Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ

Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ and select need one.

Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 5 ৰাষ্ট্ৰসংঘ Solutions for All Subject, You can practice these here…

প্রশ্ন ২। নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে আলোচনা কৰা। 

উত্তৰ :- নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে ৰাষ্ট্ৰসংঘৰ পঞ্চম অধ্যায়ব অনুচ্ছেদ নং ২৩ ৰ পৰা ৩২ৰ ভিতৰত উল্লেখ আছে। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য বাষ্ট্ৰৰ সংখ্যা ৫ খন। সেই কেইখন হ’ল চীন, ৰাচিয়া, ফ্রান্স, ব্রিটেইন, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। স্থায়ী সদস্য ৰাষ্ট্রৰ উপৰিও আন সদস্য ৰাষ্ট্ৰ হৈছে ৬ খন। এই কেইখন সদস্য ৰাষ্ট্ৰক সাধাৰণ পৰিষদে দুবছৰীয়া কাৰ্যকালৰ বাবে মনোনীত কৰে। বর্তমান স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা একে থাকিলেও ১৯৭১ চনৰ ২৩ নৱেম্বৰত অন্যান্য ৰাষ্ট্ৰৰ সংখ্যা ১১ খনৰপৰা ১৫ খনলৈ বৃদ্ধি কৰা হৈছে। নৰাপত্তা পৰিষদৰ সভা সঘনে অনুষ্ঠিত হয়।

ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাম-কাজ নিয়াৰিকৈ সম্পন্ন কৰিবৰ বাবে ছয়টা প্রধান অংগ আছে। সেই অংগকেইটা হৈছে— 

(ক) নিৰাপত্তা পৰিষদ (Security Council)

(খ) সাধাৰণ সভা (General Assembly)

(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ (Economic and Social Council)

(ঘ) আন্তর্জাতিক ন্যায়ালয় (International Court of Justice ) (ঙ) ন্যাসৰক্ষী পৰিষদ (Trusteeship Council) আৰু

(ঢ) সচিবালয় (Secretariat) |

তলত দিয়া ‘নিৰাপা পৰিষদ’ আৰু ‘সাধাৰণ সভা’ৰ গঠন প্ৰণালী আৰু ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা হ’ল।

‘নিৰাপা পৰিষদ’ হৈছে ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ। নিৰাপত্তা পৰিষদে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাত মূল দায়ৱদ্ধতা বহন কৰে। আৰম্ভণিতে নিৰাপত্তা পৰিষদৰ সদস্য সংখ্যা আছিল এঘাৰ জন, পিছলৈ ১৯৬৫ চনৰপৰা সদস্য সংখ্যা ১৫ জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদত দুই ধৰণৰ সদস্য পাকে–স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰ। স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন হৈছে—আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাচিয়া, ফ্রান্স, ইংলেণ্ড আৰু চীনদেশ। নিৰাপত্তা পৰিষদৰ আন ১০ গৰাকী সদস্যক সাধাৰণ সভাই দুই বছৰৰ কাৰণে নিৰ্বাচিত কৰে। প্রত্যেক সদস্য ৰাষ্ট্ৰৰ এটাকৈ ভোট থাকে কিন্তু স্থায়ী সদস্য ৰাষ্ট্ৰৰ এক বিশেষাধিকাৰ থাকে যাক ‘ভেটো’ (veto) বুলি কোৱা হয়। ভেটো প্ৰয়োগ কৰি কোনো স্থায়ী সদস্যই নিৰাপত্তা পৰিষদৰ যিকোনো সিদ্ধান্ত সলনি বা নাকচ কৰিব ৰে। সঘনে ভেটোৰ প্ৰয়োগৰ ফলত জৰুৰীকালীন ব্যৱস্থা লোৱা বিষয়ত অসুবিধাৰ সৃষ্টি হোৱাত তাৰ উপায় হিচাপে সাধাৰণ সভাই ১৯৫০ চনত এক প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সেই প্রস্তাৱ মতে যদি সাধাৰণ সভাই দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে কোনো কাৰ্যপন্থা হাতত লয়, সেই কাৰ্যব্যৱস্থা নিৰাপত্তা পৰিষদৰ কোনো সদস্যই ভেটো প্ৰয়োগ কৰিলেও নাকচ নহয়। নিৰাপত্তা পৰিষদৰ প্ৰধান দায়িত্ব হৈছে আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। বিশ্বশান্তি ভংগ হোৱাৰ উপক্ৰম হ’লে নিৰাপত্তা পৰিষদে বিবদিমান ৰাষ্ট্ৰবোৰক আলাপ আলোচনাৰ মাজেদি বা মধ্যস্থতাকাৰীৰ জৰিয়তে, দেশবোৰক, নিজ নিজ সমস্যাবোৰ সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে। সেই পৰামৰ্শ বাস্তব ক্ষেত্ৰত কাৰ্যকৰী নহ’লে নিৰাপত্তা পৰিষদে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব পাৰে। 

‘‘সাধাৰণ সভা’ ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূৰ্ণ ত মুখ্য অংগ। এই সভাখন ৰাষ্ট্ৰসংঘৰ সকলো সদস্যৰাষ্ট্ৰৰ প্রতিনিধিবর্গক লৈ গঠিত সাধাৰণ সভাৰ বাবে প্রত্যেক সদস্য ৰাষ্ট্ৰই পাচজন প্রতিনিধি, পাঁচজন বিকল্প প্রতিনিধি আৰু আন আন বিশেষজ্ঞ পঠাব পাৰে। প্রত্যেক সদস্য ৰাষ্ট্রৰ মাত্ৰ এটাকৈ ভোট থাকে। ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ থকা সকলো বিষয়ৰ ওপৰত সাধাৰণ সভাই আলোচনা বিলোচনা কৰিব পাৰে আৰু সাধাৰণ বিষয়বোৰ সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা মীমাংসা কৰা হয়। 

কিছুমান গুৰুত্বপূর্ণ বিষয়, যেনে ৰাষ্ট্ৰসংঘৰ বাজেট, নিৰাপত্তা সম্পৰ্কীয় প্রশ্ন, সদস্য ভর্তিকৰণ আৰু বহিষ্কৰণ, ৰাষ্ট্ৰসংঘৰ নতুন সদস্য বাছনি আদিৰ বাবে সাধাৰণ সভাত দুই-তৃতীয়াংশ ভোটৰ প্ৰয়োজন হয়। প্রত্যেক বছৰৰ চেপ্টেম্বৰ মাহত সাধাৰণ সভাৰ বছৰেকীয়া অধিৱেশনখন অনুষ্ঠিত হয়। ইয়াৰোপৰি প্ৰয়োজন অনুসৰি সাধাৰণ সভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰো ব্যৱস্থা আছে। সাধাৰণ সভাৰ কাম-কাজ চলাবৰ বাবে অধিৱেশন আৰম্ভ হোৱাৰ আগতে এজন সভাপতি আৰু সাতজন উপসভাপতি নির্বাচন কৰা হয় আৰু অধিৱেশনৰ সামৰণিত সভাপতিৰ কাৰ্যকালো শেষ হয়।

ৰাষ্ট্ৰসংঘৰ এক প্রধান অংগ হিচাপে সাধাৰণ সভাই বিভিন্ন দায়িত্ব পালন কৰে। সাধাৰণ সভাই ৰাষ্ট্ৰসংঘৰ আন আন অংগবিলাকৰ কামবোৰ পর্যালোচনা কৰে আৰু প্ৰয়োজনানুসাৰে নতুন সংঘ গঠন কৰিব পাৰে। বিশ্বশান্তি ভংগ হোৱাৰ সম্ভাৱনাই দেখা দিলে সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। সাধাৰণ সভাই নিৰাপত্তা পৰিষদৰ অনুমোদনক্ৰমে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক (Secretary General) নিযুক্তি দিয়ে। তাৰোপৰি সধাৰণসভাই নিৰাপত্তা পৰিষদৰ সদস্য, অর্থনৈতিক পৰিষদৰ ,সদস্য সামাজিক পৰিষদৰ সদস্য আৰু ন্যাসৰক্ষী পৰিষদৰ সদস্যসকলক নির্বাচিত কৰে। সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে বেলেগে বেলেগে ভোট দি আন্তর্জাতিক ন্যায়ালয়ৰ সদস্যসকলক নির্বাচিত কৰে।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৩। ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ কি কি ?

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ ১ম অনুচ্ছেদত ইয়াৰ ৬টা প্রধান অংগৰ বিষয়ে উল্লেখ আছে। সেই অংগসমূহ হ’ল—

(ক) সাধাৰণ পৰিষদ।

(খ) নিৰাপত্তা পৰিষদ

(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ

(ঘ) ন্যাস পৰিষদ

(ঙ) আন্তঃৰাষ্ট্ৰীয় আদালত

(চ) সচিবালয়।

এই অংগসমূহৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল—

(ক) সাধাৰণ পৰিষদ :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ চতুর্থ অধ্যায়ত অনুচ্ছেদ নং ৯ৰপৰা ২২ লৈ সাধাৰণ পৰিষদৰ গঠন, কার্য পদ্ধতি আৰু ক্ষমতা সম্পর্কে উল্লেখ আছে।ৰাষ্ট্ৰসংঘ গঠিত হোৱা বছৰটোত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫১ খন। বৰ্তমান ইয়াৰ সংখ্যা হ’ল ১৮৫ খন।

প্রতিবছৰৰ চেপ্তেম্বৰ মাহৰ তৃতীয় মংগলবাৰৰপৰা এবাৰকৈ সাধাৰণ পৰিষদৰ বার্ষিক অধিবেশন বহিব লাগে। সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থা বা অংগই দাখিল কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত ল’ব পাৰে, নতুন সদস্য অন্তর্ভূক্ত কৰিব পাৰে, বাজেটৰ প্রতি অনুমোদন জনাব পাৰে আৰু নিৰাপত্তা পৰিষদৰ পৰামৰ্শ মৰ্মে সচিব প্রধানজনক নিযুক্তি দিব পাৰে৷

(খ) নিৰাপত্তা পৰিষদ :- সংবিধানৰ পঞ্চম অধ্যায়ৰ অনুচ্ছেদ নং ২৩ৰপৰা ৩২ৰ ভিতৰত নিৰাপত্তা পৰিষদৰ গঠনৰ বিষয়ে উল্লেখ আছে। নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আদিতে ১১ খন আছিল। তাৰ ভিতৰত ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰ আৰু ৬ খন অন্যান্য সদস্য ৰাষ্ট্র। এই ৬ খন সদস্য ৰাষ্ট্ৰৰ সাধাৰণ পৰিষদে দুবছৰীয়া কাৰ্যকালৰ বাবে মনোনীত কৰে। ১৯৭১ চনৰ ২৩ নৱেম্ববত অন্যান্য সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১১ খনৰপৰা ১৫ খনলৈ বৃদ্ধি কৰা হয়।

(গ) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ :- সংবিধানৰ দশম অধ্যায়ত অনুচ্ছেদ নং ৬১ৰপৰা ৭২বলৈ অৰ্থনৈতিক পৰিষদৰ গঠন প্রণালী, কাৰ্যসূচী আৰু ক্ষমতা সম্পর্কে উল্লেখ আছে। অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৫৪ খন। সদস্যসকলৰ কাৰ্যকাল তিনি বছৰীয়া। প্ৰতিখন সদস্য ৰাষ্ট্ৰৰে একোটাকৈ ভোট আছে। প্রতিবছৰে এই পৰিষদৰ একোখনকৈ দুমহীয়া সভা অনুষ্ঠিত হয়। এখন অনুষ্ঠিত হয় নিউইয়র্কত আৰু আনখন চুইজাৰলেণ্ডৰ জেনেভাত।

(ঘ) ন্যাস পৰিষদ :- সংবিধানৰ ত্রয়োদশ অধ্যায়ত (অনুচ্ছেদ নং ৮৬ৰপৰা ৯১ লৈকে) ন্যাস পৰিষদৰ গঠন, কাৰ্যসূচী আৰু ক্ষমতা সম্পর্কে উল্লেখ কৰা আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভালেমান অনুন্নত উপনিৱেশ বৃহৎ শক্তিসমূহৰ তত্বাৱধানত ৰখাৰ ব্যৱস্থা কৰা হৈছিল যাতে সেই বিলাক উপনিৱেশে প্ৰগতিৰ পথত দ্ৰুতভাৱে অগ্ৰসৰ হৈ স্বাধীনতাৰ বাবে প্রস্তুত হ’ব পাৰে। ন্যাস পৰিষদৰ প্রধান কাম হৈছে এনেধৰণৰ উন্নয়নৰ দিশটোৰ প্ৰতি লক্ষ্য ৰখা।

(ঙ) আন্তঃৰাষ্ট্ৰীয় আদালত :- ৰাষ্ট্ৰসংঘৰ সংবিধানৰ অনুচ্ছেদ নং ১২, ৯৩, ১৪, ৯৫ আৰু ৯৬ত আন্তঃৰাষ্ট্ৰীয় আদালতৰ গঠন, কার্যপদ্ধতি আৰু ক্ষমতাৰ পৰিমণ্ডল তথা এক্তিয়াৰ সম্পর্কে বিস্তৃতভাৱে উল্লেখ কৰা আছে। সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে নিযুক্তি দিয়া ১৫ জন বিচাৰকৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় আদালত গঠিত হয়। বিচাৰকসকলৰ কাৰ্যকাল ৯ বছৰীয়া। এওঁলোক পুনৰ নির্বাচিত হোৱাত সাংবিধানিক কোনো বাধা নিষেধ নাই।

(চ) সচিবালয় :- ১৯৪৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কাম-কাজ আৰম্ভ হয় আৰু সেইদিনাই আনুষ্ঠানিকভারে সচিবালয় স্থাপন কৰা হয়। সচিবালয় গঠন কাৰ্যসূচী আৰু ক্ষমতা সম্পৰ্কে সংবিধানৰ পঞ্চদশ অধ্যায়ৰ অনুচ্ছেদ নং ৯৭ৰপৰা ১০১লৈ বিতংভাৱে উল্লেখ কৰা আছে। ৯৭ নং অনুচ্ছেদত উল্লেখ আছে যে নিৰাপত্তা পৰিষদৰ পৰামৰ্শ মর্মে সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানক নিযুক্তি দিয়ে। সচিব প্রধানে ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ সমৃদায় দায়িত্ব পৰিচালনা কৰে। এওঁ ৰাষ্ট্ৰসংঘৰ প্ৰধান প্রশাসনিক বিষয়া। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ বিধান পৰিষদ তথা সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিসদ, ন্যাস পৰিসদ আৰু ৰাষ্ট্ৰসংঘৰ সংবিধান নিসৃত আনুষংগিকসমূহ সংগঠন আৰু প্ৰতিষ্ঠানৰ প্রতি সততে সেৱা” আগবঢ়াব লাগে।

প্রশ্ন ৪। ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগৰ কাম কি আলোচনা কৰা।

উত্তৰ :- ৰাষ্ট্ৰসংঘৰ বিভিন্ন অংগসমূহৰ কাম-কাজসমূহ আলোচনা কৰা সাধাৰণ পৰিষদ ৰাষ্ট্ৰসংঘৰ এটা প্রধান অংগ। ই বাষ্ট্রসংঘব অন্যান্য সংস্থা বা অংগই দাখিল কৰা প্ৰতিবেদনৰ ওপৰত আলোচনা আৰু সিদ্ধান্ত কৰিব পাৰে, নতুন সদস্য অন্তর্ভূক্ত কৰিব পাবে, বাজেটৰ প্রতি অনুমোদন জনাব পাৰে আৰু নিৰাপত্তা পৰিষদৰ পৰামর্শ মৰ্মে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক নিযুক্তি দিব পাবে।

নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখযোগ্য অংগ। ইয়াৰ কামসমূহ হৈছে—

১। আন্তঃৰাষ্ট্ৰীয় শক্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।

২। শাস্তি ভংগ কৰিবপৰা বিবাদ বা উৎসসমূহৰ অনুসন্ধান কৰা।

 ৩। অস্ত্র নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা আৰু উপায় উদ্ভাৱন কৰা।

৪। যুদ্ধ সন্নিকট হ’লে তাক প্ৰতিৰোধ কৰা।

৫। যুদ্ধৰত দেশৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰাৰ ব্যৱস্থা কৰা। 

৬। যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হলে আলোচনাৰ মাধ্যমত দ্বিপাক্ষিক বা বহুপাক্ষিক বিবাদ বা সমস্যা সমাধান কৰা।

৭। প্রয়োজন সাপেক্ষে নিজাববীয়াকৈ শান্তিৰক্ষা বাহিনী প্ৰেৰণ কৰা।

৮। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান নিয়োগ কৰিবলৈ সাধাৰণ পৰিষদক পৰামর্শ দিয়া।

 ৯। নিৰাপত্তা পৰিষদৰ পাঁচখন স্থায়ী সদস্য ৰাষ্ট্ৰৰ প্রত্যেকেই সুকীয়া সুকীয়াকৈ ভেটো প্ৰদান কৰিব পাৰে।

১০। নিৰাপত্তা পৰিষদে নিজৰ সিদ্ধান্ত কার্যকৰী কৰাৰ ক্ষেত্ৰত সময় সাপেক্ষে কোনো দোষী বাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰূপে অর্থনৈতিক অবৰোধ অথবা সামূহিকভাৱে সামৰিক শক্তি প্রয়োগ কৰিব পাৰে।

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ কামসমূহ হৈছে—

১। বিশ্বৰ মানৱ সমাজৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্য আদি আনুষংগিক বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন, অনুসন্ধান আৰু প্ৰতিবেদন প্রস্তুত কৰা।

২। মানৱ অধিকাৰৰ প্রতি সমাজত সমাদৰ বৃদ্ধি কৰা, তাক ৰক্ষা কৰাৰ ব্যৱস্থা কৰা আৰু সকলো মানুহৰ বাবে স্বাধীনতাৰ মৌলিক চৰ্তসমূহ পৰিপূৰ্ণৰ চেষ্টা কৰা।

৩। নির্দিষ্ট বিষয়ৰ ওপৰত আস্তঃৰাষ্ট্ৰীয় সম্মিলন অনুষ্ঠিত কৰি সেই সন্মিলনৰ আলোচনাৰ ভিত্তিত সাধাৰণ পৰিষদত দাখিল কৰিবলৈ প্রতিবেদন প্রস্তুত কৰা আৰু

৪। সাধাৰণ পৰিষদৰ অনুমোদন সাপেক্ষে সদস্য ৰাষ্ট্ৰৰ প্ৰতি সেৱা দান কৰা ইত্যাদি।ৰাষ্ট্ৰসংঘৰ আন এক অংগ আস্তঃৰাষ্ট্ৰীয় আদালতৰ কাৰ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক বিবাদ। কোনো সদস্য ৰাষ্ট্ৰই উত্থাপন কৰা বিবাদ বা সমস্যা সম্পৰ্কে আৰু ৰাষ্ট্ৰসংঘৰ সংবিধানে সামৰি লোৱা বিষয়ৰ ওপৰত আস্তঃৰাষ্ট্ৰীয় আদালতে ৰায় বা সিদ্ধান্ত দিব পাৰে আৰু তেনে ৰায় বা সিদ্ধাস্ত বিবাদমান পক্ষৰ বাবে বাধ্যতামূলক তথা অৱশ্যে পালনীয় বুলি পৰিগণিত হয়। ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখযোগ্য অংগ হৈছে সচিবালয়। এই সচিবালয়ৰ

কাম-কাজ সচিব প্রধানে পৰিচালনা কৰে। সচিবালয়ে ৰাষ্ট্ৰসংঘৰ বিধান পৰিষদ তথা সাধাৰণ পৰিষদ, নিৰাপত্তা পৰিষদ, অর্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাস পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ সংবিধান নিসৃত আনুষংগিকসমূহ সংগঠন আৰু প্ৰতিষ্ঠানৰ প্ৰতি সততে সেৱা দান কৰিব লাগে। সচিব প্রধানজন ৰাষ্ট্ৰসংঘৰ বার্ষিক বাজেট প্রস্তুত কৰাৰ বাবে দায়বদ্ধ । তেওঁ ৰাষ্ট্ৰসংঘৰ সকলো কাম-কাজৰ অধিকাৰী।

এইদৰে ৰাষ্ট্ৰসংঘেৰ বিভিন্ন অংগসমূহে নিজ নিজ কাম-কাজ সমূহ পৰিচালনা কৰিব লাগে।

প্রশ্ন ৬। কোৰিয়াৰ যুদ্ধৰ কাৰণ সম্পর্কে আলোচনা কৰা।

উত্তৰ :- কোৰিয়াৰ সমস্যাটো ৰাষ্ট্ৰসংঘৰ বাবে এক প্রধান বাজনৈতিক সমস্যা আছিল। আনহাতে ই ৰাষ্ট্ৰসংঘৰ বাবে এক সামৰিক প্ৰত্যাহ্বানো আছিল। কিয়নো সেই সময়ত পৰস্পৰ বিৰোধী ছোভিয়েট শিৱিৰ আৰু মার্কিন শিৱিবৰ মাজত প্রচলিত শীতল যুদ্ধই সেই সমস্যাক বিশেষভাবে জটিল কৰি তুলিছিল।

দ্বিতীয় বিশ্বযুদ্ধত পৰাজিত হৈ জাপানে কোৰিয়াৰপৰা আঁতৰি যোৱাত উত্তৰ কোৰিয়া ছোভিয়েট প্রভাৱাধীন আৰু দক্ষিণ কোৰিয়া আমেৰিকা যুক্তৰাষ্ট্রব প্রভাৱাধীন এলেকাত পৰিণত হয়। সেয়ে দক্ষিণ কোৰিয়াৰপৰা মার্কিন আধিপত্য আঁতৰ কৰিবলৈ ১৯৫০ চনৰ জুন মাহত উত্তৰ কোবিয়াই দক্ষিণ কোৰিয়াৰ ওপৰত সামৰিক হস্তক্ষেপ আৰম্ভ কৰে। উত্তৰ কোৰিয়াক সমৰ্থন কৰি চীনেও এই সামরিক অভিযানত জড়িত হৈ পৰে। মার্কিনপন্থী দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘত অভিযোগ নামা দাখিল কৰে। এই অভিযোগৰ ভিত্তিত নিৰাপত্তা পৰিষদে উত্তৰ কোৰিয়াক দক্ষিণ কোৰিয়াৰপৰা আঁতৰি যাবলৈ নির্দেশ দিয়ে।

কিন্তু উত্তৰ কোৰিয়াই এই নির্দেশ অবমাননা কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেঁচাত নিৰাপত্তা পৰিষদে কোৰিয়াত সামৰিক হস্তক্ষেপ কৰাৰ সিদ্ধান্ত লৈ তাক কাৰ্যকৰী কৰে। এই সামৰিক অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰই ৫০ শতাংশৰ অধিক সৈনিক, ৮৫ শতাংশ নৌ বাহিনীৰ সৈনিক আৰু ৯৫ শতাংশ বিমান বাহিনীৰ যোগান ধৰিছিল। অর্থাৎ ৰাষ্ট্ৰসংঘই সামৰিক অভিযান চলোৱাৰ নাম লৈ প্ৰকৃততে আমেৰিকা যুক্তৰাষ্ট্ৰইহে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰিছিল। কিন্তু দিন অতিবাহিত হোৱাৰ লগে লগে কোৰিয়াৰ সমস্যা অধিক জটিল হৈহে পৰে, এটা সময়ত তাৰ সামৰিক সমাধান হোৱাৰ কোনো আশা নোহোৱা হৈ পৰে। আনহাতে এই সমস্যাক কেন্দ্ৰ কৰি আন এক তৃতীয় বিশ্বযুদ্ধ সৃষ্টি হোৱাৰ আশংকাই দেখা দিয়ে। অৱশেষত ৰাষ্ট্ৰসংঘৰ নেৰানেপেৰা চেষ্টাৰ ফলত দুয়োপক্ষৰ মাজত যুদ্ধ বিৰতি ঘোষণা কৰাৰ অন্তত সাময়িকভাৱে হ’লেও কোৰিয়াৰ সমস্যাৰ সমাধান কৰা হয়।

প্রশ্ন ৭। মধ্য প্ৰাচ্যৰ সমস্যা সমাধানত ৰাষ্ট্ৰসংঘই কিদৰে সফল হৈছিল ?

উত্তৰ :- মধ্য প্রাচ্যৰ সমস্যাই দীর্ঘদিন ধৰি বিশ্ব ৰাজনীতিত বিপদ বিন্দুৰূপে চিহ্নিত হৈ আছে। এই সমস্যা দুটা হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালছোৱাত গঢ়ি উঠা আৰৱ জাতীয়তাবাদ আৰু মধ্য প্রাচ্যত ইহুদীসকলৰ বাবে ইজৰায়েল নামে এখন নতুন ৰাষ্ট্ৰ তৈয়াৰ কৰাটো।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাৰ পেলেষ্টাইনলৈ প্রথমে ব্যাপক হাৰত ইহুদী লোকৰ প্ৰব্ৰজন ঘটোৱা হৈছিল। ১৯৪৭ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰসংঘই পেলেষ্টাইনক বিভাজিত কৰি দুখন দেশ আৰৱ আৰু ইজৰায়েল সৃষ্টি কৰাব পোষকতা কৰি সিদ্ধান্ত গ্রহণ কৰে আৰু ১৯৪৮ চনৰ ১৪ মে’ত পেলেষ্টাইনক বিভাজিত কৰি ইজৰায়েলৰ সৃষ্টি কবি আৰৱ জাতীয়তাবদক ক্ষুণ্ণ কৰা হয়। ইয়াৰ লগে লগে সংঘটিত হোৱা আৰৱ ইজৰায়েলৰ যুদ্ধত আৰৱ দেশসমূহ পৰাভূত হয়।

১৯৫০ আৰু ১৯৬০ দশকত ইজিপ্তৰ প্ৰেচিডেণ্ট গামাল আব্দেল নাছেৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থ সাহায্যত নীল নদীত আছোৱান বান্ধ তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিল। কিন্তু তাৰ কিছুদিন পিছত নাছেৰে ছোভিয়েট দেশৰপৰা অস্ত্র-শস্ত্ৰ ক্ৰয় কৰাত যুক্তৰাষ্ট্ৰই বান্ধ নিৰ্মাণ কৰিবলৈ অৰ্থ সাহায্য দিয়াটো বন্ধ কৰি দিয়ে৷ প্রেচিডেণ্ট নাচেৰেও পশ্চিমীয়া দেশ বিশেষকৈ ফ্রান্স আৰু ব্রিটেইনক এসেকা দিবলৈ মনস্থ কৰি ১৯৫৬ চনৰ ২৬ জুলাই তাৰিখে ছুয়েজ খালক জাতীয়কৰণ কৰে। লগে লগে ফ্রান্স, ব্ৰিটেইন আৰু ইজৰায়েলে ইজিপ্তৰ ওপৰত আক্রমণ আৰম্ভ কৰে।

এই ইংগ-ফৰাচী আক্ৰমণত ছোভিয়েট দেশে ৫ নৱেম্বৰ তাৰিখে ক্ষেপণাস্ত্র প্ৰয়োগ কৰি ইজিপ্তৰ পক্ষত যুদ্ধত অংশ গ্ৰহণ কৰিবলৈ ফ্রান্স আৰু ব্ৰিটেইনৰ প্রতি চৰম পত্র দিয়াত ৭ নৱেম্বৰত ফ্রান্স আৰু ব্ৰিটেইনে ইজিপ্তৰপৰা পশ্চাদাপসাৰণ কৰে। পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত ৰাষ্ট্ৰসংঘৰ জৰিয়তে শান্তিপূর্ণভাবে এই সমস্যাৰ সমাধান কৰা হয়।

আবৱ দেশসমূহে আকৱবা উপসাগৰটো ইজৰায়েলৰ জাহাজ চলাচলৰ বাবে বন্ধ কৰি দিয়াত ১৯৬৭ চনত পুনৰ এফালে ইজৰায়েল আৰু আনফালে ইজিপ্ত, জর্দান আৰু ছিৰিয়া আদি আৰৱ দেশসমূহৰ মাজত যুদ্ধ সংঘটিত হয়। যুদ্ধত আৰৱ দেশসমূহ পৰাভূত হয়। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ইজৰায়েলক সামৰিক সাহায্য দি আৰৱ ৰাষ্ট্ৰসমূহৰ বিপক্ষে জয়লাভ কৰাত সহায় কৰিছিল।

১৯৭৩ চনত ইজিপ্তে অতর্কিতে ইজৰায়েল আক্রমণ কৰে। এই যুদ্ধৰ সময়তে খনিজ তেল উৎপাদন কৰা আবৱ দেশসমূহে ইজৰায়েলৰ প্রতি সমর্থন দিয়া দেশ বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰকে আদি কৰি নাটোৰ অন্তৰ্ভূক্ত পশ্চিমীয়া দেশবোৰক তেলব যোগান নধৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।

আৰুৱ দেশসমূহৰ এই সিদ্ধান্তৰ ফলত নাটোৰ অন্তর্ভূক্ত ইউৰোপীয় ৰাষ্ট্রসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংগ ত্যাগ কৰিবলৈ সিদ্ধান্ত লয়। এনে অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন সমর্থন পাই ইজৰায়েলে আৰৱ দেশসমূহৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰে। উক্ত যুদ্ধ কেইখনৰ ফলস্বৰূপে ইজৰায়েলে আৰৱ দেশসমূহৰ পৰা কাঢ়ি লোৱা ৰাজ্য আৰু অঞ্চলসমূহ নিজৰ অধিকাৰত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আৰু তাক কাৰ্যকৰী কৰে। মধ্য প্রাচ্যৰ এই সমস্যা বর্তমানো সমাধান হোৱা নাই।

মধ্য প্রাচ্যৰ আন এক সমস্যা হৈছে ১৯৯০-৯১ চনৰ উপসাগৰীয় যুদ্ধ। ইৰাক আৰু কুৱেটৰ মাজত দীর্ঘদিন ধৰি খনিজ তেল, সীমা বিবাদ আদিক লৈ মনোমালিন্য চলি আছিল। এই বিবাদৰ ফলত ইৰাকে ১৯৯০ চনৰ ২ আগষ্টৰ দিনা কুৱেইট আক্রমণ কৰে। কুঁৱেইটে লগে লগে ৰাষ্ট্ৰসংঘৰ ওচৰত ইৰাকৰ বিৰুদ্ধে অভিযোগ দাখিল কবে।

এই অভিযোগৰ ভিত্তিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ১৯৯০ চনৰ ২০ নৱেম্বৰৰ ভিতৰত ইৰাকৰ বিৰুদ্ধে ১২টা প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্রস্তাৱৰ জৰিয়তে কুৱেইটৰ ওপৰত ইৰাকৰ আক্ৰমণ কাৰ্যক গৰিহণা দিয়ে আৰু ৬ আগষ্টত প্ৰস্তাৱৰ জৰিয়তে ইৰাকৰ বিৰুদ্ধে অর্থনৈতিক অৱৰোধ বলৱ কৰে। ইয়াৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তেতিয়াৰ প্ৰেচিডেণ্ট জর্জ বুশ্বে উপসাগৰীয় অঞ্চলত মার্কিন সৈনিক মোতায়েন কৰাৰ আদেশ দিয়ে। ২৫ আগষ্টৰ দিনা নিৰাপত্তা পৰিষদে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য সহযোগী পশ্চিমীয়া ৰাষ্ট্ৰক ইৰাকৰ বিৰুদ্ধে প্রয়োজনীয় ব্যৱস্থা লবলৈ দায়িত্ব প্রদান কৰে।

এই খিনিতে উল্লেখযোগ্য পশ্চিমীয়া ৰাষ্ট্ৰসমূহে ইতিমধ্যে উপসাগৰীয় অঞ্চলত নিজ নিজ সামৰিক বাহিনীবেসৈতে অৱস্থান লৈছিলগৈ। এনেতে নিৰাপত্তা পৰিষদে নৱেম্বৰ মাহত গ্ৰহণ কৰা আন এক প্ৰস্তাৱ যোগে ১৯৯১ চনৰ ১৫ জানুৱাৰীৰ ভিতৰত ইৰাকে নিজ ইচ্ছাৰে কুৱেইটৰ পৰা আঁতৰি নগলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন সহযোগী ৰাষ্ট্ৰসমূহক “সকলোধৰণৰ পন্থা”ৰে ইৰাকক কুৱেইটৰ পৰা বিতাবিত কৰিবলৈ কৰ্তৃত্ব প্রদান কৰে। ইৰাকে ইয়াত কোনো ধৰণৰ সঁহাৰি নিদিয়াত উক্ত দেশসমূহে ইৰাকৰ ওপৰত ধাৰাষাৰ বোমা বর্ষণ কবে। অবশেষত ৪২ দিনৰ যুদ্ধৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত

প্রায় ৩০ খন দেশৰ সৈনিকে কুৱেইটক ইৰাকৰ কৱলৰপৰা মুক্ত কৰে। এই যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘক’ নিষ্ক্রীয় নকৰিলেও নিজ দেশৰ প্রশাসনৰ এক সাধাৰণ দপ্তৰলৈ পৰিণত কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top