Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা | অসমীয়া Class 10 ইন্টাৰনেটৰ তিতা মিঠা

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা | অসমীয়া Class 10 ইন্টাৰনেটৰ তিতা মিঠা, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 9 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা can be of great value to excel in the examination.

Join Telegram channel

New Updated short type, MCQ Type Question, Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা – সমাধান, Class 10 Assamese ইন্টাৰনেটৰ তিতা মিঠা Question Answer, Class 10 Assamese Lesson 9 Solutions, ইন্টাৰনেটৰ তিতা মিঠা class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা and select needs one.

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা মিঠা

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese পাঠ – 9 ইন্টাৰনেটৰ তিতা মিঠা for All Subject, You can practice these here…

ইন্টাৰনেটৰ তিতা – মিঠা

– ড° প্ৰণয়ী দত্ত

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

(১) ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ ৰচক কোন ? 

উত্তৰঃ ড° প্রণয়ী দত্ত।

(২) ড° প্রণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্ৰী লাভ কৰিছিল ? 

উত্তৰঃ ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ এই বিষয়ত। 

(৩) ড° প্রণয়ী দত্তই অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যোগদান কৰিছিল ?

উত্তৰঃ ১৯৭৭ চনত।

(৪) ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ কেন্দ্ৰীয় চৰিত্ৰ কোন ?

উত্তৰঃ কুঁৱলী নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী।

(৫) কিহৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে ?

উত্তৰঃ ‘Interconnection of Networks’ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে।

(৬) ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয় ?

উত্তৰঃ Net (নেট) বুলি কোৱা হয়।

(৭) কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে ? 

উত্তৰঃ হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। 

(৮) নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কোনে প্রথম হৈ উত্তীৰ্ণ হৈছিল ?

উত্তৰঃ কুঁৱলীয়ে।

(৯) নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুঁৱলী প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকৰ পৰা কি উপহাৰ পাইছিল ?

উত্তৰঃ এটি কম্পিউটাৰ।

(১০) কুঁৱলীয়ে দেউতাকৰ পৰা কি কাৰণে কম্পিউটাৰ উপহাৰ পাইছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে।

Group – A গদ্যাংশ

১। কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল?

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

২। ইন্টাৰনেট কি?

উত্তৰঃ ইণ্টাৰনেট (Internet) অর্থাৎ Interconnection of Networks. ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা।

৩। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিলে।

৪। পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লেছিল।

৫। ভাইৰাচ কি?

উত্তৰঃ ভাইৰাচৰ সম্পূৰ্ণ ৰূপ হৈছে Vital information resources undu seize. ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম। মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে।

৬। WWW বা ৱেব কি?

উত্তৰঃ WWW বা ৱেব হৈছে পৃথিৱীজুৰি সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্ণ (European Organisation of Nuclear Research) চমুকৈ (CERN)- ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ (Www) ধাৰণাৰ অংকুৰিত হৈছিল। 

৭। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱী সকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে বোমাঞ্চকৰ বৰ্ণনা পালে।

৮। বাক্য ৰচনা কৰা।

চিকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

উত্তৰঃ চিনাকি-অচিনাকি: চিনাকি-অচিনাকি সকলো মানুহকে ভাল ব্যৱহাৰ কৰাটোহে ভাল মানুহৰ পৰিচয়।

অলীক-সপোন: কেৱল অলীক–সপোন দেখি হাত সাৱটি বহি থাকিলে কেতিয়াও উন্নতি নহয়।

নাকে-মুখে: নাকে-মুখে কোনোমতে ভাতকেইটা গুজি নিতুল স্কুললৈ ওলাই গ’ল।

পৰীক্ষা-নিৰীক্ষা: বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাতুলে যন্ত্ৰটো চলাবলৈ সক্ষম হ’ল।

৯। অর্থ লিখা (অভিধান চাই):

ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

উত্তৰঃ ক্ষতি – লোকচান।

বিজুতি – বিপদ।

গুণা-গঁথা – চিন্তা-চৰ্চা।

উদাস – অনীহা।

পুঞ্জীভূত – থুপ খাই থকা।

ভাব বিষয়ক

১। চমুকৈ উত্তৰ লিখা :

( ক ) কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল ?
উত্তৰ:
কুঁৱলীয়ে নৱম শ্রেণীৰপৰা দশম শ্রেণীলৈ প্রথম হৈ উত্তীর্ণ হােৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল ।

( খ ) ইণ্টাৰনেট কি ?
উত্তৰঃ
ইণ্টাৰনেট কোনাে যন্ত্র নহয় , কম্পিউটাৰাে নহয় , কম্পিউটাৰ প্ৰগ্ৰেম বা হার্ডৱেৰ , ছফটৱেৰ নহয় । অথচ এই সকলো মিলি তৈয়াৰ হোৱা তথ্য আদান প্ৰদানৰ এক শক্তিশালীব্যৱস্থা । ইণ্টাৰনেট ( Internet ) অর্থাৎ Interconnection of Networks . ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা ।

( গ ) কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল ?
উত্তৰ:
কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই – মেইল কৰিছিল ।

( ঘ ) পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল ?
উত্তৰ :
পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যােৱাৰ সিদ্ধান্ত লৈছিল ।

( ঙ ) ভাইৰাচ কি?
উত্তৰঃ
ভাইৰাচৰ সম্পূৰ্ণৰূপ হৈছে Vital information resources undu seize . ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম । মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰত বিজুতি ঘটাব পাবে ।

২। WWW বা ৱেব কি?

উত্তৰঃ ডব্লিউ ডব্লিউ ডব্লিউ আখৰকেইটা সম্পূর্ণকৈ লিখিলে হয় ৱর্ল্ড ৱাইড ৱেব ( World Wide Web ) । www বা ৱেব হৈছে পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য – পাতিৰ সামূহিক ভাণ্ডাৰ ।

১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদার্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্ণ ( European Organisation of Nuclear Research ) চমুকৈ ( CERN ) – ত ‘ ৱ ৱাইড ৱেব ’ ( www ) ধাৰণাৰ অংকুৰিত হৈছিল । বিজ্ঞানীসকলে তেওঁলােকৰ দ্বাৰা সংগৃহীত তথ্যসমূহ পৰস্পৰে পৰস্পৰক জনােৱাৰ পৰিবেশক এই শব্দটোৰে বুজোৱা হৈছিল ।

এতিয়া এই শব্দ সমষ্টি ইণ্টাৰনেটৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহৃত হয় । ইণ্টাৰনেটত যিকোনাে ‘ ঠিকনা ’ বুজাবৰ বাবে প্রথমে এই তিনিটা বর্ণ ব্যৱহাৰ হয় । দৰচলতে ‘ ডব্লিউ ডব্লিউ ডব্লিউয়ে সমগ্র বিশ্বৰ নির্দিষ্ট কম্পিউটাৰ আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীক সামৰি এক অদৃশ্য জালিকাৰ সৃষ্টি কৰিছে ।

৩। কুঁৱলীয়ে ইমেইলৰ জৰিয়ত বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে ?

ত্তৰ : কুঁৱলীয়ে ই – মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলােকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে ৰােমাঞ্চকৰ বৰ্ণনা পালে ।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?

উত্তৰ : ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে WWW ৰ বিষয়ে জানিব পাৰিলে । ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে— ৱেব পেজ ( Web pege ) , ৱেবচাইট ( Website ) , হােমপেজ ( Home page ) , ব্রাউজাৰ ( Browser ) আদিৰ বিষয়েও তাইপলকতে ইণ্টাৰনেটৰপৰা আয়ত্ত কৰিলে।

তাই অনুভৱ কৰিলে যে সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে । কিয়নাে তাই যিটোৰ বিষয়ে জানিব বিচাৰে সেইটো কম্পিউটাৰত টাইপ কৰিলেই নিমিষতে পৃষ্ঠাজুৰি সেইবিষয়টোৰ বিৱৰণ চকুৰ আগত আহি পৰে ।

ইয়াৰােপৰি ই – মেইল যােগে দেশ – বিদেশৰ বন্ধু – বান্ধৱীৰ লগত কথা পাতিব পৰা হ’ল । বন্ধু – বান্ধৱীসকলৰপৰা তেওঁলােকৰ দেশ – ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে এক ৰােমাঞ্চকৰ সােৱাদলাভ কৰিলে । এইবােৰৰ উপৰি ভিডিঅ’ কলিংৰ অভিজ্ঞতাও তাই লাভ কৰিলে ।

দেশ – বিদেশৰ বন্ধু – বান্ধৱীৰ লগত ভিডিঅ’ কলিং উপভােগ কৰি তাইৰ এনে অনুভৱ হ’ল যেন মুখামুখিকৈ বহিহে কাৰােবাৰ লগত কথা পাতি আছে।ইন্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰপৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকিল’লেইণ্টাৰনেটত চিনেমা , গীত , খেলা – ধূলা আদিৰ জৰিয়তে মনােৰঞ্জনৰ আমেজ ল’লে ।

পূজাৰ বন্ধত দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাবৰ বাবে ইণ্টাৰনেটৰ জৰিয়তে ঘৰৰপৰাই টিকট কৰাৰ উপৰি দক্ষিণ ভাৰতত থাকিবৰ বাবে হােটেলাে বুক কৰিলে ই-বেংকিঙৰ জৰিয়তে হােটেলৰ কোঠাৰ ভাড়াৰ বাবে অগ্রিম ধন দিয়াৰ উপৰি ভ্ৰমণৰ বাবে প্রয়ােজনীয় সাজ – পাৰ আৰু অন্যান্য সামগ্রী নেটৰ জৰিয়তে ক্ৰয় কৰিলে । লগে লগে সময় আৰু কষ্ট লাঘৱ হল ।
এনেদৰে কুৱলীয়ে ইণ্টাৰনেটৰ সহায়ত বহুত নতুন অভিজ্ঞতা লাভ কৰিলে ।

৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?

উত্তৰঃ Virus ৰ সম্পূৰ্ণৰূপ হৈছে Vital information resources under seize . ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম । ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰত বিজুতি ঘটাব পাৰে , তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নােলােৱাকৈ ।

৬। ইন্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।

” কথাষাৰৰ বক্তা কোন ? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা ।

উত্তৰ : ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে ।’— কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ । ইণ্টাৰনেটৰপৰা পােৱা সুবিধা বহুত । আমি যিকোনাে এটা বিষয়ৰ ওপৰত জানিবলৈ হ’লে ইণ্টাৰনেটৰ সহায় ল’ব পাৰাে।কম্পিউটাৰত জানিব বিচৰা বিষয়টোৰ নাম টাইপ কৰাৰ লগে লগে নিমিষতে কম্পিউটাৰ স্ক্রীনত সেই বিষয়টোৰ বিবৰণ ওলাই আহিব ।

এনেদৰে ঘৰতে বহি দেশ – বিদেশৰ বিভিন্ন বা বাতৰি পােৱাৰ লগতে কম্পিউটাৰ স্ক্রীনতে দেশ – বিদেশৰ বিভিন্ন ঠাই দৰ্শন কৰিব পাৰোঁ ।

ইয়াৰ উপৰিও ই – মেইলৰ জৰিয়তে দেশ – বিদেশৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব পাৰোঁ । ভিডিঅ ’ কলিঙৰ জৰিয়তে দূৰ – দূৰণিৰ বন্ধু – বান্ধৱীৰ লগত ইজনে সিজনক চাই কথা পাতিব পাৰোঁ। বিজ্ঞানৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ বিষয়ে শিকিল’ব পাৰোঁ ।

কোনাে ঠাইলৈ যাবৰ বাবে ঘৰত বহিয়েই আকাশীযান ৰে’ল বা বাছৰ চিকট কৰিব পাৰো আনকি আন ঠাইত থকা – খােৱা সুবিধাৰ বাবে ঘৰত বহিয়েই হােটেল ঠিক কৰিব পাৰে।ই-বেংকিঙৰ সহায়ত আন ঠাইলৈ মুহূৰ্তৰ ভিতৰতে টকা পঠাব পাৰে । আমি বজাৰলৈ নােযােৱাকৈ ঘৰত বহিয়েই প্রয়ােজনীয় সামগ্রীবােৰ ক্ৰয় কৰিব পাৰোঁ । গতিকে আমাৰ কষ্ট আৰু সময় লাঘৱ হয় ।

ইমানবােৰ সুবিধা থকাৰ পিচতো কিন্তু ইণ্টাৰনেটৰ অসুবিধা নথকা নহয় । বহুতাে ল’ৰা – ছােৱালীয়ে ইণ্টাৰনেটৰ গেমৰ প্রতি এনেদৰে আকর্ষিত হৈ পৰিছে যে পঢ়া শুনাৰ প্রতি মনোযােগ অতি কমি আহিছে । ইণ্টাৰনেটে মানুহক ওচৰ – চুবুৰীয়া , আপােনজনৰপৰা আঁতৰাই আনিছে । ইণ্টাৰনেটত অনবৰতে ব্যস্ত থকা ল’ৰা – ছােৱালীৰ কর্মোদ্যম কমি অহাৰ লগতে এলাহ বৃদ্ধিপায় ।

এইবােৰৰ উপৰি ফেচবুক , ৱাটছএপ আদি ছচিয়েল মিডিয়াৰ জগতখনত নতুন প্রজন্ম সােমাই পৰিছে । ফলত তেওঁলােকে কিতাপৰ জগতখনৰপৰা আঁতৰি অহাই নহয় , খেলা – ধুলাৰ ফালেও সম্পূর্ণ পিঠি দিছে । মােবাইলত থকা ৱাটছএপ , টুইটাৰ , ইউটিউব , ফেচবুক আদিৰ দ্বাৰা বহুততা মিছা বাতৰিও প্ৰচাৰ হয় । এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰে । গতিকে দেখা যায় ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।

৭। ইণ্টাৰনেটৰ তিতা মিঠা’গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।

উত্তৰ : ইণ্টাৰনেটৰ তিতা – মিঠা ’ — গল্পটোৰ লেখক ড ° প্রণয়ী দত্ত । ড ° দত্তই গল্পটোৰ মাজেৰে ইণ্টাৰনেটৰপৰা পােৱা সুবিধা – অসুবিধাবােৰ বৰ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে । বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ আছে । একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে । ইন্টাৰনেটৰপৰা পােৱা সুবিধা বহুত।ইণ্টাৰনেটৰ জৰিয়তে আমি যিকোনাে বিষয় এটাৰ বিস্তৃত বিৱৰণ ।

ঘৰতে বহি কম্পিউটাৰত চাব পাৰাে । ই-মেইলৰ জৰিয়তে দূৰ – দূৰণিৰ ঠাইলৈ নিমিষতে প্রয়ােজনীয় বা – বাতৰি পঠিয়াব পাৰোঁ । আপােনজনৰ লগত মুখামুখিকৈ বহিকথা পতাৰ দৰে পাতিব পাৰোঁ । কোনাে ঠাইলৈ যাবৰ বাবে ঘৰতে বহিবাছ , ৰে’ল বা আকাশীযানৰ টিকেট কৰিব পাৰোঁ । প্রয়ােজনীয় বস্তুবােৰ বজাৰলৈ নােযােৱাকৈয়ে ক্ৰয় কৰিব পাৰোঁ ।

গল্পটোৰ মাজেৰে গল্পকাৰে গল্পটোৰ মূল চৰিত্ৰ কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰা এই সুবিধাবােৰৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে ইণ্টাৰনেট বেছিকৈ ব্যৱহাৰ কৰিবলৈ লােৱাৰ লগে লগে কুঁৱলীৰ মাজত হােৱা পৰিৱৰ্তনবােৰ আৰু কুঁৱলীৰ আত্মােপলব্ধি , শ্বাৱনা বাইদেউৰ বিশ্লেষণ আদিৰ মাজেৰে ইণ্টাৰনেটৰপৰা পােৱা তিতা অসুবিধাবোৰাে প্ৰকাশ কৰিছে ।

শ্বৱনা বাইদেৱে কুঁৱলীক ইণ্টাৰনেটৰ অসুবিধাৰ কথা বুজাই কৈছে যে – ইন্টাৰনেটৰ গেমৰ প্রতি অতি বেছি আকর্ষিত হৈ কিছুমান ল’ৰা – ছােৱালীয়ে পঢ়া – শুনাৰ প্ৰতি মনােযােগ কমাই দিছে । ওচৰ – চুবুৰীয়া আৰু আপােনজনৰ লগত হাঁহি-মাতি কথা এষাৰ পাতিবলৈ মানুহ সময় নােহােৱা হৈছে ।

ফেচবুক , ওৱাটএপ আদি চচিয়েল মিডিয়াৰ জগতখনত ল’ৰা – ছােৱালী এনেদৰে সােমাই পৰিছে যে তেওঁলােকে গ্রন্থ । অধ্যয়ন , খেলা – ধূলা আদিৰ পৰা প্ৰায় আঁতৰি অহাৰ দৰে হৈছে । তদুপৰি ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা উৰাবাতৰিয়ে ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে ।

শ্বৱনা বাইদেউৰ এইখিনি কথা শুনাৰ পাছত কুঁৱলীয়ে নিজৰ ভুল বুজি পাইছে ।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইণ্টাৰনেটৰ তিতা – মিঠা হিচাপে গল্পটোৰ নামকৰণ সার্থক হৈছে ।

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ।

উত্তৰঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ শৈক্ষিক , মানসিক , শাৰীৰিক আদি সকলাে দিশতে প্রভাৱ পেলাব পাৰে ।

অধিক সময় ইণ্টাৰনেট ব্যৱহাৰৰ ফলত শিক্ষার্থীসকল অধ্যয়নৰ প্ৰতি অমনােযােগী হৈ পৰে । অধ্যয়নে জ্ঞান বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিৰ বিকাশ ঘটায় । ফলত শিক্ষার্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধি পায় । কিন্তু ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ ফলত ছাত্র – ছাত্রীসকলে গ্রন্থৰ জগতখনৰ লগত নিজৰ সম্বন্ধ বহু পৰিমাণে কমাই আনিছে । ফলত তেওঁলােকৰ মানসিক তথা শৈক্ষিক বিকাশত বাধা আহি পৰিছে ।

ফেচবুক , ওৱাটএপ আদি ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ তথা সেইবােৰত প্ৰচাৰিত উৰাবাতৰি অন্ধবিশ্বাস আদিয়ে সমাজত বহুতো সমস্যাৰ সৃষ্টি কৰিছে । ছাত্র – ছাত্রীসকলৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে ।

অনবৰতে ইণ্টাৰনেট চাই থাকিলে সিয়ে আমাৰ চকুৰ ওপৰত বেয়া প্ৰভাৱ পেলায় । কম বয়সতে দৃষ্টি শক্তি কমি যাব পাৰে । ইয়াৰ উপৰিও খেলা – ধূলা স্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় । আগতে শিক্ষার্থীসকলে সময় পালেই ফুটবল , বল , ভলিবল , বেডমিন্টন আদি খেলবােৰ খেলিছিল ।

যাৰদ্বাৰা তেওঁলােকৰ শাৰীৰিক কচৰৎ হৈছিল । কিন্তু এতিয়া দেখা গৈছে যে শিক্ষার্থীসকলে সময় পালেই নিজৰ মােবাইল বা কম্পিউটাৰত ব্যস্ত থাকে । ফলত তেওঁলােকৰ বাহিৰত খেলা – ধূলা নােহােৱা হ’ল ।

আকৌ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীক আত্মীয় – স্বজন , ওচৰ – চুবুৰীয়া আৰু বন্ধু – বান্ধৱৰপৰাও বহুখিনি আঁতৰাই আনিছে । তেওঁলােকক আত্মকেন্দ্রিক কৰি তুলিছে । গতিকে দেখা যায় যে ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায় ।

ভাষা বিষয়ক

৯। বাক্য ৰচনা কৰা :
চিনাকি – অচিনাকি , অলীক – সপােন , নাকে – মুখে , পৰীক্ষা – নিৰীক্ষা ।

উত্তৰ: চিনাকি – অচিনাকি : হাটে-বজাৰে বহুতাে চিনাকি – অচিনাকি মানুহ লগ পােৱা যায় ।
অলীক – সপােন : বাস্তৱতে একো কাম নকৰি কেৱল অলীক সপােন দেখি থাকিলে জীৱনত উন্নতি কেতিয়াও নহয় ।
নাকে – মুখে : বৰষুণ অহাৰ আগেয়েই নাকেমুখে কোনােমতে ভাতকেইটা গুজি মহীধৰ পথাৰলৈ হালবাবলৈ গ’ল ।
পৰীক্ষা – নিৰীক্ষা : বিজ্ঞানীসকলে বহুত পৰীক্ষা – নিৰীক্ষাৰ অন্ততহে বস্তু এটা উদ্ভাৱন কৰিবলৈ সক্ষম হয় ।

১০। অর্থ লিখা
( অভিধান চাই ) :
ক্ষতি , বিজুতি , গুণা-গথা , উদাস , পুঞ্জীভূত

উত্তৰঃ ক্ষতি – লােকচান
বিজুতি – বিপদ
গুণা-গথা – চিন্তা – চর্চা
উদাস – অনীহা
পুঞ্জীভূত – থুপ খাই থকা

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ লেখিকা কোন?

উত্তৰঃ ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ লেখিকা ড° প্ৰণয়ী দত্ত।

(খ) কুঁৱলীৰ উলাহতে হিয়া নধৰা হোৱাৰ কাৰণ কি?

উত্তৰঃ কুঁৱলীৰ উলাহতে হিয়া নধৰা হোৱাৰ কাৰণটো হল দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব বুলি কৈছে।

(গ) কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰ এটা উপহাৰ দিব বিচাৰিছে? 

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে।

(ঘ) কুঁৱলীৰ আটাইতকৈ হেঁপাহৰ বতৰাটো কি?

উত্তৰঃ কুঁৱলীৰ আটাইতকৈ হেঁপাহৰ বতৰাটো হ’ল দেউতাকে তাইৰ কম্পিউটাৰটোত হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব বুলি কৈছে।

(ঙ) দেউতাকে কম্পিউটাৰ এটা উপহাৰ দিব বুলি শুনাৰ পাছত কুঁৱলীয়ে কি কৰিলে?

উত্তৰঃ দেউতাকে কম্পিউটাৰ এটা উপহাৰ স্বৰূপে দিব বুলি শুনাৰ পাছৰে পৰা কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে পঢ়া-শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম প্ৰণালী শিকি ল’লে।

(চ) ৰাজকুমাৰীৰ যাদুকৰী আইনাখনৰ বিশেষত্ব কি আছিল?

উত্তৰঃ ৰাজকুমাৰীৰ যাদুকৰী আইনাখনৰ এইটাৱে বিশেষত্ব আছিল যে, আইনাখনক যি প্রশ্ন সোধা যায়, আইনাখনে তাৰ উত্তৰ দিব পাৰিছিল। 

(ছ) ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটোৰ বীজ ক’ত অংকুৰিত হৈছিল?

উত্তৰঃ ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটোৰ বীজ ১৯৮৯ চনত চুইজাৰলেগুৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ণত অংকুৰিত হৈছিল।

(জ) www-ত তথ্যবোৰ কি কি মাধ্যমত থাকে?

উত্তৰঃ www-ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ডিভিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে।

(ঝ) ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা শব্দকেইটা কি কি?

উত্তৰঃ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কেইটামান শব্দ হল – ৱেব পেজ (web page), ৱেবচাইট (Website), হ’ম পেজ (Home page), ব্ৰাউজাৰ (Browser) আদি।

(ঞ) কুঁৱলীৰ অন্তৰংগ বান্ধৰীগৰাকী কোন?

উত্তৰঃ কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকী হল শ্বেৰণ।

(ট) শ্বেৰণ মস্কোলৈ পঢ়িবলৈ যোৱাৰ কাৰণ কি? 

উত্তৰঃ শ্বেৰণৰ দেউতাকে চাকৰি সূত্রে মস্কোলৈ যাব লগা হৈছিল আৰু এই কারণে শ্বেরণে তাতে পঢ়া-শুনা কৰিবলগা হৈছিল।

(ঠ) কুঁৱলীৰ কম্পিউটাৰত ভাইৰাছ সোমাই পৰাত তাই কি কৰিলে? 

উত্তৰঃ কুৱলীৰ কম্পিউটাৰত ভাইৰাছ সোমাই পৰাত তাই ততা-তৈয়াকৈ বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান বিভাগত গৱেষণা কৰি থাক শ্বাৱানা বাইদেউৰ  ওচৰ পালেগৈ।

(ড) শ্বাৱানা বাইদেৱে কুঁৱলীৰ কম্পিউটাৰটো কিদৰে বিপদমুক্ত কৰিলে? 

উত্তৰঃ শ্বাৱানা বাইদেৱে এণ্টিভাইৰাছ চফট্ওয়েৰ এটা কুঁৱলীৰ কম্পিউটাৰটোত অন্তৰ্ভুক্ত কৰি কুঁৱলীৰ কম্পিউটাৰটোক বিপদমুক্ত কৰিলে।

২। চমু উত্তৰ দিয়া :

(ক) ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ এটাৰ পৰা আমি জানিব লগীয়া কথাখিনি কিদৰে জানিব পাৰোঁ?

উত্তৰঃ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ এটাৰ পৰা বিজ্ঞান, কলা বা যিকোনে বিষয়ৰ জানিব বিচৰা কথাৰ প্রশ্নটো কম্পিউটাৰত টাইপ কৰি দিলেই ইণ্টাৰনেটৰ পৰা নিমিষতে সেই প্ৰশ্নটোৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত ভাঁহি উঠিব অর্থাৎ আমি প্ৰশ্নটোৰ উত্তৰ পাই যাম।

(খ) ই-মেইল সম্পর্কে বান্ধৱী শ্বেৰণৰ পৰা কুঁৱলীয়ে কি অভিজ্ঞতা আর্জিলে?

উত্তৰঃ শ্বেৰণলৈ পঠিওৱা ই-মেইলৰ সঁহাৰি লাভ কৰি কুঁৱলী মোহিত হল। শ্বেৰণ মাক দেউতাকৰ সৈতে মস্কোলৈ গৈছে। তাৰপৰা তাইৰ মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ৰুছিয়াৰ ছেইন্ট পিটাৰ্ছবার্গৰ ৰঙীন ফটো আৰু অভিজ্ঞতাৰ বর্ণনা আদি পাই কুঁৱলী মোহিত হল। আৰু তাই ই-মেইলৰ যোগেদি বন্ধু-বান্ধবীৰ প্রত্যেকৰ পৰা দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতাৰ সোৱাদ পাবলৈ সক্ষম হব বুলি জানিব পাৰিলে আৰু পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰণৰ বন্ধু-বান্ধৱীলৈ ই-মেইল পঠিওৱা আৰম্ভ কৰিলে। 

(গ) ই-মেইলৰ সোৱাদ লৈ উঠাৰ পাছত কুঁৱলীৰ অৱস্থা কেনে হল?

উত্তৰঃ ই-মেইলত অভিভূত হৈ পৰা কুঁৱলী ভিডিঅ’ কলিঙতো অভ্যস্ত হৈ পৰিল। ইয়াৰ ফলত কুঁৱলীৰ মন-মগজু ইন্টাৰনেটে সম্পূর্ণ অধিকাৰ কৰি পেলালে। 

(ঘ) পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰত ভ্ৰমণলৈ যাবলৈ সিদ্ধান্ত লোৱা কুঁৱলীক মাক-দেউতাক এই ভ্রমণক লৈ কি সমস্যাত পৰিছিল?

উত্তৰ:- কুঁৱলীৰ মাক-দেউতাকে দক্ষিণ ভাৰত ভ্ৰমণলৈ পূজাৰ বন্ধত যোৱাৰ সিদ্ধান্ত লৈছিল। যদিও দেউতাকে অফিচৰ কামৰ ব্যস্ততাৰ বাবে ভ্ৰমণৰ বাবে টকট কটা, হোটেল ঠিক কৰা, কলৈ কলৈ যাব সেয়া ঠিক কৰা আদি যাৱতীয় কাম তেওঁ কৰি দিব নোৱাৰিব বুলি কুঁৱলীৰ মাকৰ আগত কোৱাত মাক-দেউতাক এই ভ্রমণক লৈ মহা সমস্যাত পৰিছিল।

(ঙ) ভ্রমণক লৈ হোৱা মাক-দেউতাকৰ সমস্যাৰ সমাধান কিদৰে সম্পন্ন হৈছিল?

উত্তৰঃ কুঁৱলীয়ে নিমিষতে ইণ্টাৰনেটৰ সহায়ত মাক-দেউতাকৰ ভ্ৰমণক লৈ হোৱা সমস্যাৰ সমাধীন বিচাৰি উলিয়ালে। ইণ্টাৰনেট যোগে কুঁৱলীয়ে ভ্ৰমণৰ টিকট কটা, হোটেল বন্দবস্ত কৰা আদি যাৱতীয় কাম কৰি ই বেংকিঙৰ জৰিয়তে হোটেলৰ অগ্রিম ধনো জমা দিলে। আনকি ভ্ৰমণৰ বাবে উপযোগী সাজ-পোছাকো তাই ই-কমাৰ্চৰ যোগেদি ক্ৰয় কৰিলে আৰু ভ্ৰমণৰ সমস্যাৰ এনেদৰেই অন্ত পৰিল।

(চ) কিহে কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল?

উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণৰ ভায়েক পলে হেনো ইণ্টাৰনেটত ইমান গেম খেলাত মগ্ন হৈ পৰিছে যে তাৰ পঢ়া, আন কামৰ প্ৰতি মনোযোগ, আদি কমি অহাই নহয়, সুবিধা পালে ইয়াৰ বাবে ‘সি স্কুল খটি কৰিও মোবাইলত গেম খেলাত ব্যস্ত হৈ পৰে। পঢ়া-শুনাত ভাল ল’ৰা হিচাপে খ্যাত হেনো পলে হে ছমাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিছে। এই কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল।কাৰণ কুঁৱলীৰ ইতিমধ্যে ইণ্টাৰনেট আহক্ত হৈ পৰিছিল।

প্ৰশ্ন ৩। ৰচনাধৰ্মী প্ৰশ্নোত্তৰ :

(ক) ইণ্টাৰনেট কি? ইণ্টাৰনেট সম্পৰ্কে তুমি জনা কথাখিনি চমুকৈ লিখা?

উত্তৰঃ ইণ্টাৰনেট মানে হল ‘Interconnection of Network’। এই শব্দ কেইটাৰ সংযোজনত Internet শব্দটোৰ উদ্ভৱ হৈছে। চমুকৈ ইয়াক ‘net’বোলা হয়। সেয়ে ইণ্টাৰনেট হল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা এক ব্যবস্থা। অৰ্থাৎ ই নেটৱৰ্কৰে নেটৱৰ্ক। এখন নেটৱৰ্কত কেইবা হাজাৰো কম্পিউটাৰ জড়িত হৈ থাকে আৰু এই হাজাৰ হাজাৰ নেটৱৰ্কৰ সমষ্টিয়ে হল ইণ্টাৰনেট পৃথিৱী জুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰটোক ৱেব (Web) বোলে। 

ইয়াত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’, অডিঅ’ৰ মাধ্যমত থাকে আৰু এই তথ্যবোৰ ৱেবৰ পৰা সহজে আহৰণ কৰিব পৰা বিধৰ। ইণ্টাৰনেটত ৱেব পেজ, ৱেবচাইট হ’ম পেজ ব্ৰাউজাৰ থাকে আৰু আমি জানিব খোজা যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে প্ৰশ্নটো কম্পিউটাৰত টাইপ কৰি দিলেই প্ৰশ্নৰ উত্তৰৰ পৃষ্ঠা আমাৰ চুকুৰ সন্মুখত কম্পিউটাৰত উদ্ভাসি উঠিব। অর্থই এই বিশ্বব্ৰহ্মাণ্ডখনেই ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে। ইয়াৰ ই-মেইল যোগে চিঠি-পত্ৰ প্ৰেৰণ কৰিব পাৰি। ই-কমাৰ্চৰ সহায়ত প্রয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰি আৰু ই বেংকিঙৰ সহায়ত ক্ৰয় কৰা সামগ্ৰীৰ মূল্যও পৰিশোধ কৰিব পাৰি। অৱশ্যে কম্পিউটাৰত কেতিয়াবা ভাইৰাচো প্ৰৱেশ কৰে। 

এই ভাইৰাচ হল এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰাম। এই ভাইৰাচ সুস্থ প্রগ্রাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰৰ বিজুজি ঘটায়। অৱশ্যে এন্টিভাইৰাছ চফট্‌ৱেৰ ভাইৰাছযুক্ত কম্পিউটাৰত অন্তৰ্ভুক্ত কৰি ভাইৰাছযুক্ত কম্পিউটাৰক বিপদমুক্ত কৰিব পাৰি এই ইণ্টাৰনেট বিজ্ঞানৰ আশ্চৰ্যকৰ আৱিষ্কাৰ। ইয়াৰ সুস্থ ব্যৱহাৰ যোগে ইয়াৰ আমি ইয়াৰ পৰা নানা ধৰণে উপকৃত হব পাৰোঁ।

(খ) কুঁৱলীৰ ৰান্ধৱী শ্বেৰণৰ ভ্ৰাতৃ পলৰ ইণ্টাৰনেট আসক্তিৰ বিষয়ে জানি কুঁৱলীৰ মনত জন্মা শংকাৰ এটি চমু আভাস দিয়া। 

উত্তৰঃ কুঁৱলীৰ বান্ধৱী শ্বেৰণৰ ভায়েক পল পঢ়া-শুনাত মেধাৱী ছাত্ৰ আছিল। কিন্তু ইণ্টাৰনেটত গেম খেলিবলৈ লৈ পঢ়া-শুনাত মন নিদিয়া হল আৰু ইয়াৰ ফলত ছয় মাহিলি পৰীক্ষাত কেইবাটাও বিষয়ত বেয়া কৰিলে। পল গেমত ইমানেই ব্যস্ত থাকিবলৈ ল’লে যে সুবিধা পালে সি স্কুল খটি কৰিও গেমত ব্যস্ত হৈ থকা হল। অৰ্থাৎ ইণ্টাৰনেটৰ অত্যধিক আসক্তিয়ে পলক দায়িত্বহীন আৰু উদাসীন কৰি পেলালে। পলৰ এই অৱস্থাই কুঁৱলীৰ মনোজগতখনত তোলপাৰ লগালে। 

কুঁৱলীয়ে উপলব্ধি কৰিলে যে পলৰ দৰে তাইয়ো ইণ্টাৰনেট আসক্ত হৈ পৰিছে। তাই নিজেও ইণ্টাৰনেটত ব্যস্ত থাকি কল্পনাৰ ৰঙীন তথা অবাস্তৱ জগতখনত উটি-ভাঁহি ফুৰিব ধৰাটো উপলব্ধি কৰিলে। ইয়াৰ ফলতে পৰিয়াল, আপনজন, ওচৰ-চুবুৰীয়াৰ পৰা তাই আঁতৰি পৰিছে। তাই জ্যেষ্ঠজনৰ প্ৰতি সৌজন্য দেখুওৱা, বন্ধু-বান্ধৱক মাত বোল কৰা আদিৰ পৰাও আঁতৰি থকা হৈছে। ঘৰুৱা দায়িত্ব আৰু অন্যান্য দায়িত্বৰ প্ৰতিও উদাসীন হৈ কেৱল কম্পিউটাৰত ব্যস্ত হৈ থকা হৈছে। এলাহ বাঢ়িল, বাহিৰা কিতাপ, আলোচনী, বাতৰি কাকতৰ সৈতে তাইৰ সম্পর্ক নোহোৱা হল। মূৰটো অনবৰত বিষাই থকা হল। নেটৰ তথ্যৰ বিসংগতিও ধৰা পেলালে শিক্ষক-শিক্ষয়িত্ৰীয়ে। ছ’চিয়েল মিডিয়াৰ ক্ষতিকৰ দিশৰ প্ৰতিও তাইৰ দৃষ্টিগোচৰ হল আৰু আটাইবোৰ কথা চিন্তা কৰিহেই তাই নিজৰ অৱস্থাটোক লৈ শংকিত হৈ পৰিছিল আৰু তাইৰ মনত ইণ্টাৰনেট আসক্তিৰ পৰা নিজক মুক্ত কৰাৰ বাসনা জন্মিছিল।

(গ) সমার্থক শব্দ লিখা :

উত্তৰঃ

শব্দসমার্থক শব্দ
ভাণ্ডাৰভঁৰাল।
কদাচিতকস্মিন্।
সংলগ্নসংযোজিত।
প্রফুল্লিতহৰষিত, আনন্দিত।
তাত্ত্বিকতত্ত্বনিহিত।
তড়িৎবিদ্যুৎ, বিজুলী।
পুঞ্জীভূতথুপিকৃত।

(ঘ) বিপৰীত শব্দ লিখা :

উত্তৰঃ

শব্দবিপৰীত শব্দ
ওচৰদূৰ।
অনুমতি বিনানুমতি।
ধীৰে ধীৰেখৰকৈ, বেগাই।
চিন্তাদুঃচিন্তা।
অন্তর্ভুক্ত বহির্ভূত।
উপভোগদুর্ভোগ।
কাৰ্যকৰী অকাৰ্যকৰী।
কার্যক্ষমঅক্ষম।
সামঞ্জস্যঅসামঞ্জস্য।
ধ্বংসাত্মকসৃজনাত্মক।
প্রফুল্লিতবিষাদিত।
ঠিকবেঠিক।
নিৰ্ধাৰিতঅনিৰ্ধাৰিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top