জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ – Biodiversity and its Conservation

জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ – Biodiversity and its Conservation are the TET Notes to each chapter is provided in the list so that you can easily browse throughout different TET syllabus wise notes for জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ – Biodiversity and its Conservation.

জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ – Biodiversity and its Conservation

Join Telegram channel

Table of Contents

Also, you can read the Assam TET online notes in these sections as per Assam TET Syllabus guidelines. These notes are part of Assam TET All Subject. Here we have given Assam TET জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ – Biodiversity and its Conservation for All notes, You can practice these here.

জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ

ENVIRONMENTAL STUDIES

(A) জৈৱ বৈচিত্ৰ্যৰ প্ৰমূল্য (Value of Biodiversity):-

পৃথিৱীত ভিন ভিন আকাৰ, আকৃতি আৰু বৰণ থকা বিভিন্ন প্ৰকাৰৰ জীৱ আছে। জীৱবোৰৰ জন্ম, জীৱনধাৰা আৰু কাৰ্য্যাৱলী বৈচিত্ৰ্যপূৰ্ণ। জল, স্থল আৰু বায়ু সকলোতে জীৱ আছে আৰু জীৱবোৰৰ মাজত ভিন্নতা আছে; তেনে ভিন্নতা আৰু ভিন্নতা সম্পৰ্কে কৰা অধ্যয়নক জৈৱ বৈচিত্ৰ্য বোলে।

বৰ্তমান পৃথিৱীত প্ৰায় পঞ্চাশ নিযুত প্ৰজাতিৰ জীৱ থকা বুলি অনুমান কৰা হৈছে যদিও দুই নিযুততকৈ কম সংখ্যক প্ৰজাতিহে চিনাক্ত কৰিব পৰা হৈছে। বিচিত্র এই জীৱজগতৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মানুহে নিৰ্ভৰ কৰে, নানা প্ৰকাৰে জৈৱ বৈচিত্ৰ্য ব্যৱহাৰ কৰে আৰু সেইবোৰেই বৈচিত্ৰ্যৰ প্ৰমূল্য নিৰ্দাৰণ কৰে। তেনে ধৰণৰ কিছুমান ব্যৱহাৰ হৈছে-

(ক) খাদ্য:- পৃথিৱীৰ মুঠ খাদ্যৰ শতকৰা প্ৰায় 85 ভাগ আহে মাত্ৰ বিশ বিধমান উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিৰপৰা। অথচ খাদ্য হিচাবে ব্যৱহাৰ কৰিব পৰা উদ্ভিদ প্ৰজাতি প্ৰায় তিনি হাজাৰ বিধ আছে। অকল ঘেহু, গোমধান আৰু ধানৰপৰা মুঠ খাদ্যৰ দুই-তৃতীয়াংশ আহে।

(খ) তেল আৰু চৰ্বি:- প্ৰাণীৰ বাহিৰেও তেল আৰু চৰ্বিৰ বাবে ব্যৱহাৰ হোৱা উদ্ভিদবোৰ হ’ল- ছয়াবিন, কপাহৰ গুটি, নাৰিকল, বাদাম, সূৰ্যমুখী ফুল, তিল, সৰিয়হ, সেৱা সৰিয়হ, খেজুৰ ইত্যাদি।

(গ) আহ:- আহ আৰু সূতাৰ কাৰণে কপাহ, মৰাপাট, শণগছ, নাৰিকলৰ বাকলি আদি ব্যৱহাৰ কৰা হয়। সেইবোৰৰ উপৰিও ঊল, পাট সূতা, মুগা সূতা, এৰি সূতা, ৰেছম আদিৰ বাবে বিভিন্ন উদ্ভিদ আৰু প্ৰাণী ব্যৱহাৰ কৰা হয়।

(ঘ) ঔষধ:- উদ্ভিদ আৰু উদ্ভিদজাত দ্ৰব্যৰপৰা  নানা প্ৰকাৰৰ ঔষধ প্ৰস্তুত কৰা হয়, বিভিন্ন ৰোগত মানুহে বনৌষধি ব্যৱহাৰ কৰে। সম্প্ৰতি প্ৰায় 120 বিধমান উদ্ভিদ প্ৰজাতিৰপৰা মুঠ ঔষধৰ শতকৰা পচিশ ভাগ ঔষধ প্ৰস্তুত কৰা হয়।

(ঙ) ইন্ধন:- খৰি হিচাবে উদ্ভিদ ব্যৱহাৰ কৰা হয়। আনহাতে জীৱাষ্ম ইন্ধন অৰ্থাৎ কয়লা, পেট্ৰ’লিয়াম 

আদিৰো জন্ম হৈছে জীৱাষ্ম হৈ যোৱা জৈৱ বৈচিত্ৰ্যৰ বাবে।

(চ) বিবিধ সামগ্ৰী:- জৈৱ বৈচিত্ৰ্যৰ ওপৰত নিৰ্ভৰ কৰি বহুতো শিল্প তথা উদ্যোগ চলি আছে; সেইবোৰৰ ভিতৰত আছে- হাতী দাতৰ শিল্প, চামৰা উদ্যোগ, প্লাইউড কাৰখানা, কাগজ-ক’ল, পাট শিল্প, মুগা শিল্প, মৰাপাট শিল্প ইত্যাদি। ইয়াৰ উপৰিও বিভিন্ন গছৰপৰা মূল্যবান কাঠ পোৱা যায়; নানা প্ৰকাৰৰ উদ্ভিদৰপৰা চাহ, কফি, ফল-মূল আদি পোৱা যায়। এইবোৰৰ উপৰিও জৈৱ বৈচিত্ৰ্যৰ মানসিক তথা সৌন্দৰ্যবোধ প্ৰমূল্য আছে, সমাজ সংস্কৃতিৰ প্ৰমূল্য আছে। জৈৱ বৈচিত্ৰ্যৰ কাৰণে পৰিস্থিতি তন্ত্ৰ একোটাত বিশেষ সোৱাৰ যোগেদি নানা তৰহৰ লাভজনক অৰ্থনৈতিক কাৰ্য-কলাপ চলি থাকে।

(B) ভূমণ্ডলীয় জৈৱ বৈচিত্ৰ (Global Biodiversity):-

পৃথিৱীত চিনাক্ত কৰি উলিওৱা উদ্ভিদ, প্ৰাণী আৰু আন জীৱ প্ৰজাতিৰ মুঠ সংখ্যা প্ৰায় 17.5 লাখ আৰু এই সংখ্যা 140 লাখতকৈও অধিক হ’ব পাৰে বুলি কোৱা হয়। বৰ্তমান চিনাক্ত কৰা প্ৰজাতিবোৰৰ বিস্তাৰণ এনে ধৰণৰ:

প্ৰজাতিসংখ্যা (প্ৰায়)
বিবিধ প্ৰজাতি (Other Species)11 লাখ
পতংগ (Insects)10 লাখ
উচ্চ স্তৰৰ উদ্ভিদ (Higher Plants)3 লাখ
ভেকুৰ (Fungi)72 হাজাৰ
কোমল দেহী প্ৰাণী (Mollusca)70 হাজাৰ
মেৰুদণ্ডী প্ৰাণী (Vertebrates)53 হাজাৰ
ক্ৰাষ্টেছিয়ান (Crustaceans)43 হাজাৰ
শেলুৱৈ (Algae)40 হাজাৰ
আদ্যপ্ৰাণী (Protozoans)40 হাজাৰ
ঘূৰণীয়া ক্ৰিমি আৰু ক্ৰিমি (Nematodes & Worms)25 হাজাৰ
জীৱাণু (Bacteria)4 হাজাৰ
ভাইৰাছ (Virus)1.5 হাজাৰ

ক্ৰান্তীয় বা গ্ৰীষ্ম প্ৰধান অঞ্চল আৰু প্ৰবাল প্ৰাচীৰ থকা অঞ্চলবোৰত থকা বহু জীৱৰ কথা এতিয়াও জানিব পৰা হোৱা নাই।

ক্ৰান্তীয় বৃষ্টি অৰণ্য অঞ্চলবোৰতে পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ আটাইতকৈ উৎকৃষ্ট ভাণ্ডাৰ আছে। ভূ-মণ্ডলীয় জৈৱ বৈচিত্ৰ্যৰ শতকৰা পঞ্চাশৰপৰা আশীভাগ জৈৱ বৈচিত্ৰ্য এই ক্ৰান্তীয় অঞ্চলতে আছে।

নাতিশীতোষ্ণ অৰণ্য অঞ্চলত জৈৱ বৈচিত্ৰ্য কম; কিন্তু সেইবোৰৰ বিষয়ে ভালদৰে অধ্যয়ন কৰা হৈছে। আনহাতে স্থলভাগতকৈ সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য যথেষ্ট বেছি যদিও সেইবোৰৰ বিশদ অধ্যয়ন হোৱা নাই। নদীৰ মোহনা, উপকূল অঞ্চল আৰু মহাসাগৰবোৰৰ জৈৱ বৈচিত্ৰ্য অতি বিশাল। কোৱা হয় যে সমুদ্ৰই হৈছে প্ৰতিবিধ জ্ঞাত প্ৰাণী পৰ্বৰ মূল জন্ম স্থান।

পৃথিৱীত জৈৱ বৈচিত্ৰ্যৰ 25 টা হট স্পট (hot spot) আছে আৰু সেইবোৰৰ ভিতৰত ভাৰতত দুটা আছে, এটা পশ্চিম ঘাট পৰ্বত অঞ্চলত আৰু আনটো পূৱ হিমালয় তথা উত্তৰপূৱ অঞ্চলত।

(C) জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি (Threats to Biodiversity):-

সাম্প্ৰতিক কালত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি নানা তৰহৰ ভাবুকি আহিছে। বিশেষকৈ জনসংখ্যাৰ অভাৱণীয় বৃদ্ধি আৰু বন সম্পদৰ অবাধ লুণ্ঠনৰ কাৰণে অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছে। এনে ভাবুকিবোৰৰ ভিতৰত আছে:

বাসস্থানৰ বিনাশ আৰু খণ্ডিতকৰণ: ঔদ্যোগীকৰণ আৰু কৃষিভূমি বৃদ্ধি কৰাৰ প্ৰয়োজনত 

(ক) জলাহ বা পিতনিবোৰ পুতি পেলোৱা হয়।

(খ) তৃণভূমি অঞ্চল খেতিৰ মাটিলৈ ৰূপান্তৰিত কৰা হয়।

(গ) গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰা হয়।

এনেবোৰ কাৰ্যৰ ফলত বহুতো প্ৰজাতিৰ মৃত্যু হয়, বহুতে নতুন বাসস্থান বিচাৰি হাৰাশাস্তিৰ সন্মুখীন হয় আৰু নি:শেষ হয়। এইবোৰৰ ফলস্বৰূপে জৈৱ বৈচিত্ৰ্য হ্ৰাস পায়।

প্ৰতিবন্ধকতা আৰু স্খলন:- প্ৰাকৃতিক কাৰণ কিছুমানৰ বাবে জৈৱ বৈচিত্ৰ্যৰ বিকাশত প্ৰতিবন্ধকতা আহি পৰে আৰু স্খলন (degradation) আৰম্ভ হয়।

তেনে কিছুমান কাৰণ হ’ল-

(ক) বনজুই (Forest Fire), গছ বাগৰি পৰা।

(খ) কীট পতংগৰ আক্ৰমণ (Pest Infestation)।

(গ) পতংগৰদ্বাৰা স্খলন (Defoliation), আক্ৰমণ ইত্যাদি।

মানুহৰ কিছুমান কাৰ্যও ইয়াৰ কাৰণে জগৰীয়া, যেনে-

(ক) জধেমধে গছ-গছনি কটা।

(খ) কৃষিভূমি বৃদ্ধি কৰিবৰ কাৰণে বনাঞ্চল জ্বলাই পেলোৱা।

(গ) জাৱৰ-জোথৰ অত্যধিক মাত্ৰাত সংগ্ৰহ কৰা।

(ঘ) বন সম্পদবোৰ মাত্ৰাধিক হাৰত আহৰণ কৰা ইত্যাদি।

প্ৰদূষণ:- বায়ু, পানী আৰু ভূমি প্ৰদূষণৰ কাৰণেও জৈৱ বৈচিত্ৰ্যৰ ক্ষতি হয়।

কৃষি:- আধুনিক কৃষি পদ্ধতি অৱলম্বন কৰাৰ ফলত থলুৱা বহু প্ৰজাতি বিলুপ্ত হ’ব ধৰিছে।

বাহিৰা প্ৰজাতিৰ আগমন:- একোটা পৰিস্থিতি তন্ত্ৰত বাহিৰৰপৰা অনা প্ৰজাতিয়ে বিৰূপ প্ৰভাৱ পেলাব পাৰে। যেনে, ভাৰতলৈ পানী মেটেকা আমদানি কৰাৰ ফলত থলুৱা জলজ বহুত প্ৰজাতিৰ মৃত্যু হৈছে।

চোৰাং চিকাৰ:- নানা প্ৰকাৰৰ বিলুপ্ত প্ৰায় জীৱ-জন্তু বধ কৰি চোৰাং চিকাৰীয়ে সেইবোৰৰ নোম, ছাল, শিং, দাত আদি আইন বিৰুদ্ধভাৱে বিক্ৰী কৰে। এই অনৈতিক কাৰ্য্যৰ কাৰণে সমগ্ৰ পৃথিৱীতে নানা প্ৰকাৰৰ বন্য প্ৰাণী সংকতৰ সন্মুখীন হৈছে।

(D) জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ (Conservation of Biodiversity):- উদ্ভিদ, প্ৰাণী আৰু অন্যান্য জীৱসমূহ নিজৰ বাসস্থানতেই সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰি অথবা বেলেগ বাসস্থান সৃষ্টি কৰি তাতে কিছুমান বিশেষ জীৱ সংৰক্ষিত কৰিব পাৰি। নিজৰ বাসস্থানতে সংৰক্ষিত কৰা ব্যৱস্থাটোক স্থানিক সংৰক্ষণ (In-Situ Conservation) আৰু বেলেগ ঠাইত নি ৰখা ব্যৱস্থাটোক বহি:স্থানিক (Ex-Situ Conservation) সংৰক্ষণ ব্যৱস্থা বোলে। স্থানিক সংৰক্ষণ ব্যৱস্থাৰ ভিতৰত আছে অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল।

অভয়াৰণ্য (Sanctuary):- এই অৰণ্যত বিশেষ কিছুমান প্ৰাণীক সুৰক্ষা দিয়া হয়। এই অঞ্চলত মানুহৰ ব্যক্তিগত স্বত্বাধিকাৰ থাকে, খৰি কাটিব পাৰে, কাঠৰ বাবে গছ কাটিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। কিন্তু মানুহৰ কাৰ্য-কলাপৰদ্বাৰা তাত থকা প্ৰাণীবোৰৰ একো অন্যায় হ’বলৈ দিয়া নহয়। সম্প্ৰতি ভাৰতত অভয়াৰণ্যৰ সংখ্যা 448 বুলি জনা যায়।

ৰাষ্ট্ৰীয় উদ্যান (National Park):- এই অৰণ্য অঞ্চলত বিভিন্ন জীৱ-জন্তু নিৰাপদে থাকিব পাৰে। এনে অঞ্চলত মানুহে মাটিৰ অধিকাৰ নাপায়, খেতি কৰিব নোৱাৰে, জংঘল কাটিব নোৱাৰে বা গৰু-ম’হ চৰাবও নোৱাৰে। ভাৰতত বৰ্তমান নব্বৈখন ৰাষ্ট্ৰীয় উদ্যান আছে।

জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল (Biosphere Reserves):- এইবিধ সংৰক্ষিত অঞ্চলৰ ভূমিভাগ কেইটামান নিৰ্দাৰিত কাৰ্য্যৰ বাবে তিনিটা ভাগত ভগোৱা হয়- মূল বা কেন্দ্ৰীয় বনাঞ্চল, তাক আগুৰি থকা এটা সীমিত এলেকা য’ত শিক্ষা, প্ৰসাৰণ আৰু গৱেষণামূলক কাম কৰা হয়। একেবাৰে বাহিৰত থকা তৃতীয় অঞ্চলটোত থলুৱা বাসিন্দা সকলে নিজৰ কাম-কাজ চলাব পাৰে, বাস কৰিব পাৰে, খেতি কৰিব পাৰে। ভাৰতত বৰ্তমান 14 টা জৈৱ মণ্ডল সংৰক্ষিত অঞ্চল আছে।

বহি: স্থানিক ব্যৱস্থাবোৰ হৈছে- চিৰিয়াখানা, বোটানিকেল গাৰ্ডেন, জিন বেংক (Gene Bank), বীজ বেংক (Seed Bank) আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top