Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা and select needs one.

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Solutions for All Subject, You can practice these here…

প্রশ্ন ১৭। আফ্রিকা মহাদেশ জলবায়ু আৰু জীৱন নির্বাহ প্রণালী বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ আফ্রিকা মহাদেশৰ অধিকাংশ ঠাই প্রধানকৈ ক্রান্তীয় জলবায়ু অন্তর্গত । মহাদেশখনৰ কেৱল উত্তৰ আৰু দক্ষিণ প্ৰান্তত উপক্রান্তীয় আৰু নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে । আফ্রিকা মহাদেশৰ বিযুৱীয় অঞ্চলৰ সমতল ভূমি আৰু উপকূল ভূমিত বৰষুণৰ পৰিমাণ অধিক । আনহাতে মহাদেশখনৰ মৰুভূমি অঞ্চল চাহাব , কালাহাৰী আৰু নামিৰিয়া আদিত বার্ষিক বৃষ্টিপাতৰ পৰিমাণ অতি কম্ ।

আফ্রিকা মহাদেশৰ লােকসকল অধিকাংশই কৃষি নির্ভৰশীল । নহাদেশখনৰ প্রায় ৭০ শতাংশ লােক কৃষিকাত নিয়ােজিত থাকে আৰু ইয়াৰ মুঠ বিদেশী আয়ৰ এক – তৃতীয়াংশ কৃষিৰ পৰা আহে । মহাদেশখনৰ মূল কৃষিজাত সামগ্রীসমূহ হৈছে মাকৈ , জোৱাৰ , বাজৰা , ধান , মিঠাআলু , বাদাম , কফি , চাহ , কপাহ , কুঁহিয়াৰ আদি । আফ্রিকাৰ নদী – উপত্যকা অঞ্চলসমূহ ঘন জনবসতিপূর্ণ । নদী – উপত্যকাৰ পলসুৱা সাৰুৱা মাটিত কৃষিকাৰ্যৰ জৰিয়তে এই লােকসকলে জীৱন নির্বাহ কৰে । আনহাতে মহাদেশখনৰ মৰুভূমি অঞ্চলৰ জনবসতি অতি সেৰেঙা । কৃষি তথা শিল্পোদ্যোগৰ সুবিধা নথকা আৰু বসবাসৰ অনুপযােগী বাবে মৰুভূমি অঞ্চলৰ বাসিন্দা নিচেই কম । মৰুভূমি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন নির্বাহ প্রণালী অতি কষ্টকৰ । 

প্রশ্ন ১৮। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ? সেই মহাদেশখনৰ ভৌগােলিক অৱস্থিতি সম্পর্কে দু-ষাৰ লিখা । 

উত্তৰঃ পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশখন হৈছে ওচেনিয়া মহাদেশ । এই মহাদেশখন এচিয়া মহাদেশৰ দক্ষিণ ফালে সম্পূর্ণভাৱে পৃথিৱীৰ দক্ষিণ গােলার্ধত অৱস্থিত । মহাদেশখন উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূৱ দ্রাঘিমাংশৰ পৰা পূৱে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত । মহাদেশখনৰ বৃহত্তম দেশ হৈছে অষ্ট্রেলিয়া । অষ্ট্রেলিয়াকে ধৰি নিউজিলেণ্ড , টাছমেনিয়া , নিউগিনি আৰু অন্যান্য সৰু – বৰ দ্বীপসমূহক সামৰি মহাদেশখনৰ মুঠ মাটিকালি হৈছে ৯ নিযুত বর্গ কিল’মিটাৰ । মহাদেশখনৰ উত্তৰে আছে দক্ষিণ – পূর্ব এচিয়াৰ জাভা – সুমাত্রা – ছেলেবিছ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ , দক্ষিণে আছে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা , পূৱ দিশত আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিম দিশত আছে ভাৰত মহাসাগৰ । অর্থাৎ ওচেনিয়া মহাদেশৰ মূল ভূ – খণ্ড অষ্ট্রেলিয়া । এটা প্রাচীন মালভূমি আৰু ইয়াৰ মাজভাগৰ পৰা পশ্চিম ফালে এক বিস্তৃত মৰুভূমি অঞ্চল আছে । 

প্রশ্ন ১৯। চমুটৈাকা লিখা : 

( ক ) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ ।

( খ ) নিৰক্ষীয় প্রাকৃতিক অঞ্চল ।

( গ ) ভূমধ্যসাগৰীয় প্রাকৃতিক অঞ্চল ।

( ঘ ) মৌচুমী অঞ্চল ।

( ঙ ) এচিয়া মহাদেশৰ ভূ – প্রকৃতি আৰু জলবায়ু । 

( চ ) তুন্দ্রা অঞ্চল ।

( ছ ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ । 

( জ ) ক্রান্তীয় তৃণভূমি অঞ্চল ।

( ঝ ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল ।

( ঞ ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল ।

উত্তৰঃ ( ক ) পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ :- পৃথিৱীৰ প্ৰধান ঘাঁহনি অঞ্চলসমূহ উত্তৰ আমেৰিকাৰ মধ্যাংশ ,ইউৰােপৰ পূৱ অংশ , এচিয়াৰ মধ্যাংশ , আর্জেন্টিনা , দক্ষিণ আফ্রিকাৰ কিছু অংশ আৰু অষ্ট্রেলিয়াৰ কিছু কিছু অংশত আছে । বিভিন্ন অঞ্চলত অৱস্থিত ঘাঁহনি অঞ্চলসমূহক বিভিন্ন নামেৰে জনা যায় । এচিয়া আৰু ইউৰােপ মহাদেশত এনে ঘাঁহনি অঞ্চলক ষ্টেছ ( Stepps ) নামে জনা যায় , উত্তৰ আমেৰিকাত প্রেইৰি ( Prairies ) , দক্ষিণ আমেৰিকাৰ আর্জেন্টিনাত পম্পাছ ( Pampas ) , দক্ষিণ আফ্রিকাত ভেল্ড ( Veld ) আৰু অষ্ট্রেলিয়াত ডাউনচ ( Downs) নামে জনা যায় । দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অবিনিক ’ নদীৰ অৱবাহিকাত লামােজ নামে ঘাঁহনি অঞ্চল আছে আৰু দক্ষিণৰ পাৰাগুৱে নদীৰ অৱবাহিকাত কম্পােজ আৰু পাৰাণী নদীৰ অৱবাহিকাত গ্রোনচাকো নামৰ বিখ্যাত ঘাঁহনি অঞ্চল আছে । ঘাঁহনি অঞ্চলত বসবাস কৰা লােকসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন । ঘাঁহনি অঞ্চলক কেন্দ্ৰ কৰি দুগ্ধ শিল্পও গঢ়ি উঠিছে আৰু চামৰ উদ্যোগ তথা নােমৰ পৰা উণ উৎপাদন সহজ হৈছে । 

( খ ) নিৰক্ষীয় প্রাকৃতিক অঞ্চল :- নিৰক্ষীয় প্রাকৃতিক অঞ্চল বিষুৱৰ দুই কাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত । এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ । নিৰক্ষীয় প্রাকৃতিক অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে , সেয়ে অঞ্চলটোত দিন – ৰাতি আৰু গ্ৰীষ্ম – শীত কালৰ উত্তাপৰ তাৰতম্য নিচেই কম হয় । এই অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° ছেলছিয়াচ । নিৰক্ষীয় প্রাকৃতিক অঞ্চলত অতিমাত্ৰা বৰষুণ হয় আৰু ইয়াত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰ । সমগ্ৰ নিৰক্ষীয় প্রাকৃতিক অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা আৰু তাত নানাবিধ লতাৰ লগতে সৰু সৰু জোপােহা বন দেখা যায় । এই অঞ্চলটোত গােটেই বছৰ জুৰি অতিপাত গৰম থাকে আৰু বৃষ্টিপাতৰ পৰিমাণ অধিক হােৱাৰ বাবে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাস উপযােগী নহয় । নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ আন্তর্গত ঠাইসমূহ হৈছে — দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা , আফ্রিকাৰ কংগাে নদীৰ অৱবাহিকা , পশ্চিম আফ্রিকাৰ গিনি উপকূল , দক্ষিণ – পূর্ব এচিয়াৰ মালয়েছীয় উপদ্বীপ আৰু ইণ্ডোনেছিয়াৰ লগতে ফিলিপাইন দ্বীপপুঞ্জ । 

( গ ) ভূমধ্যসাগৰীয় প্রাকৃতিক অঞ্চল :-  ভূমধ্য সাগৰৰ দাঁতিকাষৰীয়া অঞ্চলকেই ভূমধ্যসাগৰীয় প্রাকৃতিক অঞ্চল বােলা হয় । মধ্য অক্ষাংশত অৱস্থিত মহাদেশৰ পশ্চিম প্রান্তীয় আৰু ক্রান্তীয় মৰু অঞ্চলৰ উত্তৰ অংশৰ ঠাইবােৰত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে । এই অঞ্চলত গ্রীষ্মকাল উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা হয় । এই অঞ্চলত গ্রীষ্মকাল কিছু দীঘল আৰু শীতকালত কিছু পৰিমাণে বৰষুণ হয় । অঞ্চলটোত বছৰটোৰ গড় উষ্ণতা ৮ ৰ পৰা ২৫° ছেলছিয়াচৰ ভিতৰত থাকে । অঞ্চলটোৰ প্ৰধান প্রাকৃতিক উদ্ভিদ হৈছে চিৰ সেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি । ভূমধ্যসাগৰৰ কাষৰীয়া দক্ষিণ ইউৰােপ , দক্ষিণ – পশ্চিম এচিয়া আৰু আফ্রিকাৰ উত্তৰ অংশক লৈ ভূ-মধ্য সাগৰীয় প্রাকৃতিক অঞ্চলটো গঠিত হৈছে । আকৌ উত্তৰ আমেৰিকাৰ উপকূল বর্তী কেলিফর্নিয়া , দক্ষিণ আমেৰিকাৰ মধ্য চিলি , দক্ষিণ আফ্রিকাৰ কেপ উপকূল আৰু অষ্ট্রেলিয়াৰ দক্ষিণ – পশ্চিম উপকূল অংশ ভূ-মধ্য সাগৰীয় প্রাকৃতিক অঞ্চলৰ ভিতৰত পৰে । এই অঞ্চলৰ মানুহৰ জীৱিকা নির্বাহৰ প্রধান উৎস হৈছে কৃষি । অঞ্চলটোৰ সমভূমিবােৰৰ মাটিভাগ সাৰুৱা বাবে তাত প্ৰচুৰ পৰিমাণে কৃষিজাত সামগ্ৰী আৰু ফল – মূল উৎপাদন হয় । প্ৰচুৰ পৰিমাণে উৎপাদিত ফল বিশেষকৈ আঙুৰৰ পৰা বিভিন্ন প্ৰকাৰৰ মদ প্রস্তুত কৰা হয় আৰু এইবােৰ অঞ্চলটো অর্থনৈতিক দিশত আগবঢ়াত সহায়ক হৈছে । 

( ঘ ) মৌচুমী অঞ্চল :- নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ , উত্তৰে ১০° ৰ পৰা ৩০° উত্তৰ অকাংশ আৰু দক্ষিণে ১০° ৰপৰা ৩০° দক্ষিণ অক্ষাংশলৈকে মৌচুমী অঞ্চল ( Monsoon Region ) বিস্তৃত । মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত ঠাইসমূহ মৌচুমী অঞ্চলৰ অন্তৰ্গত । মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে ঋতু পৰিৱৰ্তন -— অর্থাৎ উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল , ঠাণ্ডা আৰু শুকান শীতকাল । এই অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপ পার্থক্য হৈছে ১৫° ছেলছিয়াচ আৰু বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেণ্টিমিটাৰ । অঞ্চলটোত পর্ণপাতী উদ্ভিদ অধিক পৰিমাণে জন্মে । ভাৰতবর্ষকে ধৰি দক্ষিণ এচিয়া , দণি – পূর্ব এচিয়া , অস্ট্রেলিয়াৰ উত্তৰ পূৱ অংশ , আফ্রিকাৰ পূৱ অংশ , ব্রাজিলৰ পূৱ অংশ , মধ্য আমেৰিকা আদি অঞ্চল মৌচুমী প্রাকৃতিক অঞ্চলৰ ভিতৰত পৰে । অঞ্চলটোৰ জনসাধাৰণৰ জীৱন নির্বাহৰ প্রধান অৱলম্বন হৈছে কৃষি আৰু ইয়াৰ নদী উপত্যকাসমূহত যথেষ্ট পৰিমাণে কৃষি উৎপাদন হয় । গৰম আৰু সেমেকা জলবায়ুৰ লগতে ঋতু পৰিৱৰ্তনৰ বাবে অঞ্চটো নানাবিধ শস্য উৎপাদনৰ বাবে উপযােগী আৰু সেয়ে অঞ্চলটো ঘন জনবসতিপূর্ণ । 

( ঙ ) এচিয়া মহাদেশৰ ভূ – প্রকৃতি আৰু জলবায়ু :- এচিয়া মহাদেশখন ভিন্ন প্রকাৰৰ ভূ – প্রকৃতিৰে পৰিপূৰ্ণ । মহাশখন সুউচ্চ পর্বতশ্রেণী , মালভূমি , নদী – উপত্যকা , নিম্নভূমি , উপকূলীয় সমভূমি , দ্বীপ আৰু মৰুভূমি আদিয়ে আৱৰি আছে । মহাদেশখনৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা আৰু ইয়াত অৱস্থিত উল্লেখযােগ্য পর্বতমালা হৈছে — ইউৰাল পর্বতমালা , হিমালয় পর্বতমালা , কাৰাকোৰাম পর্বতমালা , আৰাৱলী পর্বত আদি । মহাদেশখনৰ প্ৰধান মালভূমিসমূহ হৈছে — তিব্বত মালভূমি , পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি , ছাইবেৰিয়া , মালভূমি , মংগােলীয় মালভূমি , দাক্ষিণাত্য মালভূমি আৰু ইৰাণ মালভূমি । মহদেশখনত বহুতাে ভাঙৰ ডাঙৰ নৈ আৰু ব – দ্বীপ আছে আৰু লগতে বহুকেইখন উল্লেখযােগ্য মৰুভূমি এচিয়া মহাদেশতেই অৱস্থিত । এচিয়া মহাদেশত বিৰাজ কৰা প্রধান জলবায়ুৰ প্ৰকাৰসমূহ হৈছে— নৈৰক্ষিক জলবায়ু , ক্রান্তীয় মৌচুমী জলবায়ু , মেৰু জলবায় , নাতিশীতোষ্ণু জলবায়ু আৰু মেৰুদেশীয় জলবায় । অর্থাৎ মহাদেশখনত সকলাে প্ৰকাৰৰ জলবায়ু বিৰাজ কৰে । 

( চ ) তুন্দ্রা অঞ্চল :- মেৰুদেশীয় তুন্দ্রা অঞ্চলটো উত্তৰ গােলার্ধৰ অন্তৰ্গত সুমেৰু বৃত্তৰ উত্তৰে অৱস্থিত । তুন্দ্রা অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে অতিপাত ঠাণ্ডা জলবায়ু । এই অঞ্চলৰ গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া । গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০ – ১০° ছেলছিয়াচৰ ভিতৰত থাকে আৰু শীতকালৰ উষ্ণতা – ১৮° ছেলছিয়াচলৈ হ্রাস পায় । তুন্দ্রা অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু অঞ্চলটো অধিকাংশ সময় বৰফেৰে আবৃত হৈ থাকে । তুন্দ্রা অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে গ্রীণলেণ্ড , উত্তৰ গােলার্ধৰ এচিয়া , ইউৰােপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰী অঞ্চল আৰু দক্ষিণ গােলার্ধৰ এন্টার্কটিকা আৰু ছাইবেৰিয়াৰ বিস্তীর্ণ এলেকা । তুন্দ্রা অঞ্চলত অতিপাত শীতল জলবায়ুৰ বাবে জীৱকা নির্বাহ অতি কষ্টকৰ আৰু ইয়াৰ অধিবাসীসকলে অঘৰী জীৱন যাপন কৰে । এই অঞ্চলৰ লােকসকলে জীৱ – জন্তু চিকাৰ আৰু সাগৰৰ পৰা মাছ সংগ্রহ কৰি জীৱন যাপন কৰে । শীতকালত ইয়াৰ লােকসকলে বৰফৰ দ্বাৰা নির্মিত ইগলু ( Igloo ) নামৰ ঘৰত বাস কৰে । সম্প্রতি কানাডা , আমেৰিকা যুক্তৰাষ্ট্ৰ , ৰাচিয়া আদি উন্নত দেশসমূহৰ সতে এই অঞ্চলৰ লোকসকল যােগাযােগ হােৱাত তেওঁলােকৰ জীৱন প্রণালী কিছু পৰিৱৰ্তন হৈছে । আলস্কাত পেট্রলিয়াম আৰু সােণ , লাব্রাডােৰত লাে আৰু ছাইবেৰিয়াত নিকেল আৱিষ্কাৰ হােৱাত তুন্দ্রা অঞ্চলত বহুতাে স্থায়ী বসতি গঢ়ি উঠিছে । তুন্দ্রা অঞ্চলৰ লােকসকলৰ যাতায়ত প্রধান আহিলা হৈছে কুকুৰে টনা শ্লেজ গাড়ী । সম্প্রতি উত্তৰ গোলার্ধৰ তুন্দ্রা অঞ্চলটো অর্থনৈতিক দিশত অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে । 

( ছ ) পৃথিৱীৰ জনসংখ্যা আৰু ইয়াৰ বিতৰণ :- ২০০৭ চনৰ এক আনুমানিক তথ্য সৰি পৃথিৱীৰ মুঠ জনসংখ্যা হৈছে ৬৬২ কোটি । পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশ লােক কেবল উত্তৰ গােলার্ধত বসবাস কৰে । পৃথিৱীৰ ভূ – প্রকৃতি , জলবায়ু , মাটি , উদ্ভিদ , জীৱ – জন্তু আদিৰ বৈশিষ্ট্য ঠাইভেদে ভিন্ন হােৱা বাবে জনসংখ্যাৰ বিতৰণ সকলাে ঠাইতে সমান নহয় । পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৬০৫ শতাংশ কেবল এচিয়া মহাদেশতে আছে । পৃথিৱীৰ অনুকূল প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদেৰে পৰিপূৰ্ণ অঞ্চলবােৰ অর্থনেতিক ভাৱে আগবঢ়া আৰু সেয়ে জনবসতি অধিক । 

আনহাতে প্রতিকূল প্রাকৃতিক পৰিৱেশ আৰু প্রয়ােজনীয় প্রাকৃতিক সম্পদৰ অভাৱ থকা পৃথিৱীৰ বহুতাে অঞ্চল অর্থনৈতিকভাৱে অনগ্ৰসৰ আৰু জনবসতি সেৰেঙা । যিবােৰ অঞ্চলত কৃষি কাৰ্যৰ বিশেষ সুবিধা নাই আৰু জলবায়ু বসবাসৰ বাবে উপযােগী নহয় আৰু জনা বাৰণৰ জীৱন নির্বাহ অতি কষ্টকৰ তেনেবােৰ ঠাইত জনবসতি পাতল । 

আনহাতে সাৰুৱা ভূমি থকা নদী উপকাৰ সমভূমি অঞ্চল কৃষিকার্যৰ বাবে অধিক উপযােগী আৰু যাতীত – পৰিবহণৰ সুব্যবস্থা আছে , তেনেবােৰ ঠাইত শিল্প – উদ্যোগ গঢ়ি উঠাত সহজ হয় আৰু তেনেবােৰ ঠাইত জনবসতি ঘন হয় । এনেদৰে ভিন্ন ভূ – প্রাকৃতিক কাৰকৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত জনবসতিৰ পার্থক্য পৰিলক্ষিত হয় । 

( জ ) ক্রান্তীয় তৃণভূমি অঞ্চল :- ক্রান্তীয় তৃণভূমি অঞ্চল ক্রান্তীয় বলয়ত অৱস্থিত মহাদেশৰ অন্তর্গত । দক্ষিণ আমেৰিকা , আফ্রিকা আৰু অষ্ট্রেলিয়া মহাদেশত ক্রান্তীয় তৃণভূমি অঞ্চল ১০° -২৫° উত্তৰ আৰু দক্ষিণ অক্ষাংশলৈ বিস্তৃত হৈ আছে । ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান আৰু দীঘলীয়া শীতকাল । এই অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয় । অঞ্চলটোৰ বছৰটোত বৰষুণৰ পৰিমাণ ২৫ ৰ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে । এই অঞ্চলত তিনি মিটাৰ পর্যন্ত ওখ ঘাঁহ জাতীয় উদ্ভিদে বিস্তৃত ঘাহনিৰ সৃষ্টি কৰে আৰু এই  ঘাঁহনিক ছাভানা ( Sayannah ) বুলি জনা যায় । 

দক্ষিণ আফ্রিকাৰ ব্রাজিল উচ্চভূমি , অৰিনিক নদীৰ অৱবাহিকা , আফ্রিকাৰ জাইৰে অৱবাহিকাৰ উত্তৰ আৰু দক্ষিণ অংশ , পূৱ আফ্রিকাৰ উচ্চভূমি আৰু অষ্ট্রেলিয়াৰ উত্তৰ অংশ ক্রান্তীয় তৃণভূমি অঞ্চলৰ ভিতৰত পৰে । এই তৃণভূমি অঞ্চল বিস্তৃত ঘাঁহনিৰ বাবে পশুপালনৰ অধিক উপযােগী , সেয়ে অঞ্চলটোৰ অধিকাংশ ঠাইতে বাণিজ্যিক ভিত্তিত গৰু , মহ , ভেৰা আৰু ছাগলী পােহা হয় । অঞ্চলটোৰ অধিকাংশ লােকে পশুপালন আৰু চিকাৰ কৰি জীৱন নির্বাহ কৰাৰ লগতে কিছু অংশত কৃষিকার্যও কৰে । অঞ্চলটো যাতায়ত আৰু যােগাযােগ ব্যৱস্থাত অধিক পিছপৰা বাবে জনবসতি পাতল । 

( ঝ ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল :- পৃথিৱীৰ মহাদেশসমূহৰ পশ্চিম প্রান্তত ক্রান্তীয় উষ্ণ মৰু অঞ্চল অৱস্থিত আৰু অঞ্চলটো ২৩ .৫° উত্তৰ কৰ্কটক্রান্তি আৰু ২৩.৫° দক্ষিণ মকৰক্ৰান্তি কাষৰীয়া অঞ্চললৈকে বিস্তৃত । এই অঞ্চলৰ জলবায়ু সদায়ে উষ্ণ আৰু শুকান আৰু দিন – ৰাতিৰ উষ্ণতাৰ তাৰতম্য অধিক । অঞ্চলটোত গ্রীষ্মকালত দিনৰ ভাগত উত্তাপ ৪৫° ছেলছিয়াচলৈ বৃদ্ধি পায় আৰু বছৰি গড় বৰষুণৰ পৰিমাণ মাত্র ২০ ৰ পৰা ২৫ ছেণ্টিমিটাৰৰ ভিতৰত থাকে । বৰষুণৰ অভাৱত এই অঞ্চলটোৰ কিছু অংশত চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে । অঞ্চলটোৰ মৰুভূমিত থকা মৰুদ্যানবােৰত খেজুৰ জাতীয় উদ্ভিদ জন্মে । ক্রান্তীয় মৰু অঞ্চলৰ অন্তৰ্গত দেশসমূহ হৈছে — এচিয়াৰ আৰৱ , ইৰাণ , আফগানিস্তান , সিন্ধুৰ মৰুময় অঞ্চল , ভাৰতবৰ্ষৰ থৰ মৰুভূমি , আফ্রিকাৰ ছাহাৰা আৰু কালাহাৰী , দক্ষিণ আমেৰিকাৰ আটাকামা আৰু অস্ট্রেলিয়াৰ বৃহৎ মৰুভূমি অঞ্চল । মৰু অঞ্চলৰ অধিকাংশ ঠাই জনবসতিহীন । মৰুভূমিৰ অধিবাসীসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্রহ আৰু বনৰীয়া জীৱ – জন্তু চিকাৰ কৰি জীৱন নির্বাহ কৰে । সম্প্রতি মৰুভূমি অঞ্চলত নলী , নদী – উপত্যকা আৰু জলসিঞ্চনৰ যােগেদি কৃষিকাৰ্যৰ সামান্য বিকাশ হৈছে । 

( ঞ ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল :- শীতল সৰলবর্গীয় অৰণ্য অঞ্চল উত্তৰ গােলার্ধৰ ৫০°-৭০° ° অক্ষাংশৰ মাজত বিস্তৃত । এই অঞ্চলৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত । শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা হােৱাৰ লগতে গ্রীষ্মকালত উত্তাপ গড়ে ১৫° ছেলছিয়াচলৈ বৃদ্ধি পায় । এই অঞ্চলত শীতকালত উষ্ণতা হ্রাস পােৱাৰ ফলত বৰফ পৰে । অঞ্চলটোত শীতকালতকৈ গ্রীষ্মকাল চুটি হয় আৰু গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় । শীতল আৰু শুকান জলবায়ুৰ বাবে এই অৰণ্য অঞ্চল চিৰসেউজীয়া সৰলবগীয় গছ – গছনিৰে ভৰা । এই অঞ্চল ইউৰােপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূৱে প্রশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলাস্কাৰ পৰা পূৱে আটলান্টিকাৰ উপকূললৈকে বিস্তৃত । ইউৰোপ , এচিয়া মহাদেশ আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ অঞ্চল এই সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ অন্তর্গত । 

এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে অনুপযােগী । ইয়াৰ বাসিন্দাসকলে জন্তু চিকাৰ আৰু অৰণ্যৰ পৰা কাঠ সংগ্রহ কৰিয়েই জীবিকা নির্বাহ কৰে । ইউৰােপৰ নৰৱে , ফিনলেণ্ড , ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু তাৰপৰ কাগজ তৈয়াৰ কৰি সম্প্রতি অর্থনৈতিক দিশত কিছু অগ্ৰসৰ হৈছে । বর্তমান এনে অঞ্চলত নানা প্রকাৰৰ খনিজ দ্রব্য আবিষ্কাৰ হােৱাত তাত বহুতো শিল্পদ্যোগ গঢ়ি উঠিছে আৰু অর্থনৈতিকভাৱে যথেষ্ট আগবাঢ়িছে । শীতল সৰলবগীয় অৰণ্য অঞ্চল বসবাসৰ অনুপযােগী বলে তাত জনবসতি অতি সেৰেঙা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top