) 7.5cm

(c) 30cm

(d) 15cm

উত্তৰঃ (c) 30cm

প্রশ্ন ৩১। এখন 15 ছে. মি. ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণৰ মেৰুৰ পৰা 12 ছে. মি. আঁতৰত লক্ষ্যবস্তু এটা ৰখা হ’ল। প্রতিবিম্বটো হ’ব-

(a) সৎ, বিবর্ধিত।

(b) অসৎ, বিবর্ধিত।

(c) সৎ, সমান আকাৰৰ।

(d) সৎ, সংকুচিত।

উত্তৰঃ (b) অসৎ, বিবর্ধিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top