Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল

Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান and select needs one.

Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Geography Chapter – 3 পৃথিৱীৰ ভূগোল – সমাধান Solutions for All Subject, You can practice these here.


৬। এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলােচনা কৰা । 

উত্তৰঃ এফালে সুউচ্চ পর্বতমালা আৰু মালভূমিৰ অৱস্থিতি আৰু আনফালে নদী উপত্যকা , নিম্নভূমি আৰু সমভূমিৰ উপস্থিতিৰে এছিয়া মহাদেশৰ ভূপ্রকৃতি যথেষ্ট তাৰতম্যতাপূর্ণ । বহুতো দ্বীপ আৰু মৰুভূমিত্ত ইয়াত বিৰাজমান । 

( ক ) পর্বতমালা :-  এছিয়া মহাদেশৰ মধ্যাংশটো কেইবাটাও গুৰুত্বপূর্ণ পর্বতমালাৰে গ্ৰঠিত :

১। এছিয়া মহাদেশৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ইউৰাল পর্বতমালাই মহাদেশখনৰ পশ্চিম সীমাটো গঠন কৰিছে । 

২। মহাদেশখনৰ পূবৰ পৰা পশ্চিমলৈ বিভিন্ন শাখা – পর্বতেৰে হিমালয় পর্বতমালা বিস্তৃত হৈ আছে । বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্ট ইয়াতেই অৱস্থিত ৷

৩। পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগ গডউইন অষ্টিন বা ‘কে – টু’ও এছিয়া মহাদেশৰ কাৰাকোৰাম পর্বতমালাত অৱস্থিত । অন্যান্য পর্বতমালা হৈছে কুনলুন পর্বতমালা , আলটাইন পর্বতমালা , টিয়েনচান পর্বতমালা , আলটাই আৰু আৰাৱলী পর্বতমালা । 

( খ ) মালভূমি :- বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিও এছিয়া মহাদেশতে অৱস্থিত । এছিয়া মহাদেশত অৱস্থিত । অন্যান্য গুৰুত্বপূর্ণ মালভূমিকেইটা হৈছে তিব্বত মালভূমি , ছাইবেৰিয়া মালভূমি , মংগােলীয় মালভূমি , দাক্ষিণাত্য মালভূমি , আৰব মালভূমি আৰু ইৰাণ মালভূমি আদি । 

( গ ) নদ – নদীসমূহ :- এছিয়া মহাদেশত বিভিন্ন পৰ্বতীয়া উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ মহাসাগৰলৈ বৈ গৈছে আৰু এনেদৰে বৈ যাওঁতে উত্তৰ , পূব আৰু দক্ষিণ দিশত বৃহৎ সাৰুৱা সমভূমি আৰু বদ্বীপ গঠন কৰিছে । মহাদেশখনৰ দক্ষিণ – মধ্য অংশত সিন্ধু , গংগা আৰু ব্রহ্মপুত্র আদি প্রধান নদী বৈ থকাৰ বিপৰীতে উত্তৰ অংশত ওব , মেনিছি আৰু লেনা নদী বৈ গৈছে ।

আনহাতে পূর্ব অংশত আমুৰ , হােৱাংহাে , ইয়াংজে কিয়াং , চিকিয়াং আদি প্রধান নৈ বৈ গৈছে আৰু দক্ষিণ তথা দক্ষিণ – পূর্ব অংশত নর্মদা , তাপ্তি , মহানদী , গােদাবৰী , কৃষ্ণা , কাৰেী , বৰাক , মে’নাম , ইৰাৱতী , মেকং আদি নৈ বৈ গৈছে । 

( ঘ ) সমভূমি :- সকলোবােৰ প্রধান নদীয়েই বৃহৎ সাৰুৱা সমভূমি আৰু ব – দ্বীপ গঠন কৰিছে । 

( ঙ ) হ্রদ :- এছিয়া মহাদেশত সৰু বৰ বহুতাে হ্রদ আছে । ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ হ্রদসমূহ হৈছে — বলখাচ , বৈকাল , চিল্কা , চম্বৰ , ডাল , পুলিকট , কল্লেৰু , লােকটাক আদি । 

( চ ) মৰুভূমি :- এছিয়া মহাদেশত থৰ আৰু আৰব মৰুভূমিৰ দৰে উষ্ণ মৰুভূমিৰ লগতে গােবি মৰুভূমিৰ দৰে শীতল মৰুভূমিও আছে ।

( ছ ) দ্বীপ :- প্রশান্ত মহাসাগৰৰ প্ৰায়বােৰ দ্বীপেই এছিয়া মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হৈছে জাপান , টাইৱান , ফিলিপাইন , জাভা , সুমাত্রা আৰু বর্ণিম’ আদি । আন্দামান – নিকোবৰ , শ্রীলংকা , লাক্ষাদ্বীপ , মালদ্বীপ , বাহৰেইন আদিৰ দৰে ভাৰত মহাসাগৰৰ দ্বীপসমূহে এছিয়া মহাদেশৰে অন্তর্গত । 

৭। কাৰণ দর্শাই উত্তৰ লিখাঃ 

( ক ) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত গৃপ খাই আছে কিয় ? 

উত্তৰঃ দেখা যায় যে পৃথিৱীৰ জলমণ্ডলৰ প্রায় ৫৭ শতাংশ জলভাগ দক্ষিণ গােলার্ধত আবদ্ধ থকাৰ বিপৰীতে মুঠ স্থলমণ্ডলৰ প্রায় ৬৭ শতাংশ উত্তৰ গােলার্ধত অৱস্থিত । অর্থাৎ দেখা যায় যে দক্ষিণ গােলার্ধৰ তুলনাত উত্তৰ গােলার্ধত ভূমি বা ভূখণ্ডৰ উপস্থিতি যথেষ্ট পৰিমাণে বেছি ।

সেয়েহে , এই অঞ্চলটোৰ জনসংখ্যা দক্ষিণ গােলার্ধতকৈ বেছি য’ত কেৱল ৩৩ শতাংশহে স্থলভাগ আছে । জনবসতিহীন এন্টার্কটিকা মহাদেশৰ বৃহৎ অংশও ইয়াৰ অন্তর্ভুক্ত । দ্বিতীয়তে , উত্তৰ গােলার্ধ ইয়াৰ উত্তম জলবায়ুৰ লগতে জীৱন ধাৰণ তথা মানৱ কার্যকলাপৰ হকে প্রয়ােজন হােৱা অনুকূল ভৌগােলিক অস্থাৰ বাবে পৰিচিত ।

ইয়াৰ বিশাল সমভূমি অঞ্চল , অসংখ্য নদ – নদী , চহকী প্রাকৃতিক সম্পদ আদিয়ে ইয়াৰ জনসংখ্যা গাঁথনি বৃদ্ধি কৰিছে । সেয়েহে , পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশতকৈ অধিক লােক উত্তৰ । গােলার্ধত থুপ খাই আছে ৷ 

( খ ) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় কিয় ? 

উত্তৰঃ এছিয়া মহাদেশৰ এটা অন্যতম অদ্বিতীয় বৈশিষ্ট্য হ’ল ইয়াৰ তাৰতম্যতাপূর্ণ জলবায়ু । এছিয়া মহাদেশৰ প্ৰায়খিনি ভূখণ্ড উত্তৰ গােলার্ধত অৱস্থিত । এই ভূখণ্ডই বিষুৱ ৰেখা , কর্কট ক্রান্তীয় অঞ্চল তথা মেৰু  অঞ্চল স্পর্শ কৰি আছে যাৰ ফলস্বৰূপে মহাদেশখনত ভিন্ন জলবায়ু বিৰাজ কৰে ।

তদুপৰি , মহাদেশখন তিনিফালৰ পৰা  জলভাগেৰে আগুৰি আছে , যিয়ে এছিয়া মহাদেশৰ জলবায়ুৰ ওপৰত যথেষ্ট প্রভাৱ পেলাইছে ।

ইয়াৰােপৰি মহাদেশখনত পর্বত – পাহাৰ , অসংখ্য নদ-নদী , ঘন অৰণ্য , বিশাল সমভূমি , মালভূমি , মৰুভূমি , উপকূলীয় অঞ্চল আদিৰ দৰে বিভিন্ন প্রকাৰৰ ভূ – অৱয়ব আছে যিবােৰে মহাদেশখনৰ অঞ্চলভেদে জলবায়ু বিভিন্ন ধৰণৰ হােৱাত অৰিহণা যােগাইছে । এইবােৰ কাৰণতে এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় । 

( গ ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ? 

উত্তৰঃ এন্টার্কটিকা মহাদেশত স্থায়ী জনবসতিৰ সংখ্যা তেনেই নগণ্য । এনে হােৱাৰ কাৰণ হ’ল তাত থকা অতি শীতল জলবায়ুৰ উপস্থিতি । বছৰটোৰ প্রায় সময়তে সমগ্র অঞ্চলটো বৰফাবৃত হৈ থাকে । যিটোৱে তাত জীৱন ধাৰণ প্রণালীটো অতি কষ্টকৰ কৰি তােলে ।

দ্বিতীয়তে , এনেধৰণৰ বতৰ বা জলবায়ুৰ উপস্থিতিত মানৱ জীৱন – যাপনৰ বাবে প্রয়ােজনীয় ক্রিয়াকলাপ , যেনে – কৃষিকার্য , উদ্যোগ , ব্যৱসায় – বাণিজ্য আদি সম্ভৱ নহয় । সেয়েহে এন্টার্কটিকা অঞ্চলত মানুহৰ স্থায়ী বসতি নাই । 

৮। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :

( ক ) এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে ?  

উত্তৰঃ ইউৰাল পর্বতমালা আৰু ইউৰাল নদীয়ে এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত প্রাকৃতিক সীমাৰ সৃষ্টি কৰিছে । 

( খ ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত ? 

উত্তৰঃ পৃথিৱীৰ দীর্ঘতম পর্বতমালাটোৰ নাম হ’ল ‘এণ্ডিজ পর্বতমালা । এই পর্বতমালা দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিমাংশত অৱস্থিত । 

( গ ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশৰ নাম লিখা । 

উত্তৰঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম মহাদেশ দুখন হ’ল ক্রমে এছিয়া আৰু ওছেনিয়া মহাদেশ । 

( ঘ ) পৃথিৱীৰ কোনখন দেশ কোন দুখন মহাদেশলৈ বিস্তৃত ? 

উত্তৰঃ পৃথিৱীৰ দুখন মহাদেশত বিস্তৃত হৈ থকা দেশখন হৈছে ৰাছিয়া । ই এছিয়া আৰু ইউৰােপ দুয়ােখন মহাদেশতে বিস্তৃত হৈ আছে । 

( ঙ ) মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশৰ নাম লিখা । 

উত্তৰঃ মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখন হ’ল ক্ৰমে ৰাছিয়া আৰু ভেটিকান চিটি । 

( চ ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্রেণীটোৰ নাম কি ? এই পর্বতমালাৰ দৈর্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত ?  

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশৰ প্রধান পর্বত শ্ৰেণীটোৰ নাম হ’ল ৰকি পর্বতমালা । ই মহাদেশখনৰ পশ্চিম অংশত অৱস্থিত । 

( ছ ) পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰুই ক’ত অৱস্থিত ?

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মৰুভূমিখন হৈছে চাহাৰা মৰুভূমি।ই আফ্রিকা মহাদেশৰ দক্ষিণ অংশত অৱস্থিত । 

( জ ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা ।

উত্তৰঃ এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত হােৱা দুখন নদী হৈছে ‘ওব’ আৰু ‘লেনা’ । আনহাতে পূর্ব দিশলৈ প্রবাহিত দুখন নদী হৈছে ‘ইয়াংজে’ আৰু ‘কিয়াং নদী’ । 

( ঝ ) অষ্ট্রেলিয়াৰ একোখনকৈ প্রধান পর্বত শ্রেণী , নদী আৰু মৰুভূমিৰ নাম লিখা । 

উত্তৰঃ অষ্ট্রেলিয়াৰ প্ৰধান পর্বতশ্রেণীঃ গ্রেট ডিভাইডিং ৰেঞ্জ ; প্রধান নদী : ডার্লিং নদী ; আৰু ইয়াৰ প্ৰধান মৰুভূমি:গ্রেট ভিক্টোৰিয়া মৰুভূমি । 

( ঞ ) ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা ।

উত্তৰঃ ইউৰাে পমহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশ হৈছে  ‘ইটালী , ফ্রান্স, আৰু গ্ৰীচ ।

S.L. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

৯ । চমুটোকা লিখাঃ

( ক ) পেঞ্জিয়া ( খ ) উত্তৰ মহাসাগৰ ( গ ) ওছেনিয়া মহাদেশ ( ঘ ) এছিয়া মহাদেশৰ নদ-নদী ( ঙ ) আফ্রিকা মহাদেশৰ হ্রদসমূহ ( চ ) ইউৰােপমহাদেশৰ নদনদী ( ছ ) আপেলেছিয়ান উচ্চভূমি অঞ্চল ( জ ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ 

উত্তৰঃ ( ক ) পেঞ্জিয়া :- পৃথিৱীৰ উৎপত্তিক লৈ কেইবাটাও সূত্র বা তত্ত্ব আছে । এইক্ষেত্ৰত সূত্রসমূহৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সূত্র হৈছে , মহাদেশীয় বিস্থাপন সূত্র । এই সূত্ৰটোৰ সমর্থকসকলে ভাবে যে আজিৰ পৰা ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীৰ স্থলমণ্ডল কেৱল এটা একক ভূখণ্ড আছিল আৰু ইয়াক চাৰিওফালৰ পৰা বিশাল জলভাগে আগুৰি আছিল ।

এই একক ভূখণ্ডটোকে পেঞ্জিয়া বুলি জনা গৈছিল আৰু চৌকাষৰ জলভাগক পান্থালাছা বােলা হৈছিল । পৰৱৰ্তী সময়ত পেঞ্জিয়াৰ উত্তৰা – দক্ষিণাকৈ বিভাজন ঘটে উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেণ্ড বােলা হয় । এই দুই অংশৰ পুনৰ বিভাজন ঘটি বর্তমান মহাদেশসমূহৰ সৃষ্টি হৈছিল । 

( খ ) উত্তৰ মহাসাগৰ :- বিশ্বৰ পাঁচোখন মহাসাগৰৰ ভিতৰত উত্তৰ মহাসাগৰ হৈছে সবাতােকৈ সৰু মহাসাগৰ । ই প্রায় ১৪ নিযুত বর্গ কিঃমিঃ আগুৰি আছে। ই উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হৈ থকা বাবে ইয়াৰ আকাৰ ঘূৰণীয়া।

তদুপৰি ইয়াক এছিয়া , ইউৰােপ আৰু উত্তৰ আমেৰিকা মহাদেশকেইখনে আগুৰি আছে । ইয়াৰ গড় গভীৰতা হ’ল প্রায় ৩,৫০০ মিটাৰ । উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত হােৱাৰ বাবে বছৰটোৰ বেছিভাগ সময় ই ডাঠ বৰফেৰে ঢাক খাই থাকে । 

( গ ) ওছেনিয়া মহাদেশ :- ওছেনিয়া মহাদেশখন অষ্ট্রেলিয়া মহাদ্বীপকে ধৰি নিউজিলেণ্ড , টাছমেনিয়া , নিউগিনি আদিৰ দৰে অন্য কেইবাটাও সৰু বৰ দ্বীপেৰে গঠিত । ই সম্পূর্ণভাৱে দক্ষিণ গােলার্ধত অৱস্থিত । মােটামুটিভাৱে ই উত্তৰে ০ ডিগ্রী নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮ ° দক্ষিণ অক্ষাংশলৈ আৰু ১৮০ ° দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩ ° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত ।

ওছেনিয়া মহাদেশ উত্তৰে দক্ষিণ – পূর্ব এছিয়াৰ জাভা , চুমাত্রা , চেলেবিছ আদি দ্বীপসমূহৰ  লগতে প্রশান্ত মহাসাগৰে আগুৰি থকাৰ বিপৰীতে দক্ষিণে দক্ষিণ মহাসাগৰ আৰু পূবে প্রশান্ত মহাসাগৰে আগুৰি আছে ।

আনহাতে , পশ্চিম দিশত আছে ভাৰত মহাসাগৰ । মহাদেশখনৰ মুঠ মাটিকালি হৈছে ৮ নিযুত বর্গ কিঃমিঃ যি বিশ্বৰ মুঠ মাটিকালিৰ প্ৰায় ৫.৪ শতাংশ । অষ্ট্রেলিয়াকে ধৰি ওছেনিয়া মহাদেশৰ অন্তৰ্গত মুঠ দেশৰ সংখ্যা হৈছে ১৪ খন । ইয়াৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩৮ নিযুত । অষ্ট্রেলিয়া হৈছে ওছেনিয়া মহাদেশৰ সর্ববৃহৎ দেশ । 

( ঘ ) এছিয়া মহাদেশৰ নদ-নদী :- এছিয়া মহাদেশত পর্বত – পাহাৰ তথা মালভূমিৰ উচ্চভূমি অঞ্চলৰ পৰা বহুতাে বৃহৎ বৃহৎ নদীৰ উৎপত্তি হৈ উত্তৰ , দক্ষিণ আৰু পূব দিশত থকা সাগৰ – মহাসাগৰসমূহলৈ বৈ গৈ কেইবাখনাে বিশাল উৰ্বৰ সমভূমিৰ লগতে ব – দ্বীপৰ সৃষ্টি কৰিছে ।

এইবােৰৰ প্ৰধান নদীসমূহ হৈছে মহাদেশখনৰ দক্ষিণ – মধ্যাংশত বৈ থকা সিন্ধু , গংগা আৰু ব্রহ্মপুত্র ; উত্তৰ অংশত বৈ থকা য়েনিছি , ওব আৰু লেনা ; পূব অঞ্চলত বৈ থকা আমুৰ , হােৱাংহাে , ইয়াংজে কিয়াং , ছিকিয়াং আৰু দক্ষিণ তথা দক্ষিণ – পূর্ব অংশত বৈ থকা নর্মদা , তাপ্তী , মহানদী , গােদাবৰী , কৃষ্ণা , কাবেৰী , বৰাক , ইৰাৱতী আৰু মেকং ।

এই নদীসমূহে নিজ নিজ অৱবাহিকাৰে প্রবাহিত হৈ মহাদেশখনৰ বিভিন্ন অঞ্চল অতিকৈ সাৰুৱা কৰি তুলি জনবসতিপূর্ণ কৰাৰ লগতে ব্যৱসায় – বাণিজ্যৰ শ্ৰীবৃদ্ধিত অৰিহণা যােগাইছে ।

( ঙ ) আফ্রিকা মহাদেশৰ হ্রদসমূহ :- আফ্রিকা মহাদেশত অসংখ্য হ্রদ আছে । এই হ্রদসমূহৰ ভিতৰত অতিকৈ গুৰুত্বপূর্ণ হ্রদসমূহ হ’ল ভিক্টোৰিয়া , এলবার্ট , টাংগানিকা , চাড , ভােল্টা , ন্যাচা , কেব’ৰা বাচ্চা , মালাৱি , টুৰ্কানা , কিভু , কোচ্চৌ , এব্বে আদি । 

( চ ) ইউৰােপ মহাদেশৰ নদ – নদী :- ইউৰােপ মহাদেশত অসংখ্য সৰু বৰ নদ – নদী আছে । এইবােৰৰ ভিতৰত প্রধান নদীসমূহ হৈছে – স্পেইনৰ এলব্রো নদী , ফ্রান্সৰ ৰােণ আৰু ছেইন নদী , জার্মানীৰ ৰাইন আৰু এলবে নদী , পােলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা , অষ্ট্রিয়া হাংগেৰী আৰু ৰােমানিয়াৰ ডানিয়ুব , বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ , ইটালীৰ পাে , গ্রেট ব্রিটেইনৰ থেমচ , ৰাছিয়াৰ ডন , ভন্ন আৰু ইউৰাল আদি । 

( ছ ) আপেলেছিয়ান উচ্চভূমি অঞ্চল :- আমেৰিকা যুক্তৰাষ্ট্রৰ পূব অংশত আটলান্টিক মহাসাগৰৰ সমান্তৰালভাৱে অৱস্থিত উচ্চভূমি অঞ্চলক আপেলেছিয়ান উচ্চভূমি অঞ্চলবুলি জনা যায়। ই উত্তৰে নিউফাউণ্ডলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিডালৈ বিস্তৃত হৈ আছে ।

এই উচ্চভূমি অঞ্চল অতিকৈ ওখৰা – মােখােৰা যিহেতু ই বিভিন্ন পর্বত – পাহাৰ , ঠেক উপত্যকা তথা ভগ্ন মালভূমিৰে গঠিত । এই অঞ্চলৰ পূবে এলিঘেনি পর্বতশ্রেণী আৰু দক্ষিণে ব্লুৰিজ পর্বতশ্রেণী আছে । এই অঞ্চলৰ নদীসমূহ হৈছে ওহিঅ ’ , টেনেছি , হাডছন ইত্যাদি । 

( জ ) উত্তৰ আমেৰিকা মহাদেশৰ হ্রদসমূহ :- সমগ্র বিশ্বৰ ভিতৰত উত্তৰ আমেৰিকা মহাদেশতে হ্ৰদৰ সংখ্যা সর্বাধিক । উত্তৰ আমেৰিকাৰ হ্রদসমূহৰ ভিতৰত সর্ববৃহৎ হ্রদটো হৈছে উটাহৰ গ্রেট ছল্ট হ্রদ । উত্তৰ আমেৰিকাৰ অন্যান্য গুৰুত্বপূর্ণ হ্রদসমূহ হ’ল- গ্রেট শ্লেভ , গ্রেট বিয়াৰ , ছুপিৰিঅ’ৰ , মিচিগান , ওন্টেৰিঅ ‘ , এৰি আৰু হুৰ’ন । 


Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top