Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা and select needs one.

Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Solutions for All Subject, You can practice these here…

প্রশ্ন ৯। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্রণালীৰ এটি বর্ণনা দিয়া । 

উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বসবাস কৰা মানুহৰ জীৱন প্ৰণালীৰ বিষয়ে তলত আলােচনা কৰা হ’ল— 

( ক ) নিৰক্ষীয় অঞ্চলত অতিপাত গৰম আৰু বৰষুণ হােৱাৰ বাবে এই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বিশেষ উপযােগী নহয় । এনে অঞ্চলত মানুহৰ জীৱন নির্বাহ অতি কষ্টকৰ আৰু জনবসতি তেনেই পাতল । এই অঞ্চলৰ লােকসকলে চিকাৰ কৰি , মাছ ধৰি আৰু অৰণ্যৰ পৰা খাদ্য সংগ্রহ কৰি জীৱন নির্বাহ কৰে । কোনাে কোনাে ঠাইত ঝুম খেতিৰ জৰিয়তে আলুজাতীয় শস্য আৰু কল উৎপাদন কৰে । 

মৌচুমী অঞ্চলৰ জনসাধাৰণৰ প্ৰধান বৃত্তি হৈছে কৃষি । নদী – উপত্যকা বােৰৰ কৃষিভূমি সাৰুৱা হােৱা বাবে কৃষি উৎপাদন যথেষ্ট বেছি আৰু এই অঞ্চল শস্য উৎপাদনৰ বাবে অধিক উপযােগী । এই অঞ্চলত ধান , ঘেঁহু , কুঁহিয়াৰ , কপাহ , মৰাপাট , তৈলবীজ আদিৰ খেতি কৰা হয় । কৃষি তথা বিজ্ঞান – প্রযুক্তিৰ বিকাশৰ লগে লগে এই অঞ্চলৰ অর্থনৈতিক উন্নতি হােৱা দেখা গৈছে । 

ক্রান্তীয় তৃণভূমি অঞ্চল পশুপালনৰ বাবে অধিক উপযােগী আৰু এই অঞ্চলৰ লােকসকলে বাণিজ্যিক ভিত্তিত গৰু , ঘোঁৰা , মহ , ভেড়া আৰু ছাগলী পালন কৰে । এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান বৃত্তি হৈছে পশুপালন , চিকাৰ কৰা আৰু কম পৰিমাণে কৃষিকার্য । কৃষিকাৰ্যৰ উপযুক্ত সা – সুবিধা নথকা বাবে এই অঞ্চলৰ জনবসতি সেৰেঙা । 

ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ বাসিন্দাসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্রহ আৰু বনৰীয়া জীৱ – জন্তু চিকাৰ কৰি জীৱন নির্বাহ কৰে । কোনাে কোনাে অঞ্চলত লােকসকলে পশুপালন কৰিও জীৱন নির্বাহ কৰে । 

ভূমধ্য সাগৰীয় অঞ্চলৰ লােকসকলৰ জীৱিকাৰ প্রধান উৎস হৈছে কৃষি । এই অঞ্চলত শীতকালীন বৰষুণ আৰু জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্রকাৰৰ শস্য উৎপাদন হয় । এই অঞ্চলত প্ৰচুৰ পৰিমাণে ফল মূল উৎপাদন হয় আৰু ইয়াৰ ওপৰত ভিত্তি কৰি বহুতো উদ্যোগে গঢ় লৈ উঠিছে । এই অঞ্চলটো অর্থনৈতিক দিশত আগবঢ়া বাবে জনবসতি ঘন হােৱা দেখা যায় । 

মধ্য অক্ষাংশীয় মৰু তঞ্চলৰ কিছু অংশত যাযাবৰ পশুপালক শ্রেণীৰ লােকে বাস কৰে । এই অঞ্চলত কোনাে স্থায়ী বাসিন্দা নাই । সম্প্রতি জলসিঞ্চনৰ জৰিয়তে কোনাে কোনো ঠাইত কৃষিকার্য কৰা হয় যদিও সি সন্তোষজনক নহয় । 

মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলৰ লােকসকলে প্রধানকৈ কৃকিার্যৰ জৰিয়তে জীৱন নির্বাহ কৰে । এই অঞ্চলত গহন খেতি ( intensive cultivation ) আৰু বিস্তৃত খেতি ( extensive cultivation ) কৰা হয় । অঞ্চলটোত কৃষিকাৰ্যৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালনো কৰা হয় । অঞ্চলটো ঘন জনবসতিপূর্ণ । 

মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অধিবাসীসকলে প্রধানকৈ পশুপালনৰ জৰিয়তে জীৱন নির্বাহ কৰে । এই অঞ্চলৰ লােকসকলৰ অধিকাংশ অঘৰী আদিবাসী । সম্প্রতি এই অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয় । আৰু পশুপালনৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্প গঢ়াৰ লগতে ভেড়াৰ নােমৰ পৰা উণ উৎপাদন কৰা হয় । এই অঞ্চলৰ জনবসতি বৰ সেৰেঙা । 

শীতল সৰলবর্গীয় অঞ্চলৰ লােকসকলে জন্তু চিকাৰ আৰু অৰণ্যৰ কাঠ সংগ্রহ কৰিয়েই জীবন নির্বাহ কৰে । সম্প্রতি এই অঞ্চলত কিছু পৰিমাণে খনিজ দ্রব্য আবিষ্কাৰ হােৱা বাবে বহুতাে শিল্প কেন্দ্র গঢ়ি উঠিছে আৰু লােকসকলে কম – বেছি পৰিমাণে কৃষিকাৰ্যৰ লগতে ভেড়া পালন কৰিবলৈ লৈছে । 

শীতল মেৰু অঞ্চলৰ লােকসকলৰ জীৱন নির্বাহ পদ্ধতি অতি কষ্টকৰ । এই অঞ্চলৰ লােকসকলে অঘৰী জীৱন যাপন কৰে আৰু জীৱ – জন্তু চিকাৰৰ লগতে সাগৰৰ পৰা মাছ সংগ্রহ কৰি পেট প্ৰৱর্তায় । অঞ্চলটো অতি শীতল হােৱা বাবে জনবসতি অতি সেৰেঙা । 

উচ্চ পার্বত্য অঞ্চলৰ লােকসকলৰ জীৱন ধাৰণ প্ৰণালী অতি কষ্টকৰ । এই অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি হৈছে কাঠৰ ব্যৱসায় আৰু পশুপালন । পার্বত্য অঞ্চলৰ বাসিন্দাসকলে ঝুম পদ্ধতিৰে কৃষিকার্য কৰে । পার্বত্য অঞ্চলৰ জনবসতি অতিকৈ পাতল । 

প্রশ্ন ১০। পৃথিৱীত মহাদেশ কেইখন আৰু কি কি ? প্ৰতিখন মহাদেশৰে এটি চমু ভৌগােলিক পৰিচয় দাঙি ধৰা । 

উত্তৰঃ পৃথিৱীৰ মহাদেশ সাতখন । সেইবােৰ হৈছে– 

( i ) এচিয়া মহাদেশ ।

( ii ) আফ্রিকা মহাদেশ ।

( iii ) ইউৰােপ মহাদেশ ।

( iv ) উত্তৰ আমেৰিকা মহাদেশ ।

( v ) দক্ষিণ আমেৰিকা মহাদেশ ।

( vi ) ওচেনিয়া মহাদেশ ।

( vii ) এন্টার্কটিকা মহাদেশ ।

তলত প্ৰতিখন মহাদেশৰে চমু ভৌগােলিক পৰিচয় দিয়া হ’ল— 

( ক ) এচিয়া মহাদেশখন উত্তৰ গােলার্ধত অৱস্থিত । মহাদেশখন দক্ষিণে ১ উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূৱে ২৫° পূৱ দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত । এচিয়া মহাদেশখন উত্তৰ – দক্ষিণাকৈ প্রায় ৮৪০০ কিল’মিটাৰ আৰু পূৱা – পশ্চিমাকৈ প্রায় ৯৬০০ কিলমিটাৰ বিস্তৃত । মহাদেশখনৰ উপকূলৰ দৈর্ঘ্য প্রায় ৫৮,০০০ কিল’মিটাৰ । এশিয়া মহাদেশৰ উত্তৰে আছে উত্তৰ মহাসাগৰ , পূৱ দিশত আছে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ , দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত আছে লােহিত সাগৰ , ছুৱেজ খাল , ভূমধ্যসাগৰ , ককেছাছ পর্বত , কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতমালা । 

( খ ) আফ্রিকা মহাদেশখন উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪ দক্ষিণ অক্ষাংশ আৰু পূৱে ৫১° পূর্ব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত । আফ্রিকা মহাদেশৰ উত্তৰে আছে ভূমধ্যসাগৰ , দক্ষিণে দক্ষিণ মহাসাগৰ , পূৱ দিশত আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত আছে আটলান্টিক মহাসাগৰ । মহাদেশখনৰ উপকূল ৰেখা প্রায় ৩০ হাজাৰ কিল’মিটাৰ দীঘল আৰু মহাদেশখনৰ অধিকাংশই বৃহৎ মালভূমি । 

( গ ) ইউৰােপ মহাদেশখন উত্তৰ গােলার্ধত অৱস্থিত । মহাদেশখন দক্ষিণে ৩৬° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ১০° পশ্চিম দ্রাঘিমাংশৰ পৰা পূৱে ৬৫° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত । মহাদেশখনৰ মাটিকালি ১০.৯ নিযুত বর্গ কিল’মিটাৰ । ইউৰােপ মহাদেশৰ পূৱ দিশত আছে এচিয়া মহাদেশ , পশ্চিমে আটলান্টিক মহাসাগৰ , উত্তৰে উত্তৰ মহাসাগৰ আৰু দক্ষিণে ভূমধ্যসাগৰ , কাস্পিয়ান সাগৰ আৰু কৃষ্ণসাগৰ আছে । মহাদেশখনৰ মূল ভূখণ্ডৰ উপকূলৰ দৈর্ঘ্য ৩৮ হাজাৰ কিল’মিটাৰ । 

( ঘ ) উত্তৰ আমেৰিকা মহাদেশখন উত্তৰ গােলার্ধত অৱস্থিত আৰু ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গ কিল’মিটাৰ । মহাদেশখন দক্ষিণে ২° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূৱে ৫০° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত । উত্তৰ আমেৰিকা মহাদেশখন পূর্ব – পশ্চিমাকৈ ৪৯০০ কিল’মিটাৰ আৰু উত্তৰা- দক্ষিণাকৈ ৯৬০০ কিলমিটাৰ দীঘল । মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ , দক্ষিণে দক্ষিণ আমেৰিকা , মেক্সিকো উপসাগৰ আৰু প্রশান্ত মহাসাগৰ , পূৱে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে আছে বেৰিং সাগৰ, বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ । 

( ঙ ) দক্ষিণ আমেৰিকা মহাদেশখন উত্তৰে ১২° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দক্ষিণ অক্ষাংশ আৰু পূৱে ৩৫° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ৮১° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত । মহাদেশখনৰ উত্তৰ অংশ অতি বহল আৰু দক্ষিণ অংশ বৰ ঠেক । মহাদেশখনৰ মুঠ মাটিকালি ১৮ নিযুত বর্গ কিল’মিটাৰ । মহাদেশখন উত্তৰা – দক্ষিণাকে প্রায় ৭৫০০ কিল’মিটাৰ আৰু পূৱা – পশ্চিমাকৈ প্রায় ৫১০০ কিল’মিটাৰ দীঘল । মহাদেশখনৰ উত্তৰে আছে উত্তৰ আমেৰিকা , কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ ; দক্ষিণে আছে দক্ষিণ মহাসাগৰ , পশ্চিমে প্রশান্ত মহাসাগৰ আৰু পূৱে আছে আটলান্টিক মহাসাগৰ ।

( চ ) ওচেনিয়া মহাদেশখন , এচিয়া মহাদেশৰ দক্ষিণে পৃথিৱীৰ দক্ষিণ গােলার্ধত অৱস্থিত । মহাদেশখন উত্তৰে ০° নিৰক্ষীয় ৰেখাৰপৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশৰ পৰা পূর্বে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত । ওচেনিয়া মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৯. নিযুত বর্গ কিল’মিটাৰ । মহাদেশখনৰ উত্তৰে আছে দক্ষিণ – পূৱ এচিয়াৰ জাভা – সুমাত্রা – ছেলেবিচ দ্বীপসমূহৰ লগতে প্রশান্ত মহাসাগৰ , দক্ষিণে আছে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা , পূৱ দিশত আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিম দিশত ভাৰত মহাসাগৰ আছে । 

প্রশ্ন ১১। পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন ? সেই মহাদেশখনৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশখন হৈছে এচিয়া মহাদেশ । ২০০৭ বৰ্ষৰ এক তথ্যমতে এচিয়া মহাদেশৰ জনসংখ্যা ৪০১ কোটি , অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ তিনি – পঞ্চমাংশ এচিয়া মহাদেশত কাছে । 

ভূ – প্রাকৃতিক বিভিন্নতাৰ বাবে এচিয়া মহাদেশৰ জনসংখ্যাৰ বিতৰণ সমান নহয় । মহাদেশখনৰ চাৰি ভাগৰ তিনি অংশ জনসংখ্যা দক্ষিণ , দক্ষিণ – পূৱ আৰু পূৱৰ ক্রান্তীয় আৰু উপক্রান্তীয় মৌচুমী অঞ্চলত বসবাস কৰে । মহাদেশখনৰ ৪১ শতাংশ লােক নগৰত বাস কৰে । এচিয়া মহাদেশৰ মুঠ জনসংখ্যাৰ ৬১ শতাংশ লােক ভাৰতবর্ষ আৰু চীন দেশত বসবাস কৰে । 

এচিয়া মহাদেশ প্রাকৃতিক সম্পদত চহকী আৰু সেয়ে মহাদেশখনৰ অর্থনীতি কৃষিৰ ওপৰত নিৰ্ভৰশীল । এচিয়া মহাদেশৰ প্রাকৃতিক সম্পদৰ ভিতৰত বনজ সম্পদ , খনিজ সম্পদ আৰু কৃষিজ সম্পদেই প্রাধন । এচিয়া মহাদেশত উৎপন্ন হােৱা প্রধান শস্যসমূহ হৈছে— ধান , ঘেঁহু , কঁহিয়াৰ , ধপাত , কপাহ , চাহ , ৰবৰ , কফি ইত্যাদি । খনিজ সম্পদৰ ভিতৰত পেট্ৰ’লিয়াম , কয়লা , প্রাকৃতিক গেছ , লাে , মেংগানিজ আদি উল্লেখযােগ্য । সম্প্রতি বনজ আৰু খনিজ সম্পদৰ ওপৰত ভিত্তি কৰি এচিয়া মহাদেশৰ কেইবাখানাে দেশে শিল্পদ্যোগত অগ্রগতি লাভ কৰিছে আৰু উদ্যোগ উৎপাদিত সামগ্ৰীৰে বজাৰ ভৰি পৰিছে । উদ্যোগৰ পৰিমাণ বৃদ্ধি পােৱাৰ লগে লগে নগৰৰ সংখ্যা বৃদ্ধি পাইছে আৰু জনসাধাৰণক নগৰমুখী কৰি তুলিছে । 

প্রশ্ন ১১। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন ? এই মহাদেশখনৰ ভূ – প্রকৃতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এচিয়া মহাদেশ । মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বর্গ কিল’মিটাৰ । মহাদেশখন পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ আৱৰি আছে । 

এচিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী , মালভূমি , নদী – উপত্যকা , নিম্নভূমি , উপকূলীয় সমভূমি , দ্বীপ , মৰুভূমি আদিয়ে আৱৰি আছে । মহাদেশখনৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা । মহাদেশখনৰ পশ্চিম সীমাত উত্তৰা – দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা , মধ্যাংশত হিমালয় পর্বতমালা , কাকোৰাম পর্বতমালা , আৰাৱলী পর্বতমালা আদি বিশেষ উল্লেখযােগ্য । মহাদেশখনৰ প্ৰধান মালভূমিসমূহ হৈছে — তিব্বত মালভূমি , পৃথিবীৰ উচ্চতম পামিৰ মালভূমি , ছাইবেৰিয়া মালভূমি , মংগােলীয়া মালভূমি , ইৰাণ মালভূমি , দাক্ষিণাত্য মালভূমি আদি । 

এচিয়া মহাদেশৰ প্ৰধান সমভূমিসমূহ হৈছে — সিন্ধু নদীৰ সমভূমি , গংগা আৰু ব্রহ্মপুত্র নদীৰ সমভূমি অঞ্চল , ওব , ইয়েনিছি আৰু লেনা নদীৰ সমভূমি অঞ্চল , আমু , হােৱাংহ , ইয়াং চিকিয়াং আৰু মেকং নদীৰ সমভূমি অঞ্চল আৰু মহানদী , গােদাবৰী , কৃষ্ণা , কাবেৰী , মেনাম , ইৰাবতী , মেকং আদি নৈৰ সমভূমি অঞ্চল । এচিয়া মহাদেশৰ প্ৰধান দ্বীপসমূহ হৈছে –জাপান , টাইন , ফিলিপাইন , জাভা , চুমাত্রা , বর্ণিও , ছিলিবিছ , আন্দামান নিকোবৰ , শ্রীলংকা , লক্ষদ্বীপ , মালদ্বীপ, বাহৰেইন আদি । এচিয়া মহাদেশত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয় । মহাদেশখনত বিৰাজ কৰা জলবায়ুৰ প্ৰকাৰসমূহ হৈছে — নৈৰক্ষিক জলবায়ু , ক্রান্তীয় মৌচুমী জলবায়ু , ক্রান্তীয় মৰু জলবায়ু , নাতিশীতােষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু । এনেদৰে এচিয়া মহাদেশখনত ভূ – প্রকৃতিৰ ভিন্নতা পৰিলক্ষিত হয় । 

প্রশ্ন ১৩। ইউৰােপ মহাদেশৰ ভৌগােলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ ইউৰােপ মহাদেশখন এচিয়াৰ উত্তৰ – পশ্চিম সীমাত অৱস্থিত আৰু মহাদেশখনৰ মাটিকালি ১০.৯ নিযুত বর্গ কিলমিটাৰ । মহাদেশখনৰ তিনিটা ফাল সাগৰ – মহাসাগৰে আৱৰি আছে । 

ইউৰােপ মহাদেশৰ ভূ – প্রাকৃতিক গঠন অতি বৈচিত্র্যময় আৰু ইয়াক ভূ- প্রকৃতিৰ ক্ষেত্ৰত দুভাগত ভগাব পাৰি । মহাদেশখনৰ উত্তৰ অংশটো পশ্চিমৰ ফ্রান্স উপকূলৰ পৰা পূৱত ইউৰাল পর্বত শ্রেণীলৈকে প্রায় সমতল ভূমি , আৰু দক্ষিণ অংশটো মালভূমি , পর্বত – পাহাৰেৰে পৰিপূর্ণ । ইউৰােপ মহাদেশৰ দক্ষিণাংশত থকা উল্লেখযােগ্য পর্বত শ্রেণী হৈছে— আল্প , পাইৰেনিজ , কার্পেথিয়ান আৰু ককেচাচ । মহাদেশখনৰ উল্লেখনীয় নদ-নদী সমূহ হৈছে — এলব্রো , ৰােন আৰু ছেইন , বাইন , এম্বে , ওডাৰ , ভিষ্টুলা , ডানিয়ুব , বেলাৰুচ , নিপা , পাে , থেম , ডন , ভল্লা আদি । ইউৰােপ মহাদেশৰ অধিকাংশ ঠাই নাতিশীতােষ্ণ জলবায়ুৰ অন্তৰ্গত । মহাদেশখনৰ গড় উষ্ণতা শীতকালত ০° ছেলছিয়াচৰ পৰা গ্রীষ্মকালি ২০° ছেলছিয়াচৰ ভিতৰত থাকে । মহাদেশখনৰ বার্ষিক গড় বৰষুণ প্রায় ১০০ ছে.মি .। ইউৰােপ মহাদেশৰ উত্তৰ প্ৰান্তত মেৰুদেশীয় জলবায়ু আৰু পূৱ অংশত শীতকালত যথেষ্ট হিমপাত হয় । 

আকৌ মহাদেশখনৰ দক্ষিণ প্ৰান্তৰ ভূমধ্যসাগৰীয় অঞ্চলত গ্রীষ্মকাল উষ্ণ আৰু শুকান হয় আৰু শীতকাল ঠাণ্ডা আৰু আড্র হয় । মহাদেশখনৰ ভূ – অৱয়ব , মৃত্তিকা আৰু জলবায়ু কৃষিৰ বাবে অধিক উপযােগী হােৱা বাবে প্রায় ৫০ শতাংশ মাটিত কৃষিকার্য কৰা হয় । মহাদেশখনৰ উত্তৰাংশত অৱস্থিত ঠাইসমূহত মেৰুদেশীয় জলবায়ু বিৰাজ কৰে আৰু এই অঞ্চলত বার্লি , ৰাই , ঘাঁহ আদি উৎপাদিত হয় । 

Sl. No.সূচী-পত্ৰ
প্রথম খণ্ডপ্রাকৃতিক ভূগােল
Chapter 1ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ডপাৰিৱেশিক ভূগােল
Chapter 2পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ডআঞ্চলিক ভূগােল
Chapter 3অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5জাপানৰ আঞ্চলিক ভূগােল
Chapter 6ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ডপ্রাকৃতিক ভূগােল
Chapter 7ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ১৪। উত্তৰ আমেৰিকা মহাদেশৰ ভূ – প্রকৃতি আৰু খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ উত্তৰ আমেৰিকা মহাদেশখন উত্তৰ গােলার্ধত অৱস্থিত আৰু ইয়াৰ মাটিকালি ২৪.৩ নিযুত বর্গ কিল’মিটাৰ ৷ মহাদেশখন শীতল উত্তৰ মেৰু – অঞ্চলৰ পৰা বিষুৱীয় উষ্ণ অঞ্চললৈকে বিস্তৃত । 

উত্তৰ আমেৰিকা মহাদেশখন ভূ – প্রাকৃতিক বৈষম্যৰে পৰিপূর্ণ । মহাদেশখনৰ পশ্চিম অংশ আৰু পূৱ অংশ উত্তৰ – দক্ষিণাকৈ পর্বত পাহাৰে ভৰি আছে আৰু বাকী অংশ উচ্চ আৰু নিম্ন সমতল ভূমিৰে আৱৰা । মহাদেশখনক প্ৰধানকৈ চাৰিটা ভূ – প্রকৃতিক ভাগত বিভক্ত কৰা হয় । সেয়া হৈছে— 

( ক ) ৰকি পার্বত্য অঞ্চল ।

( খ ) বিশাল উচ্চ সমভূমি অঞ্চল ।

( গ ) আপেলেছিয়ান উচ্চভূমি অঞ্চল । আৰু 

( ঘ ) উপকূলীয় সমতল ভূমি অঞ্চল । 

মহাদেশখনৰ ৰকি বাপত্য অঞ্চলটো ব্রুক্স ৰেঞ্জ , আলস্ক , পর্বতশ্রেণী , মেকেঞ্জি , কষ্টৰেঞ্জ , কাস্কেড তাদি বহুতাে পর্বত শ্রেণীৰ সমষ্টি । মহাদেশখনৰ পূৱ অংশত বিস্তৃত পর্বত – পাহাৰ , ঠেক উপত্যকা , ভগ্ন মালভূমি আদি আছে আৰু বকি পর্বতমালাৰ পূৱে বিস্তৃত ক্ষয়জাত মালভূমি আৰু পলসুৱা সমভূমি অঞ্চল আছে । মহাদেশখনৰ আপেলেচিয়ান উচ্চভূমিৰ পূৱে আৰু উত্তৰে এক বিস্তৃত উপকূলীয় সমতল অঞ্চল আছে । মহাদেশখনত কেইবাখনাে বিশাল নদীৰ মােহনাৰ লগতে বহুতাে জলাহভূমি আৰু অৰণ্য আছে আৰু মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ – পূৱ অংশত অসংখ্য সৰু – বৰ দ্বীপ আছে । উত্তৰ আমেৰিকা মহাদেশখনত বহুতাে উল্লেখযোগ্য  নদ-নদী আৰু হ্রদ আছে । জলবায়ুৰ ফালৰপৰা মহাদেশখনৰ দক্ষিণ অংশত উষ্ণ আৰু সেমেকা নৈৰক্ষিক তথা ক্রান্তীয় জলবায়ু বিৰাজ কৰে আৰু উত্তৰ অংশত শীতল মেৰুদেশীয় জলবায়ু বিৰাজ কৰে । 

উত্তৰ আমেৰিকা মহাদেশখন খনিজ সম্পদ আৰু অর্থনৈতিক উন্নয়ন অধিক উন্নত । মহাদেশখনৰ উপকূলীয় সমভূমি অঞ্চলটোত অধিক পৰিমাণে খনিজ তেল , প্রাকৃতিক গেছ , লৱণ আদি পােৱা যায় । মহাদেশখনত লো, নিকেল , ক’বাল্ট , মাইকা আদি খনিজ সম্পদ পােৱাৰ লগতে কানাডা , যুক্তৰাষ্ট্ৰ আৰু মেক্সিকোত প্ৰচুৰ পৰিমাণে কয়লা , পেট্রলিয়াম আৰু প্রাকৃতিক গেছ উৎপাদন হয় । খনিজ সম্পদৰ প্রাচুর্যতাৰ ওপৰৰ ভিত্তি কৰি বহুতাে উদ্যোগ গঢ়ি উঠিছে আৰু মহাদেশখনৰ কানাডা দেশখনে এই ক্ষেত্ৰত জলবিদ্যুৎ শক্তি উৎপাদনত যথেষ্ট অগ্রগতি লাভ কৰিছে । 

প্রশ্ন ১৫। দক্ষিণ আমেৰিকা মহাদেশৰ নদ – নদী আৰু উদ্ভিদৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰ । দক্ষিণ আমেৰিকা মহাদেশখন উত্তৰ আমেৰিকাৰ দক্ষিণ দিশত অৱস্থিত । দক্ষিণ আমেৰিকা মহাদেশত থকা নদ – নদীসমূহ হৈছে অৰিনিক ‘ , আমাজান , পাৰাণা , পাৰাগুৱে আৰু উৰুৱে নদী । দক্ষিণ আমেৰিকা মহাদেশত ভিন্ন প্ৰকাৰৰ উদ্ভিদ পােৱা যায় । মহাদেশখনৰ সমভূমিৰ উত্তৰাংশৰ অৰিনিক ’ অৱবাহিকাত লানােজ নামৰ ঘাঁহনি আছে , মধ্যাংশৰ নৈৰক্ষিক জলবায়ুৰ অন্তৰ্গত আমাজান নদীৰ অৱবাহিকাত ছেলভা নামৰ অটব্য অৰণ্য আছে । মহাদেশখনৰ দক্ষিণৰ পাৰাগুৱে – পাৰণা আৰু গােদাবৰী , কৃষ্ণা , কাবেৰী , মেনাম , ইৰাবতী আদি । 

আফ্রিকা মহাদেশৰ নীল নদী , কংগাে ( জায়ৰে ) , নাইজাৰ , জেম্বেজি , অ’ৰেঞ্জ , লিম্পােপপা , ভােল্টা , চেনেগাল । 

ইউৰোপ মহাদেশৰ – এলব্ৰু , ৰোন , ছেইন , ৰাইন , এলে , ওডাৰ , ভিষ্টলা , ডানিয়ুব , বেলাৰুচ , নিপাৰ , পাে , থেমচু , ডন , ভল্লা আৰু ইউৰাল । 

উত্তৰ আমেৰিকা মহাদেশৰ — মিছৌৰি , মিছিছিপি , যুকুম , মেকেঞ্জি , ৰিওগেণ্ডে , ৰেড , আৰকানচাচ , কোলেৰাডাে , কোলাম্বিয়া , স্নেক , ওহিঅ ’ , টেনেছি , হাডচন , চেন্ট লৰেন্স । 

দক্ষিণ আমেৰিকাৰ — অনিক , আমাজান , পাৰাণা , পাবাগুৱে , উৰুগুৱে । 

গােদাবৰী , কৃষ্ণা ,কাবেৰী , মেনাম , ইৰাবতী আদি । আফ্রিকা মহাদেশৰ –নীল নদী , কংগাে ( জায়ৰে ) , নাইজাৰ , জেম্বেজি , অ’ৰেঞ্জ, লিষ্পেপাে , ভােল্টা , চেনেগাল । ইউৰােপ মহাদেশৰ – এলব্ৰু , ৰোন , ছেইন , ৰাইন , এম্বে , ওডাৰ , ভিলা , ডানিয়ুব , বেলাৰুচ , নিপাৰ , পাে , থেমচ , ডন , ভল্লা আৰু ইউৰাল । 

উত্তৰ আমেৰিকা মহাদেশৰ — মিছৌৰি , মিছিছিপি , য়ুকুম , মেকেঞ্জি , ৰিওগেণ্ডে , ৰেড় , আৰকানচাছ , কোলেডাে , কোলাম্বিয়া , স্নেক , ওহিঅ ’ , টেনেছি , হাডচন , চেন্ট লৰেন্স । 

দক্ষিণ আমেৰিকাৰ অৰিনিক , আমাজান , পাৰাণা , পাৰাগুৱে , উৰুগুৱে । 

ওচেনিয়া মহাদেশৰ মুৰে , ডালিং , বেলিয়াণ্ডো , ফিট্ৰঞ্জৰয় , ফ্লিণ্ডাৰ্ছ , ভিক্টোৰিয়া , ছােৱান আদি । 

See Next Page No Below…

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top