Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা

Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা The answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 10 Geography Elective Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা and select needs one.

Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 10 Geography Elective Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা Solutions for All Subject, You can practice these here…

প্রশ্ন ১৪। গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ’ব পৰা সমস্যাবােৰৰ এটি আভাস দিয়া । 

উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত জলবায়ুৰ ধৰ্মৰ আমূল পৰিৱর্তন ঘটিব আৰু জীৱজগতৰ ওপৰত ইয়াৰ ভিন্নসুৰী প্ৰভাৱ পৰিব । গােলকীয় উত্তাপ বৃদ্ধিয়ে মেৰু অঞ্চলত বছৰ বছৰ ধৰি জমা হৈ থকা বৰফস্থূপৰ গলন ক্রিয়া আৰম্ভ কৰাব আৰু সুয়াে মেৰু অঞ্চলত জমা হৈ থকা ডাঠ বৰফবােৰ গলিবলৈ ল’ব । বৰফ গলাৰ ফলত সাগৰ – মহাসাগৰত পানীৰ পৰিমাণ বৃদ্ধি পাব , আৰু সমুদ্রপৃষ্ঠ ক্রমে ওপৰলৈ উঠি আহিব । ইয়ে বহুতাে জনবসতিপূর্ণ সামুদ্রিক দ্বীপ , ব – দ্বীপ আৰু প্রবাল দ্বীপক জলমগ্ন কৰিব । 

গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত কৃষিৰ ব্যাপক পৰিৱর্তন সাধন হ’ব বহু ঠাইত শস্যৰ উৎপাদন হাস পাই দুর্ভিক্ষ হ’ব । উত্তাপ বৃদ্ধিৰ ফলত শুকান পৰিৱেশৰ সৃষ্টি হ’ব আৰু ইয়ে শস্যৰ উৎপাদনত বেয়াকৈ ক্ষতি কৰিব । বৰ্তমানৰ হাৰত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পাই থাকিলে অর্ধ – মৰু অঞ্চলবােৰৰ অৱস্থা , অধিক ভয়াবহ হ’ব আৰু দুর্ভিক্ষগ্রস্থ লােকসকল আন ঠাইলৈ প্ৰব্ৰজন হ’বলৈ বাধ্য হ’ব । তাৰােপৰি গােলকীয় উত্তাপ বৃদ্ধিয়ে বায়ুমণ্ডলৰ ওপৰত প্রত্যক্ষ প্রভাৱ বিস্তাৰ কৰিব । মৰুভূমিৰ কাষৰ ঠাইবােৰত উদ্ভিদৰ পৰিমাণ হ্রাস পাব আৰু বহুতাে অৰণ্য ঘাঁহনিলৈ ৰূপান্তৰিত হ’ব । পার্বত্য অঞ্চলবােৰতাে গােলকীয় উত্তাপ বৃদ্ধিয়ে উদ্ভিদৰ বিৰণত প্ৰভাৱ পেলাব । পৰ্বতৰ উচ্চাংশত থকা হিমবাহবােৰ গলি যােৱাৰ পাছত পৰিৱেশৰ এক বিশেষ পৰিৱৰ্তন ঘটিব । 

প্রশ্ন ১৫৷ গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কর্তব্য সম্বন্ধে চমুকৈ লিখা । 

উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে মানুহৰ কৰণীয় বহুত আছে । গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ হ’লে অধিক হাৰত বৃক্ষৰােপণৰ প্রয়ােজন । মানুহে হাবি – বননি ধংস কার্য বন্ধ কৰি বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড গেছৰ পৰিমাণ কমাব পাৰে । তাৰােপৰি যানবাহন তথা ৰন্ধন কার্যত খনিজ ইন্ধনৰ পৰিৱর্তে সৌৰ শক্তি ব্যৱহাৰ কৰিলেও গােলকীয় উত্তাপ হ্রাস পাব । শিল্পদ্যোগবোৰ জনবসতি অঞ্চলৰপৰা যথেষ্ট আঁতৰত স্থাপন কৰা প্রয়ােজন । কাৰণ উদ্যোগবােৰৰ পৰা ওলােৱা ধোঁৱা আৰু বর্জিত পদার্থই বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে । বায়ুমণ্ডলত কার্বন ডাই – অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে সূৰ্যৰপৰা বিকিৰিত ৰশ্মিয়ে কুঁৱলী আৰু কার্বন ডাই – অক্সাইডৰ তৰপ ভেদ কৰি ওলাই যাব নােৱাৰে আৰু ইয়াৰ ফলত পৰিৱেশৰ উষ্ণতা বাঢ়ে । সেয়ে গােলকীয় উত্তাপ নিয়ন্ত্রণ কৰিবলৈ হ’লে সেউজীয়া গছ – গছনিৰ পৰিমাণ বৃদ্ধি কৰাটো প্রয়ােজন আৰু পৰিৱেশক অনিষ্ট কৰিব পৰা সকলাে কার্য বন্ধ কৰাটো আৱশ্যক । 

প্রশ্ন ১৬। সেউজগৃহ গেছ কেইটামানৰ নাম লিখা । 

উত্তৰঃ কেইটামান সেউজগৃহ গেছ হৈছে — কার্বন ডাই – অক্সাইড (CO₂ ) , মিথেন ( CH₄ ) , নাইট্রাছ অক্সাইড ( N₂O ) , ক্ল’ৰফুৰ’কার্বন ( CFC ) , অ’জন গেছ ( O₃ ) , ছালফাৰ ডাই – অক্সাইড ( SO₂ ) আদি । 

Sl. No.সূচী-পত্ৰ
প্রথম খণ্ডপ্রাকৃতিক ভূগােল
Chapter 1ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ডপাৰিৱেশিক ভূগােল
Chapter 2পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ডআঞ্চলিক ভূগােল
Chapter 3অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5জাপানৰ আঞ্চলিক ভূগােল
Chapter 6ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ডপ্রাকৃতিক ভূগােল
Chapter 7ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ১৭। বায়ু প্ৰদূষণ বুলিলে কি বুজা ? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ? 

উত্তৰঃ মানুহৰ কার্যকলাপৰ ফলত বা আন কোনাে প্রাকৃতিক কাৰণত বায়ুত থকা গেছবােৰৰ অনুপাত বিঘ্নিত হয় নাইবা বায়ুত কিছুমান অবাঞ্ছিত গেছৰ অথবা অন্যান্য পদাৰ্থৰ মাত্রা সর্বাপেক্ষা বাঢ়ি যায় আৰু ই মানুহ , আন জীৱ – জন্তুৰ লগতে উদ্ভিদৰ বাবে ক্ষতিকাৰক হয় , তেনে বায়ু দূষিত বায়ু বােলা হয় আৰু যি পদ্ধতিত বায়ু দূষিত হয় তাক বায়ু প্রদূষণ বােলে । অর্থাৎ প্রাকৃতিক প্রক্রিয়া কিছুমানৰ লগতে মানুহৰ কার্যাৱলীয়ে বায়ু প্ৰদূষিত কৰে । বায়ু প্ৰদূষণ বুলিলে সাধাৰণতে মানুহৰ কার্যৰ ফলত বায়ু দূষিত হােৱালৈকে বুজায় । বায়ু প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হৈছে— 

( i ) উদ্যোগিক প্ৰদূষণ কাৰক ( Industrial Pollutants )

( ii ) যানবাহনৰ পৰা নিৰ্গত প্ৰদূষক ( Automobile Exhausts ) 

( iii ) ইন্ধনৰ দহন ( Burning of Fuel ) 

( iv ) কৃষিকার্য ( Agricultural Activities ) 

( v ) তেজষ্ক্ৰিয় পদাৰ্থ ( Padio – active elements ) আৰু

( vi ) আগ্নেয়গিৰি উদগীৰণৰ দ্বাৰা ( Volcano erruption ) 

নানা ধৰণৰ কল – কাৰখানা বায়ু প্ৰদূষণৰ প্রধান উৎস । বিভিন্ন উদ্যোগৰ পৰা নির্গত হােৱা কার্বন মনক্সাইড ( CO₂ ) , কার্বন ডাই – অক্সাইড ( CO₂ ), ছালফাৰ ডাই – অক্সাইড ( SO , ) , হাইড্রজেন ছালফাইড ( H₂S ) আৰু হাইড্র’কার্বন আদি গেছে বায়ু প্ৰদূষিত কৰে । তাপ বিদ্যুৎ কেন্দ্র তথা শােধনাগাৰ আদিত ব্যৱহাৰ কৰা কয়লা , পেট্রলিয়াম আদি দহনৰ ফলত এই গেছসমূহৰ সৃষ্টি হৈ বায়ু দূষিত কৰে । গাড়ীমটৰ , ৰেলগাড়ী আদিৰ পৰা নির্গত হােৱা ধােৱাই বায়ু প্ৰদূষিত কৰে মানুহে দৈনন্দিন ৰন্ধন কার্য তথা আন বিভিন্ন কামত কেৰাচিন , খৰি , কয়লা আদি ব্যৱহাৰ কৰে । 

এই পদার্থবােৰ দহনৰ ফলত কার্বন মন’ক্সাইড , কার্বন ডাই – অক্সাইড , মিথেন , ছালফাৰ ডাই – অক্সাইড আৰু ছাই সৃষ্টি হয় আৰু এইবােৰে বায়ুমণ্ডল দূষিত কৰে । কৃষিকার্যত ব্যৱহাৰ কৰা নানাধৰণৰ ৰাসায়নিক সাৰ , কীটনাশক দৰব আদিয়ে বায়ুমণ্ডল প্ৰদূষিত কৰে । কীটনাশক দৰব দিব পৰা অর্গেনিক ফছফেট , ক্ল’ৰিণযুক্ত হাইড্র’কার্বন , আর্ঘেনিক সীহ আদি ওলাই বায়ুৰ সৈতে মিহলি হৈ বায়ু দূষিত কৰে । তাৰােপৰি বৈজ্ঞানিক পৰীক্ষা বা সংঘৰ্ষৰ ফলত , ঘটোৱা আণাৱক বা পাৰমাণৱিক বিস্ফোৰণে বায়ুমণ্ডলক দূষিত কৰে । এনেদৰে বিভিন্ন উৎসৰ পৰা নিৰ্গত হােৱা প্ৰদূষকে বায়ু প্ৰদূষিত কৰে । 

প্রশ্ন ১৮। বায়ু প্ৰদূষণে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা । 

উত্তৰঃ বায়ু প্ৰদূষণে বিভিন্ন প্রকাৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে । সেইবােৰ হৈছে প্ৰধানকৈ–

( i ) বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যৰ ক্ষতি সাধন কৰে । 

( ii ) বায়ু প্ৰদূষণে জলবায়ুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে । 

বায়ুমণ্ডল অত্যাধিক পৰিমাণে ছালফাৰ ডাই – অক্সাইড আৰু নাইট্রজেন ডাই অক্সাইড জমা হ’লে এচিড বৰষুণ ( Acid rain ) ৰ সৃষ্টি কৰে । পৰিৱেশত হালফাৰ ডাই – অক্সাইড গেছৰ মাত্রা বাঢ়ি গ’লে ই পানীৰ সৈতে মিহলি হৈ ছালফিউৰিক এছিড সৃষ্টি কৰে আৰু এচিড বৰষুণ হয় । বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পালে সূর্যৰ পৰা বিকিৰিত ৰশ্মি CO₂গেছৰ তৰপ ভেদ কৰি ওলাই যাব নােৱাৰাৰ ফলত পৰিৱেশৰ উষ্ণতা বাড়ে , যি জীৱ – জন্তুৰ বাবে অধিক ক্ষতিকাৰক । 

( iii ) উদ্ভিদৰ পাতত জমা হােৱা ধূলি – ধােৱা আদিৰ তৰপৰ বাবে সালােক সংশ্লেষণ কার্য ব্যাহত হয় । 

( iv ) ধূলি , বালি , কয়লাৰ গুৰি আদি পৰিৱেশত থকা বায়ুমণ্ডলৰ পৰা আহি ঘৰৰ আছবাব পত্ৰত জমা হৈ অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে । হালফাৰ ডাই – অক্সাইড গেছে ঘৰৰ পকীবেৰ , ৰং আদি নষ্ট কৰে । কয়লা দহনৰ ফলত সৃষ্টি হােৱা ছালফাৰ ডাই – অক্সাইড ( SO₂) গেছে চকুৰ ৰােগ , ডিঙিৰ ৰোগ , শ্বাস – প্রশ্বাসত ব্যাঘাত আদি বিভিন্ন ৰােগৰ সৃষ্টি কৰে । বিভিন্ন উৎসৰ পৰা সৃষ্টি হােৱা কার্বন ডাই – অক্সাইড গেছে পৃথিৱীৰ , উষ্ণতা বৃদ্ধি কৰাৰ লগতে হাওফঁওৰ ৰােগৰ সৃষ্টি কৰে । উদ্যোগবােৰৰ পৰা নির্গত হােবা বিভিন্ন পদার্থই মানুহৰ স্বাস্থ্যৰ অধিক ক্ষতি কৰে । 

এনেদৰে বায়ু প্ৰদূষণে বিভিন্ন সমস্যাৰ সৃষ্টি কৰি জীৱজগৰৰ ক্ষতিসাধন কৰে ।

প্রশ্ন ১৯। পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ কোনাে প্রাকৃতিক কাৰণত বা মানুহৰ কার্যকলাপৰ ফলত জৈৱ , অজৈৱ আৰু অনুজৈৱিক কাৰকবােৰৰ প্ৰভাৱত পানীৰ সাধাৰণ গুণা-গুণ বিনষ্ট হৈ মানুহৰ গ্ৰহণৰ অনুপযােগী হােৱাকে পানী প্ৰদূষিত হােৱা বুলি কোৱা হয় । পানী প্ৰদূষিত হােৱাৰ বিভিন্ন উৎস হৈছে— 

( i ) উদ্যোগজনিত প্ৰদূষণ ( Industrial Pollutants ) 

( ii ) নর্দমা নিষ্কাশিত পদার্থৰ দ্বাৰা প্ৰদূষণ ( Sewage Pollution ) 

( iii ) কীটনাশক দৰব তথা ৰাসায়নিক সাৰৰ দ্বাৰা প্ৰদূষণ ( Insecti cide and Fertilizer Pollution ) 

( iv ) মানুহৰ দ্বাৰা প্ৰদূষণ ( Pollution by Man ) 

( v ) যানবাহনৰ দ্বাৰা প্ৰদূষণ ( Automobile Pollution ) আৰু

( vi ) তেজস্ক্রিয় পদার্থৰ দ্বাৰ প্ৰদূষণ ( Radio – active Pollution ) । 

উদ্যোগিক অপদ্রব্য , ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব প্রয়োগ কৰা কৃষিক্ষেত্র , খনিজ পদার্থৰ উদ্ঘাটন ক্ষেত্র , পেলনীয়া দ্রব্য নিষ্কাশন আদিৰ পৰা অধিক পৰিমাণে পানী প্ৰদূষিত হয় । দুর্ঘটনাৰ ফলত তেজস্ক্রিয় পদাৰ্থৰ প্ৰসাৰণ ঘটিলেও পানী প্রদৃষিত হয় । সাগৰত চলাচল কৰা তেলবাহী জাহাজৰপৰা তেল নির্গত হৈও পানী দূষিত হয় । শিল্প উদ্যোগৰ পৰা বাহিৰ হােৱা আৱৰ্জনা আৰু ৰাসায়নিক পদার্থৰ লগতে নগৰ অঞ্চলৰ বৃহৎ পৰিমাণৰ পেলনীয়া দ্রব্যই খাল – বিল , নদ – নদীৰ পানী প্রদৃষিত কৰে । গাওঁ তথা শহৰাঞ্চলৰ লােকে নদী , পুখুৰী আদিত গা ধােৱা , কাপােৰ ধােৱা আদি কাৰ্যৰ ফলত নানা ধৰণৰ জীৱাণু আৰু ৰাসায়নিক পদার্থ পানীত মিহলি হৈ পানী দূষিত কৰে । 

পানী প্ৰদূষণৰ পৰা মানুহ তথা জীৱ – জন্তুৰ অশেষ ক্ষতি সাধন হয় । দূষিত পানীত নানা ধৰণৰ ৰােগ সৃষ্টিকাৰী বেক্টেৰিয়া থাকে । পানীৰ দ্বাৰা সংক্রমিত প্রধান ৰোগসমূহ হৈছে — টাইফয়েড় জ্বৰ , কলেৰা , আমাশয় আদি । পানীত দ্রবীভূত হৈ থকা আৰ্চেনিক , সীহ আদি পদার্থ প্রাণীৰ বাবে অতি ক্ষতিকাৰক । পেট্রল জাতীয় সামগ্রী তথা তেলবাহী জাহাজবােৰৰ পৰা নিঃসৃত হােৱা তেলে সাগৰীয় জীৱ – জন্তুৰ বিস্তৰ ক্ষতিসাধন কৰে পানীত দ্রবীভূত নােহােৱা ডি.ডি.টি , ( DDT ) জাতীয় কীটনাশক পদার্থ জীৱৰ দেহত জমা হৈ ক্ষতি কৰে । এনেদৰে বিভিন্ন কাৰণত সংঘটিত হােৱা পানী প্রদূষণে মানুহৰ বিভিন্ন বেমাৰৰ সৃষ্টি কৰাৰ লগতে কৃষিভূমিৰ উৎপাদিকা শক্তি হ্রাস কৰে । 

প্রশ্ন ২০। পাৰিৱেশিক সমস্যা সমাধানৰ বাবে মানুহে কোনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা । 

উত্তৰঃ পাৰিৱেশিক সমস্যা সমাধানৰ বাবে নিম্ন উল্লিখিত ব্যৱস্থাসমূহ কার্যকৰী কৰাটো আৱশ্যক— 

( i ) বৃক্ষৰােপণৰ জৰিয়তে পাৰিৱেশিক সমস্যা সমাধান কৰিব পাৰি । গছ – গছনিয়ে সালােকসংশ্লেষণ প্রক্রিয়াত বায়ুমণ্ডলৰ পৰা কার্বন ডাই অক্সাইড গেছ শােষণ কৰি বায়ুমণ্ডল শােধন কৰে । তাৰােপৰি গছ গছনিয়ে ভূমিস্খলন , গৰাখহনীয়া আদি ৰােধ কৰাৰ লগতে পৰিৱেশৰ ভাৰসমতা ৰক্ষা কৰে । 

( ii ) কৃষিক্ষেত্ৰত অতিৰিক্ত ৰাসায়নিক , কীটনাশক দ্ৰৱ ব্যৱহাৰৰ পৰিৱর্তে কীটবােৰৰ জৈৱিক নিয়ন্ত্রণ বা জৈৱিক কীটনাশক ব্যৱহাৰ কৰা প্রয়ােজন । 

( iii ) শিল্প উদ্যোগসমূহ জনবসতি অঞ্চলৰ পৰা যথেষ্ট আঁতৰত স্থাপন কৰা প্রয়ােজন । 

( iv ) ৰন্ধন কার্যৰ বাবে উন্নত ধৰণৰ কম ধোঁৱা ওলােনা চুলা আৰু খনিজ ইন্ধনৰ পৰিৱর্তে সৌৰ ইন্ধন বা জৈৱিক ইন্ধন ব্যৱহাৰ কৰাটো প্রয়ােজন । 

( v ) অধিক হাৰত গছ – গছনি ৰােপণ কৰি তাৰ দ্বাৰা মাটিৰ পানী সংৰক্ষণৰ ক্ষমতা তথা মাটিৰ উৰ্বৰতা বৃদ্ধি কৰা উচিত ।

( vi ) গােবৰ গেছ প্লেন্ট স্থাপনৰ জৰিয়তে বর্জিত মলমূত্র বা আন আন পদার্থসমূহৰ পুনৰাৱৰ্তন কৰা প্রয়ােজন । 

( vii ) খনিজ তেল উৎপাদন আৰু পৰিবহণৰ সময়ত যাতে অপচয় আৰু অপব্যৱহাৰ নহয় তাৰ বাবে সতর্ক হােৱা আৱশ্যক । 

( viii ) নলা – নর্দমা , উদ্যোগ আদিৰ পানীৰ লগত অহা বর্জিত দ্রব্যসমূহ পৃথকীকৰণ প্রক্রিয়াৰে পৃথক কৰি লােৱা প্রযােজন । 

( ix ) বায়ু প্ৰদূষণ ৰােধ কৰি এচিড বৰষুণ তথা পৰিৱেশৰ উষ্ণতা বৃদ্ধিত বাধা দিয়াটো আৱশ্যক । 

( x ) উন্নত ধৰণৰ কৃষিকার্য , বৃক্ষৰােপণ , ঘৰুৱা আৱৰ্জনসমূহৰ সঠিক ঠাইত নিষ্কাশন , উদ্যোগৰ পৰা নিৰ্গত হােৱা বিষাক্ত পদার্থসমূহ সঠিক নিক্ষেপণৰ জৰিয়তে পাৰিৱেসিক সমস্যা কিছু পৰিমাণে হ্রাস কৰিব পাৰি ।

2 thoughts on “Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top