ভূৱন মোহন বৰুৱা জীৱনী – অসীমত যাৰ হেৰাল সীমাৰ ৰচক | Bhuban Mohan Baruah

ভূৱন মোহন বৰুৱা | Bhuban Mohan Baruah Essay in Assamese | Biography of Bhuban Mohan Baruah in Assamese | ভূৱন মোহন বৰুৱা বিষয়ে জীৱনী | ভূৱন মোহন বৰুৱা বিষয়ে ৰচনা | ভূৱন মোহন বৰুৱাৰ চমু পৰিচয়।

Join Telegram channel

ভাষা আৰু জাতিক যিয়ে নিজৰ অনবদ্য সৃষ্টিৰে মহিয়ান কৰি সাহিত্যৰ ভঁৰাল টনকিয়াল কৰাৰ লগতে নিজৰ অনন্য সাহিত্য সৃষ্টিৰ জৰিয়তে জাতিক বিশ্বদৰবাৰত চিনাকি কৰি দিবলৈ অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি হ’ল ভূৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱা। চল্লিছৰ দশকত কেইবাখনো চিৰসেউজ উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যত আত্মপ্ৰকাশ কৰা এটা জনপ্ৰিয় নাম হ’ল ভূৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱা। 

ভূৱন মোহন বৰুৱা

ভূৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱা হ’ল এনে এজন সাহিত্যক যাৰ চিৰসেউজ সৃষ্টিৰাজীয়ে আজিও পাঠক সমাজক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পাৰিছে। অসীমত যাৰ হেৰাল সীমা নামৰ উপন্যাসখনেৰে অসমীয়া উপন্যাস সাহিত্যত আচহুৱা পৰিৱেশত মনোৰম কাহিনীৰে ৰোমান্টিক পৰিৱেশ সৃষ্টি কৰি উপন্যাস ৰচনা কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল ভূৱন মোহন বৰুৱাই।

ভাষা হ’ল এটা জাতিৰ পৰিচয়ৰ বাহক। এটা ভাষাক বিকশিত কৰি ৰাখে, উজ্জীৱিত কৰি ৰাখে সেই ভাষাৰ সাহিত্যৰাজিয়ে। সেয়েহে সাহিত্যক এটা জাতিৰ দাপোন বুলিও অভিহিত কৰা হয়। সাহিত্যই এটা জাতিক প্ৰতিনিধিত্ব কৰি জাতীয় সত্বা, ভাষা-সংস্কৃতিক উজ্জ্বলাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভূৱন মোহন বৰুৱা জীৱনী | Bhuban Mohan Baruah Biography

নামভূৱন মোহন বৰুৱা (Bhuban Mohan Baruah[1])
ছদ্ম নামকাঞ্চন বৰুৱা
জন্ম চন১৯১৪ চন
জন্ম স্থান শ্বিলং
পিতৃভৈৰৱ চন্দ্ৰ বৰুৱা
শিক্ষাপ্ৰিঞ্চ অৱ ৱেলচ, যোৰহাট
মৃত্যু১০ মে’, ১৯৯৮ চন

Also Read: জীৱনী: ৰজনীকান্ত বৰদলৈ – অসমীয়া ঔপন্যাসিক | Rajanikanta Bordoloi

ভূৱন মোহন বৰুৱা প্ৰাৰম্ভিক জীৱন 

ভূৱন মোহন বৰুৱাৰ জন্ম হৈছিল ১৯১৪ চনত সেইসময়ৰ অসমৰ ৰাজধানী শ্বিলঙত। তেখেতৰ পিতৃৰ নাম আছিল ভৈৰৱ চন্দ্ৰ বৰুৱা। শ্বিলঙত জন্ম গ্ৰহণ কৰিলেও তেওঁৰ পিতৃ আছিল শিৱসাগৰহে। উল্লেখ্য যে ভৈৰৱ চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ আছিল ভুৱন মোহন বৰুৱা। ভূৱন মোহন বৰুৱাৰ মাতৃ আছিল প্ৰখ্যাত সংগীতাচাৰ্য লক্ষীৰাম বৰুৱাৰ জীয়ৰী। ভূৱন মোহন বৰুৱাৰ আজো আইতাক আছিল মণিৰাম দেৱানৰ জীয়াৰী।

শিক্ষা 

ভুৱন মোহন বৰুৱাই প্ৰাথমিক শিক্ষা শ্বিলঙত গ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত যোৰহাটৰ প্ৰিঞ্চ অৱ ৱেলচ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ পৰা ডিপ্লোমা পাঠ্যক্ৰম সমাপ্ত কৰিছিল তেওঁ। উল্লেখ্য যে ভূৱন মোহন বৰুৱাই বৃত্তিগত কৰ্মজীৱনৰ পাতনি মেলিছিল ডিগবৈ তেল শোধনাগাৰত আৰু পৰৱৰ্তী সময়ত টোকোলাই চাহ গৱেষণাগাৰৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ওপৰিও ভূৱন মোহন বৰুৱাই শ্বিলঙৰ টাৰ্পিন তেল ফেক্টৰিতো কৰ্মসূত্ৰে দায়িত্ব পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত অসম চৰকাৰৰ অধীন চলচ্চিত্ৰ বিত্তীয় ব্যৱস্থাপক সমিতি(Film Finance Board)ৰ এজন সদস্য হিছাপেও কাৰ্য নিৰ্বাহ কৰিছিল ভূৱন মোহন বৰুৱাই।

কৰ্মজীৱন

পেছাগত ভাৱে এজন অভিযন্তা হিচাবে কৰ্মৰত ভূৱন মোহন বৰুৱাই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পাঠকক মোহাচ্ছন্ন কৰি কেৱল সাহিত্য চৰ্চাতেই মনোনিবেশ কৰিছিল এনে নহয় ইয়াৰ সমান্তৰালকৈ তেওঁ আছিল এজন চিত্ৰ শিল্পী। ইয়াৰ ওপৰিও তেখেত আছিল সংগীতৰ এজন একনিষ্ঠ সাধক। ইংৰাজী ভাষা-সাহিত্যতো ভূৱন মোহন বৰুৱাৰ আছিল অগাধ বুৎপত্তি। গুৰুত্বপূৰ্ণ কথা ইংৰাজী ভাষা সাহিত্যৰ প্ৰতি আকৰ্ষিত হ’লেও নিজস্ব ভাষা – সংস্কৃতিৰ ওপৰতো সমানেই দায়বদ্ধ আছিল তেওঁ। উল্লেখ্য যে চিৰকুমাৰ এইজন সাহিত্যিক আছিল সবল ব্যক্তিত্বৰ অধিকাৰী। ইয়াৰ ওপৰিও ব্যক্তিগত জীৱনত পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল তেওঁ।

ক্ৰিড়াৰ প্ৰতি ধাউতি 

সাহিত্য চৰ্চা কৰাৰ ওপৰিও ভূৱন মোহন বৰুৱাৰ খেলা ধূলাৰ প্ৰতিও যথেষ্ট ধাউতি আছিল। ডিগবৈ তেল শোধনাগাৰত কৰ্তব্যত অৱস্থাত অইল’ক প্ৰতিনিধিত্ব কৰি কেইবাবাৰো ক্ৰিকেট খেলত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ওপৰিও তেওঁ হকী, ক্ৰিকেট, টেনিছ, ফুটবল সকলো খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাইছিল। তেওঁৰ প্ৰিয় খেল হ’ল- ক্ৰিকেট আৰু টেনিচ। উল্লেখ্য যে শ্বিলঙৰ লাবানৰ সাৱিত্রী কুটীৰত বসবাস কৰা অন্তর্মুখী চৰিত্রৰ ভূৱন মোহন বৰুৱা চলচ্চিত্ৰ নিৰ্মাণ কৰা কামত পৰিচালক সকলক যথেষ্ট পৰামৰ্শ দিছিল, ইয়াৰ ওপৰিও মেঘালয়ৰ তেতিয়াৰ অসম বিধানসভাত ওলমি থকা বহু চিত্র অংকন কৰিছিল তেওঁ। বেহেলা আৰু ভায়োলিন বজাই ভালপোৱা ভূৱন মোহন বৰুৱাই শ্বিলং কলা পৰিষদৰ লগত জড়িত হৈ সংগীত, নৃত্য, নাটকৰ চৰ্চা অব্যাহত ৰাখিছিল।

উপন্যাস 

বেষ্ট চেলাৰ’ অসমীয়া উপন্যাস ‘অসীমত যাৰ হেৰাল সীমা’ লিখাৰ ওপৰিও ভূৱন মোহন বৰুৱাই আন বহু কেইখন উপন্যাস আৰু গল্প সংকলন প্ৰকাশ কৰিছিল। সেই সমূহ হ’ল- অশান্ত প্ৰহৰ,পুৱতি তৰা, মৃত বিহংগ, জয়া মহল, উৰ্মিলাৰ চকুলো, গ্ৰহণান্ত, সুবৰ্ণ বলয়, মৌন পুৰি আৰু প্ৰকাশিত গল্প সংকলন হ’ল ‘মৃগতৃষ্ণা‘। 

নাটক

কেৱল উপন্যাস বা গল্পই নহয় নাট্য সাহিত্যৰ ক্ষেত্ৰখনলৈও বৰঙণি আগবঢ়াইছিল ভূৱন মোহন বৰুৱাই।‌ তেওঁ ৰচনা কৰা প্ৰথম খন নাটক হ’ল – ‘ৰূপশিল্পী’। উল্লেখ্য যে পৰৱৰ্তী সময়ত ৰূপশিল্পীৰ কাহিনীক লৈয়ে তেওঁ লিখি উলিয়াইছিল আন এখন উপন্যাস সুবৰ্ণ বলয়। উল্লেখ্য যে ভূৱন মোহন বৰুৱাই সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা জীৱনৰ ওপৰত ভিত্তি কৰি এখন জীৱনী মূলক উপন্যাস ৰচনা কৰিছিল। উপন্যাস খনৰ নাম হ’ল – ‘সুৰ দেউলৰ পূজাৰী’

গুৰুত্বপূৰ্ণ কথা যে ২০২০ চনৰ ১৫ জুলাই তাৰিখে ভূৱন মোহন বৰুৱাই ছদ্মনামত লিখা উপন্যাস অসীমত যাৰ হেৰাল সীমা প্ৰকাশ পোৱা ৭৫ বছৰ হ’ল। মহাৰজত জয়ন্তী সম্পূৰ্ণ কৰিলে সম্পূৰ্ণ কৰিলে এইখন উপন্যাসে। প্ৰথম প্ৰকাশ হৈছিল ১৯৪৫ চনৰ, ১৫ জুলাই তাৰিখে। অসমীয়া সাহিত্যত অসীমত যাৰ হেৰাল সীমা হ’ল বহুল পঠিত আৰু বহুল প্ৰচাৰিত উপন্যাস। ডিগবৈত থকা সময়তেই ভূৱন মোহন বৰুৱাই কাঞ্চন বৰুৱাৰ ছদ্মনামত প্ৰথমখন উপন্যাস ৰচনা কৰিছিল অসীমত যাৰ হেৰাল সীমা। কিতাপখনৰ বেটুপাত অংকিত কৰিছিল বিজয় কৃষ্ণ মণ্ডলে। গুৰুত্বপূৰ্ণ কথা যে ২০১৯ চনলৈকে এই ৭৫ বছৰত মুঠ ২৭ টা সংস্কৰণ প্ৰকাশ পোৱা এই কিতাপখন একেটা বেটুপাতেই প্ৰকাশ পাইছিল। 

গুৰুত্বপূৰ্ণ কথা যে অসীমত যাৰ হেৰাল সীমা সৰ্ব-বয়সৰ পঢ়ুৱৈৰ মাজত এতিয়াও জনপ্ৰিয়। বৰ্তমানলৈকে এই উপন্যাসখন ১০৯ টা ভাষালৈ অনুদিত হৈছে। শেহতীয়াকৈ ইংৰাজী ভাষালৈও অনুদিত হ’ল এইখন উপন্যাস। চেলিম এম হুছেইনে ইংৰাজী ভাষালৈ অনুদিত কৰিলে এইখন উপন্যাস। বৰ্তমানো গ্ৰন্থমেলা সমূহত এইখন উপন্যাসে পঢ়ুৱৈৰ সৰ্বাধিক আকৰ্ষণ লাভ কৰে। উল্লেখ্য যে অসমীয়া সাহিত্যত জাতিষ্মৰ তথা পূৰ্বজন্মক লৈ লিখা এইখনেই প্ৰথম উপন্যাস। ইংৰাজী চিনেমা এখন প্ৰত্যক্ষ কৰি তাৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ কল্পনাৰ মিশ্ৰণ ঘটাই উপন্যাস খন লিখি উলিয়াইছিল ভূৱন মোহন বৰুৱাই। প্ৰায় ন-দহ মাহৰ অন্তত লিখি শেষ কৰা এইখন উপন্যাস ভূৱন মোহন বৰুৱা আৰম্ভণিৰ পৰা একাদিক্ৰমে লিখা নাছিল। ইয়াৰ পৰিৱৰ্তে উপন্যাস খনৰ শেষ অধ্যায়টোহে আগতে লিখিছিল তেওঁ। 

১৯৪৯ চনত অসীমত যাৰ হেৰাল সীমা উপন্যাস খনৰ কাহিনীক লৈ শিৱসাগৰত মীনাকাঞ্চন নামেৰে এখন নাটক কৰা হৈছিল।  ইয়াৰ ওপৰিও এইখন উপন্যাসৰ কাহিনীক লৈ পাঠশালাত কহিনুৰ থিয়েটাৰে ১৯৮০-৮১ নাট্যবৰ্ষত একে নামেৰেই নাট্যৰূপত মঞ্চস্থ্য কৰিছিল, উপন্যাস খনৰ নাট্যৰূপ দিছিল প্ৰফুল্ল বৰাই, অন্যহাতে পৰিচালনা কৰিছিল হেমন্ত দত্ত আৰু মহানন্দ শৰ্মাই। মহানন্দ শৰ্মা, হীৰা নেওগ, আমিনা দেৱান আদিয়ে বিভিন্ন চৰিত্ৰত অভিনয় কৰা নাটকখনৰ মূল চৰিত্ৰ চন্দনৰ চৰিত্ৰত অভিনয় কৰিছিল নিপন গোস্বামীয়ে। ইয়াৰ ওপৰিও ২০০৯-১০ নাট্য বৰ্ষত কহিনুৰ থিয়েটাৰে পুনৰবাৰ অসীমত যাৰ হেৰাল সীমা মঞ্চ ৰূপত নিবেদন কৰিছিল। ২০০৯-১০ বৰ্ষত  মূল চৰিত্ৰ চন্দনৰ চৰিত্ৰত অভিনয় কৰিছিল যতীন বৰাই।

গুৰুত্বপূৰ্ণ কথা যে ডিগবৈ তেল শোধনাগাৰত কৰ্তব্যত হৈ থকা সময়তে লিখি উলিয়াইছিল অসীমত যাৰ হেৰাল সীমা নামৰ  উপন্যাসখন। কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, উপন্যাস খন লিখি শেষ হোৱাৰ পিছতো প্ৰকাশকৰ ওচৰ চপাৰ পৰিৱৰ্তে টেবুলতে বহু বছৰ পেলাই থৈছিল। পৰৱৰ্তী সময়ত তেওঁৰ এজন আত্মীয় জে কে বৰুৱাই উপন্যাস খন প্ৰকাশৰ ব্যৱস্থা কৰিছিল।

উল্লেখ্য যে নিজৰ সৃষ্টিৰাজীৰে লক্ষ লক্ষ পাঠকক মোহাচ্ছন্ন কৰি ৰাখিলেও ভূৱন মোহন বৰুৱাই সদায় লোকচক্ষুৰ পৰা আঁতৰত থাকিহে প্ৰশান্তি লাভ কৰিছিল। ছদ্মনামত নিজৰ সৃষ্টিৰাজী সমূহ পাঠক সমাজৰ মাজলৈ আগবঢ়ায় দিয়া ভূৱন মোহন বৰুৱাই নিজৰ সঁচা পৰিচয়টো দাঙি ধৰা নাছিল।

কেতিয়াও নিজৰ ফটো প্ৰকাশ নকৰা, সাক্ষাৎকাৰ নিদিয়া, জীৱনত অসম সাহিত্য সভাৰ মুখ নেদেখা, কেতিয়াও সভাৰ অধিবেশন অথবা সভা-সমিতিত উপস্থিত থাকি নোপোৱা অসাধাৰণ সাহিত্যিকজনে অসমীয়া সাহিত্য জগতলৈ মেটমৰা সম্ভাৰ আগবঢ়াই থৈ অসমীয়া ভাষা চহকী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। উল্লেখ্য যে ভূৱন মোহন বৰুৱাৰ বিশেষ ফটোকেইখন মানক বাদ দি বেছি ফটো সামাজিক মাধ্যমকে আদি কৰি কোনো মাধ্যমত উপলব্ধ নহয়। কেৱল কিতাপৰ পাতত শব্দবোৰৰ মাজতহে তেখেত চিৰউজ্জীৱিত হৈ আছে। সমাজত নিজৰ সৃষ্টি বিলাই দি নিজে সেই সৃষ্টিৰ আঁৰত চিৰদিন থাকি যোৱা ভূৱন মোহন বৰুৱাৰ চিন্তা ধাৰণাৰ গভীৰতা আজিও প্ৰাসংগিক। উল্লেখ্য যে প্ৰচাৰ বিমুখ সাহিত‌্যক জনে তেখেতৰ দৰে ছদ্মনাম ব্যৱহাৰ কৰাৰ ৰহস্য হ’ল তেখেতে ভাবিছিল কিতাপ লিখা বুলি জানিলে কোনোৱে নপঢ়িব। সেইবাবে তেওঁ কাঞ্চন বৰুৱা ছদ্মনামেৰে সাহিত্যক সৃষ্টি সমূহ কৰিছিল।

Also Read: জীৱনী: পদ্মনাথ গোহাঞি বৰুৱা | Padmanath Gohain Baruah Biography

সামৰণি

স্বীকৃতিৰ পিছত ঘূৰি নুফুৰি একান্ত মনে সাহিত্যৰ সাধনা কৰা ভূৱন মোহন বৰুৱা আজি নাথাকিলেও প্ৰজন্মৰ পিছত প্ৰজন্মই তেওঁক কাঞ্চন বৰুৱা হিচাপে আজিও মনত ৰাখিছে। প্ৰতিটো প্ৰজন্মই আজিৰ সময়তো অসীমত যাৰ হেৰাল সীমা নামৰ উপন্যাসখন পঢ়িবলৈ উদগ্ৰীৱ হৈ থাকে। নিজৰ সৃষ্টিশীল প্ৰতিভাৰ তেওঁ আজিও প্ৰতিটো প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছে। অসীমত যাৰ হেৰাল সীমাই পৰিচিত হ’লেও স্বকীয় সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰা আৰু অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ বুকুত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা ভূৱন মোহন বৰুৱাই অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়ায় থৈ গৈছে মেটমৰা এক সম্ভাৰ। সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা ভূৱন মোহন বৰুৱাৰ সৃষ্টিৰাজী একক আৰু অনান্য। নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীৰ বাবে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত  এক সুকীয়া স্থান দখল কৰিছে ভূৱন মোহন বৰুৱা ওৰফে কাঞ্চন বৰুৱা। নিৰহংকাৰী, প্ৰচাৰ বিমুখ হ’ল  অসমীয়া সাহিত্যৰ এটা ব্যতিক্ৰমী সত্বা ভূৱন মোহন বৰুৱা। এইজন স্বনামধন্য সাহিত্যিকে ইহলীলা সম্বৰণ কৰে ১৯৯৮ চনৰ ১০ মে’ তাৰিখে।

Also Read: ড° মামণি ৰয়ছম গোস্বামী | Mamoni Raisom Goswami

FAQ

১) ভূৱন মোহন বৰুৱা কোন?

উঃ-  ভূৱন মোহন বৰুৱা অসমৰ এজন জনপ্ৰিয় ঔপন্যাসিক আৰু চুটিগল্প লেখক।  

২) ভূৱন মোহন বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯১৪ চনত।

৩)  ভূৱন মোহন বৰুৱাই কি ছদ্মনামেৰে সাহিত্য ৰচনা কৰিছিল?  

উঃ- ‘কাঞ্চন বৰুৱা’ নামেৰে।

৪)  ‘অসীমত যাৰ হেৰাল সীমা’ কোনে লিখা?

উঃ- ভূৱন মোহন বৰুৱাই লিখা।

৫) ভূৱন মোহন বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৯৯৮ চনৰ ১০ মে’ মাহত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top