Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ

Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদহ্য – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ – সমাধান and select needs one.

Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ Solutions for All Subject, You can practice these here…


১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা । 

উত্তৰঃ প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবােৰেই হ’ল প্রাকৃতিক সম্পদ ই গােটা , জুলীয়া বা গেছীয় আৰু অধাত্মীয় বা ধাত্রীয় অৱস্থাত থাকিব পাৰে । প্রাকৃতিক সম্পদসমূহৰ বহুবােৰেই প্ৰকৃতিত উপলব্ধ হােৱাৰ দৰেই ব্যৱহাৰ কৰাৰ বিপৰীতে অন্য কিছুমানক বিভিন্ন উদ্যোগত কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰা হয় ।

বায়ু , পানী , সূৰ্যৰ ৰশ্মি , ভূমি , খনিজ পদার্থ , প্রাকৃতিক গেছ , উদ্ভিদ , জীৱ – জন্তু , নদ – নদী , সাগৰ মহাসাগৰ আদি হৈছে প্রাকৃতিক সম্পদৰ উদাহৰণ ।

১৩। মানব সৃষ্টসম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ মানুহে বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্রচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদবােৰেই হৈছে মানৱ সৃষ্ট সম্পদ । উদাহৰণস্বৰূপে:- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰ কৰা কাপােৰ , খাদ্য সামগ্রী , ঔষধ , কাঠৰ আচবাব , – দুৱাৰ , আকৰিকৰ পৰা সাংশ্লেষিত ধাতু আদি হৈছে মানৱ সৃষ্টি সম্পদৰ উদাহৰণ ।

১৪। নবীকৰণযােগ্য আৰু অনৱীকৰণযােগ্য সম্পদৰ মাজৰ পার্থক্য কি কি ? উদাহৰণসহ চমুকৈ আলােচনা কৰা ।

উত্তৰঃ নৱীকৰণযােগ্য আৰু অনৱীকৰণযােগ্য সম্পদৰ মাজৰ পাৰ্থক্যবােৰ হ’ল 

Class 10 Social Geography Chapter - 1 Q. No. 14
নবীকৰণযােগ্য আৰু অনৱীকৰণযােগ্য সম্পদৰ

১৫। “ সম্পদ সংৰক্ষণ ” বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়ােজনীয়তা কি ? 

উত্তৰঃ সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰােধ কৰি সৰ্বাধিক উপযােগিতা আহৰণৰ উদ্দেশ্যে সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্রক্রিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায় । সম্পদ সংৰক্ষণৰ প্রয়ােজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ’ল : 

( ক ) সীমিত সম্পদ :- প্রকৃতিয়ে যােগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যােগান সীমিত । পৃথিৱীৰ কোনাে দেশতেই সকলাে সম্পদ উপলব্ধ নহয় । সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে । মানুহে বর্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনৱীকৰণযােগ্য ।

সেয়ে সীমিত সম্পদবােৰ দীর্ঘ দিন ধৰি ব্যৱহাৰােপযােগী কৰি ৰাখিবলৈ হ’লে সেইবােৰ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে ।

( খ ) বর্ধিত জনসংখ্যা :- জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়ােজনীয়তাও বাঢ়ি আহিছে । বর্ধিত জনসংখ্যাই উপলব্ধ সম্পদ দ্রুতগতিত নিঃশেষ কৰে । আমেৰিকা , কানাডা , জাপান , জার্মানী , ইংলেণ্ড আদি দেশৰ জনসংখ্যা কম যদিও অর্থনৈতিক উন্নয়নৰ বাবে এনেবােৰ দেশৰ প্রাকৃতিক সম্পদৰ ব্যৱহাৰ অতি বেছি ।

আনকি ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশতাে কয়লা , তেল , প্রাকৃতিক গেছ , কপাৰ , আইৰণ , বক্সাইট আদি খনিজ সম্পদবােৰৰ  ব্যৱহাৰ যথেষ্ট বেছি । 

( গ ) বিপন্ন প্রজাতিৰ সংৰক্ষণ :- বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতাে উদ্ভিদ আৰু প্ৰাণীৰ প্রজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে । পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুত জন্তু যেনে – বাঘ , সিংহ , হাতী , গড় আদিৰ মুঠ সংখ্যা দ্রুতগতিত হ্রাস পাইছে ।

অসমৰ বহুতাে মূল্যবান উদ্ভিদ প্রজাতি , যেনে – সর্পগন্ধা , ছালকুঁৱৰী , কালমেঘ , অর্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে । তেনেদৰে , সােণালীবান্দৰ , হলৌবান্দৰ , বনৰীয়া মহৈ আদি জন্তুও বিপদাপন্ন হৈ পৰিছে । এনেধৰণৰ জীৱীয় সম্পদ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্রভাৱ পেলাব পাৰে ।

( ঘ ) প্ৰদূষণ নিয়ন্ত্রণ :- সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয় । ৰাসায়নিক দ্রব্য , সাৰ , যানবাহন , কীটনাশক আদিৰ ব্যৱহাৰ আৰু তেল , কয়লা , প্রাকৃতিক গেছ আদি খনিজ সম্পদবােৰৰ বর্ধিত ব্যৱহাৰে অত্যধিক মাত্রাত পৰিৱেশ প্ৰদূষিত কৰে , যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ।

গতিকে , হানিকাৰক প্ৰভাৱ হ্রাস কৰিবলৈ পৰিকল্পিতভাৱে সম্পদৰ ব্যৱহাৰ কৰা উচিত ।

১৬৷ সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতিঃ- 

( ক ) বিকল্প সম্পদৰ সন্ধান :- সম্পদৰ বহুল ব্যৱহাৰ হ্রাস কৰাৰ এটা উপায় হ’ল সমগুণসম্পন্ন বিকল্প সম্পদৰ উদ্ঘাটন । ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্রয়ােজন । বর্তমান বহুতাে বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্রী আছে ।

উদাহৰণস্বৰূপে , কপাহী সূতাৰ পৰিৱর্তে সাংশ্লেষিক আঁহ , পেট্রল বা ডিজেলৰ পৰিৱর্তে যান-বাহনত বিদ্যুতৰ ব্যৱহাৰ আদি । অনৱীকৰণযােগ্য সম্পদ যেনেঃ- কয়লা , তেল , খনিজ সম্পদ আদিৰ অত্যধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰশক্তি , জলবিদ্যুত , জৈৱ গেছ আদিব্যৱহাৰ কৰিব পাৰোঁ । 

( খ ) পুনৰাৱর্তন :- পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে বর্জিত দ্রব্যক পুনৰ ব্যৱহাৰযােগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্রাস কৰিব পাৰি । উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱর্তন । 

( গ ) অভিযােজন :- প্রয়ােজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবােৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতাে অভিযােজন প্রক্রিয়া প্রয়ােগ কৰিব পাৰি । ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্রাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায় । উদাহৰণস্বৰূপে , ৰাসায়নিক সাৰৰ পৰিৱর্তে জৈৱ সাৰৰ প্রয়ােগ । 

( ঘ ) বর্জিত দ্রব্য নিয়ন্ত্রণ :-  বর্জিত দ্রব্যবােৰ সঠিকভাৱে সংগ্রহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতাে নতুন সামগ্রী পাব পাৰি । উদাহৰণস্বৰূপে :- কাৰখানা আৰু নগৰৰ নলা – নর্দমাৰ বৰ্জিত পানীক নির্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি ।

( ঙ ) সংৰক্ষণ সম্পর্কীয় জ্ঞানৰ সম্প্ৰসাৰণ :- জন জাগৰণ , কর্মশালা , সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্ৰয়ােজনীয়তাৰ বিষয়ে সচেতন কৰিব পাৰিলে সম্পদ সংৰক্ষণত এক বৃহৎ সাফল্য লাভ কৰিব পৰা যাব । 

( চ ) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ :- সম্পদৰ সঠিক সংৰক্ষণৰ বাবে , ইয়াৰ অপব্যৱহাৰ ৰােধ কৰিবলৈ উচিত । চৰকাৰে এই আইনৰ সঠিক কার্যকৰীকৰণ হােৱাটো নিশ্চিত কৰিব লাগিব আৰু আইন ভংগীকাৰীসকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ।

( ছ ) সম্পদৰ সঠিক মূল্যায়ন :- যিকোনাে দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়ন প্রয়ােজন । যেতিয়া সংশ্লিষ্ট কতৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ’ব , তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব । 

( জ ) সম্পদসমূহৰ ভৱিষ্যত প্রয়ােজন নির্ধাৰণ :-  উপলব্ধ সম্পদৰ প্ৰসাৰতা পৰীক্ষা কৰাটোৱেই জৰুৰী নহয় , সমসাময়িকভাৱে এনে সম্পদৰ ভৱিষ্যত প্রয়ােজনীয়তাৰ গুৰুত্ব নির্ণয় কৰাটো জৰুৰী যাতে সম্পদৰ ব্যৱহাৰ , সুপৰিকল্পিতভাৱেহয় । 

S.L. No.Contents
HISTORY (ইতিহাস)
পাঠ-1বংগ বিভাজন আৰু স্বদেশী আন্দোলন
পাঠ-2মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্রাম
পাঠ-3অসমত ব্রিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্রোহ
পাঠ-4ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
পাঠ-5ভাৰত আৰু উত্তৰ – পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
GEOGRAPHY (ভূগােল)
পাঠ-1অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ
পাঠ-2পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা
পাঠ-3পৃথিৱীৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতীয় গণতন্ত্ৰ
পাঠ-2আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
পাঠ-3মুদ্রা আৰু বেংক ব্যৱস্থা
পাঠ-4অৰ্থনৈতিক উন্নয়ন

১৭৷ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ দ্রুতজনসংখ্যা বৃদ্ধি , বর্তমান মজুত থকা সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ , সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যৱহাৰৰ ফলত হােৱা বর্ধিত পাৰিপাৰ্শ্বিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতাে গুৰুত্বপূর্ণ সম্পদ নিঃশেষ হ’বলৈ ধৰিছে ।

উপযুক্ত পৰ্মিাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীৱন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনাে দেশেই উন্নতি বা প্রগতি লাভ কৰিব নােৱাৰিব ।

সেয়েহে , মজুত সম্পদসমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হােৱা পৰিৱেশ প্ৰদূষণ হ্রাস কৰাৰ  উদ্দেশ্যেৰে বহুতাে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিষ্ঠা হৈছে । এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছেঃ- 

( ক ) IUCN :- IUCN – ৰ সম্পূৰ্ণ নামটো হৈছে – International Union for Conservation of Nature ( আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ) । ১৯৪৮ চনত এই সংস্থাটোৰ গঠন হৈছিল আৰু ই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্রশংসনীয় ভূমিকা পালন কৰি আহিছে ।

UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক , বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলে ( ব্রিটিছ জীৱবিজ্ঞানী ) -এ ইয়াৰ প্রতিষ্ঠা কৰিছিল । এই সংস্থাটোৰ প্রধান লক্ষ্য হ’ল গােলকীয় প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ – বৈচিত্র্য সম্পর্কে অধ্যয়ন তথা গৱেষণা চলাই যােৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা ।

ই ৰাষ্ট্ৰসংঘৰ নির্দেশনা অনুসৰি কার্য সম্পাদন কৰে । IUCN- এ প্রতিষ্ঠা কৰা আন্তর্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্রকৃতি নিধি ( WWF for Nature ) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র । 

( খ ) পৰিৱেশ , বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্রণালয় :- ভাৰতত প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ , বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্রণালয় প্রতিষ্ঠাকৰা হৈছিল।প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্রণালয়টো দায়ৱদ্ধ ।

এই মন্ত্রণালয়ৰ অংশ হিচাপে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্র প্রতিষ্ঠান স্থাপন কৰা হয় । 

( গ ) বেচৰকাৰী প্রতিষ্ঠানসমূহ :- ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ’ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র ( চি এছ ই ) , গ্রীনপিচ ইণ্ডিয়া , ৱাইল্ড লাইফ ষ্ট্ৰাষ্ট অৱ ইণ্ডিয়া আদি। তদুপৰি , অসমতাে অসম বিজ্ঞান সমিতি , আৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ , জৈৱ – বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে । 


3 thoughts on “Class 10 Social Geography Chapter – 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top