Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি

Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি | অসমীয়া Class 10 MCQ, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি can be of great value to excel in the examination.

Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি

Join Telegram channel

Class 10 Assamese MCQ Chapter 7 ভাৰতীয় সংস্কৃতি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি and select needs one.

ভাৰতীয় সংস্কৃতি

Group – A গদ্যাংশ

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ক্রমবদ্ধমান শক্তি।

২। ‘ফ্ৰম ভগা টু গংগা’ কাৰ ৰচনা?

উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়ন।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?

উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন ‘ৰ আখ্যা দি কৈছে যে ই আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?

উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আবিস্কৃত হৈছিল।

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?

উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হল গঠনৰ সৰলতা আৰু সুক্ষ্মতা।

৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?

উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভারবস্তু দুটা হ’ল—সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে।

৯৷ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছিস্থায়ী বোলা হৈছে?

উত্তৰঃ চিত্রশিল্পক সুকুমাৰ কলাৰ ভিতৰত বেছি স্থায়ী বোলা হৈছে।

১০। সন্ধি ভাঙাঃ

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত 

উত্তৰঃ সংস্কৃতি = সম + কৃতি

সমন্বয় = সম + অন্বয়

ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত

সন্মত = সম + মত

। বিশেষণ আৰু বিশেষ্যলৈ নিয়া।

বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।

উত্তৰঃ 

শব্দ বিশেষণবিশেষ্য
বৈচিত্র্য বৈচিত্র্যতাবিচিত্র
ভৌগোলিক ভৌগলিকতাভূগোল
বিস্তৃতিবিস্তাৰিতবিস্তাৰ
নৈৰাশ্যনৈৰাশ্যতানিৰাশ
বিপ্লৱবৈপ্লৱিকবিপ্লৱী

অতিৰিক্ত প্ৰশ্নোত্তৰ

1. ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে? 

উত্তৰঃ আর্য, অনার্য, মঙ্গোলীয়, দ্রাবিড়ী প্রভৃতি বিভিন্ন তৰহৰ সোঁত-উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে।

2. ভাৰতীয় সংস্কৃতিৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে? 

উত্তৰঃ পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ো বুৰঞ্জী। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে। 

3. ভাৰতীয় সংস্কৃতি মূলতে কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতি মূলতে এক বিৰাট সমন্বয়। সমন্বয়ৰ আদৰ্শৰে এই সংস্কৃতি জীয়াই আছে।

4. ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰ : ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে প্রকৃত শক্তি। এই ক্রমবর্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

5. সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য আছেনে?

উত্তৰঃ ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি।

6. সভ্যতা কি?

উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।

7. ধ্যানস্থ শিৱৰ কল্পনা কোন সংস্কৃতিৰ সম্পদ?

উত্তৰঃ ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ। সেই সভ্যতাৰ পোহৰত ই আজিও অঙ্কিত হৈ আছে।

8. বাহিৰৰ অভিযানসমূহৰ ব্যৰ্থতাৰ কাৰণ কি আছিল?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিল। বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায়েই ব্যৰ্থ হৈছিল। 

9. আর্য-অনাৰ্যৰ সমন্বয়ৰ পদ্ধতিটো কেনে ধৰণৰ?

উত্তৰঃ আর্য-অনাৰ্যৰ সমন্বয় এটা ক্ৰমবৰ্দ্ধমান গতি পদ্ধতিৰে হৈছিল, ই হঠাতে হোৱা বস্তু নহয়।

10. কামাখ্যা আদিতে কিহৰ দেৱী আছিল?

উত্তৰঃ কামাখ্যা আদিতে অনার্য দেৱী। অৱশেষতহে আর্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে ইয়াক গ্ৰহণ কৰিছিল।

11. সাংস্কৃতিৰ ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টিসমল কিমান চহকী? 

উত্তৰঃ সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্যৰ কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুতখিনি চহকী কৰিছিল। ই বুৰঞ্জীসম্মত সত্য।

12. ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ কোনটো? 

উত্তৰঃ প্ৰকৃতপক্ষে বৌদ্ধধৰ্মৰ প্রচাৰৰ যুগটোক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

13. চুফিবাদৰ সৈতে উপনিষদীয় দৰ্শনৰ মিল আছেনে? 

উত্তৰঃ চুফিবাদৰ মূল কোৰাণশাস্ত্ৰ বুলি কোৱা হয় যদিও চুফিবাদ আৰু উপনিষদীয় দৰ্শনৰ মাজত যথেষ্ট মিল পৰিলক্ষিত হয়। 

14. এটা জাতি কিহৰ ভিত্তিত জীয়াই থাকে? 

উত্তৰঃ একোটা জাতি বিশেষ সুকুমাৰ কলা-সংস্কৃতিৰ জৰিয়তে জীয়াই থাকে।

15. সুকুমাৰ কলাৰ ভিতৰত স্থায়ী বস্তু কি? 

উত্তৰঃ সুকুমাৰ কলাসমূহৰ ভিতৰত সম্ভৱতঃ চিত্র শিল্পই অধিক স্থায়ী।

16. ভাষাৰ গতিবিধি কিহৰ সৈতে জড়িত? 

উত্তৰঃ ভাষা মানুহৰ সামাজিক আদান-প্ৰদানৰ বাহক। সমাজ পৰিবৰ্তনৰ লগত ইয়াৰ গতি-বিধি জড়িত।

17. অজন্তাৰ ছবিবোৰে কোন যুগৰ সোঁৱৰণি আনি দিয়ে?

উত্তৰঃ অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধযুগৰ কথা সোঁৱৰাই দিয়ে? 

18. অজন্তাৰ গুহাৰ সাৰ্বজনীনতা কেনেধৰণৰ?

উত্তৰঃ অজন্তাৰ গুহাত অনন্তকালৰ বাবে শিল্পকলা সঞ্জীৱিত হৈ আছে।

19. ভাববস্তুৰ দিশৰ পৰা অজন্তাৰ ছবিৰ প্ৰকৃতি কেনেধৰণৰ? 

উত্তৰঃ ভাববস্তুৰ পিনৰ পৰা অজন্তাৰ দুয়োবিধ ছবি একে ধৰণৰ নহয়। দুয়োধিতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে।

20. কিহৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ধমনী কপাই তুলিছিল?

উত্তৰঃ ইছলামৰ সংঘাতে আমাৰ আধ্যাত্মিকতাৰ ভেটি কঁপাই তুলিছিল। পাৰ্থিৱ আৰু অপার্থিৱ দুয়োটাতে ইছলামৰ আস্থা প্রায় সমান।

21. পণ্ডিত ৰাহুল সংকৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল? 

উত্তৰঃ “মধ্য এছিয়া কা ইতিহাস” নামৰ গ্ৰন্থৰ বাবে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top