Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল and select needs one.

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল Solutions for All Subject, You can practice these here.

প্রশ্ন ৭৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রধান উদ্যোগ অঞ্চলকেইটাৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা । তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র প্রধান উদ্যোগ অঞ্চলকেইটা হৈছে– 

( ক ) উত্তৰ – পূৱ উদ্যোগ অঞ্চল ।

( খ ) দক্ষিণ উদ্যোগিক অঞ্চল ।

( গ ) প্রশান্ত উপকূলীয় উদ্যোগ অঞ্চল । 

উত্তৰ – পূৱ উদ্যোগ অঞ্চলক পুনৰ পাঁচটা প্রধান উদ্যোগ কেন্দ্র হিচাপে চিহ্নিত কৰা হৈছে । সেয়া হৈছে –

( i ) পিটছবার্গ হুইলিং – ক্লিভলেণ্ড উদ্যোগ কেন্দ্র । 

( ii ) নিউয়ৰ্ক – ফিলাডেলফিয়া – বাল্টিমােৰ উদ্যোগ কেন্দ্র । 

( iii ) দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্র । 

( iv ) ডেট্রইট উদ্যোগ কেন্দ্র । 

( v ) দক্ষিণ মিছিগান উদ্যোগিক কেন্দ্র । 

আকৌ দক্ষিণ উদ্যোগিক অঞ্চলক পুনৰ দুটা উদ্যোগিক কেন্দ্র হিচাপে । চিহ্নিত কৰা হৈছে –

( i ) দক্ষিণ – পূর্ব উদ্যোগিক কেন্দ্র । আৰু 

( ii ) দক্ষিণ – পশ্চিম উদ্যোগিক কেন্দ্র । 

তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগিক অঞ্চলকেইটা দেখুওৱা হ’ল—

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগক অঞ্চল

 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ঔদ্যোগিক অঞ্চলটোৰ বিষয়ে আলােচনা কৰা হ’ল– দক্ষিণৰ উদ্যোগিক অঞ্চলটো টেক্সাছৰ পৰা পূৱে আটলান্টিক উপকূলৰ উত্তৰ কেৰােলিনালৈকে বিস্তৃত হৈ আছে । এই অঞ্চলত বিভিন্ন ধৰণৰ উদ্যোগ গঢ় লৈ উঠিছে । জলবিদ্যুৎ শক্তি , কয়লা , পেট্রলিয়াম , আৰু অন্যান্য খনিজ পদার্থৰ আকৰ , আপেলেছিয়ান অঞ্চলৰ বনজ সম্পদ আৰু কৃষিজাত সামগ্রী — কপাহ , ধপাত , কুঁহিয়াৰ আদিৰ ওপৰত ভিত্তি কৰি বহুতাে সৰু – ডাঙৰ উদ্যোগে গঢ়ি উঠিছে । দক্ষিণৰ উদ্যোগিক অঞ্চলক পুনৰ দক্ষিণ – পূৱ উদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ – পশ্চিম উদ্যোগিক কেন্দ্র হিচাপে চিনাক্ত কৰা হৈছে । আমেৰিকা যুক্তৰাষ্ট্রৰ দক্ষিণ – পশ্চিম উদ্যোগিক কেন্দ্ৰত জাহাজ নির্মাণ শিল্পকে ধৰি বহুতাে ডাঙৰ ডাঙৰ শিল্পদ্যোগ আছে । 

Sl. No.সূচী-পত্ৰ
প্রথম খণ্ডপ্রাকৃতিক ভূগােল
Chapter 1ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ডপাৰিৱেশিক ভূগােল
Chapter 2পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ডআঞ্চলিক ভূগােল
Chapter 3অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5জাপানৰ আঞ্চলিক ভূগােল
Chapter 6ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ডপ্রাকৃতিক ভূগােল
Chapter 7ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ৮। চমুটোকা লিখা :- 

( ক ) ৰকি পার্বত্য অঞ্চলৰ ভূ – প্রকৃতি । 

( খ ) আপেলেছিয়ান উচ্চভূমিৰ ভূ – প্রকৃতি । 

( গ ) মধ্য সমভূমি অঞ্চলৰ নদ-নদী । 

( ঘ ) আমেৰিকা যুক্তৰাষ্ট্রৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ । 

( ঙ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক বৈশিষ্ট্য । 

( চ ) আমেৰিকা যুক্তৰাষ্ট্রৰ কৃষি বলয় । 

( ছ ) আমেৰিকা যুক্তৰাষ্ট্রৰ উত্তৰ – পূৱ উদ্যোগ বলয় । 

( জ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ – পূৱ উদ্যোগ অঞ্চল । 

( ঝ ) আমেৰিকা যুক্তৰাষ্ট্রৰ শুকান কৃষি আৰু পশুপালন বলয় । 

( ঞ ) আমেৰিকা যুক্তৰাষ্ট্রৰ খনিজ সম্পদ । 

উত্তৰঃ ( ক ) ৰকি পার্বত্য অঞ্চলৰ ভূ – প্রকৃতি :- ৰকি পর্বতমালাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে ৰকি পার্বত্য অঞ্চল আৰু এই অঞ্চলৰ ভূ – প্রকৃতি আৰু গঠন প্রক্রিয়া অতিকৈ জটিল । এই পার্বত্য অঞ্চল পূৱে উচ্চ সমভূমি আৰু পশ্চিমে প্রশান্ত উপকূলৰ মাজেৰে পৰ্বত , পাহাৰ , মালভূমি , উপত্যকা , হ্রদ আদিৰে গঠিত । পার্বত্য অঞ্চলটোৰ একেবাৰে পূৱত উত্তৰ – দক্ষিণাকৈ থকা উচ্চ অংশই হৈছে ৰকি পর্বতশ্রেণী আৰু এই পর্বতত থকা শৃংগবােৰৰ উচ্চতা ঠাই বিশেষে ৪,২০০ মিটাৰতকৈও অধিক । ৰকি পার্বত্য অঞ্চলটোৰ পূৱ আৰু পশ্চিম প্রান্ত প্রায় সমান্তৰাল পর্বতশালীৰ মাজত কেইবাটাও মালভূমি আছে । এই অঞ্চলত কেইবাটাও লুনীয়া পানীৰ হ্রদ আছে আৰু ৰকি পর্বতমালাৰ পৰা কেইবাটাও সৰু বৰ নদীৰ সৃষ্টি হৈ প্রবাহিত হৈছে । কর্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পর্বতশ্রেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে । এই অঞ্চলতেই পৃথিৱীৰ বিখ্যাত কলােৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন ( Grand Canyon) আৰু মৃত উপত্যকা ( Death Valley ) আছে । 

( খ ) আপেলেছিয়ান উচ্চভূমিৰ ভূ – প্রকৃতি :- আপেলেছিয়ান উচ্চভূমিৰ ভূখণ্ড পর্বত – পাহাৰ , মালভূমি , সমভূমি , উপত্যকা আদিৰে গঠিত । এই ভূখণ্ডৰ অধিকাংশই আপেলেছিয়ান পর্বত শ্ৰেণীয়ে আগুৰি আছে আৰু ই উত্তৰে হাডছন উপত্যকা আৰু ইৰি অ’ণ্টৰিঅ ‘ হ্রদৰ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত হৈ আছে । এই উচ্চভূমি অঞ্চলৰ ভিতৰত পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী , দক্ষিণ – পশ্চিমৰ কাম্বাৰলেণ্ড মালভূমি , পূৱ দিশৰ আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা অঞ্চল , দক্ষিণ ফালে থকা ব্লুৰিজ পর্বত আৰু পূৱৰ উপকূলীয় সমভূমি অঞ্চল উল্লেখযােগ্য । আপেলেছিয়ান উচ্চভূমি অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্র ভিতৰত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয় । উচ্চভূমি অঞ্চলৰ পৰ্বত , পাহাৰ আৰু মালভূমিৰ মাজেৰে অসংখ্য সৰু – ডাঙৰ নদী প্রবাহিত হৈছে । উপকূলীয় সমতল ভূমি অঞ্চলৰ উত্তৰ অংশ অতি ঠেক আৰু দক্ষিণ অংশ 

তুলনামূলকভাবে বহল । আমেৰিকা যুক্তৰাষ্ট্রৰ কেইবাখনাে উল্লেখযােগ্য মহানগৰ এই উচ্চভূমি অঞ্চলতেই অৱস্থিত । 

( গ ) মধ্য সমভূমি অঞ্চলৰ নদ-নদী :- আমেৰিকা যুক্তৰাষ্ট্রৰ মধ্য সমভূমি অঞ্চলটো উত্তৰে বৃহৎ সৰোবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈকে বিস্তৃত । মধ্য সমভূমি অঞ্চলৰ প্রধান নদী হৈছে মিছিছিপি আৰু মিছৌৰিৰ লগতে ইয়াৰ বিভিন্ন উপনৈ । অর্থাৎ মধ্য সমভূমি অঞ্চলটো এই নদীদুখনৰ আৱবাহিকাৰ অন্তর্গত । মিছিছিপি আৰু মিছৌৰিৰ লগতে বিভিন্ন উপনৈসমূহে এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে অধিক উপযােগী কৰি তুলিছে আৰু এই অঞ্চলৰ উল্লেখযোগ্য সৰােবৰসমূহ হৈছে ছুপেৰিওৰ , মিচিগান , হুৰণ , ইৰি আদি । 

( ঘ ) আমেৰিকা যুক্তৰাষ্ট্রৰ নগৰীকৰণ আৰু প্ৰধান নগৰসমূহ :- আমেৰিকা যুক্তৰাষ্ট্ৰত শিল্প – উদ্যোগৰ প্রাধান্য অধিক হােৱা বাবে নগৰীকৰণ প্রক্রিয়া অতি খৰতকীয়া । দেশখনৰ তিনি – চতুর্থাংশ লােক উদ্যোগিক উন্নয়নৰ বাবে নগৰত বসবাস কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রধান নগৰসমূহত বৃহৎ বৃহৎ উদ্যোগ আৰু যাতায়ত – পৰিবহণৰ সুব্যবস্থা আছে বাবে দ্রুতগতিত নগৰীয়া জনসংখ্যা বৃদ্ধি পাইছে আৰু নগৰীকৰণৰ জৰিয়তে নতুন নতুন নগৰ অঞ্চল সৃষ্টি হৈছে । 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলৰ অন্তৰ্গত মহানগৰসমূহ হৈছে — ৱাছিংটন ডি . চি . , নিউইয়র্ক , বােষ্টন , ফিলাডেলফিয়া , বাল্টিমােৰ , আটলান্টা আদি । মধ্যভাগৰ সমভূমি অঞ্চলত অৱস্থিত উল্লেখযোগ্য মহানগৰসমূহ হৈছে — মিনিয়াপলিচ , চিকাগাে , কেনছাছ , ছেন্ট লুইছ , নিউ অৰলিয়েস , মিয়ামি , হষ্টন আদি আৰু ৰকি পার্বত্য অঞ্চলৰ অন্তৰ্গত প্রধান মহানগৰসমূহ হৈছে — ছিয়াটল , পাের্টলেণ্ড , ছানফ্রান্সিস্কো , লছ এঞ্জেলছ , নাছ ভেগাছ আদি ।

( ঙ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ অর্থনৈতিক বৈশিষ্ট্যঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতিত উদ্যোগৰ প্রাধান্য অধিক আৰু প্রায় সমগ্ৰ দেশখনেই উদ্যোগপ্রধান । যুক্তৰাষ্ট্রৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সর্বাধিক আৰু সেয়ে এই দেশখনে বিশ্বৰ ভিতৰত বৃহত্তম অর্থনৈতিক শক্তিৰূপে চিহ্নিত হৈছে । দেশখনৰ মুঠ জনসংখ্যাৰ পাঁচ শতাংশ লােকে কৃষিকার্যত নিয়ােজিত আৰু বাকী প্রায় ৮০ শতাংশ লােক বিভিন্ন অর্থনৈতিক কার্যৰ সৈতে জড়িত । দেশখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ ২ শতাংশ কৃষিয়ে যােগান ধৰে , ৩০ শতাংশ উদ্যোগ খণ্ডই যােগান ধৰে । আৰু বাকী ৬৮ শতাংশ ব্যৱসায় – বাণিজ্য , যােগাযােগ , পৰিবহণ আৰু অন্যান্য সেৱাই যােগান ধৰে । দেশখনৰ প্ৰায়ভাগ লােক বিভিন্ন অর্থনৈতিক খণ্ড যেনে উদ্যোগ , বাণিজ্য , কৃষিৰ লগতে মাছ ধৰা , কাঠ ফলা , পশুপালন কৰা , খনিজ দ্রব্য উদ্ঘাটন আদি কার্যত নিয়ােজিত হৈ থাকি মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰে । বর্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বছৰি জনমুৰি ৰাষ্ট্ৰীয় আয় হৈছে ৩৮,০০০ ডলাৰ । কৃষি খণ্ড আৰু প্ৰধানকৈ উদ্যোগ খণ্ডৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰই বহু দ্রব্য আন দেশলৈ ৰপ্তানি কৰে আৰু বৈদেশিক মুদ্রা আহৰণ কৰে । 

( চ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয় :- আমেৰিকা যুক্তৰাষ্ট্রৰ মুখ্য কৃষি বলয়সমূহ আটলান্টিক উপকূলৰ পৰা পশ্চিমে ১০০° পশ্চিম দ্রাঘিমা পর্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । দক্ষিণৰপৰা উত্তৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক মুঠতে ৯ টা প্রধান কৃষি বলয়ত ভাগ ‘ কৰা হৈছে । সেইবােৰ হ’ল —- ধান আৰু কুঁহিয়াৰ বলয় , কপাহ বলয় , শীতকালীন গম আৰু ধপাত বলয় , মাকৈ বলয় , বসন্তকালীন গম বলয়, উত্তৰ – পূৱ প্ৰান্তীয় মিশ্র কৃষি বলয় , শুকান কৃষি আৰু পশুপালন বলয় , ভূমধ্যসাগৰীয় কৃষি বলয় আৰু উত্তৰ – পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয় । 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ – প্রকৃতি , জলবায়ু , মাটি আদিৰ ওপৰত নিৰ্ভৰ কৰি পূৱৰ পৰা পশ্চিমলৈকে এই কৃষি বলয় কেইটা চিনাক্ত কৰা হৈছে । প্ৰতিটো বলয় বা অঞ্চলতে এবিধ বিশেষ শস্যৰ ওপৰত গুৰুত্ব প্রদান কৰি বাণিজ্যিক ভিত্তিত যান্ত্রিক পদ্ধতিৰে বিস্তৃতভাৱে কৃষিকার্য কৰা হয় । 

( ছ ) আমেৰিকা যুক্তৰাষ্ট্ৰ :- উত্তৰ – পূৱ উদ্যোগ অঞ্চল আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ – পূৱ উদ্যোগ অঞ্চলটো চুপেৰিওৰ হ্ৰদৰ দক্ষিণলৈ ছেন্ট লুইছ আৰু পূৱলৈ আটলান্টিক উপকূলত অৱস্থিত বাল্টিমােৰলৈকে বিস্তৃত । এই উদ্যোগিক অঞ্চলটো কয়লা , লাে , পেট্রলিয়ামৰ লগতে বিভিন্ন খনিজ সম্পদৰ ভঁৰালৰূপে চিহ্নিত আৰু পৰিবহণ – যােগাযােগ ব্যৱস্থাত অধিক উন্নত । আমেৰিকা যুক্তৰাষ্ট্রৰ মুঠ মাটিকালিৰ ১০ শতাংশ এই অঞ্চলটোৰ ভিতৰত পৰে আৰু ইয়াত যুক্তৰাষ্ট্রৰ প্রায় ৫০ শতাংশ লােকে বসবাস কৰে । এই অঞ্চলত দেশখনৰ প্রায় তিনি – চতুর্থাংশ উদ্যোগ আছে আৰু ইয়াত জনবসতি অত্যন্ত ঘন । উত্তৰ – পূৱ উদ্যোগ অঞ্চলত পাঁচটা প্রধান উদ্যোগিক কেন্দ্র আছে । সেয়া হৈছে — পিটছবার্গ হুইলিং – ক্লিভলেণ্ড উদ্যোগ কেন্দ্র , নিউইয়র্ক ফিলালেকিয়া – বাল্টিমােৰ উদ্যোগ কেন্দ্র , দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্র , ডেট্রইট উদ্যোগ কেন্দ্ৰ আৰু দক্ষিণ মিচিগান উদ্যোগ কেন্দ্র । এই উদ্যোগ কেন্দ্ৰসমূহত লাে – তীখা উদ্যোগ , কাচ আৰু বস্ত্রশিল্প , পেট্রলিয়াম আৰু তাম শােধনাগাৰ , চেনি আৰু ৰবৰ উদ্যোগ , ৰেল ইঞ্জিনৰ উদ্যোগ , বস্ত্র উৎপাদনৰ গা – সৰঞ্জামৰ উদ্যোগ , মটৰগাড়ী নির্মাণ উদ্যোগৰ লগতে মাংস বাণিজ্যকেন্দ্রও আছে । 

( জ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ :- আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল প্রশান্ত মহাসাগৰৰ উপকূলত অৱস্থিত ৱাশ্বিংটন , অৰিগন আৰু কেলিফোর্নিয়া ৰাজ্যকলৈ গঠিত হৈছে । এই অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সবাতােকৈ সৰু আৰু নতুনকৈ গঢ় লৈ উঠা উদ্যোগিক অঞ্চল । এই অঞ্চলত থকা উদ্যোগসমূহত দেশখনৰ প্রায় দহ শতাংশ বনুৱাই নিয়ােজিত হৈ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলত থকা দুটা প্রধান উদ্যোগ কেন্দ্ৰ হৈছে লছ এঞ্জেলছ আৰু ছান ফ্রান্সিস্কো । এই অঞ্চলত জলবিদ্যুৎ শক্তি আৰু পেট্রলিয়াম ব্যৱহাৰ কৰি লাে – তীখা , উৰাজাহাজ নির্মাণ , কাগজ উৎপাদন , বিলাতী মদ উৎপাদন আদি শিল্প – উদ্যোগ গঢ়ি উঠিছে । প্রশান্ত মহাসাগৰীয় উপকূলীয় উদ্যোগ অঞ্চলৰ অন্তৰ্গত কেলিফোর্নিয়া অঞ্চলত পৃথিৱীবিখ্যাত চিনেমা শিল্প গঢ়ি উঠিছে । 

( ঝ ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুকান কৃষি আৰু পশুপালন বলয় :- আমেৰিকা যুক্তৰাষ্ট্রৰ শুকান কৃষি আৰু পশুপালন বলয়টো মধ্য সমভূমিৰ পশ্চিম অংশ আৰু কর্ডিলেৰা অঞ্চলৰ পূৱ অংশক লৈ গঠিত । এই অঞ্চলত কম পৰিমাণৰ বৰষুণ হয় বাবে বিস্তৃত ঘাঁহনি পথাৰ থকা দেখা যায় । এই অঞ্চলৰ অন্তৰ্গত ৰাজ্যসমূহ হৈছে — টেক্সাছৰ পশ্চিম অংশ , নিউ মেক্সিকো , উটাহ , কলােৰাডাে , নেভাডা , ৱাইয়ােমিং , ইডাহাে , মন্টানা আদি । এই অঞ্চলত শুকান কৃষিৰ যােগেদি জোৱাৰ বজৰা জাতীয় শস্য , কিছু পৰিমাণে বার্লি , মাকৈ আদি শস্য জলসিঞ্চনৰ ব্যৱস্থাৰে কৰা হয় । এই অঞ্চলত বিস্তৃত ঘাঁহনি পথাৰ থকা বাবে বাণিজ্যিক ভিত্তিত পশুপালনৰ যােগেদি গাখীৰ , মাংস আৰু উল উৎপাদন কৰা হয় । 

( ঞ ) আমেৰিকা যুক্তৰাষ্ট্রৰ খনিজ সম্পদ :- আমেৰিকা যুক্তৰাষ্ট্ৰ খনিজ সম্পদত চহকী আৰু দেশখনৰ বিভিন্ন প্রস্তুত ভিন্ন প্ৰকাৰৰ খনিজ সম্পদ পােৱা যায় । দেশখনৰ উত্তৰ – পূর্ব উদ্যোগ অঞ্চল কয়লা , লাে , পেট্ৰ’লিয়াম আদি খনিজ সম্পদৰ ভঁৰাল বুলি ক’ব পাৰি । দেশখনৰ উত্তৰ আপেলেছিয়ান উচ্চভূমি অঞ্চলত কয়লা খনি আছে আৰু পেঞ্চিলভেনিয়াৰ লগতে অ’হিওক কেন্দ্ৰ কৰি কয়লা ভিত্তিক উদ্যোগ গঢ়ি উঠিছে । দক্ষিণ উদ্যোগিক অঞ্চলত সহজলভ্য খনিজ পদার্থসমূহ হৈছে কয়লা , পেট্ৰ’লিয়াম , লো , প্রাকৃতিক গেছ আদি আৰু এইবােৰৰ ওপৰত ভিত্তি কৰি লাে – তীখা উদ্যোগ , ৰেল ইঞ্জিন আৰু ডবা নির্মাণ উদ্যোগ , বিভিন্ন যন্ত্রপাতি নির্মাণ আৰু মটৰগাড়ী নির্মাণ উদ্যোগ গঢ়ি উঠিছে । যুক্ত ৰাষ্ট্ৰৰ কৰ্ডিলে বা ৰকি পার্বত্য অঞ্চলটো কয়লা , পেট্রলিয়াম , সােণ, ৰূপ , তাম আদি খনিজ সম্পদত চহকী । খনিজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত বহুতাে বৃহৎ আকাৰৰ শিল্পদ্যোগ গঢ়ি উঠিছে ।

1 thought on “Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top