Class 10 Assamese MCQ Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা

Class 10 Assamese MCQ Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা | অসমীয়া Class 10 MCQ, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা can be of great value to excel in the examination.

Class 10 Assamese MCQ Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা

Join Telegram channel

Class 10 Assamese MCQ Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 9 ইণ্টাৰনেটৰ তিতা মিঠা and select needs one.

ইণ্টাৰনেটৰ তিতা মিঠা

Group – A গদ্যাংশ

১। কুঁৱলীক দেউতাকে কিয় কম্পিউটাৰটো উপহাৰস্বৰূপে দিছিল?

উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

২। ইন্টাৰনেট কি?

উত্তৰঃ ইণ্টাৰনেট (Internet) অর্থাৎ Interconnection of Networks. ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা।

৩। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিলে।

৪। পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লেছিল।

৫। ভাইৰাচ কি?

উত্তৰঃ ভাইৰাচৰ সম্পূৰ্ণ ৰূপ হৈছে Vital information resources undu seize. ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম। মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে।

৬। WWW বা ৱেব কি?

উত্তৰঃ WWW বা ৱেব হৈছে পৃথিৱীজুৰি সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ। ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্ণ (European Organisation of Nuclear Research) চমুকৈ (CERN)- ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ (Www) ধাৰণাৰ অংকুৰিত হৈছিল। 

৭। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱী সকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে বোমাঞ্চকৰ বৰ্ণনা পালে।

৮। বাক্য ৰচনা কৰা।

চিকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

উত্তৰঃ চিনাকি-অচিনাকি: চিনাকি-অচিনাকি সকলো মানুহকে ভাল ব্যৱহাৰ কৰাটোহে ভাল মানুহৰ পৰিচয়।

অলীক-সপোন: কেৱল অলীক–সপোন দেখি হাত সাৱটি বহি থাকিলে কেতিয়াও উন্নতি নহয়।

নাকে-মুখে: নাকে-মুখে কোনোমতে ভাতকেইটা গুজি নিতুল স্কুললৈ ওলাই গ’ল।

পৰীক্ষা-নিৰীক্ষা: বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাতুলে যন্ত্ৰটো চলাবলৈ সক্ষম হ’ল।

৯। অর্থ লিখা (অভিধান চাই):

ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

উত্তৰঃ ক্ষতি – লোকচান।

বিজুতি – বিপদ।

গুণা-গঁথা – চিন্তা-চৰ্চা।

উদাস – অনীহা।

পুঞ্জীভূত – থুপ খাই থকা।

অতিৰিক্ত প্ৰশ্নোত্তৰ

1. ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ ৰচক কোন?

উত্তৰঃ ড° প্ৰণয়ী দত্ত। 

2. ড° প্রণয়ী দত্তই কি বিষয়ত গৱেষণা কৰি পিএইচডি ডিগ্রী লাভ কৰিছিল? 

উত্তৰঃ ‘মহাজাগতিক ৰশ্মিৰ ৰেডিঅ’ বিকিৰণ’ এই বিষয়ত।

3. ড° প্রণয়ী দত্তই অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কোন চনত যোগদান কৰিছিল?

উত্তৰঃ ১৯৭৭ চনত।

4. ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটিৰ কেন্দ্ৰীয় চৰিত্ৰ কোন? 

উত্তৰঃ কুঁৱলী নামৰ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী।

5. কিহৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে? 

উত্তৰঃ ‘Interconnection of Networks’ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ‘Internet’ শব্দৰ সৃষ্টি হৈছে।

6. ইণ্টাৰনেটক (Internet) চমুকৈ কি বুলি কোৱা হয়?

উত্তৰঃ Net (নেট) বুলি কোৱা হয়। 

7. কিহৰ সমষ্টিয়েই ইণ্টাৰনেট হৈছে?

উত্তৰঃ হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইণ্টাৰনেট। 

8. নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কোনে প্ৰথম হৈ উত্তীৰ্ণ হৈছিল?

উত্তৰঃ কুঁৱলীয়ে।

9. নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কুঁৱলী প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকৰ পৰা কি উপহাৰ পাইছিল?

উত্তৰঃ এটি কম্পিউটাৰ।

10. কুঁৱলীয়ে দেউতাকৰ পৰা কি কাৰণে কম্পিউটাৰ উপহাৰ পাইছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে।

11. কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল?

উত্তৰঃ শ্বেৰন।

12. কুঁৱলীৰ বান্ধৱী শ্বেৰৰ ক’ত পঢ়িবলৈ গৈছিল? 

উত্তৰঃ দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছিল?

13. কুঁৱলীয়ে কালৈ ই-মেইলৰ শুভাৰম্ভ কৰিছিল?

উত্তৰঃ তাইৰ মস্কোত পঢ়ি থকা বান্ধৱী শ্বেৰনলৈকে। 

14. বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ই-মেইল কৰি কি সঁহাৰি পাইছিল?

উত্তৰঃ মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইন্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে শ্বেৰনৰ অভিজ্ঞতাৰ বৰ্ণনা।

15. কুঁৱলীয়ে কিহৰ সোৱাদ ল’বলৈ উদগ্ৰীৰ হৈ পৰিছিল? 

উত্তৰঃ ভিডিঅ’ কলিঙৰ সোৱাদ ল’বলৈ।

16. কুঁৱলীৰ মনটো কিহে প্রফুল্লিত কৰি ৰাখিছিল? 

উত্তৰঃ ইণ্টাৰনেটত নীতিশিক্ষা থকা পুৰণি চিনেমা, সুগায়ক-গায়িকাৰ মন-প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা-ধুলাই কুঁৱলীৰ মনটো প্রফুল্লিত কৰি ৰাখিছিল। 

17. নেটত পোৱা কিছুমান বিসংগতি কোনে ধৰা পেলাইছিল?

উত্তৰঃ কুঁৱলীহঁতৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে। 

18. ইণ্টাৰনেটত পোৱা উৰা-বাতৰি সম্পৰ্কে কুঁৱলীহঁতক কোনে বুজাই দিছিল?

উত্তৰঃ স্কুলৰ ময়ূৰী বাইদেৱে। 

19. মনৰ পৰিৱৰ্তনৰ কথাবোৰ ক’বলৈ কুঁৱলী কাৰ ওচৰলৈ গৈছিল?

উত্তৰঃ শ্বাবানা বাইদেউৰ ওচৰলৈ। 

20. ‘এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ থাকে?’ —কোনে কাক কৈছিল?

উত্তৰঃ শ্বাবানা বাইদেৱে কুঁৱলীক কৈছিল।

21. শ্বাবানা ৰাইদেউৰ পৰা উপদেশ পাই ক’ৱলীয়ে কালৈ ই-মেইল কৰিলে?

উত্তৰঃ তাইৰ সকলো বন্ধু-বান্ধৱীলৈ। 

22. কুঁৱলিৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি?

উত্তৰঃ শ্বেৰণ।

23. ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি তাক জানিবলৈ কুঁৱলীয়ে ক’ত সন্ধান কৰিলে? 

উত্তৰঃ গুগুলত সন্ধান কৰিলে।

24. যাদু থকা আইনাখন কাৰ আছিল আৰু ইয়ে কি কৰে বুলি কৈছে? 

উত্তৰঃ কুঁৱলীৰ আইতাকে তাইক কোৱা এটি সাধুকথাৰ এজনী ৰাজকুমাৰীৰ এই যাদু থকা আইনাখন আছিল। যিকোনো প্রশ্ন কৰিলেই হেনো এই যাদু থকা আইনাখনৰ পৰা উত্তৰ পোৱা গৈছিল।

25. ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটো ক’ত অংকুৰিত হৈছিল? 

উত্তৰঃ ১৯৮৯ চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদার্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্র চার্জ (European Organisation of Nuclear Research) চমুকৈ CERN ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ৰ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। 

26. ৱেব বর্তমান অতি জনপ্ৰিয় হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ ৱেব বর্তমান অতি জনপ্ৰিয় হোৱাৰ মূল কাৰণ হ’ল– wwwত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা “আহৰণ কৰিব পাৰি।

27. কুঁৱলীয়ে পলকতে ইন্টাৰনেটৰ পৰা কি আয়ত্ত কৰিলে? 

উত্তৰঃ ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ ৱেব পেজ (Web Page), ৱেবছাইট (website), হ’মপেজ (Home page), ব্ৰাউজাৰ (Browser) আদিৰ বিষয়ে কুঁৱলীয়ে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিলে। 

28. বাক্য ৰচনা কৰা : চিনাকি-অচিনাকি, অলীক সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা .

উত্তৰঃ চিনাকি অচিনাকি : চিনাকি-অচিনাকি সকলোৰে প্ৰতি সমান মৰম-চেনেহ আদৰ-সন্মান থাকিব লাগে।

অলীক সপোন : যিটো সম্ভৱ তাৰ কথা নাভাবি মিছাতে অলীক সপোন দেখি লাভ নাই। 

নাকে-মুখে : স্কুলৰ পৰা আহিয়ে অকনো দেৰি নকৰি নাকে-মুখে ভাত গুঁজি খেলিবলৈ সি লৰ দিলে। 

পৰীক্ষা-নিৰীক্ষা : গৱেষণাগাৰত পৰীক্ষা-নিৰীক্ষা কৰিহে একোটা বস্তুৰ সত্যতা উলিয়াব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top