Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ

Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদহ্য answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ – সমাধান and select needs one.

Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ – সমাধান

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ Solutions for All Subject, You can practice these here…


১৮। চমুটোকা লিখা :

( ক ) সম্পদ:

উত্তৰঃ সকলাে জীৱ আৰু পৰিস্থিতিতন্ত্রৰ কার্যাৱলী সম্পন্ন কৰিবলৈ প্রয়ােজনীয় সম্পত্তিৰ উৎস , ৰাজহ , যােগান বা সহায়ক সম্পদ বােলে । অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবােৰকে সম্পদ বােলে । সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় সেইবোৰ হ’ল- 

১/ প্ৰাকৃতিক সম্পদ । আৰু 

২/ মানৱ সৃষ্টি সম্পদ ।

১/ প্রাকৃতিক সম্পদ :- প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবােৰকে প্রাকৃতিক সম্পদ বােলে । যেনে :- পানী , বায়ু , সূৰ্যৰ ৰশ্মি , মাটি , খনিজ সম্পদ , গছ – গছনি , প্রাণী , নদী ইত্যাদি । 

২/ মানব সৃষ্টসম্পদ :- মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানবসৃষ্ট সম্পদ বােলে ৷ যেনে :- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰী কাপােৰ , সাংশ্লেষিক বস্ত্র , সাংশ্লেষিক ৰবৰ , ঔষধ , ৰাসায়নিক সাৰ ইত্যাদি । 

( খ ) মানৱ সম্পদ:

উত্তৰঃ মানৱ সম্পদ মানে হ’ল শিক্ষা , প্রশিক্ষণ , অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথােপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি । এখন দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ সম্পদ হ’ল মানৱ সম্পদ ।

ইউৰােপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হােৱাৰ প্ৰধান কাৰণ হ’ল ইয়াত হােৱা মানৱ সম্পদৰ উন্নয়ন । সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এইবােৰ দেশত মানৱ সম্পদ উন্নত । মানুহেই অন্যান্য সম্পদৰ প্রধান চালক । মানুহৰ অবিহনে কোনাে ধৰণৰ সম্পদ বিকশিত নহয় ।

জাপান , ছুইজাৰলেণ্ড , ছিংগাপুৰ , টাইৱান আদি দেশত উদ্যোগৰ বাবে প্রয়ােজনীয় প্রাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হােৱা সত্ত্বেও মানৱ সম্পদত উন্নত হােৱা বাবে এই দেশবােৰে অর্থনৈতিক জীৱনৰ প্রত্যেক দিশত যথেষ্ট উন্নতি সাধন কৰিছে । 

( গ ) সম্পত্তি :

উত্তৰঃ মানুহৰ প্ৰয়ােজন পূৰাব পৰা আৰু বিনিময় মূল্য থকা সকলােবােৰ অর্থনৈতিক দ্রব্যই হৈছে  সম্পত্তি । সকলাে সম্পত্তিয়ে সম্পদ কিন্তু সকলাে সম্পদ সম্পত্তি নহ’বও পাৰে । সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ’ল- 

( i ) মানুহৰ প্রয়ােজন পূৰণৰ ক্ষমতা থকা বাবে সম্পদৰ উপকাৰিতা আছে । 

( ii ) সম্পত্তিৰ যােগান সীমিত । 

( iii ) টকা বা মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি ।সকলাে সম্পত্তিয়েই সম্পদ । কিন্তু সকলাে সম্পদেই সম্পত্তি নহয় । উদাহৰণস্বৰূপে , ভূমি , ঘৰ , যন্ত্রপাতি আদি সম্পত্তিৰ বজাৰ মূল্য থকা বাবে এইবােৰক সম্পদ বুলিব পাৰি ।

আনহাতে বায়ু , পানী , শিক্ষা , সামাজিক প্রতিষ্ঠান , জনস্বাস্থ্য আদি সম্পত্তি নহয় ; কাৰণ এইবােৰৰ কিছুমান প্রকৃতিত প্ৰচুৰ পৰিমাণে পােৱা যায় , কিছুমানক বিনিময় কৰিব নােৱাৰি আৰু কিছুমানৰ বজাৰ মূল্য নাই । আকৌ সম্পদ মানৱ কল্যাণৰ বাবেহে ব্যৱহাৰ হয় ; কিন্তু সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণৰ হ’ব পাৰে ।

উদাহৰণস্বৰূপে , বিষ , ৰাসায়নিক কীটনাশক , এলক’হল আদি সম্পত্তি যদিও এইবােৰৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক । গতিকে এনেধৰণৰ দ্ৰব্যক সম্পদ বুলিব নােৱাৰি । 

( ঘ) নৱীকৰণযােগ্য সম্পদ :

উত্তৰঃ যিবােৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবােৰ পুনঃপুর্ণীকৃত প্রক্রিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক নৱীকৰণযােগ্য সম্পদ বােলে । যেনে :- সূর্যৰ ৰশ্মি , পানী , মাটি ইত্যাদি । 

( ঙ ) ব্যক্তিগত সম্পদ :

উত্তৰঃ যিবােৰ বস্তু এজন লােকৰ ব্যক্তিগত দখলত থাকে , তাকে ব্যক্তিগত সম্পদ বােলে । যেনেঃ- মাটি , ঘৰুৱা সা – সম্পত্তি , ব্যক্তিগত  গুণাৱলী যেনেঃ- ভাল চৰিত্র , শিক্ষা , বিভিন্ন দক্ষতা আদি ।

( চ ) জাতীয় সম্পদ :

উত্তৰঃ যিবােৰ সম্পদ ৰাষ্ট্রৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বােলে । যেনে :- পৰিবহণ ব্যৱস্থা , ভূমি , নদী , খনিজ সম্পদ , অৰণ্যৰ জীৱ – জন্তু , কৃষি – শস্য , বিভিন্ন উৎপাদিত সামগ্রী , জনসংখ্যা আদি

( ছ ) জীৱীয় সম্পদ :

উত্তৰঃ জীৱ থকা সম্পদবােৰক জীৱীয় সম্পদ বােলে । যেনে :- গছ – গছনি , প্রাণী , মাছ , শস্য ইত্যাদি । 

( জ ) সম্পদ সংৰক্ষণ :

উত্তৰঃ প্রাকৃতিক সম্পদৰ গুণগত মানদণ্ড , মূল্য আৰু বিচিত্ৰতাৰ স্থিতাৱস্থা বাহালকৰণেৰে আৰু বর্ধিত কৰণেৰে এইবােৰৰ বিচক্ষণ ব্যৱহাৰৰ বাবে আৰু নিৰৱচ্ছিন্ন যােগানৰ নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয় ।

সম্পদ সংৰক্ষণৰ প্রধান উদ্দেশ্য হ’ল প্রকৃতিৰ পৰা প্রয়ােজনীয় সম্পদবােৰ এনেধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলােৱে বহু সময় ধৰি উপকৃত হওঁ। বহুত খনিজ সম্পদ , উদ্ভিদ আৰু প্রাণী.দ্রুত হাৰত নিঃশেষ হ’ব ধৰিছে ।

যিহেতু ইয়াৰে বেছিভাগ সম্পদ সৃষ্টি কৰিব নােৱাৰি বা বৃদ্ধি কৰিব নােৱাৰি সেয়ে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰাৰ অতীৱ প্রয়ােজন । আমি এই সম্পদবােৰৰ বিকল্প দ্রব্য সন্ধান কৰি , পুনঃপুর্ণীকৃত প্রক্রিয়া ব্যৱহাৰ কৰি , পুনৰাৱর্তন , অভিযােজন আদি পদ্ধতি অৱলম্বন কৰি , অপচয় নিয়ন্ত্রণ সংক্রান্ত আইনসমূহ ৰূপায়িত কৰি এইবােৰৰ সংৰক্ষণ কৰিব পাৰোঁ ।

( ঝ ) সম্পদৰ  পুনৰাৱর্তন :

উত্তৰঃ সম্পদৰ পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে বর্জিত দ্রব্যক পুনৰ ব্যৱহাৰযােগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্রাস কৰিব পাৰি । উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱর্তন । 

( ঞ ) IUCN : 

উত্তৰঃ IUCN – ৰ সম্পূৰ্ণ নামটো হৈছে – International Union for Conservation of Nature ( আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ) । ১৯৪৮ চনত এই সংস্থাটোৰ গঠন হৈছিল আৰু ই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্রশংসনীয় ভূমিকা পালন কৰি আহিছে ।

UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক , বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলে ( ব্রিটিছ জীৱবিজ্ঞানী ) -এ ইয়াৰ প্রতিষ্ঠা কৰিছিল । এই সংস্থাটোৰ প্রধান লক্ষ্য হ’ল গােলকীয় প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ – বৈচিত্র্য সম্পর্কে অধ্যয়ন তথা গৱেষণা চলাই যােৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ।

ই ৰাষ্ট্ৰসংঘৰ নির্দেশনা অনুসৰি কার্য সম্পাদন কৰে । IUCN- এ প্রতিষ্ঠা কৰা আন্তর্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্রকৃতি নিধি ( WWF for Nature ) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র । 

১৯। পাৰ্থক্য লিখা :

( ক ) সম্পদ আৰু সম্পত্তি ।

উত্তৰঃ 

Class 10 Social Geography Chapter - 1 Q. No. 19.1

( খ ) অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল ।

উত্তৰঃ

Class 10 Social Geography Chapter - 1 Q. No. 19.2

( গ ) সম্পদ আৰু নিস্ক্ৰিয় সামগ্ৰী ।

উত্তৰঃ

Class 10 Social Geography Chapter - 1 Q. No. 19-3

( ঘ ) জীৱীয় আৰু অজীৱীয় সম্পদ ।

উত্তৰঃ

Class 10 Social Geography Chapter - 1 Q. No. 19-4

( ঙ ) নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ ।

উত্তৰঃ 

Class 10 Social Geography Chapter - 1 g

( চ ) ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ ।

উত্তৰঃ 

Class 10 Social Geography Chapter - 1 Q. No. 19-5

( ছ ) মাৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ ।

উত্তৰঃ

Class 10 Social Geography Chapter - 1 Q. No. 19-6

( জ ) সম্পদৰ পুনৰাৱর্তন আৰু অভিযোজন ।

উত্তৰঃ

Class 10 Social Geography Chapter - 1 Q. No. 19-7

২০। শুদ্ধ উত্তৰটোবাছিউলিওৱা:

( ক ) তলৰ কোনটো মানবসৃষ্ট সম্পদ ?

( ১ ) নদনদী ( ২ ) খনিজ তেল ( ৩ ) জলসিঞ্চন নলা ( ৪ ) অৰণ্য 

উত্তৰঃ ( ৩ ) জলসিঞ্চন নলা ।

( খ ) তলৰ কোনটো অজীৱীয় সম্পদ ? 

( ১ ) বায়ু ( ২ ) গছ – গছনি  ( ৩ ) জীৱ – জন্তু ( ৪ ) ভেঁকুৰ 

উত্তৰঃ  ( ১ ) বায়ু ।

( গ ) তলৰ কোনটো অনৱীকৰণযােগ্য সম্পদ ?

 ( ১ ) বায়ু  ( ২ ) পানী ( ৩ ) শস্য ( ৪ ) কয়লা

উত্তৰঃ ( ৪ ) কয়লা ।

( ঘ ) তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী ? 

( ১ ) এশিঙীয়া গঁড় ( ২ ) নল – গাহৰি ( ৩ )জিৰাফ ( ৪ ) মিথুন 

উত্তৰঃ ( ২ ) নল – গাহৰি ।

( ঙ ) IUCN- সংস্থাটি কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত ? 

( ১ ) UNESCO ( ২ ) UNDP ( ৩ ) WWF ( 8 ) UNEP 

উত্তৰঃ ( ১ ) UNESCO ।

3 thoughts on “Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top