Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা – সমাধান and select needs one.
Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter – 2 পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা Solutions for All Subject, You can practice these here.
পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
দ্বিতীয় খণ্ড
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
প্রশ্ন ১। স্থলমণ্ডলে ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ ২৯ শতাংশ।
প্রশ্ন ২। জলমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে?
উত্তৰঃ ৭১ শতাংশ।
প্রশ্ন ৩। ভূ-পৃষ্ঠৰ পৰা কিমান কিলমিটাৰ উচ্চতালৈ বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে?
উত্তৰঃ প্ৰায় ৪৮০ কিলোমিটাৰ।
প্রশ্ন ৪। জীবমণ্ডলত এতিয়ালৈকে কিমান উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে?
উত্তৰঃ প্ৰায় ১.৭৫ নিযুত।
প্রশ্ন ৫। প্ৰদূষক কাক বোলে?
উত্তৰঃ ঘাইকৈ মানুহে সৃষ্টি কৰা দ্রব্য অধিক মাত্ৰাত পৰিৱেশত সংযোজিত হলে জীৱজন্তুৰ ক্ষতি সাধন কৰিব পাৰে। এনে দ্ৰব্যক প্ৰদূষক বোলে।
প্রশ্ন ৬। ১৯৯১ চনৰ উদ্গীৰণটোৰ নাম কি?
উত্তৰঃ মাউন্ট পিনাটু ‘ব’ৰ (Mount Pinatube)।
প্রশ্ন ৭। এই উদগিৰণ কিমান টন ছালফাৰ ডাই-অক্সাইড গেছ বায়ুমণ্ডললৈ এৰি দিছিল?
উত্তৰঃ ১৫–২০ নিযুত টন।
প্রশ্ন ৮। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ’জেন গেছ আছে?
উত্তৰঃ ৭৮.০৮ শতাংশ।
প্রশ্ন ৯। বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান শতাংশ কার্বন-ডাই-অক্সাইড গেছ আছে?
উত্তৰঃ ০.০৩%।
প্রশ্ন ১০। দুবিধ সেউজ গৃহৰ গেছৰ নাম লিখা।
উত্তৰঃ (i) মিথেন। আৰু
(ii) আর্গন।
Multiple Choice Questions & Answers
1. গোলকীয় উষ্ণতা বৃদ্ধিত আটাইতকৈ বেছি অৰিহণা যোগোৱা গেছটো হ’ল—
(a) মিথেন।
(b) নাইট্ৰাছ অক্সাইড।
(c) ক্ল’ৰফ্ল’ৰ কাৰ্বন।
(d) কার্বন-ডাই-অক্সাইড।
উত্তৰঃ (d) কার্বন-ডাই-অক্সাইড।
2. গোলকীয় উত্তাপ বৃদ্ধি এটা—
(a) স্থানীয় সমস্যা।
(b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।
(c) আঞ্চলিক সমস্যা।
(d) ব্যক্তিগত সমস্যা।
উত্তৰঃ (b) আন্তঃৰাষ্ট্ৰীয় সমস্যা।
3. বহনক্ষম উন্নয়ন হৈছে—
(a) অর্থনৈতিক উন্নয়ন।
(b) বিবেচনাসম্পন্ন উন্নয়ন।
(c) পাৰিৱেশিক উন্নয়ন।
(d) গোলকীয় উন্নয়ন।
উত্তৰঃ (b) বিবেচনাসম্পন্ন উন্নয়ন।
4. বৰ্তমান পৃথিৱীৰ বয়স—
(a) ৪৭০০ নিযুত বছৰ।
(b) ৪৬০০ নিযুত বছৰ।
(c) ৩৪০০ নিযুত বছৰ।
(d) ৫০০০ নিযুত বছৰ।
উত্তৰঃ (b) ৪৬০০ নিযুত বছৰ।
5. পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কবলত পৰিছে—
(a) প্রায় ২০ শতাংশ।
(b) প্রায় ৩৫ শতাংশ।
(c) প্রায় ২৫ শতাংশ।
(d) প্রায় ৩০ শতাংশ।
উত্তৰঃ (b) প্রায় ৩৫ শতাংশ।
6. ভূ-পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে—
(a) ২৮০ কি. মি.।
(b) ৫৮০ কি.মি.।
(c) ৩৮০ কি.মি.।
(d) ১০,০০০ কি.মি.।
উত্তৰঃ (d) ১০,০০০ কি.মি.।
7. এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়—
(a) মেৰু অঞ্চলত।
(b) ঔদ্যোগিক অঞ্চলত।
(c) অৰণ্য অঞ্চলত।
(d) ঘাঁহনি অঞ্চলত।
উত্তৰঃ (b) ঔদ্যোগিক অঞ্চলত।
8. তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়?
(a) কার্বন ডাইঅক্সাইড।
(b) অ’য’ন
(c) মিথেন।
(d) নাইট্ৰাছ অক্সাইড।
উত্তৰঃ (b) অ’য’ন।
9. বায়ুমণ্ডলত থকা নাইট্ৰ ‘জেন গেছৰ পৰিমাণ—
(a) 77.07%
(b) 78.08%
(c) 76.06%
(d) 74.04%
উত্তৰঃ (b) 78.08%
10. বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ পৰিমাণ—
(a) 20.98%
(b) 21.12%
(c) 19.90%
(d) 03.35%
উত্তৰঃ (a) 20.98%
11. বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ—
(a) 0.08%
(b) 0.93%
(c) 0.81%
(d) 0.01%
উত্তৰঃ (b) 0.93%
12. বায়ুমণ্ডলত থকা কার্বন ডাই অক্সাইড গেছৰ পৰিমাণ—
(a) 0.035%
(b) 0.031%
(c) 0.036%
(d) 0.032%
উত্তৰঃ (a) 0.035%
13. জনমণ্ডলে ভূ-পৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে—
(a) 61%
(b) 51%
(c) 71%
(d) 73%
উত্তৰঃ (c) 71%
14. জীবমণ্ডলত এতিয়ালৈকে চিনাক্ত হোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা—
(a) ১.৬৫ নিযুত।
(b) ১.৫৫ নিযুত।
(c) ১.৪৫ নিযুত।
(d) ১.৭৫ নিযুত।
উত্তৰঃ (d) ১.৭৫ নিযুত।
15. ভৌগোলিক দিশৰ পৰা পৰিবেশৰ সমস্যা সমূহক কিমান ধৰণে বিবেচনা কৰিব পাৰি?
(a) ৩ ধৰণে।
(b) ৫ ধৰণে।
(c) ৪ ধৰণে।
(d) ৬ ধৰণে।
উত্তৰঃ (a) ৩ ধৰণে।
16. ফিলিপিন্ছৰ মাউন্ট পিনাটু’ৰ’ আগ্নেয়গিৰিটোৰ উদ্গীৰণ ঘটিছিল—
(a) 1992
(b) 1993
(c) 1991
(d) 1990
উত্তৰঃ (c) 1991
17. শিল্প বিপ্লৱ আৰম্ভ হৈছিল
(a) এচিয়াত।
(b) আফ্ৰিকাত।
(c) উত্তৰ আমেৰিকাত।
(d) ইউৰোপত।
উত্তৰঃ (d) ইউৰোপত।
18. ১৯৭৭ চনত ৰাষ্ট্ৰসংঘৰ মৰুকৰণ সম্বন্ধীয় সন্মিলনখন হৈছিল—
(a) ব্রাজিলত।
(b) নাইৰ’বিত।
(c) মেক্সিকোত।
(d) ৰোমত।
উত্তৰঃ (b) নাইৰ’বিত।
19. মৰুকৰণৰ দ্বাৰা আটাইতকৈ বেছি আক্ৰান্ত হোৱা মহাদেশখন হ’ল-
(a) উত্তৰ আমেৰিকা।
(b) দক্ষিণ আমেৰিকা।
(c) এচিয়া
(d) আফ্রিকা।
উত্তৰঃ (a) উত্তৰ আমেৰিকা।
20. উত্তৰ মহাদেশৰ কিমান শতাংশ মাটি মৰুকৰণৰ দ্বাৰা আক্ৰান্ত হৈছে—
(a) 27%
(b) 23%
(c) 24%
(d) 21%
উত্তৰঃ (a) 27%
অধিক MCQ আৰু Short Question Answer পোৱাৰ বাবে ? তলৰ Link টো Click কৰক।
১৷ পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উত্তৰঃ “পৰিৱেশ ” শব্দটোৱে জীৱ বা জীৱ সমষ্টিৰ চাৰিওফালে বৰ্তি থকা এটা ভৌতিক অৱস্থাক বুজায় যত অণুজীৱ , বিভিন্ন প্রজাতি উদ্ভিদ , জীৱ – জন্তুৰ লগতে বৃহৎ আকাৰৰ স্তন্যপায়ী প্রাণীৰ দৰে জৈৱিক উপাদানসমূহ আৰু মাটি , পানী , বায়ুৰ লগতে সকলাে ধৰণৰ অজৈৱিক উপাদান অন্তর্ভুক্ত হৈ থাকে ।
এই জৈৱিক আৰু অজৈৱিক উপাদানসমূহেই পাৰস্পৰিক সম্বন্ধ স্থাপনৰ দ্বাৰা জীৱৰ বাবে প্রয়ােজনীয় অৱস্থা বা পৰিৱেশৰ সৃষ্টি কৰে । ভৌগলিক দিশৰ পৰা পৰিৱেশৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশতন্ত্রৰ চাৰিটা মণ্ডল – স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলক সূচোৱা হয় ।
এই চাৰিটা মণ্ডলৰ সংস্পৰ্শৰ দ্বাৰা সৃষ্ট অৱস্থাকে বহল অর্থত আমি পৰিৱেশ বুলি কওঁ । ভূগােল বিজ্ঞানী পিটাৰ হেগেটৰ মতে , “ স্থল , জল , বায়ু আৰু জীৱৰ মাজৰ পাৰম্পৰিক সম্পৰ্কৰ পৰিণতিয়েই হৈছেপৰিৱেশ । ”
২। পৰিবেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ।
উত্তৰঃ পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদান হ’ল :-
( i ) জৈৱ উপাদান :- বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু ক্ষুদ্র ক্ষুদ্র অণুজীৱকে ধৰি বৃহৎ আকাৰৰ প্রাণী ।
( ii ) অজৈৱ উপাদান :- মাটি , পানী , বায়ু আৰু সকলাে জড় বা নির্জীৱ উপাদান ।
৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা ।
উত্তৰঃ শিল , বালি , মাটি , খনিজ পদার্থ , পর্বত , পাহাৰ , মালভূমি , সমভূমি , উপত্যকা , উপকূল আদিৰে গঠিত ভূখণ্ডকে স্থলমণ্ডল বুলি কোৱা হয় । স্থলমণ্ডলৰ গুণাগুণ তথা সময়ে সময়ে হােৱা ইয়াৰ পৰিৱৰ্তন পৃথিৱীৰ পৰিৱেশতন্ত্ৰৰ অন্য তিনিটা মণ্ডল জলমণ্ডল , বায়ুমণ্ডল আৰু জীৱমণ্ডলে নির্ধাৰণ কৰে ।
৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।
উত্তৰঃ জলমণ্ডল বুলিলে ভূ – পৃষ্ঠক আৱৰি থকা জলভাগকে বুজায় । জলমণ্ডল গঠন কৰা অৱয়ৱসমূহ হৈছে:-
( i ) সাগৰ
( ii ) মহাসাগৰ
( i ) নদ – নদী
( iv ) হ্রদ
( v ) কুঁৱা ইত্যাদি ।
৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা ।
উত্তৰঃ ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৮০ কিঃমিঃ উচ্চতালৈ বিয়পি থকা গেছীয় তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয় । ৭৮.০৮ শতাংশ নাইট্রজেন , ২০.৯৪ শতাংশ অক্সিজেন , ০.০৩৫ শতাংশ কার্বন ডাই – অক্সাইড , ০.০১৩ শতাংশ আর্গন আৰু হাইড্রজেন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত ।
৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ।
উত্তৰঃ জীৱমণ্ডলে পৃথিৱীৰ পৰিৱেশৰ জীৱৰ উপস্থিতি থকা অঞ্চলসমূহক সামৰি লৈছে । স্থলমণ্ডল , জলমণ্ডল আৰু বায়ুমণ্ডল এই মণ্ডলৰ অন্তৰ্গত । ভূপৃষ্ঠ , ভূপৃষ্ঠৰ পৰা কেইমিটাৰমান তললৈ , বায়ুমণ্ডলৰ নিম্নস্তৰ আৰু সাগৰ – মহাসাগৰৰ প্ৰায়ভাগ অংশই এই মণ্ডলে সামৰি লৈছে ।
৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ পৰিৱেশ স্থলমণ্ডল , বায়ুমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডল নামৰ চাৰিটা উপাদান বা মণ্ডলেৰে গঠিত । পৰিৱেশৰ এই চাৰিওটা মণ্ডলৰ মাজত পাৰস্পৰিক সম্পৰ্ক থকাৰ লগতে ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল । প্রকৃততে , চাৰিওটা মণ্ডলে নিজৰ নিজৰ প্রকৃতি আৰু অস্তিত্বৰ বাবে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল ।
জল চক্র , কার্বন চক্র , নাইট্রজেন চক্র , শক্তি চক্ৰ আদিৰ দৰে প্ৰকৃতিৰ বিভিন্ন চক্রসমূহ এই চাৰিওটা মণ্ডলৰ যােগেদি আগবাঢ়ে । এই মণ্ডলসমূহৰ বিভিন্ন উপাদানসমূহৰ মাজত এক নিকটৱর্তী জটিল আন্তঃসম্বন্ধ আছে ।
যিকোনাে এটা গুৰুত্বপূৰ্ণ মণ্ডলত সংঘটিত হােৱা পৰিৱর্তনে পৰিৱেশৰ অন্য তিনিওটা মণ্ডলকে প্রভাৱিত কৰে । যেতিয়া সূৰ্যৰ পৰা হােৱা অত্যধিক বিকিৰণৰ দ্বাৰা বায়ুমণ্ডল প্রভাৱিত হয় তেতিয়া ইয়াৰ দ্বাৰা জলমণ্ডল , স্থলমণ্ডল আৰু জীৱমণ্ডলৰৰ ক্ষতিসাধন হয়।
ইয়াৰ জৰিয়তে বৰফ গলাৰ ফলত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি হৈ ভূপৃষ্ঠৰ উপকূলীয় অঞ্চলসমূহত বৃহৎ পৰিৱৰ্তন সংঘটিত হয় । ইয়াৰ ফলস্বৰূপে স্থলমণ্ডলৰ বহুতাে অঞ্চল পানীৰ তলত বুৰ যায় । বায়ুমণ্ডলৰ অত্যধিক উষ্ণতাৰ ফলত স্থলমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডলত বাস কৰা বহুতাে অণুজীৱ , উদ্ভিদ তথা জীৱ – জন্তুৰ মৃত্যু হয় ।
আনহাতে , স্থলমণ্ডলত থকা গছ – গছনিসমূহ জধে – মধে কটাৰ ফলত অত্যধিক মাত্রাত সেউজগৃহ গেছসমূহ বৃদ্ধি হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে । যিটোৱে কেৱল পৃথিৱীৰ স্থলমণ্ডলত থকা জীৱসমূহৰে ক্ষতি কৰা নাই , বৰঞ্চ ই জলমণ্ডলৰ জীৱসমূহৰৰ ক্ষতিসাধন কৰিছে ।
এইদৰে এইটোৱে স্পষ্ট কৰে যে পৰিৱেশৰ চাৰিওটা মণ্ডলৰ মাজতে ওচৰ সম্বন্ধ আছে আৰু ইহঁত এটাৰ ওপৰত আনটো নিৰ্ভৰশীল ।
৮। পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবােৰ উল্লেখ কৰা ।
উত্তৰঃ বর্তমান সময়ত স্থান আৰু কাল অনুযায়ী পৰিৱেশৰ পৰিৱৰ্তন ঘটা দেখা যায় । এনে পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহ হৈছে নগৰীকৰণ , ঔদ্যোগীকৰণ , যােগাযােগ তথা পৰিবহণৰ সম্প্ৰসাৰণ , অৰণ্য আৰু জলাশয়সমূহৰ সংকোচন আদিৰ দৰে পৰিৱেশ বিৰােধী মানৱ কার্যকলাপসমূহ ।
এই কার্যকলাপসমূহে চাৰিওটা মণ্ডলতে গভীৰভাৱে কু – প্রভাৱ পেলাইছে । পার্বত্য অঞ্চলৰ পৰা মৰুভূমি অঞ্চলৈকে হােৱা জনসংখ্যা তথা মানৱ কার্যকলাপৰ সম্প্ৰসাৰণৰ ফলত সেইবােৰ অঞ্চলৰ পৰিৱেশৰ দ্ৰুতভাৱে পৰিৱৰ্তন ঘটিছে ।
পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ তলত উল্লেখ কৰা হ’ল-
( i ) জনসংখ্যা বৃদ্ধি ।
( ii ) ঔদ্যোগীকৰণ তথা নগৰীকৰণ ।
( ii ) পৰিৱেশত কার্বন – ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি হােৱা ।
( iv ) নির্বনানীকৰণ আৰু জলাশয়ৰ সংকোচন ।
( v ) পার্বত্য আৰু মৰু অঞ্চললৈ সম্প্রসাৰিত হােৱা মানৱ কার্যকলাপ ।
৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা ।
উত্তৰঃ বহু বছৰ পূর্বে পৃথিৱীত কোনাে ধৰণৰ পাৰিপাৰ্শ্বিক সমস্যা নাছিল । ইয়াৰ মূলতে আছিল পৰিৱেশৰ প্রাকৃতিক আৰু মানৱ – সৃষ্ট উপাদানসমূহৰ মাজত থকা ভাৰসাম্যতা ।
কিন্তু দিনে দিনে বৃদ্ধি হৈ অহা দ্রুত জনসংখ্যা , নগৰীকৰণৰ সম্প্ৰসাৰণ , ঔদ্যোগীকৰণ , নির্বনানীকৰণ , জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰ , জলাশয়ৰ সংকোচন আদিৰ ফলস্বৰূপে পৃথিৱীৰ চাৰিওটা মণ্ডলৰ উপাদানসমূহৰ মাজত থকা পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিঘ্নিত হৈ পৰে।
ইয়াৰ ফলতে প্রদূষণ , মৰুকৰণ , গােলকীয় উত্তাপ বৃদ্ধি , বৰফৰ গলন , সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি আদিৰ দৰে বহুতাে সমস্যাৰ উদ্ভৱ হৈছে । পৰিৱেশৰ লগত জড়িত এই সকলােবােৰ সমস্যাকে পাৰিৱেশিক বা পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
১০। ভৌগােলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ।
উত্তৰঃ ভৌগােলিক দিশৰ পৰা পাৰিপাৰ্শ্বিক সমস্যাবােৰক তলত উল্লেখ কৰা ধৰণে ভাগ কৰিব পাৰি :-
( i ) স্থানীয় সমস্যা :- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবােৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
যেনে :- ক্ষুদ্র উদ্যোগ এটাৰ দ্বাৰা হােৱা ভূমি প্রদূষণ , জলাশয়সমূহ তৰাং হােৱাৰ ফলত খৰালি কালত হােৱা পানীৰ অভাৱ , স্থানীয় নদীৰ দ্বাৰা হােৱা গৰাখহনীয়াৰ সমস্যা আদি ।
( ii ) আঞ্চলিক সমস্যা :- এটা বা ততােধিক ভৌগােলিক অঞ্চলজুৰি সৃষ্টি হােৱা সমস্যাকে আঞ্চলিক পাৰিপার্শ্বিক সমস্যা বুলি কোৱা হয় । কেতিয়াবা এই আঞ্চলিক সমস্যাই একাধিক ৰাষ্ট্ৰকো সামৰি লয় ।
যেনে :- অসমৰ ব্ৰহ্মপুত্র আৰু বৰাক উপত্যকাৰ বানপানীৰ সমস্যা , বৃহৎ ঔদ্যোগিক অঞ্চলৰ ভূমি আৰু জল প্ৰদূষণৰ সমস্যা , মহানগৰ অঞ্চলৰ ভূ – গর্ভস্থ পানীৰ নাটনিজনিত সমস্যা , নদী অৱবাহিকাৰ ভূমিক্ষয় সমস্যা আদি ।
( iii ) গােলকীয় সমস্যা :- সমগ্র বিশ্বকে সামৰি লােৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বােৰকে গােলকীয় পাৰিপাৰ্শিক সমস্যা বুলি কোৱা হয় । যিহেতু গােলকীয় সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানার্থে আন্তর্জাতিক প্রচেষ্টা প্রয়ােজন হয় ।
উদাহৰণস্বৰূপে গােলকীয় উত্তাপবৃদ্ধি , যিয়ে পৰিৱেশত প্ৰভাৱ পেলায় আৰু ইয়াৰ কোনাে ভৌগােলিক সীমান্যই ।
১১। পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখ ।
উত্তৰঃ পৰিৱেশৰ স্থানীয় সমস্যা :- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা কেৱল এটা নির্দিষ্ট সৰু এলেকাক প্ৰভাৱিত কৰা পাৰিপাৰ্শ্বিক সমস্যাবােৰকে স্থানীয় পাৰিপাৰ্শ্বিক সমস্যা বুলি কোৱা হয় ।
যেনে :- ক্ষুদ্র উদ্যোগ এটাৰ দ্বাৰা হােৱা ভূমি প্রদূষণ , জলাশয়সমূহ তৰাং হােৱাৰ ফলত খৰালি কালত হােৱা পানীৰ অভাৱ , স্থানীয় নদীৰ দ্বাৰা হােৱা গৰাখহনীয়াৰ সমস্যা আদি ।
১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ হৈছে :-
( i ) অসমৰ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ বানপানীৰ সমস্যা । আৰু
( ii ) মহানগৰ অঞ্চলৰভূগর্ভস্থ পানীৰ নাটনিজনিত সমস্যা ।
S.L. No. | Contents |
HISTORY (ইতিহাস) | |
পাঠ-1 | বংগ বিভাজন আৰু স্বদেশী আন্দোলন |
পাঠ-2 | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম |
পাঠ-3 | অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ |
পাঠ-4 | ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ |
পাঠ-5 | ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য |
GEOGRAPHY (ভূগােল) | |
পাঠ-1 | অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ |
পাঠ-2 | পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা |
পাঠ-3 | পৃথিৱীৰ ভূগোল |
পাঠ-4 | অসমৰ ভূগোল |
POLITICAL SCIENCE AND ECONOMICS | |
পাঠ-1 | ভাৰতীয় গণতন্ত্ৰ |
পাঠ-2 | আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য |
পাঠ-3 | মুদ্রা আৰু বেংক ব্যৱস্থা |
পাঠ-4 | অৰ্থনৈতিক উন্নয়ন |
১৩। কোনবােৰ সমস্যাক গােলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা ।
উত্তৰঃ সমগ্র বিশ্বকে সামৰি লােৱা বা প্ৰভাৱিত কৰা পাৰিৱেশিক সমস্যা বােৰকে গােলকীয় পাৰিপাৰ্শিক সমস্যা বুলি কোৱা হয় । যিহেতু গােলকীয় সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয় সেয়েহে এনে সমস্যাসমূহৰ সমাধানার্থে আন্তর্জাতিক প্রচেষ্টা প্রয়ােজন হয় । উদাহৰণস্বৰূপে গােলকীয় উত্তাপবৃদ্ধি , যিয়ে পৰিৱেশত প্ৰভাৱ পেলায় আৰু ইয়াৰ কোনাে ভৌগােলিক সীমান্যই ।
১৪। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা ।
উত্তৰঃ বিশ্বৰ প্রধান পাৰিপাৰ্শ্বিক সমস্যাসমূহ হল :-
( i ) মাটি , পানী আৰু বায়ু প্ৰদূষণ ।
( ii ) মৰুকৰণ
( iii ) ভূমিস্থলন আৰু ভূমিৰ অৱক্ষয়
( iv ) গােলকীয় উত্তাপ বৃদ্ধি
( v ) কৃত্রিম বানপানী
( vi ) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি
১৫। প্ৰদূষণৰ অৰ্থ লিখা ।
উত্তৰঃ হানিকাৰক পদার্থ বা দ্রব্যৰ দ্বাৰা পৰিৱেশ বিনষ্ট হােৱা প্রক্রিয়াকে প্রদূষণ বুলি কোৱা হয় । পৰিৱেশত প্রদৃষকৰ সংযােজন বা পুঞ্জীভৱনৰ ফলত প্ৰদূষণৰ সৃষ্টি হয় । যিংক , ছালফাৰ ডাই – অক্সাইড , কার্বন মন’অক্সাইড আদি হৈছে পৰিৱেশৰ প্রধান প্ৰদূষক আৰু পৰিৱেশৰ উপাদান সমূহৰ প্ৰদূষণ জীৱ কূলৰ বাবে হানিকাৰক হ’ব পাৰে ।
১৬। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা ।
উত্তৰঃ ৰাসায়নিক পদার্থ , পদার্থকণা , বিকিৰণ , অণুজীৱ আদিৰ দৰে হানিকাৰক দ্রব্যসমূহ পানীৰ লগত মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্রদূষণ বুলি কোৱা হয় ।
সাধাৰণতে পানীৰ উৎসৰ ওচৰত জনবসতি , উদ্যোগ , কৃষি – পথাৰ আদি থাকিলে তাৰ পৰা নিৰ্গত আৱৰ্জনা বা অপদ্রব্যসমূহ পানীৰ সৈতে মিহলি হ’লে পানীৰ প্ৰদূষণ ঘটে ।
১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমুটোকা লিখা ।
উত্তৰঃ বর্তমান সময়ত বিশ্বৰ প্ৰায়বােৰ দেশতে ভূমি প্রদূষণ বৃদ্ধি হৈ বিপদ সীমাৰ কাষ চাপিছে । মাটি প্রধানকৈ মানৱ কার্যকলাপৰ বাবেই প্ৰদূষিত হয় ।
সাধাৰণতে মাটিৰ সৈতে যেতিয়া কোনাে ৰাসায়নিক পদার্থ , বিষাক্ত ধাতু , ঔদ্যোগিক আৱৰ্জনা , তেজস্ক্রিয় পদার্থ , নগৰীয়া আৱৰ্জনা, এচিড বৰষুণ আদি মিহলি হয় তেতিয়া মাটিয়ে নিজৰ প্ৰাকৃতিক গুণাগুণ তথা উৰ্বৰতা শক্তি হেৰুৱায় । ইয়াকে মাটি প্ৰদূষণ বুলি কোৱা হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.