বিহু ৰচনা | Bihu Essay Class 3 to 12 in Assamese

বিহু ৰচনা | Bihu Essay Class 3 to 12 in Assamese, বিহু ৰচনা Class 9 | বিহু ৰচনা Class 10 | বিহুৰ ৰচনা Class 11 | বিহুৰ ৰচনা Class 12 to each Syllabus wise provided in the list of SEBA / AHSEC can be of great value to excel in the examination.

Join Telegram channel

বিহুৰ ৰচনা

ৰচনা

বিহু আনন্দীয়া           বিহু বিনন্দীয়া

বিহুৰ মৌ-মিঠা মাত,

বিহু বা-লাগি                বিহুৱা ককাইৰ ঐ

দেওধনি লাগিছে গাত।

আৰম্ভণি – সৃষ্টিৰ সফলতাত, কৃতকাৰ্যতাৰ আনন্দত অন্তৰৰ অনন্ত অনুভূতি হিয়া উজাৰি সুললিত, সূশ্ৰাব্য ভাষাৰে, সুকুমাৰ অংগী-ভংগীৰে প্ৰকাশ কৰাটোৱেই মানুহৰ সহজাত প্ৰবৃত্তি।  নৃত্য, গীত সেই সহজাত সুকুমাৰ প্ৰবৃত্তিৰে মূর্ত প্রকাশ। বিহুৰ উৎপত্তিৰ উৎসও সেই সহজাত প্রবৃত্তিৰ প্ৰকাশৰেই নিদর্শন। আদিম মানৱে সভ্যতাৰ সােপানত এখােজ দুখােজকৈ আগবাঢ়ি অহাৰ লগে লগে খাদ্য-সম্ভাৰ লাভৰ, চিকাৰ লাভৰ, কৃষি কাৰ্যৰ কৃতকার্যতাত, শাৰীৰিক শ্রমই বিৰতিৰ পাছত আজৰি সময়ত মনৰ অসীম আনন্দ প্রকাশ কৰিছিল- উচ্চ স্বৰে, অংগ-ঢালনাৰে। ই আছিল অনুভূতিৰ স্বতঃস্ফূর্ত মূর্ত প্রকাশ। এই প্রকাশ ব্যক্তিকেন্দ্রিক নহৈ সামূহিকভাৱেহে হয় আৰু সেয়ে শেষত সামাজিক উৎসৱত পৰিণত হয়। বিহুৰ উৎপত্তিও সেই সামাজিক সামূহিক আনন্দ প্রকাশৰে ফলশ্রুতি।

বিহুৰ উৎপত্তি – বিহ নামটিৰ উৎপত্তি সম্বন্ধে বিভিন্ন পণ্ডিতৰ বিভিন্ন মত।বিষুৱ সংক্রান্তিত বিহু উদ্যাপিত হয় বাবে বিষুৱ শব্দৰপৰাই বিহু শব্দৰ উৎপত্তি হােৱা বুলি বহু পণ্ডিতে কয়। বহু লােকৰ মতে বড়াে ভাষাৰ বৈশ্য শব্দৰপৰাহেবি শব্দৰ উৎপত্তি। বৈদিক ৱিশশব্দৰ অৰ্থ প্রজাসমূহ। প্রজাসমূহে পালন কৰা বাবে ৱিশ শব্দৰপৰা বিশু আৰু বিশুৰ পৰাই বিহু হােৱাটোও আচৰিত নহয়।

অসমীয়া জাতীয় জীৱনত বিহুৰ প্ৰভাৱ – কিন্তু বিহু নামৰ উৎপত্তি য’ৰেপৰাই নহওক, বিহু অসমীয়া জাতীয় উৎসৱ। জাতীয় জীৱনৰ সকলাে উচ্ছ্বাস, আশা-আকাংক্ষা, ৰং-আনন্দ, আৱেগ-অনুভূতি বিহুৰ লগত ওতপ্রােতভাৱে জড়িত। এক কথাত ক’বলৈ হ’লে বিহুৱেই অসমীয়া জাতিৰ প্ৰাণ; অসমীয়া জাতিৰ  প্ৰাণৰ প্ৰতিটো স্পন্দন, প্রতিটো নিশ্বাস-প্রশ্বাস, প্ৰতিটো অনুভূতি, জীৱনৰ কামনা-বাসনা, আগ্রহ, হেঁপাহ বিহুৰ বুকুতেই চিৰ প্ৰৱাহিত, চিৰ প্ৰতিফলিত হৈ আহিছে। বিহুগীতৰ সুৰে সুৰে, ছন্দে ছন্দে, তালে তালে প্রতিভাত হয় অসমীয়া জাতীয় জীৱনৰ সৰলতা, উদাৰতা, আতিথেয়তা আৰু সর্বতােপৰি স্ৰষ্টাৰ অসীম সৌন্দর্যময় সৃষ্টিৰ প্ৰতি অনাবিল ভালপােৱাৰ বাংময় প্রকাশ। বিহুৰ লগত অসমীয়া জাতিৰ প্রাণ এনেভাৱে সাঙোৰ খাই আছে যে বিঙ্ক বাদ দি অসমীয়া জাতিৰ কৃষ্টি, সংস্কৃতি, সভ্যতা, আনকি সাহিত্যৰ বৰ মজিয়াখন উৰুঙা হৈ পৰিব।

কাতি বিহু – প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জকমকীয়া অসমীৰ বুকুৰ বিহুও প্রাকৃতিক পৰিৱেশৰ লগতেই ওতপ্রােতভাৱে বিজড়িত। শৰতৰ সুনির্মল ৰি ৰি বাৰ মৃদু-মধুৰ পৰশে প্ৰকৃতিৰ বুকুৰ মনােৰম সেউজীয়া ৰূপেৰে বসুন্ধৰাক সেউজীয়া দলিচা সজাই থুপি থুপি ফুলৰ মালাৰে মনােৰমা কৰি তােলাৰ সময়তে আহিনৰ সংক্রান্তিত কাতি বিহু হয়। সেউজীয়া শস্যৰে বুকু উপচাই অসমীয়া জাতিৰ অন্তৰত আশাৰ হেঙুলীয়া ৰেঙনি বিৰিঙাই তােলে এই সময়ছােৱাত। লখিমীয়ে সেউজীয়া পথাৰত থিত লৈ লিহিৰি আঙুলিৰে শস্যৰ শিৰত মধুৰ পৰশ বুলাই ধৰাক বিনন্দীয়া কৰি তােলে। অসমীয়া জাতিয়ে তুলসী তলৰ বন্তিৰ জেউতিৰে পথাৰৰ লখিমীক ভঁৰাললৈ অহাৰ বাট দেখুৱাই দিয়ে। আকাশ বাতি জ্বলাই লখিমীৰ আগমনৰ পূর্বভাস জগতক জলাই দিয়ে। এয়াই কাতি বিহুৰ বিশেষত্ব।

মাঘ বিহু – পথাৰৰ সােণ বৰণীয়া লখিমী আহি ঘৰ সােমাই অসমীয়াৰ ওঁঠত শান্তিৰ সাৰ্থকতাৰ হাঁহি বিৰিঙাই তােলে আঘােণ-পুহ মাহত। কৃষিকাৰ্যৰ কৃতকার্যতাই অসমীয়াৰ মনলৈ পৰম নির্ভৰতা আৰু গভীৰ প্রশান্তি আনি দিয়ে। প্রকৃতিৰ মহান অৱদানৰ স্বীকৃতি জনাই, অনন্ত জনলৈ কৃতজ্ঞতাৰ ৰাই আগবঢ়াই গুৰু-ভকতলৈ ন ধানৰ এমুঠি জা-জলপানৰ দিহা কৰি অসমীয়া জাতিয়ে পুহৰ সংক্ৰান্তিৰ দিনা ভােগালী বিহু উদ্যাপন কৰে। পথাৰে পথাৰে মেজিঘৰ সাজি হােম-যত্র পাতি হুতাশনৰূপী অনন্তজনলৈ শ্রদ্ধা নিবেদন কৰা হয়। এই শ্রদ্ধা নিবেদন কৰোতে তলৰ মন্ত্ৰ ফাকি গােৱা হয় আৰু তাৰ পাছত আতি দিয়া হয়।

অগ্নিং প্রজ্জ্বলিতং বন্দে চতুর্বেদং হুতাশনং।

সুবৰ্ণ-বর্ণমমলং জ্যোতি ৰূপায় তে মনঃ ।।

ইয়াৰ পাছত ভােজ-ভাত খােৱা হয়। গুৰু-ভকতক ঘৰলৈ মাতি আনি ন ধানৰ ন মুঠি জা-জলপান খুৱাই আশীর্বাদ লােৱা হয়। ম’হযুঁজ, কণীযুঁজ, কুকুৰা যুঁজ পাতি, কাঁড়ী খেল, পাশা খেল, দবা খেল পাতি ৰঙেৰে ভােগালী বিহুৰ ৰং চৰােৱা হয়। বিহুৰ খােৱা-বােৱা, ৰং-ধেমালি, উলহ-মালহ গােটেই মাঘ মাহ জুৰি চলে।

ৰঙালী বিহু – প্ৰকৃতিৰ বুকুলৈ পৰিৱৰ্তন আহে। লঠঙা, গছে গছে, লতাই লতাই কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে। বসন্তৰ মধুৰ পৰশ লাগি প্রকৃতি ফলে-ফুলে জাতিষ্কাৰ হয়, বিনন্দীয়া হয়। আমে মলিয়ায়, কঁঠালে মুচি পেলায়। কুলি, কেতেকী, মইনা, সখিয়তীৰ মধুৰ কাকলিয়ে প্রকৃতিৰ বুকুত তােলে ছন্দৰ মূৰ্ছনা; অস্ফুট সংগীতৰ সুৱদি সুৰৰ লালিমাই প্ৰকৃতিৰ বুকুত তােলে মৃদুল হিল্লোল।

প্রকৃতিৰ সেই বিপুল পয়ােভৰৰ সময়তে চ’ৰ সংক্ৰান্তিৰ দিনা ৰঙালী বিহু। প্রথমদিনা গৰুৰ বিহু। সেই দিনা গৰুৰ গাত মাহ-হালধি সানি নদীৰ ঘাটলৈ নি গা ধুৱাই গাত লাউ বেঙেনা মাৰি গেরা হয়-

“দীঘলতী দীঘল পাত

মাখি মাৰোঁ জাত জাত

লাউ খা, বেঙেনা খা;

বছৰে বছৰে বাঢ়ি যা।

মাৰ সৰু, বাপেৰ সৰু

তই হবি বৰ গৰু।”

গধূলি ন-গুণীয়া নতুন পথাৰে গৰু বান্ধি, ভৰি ধুৱাইধূপধূনা জ্বলাইন-বিচনীৰে বিচি জলপান খুওৱা হয়। মূল কথাত নতুন বছৰৰ লগে লগে গাত নতুন বল বান্ধি লৈ, নতুন উলাৰেৰে হাল টানি, শস্য উৎপাদন কৰিবৰ কাৰণে সাজু হ’বলৈ গাে-পূজা কৰা হয়।দ্বিতীয়দিনাৰপৰা মানুহৰ বিহু । বিহুৱান প্ৰদান আৰু পৰিধান এই বিহুৰ বিশেষত্ব। নৱাগত বছৰটো যাতে কোনাে বেমাৰ-বিঘিনি নােহােৱাকৈ, বিপদ-আপদ, বতাহ ধুমুহা আদিৰপৰা ৰক্ষা পৰি সুখ-শান্তিৰ মাজত অতিবাহিত কৰিব পাৰি, তাৰ কাৰণে তলৰ মন্ত্ৰটো নাহৰ পাতত লিখি দুৱাৰ মুখত অৰি থােৱা হয়-

“দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ।

বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে।”

ব’হাগ বিহু ৰঙৰ বিহু, আনন্দৰ বিহু। সীমাহীন আনন্দৰ উলহ-মালহ, উখল-মাখলেৰে অসমীয়া জাতীয় জীৱন আনন্দ-মুখৰ কৰি তােলে ৰঙালী বিহুৱে। বৰগছৰ তলত, মুকলি পথাৰত ঢােল পেঁপা, গগনাৰ হিয়া উতলা কৰা ঐকতানে হিয়াত জগাই তােলে বিপুল উলাহ। মন মতলীয়া হয় গা সাতখন আঠখন কৰি উঠে। বিহু গীতৰ খলকনি উঠে আকাশে-বতাহে, পর্বতে-কৰে। লুইতৰ বুকু উথলি উঠে বিহু গীতৰ সুৰে-সুৰে, তালে তালে, ছন্দে ছন্দে মন উৰৰ উৰাে; প্রকৃতি জগতৰ জীৱ-জন্তুৰ বুকুত উঠে সৃষ্টি কামনাৰ হিল্লোল। গীতৰ মাদকতাই বসুন্ধৰাকো কৰি তােলে শস্য সম্ভৱা। অসমীয়া জাতিৰ প্ৰাণৰ সর্ব উচ্ছ্বাস, সর্ব অনুভূতি-  উন্মুক্তভাৱে, উদ্দাম গতিৰে প্রবাহিত হয় এই ৰঙালী বিহুত। গাঁৱে-ভূঞে, নগৰে-চহৰে উৎসৱৰ ধূম উঠে। এই বিহুটো অসমীয়া জাতিৰ হাড়ে-হিমজুৱে প্ৰাণৰ ৰন্ধে ৰন্ধ্রে কেনেভাৱে বিজড়িত তাক তলৰ গীতাকিয়ে প্রমাণ কৰে ।

অতিকৈ চেনেহৰ                   মুগাৰে মহুৰা

তাতােকৈ চেনেহৰ মাকো;

তাতােকৈ চেনেহৰ                  ব’হাগৰ বিহুটি

নেপাতি কেনেকৈ থাকো।

বহাগ বিহ্ব আন এটা বিশেষত্ব হুঁচৰি গােৱাটো। গৃহস্থৰ ঘৰে ঘৰে গৈ কুশলৰ অৰ্থে হৰিধ্বনি দি ঢাল, পেপা, গগনাৰ সুমধুৰ সমন্বয় তুলি নৃত্য-গীতেৰে মুখৰিত কৰি গৃহস্থক পুলকিত কৰাৰ লাগতে দহ ভকতক সংকাৰ কৰাটো যে অসমীয়া জাতিৰ স্বভাবজাত ধর্ম তাকেই সোঁৱৰাই দিয়া হয়। সেয়েহে বিহু গীতত কৈছে  

চততে চকৰী                  ব’হাগত বগৰী

জেঠতে আমন ধান;

গৰুৰ বিহুৰ দিনাধা           শৰাই আগ বঢ়াবা

তেহে পাবা বৈকুণ্ঠত থান।

সামৰণি – মুঠতে বিহুৱেই অসমীয়া জাতিৰ সংস্কৃতি আৰু সভ্যতাৰ বৰ মজিয়াখন এদনীয়াভাবে দখল কৰি আছে। সেই বাবেই ই অসমীয়াৰ জাতীয় উৎসৱ আৰু ইয়াৰ মাজতেই অসমীয়া জাতি নিৰৱচ্ছিন্নভাৱে বিজড়িত আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top