Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম

Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Boichitramoi Assam Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 10 Boichitramoi Assam Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese বৈচিত্র্যময় অসম can be of great value to excel in the examination.

Join Telegram channel

Class 10 Assamese বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese বৈচিত্র্যময় অসম Question Answer, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese বৈচিত্র্যময় অসম and select needs one.

[ ( ছ ) মিচিংসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰঃ মিচিং হ’ল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগােষ্ঠী । মিচিং সকলক ‘মিৰি’ হিচাপেও জনা যায় । মিচিং সকলে বহল অর্থত নিজকে ‘ তানি ’ বুলি পৰিচয় দিয়ে । 

মিচিংসকলৰ পূৰ্বৰ বাসস্থান আছিল অসমৰ উত্তৰলানি পাহাৰ অঞ্চল । পিছত জীৱিকাৰ সন্ধানত তেওঁলােক অসমৰ সমতললৈ নামি আছে । মিচিং জনগােষ্ঠীৰ মাজত কেইবা প্ৰকাৰে বিবাহ সম্পাদিত হয় । বংশ বা গােত্র গণনা পুৰুষৰ ফালৰ পৰা কৰা হয় । মনে বিচৰা জীৱন – সংগী বিচৰাত ডেকা – গাভৰুৰ মাজত স্বাধীনতা আছে । বিয়া একেটা কুলৰ মাজত নহয় । কুল বিচৰাত উচ্চ – নীচৰ বিচাৰ বা ভাৱ নাথাকে । 

মিচিংসকলৰ জীৱিকাৰ সম্বল হ’ল কৃষি । ধান খেতি কৰাৰ উপৰিও তেওঁলােকে মাহ , সৰিয়হ , বিবিধ আলু , কচু , আদা , জলকীয়া আদিৰ খেতি কৰে । গাঁৱত শান্তি সম্প্রীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে । 

মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পােৱা যায় জাতীয় সাজ – পাৰত । পুৰুষসকলে মিবু গালুগ , গনৰ , উগন , টঙালি , দুমৌৰ আদি পৰিধান কৰে । মহিলা সকলে ৰিহা – মেখেলা , ৰিবি গাচেং আদি পৰিধান কৰাৰ উপৰিও নানা ৰকমৰ অলংকাৰ পিন্ধে । ধর্মীয় ক্ষেত্ৰত তেওঁলােকে মহাপুৰুষীয়া , শৈৱ , শাক্ত , তান্ত্রিক আৰু কেৱলীয়া বা ৰাতি সেৱা ধর্ম পন্থা অবলম্বন কৰে । হ’লেও তেওঁলােকৰ ‘ দঞিপল’ মূলধর্ম ।

প্রশ্ন ২। মিচিং সকলৰ তিনিবিধ সাজ – পাৰৰ নাম লিখা । 

উত্তৰঃ পুৰুষসকলৰ – মিবু গালুগ , মহিলাৰ – ৰিহা মেখেলা , ৰিবি গাচেং । 

প্রশ্ন ৩। আলি আঃয়ে লিগাং কিয় আৰু কেতিয়া পতা হয় ? 

উত্তৰঃ আলিঃআয়ে লিগাং মিচিংসকল কৃষিভিত্তিক উৎসৱ । বীজ গুটি ৰােপণৰ শুভাৰম্ভ হিচাপে ফাগুণ মাহৰ প্রথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয় । 

প্রশ্ন ৪। মিচিং সকলৰ ধর্মপন্থা সম্পর্কে চমুকৈ লিখা । 

উত্তৰঃ মিচিং সকলে মহাপুৰুষীয়া , শৈৱ , শাক্ত , তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধর্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে তেওঁলােকৰ মূলধর্ম ‘ দঞিপল’ । 

প্রশ্ন ৫। আলি আয়ে নৃগাং শব্দৰ ব্যুৎপত্তি লিখা । 

উত্তৰঃ আলি আয়ে নৃগাং হ’ল মিচিং সকলৰ জাতীয় উৎসৱ । এই শব্দটিৰ ব্যুৎপত্তিগত অর্থ আছে । ‘আলি’ মানে হ’ল মাটিৰ তলত হােৱা বীজ ,  ‘আয়ে’ মানে হ’ল গা – গছৰ ওপৰত হােৱা ফল বা গুটি আৰু লৃগাং ’ শব্দৰ অৰ্থ ৰোপণ কার্যৰ শুভাৰম্ভ , – অর্থাৎ বীজ – গুটি ৰােৱা কাৰ্যৰ শুভাৰম্ভ । সেয়ে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয় । 

প্রশ্ন ৬। চমুটোকা লিখা । 

( ক ) ভৃগুমুনি কাগয়ুং ( খ ) শ্বহীদ কমলা মিৰি ( গ ) ঐৰাম বৰি ( ঘ ) যাদৱ পায়েং 

উত্তৰঃ ( ক ) ভৃগুমুনি কাগয়ুং :- ভৃগুমুনি কাগয়ুঙৰ পূর্ব – পুৰুষৰ নাম আছিল কৰ্তঙ ।কৰ্তঙৰ তিনিজন পুত্র সন্তান – ক্রমে তামন , খহুৱা আৰু কুশৰাম । খহুৱাৰ ঔৰসত য়াবৰীৰ গৰ্ভত ভৃগুমুনিৰ জন্ম হয় ১৯৩২ চনৰ অক্টোবৰ মাহৰ কোনাে এক শুভ মুহূর্তত আলিমূৰ গাঁৱত । ভৃগুমুনি কাগয়ুঙে তেওঁৰ শৈশৱ আলিমূৰ গাঁৱতে পাৰ কৰিছিল । 

ভৃগুমুনি কাগয়ুঙে গাঁৱৰে ৫৮ নং আলিমূৰ প্রাথমিক বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰিছিল । যােৰহাট চৰকাৰী বহুমুখী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ১৯৫৮ চনত অৱতীৰ্ণ হৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয় । ভৃগুমুনি কাগয়ুং আছিল সৰুৰে পৰা আত্মনিৰ্ভৰশীল । পিতৃ বিয়ােগৰ পিছত পঢ়াৰ খৰচ তেওঁ নিজে উলিয়াই লৈছিল । সেয়ে দিনৰ ভাগত নিজে অর্থ – উপার্জনৰ উদ্দেশ্যে বিভিন্ন প্রতিষ্ঠানত কাম কৰিছিল আৰু ৰাতিৰ ভাগত কলেজত পঢ়িছিল । এনেদৰে পঢ়িয়ে তেওঁ যােৰহাট জে বি কলেজৰ পৰা আই . এ . আৰু বি বৰুৱা কলেজ , গুৱাহাটীৰ পৰা ১৯৮৭ চনত স্নাতক ডিগ্রী লাভ কৰে ।

( খ ) শ্বহীদ কমলা মিৰি :- ১৮৯৪ চনৰ শিৱসাগৰ জিলাৰ ( বর্তমান গােলাঘাট জিলা ) ৰঙামাটি মৌজাৰ অন্তৰ্গত ওপৰ টেমেৰা গাঁৱত কমলা মিৰিৰ জন্ম হৈছিল । ওপৰ টেমেৰা কালক্ৰমত কেইবাখনাে গাঁৱত বিভক্ত হ’ল আৰু কমলা মিৰি জন্ম হােৱা গাঁওখনক এতিয়া গুলুং টেমেৰা নামেৰেহে জনা যায় । কমলা মিৰিৰ পিতৃৰ নাম আছিল চিকৌ লইং আৰু মাতৃৰ নাম আছিল মংগলী লইং । সেই সময়ত ওপৰ টেমেৰা গাঁৱত কোনাে শিক্ষানুষ্ঠান নথকাত কমলা মিৰিয়ে আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবৰ বাবে ভােলাগুৰিলৈ ঢাপলি মেলিছিল আৰু তেতিয়াৰ  পৰাই বৰণ্যে মুক্তিযােদ্ধা আপিৰাম গগৈৰ লগত বন্ধুত্ব স্থাপন হ’ল বুলি জনা যায় । কোনাে কোনােৱে আকৌ সােণাৰাম মিত্র নামৰ এজন বাংলা জনা লােকৰ পৰা কমলা লইঙে শিক্ষা গ্রহণ কৰিছিল বুলি ক’ব খােজে ।

( গ ) ঐৰাম বৰি :- মিচিং সংস্কৃতিৰ পিতৃপুৰুষ ঐৰাম বৰিৰ জন্ম হৈছিল ব্রিটিছ প্রশাসনৰ ‘নেফা’ ( NEFA ) – ৰ অন্তৰ্গত অয়ান গাঁৱত ১৮৭৭ চনত । বৰিদেৱৰ পিতৃ – মাতৃৰ নাম আছিল তাকিৰ বৰি আৰু মঙলী বৰি । 

সেই সময়ত গাঁওখনৰ আশে – পাশে বিদ্যালয় নাছিল । তেওঁ নিজা গাঁৱৰ পৰা ত্রিছ – পইত্রিশ কিলােমিটাৰ নামনিৰ পুৰণা মুর্কংচেলেকৰ অন্তৰ্গত মেচাকী প্রাথমিক বিদ্যালয়ত চতুর্থ শ্রেণীলৈকে অধ্যয়ন কৰে । 

ঐৰাম বৰিদেৱে ইতিহাসৰ বুকুত বিলীন হৈ যাব ধৰা বর্ণাঢ্য মিচিং কৃষ্টি – সংস্কৃতি সংৰক্ষণৰ কাম ১৯৫০ চনৰ বহু আগৰ পৰাই আৰম্ভ কৰিছিল । ১৯৫২ চনৰ পৰা কৃষ্টিপ্রাণ এচাম যুৱক – যুৱতীক লগত লৈ মিচিঙৰ মূল্যৱান ঐ নিঃতম , চৌল্লয়া , লৌৰৌলি , ল:লে , কাবান , তৌব: তৌকাং , বৃনি , মিবু আঃবাং ইত্যাদিবােৰৰ প্রণালীবদ্ধ চর্চা , সংৰক্ষণ আৰু সংবর্ধনা কামত হাতে – কামে লাগে । তেওঁৰ লগত সহযােগ কৰা পােন্ধৰগৰাকীৰাে অধিক ডেকা – গাভৰুৰ দল আছিল । বৰিদেৱৰ এই সাংস্কৃতিক দলটিয়ে জোনাই , পাচিঘাটৰ পৰা আৰম্ভ কৰি গুৱাহাটী , যােৰহাট , ডিব্ৰুগড় , মাজুলীলৈকে লােককৃষ্টি প্রদর্শন কৰি মিচিঙৰ স্বকীয় শৈলীৰে ভৰা বর্ণাঢ্য কৃষ্টি – সংস্কৃতিৰ প্ৰসাৰ ঘটালে । 

( ঘ ) যাদৱ পায়েং :- গছ থাকিলেহে মানুহ থাকিব । অর্থাৎ গছ আৰু মানুহৰ মাজত এৰাব নােৱৰা সম্পর্ক । এই মহাজগতৰ প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত মানুহৰ অতি গুৰু দায়িত্ব আছে । ইয়াৰ বাবে লাগে সদিচ্ছা আৰু পৰিৱেশ ৰক্ষাৰ প্ৰবল হেঁপাহ । এই গুৰু দায়িত্ব বহন কৰি সমগ্র পৃথিৱীৰ মানৱ সমাজক প্রকৃতি ৰক্ষাৰ নির্বাক বাণী প্রদান কৰিবলৈ আগবাঢ়ি আহিল যােৰহাটৰ ককিলামুখৰ ১ নং মিচিং গাঁৱৰ নিবাসী মাত্র দশম শ্রেণীলৈকে পঢ়া শ্ৰীযাদৱ মােলাই পায়েঙ । ১৯৭৯ চনত গছ ৰুবলৈ আৰম্ভ কৰা যাদৱ পায়েঙে যােৱা প্রায় চল্লিশটা বর্ষ কেৱল গছ ৰুইছে আৰু সেইবােৰ লালন – পালন কৰিছে । লগতে মােলাই কাঠনিত বাস কৰা আৰু চৰিবলৈ অহা জীৱ – জন্তু , চৰাই – চিৰিকতিসমূহাে তেওঁ পালন কৰিছে । প্রকৃতিপ্রেমী আৰু পৰিৱেশকর্মী ভাৰতৰ অৰণ্য মানৱ ’ যাদৱ পায়েঙৰ অসমৰ তেতিয়াৰ শিৱসাগৰ আৰু বৰ্তমানৰ যােৰহাট জিলাৰ ককিলামুখৰ বৰঘােপ গাঁৱত জন্ম হৈছিল ১৯৫৯ চনৰ ৩০ অক্টোবৰত । ব্ৰহ্মপুত্ৰৰ ত্ৰাসত বাসস্থান সলনি কৰিবলগীয়া হােৱাত বর্তমান ককিলামুখৰে ১ নং মিৰি গাঁৱত থিতাপি লয় । তেওঁৰ পিতৃৰ নাম লক্ষীৰাম পায়েং আৰু মাতৃৰ নাম আফুলী পায়েং । পিতৃ – মাতৃৰ ১১ – টা সন্তানৰ ভিতৰত যাদৱ পায়েং তৃতীয় সন্তান । দিচৈ কাষৰ ব্ৰাহ্মণ গাঁৱৰ যদুনাথ বেজবৰুৱাৰ তত্ত্বাৱধানত যাদৱ পায়েঙে ৯০ নং বালি গাঁও প্রাথমিক বিদ্যালয়ত শিক্ষাৰ পাতনি মেলিছিল । তেওঁৰ পৰাই পায়েঙে পৰিৱেশ সংৰক্ষণ আৰু জীৱ – জন্তুৰ প্রতি প্রীতিৰ মনােভাৱৰ আদিপাঠ গ্রহণ কৰিছিল । 

[ ( জ ) মণিপুৰীসকল ] 

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। কেতিয়াৰ পৰা মণিপুৰীসকলে অসমত স্থায়ীভাবে বসবাস কৰিব আহিছে ? 

উত্তৰঃ ১৮১৯ চনত মানৰ আক্ৰমণত তিষ্ঠি থাকিব নােৱাৰি অনেক মণিপুৰী লােক অসমলৈ ভাগি আহে আৰু পিছত নিজৰ ঠাইলৈ ঘূৰি নগৈ অসমতে স্থায়ীভাৱে থাকিবলৈ ল’লে । 

প্রশ্ন ২। ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা কিমান চনত অন্তর্ভুক্ত হয় ? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদত মণিপুৰী ভাষা ১৯৯২ চনত অন্তর্ভুক্ত হয় ।

প্রশ্ন ৩। মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ সমাজত সাতােটা য়েক-ছালাইৰ নাম কি কি ?

উত্তৰঃ ‘য়েক – ছালাই’ অৰ্থ হৈছে খেল বা ফৈদ । মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ সমাজত থকা সাতােটা য়েক – ছালাই হ’ল — মঙাং ( নিংথৌজা ) , লুৱাং , খুমন , মােইৰাং অঙোম , খাবা – ঙানবা আৰু চেংলৈ ।

প্রশ্ন ৪। মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ নিজা ঘৰত পূজা – অর্চনা কৰা দেৱ দেৱীৰ নাম কি কি ? 

উত্তৰঃ মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ নিজা ঘৰত পূজা – অর্চনা কৰা দেৱ দেৱীৰ নাম হ’ল- লাইনিংথৌ ছানামহী , ইমা লৈমৰেণ শিদবী ।

প্রশ্ন ৫। লাই হৰাওবা কি ? বছৰৰ কি মাহত লাইহৰাওবা উৎসৱ পালন কৰা হয় ? লাহিহৰাওবা উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্রৰ নাম লিখা । 

উত্তৰঃ ‘লাইহৰাওবা ’ মণিপুৰী সকলৰ কৃষিভিত্তিক আৰু লােকাচাৰ জড়িত উৎসৱ । এই উৎসৱ প্রতিবছৰে বহাগ মাহত পালন কৰা হয় । লাই হওক উৎসৱত ব্যৱহাৰ কৰা এবিধ বাদ্যযন্ত্র হ’ল ‘পেনা’ । 

প্রশ্ন ৬। মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ কিছুমান নাচৰ নাম লিখা । 

উত্তৰঃ মণিপুৰী বা মীতৈ / মৈতৈ সকলৰ কিছুমান নাচৰ নাম হ’ল- থাবল চোংবি , মাইবী জগগাই ( লাই হাওবা নৃত্য ) আদি । 

প্রশ্ন ৭। চমুটোকা লিখা— 

( ক ) নাওবিয়া ফুলাে ( খ ) নৃত্য গুৰুকে. যতীন্দ্র সিংহ ( গ ) সমাজসেবিকা সৰস্বতী সিংহা , ( ঘ ) নােংথােম্বম বিদ্যাপতি সিংহ ।

উত্তৰঃ ( ক ) নাওবিয়া ফুলাে :- আধুনিক মণিপুৰী সাহিত্যৰ বাটকটীয়া ব্যক্তিসকলৰ ভিতৰত নাওৰিয়া ফুলাে অন্যতম । অসমৰ হাইলাকান্দি জিলাৰ ৰাজেশ্বৰপুৰ মৌজাৰ ‘লাইশ্রম খুন’ নামৰ গাঁৱত ১৮৮৮ চনৰ ২৮ আগষ্ট তাৰিখে নাওৰিয়া ফুলােৰ জন্ম হয় । তেওঁ নাওৰেম চাওবা আৰু থম্বৌ দেবীৰ পঞ্চম সন্তান । জন্মতে কুন্দত কটা যেন সুন্দৰ – সুঠাম শিশুটিক ককাকে নাম দিলে  ‘ফুন্দ্রেই’ অর্থাৎ কুন্দ । পঢ়াশালীৰ শিক্ষকে সুকোমল এপাহ ফুলৰ দৰে ধুনীয়া ল’ৰাটিৰ নাম ৰাখিলে ‘ফুলাে’ । 

নাওৰিয়া ফুলােই শিক্ষকতা কৰি থকা সময়ৰ পৰাই সাহিত্য চর্চা আৰম্ভ কৰে অনুবাদেৰে । ১৯১৮ ৰ পৰা ১৯১৯ চনলৈকে হিন্দু উপাখ্যানৰ কাহিনীৰে মুঠ পাঁচখন নাটক ৰচনা কৰে । সেইসমূহ ( ১ ) ‘ইনিংথৌ হৰিচন্দ্র’ — ( ৰজা হৰিচন্দ্র ) ( ২ ) ‘সীতা বনবাস’ ( ৩ ) ‘ৰামনা বনবাসতগী হলহলকলবদা ’ — ( বনবাসৰ পৰা ৰামৰ প্রত্যাৱৰ্তনত ) ( ৪ ) ‘দুষ্মন্ত শকুন্তলা’ ( ৫ ) শ্ৰৱণ কুমাৰ । পৰৱৰ্তী সময়ত— ( ১৯৩০-১৯৪০ ) ১১ বছৰৰ ভিতৰত কবিতা আৰু নিবন্ধৰ মুঠ ১৯ – খন গ্রন্থ ৰচনা কৰে । 

( খ ) নৃত্য গুৰুকে. যতীন্দ্র সিংহ :- বিশ্ব ভাৰতী শান্তিনিকেতন সংগীত ভৱনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বৰেণ্য নৃত্যশিল্পী নৃত্যগুৰু অধ্যাপক কে . যতীন্দ্ৰ সিংহৰ জন্ম হয় ১৯৪৩ চনত এপ্রিল মাহৰ ২২ তাৰিখে অসমৰ কাছাৰ জিলাৰ লক্ষীমপুৰত । গুৰু কে . যতীন্দ্র সিংহ , মণিপুৰীনট – সংকীর্তন গুৰু কে . কামিনী সিংহ আৰু শ্ৰীমতীপশােৎলৈমা দেৱীৰ সুপুত্র।ল’ৰালিৰে পৰা তেওঁ আছিল অতি নম্র , বিনয়ী , সংগীত তথা নৃত্যপ্রেমী । বংশৰ ঐতিহ্যৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি শৈশৱতেই পিতৃ আৰু কে . কামিনী সিংহৰ পৰা নট – সংকীর্তন আৰু নৃত্যৰ আদিপাঠ গ্রহণ কৰে । পৰৱর্তী সময়ত সেই সময়ৰ মণিপুৰ ৰাজ্যৰ প্রখ্যাত নৃত্যগুৰু , গুৰু লােকেশ্বৰ , গুৰু অমুবী আৰু গুৰু অতােম্বাৰ পৰা নৃত্যৰ তালিম লৈছিল ।

গুৰু কে . যতীন্দ্র সিংহক ২০০৬ চনত মণিপুৰী সাহিত্য পৰিষদ , অসমে ‘নৃত্যগুৰু’,২০১০ খ্রীষ্টাব্দত ৰাজকুমাৰ বুদ্ধিমন্ত মেমৰিয়েল ডান্স একাডেমী ত্ৰিপুৰাই ‘ৰাজকুমাৰ মেমােৰিয়েল এৱার্ড’, আৰু ২০১২ চনত মণিপুৰী সাহিত্য পৰিষদ , ইম্ফলে ‘নৃত্যৰত্ন’ উপাধিৰে সন্মানিত কৰে । 

মণিপুৰী নৃত্যৰ বিৰল প্রতিভাৰ অধিকাৰী বৰেণ্য শিল্পী নৃত্যগুৰু কে . যতীন্দ্র সিংহই যােৱা ২ এপ্রিল ২০১৮ চনত সােমবাৰে ৰাতি শান্তিনিকেতনৰ অবল পল্লীৰ নিজা বাসগৃহত ইহলীলা সম্বৰণ কৰে ।

( গ ) সমাজসেবিকা সৰস্বতী সিংহা :- অসম আন্দোলৰ নেত্রী , সমাজসেবিকা , সৰস্বতী সিংহা ১৯৫৮ চনৰ ৮ চেপ্তেম্বৰত হােজাই জিলাৰ লংকা অঞ্চলৰ আমপুখুৰী গাঁৱৰ এটা কৃষক পৰিয়ালত জন্ম গ্রহণ কৰে । পিতৃৰ নাম ৱাহেংবম জয়চন্দ্র সিংহ আৰু মাতৃৰ নাম ৱাহেংবম ফজবী দেবী । 

আমপুখুৰী নিম্ন প্রাইমাৰী স্কুলৰ পৰাই শিক্ষার্থী জীৱনৰ আৰম্ভ কৰে । কাশীপুৰ এম ভি স্কুলৰ পৰা বৃত্তিসহ এম . ভি পাছ কৰাৰ পাছত , লংকা ৰাষ্ট্রভাষা হাইস্কুলৰ পৰা ১৯৭৬ চনত পৰীক্ষাত উত্তীর্ণ হয় । নগাঁও গার্লচ কলেজৰ পৰা ১৯৮১ চনত বি . এ . পাছ কৰে । কিছু বছৰৰ বিৰতিৰ পিছত ১৯৯৩ চনত নগাঁও আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক উপাধি লাভ কৰে । 

১৯৮২ চনত অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগত অঙ্গনৱাড়ী কর্মী হিচাপে কর্ম জীৱনৰ আৰম্ভ কৰে । কিছুদিনৰ পিছত আমপুখুৰী এল পি স্কুলত শিক্ষক হিচাপে যােগদান কৰে । ১৯৮৫ চনৰ ১৪ ছেপ্তেম্বৰত শিক্ষকতাৰ পৰাও অব্যাহতি লয় । তেওঁৰ সমাজসেৱাৰ জীৱনজোৰা অৱদানৰ কাৰণে মণিপুৰী সাহিত্য পৰিষদ , অসমে ২০১২ চনত ‘ সমাজসেবিকা ’ উপাধি আৰু বঁটাৰে বিভূষিত কৰে । ২০১২ চনৰ ৫ ডিচেম্বৰত তেওঁ ইহলীলা সম্বৰণ কৰে ।

( ঘ ) নােংথােম্বম বিদ্যাপতি সিংহ :- মণিপুৰৰ বাহিৰত থকা মণিপুৰীসকলৰ প্রথম এম . এল . এ . নােংথােম্বম বিদ্যাপতি সিংহ এজন বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল । তেওঁ ১৯১২ চনৰ ২৪ নবেম্বৰ তাৰিখে বর্তমান হাইলাকান্দি জিলাৰ লালা চহৰত জন্মগ্রহণ কৰিছিল । তেওঁৰ পিতৃ স্বর্গীয় ললিত সিংহ এজন কবিৰাজ আৰু জ্যোতিষী আছিল । মাতৃ স্বর্গীয়া মাইচন দেবী অসমত থকা মণিপুৰীসকলৰ প্ৰথম ডেপুটী ইন্সপেক্টৰ হিজমৰমন সিংহৰ বায়েক আছিল । তেওঁ ১৯৩১ চনত কলিকাতা বিশ্ববিদ্যালয়ৰ অধীনত প্রথম বিভাগত মেট্রিক পাছ কৰি পিছত শিলেটৰ মুৰাৰীচান্দ কলেজৰ পৰা ইণ্টাৰমিডিয়েট পাছ কৰে । উক্ত কলেজৰ পৰা ১৯৩৫ চনত ঢাকা বিশ্ববিদ্যালয়ৰ অধীনত বুৰঞ্জীত অনাৰ্চসহ বি . এ . পাছ কৰে । 

নােংথােম্বম বিদ্যাপতি সিংহই ১৯৩৬ চনত কাছাৰ জিলাৰ সােনাই এম . ই . স্কুলত ইংৰাজী শিক্ষকৰূপে যােগদান কৰে । সেই সময়ত সােনাই অঞ্চলত এম . ই . পাছ কৰাৰ পিচত হাইস্কুল পঢ়াৰ কোনাে সুবিধা নাছিল । সেয়ে তেওঁৰ প্ৰচেষ্টাত সােনাই এম . জি . স্কুলত হাইস্কুল স্থাপন কৰি হাইস্কুলীয়া শিক্ষাৰ অভাৱ দূৰ কৰে । 

[ ( ঝ ) ৰাভাসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল ? 

উত্তৰঃ ৰাভাসকলৰ আদি বাসভূমি গাৰােপাহাৰৰ ‘ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে , গাৰাে পাহাৰ খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমাবর্তী অঞ্চল আছিল , বর্তমানেও এই অঞ্চলবােৰত এওঁলােকৰ বসতি আছে । 

প্রশ্ন ২। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত ? 

উত্তৰঃ সামাজিক ফালৰ পৰা ৰাভাসকল ৰংদানী , পাতি , দাহৰী মায়তৰী , কোচ , বিতলীয়া , হাদা , মদাহী আদি শাখাত বিভক্ত । 

প্রশ্ন ৩৷ ৰাভা সংস্কৃতিৰ প্ৰতীক কি ? 

উত্তৰঃ ৰাভা সংস্কৃতিৰ প্রতীক হ’ল— ‘মান চেলেংকা’ বা ‘মাছৰােকা ’ চৰাই ।

প্রশ্ন ৪। ৰাভাসকলৰ প্রধান দেৱতা কি ?

উত্তৰঃ ৰাভাসকলৰ প্রধান দেৱতা ৰিছি বা মহাদেৱ । 

প্রশ্ন ৫। ৰাভাসকলৰ প্রধান পূজাটোৰ নাম কি ? 

উত্তৰঃ ৰাভাসকলৰ প্রধান পূজাটোৰ নাম ‘ব্যায়খাে’ । 

প্রশ্ন ৬। চমুটোকা লিখা— 

( ক ) বিষ্ণু ৰাভা ( খ ) ৰাজেন ৰাভা ( গ ) প্রসন্ন পাম ( ঘ ) বীৰু বালা ৰাভা 

উত্তৰঃ ( ক ) বিষ্ণু ৰাভা :- কবি , সাহিত্যিক , নাট্যকাৰ , সংগীতজ্ঞ , নৃত্যবিদ , অভিনেতা বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ঢাকা মহানগৰীৰ সেনা ছাউনীত ১৯০৯ চনৰ ৩১ জানুৱাৰীত । চৰ্দাৰ বাহাদুৰ গােপাল চন্দ্র ৰাভা আৰু গেথী বালা ৰাভাৰ পুত্র বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু ’ নামেৰে জনাজাত । বিষ্ণু ৰাভাৰ প্রাথমিক শিক্ষা আৰম্ভ হৈছিল ঢাকাৰ এখন প্রাথমিক বিদ্যালয়ৰ ইংৰাজী মাধ্যমত । কিন্তু দেউতাকে পিছত বঙালী মাধ্যমত ভর্তি কৰায় যদিও পিছলৈ তেজপুৰলৈ আহি অসমীয়া মাধ্যমত শিক্ষা গ্রহণ কৰে ।

১৯২৬ চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাৰ ভিতৰতে প্রথম হৈ প্ৰৱেশিকা পাছ কৰি ‘কুইন এমপ্ৰেছ ’ পদক লাভ কৰিছিল । হাইস্কুলীয়া শিক্ষা জীৱনৰ পৰাই বিষ্ণুৰাভা আগশাৰীৰ খেলুৱৈ আছিল । ফুটবল , ক্রিকেট , হকী খেলাৰ উপৰিও সুন্দৰ গীত গায় , নাচে , অভিনয় কৰে , চিত্র আঁকে । ইয়াৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিও তেওঁৰ প্ৰৱল আসক্তি আছিল । পিছত তেওঁ  কলকতালৈ গুচি গৈ তাতে হাতত কলম তুলি লৈ ‘আৱাহন’, বাঁহীৰ পাতত লিখিবলৈ আৰম্ভ কৰি অসমীয়া সাহিত্যপ্রেমীৰ মাজত ন – কৈ চিনাকি হ’ল — বিষ্ণু প্ৰসাদ ৰাভা ।

( খ ) ৰাজেন ৰাভা :- কৃতী শিক্ষক , প্রথিতযশা সাহিত্যিক , আজীৱন গৱেষক ৰাজেন ৰাভাৰ জীৱন আৰু কৃতি বিশাল । ‘অভিধানেই মােৰ গুৰু’ বুলি কোৱা ৰাজেন ৰাভাই ‘ৰাভা সাধু’, ৰাভা জনজাতি’ আদিৰ উপৰিও দুকুৰিৰাে অধিক প্ৰৱন্ধৰে অসমীয়া সাহিত্য চহকী কৰি থৈ গৈছে । ১৯২০ চনৰ ১৮ ছেপ্তেম্বৰত দুধনৈত জন্মগ্রহণ কৰা ৰাজেন ৰাভা এম ই স্কুলৰ পৰা ওলাই মাত্র পাঁচ টকা পাৰিতােষিকেৰে এখন মাৰােৱাৰী দোকানত জীৱিকাৰ বৃত্তি গ্ৰহণ কৰি নিজ সংকল্পৰ দৃঢ়তাৰ বাবেই প্রাইভেটকৈ মেট্রিক ( ১৯৫৫ ) , আই , এ . আৰু শেষত অসমীয়া বিভাগত এম এ পৰীক্ষাত ( ১৯৭১ ) উত্তীৰ্ণ হৈ ৰাভা আৰু সমাজ – সংস্কৃতি বিষয়ত অধ্যয়ন কৰিবলৈ লয় । আজীৱন সাহিত্য – সাধক , সমাজ আৰু মানৱপ্ৰেমী ৰাজেন ৰাভাৰ বর্ণাঢ্য জীৱনৰ প্ৰথমছােৱা কাল আছিল দুখ আৰু কষ্টকৰ । সেই সময়তে ‘উদয়ন’ নামৰ তিনিমহীয়া আলােচনী এখন উলিয়ায় । তেওঁ স্বাধীনতা আন্দোলনতাে যােগদান কৰি ‘কৰিম কিম্বা মৰিম’ বাহিনীত ভর্তি হৈছিল । 

তেওঁক অসম চৰকাৰে সাহিত্যিক পেঞ্চন প্রদান কৰাৰ লগতে ১৯৪৬ চনত ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰো বঁটা প্ৰদান কৰে ।

( গ ) প্রসন্ন পাম :- ৰাভা কৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল ১৯৩২ চনৰ ২০ তাৰিখে গােৱালপাৰা জিলাৰ বালিজান চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত । পিতৃ কমল কুমাৰ ৰাভা আৰু মাতৃ দাখেল বালা ৰাভা । পূব গাৰাে পাহাৰ জিলাৰ মাণিকগঞ্জ প্রাথমিক বিদ্যালয়ত শিক্ষা – জীৱন আৰম্ভ কৰা প্রসন্ন পাম আগিয়া এম . ভি . স্কুলৰ পৰা উত্তীর্ণ হয় । 

ৰাভা কৃষ্টিৰ ৰূপকাৰ প্রসন্ন পাম সৰুৰে পৰা ৰাভা কৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল । অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল । এইবােৰ গীতৰ কথা আৰু সুৰে সাম্প্রতিক সময়লৈকে অতি জনপ্রিয় হৈ আছে । ‘দদান বীৰ’ নাটকৰ জৰিয়তে জনপ্রিয় হােৱা প্রসন্ন পামৰ ‘মাৰুক্ষেত্রী’, ( নাটক ) , সৃষ্টিবিধান’, ‘ময়ৰা শক্তি’,  ‘লাঙামুক্তি’, ‘কামগিৰি শক্তি’,  ‘পিদান সংসাৰ’,  ‘মায়া হাছং’,  ‘লেখা তেৱা জমা তংচা ‘ ইত্যাদি গ্রন্থ অপ্রকাশিত অৱস্থাত ৰৈ আছে । 

সমগ্র জীৱন ৰাভা কৃষ্টি অক্লান্তভাৱে সাধনা কৰা প্রসন্ন পাম ১৯৫২ চনত অমনী বালা ৰাভাৰ স’তে বিবাহ পাশত আবদ্ধ হৈ চাৰিজন ল’ৰা আৰু তিনিজনী ছােৱালীৰ পিতৃ হয় । ২০-০২-১৯৭৮ ইং তাৰিখে এক নির্বাচনী প্রচাৰৰ সহযােগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত এইজনা মহান শিল্পীৰ জীৱন অকালতে নিয়তিয়ে কাঢ়ি নিলে ।

( ঘ ) বীৰু বালা ৰাভা :- ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসক সমাজৰ পৰা দূৰ কৰি এক সুস্থ সমাজ গঢ়াৰ আপ্রাণ চেষ্টাৰে নিজকে উৎসর্গিত কৰা সংগ্রামী নেত্রী বীৰুবালা ৰাভা । 

গােৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ভিতৰুৱা গাঁও এখনত ১৯৪৯ চনত জন্ম লাভ কৰা বীৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কালিয়াৰাম ৰাভা আৰু মাতৃৰ নাম সাগৰবালা ৰাভা । প্রাথমিক বিদ্যালয়ৰ ৩ য় শ্ৰেণীলৈ পঢ়ি মাত্র ১৫ বছৰ বয়সতে বিবাহ পাশত আবদ্ধ হােৱা বীৰুবালা ৰাভাৰ কৰ্মজীৱনৰ আৰম্ভণি আছিল বােৱা-কটা কামৰ জৰিয়তে । অবিৰামভাৱে এই কামত লাগি থকা বীৰুবালা ৰাভাই তেওঁৰ কামৰ স্বীকৃতি হিচাপে লাভ কৰা বঁটা আৰু স্বীকৃতিসমূহ তলত উল্লেখ কৰা হ’ল : 

২০০৫ চনত :- শান্তিৰ নবেল বঁটালৈ মনােনয়ন । ২০০৫ চনত :- Real Hero স্বীকৃতি , IBN 18 Network and Reliance Group . 

২০১১ চনত :- সমাজপ্রাণ সর্বেশ্বৰ দত্ত মেমােৰিয়ল বঁটা পুৰস্কাৰ প্রদানেৰে ‘সমাজপ্রাণ’ পুৰস্কাৰ । 

২০১১ চনত :- উর্মিলা দাস মেমােৰিয়েল বঁটা । ২০১২ চনত :- ডিব্ৰুগড় মহিলা ক্লাৱৰ ‘জয়মতী’ বঁটা প্রদান । 

২০১৩ চনত :- ইংখং ৱেলফেয়াৰ ছ’ছাইতি কোকৰাঝাৰ জিলাৰ দ্বাৰা ‘মেন অৱ দা ইয়াৰ বঁটা । 

২০১৪ চনত :- শিৱসাগৰ সােণাৰী টাই আহােম যুৱ পৰিষদৰ দ্বাৰা ‘বীৰাংগনা মূলাগাভৰু’ বঁটা । গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা বীৰুবালা ৰাভাক সন্মানীয় ডক্টৰেট ডিগ্রী প্রদান কৰা হয় ২০১৫ চনত ।

বর্তমান ‘Mission Birubala’- ৰ জৰিয়তে ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে অহৰহভাৱে কাম কৰি আছে ৷

 [ ( ঞ ) সােণােৱাল কছাৰীসকল ] 

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। ডিমাচা ভাষাত সােণােৱাল মানে কি ? 

উত্তৰঃ ডিমাচা ভাষাত সােণােৱাল মানে হ’ল- উজ্জ্বল আৰু ঐশ্বর্যশালী ।

প্রশ্ন ২। সােণণাৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল ? 

উত্তৰঃ সােণণাৱাল কছাৰী সকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল । 

প্রশ্ন ৩। সােণাৱাল কছাৰীসকলৰ লােক-সাহিত্য সমূহৰ বিষয়ে লিখা । 

উত্তৰঃ মুখে মুখে বাগৰি অহা , মুখে মুখে ৰচনা কৰা পুৰণি নাম , পদ , মালিতা ফকৰা যােজনা , সাধুকথা ইত্যাদি সােনােৱাল কছাৰীসকলৰ উল্লেখযােগ্য লােক বা চহা সাহিত্য । বর্তমানলৈ প্রাপ্ত লােক – সাহিত্য সমূহৰ ভিতৰত হায়দাং গীত , হুচৰি গীত , বহুৱা নৃত্যৰ গীত , আইনাম , ধাইনাম , লখিমী নাম , অপেশ্বৰীৰ নাম , গােসাঁইৰ নাম , ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত , জনাগাভৰুৰ গীত , মৰণামৰা গীত , বিহুগীত , ওৰাচিয়া গীত আদিয়েই প্রধান । 

প্রশ্ন ৪। সােপােৱাল কছাৰীসকলৰ সমাজ পদ্ধতিৰ বিষয়ে চমুকৈ বর্ণনা কৰা । 

উত্তৰঃ সােণােৱাল কছাৰীসকলৰ প্রথম পৰিচয় সঁচ বা পৰিয়াল , বংশ , খেল আৰু কুচীয়া । বর্তমান সােণােৱাল কছাৰীৰ মাজত ১৩৫ টা সঁচ আছে । ইয়াৰে চাৰিটা ততােধিক সঁচ মিলি একোটা বংশ হয় । এওঁলােকৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে । ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল । সােণােৱাল কছাৰীৰ বিবাহৰ ক্ষেত্ৰত প্রথমে সঁচ আৰু বংশ বিচাৰ কৰা হয় । একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ভাই – ককাই হিচাপে গণ্য কৰা হয় । 

প্রশ্ন ৫। সােণণাৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয় ? 

উত্তৰঃ সােণােৱাল কছাৰীসকল ৮৩০ খ্রীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল ; ১৬৮১ চনত আহােমৰ স্বৰ্গদেৱ গদাপাণিৰ ৰােষত পৰি শ্ৰীশ্ৰীকেশৱ দেৱ গােস্বামীদেৱে শদিয়াৰ সােণােৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি , বর্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগােপন কৰি থাকোতে অতি কৌশলেৰে সােণােৱাল । কছাৰীসকলক শৰণ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে । সত্ৰাধিকাৰৰ ওচৰত শৰণ লােৱা সকলক হিন্দুৰীয়া আৰু শৰণ লােৱা সকলক বেহাৰী বুলি নামকৰণ কৰিলে । সেই সময়ৰ পৰাই সােণােৱাল সকলৰ মাজত ‘গােসাঁই নাম’ অন্তর্ভুক্ত হয় । সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্রতি সােণােৱাল কছাৰীসকল দ্বৈতধর্মী । 

প্রশ্ন ৬। চমুটোকা লিখা 

( ক ) গগণ চন্দ্ৰ সােণােৱাল  ( খ ) পৰশুৰাম সােণােৱাল ( গ ) যােগেশ দাস ( ঘ ) যােগেন্দ্রনাথ হাজৰিকা । 

উত্তৰঃ ( ক ) গগণ চন্দ্ৰ সােণােৱাল :- সাহিত্য – সংস্কৃতিৰ সাধক গগন চন্দ্র সােনােৱালে তিনিচুকীয়া জিলাৰ বৰহাপজানৰ সমীপৰ শুকানগুৰি চাহবাগিছাত ১৯২৬ চনত ২৪ ডিচেম্বৰ তাৰিখে জন্মগ্রহণ কৰে । ডাঙৰী গাঁৱৰ তিলক সােনােৱাল তেওঁৰ পিতৃ আৰু মাতৃ অদিতি সােনােৱাল । 

মাকুম প্রাথমিক বিদালয়ত তেওঁৰ শিক্ষা – জীৱন আৰম্ভ হয় । তাৰ পাছত যথাক্রমে ডাঙৰী মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ে আৰু ডাঙৰী ইংৰাজী বিদ্যালয়ৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হয় । ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ ডিব্ৰুগড় হনুমান বক্স কানৈ কলেজৰ পৰা কলা শাখাত প্রাক্ – স্নাতক পৰীক্ষাত উত্তীর্ণ হােৱাৰ পাছত তেওঁৰ শিক্ষা – জীৱনৰ সিমানতে সামৰণি পৰে । 

তেওঁ বিদ্যালয়ৰ হাতে লেখা আলােচনীৰ পাততেই ১৯৪২ চনত ‘মানৱ সভ্যতা আৰু ক্রমবিকাশ’ প্ৰবন্ধটো এঘাৰ বছৰ বয়সত লিখিছিল । সেই কালৰ জনাজাত গুৱাহাটীৰ তৰুণ লেখক সংঘ’ৰ প্রথম প্রকাশিত মুখপত্র ‘তৰুণ জাগৰণত‘ ‘সােনােৱাল কছাৰীৰ’ হায়দাং গীত প্ৰকাশ কৰিছিল । তেওঁ ৰচনা কৰা একৈশটা সাধুকথা অসম সাহিত্য সভাই ‘সােনােৱালৰ সাধু’ নামেৰে ১৯৭৮ চনত প্রকাশ কৰে । সােনােৱালদেৱৰ উৎকৃষ্ট নিদৰ্শনৰূপে বর্তমানলৈকে প্ৰকাশ হৈছে বিভিন্ন বিষয়ৰ — যেনে ( ১ ) সােনােৱাল কছাৰীসকলৰ ঐতিহ্য ’ ( ২ ) ‘ অসমৰ সংস্কৃতিত সােনােৱালসকলৰ অৱদান ’ চৌবিশটা মৌলিক প্ৰৱন্ধ ( ৩ ) লােকসাহিত্য – সংগ্রহ , যেনে গীত – মাত , হায়দাং হুঁচৰি আইনাম , অপেচৰা নাম , লখিমী নাম ইত্যাদি । ( ৪ ) অন্যান্য ৰচনাৱলীত আছে তেৰটা অমূল্য নিৱন্ধ ,( ৫ ) ভাষাণাৱলীত সন্নিবিষ্ট হৈছে ঊনৈশটা ভাষণ , ( ৬ ) ছয়টা কবিতা — প্রভৃতি বিচিত্র সাহিত্যকর্মই গগন চন্দ্র সােনােৱাল দেৱৰ জীৱনৰ কীর্তি । সাংস্কৃতিক জীৱনৰ গুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লগ লাগি সােনােৱাল কছাৰীৰ সমাজ জীৱনৰ ইতিহাস স্বৰূপ ‘হুঁচৰি গীত’ ছৈখােৱাৰ বিছনী গাঁৱৰ পৰা ১৯৪২ চনত সংগ্রহ কৰিছিল ।

 ( খ ) পৰশুৰাম সােণােৱাল :- পৰশুৰাম সােনােৱালৰ জন্ম হয় ১৯০৪ চনৰ ২৫ মে’ তাৰিখে নগাঘুলি চাহ বাগিছাত । তেওঁৰ পিতৃৰ নাম আছিল পঞ্চানন সােনােৱাল আৰু মাতৃ আছিল গুটিমালা সােনােৱাল । গ্রেহেম বজাৰ নিম্ন বুনিয়াদী পাঠশালাত পৰশুৰাম সােনােৱাদেৱে প্রাথমিক শিক্ষাৰ শুভাৰম্ভ কৰে । সুখ্যাতিৰে সেই স্কুলৰ পৰা উত্তীর্ণ হয় আৰু চৰকাৰী ল’ৰাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত নাম লগায় । আৰু সেই স্কুলৰ পৰাই তেওঁ ১৯২৪ চনত প্রথম বিভাগত মেট্রিক পাছ কৰে আৰু কটন কলেজৰ পৰা আই . এ . কলা শাখাত প্রথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত নাম লগায় । সেই কলেজৰ পৰা ১৯২৮ চনত বুৰঞ্জীত সন্মানসহ বি . এ.- ত প্রথম শ্রেণী লাভ কৰি উত্তীর্ণ হয় । ১৯৩২ চনত তেওঁ ‘ ইউনিভাৰচিটি অব কলকাতা’ৰ পৰা বুৰঞ্জী বিভাগত স্নাতকোত্তৰ প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰাৰ লগতে একে সময়তে সেই বিশ্ববিদ্যালয়ৰ পৰা এল . এল . বি.- ত প্রথম শ্ৰেণীৰ দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । 

পৰশু সােনােৱাল কেৱল যে এজন বিদ্যায়তনিক দিশতে পাৰ্গত অছিল সেয়া নহয় । তেওঁ এজন এনে ব্যক্তি আছিল , যিয়ে ক্রীড়া , সংগীত সাধনা , লেখক ( গল্প , প্ৰৱন্ধ ) আদিৰ লগতে সুকুমাৰ কলাতে সিদ্ধহস্ত আছিল । তেওঁৰ গল্প আদি সেই সময়ত প্ৰকাশিত Illustrated Weekly of India আলােচনীত সঘনে প্রকাশিত হৈছিল আৰু প্রয়ােজনীয় চিত্রসমূহৰ স্কেচ নিজে আঁকিছিল ।

( গ ) যােগেশ দাস :- প্রাতঃস্মৰণীয় শিক্ষাবিদ আৰু প্রখ্যাত সাহিত্যিক যােগেশ দাসৰ জন্ম হৈছিল ১৯২৭ চনত ডুমডুমাৰ হাঁহচৰা চাহ – বাগিছাত । তেওঁৰ পিতৃৰ নাম সূর্যকান্ত দাস আৰু মাতৃৰ নাম আছিল চিন্তামণি দাস । চাহ বাগিছাৰ নয়নাভিৰাম প্রাকৃতিক পৰিবেশত ডাঙৰ – দীঘল হােৱা যােগেশ দাসে চাহ – বাগিছাৰ প্রাথমিক বিদ্যালয়তে শিক্ষা – জীৱন আৰম্ভ কৰে । ডুমডুমা মজলীয়া বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডিব্ৰুগড় জর্জ – ইনষ্টিটিউশন , বর্তমান বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা গ্রহণ কৰে । ১৯৫৪ চনত অতি সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয় । ১৯৪৯ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৩ চনত স্নাতকোত্তৰ উপাধি লাভ কৰে । ছাত্ৰ অৱস্থাৰ পৰাই তেওঁ গল্প ৰচনা কৰি এগৰাকী পৈণত গল্পকাৰৰ পৰিচয় দিছিল । ১৯৫৩ চনতেই তেওঁ ৰচনা কৰা উপন্যাস ‘ সঁহাৰি পাই ’ প্ৰকাশ হৈছিল ।

( ঘ ) যােগেন্দ্রনাথ হাজৰিকা :- অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী যােগেন্দ্র নাথ হাজৰিকা অসমৰ জনসাধাৰণৰ মাজত যােগেন হাজৰিকা নামেৰে অধিক জনাজাত । মানুহজন সকলাে গুণেৰে বিভূষিত , পিন্ধনত বগা খদ্দৰৰ পােছাক , সুন্দৰ শাৰীৰিক গঠন , ধীৰ – স্থিৰ , গম্ভীৰ , সকলাে ক্ষেত্ৰতে পৰিপাটি , কথা – বতৰাত অতি সংযম , অতি ভদ্র আচাৰ – ব্যৱহাৰ , বুদ্ধিদীপ্ত ব্যক্তিত্বশীল গুণেৰে সমৃদ্ধ এগৰাকী গৌৰ বৰণৰ ওখ – পাখ সহজতে সকলােকে আকৰ্ষণ কৰিব পৰা সভা শুৱনি ব্যক্তি । নিয়ৰৰ টোপালৰ দৰে অতি পবিত্র অন্তৰ তেওঁৰ চৰিত্ৰৰ ভূষণ । 

তেওঁ আছিল একেধাৰে কৃতী ছাত্র , আদর্শ সমাজবাদী , সু – সংগঠক , সু – লেখক , বুদ্ধিজীৱী , আলােচনী সম্পাদক , আইনবিদ , সু – দক্ষ সাংসদ , ভাৰতৰ প্ৰথমগৰাকী বহিঃপৰিক্ৰমা বিভাগৰ সংসদীয় সচিব , চতুৰ ৰাজনীতিবিদ , বিধায়ক , দক্ষ প্রশাসক , বিধান সভাৰ অধ্যক্ষ তথা অসমৰ প্রাক্তন মুখ্যমন্ত্রী । 

অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ পুৰণিখঙীয়া গাঁৱত ১৯২৪ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এটি দৰিদ্ৰ পৰিয়ালত যােগেন হাজৰিকাদেৱৰ জন্ম হৈছিল । তেওঁৰ পিতৃ – মাতৃ ক্রমে গােলাপ চন্দ্র হাজৰিকা আৰু ৰত্না হাজৰিকা আছিল । তেওঁৰ পত্নী বীণা হাজৰিকা আৰু একমাত্র পুত্র মনজিৎ হাজৰিকা ।

[ ( ট ) হাজংসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। হাজংসকল কোন জনগােষ্ঠীৰ লােক ? 

উত্তৰঃ হাজংসকল নৃতাত্ত্বিক সকলৰ মতে ইণ্ডো – মঙ্গোলীয় জনগােষ্ঠীৰ লােক ।

প্রশ্ন ২। হাজং সকলক পার্বত্য স্বায়ত্তশাসিত জিলাৰবাৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল ? 

উত্তৰঃ হাজং সকলক পার্বত্য স্বায়ত্তশাসিত জিলাৰবাৰত ১৯৫০ চনত অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল ।

প্রশ্ন ৩। বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বাস কৰি আছে ? 

উত্তৰঃ বর্তমান হাজংসকল প্রধানকৈ বর্তমান অসমৰ গােৱালপাৰা , ধুবুৰী , কামৰূপ , বাস্কা , ওদালগুৰি , চিৰাং , দৰং , লক্ষীমপুৰ , ধেমাজি , নগাঁও আদি জিলাত বাস কৰি আছে । 

প্রশ্ন ৪। হাজংসকলৰ মূল জীৱিকা কি ? 

উত্তৰঃ হাজং সকলৰ মূল জীৱিকা হ’ল-কৃষি । 

প্রশ্ন ৫। ‘বাস্তুদেও পূজা ’ কেতিয়া অনুষ্ঠিত কৰে ? 

উত্তৰঃ ‘বাস্তুদেও পূজা’ বহাগ মাহত অনুষ্ঠিত কৰে ।

প্রশ্ন ৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপর্য কি ? 

উত্তৰঃ হাজংসকলে এখন চোতালৰাখি চাৰিওকাষে বিভিন্ন নাম দি ঘৰ সজায়।আগচোতালত সজোৱা ঘৰটোৰ নাম কাছৰি ঘৰ । কাঘূৰি ঘৰ বাটচ’ৰা বুলি ক’ব পাৰি যদিও আচলতে হাজং সকলৰ ই ডেকাচাং আছিল । এসময়ত গাঁৱৰ মুৰব্বী বা প্রতিপত্তিশীল ব্যক্তিৰ হাউলিতহে কাছুৰি ঘৰ আছিল । কাছৰি ঘৰত গাঁৱৰ অব্বিাহিত ডেকাসকলহে নিশা শুইছিল । গাঁৱলৈ পুৰুষ আলহী – অতিথি আঁহিলেও এই কছাৰী ঘৰতহে ৰাতি থাকিবলৈ দিয়া হৈছিল ।

Class 10 Assamese Solutions – অসমীয়া সমাধান

S.L. No.ContentsLink
পাঠ-1 বৰগীতসমাধান
পাঠ-2 জিকিৰসমাধান
পাঠ-3প্ৰশস্তিসমাধান
পাঠ-4মই অসমীয়াসমাধান
পাঠ-5দৃশ্যান্তৰসমাধান
পাঠ-6ছাত্ৰ–জীৱন আৰু সমাজ সেৱাসমাধান
পাঠ-7ভাৰতীয় সংস্কৃতিসমাধান
পাঠ-8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিসমাধান
পাঠ-9ইন্টাৰনেটৰ তিতা – মিঠাসমাধান
পাঠ-10অৰুণিমা সিনহাসমাধান
পাঠ-11অৰণ্য যাত্ৰাসমাধান
পাঠ-12পাৰস্যত এভুমুখিসমাধান
পাঠ-13কানাইৰ চাতুৰীসমাধান
পাঠ-14ধৰ ঝাড়ু ধৰ ভাইসমাধান
পাঠ-15 বিষাদযোগসমাধান
পাঠ-16প্রাচীন ভাৰতীয় শিক্ষাসমাধান
ঋজুভাৰতীসমাধান
দ্রুত পাঠবৈচিত্র্যময় অসমসমাধান

2 thoughts on “Class 10 Assamese বৈচিত্র্যময় অসম | অসমীয়া Class 10 বৈচিত্র্যময় অসম”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising