Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল

Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল and select needs one.

Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল Solutions for All Subject, You can practice these here.

পৃথিৱীৰ ভূগোল

দ্বিতীয় খণ্ড (Geography)

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

উত্তৰঃ ২৬,৬৫৫,৫২৮ জন। ভাৰতৰ জনসংখ্যাৰ ২.৫৯ শতাংশ।

প্রশ্ন ২। বৰ্তমান অসমৰ প্রসাসনিক জিলাৰ সংখ্যা কিমান? 

উত্তৰঃ ২৭ খন।

প্রশ্ন ৩। মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? 

উত্তৰঃ কাৰ্বি আংলং (১০,৪৩৪ বর্গ কি.মি.)।

প্রশ্ন ৪। অসমত সর্বপ্ৰথম ৰেলসেৱা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৮৪ চনত।

প্রশ্ন ৫। অসমত সর্বপ্রথম জাহাজসেৱা কেতিয়া আৰম্ভ হৈছিল? 

উত্তৰঃ ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত।

প্রশ্ন ৬। পনীয়া সোণ বুলিলে কিহক বুজায়?

উত্তৰঃ খনিজ তেলক।

প্রশ্ন ৭। সোণালী সূতা বুলিলে কিহক বুজায়?

উত্তৰঃ মুগা সূতাক।

প্রশ্ন ৮। ২০০১ চনৰ জনপিয়ল মতে অসমত কিমানখন নগৰ আৰু গাঁও আছে।

উত্তৰঃ নগৰ — ১০২ খন, গাওঁ — ২৬, ২৪৭ খন।

প্রশ্ন ৯। অসমৰ ডিমা হাছাও জিলাত থকা পৰ্বত-পাহাৰ শ্ৰেণীটোৰ নাম কি?

উত্তৰঃ বৰাইল পর্বত শ্রেণী।

প্রশ্ন ১০। অসমৰ খাৰুৱা তেলৰ পুং থকা দুখন ঠাইৰ নাম লিখা।

উত্তৰঃ ডিগবৈ আৰু নাহৰকটীয়া।

পাঠভিক্তিক প্ৰশ্নউত্তৰ

প্রশ্ন ১। পৃথিৱীৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ৫২০ নিযুত বৰ্গ কিলোমিটাৰ। 

প্রশ্ন ২। ২০১৫ বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ ৭৩০ কোটি বা ৭.৩ মহানিযুত।

প্রশ্ন ৩। গড়হিচাপে মহাসাগৰৰ গভীৰতা কিমান? 

উত্তৰঃ ৪ হাজাৰ মিটাৰ।

প্রশ্ন ৪। প্রশান্ত মহাসাগৰ কিমানটা সামুদ্রিক দ্বীপ আছে?

উত্তৰঃ ২০ হাজাৰ টা।

প্রশ্ন ৫। প্রশান্ত মহাসাগৰৰ দুটা দ্বীপৰ নাম লিখা।

উত্তৰঃ (1) জাপান। 

(2) টাইৱান। 

(3) ফিলিপাইন। আৰু 

(4) নিউজিলেণ্ড। 

প্রশ্ন ৬। প্রশান্ত মহাসাগৰৰ গভীৰতম খাতটোৰ নাম কি?

উত্তৰঃ মেৰিয়ানা বা চেলেঞ্জাৰ খাত। 

প্রশ্ন ৭। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখনৰ নাম কি আৰু ইয়াৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ অটলান্টিক মহাসাগৰ। ইয়াৰ প্ৰায় ৮২ নিযুত বর্গ কিলোমিটাৰ মুঠ মাটিকালি। 

প্রশ্ন ৮। এছিয়া মহাদেশৰ মাটিকালি কিমান?

উত্তৰঃ ৪৪.৬ নিযুত বর্গ কি.মি.।

প্রশ্ন ৯। দক্ষিণ মহাসাগৰৰ মাটিকালি কিমান?

উত্তৰঃ প্ৰায় ২০ নিযুত বর্গ কি. মি.।

প্রশ্ন ১০। ভাৰত মহাসাগৰৰ গভীৰতা কিমান?

উত্তৰঃ প্ৰায় ৪০০০ মিটাৰ।

১। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ স্থলমণ্ডল :-  শিল , বালি , মাটি আৰু খনিজ পদার্থৰে  গঠিত ভূপৃষ্ঠৰ কঠিন অংশটোকে স্থলমণ্ডল বুলি কোৱা হয়। ই পর্বত – পাহাৰ , সমভূমি , মালভূমি , নদী উপত্যকা , উপকূল আদিৰ দৰে ভূ – অৱয়ৱেৰে গঠিত হৈছে।অৰণ্য , কৃষিভূমি , তৃণভূমি তথা জুনবসতি অঞ্চল আদিও স্থলমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ২৯ শতাংশ অর্থাৎ ১৪৯ নিযুত বর্গকিল’মিটাৰ স্থলভাগে আগুৰি আছে। পৃথিৱীৰ স্থলমণ্ডলটো এছিয়া , আফ্রিকা , ইউৰােপ , উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা , ওছেনিয়া আৰু এন্টার্কটিকা মহাদেশেৰে গঠিত। 

জলমণ্ডল :- ভূপৃষ্ঠৰ জলভাগেৰে গঠিত বৃহৎ অংশটোক জলমণ্ডল বুলি কোৱা হয়। ই মহাসাগৰ, সাগৰ, হ্রদ, নদ – নদী, জান – জুৰি, জলাশয় আদিৰ দৰে জল – অৱয়ৱসমূহেৰে গঠিত। ই ভূপৃষ্ঠৰ প্রায় ৭১ শতাংশ অর্থাৎ ৩৬১ নিযুত বৰ্গ কিল’মিটাৰ জলভাগে আগুৰি আছে। পৃথিৱীৰ জলভাগক প্রশান্ত মহাসাগৰ, দক্ষিণ মহাসাগৰ , ভাৰত মহাসাগৰ , আটলান্টিক মহাসাগৰ আৰু উত্তৰ মহাসাগৰেৰে গঠিত। 

২। মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল ? 

উত্তৰঃ মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আদিতে অর্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। এই অৱস্থাত ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পান্থালাচা বোলা হৈছিল। কালক্ৰমত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব – পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল। এই সাগৰখনক টেথিছ সাগৰ বোলা হৈছিল। দ্বি বিভক্ত পেঞ্জিয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেও বোলা হয়। মধ্যজীৱীয় কল্পযুগত , অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূর্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয়। এই সূত্র অনুসৰি ,লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা , গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে , দক্ষিণ আমেৰিকা , আফ্রিকা , মাদাগাস্কাৰ , ভাৰতবৰ্ষ , আৰব অঞ্চল , মালয়েছিয়া আৰু অষ্ট্রেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা।

৩। মহাসাগৰৰ তলিভাগৰ ভূ – অৱয়ৱ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ ভূপৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলভাগে আগুৰি আছে। পৃথিৱীৰ জলভাগ বিশেষকৈ প্রশান্ত মহাসাগৰ , আটলান্টিক মহাসাগৰ , ভাৰত মহাসাগৰ , উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ এই মহাসাগৰ কেইখনেৰে গঠিত। সাগৰ মহাসাগৰৰ তলিভাগো শৈলসিৰা, দ্ৰোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখা-মোখোৰা কৰি ৰাখে। সমুদ্রৰ তলিত থকা এনে কিছুমান অতি গুৰুত্বপূৰ্ণ অৱয়ৱক চাৰিটা ভাগত ভাগ কৰা হয়। 

( ক ) মহীসােপান :- ভূখণ্ড বা উপকূল অঞ্চলৰ সৈতে সংযােজিত হৈ থকা সাগৰ – মহাসাগৰৰ অগভীৰ অংশকে মহীসােপান বুলি কোৱা হয়। ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ পর্যন্ত হয়। 

( খ ) মহীঢাল :- মহীসােপানৰ পিছত আৰম্ভ হােৱা মহাসাগৰৰ বুকুৰ যথেষ্ট গভীৰ অংশক মহীঢাল বুলি কোৱা হয়। ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ পর্যন্ত হয়। 

( গ ) গভীৰ সমুদ্রতলীয় দ্রোণী :- মহীঢালৰ পিছত মহাসাগৰৰ মাজভাগত অৱস্থিত ভূ – অৱয়ৱকে গভীৰ সমুদ্রতলীয় দ্রোণী বুলি কোৱা হয়। ইয়াৰ গভীৰতা ৪০০০ মিটাৰ পর্যন্ত হয়।

( ঘ ) গভীৰ সামুদ্রিক খাত :- মহাসাগৰৰ মাজভাগত প্রায় ৮০০০ মিটাৰ পর্যন্ত গভীৰতা থকা গভীৰ খাত থকা দেখা যায়। সকলােবােৰ সামুদ্রিক খাতৰ ভিতৰত প্রশান্ত মহাসাগৰৰ বুকুত থকা ১১,০২২ মিটাৰ গভীৰ মেৰিয়ানা বা চেলেঞ্জাৰ খাতেই হ’ল বিশ্বৰ সবাতােকৈ গভীৰতম খাত। 

৪। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ পৃথিৱীপৃষ্ঠৰ স্থলভাগেৰে গঠিত অংশটোক স্থলমণ্ডল বুলি কোৱা হয় আৰু জলভাগেৰে গঠিত অংশটোক জলমণ্ডল বুলি কোৱা হয়। 

ভৌগােলিকভাৱে স্থলমণ্ডলক চাৰিটা ভাগত ভাগ কৰা হৈছে :- 

( ক ) প্রথম ভাগ:- এই অংশটো এছিয়া , আফ্রিকা আৰু ইউৰােপ মহাদেশেৰে গঠিত।

( খ ) দ্বিতীয় ভাগ :- এই অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰে গঠিত। 

( গ ) তৃতীয় ভাগ :- অষ্ট্রেলিয়া আৰু সমীপৱৰ্তী দ্বীপসমূহ লগলাগি গঠিত হৈছে। 

( ঘ ) চতুর্থ ভাগ :- কোনােমতে দুই – এক স্থায়ী জনবসতি থকা এন্টার্কটিকা মহাদেশেৰে গঠিত। 

আনহাতে পৃথিৱীৰ জলমণ্ডলক পাঁচখন মহাসাগৰত ভাগ কৰা হৈছে :- 

( ক ) প্রশান্ত মহাসাগৰ :- প্রশান্ত মহাসাগৰ বিশ্বৰ সৰ্ববৃহৎ মহাসাগৰ। এই মহাসাগৰখন পশ্চিমে এছিয়া , পূৱে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশৰ মাজত অৱস্থিত। 

( খ ) আটলান্টিক মহাসাগৰ :- ই হৈছে বিশ্বৰ দ্বিতীয় বৃহৎ মহাসাগৰ। এই মহাসাগৰখন পশ্চিমে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা , তথা পূৱে ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত। 

( গ ) ভাৰত মহাসাগৰ :- এই মহাসাগৰখন এছিয়া মহাদেশৰ দক্ষিণে , আফ্রিকা মহাদেশৰ পূবে আৰু ওচেনিয়া মহাদেশৰ পশ্চিমে অবস্থিত।

( ঘ ) দক্ষিণ মহাসাগৰ :- এই মহাসাগৰখন দক্ষিণ আমেৰিকা , আফ্রিকা আৰু ওচেনিয়া মহাদেশৰ দক্ষিণ দিশে অৱস্থিত। 

( ঙ ) উত্তৰ মহাসাগৰ :- এই মহাসাগৰখন উত্তৰ আমেৰিকা , ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত। 

৫। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ – অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ ভূপৃষ্ঠৰ প্রায় ২৯ শতাংশ স্থলমণ্ডলেৰে গঠিত। স্থলমণ্ডলৰ ভূপ্রকৃতি অসমান ধৰণৰ আৰু ই পাহাৰ – পর্বত , মালভূমি , সমভূমি , উপকূলীয় অঞ্চল , নদী উপত্যকা আদিৰে গঠিত। পৃথিৱীৰ উপৰিভাগত থকা স্থলভাগৰ বিভিন্ন অবয়ব দেখা যায়। এক নির্দিষ্ট স্থানৰ অৱয়বৰ বৈশিষ্ট্য সাপেক্ষে ভূপ্রকৃতিৰ তাৰতম্য ঘটে। উচ্চতা , নদ নদীৰ উপস্থিতি , জলবায়ু তথা উদ্ভিদ আদিয়ে এখন ঠাইৰ ভূপ্রকৃতিৰ ওপৰত বাৰুকৈ প্ৰভাৱ পেলায়। প্ৰায়বােৰ মহাদেশতে কেইবাটাও সুউচ্চ পর্বতমালা বিস্তৃত হৈ আছে। উদাহৰণস্বৰূপে এছিয়া মহাদেশত অৱস্থিত হিমালয় পূর্বতমালাৰ ৮,৮৪৮ মিটাৰ ওখ এভাৰেষ্ট শৃংগ হৈছে বিশ্বৰ সবাতােকৈ ওখ শৃংগ। আনহাতে এছিয়া মহাদেশতে বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিৰ লগতে বহুতাে সুউচ্চ মালভূমি থকা পৰিলক্ষিত হয়। পৰ্বত পাহাৰ, মালভূমিয়ে সৃষ্টি কৰা বহু উচ্চ অঞ্চলৰ পৰা বহু ডাঙৰ নদ-নদীৰ উৎপত্তি হয় আৰু সেই নদীসমূহে একোটা অঞ্চলত বিস্তীর্ণ সমভূমি অঞ্চলৰ সৃষ্টি কৰিছে। এছিয়া মহাদেশৰ সিন্ধু, গংগা, ব্ৰহ্মপুত্ৰ, ওবি, লেনা, আমুৰ, হোৱাংহো ইউৰোপ মহাদেশৰ ৰোণ, ৰাইন, ডানিয়ুব, ডন, ভল্গা আদি নদী সমূহে সৃষ্টি কৰা সমভূমি দেখা যায়।

৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ এই মহাদেশতেই পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমাল পৰ্বত শ্ৰেণী আৰু আটাইতকৈ ওখ শৃংগ এভাবেষ্ট অৱস্থিত। বহুতো দ্বীপ আৰু মৰুভূমিত্ত ইয়াত বিৰাজমান। 

( ক ) পর্বতমালা :- এছিয়া মহাদেশৰ মধ্যাংশটো কেইবাটাও গুৰুত্বপূর্ণ পর্বতমালাৰে গ্ৰঠিত :

১। এছিয়া মহাদেশৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ইউৰাল পর্বতমালাই মহাদেশখনৰ পশ্চিম সীমাটো গঠন কৰিছে। 

২। মহাদেশখনৰ পূবৰ পৰা পশ্চিমলৈ বিভিন্ন শাখা – পর্বতেৰে হিমালয় পর্বতমালা বিস্তৃত হৈ আছে। বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্ট এছিয়া মহাদেশতে অৱস্থিত ৷

৩। পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগ গডউইন অষ্টিন  এছিয়া মহাদেশৰ কাৰাকোৰাম পর্বতমালাত অৱস্থিত। কুনলুন , আলটাইন , টিয়েনচান , আলটাই আৰু আৰাৱলী আদি অন্যান্য পর্বতমালা। 

( খ ) মালভূমি:- বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিও এছিয়া মহাদেশতে অৱস্থিত। এছিয়া মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূর্ণ মালভূমিকেইটা হৈছে তিব্বত , ছাইবেৰিয়া, মংগােলীয় মালভূমি , দাক্ষিণাত্য মালভূমি , আৰব মালভূমি আৰু ইৰাণ মালভূমি আদি। 

( গ ) নদ – নদীসমূহ:- এছিয়া মহাদেশত বিভিন্ন পৰ্বতীয়া উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ মহাসাগৰলৈ বৈ গৈছে। মহাদেশখনৰ দক্ষিণ – মধ্য অংশত সিন্ধু , গংগা আৰু ব্রহ্মপুত্র আদি প্রধান নদী বৈ থকাৰ বিপৰীতে উত্তৰ অংশত ওব , মেনিছি আৰু লেনা নদী বৈ গৈছে। আনহাতে পূর্ব অংশত আমুৰ , হােৱাংহাে , ইয়াংজে কিয়াং , চিকিয়াং আদি প্রধান নৈ বৈ গৈছে আৰু দক্ষিণ তথা দক্ষিণ – পূর্ব অংশত নর্মদা , তাপ্তি , মহানদী , গােদাবৰী , কৃষ্ণা , কাৰেী , বৰাক , মে’নাম , ইৰাৱতী , মেকং আদি নৈ বৈ গৈছে। 

( ঘ ) সমভূমি:- সকলোবােৰ প্রধান নদীয়েই বৃহৎ সাৰুৱা সমভূমি আৰু ব – দ্বীপৰ সৃষ্টি কৰিছে। 

( ঙ ) হ্রদ:- এছিয়া মহাদেশত সৰু বৰ বহুতাে হ্রদ আছে। ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ হ্রদসমূহ হৈছে — বলখাচ , বৈকাল, চিল্কা , চম্বৰ , ডাল , পুলিকট , কল্লেৰু , লােকটাক আদি। 

( চ ) মৰুভূমি:- এছিয়া মহাদেশত থৰ আৰু আৰব মৰুভূমিৰ দৰে উষ্ণ মৰুভূমিৰ লগতে গােবি মৰুভূমিৰ দৰে শীতল মৰুভূমিও আছে।

( ছ ) দ্বীপ:- প্রশান্ত মহাসাগৰৰ প্ৰায়বােৰ দ্বীপেই এছিয়া মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হৈছে জাপান , টাইৱান , ফিলিপাইন , জাভা , সুমাত্রা আৰু বর্ণিম’ আদি । আন্দামান – নিকোবৰ , শ্রীলংকা , লাক্ষাদ্বীপ , মালদ্বীপ , বাহৰেইন আদিৰ দৰে ভাৰত মহাসাগৰৰ দ্বীপসমূহো এছিয়া মহাদেশতে অৱস্থিত । 

৭। কাৰণ দর্শাই উত্তৰ লিখাঃ 

( ক ) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত থুপ খাই আছে কিয় ? 

উত্তৰঃ প্ৰাকৃতিক পৰিবেশৰ বিভিন্ন উপাদানৰ তাৰতম্যৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিতৰণ সকলো ঠাইতেই একে নহয়। পৃথিৱীৰ জলমণ্ডলৰ প্রায় ৫৭ শতাংশ জলভাগ দক্ষিণ গােলার্ধত আবদ্ধ থকাৰ বিপৰীতে মুঠ স্থলমণ্ডলৰ প্রায় ৬৭ শতাংশ উত্তৰ গােলার্ধত অৱস্থিত। অর্থাৎ দেখা যায় যে দক্ষিণ গােলার্ধৰ তুলনাত উত্তৰ গােলার্ধত ভূখণ্ডৰ উপস্থিতি যথেষ্ট পৰিমাণে বেছি। সেয়েহে , এই অঞ্চলটোৰ জনসংখ্যা দক্ষিণ গােলার্ধতকৈ বেছি য’ত কেৱল ৩৩ শতাংশহে স্থলভাগ আছে। জনবসতিহীন এন্টার্কটিকা মহাদেশৰ বৃহৎ অংশও ইয়াৰ অন্তর্ভুক্ত। দ্বিতীয়তে , উত্তৰ গােলার্ধ ইয়াৰ উত্তম জলবায়ুৰ লগতে জীৱন ধাৰণ তথা মানৱ কার্যকলাপৰ হকে প্রয়ােজন হােৱা অনুকূল ভৌগােলিক অস্থাৰ বাবে পৰিচিত। ইয়াৰ বিশাল সমভূমি অঞ্চল , অসংখ্য নদ – নদী , চহকী প্রাকৃতিক সম্পদ আদিয়ে ইয়াৰ জনসংখ্যা গাঁথনি বৃদ্ধি কৰিছে। দক্ষিণ গোলার্ধত অৱস্থিত য’ত মানুহ বসবাসৰ বাবে উপযোগী নহয়। সেইবাবে পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশ উত্তৰ গোলাৰ্ধত বাস কৰে। 

( খ ) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় কিয় ? 

উত্তৰঃ এছিয়া মহাদেশৰ এটা অন্যতম বৈশিষ্ট্য হ’ল ইয়াৰ তাৰতম্যৰ জলবায়ু। এছিয়া মহাদেশৰ প্ৰায়খিনি ভূখণ্ড উত্তৰ গােলার্ধত অৱস্থিত। এই ভূখণ্ডই বিষুৱ ৰেখা , কর্কট ক্রান্তীয় অঞ্চল তথা মেৰু  অঞ্চল স্পর্শ কৰি আছে যাৰ ফলস্বৰূপে মহাদেশখনত ভিন্ন জলবায়ু বিৰাজ কৰে। তদুপৰি, মহাদেশখন তিনিফালৰ পৰা  জলভাগেৰে আগুৰি আছে , যিয়ে এছিয়া মহাদেশৰ জলবায়ুৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছে। ইয়াৰােপৰি এছিয়া মহাদেশত পৃথিৱীৰ আটাইতকৈ শুকান ঠাই গোবি, থৰ, মৰুভূমি অৱস্থিত আৰু আটাইতকৈ বেছি। বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী অৱস্থিত। ঠিক তেনেদৰে পৃথিৱীৰ আটাইতকৈ গৰম ঠাই জেকোদাবাদ আৰু আটাইতকৈ ঠাণ্ডা ঠাই ভার্থইআনস্ক এই এছিয়া মহাদেশতেই অৱস্থিত। পৃথিৱীৰ দুটা ঋতুত দুবাৰ বাৰিষা হোৱা ঠাই কেৱল এছিয়া মহাদেশৰ অন্তৰ্গত। এইবােৰ কাৰণতেই এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় বুলি কোৱা হয়। 

( গ ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ? 

উত্তৰঃ এন্টার্কটিকা মহাদেশত স্থায়ী জনবসতিৰ সংখ্যা তেনেই নগণ্য। এনে হােৱাৰ কাৰণ হ’ল তাত থকা অতি শীতল জলবায়ুৰ উপস্থিতি। প্ৰায় সকলো সময়তে এই অঞ্চলৰ বৰফৰ ধুমুহা বলে। যিটোৱে তাত জীৱন ধাৰণৰ বাবে অনুপযোগী কৰি তোলে। এনেধৰণৰ বতৰ বা জলবায়ুৰ উপস্থিতিত মানৱ জীৱন – যাপনৰ বাবে প্রয়ােজনীয় ক্রিয়াকলাপ , যেনে – কৃষিকার্য , উদ্যোগ , ব্যৱসায় – বাণিজ্য আদি সম্ভৱ নহয়। সেইবাবে এই অঞ্চলত স্থায়ী বাসিন্দা নাই। 

৮। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :

( ক ) এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?  

উত্তৰঃ ইউৰাল পর্বতমালা আৰু ইউৰাল নদীয়ে এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত প্রাকৃতিক সীমাৰ সৃষ্টি কৰিছে । 

( খ ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত? 

উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালাটোৰ নাম হ’ল ‘এণ্ডিজ পর্বতমালা’। এই পর্বতমালা দক্ষিণ আমেৰিকাত অৱস্থিত। 

( গ ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা । 

উত্তৰঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম এছিয়া মহাদেশ আৰু ক্ষুদ্রতম মহাদেশ হ’ল ওছেনিয়া মহাদেশ। 

( ঘ ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত? 

উত্তৰঃ পৃথিৱীৰ দুখন মহাদেশত বিস্তৃত হৈ থকা দেশখন হৈছে ৰাছিয়া। ই এছিয়া আৰু ইউৰােপ দুয়ােখন মহাদেশতে বিস্তৃত। 

( ঙ ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা। 

উত্তৰঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখন হ’ল  ৰাছিয়া আৰু ভেটিকান চিটি। 

( চ ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্রেণীটোৰ নাম কি ? এই পর্বতমালাৰ দৈর্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত ?  

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বত শ্ৰেণীটোৰ নাম হ’ল ৰকি পর্বতমালা। ই ৪৮০০ কিলোমিটাৰ আৰু ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত। 

( ছ ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰুই ক’ত অৱস্থিত?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে চাহাৰা। ই আফ্রিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত। 

( জ ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত হােৱা দুখন নদী হৈছে ‘ওবি’ আৰু ‘লেনা’। আনহাতে পূর্ব দিশলৈ প্রবাহিত দুখন নদী হৈছে ‘আমুৰ’ আৰু ‘হোৱাংহো’। 

( ঝ ) অষ্ট্রেলিয়াৰ একোখনকৈ প্রধান পর্বত শ্রেণী , নদী আৰু মৰুভূমিৰ নাম লিখা। 

উত্তৰঃ অষ্ট্রেলিয়াৰ প্ৰধান পর্বতশ্রেণী গ্রেট ডিভাইডিং ৰেঞ্জ ; 

প্রধান নদী : ডার্লিং নদী ; আৰু ইয়াৰ প্ৰধান মৰুভূমি:গ্রেট ভিক্টোৰিয়া মৰুভূমি। 

( ঞ ) ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।

উত্তৰঃ ইউৰাে পমহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশ হৈছে  ‘ইটালী , ফ্রান্স, আৰু গ্ৰীচ।

৯ । চমুটোকা লিখাঃ

( ক ) পেঞ্জিয়া 

( খ ) উত্তৰ মহাসাগৰ 

( গ ) ওছেনিয়া মহাদেশ 

( ঘ ) এছিয়া মহাদেশৰ নদ-নদী 

( ঙ ) আফ্রিকা মহাদেশৰ হ্রদসমূহ 

( চ ) ইউৰােপমহাদেশৰ নদনদী 

( ছ ) আপেলেছিয়ান উচ্চভূমি অঞ্চল 

( জ ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ 

উত্তৰঃ ( ক ) পেঞ্জিয়া:- পৃথিৱীৰ উৎপত্তিক লৈ কেইবাটাও সূত্র বা তত্ত্ব আছে। এইক্ষেত্ৰত সূত্রসমূহৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সূত্র হৈছে , মহাদেশীয় বিস্থাপন সূত্র। আলফ্ৰেড ওৱেগনাৰ নামৰ এজন ভূগোলবিদৰ মতে আজিৰ পৰা ৩০০ নিযুত বছৰ আগতে পৃথিৱীৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল। এই স্থলমণ্ডলটোক পেঞ্জিয়া বোলে আৰু চৌকাষৰ জলভাগক পান্থালাছা বােলা হৈছিল। পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ উত্তৰা – দক্ষিণাকৈ বিভাজন ঘটে উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বােলা হয়। এই দুই অংশৰ পুনৰ বিভাজন ঘটি বর্তমান মহাদেশসমূহৰ সৃষ্টি হৈছিল। 

( খ ) উত্তৰ মহাসাগৰ:- বিশ্বৰ পাঁচোখন মহাসাগৰৰ ভিতৰত উত্তৰ মহাসাগৰ হৈছে সবাতােকৈ ক্ষুদ্ৰতম মহাসাগৰ। ইয়াৰ আয়তন ১৪ নিযুত বর্গ কিঃমিঃ। ই উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ থকা বাবে ইয়াৰ আকাৰ ঘূৰণীয়া। তদুপৰি ইয়াক এছিয়া , ইউৰােপ আৰু উত্তৰ আমেৰিকা মহাদেশকেইখনে আগুৰি আছে। ইয়াৰ গড় গভীৰতা হ’ল প্রায় ৩,৫০০ মিটাৰ। উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হােৱাৰ বাবে বছৰটোৰ বেছিভাগ সময়তে ডাঠ বৰফেৰে আগুৰি থাকে। 

( গ ) ওছেনিয়া মহাদেশ:- অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতো সৰু ডাঙৰ দ্বীপসমূহক লৈ ওচেনিয়া মহাদেশ গঠিত হৈছে। ই সম্পূর্ণভাৱে দক্ষিণ গােলার্ধত অৱস্থিত। ই উত্তৰে 0°  ডিগ্রী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ ° দক্ষিণ অক্ষাংশলৈ আৰু ১৮০ ° দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩ ° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত। ওছেনিয়া মহাদেশ উত্তৰে দক্ষিণ – পূর্ব এছিয়াৰ জাভা , চুমাত্রা , চেলেবিছ আদি দ্বীপসমূহৰ  লগতে প্রশান্ত মহাসাগৰে আগুৰি থকাৰ বিপৰীতে দক্ষিণে দক্ষিণ মহাসাগৰ আৰু পূবে প্রশান্ত মহাসাগৰে আগুৰি আছে। আনহাতে , পশ্চিম দিশত আছে ভাৰত মহাসাগৰ। মহাদেশখনৰ মুঠ মাটিকালি ৮ নিযুত বর্গ কিঃমিঃ। অষ্ট্রেলিয়াকে ধৰি ওছেনিয়া মহাদেশৰ অন্তৰ্গত মুঠ দেশৰ সংখ্যা হৈছে ১৪ খন। ইয়াৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩৮ নিযুত। অষ্ট্রেলিয়া হৈছে ওছেনিয়া মহাদেশৰ সর্ববৃহৎ দেশ। 

( ঘ ) এছিয়া মহাদেশৰ নদ-নদী:- এছিয়া মহাদেশত পর্বত – পাহাৰ তথা মালভূমিৰ উচ্চভূমি অঞ্চলৰ পৰা বহুতাে বৃহৎ বৃহৎ নদীৰ উৎপত্তি হৈ উত্তৰ , দক্ষিণ আৰু পূব দিশত থকা সাগৰ – মহাসাগৰসমূহলৈ বৈ গৈ কেইবাখনাে বিশাল উৰ্বৰ সমভূমিৰ লগতে ব – দ্বীপৰ সৃষ্টি কৰিছে। নদীসমূহৰ ভিতৰত দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, উত্তৰ অংশত থকা ইয়েনিছি, ওবি আৰু লেনা, পূব অংশত থকা আমুৰ, হোৱাংহো ইয়াংজে কিয়াং আৰু চিকিয়াং আৰু দক্ষিণ আৰু দক্ষিণ পূবত থকা নর্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মে’নাম, ইৰাবতী আৰু মেকং। এই নদীসমূহে নিজ নিজ অৱবাহিকাৰে প্রবাহিত হৈ মহাদেশখনৰ বিভিন্ন অঞ্চল অতিকৈ সাৰুৱা কৰি তুলি জনবসতিপূর্ণ কৰাৰ লগতে ব্যৱসায় – বাণিজ্যৰ শ্ৰীবৃদ্ধিত অৰিহণা যােগাইছে।

( ঙ ) আফ্রিকা মহাদেশৰ হ্রদসমূহ:- আফ্রিকা পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ। আফ্রিকা মহাদেশত অসংখ্য হ্রদ আছে। এই হ্রদসমূহৰ ভিতৰত অতিকৈ গুৰুত্বপূর্ণ হ্রদসমূহ হ’ল ভিক্টোৰিয়া , এলবার্ট , টাংগানিকা , চাড , ভােল্টা , ন্যাচা , কেব’ৰা বাচ্চা , মালাৱি , টুৰ্কানা , কিভু , কোচ্চৌ , এব্বে আদি। 

( চ ) ইউৰােপ মহাদেশৰ নদ-নদী:- ইউৰোপ মহাদেশৰ ভূ-প্রাকৃতিক গঠন অতি বৈচিত্র্যময়। ইউৰােপ মহাদেশ সৰু বৰ নদ – নদী, পাহাৰ , মালভূমিৰে গঠন হৈছে। এইবােৰৰ ভিতৰত প্রধান নদীসমূহ হৈছে – স্পেইনৰ এলব্রো নদী , ফ্রান্সৰ ৰােণ আৰু ছেইন নদী , জার্মানীৰ ৰাইন আৰু এলবে নদী , পােলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা , অষ্ট্রিয়া হাংগেৰী আৰু ৰােমানিয়াৰ ডানিয়ুব , বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ , ইটালীৰ পাে , গ্রেট ব্রিটেইনৰ থেমচ , ৰাছিয়াৰ ডন , ভন্ন আৰু ইউৰাল আদি। 

( ছ ) আপেলেছিয়ান উচ্চভূমি অঞ্চল:- আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক মহাসাগৰৰ সমান্তৰালভাৱে অৱস্থিত উচ্চভূমি অঞ্চলক আপেলেছিয়ান উচ্চভূমি অঞ্চল বুলি কোৱা হয় ভূ-প্রাকৃতিক ভাবে মহাদেশখনক প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি। ই উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডালৈ বিস্তৃত হৈ আছে। এই উচ্চভূমি অঞ্চল অতিকৈ ওখৰা – মােখােৰা যিহেতু ই বিভিন্ন পর্বত – পাহাৰ , ঠেক উপত্যকা তথা ভগ্ন মালভূমিৰে গঠিত। এই অঞ্চলৰ পূবে এলিঘেনি পর্বতশ্রেণী আৰু দক্ষিণে ব্লুৰিজ পর্বতশ্রেণী আছে। এই অঞ্চলৰ নদীসমূহ হৈছে ওহিঅ ’ , টেনেছি , হাডছন ইত্যাদি। 

( জ ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ :- সমগ্র বিশ্বৰ ভিতৰত উত্তৰ আমেৰিকা মহাদেশতে নদ নদী আৰু পৰ্বতৰ উপৰি হ্ৰদৰ সংখ্যা সর্বাধিক। উত্তৰ আমেৰিকাৰ হ্রদসমূহৰ ভিতৰত সর্ববৃহৎ হ্রদটো হৈছে উটাহৰ গ্রেট ছল্ট হ্রদ। উত্তৰ আমেৰিকাৰ অন্যান্য গুৰুত্বপূর্ণ হ্রদসমূহ হ’ল- গ্রেট শ্লেভ , গ্রেট বিয়াৰ , ছুপিৰিঅ’ৰ , মিচিগান , ওন্টেৰিঅ ‘ , এৰি আৰু হুৰ’ন। 

১০। পাৰ্থক্য লিখা।

( ক ) মহীসােপান আৰু মহীঢাল।

উত্তৰঃ মহীসােপান আৰু মহীঢালৰ মাজত থকা পার্থক্যসমূহ হলঃ

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিমহীসোপানমহীঢাল
(a)অৰ্থউপকূলৰ সৈতে সংযোজিত হৈ থকা সাগৰ-মহাসাগৰৰ গভীৰ অংশ।মহীসোপানৰ সৈতে সংযোজিত গভীৰ তথা ক্ৰমে মহাসাগৰৰ মধ্যভাগলৈ এঢলীয়াকৈ আগবাঢ়ি যোৱা অংশ।
(b)ঢালৰ প্ৰকৃতিমৃদু ঢাল থাকে।থিয় ঢাল থাকে।
(c)গভীৰতা২০০ মিটাৰ পৰ্যন্ত হয়।২০০ মিটাৰ পৰ্যন্ত হয়।

( খ ) এভাবেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ । 

উত্তৰঃ এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগৰ পার্থক্য হ’ল-

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিএভাৰেষ্ট শৃংগগডউইন অষ্টিন শৃংগ
(a)অৱস্থানই এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাত অৱস্থিত।ই এছিয়া মহাদেশৰ কাৰাকোৰাম পৰ্বতমালাত অৱস্থিত।
(b)উচ্চতাইয়াৰ উচ্চতা হ’ল ৮,৮৪৮ মিটাৰ।ইয়াৰ উচ্চতা হ’ল ৮,৬১১ মিটাৰ।
(c)উচ্চতাভিক্তিক স্থানবিশ্বৰ সবাতোকৈ উচ্চতম শৃংগ।বিশ্বৰ ভিতৰত দ্বিতীয় উচ্চতম শৃংগ।
(d)বিকল্প নামঅন্য কোনো নাম নাই।মাউন্ট K₂

( গ ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ । 

উত্তৰঃ ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশৰ মাজত থকা পার্থক্যসমূহ হ’ল :

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিওছেনিয়া মহাদেশএণ্টাৰ্কটিকা মহাদেশ
(a)দেশৰ সংখ্যাঅষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি ১৪ খন দেশেৰ গঠিত।এণ্টাৰ্কটিকা কোনো দেশ হিচাপে বিভাজিত হোৱা নাই।
(b)ভূ-প্ৰকৃতিইয়াৰ পৰ্বত-পাহাৰ, মালভূমি, সমভূমি তথা নদ-নদীৰ দৰে ভূ-অৱয়ৱ পৰিলক্ষিত হয়।ইয়াৰ ভূ-প্ৰকৃতি ঘন বৰফৰ তৰপেৰে আবৃত হৈ থকা দেখা যায়।
(c)জন সংখ্যাপ্ৰায় ৩৮ নিযুত ওপৰত।ইয়াত কোনো স্থায়ী জনবসতি নাই।

( ঘ ) গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি।

উত্তৰঃ গােবি মৰুভূমি আৰু আটাকামা মৰুভূমিৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-

ক্ৰমিক নংপাৰ্থক্যৰ ভিত্তিগোবি মৰুভূমি আটাকামা মৰুভূমি
(a)অৱস্থান ই এছিয়া মহাদেশত অৱস্থিত।ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।
(b)মৰুভূমিৰ প্ৰকাৰএইখন এখন শীতল মৰুভূমি।এইখন এখন উষ্ণ মৰুভূমি।

১১।  শুদ্ধ উত্তৰটো বাছিউলিওৱা: 

( ক ) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন ? 

( ১ ) প্রশান্ত মহাসাগৰ। 

( ২ ) ভাৰত মহাসাগৰ। 

( ৩ ) আটলান্টিক মহাসাগৰ। 

( ৪ ) দক্ষিণ মহাসাগৰ।

উত্তৰঃ ( ৩ ) আটলান্টিক মহাসাগৰ।

(খ ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন ? 

( ১ ) উত্তৰ আমেৰিকা মহাদেশ। 

( ২ ) ইউৰােপ মহাদেশ। 

( ৩ ) এন্টার্কটিকা মহাদেশ। 

( ৪ ) ওছেনিয়া মহাদেশ। 

উত্তৰঃ ( ৩ ) এন্টার্কটিকা মহাদেশ।

( গ ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ? 

( ১ ) আটলান্টিক মহাসাগৰ’। 

( ২ ) উত্তৰ মহাসাগৰ। 

( ৩ ) প্রশান্ত মহাসাগৰ। 

( ৪ ) ভাৰত মহাসাগৰ। 

উত্তৰঃ ( ১ ) আটলান্টিক মহাসাগৰ।

( ঘ ) এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে ? 

( ১ ) ভূমধ্য সাগৰ। 

( ২ ) লােহিত সাগৰ। 

( ৩ ) কাস্পিয়ান সাগৰ। 

( ৪ ) আৰব সাগৰ। 

উত্তৰঃ ( ২ ) লােহিত সাগৰ।

( ঙ ) এছিয়া আৰু ইউৰোপ মহাদেশক প্রাকৃতিকভাৱে কিহে পৃথক কৰিছে ? 

( ১ ) ইউৰাল পর্বতমালা। 

( ২ ) ককেচাচ পর্বত। 

( ৩ ) কাস্পিয়ান সাগৰ। 

( ৪ ) ভল্গা নদী। 

উত্তৰঃ ( ১ ) ইউৰাল পর্বতমালা।

( চ ) ইকুৱেডৰ কোনখন মহাদেশত অৱস্থিত ? 

( ১ ) উত্তৰ আমেৰিকা। 

( ২ ) দক্ষিণ আমেৰিকা। 

( ৩ ) আফ্রিকা। 

( ৪ ) এছিয়া। 

উত্তৰঃ ( ২ ) দক্ষিণ আমেৰিকা।

( ছ ) ব্রাজিলৰ ৰাজধানী কি ? 

( ১ ) ৰিঅ’ ডি জেনেৰিঅ’। 

( ২ ) চাও পাওলাে। 

( ৩ ) ব্রাছিলিয়া। 

( ৪ ) লিমা। 

উত্তৰঃ ( ৩ ) ব্রাছিলিয়া।

1 thought on “Class 10 Social Geography Chapter 3 পৃথিৱীৰ ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top