Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা

Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা – সমাধান Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা and select needs one.

Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা Solutions for All Subject, You can practice these here.


৫। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা । 

উত্তৰঃ যিকোন দেশৰ প্ৰগতি তথা অর্থনৈতিক উন্নয়ন দেশখনত মুদ্ৰাৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰে । সেৱা তথা সা – সামগ্ৰীৰ উৎপাদন , বিতৰণ আৰু ভােগ কার্য আদিৰ দৰে দেশ এখনৰ সকলাে ধৰণৰ অর্থনৈতিক কার্যকলাপ মুদ্ৰাৰ সৈতে ওতঃপ্রোতভাৱে জড়িত হৈ থাকে।

অৱশ্যে , মুদ্রাই কেতবােৰ অসুবিধাৰাে সৃষ্টি নকৰাকৈ থকা নাই।এই অসুবিধাসমূহ হ’ল :

( ক ) মুদ্ৰাৰ মূল্য হ্রাস হােৱা :- মুদ্ৰাৰ এটা প্রধান অসুবিধা এয়ে যে মুদ্ৰাৰ মূল্য হাস হােৱাৰ পৰিপ্ৰেক্ষিতত মুদ্রাস্ফীতি বা মুদ্রা – সংকোচন সংঘটিত হৈ দেশত অস্থিৰতাৰ সৃষ্টি হ’ব পাৰে । 

( খ ) সম্পদ একত্রীকৰণৰ আহিলা :- মুদ্রা – সর্বস্ব অর্থনীতিত মুদ্রাই প্ৰায়ে কেইগৰাকীমান ব্যক্তি অথবা ব্যক্তি গােটৰ হাতত অর্থনৈতিক ক্ষমতা তথা সম্পদ একত্রীকৰণৰ পথ প্রশস্ত কৰি তােলে । 

( গ ) সামাজিক ব্যাধিক উৎসাহিত কৰে :- বর্তমান সময়ত সমাজক প্ৰভাৱিত কৰা বহুতাে সামাজিক ব্যাধিসমূহৰ মূল হৈছে মুদ্ৰাৰ অপব্যৱহাৰ।ৰাজনৈতিক ক্ষেত্ৰত হােৱা ধনৰ ক্ষমতাৰ অপব্যৱহাৰ , উৎকোচ , দুর্নীতি আদিৰ লগতে অর্থনৈতিক প্রবঞ্চনা , বেংক ঠগবাজী আদি মুদ্রা বা ধনৰ বাবে থকা দুর্বলতাৰ কাৰণেই সংঘটিত হয় । 

( ঘ ) ক’লা ধন বা মুদ্রা :- অর্থনৈতিক অপৰাধসমূহৰ ফলত ক’লা ধনৰ সৃষ্টি হয় । ইয়াৰ জৰিয়তে বজাৰত সৃষ্টি হােৱা হিচাপ বহির্ভূত বিশাল পৰিমাণৰ ধনে দেশত মুদ্রাস্ফীতিৰ সৃষ্টি কৰে । 

৬। কেন্দ্রীয় বেংকৰ চাৰিটা প্রধান কার্য ব্যাখ্যা কৰা । 

উত্তৰঃ কেন্দ্রীয় বেংক হ’ল দেশ এখনৰ শীর্ষ বা প্রধান চৰকাৰী বেংক যাৰ ওপৰত দেশখনৰ সমগ্ৰ বিত্তীয় ব্যৱস্থাটোৰ কাৰ্যসমূহৰ নিয়ন্ত্রণ , তত্ত্বাৱধানৰ লগতে বিধি বা নীতি – নির্দেশনাসমূহ জাৰি কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে । ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক ।

কেন্দ্রীয় বেংকৰ প্রধান কার্যসমূহ হৈছেঃ 

( ক ) মুদ্রা জাৰি কৰে :- মুদ্রা ছপা কৰা তথা জাৰি কৰাটো কেন্দ্রীয় বেংকৰ একচেটীয়া অধিকাৰ । কেন্দ্রীয় বেংকেই দেশত কাগজী মুদ্রা ছপা তথা জাৰি কৰে । 

( খ ) ই চৰকাৰৰ বেংক হিচাপে কার্য সম্পাদন কৰে :- কেন্দ্রীয় বেংকে চৰকাৰৰ বেংক হিচাপে নিম্নোল্লিখিত কার্যসমূহ সমাধা কৰে :

( i ) চৰকাৰক বিত্তৰ যােগান ধৰে :- কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰৰ ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্রা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক বিত্তীয় সাহায্য আগবঢ়ায় । 

( ii ) চৰকাৰৰ পৰামৰ্শদাতা হিচাপে কাম কৰে :-  চৰকাৰৰ আয় নীতি , বাণিজ্যিক নীতি , ৰাজহ নীতি আদিক অধিক ফলপ্রসূ কৰি তুলিবৰ বাবে কেন্দ্রীয় বেংকে কেন্দ্রীয় চৰকাৰক অর্থনৈতিক পৰামৰ্শ আগবঢ়ায় । 

( iii ) চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে :-  কেন্দ্রীয় বেংকে চৰকাৰৰ প্রতিনিধি হিচাপে চৰকাৰৰ সকলাে  আয় আৰু ব্যয়ৰ  বিচাপ ৰক্ষা কৰে ।

( গ ) বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰে :- কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে । এইক্ষেত্ৰত কেন্দ্রীয় বেংকে নিম্নোক্ত কার্য সম্পাদন কৰে । 

( i ) সকলােবােৰ বেংকৰ হিচাপ – নিকাচ পৰীক্ষা কৰে । 

( ii ) অন্যান্য বেংকসমূহৰ গভীৰ আর্থিক সংকটৰ সময়ত ঋণদাতা হিচাপে কার্য সম্পাদন কৰে । 

( ঘ ) আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে :- কেন্দ্রীয় বেংকে দেশৰ ঋণ মুদ্ৰাৰ মুঠ পৰিমাণ নিয়ন্ত্রণ কৰে । কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ বিধি গ্রহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰে । 

( ঙ ) বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ ৰক্ষক :- কেন্দ্রীয় বেংকে দেশৰ বৈদেশিক বিনিময়যােগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে । ই ভাৰতৰ বৈদেশিক বিনিময়ৰ আনুষ্ঠানিক হাৰ নিৰ্ধাৰণ কৰি দিয়ে । 

( চ ) পৰিশােধকাৰী প্রতিনিধি হিচাপে কাম কৰে :- পৰিশােধকাৰী প্রতিনিধি হিচাপে কেন্দ্রীয় বেংকে সকলােবােৰ সদস্য বেংকৰ হিচাপে – নিকাচ সমাধান কৰাত সহায় কৰে ।

যিহেতু সকলাে বেংকৰে হিচাপ কেন্দ্রীয় বেংকত থাকে সেয়েহে তেওঁলােকৰ মাজত চলি থকা আন্তঃবেংক লেনদেন প্রক্রিয়াসমূহ কেন্দ্রীয় বেংকৰ জৰিয়তেই সম্পাদিত হয় । 

( ছ ) উন্নয়নমূলক ভূমিকা :- কেন্দ্রীয় বেংকে অগ্রাধিকাৰ খণ্ডসমূহলৈ , যেনে কৃষিখণ্ড আদিলৈ ধনৰাশিৰ যােগান ধৰাৰ দ্বাৰা দেশৰ অৰ্থ – সামাজিক উন্নয়নক উৎসাহিত কৰাত সহায় কৰে । শেহতীয়াভাৱে কেন্দ্রীয় বেংকে ভাৰতৰ অগ্রাধিকাৰ খণ্ডসমূহলৈ আগবঢ়োৱা ঋণৰ পৰিমাণ হৈছে বেংকৰ মুঠ আমানত প্রায় ৪০ শতাংশ ।

এইবােৰৰ উপৰি কেন্দ্ৰীয় বেংকৰ অন্যান্য কামসমূহ হৈছে :- 

( i ) দেশৰ আর্থিক পৰিস্থিতিৰ সময়ে সময়ে খতিয়ান দাঙি ধৰা । 

( ii ) সমবায় বেংক তথা অন্যান্য বিত্তীয় অনুষ্ঠানসমূহক ঋণৰ যােগান ধৰা । 

( iii ) সামাজিক তথা শৈক্ষিক উদ্দেশ্যৰ বাবে কল্যাণমূলক সাহায্য বা ঋণৰ যােগান ধৰা । 

৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা । 

উত্তৰঃ বাণিজ্যিক বেংকসমূহ হৈছে কেন্দ্রীয় বেংকৰ নির্দেশনা মানি জনসাধাৰণ তথা বিভিন্ন অনুষ্ঠান আদিৰ পৰা সঞ্চয় গ্ৰহণ কৰাৰ লগতে এইবােৰক ঋণ প্রদান কৰা এক বিত্তীয় প্রতিষ্ঠান । বর্তমান সময়ত বাণিজ্যিক বেংকসমূহ হ’ল আধুনিক অর্থনৈতিক ব্যৱস্থাৰ প্ৰধান স্তম্ভসমূহৰ এটা ।

বাণিজ্যিক বেংকে সম্পাদন কৰা প্রধান কার্যসমূহ হৈছেঃ 

( ক ) সঞ্চয় বা আমানত গ্রহণ :- বাণিজ্যিক বেংকসমূহে সঞ্চয় কৰিবলৈ সক্ষম ব্যক্তি তথা অনুষ্ঠানসমূহৰ পৰা যথেষ্ট পৰিমাণৰ সুত সহ আমানত ধন ঘূৰাই দিয়াৰ প্রতিশ্রুতিৰে সঞ্চয় গ্রহণ কৰে । বাণিজ্যিক বেংকে তিনি ধৰণৰ সঞ্চয় গ্রহণ কৰে ।

এইকেইটা হৈছেঃ 

( i ) চলিত আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে যিকোনাে সময়তে নিজৰ ধন বেংকৰ পৰা উলিয়াই নিব পাৰে । 

( ii ) সঞ্চয় আমানত :- এই ধৰণৰ সঞ্চয় ব্যৱস্থাত আমানতকাৰী বা সঞ্চয়কাৰীয়ে প্রয়ােজন অনুসৰি যিকোনাে সময়তে নিজৰ জমাধনৰ এটা অংশ উলিয়াই আনিব পাৰে কিন্তু আনটো অংশ উলিয়াবলৈ হ’লে বেংকৰ পৰা আগতীয়া অনুমতিৰ প্রয়ােজন হ’ব । 

( iii ) স্থিৰ বা কাল আমানত :- এই সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে এক , দুই বা পাঁচ বছৰৰ এক নির্দিষ্ট সময়ৰ বাবে ধনৰাশি বেংকত সঞ্চয় কৰিব পাৰে কিন্তু যিকোনাে সময়তে বেংকক আগতীয়াকৈ নজনােৱাকৈ জমাধন উলিয়াই নিব নােৱাৰে । এই ব্যৱস্থাত সঞ্চয়কাৰীয়ে জমাধন উলিয়াবলৈ হ’লে বেংকক আগতীয়াকৈ জনাব লাগে । 

( খ ) ঋণৰ যােগান ধৰে :- বাণিজ্যিক বেংক সমূহে কৃষক , কাৰিকৰ , উদ্যোগপতি , ঠেলাচালক , ৰিক্সাচালক আদিৰ উপযােগী হােৱাকৈ ঋণৰ যোগান ধৰে । বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্রস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে আগবঢ়ায় ।

৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা : 

( ক ) আই ডি বি আই

( খ ) আঞ্চলিক গ্রাম্য বেংক

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক 

উত্তৰঃ ( ক ) আই ডি বি আই :- ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক , চমুকৈ আই ডি বি আয়ে সম্পাদন কৰা কাৰ্যসমূহ দুটা বিস্তৃত ভাগত বিভক্ত কৰিব পাৰি । এইকেইটা হৈছেঃ 

মুখ্য কার্য : 

( i ) ঔদ্যোগিত উন্নয়নৰ বাবে ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ প্রত্যক্ষ বা পৰােক্ষভাৱে বিত্তীয় সাহায্য প্রদান কৰে । 

( ii ) দেশৰ ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰাত সহায় কৰে ।

গৌণ কার্য :

( i ) আর্থিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগবােৰলৈ ৰেহাই সুতৰ হাৰত ঋণ আগবঢ়ায় । 

( ii ) প্রশিক্ষৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহতঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে নতুন প্রজন্মক উৎসাহিত কৰে । 

( খ ) আঞ্চলিক গ্রাম্য বেংক : ১৯৭৫ চনত প্ৰথমতে ৫ টা আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয় । এই বেংকে সম্পাদন কৰা মূল কাম দুটা হ’ল-

( ১ ) বেপাৰী , মহাজনসকলৰ পৰা অত্যধিক সুদ দি ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া আৰু 

( ২ ) গ্রাম্য সঞ্চয় সংগ্রহ কৰি বিভিন্ন উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা । ভাৰতবৰ্ষত বৰ্তমান (২০১৪ চন ) ৫৭ টা আঞ্চলিক গ্ৰাম্য বেংক কাৰ্যকৰী হৈ আছে ।

( গ ) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক :-  কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক , চমুকৈ নাবার্ডে সম্পাদন কৰা কার্যসমূহ হৈছেঃ 

( i ) গ্রাম্য অঞ্চলত বিনিয়ােগ আৰু উৎপাদন কার্যক উৎসাহিত কৰা শীর্ষ উন্নয়নমূলক বেংক হিচাপে সেৱা আগবঢ়োৱা । 

( ii ) ঋণ বা অগ্রিম ধন প্রদান প্রক্রিয়া সহজ কৰি তােলা । 

( iii ) বিভিন্ন গ্রাম্য আঁচনিসমূহৰ পুনৰীক্ষণ আৰু পর্যালােচনা কৰা ৷ 

( iv ) হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰা । 

( v ) কেন্দ্রীয় চৰকাৰ , ৰাজ্যিক চৰকাৰ , ভাৰতীয় ৰিজাৰ্ভ বেংক আদিৰ গ্ৰাম্য ঋণ প্রদান কার্যকলাপৰ সৈতে সমন্বয় ৰক্ষা কৰা । 

( ঘ ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক :- ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকৰ প্ৰধান কার্যসমূহ হৈছেঃ-

( i )  ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা । 

( ii ) ক্ষুদ্র উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰা । 

( iii ) অর্ধ-নগৰীয়া অঞ্চলসমূহৰ উদ্যোগসমূহত অধিক নিয়ােগৰ ব্যৱস্থা কৰি নগৰীয়া অঞ্চলসমূহলৈ হােৱা জনপ্ৰব্ৰজন ৰােধ কৰা । 

( iv ) ঔদ্যোগিক নিগম , ৰাজ্যিক বিত্ত নিগম , সমবায় বেংক , আঞ্চলিক গ্রাম্য বেংক আৰু বাণিজ্যিক রেংকসমূহলৈ ঋণ তথা বিত্তীয় সাহায্য আগবঢ়োৱা যাতে এই বিত্তীয় প্রতিষ্ঠানসমূহে ক্ষুদ্র উদ্যোগসমূহলৈ ঋণৰ যােগান ধৰিব পাৰে ।

3 thoughts on “Class 10 Political and Economies Chapter 3 মুদ্রা আৰু বেংক ব্যৱস্থা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top