Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান

Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) and select need one.

Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 3 প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) Solutions for All Subject, You can practice these here…

প্রশ্ন ৪। জার্মানীত নাজীবাদৰ উৎপত্তি আৰু বিকাশ সম্পর্কে আলোচনা কৰা। 

উত্তৰ :- হিটলাবে জার্মানীত সৃষ্টি কৰা নাজীবাদ হৈছে ইটালীৰ কেছিবাদ বা সাম্ৰাজ্যবাদৰে নামান্তৰ মাথোন। কিন্তু জার্মানীৰ নাজীবাদ ইটালীৰ ফেঁছিবাদতকৈ অধিক উগ্ৰ আৰু ভয়ংকৰ আছিল। এই নাজীবাদৰ সমৰ্থক বা নাজীসকলে তেওঁলোকৰ নেতা এডল্ফ হিটলাৰৰ নেতৃত্বত আধুনিক কালৰ সকলোতকৈ বৰ্বৰ একনায়কত্ববাদৰ প্ৰতিষ্ঠা কৰিছিল।

প্রথম বিশ্বযুদ্ধৰ অন্তত জার্মানীৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল। ৰাজনৈতিক বিশৃংখলতা, অর্থনৈতিক সংকট, সামাজিক উত্তেজনা আদিয়ে ইয়াৰ সকলোফালে গা কৰি উঠিছিল। ১৯১৯ চনৰ আগভাগৰপৰা ১৯৩৩ চনৰ আগভাগলৈ দেশত ১৯খন মন্ত্রীসভা গঠন আৰু পতন হোৱাত জার্মানসকলে সংসদীয় গণতন্ত্রৰ ওপৰত আস্থা হেৰুৱাই পেলায়। জার্মানীত দেখা দিয়া এই ৰাজনৈতিক আৰু অৰ্থনৈতিক দুর্দশাৰ ফলত দেশৰ সাম্যবাদী সংগঠন আৰু ৰাজনৈতিক দলসমূহ অতি সক্ৰিয় আৰু জনপ্ৰিয় হৈ উঠিল। সৰকাৰ সন্মুখত অসংখ্য সমস্যা। জনসাধাৰণৰ দুখ-দুর্দশা আদিয়ে চৰম অৱস্থাত উপনীত হোৱাৰ সময়তে এই দুখ-দুর্দশা অৱসানৰ আশ্বাস দি হিটলাৰ আৰু তেওঁৰ নাজীদলে জার্মানীৰ ৰাজনৈতিক ক্ষেত্ৰত পদার্পণ কৰে।

১৯২০ চনত হিটলাৰৰ নেতৃত্বত জাৰ্মানীত “জাতীয় সমাজবাদী জার্মান শ্রমিক দল” (National Socialist German Worker’s Party) চমুকৈ নাজী পাৰ্টিৰ সংগঠন গঢ়ি তোলা হয়। ১৯২৩ চনত মিউনিখ বলপূর্বক ক্ষমতা দখল কৰিবলৈ গৈ হিটলাৰে ব্যৰ্ণ হৈ ধৰা পৰি কাৰাগাৰৰ ভাত খাবলগীয়া হৈছিল। কাৰাগাৰত থকা কালছোৱাত তেওঁ নিজ জীৱন আৰু আদৰ্শৰ বিষয়ে ‘মেইন কেম্পফ’ বা ‘মোৰ সংগ্ৰাম’ নামে আত্মজীৱনী লিখি উলিয়ায়। পিছলৈ পুথিখন নাজীদলৰ বাইবেলস্বৰূপ হৈ পৰিছিল। ইয়াত হিটলাৰে নাজীদলৰ উদ্ভট আদর্শ দাঙি ধৰিছিল।

বল প্রয়োগৰ দ্বাৰা ক্ষমতা দখল কৰিবলৈ ব্যৰ্থ হোৱাত হিটলাৰে এইবাৰ নিৰ্বাচনৰ জৰিয়তে ক্ষমতালৈ আহিবলৈ সিদ্ধান্ত লয়। ১৯২৫ চনৰ ফেব্ৰু-বাৰী ‘মাহত তেওঁ নাজীদলক পুনৰ সংগঠিত কৰে। সেই সময়ত জার্মানীৰ জনপ্ৰিয় আৰু শক্তিশালী দল ‘ছ’ছিয়েল ডেমক্রেটিক পার্টি’ আৰু ‘কমিউনিস্ট পার্টি’য়ে জার্মানীৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱাত ব্যর্থ হয়। ১৯৩৩ জনৰ ৩০ জানুৱাৰী তাৰিখে জাৰ্মানীৰ ৰাষ্ট্ৰপতি হিন্দেনবাৰ্গে হিটলাৰক জাৰ্মানীৰ প্ৰধানমন্ত্ৰীৰূপে নিযুক্তি দিয়ে। প্রধানমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই হিটলাৰে অবাধ ক্ষমতা আৰু অসীম

‘কৰ্তৃত্বৰ অধিকাৰ বিচাৰিলে। তেঁওঁ জার্মানীত নিজৰ তথা নাজীদলৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিবলৈ অগ্ৰসৰ হ’ল। ১৯৩৩ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁৰ গোপন নির্দেশ মতে ৰাইসষ্টেগ বা সংসদ ভৱনটো জ্বলাই দিয়া হ’ল আৰু পিচত এই কাৰ্যৰ বাবে কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলক দোষাৰোপ কৰি

কঠোৰভাৱে শাস্তি দিয়া হ’ল। নাজীদলৰ বাহিৰে আন সকলো ৰাজনৈতিক দলক নিষিদ্ধ ঘোষণা কৰা হ’ল। ১৯৩৪ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰপতি হিন্দেনবাৰ্গৰ মৃত্যু হোৱাত হিটলাৰে প্ৰধানমন্ত্ৰীৰ উপৰিও ৰাষ্ট্ৰপতিৰ পদটোও গ্রহণ কৰিলে।দেশৰ নাজীবিৰোধী শক্তিবোৰ ‘দমন কৰাৰ উপৰিও সকলো জার্মান ভাষা-ভাষী লোকক একগোট কৰি এক শক্তিশালী জার্মান ৰাষ্ট্ৰ গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সেয়েহে ভাৰ্চাই শান্তি চুক্তিক পদদলিত কৰি জাৰ্মানীক সামৰিকতাৱে সুসজ্জিত কৰি যুদ্ধৰ বাবে প্ৰস্তুত কৰি লোৱা হয়। নাজীবাদে লাভ কৰা এই সফলতাই কেৱল জার্মানীসকলৰ বাবেই নহয়, সমগ্ৰ ইউৰোপ তথা বিশ্বৰ বাবে এক বিপৰ্যয়ৰ আগজাননী কঢ়িয়াই আনিছিল বুলি ক’ পাৰি।

প্রশ্ন ৫। হিটলাৰৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য কি আহিল আলোচনা কৰা।

উত্তৰ :- প্ৰথম বিশ্বযুদ্ধত বিধস্ত হোৱা জার্মানীক দ্রুত অৱক্ষয়ীমান অর্থনৈতিক অৱস্থাৰপৰা পৰিত্ৰাণৰ বাবে হিটলাৰে কেতবোৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য ঠিৰাং কৰিছিল আৰু তাক কাৰ্যত ৰূপায়ণ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছিল। এই লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰা হ’ল–

হিটলাৰ

(i) হিটলাৰে ভাৰ্চাই শান্তি চুক্তিৰ চর্তসমূহে জার্মানীৰ সম্প্ৰসাৰণত বাধাৰ সৃষ্টি কৰিছিল বুলি অভিযোগ কৰি তাক উলংঘা কৰাৰ পোষকতা কৰিছিল৷ সকলো জার্মান লোককে এক জার্মানী ৰাষ্ট্ৰৰ তলতীয়া কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে জার্মানীৰ বর্ধিত জনসংখ্যালৈ চাই ইয়াৰ ৰাজ্যক্ষেত্ৰৰ সম্প্ৰসাৰণৰ পোষকতা কৰিছিল। এই সম্প্ৰসাৰণৰ বাবে ৰাচিয়া আৰু উত্তৰ পুৱ ইউৰোপক বাচি লৈছিল।

(ii) হিটলাৰে জাৰ্মানীৰ ৰক্তকৌলিন্যতত্বত বিশ্বাস কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে জ৷ন৷ ল আর্য গোষ্ঠীসম্ভূত লোক। সকলো মানুহৰ ভিতৰত আর্যসকল শ্রেষ্ঠ, গতিকে এই শ্রেষ্ঠ জার্মান জাতিটোৱে সকলো জাতিকে দমন কৰি শাসন কৰাৰ অধিকাৰ আছে। জার্মান জাতিৰ এই তথাকথিত শ্রেষ্ঠত্বৰ তত্বই দেশৰ নিবনুৱা ডেকা-যুৱকসকলক মতলীয়া কৰি তুলিছিল।

(iii) জার্মানীত জার্মান জাতিৰ এই শ্রেষ্ঠত্ব তত্ব প্ৰচাৰ কৰাৰ লগে লগে সমাস্তবালভাৱে ইয়াত বসবাস কৰা ইহুদী আৰু শ্লাভ জনগোষ্ঠীৰ লো তথা নাগৰিকসকলৰ বিৰুদ্ধে অনৱবৰ্ত অপপ্ৰচাৰ চলোৱা হৈছিল। জার্মান সমাজত প্রচলিত সকলো ব্যভিচাৰ ভ্ৰষ্টাচাৰৰ মূল বুলি এওঁলোকক কোৱা হৈছিল। এওঁলোকক জাৰ্মান ৰাষ্ট্ৰৰ নাগৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে চৰকাৰী চাকৰি বাকৰিৰ পৰাও অপসাৰিত কৰা হৈছিল।

(iv) ২৫ দফীয়া আঁচনিৰ মাধ্যমত হিটলাৰে নাজী দলৰ ৰাজনৈতিক কাৰ্যসূচী বিস্তাৰিতভাৱে প্ৰচাৰ কৰিছিল। সেইবোৰৰ ভিতৰত আছিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ নীতিৰ ভিত্তিত সকলো জার্মান লোককে এক ৰাষ্ট্ৰৰ অধীন কৰা, ভাৰ্চাই আৰু ছেণ্ট জার্মান শান্তি চুক্তি বাতিল কৰা, জার্মানীৰ বৰ্ধিত জনসংখ্যাৰ বাবে উপনিবেশ স্থাপন কৰা, বৃত্তিজীৱী সেনাবাহিনীৰ পৰিৱর্তে জাতীয় সেনাবাহিনী গঠন কৰা, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ গঠন কৰা ইত্যাদি।

(v) নাজী দল এক প্রচাব সর্বস্ব ৰাজনৈতিক দল আছিল। জ্বালাময়ী উত্তেজক ভাষণ আৰু নেৰানেপেৰা প্ৰচাৰৰ জৰিয়তে এই দলে দেশৰ ৰাজনৈতিক পৰিৱেশ অনৱৰত উত্তপ্ত কৰি ৰাখিছিল। ফলত অন্যান্য বিৰোধী দল বা ব্যক্তিয়ে নিজ দলৰ কাম-কাজ কৰাৰ বাবে কোনো সুযোগ বা সুৰুঙা পোৱা নাছিল।

(vi) মুছোলিনিৰ ফেছিবাদৰ দৰে হিটলাৰৰ নাজীবাদো গণতন্ত্ৰৰ পৰিপন্থী আছিল। হিটলাৰে বিৰোধী মতব প্রতি হিষ্ণু আছিল। গণতন্ত্র বা উদাৰ ৰাজনৈতিক মতবাদত বিশ্বাসী বহু হাজাৰ ২ ১৯৩৩ চনৰ ১০ মে’ তাৰিখে অকাতৰে পুৰি পেলোৱা হৈছিল। তেওঁৰ মতৰ প্ৰতি অনুৰাগী নোেহাৱা হাজাৰ হাজাৰ বিদ্বানে কলেজ-বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদবী হেৰুৱাইছিল। তেওঁৰ নিজৰ দলৰ লোকেও বিপৰীত মত পোষণ কৰিব নোৱাৰিছিল অন্যথা কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হৈছিল। নাজীবাদে এক বাষ্ট্র, এক দল, এক নেতা— এই নীতিত বিশ্বাস ৰাখি বাকীবোৰ ৰাজনৈতিক দল নিষেধ কৰিছিল।

(vii) নাজী দলে নিজস্ব অর্ধ-সামৰিক বাহিনী গঠন কৰি প্ৰতিপক্ষৰ ওপৰত জোব-জুলুম, শাৰীৰিক নির্যাতন, আক্রমণ আদি কৰাৰ ব্যৱস্থা কৰিছিল। সেই অর্ধ-সামৰিক বাহিনীক ‘ষ্টৰ্ম ট্ৰপাছ’ বোলা হৈছিল। তদুপৰি হিটলাৰে নিজস্ব নিৰাপত্তাৰ বাবে ‘স্কাটষ্টাফেল’ নামৰ সামৰিক বাহিনী বাখিছিল। এই অৰ্ধ-সামৰিক বাহিনীক হিটলাৰে বিৰোধী ৰাজনৈতিক, বিশেষকৈ কমিউনিষ্ট আৰু ছোচিয়েলিষ্ট দলৰ লোকক হত্যা কৰিবলৈ, তেওঁলোকে আহ্বান কৰা সভা সমিতি ভাঙি দিবলৈ ব্যৱহাৰ কৰিছিল।

(viii) জার্মানীত হিটলাৰৰ নেতৃত্বত নাজীবাদ গঠন হোৱাৰ আন এক কাৰণ আছিল বিক্ষুব্ধ আৰু প্ৰাক্তন সৈনিক আৰু সামৰিক বাহিনীৰ লোকৰ ৰাজনৈতিক অভিলাস পূৰণ কৰাৰ আকাংক্ষা। এই লোকসকলে নিজ নিজ ৰাজনৈতিক ইচ্ছা আকাংক্ষা পূৰণ কৰাৰ অভিপ্রায়েৰে নাজী দলত যোগদান কৰিছিল।

(ix) কমিউনিষ্টৰ প্ৰতি থকা ভয়ৰ বাবেও বহু বিত্তবান লোক নাজী দললৈ আকৰ্ষিত হৈছিল কিয়নো এই দল কমউনিষ্টসকলৰ প্ৰতি অত্যস্ত কঠোৰ অসহিষ্ণু আছিল।

(x) ১৯২৯-৩০ চনত বিশ্বজুৰি দেখা দিয়া অর্থনৈতিক মন্দা অৱস্থাই শিল্পপতিসকলৰ মনত ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সাধাৰণ লোকৰ মাজতো অনিশ্চয়তাৰ সৃষ্টি কৰি বহুতকে নাজী দলৰ অনুগামী আৰু সমৰ্থকত পৰিণত কৰিছিল।

(xi) প্রথম বিশ্বযুদ্ধৰ সামৰণিৰ পিছত জার্মানীত ৰাজনৈতিক দলৰ ভীষণ প্ৰসাৰ ঘটিছিল। ১৯৩০ চনৰ সাধাৰণ নিৰ্বাচনত জাৰ্মানীত অতি কমেও সৰু ডাঙৰ ২৪টা ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিছিল। ইয়াৰদ্বাৰা পৰোক্ষভাৱে নাজী দলকেই শক্তিশালী কৰা হৈছিল।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৬। হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল আলোচনা কৰা।

উত্তৰ :- হিটলাবৰ নেতৃত্বত গঠিত হোৱা নাজী দলে ২৫ দফীয়া আঁচনিৰ মাধ্যমত এক ৰাজনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাতেই তেওঁ গ্ৰহণ কৰা বৈদেশিক নীতিৰ সবিশেষ উল্লেখ করিছে। হিটলাৰৰ বৈদেশিক নীতিৰ মূল আধাৰ আছিল সামৰিক শক্তি।

ভাৰ্চাই শান্তি চুক্তিৰ দ্বাৰা জার্মানীৰ সামৰিক শক্তিৰ ওপৰত ব্যাপক বাধা নিষেধ আৰোপ কৰা হৈছিল। কিন্তু ভাৰ্চাই শান্তি চুক্তিক উলংঘা কৰি হিটলাৰে জার্মানীত এক বৃহৎ সামৰিক শক্তি গঢ়ি তুলিলে আৰু ৰাজ্য বিস্তাৰ কৰাত মনোনিৱেশ কৰিলে। ভার্চাই শান্তি চুক্তিত স্বাক্ষৰ কৰা কোনো এখন দেশেই এই দিশত বাধা দিব নোৱাৰিলে।

হিটলাৰে ১৯৩৩ চনত নিৰস্ত্ৰীকৰণ সম্মিলন আৰু তাৰ লগতে জাতি সংঘৰপৰা জাৰ্মানীৰ সদস্য পদ প্রত্যাহাৰ কৰে আৰু ভাৰ্চাই শান্তি চুক্তি বাতিল কৰে। জার্মান জনসাধাৰণে গণভোটৰ মাধ্যমেবে সেই কাৰ্যৰ সমৰ্থন আগবঢ়ায়। ১৯৩৫ চনত হিটলাৰে দেশৰ সেনাবাহিনীৰ সংখ্যা ১০০,০০০-ৰপৰা ৫৫,৫০,০০০ লৈ বৃদ্ধি কৰাৰ আঁচনি গ্ৰহণ কৰে।

ইয়াৰ পিছত হিটলাৰে নৌ-বাহিনীৰ শক্তি বৃদ্ধিত মনোনিৱেশ কৰে। এই ক্ষেত্ৰত তেওঁ ব্ৰিটেইনৰ সহানুভূতিও লাভ কৰে।

১৯৩৪ চনত হিটলাৰে অষ্ট্ৰিয়া অধিকাৰ কৰাৰ অভিপ্রায়েৰে অষ্ট্ৰিয়াৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰে। কিন্তু ব্রিটেইন, ফ্রান্স আৰু ইটালীৰ হস্তক্ষেপৰ বাবে তেওঁ এই ক্ষেত্ৰত সাময়িকভাৱে থমকি ৰবলৈ বাধ্য হয়। ১৯৩৫ চনত তেওঁ অষ্ট্ৰিয়াৰ সৈতে এক চুক্তি সম্পাদন কৰে। ১৯৩৮ চনত পুনৰ অষ্ট্ৰিয়াত হস্তক্ষেপ কৰে।এইবাৰ ইটালীয়ে হিটলাৰৰ প্রতি সহযোগিতা দেখুৱাৰ সম্ভাৱনাই দেখা দিয়ে।ইতিমধ্যে আবিছিনিয়াৰ ক্ষেত্ৰত ইটালীয়ে লোৱা নীতিৰ ক্ষেত্ৰত ফ্ৰান্স আৰু ব্ৰিটেইনে লোৱা দৃষ্টিভংগীৰ বিপৰীতে জার্মানীয়ে গ্রহণ কৰা নীতিয়ে ইটালী অ: দার্মানীক ওচৰ চপাই আনিছিল। এই সুযোগতে হিটলাৰে ১৯৩৬ চনত মুছোলিনিৰ সৈতে ‘ৰোম-বাৰ্লিন এক্‌ছিছ’ নামে এটি চুক্তি স্বাক্ষৰ কৰে। পিছত ১৯৩৭ চনত জাপানেও ইয়াৰ অংশীদাৰ হৈ ‘ৰোম-বাৰ্লিন-টকিঅ’ এক্‌ছিছ’ গঠন কৰাত সহায় কৰে।

গতিকে দেখা যায় হিটলাৰে অতি কম সময়ৰ ভিতৰতে ইউৰোপত জার্মানীৰ হেৰুওৱা গৌৰৱ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। ভার্চাই সন্ধিৰ সকলোবোৰ চৰ্তৰপৰা জাৰ্মানীক মুক্ত কৰি ইউৰোপত পুনৰ জাৰ্মানীৰ আধিপত্য স্থাপন কৰে। জার্মানীৰ এই অগ্রগতিয়ে ইউৰোপত পুনৰ যুদ্ধৰ সম্ভাৱনা বৃদ্ধি কৰে। 

প্রথম বিশ্বযুদ্ধৰ পিছত সামুহিক নিৰাপত্তাৰ বাবে কেন্দ্রীয় শক্তি জোঁটৰ বিপৰীত পক্ষৰ দেশসমূহৰ মাজত দেখা পোৱা তৎপবতা জার্মানীত হিটলাবে ক্ষমতা দখল কৰাৰ পিছৰপৰা স্তিমিত হৈ পৰা দেখা যায়। হিটলাৰৰ নেতৃত্বত সংঘটিত জার্মানীৰ এই ক্রমবর্ধমান সামবিক শক্তি বৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত জার্মানীয়ে লাভ কৰা সফলতাৰ বাবে ফ্রান্স আৰু ব্রিটেইনৰ বৈদেশিক নীতিক বহু পৰিমাণে জগবীয়া কৰিব পাৰি।

১৯৩৮ চনৰ মাৰ্চ মাহত হিটলাবে অষ্ট্রিয়া দখল কৰে। ১৯৩৯ চনত ছেক’শ্লোভাকিয়াকো জার্মানীর অন্তর্ভূক্ত কৰি লয়। ইয়াৰ পিছত বাল্টিক সাগৰৰ উপকূলত সেমেলে নামে বন্দৰটো দখল কৰি তাত সামৰিক ঘাটি পাতে। এই ঘটনাৰ পিছত ডান্ জিগ দখলৰ প্রস্তুতি চলায়। জার্মানীয়ে এইবাৰ ডানজিগসহ পোলেণ্ডৰ মাজেৰে পূৰ্ব প্ৰুচিয়াক সংলগ্ন কৰি এটি কৰিডৰ এৰি দিবলৈ পোলেণ্ডৰ ওচৰত দাবী উত্থাপন কৰে।

এই ঘটনাসমূহে হিটলাৰ আৰু মুছোলিনিৰ বিপৰীত শিৱিৰত যথেষ্ট ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰে। ১৯৩৯ চনৰ ২২ মে’ৰ দিনা স্বাক্ষৰিত ‘পেক্ত অৱ ষ্টীল’ চুক্তি অনুযায়ী এই দুয়োজন নেতাই দুয়োখন দেশৰ মাজত ঘনিষ্ঠ, সম্পর্ক স্থাপন কৰে। তাৰ পিছত ২১ আগষ্টৰ দিনা জার্মানীয়ে ছোভিয়েট দেশৰ সৈতে ‘কছ-জার্মান অনাক্রমণাত্মক চুক্তি স্বাক্ষৰ কৰি বিশ্বৰ কূটনৈতিক ইতিহাসক চমক লগায়।

এই ঘটনাৰ পাছতে জার্মানীয়ে চেপ্তেম্বৰৰ ১ তাৰিখে পোলেণ্ড আক্রমণ কৰে। পোলেণ্ডৰ স্বাধীনতা আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ দোহাই দি তাৰ দুদিন পিছত ফ্রান্স আৰু জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এইদৰে, হিটলাৰে তেওঁৰ ৰাজত্বকালত দেশৰ বৈদেশিক নীতি নির্ধাৰণ কৰিছিল।

প্রশ্ন ৭। মুছোলিনি আৰু হিটলাৰৰ অভ্যুদয়ৰ বাবে ইংগ-ফৰাছী তোষণ নীতি দায়ী আছিলনে আলোচনা কৰা।

উত্তৰ :- আভ্যন্তৰীণ ক্ষেত্ৰত ফেছিবাদৰ পৰা নিজকে মুক্ত ৰাখি ফ্রান্স আৰু ইংলেণ্ডে বৈদেশিক ক্ষেত্ৰত পৰোক্ষভাৱে ফেছিবাদী দেশসমূহৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰা দেখা যায়। ইংলেণ্ড আৰু ফ্রান্সে লোৱা এনে পৰাষ্ট্র নীতিক তোষণ নীতি বুলি কোৱা হয়।

১৯৩৭ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হোৱা নিউৱিল চেম্বাৰলেইনে ইংলেণ্ডৰ বৈদেশিক নীতিৰ কোনো পৰিৱৰ্তন নঘটাই হিটলা আৰু মুছোলিনিৰ লগত দেখ-দেখকৈ এক তোষণ নীতি কাৰ্যকৰী কৰাৰ দিশতহে অগ্ৰসৰ হয়। নৱেম্বৰ মাহত তেওঁ নতুন বৈদেশিক সচিব হালিফাসক হিটলাৰৰ ওচৰলৈ পঠিয়াই দিয়ে আৰু হালিফাৰ্‌সে হিটলাৰৰ ওচৰত স্বীকাৰ কৰে যে অষ্ট্ৰিয়া, ছেক’শ্লাভাকিয়া আৰু ডান্‌জিগ আদি সম্পর্কত হয়তো কিছু কিছু পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব পাৰে। গতিকে সেই পৰিৱৰ্তন যাতে শান্তিপূর্ণভাৱে হয়, ইয়াৰপৰা আৰু ছেক’ শ্লাভাকিয়াৰ প্রতি ব্রিটেইনে হিটলাৰৰ সম্প্ৰসাৰণ নীতিকে সমর্থন কৰা বুলি ক’ব পাৰি। গতিকে ১৯৩৮ চনৰ ১৩ মাৰ্চত হিটলাৰে অষ্ট্ৰিয়া অধিকাৰ কৰি জাৰ্মানীৰ অন্তৰ্ভুক্ত কৰে।

চেম্বাৰলেইনৰ তোষণ নীতিৰ আন এক উদাহৰণ হ’ল তেওঁ ১৯৩৮ চনত। মুছোলিনিৰ সৈতে স্বাক্ষর কৰা চুক্তিখন। এই চুক্তি অনুযায়ী ইটালীয়ে স্পেইনত কৰা হস্তক্ষেপ প্রত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ১৯৩৬ চনৰ জুলাই মাহত ইটালীয়ে স্পেইনৰ গৃহযুদ্ধত ‘পপুলাৰ ফ্ৰণ্ট’ৰ বিপৰীত জেনেৰেল ফ্রেংকোব সমৰ্থনত হস্তক্ষেপ কৰিছিল। ইটালীয়ে স্পেইনৰপৰা আঁতৰি অহাৰ প্ৰতিশ্ৰুতি দিয়াৰ বিনিময়ত চেম্বাৰলেইনে আবিছিনিয়া তথা ইথিওপিয়াত ইটালী আধিপত্য স্বীকাৰ কৰি লৈছিল। এইদৰে সমৰ্থন দি চেম্বাৰলেইনে ইটালীক জার্মানীৰ গভাৱৰপৰা মুক্ত কৰাৰ বৃথা চেষ্টা কৰিছিল।

ব্রিটেইনে গ্ৰহণ কৰা তোষণ নীতিৰ আন এক উদাহৰণ হ’ল ছেক’শ্লাভাকিয়া। হিটলাৰে ছেক’শ্লাভাকিয়াৰ ছুডেটনলেও বোলা এলেকাটো জার্মানীৰ অন্তৰ্ভূক্ত কৰিবলৈ বিচাৰিছিল। তেওঁৰ মতে এই অঞ্চলটোৰ বাসিন্দাসকল আছিল জার্মান লোক। চেম্বাৰলেইনে ব্রিটিশ সংসদত ঘোষণা কৰিছিল যে এই এলেকা সম্পর্কে উত্থাপিত সমস্যাটো চেক’শ্লাভাকিয়াৰ অভ্যন্তৰীণ সমস্যা তাত ইংলেণ্ডৰ একো কৰিবলগীয়া নাই ৷ পিছত তেওঁ হিটলাৰক আশ্বাস দিছিল যে তেওঁ চেক চৰকাৰ আৰু ফৰাচী চৰকাৰক উক্ত এলেকাটো জার্মানীক এৰি দিবলৈ সন্মত কৰায়।

অৱশেষত এই সমস্যাটো সমাধান কৰিবলৈ মুছোলিনিৰ প্ৰস্তাৱমৰ্মে মিউনিখ চহৰত অনুষ্ঠিত এক আস্তঃৰাষ্ট্ৰীয় সন্মিলনত ফ্রান্স, ব্রিটেইন, ইটালী আৰু জাৰ্মানীৰ মাজত ‘মিউনিখ চুক্তি’ নামে এক চুক্তি স্বাক্ষৰিত হয়। ইয়াবদ্বাৰা ছুডেটেনলেণ্ড বোলা এলেকাটো জার্মানীক এৰি দিবলৈ সিদ্ধান্ত লোৱা হ’ল। ইয়াৰ পিছত হিটলাৰে ছেক’শ্লাভাকিয়া দখল কৰাৰ আঁচনি গ্রহণ কৰে আৰু ১৯৩৯ চনত ছেক’শ্লাভাকিয়াত জার্মান সৈন্য প্রবেশ কৰোৱাই দেশখন জার্মানীৰ সৈতে চামিল কৰে।

গতিকে দেখা যায় মুছোলিনি আৰু হিটলাৰৰ প্রতি ইংলেণ্ড আৰু ফ্রান্সে লোৱা তোষণ নীতিয়ে ইউৰোপৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি অতি উত্তেজিত কৰি ৰখাৰ উপৰিও যুদ্ধৰ বিভীষিকা সৃষ্টি কৰাত সহায় কৰিছিল।

প্রশ্ন ৮। ১৯১৯-৪১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয়ৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধত মিত্ৰ পক্ষৰ বিজয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱদান আছিল উল্লেখযোগ্য। আমেৰিকা যুক্তৰাষ্ট্ৰই কেন্দ্ৰীয় শক্তি জোঁটৰ বিপৰীতে মিত্র শক্তি জোেটক ধন, জন আৰু যুদ্ধৰ অস্ত্র-শস্ত্র দি স্হায় কবি বিজয় সম্ভৱ কবি তুলিছিল। এই যুদ্ধই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষ একো ক্ষতি কৰিবপৰা নাছিল। বৰঞ্চ ই আমেৰিকাৰ দ্ৰুত উন্নয়নত সহায়হে কৰিছিল।

আনহাতে বিশ্বযুদ্ধ চলি থকা অৱস্থাত আমেৰিকাই ভার্চাই শান্তি আলোচনাত অংশগ্ৰহণ কৰি যি কোনো উপায়ে শাস্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতিনিধিবর্গব উদ্যোগতে ভাৰ্চাই সন্ধিত জাতি সংঘ নামৰ আন্তঃবাষ্ট্রীয় সংগঠন এটি গঢ়ি তোলাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু তাক কাৰ্যকৰী কৰা হৈছিল। কিন্তু আমেৰিকাই ভাৰ্চাই সন্ধিক আস্তঃবাষ্ট্রীয় মর্যদা দিয়া নাছিল আৰু নিজে জাতি সংঘৰ সদস্যপদ গ্ৰহণ কৰা নাছিল। সেয়েহে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্তৰ্ভূক্তি অবিহনে জতিসংঘ নিস্তেজ আৰু দুৰ্বল হৈ পৰিছিল।

প্রথম বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই যুদ্ধৰ গতি নিৰ্ণায়কৰ ভূমিকা ল’লেও যুদ্ধৰ পৰৱৰ্তীকালত এই দেশে ইউৰোপীয় ৰাজনীতিৰ পৰা আঁতৰি আছিল। ভাৰ্ছাই সন্ধিৰ জৰিয়তে জার্মানীৰ প্রতি অবিচাৰ কৰা নীতিক আমেৰিকাই বিৰোধিতা কৰিছিল। ইউৰোপীয় ৰাজনীতিত সক্রিয় অংশগ্রহণৰ পৰা আঁতৰি থকা আমেৰিকা যুক্তৰাষ্ট্ৰই জাতিসংঘৰ দ্বাৰা নিৰস্ত্ৰীকৰণৰ বাবে লোৱা প্ৰচষ্টা, ১৯২৮ চনৰ পেৰিছ চুক্তিবদ্বাৰা যুদ্ধৰ পথ পৰিহাৰৰ বাবে লোৱা সিদ্ধান্ত আদিৰ প্রতি আমেৰিকা যুক্তৰাষ্ট্ৰই পূর্ণ সমর্থন আগবঢ়াইছিল।এই কালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰই নিৰাপত্তা আৰু বাণিজ্যিক স্বাৰ্থ ৰক্ষাৰ বাবে অন্যান্য দেশসমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিছিল।

প্রথম বিশ্বযুদ্ধৰ পৰবৰ্তীকালত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত অভূতপূৰ্ব বিকাশ হৈছিল যদিও ১৯২৯ চনৰপৰা বিশ্বব্যাপী দেখা দিয়া অর্থনৈতিক সংকটৰ প্রভাৱৰপৰা আমেৰিকা যুক্তৰাষ্ট্ৰও মুক্ত হ’বপৰা নাছিল। ১৯৩৩ চনৰ পিছপৰা লাহে লাহে আমেৰিকা যুক্তৰাষ্ট্ৰক আদি কৰি অন্যান্য পুঁজিবাদী দেশসহ নিজ অর্থনৈতিক কুস্তিবতা পুনৰ ঘূৰাই পাললৈ৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ফ্রেংকলিন ভিলানো বচভেণ্টৰ নেতৃত্বত ডেমক্রেটিক দল ক্ষমতালৈ আহে। এই নতুন ৰাষ্ট্ৰপতি ৰুচভেণ্টে দেশৰ শ্রমিক আৰু নিবনুৱাসকলৰ উন্নতিৰ বাবে ‘নিউ ডিল’ নামৰ এক নতুন আঁচনি গ্রহণ কৰে। এই আঁচনিয়ে দেশৰ অর্থনৈতিক অৱস্থাক পুনৰ উজ্জ্বীৱিত কৰি তোলাত সহায় কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আভ্যন্তৰীণ ক্ষেত্ৰত দেখা দিয়া প্ৰৱল অর্থনৈতিক বিপর্যয় স্বত্ত্বেও প্রথম বিশ্বযুদ্ধৰ পৰৱৰ্তীকালত এই দেশে বিশ্ব ৰাজনীতিত নিজকে শ্রেষ্ঠতম শক্তিৰূপে প্রতিষ্ঠিত কৰি ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে বৈদেশিক ক্ষেত্ৰত এই দেশৰ নীতি ফ্রান্স আৰু বৃটেইনৰ দৰে দুৰ্বল আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই ফেছিষ্ট শক্তিসমূহৰ উগ্র সাম্রাজ্যবাদ নীতিক দ্বিতীয় মহাযুদ্ধ আগলৈকে বদ্ধ কৰিবলৈ কোনো প্রচেষ্টা চলোৱা নাছিল। অবশেষত ফেছিষ্ট শক্তিসমূহ, বিশেষকৈ জাপানৰ আক্রমণাত্মক নীতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰক দ্বিতীয় বিশ্বযুদ্ধত পদাৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল।

প্রশ্ন ৯। ১৯১৭-৪১ চনৰ ভিতৰত সংযুক্ত ছোভিয়েট সমাজতান্ত্রিক প্রজাতন্ত্ৰৰ অভ্যুদয় সম্পর্কে আলোচনা কৰা।

উত্তৰ :- ছোভিয়েট ৰাচিয়া এখন বৃহৎ দেশ। এই দেশৰ মাটি কালি ২,২৪,০০,০০০ বর্গ কিঃমিঃ। প্রথম বিশ্বযুদ্ধৰ পিছত অৰ্থাৎ ১৯১৮ চনৰ জুলাই মাহত এই দেশত এখন নতুন সংবিধান তৈয়াৰ কৰি প্ৰশাসনৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰা হয়। পিছত ১৯২৪ চনত পুনৰ এখন নতুন সংবিধান ৰচনা কৰি দেশখনৰ নাম দিয়া হয় সংযুক্ত ছোভিয়েট সমাজতান্ত্রিক প্রজাতন্ত্র।

ৰাচিয়া প্রধানতঃ এখন কৃষি প্রধান দেশ। জাৰ তথা সম্ৰাটৰ আমোলত ইয়াত সামস্তপ্ৰথাৰ প্ৰচলন আছিল। দেশৰ মুঠ জনসংখ্যাৰ অধিকাংশই আছিল দাস। সমাজৰু উচ্চ শ্ৰেণীৰ লোকসকল এই দাসসকলৰ গৰাকী আছিল।১৮৬১ চনত বচ সম্রাট দ্বিতীয় আলেকজেণ্ডাৰে এখন ৰাজকীয় ঘোষণাৰ দ্বাৰা দাসসকলক মুকলি কৰি দিয়ে। কিন্তু এই ব্যৱস্থাই দাসসৰ্শৰ অৱস্থাৰ উন্নতি কৰিবপৰা নাছিল। সমগ্র ঝচ দেশখন অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে পিছপৰা আছিল।

প্রথম বিশ্বযুদ্ধৰ পিছৰেপৰা এই দেশখনৰ কৃষি, শিল্প, বাণিজ্য, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা, শৈক্ষিক, সাংস্কৃতিক আদি সকলো দিশতে উন্নতি হোৱা দেখা যায়। ১৯১৮ চনৰপৰ৷ ১৯২১ চনলৈ দেশৰ অর্থনৈতিক উন্নয়নৰ এই সময়ছোৱাক ‘বাৰ কমিউনিজম’বুলি কোৱা হয়। বিপ্লৱৰ পিছত এই দেশখনত খাদ্য সমস্যাই দেখা দিছিল। সেয়ে কৃষকসকলে নির্দিষ্ট হাবত খাদ্য শস্য যোগান ধৰাটো বাধ্যতামূলক কৰা হৈছিল। দেশখনৰ সকলোবোৰ শিল্প উদ্যোগ জাতীয়কৰণ কৰা হৈছিল। ফলত দেশত উৎপাদনৰ হাৰ কমি গৈছিল। সমগ্ৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি গৈ দুর্ভিক্ষ হোৱাৰ অৱস্থাই দেখা দিছিল।

লেনিনে সেইবাবে দেশৰ অর্থনৈতিক অৱস্থা পুনৰদ্ধাৰ কৰিবলৈ বাৰ কমিউনিজম’ বাতিল কৰি ১৯২১ চনৰপৰা কাৰ্যকৰী হোৱাকৈ ‘নতুন অর্থনৈতিক আঁচনি বা নীতি’ প্ৰৱৰ্তন কৰে। প্ৰথম অৱস্থাত বিফল হ’লেও পিছলৈ দেশৰ অর্থনৈতিক বৈদেশিক বাণিজ্যিক সকলো ক্ষেত্রতেই সফলতা লাভ কৰিবলৈ ধৰে।

১৯২৪ চনৰ জানুৱাৰী মাহত লেনিনৰ মৃত্যু হয় আৰু তেতিয়াৰেপৰা জোছেফ ষ্টেলিন ছোভিয়েটৰ সৰ্বময় কর্তাত পৰিণত হয়। ষ্টেলিনৰ পৰিকল্পিত অর্থনৈতিক উন্নয়ন প্রক্রিয়াই এই দেশৰ আস্তঃৰাষ্ট্ৰীয় সম্মান বৃদ্ধি কৰাৰ লগতে এই দেশখনক অধিক সৰল কৰি তোলে। বিশেষকৈ শিল্পায়নৰ ক্ষেত্ৰত ছোভিয়েটে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীৰ পিছতে স্থান লাভ কৰিবলৈ সক্ষম হয়।

লেনিনৰ মৃত্যুৰ পিছত বলছেভিক পাৰ্টিৰ আভ্যন্তৰীণ ক্ষেত্ৰত নেতৃত্বশালী অংশৰ মাজত ক্ষণতাৰ বাবে ভীষণ যুঁজ চলিছিল। এই যুঁজত অনেক লোকৰ মৃত্যু হৈছিল আৰু বহুতকে হত্যা কৰা হৈছিল। ক্ষমতাত মতলীয়া ষ্টেলিনে নিজকে একছত্ৰীৰূপে প্ৰতিষ্ঠা কৰিবলৈ ১৯৩৫-৪০ৰ ভিতৰত ৮,০০,০০০ নেতা কর্মী, সদস্যক নির্মমভাৱে হত্যা কৰিছিল। ইয়াৰ উপৰি সামৰিক বাহিনীৰ লোক, বিখ্যাত অর্থনীতিবিদ, সাহিত্যিক, ঐতিহাসিক আদিয়েও ষ্টেলিনৰ অত্যাচাৰৰ পৰা হাত সাবিবপৰা নাছিল।

গতিকে ছোভিয়েট ৰাচিয়াও ষ্টেলিনে সংগঠিত কৰা হত্যাকাণ্ডৰ লগত মুছোলিনি আৰু হিটলাৰে কৰা হত্যাকাণ্ডৰ কোনো পার্থক্য নাছিল। ক্ষমতাৰ প্রতি ষ্টেলিনৰ দুৰ্বলতাৰ বিষয়ে লেনিন জানিব পাৰিছিল। সেয়েহে তেওঁৰ অবিহনে লেনিনে দেশৰ শাসনৰ মুৰব্বী হিচাপে ট্রট্‌স্কীক পছন্দ কৰি আহিছিল।ষ্টেলিনে আৰম্ভণিৰেপৰা নিজৰ মত আৰু ইচ্ছা অত্যন্ত কঠোৰভাৱে প্ৰয়োগ কৰিব বিচাৰিছিল আৰু তাৰ বাবে তেওঁ যিকোনো কাৰ্য কৰিবলৈ সাজু আছিল।ষ্টেলিনৰ এক কার্যই দেশত এক শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ সৃষ্টি কৰিছিল।

ষ্টেলিনৰ এই পাৰ্টি শুদ্ধিকৰণ প্ৰক্ৰিয়াই দেশৰ বাহিৰত লোকসকলৰ মনত সন্দেহৰ সৃষ্টি কৰিছিল। সমাজতান্ত্রিক ছোভিয়েট ৰাচিয়াই অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন দিশত লাভ কৰা সাল্য বহু সময়ত ষ্টেলিনৰ নিৰ্মম নির্যাতনে ম্লান আৰু নিষ্প্রভ কৰি পেলাইছিল।

প্রশ্ন ১০। ১৯১৭–৪১ চনৰ ভিতৰত ছোভিয়েট ৰাচিয়াই অনুসৰণ কৰা বৈদেশিক নীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰ :- বিশ্বযুদ্ধৰ আকাংখা আৰু লক্ষ্য আগত ৰাখি ছোভিন্টে ৰাচিয়াই নিজৰ বৈদেশিক নীতি উদ্ভাৱন কৰি তাক পৰিচালনা কৰিবলৈ লৈছিল। ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত বলছেভিক পার্টিয়ে জাৰতন্ত্রৰ আমোলত ৰু, দেশে স্বাক্ষৰ কৰা সকলো বৈদেশিক চুক্তি, সন্ধি আদি বাতিল কৰাৰ লগতে জাৰ আমোলত লোৱা বৈদেশিক ঋণ পৰিশোধ কৰাৰ দায়িত্বও প্রত্যাখান কৰিছিল। সমাজতান্ত্রিক বিপ্লৱত সফলতা লাভ কৰাৰ পিছত লেনিনে কৈছিল, বিশ্বৰ বিভিন্ন দেশত প্ৰধানকৈ ঔপনিৱেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ কৱলত থকা শোষিত আৰু নিপীড়িত মানুহৰ মুক্তিৰ স্বাৰ্থত সংঘটিত হোৱা বিপ্লৱৰ প্ৰতি বলছেভিক দলে সমর্থন আগবঢ়াব।এই বক্তব্যৰদ্বাৰা তেওঁ ভাৰতবৰ্ষ, চীন, পাৰস্য আদি এচিয়া মহাদেশৰ দেশসমূহলৈ আঙুলিয়াইছিল। সেই সময়ত উক্ত দেশমূহত সাম্রাজ্যবাদ বিৰোধী আন্দোলনে ব্যাপক জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল।

এই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি লেনিনে ১৯১৯ চনত কমউনিষ্ট আন্তর্জাতিক চমুকৈ কমিনটাৰ্ণ গঠন কৰিছিল। এই সংগঠনৰ মূল উদ্দেশ্য আছিল সাম্রাজ্যবাদ আৰু পুঁজিবাদৰ উচ্ছেদ সাধন কৰি তাৰ ঠাইত সৰ্বহাবাৰ চৰকাৰ।স্থাপন কৰা।এই নীতি ১৯১৮ চনৰপৰা ১৯২১ চনলৈ বিশেষভাৱে কাৰ্যকৰী কৰা হৈছিল।

১৯২০ চনত ছোভিয়েট ৰাচিয়াই ফিনলেণ্ড, লাটভিয়া, এষ্টোনিয়া, লিথুৱানিয়া আৰু ১৯২১ চনত পোলেণ্ডৰ সৈতে দ্বিপাক্ষিক চুক্তি স্বাক্ষৰ কৰি সেই দেশবোৰৰ সৈতে বৈদেশিক সম্পর্ক স্থাপন কৰিছিল। সেই সময়তে আফগানিস্থান, তুৰস্ক আৰু পাবস্যৰ সৈতেও ছোভিয়েটে পৃথক পৃথকচুক্তিৰ দ্বাৰা দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল।সমসাময়িকভাৱে ৰাচিয়াই ইংলেণ্ড আৰু জাৰ্মানীব সৈতেও বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰি অৰ্থনৈতিক ক্ষেত্ৰত দুয়োখন দেশৰ সৈতে সম্পর্ক স্থাপন কৰিছিল।

১৯২২ চনত জার্মানী আৰু ১৯২৪ চনত ইটালী, ফ্রান্স আৰু ইংলেণ্ডে ছোভিয়েট বাচিয়াৰ বলছেভিক চৰকাৰৰ প্রতি স্বীকৃতি দিয়ে। ১৯২৪ চনত স্বাক্ষৰিত হোৱা ইংগ-ছোভিয়েট চুক্তিৰ জৰিয়তে ছোভিয়েট দেশে ইংলেণ্ডৰ পৰা যথেষ্ট আর্থিক সাহায্য লাভ কৰিছিল।আমেৰিকা যুক্তৰাষ্ট্ৰই ফ্ৰেংকলিন ৰুণ্ঠভেণ্টৰ শাসনকালত ছোভিয়েট চৰকাৰৰ প্ৰতি স্বীকৃতি প্রদান কৰিছিল।পিছৰ বছৰ ছোভিয়েট দেশে জাতিসংঘৰ সদস্য পদ লাভ কৰিছিল আৰু সেই সংগঠনৰ পৰিষদৰ স্থায়ী সদস্যৰূপেও মনোনীত হৈছিল।

জাৰৰ আমোলত ৰাচিয়াৰ সৈতে সুসম্পর্ক নথকা জাপানৰ সৈতে বলছেভিক দলে ক্ষমতা দখল কৰি উঠি ১৯২০ চনত ৰচ-জাপান চুক্তি স্বাক্ষৰ কৰিছিল। এই চুক্তি মর্মে জাপানে ছাইবেৰিয়া আৰু ছাখালীন দ্বীপৰ উত্তৰাংশৰপৰা নিজ সৈন্য অপসাৰণ কৰিছিল।

জার্মানীত হিটলাৰে ক্ষমতা দখল কৰাৰ পিছৰ পৰা ছোভিয়েট বাচিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰশ্নটো অতি জটিল হৈ পৰিছিল। কাৰণ হিটলাৰে ছোভিয়েট বাচিয়ালৈ নিজ ৰাজ্য সম্প্ৰসাৰণ কৰিব বিচাৰিছিল আৰু এই ক্ষেত্ৰত ফ্রান্স আৰু ব্ৰিটেইনে হিটলাৰৰ প্রতি সহানুভূতিশীল আছিল।

অৱশেষত ১৯৩৯ চনত জাৰ্মানী আৰু ৰাচিয়াৰ মাজত এটি অনাক্রমণাত্মক চুক্তি স্বাক্ষৰিত হোৱাত ছোভিয়েট ৰাচিয়া নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চিত হৈছিল। কিন্তু ইয়াৰ অস্তৰালত হিটলাৰৰ কু-অভিসন্ধি জড়িত হৈ আছিল। ১৯৪১ চনত হিটলাবে ছোভিয়েট দেশ আক্ৰমণ কৰাৰ ঘটনাৰ পৰাই হিটলা কু-অভিসন্ধি বিশ্ববাসীৰ আগত উন্মোচিত হৈ পৰে। এই ঘটনাবোৰৰ বাবেই ছোভিয়েট ৰাচিয়াই বিশ্বযুদ্ধত লিপ্ত হ’বলগীয়া হয়। ‘ৰোম-বার্লিন-টকিঅ’ একছিছ’ৰ বিপৰীতে ছোভিয়েট বাচিয়াই মিত্ৰ পক্ষৰ অংশীদাৰত পৰিণত হৈ যুদ্ধত নামি পৰিবলায়া হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top