Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | অসমীয়া Class 10 MCQ, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি can be of great value to excel in the examination.

Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Join Telegram channel

Class 10 Assamese MCQ Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি and select needs one.

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Group – A গদ্যাংশ

১। ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা অহা মংগোলীয় লোকসকল।

২। প্রাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰেপৰা অসম দেশখন যাদুমন্ত্র আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

৩। কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?

উত্তৰঃ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে।

৪। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ সকলোৰে বান্ধি থোৱা এনাজৰীডাল হৈছে—অসমীয়া ভাষা।

৫। অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক বুলি আহোমসকলক বুজোৱা হৈছে।

৬। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্রাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ—কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিছিং, বড়ো’, তিৱা, কাৰ্বি আদিক বুজায়।

৭। কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। 

৮। চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকে ক’ৰপৰা অসমলৈ আহিছিল?

উত্তৰঃ চাহউদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক। 

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

৯। পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে—কেক, বিস্কুট, পৰাথা, পোলাও, কোর্মা-কোপ্তা, কটি, বংগ দেশীয় ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, মাদ্ৰাজী ড’চা, চাম্বাৰ আৰু ইলি ইত্যাদি।

১০। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়া নাম, বন গীত, বিহু গীত, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। কিন্তু এই সাহিত্যৰ সমলবোৰে লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেগে হৈ গ’ল।

৯। সন্ধি ভাঙা:

সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক

উত্তৰঃ সংস্কৃতি = সম + কৃতি।

জলাঞ্জলি = জল + অঞ্জলি।

ভৌগোলিক = ভূগোল + ষ্ণিক।

১০। “প্ৰ” উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰঃ প্র + কাৰ = প্ৰকাৰ।

প্র + গতি = প্রগতি।

প্র + তাপ = প্রতাপ।

১১। বাক্য ৰচনা কৰা:

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা ধৰা।

উত্তৰঃ ভাষা-সংস্কৃতি: ভাষা-সংস্কৃতিত চহকী অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

পূজা-পার্বন: বিভিন্ন পূজা-পার্বণ, লোকাচাৰৰ মাজেৰে অসমীয়া জাতিৰ বৈশিষ্ট্য অতি সুন্দৰকৈ প্রকাশ পায়।

বেপাৰ-বাণিজ্য: বেপাৰ-বাণিজ্য কৰিবলৈ অহা বহুতো বিদেশী লোকে অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিছে।

সহজ-সৰল: সহজ সৰল মানুহজনক গাওঁখনৰ সকলোৱে বৰ ভাল পায়।

দিয়া-লোৱা: অসমলৈ অহা বিভিন্ন জাতি আৰু অসমীয়া জাতিৰ সংস্কৃতিৰ দিয়া-লোৱাৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি গঢ়ি উঠিছে।

এৰা ধৰা: সকলো কথা এৰা ধৰাৰ মাজেৰে চলিলে সমাজত সুখ-শান্তি বিৰাজ কৰে।

অতিৰিক্ত প্ৰশ্নোত্তৰ

1. অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে? 

উত্তৰঃ অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে।

2. ভাষিক সংমিশ্রণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে?

উত্তৰঃ থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে। ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে।

3. অসম ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰে পৰা চলি আহিছিল?

উত্তৰঃ ভাৰতীয় সংবিধানৰ স্বীকৃত ধৰ্ম-নিৰপেক্ষ নীতি– অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম ৰাজ্যত বৰ্তি আছিল।

4. অসমৰ স্বাধীনতা সূর্য কেতিয়া অস্ত গ’ল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পাছতেই অসমৰ স্বাধীনতা সূর্য অস্ত গ’ল। 

5. চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল? 

উত্তৰঃ চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিশেষকৈ, বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ, আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।

6. মুছলমানৰ যোগেদি অহা খাদ্যসম্ভাৰ কি কি?

উত্তৰঃ পৰাথা, পোলাও, কোর্মা-কোপ্তা, কেক-বিস্কুট, ৰুটি ইত্যাদি খাদ্য সামাজিকভাৱে হোটেলৰ যোগেদি পৰিবেশিত হ’ল। 

7. বঙ্গদেশৰ পৰা কি কি খাদ্যসম্ভাৰ অসমত প্ৰবেশ কৰে?

উত্তৰঃ ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, আদি বংগদেশৰ যোগেদি অসমীয়া খাদ্যসম্ভাৰৰ অন্তর্গত হ’ল। 

8. কি কি মাদ্রাজী খাদ্যসম্ভাৰ অসমত প্রবেশ কৰে?

উত্তৰঃ মাদ্রাজী ড’চা, চাম্বাৰ আৰু ইডলি হোটেলৰ যোগেদি অসমীয়া খাদ্য সম্ভাৰৰ অন্তর্ভুক্ত হ’ল।

9. জনজাতীয় গোষ্ঠীক অন্য এটা কি নামেৰে জনা যায়?

 উত্তৰঃ ‘জনজাতি’ নামেৰে।

10. আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল?

উত্তৰঃ সম্পাদক পদত অধিষ্ঠিত হৈছিল।

11. অসমৰ পুৰণি সাহিত্যৰ সমল কি কি? 

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

12. জাহ যোৱাৰ ব্যৱস্থা কি? এই প্ৰক্ৰিয়া কেনেদৰে ঘটে?

উত্তৰঃ সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

13. অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল? 

উত্তৰঃ বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

 24. অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে?

উত্তৰঃ মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই এই “অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্ৰদান কৰে।

25. ভাষিক সংমিশ্ৰণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে?

উত্তৰঃ ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ-ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী-ফাৰ্ছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া হৈছে জাহ যোৱাৰ নীতি।

26. ইছলামধৰ্মী লোকসকল মূলতঃ ক’ৰ পৰা প্ৰব্ৰজিত হৈছিল? 

উত্তৰঃ কুৰি শতিকাৰ চতুৰ্থ দশকত মৈমনসিংহ আৰু পূৰ্ববংগৰ পৰা ভালেমান ইছলামধৰ্মী লোক চৰকাৰী পৃষ্ঠপোষকতাতে আহি অসমত বসতি স্থাপন কৰেছি। এওঁলোকে নগাওঁ, কামৰূপ, দৰং আৰু গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত মাটি ভাঙি খেতি কৰিবলৈ আৰম্ভ কৰে। চৰ অঞ্চল আৰু বাকৰি আবাদ কৰে।

28. অসমৰ ন-অসমীয়া লোকসকল কোন?

উত্তৰঃ মৈমনসিংহ আৰু পূর্ববঙ্গৰ পৰা অহা লোকসকলে মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্রহণ কৰি থলুৱা মানুহৰ লগত মিলি যোৱাৰ প্ৰয়াস কৰিলে। এওঁলোকেই ন-অসমীয়া ৰূপে পৰিচিত হ’ল।

29. ব্যবসায় সূত্রে কোনসকল লোক আহি অসমত ৰসতি বিস্তাৰ কৰিছেহি?

উত্তৰঃ অসমত যাতায়াত আৰু যোগাযোগৰ সুবিধা হোৱাত বেপাৰ-বাণিজ্যৰ কাৰণে পঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি ভালেমান লোক আহি অসমত বসতি স্থাপন কৰিলেহি। 

30. জাহ যোৱাৰ এটা প্ৰধান উপায় কি? 

উত্তৰঃ জাহ যোৱাৰ এটা প্ৰধান উপায় হৈছে ভাষা গ্ৰহণ। বাণিজ্য সূত্রে বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰা লোকসকলে নিজৰ মূল ৰক্ষা কৰিও বহুতেই অসমীয়া হৈ পৰিল।

31. সংস্কৃতিগতভাৱে স্বকীয়তা কেনেদৰে বৰ্তাই ৰাখিব পাৰি? 

উত্তৰঃ যেতিয়া বাহিৰৰ পৰা অহাসকলে খাইলেও, দিল্লী আৰু কনৌজ আদি ঠাইৰ লগত সম্বন্ধ বিচ্ছিন্ন কৰি অসমীয়াৰূপে নিজকে গণ্য কৰি এইদেশীয় সংস্কৃতি গ্ৰহণ কৰি থাকিবলৈ ল’লে তেতিয়া আৰু সেইসকল অসমত বিদেশী হৈ নাথাকিল। একমাত্র নিজ নিজ ধৰ্ম পালন কৰি সংস্কৃতিগতভাৱে থকাটোতহে স্বকীয়তা পৰিলক্ষিত হ’ল।

32. কোনবোৰ প্ৰক্ৰিয়া স্বতঃপ্রণোদিতভাৱে সংঘটিত হয়? 

উত্তৰঃ কালক্ৰমত বিয়া-বাৰুত হিন্দু-মুছলমান সকলো লোকে যোগ দিয়া হ’ল। মৰা জীয়াৰ খবৰ কৰা হ’ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ’ল। সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ’ল। এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্রক্রিয়া।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top