ব্রহ্মপুত্র ৰচনা | Brahmaputra Essay in Assamese

ব্রহ্মপুত্র ৰচনা | Brahmaputra Essay in Assamese

Join Telegram channel

“ব্রহ্মপুত্র মহাবাহাে শান্ত্বনােঃ কুলনন্দন। অমােঘ গর্ভস্যুত লৌহিত পাপং মে হৰ।”

– এনে কত গীত কথা

এনে কত কবিতাৰ

মূর্তিমতী সুৰৰ ঝংকাৰ

উঠিছিল কৰি তােলপাৰ।”

ব্রহ্মপুত্র ৰচনা

অতীত ইতিহাস

উত্তৰে উত্তংগ গিৰিবাজ। হিমাচলৰ শাখা-প্রশাখা ভােট, অঁকা, দফলা, আবৰ, মিৰি, মিচিমি  আৰু দক্ষিণে নগা, পাটকাই, কাৰ্বি, গাৰাে আদি স্মসমৰ পূৰ্বৰ্তমালাৰ মাজৰ প্ৰাকৃতিক সৌন্দৰ্য  বিমণ্ডিত অসম উপত্যকাৰ মাজেৰে গহীন গম্ভীৰ গতিৰে চিৰপ্ৰৱাহমান মহাবাহু ব্ৰহ্মপুত্ৰ অনন্তকাল জুৰি অনন্ত বাৰিধাৰা বহন কৰি বৈ আছে মহাসিন্ধুক উদ্দেশ্যি। ইয়াৰ দুপৰ মনােৰম শ্যামল বুকুত কত সভ্যতাৰ, কত সংস্কৃতিৰ, গৌৰৱৰ কত ইতিহাস যুগে যুগে গঢ়িছে ভাঙিছে- অন্ত নাই তাৰ। এই লুইতৰ পাৰতেই নৰক, ভগদত্ত, বাণৰ কত ইতিহাস, কত স্মৃতি বিজড়িত হৈ আছে গৰিমামণ্ডিত হৈ। উষা-অনিৰুদ্ধৰ মিলনব মধুৰ কাহিনী, চিত্রলেখাৰ-অলৌকিক চিত্র-নৈপুণ্যৰ গৌৰৱােজ্জ্বল স্মৃতি, ভগৱান শ্রীকৃষ্ণ-ৰুক্মিণীৰ প্ৰেমৰ মধুময় গাথা, প্রহ্লাদৰ হৰিভক্তিৰ মহিমা, কোচৰাজ শংকলাদিবৰ দিগ্বিজয়ৰ আকাশলংঘী গৰিমা, নল-দময়ন্তীৰ বিৰহৰ কত হা-হুতাশ, ভাৰতবিজয়ী মােগলক সােতৰবাৰ পৰাজিত কৰাৰ অবিস্মৰণীয় ইতিহাস, মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ জয়গীতি, লাচিতৰ অসীম বীৰত্বৰ অতুলনীয় কাহিনী আৰু কত কি গৌৰৱৰ মধুময় কাহিনীৰ অপূর্ব স্মৃতি বিজড়িত আছে লুইতৰ বিশাল বুকুত।

এই লুইতৰ বুকুত গাথা আছে সতীৰ জীৱনৰ মর্মন্তুদ বেদনাৰ কৰুণ কাহিনী; কামদেৱৰ পুনৰ জীৱন লাভৰ কাহিনী, আৰু আছে মা কামাখ্যাৰ মধুৰ আখ্যান। লৌহিত্যৰ পূতসলিলাৰে বিধৌত প্রাগজ্যোতিষৰ বুকুত আছে “আৰ্য্যৰ গৌৰৱ ঘােষি মৰ্তব্য ভুৱনত” পৰম তাপস বশিষ্ঠৰ মনােৰম আশ্রম য’ত সন্ধ্যা, ললিতা, কান্তাৰ কুলু কুলু সুৰৰ সুষমাই পুৱা, সন্ধ্যা আবতি জয়-গীতি গায় চিৰদিন।

এই লুইতৰ পাৰতেই শ্ৰীমন্ত শংকব, মাধৱৰ একশৰণ ভাগৱতী ধৰ্মৰ “হৰিনাম ৰসে বৈকুণ্ঠ প্রকাশে, বহে ব্রহ্মাণ্ডক ভেদি।” কীর্তন, দশম, নামঘােষাৰ “ৰসময়ী” ভক্তিৰ মহিমাই, বৰগীতৰ ৰাগিণীৰ মাধুর্যই লুইতৰ বুকুততা হৰিনামৰ তৰংগমালাৰ সৃষ্টি কৰি তাৰ স্রোতধাৰাৰে সমগ্র ভৈয়াম ধৌত বিধৌত কৰি অসমী আইক পৰম পকিন্তু তীর্থক্ষেত্ৰত পৰিণত কৰিছিল। এই লুইতৰ পাৰৰেই কোনাে এক নির্জন প্ৰান্তত বহি মাধৱ কন্দলীয়ে ৰামায়ণৰ মহাগান ৰচনা কৰিছিল, অনন্ত কন্দলীয়ে মহাভাৰত মহাকাব্য নিবন্ধন কৰিছিল।

Read Also: এৰি অহা দিনবােৰৰ স্মৃতি ৰচনা | Memories of The Days Left Behind Essay in Assamese

ব্রহ্মপুত্র উৎপত্তিৰ অতীত কাহিনী

এই লৌহিত্যৰ জন্মবৃত্তান্তও এক মনােৰম কাহিনী। মহামুনি শান্তনুৱে পত্নী অমােঘৰ সৈতে এই কামৰূপ কামদাৰ বুকুতেই আশ্রম পাতি বিভু বন্দনাৰ মধুময় স্তােত্ৰৰে পুনতীর্থ গঢ়ি তুলিছিল পুত্রহীনা অমােঘাই লাভ কৰিছিল এক তেজোদীপ্ত বীর্যবান কিন্তু জলময় সন্তান। শান্তনু মুনিয়ে উত্তৰে কৈলাসনাথ, পূবে সম্বৰ্ত্তক, দক্ষিণে গন্ধমাদন আৰু পশ্চিমে জাৰুধি- এই চাৰি পৰ্বতেৰে পৰিবেষ্টিত ভূ-খণ্ডত জলময় সন্তানক ৰক্ষণাবেক্ষণ দি ৰাখে। তাতেই সন্তানটি কলা কলাকৈ বাঢ়ি এক বিতােপন সৰােবৰত পৰিণত হয়। মাতৃহত্যাকাৰী পৰশুৰাম মহাপাপ প্রক্ষালনৰ কাৰণে হত্তবদ্ধ কুঠাৰ লৈ এই সৰােবৰৰ পাৰত উপস্থিত হয় আৰু কুঠাৰেৰে সৰােবৰৰ তীৰ কাটি দি তাৰ পানীৰে হস্ত প্রক্ষালন কৰাত কুঠাৰ খহি পৰে আৰু তেওঁ পাপমুক্ত হয়। সেইভাগ পানী কামৰূপৰ বুকুৰে বাগৰি যায় মহাসিন্ধুৰ দিশে। ব্রহ্মাৰ ঔৰসজাত বাবেই ইয়াৰ নাম ব্ৰহ্মপুত্ৰ বুলি খ্যাত হয়। এয়ে ব্ৰহ্মপুত্ৰ যাৰ জন্মৰ লগত বিজড়িত এনে মনােৰম কাহিনী, যাৰ দুপাৰৰ লগত জড়িত শত সহস্র বিতােপন কাহিনী।

ভৌগােলিক বিচাৰ মতে ব্রহ্মপুত্ৰৰ উৎস তিববতৰ মনােৰম মানস সৰােবৰ হ্রদ-

উপনদী

সেই মানস-সৰোবৰূপৰাই নির্গত হৈ চাম্পু নাম লৈ তিব্বত পার্বত্য উপত্যকাৰ মাজেৰে পূবলৈ ৰৈ আহি পূর্ব হিমালয়ৰ নামচাবাৰৱা শৃংগৰ ওচৰত গভীৰ গিৰিখাৰ সৃষ্টি কৰি দিহং নাম লৈ দক্ষিণলৈ লৈ আহে। পূর্বফালৰপৰা বৈ অহা দিবং আৰু লােহিতৰ লগত শদিয়াৰ ওচৰত মিলিত হৈ ব্রহ্মপুত্র নাম লৈ অসম উপত্যকাৰ মাজেদি বৈ যায়। ধুবুৰীৰ কিছু আঁৰত ই পূৱলৈ গতি কৰি বাংলাদেশত প্ৰৱেশ কৰে। তাৰপৰা যমুনা নাম লৈ দক্ষিণলৈ বৈ যায়। আন এটা শাখাই পুৰণা ব্রহ্মপুত্র নাম লৈ মৈমনসিংহ জিলাৰ মাজেৰে গৈ পূৱৰপৰা অহা ধলেশ্বৰীৰ লগত মিলিত হৈ মেঘনা নাম লৈ কিছুদূৰ বৈ যায়।

যমুনাই গংগাৰ শাখা পাৰ লগত মিলিত হৈ দক্ষিণলৈ বৈ গৈ মেঘনাৰ লগ লাগে আৰু মেঘনা নামেৰেই বংগােপসাগৰত মিলিত হয়। অসমৰ পূব প্ৰান্তৰপৰা পশ্চিম প্রান্তলৈকে হাজাৰ-বিজাৰ জান, জুৰি, নিজৰা, উপনৈয়ে অজস্র জলধাৰাৰে ব্ৰহ্মপুত্ৰৰ বুকু চিৰদিন উপচাই ৰাখে। সেইবােৰৰ ভিতৰত উত্তৰপাৰৰ সােৱণশিৰি, ভৰলী, জীয়াধনশ্রী, বৰনদী, পাগলাদিয়া, চাউলখােৱা, মানাহ, গাভৰু, চম্পাৱতী, সৰলভাঙ্গা, সােণকোষ, তিস্তা আৰু দক্ষিণপাবৰ বুঢ়ীদিহিং, দিচাং, দিখৌ, জাঁজি, ভােগদৈ, কাকডােঙা, ধনশিৰী, কলং, সােণাই, দিগাৰু, ভৰলু, কলহী, কৃষ্ণাই, দুধনৈ আদি বিশেষভাৱে উল্লেখযােগ্য। এই উপনদীবিলাকে অসংখ্য শাখা-প্রশাখাৰে এখন মকৰা জালেৰেহে যেন অসমক আৱৰি ৰাখিছে।

বানপানীৰ কাৰণ

প্রায় ২৮৮০ কিলােমিটাৰ দীঘল বর্তমান ভাৰতৰ দীর্ঘতম নদী ব্রহ্মপুত্র মানস সৰােবৰৰ অন্তহীন জলধিৰে চিৰদিন পৰিপুষ্ট হৈ থাকে। তাতে উত্তৰৰ বৰফৰ উৎসৰপৰা প্ৰৱাহিত হােৱা উত্তৰপাৰৰ উপনৈবােৰে আৰু দক্ষিণৰ পাতালী উৎসৰপৰা উৎপত্তি লাভ কৰা উপনৈবােৰেও প্রতি নিতে অজস্ৰ বাৰিধাৰাৰে ইয়াক এনেভাৱে ইন্ধন যােগাই আহিছে যে বাৰিষা সামান্য বৰষুণ হ’লেই ই উভৈনদী হৈ পৰে আৰু প্রবল কলেৱৰ ধাৰণ কৰি দ্রুতগতিৰে প্রবাহিত হয়। তাতে আকৌ বৰষাৰ মৌচুমীয়ে অসমৰ বুকুত প্রবল বৃষ্টিপাত ঘটাই প্ৰচুৰ পৰিমাণৰ জলধাৰা নে, জান-জুৰিবিলাকক যােগান ধৰে। নৈ, জান-জুৰিবিলাকৰ সীমিত বহন ক্ষমতাই অতিৰিক্ত পৰিমাণৰ পানী বহন কৰিবলৈ অপাৰগ হৈ পৰে; ফলত ওফন্দি পৰি দুয়াে কাষৰ অঞ্চলবােৰ বুৰাই পেলায়।

ব্ৰহ্মপুত্ৰয়াে অজস্র উপনৈসমূহে যােগান ধৰা পানীবােৰ বহন কৰিব নােৱাৰি দুয়াে কুলেদি বাগৰাই দিয়ে; তাৰ ফলত ভৈয়াম অঞ্চলত বানপানীৰ সৃষ্টি হয়। আজি কিছুদিনৰ আগলৈকে ব্ৰহ্মপুত্ৰৰ বানে ভৈয়ামৰ বিস্তীর্ণ অঞ্চললৈ আনিছিল পর্যাপ্ত মাছ, কাছ, আৰু শস্যৰ বাবে আনিছিল প্ৰচুৰ পৰিমাণৰ স্বাভাৱিক সাৰ- যি সাৰে পলসৰ ৰূপ লৈ ভৈয়ামৰ বুকু উৰ্বৰ কৰি অজস্ৰ শস্য শ্যামলা কৰি তুলিছিল।

অতীতৰ মধুৰ সোঁৱৰণি

এসময়ত ব্ৰহ্মপুত্ৰৰ বানে অসমীয়া জাতিৰ অন্তৰত আশাৰ সঞ্চাৰ কৰিছিল; বানপানীৰ সোঁতৰ লহেৰ লহৰে অসমীয়া মানুহে সুখৰ সপােন দেখিছিল। পথাৰত সােণ ফলাৰ সপােন বান শেষ হৈ যােৱাৰ লগে লগে পথাৰত সােণগুটি মাণিকীমাধুৰী জহাই বিনন্দীয়া ৰূপেৰে মানুহৰ অন্তৰে অন্তৰে আত্ম প্রত্যয় জগাই তুলিছিল। ধান, মৰাপাট, মাহ, সৰিয়হ, নানা তৰহৰ শাক-পাচলিৰে অসমৰ বুকু উপচাই লুইতে চিৰদিন অসমীয়া মানুহৰ কল্যাণেই সাধন কৰি আহিছিল। গৰু, ম’হ আদি জীৱ-জন্তুৰ বাবে সুকোমল, শ্যামল ঘাহনিৰে লুইতৰ দুয়াে পাৰ উপচি পৰিছিল। মাছ-কাছৰ সীমাসংখ্যা নাছিল। লুইতৰ বুকুত, ইমূৰৰপৰা সিমূৰলৈ নাও, জাহাজ চলিছিল।

মুদৈৰ বেপাৰ চলিছিল; অন্তর্বাণিজ্য, বহির্বাণিজ্য চলি অসমক ঐশ্বর্যশালী কৰি তুলিছিল। তাৰেই সুবিধা লৈ ধুনীয়া ধুনীয়া গৰবােৰ দুয়াে পাৰে গঢ়ি উঠিছিল। লুইতৰ পাৰৰ মনােৰম প্রাকৃতিক সৌন্দর্যই ভাৰতৰ অজস্র ঋষি মুনিক আকর্ষণ কৰিছিল; ফলত লুইতৰ দুয়াে পুৰে পৱিত্ৰ তীর্থক্ষেত্র, পুণ্যৰ আশ্রম গঢ়ি উঠিছিল- “আকাশত হৰিনাম, বতাহত হৰিনাম, হৰিনাম নদীৰ বুকুত।” আর্য, অনার্য বিভিন্ন জাতি-গাে আশ্রয় দি বিভিন্ন সংস্কৃতিৰ সমন্বয় ঘটাই বৃহত্তৰ অসমীয়া সংস্কৃতিৰ বৰভেটি বান্ধিছিল। মিলনৰ লীলাক্ষেত্ৰ কৰি গঢ়ি তুলিছিল লুইতৰ পাৰ। লুইতৰ চেনেহৰ পৰশে বিভিন্ন জাতি-উপজাতিক মিলনৰ নাগপাশেৰে বান্ধি সমত সামাৰ সৰগ ৰচনা কৰিছিল। লুইতৰ বিশাল বুকুৱে অসমীয়া ডেকাক শৌর্য বীর্যৰ প্রেৰণা যােগাইছিল। সেয়েহে বিহুগীতেও ৰিঙিয়ায়-

“লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি

আমি খৰি লুবা ঠাই।”

সেই প্রেৰণাৰ বলতে বলীয়ান হৈ অসমীয়া ডেকাই শৰাইঘাটৰ স্মৃতি সােৱৰণ কৰি আজি মাতৃভূমিৰ সন্মুখত শতুৰুৰ টিঘিঘিলনি দেখিলে বীৰদৰ্পে, ৰণদুর্মদ ভাষাবে কৈ উঠে-

“আকৌ এবাৰ ৰঙা কৰি মৰে লুইতৰ বগা পানী।”

বা “লুইতৰ পাৰৰে আমি ডেকা ল’ৰা মৰিবলৈ ভয় নাই।”

কিন্তু হায়। অমােঘ-গর্ভস্যুত ব্ৰহ্মাৰ নন্দনৰ বুকুত যে কিহৰ মদোন্মত্ত মাতংগৰ ৰণচণ্ডী মূর্তি জাগ্ৰত হৈছে! ১৯৫০ চনৰ প্রলয়ংকৰী ভূমিকম্পৰ প্রচণ্ড কম্পনে ব্ৰহ্মপুত্ৰৰ বুকুত কিহৰ উখল-মাখল, কিহৰ পােৰণি তুলিছে! কি নােপােৱাৰ বেদনাত গুজৰিওমৰি প্ৰলয়ৰ সূচনা কৰি ভয়ংকৰ বান ডকাৰে অসমৰ বুকুত প্রতি বছৰে ধ্বংসলীলাৰ সৃষ্টি কৰিছে কোনে জানে ?

Read Also: Class 11 Geography Question Answer

বৰ্তমান বিভীষিকা

মেঘৰ মাদল বাজিলেই ব্ৰহ্মপুত্ৰৰ বুকুততা ধ্বংসৰ শিঙা বাজি উঠে। উগ্রচণ্ডা দুর্বাসাৰ সর্বগ্রাসী মূর্তিৰে খেতি-বাতি, ঘৰ-দুৱাৰ, নগৰ-চহৰ একাকাৰ কৰি অসমৰ বুকুত ধ্বংসলীলাৰ সৃষ্টি কৰিছে। ভীষ্মক, ৰুক্মিণীৰ গৌৰৱগাথা বুকুত বহন কৰি পূর্ব ভূ-স্বৰ্গৰূপে বিৰাজিত শদিয়া লুইতৰ বুকুত জাহ গ’ল চিৰদিনলৈ, ছৈখোৱাই মৰণৰ ক্ষণ গণিছে ব্ৰহ্মপুত্ৰৰ পানী। ডিব্ৰুগড়ৰ লাখিমপুৰ, ধেমাজিক ৰাজহাড় ভাঙি পংগু কৰি দিছে। পৃথিৱীৰ বৃহত্তম নদী-দ্বীপ, অসমৰ বিখ্যাত চাৰি সত্ৰৰ অধিষ্ঠান, হৰিনামৰ বৰভেটি মাজুলীৰ বুকুত খহনীয়াৰ তাণ্ডৱলীলা; আজি মাজুলী কণ্ঠগত ধাতু লৈ এডিঙি পানীত ককবক কৰি মৰণৰ দুৱাৰ-ডলিত উপনীত হৈছে। অসমৰ ৰেচম শিল্প-কেন্দ্র পলাশবাৰী লুইতৰ পলসত পােত গৈ চিৰদিনৰ বাবে অসমৰ মানচিত্ৰৰপৰা নিশ্চিহ্ন হৈ গ’ল। ধুবুৰীয়ে নেতাই ধুবুনীৰ অন্তৰ্দ্ধানৰ বেদনাত লুইতৰ বুকুত মুখ লুকুৱাব খুজিছে। আৰু শত-সহস্র গাঁও-ভূঁই লুইতৰ শীতল বুকুত নিমজ্জিত হৈছে। প্ৰতি  বছৰে লাখ লাখ বিঘা মাটিব খেতি জল-কুঁৱৰীয়ে কাঢ়ি নি অসমীয়া জাতিক দুখীয়া-নিছলা, কঙাল কৰি ভিক্ষাৰী সজাইছে। প্রতি বছৰে তিনি-চাৰিটাকৈ বানৰ সৃষ্টি কৰি ব্ৰহ্মপুত্ৰই অসমীয়া জাতিৰ ৰাজহাড় চিৰকাললৈ এনেভাৱে বেঁকা কৰি আনিছে যে অসমীয়া জাতিয়ে কেতিয়াবা সেই ৰাজহাড় পােনাই পুনৰ লাচিতৰ শকতিৰে থিয় দিব পাৰিব সেয়া সন্দেহৰ বিষয়।

মন্তব্য

বৰষাৰ নামত অসমীয়া জাতি আজি থৰ-হৰি কম্পমান। মৌচুমী নিগৰি পৰিলেই অসমীয়া খেতিয়কৰ সৰল নয়ন অশ্ৰুৰে ভৰি পৰে। কোন মুহূর্তত কাৰ ঘৰৰ ভেটি খহনীয়াৰ কবলত পৰে  কাৰ গৰু-ম’হ বানে উটুৱাই নিয়ে তাৰ কাৰণেই আজি অসমীয়াই সজাগ হৈ থাকিব লগা হৈছে। তাৰপৰা পৰিত্ৰাণৰ উপায় মানুহে কৰিব পৰা নাই। আজি লুইতৰ গৰাহত অসমীয়া নিয়তিৰ হাতৰ পুতলা।

সেয়েহে আজি ব্ৰহ্মাৰ নন্দন ব্ৰহ্মপুত্ৰ অসমৰ ঐতিহ্যৰ গৌৰৱৰ গৰিমাৰ প্ৰতিভূ নহৈ দুখ বুলি পৰিগণিত হৈছে।

আমি আশা কৰিছো ব্রহ্মপুত্র ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ব্রহ্মপুত্র ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top