Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ

Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ and select need one.

Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ Solutions for All Subject, You can practice these here…

ৰচনাধর্মী প্রশ্ন আৰু উত্তৰ

প্রশ্ন ১। প্রথম বিশ্বযুদ্ধৰ চাৰিটা প্ৰধান কাৰণ সম্পর্কে আলোচনা কৰা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধৰ চাৰিটা প্ৰধান কাৰণ হৈছে—

(ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজৰ প্ৰতিদ্বন্দ্বিতা।

(খ) ইউপোৰত ৰাজনৈতিক ঘটনাৱালী ।

(গ) সামৰিক চুক্তি সম্পাদন।

(ঘ) ইউৰোপ মহাদেশৰ সামৰিকসংঘর্ষ।

ইউৰোপত প্ৰথম ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ উৎপত্তি হৈছিল। এই সাম্রাজ্যবাদী দেশসমূহৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিদ্বন্দ্বিতা আৰু অৰিয়াঅঁৰিৰ ফলতেই প্রথম বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল।

সাম্রাজ্যবাদী দেশসমূহৰ অগ্রাসী মনোভাৱ তথা পৰৰাজ্য গ্ৰাসৰ প্ৰৱণতা, পৰস্পৰৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰু একাধিক বিবাদমান দেশত সামবিক শক্তি বৃদ্ধি আৰু সেই দিশত গঢ়ি উঠা সামৰিক প্রতিদ্বন্দ্বিতা, একাধিক সমধর্মী ৰাষ্ট্রৰ মাজত গঢ়ি উঠা গোপন ৰাজনৈতিক সামৰিক চুক্তি আৰু সেই প্রক্রিয়াই বাষ্ট্ৰসমূহৰ মাজত সৃষ্টি কৰা সন্দেহ আৰু অবিশ্বাস আৰু অনিশ্চয়তা, জাতীয়তাবাদী মতাদর্শ আৰু অৱদমিত আৰু নিপীড়িত ক্ষুদ্র ক্ষুদ্র জাতি-সত্বাসমূহৰ মাজত জাতি ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্রৱণতা, তাৰ ফলত সৃষ্টি হোৱা উগ্র জাতীয়তাবাদৰ সম্প্ৰসাৰণ আদিয়েই প্রথম বিশ্বযুদ্ধৰ কাৰণ আছিল বুলি ক’ব পাৰি।

সেই সময়ত ইউৰোপ মহাদেশৰ ইংলেণ্ড, ফ্রান্স, ইটালী, জার্মানী, ৰাচিয়া, বেলজিয়াম, পটুগাল আদি দেশ পৰস্পৰৰ মাজত সংঘৰ্ষ আৰু প্ৰতিদ্বন্দ্বিতাত লিপ্ত হৈ পৰিছিল। আনহাতে এচিয়া, আফ্রিকা, লেটিন আমেৰিকা, অষ্ট্ৰেলিয়া 

আদি মহাদেশৰ বিভিন্ন দেশত নিজ নিজ উপনিৱেশ গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত আছিল। ইউৰোপৰ শক্তিসমূহৰ এই ঘটনাপ্ৰৱাহৰ লগত ক্রমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানো জড়িত হৈ পৰিছিল। অর্থাৎ উপনিৱেশ তথা ঔপনিৱেশিক স্বার্থক কেন্দ্ৰ কৰি পৃথিৱীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত ঔপনিৱেশিক সংঘর্ষ তথা প্রতিদ্বন্দ্বিতা অব্যাহত আছিল। ঊনবিংশ শতিকাৰ শেষৰফালে এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।

প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেইবছৰমান আগৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও গোপন সামৰিক চুক্তি স্বাক্ষবিত হৈছিল। জার্মানীৰ প্রধানমন্ত্রী বিচমার্কে জাৰ্মানাক জাতি ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাত এখনৰ পিছত এখনকৈ কেইবাখনো সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল। ১৮৭৩ চনত ‘ত্ৰি-সম্রাট মৈত্রী সংঘ’ৰ দ্বাৰা তেওঁ জাৰ্মানী, ৰাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্রাটসকলক একেখন চুক্তিৰ গণ্ডীলৈ আনিছিল। ১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্রমণ কৰিব বুলি গুজব ওলোৱাত আৰু ৰাচিয়াই ফ্ৰান্সক সহায় কৰিব বুলি কোৱাত বিচমার্কে ১৮৭৯ চনত আষ্ট্ৰিয়াৰ সৈতে আষ্ট্ৰো জার্মান দ্বিপাক্ষিক চুক্তি গঢ়ি তোলে। ইয়াৰ পিছত বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘৰ্ষৰ সময়ত বিচমাৰ্কে ৰাচিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়া অসন্তুষ্ট হয় আৰু ত্ৰি-সম্ৰাটৰ মৈত্রী সংঘ সম্পূৰ্ণৰূপে ভাঙি পৰে। বিচমার্কে এইবাৰ ১৮৮৭ চনত ৰাচিয়াৰ সৈতে বি-ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰুচ জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে। ইয়াৰ পিচত সুচতুৰ বিচমার্কে ইটালীৰ লগত সম্পর্ক স্থাপন কবে আৰু ইটালীক আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তিৰ সদস্যভূক্ত হ’বলৈ আহ্বান জনায়। ১৮৮২ চনত ইটালী উক্ত চুক্তিৰ সদস্যভূক্ত হৈ পৰে।

আনফালে ঊনবিংশ শতিকাৰ শেহৰ পিনে ইউৰোপীয় ৰাজনীতিত সংঘটিত ঘটনাৱলীৰ ফলত ইংলেণ্ড আৰু জাপানৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এই চুক্তিৰ পাছত ইংলেণ্ডে ফ্ৰান্সৰ লগত আৰু ৰাচিয়াৰ লগত ত্ৰি-পাক্ষিক চুক্তি স্বাক্ষৰ কৰে।

এইদৰে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা সামৰিক শিৱিবত বিভক্ত হৈ পৰে। এফালে থাকে জার্মানীৰ নেতৃত্বত অষ্ট্ৰিয়া আৰু ইটালী আৰু আনফালে ইংলেণ্ডৰ নেতৃত্বত ফ্ৰান্স আৰু বাচিয়া।

সেই সময়ত সংঘটিত ৰাজনৈতিক ঘটনাৱলীয়েও বিশ্বযুদ্ধ সৃষ্টিৰ ক্ষেত্ৰত ইন্ধন যোগাইছিল। ১৯০৫-০৬, ১৯০৮ আৰু ১৯১১ চনত মৰক্কোেক কেন্দ্ৰ কৰি ফ্ৰান্স আৰু জার্মানীৰ মাজত সামবিক সংঘৰ্ষৰ সম্ভাৱনাই দেখা দিয়ে। ১৯০৪ চনত স্বাক্ষবিত এংলো-ফ্রেন্স আৰু ফ্রেংকো-স্পেনীজ চুক্তিৰ মাধ্যমত মৰক্কোৰ বিভাজনৰ বাবে গোপন সিদ্ধান্ত কৰা হয়। এই সিদ্ধান্ত অনুসৰি জার্মানীয়ে মৰক্কোক স্বাধীন দেশৰূপে স্বীকৃতি দিয়ে আৰু জার্মানীৰ সম্রাট দ্বিতীয় উইলিয়ামে মৰক্কো সম্পর্কে আন্তর্জাতিক সন্মিলন এখন আহ্বান কৰাৰ পোষকতা কবে। ফ্রান্সে ইয়াত সন্মতি জনায়। এই সন্মিলনে মৰক্কো চুলতানৰ কৰ্তৃত্ব অক্ষুন্ন ৰখাৰ লগতে মবক্কোত ফ্রান্স আৰু স্পেইনৰ অভিভাৱকত্ব মানি লয় ।”

মৰক্কোেক কেন্দ্ৰ কৰি ১৯১১ চনত দ্বিতীয়বাৰ সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। সেই বছৰ ফ্রান্সে আভ্যন্তৰীণ আইন-শৃংখলাৰ অৱনতি হোৱাৰ অজুহাতত মরক্কোলৈ এটা সামৰিক বাহিনী প্ৰেৰণ কৰে। তাৰ প্ৰতিবাদত জার্মানীয়ে মরক্কোৰ সামুদ্রিক বন্দৰ আগাদিবলৈ নৌ জাহাজ এখন প্ৰেৰণ কৰে। ফলত ফ্রান্স আৰু জাৰ্মানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে। ব্রিটেইনৰ মধ্যস্থতাত এই সমস্যাৰ সমাধান হয়। ১৯১১ চনৰ ৩-৪ নৱেম্বৰ তাৰিখে জার্মানী, ফ্রান্স আৰু ব্রিটেইনৰ মাজত স্বাক্ষৰিত চুক্তি মর্মে মৰক্কোত ফ্ৰান্সৰ অধিকাৰ স্বীকৃত হয় আৰু জার্মানীয়ে ফৰাচী অধিকৃত কংগোৰ উত্তৰ-পশ্চিম এলেকাটো লাভ কবে।

অক্কো সমস্যাৰ সমাধান নহওতেই ইটালীয়ে ১৯১১ চনৰ ছেপ্তেম্বৰ মাহত তুৰস্ক আক্ৰণ কৰি আফ্ৰিকাৰ ভূমধ্যসাগৰীয় উপকূলত ত্ৰিপ’লী দখল কৰে আৰু ভূমধ্যসাগৰত ৰোছ সহ অন্যান্য দ্বীপ দখল কৰে। ইটালীৰ এই কার্যত ত্ৰিপাক্ষিক চুক্তিৰ অংশীদাৰ আন আন ৰাষ্ট্ৰসমুহ বিস্ময় বিমূঢ় হৈ পৰে যদিও সক্রিয় ভূমিকা লোৱাৰ পৰা বিৰত থাকে। তুৰস্কৰ বিৰুদ্ধে সেই সময়তে আলবানিয়াতো বিদ্রোহ সংঘটিত হয় আৰু অনিচ্ছা স্বত্বেও অবশেষত তুৰস্কই লুছান শান্তি চুক্তিৰ মাধ্যমত ইটালীক ত্রিপ’লী এৰি দিবলৈ বাধ্য হয়।

১৯০৮-০৯ চনত অষ্ট্ৰিয়াই বছনিয়া আৰু হার্জেগভিনা দখল কৰি নিজ ৰাজ্যভূক্ত কৰে। ১৯১২-১৩ চনত অষ্ট্ৰিয়াৰ প্ৰৰোচনাত আলবানিয়া স্বাধীন ৰাষ্ট্ৰৰূপে গঢ়ি উঠা কাৰ্যই ছাৰবিয়াৰ ৰাজনৈতিক জাতীয়তাবাদী আন্দোলনক নতুন ৰূপ প্রদান কৰে৷

এই সময়তে ১৯১৪ চনৰ ২৮ জুন তাৰিখে অষ্ট্ৰিয়াৰ সিংহাসনৰ উত্তৰাধিকাৰী যুৱবাজ ফ্রেঞ্চিছ কার্ডিনান্দক ছেৰাজাভো ভ্ৰমণলৈ যাওঁত বিদ্রোহী ছাববিয়ান যুৱক এজনে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। এই ঘটনাই অষ্ট্ৰিয়া আৰু ইউৰোপৰ বিভিন্ন দেশত ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

অৱশেষত জার্মান সম্রাটৰ অনুমোদন মর্মে অষ্ট্ৰিয়াই ছাৰবিয়াৰ ওচৰত এঘাৰটা দাবী সম্বলিত এখন চমপত্র দাখিল কৰে আৰু ৪৮ ঘণ্টা সময়ৰ ভিতৰত চৰমপত্ৰৰ প্ৰতি সদর্থক সহাঁৰি জনাবলৈ কয়। সেই সময়তে ৰাচিয়াই ছাৰবিয়াৰ প্রতি সহযোগৰ আশ্বাস দিয়ে। গতিকে ছাৰবিয়াৰ প্ৰত্যুত্তৰ অষ্ট্ৰিয়াৰ মনঃপুত নহয়। ফলত ১৯১৪ চনৰ ২৮ জুলাইত অষ্ট্ৰিয়াই ছাৰবিয়াৰ প্ৰতি যুদ্ধ ঘোষণা কৰে৷ ইয়াৰ লগে লগে প্রথম বিশ্বযুদ্ধ আৰম্ভ হয়। এই বিশ্বযুদ্ধত অষ্ট্ৰিয়া আৰু জার্মানীক কেন্দ্রীয় শক্তিৰূপে আৰু বিপক্ষক মিত্র শক্তিৰূপে গণ্য কৰা হয়।

প্রশ্ন ২। প্রথম বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপীয় শক্তিবৰ্গই স্বাক্ষৰিত কৰা মুখ্য সামৰিক চুক্তিসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপীয় শক্তিবর্গই কেইবাটাও গোপন সামৰিক চুক্তি স্বাক্ষৰ কৰিছিল। জার্মানীক জাতি ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে বিচমাৰ্কে যি ৰাজনৈতিক প্রক্রিয়া আৰম্ভ কৰিছিল তাৰ ফলত অষ্ট্ৰিয়া আৰু ফ্ৰান্সৰ সৈতে জাৰ্মানৰ শত্রুতা বৃদ্ধি পাইছিল। ১৮৬৬ চনত সংঘটিত হোৱা অষ্ট্ৰো প্রুচিয়াৰ যুদ্ধত অষ্ট্ৰিয়াৰ পৰাজয় হৈছিল, সেইদৰে ১৮৭০ চনত সংঘটিত হোৱা ফ্ৰেংকো-প্রুচিয়াৰ যুদ্ধত ফ্ৰান্স পৰাজিত হৈছিল। ফলত প্ৰুচিয়া তথা জার্মানীয়ে খনিজ সম্পাদৰে ভৰপূৰ ফ্ৰান্সৰ উত্তৰ সীমান্তত থকা আলছেছ আৰু লোৰেইন দখল কৰিছিল।

যুদ্ধত পরাজিত অষ্ট্ৰিয়া আৰু ফ্রান্সে যে সুবিধা পালেই জার্মানীৰ ওপবত প্রতিশোধমূলক যুদ্ধত অৱতীৰ্ণ হ’ব এই বিষয়ে ধাৰণা কৰি বিচমাৰ্কে ফ্রান্সক অকলশৰীয়া কৰি ৰাখিবলৈ বৈদেশিক নীতি নিৰ্ধাৰণ কৰে। এই নীতিৰ ফলতেই ১৮৭৩ চনত “ত্ৰি-সম্রাট মৈত্রী সংঘ” সৃষ্টি কৰা হৈছিল আৰু ইয়াৰ দ্বাৰা জার্মানী, ৰাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্রাটসকলক একত্ৰিত কৰা হৈছিল।

১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্ৰমণ কৰিব বুলি উৰাবাতৰি ওলোৱাত আৰু ৰাচিয়াই ফ্ৰান্সক সমৰ্থন কৰি বুলি কোৱাত ইয়াৰ বিপৰীতে ১৮৭৯ চনত বিচমার্কে অস্ট্রো-জার্মান দ্বিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰে। এই চুক্তি আছিল সামৰিক সহযোগিতামূলক গোপন চুক্তি। কিন্তু বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্রিয়া আৰু ৰাচিয়াৰ মাজত সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত বিচমাৰ্কে ৰাচিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়া অসন্তুষ্ট হয় আৰু ১৮৮৭ চনত ৰাচিয়াৰ সৈতে ৰি-ইঞ্চিওৰেঞ্চ চুক্তি নামে এক নতুন চুক্তি সম্পাদন কৰি ৰুচ-জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে। ১৮৮২ চনত অস্ট্রো-জার্মান দ্বিপাক্ষিক চুক্তিত ইটালীয়েও সদস্যভূক্ত হৈ পৰে। লগে লগে এই চুক্তিখন অষ্ট্রিয়া, জার্মান আৰু ইটালী ত্ৰিপাক্ষিক চুক্তিলৈ ৰূপান্তৰিত হয়। এই চুক্তি ১৯১৪ চনলৈ বৰ্তি আছিল যদিও ইটালীয়ে প্রথম বিশ্বযুদ্ধত সমসাময়িকভাৱে পক্ষ সলনি কৰাত এই ত্ৰিপাক্ষিক চুক্তিত ভাঙোন ধৰে।

জার্মানীৰ প্ৰধানমন্ত্রী বিচমার্কে ফ্রান্সক এঘৰীয়া কৰাৰ প্রয়োজনমর্মে এটাৰ পিছত এটাকৈ গোপন চুক্তি কৰাৰ পোষকতা কৰি তাক কার্যকৰী কৰিছিল। কিন্তু বিচমাৰ্কৰ এই কাৰ্যই অন্যান্য দেশৰ মাজত গোপন সামৰিক চুক্তি কৰাৰ পৰিৱেশ তথা তাগিদাৰ সৃষ্টি কৰিবলৈ ধৰে।

১৮৯৪ চনত বিচমাৰ্কৰ ৰাজনৈতিক সমীকৰণত আউল লগাই ৰাচিয়া আৰু ফ্ৰান্সৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিয়ে ইংলেণ্ডৰ ৰাজনৈতিক নেতৃবৃন্দৰ মাজত একাকীত্বৰ মনোভাৱ সৃষ্টি কৰিছিল।

১৯০২ চনত ইংলেণ্ডে জাপানৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সুদূৰ প্ৰাচ্যত সাম্রাজ্যবাদী দেশসমুহৰ মাজত পূৰ্বৰ স্থিতি অক্ষুন্ন ৰাখি শাস্তি বজাই ৰখাৰ লগতে চীন আৰু কোৰিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা নিৰাপদে ৰাখি সম অধিকাৰৰ ভিত্তিত বাণিজ্যিক লাভ কৰাটো।

জাপানৰ সৈতে কৰা এই দ্বিপাক্ষিক চুক্তিৰ পিছতো ইংলেণ্ডে শান্তিৰে থাকিব পবা নাছিল। জাপানৰ ক্রমবর্ধমান আগ্রাসী নীতিৰ ফলত ইংলেণ্ডৰ বাবে জাতীয় নিৰাপত্তাৰ প্ৰশ্নটো অতি জটিল হৈ পৰিছিল। সেইবাবে তেওঁলোকে মহাদেশীয়, শক্তি ফ্ৰান্সৰ সৈতে বন্ধুত্বপূর্ণ সামরিক সম্পর্ক গঢ়ি তুলিবলৈ ব্যগ্ৰ হৈ পৰিছিল ৷ সেই উদ্দেশ্যে ১৯০৪ চনত সম্পাদিত ‘এংলো ফ্রেন্স আঁর্টাট কৰডিয়েল’ৰ যোগেদি ফ্রান্স আৰু ইংলেণ্ডৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপিত হৈছিল।

ফ্রান্স আৰু ইংলেণ্ডৰ মাজত পাৰস্পৰিক সম্পৰ্ক আৰু বুজাপৰা বৃদ্ধি পোৱাৰ লগে লগে ফ্রান্সে প্রতিবেশী বাষ্ট্র ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূর্ণ সম্পর্ক স্থাপনৰ প্ৰতি আগ্ৰহী হৈ পৰে। ইয়াৰ ফলতেই ১৯০৭ চনত ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত এক সুদূৰপ্ৰসাৰী ৰাজনৈতিক বুজাপৰ৷ সংঘটিত হয়। এই চুক্তি মতে পাৰস্য, আফগানিস্তান আৰু তিব্বত—এই তিনিখন দেশক কেন্দ্ৰ কৰি ৰাচিয়া আৰু ইংলেণ্ডৰ মাজত চলি অহা ৰাজনৈতিক, সামাজিক বিবাদসমূহ শান্তিপূর্ণভাৱে সমাধান কৰা হয়। ৰাচিয়া আৰু ইংলেণ্ডৰ মাজত এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে ইংগ-ফৰাচী দ্বিপাক্ষিক চুক্তি ত্রিপাক্ষিক চুক্তিত পৰিণত হয়।

এই ঘটনাৰ লগে লগে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা ভাগত বিভক্ত হৈ পৰে। এফালে থাকে জার্মানীৰ নেতৃত্বত অষ্ট্ৰিয়া আৰু ইটালী আৰু আনফালে ইংলেণ্ডৰ নেতৃত্বত ফ্রান্স আৰু ৰাচিয়া। ইউৰোপৰ সম্ৰাজ্যবাদী শক্তিসমুহৰ মাজত গঢ়ি উঠা এই গোপন সামৰিক চুক্তিসমূহে প্রথম বিশ্বযুদ্ধ সংঘটিত কৰাত প্রভূত অৰিহণা যোগাইছিল।

Sl. No.Contents
Chapter 1ঔপনিৱেশিকতা আৰু সাম্রাজ্যবাদৰ বিকাশ
Chapter 2প্রথম বিশ্বযুদ্ধ
Chapter 3প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব-ৰাজনীতিৰ খতিয়ান
Chapter 4দ্বিতীয় বিশ্বযুদ্ধ
Chapter 5ৰাষ্ট্ৰসংঘ
Chapter 6দ্বিতীয় বিশ্বযুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
Chapter 7গোষ্ঠী নিৰপেক্ষ আন্দোলন
Chapter 8ভাৰতবৰ্ষৰ বৈদেশিক নীতি

প্রশ্ন ৩।প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তিবৰ্গক দুটা প্রধান প্রতিদ্বন্দ্বী সামৰিক গোটত বিভাজিত কৰা পৰিস্থিতি সম্পর্কে আলোচনা কৰা।

উত্তৰ :- প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তিবৰ্গক দুটা প্রধান প্রতিদ্বন্দ্বী সামৰিক গোটত বিভাজন কৰা হৈছিল। এটা গোটত আছিল জার্মানীৰ নেতৃত্বত অষ্ট্ৰিয়া আৰু ইটালী আৰু আনটো গোটত আছিল ইংলেণ্ডৰ নেতৃত্বত ফ্ৰান্স আৰু ৰাচিয়া।

উপনিৱেশ তথা ঔপনিৱেশিক স্বার্থক কেন্দ্ৰ কৰি পৃথিৱীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত প্ৰায় আৰম্ভণিৰেপৰাই ঔপনিৱেশিক সংঘৰ্ষ আৰু প্রতিদ্বন্দ্বিতা অপ্রতিহত ৰূপত চলি আছিল। ঊনবিংশ শতিকাৰ শেষৰপৰা এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।

প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ভালেমান বছৰৰ পূৰ্বৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰিত হৈছিল। জাৰ্মানীক জাতি বাষ্ট্ৰৰূপে গঢ়ি তুলিবলৈ বিচমার্কে যি ৰাজনৈতিক প্রক্রিয়া আৰম্ভ কৰিছিল তাৰ পৰিণতিস্বৰূপে অষ্ট্ৰিয়া আৰু ফ্ৰান্সৰ সৈতে জার্মানীৰ শত্ৰুতা বৃদ্ধি পাইছিল। ১৮৬৬ চনত সংঘটিত হোৱা অষ্ট্ৰো প্ৰুচিয়াৰ যুদ্ধত অষ্ট্ৰিয়াৰ পৰাজয় হৈছিল। সেইদৰে ১৮৭০ চনত ফ্ৰেংকো-প্রুচিয়াৰ যুদ্ধতো ফ্রান্সে পৰাজয় বৰণ কৰিছিল। এই যুদ্ধত ফ্রান্সৰ সম্রাট তৃতীয় নেপোলিয়ন প্রুচিয়াৰ হাতত বন্দী হৈছিল। যুদ্ধৰ পৰিণতি হিচাপে প্ৰুচিয়া তথা জার্মানীয়ে খনিজ সম্পদেৰে ভৰপূৰ ফ্ৰান্সৰ উত্তৰ সীমান্তত অৱস্থিত আলছেছ আৰু লোৰেইন দখল কৰিছিল।

জার্মানীৰ হাতত পৰাজিত ফ্রান্সে সুবিধা পালেই যে জার্মানীৰ ওপৰত প্রতিশোধমূলক যুদ্ধত অবতীর্ণ হ’ব সেই বিষয়ে জার্মানীৰ প্রধানমন্ত্রী বিচমাৰ্কৰ কোনো সন্দেহ নাছিল। সেইবাবে এনেধৰণৰ প্রতিশোধমূলক যুদ্ধক এৰাই চলিবলৈ বিচমাৰ্কে ৰাজনৈতিকভাৱে ফ্ৰান্সক ইউৰোপত এঘৰীয়া কৰিবলৈ যত্পবোনাস্তি চেষ্টা চলাইছিল। ইয়াৰ ফলতেই ১৮৭৩ চনত “ত্ৰি-সম্রাট মৈত্রী সংঘ”ব সৃষ্টি কৰা হৈছিল। ইয়াৰ দ্বাৰা জার্মানী, বাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্রাটসকলক একেখন চুক্তিৰ অধীনলৈ অনা হৈছিল।

১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্ৰমণ কৰিব বুলি গুজব ওলোৱাত আৰু •বাচিয়াই ফ্রান্সক সমর্থন কৰিব বুলি কোৱাত সেই “ত্রি-সম্রাট মৈত্রী সংঘ” সাময়িকভাৱে নিষ্ক্রিয় হৈ পৰে। এই পৰিস্থিতিত বিচমার্কে অষ্ট্ৰিয়াৰ লগত ঘনিষ্ঠ সম্পর্ক স্থাপন কৰিবলৈ চেষ্টা কৰি ১৮৭৯ চনত ‘অস্ট্রো-জার্মান দ্বিপাক্ষিক চুক্তি” স্বাক্ষৰ কৰে। কিন্তু বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘৰ্ষৰ সময়ত বিচমার্কে বাচিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়া অসন্তুষ্ট হয় আৰু ত্ৰি সম্রাটৰ মৈত্রী সংঘ সম্পূৰ্ণৰূপে ভাঙি পবে। এইবাৰ বিচমাৰ্কে ১৮৮৭ চনত ৰাচিয়াৰ লগত ৰি-ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰচ-জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে।

বিচমাৰ্কে ফ্ৰান্সক এঘৰীয়া কৰিবলৈ এটাৰ পিছত এটাকৈ গোপন চুক্তি কৰাৰ যি পোষকতা কৰিছিল আৰু তাক কাৰ্যকৰী কৰিছিল তাৰ বিপৰীতে অন্যান্য দেশৰ মাজতো গোপন সামৰিক চুক্তি কৰাৰ পৰিৱেশ তথা তাগিদাৰ সৃষ্টি হৈছিল।

ঊনবিংশ শতিকাৰ শেহৰ পিনে ইউৰোপীয় ৰাজনীতিত সংঘটিত ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ডে সক্রিয় ভূমিকা গ্ৰহণ কৰে। বিচমাৰ্কৰ নেতৃত্বত জার্মানীয়ে ইউৰোপত যিদৰে নিজৰ আধিপত্য স্থাপন কৰিছিল সেয়া ইংলেণ্ডৰ দৰে দেশখনৰ বাবে অতি ঈর্ষাৰ বিষয়ৰূপে পৰিগণিত হৈছিল।

১৮৯৪ চনত বাচিয়া আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিয়ে ভৱিষ্যতে ইংলেণ্ডৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে বুলি সন্দেহৰ সৃষ্টি কৰি ইংলেণ্ডে ইউৰোপীয় ৰাজনীতিত আত্মপ্রকাশ কৰে। ১৯০২ চনত ইংলেণ্ডে জাপানৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিমতে সুদূৰ প্ৰাচ্যত সাম্রাজ্যবাদী দেশসমূহৰ মাজত যথাস্থিতি অক্ষুন্ন ৰাখি শান্তি বজাই ৰখাৰ লগতে চীন আৰু কোৰিয়াৰ ৰাষ্ট্ৰীয় অখণ্ডতা নিৰাপদে ৰাখি সম-অধিকাৰৰ ভিত্তিত বাণিজ্যিক সুবিধা লাভ কৰাটো, কিন্তু জাপানৰ সৈতে কৰা এই চুক্তিৰ পিছতো ইংলেণ্ডে শান্তিৰে থাকিব পৰা নাছিল। জার্মানীৰ ক্রমবর্ধমান আগ্রাসী নীতিৰ পৰিপ্ৰেক্ষিতত ইংলেণ্ডে যেন এতিয়াও সম্পূর্ণরূপে নিজৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবপৰা নাই তেনে এটা ধাৰণা মনতে পোষণ কৰিছিল। সেয়েহে তেওঁলোকে ফ্ৰান্সৰ সৈতে বন্ধুত্বপূর্ণ সামৰিক সম্পর্ক স্থাপন কৰিবলৈ “এংলো-ফ্ৰেন্স আঁটাট কৰডিয়েল” সম্পাদিত কবে।

ফ্রান্স আৰু ইংলেণ্ডৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আৰু বুজাপৰা বাঢ়ি অহাৰ লগে লগে ফ্রাহে প্রতিবেশী বাষ্ট্র ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত সহযোগিতা আৰু বন্ধুত্বপূৰ্ণ সম্পর্ক স্থাপনৰ প্ৰতি আগ্ৰহী হৈ পৰে। ইয়াৰ ফলত ১৯০৭ চনত ইংলেণ্ড আৰু ৰাচিয়াৰ মাজত এক সুদূৰপ্ৰসাৰী ৰাজনৈতিক বুজাপবা সংঘটিত হয়। ইয়াৰ লগে লগে ইংগ-ফৰাচী দ্বিপাক্ষিক চুক্তি ত্রিপাক্ষিক চুক্তিত পৰিণত হয়।

এই ঘটনাৰ লগে লগে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা প্রতিসজ সামৰিক শিৱিৰত বিভক্ত হৈ পৰে। এই সামৰিক চুক্তিসমূহে প্রথম বিশ্বযুদ্ধ সংঘটিত কৰাত প্রভূত অৰিহণা যোগায়। এই গোপন সামৰিক চুক্তিসমূহে বিবাদমান ৰাজনৈতিক-ঔপনিৱেশিক-সাম্রাজ্যিক সমস্যাসমূহ শান্তিপূর্ণভাৱে সমাধান কৰাৰ সকলো সম্ভাৱনা নোহোৱা কৰে। এই চুক্তিসমূহৰ ফলত বিবাদম পক্ষ দুটাৰ মাজত পাৰস্পৰিক সন্দেহ, বিশ্বাসহীনতা আৰু সামৰিক শক্তিৰ ওপৰত নিৰ্ভৰশীলতা অধিক পৰিমাণে বৃদ্ধি হয়। অৱশেষত ইয়ে প্রথম বিশ্বযুদ্ধৰ এটা কাৰণৰূপে দেখা দিয়ে।

প্রশ্ন ৪। ১৯০২-১৪ চনৰ কালছোৱাত ইউৰোপ আৰু আফ্ৰিকাত সংঘটিত সামৰিক সংঘর্ষ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধৰ কেইবছৰমান আগয়ে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা প্রতিসম সামৰিক শিৱিৰত বিভক্ত হৈ পৰে। ১৯০৫-০৬, ১৯০৮ আৰু ১৯১১ চনত মৰক্কোক কেন্দ্ৰ কৰি ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত সামৰিক সংঘৰ্ষৰ সম্ভাৱনাই দেখা দিয়ে। মক্কোক কেন্দ্ৰ কৰি ১৯১১ চনত দ্বিতীয়বাৰ সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। সেই বছৰতে আভ্যন্তৰীণ আইন শৃংখলাৰ অৱনতি হোৱাৰ অজুহাতত ফ্রান্সে মৰক্কোলৈ এটি সামৰিক বাহিনী প্ৰেৰণ কৰে। তাৰ প্ৰতিবাদত জার্মানীয়ে আটলান্টিক মহাসাগৰৰ উপকূলত থকা মৰক্কোৰ সামুদ্রিক বন্দৰ আগাদিৰলৈ পেস্থাৰ নামৰ নৌ-জাহাজখন প্ৰেৰণ কৰে। 

ফলত ফ্রান্স আৰু জাৰ্মানীৰ মাজত আটে বৃদ্ধৰ সম্ভাৱনাই দেখা দিয়ে৷ মৰক্কো সমস্যাৰ সমাধান নহওঁতে ইটাল৷য়ে ১৯১১ চনৰ ছেপ্তেম্বৰ মাহত তুৰস্ক আক্রমণ কৰি আফ্ৰিকাৰ ভূমধ্য সাগৰীয় উপকূলত ত্ৰিপ’লী দখল কৰে। ইটালীয়ে অকল ত্রিপ’লী দখলতে ক্ষান্ত নাথাকি সেই সময়তে ওর্দানলিছ প্রণালীব প্রবেশ পথত বোমা নিক্ষেপ কবি ভূমধ্যসাগৰত ৰোড্‌ছ আৰু অন্যান্য দ্বীপ দখল কবে। তুবস্কৰ বিৰুদ্ধে একে সময়তে আলবানিয়াতো বিদ্রোহ সংঘটিত হৈছিল। গতিকে অনিচ্ছা স্বত্বেও তুৰস্কই লুছান শান্তি চুক্তিৰ মাধ্যমত ইটালীক ত্রিপ’লী এৰি দিয়ে।

এই আন্দোলন তীব্র হোৱাৰ সময়তে ১৯১৪ চনৰ ২৮ জুন তাৰিখে অষ্ট্ৰিয়াৰ সিংহাসনৰ উত্তৰাধিকাৰী যুৱৰাজ ফ্ৰেঞ্চিছ ফার্ডিনান্দে বছনিয়াৰ ৰাজধানী ছেৰাজাভো ভ্ৰমণ কৰিবলৈ যায়। তাত তেওঁক বিদ্ৰোহী ছাৰবিয়ান যুৱক এজনে নিচেই কাষৰপৰা গুলীয়াই হত্যা কৰে। এই ঘটনাই অষ্ট্ৰিয়াৰ লগতে ইউৰোপৰ বিভিন্ন দেশৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰে। অৱশেষত অষ্ট্ৰিয়াই ছাৰবিয়! বিপক্ষে সামৰিক সংঘৰ্ষৰ পথ বাচি লয়। ১৯১৪ চনৰ ২৮ জুলাইৰ দিনা অষ্ট্ৰিয়াই ছাৰবিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি ৰাজধানী চহৰ বেলগ্ৰেডত বোমা বর্ষণ কৰে। ইয়াৰ লগে লগে বিশ্বৰ প্ৰথমখন মহাসমৰ আৰম্ভ হয়। ১৯১৪ চনৰ ৩ আগষ্টত জার্মানীয়ে বেলজিয়ামত সোমাই অনায়াসে সেই দেশ দখল কৰি ফ্ৰান্সৰ পিনে আগুৱাই যায়। বেলজিয়ামৰ পৰা ফ্রান্স অভিমুখে যাত্ৰা কৰোঁতে জার্মান সেনাবাহিনীয়ে বাটত ব্ৰিটিছ সেনাবাহিনীক পৰাভূত কৰি ফ্ৰান্সত প্ৰৱেশ কৰে। মাৰ্ণ নদীৰ পাৰত অৱস্থান কৰি ফৰাচী সেনাবাহিনী আৰু জার্মান সেনাবাহিনীৰ মাজত প্ৰথম বিশ্বযুদ্ধৰ আটাইতকৈ ভয়াবহ আৰু বক্তাক্ত যুদ্ধখন সংঘটিত হয়। এই যুদ্ধখন দীর্ঘ দিন ধৰি চলিছিল আৰু যুদ্ধত কোনেও কাৰো পৰাজয় কৰিবপৰা নাছিল। 

আনহাতে কেন্দ্রীয় শক্তি জোঁটৰ জাৰ্মান আৰু আষ্ট্রিয়ান সেনাবাহিনীয়ে টেনেনবাৰ্গৰ যুদ্ধত ৰাচিয়ান সেনাবাহিনীক বিষমভাৱে পৰাভূত কৰে ১৯১৪ চনৰ ২৯ আগষ্টত। ইয়াৰ পিছতে মাছুৰিয়ান হ্ৰদৰ ওচৰত ৰচ বাহিনীক জার্মান সেনাবাহিনীয়ে পৰাভূত কৰি যুদ্ধৰ অগ্রগতি নিজ নিয়ন্ত্ৰণত ৰাখে। ইফালে অক্টোবৰ মাহৰ ২০ তাৰিখে তুৰস্কই কেন্দ্রীয় শক্তি জোঁটৰ সমৰ্থনত ৰুচসকলৰ ওপৰত আক্ৰমণ কৰে।

প্রশ্ন ৫। ১৯১৭-১৮ চনত বিশ্বযুদ্ধ পৰিস্থিতি সম্পর্কে আলোচনা কৰা৷ 

উত্তৰ :- ১৯১৭-১৮ চনত বিশ্বযুদ্ধ পৰিস্থিতি সম্পর্কে আলোচনা কৰা ১৯১৭ চনৰ যুদ্ধৰ গতিধাৰা তথা পৰিস্থিতিত দুটা বিশেষ ধৰণৰ ঘটনাই প্রভাৱ বিস্তাৰ কৰে। প্ৰথমটো আছিল ৬ এপ্রিল তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰদ্বাৰা জাৰ্মানী আৰু ডিচেম্বৰ মাহত অষ্ট্ৰিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাটো। প্রথম বিশ্বযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষভূক্তিয়ে মিত্র শক্তি জোঁটব বিজয় সুনিশ্চিত কৰি তোলে। যুক্তৰাষ্ট্ৰৰ অন্তভুক্তিৰ লগে লগে চীন, ব্রাজিল, ক ষ্টাবিকা, নিকাৰাগুৱা, সাইবেবিয়া, গুৱাটোমলা, হেইটী, হন্দুবাচ আদি বিশ্বৰ বিভিন্ন দেশে আমেৰিকা যুক্তৰাষ্ট্ৰক অনুসৰণ কৰি মিত্ৰপক্ষৰ সমৰ্থনত যুদ্ধত লিপ্ত হৈ পৰে। ফলত কেন্দ্রীয় শক্তি জোঁটৰ পৰাজয় সন্নিকট হৈ পৰে।

যুদ্ধৰ চতুৰ্থ বছৰত সংঘটিত দ্বিতীয়টো উল্লেখযোগ্য ঘটনা হ’ল ৰচ দেশৰ অক্টোবৰ সমাজতান্ত্রিক বিপ্লৱ। এই বিপ্লৱৰ ফলস্বৰূপে ১৯১৮ চনৰ ১৬ জুলাই তাৰিখে ৰুচ জাৰ দ্বিতীয় নিকোলাই আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক বিপ্লৱীসকলে হত্যা কৰে।

সি যিকি নহওক, ৰুচ দেশত অক্টোবৰ বিপ্লৱ সাফল্যমণ্ডিত হোৱাৰ পিছত গঠিত হোৱা নতুন বিপ্লৱী চৰকাৰে কেন্দ্ৰীয় শক্তি জোঁটৰ নেতা তথা অংশীদাৰ জার্মানীৰ সৈতে ১৯১৮ চনৰ ৩ মাৰ্চত চুক্তি কৰি যুদ্ধৰ পৰা আঁতৰি আহে। কচ দেশ যুদ্ধৰপৰা আঁতৰি অহাৰ পিছত পূর্ব প্রান্তৰ ৰণক্ষেত্ৰত জার্মানসকল নিষ্কণ্টক হয় যদিও পশ্চিম প্রাস্তৰ ৰণাংগনত মার্কিন সৈন্যৰ উপস্থিতিয়ে জাৰ্মানসকলৰ অৱস্থা অতি কাহিল কৰি আনে। ব্রিটেইনে জাৰ্মানৰ সামুদ্রিক হৃন্দৰত কৰা অৱৰোধ কাৰ্যৰ ফলত দেশৰ অৰ্থনৈতিক অৱস্থা জটিল হৈ পৰে। ফলত ১৯১৭ চনৰ জুলাই মাহত জার্মান সংসদে মিত্র পক্ষৰ সৈতে শাস্তি স্থাপনৰ বাবে চৰকাৰক পৰামর্শ দিয়ে। সেই সময়তে ব্ৰিটিছে পুনৰ জাৰ্মানক আক্রমণ কৰে। কিন্তু তেওঁলোকে কিছু পৰিমাণেহে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

ইফালে কেন্দ্রীয় শক্তি জোঁটে ইটালী আক্রমণ কৰি তাত যথেষ্ট অগ্রগতি লাভ কৰে। ইটালীয়ে নিজ ৰাজ্যৰ ৬ হাজাৰ বর্গ মাইল এলেকাৰ উপৰিও প্ৰায় ৩,২০,০০০ ইটালীয়ান সৈনিক হেৰুৱাবলগীয়া হয়। ইটালীত মিত্র শক্তিৰ এই বিপৰ্যয়ৰ বিপৰীতে পূব প্ৰাস্তৰৰ ৰণাংগনত ব্ৰিটেইনে তুৰস্কৰ বিৰুদ্ধে জয় লাভ কৰি বাগদাদ আৰু জেৰুজালেম দখল কৰিবলৈ সক্ষম হয়।

১৯১৭ চনৰ নৱেম্বৰ মাহত মিত্ৰ পক্ষই যুদ্ধক্ষেত্ৰত সফলতা লাভ কৰিবলৈ বুলি এক সর্বোচ্চ যুদ্ধ পৰিষদ গঠন কৰে আৰু ফৰাচী আৰু কেন্দ্ৰীয় শক্তি জোঁটৰ বিৰুদ্ধে সমৰ অভিযানত ভাগ লয়।

ইতিমধ্যে ১৯১৭ চনৰ শেষৰ ফালে জার্মানসকলেও মিত্র শক্তি জোঁটৰ বিপক্ষে যুদ্ধ জয়ৰ আশা পৰিত্যাগ কৰে। কিন্তু তথাপিও জার্মান সেনাধ্যক্ষ লডেনডর্ফে শেষৰ বাৰৰ বাবে এবাৰ যুদ্ধ কৰাৰ অভিপ্রায়েৰে ১৯১৮ চনৰ মাৰ্চ মাহত ব্ৰিটিছ আৰু ফৰাচী মিলিত সেনাবাহিনীৰ ওপৰত তীব্র আক্রমণ চলায় ৷ অৱশেষত পৰাজয় বৰণ কৰে। এই ঘটনাই জার্মানসকলৰ মনোৱল সম্পূৰ্ণৰূপে ভাঙি পেলায়।

ইউৰোপৰ আটাইকেইখন ৰণাংগনতে মিত্ৰ পক্ষৰ বিজয় সূচিত হ’বলৈ ধৰে। ২৯ (১৯১৮) ছেপ্তেম্বৰত বুলগেৰিয়াই আত্মসমর্পণ কৰে। ৩০ ছেপ্তেম্ববত তুৰস্কই আত্মসর্পণ কৰে আৰু ৩ নৱেম্বৰত অষ্ট্ৰিয়া – হাংগেৰীয়ে আত্মসমর্পণ কৰে।৩ অক্টোবৰত জার্মান সেনাধ্যক্ষ লডেনডর্ফে চৰকাৰক যুদ্ধ বিৰতি ঘোষণা কৰিবলৈ পৰামৰ্শ দিয়ে । ৯ নৱেম্বৰত জার্মান সম্রাট দ্বিতীয় উইলিয়ামে যুৱৰাজসহ হলেগুলৈ পলায়ন কৰে আৰু জাৰ্মানত এখন প্রজাতান্ত্রিক চৰকাৰ ক্ষমতালৈ আহে। এই নতুন জার্মান চৰকাৰখনে ১৯১৮ চনৰ নৱেম্বৰ মাহৰ ১১ তাৰিখে দিনৰ ১১ ৰজাৰপৰা কাৰ্যকৰী হোৱাকৈ যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰে। এই দৰে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে। 

প্রশ্ন ৬।প্রথম বিশ্বযুদ্ধৰ পৰিণতি সম্পর্কে আলোচনা কৰা।

উত্তৰ :- প্ৰথম বিশ্বযুদ্ধৰ পৰণতিস্বৰূপে বিশ্বশান্তি প্রতিষ্ঠাৰ হকে ১৯২০ চনত জাতি সংঘ প্রতিষ্ঠা কৰা হৈছিল। যুদ্ধত বিধ্বস্ত হোৱা ৰাষ্ট্ৰৰপৰা নতুন নতুন, থাক্টৰ সৃষ্টি হৈছিল। যুদ্ধৰ পৰিণতিস্বৰূপে পোলেঙে স্বাধীনতা লাভ কৰিছিল আৰু যুগোশ্লোভিয়া আৰু ছেকোশ্লোভিয়া নামে দুখন দেশৰ সৃষ্টি হৈছিল। বিশ্বযুদ্ধৰ ফলস্বৰূপে বিশ্বত বৃহৎ দেশসমূহৰ মাজত শক্তিৰ ভাৰসাম্যৰ পৰিৱৰ্তন ঘটিছিল। প্রথম বিশ্বযুদ্ধই আমেৰিকা মহাদেশক খাদ্য যোগান ধৰা দেশৰপৰা পুঁজিৰ

যোগান ধৰা দেশলৈকে পৰিৱৰ্তন কৰিছিল। যুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ইংলেণ্ডৰ এক তীব্র প্রতিদ্বন্দ্বীত পৰিণত হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ইউৰোপ মহাদেশৰ অভ্যস্তৰত থকা দেশসমূহৰ ত্রাণকর্তা হ’বলগীয়া হৈছিল। যুদ্ধৰ পিছৰেপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতিপত্তি বৃদ্ধি পাইছিল আৰু ইয়ে ইউৰোপৰ দেশসমূহৰ ৰাজনৈতিক শূন্যতা পূৰণ কৰিছিল৷ প্রথম বিশ্বযুদ্ধৰ পৰিণতিস্বৰূপে জার্মানী, ৰাছিয়া আৰু চীনৰ বিপৰীতে জাপান দেশ মহা পৰাক্ৰমী হৈ পৰিছিল।

প্রথম বিশ্বযুদ্ধই জাৰ শাসিত ৰুছ দেশত সমাজতান্ত্রিক বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল আৰু এক নতুন ধৰণৰ গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। যুদ্ধৰ প্ৰত্যক্ষ ফলস্বৰূপে অষ্ট্ৰিয়া, হাংগেৰী, জার্মানী, ক্ৰুৰস্ক আদি দেশত আৰু নতুনকৈ সৃষ্টি হোৱা দেশবিলাকত প্রজাতান্ত্রিক চৰকাৰ গঢ়ি তোলাত ইন যোগাইছিল। যুদ্ধৰ পাছতেই ইটালী, জার্মানী, স্পেইন আদি দেশত ফেছিজিমব অভ্যূদয় হৈছিল আৰু ইয়ে দ্বিতীয়বাৰৰ বাবে বিশ্বত মহাৰণৰ সূত্ৰপাত কৰিছিল। 

প্রথম বিশ্বযুদ্ধই সাম্রাজ্যবাদী ৰাষ্ট্ৰৰদ্বাৰা পদানত আৰু নিপীড়িত ৰাষ্ট্ৰসমূহত জাতীয়তাবাদী আন্দোলন বিকাশ হোৱাত সহায় কৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহৰ শক্তি যে প্রকৃততে তেওঁলোকে দেখুওৱাতকৈ কম আছিল সেই কথা বিশ্বযুদ্ধৰ ফলাফলে প্রতীয়মান কৰে। ব্ৰিটিছ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰদ্বাৰা পদানত ভাৰতবৰ্ষত বিশ্বযুদ্ধৰ পাছৰেপৰা তীব্র জাতীয়তাবাদী স্বাধীনতা আন্দোলনে গা কৰি উঠিছিল।

প্রথম বিশ্বযুদ্ধত অধিক ক্ষতিগ্রস্ত দেশ হৈছে ফ্রান্স, জার্মানী আদি। যুদ্ধৰ পৰিণতিস্বৰূপে ১৯১৯ চনত ৰচ দেশে জার্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। যুদ্ধৰ পৰিণতিস্বৰূপে নাৰীসকলৰ মাজত সামাজিক তথা ৰাজনৈতিক গুৰুত্ব বৃদ্ধি পাইছিল আৰু প্ৰজাতান্ত্রিক দেশসমূহত নাৰীৰ ভেটাধিকাৰ স্বীকৃত হৈছিল।

প্রশ্ন ৭। “প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোঁটৰ পৰাজয়ে ইউৰোপত ভালেমান জাতি-ৰাষ্ট্ৰৰ অভ্যুদয়ত ইন্ধন যোগাইছিল।”—–আলোচনা কৰা।

উত্তৰ :- প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোঁট বিষমৰূপে পৰাজিত হয়। বিশেষকৈ বিচমার্কে আটোমটোকাৰীকৈ গঢ়ি তোলা জার্মানী সম্পূর্ণরূপে ধ্বংসপ্রাপ্ত হৈ পৰে। ১৮৭১ চনৰপৰা ১৮৯০ চনলৈ প্ৰায় বিশ বছৰ কাল বিচমার্ক জাতি ৰাষ্ট্ৰৰূপে গঢ়ি উঠা জার্মানীৰ প্ৰধানমন্ত্রী আছিল। তেওঁৰ প্ৰধানমন্ত্রীত্বৰ কালছোৱাত ১৮৮৮ চনৰ মাৰ্চ মাহত জাৰ্মানীৰ সম্রাট প্রথম উইলিয়ামৰ মৃত্যু হয় আৰু দ্বিতীয় উইলিয়ামে সিংহাসনত আৰোহণ কৰে। এই সম্রাটজনে দেশৰ বৈদেশিক নীতিৰ আমূল পৰিৱৰ্তন ঘটাই বিশ্বৰ ৰাজনীতিত জাৰ্মানৰ প্ৰভূত্ব স্থাপনৰ প্ৰচেষ্টা চলায়। ইয়ে জার্মান দেশখন সম্পূৰ্ণৰূপে ধূলিৰ লগত মিহলি কৰি দিয়ে।প্রথম বিশ্বযুদ্ধই তৎক্ষণিকভাবে ইউৰোপৰ চাৰিখন সাম্রাজ্যৰ পতন ঘটাইছিল। 

সেই চাৰিখন সাম্রাজ্য হ’ল—ৰাচিয়া, তুবঙ্ক বা অট’মেন সাম্রাজ্য, জার্মানী আৰু অষ্ট্ৰিয়া-হাংগেৰী ৷ এই পতিত সাম্রাজ্যকেইখনৰ পৰা নতুন নতুন জাতি ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। যুদ্ধৰ শেষৰ ফালে ঝচ দেশত সংঘটিত হোৱা সমাজতান্ত্রিক বিপ্লৱৰ পৰিণতিস্বৰূপে পোলেণ্ডে স্বাধীনতা লাভ কৰিছিল। ইয়াৰ লগে লগে ৰুচ দেশৰ অধীনত থকা এষ্টোনিয়া, লাটভিয়া, লিথুৱানিয়া আদি বাল্টিক সাগৰীয় দেশসমূহেও স্বাধীনতা লাভ কৰিছিল।

বলকান উপমহাদেশত শ্লাভ জনগোষ্ঠীৰ দীর্ঘদিনীয়া বিপ্লৱৰ পৰিণতিস্বৰূপে যুগোশ্লাভিয়া আৰু ছেকোশ্লাভাকিয়া নামে দুখন নতুন দেশৰ সৃষ্টি হৈছিল।

জার্মানী আৰু অষ্ট্রিয়া-হাংগেৰীৰ পতনে মিত্র শক্তি জোঁটৰ অন্তৰ্ভূক্ত দেশসমূহত সাম্রাজ্যবাদী মতাদর্শ তথা ধ্যান-ধাৰণাক নতুন প্ৰেৰণা যোগান ধৰিছিল। উক্ত পৰিঘটনাবোৰৰ বাবে প্রথম বিশ্বযুদ্ধত কেন্দ্রীয় শক্তি জোঁটৰ পৰাজয়ে, ইউপোৰত ভালেমান জাতি ৰাষ্ট্ৰৰ উৎপত্তি হোৱাত অৰিহণা যোগাইছিল বুলি ক’ব পৰি।

1 thought on “Class 10 History Elective Chapter 2 প্রথম বিশ্বযুদ্ধ”

  1. দাদা ইয়াৰ ৰচনা ধৰ্মী প্ৰশ্ন সমূহ দিয়া নাইজে

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top