Class 10 Political and Economies Chapter – 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Political and Economies Chapter – 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – সমাধান and select needs one.
Class 10 Political and Economies Chapter – 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Political and Economies Chapter – 2 আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
( INTERNATIONAL ORGANIZATION – THE UNITED NATIONS ORGANIZATION AND OTHERS)
তৃতীয় খণ্ড
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
প্রশ্ন ১। প্ৰথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘ।
প্রশ্ন ২। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ বাবে গঠন হোৱা বিশ্ব সংস্থাটোৰ নাম কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘ।
প্রশ্ন ৩। ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।
প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত্ত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল?
উত্তৰঃ স্থানফ্রান্সিস্কো সম্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই।
প্রশ্ন ৫। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান?
উত্তৰঃ ১৯৩ খন।
প্রশ্ন ৬। ৰাষ্ট্ৰসংঘৰ চনদত্ত কিমানটা অনুচ্ছেদ আছে?
উত্তৰঃ ১১১ টা।
প্রশ্ন ৭। ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে?
উত্তৰঃ সাধাৰণ পৰিষদে।
প্রশ্ন ৮। সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই কিমানজনকৈ প্ৰতিনিধি পঠাব পাৰে?
উত্তৰঃ ৫ জনকৈ।
প্রশ্ন ৯। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ সংশোধন কৰি অস্থায়ী সংস্থা কিমান জনলৈ বৃদ্ধি কৰা হয়।
উত্তৰঃ ১০ জনলৈ।
প্রশ্ন ১০। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক কোনে নিৰ্বাচিত কৰে?
উত্তৰঃ সাধাৰণ সভাই।
অতি চমু উত্তৰৰ প্রশ্ন :
১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ বিশ্বশান্তি সুনিশ্চিত কৰাৰ লগতে অন্য এখন বিশ্বযুদ্ধৰ পৰা পৃথিৱীক বিৰত ৰাখিবলৈ ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল ।
২। বাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছেঃ
( ক ) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰক্ষা কৰা । আৰু
( খ ) সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ সকলােবােৰ দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা ।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হৈছেঃ
( ক ) সাধাৰণ সভা ।
( খ ) নিৰাপত্তা পৰিষদ ।
( গ ) অর্থনৈতিক আৰু সামাজিক পৰিষদ ।
( ঘ ) ন্যাসৰক্ষী পৰিষদ ।
( ঙ ) আন্তর্জাতিকন্যায়ালয় । আৰু
( চ ) সচিবালয় ।
৪ । ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা অভিকৰণ বা এজেন্সিৰ নাম লিখা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা অভিকৰণ হৈছে :
( ক ) আন্তর্জাতিক শ্রমিক সংঘ ( ILO )
( খ ) বিশ্ব স্বাস্থ্য সংস্থা ( WHO )
৫। নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তিৰ নাম লিখা ।
উত্তৰঃ নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তি হৈছেঃ
( ক ) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি ( 1963 ) ।
( খ ) পাৰমাণৱিক অস্ত্র – সংকোচন চুক্তি ।
৬। মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰঃ বিশ্বৰ প্ৰতিগৰাকী ব্যক্তিকে এটা মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়ােজন হােৱা চর্তসমূহকে মানৱ অধিকাৰ বুলি কোৱা হয় ।
দীঘল উত্তৰৰ প্ৰশ্ন :
১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলােচনা কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্যসমূহ হৈছেঃ
( ক ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ।
( খ ) ‘ সম অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা ।
( গ ) আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰ ভিত্তিত অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰতিজন মানুহেই যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভােগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা ।
( ঘ ) বিভিন্ন দেশসমূহৰ মাজত সু – সম্পর্ক গঢ়ি তুলিবলৈ প্রধান কেন্দ্র হিচাপে কাম কৰা ।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ :
( ক ) সকলােবােৰ সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব ।
( খ ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখিত নিয়মাৱলী মানি লৈ সকলোবােৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব ।
( গ ) আন্তঃৰাষ্ট্ৰীয় শান্তি , নিৰাপত্তা আৰু ন্যায় বিঘ্নিত নােহােৱাকৈ সকলাে সদস্য ৰাষ্ট্ৰই সকলাে ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব ।
( ঘ ) সৌহাদ্যপূর্ণ আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনাে সদস্য ৰাষ্ট্ৰই ভাবুকি বা শক্তি প্রয়ােগ কৰিব নােৱাৰিব ।
( ঙ ) প্রয়ােজন সাপেক্ষে সকলোবােৰ সদস্য ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘলৈ সহায়ৰ হাত আগবঢ়াব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ প্রতি সহায় আগবঢ়াব নােৱাৰিব ।
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা ।
উত্তৰঃ নিৰাপত্তা পৰিষদ হৈছে ৰাষ্ট্ৰসংঘৰ সবাতােকৈ গুৰুত্বপূর্ণ অংগ । ৰাষ্ট্ৰসংঘৰ গঠনৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৬ খন ।
ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হৈছে – আমেৰিকা যুক্তৰাষ্ট্র , গ্রেট ব্রিটেইন , ফ্রান্স , ৰাছিয়া আৰু চীন । ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ সংশােধনীৰ দ্বাৰা ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬ খনৰ পৰা ১০ খনলৈ বৃদ্ধি কৰা হয় ।
নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে । প্ৰতিখন স্থায়ী সদস্য ৰাষ্ট্ৰয়েই এক বিশেষ ক্ষমতা প্রয়ােগ কৰিব পাৰে যাক “ ভেটো ” বুলি কোৱা হয়।
ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হােৱা যিকোনাে গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচখন সদস্য ৰাষ্ট্রসহ মুঠ ৯ খন সদস্য ৰাষ্ট্ৰৰ সন্মতি থাকিব লাগিব ।
S.L. No. | Contents |
HISTORY (ইতিহাস) | |
পাঠ-1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন |
পাঠ-2 | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম |
পাঠ-3 | অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ |
পাঠ-4 | ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ |
পাঠ-5 | ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য |
GEOGRAPHY (ভূগােল) | |
পাঠ-1 | অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ |
পাঠ-2 | পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা |
পাঠ-3 | পৃথিৱীৰ ভূগোল |
পাঠ-4 | অসমৰ ভূগোল |
POLITICAL SCIENCE AND ECONOMICS | |
পাঠ-1 | ভাৰতীয় গণতন্ত্ৰ |
পাঠ-2 | আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য |
পাঠ-3 | মুদ্রা আৰু বেংক ব্যৱস্থা |
পাঠ-4 | অৰ্থনৈতিক উন্নয়ন |
৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপসমূহ আলােচনা কৰা ।
উত্তৰঃ বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পদক্ষেপসমূহ হলঃ
( ক ) নিৰস্ত্রীকৰণ আয়ােগ :- বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধসদৃশ পৰিস্থিতি আঁতৰ কৰিবলৈ ৰাষ্ট্ৰসংঘই ১৯৫২ চনত নিৰস্ত্রীকৰণ আয়ােগৰ প্রতিষ্ঠা কৰিছিল ।
( খ ) চুক্তি তথা সন্ধি :- ৰাষ্ট্ৰসংঘই সম্পাদন কৰা চুক্তিসমূহ হৈছে আংশিক পাৰমাণৱিক পৰীক্ষণ নিষিদ্ধকৰণ চুক্তি ( ১৯৬৩ ) , বহিঃমহাকাশ চুক্তি ( ১৯৬৭ ) , পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি ( ১৯৬৮ ) , সমুদ্ৰতলি নিয়ন্ত্রণ চুক্তি ( ১৯৭১ ) , ছল্ট -১ ( ১৯৭২ ) , ছল্ট -২ ( ১৯৭৯ ) , পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি ( ১৯৯৩ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -১ ( START – 1, ১৯৯১ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -২ ( START – 2 , ১৯৯৩ ) আৰু পাৰমাণৱিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ( ১৯৯৬ ) ।
( গ ) প্রতিবােধমূলক কূটনীতি :- আলােচনাৰ মাধ্যমেৰে বিবাদ মীমাংসাৰ জৰিয়তে বিশ্বশান্তি উত্তৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত প্ৰতিৰােধমূলক কূটনীতি অৱলম্বন কৰিছিল ।
৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ সম্পর্কত এটা টোকা লিখা ।
উত্তৰঃ ভাৰতত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰত ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা জাৰি কৰা এখন অধ্যাদেশৰ জৰিয়তে সেই বছৰৰে ১২ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগৰ গঠন কৰা হয় ।
১৯৯৪ চনৰ ৮ জানুৱাৰীত ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনখন কার্যকৰী হয় । এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ গঠন কৰা হয় । আয়ােগৰ সদস্যসকলৰ থাকিবলগীয়া অহর্তাসমূহ হৈছেঃ
( ক ) আয়ােগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব ।
( খ ) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব ।
( গ ) এজন সদস্য কোনাে উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব ৷
( ঘ ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তি হ’ব লাগিব ৷
( ঙ ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ সভাপতি , অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়ােগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়ােগৰ অধ্যক্ষও আয়ােগৰ সদস্য হিচাপে অধিষ্ঠিত হ’ব ।
আয়ােগৰ সদস্যসকলক পাঁচ বছৰীয়া কার্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে । আয়ােগে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ লগত জড়িত সকলােবােৰ বিষয়ৰ মূল্যায়ন কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব লাগে ।
৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপ আলােচনা কৰা ।
উত্তৰঃ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা তথা শান্তিপূর্ণ পৰিৱেশ ৰক্ষা কৰাৰ লগতে মানৱ অধিকাৰসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতাে যথেষ্ট গুৰুত্ব আৰােপ কৰি আহিছে ।
সেয়েহে , বিশ্বৰ প্রত্যেকজন ব্যক্তিকে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়ােজন হােৱা অধিকাৰসমূহক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘই ৪৮ খন সদস্য ৰাষ্ট্রৰ সমৰ্থনত ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ ঘােষণাপত্র গ্রহণ কৰে ।
মানৱ অধিকাৰ ঘােষণাপত্ৰৰ উদ্দেশ্যসমূহ হল :
( ক ) বিশ্বৰ জনগণৰ প্ৰয়ােজনীয় অধিকাৰসমূহ ঘােষণাপত্রত সন্নিৱিষ্ট কৰা ।
( খ ) ঘােষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ স্বীকৃতি আদায় কৰা ।
এইদৰে ৰাষ্ট্ৰসংঘই প্রতিজন ব্যক্তিৰে মর্যাদাপূর্ণ জীৱনক সুৰক্ষিত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে আৰু এইটো স্পষ্ট কৰি দিছে যে কোনাে ৰাষ্ট্ৰয়েই দেশৰ নাগৰিকক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিব নােৱাৰে ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.