Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম

Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Boichitramoi Assam Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 10 Boichitramoi Assam Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese বৈচিত্র্যময় অসম can be of great value to excel in the examination.

Join Telegram channel

Class 10 Assamese বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese বৈচিত্র্যময় অসম Question Answer, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese বৈচিত্র্যময় অসম and select needs one.

Class 10 Assamese বৈচিত্র্যময় অসম

Read Also:

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese Boichitramoi Assam | বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

দ্রুত পাঠ

বৈচিত্র্যময় অসম

[ ( ক ) তিৱাসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লােক ? 

উত্তৰঃ ইন্দো – চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষা – গােষ্টী পৰিয়ালৰ বৃহত্তৰ ‘বড়াে’ ঠালৰ লােক । 

প্রশ্ন ২। তিৱাসকলে তেওঁলােকৰ উৎসৱ – পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবােৰ কি কি ? 

উত্তৰঃ তিৱাসকলে তেওঁলােকৰ উৎসৱ – পার্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবােৰ হ’ল– খ্রাম ( ঢােল ) বাৰ , খ্রাম খুজুৰা , গ্রাম পান্থাই , দুমদিং , দগৰ , পাতিঢোল আদি চামৰাৰ বাদ্য ) ; বাঁহৰ পাৰেৰে তৈয়াৰী ৱাফাং খ্রাম , থকথৰৰক , মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী ( বাহী ) , থােৰাং , ম’হৰ শিঙৰ পেপা , সুহুৰি আৰু খায়াং ( তাল ) ইত্যাদি । 

প্রশ্ন ৩। তিৱা সমাজত ‘ জেলা ‘ বুলি কাক কোৱা হয় ? 

উত্তৰঃ তিৱা সমাজত খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা ‘ বুলি কোৱা হয় । আনহাতে পাহাৰ অঞ্চলৰ প্রতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয় । 

প্রশ্ন ৪। তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা ।

উত্তৰঃ জোনবিল মেলা , ৱাণছুৱা , ছগ্রা , যাংলী , মুইনাৰী , কণ্ঠী, লাংখন , মাই পথালা , মাইৰাৱা , খাপলাং ৰাৱাণে ফুজা , পান্থাইচ্যৱা , বৰত , গােসাঁই উলিওৱা মেলা , বহাগ বিহু , কাতি বিহু , মাঘ বিহু ইত্যাদি । 

প্রশ্ন ৫। ফুলগুৰিৰ ধেৱা কি ? 

উত্তৰঃ ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হােৱা অসমৰ প্ৰথমটো কৃষক বিদ্রোহ । 

প্রশ্ন ৬। চমুটোকা লিখাঃ 

( ক ) ইন্দ্রচিং দেউৰী , ( খ ) বলাইৰাম সেনাপতি 

উত্তৰঃ ( ক ) ইন্দ্রচিং দেউৰী :- তিৱা জনজাতিৰ মাজত জাতীয় চেতনা জাগ্রত কৰাৰ ক্ষেত্ৰত আজীৱন সংগ্রাম কৰা অন্যতম ব্যক্তি হ’ল-ইন্দ্রচিং দেউৰী । তেওঁৰ জন্ম হৈছিল পশ্চিম কাৰ্বি আংলং জিলাৰ ভিতৰুৱা অঞ্চল ৰংখৈপাৰ গাঁৱত ১৯৩২ চনত । মালচিং পােমা আৰু মামা আচিৰ তেওঁ আছিল তৃতীয় পুত্র । ১৯৩৯ চনত কাৰ্বি আংলং জিলাৰ বাউলাগােগ প্রাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি নগাঁও জিলাৰ ডিমৌ ইস্কুলত অষ্টম শ্রেণীলৈকে পঢ়িয়েই অর্থৰ অভাৱত শিক্ষা – জীৱন সামৰিব লগা হয় । ১৯৪৯ চনত ৰতীয় বিপ্লৱী কমিউনিষ্ট পার্টীৰ সংস্পৰ্শলৈ আহি পাছলৈ পার্টীত যােগদান কৰি সক্রিয়ভাৱে কাম ৰছিল । পার্টীত থকা অৱস্থাত তেওঁ অনুভৱ কৰিছিল তিৱাসকলৰ সামাজিক , ৰাজনৈতিক , অর্থনৈতিক আৰু শৈক্ষিক দিশৰ দুৰৱস্থাৰ কথা । কিন্তু ঘৰৰ অর্থনৈতিক অৱস্থাৰ তাগিদাত পৰি তেওঁ ১৯৫১ চনত পশুপালন বিভাগৰ চাকৰিত যােগদান কৰে যদিও জাতিটোৰ প্ৰতি থকা দায়িত্ববােধৰ বাবে ১৯৫৩ চনত গাৰাে পাহাৰ জিলাৰ তুৰাৰ পৰা চাকৰি ইস্তফা দি পুনৰ তিৱা জাতিক জাগ্রত কৰাৰ কামত ব্ৰতী হয় ।

( খ ) বলাইৰাম সেনাপতি :- অসমৰ সাহিত্য – সংস্কৃতি জগতৰ এগৰাকী সু – প্রতিষ্ঠিত লেখক , সংস্কৃতিৰ সাধক হ’ল বলাইৰাম সেনাপতি । তেওঁৰ জন্ম ১৯৩১ চনৰ ৩ মার্চত , নগাঁও জিলাৰ বুৰঞ্জীপ্ৰসিদ্ধ বাৰপূজীয়া গাঁৱত । তেওঁৰ পিতাক আছিল বগাৰাম সেনাপতি আৰু মাক পদ্মেশ্বৰী বৰদলৈ । বাৰপূজীয়া এল . পি . আৰু এম . ভি , স্কুলত প্রাথমিক শিক্ষা গ্রহণ কৰা সেনাপতিয়ে মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল নগাঁও গবর্ণমেন্ট হাইস্কুলত । ঘৰুৱা জঞ্জালৰ হেতু হাইস্কুলীয়া শিক্ষা সমাপ্ত নকৰাকৈয়ে ডেকা বয়সত তেওঁ ১৯৫৩ চনৰ পৰা ১৯৬৩ চনলৈ সংযুক্ত উত্তৰ কাছাৰ আৰু মিকিৰ পাহাৰ জিলাৰ বৰথল মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰিছিল । ‘মিকিৰ পাহাৰত কি ঘটিছে ’ নামৰ ৰামধেনু’ত প্রকাশিত প্ৰৱন্ধটো লিখাৰ চৰকাৰী বিষয়াৰ ৰােষত পৰি মাথােন ১০ বছৰ কাল শিক্ষকতা কৰি বৰথল এম . ই . স্কুলৰ প্রধান শিক্ষকৰ চাকৰিটো এৰি ঘূৰি আহিবলগীয়া হৈছিল আৰু কৃষিকৰ্মত মনােনিবেশ কৰিছিল ।

[ ( খ ) দেউৰীসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ? 

উত্তৰঃ দেউৰীসকলৰ আদিম বাসস্থান শদিয়া অঞ্চলত আছিল ।

প্রশ্ন ২। দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা । 

উত্তৰঃ দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত— ডিবঙীয়া , টেঙাপনীয়া , বৰগঞা আৰু পাটগঞ । 

ডিবাং নদীৰ পাৰত বাস কৰা সকল ডিবঙীয়া , টেঙাপানী নদীৰ পাৰত বাস কৰা সকল টেঙাপনীয়া , বৰনদীৰ পাৰত থকা সকল বৰগঞা আৰু পাট – শদিয়াত থকা সকল পাটৰগঞা । 

প্রশ্ন ৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল ? বর্তমান অসমৰ কেইখন জিলাত তেওঁলােক বসবাস কৰি আছে ? 

উত্তৰঃ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্রথমতে অসমৰ তেতিয়াৰ শিৱসাগৰ জিলাৰ মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ডিক্রং নদীৰ পাৰত বাস কৰিবলৈ লয় । বর্তমান তেওঁলােকৰ সম্প্ৰসাৰণ ঘটি উজনি অসমৰ ৮ খন জিলা , –তিনিচুকীয়া , ডিব্ৰুগড় , শিৱসাগৰ , যােৰহাট , মাজুলী , ধেমাজি , লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত আছে ।

প্রশ্ন ৪। দেউৰী বিলাকে নিজকে কি বুলি চিনাকি দিয়ে ? 

উত্তৰঃ দেউৰী বিলাকে নিজকে জিম চতায়া বুলি চিনাকি দিয়ে । 

প্রশ্ন ৫৷ দেউৰী ভাষা তিব্বতবর্মী ভাষা গােষ্ঠীৰ কোনটো ভাষা পৰিয়ালৰ অন্তর্ভুক্ত ? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে ? 

উত্তৰঃ দেউৰী ভাষা মূলতঃ চীন – তিব্বতীয় ভাষা গােষ্ঠীৰ তিব্বতবর্মী ভাষা পৰিয়ালৰ বড়াে শাখাৰ অন্তৰ্গত । 

২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে । 

প্রশ্ন ৬। দেউৰীসকলে পালন কৰি অহা তেওঁলােকৰ চাৰিটা উৎসৱৰ নাম লিখা । 

উত্তৰঃ দেউৰীসকলে পালন কৰি অহা তেওঁলােকৰ স্বকীয় চাৰিটা উৎসৱৰ নাম হ’ল — কৃষিভিত্তিক উৎসৱ – বিবা বচু , গিবা মেচ্ছু ( বসন্ত আদৰণী উৎসৱ ) , বিহু উৎসৱ চিগাদাগাৰেবা বিচু , বিচু দাবেবা মেচ্চু , মিদি দেৰুৱা মেচ্ছু ( ৰাজ কেবাং ) , ধৰ্মৰ লগত জড়িত শাও নিয়া পূজা ।

প্রশ্ন ৭। দেউৰীসকল কি ধর্ম বিশ্বাসী ? 

উত্তৰঃ দেউৰীসকল বৰ ধর্ম বিশ্বাসী লােক । তেওঁলোক ‘কুন্দি’ ধর্ম বিশ্বাসী । 

প্রশ্ন ৮ চমুটোকা লিখা— 

( ক ) ভীমবৰ দেউৰী ( খ ) ৰাধাকান্ত দেউৰী ( গ ) বৰ্গৰাম দেউৰী ( ঘ ) শ্রীচন্দ্র সিং দেউৰী । 

উত্তৰঃ ( ক ) ভীমবৰ দেউৰী :- ১৯০৩ চনৰ মে ’ মাহৰ ১৬ তাৰিখ আৰু অসমীয়া জেঠ মাহৰ ৩ তাৰিখে ভীমবৰ দেউৰীৰ জন্ম হয় । পিতৃৰ নাম গদৰাম ( গদৰা ) দেউৰী মাতৃৰ নাম বাজতী ( বাজং ) দেউৰী আছিল । 

শিৱসাগৰ জিলাৰ পাণিদিহিং অঞ্চলৰ বৰগঞা দেউৰী গাঁৱত ( বর্তমান উক্ত গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত ) পিছত বাম ৰজাবাৰী গাঁৱত স্থায়ী বাসস্থান লয় । পিতৃৰ পূৰ্বৰ বাসস্থান শদিয়াত আছিল বুলি শুনা যায় । ১৯০৮ চনত ৫৭ নং বৰগাঁও প্রাথমিক বিদ্যালয়ত শিক্ষা – জীৱন আৰম্ভ হয় । ১৯১৩ চনত প্রাথমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ মহকুমাৰ ভিতৰতেই প্রথম স্থান অধিকাৰ কৰি উত্তীর্ণ হয় । ১৯১৮ চনত শিৱসাগৰ চৰকাৰী এম . ভি . স্কুলৰ পৰা এম . ভি . পাছ কৰি মাহে চাৰিটকীয়া বৃত্তি অর্জন কৰে । ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এস্ট্রেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীর্ণ হয় । 

( খ ) ৰাধাকান্ত দেউৰী :- স্বর্গীয় ৰাধাকান্ত দেউৰীৰ জন্ম হৈছিল ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত । তেওঁৰ পিতৃৰ নাম আছিল আদিচন দেউৰী আৰু মাতৃৰ নাম তাইবা দেউৰী । পিতৃ – মাতৃৰ একমাত্র পুত্র ৰাধাকান্ত দেউৰীৰ তিনিগৰাকী বায়েক – ভনীয়েক আছিল । সম্পূর্ণ গাঁৱলীয়া পৰিৱেশত থাকি ডাঙৰ – দীঘল হােৱা দেউৰীদেৱৰ ঘৰৰ অৱস্থা বিশেষ ভাল নাছিল । দেউতাকৰ অৱস্থাৰ কথা জানি শুনি নামভর্তি নকৰােৱাকৈ নিজে লােকৰ পৰা কিতাপ , ফলি খুজি আনি গাঁৱৰ ১১ নং মৰনৈ প্রাথমিক বিদ্যালয়ত ১৯৪২ চনত শিক্ষা জীৱন আৰম্ভ কৰিছিল । কষ্টৰ মাজেৰে পঢ়াত মনােযােগ দি সুখ্যাতিৰে মেট্রিক পাছ কৰি যােৰহাটৰ জে . বি . কলেজত কলেজীয়া জীৱন আৰম্ভ কৰে আৰু ১৯৫৮ চনত বি . এ . ডিগ্রী লাভ কৰে । ১৯৫৯ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাবে মকৰল হয় । যােৰহাটলৈ আহি বি . টি . পাছ কৰে । ১৯৮৫ চনত তেওঁ শদিয়াৰ চপাখােৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহ – শিক্ষক হিচাবে যােগদান কৰে । 

( গ ) বৰ্গৰাম দেউৰী :- লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱৰ নিবাসী বৰ্গৰাম দেউৰীয়ে ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে জন্ম গ্রহণ কৰে । ১৯৪৪ চনত বাঁহগড়া দেউৰী এল . পি . স্কুলত নাম ভর্তি কৰে । ১৯৪৯ চনত খ’ৰা এম . ই . স্কুলত শিক্ষা গ্রহণ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত প্রথম বিভাগত উত্তীর্ণ হয় । মেট্রিক পাছ কৰি বৰ্গৰাম দেউৰীয়ে যােৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি . এচ . চি . পাছ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত উদ্ভিদবিজ্ঞান বিষয়ত নাম ভর্তি কৰে আৰু একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়তাে অধ্যয়ন কৰে । তেওঁ এম . এচ . চি . আৰু এল . এল . বি . একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হােমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতাে তেওঁ সুখ্যাতিৰে সােণৰ মেডেল লৈ ডিগ্রী লাভ কৰে ।

( ঘ ) শ্রীচন্দ্র সিং দেউৰী :- চন্দ্র সিং দেউৰী খেলুৱৈ , লােক – শিল্পী আৰু দেউৰী লেখক হিচাপে জীয়াই আছে । দেউৰী জনগােষ্ঠীৰ মাজত তেওঁৰ এক সুকীয়া পৰিচয় আছে । ১৯২৭ চনৰ ২৮ এপ্রিলত গােপাল দেউৰীৰ ঔৰষত আৰু আতবা দেউৰীৰ গৰ্ভত উপৰ দেউৰী গাঁও , যােৰহাটত তেওঁৰ জন্ম হৈছিল । দেউৰী এল . পি . স্কুলৰ পৰা প্রাথমিক শিক্ষা সাংকৰি যােৰহাট চৰকাৰী হাইস্কুলত শিক্ষা গ্রহণ কৰিছিল যদিও তেওঁ যােৰহাট পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীর্ণ হয় । পিচত তেওঁ ১৯৬২ চনত কলা শাখাত নাম লগাই কৰ্মজীৱনৰ মাজতে শ্বিলং কলেজৰ পৰা আই . এ . পৰীক্ষাত উত্তীর্ণ হয় । 

১৯৫৫ চনৰ এক অক্টোবৰ তাৰিখে ভাৰত চৰকাৰৰ অধীনৰ অনুসূচিত জাতি আৰু জনজাতি বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যােগদান কৰে আৰু ১৯৮৮ চনৰ ৩১ মার্চ তাৰিখে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয় । ১৯৫৯ চনৰ দিল্লী গণৰাজ্য দিৱসত তেওঁৰ নেতৃত্বত দেউৰী লােক – গীত আৰু লােক-নৃত্য প্রদর্শন কৰাৰ উপৰিও ১৯৫৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহাটী কেন্দ্ৰত দেউৰী লােক – গীত পৰিবেশন কৰে ।

[ ( গ ) নেপালী ভাষী গোর্খাসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। নেপালী বা গোর্খা জনগােষ্ঠীৰ লােকসকল কি কি নৃ – গােষ্ঠীয় লােকৰ সংমিশ্রণ ? 

উত্তৰঃ নেপালী বা গোর্খা জনগােষ্ঠীৰ লােকসকল আর্য – মঙ্গোল – কিৰাত নৃ – গােষ্ঠীৰ সংমিশ্রণ । 

প্রশ্ন ২। ‘লাল মােহৰীয়া পাণ্ডা ’ বুলি কলে কি বুজা ? 

উত্তৰঃ নৰক ৰজাই কামাখ্যা মন্দিৰত পূজা কৰাবলৈ যি বিলাক পূজাৰী নেপালৰ পৰা আনিছিল সেই সকলক পিছলৈ কামাখ্যা মন্দিৰত ‘ লাল মােহৰীয়া পাণ্ডা ’ বুলি খ্যাত হৈছিল । 

প্রশ্ন ৩। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রথম সভাপতি গৰাকীৰ নাম লিখা । 

উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রথম সভাপতি গৰাকীৰ নাম হ’ল ছবিলাল উপাধ্যায় । 

প্রশ্ন ৪। ‘ট্রাইবেল বেল্ট এণ্ড ব্রক’ত নেপালী ভাষী লােকসকলে কেতিয়া ‘সংৰক্ষিত শ্ৰেণী’ৰ মর্যাদা পাইছিল ? 

উত্তৰঃ ‘ট্রাইবেল বেল্ট এণ্ড ব্রক’ত নেপালী ভাষী লােকসকলে গােপীনাথ বৰদলৈৰ মুখ্যমন্ত্রীত্বৰ সময়ত ১৯৪৭ চনত  ‘সংৰক্ষিত শ্ৰেণী’ৰ মর্যাদা পাইছিল । 

প্রশ্ন ৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্র স্থাপন কৰিছিল ? 

উত্তৰঃ ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্রাহ্মণ । তেওঁ টিয়ক আৰু নগাঁৱত ‘নেপালী সত্র ‘ স্থাপন কৰিছিল । 

প্রশ্ন ৬। গোর্খা সম্প্রদায়ৰ লােকসকলে পালন কৰা মুখ্য উৎসৰবােৰ কি কি ?

উত্তৰঃ মহিলাসকলে পালন কৰা ‘ তীজ , পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ ‘ বড়া দশৈ’আৰু ভাতৃ – ভগ্নীৰ প্ৰেমৰ উৎসৱ ‘ তিহাৰ’ আদি মুখ্য উৎসৱ । 

প্রশ্ন ৭। “ জম্বুদ্বীপে , আর্যৱর্তে , ভাৰতবর্ষে , অসম প্রান্তে ” বােলা কথাষাৰৰ তাৎপর্য কি ? 

উত্তৰঃ প্রায় পাঁচ হাজাৰ বছৰৰ আগৰ পৰাই অর্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল । তেতিয়া এই সমগ্ৰ অঞ্চলটো

“ জম্বুদ্বীপে বা আর্যৱর্ত ’ নামেৰে জনাজাত আছিল । অসমৰ নেপালীভাষী লােকসকলে বছৰেকীয়া পিতৃ শ্রাদ্ধত পিণ্ড দান কৰোতে মন্ত্রৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি “ জম্বুদ্বীপে , আর্যৱর্তে , ভাৰতবর্ষে অসমপ্রান্তে ” বুলি কয় । 

প্রশ্ন ৮। সুগৌলী সন্ধি কেতিয়া হৈছিল , আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ – ভাগ আৰু জন সমষ্টি ভাৰতৰ অন্তর্ভুক্ত হৈছিল ?

উত্তৰঃ বৃটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত সুগৌলী সন্ধি হৈছিল । সেই সন্ধিমতে নেপালৰ জন সমষ্টিৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ – ভাগ ভাৰতৰ অন্তর্ভুক্ত হয় । 

প্রশ্ন ৯। চমুটোকা লিখা । 

( ক ) ছবিলাল উপাধ্যায় ( খ ) হৰি প্রসাদ গােখা ৰাই ( গ ) দলবীৰ সিং লােহাৰ । 

উত্তৰঃ ( ক ) ছবিলাল উপাধ্যায় :- ১৮৮২ চনৰ ১২ মে’ৰ দিনা বর্তমান বিশ্বনাথ জিলাৰ বুঢ়ীগাঙত কাশীনাথ উপাধ্যায়ৰ ঔৰষত জন্ম গ্রহণ কৰা ছবিলাল উপাধ্যায়ৰ আনুষ্ঠানিক শিক্ষা মাধ্যমিক পর্যায়তে সীমিত আছিল । কিন্তু তেওঁ অনানুষ্ঠানিক অধ্যয়নৰ বলত আৰু চন্দ্রনাথ শমা , ঘনশ্যাম বৰুৱা , লােকনায়ক অমিয় কুমাৰ দাস আদিৰ সান্নিধ্যত ভাৰতৰ স্বাধীনতা সংগ্রামত জঁপিয়াই পৰিছিল । তৎকালীন ব্রিটিছ চৰকাৰে কাজিৰঙাৰ আশেপাশে থকা গোর্খা আৰু মিচিং লােকৰ গৰু – ম’হৰ খুঁটি উচ্ছেদৰ প্রস্তুতি চলায় । ছবিলাল উপাধ্যায়ে ১৯১৯ চনত তেজপুৰত অনুষ্ঠিত ‘ অসম এছোচিয়েচন’ৰ সভাত এই উচ্ছেদৰ বিৰুদ্ধে প্রস্তাৱ উত্থাপন কৰে আৰু প্ৰস্তাৱটো গৃহীত হয় । ‘অসম এছোচিয়েচন’ৰ লগত যুক্ত ‘ ছবিলাল বাবু’ৰ সভাপতিত্বত ১৯২১ চনৰ ১৮ এপ্রিলৰ দিনা যােৰহাটত অনুষ্ঠিত হােৱা সভাত ‘ অসম এছোচিয়েচন’ক অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত কৰা হয় । ছবিলাল বাবু অসম প্রদেশ কংগ্ৰেছ কমিটি প্রথম সভাপতি নির্বাচিত হয় । কংগ্ৰেছত যােগদান কৰা বাবে উপাধ্যায়ক ব্রিটিছে গ্রেপ্তাৰ কৰে । 

( খ ) হৰি প্রসাদ গোর্খা ৰাই :- নগালেণ্ডৰ ৰাজধানী ক’হিমাত ধনৰাজ ৰাই আৰু যশােদা ৰাইৰ সন্তান ৰূপে ১৯১৫ চনৰ ১৫ মার্চত জন্মগ্রহণ কৰা হৰিপ্ৰসাদ ৰাইয়ে পিছত নিজকে হৰিপ্ৰসাদ গোর্খা ৰাই হিচাপে চিনাকি দিছিল । আৱাহন যুগৰ বিশিষ্ট লিখক হিচাপে পৰিচিত গোর্খা ৰাইয়ে ধনবাহাদুৰ সােনাৰ আৰু গােবিন্দ চন্দ্র পৈৰাৰ লগ লাগি সাহিত্য চৰ্চাত আত্মনিয়োেগ কৰে । এই ত্রিমূর্তিয়ে অসমীয়া মাধ্যমত শিক্ষাগ্রহণ কৰিছিল আৰু অসমীয়া ভাষা – সাহিত্যৰ চর্চাত ব্ৰতী হৈছিল । অসম সাহিত্য সভাৰ প্রথম সভাপতি পদ্মনাথ গােহাঞিবৰুৱাৰ সান্নিধ্যত সাহিত্য জগতত খােজ পেলােৱা ‘গোর্খা’ৰাইয়ে ধনবাহাদুৰ সােনাৰ তথা গােবিন্দ চন্দ্র পৈৰাৰ সহযােগত অসম সাহিত্য সভাৰ কোহিমা শাখা গঠন কৰে । পৰাধীন ভাৰতত জাতীয় চেতনা আৰু জাগৰণৰ বাবে সাহিত্য চর্চাক মাধ্যম হিচাপে লােৱা ব্যক্তিসকলৰ ভিতৰত গোর্খা ৰাইয়াে অন্যতম । সমালােচক গােবিন্দ প্রসাদ অধিকাৰীৰ মতে গোর্খা ৰাইয়ে ১৯৩৫ চনত অসমীয়া ভাষাত ৰাজনৈতিক প্ৰৱন্ধ লিখিছিল । অসমীয়া আৰু নেপালী উভয় ভাষাতে সাহিত্য ৰচনা কৰা গোর্খা ৰাই সঁচা অৰ্থতে সমন্বয় আৰু সম্প্রীতিৰ প্ৰতীক আছিল । 

( গ ) দলবীৰ সিং লােহাৰ :- দলবীৰ সিং লােহাৰৰ জন্ম ১৯১৫ চনৰ ২৬ জানুৱাৰীত ডিব্ৰুগড়ৰ খলিহামাৰীত । তেওঁৰ পিতৃৰ নাম অনতৰাম লােহাৰ । ১৫ বছৰ বয়সতে লােহাৰে জাতীয় আন্দোলনত স্বেচ্ছাসেৱক বাহিনীত যােগদান কৰে আৰু ১৯৩০ চনত কৰাচীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাত অসমৰ হৈ প্রতিনিধিত্ব কৰে । লােহাৰে ১৯৩০ চনত কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ বিৰােধিতা কৰি তিনি মাহ কাৰাবাস খাটে । নির্ভীক আৰু স্বাধীনতা প্রিয় লােহাৰে ব্রিটিছৰ গণবিৰােধী নীতিৰ বিৰােধিতা কৰি পুনৰ ১৯৩১-৩২ চনত ছমাহ কাৰাবাস খাটিব লগা হয় । অস্পৃশ্যতা দূৰীকৰণত তেওঁ সক্রিয় ভূমিকা লৈছিল আৰু সেৱাদল গঠনত আগভাগ লৈছিল । তেওঁ শ্রমিক আন্দোলনৰ নেতা আছিল আৰু ট্রেড ইউনিয়ন গঠনত নিজকে মনােনিৱেশ কৰাইছিল । ২৯ জুলাই ১৯৬৯ চনত তেওঁ মৃত্যুবৰণ কুৰে ।

[ ( ঘ ) বড়ােসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। বড়ােভাষা কি ভাষা গােষ্ঠীৰ অন্তর্ভুক্ত ? 

উত্তৰঃ বড়ােভাষা চীনা তিব্বত বর্মীয় ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত । 

প্রশ্ন ২। বড়োভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত হৈছিল ? 

উত্তৰঃ বড়োভাষা ১৯৬৩ চনত প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃত হৈছিল । 

প্রশ্ন ৩। বড়ােসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখ । 

উত্তৰঃ বড়ােসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম হ’ল- চিত্তৰঞ্জন মােছাহাৰীৰ ‘ফৈমাল মিজিংক ’ আৰু ‘জুজাইনি অৰ’ । 

প্রশ্ন ৪। বড়াে ভাষাৰ প্রথম গ্রন্থখন কি ? 

উত্তৰঃ বড়াে ভাষাৰ প্রথম গ্রন্থখন হ’ল- চিত্তৰঞ্জন মােছাহাৰীৰ ফৈমাল মিজিংক ।

প্রশ্ন ৫। বড়ােসকলৰ পৰম্পৰাগত সাজ – পাৰত ব্যৱহাৰ কৰা কেইটিমান চানেকি নাম লিখা । 

উত্তৰঃ বড়ােসকলৰ পৰম্পৰাগত সাজ পাৰত ব্যৱহাৰ কৰা ফুল বা চানেকি কেইটিমান হ’ল , — দাওথু আগান , ফাৰেও মেগমন , মুফুৰ আফা , দাওৰাই মৗখ্ৰাব , থাইগিৰ বিবাৰ হাজৗ আগৰ আদি ।

প্রশ্ন ৬। চমুটোকা লিখা –

( ক ) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী ( খ ) শােভা ব্রহ্ম ( ঘ ) বীনেশ্বৰ ব্ৰহ্ম 

উত্তৰঃ ( ক ) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী :- নৃত্য শিল্পী ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ নিস্বাৰ্থ আৰু অশেষ প্রচেষ্টাত বড়াে নৃত্য ৰাজ্যিক পৰ্য্যায়ৰ পৰা ৰাষ্ট্ৰীয় পর্যায়লৈ উন্নীত হয় । তেওঁ ১৯২৬ চনত বর্তমান গােসাইগাঁও মহকুমাৰ অন্তৰ্গত বিন্যাখাটা অঞ্চলৰ বামুণকুৰা গাঁৱত জন্ম গ্রহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল ৰাজাৰাম নাৰ্জাৰী আৰু মাতৃৰ নাম আছিল থাংগালী নাৰ্জাৰী । 

১৯৫৫ চনত দিল্লীত হােৱা অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনী অনুষ্ঠানত তেওঁ অংশ গ্রহণ কৰি বিবাহ গীত পৰিবেশন কৰিছিল । এই অনুষ্ঠানৰ পৰা উভতি আহিয়েই ওস্তাদ কামিনীয়ে বড়াে সংস্কৃতিৰ উন্নতিৰ বাবে বিভিন্ন দিশত কাম কৰিবলৈ লয় । 

১৯৫৭ চনৰ ২৬ জানুৱাৰী তাৰিখে দিল্লীত অনুষ্ঠিত গণতন্ত্র দিৱসত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীয়ে এটি সাংস্কৃতিক দল ’ লৈ অংশ গ্রহণ কৰে । ২৭ জানুৱাৰীত অনুষ্ঠিত হােৱা বড়াে কৃষ্টি দলে বাগুৰুমবা নৃত্য পৰিবেশন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান দখল কৰে ।

( খ ) শােভা ব্রহ্ম :- ড° শােভা ব্রহ্ম ভাৰতৰ এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ পথ – প্রদর্শক । তেওঁৰ সৃষ্টিৰাজিয়ে বড়াে আৰু অসমীয়া সমাজৰ প্রকৃত প্রতিচ্ছবি দাঙি ধৰিছে । এই মহান শিল্পীগৰাকী ১৯২৯ চনৰ ১৮ অক্টোবৰ তাৰিখে বর্তমান কোকৰাঝাৰ জিলাৰ গােসাইগাঁৱৰ ভূমকা নামৰ এখন পিছপৰা গাঁৱত জন্মগ্রহণ কৰিছিল । তেওঁৰ পিতৃৰ নাম আছিল হৰিচৰণ ব্রহ্ম আৰু মাতৃৰ নাম আছিল দেৱশ্রী ব্রহ্ম । 

ড° ব্রহ্মই নিজ গাঁৱৰ প্রাথমিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল । ইয়াৰ পিছত ধুবুৰীৰ ছাপটগ্রাম হাইস্কুলৰ পৰা ১৯৫০ চনত বুৰঞ্জী বিষয়ত লেটাৰসহ প্রথম বিভাগত উত্তীৰ্ণ হৈ গুৱাহাটী মহাবিদ্যালয়ত নাম ভর্তি কৰে । ব্রহ্মদেৱ সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্যশিল্পী হােৱাৰ সপােন দেখিছিল । ললিত কলাৰত্ন ড ° শশাভা ব্রহ্মদেৱে ১৯৫০ চনত কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে স্থাপন কৰা শান্তি নিকেতনত নাম ভর্তি কৰে । আৰু ১৯৫৭ চনত সুখ্যাতিৰে শিল্প বিষয়ত স্নাতক ডিগ্রী লৈ অসমলৈ উভতি আহে আৰু তাৰিণী চৰণ হাইস্কুলত শিক্ষকতা আৰম্ভ কৰে । 

( ঘ ) বীনেশ্বৰ ব্ৰহ্ম :- শহীদ বিনেশ্বৰ ব্ৰহ্মদেৱে ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে বর্তমান কোকৰাঝাৰ জিলাৰ ভাতৰমাৰী গাঁৱত জন্মগ্রহণ কৰে । তেওঁৰ পিতৃ – মাতৃৰ নাম আছিল ক্রমে তাৰামণি ব্ৰহ্ম আৰু সােনটি ব্রহ্ম । 

ব্রহ্মদেৱৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয় নিজ গাঁৱৰ ৩৬৫ নম্বৰ প্রাথমিক বিদ্যালয়ত ১৯৫৪ চনত । প্রাথমিক শিক্ষা সাং কৰি কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ১৯৬০ চনত নাম ভর্তি কৰে । এইবিদ্যালয়ৰ পৰাই এম.ই খণ্ডৰ বৃত্তি লাভ কৰাৰ লগতে ১৯৬৭ চনত পি.ইউ.এচছি , পৰীক্ষাত অংকত লেটাৰ নম্বৰসহ প্রথম বিভাগত উত্তীর্ণ হয় ।

[ ( ঙ ) মটকসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। মটক শব্দৰ অৰ্থ লিখা ।

উত্তৰঃ মটক শব্দৰ অৰ্থ হ’ল- ‘ম’ মানে শক্তিশালী , বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত , জোখা , তুলাচনী পৰিক্ষিত অর্থাৎ মটক ’মানে’ হ-ল উপযুক্ত , জ্ঞানী , শক্তিশালী পণ্ডিত ।

২। মটক শব্দটিৰ উৎপত্তি সম্বন্ধে লিখা ।

উত্তৰঃ ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ । টাই ভাষাত ‘ম’ মানে শক্তিশালী , বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত , জোখা , তুলাচনী পৰিক্ষিত অর্থাৎ মটক ’মানে’ হ-ল উপযুক্ত , জ্ঞানী , শক্তিশালী পণ্ডিত ।

প্রশ্ন ৩। মটক সকল সাধাৰণতে কোন ধর্মৰ লােক ? 

উত্তৰঃ ‘মটক ’ সকল সাধাৰণতে ‘ তাও ধৰ্মৰ লােক । পিছলৈ তেওঁলােকে মায়ামৰা বৈষ্ণৱ ধর্ম গ্রহণ কৰিছিল । 

প্রশ্ন ৪। মটকসকলৰ লগত মােৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধৰ বিষয়ে লিখা । 

উত্তৰঃ মােৱামৰীয়া বিদ্ৰোহৰ প্রধান নেতা আছিল মটকসকল । সেই কাৰণেই মটক সকলৰ ওপৰত মােৱামৰীয়া বিদ্রোহ দমাবৰ বাবে ৰজাঘৰৰ অত্যাচাৰ চলিছিল । বিদ্রোহ আচল নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰপৰাধী মানুহকে বন্দী কৰি কাৰাগাৰত ৰাখিছিল । 

প্রশ্ন ৫। মটক ৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কাম – কাজৰ বিষয়ে চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ সর্বানন্দ সিংহই মটক ৰাজ্যৰ উন্নতিৰ কাৰণে বিভিন্ন জনকল্যাণমূলক কাম কাজ কৰিছিল । ৰঙাগড়া আলি , গােধা আলি , ৰাজগড় আলি , হাতী আলি আদি নির্মাণ কৰি যাতায়তৰ সূচল কৰিছিল । ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌবিশটা পুখুৰী খন্দাইছিল । তাৰে ভিতৰত বেংমৰ পুখুৰী , তিনিকোণীয়া পুখুৰী , দেবী পুখুৰী , শেলুকীয়া পুখুৰী , বৰ পুখুৰী , চাউলখােৱা পুখুৰী আদি উল্লেখযােগ্য । 

প্রশ্ন ৬। চমুটোকা লিখা । 

( ক ) শিক্ষাবিদ পৱন নেওগ ( খ ) ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই ( গ ) সর্বানন্দ সিংহ 

উত্তৰঃ ( ক ) শিক্ষাবিদ পৱন নেওগ :- পৱন নেওগৰ জন্ম হয় ১৯৩৩ চনৰ ১৮ অক্টোবৰ তাৰিখে বৰগুৰি , তিনিচুকীয়াত । পিতৃ আসাম্বৰ নেওগ আৰু মাতৃ গােলাপী নেওগ । মাতৃ ঢুকোৱাৰ পিছত মাহী মাক মুহীলা নেওগৰ দ্বাৰা লালিত পালিত হৈ পাঁচ বছৰৰ দেওনা পাৰ হওঁতেই প্রাথমিক শিক্ষা আৰম্ভ কৰে তিনিচুকীয়া আদর্শ প্রাথমিক বিদ্যালয়ত । শিক্ষা সম্পূর্ণ কৰি চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভর্তি কৰে । নিজ দৃঢ়তাৰে অধ্যয়ন কৰি সেই বিদ্যালয়ৰ পৰা ১৯৫৩ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰে । 

খেলা – ধূলাত যথেষ্ট ৰাপ থকা নেওগে বিশেষকৈ ফুটবল আৰু ভলীবল খেলত বিদ্যালয়খনৰ এজন ভাল খেলুৱৈ হিচাপে সুনাম অর্জন কৰিছিল । সঙ্গীত তেওঁৰ প্রিয় আছিল আৰু যৎপৰােনাস্তি চর্চাও কৰিছিল । তেওঁৰ বহুমুখী প্রতিভাৰ বাবে বিদ্যালয়খনৰ শিক্ষক – শিক্ষয়িত্ৰীসকলৰ অতি প্রিয় ছাত্র আছিল । 

( খ ) ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই :- ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই তেতিয়াৰ বেংমৰা ৰাজ্যৰ ( ১৭৮৮ ) প্রতিষ্ঠাপক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহৰ সুযােগ্য পৰিনাতি আছিল । ৰজা সর্বানন্দ সিংহৰ তিনিজন পুত্র আছিল । মাটিবৰ , কলিবৰ আৰু কমলেশ্বৰ । মাটিবৰৰ ভােগ , ভগীৰথ , দুখীৰথ , সুক আদিকে ধৰি দহজন পুত্ৰ আছিল । ভগীৰথৰ তৃতীয় পুত্র বিশবৰৰ নুমলীয়া তথা ষষ্ঠ পুত্ৰই আছিল ৰাজকুমাৰ লংকেশ্বৰ গােহাঁই । লংকেশ্বৰ গােহাঁইয়ে ০১-০৫-১৯৫৪ তাৰিখে তেতিয়াৰ লখিমপুৰ জিলাৰ উপায়ুক্তৰ আগত ঐতিহাসিক বেংমৰা ৰাজ্যৰ পুনৰ উদ্ধাৰৰ বাবে তৰা গােচৰৰ সাক্ষীত তেওঁৰ জন্ম ১৮৮৭ চনত তিনিচুকীয়াত হােৱা বুলি উল্লেখ আছে । স্বৰ্গদেউ সর্বানন্দ সিংহৰ মৃত্যুৰ পিছত ৰাজ পৰিয়ালটোৰ লগতে বেংমৰা ৰাজ্যৰ অন্যান্য বিষয়ববীয়াসকল ৰাজ্যৰ বিভিন্ন স্থানত সিঁচৰতি হৈ বসবাস কৰিছিল কৰিছিল । ৰাজকুমাৰ লংকেশ্বৰ গােহাঁইৰ ১০/১২ বছৰ বয়সত পৰিয়ালৰ সৈতে চাবুৱালৈ উঠি যায় । ৰাজপৰিয়াল বাস কৰাৰ বাবে অঞ্চলটোৰ নাম পৰৱর্তী সময়ত ৰজাবাৰী নামেৰে নামকৰণ হয় । 

( গ ) সর্বানন্দ সিংহ :- সর্বানন্দ সিংহৰ পিতৃৰ নাম আছিল মৰুৎনন্দন আৰু মাতৃৰ নাম আছিল পাতয় । পিতৃ – মাতৃৰ একমাত্র সন্তান সর্বানন্দই কেঁচুৱা কালতে মাতৃক হেৰুৱাবলগীয়া হৈছিল । অতি সাধাৰণ খাটিখােৱা মৰুৎনন্দন আছিল মটকৰ বুৰুক চুতীয়া খেলৰ লােক । সর্বানন্দৰ পিতৃ প্রদত্ত নাম আছিল ‘মেজেৰা’ । মাতৃহাৰা মেজেৰাক সকলাে সময়তে মৰুৎনন্দনে লগত লৈ ফুৰিবলগীয়া হৈছিল আৰু অতি যতনেৰে তুলি তালি ডাঙৰ – দীঘল কৰিছিল । মৰুৎনন্দনে এবাৰ মেজেৰাক বােকোচাত লৈ পুখুৰী খান্দি থাকোতে ৰজাই দেখি তেওঁক কামৰ পৰা অব্যাহতি দিছিল । পিতৃৰ লালন – পালনত লাহে লাহে মেজেৰা ডাঙৰ হৈ ডেকা হৈছিল ।

[ ( চ ) মৰাণসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। মৰাণ সকলৰ নৃগােষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা । 

উত্তৰঃ মৰাণ সকল বৃহৎ কিৰাত – মঙ্গোলীয় মূলৰ অন্যতম জনজাতীয় গােট । 

প্রশ্ন ২। অসম আৰু কোন কেইখন জিলাত মৰাণ সকলৰ বসতি বেছি ? 

উত্তৰঃ অসমৰ তিনিচুকীয়া জিলা , ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি । 

প্রশ্ন ৩ বুৰঞ্জীত উল্লেখ থকা বাৰ ঘৰ কছাৰীৰ নাম লিখা । 

উত্তৰঃ বুৰঞ্জীত উল্লেখ থকা বাঘৰ কছাৰীৰ নাম হ’ল – দমচয় ( ডিমাছা ) , ইনটহজয় ( হােজাই ) , বিহদয় ( বড়াে ) , জুহল – লুইবা ( লালু বা সম্প্রতি ব্রি ) , বাদু সােণলয় ( সােণােৱাল ) , ইনটু – মিমখয় ( মৰাণ ) , দিউনয় ( দেউৰী ) , ইনটু – মেচয় ( মেছ ) , কুচুবর্য ( কোচ ) , ইনটু – গাৰােয় । ( গাৰাে , ৰাভা কিটয় ( বাভা ) , বুদু হজয় ( হাজং ) ।

প্রশ্ন ৪। মৰাণ ভাষাৰ দহােটা শব্দ লিখা । 

উত্তৰঃ মৰাণ ভাষাৰ দহােটা শব্দ – দি ( পানী ) , সিম ( নিমখ ) , মাই ( ধান ) , মাইৰুম ( চাউল ) , মিয়াম ( ভাত ) , মহন ( মাংস ) , চান ( সূর্য ) , দান ( চন্দ্র ) , হান ( চাহ ) , হিংকা ( কাপােৰ ) আৰু চেনফং ( গছ ) । 

প্রশ্ন ৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা । 

উত্তৰঃ মৰাণ সকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা এনেধৰণৰ — উত্তৰে বুঢ়ীদিহিং , দক্ষিণে দিচাং , পূবে চফ্রাই আৰু পশ্চিমে ব্রহ্মপুত্র । 

প্রশ্ন ৬। মৰাণ সকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি ? 

উত্তৰঃ মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম হ’ল— ‘বদৌছা ’ বা ‘বড়ােচা’ । 

প্রশ্ন ৭৷ মৰাণ সকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে ? 

উত্তৰঃ মৰাণ সকলে বহাগৰ বিহু এনেদৰে পালন কৰে – বহাগৰ প্রথম মঙ্গলবাৰে দেৱ – দেৱীৰ পূজা – অর্চনা কৰি বিহু নমায় আৰু মঙ্গলবাৰে উৰুকা , বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাতদিন সাতবাতি বিহু মাৰি বিহু পালন কৰে । 

প্রশ্ন ৮। মৰাণ সকলৰ দুটা বৃত্তিমূলক , দুটা গুণবাচক , আৰু দুটা স্থানবাচক খেলৰ নাম লিখা । 

উত্তৰঃ বৃত্তিমূলক খেল— তেল পৰা তেলেপীয়া , নাও নির্মাণ কৰা নাওশলীয়া । 

গুণবাচক খেল – পেটুধোৱা , হাতীমূৰীয়া । স্থানবাচক খেল – মাজুলী গঞা , হালধি বৰণীয়া 

প্রশ্ন ৯। মৰাণ সকলৰ জাতীয় খেতি কি ? 

উত্তৰঃ মৰাণ সকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলাটেঙাৰ খেতি । 

প্রশ্ন ১০। মৰাণ সকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ ? 

উত্তৰঃ মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব হ’ল সমাজ পৰিচালনাত আগভাগ লােৱা । 

প্রশ্ন ১১। ক’ত ক’ত মৰাণসকলৰ দেৱ – দেৱীৰ পূজাৰ শাল আছিল ? 

উত্তৰঃ শদিয়াৰ কেঁচাইখাতী থান , তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞােখােৱা , দেওশাল , চৰাইদেউ আদিত মৰাণসকলৰ দেৱ – দেৱীৰ পূজাৰ শাল আছিল । 

প্রশ্ন ১২। চমুটোকা লিখা । 

( ক ) সমন্বয়ৰ জনক কিৰাত শৌর্য বােদৌচা ( খ ) বীৰাঙ্গণা ৰাধা-ৰুকুণী ( গ ) বীৰ সেনাপতি ঝপৰা জগধা ( ঘ ) মােহন শইকীয়া ( ঙ ) ৰাঘব মৰাণ 

উত্তৰঃ (ক ) সমন্বয়ৰ জনক কিৰাত শৌর্য বােদৌচা :- অসমৰ অন্যতম আদিম অধিবাসী কিৰাত – মঙ্গোলীয় গােষ্ঠীৰ অন্তৰ্গত মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিম জনা ৰজা আছিল বদৌচা । ১২২৮ খ্রীষ্টাব্দত চাওলুং চুকাফাই অসমত প্ৰৱেশ কৰাৰ সময়ত বদৌচাৰ অধীনত উত্তৰে বুঢ়ীদিহিং , দক্ষিণে দিচাং , পূবে চফ্রাই আৰু পশ্চিমে ব্রহ্মপুত্র মহানদীৰ মাজৰ ভূখণ্ডৰ এখন সমৃদ্ধিশালী মৰাণ ৰাজ্য আছিল । সাম্প্রতিক কালৰ শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ একাংশ সামৰি মৰাণ ৰাজ্যৰ অৱস্থিতি আছিল । মৰাণ ৰাজ্যৰ কাষতে বৰাহী ৰাজ্য আছিল আৰু অন্যান্য অঞ্চলত চুটীয়া , কছাৰী , ভূঞা ৰাজ্যৰ উপৰিও পাহাৰ – ভৈয়ামৰ সকলোবােৰ আদিম গােষ্ঠীৰ নিজ নিজ ভূখণ্ড আছিল । সেই প্রাচীন ৰাজ্যবােৰৰ মাজত , জাতি – জনগােষ্ঠীসকলৰ মাজত কোনাে ধৰণৰ অসূয়া – অপ্রীতি , দ্বন্দ – সংঘাত , যুদ্ধ – বিগ্রহ আদি হােৱাৰ সম্ভেদ বুৰঞ্জীত পােৱা নাযায় । কাজেই সমগ্র ভূ – ভাগতে কৌটিকলীয়া শান্তি সম্প্রীতি আৰু সমন্বয়ৰ পৰিৱেশ বিৰাজমান হৈ আছিল বুলি সহজেই অনুমান কৰিব পাৰি ।

( খ ) বীৰাঙ্গণা ৰাধা-ৰুকুণী :- বিশ্ব ইতিহাসৰ গণবিপ্লৱসমূহৰ ভিতৰত মধ্যযুগৰ অসম মুলুকত সংঘটিত মােৱামৰীয়া গণবিপ্লৱাে অন্যতম । এই সর্বাত্মক গণবিপ্লৱত নাৰীশক্তিৰ সবল যােগদান এক বিস্ময়কৰ অধ্যায়ৰূপে চিহ্নিত হৈছে । 

ছশ বছৰীয়া আহােম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্রৰ চৰম অন্যায় – অবিচাৰ , অনাচাৰ অত্যাচাৰৰ বিৰুদ্ধে , সকলাে জাতি – উপজাতি সাধাৰণ কৃষক প্রজাই সর্বাত্মকভাৱে অংশগ্রহণ কৰা এই বিপ্লৱৰ নেতৃত্ব দিছিল মৰাণসকলে । বীৰ ৰাঘৱ মৰাণ আৰু নাহৰখােৱা মৰাণৰ ( শইকীয়া ) অগ্রণী ভূমিকাৰ সমানেই প্রজা সাধাৰণক সংগঠিত কৰিবৰ বাবে শক্তিশালী অংশ গ্রহণ কৰিছিল নাহৰৰ দুই পত্নী ভাতুকী , ভাবুলী ওৰফে ৰাধা – ককুণীয়ে । 

মােৱামৰীয়া বিপ্লৱৰ বৰ্হিপ্রকাশাে ঘটিছিল এই দুই থকাৰ সময়তে । ৰজা লক্ষীসিংহই বৰঢাক সাজিবৰ বাবে গছ কাটিবলৈ হাবিলৈ মানুহ পঠাইছিল । ৰাধা – ৰুকুণীয়ে গাঁৱৰ মানুহ একত্রিত কৰি ‘এইখন থলুৱা জনগণৰ আবহমান কালৰ হাবি , যাউতিযুগীয়া প্রাকৃতিক সম্পদ , ইয়াত ৰজাৰ অধিকাৰ নাই ।’ বুলি কৈ ৰজাৰ মানুহক ওভতাই পঠিয়াইছিল ।

( গ ) বীৰ সেনাপতি ঝপৰা জগধা :- ঝপৰা জগধা দশম শতিকাৰ মৰাণ জনজাতিৰ এগৰাকী বীৰ পুৰুষ আছিল । তেওঁৰ পিতৃৰ নাম আছিল দাৰবি । যদিওবা ত্রয়ােদশ শতিকাতেই অসমলৈ চাওলুং চ্যুকাফাই আহি মৰাণ , বৰাহী , কছাৰী আদি জাতি সামৰি বৃহত্তৰ আহােম ৰাজ্যৰ পাতনি মেলিছিল ; পঞ্চদশ শতিকাৰৰ পাছলৈকে মৰাণসকলৰ দৰে বহু জনজাতিয়ে ঘন অৰণ্যৰ মাজত অৰণ্যবাসী হিচাপে জীৱন নির্বাহ কৰিছিল । সেইসকলে দলপতি বা মুৰব্বীৰ দ্বাৰা পৰিচালিত সমাজ পাতি বসবাস কৰিছিল । তেনে এগৰাকী দলপতি আছিল খাওখাই । প্রাচীন সৌমাৰখণ্ডৰ এক বিস্তৃত অঞ্চলত তেওঁৰ তত্ত্বাৱধানত উল্লেখযােগ্য ভূমিকা লৈছিল । উল্লেখযােগ্য যে মৰাণসকলে আহােম ৰাজ্য তথা অসমীয়া জাতি প্রতিষ্ঠাত প্রধান ভূমিকা লৈছিল । সেয়েহে তেওঁলােকে আহােম ৰাজ্য প্রশাসনলৈ কৰ-কাটল দিব নেলাগিছিল । খাওখাই আৰু দাৰবীৰ ছয়জন পুত্র খাদুন , কিচিম ফেফেলা , হুইলাও , জগধা , খাওখাই আৰু চিকচৌ । জগধা পঞ্চম পুত্র আছিল । তেওঁ সকলােতকৈ পাহুল , বলী আৰু সাহসী আছিল । ল’ৰাকালিতে তেওঁ বাৰিষা ডিব্রু নদী পাৰ হৈ অৰণ্যত মেলি থােৱা হাতী ধৰি ঘৰলৈ আনিব পাৰিছিল ৷ আন দহজন লৰাতকৈ জগধা সাহস , বল বিক্ৰম আৰু চিন্তাধাৰাত বৰ আগবঢ়া আছিল ।

( ঘ ) মােহন শইকীয়া :- মৰাণসকলৰ আধুনিক কালছােৱাৰ পুৰােধা ব্যক্তিসকলৰ অন্যতম প্রয়াত মােহন শইকীয়া । অতীত অসমৰ এক শক্তিশালী জনগােষ্ঠী অথচ বিভিন্ন ঐতিহাসিক বিড়ম্বনাৰ কবলত পৰি সাম্প্রতিক কালত অতিকে জর্জৰিত আৰু সৰ্বদিশতে অনগ্রসৰ মৰাণ সমাজখনৰ প্ৰথমচাম মুষ্টিমেয় শিক্ষিত লােকৰ অন্যতম শইকীয়াদেৱ । 

তেওঁৰ জন্ম হয় ১৯৩০ চনৰ ২২ নৱেম্বৰ তাৰিখে তিনিচুকীয়া জিলাৰ তালাপৰ এক অতি ভিতৰুৱা অঞ্চলৰ ২২ নং তামূলি গাঁৱত । পিতৃৰ নাম আছিল জ্ঞানেন্দ্ৰ শইকীয়া আৰু মাতৃৰ নাম আছিল শুকানি শইকীয়া । প্রাথমিক শিক্ষা জন্মগাঁৱতে গ্ৰহণ কৰি ১৯৫০ চনত ডাঙৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৫ চনত ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ৰ পৰা বি . কম . পাছ কৰি প্রথমে ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়া কার্যালয়ত কেৰাণী পদত যােগদান কৰে । 

( ঙ ) ৰাঘব মৰাণ :- অসম মুলুকত সংঘটিত হােৱা মােৱামৰীয়া গণবিপ্লৱৰ প্রধান নেতাজনৰ নামেই আছিল বীৰ ৰাঘৱ মৰাণ । ছশ বছৰীয়া আহােম ৰাজত্বৰ শেষৰ ফালে স্বেচ্ছাচাৰী হৈ উঠা ৰাজতন্ত্ৰৰ চৰম অন্যায় – অবিচাৰ , শোষণ নিষ্পেষণৰ কবলৰ পৰা ৰাজ্যখনৰ সকলাে জাতি – উপজাতিৰ খাটিখােৱা প্রজাসাধাৰণৰ মুকুতিৰ হকে এইজনা বীৰৰ সুদক্ষ নেতৃত্বতে সূচনা হৈছিল বিশ্বৰ সর্বপ্রথম এই সর্বাত্মক বিপ্লৱ । 

ৰজাঘৰৰ বুৰঞ্জীৰ পাতে পাতে এই বিপ্লৱক মৰাণৰ দৌৰাত্ম , ৰাঘৱ মৰাণক নিষ্ঠুৰ , অত্যাচাৰী , নাৰীহৰণকাৰীৰূপে অপব্যাখ্যা দিয়াৰ বিপৰীতে আধুনিক কালৰ প্রগতিবাদী পণ্ডিত ড° অমলেন্দু গুহ , ড° হীৰেন গােহাঁই , ড° স্বর্ণলতা বৰুৱা , ড° ধ্ৰুৱজ্যোতি বৰা , ড° দেৱব্ৰত শর্মাকে ধৰি আন বহু চিন্তাবিদে , ৰাঘৱৰ মুখেৰে নিৰ্গত হােৱা ‘ৰাইজেই ৰজা’ মহামন্ত্ৰৰে সূচনা কৰা এই বিপ্লৱক শােষক আৰু শােষিত মাজত হােৱা গৃহযুদ্ধ আখ্যা দিছে । 

Sl. No.Contents
Lesson 1বৰগীত
Lesson 2জিকিৰ
Lesson 3প্ৰশস্তি
Lesson 4মই অসমীয়া
Lesson 5দৃশ্যান্তৰ
Lesson 6ছাত্ৰ–জীৱন আৰু সমাজ সেৱা
Lesson 7ভাৰতীয় সংস্কৃতি
Lesson 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Lesson 9ইন্টাৰনেটৰ তিতা – মিঠা
Lesson 10অৰুণিমা সিনহা
Lesson 11অৰণ্য যাত্ৰা
Lesson 12পাৰস্যত এভুমুখি
Lesson 13কানাইৰ চাতুৰী
Lesson 14ধৰ ঝাড়ু ধৰ ভাই
Lesson 15 বিষাদযোগ
Lesson 16প্রাচীন ভাৰতীয় শিক্ষা
ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম

2 thoughts on “Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top