Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – সমাধান answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – সমাধান and select needs one.

Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Solutions for All Subject, You can practice these here.

পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা

দ্বিতীয় খণ্ড

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? 

উত্তৰঃ ২৯ শতাংশ। 

প্রশ্ন ২। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?

উত্তৰঃ ৭১ শতাংশ।

প্রশ্ন ৩। ভূ-পৃষ্ঠৰ পৰা কিমান কিলমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?

উত্তৰঃ প্ৰায় ৪৮০ কিলোমিটাৰ।

প্রশ্ন ৪। জীবমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?

উত্তৰঃ প্ৰায় ১.৭৫ নিযুত।

প্রশ্ন ৫। প্ৰদূষক কাক বোলে?

উত্তৰঃ ঘাইকৈ মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হলে জীৱজন্তুৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বোলে।

প্রশ্ন ৬। ১৯৯১ চনৰ উদ্‌গীৰণটোৰ নাম কি? 

উত্তৰঃ মাউন্ট পিনাটু ‘ব’ৰ (Mount Pinatube)।

প্রশ্ন ৭। এই উদগিৰণ কিমান টন ছালফাৰ ডাই-অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিছিল?

উত্তৰঃ ১৫–২০ নিযুত টন।

প্রশ্ন ৮। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ আছে?

উত্তৰঃ ৭৮.০৮ শতাংশ।

প্রশ্ন ৯। বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে? 

উত্তৰঃ ০.০৩%।

প্রশ্ন ১০। দুবিধ সেউজ গৃহৰ গেছৰ নাম লিখা।

উত্তৰঃ (i) মিথেন। আৰু 
(ii) আর্গন।

Multiple Choice Questions & Answers

1. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—

(a) মিথেন।

(b) নাইট্ৰাছ অক্সাইড।

(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।

(d) কার্বন-ডাই-অক্সাইড।

উত্তৰঃ (d) কার্বন-ডাই-অক্সাইড।

2. গোলকীয় উত্তাপ বৃদ্ধি এটা— 

(a) স্থানীয় সমস্যা।

(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

(c) আঞ্চলিক সমস্যা।

(d) ব্যক্তিগত সমস্যা।

উত্তৰঃ (b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।

3. বহনক্ষম উন্নয়ন হৈছে— 

(a) অর্থনৈতিক উন্নয়ন।

(b) বিবেচনাসম্পন্ন উন্নয়ন।

(c) পাৰিৱেশিক উন্নয়ন।

(d) গোলকীয় উন্নয়ন।

উত্তৰঃ (b) বিবেচনাসম্পন্ন উন্নয়ন।

4. বৰ্তমান পৃথিৱীৰ বয়স—

(a) ৪৭০০ নিযুত বছৰ।

(b) ৪৬০০ নিযুত বছৰ।

(c) ৩৪০০ নিযুত বছৰ।

(d) ৫০০০ নিযুত বছৰ। 

উত্তৰঃ (b) ৪৬০০ নিযুত বছৰ।

5. পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে— 

(a) প্রায় ২০ শতাংশ।

(b) প্রায় ৩৫ শতাংশ।

(c) প্রায় ২৫ শতাংশ।

(d) প্রায় ৩০ শতাংশ।

উত্তৰঃ (b) প্রায় ৩৫ শতাংশ।

6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে— 

(a) ২৮০ কি. মি.।

(b) ৫৮০ কি.মি.।

(c) ৩৮০ কি.মি.।

(d) ১০,০০০ কি.মি.।

উত্তৰঃ (d) ১০,০০০ কি.মি.।

7. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়— 

(a) মেৰু অঞ্চলত।

(b) ঔদ্যোগিক অঞ্চলত।

(c) অৰণ্য অঞ্চলত।

(d) ঘাঁহনি অঞ্চলত।

উত্তৰঃ (b) ঔদ্যোগিক অঞ্চলত।

8. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? 

(a) কার্বন ডাইঅক্সাইড। 

(b) অ’য’ন 

(c) মিথেন।

(d) নাইট্ৰাছ অক্সাইড।

উত্তৰঃ (b) অ’য’ন।

9. বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ—

(a) 77.07%

(b) 78.08%

(c) 76.06%

(d) 74.04%

উত্তৰঃ (b) 78.08%

10. বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—

(a) 20.98%

(b) 21.12%

(c) 19.90%

(d) 03.35%

উত্তৰঃ (a) 20.98%

11. বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ— 

(a) 0.08%

(b) 0.93%

(c) 0.81%

(d) 0.01%

উত্তৰঃ (b) 0.93%

12. বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ— 

(a) 0.035%

(b) 0.031%

(c) 0.036%

(d) 0.032%

উত্তৰঃ (a) 0.035% 

13. জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে— 

(a) 61%

(b) 51%

(c) 71%

(d) 73%

উত্তৰঃ (c) 71%

14. জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—

(a) ১.৬৫ নিযুত।

(b) ১.৫৫ নিযুত।

(c) ১.৪৫ নিযুত।

(d) ১.৭৫ নিযুত।

উত্তৰঃ (d) ১.৭৫ নিযুত।

15. ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি? 

(a) ৩ ধৰণে।

(b) ৫ ধৰণে।

(c) ৪ ধৰণে।

(d) ৬ ধৰণে।

উত্তৰঃ (a) ৩ ধৰণে।

16. ফিলিপিন্‌ছৰ মাউন্ট পিনাটু’ৰ’ আগ্নেয়গিৰিটোৰ উদ্‌গীৰণ ঘটিছিল— 

(a) 1992

(b) 1993

(c) 1991 

(d) 1990

উত্তৰঃ (c) 1991

17. শিল্প বিপ্লৱ আৰম্ভ হৈছিল 

(a) এচিয়াত।

(b) আফ্ৰিকাত।

(c) উত্তৰ আমেৰিকাত।

(d) ইউৰোপত।

উত্তৰঃ (d) ইউৰোপত।

18. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল—

(a) ব্রাজিলত।

(b) নাইৰ’বিত।

(c) মেক্সিকোত।

(d) ৰোমত।

উত্তৰঃ (b) নাইৰ’বিত।

19. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ’ল-

(a) উত্তৰ আমেৰিকা।

(b) দক্ষিণ আমেৰিকা।

(c) এচিয়া

(d) আফ্রিকা।

উত্তৰঃ (a) উত্তৰ আমেৰিকা।

20. উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে— 

(a) 27%

(b) 23%

(c) 24%

(d) 21%

উত্তৰঃ (a) 27%

অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।

১৷ পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা। 

উত্তৰঃ “পৰিৱেশ ” শব্দটোৱে জীৱ বা জীৱজগতৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায় যত অণুজীৱ , বিভিন্ন প্রজাতি উদ্ভিদ , জীৱ – জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপায়ী প্রাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি , পানী , বায়ুৰ লগতে সকলাে ধৰণৰ অজৈৱিক উপাদান অন্তর্ভুক্ত হৈ থাকে। এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্রয়ােজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে। ভৌগলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশতন্ত্রৰ চাৰিটা মণ্ডল – স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয়। এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট অৱস্থাকে বহল অর্থত আমি পৰিৱেশ বুলি কওঁ। প্রখ্যাত ভূগোল বিজ্ঞানী পিটাৰ হেগেটৰ মতে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতিকে পৰিবেশ বোলা হয়। 

২। পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা। 

উত্তৰঃ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ’ল:  

(i) জৈৱ উপাদান: বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু ক্ষুদ্র ক্ষুদ্র অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী। 

(ii) অজৈৱ উপাদান: মাটি , পানী , বায়ু আৰু সকলাে জড় বা নির্জীৱ উপাদান। 

৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা। 

উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , উপত্যকা , উপকূল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগক স্থলমণ্ডল বুলি কোৱা হয়। স্থলমণ্ডলৰ গুণাগুণ তথা সময়ে সময়ে হােৱা ইয়াৰ পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ অন্য তিনিটা মণ্ডল জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলে নির্ধাৰণ কৰে। 

৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা। 

উত্তৰঃ জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে: সাগৰ, মহাসাগৰ, নদ – নদী, হ্রদ,  কুঁৱা ইত্যাদি। জলমণ্ডল বুলিলে ভূ – পৃষ্ঠক আৱৰি থকা জলভাগকে বুজায়।

৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা। 

উত্তৰঃ ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিঃমিঃ উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয়। ৭৮.০৮ শতাংশ নাইট্রজেন , ২০.৯৪ শতাংশ অক্সিজেন , ০.০৩৫ শতাংশ কার্বন ডাই – অক্সাইড , ০.০১৩ শতাংশ আর্গন আৰু হাইড্রজেন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। 

৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা। 

উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি তথা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহক সামৰি লয়। স্থলমণ্ডল , জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলৰ অন্তৰ্গত। ভূপৃষ্ঠ , ভূপৃষ্ঠৰ পৰা কেইমিটাৰমান তললৈ , বায়ুমণ্ডলৰ নিম্নস্তৰ আৰু সাগৰ – মহাসাগৰৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লয়।

৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ পৰিৱেশ স্থলমণ্ডল , বায়ুমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত। পৃথিৱীৰ পৰিবেশৰ প্রধানমণ্ডল চাৰিটাৰ পৰস্পৰে পৰস্পৰৰ মাজত এটা ওতঃপ্রোত সম্পর্ক গঢ়ি উঠিছে। প্রকৃততে , চাৰিওটা মণ্ডলে নিজৰ নিজৰ প্রকৃতি আৰু অস্তিত্বৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। জল চক্র , কার্বন চক্র , নাইট্রজেন চক্র , শক্তি চক্ৰ আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন চক্রসমূহ এই চাৰিওটা মণ্ডলৰ যােগেদি আগবাঢ়ে। এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটৱর্তী জটিল আন্তঃসম্বন্ধ আছে। যিকোনাে এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হােৱা পৰিৱর্তনে পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্রভাৱিত কৰে। এই মণ্ডল কেইটাই কিন্তু এক নিজস্ব বৈশিষ্ট কঢ়িয়াই আনে। সূৰ্যৰ পৰা হােৱা অত্যধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্রভাৱিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল , স্থলমণ্ডল আৰু জীৱমণ্ডলৰৰ ক্ষতিসাধন হয়। 

ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয়। ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতাে অঞ্চল পানীৰ তলত বুৰ যায়। আনহাতে , স্থলমণ্ডলত থকা গছ – গছনিসমূহ জধে – মধে কটাৰ ফলত অত্যধিক মাত্রাত সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে। যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই , বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰৰ ক্ষতিসাধন কৰিছে। এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল। 

৮। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবােৰ উল্লেখ কৰা। 

উত্তৰঃ পৰিবেশ পৰিবৰ্তনৰ প্ৰধান কাৰকবোৰ হ’ল মাটি, পানী, জলবায়ু, উদ্ভিদ, প্রাণী, অক্ষৰেখা, দ্রাঘিমাৰেখা, জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়াত, পৰিবহন, অন্যান্য উন্নয়ন ইত্যাদি। এই কার্যকলাপসমূহে চাৰিওটা মণ্ডলতে গভীৰভাৱে কু – প্রভাৱ পেলাইছে। পার্বত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চলৈকে হােৱা জনসংখ্যা তথা মানৱ কার্যকলাপৰ সম্প্ৰসাৰণৰ ফলত সেইবােৰ অঞ্চলৰ পৰিৱেশৰ দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছে।

৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। 

উত্তৰঃ বহু বছৰ পূর্বে পৃথিৱীত কোনাে ধৰণৰ পাৰিপাৰ্শ্বিক সমস্যা নাছিল। ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্রাকৃতিক আৰু মানৱ – সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা। কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্রুত জনসংখ্যা , নগৰীকৰণৰ সম্প্ৰসাৰণ , ঔদ্যোগীকৰণ , নির্বনানীকৰণ , জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ , জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে। ইয়াৰ ফলতে প্রদূষণ , মৰুকৰণ , গােলকীয় উত্তাপ বৃদ্ধি , বৰফৰ গলন , সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতাে সমস্যাৰ উদ্ভৱ হৈছে। পৰিৱেশৰ লগত জড়িত এই সকলােবােৰ সমস্যাকে পাৰিৱেশিক বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। 

১০। ভৌগােলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা। 

উত্তৰঃ ভৌগােলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাবােৰক তিনি ধৰণে বিবেচনা কৰিব পাৰি সেইবোৰ হ’ল: 

(ক) স্থানীয় সমস্যা: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবােৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়। 

(খ) আঞ্চলিক সমস্যা: এটা বা ততােধিক ভৌগােলিক অঞ্চলজুৰি সৃষ্টি হােৱা সমস্যাকে আঞ্চলিক পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয়। কেতিয়াবা এই আঞ্চলিক সমস্যাই একাধিক ৰাষ্ট্ৰকো সামৰি লয়। 

(গ) গােলকীয় সমস্যা: সমগ্র বিশ্বকে সামৰি লােৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বােৰকে গােলকীয় পাৰিপাৰ্শিক সমস্যা বুলি কোৱা হয়। যিহেতু গােলকীয় সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানার্থে আন্তর্জাতিক প্রচেষ্টা প্রয়ােজন হয়। 

১১। পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখ। 

উত্তৰঃ পৰিৱেশৰ স্থানীয় সমস্যা: উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবােৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয়।

যেনে: এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি বা পানী প্ৰদুষণ, এইক্ষেত্ৰত কোনো এটা অঞ্চলত থকা ইটাভাটা উদ্যোগৰ কথা ক’ব পাৰি।

১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হৈছে:

(i) অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা। আৰু 

(ii) কোনো এখন নগৰ বা চহৰ অঞ্চলৰ পৰা নিৰ্গত দুষিত পদাৰ্থৰ ফলত সৃষ্টি হোৱা পানী প্ৰদুষণ।

১৩। কোনবােৰ সমস্যাক গােলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। 

উত্তৰঃ সমগ্র বিশ্বকে সামৰি লােৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বােৰকে গােলকীয় পাৰিপাৰ্শিক সমস্যা বুলি কোৱা হয়। যিহেতু গােলকীয় সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানার্থে আন্তর্জাতিক প্রচেষ্টা প্রয়ােজন হয়। গোলকীয় উত্তাপ বৃদ্ধি, মৰুকৰণ, এচিদ বৰষুণ, পানী প্ৰদুষণৰ ফলত বিলুপ্ত হোৱা কিছুমান জলজ প্রাণী, উদ্ভিদ আদি।

১৪। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশৰ প্ৰধান সমস্যাসমূ সমস্যাসমূহ হল:

(i) মাটি , পানী আৰু বায়ু প্ৰদূষণ। 

(ii) মৰুকৰণ। 

(iii) ভূমিস্থলন আৰু ভূমিৰ অৱক্ষয়। 

(iv) গােলকীয় উত্তাপ বৃদ্ধি। 

(v) কৃত্রিম বানপানী। 

(vi) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি। 

১৫। প্ৰদূষণৰ অৰ্থ লিখা। 

উত্তৰঃ কোনো বৰ্জিত বা অনিষ্টকাৰী পদার্থ বা দ্রব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হােৱা প্রক্রিয়াকে প্রদূষণ বুলি কোৱা হয়। পৰিৱেশত প্রদুষকৰ সংযােজন বা পুঞ্জীভৱনৰ ফলত প্ৰদূষণৰ সৃষ্টি হয়। যিংক , ছালফাৰ ডাই – অক্সাইড , কার্বন মন’অক্সাইড আদি হৈছে পৰিৱেশৰ প্রধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদান সমূহৰ প্ৰদূষণ জীৱ কূলৰ বাবে হানিকাৰক। 

১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।

উত্তৰঃ পানীত দূষিত পদাৰ্থ যেনে ৰাসায়নিক সাৰ , পদার্থকণা , বিকিৰণ , অণুজীৱ আদিৰ দৰে হানিকাৰক দ্রব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক ধৰ্মৰ বিঘ্নিত ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্রদূষণ বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎসৰ ওচৰত জনবসতি , উদ্যোগ , কৃষি – পথাৰ আদি থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্রব্যসমূহ পানীৰ সৈতে মিহলি হ’লে পানীৰ প্ৰদূষণ ঘটে। প্লাষ্টিক জাতীয় পদার্থ পানীৰ সংস্পৰ্শলৈ আহিলে পানী প্ৰদূষণ হয়। 

১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা। 

উত্তৰঃ বর্তমান সময়ত বিশ্বৰ প্ৰায়বােৰ দেশতে ভূমি প্রদূষণ বৃদ্ধি হৈ বিপদ সীমাৰ কাষ চাপিছে। মাটি প্রধানকৈ মানৱ কার্যকলাপৰ বাবেই প্ৰদূষিত হয়। সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনাে ৰাসায়নিক পদার্থ , বিষাক্ত ধাতু , ঔদ্যোগিক আৱৰ্জনা , তেজস্ক্রিয় পদার্থ , নগৰীয়া আৱৰ্জনা, এচিড বৰষুণ আদি মাটিৰ সংস্পৰ্শলৈ আহি বা মিহলি হৈ মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট কৰাৰ উপৰি  উৰ্বৰতা শক্তি নোহোৱা হয়। ইয়াকে মাটি প্ৰদূষণ বুলি কোৱা হয়।

১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। 

উত্তৰঃ বর্তমান বায়ু প্ৰদূষণ এটা গুৰুতৰ পাৰিপাৰ্শ্বিক সমস্যাত পৰিণত হৈছে। বায়ুমণ্ডল বিশেষকৈ নাইট্রজেন ( ৭৮.০৮ শতাংশ ) , অক্সিজেন ( ২০.৯৪ শতাংশ ) , আর্গন ( ০.৯৩ শতাংশ ) আৰু কার্বন ডাই – অক্সাইড ( ০.০৩৫ শতাংশ ) আদিৰ দৰে গেছসমূহৰ দ্বাৰা গঠিত। এই গেছসমূহে এক নির্দিষ্ট অনুপাত ৰক্ষা কৰি বায়ুমণ্ডলীয় উষ্ণতাক ভাৰসাম্য অৱস্থাত ৰাখে। কিন্তু যেতিয়া এই গেছসমূহৰ আয়তন বৃদ্ধি হয় বা যদি কোনাে কঠিন , তৰল অথবা গেছীয় পদার্থ বায়ুমণ্ডলৰ সৈতে সংযােজিত হয় তেতিয়া বায়ুমণ্ডলীয় ভাৰসাম্যতা বিনষ্ট হয় আৰু ইয়াৰ ফলত বায়ু প্ৰদূষিত হয়। সাধাৰণতে বায়ুমণ্ডল দুষিত হোৱাৰ কাৰণ প্ৰাকৃতিক বা মানব-সৃষ্ট বুলি কোৱা হয় যদিও বৰ্তমান সময়ছোৱাত বায়ুমণ্ডল আটাইতকৈ প্ৰদূষিত হয় কেৱল মানুহৰ কাৰ্যাৱলীৰ বাবেহে।

বায়ু প্ৰদূষণৰ কাৰণসমূহ হ’ল – 

(i) প্রাকৃতিক কাৰকসমূহ: 

(ক) আগ্নেয় উদগিৰণ: আগ্নেয় উদগিৰণত নির্গত হােৱা ধােৱা , ছাই আৰু গেছীয় পদার্থসমূহৰ দ্বাৰা বায়ু প্ৰদূষণ ঘটে। উদাহৰণস্বৰূপে ফিলিপাইনছৰ মাউন্ট পিনাটু’ব’ৰ উদগিৰণত ১৫-২০ নিযুত টন পৰিমাণৰ ছালফাৰ ডাই – অক্সাইড নির্গত হৈছিল। 

(খ) বনজুই: বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত হােৱা বনজুয়েও বায়ু প্ৰদূষিত কৰে। 

(ii) মানৱসৃষ্ট কাৰকসমূহ: 

(ক) ঔদ্যোগীকৰণ আৰু নগৰীকৰণ। 

(খ) যানবাহনৰ বর্ধিত ব্যৱহাৰ তথা আণৱিক বিস্ফোৰণ। 

(গ) জীৱাশ্ম ইন্ধনৰ বর্ধিত ব্যৱহাৰ। 

১৯। মৰুভূমি কাক বােলে ? মৰুকৰণৰ সংজ্ঞা দিয়া। 

উত্তৰঃ কম পৰিমাণে বৰষুণ হােৱা আৰু অধিক মাত্রাত বাষ্পীভৱন হােৱা পৃথিৱীৰ যিবিলাক অঞ্চলত উদ্ভিদ , মানুহ আৰু অন্যান্য প্রাণীৰ জীৱন ধাৰণ কষ্টকৰ তেনে অঞ্চলসমূহকে মৰুভূমি বুলি জনা যায়। পৃথিৱীৰ ভূভাগৰ প্রায় ২০ শতাংশ মাটিকালি মৰুভূমি অঞ্চলসমূহে আগুৰি আছে। মৰুভূমিৰ আশে – পাশে থকা এলেকা বোৰলৈ মৰুসদৃশ অৱস্থাৰ সম্প্ৰসাৰণ ঘটাকে মৰুকৰণ হিচাপ সংজ্ঞাৱদ্ধ কৰা হয়। ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা নাইৰােবিত অনুষ্ঠিত এখন সন্মিলনত আগবঢ়োৱা মৰুকৰণৰ সংজ্ঞাটো এনেধৰণৰ “ মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত এক মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে।” 

২০। মৰুকৰণৰ-কাৰণ দর্শোৱা ৷ 

উত্তৰঃ মৰুকৰণ দুই প্ৰকাৰে সংঘটিত হয়: 

(i) প্রাকৃতিক কাৰণ:

(ক) খৰাং বতৰ: ই মাটিৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলােৱাৰ ফলত মৰুকৰণৰ প্রক্রিয়া সৃষ্টি হয়। 

(খ) গােলকীয় উত্তাপ বৃদ্ধি: গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত হােৱা উষ্ণতা বৃদ্ধিয়ে মৰুভূমিৰ পৰিৱেশ অধিক শুষ্ক কৰি তােলাত মৰুকৰণৰ প্রক্রিয়া অধিক ত্বৰান্বিত হৈছে। 

(ii) মানৱ কাৰণ:

(ক) মানৱ কাৰ্যকলাপ: মৰুকৰণ প্রক্রিয়াক উৎসাহিত কৰা মানৱ কার্যকলাপসমূহ হৈছে অত্যধিক পশুচাৰণ , কৃষিভূমিৰ সম্প্ৰসাৰণ আৰু নির্বনানীকৰণ। 

(খ) জনসংখ্যা বৃদ্ধি: জনসংখ্যা বৃদ্ধিয়ে মৰুভূমি অঞ্চলসমূহত মানুহৰ হেঁচা বৃদ্ধি কৰিছে , যিটোৱে মৰুভূমিৰ সম্প্ৰসাৰণৰ সৃষ্টি কৰিছে। 

২১। মৰুকৰণ সমস্যা সমাধান সম্ভৱ নে ? 

উত্তৰঃ হয় ; ই এটা প্রত্যাহ্বানমূলক কার্য যদিও বনানীকৰণ , ৰষুণৰ পানী সংৰক্ষণ , মাটিৰ ক্ষয়ীভৱন ৰােধকৰণ , কৃত্রিম জলসিঞ্চন ব্যৱস্থাৰ নিৰ্মাণ , অর্ধ – অনুৰ্বৰ অঞ্চললৈ জলসিঞ্চন খাল সম্প্ৰসাৰণ আদিৰ দৰে ব্যৱস্থাসমূহৰ গ্ৰহণৰ দ্বাৰা মৰুকৰণ নিয়ন্ত্রণ কৰাটো সম্ভৱ। যিহেতু মৰুকৰণৰ সমস্যাটো কেৱল এখন দেশৰে সমস্যা নহয় , গতিকে আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যার সমাধান পোৱাটো অতি জটিল বিষয় বিবেচিত হৈছে। মৰুকৰণ প্ৰক্ৰিয়াটো যিহেতু গােলকীয় উত্তাপ বৃদ্ধিৰ সৈতে জড়িত হৈ আছে , সেয়েহে গােলকীয় উত্তাপ হ্রাস কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহে নিশ্চিতভাৱে মৰুকৰণ প্রক্রিয়া হ্রাস কৰিব। 

২২। গােলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবােৰ উল্লেখ কৰা। 

উত্তৰঃ সূৰ্যৰ পৰা নিৰ্গত তাপৰ বেছি অংশ ভূ-পৃষ্ঠত পৰে। গােলকীয় উত্তাপ বৃদ্ধি বর্তমান আমাৰ পৃথিৱীৰ সবাতােকৈ গুৰুত্বপূৰ্ণ পৰিৱেশ সম্বন্ধীয় সমস্যা। বায়ুমণ্ডলত সেউজগৃহ গেছসমূহ সংযােজিত হােৱাৰ ফলস্বৰূপে ভূপৃষ্ঠৰ লগতে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি হােৱাকে গােলকীয় উত্তাপ বৃদ্ধি হােৱা বুলি কোৱা হয়।

গােলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰকসমূহ হ’ল:

সেউজগৃহ গেছসমূহৰ নির্গমণ , কার্বন ডাই – অক্সাইড ( CO2 ) , মিথেন ( CH4 ) , নাইট্রাছ অক্সাইড ( N2O ) , জলীয় বাষ্প আদিৰ দৰে গেছসমূহে ভূপৃষ্ঠৰ পৰা প্রতিফলিত সৌৰশক্তি শােষণ কৰি বায়ুমণ্ডলীয় উষ্ণতা নিয়ন্ত্ৰণত ৰাখিব পাৰে। এনে গেছসমূহক সেউজগৃহ গেছ বােলে আৰু বায়ুমণ্ডলত এই গেছসমূহৰ উপস্থিতিৰ মুঠ পৰিমাণ কেৱল ০.১ শতাংশ। কিন্তু কোনাে কাৰণত বায়ুমণ্ডলত এই অপকাৰী গেছসমূহৰ পৰিমাণ বৃদ্ধি পালে বা তাৰতম্য ঘটিলে বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি হৈ গােলকীয় উত্তাপ বাঢ়ে। গােলকীয় উত্তাপ বৃদ্ধিৰ ক্ষেত্ৰত এই সকলােবােৰ সেউজগৃহ গেছৰ ভিতৰত কার্বন ডাই – অক্সাইড গেছৰ ভূমিকা সর্বাধিক হােৱা দেখা যায়। তদুপৰি ঔদ্যোগিক বিপ্লৱৰ পিছৰে পৰা বিস্তৃত ৰূপত হােৱা জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ তথা বননী ধ্বংস কৰা আদিৰ দৰে মানুহৰ কার্যকলাপে গােলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যােগাইছে কাৰণ ই বায়ুমণ্ডলত কার্বন ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি বায়ুমণ্ডলীয় উত্তাপৰ বৃদ্ধি কৰিছে।

২৩। গােলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব লিখা।

উত্তৰঃ গোলকীয় উষ্ণতা বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে যেনে:

(i) বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধি: প্রাক-ঔদ্যোগিক বিপ্লৱৰ যুগৰ পৰা বৰ্তমানলৈ ভূপৃষ্ঠৰ গড় উত্তাপ প্রায় ০.৭৬ ° চেলছিয়াছ বৃদ্ধি হৈছে আৰু ভৱিষ্যতে ৫.৮ ° চেলছিয়াছলৈ বৃদ্ধি হ’ব বুলি অনুমান কৰা হৈছে। 

(ii) মেৰুঅঞ্চলত বৰফৰ গলন: গোলকীয় উষ্ণতা বৃদ্ধিয়ে বায়ু মণ্ডলৰ ২-৩ ডিগ্রী চেলছিয়াছ উত্তাপ বৃদ্ধি পালে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বৰফসমূহ গলিবলৈ আৰম্ভ কৰিব। 

(iii) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি: মেৰুদেশীয় বৰফৰ গলনে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব। সাগৰপৃষ্ঠত হােৱা এক মিটাৰ উচ্চতা বৃদ্ধিয়ে ৫ নিযুত বর্গ কিঃমিঃ উপকূলৱর্তী অঞ্চলৰ ভূমি  জলমগ্ন হব। 

(iv) উদ্ভিদ আৰু জীৱ – জন্তুৰ বিতৰণ তথা বৃদ্ধিত পৰিৱৰ্তন ঘটাব। 

(v) শস্য উৎপাদন হ্রাস কৰিব। 

(vi) মৰুকৰণ প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণ ঘটাব। 

২৪। গােলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় কি ? 

উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ নিম্নেলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব লাগে: 

(i) অপ্রয়ােজনীয়ভাৱে গছ – গছনি কটা বন্ধ কৰা। 

(ii) বর্ধিত জনসংখ্যাৰ হাৰ নিয়ন্ত্রণ কৰা। 

(iii) ক্লৰ’ফ্লুৰ’কার্বন নির্গত কৰা সঁজুলিসমূহৰ ব্যৱহাৰ হ্রাস কৰা। 

(iv) অনাৱশ্যকীয় বা অতিৰিক্ত উদ্যোগ যান-বাহনৰ চলাচল বন্ধ বা নিয়ন্ত্ৰণ কৰিব লাগিব। 

(v) সৌৰশক্তি , বায়ুশক্তি , জৈৱশক্তি আদিৰ দৰে  অপৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ বৃদ্ধি কৰা।

(vi) গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ হ’লে বায়ুমণ্ডললৈ কাৰ্বন নির্গমন ৰোধ নাইবা নিয়ন্ত্ৰণ কৰিব লাগিব।

1 thought on “Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top