Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Question Answer can be of great value to excel in the examination.

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা

Join Telegram channel

Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা Notes cover all the exercise questions in UGC Syllabus. The Bharatiya Arjyobhakha aru Asomiya Bhakha Unit 1 ভাৰতীয় আর্যভাষাৰ ক্ৰমবিকাশৰ ৰূপৰেখা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৩। সংস্কৃতত আনুনাসিক বৰ্ণৰ লগত যুক্ত হোৱা গ, ঘ, জ, ঝ, ব, ভ অসমীয়াত প্ৰায় লুপ্ত হয়। যেনে―

সংস্কৃতঅসমীয়া
সঙ্গসং
মঙ্গলমঙল
সম্বন্ধসম্বন্ধ
শৃংগশিং
নাঙ্গলনাঙল
সম্বলসম্বল

৪। শ’, ‘য’, ‘স’ত যুক্ত ‘য়’ কাৰ লুপ্ত হ’লে শ’, ‘ষ’, ‘স’ৰ ঠাইত ‘চ’ হয়। যেনে— শষ্য—শইচ; শিষ্য— সিচ,  বশ্য— বইচ; মনষ্যু— মনিচ।

৫। অইন বৰ্ণৰে যুক্ত হোৱা য়, ৰ, ল, ৱ অসমীয়াত লুপ্ত হয়।

সংস্কৃতঅসমীয়া
বিদ্যাবিদ্যা
পূৰ্ব্বপূব
অগ্রআগ
বিল্ববেল
দীর্ঘদীঘ
সৰ্পসাপ
ব্লকলবাকল
শাল্মলিশিমলু

৬। দুটা কৰি সংস্কৃত শব্দৰ পাছৰটো যুক্ত বৰ্ণ হ’লে আৰু তাৰে এটা অসমীয়াত লুপ্ত হ’লে আগৰ বৰ্ণৰ ‘অ’ গুচি ‘আ’ হয় আৰু কেতিয়াবা ‘উ’ গুচি ‘ও’ হয়। যেনে―

সংস্কৃতঅসমীয়া
পত্ৰপাত
কৰ্ণকাণ
লুপ্তলোপ
সৰ্পসাপ
সপ্তসাত
পুত্ৰপো

৭। সংস্কৃত যুক্ত বৰ্ণৰ প্ৰথম আখৰ শ’, ‘ষ’, ‘স’ আৰু ‘হ’ হ’লে তদ্ভৱ অসমীয়া শব্দত সেইকেইটা আখৰ লোপ হয়। যেনে—

সংস্কৃতঅসমীয়া
পচ্শাৎপাছত
শুষ্কশুকান
ব্ৰাহ্মণবামুণ
কশ্চিতকাচিত
স্তুতি তুতি
স্থলীথালী

৮। সংস্কৃত ‘স্ত’ আৰু ‘ষ্ট’ অসমীয়াত ‘থ’ আৰু ‘ঠ’ হোৱা দেখা যায়। যেনে―

সংস্কৃতঅসমীয়া
স্তৱক থোক
মিষ্টমিঠা
স্তুপথুপ
স্তম্ভথাম
পিষ্টপিঠা
প্ৰস্তাৰপথাৰ

৯। সংস্কৃত ‘ট’ আৰু ‘ত’ অসমীয়াত ‘ৰ’ হয়। যেনে―

সংস্কৃতঅসমীয়া
ঘোটকঘোঁৰা
শাটীশাৰী
কটাহকেৰাহী
ঘটিঘৰি
স্ফিটফেৰ
প্ৰভাতপোহৰ

১০। সংস্কৃত ‘ৰ’ ৰ ঠাইত ‘ল’ হয়। যেনে―

সংস্কৃতঅসমীয়া
শৰীৰশৰীল( কথিত ভাষাত)
সাৰিকাসালিকা
সুস্থিৰসুথিল
পৰিৱাৰপৰিয়াল

১১। সংস্কৃত শব্দৰ আগত থকা ‘অ’ অসমীয়াত ‘ও’ হয়। যেনে―

সংস্কৃতঅসমীয়া
জটজোট
দমদোঁ
অমলওমল (to play)
সমসোঁ (যেনে―সোঁ আধি)
প্ৰগুণপোন
ভ্ৰমভোম (বিন্ধা)
পম্কবোকা
শটাশোটা (ঠাই সৰা)
সঞ্চৰসোঁচৰ
সশৰীৰেসোঁ শৰীৰে
গন্ধগোন্ধ
ভ্ৰণভোণ ভোণা
প্ৰৱালপোৱাল

১২। সংস্কৃত ‘ৱ’ অসমীয়াত ‘প’ হয়। যেনে―

সংস্কৃতঅসমীয়া
সৰ্ব্বৈসোপাই
ধাৱধাপলি
জীৱনজীপ্
গৰ্ব্বগপ
যৱনিজপনা
ধ্ৰুৱধুৰুপ

১৩। শব্দহীন (silent) ব্যঞ্জন বৰ্ণৰ আগত যুক্ত হৈ বহা অনুনাসিক বৰ্ণ আগৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু হৈ বহে। যেনে―

সংস্কৃতঅসমীয়া
অঙ্কআঁক
কন্টককাঁইট
কম্পকাঁপ কঁপ
সঞ্চয়সাঁচ
অন্তআঁত
কাংসকাঁহ

যুক্ত হৈ নথকা ‘ম’ৰ ঠাইত ‘ৱ’ হয়। যেনে— কুমৰ, সুমৰ = কোঁৱৰ, কেতিয়াবা কোঞৰ বা কোঙৰ লেখে, সোঁৱৰ, ভাঁৱৰী। শব্দৰ অন্তত থকা ‘ম’ ‘ও’ হয়। যেনে— বাম, নাম, গ্রাম শ্যাম, বাঁও, নাঁও, গাঁও শাঁও— আগৰ বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু হয়।

১৪। অনেক স্থলত সংস্কৃত বর্ণবিলাক অসমীয়াত অগা-পিচা অর্থাৎ বর্ণবিপর্যয় হয়। যেনে—

সংস্কৃতঅসমীয়া
বাৰদ ডাৱৰ
ৱাসিবাইচ্ (কাঠ চচা)
ৱলাকাবগলা, বগলী
শূকৰগাহৰি
লম্ভফাল্ (শ্ৰীহট্টত)
শাটী, (শাৰী)ৰিহা

১৫। সংস্কৃত শব্দৰ প্ৰথম স্বৰ ‘ই’ বা ঈ’ হলে অসমীয়াত দুইৰো ঠাইত ‘এ’ হয়। যেনে—

সংস্কৃতঅসমীয়া
হিন্দোলহেন্দোল
শীত বা সিতশেতশেতীয়া বা সেতসেতীয়া
ভিত্তিভেটি
ইন্দুৰএন্দুৰ
লিখলেখ
বিল্ববেল
হিমকসেমেকা
সিন্দুৰসেন্দুৰ
শিফালিশেৱালি
ভিদ্ভেজ্, ভেদ্

১৬। সংস্কৃত শব্দৰ ‘গ’ শব্দ আৰু ‘হ’ গোট খাই অসমীয়াত ‘ঘ’ হোৱা দেখা যায়। যেনে—

সংস্কৃতঅসমীয়া
প্ৰগ্ৰহপঘা
গ্ৰহণঘেণ (cf “ইসব ঘৌণলে জানা হয় মহাপাপ”– কমৰ―হৰণ) 

১৭। সংস্কৃত শব্দত থকা শ’, ‘য’, ‘স’, ‘খ’ আৰু ‘ফ’ আখৰৰ সলনি অসমীয়াত কেতিয়াবা ‘হ’ হয়। যেনে—

সংস্কৃতঅসমীয়া
শিখৰশিহৰ (যেনে— গাৰ নোম)
বিশবিহা
বিষবিহ
পশুপহু
শিফাশিহা (গছৰ শিপা)
মাসমাহ
কৰ্ষকাৰ্হ্ (কাঢ়)

১৮। শব্দৰ মাজত বা পাছত থকা ‘ক’, ‘খ’, ‘গ’, ‘ত’, ‘দ’, ‘ড’, ‘ধ’, ‘প’, ‘ফ’, ‘ভ’, ‘ম’, ‘ৱ’ আৰু ‘হ’ অসমীয়াত কেতিয়াবা লুপ্ত হয়। যেনে—

সংস্কৃতঅসমীয়া
আকুলআউল
প্ৰতিপৈ
বধুবউ
ৱপ্ৰীবৰী (মাটিৰ ঢিলা)
ৱাপবাও (ধান)
নাভিনাই
নামনাও (Name)
শাপশাও
শ্ৰাৱণশাওণ
বামনবাওনা
গ্ৰামগাওঁ
শিখৰশিহৰ (যেনে- গাৰ নোম)
নদীনৈ
বাতুলবাউল

‘শাঁও’, ‘বাঁও’, ‘নাও’, ‘গাঁও’, এইবিলাক শব্দৰ প্ৰথম অৱস্থা শাঅ’, ‘বাঅ’, ‘নাঅ’, ‘গাঅ; আছিল। বঙ্গদেশৰ কিছুমান পুৰণি পুথিত এইদৰে পোৱা যায় ৷ 

১৯ সংস্কৃত শব্দৰ মাজত বা পাছত থকা নিশব্দ মহাপ্রাণ বর্ণ অসমীয়াত অল্পপ্রাণ হয়। যেনে—

সংস্কৃতঅসমীয়া
শিখ্যা ( শিক্ষা)শিকা, শেকা
শিফাশিপা
শফশোপা (নামনিত ‘শপ্’, ‘শপ্তি’ চলে)

২০। সংস্কৃত ‘দ’ৰ সলনি কেতিয়াবা অসমীয়াত ‘গ’ হোৱা দেখা যায়। যেনে—

সংস্কৃতঅসমীয়া
বদৰিবগৰি

২১। সংস্কৃত আৰু অসমীয়া শব্দৰ প্ৰথম বৰ্ণত থকা ‘ই’ কাৰ আৰু ‘উ’ কাৰ কেতিয়াবা সলনি হয়। যেনে— সং— ‘পুচ্ছ’, ‘শিঙঘ’, অসমীয়াত— ‘পিচ’, ‘শুং’ (to smell), পুতেক = পিতেক।

২২। সংস্কৃত শব্দৰ আগত থকা ‘অৱ’ ‘আৱ’ উপসৰ্গ অসমীয়াত ‘আও’ বা ‘ও’ হয়। যেনে―

সংস্কৃতঅসমীয়া
অৱক্ষালনআওখোল
অৱলম্বওলম
অৱহেলাআওহেলা
আৱৰণীউৰণী

৭। অসমীয়া প্ৰাকৃতৰ বিশেষত্ব কি? অসমীয়া প্ৰাকৃতৰ লগত মাগধী প্ৰাকৃতৰ কোনখিনি দিশত অমিল দেখা পৰিলক্ষিত হয় আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষা সংস্কৃতৰ এটা ৰূপান্তৰিত অপভ্রংশ নহয়। অসমীয়া ভাষাত বহুত শব্দ আৰু বৈয়াকৰণিক গঢ় আছে যিবিলাকৰ মূল সংস্কৃতত পাবলৈ নাই। পুৰণি কালত ভাৰতৰ ঠায়ে ঠায়ে অনেক আর্য উপভাষা (dialects) আছিল। সংস্কৃতো সিহঁতৰ ভিতৰৰ এটা। ভাগ্যক্রমে ই সাহিত্যিক ভাষাৰ শাৰীলৈ উঠিল। গতিকে তাৰ অস্তিত্ব আমাৰ জ্ঞানগোচৰ হৈছে। বাকী বহুতবিলাক কথিত ভাষা উপভাষা অৱস্থাতে পৰিৱৰ্তন হৈ হৈ আধুনিক ভাষাত পৰিণত হৈছেহি। বৈদিক সংস্কৃতো এটা প্রাকৃত ভাষা। ই সাহিত্যিক ভাষাৰ শাৰীলৈ উঠাৰ কাল প্রায় ১০০০ ২৫০০ পূর্ব খ্ৰীষ্টাব্দ। ইয়াৰ পিছত লৌকিক সংস্কৃত সাহিত্যিক ভাষাৰ শাৰীলৈ উঠে। সংস্কৃত পাছত পালি ভাষাতো সাহিত্য ৰচনা হয়। এই পালি ভাষা গ্রাম্য বা পল্লীভাষা আছিল। ৩০০ পূর্ব খ্ৰীষ্টাব্দৰ পৰা ২০০ খ্ৰীষ্টাব্দলৈকে পালিৰ কাল। পালিৰ পাচত নানা ঠাইৰ প্ৰাকৃত ভাষাবিলাকতো সাহিত্য ৰচিত হৈছিল। অসমীয়া ভাষাৰ মূল অন্বেষণ কৰি গৈ আমি ইণ্ডো জার্মান যুগ পাওঁ। অসমীয়া ভাষাৰ পাতনি অসমৰ চাৰিসীমাৰ বাহিৰে কোনোবা দূৰ দেশতে হৈছিল, এনে হোৱা একো অসম্ভৱ নহয়। কিন্তু সংস্কৃতীয়া যুগৰ (১০০০-২৫০০ পূর্ব খ্রীষ্টাব্দ) আগতে যে অসমত আৰ্য বসতি হৈছিল সেইটো ‘চেলেক’ ‘পোৰ’ আদি কিছুমান শব্দৰপৰা (যিবিলাক আর্য শব্দ সংস্কৃতৰ পৰা অহা নাই) ধৰাত পৰে। সংস্কৃতৰ আগৰে পৰা থকা স্থানীয় ভাষা বা উপভাষা (Dialect) বিলাকক আদি প্ৰাকৃত বোলে। এই আদি প্রাকৃত আর্য ভাষাবিলাকে বেলেগ বেলেগ ঠাইত আৰু পাৰিপাৰ্শ্বিক অৱস্থাত পৰি বেলেগ বেলেগ গঢ় ল’লে। মথুৰাকে কেন্দ্ৰ কৰি চাৰিওফালে যি ঠাইক মধ্যদেশ বোলে, তাত চলা প্রকৃত নাম শৌৰসেনী। মহাৰাষ্ট্ৰত চলা প্ৰাকৃতৰ নাম মহাৰাষ্ট্ৰী, কাশ্মীৰ আদি দেশত চলা প্ৰাকৃতৰ নাম পৈশাচী, বিহাৰ দেশত চলা প্ৰাকৃতৰ নাম মাগধী। অসম দেশত যি প্ৰাকৃত চলিছিল তাৰ নাম প্ৰাকৃত ব্যাকৰণকাৰীসকলে দিয়া নাই। সম্ভৱত সেই প্রাকৃত সাহিত্যিক ভাষাৰ শাৰীলৈ পূৰ্বে উঠা নাছিল। অসমীয়া ভাষা মাগধী আদি প্ৰাকৃতৰ লগত মিলাই চালে এইটো সহজে উপলব্ধি হয় যে তাৰ মূল ক’ৰবাত । 

অর্থাৎ সাধাৰণতে মাগধী প্ৰাকৃতৰ পৰাই অসমীয়া ভাষা ওলাইছে বুলি যি এটা ধাৰণা আছে। সেইটো ভুল। তেনেহ’লে অসমত চলা প্রাকৃতৰ নাম কি? তাৰ নাম কি সেইটো সিমান আৱশ্যকীয় প্রশ্ন নহয়, কিন্তু মাগধী প্ৰাকৃততকৈ যে এটা বেলেগ ভাষা সেইটোহে আৱশ্যকীয়। বর্তমান যিটো ৰঙালী ভাষা সেইটো অতি আধুনিক আৰু মাগধী প্ৰাকৃতৰ পৰা ওলোৱা। কিন্তু ১২। ১৩। ১৪। শতিকাত বঙ্গদেশত ৰচা পুথিৰ ভাষা আৰু শংকৰী যুগৰ আৰু এতিয়াৰ অসমীয়া ভাষা পৰীক্ষা কৰি চালে আমি মাগধী প্ৰাকৃতৰ উপৰি দুটা প্ৰাকৃত ভাষাৰ স্তৰ থকাৰ প্ৰমাণ পাওঁ। এটাক বুলিব পাৰি ‘সৌমাৰ প্ৰাকৃত’; ই আগেয়ে অসম আৰু বঙ্গদেশত চলিছিল; এতিয়া তাৰ বিশেষত্বখিনি উজনি অসমত পোৱা যায়। আনটো হৈছে কামৰূপী প্ৰাকৃত। এইটো কোনো কোনো বৈয়াকৰণিকে উল্লেখ কৰা ‘প্রাচ্য’ ভাষা নহয়। ‘প্রাচ্য’ প্ৰাকৃত শৌৰসেনীৰে সৈতে একে। ইয়ো গোটেই কামৰূপত আৰু পশ্চিমে মাগধী ভাষাৰ সীমা বিহাৰলৈকে অর্থাৎ গোটেই বঙ্গদেশতে চলিছিল। তাৰ পাছত মাগধী প্ৰাকৃত বঙ্গদেশত আৰু কামৰূপৰো কিছু কিছু অংশত চলিলে। অৱশ্যে, সকলোবিলাক প্রাকৃত ভাষাৰ মাজত বহুত ঐক্য আছে; তথাপি শৌৰসেনী বা মহাৰাষ্ট্ৰী প্ৰাকৃতৰ লগত মাগধী প্ৰাকৃতৰ যিমান প্রভেদ, সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতৰ লগত মাগধী প্ৰাকৃতৰ পাৰ্থক্য ততোধিক। এই কাৰণে ইহঁতক মাগধী প্ৰাকৃতৰ লগত একে শ্ৰেণীভুক্ত কৰিব নোৱাৰি। এই তিনিওটা প্রাকৃতৰ ভিতৰত মাগধী প্ৰাকৃত সাহিত্যিক ভাষাব শাৰীলৈ উঠিছিল কাৰণেই তাৰ বিষয়ে আমি সৰহকৈ জানিব পাৰিছো। কিন্তু বাকী দুটা প্রাকৃত পূৰ্বে সাহিত্যিক ভাষাৰ শাৰীলৈ উঠা নাছিল। অৰ্থাৎ সেই দুই প্রাকৃতত ব্যাকৰণ আৰু সাহিত্য ৰচনা হোৱা নাছিল। কিন্তু সাহিত্যিক ভাষাৰ শাৰীলৈ যে সিহঁত একেবাৰে উঠা নাছিল, সেইটোও নহয়। যদিও সংস্কৃত ভাষাই সকলো প্রাকৃত তল পেলাই সকলো ঠাইৰ ভাষাত নিজৰ পেলাই প্ৰায় একাকাৰ কৰিলে। তথাপি প্রত্যেক ঠাইৰ প্ৰাকৃতৰ যিবিলাক ধাতুগত বিশেষত্ব সেইবিলাক একেবাৰে লুপ্ত নহ’ল। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতেও সেইদৰে কিছুমান পূৰ্বৰ লক্ষণ ৰাখি চলি আহিছে কাৰণেহে সিহঁতক আমি ধৰা পেলাব পাৰিছো। চীনা পৰিব্ৰাজক হিউৱেন চাং যেতিয়া ভাৰতত আহে তেতিয়া ৭ম শতিকাত সেই দেশৰ সকলো ঠাইতে প্রাকৃত ভাষা চলিছিল। তেওঁ লিখি গৈছে— “কামৰূপৰ ভাষা মধ্যভাৰতৰ ভাষাতকৈ কিছু পৃথক। মাগধী প্ৰাকৃতৰ এলেকা বিহাৰকে তেওঁ মধ্যভাৰত বুলি ধৰিছিল। কামৰূপীয়া প্ৰাকৃতক মাগধী প্ৰাকৃততকৈ বেলেগ বুলি ধৰা হয় কথাষাৰক উক্ত পৰিব্ৰাজকে সমৰ্থন কৰে এতেকে অসমীয়া ভাষাই সেই সপ্তম শতিকাৰ পৰাই নিজৰ বিশেষত্ব ৰাখি আহিছে। কামৰূপী আৰু সৌমাৰ প্ৰাকৃত প্রায় একে আছিল। তলত কামৰূপীয়া প্ৰাকৃত আৰু সৌমাৰ প্ৰাকৃতৰ মাগধী প্ৰাকৃতৰ লগত কোন ক্ষেত্ৰত অমিল সেইটো আলোচনা কৰা হ’ল―

১। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত শ, ষ, স এই তিনিটা আখৰৰ উচ্চাৰণ ‘X’ হয়। মাগধী প্ৰাকৃতত সিহঁতৰ উচ্চাৰণ ‘শ’ (Sh) হয়। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত ‘Sh’ (শ) উচ্চাৰণ একেবাৰে নাই। তাৰ ঠাইত বৰং ‘চ” হয়। যেনে- চিলা (অর্থাৎ শিলা) পর্বত’, ‘চেচা’ (সংস্কৃত ‘শৈত্য’)।

২। চ, জ, ঝ এইকেইটা আখৰৰ উচ্চাৰণ মাগধী প্রাকৃতত খুব স্পষ্ট। কিন্তু সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত সিহঁতৰ উচ্চাৰণ কোমল (ts) আৰু (dz)। তদুপৰি ‘ছ’ আৰু ‘ঝ’ৰ  উচ্চাৰণ নাই।

৩। ভাৰতীয় সকলো প্রাকৃততে আৰু সংস্কৃতত মূর্ধন্য ধ্বনিৰ উচ্চাৰণ (‘ট’, ‘ঠ’, ‘ড’, ‘ঢ’, ‘ণ’) আছে। দন্ত্য বর্ণবিলাককো মূৰ্ধন্যৰ দৰে প্ৰাকৃতত উচ্চাৰণ কৰা হয় আৰু লেখা হয়। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত এইবিলাকৰ ঠাইত সপ্তমূলীয় (alveolar) উচ্চাৰণ হয়; মূর্ধন্য উচ্চাৰণ নাই। মূর্ধন্য বর্ণৰ উচ্চাৰণো সঙ্গমূলীয় হয়। মূর্ধন্য উচ্চাৰণ মূল ইণ্ডো-জৰ্ম্মেনতো নাছিল।

৪। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত সম্বন্ধ পদৰ চিন ‘অৰ’ বা ‘ৰ’ আৰু অধিকৰণৰ চিন ‘অত’ বা ‘ত’। মাগধী প্রাকৃতত সম্বন্ধ পদত ‘হ’ বা শশ’ হয়। যেনে― সৌমাৰ প্ৰাকৃত― ‘পুৰুষৰ’; মাগধী প্রাকৃত— ‘পুলিশাহ’ বা ‘পুলিশশ্শ। মাগধী প্ৰাকৃতৰ অধিকৰণত ‘এ’ বা স্মি’ হয়।

৫। অসমাপিকা ক্রিয়াত মাগধী প্ৰাকৃতত ধাতুৰ পাছত ‘দানি’ যোগ কৰা হয়। শৌৰসেনীত “ইয়’ হয়; কিন্তু কামৰূপীয়া প্ৰাকৃতত ‘ইয়া’ হয়, সৌমাৰ প্ৰাকৃতত কেৱল ‘ই’ হয়। যেনে— সংস্কৃত কৃত্বাঃ, মাগধী প্ৰাকৃত— ‘কৰিদানি’, প্রাকৃত— ‘কৰিঅ’। কামৰূপীয়া প্রাকৃত― ‘কৰিয়া’, সৌমাৰ প্ৰাকৃত— ‘কৰি’।

৬। অপাদান কাৰকত মাগধী আদি প্ৰাকৃতবিলাকত ‘সুন্তো’ বা ‘হিন্তো’ উপশব্দ ব্যৱহাৰ কৰা হয়। কামৰূপীয়া প্ৰাকৃততো সেইদৰে ‘হন্তে’ উপশব্দ বা অব্যয় শব্দ ব্যৱহাৰ হয়। কিন্তু সৌমাৰ প্ৰাকৃতত তাৰ ঠাইত ‘পৰা’ অব্যয় শব্দ ব্যৱহাৰ কৰা হয়। এইটো সৌমাৰ প্ৰাকৃতৰ এটা প্রধান বিশেষত্ব।

৭। সৌমাৰ আৰু কামৰূপীয়া প্ৰাকৃতত ধাতুৰ পাছত পুৰুষত ‘ওহোঁ’, ‘ওঁ’ বা ‘ওম’ হয়; দ্বিতীয় পুৰুষত ‘আঁ’, ‘আহাঁ’ আৰু তৃতীয় পুৰুষত ‘এ’ আৰু সন্মানসূচক হ’লে ‘অন্ত’ হয়।

৮। শব্দ সম্বন্ধে দেখা যায়, কিছুমান সংস্কৃত ধাতুৰ আগত কোনো অৰ্থত সাধাৰণতে যি উপসর্গ বহে, সৌমাৰ প্ৰাকৃতত তাৰ ঠাইত বেলেগ উপসর্গ বহে, যেনে— সংস্কৃত— প্রৱেশ, সৌমাৰ আৰু কামৰূপী প্ৰাকৃত— ‘সংবেশ’ = ‘সম্বেশ’, তাৰপৰা ‘সম্বা’, ‘সমা’, ‘সোমা’, সংস্কৃত— ‘বিলম্ব’; সৌমাৰ প্ৰাকৃত— ‘প্ৰলম্ব’, তাৰপৰা ‘পলম’; সংস্কৃত— ‘বিস্মৰণ’, সৌমাৰ আৰু কামৰূপী প্ৰাকৃত— ‘পস্মৰণ’, তাৰপৰা ‘পাহৰণ’, সংস্কৃত— ‘প্রকট’; সৌমাৰ প্ৰাকৃত— ‘নিটক’ (দাঁত নিকটা); সংস্কৃত— ‘উৰ্হণী’, ‘বৰষে’; সৌমাৰ প্ৰাকৃতত— ‘বাঢ়ণী’, ‘উৰুষে’।

৯। তদুপৰি অসমীয়া ভাষাত এনে কিছুমান ঘৰৱা জীৱন-যাপন কৰাত সদায় ব্যৱহাৰ কৰা বিশেষ শব্দ আছে যিবিলাক সংস্কৃতৰ পৰা অহা নাই, অথচ আর্য শব্দ আৰু যিবিলাকৰ কাৰণে অসমীয়া ভাষা গোৰতে এটা পৃথক প্ৰাকৃতৰ পৰা ওলাইছে বুলি ধৰিবলৈ বাধ্য হোৱা যায়। তলত আৰু কিছুমান দিয়া হ’ল। যেনে— 

আঠুৱা (Mosquito Curtain); আকৌ (again, cf Lat-Ociar, সংস্কৃত–আশু); ওখ (সংস্কৃত ‘উচ্চ’ শব্দৰ পৰা হোৱা নাই, পিশাচী ভাষাত ‘উষ্ট্ৰ’ = ওখ আৰু ‘উখ’ = উট্। দেখা যায় যে এই দুটা শব্দৰ অৰ্থ সাল-সলনি হৈছে বা দুয়োটা শব্দৰে মূল একে। উষ্ট্ৰ = উখ্ৰ = ‘ওখ’। (cf জং — hoch); উঠ; ওপং (to float); কণী (egg; ভাৰতীয় প্ৰায় সকলো ভাষাতে ডিম, ডিম্ব, অণ্ড শব্দ চলে); ‘কুৰা’ (যেনে— ‘জুই কুৰা; এই ‘কুৰা’ শব্দৰ অৰ্থ আগেয়ে ‘জুই’ আছিল)।

৮। অসমীয়া ভাষাত সংস্কৃত ধ্বনিসমূহ কিদৰে ৰক্ষিত হৈছে, এটি আলোচনা যুগুত কৰা।

উত্তৰঃ সংস্কৃত বৰ্ণমালা অসমীয়া ভাষাৰো বর্ণমালা। কিন্তু উচ্চাৰণত লৰ। সংস্কৃতত ১৪টা স্বৰবৰ্ণৰ ভিতৰত অসমীয়াত কেৱল ৮টা উচ্চাৰণ কৰে। যেনে— অ, আ, ই, উ, এ, ঐ, ও ঔ। সংস্কৃত ‘ঋ’ৰ স্থলত অসমীয়াত ‘ৰি’ উচ্চাৰণ কৰে। যেনে— ‘কৃষি’ = ‘ক্রিষি’। কিন্তু অসমীয়া স্বৰৰ আখৰমালাত ১১টা আখৰ দেখুওৱা হয়। প্রকৃততে প্ৰয়োগ হোৱা আঠোটা স্বৰধ্বনিৰ উচ্চাৰণৰ সৈতেও অসমীয়া ভাষাত প্ৰয়োগ হোৱা স্বৰধ্বনিৰ স্পষ্ট পার্থক্য আছে। এই আখৰসমূহৰ ভিতৰত সংস্কৃত উচ্চাৰণ অনুসৰি ‘ই’ আৰু ‘উ’ ৰ উচ্চাৰণ ৰক্ষিত হৈছে বুলি কোৱা হয়। যদিও সূক্ষ্মভাৱে বিচাৰ কৰি চালে এই দুটা ধ্বনিৰ উচ্চাৰণৰ ক্ষেত্ৰতো সংস্কৃত উচ্চাৰণৰ সৈতে পার্থক্য বিচাৰি পোৱা যায়।

জিভাৰ উচ্চতা আৰু অৱস্থান অনুসৰি অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিসমূহক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি —

বৈদিক সংস্কৃতৰ পৰা প্ৰাকৃতৰ মাজেৰে নব্য-ভাৰতীয় আৰ্য ভাষাৰ স্তৰৰ অসমীয়া ভাষাটোৰ ভালেখিনি ধ্বনিতাত্ত্বিক পৰিৱৰ্তন ঘটিল। এই পৰিৱৰ্তনৰ ফলত অসমীয়াৰে সমগোত্রীয় ভাষা বাংলা, উৰিয়া আদি ভাষাৰ পৰাও অসমীয়া ভাষাৰ ধ্বনি-উচ্চাৰণ প্ৰক্ৰিয়াত যথেষ্ট পার্থক্য দেখা যায়। উদাহৰণস্বৰূপে ক’ব পাৰি যে— সংস্কৃত বর্ণগত মূল্য থকা যৌগিক স্বৰ— ঐ আৰু ঔ অসমীয়া ভাষাত ‘অ’ ‘ই’ আৰু ‘অ’ ‘উ’ত এই ধৰণে দুটা স্বৰৰ সংযুক্তি পৰিণত হ’ল। কিন্তু বাংলা আৰু উৰিয়াত ই ‘ওই’ আৰু ‘ওউ’ ৰূপে উচ্চাৰিত হ’ল।

সংস্কৃতৰ ‘ঋ’ স্বৰধ্বনিৰ গুণেৰে উচ্চাৰণ হৈছিল। উৰিয়া ভাষাত ইয়াৰ কিছু লক্ষণ ৰক্ষিত হ’লেও অসমীয়াত ই সম্পূৰ্ণৰূপে ‘ৰি’ ৰূপে হৈ পৰিল। অসমীয়াত স্বৰধ্বনিৰ দীৰ্ঘৰূপ নাইকিয়া হ’ল। সংস্কৃত নিম্ন-পশ্চ স্বৰধ্বনি ‘অ’ বাংলা আৰু উৰিয়াত নিম্নাভাষ ‘অ’ ৰূপে উচ্চাৰিত হ’ল, কিন্তু অসমীয়াত নিম্ন পশ্চ ‘অ’ স্বৰধ্বনিৰ লগতে এটা নিম্নাভাষ ‘অ’ স্বৰধ্বনিও বিশিষ্টৰূপত পোৱা গ’ল।

সংস্কৃতৰ দৰে ব্যঞ্জনান্ত শব্দৰ পাছত অসমীয়াত সাধাৰণতে -ী’ যোগ দিয়া হয়। যেনে— ‘ঈশ্বৰ-ঈশ্বৰী’; ‘সুন্দৰ-সুন্দৰী’। আগেয়ে অসমীয়াত সংস্কৃতৰ দৰে পুংলিঙ্গৰ শব্দৰ পাছত ‘ -ী’ বা ‘নী’ যোগ দি স্ত্রীলিংগ বুজোৱাৰ নিয়ম আছিল। কিন্তু এতিয়া বিশ্লেষণ প্রথা সোমোৱাত পূর্বৰ নিয়ম ভাঙিছে। এতিয়া লিঙ্গভেদ কৰিবলৈ ‘মতা-“মাইকী’ শব্দ সততে যোগ দিয়া হয়। প্রায়বিলাক অনার্য ভাষাত, পৈশাছী আৰু ফাৰ্চী ভাষাতো ওপৰোক্ত বিশ্লেষণ প্ৰথাৰে লিংগভেদ কৰা হয়।

১। সংস্কৃতৰ দৰে ব্যঞ্জনান্ত শব্দৰ পাছত ‘আ’ যোগ দি, যেনে— ‘সৰল-সৰলা’; ‘ক্ষীণ-ক্ষিণা’।

২। বহুত ব্যঞ্জনান্ত শব্দৰ পাছত ‘অনী’ যোগ দি, যেনে— ‘কেওট কেওটনী’; ‘ফুকণ – ফুকননী’।

 ৩। সংস্কৃতৰ দৰে ‘ঈ’ কাৰান্ত শব্দৰ পাছত ‘নী’ যোগ হয়; যেনে— ‘মায়াবী-মায়াবিনী’; ‘উপকাৰী-উপকাৰিণী’।

৪। কিছুমান আকাৰান্ত শব্দৰ ‘আ’ কাৰ গুচি ‘ঈ’ কাৰ হয়, যেনে— ‘পেহা-পেহী’; ‘মহা মাহী’। 

৫। মন কৰিবলগীয়া যে, “শ্ৰীমতী’, ‘বুদ্ধিমতী’,’গৌৰী’, ‘আচার্যানী’, ‘শূদ্রানী’, ‘প্রেয়সী’ ইত্যাদি শব্দবিলাক অসমীয়াত আৰ্হি ৰূপান্তৰ হোৱা নাই। সেইবোৰ শব্দ তেনেভাৱেই সংস্কৃতৰ পৰা ধাৰ কৰি আনি অসমীয়াত ব্যৱহাৰ কৰা হয়।

৬। সংস্কৃতৰ দন্ত্য আৰু মূর্ধন্য স্পর্শ ব্যঞ্জনসমূহৰ উচ্চাৰণৰ পাৰ্থক্য অসমীয়াত লোপ হৈছে আৰু এই দুই প্ৰকাৰৰ ব্যঞ্জনসমূহ অসমীয়াত দন্ত্যমূলীয় (alveolar) হিচাপে উচ্চাৰিত হয়। লিখাত দস্তা আৰু মূর্ধন্য দুই প্ৰকাৰ ব্যঞ্জন ব্যৱহাৰ কৰা হয় যদিও অসমীয়াত দস্তা বা মূর্ধন্য উচ্চাৰণ নহয়-হয় দন্ত্যমূলীয় উচ্চাৰণহে।

৭। সংস্কৃতৰ তালব্য-স্পর্শ ব্যঞ্জনৰ উচ্চাৰণো অসমীয়াত লোপ হৈছে আৰু এইবিলাক অসমীয়াত দন্ত্যমূলীয়— উষ্ম হিচাপে উচ্চাৰিত হয়। চ, ছৰ উচ্চাৰণৰ কোনো পার্থক্য নাই। এনেদৰে জ, ঝ ৰো কোনো পার্থক্য নাই। এই দুইবিধ দন্ত্যমূলীয় অঘোষ উষ্ম আৰু দন্ত্যমূলীয় ঘোষ উষ্ম চ/S/, জ/Z/ -হিচাপে উচ্চাৰিত হয়।

৮। সংস্কৃত ম, ন, ণ, ঞ, ঙ — এই পাঁচ প্ৰকাৰ নাসিক্য ব্যঞ্জনৰ ভিতৰত ম আৰু ঙ সংস্কৃতৰ দৰে ঔষ্ঠ্য আৰু কণ্ঠ্য বা পশ্চ— তালব্য হিচাপে উচ্চাৰিত হয়। অৱশ্যে ‘ঙ’ৰ উচ্চাৰণত অসমীয়া কিছু বৈশিষ্ট্য আছে। সংস্কৃতত ‘ঙ’ ধ্বনি পদৰ আদি, মধ্য, অন্ত্য সকলো অৱস্থানতে উচ্চাৰণ হৈছিল আৰু শব্দতো ব্যৱহাৰ হৈছিল; যেনে— তিঙ, লুঙ্ ইত্যাদি। অসমীয়াত ‘ঙ’ মধ্য আৰু অন্ত্য অৱস্থানতো উচ্চাৰণ হয়।

৯। সংস্কৃতৰ দন্ত্য, মূর্ধন্য, তালব্য আৰু কণ্ঠ্যনলীয় স, ষ, শ আৰু হ— এই চাৰিটা উষ্ম ব্যঞ্জনৰ ভিতৰত একমাত্র ‘হ’ৰ উচ্চাৰণ সংস্কৃত অনুযায়ী অসমীয়াত ৰক্ষিত। সংস্কৃতৰ স, ষ, শ-ৰ উচ্চাৰণ পাৰ্থক্য অসমীয়াত সম্পূৰ্ণৰূপে লোপ পাইছে।

১০। সংস্কৃতৰ পাৰ্শ্চিক ‘ল’ আৰু কম্পিত ‘ৰ’ অসমীয়াতো আছে যদিও উচ্চাৰণৰ স্থান সংস্কৃতৰ পৰা সুকীয়া। ‘ল’ ধ্বনি সংস্কৃতত দন্ত্য আৰু ‘ৰ’ মূর্ধন্য; কিন্তু অসমীয়াত ‘ল’ আৰু ব’ দুইটাৰে উচ্চাৰণ স্থান দস্তামূল; সেয়েহে এই দুটা ধ্বনি অসমীয়াত দন্ত্যমূলীয় পাৰ্শ্চিক আৰু কম্পিত ধ্বনি।

১১। সংস্কৃতৰ য়, ৱ এই দুই অর্ধ-স্বৰ অসমীয়াত ৰক্ষিত যদিও সৰ্বসাধাৰণৰ উচ্চাৰণত ইহঁতৰ ধ্বনিগত মর্যাদা বা প্রকৃত উচ্চাৰণ লোপ পাইছে। 

গতিকে দেখা যায় যে অসমীয়াত সংস্কৃত অনুযায়ী বর্ণ বা আখৰবোৰ ব্যৱহাৰ কৰা হৈছে যদিও সকলোবোৰৰে উচ্চাৰণ ৰক্ষিত হোৱা নাই। উচ্চাৰণ নথকা সত্ত্বেও পৰম্পৰা বা মূল-সাদৃশ্য ৰক্ষাৰ বাবে সংস্কৃতৰ সকলো বর্ণ অসমীয়াত লিখাৰ ৰূপত ব্যৱহাৰ কৰা হৈ আহিছে। 

মুঠতে, উচ্চাৰণৰ দিশৰ পৰা সংস্কৃতৰ প্ৰধান ৩৩টা ব্যঞ্জনৰ ঠাইত অসমীয়াত য়, ৱ এই দুই অর্ধ-স্বৰ ধৰি মুঠ ২৩টা ব্যঞ্জন উচ্চাৰিত হয়।

৯। অসমীয়া ভাষাৰ লগত আন মগধীয় ভাষাসমূহৰ সম্বন্ধ বিচাৰ কৰা। 

উত্তৰঃ অসমীয়া ভাষাৰ বিদেহ— মগধীয় পৰিয়ালৰ ভাষা বঙলা, উৰিয়া, ভোজপুৰী, মৈথিলী আদি ভাষাবোৰেৰে সৈতেও সম্বন্ধৰ আঁতডালি বিচ্ছিন্ন হৈ যোৱা নাই। সেই ভাষাবোৰেৰে সৈতে অসমীয়া ভাষাৰ এটা সম্পৰ্ক আছে, অথচ তাৰ ভিতৰতে অসমীয়া ভাষাই এটা সুকীয়া বৈশিষ্ট্যও ৰক্ষা কৰিছে। ইয়াৰ দ্বাৰাও অসমীয়া ভাষাটো মগধীয় ভাষা হিচাপে প্রতিষ্ঠিত হৈছে। তামৰ ফলিৰ ভাষাই অসমীয়া ভাষাৰ চিত্ৰটো স্পষ্ট কৰি তোলে; কিন্তু অসমীয়া ভাষাৰ বিস্তৃত। নিদর্শন চর্যাপদবোৰৰ (অষ্টম-দ্বাদশ শতিকা) ভাষাতহে পোৱা যায়। চর্যাপদৰ পিছত অসমীয়া | ভাষাৰ নিদৰ্শন আছে প্রাচীন অসমীয়া সাহিত্যত। এইক্ষেত্ৰত বিশেষ উল্লেখযোগ্য হ’ল— মাধৱ কন্দলীৰ (চৈধ্য শতিকা) ৰামায়ণৰ ভাষা। ইয়াৰ লগত শ্ৰীকৃষ্ণ কীৰ্তনৰো ভাষাৰে সৈতে থকা সম্পর্কই (শ্রীকৃষ্ণ কীৰ্তনৰ ভাষাৰ লগত চর্যাপদৰো সম্পৰ্ক আছে) অসমীয়া ভাষাৰ পূৰ্ব ভাৰতৰ একেবাৰে মিথিলাৰ ভাষাৰে সৈতে যোগসূত্ৰডালি আৰু দৃঢ় কৰি তোলে চৰ্যাপদৰ ভাষাক মৈথিলী ভাষাৰ উত্তৰ পূৰ্বীয় উপভাষা বুলি কোৱা হয়।

অসমীয়া ভাষাৰ আন আন ভাষাৰ লগত সাদৃশ্য-বৈসাদৃশ্যৰ আলোচনা কৰিবলৈ গ’লে অসমীয়া ভাষাৰ আটাইবোৰ উপভাষাৰ সহায় ল’ব লগা হয়। উত্তৰ-বংগৰ ভাষাৰ লগত অসমৰ পশ্চিম অঞ্চলৰ ভাষাৰ ৰূপতত্ত্বমূলক আৰু শব্দমূলক অনেক সাদৃশ্যৰ উপৰি প্ৰবাদ-বচন আদিৰো সামঞ্জস্য ধৰা পৰিছে। শ্ৰীচাৰুচন্দ্ৰ সান্যালৰ মতে “দাৰ্জিলিঙৰ শিলিগুৰি মহকুমা, অবিভক্ত জলপাইগুৰি, কোচবিহাৰ, অসমৰ গোৱালপাৰা আৰু উত্তৰ ৰংপুৰৰ উপভাষাটো বঙলাৰ এটা ‘স্থানীয় উপভাষা’।” সুনীতি কুমাৰ চট্টোপাধ্যায়ে আৰু সুকুমাৰ সেনে ইয়াক ‘উত্তৰ-পূব বঙলা উপভাষা’ বুলি অভিহিত কৰিছে। প্রকৃতপক্ষে ই উল্লিখিত অঞ্চলৰ গাঁৱলীয়া লোকসকলৰ কথিত (চলিত ভাষা) এই কথিত ভাষাটোৰ মান্য কথিত বঙলা ভাষাৰ লগত বহু ক্ষেত্ৰত পার্থক্য আছে। ইফালে অসমীয়া ভাষাৰ পশ্চিম অঞ্চলৰ কামৰূপী উপভাষাৰ লগত এই উপভাষাটোৰ বহুক্ষেত্ৰত সাদৃশ্য ৰক্ষিত হৈছে। উত্তৰ-বংগৰ ভাষাৰ লগত এই পশ্চিম অসমৰ গোৱালপৰীয়া উপভাষাৰো সাদৃশ্য প্রচুৰ। শ্ৰী সান্যালে উল্লেখ কৰা উত্তৰ-বংগৰ উপভাষাৰে সৈতে থকা কামৰূপী উপভাষাৰ শব্দমূলক সাদৃশ্যবোৰ তলত দিয়া ধৰণৰ―

(ক) ঘৰ-দুৱাৰ আৰু আন বস্তু-বাহানি সম্পর্কীয়―

উত্তৰ-বংগৰ উপভাষাকামৰূপী উপভাষা
আখাআখা
আয়নাআয়না
পিৰাপিৰা
ফুল(নাক) ফুল (নাক্র) ফুল
পোইলাপাইলা
নোলোকনলক
দুআৰদুৱাৰ
দাওদাউ
ডালাদালা
জাখোইজাখা, জাখে
ছিপচিপ
ঘৰঘৰ
গাছাগাচা
খিৰিকিখিৰকি
কুলাকুলা
খোন্তাখন্তা

(খ) ফল-মূল, মছলা পাতি সম্পৰ্কীয়―

উত্তৰ-বংগৰ উপভাষাকামৰূপী উপভাষা
আদাআদা
এ’লাচিএ’লাচি
কঠোআলকথাল, তু গোৱা কাঠোল
কলমকলমদানি (এবিধ ধান)
খাৰমাখৰমা (এবিধ ধান)
জিৰাজিৰা
দালচিনিদালচেনি
বাঙিবাঙি
বেলবে’ল
বোগাৰিবৌগৰি
হাম্‌কুহাম্‌খু
হোলদিহালধি

(গ) খেতি-বাতিৰ সা-সঁজুলি―

উত্তৰ-বংগৰ উপভাষাকামৰূপী উপভাষা
কোদালকদাল / কোদাল
জুআজুআ (গৰু গাড়ীৰ)
নাঙলনাঙাল / লাঙাল
ধুৰধুৰা (গৰু গাড়ীৰ)
ফালফাল
মৈ ‘জখলা’জখলা

(ঘ) নামবাচক শব্দ আৰু সম্বন্ধবাচক শব্দ―

উত্তৰ-বংগৰ উপভাষাকামৰূপী উপভাষা
আগ্‌নাআঘনা
আসাৰুআঁহোৰু
জেঠিআজেউঠা
বাইসাগুবৈহোগু
বুধুবুদু, বুদা, বুইধা
আইআই (মা)
দে’ওৰদে’উৰ
আবোআবু, আবো
কাকাকাকা
ঘৰনিঘন্নি
ঢেমিনাধে’মনা
মামিমামি

বঙলা ভাষাৰে সৈতে অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ কোনো কোনো ঠাইত মিল আছে। দুয়ো ভাষাতে ওচৰা-ওচৰিকৈ থকা অক্ষৰ দুটাত ‘আ’ ধ্বনি থাকিব পাৰে; যেনে— চাকা (কামৰূপী, বঙলা), চকা (মান্য অসমীয়া)। দুয়ো ঠাইত শব্দৰ আদি বা প্রথম অক্ষৰত বলাঘাত পৰা হেতুকে মধ্যৱৰ্তী অক্ষৰ লুপ্ত হয়; যেনে—

কামৰূপীবঙলা
কুমৰাকুমড়া

দুয়ো ঠাইত স্বৰ-সংগতিৰ ফলত কিছুমান শব্দই সমৰূপতা লাভ কৰে; যেনে— মধু > মোধু (কামৰূপী, বঙলা), ম’ধু (মান্য অসমীয়া)। বঙলাত পোৱা চ, জ, শ, ট, ড আদি ধ্বনি গোৱালপৰীয়া উপভাষাত আছে, কিন্তু কামৰূপী আৰু মান্য অসমীয়াত নাই। অসমীয়াত সকর্মক আৰু অকর্মক ক্রিয়া অনুযায়ী কৰ্তাৰ পিছত প্ৰথমা বিভক্তি যোগ হয়। বঙলাত এনে নিয়ম নাই।

উড়িয়া ভাষাৰ লগত অসমীয়া ভাষাৰ সাদৃশ্যও নথকা নহয়। অসমীয়াৰ নিচিনা উড়িয়াতো আৰম্ভণিত থকা সংস্কৃত ‘য’, আৰু ‘ৱ’, ‘জ’ আৰু ‘ব’ ৰূপে উচ্চাৰিত হয়; যেনে— উড়িয়া- জাই < যাত্বা; কামৰূপী— জাই, মান্য অসমীয়া গৈ। উড়িয়াত বাধ < ব্যাঘ্র, অসমীয়া— বাঘ। অসমীয়াৰ নিচিনা উড়িয়াতো নির্দিষ্টতাবাড়ুক প্রত্যয়টাৰ ব্যৱহাৰ আছে, যেনে— অসুৰ টা, বলদ-টা, গাই-টা (অসমীয়া — অসুৰ— টো, বলদ—টো, গাইজনী, এটা, দুটা)। প্রাচীন অসমীয়াৰ বহু বচনৰ প্ৰত্যয় ‘মানে’ উড়িয়াত বহু বচনৰ প্ৰত্যয়ৰূপে ব্যৱহাৰ হয়। যেনে— মণিস মানে ‘মানুহবোৰ’। ইফালে মান্য উড়িয়া আৰু তাৰ পশ্চিমৰ উপভাষাৰ মাজত কিছুমান পার্থক্য দেখা যায়। সেইবোৰৰ ভিতৰত কিন্তু আন আৰ্য-ভাষাৰ লগত মিল আছে। এই উপভাষাটোত সকলো শব্দ স্ববান্ত নহয়। মূর্ধন্য ‘ল’ৰ ব্যৱহাৰ ইয়াত নাই আৰু তৎসম শব্দত মূর্ধন্য ‘ণ’ দন্ত ‘ন’ৰূপে উচ্চাৰিত হয়। পশ্চিম-উড়িয়া উপভাষাৰ লগত কামৰূপী উপভাষাৰ কোনো কোনো ক্ষেত্ৰত সাদৃশ্য ধৰা পৰে (কামৰূপী আৰু মান্য অসমীয়াৰ দৰে) পশ্চিম উড়িয়াৰ উচ্চ স্বৰধ্বনি মান্য উড়িয়াত নিম্ন স্বৰধ্বনিলৈ ৰূপান্তৰিত হয়; যেনে— উদা (পশ্চিম উড়িয়া), ওদা (মান্য উড়িয়া) [তু তামুল (কামৰূপী আৰু মান্য অসমীয়া— তামোল)] পশ্চিম উড়িয়াত অপিনিহিতিৰ স্বৰ ‘ই’ৰ প্ৰয়োগ দেখা যায়, যেনে— পানী (মান্য উড়িয়া) > পাইন (প. উড়িয়া) [তু. পানীটোপা (মান্য অসমীয়া) > পাইন টপা (কামৰূপী)]। পশ্চিম উড়িয়াৰ শব্দৰ মাজৰ অক্ষৰ লোপ হোৱাৰ লক্ষণ আছে, যেনে— মাকড়সা (মান্য উড়িয়া), মাকড়া (পশ্চিম উড়িয়া)। [তু. মকৰা (মান্য অসমীয়া), মাকা (কামৰূপী)] ইত্যাদি।

মাগধী গোষ্ঠীৰ একেবাৰে পশ্চিমৰ ভাষা হৈছে ভোজপুৰী। অসমীয়া মান্য ভাষা, পুৰণি অসমীয়া ভাষা আৰু বিশেষকৈ কামৰূপী উপভাষাৰ ভোজপুৰী ভাষাৰে সৈতে সম্বন্ধ অতি ঘনিষ্ঠ। ভোজপুৰী আৰু কামৰূপীৰ মাজৰ সাদৃশ্যবোৰ এনেধৰণৰ— থইলী (কামৰূপী থৈলা), বখান (কামৰূপী— বাখান, মান্য অসমীয়া— বখান), পুৰাণ, খেপ, আখড়া (কামৰূপী— আথবা), খন্তা, পস্তা, পাতি (কামৰূপী— পাতি), কঁকুৰি (কামৰূপী কাইক্ৰাল), ভিজ, কইলান (কামৰূপী— কৈল্লান), গাঁছ (কামৰূপী— গাছ), ঢেমনী (কামৰূপী–ধেমনী), লোহা (কাম — লহা)। ভোজপুৰীত পুৰণি অসমীয়া আৰু মান্য অসমীয়াত শব্দও পোৱা যায়; যেনে – ভিখাৰী, গৰম, জনম, কম, মুখ, সুকুল (মান) অস – শুকুলা), নগদ, দুৱাৰ, কদম, পদুম ইত্যাদি। ভোজপুৰীত ‘ব’ ধ্বনিৰ প্ৰাধান্য দেখা যায়। যেনে— কোঁৰা (অসমীয়া — কোলা), কাজৰ (অসমীয়া কাজল), বধ (অসমীয়া বলধ, বলদ), ফাৰ (অসমীয়া — ফাল)। সংখ্যাবাচক শব্দবোৰত ভোজপুৰীত সংস্কৃত ‘য’ৰ যেতিয়া ‘ছ’ উচ্চাৰণ হয়, অসমীয়াত তেতিয়া স (চ) উচ্চাৰণ হয়। যেনে— ষট্ > ছৱ’, (অসমীয়া — চই> হয়)। ভোজপুৰীত ‘য’ৰ যেতিয়া স (চ) উচ্চাৰণ হয়, তেতিয়া অসমীয়াত ‘স’ উচ্চাৰণ হয়। যেনে- ষোড়শ > সোবহ > সোল ষোল > ষঠি > সাঠি > সাথি (যাঠি)। প্রতিধ্বন্যাত্মক শব্দবোৰ ভোজপুৰীত এনেকুৱা; হাট-বাট, বাসন-ওসন, হাথী-ওথী, তেল সেল। ভোজপুৰীত আন কিছুমান প্ৰয়োগ এনেধৰণৰ— আইল্‌ কৰল ‘অহা কৰ্’, পঢ়ল কৰল্ ” পঢ়ল্ কৰল্’ পঢ়া কৰ।

চৰ্যাপদৰ ভাষা আৰু অসমীয়া ভাষাৰ সম্বন্ধই অসমীয়া ভাষাৰ বিদেহ অঞ্চলৰ মৈথিলী ভাষাৰ লগত সম্বন্ধৰ বাতৰি দিয়ে; কিয়নো “মৈথিলী ভাষাত ৰচনা কৰা প্ৰাচীনতম পুথি হৈছে বৌদ্ধ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ নামৰ গীতবোৰ।” অসমীয়া মান্য ভাষা, উপভাষা, পুৰণি অসমীয়া ভাষা আদি বিবিধ স্তৰত অসমীয়া ভাষা আৰু মৈথিলী ভাষাৰ মিল প্রকট হয়। অসমীয়াৰ লগত সাদৃশ থকা মৈথিলী ধ্বনি, শব্দ আৰু প্ৰয়োগ কিছুমান এনেধৰণৰ — বনীজ (অসমীয়া — বণিজ), গমছা (অসমীয়া গামোছা), ভূখ (কামৰূপী— ভুখ/ভখ), সুৰূজ (অসমীয়া— সুৰুজ/সুৰুষ)। ধ্বনিৰ পিনৰ পৰা চালে কামৰূপীত ‘এ্যা’ ধ্বনি [এ’] ধ্বনিৰ সংধ্বনি; কিন্তু মৈথেলীত ‘এ্যা’ বিশিষ্ট ধ্বনি। মৈথিলীৰ অপিনিহিতিৰ প্ৰয়োগ আছে— গাৰি/গাইৰ ‘গালি’।

১০৷ প্ৰাকৃত ভাষা-সাহিত্যৰ সংক্ষিপ্ত পৰিচয় দাঙি ধৰা।

উত্তৰঃ প্ৰাকৃত যুগৰ প্ৰথম স্তৰৰ যিদৰে বৌদ্ধ ধৰ্মক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সাহিত্যৰে সমৃদ্ধশালী হৈছিল, তেনেদৰে দ্বিতীয় বা মধ্যস্তৰৰ ভাষা জৈন ধৰ্মক কেন্দ্ৰ কৰি গঢ়ি উঠা সাহিত্যৰ সমৃদ্ধশালী হৈছিল। সেয়েহে প্রাকৃত সাহিত্যৰ বিশাল পৰিধিৰ অধিকাংশ ক্ষেত্ৰ প্ৰধানতঃ জৈন ধর্মশাস্ত্ৰসমূহেৰে পৰিবৃত। অৱশ্যে ধর্ম-নিৰপেক্ষ বিশুদ্ধ সাহিত্যও এই স্তৰত যথেষ্ট সৃষ্টি হৈছিল আৰু এইবোৰে প্ৰাকৃত সাহিত্যক সমৃদ্ধ কৰাই নহয়, বৈচিত্র্যপূর্ণও কৰি তুলিছিল।

প্রাকৃত ভাষাত যি গ্রন্থাদি প্রণয়ন হৈছিল সেইবোৰ বিষয়বস্তু পৰিৱেশন অনুযায়ী প্রধানতঃ দুটা বহল ভাগত ভগাব পাৰি—

(ক) জৈন ধর্ম-সাহিত্য

(খ) ধৰ্ম-নিৰপেক্ষ ৰস-সাহিত্য

(ক) জৈন ধৰ্ম-সাহিত্যঃ এই সাহিত্যৰাজিক দুটা শ্ৰেণীত বিভক্ত কৰি আলোচনা কৰিব পাৰি—

১। সিদ্ধান্ত বা আগম গ্রন্থ

২। সিদ্ধান্তেতৰ বা আগম— বহির্ভূত ধর্মমূলক গ্রন্থ

১। সিদ্ধান্ত বা আগম গ্রন্থঃ জৈন ধর্মগ্রন্থসমূহক সাধাৰণতে ‘সিদ্ধান্ত’ বা ‘আগম’ বুলি অভিহিত কৰা হয়। জৈন ধৰ্মৰ প্ৰাণ-পুৰুষ মহাবীৰে (আনুমানিক খ্রীঃপূঃ ৬০০-৫২৮) অর্ধ মাগধীৰ পূৰ্বতন ৰূপ প্ৰাচ্য-মধ্যাৰ মাধ্যমেৰে ধৰ্মপ্ৰচাৰ কৰিছিল বুলি প্রসিদ্ধি আছে, সেইকাৰণে জৈন ধৰ্মৰ প্ৰাচীন ধৰ্ম শাস্ত্রসমূহক বা আগম শাস্ত্রসমূহ অর্ধ-মাগধী বা আর্য-প্রাকৃতত ৰচনা কৰা হৈছিল। অৱশ্যে মহাবীৰৰ সময়ত এইবোৰ লিপিবদ্ধ হোৱা নাছিল; খ্রীষ্টীয় পঞ্চম-ষষ্ঠ শতিকাতহে লিপিবদ্ধ হৈছিল। জৈন আগম বা সিদ্ধান্তসমূহৰ অন্তৰ্গত গ্ৰন্থসমূহক এনেদৰে ভাগ কৰা হৈছে—

(ক) দ্বাদশ ‘অংগ’

(খ) দ্বাদশ ‘উবংগ’ (উপাংগ)

(গ) দশ পইন্ন (প্রকীর্ণ) 

(ঘ) ষট ছেয়সুত্ত (ছেদসুত্র)

(ঙ) চাৰি মুলসুত্ত (মূলসূত্র)

(চ) অন্যান্য— ক) নন্দী বা নন্দীসূত্র, 

(ছ) অনুত্তগদাৰ (অনুযোগদ্বাৰ)

ইয়াৰ ভিতৰত ‘অংগ’ শ্ৰেণীৰ গ্ৰন্থই জৈন ধর্মাৱলম্বীৰ মূল শাস্ত্র। সংখ্যা হিচাপে ই বাৰখন গ্ৰন্থৰ সমষ্টি কাৰণে ইয়াক ‘দ্বাদশাংগ’ বুলিও কোৱা হয়। ইয়াৰ অন্তৰ্গত প্রথম দুখন গ্রন্থ ‘আয়ৰংগসুখ’ আৰু ‘সুয়গডংগ’ প্রাচীনতম বুলিও বিবেচনা কৰা হয় আৰু ‘আয়ৰংগসুত্ত’ ই জৈনশাস্ত্ৰৰ আদি আৰু সাৰ।

‘উৱংগ’ৰ সংখ্যাও বাৰ আৰু এইবোৰত সংস্কৃত পুৰাণৰ অনুদিত ৰূপ প্ৰকাশ্যমান। ‘পইন্ন’ (প্রকীর্ণ) ছন্দোবদ্ধ স্তৰৰ স্ততিমূলক গ্রন্থ, দহখন বিভিন্ন গ্ৰন্থৰ ই সমষ্টি। ‘ছেয়সূত্ত’ৰ (ছেদসূত্ত) গ্ৰন্থৰ সংখ্যা ছয়খন আৰু এই ছয়খনৰ ভিতৰত পঞ্চম সূত্র ‘কল্প’ নামৰ গ্ৰন্থখন প্রাচীন জৈনশাস্ত্রৰ অন্যতম বুলি বিবেচনা কৰা হয়। ‘মূলসূত্ত’ চাৰিখন গ্ৰন্থৰ সমষ্টি আৰু ইয়াৰ ভিতৰুৱা ‘উত্তৰজঝয়ন’ (উত্তৰাধ্যায়ন) সুপ্রাচীন। ‘নন্দী’ আৰু ‘অনুত্তগদা’ৰ দুখন স্বতন্ত্র গ্রন্থ যদিও অংগাদি শাস্ত্ৰৰ শেষ গ্রন্থ বুলি স্বীকৃত। জৈন শাস্ত্রাদিৰ সমগ্ৰ পৰিচয় এই গ্ৰন্থ দুখনত পোৱাৰ উপৰি মহাবীৰকে ধৰি বিভিন্ন জৈন গুৰৰ চৰিত্ৰাৱলী সন্নিবিষ্ট হৈছে। প্ৰকৃততে এই দুই গ্রন্থক ‘জৈনধর্মৰ বিশ্বকোষ’ বুলি ক’ব পৰা যায়।

জৈনসকলৰ মতে স্বয়ং মহাবীৰে চতুৰ্দশ ‘পূর্ব’ (‘পূর্ব’ৰ অৰ্থ প্ৰাচীন) নামৰ গ্ৰন্থৰ জৰিয়তে শিষ্যসকলৰ মাজত ধৰ্মশিক্ষা দিছিল, কিন্তু এই ‘পূর্ব’ গ্রন্থ বিচাৰি পোৱা নাযায়। সেইবোৰৰ কিছু অংশ গুৰু-শিষ্যৰ পৰম্পৰাগত মৌখিকভাৱে প্ৰচলিত আছিল বুলি অনুমান কৰা হৈছে। মৌখিক পৰম্পৰাগত চলি অহাৰ পাছত খ্ৰীষ্টীয় পঞ্চম-ষষ্ঠ শতাব্দীৰ মাজভাগত গুজৰাটত বল্লভী নামৰ ঠাইত অনুষ্ঠিত হোৱা শ্বেতাম্বৰ সম্প্ৰদায়ৰ সভাত সংকলিত হোৱা ‘অংগ’। গ্রন্থসমূহত ‘পূর্ব’ৰ অংশবিশেষ সোমাব পাৰে বুলি ভবা হৈছে।

যদিও জৈন ধৰ্ম অতি প্রাচীন ধৰ্ম আৰু গৌতম বুদ্ধৰ জন্মৰ পৰাই এই ধৰ্মমত প্ৰচাৰ হৈ আহিছিল বুলি ভবা হয়, তথাপি মহাবীৰ সময়ৰ পৰা জৈনসকলৰ মাজত বিভেদ সৃষ্টিৰে ‘শ্বেতাম্বৰ’ আৰু ‘দিগম্বৰ’ নামেৰে দুই সম্প্ৰদায়ৰ উদ্ভৱ হৈ যি সম্প্রদায়গত খৰিয়ালৰ সূচনা হৈছিল তাৰ ফলতে খ্ৰীষ্টীয় পঞ্চম-ষষ্ঠ শতাব্দী পর্যন্ত জৈনশাস্ত্রই কোনো লিপিবন্ধ ৰূপ লাভ কৰা নাছিল। অৱশ্যে খ্ৰীষ্টপূর্ব চতুর্থ শতিকাতে চন্দ্রগুপ্ত মৌর্যৰ ৰাজত্বকালত জৈনাচাৰ্য স্থূলভদ্রৰ নেতৃত্বত পাটলিপুত্ৰত অনুষ্ঠিত হোৱা প্ৰথম জৈন-মহাসভাতে জৈনশাস্ত্র সংকলনৰ প্ৰথম উদ্যমৰ সূচনা হয় আৰু ইয়াতেই জৈনধর্মৰ মূল শাস্ত্ৰ ‘আগ’ৰ এঘাৰখন গ্রন্থ সংকলিত হয় বুলিও প্রসিদ্ধি আছে। কিন্তু প্রকৃততে খ্রীষ্ট্রীয় পঞ্চম-ষষ্ঠ শতাব্দীতহে গুজৰাটত বাতীৰ ৰজা ধ্ৰুৱসেনৰ সহায়ত শ্বেতাম্বৰ সম্প্ৰদায়ৰ জৈনাচাৰ্য দেৱৰ্ষিৰ নেতৃত্বত মুখে মুখে প্রচলিত থকা জৈনশাস্ত্রসমূহ সুশৃংখলিত ৰূপত সংকলিত আৰু লিপিবদ্ধ হয়। এই সভাতেই জৈন-শাস্ত্ৰই ‘আগম’ বা ‘সিদ্ধান্ত’ নামেৰে পৰিচিত হয়। শ্বেতাম্বৰ সম্প্ৰদায়ৰ উদ্যোগত শ্বেতাম্বৰ ধর্মাচার্যৰ নেতৃত্বত সংকলিত আৰু লিপিবদ্ধ হোৱাৰ কাৰণে ‘অংগ’, ‘উৱংগ’, ‘পইনন’ আদি শ্বেতাম্বৰ পন্থীৰ ধৰ্মগ্ৰন্থ বুলি পৰিগণিত হয়। দিগম্বৰ সম্প্ৰদায়ৰ গ্রন্থাদিৰ বিষয়ে বিশেষভাবে জনা নাযায় যদিও ‘দ্বাদশাংগ’ক দিগম্বৰ সম্প্রদায়েও মানে; লগতে তেওঁলোকৰ নিজাকৈ ‘চতুর্বেদ’ বুলি আখ্যা দিয়া চাৰিশ্ৰেণীৰ শাস্ত্ৰ আছেঃ ক) প্ৰথমানুযোগ খ) কৰুণানুযোগ গ) দ্রব্যানুযোগ ঘ) চৰণানুযোগ।

আগম বা সিদ্ধান্ত গ্রন্থসমূহত জৈন শ্বেতাম্বৰ সম্প্ৰদায়ৰ সন্ন্যাস জীৱন যাত্ৰাৰ প্ৰণালী, ধৰ্মৰ শিক্ষা, বিবিধ নিয়ম, সাধাৰণ গৃহস্থী, জৈনসকলৰ আচাৰ-ব্যৱহাৰ, কৰ্ম, সংসাৰযাত্ৰা আদিৰ বিষয়ে আলোচনা কৰা হৈছে। ঠাই বিশেষে কথোপকথন, ৰূকাদি আখ্যানৰ জৰিয়তে বর্ণনীয় বিষয় ব্যাখ্যা কৰা হৈছে যদিও এই আগম গ্রন্থসমূহ সাহিত্যগুণহীন নিৰস ধর্মতত্ত্বমূলক গ্রন্থহে হৈ উঠিছে; সজীৱতা বা মানৱিক আকর্ষণ খুব কমেইহে উপলব্ধি কৰিব পৰা যায়।

২। সিদ্ধান্তেতৰ বা আগম-বহির্ভূত ধর্মমূলক গ্রন্থঃ আগম বহির্ভূত ধৰ্মমূলক গ্রন্থসমূহক বিষয়বস্তু অনুযায়ী বহুলভাৱে তিনিটা শ্ৰেণীত ভাগ কৰি আলোচনা কৰিব পাৰি―

(ক) টীকা-গ্রন্থঃ ‘নিজ্জুত্তি’ আৰু ‘চুণণী’

(খ) কাব্য-গ্ৰন্থঃ ‘ৰামায়ণ’, ‘পুৰাণ’ বা ‘চৰিত’ (মহা-পুৰাণ), ‘ধৰ্মকথা’, ‘কথানক’ ইত্যাদি।

(গ) অন্যান্যঃ স্তব-স্তোত্র, নীতিমূলক, তত্ত্বমূলক গ্রন্থাদি।

স্তব-স্তোত্র অথবা দর্শন সম্পৰ্কীয় গ্ৰন্থসমূহৰ বাহিৰে আন সকলোবোৰ আগম-বহির্ভূত গ্রন্থসমূহ জৈনাদর্শ প্রতিফলিত হোৱা সত্ত্বেও কাব্যময় প্রকাশৰীতি আৰু মনোজ্ঞ কাহিনীৰে উৎকৃষ্ট সাহিত্য-সম্পদো। তত্ত্ব-ব্যাখ্যাৰ আধাৰত, চৰিত বৰ্ণনাৰ মাধ্যমত, কাব্যৰ আকাৰত বা গদ্য পদাৰ মিশ্ৰিত ৰূপত বৰ্ণিত হৈছে বিবিধ লোককথা, ঐতিহাসিক বা পৌৰাণিক কাহিনী অথবা প্ৰেম-বীৰত্বৰ ৰোমাঞ্চধর্মী কাহিনী— যদিও এইবোৰৰ লক্ষ্য আছিল জৈন জীৱনদৰ্শন আৰু ধৰ্মৰ আদৰ্শ প্ৰচাৰ কৰা। ব্যাখ্যামূলক গ্রন্থ, যেনে— ‘ৰামায়ণ’, ‘মহাভাৰত’, ‘চৰিত’ বা ‘পুৰাণ’ আৰু উপন্যাস, চুটিগল্প জাতীয় ‘কথা’ বা ‘কথনক’সৃষ্টি কৰি জৈনাচাৰ্যসকলে জৈন ধৰ্ম আৰু উপন্যাস চুটিগল্প জাতীয় ‘কথা’ বা ‘কথনক’ সৃষ্টি কৰি জৈনাচাৰ্যসকলে জৈন-ধর্ম সাহিত্যকে বৈচিত্র্য প্ৰদান কৰা নাই, সামগ্ৰিকভাৱে ভাৰতীয় সাহিত্যকো বৈচিত্রময় কৰি গৈছে। 

কিমান বিচিত্র যে লোককথা বা জনশ্ৰুতিমূলক কাহিনী ভাৰতীয় জীৱনত প্ৰচলিত আছিল। সেই কথা জৈনধর্মমূলক গ্রন্থসমূহৰ জৰিয়তে সুন্দৰভাৱে জানিব পৰা যায়। আন কথাত ভাৰতীয় আখ্যান সাহিত্যৰ ভঁৰাল যেন এই জৈন ধৰ্মমূলক গ্ৰন্থসমূহৰ মাজত সংৰক্ষিত হৈছে। বৌদ্ধ-‘জাতক’ অথবা সংস্কৃত ‘পঞ্চতন্ত্ৰ’ৰ দৰে জীৱ-জন্তুৰ বিচিত্ৰ জগতৰ লগত কাহিনীসমূহ সংস্পৰ্শিত নহৈ মানৱ জীৱনৰ লগত সংস্পর্শিত হোৱাই হৈছে জৈন ধৰ্মীয় সাহিত্যৰ প্ৰধান বিশেষত্ব। অলংকাৰ সমৃদ্ধ কাব্যময় প্ৰকাশৰীতিৰে মানৱ জীৱনৰ ধৰ্মৰ আকৃতি, প্রেম-বীৰত্ব, আশা-আকাংক্ষার এক নিটোল ছবি কাহিনীসমূহৰ মাজত মূৰ্ত হৈ উঠিছে।

(ক) টীকা গ্ৰন্থঃ নিজ্জুত্তি’ আৰু চূণণীঃ বৈদিক মন্ত্র-ভাষ্য ‘নিৰুক্ত’ৰ দৰে অংগাদি আগম গ্ৰন্থসমূহৰ অৰ্থবোধৰ কাৰণে শ্বেতাম্বৰ আৰু দিগম্বৰ উভয় সম্প্রদায়ে কিছুমান টীকা গ্রন্থ বা ব্যাখ্যামূলক গ্ৰন্থ ৰচনা কৰিছিল। শ্বেতাম্বৰ সম্প্ৰদায়ে পদ্যাকাৰে ৰচনা কৰা এনে টীকা গ্ৰন্থক ‘নিচ্ছুত্তি’ (‘নিযুক্তি’) আৰু দিগম্বৰ সম্প্রদায়ে পদ্যাকাৰে ৰচনা কৰা সমূহক ‘চুণ্ণী’ (‘চুৰ্ণী’) বোলা হৈছিল। ভদ্ৰবাহুক প্রাচীনতম নিচ্ছুত্তিকাৰ বুলি কোৱা হয়। ‘চুণ্ণী’ সমূহৰ ভিতৰত গুণধৰ প্ৰণীত ‘কসায়পাহুত-চুণ্ণী বিশেষ উল্লেখযোগ্য। এই নিৰ্জ্জুত্তি আৰু চুণ্ণীৰ বিশেষত্ব এয়ে যে ব্যাখ্যা প্রসঙ্গত বিবিধ কাহিনীৰ অৱতাৰণা। ইয়াৰ ফলতেই এইবোৰ এফালে তত্ত্বৰ ব্যাখ্যাৰে তত্ত্বধৰ্মী ৰচনা আৰু আনফালে বিভিন্ন সৰু-বৰ আখ্যান-উপাখ্যানৰে সাহিত্যকৃতি।

(খ) কাব্য গ্রন্থঃ

১। জৈন ৰামায়ণঃ ‘পউম চৰিঅ’: জৈন মত অনুসাৰে জৈন কবিসকলে প্রাকৃতত নানা কাব্য ৰচনা কৰিছিল আৰু এনে কাব্যবোৰৰ অধিকাংশতে কোনো পৌৰাণিক বা প্রচলিত আখ্যানক জৈন পৰিৱেশমুক্ত কৰি ধর্মাদর্শ প্ৰকাশ কৰা হৈছিল। এনে কৰাৰ ফলত পৰিচিত জনপ্ৰিয় কাহিনী সুকীয়া হৈ পৰিছিল যদিও অভিনৱ হৈও উঠিছিল। ভাৰতীয় জীৱনত চিৰপৰিচিত ৰামায়ণ আৰু মহাভাৰতৰ কাহিনীকো জৈনসকলে পৰিৱৰ্তন সাধন কৰি, পৰিৱেশ আৰু বিশ্বাসকো জৈনমতে পৰিৱেশন কৰি জৈন ৰামায়ণ আৰু মহাভাৰত সৃষ্টি কৰিছিল। মহাবাড়ী প্রাকৃতত ৰচনা কৰা ৰামায়ণমূলক এনে এক প্রাচীন কাব্য হ’ল— আনুমানিক খ্রীষ্টীয় তৃতীয় শতাব্দীমানৰ কবি বিমল সুৰিৰ ‘পউম চৰিয়’ (পদ্ম চৰিত)। ১১৮টা সৰ্গত (১-৩৫ পর্যন্ত সৰ্গসমূহৰ নাম ‘উদ্দেস’ (উদ্দেশ্য) আৰু পৰৱৰ্তী সর্গসমূহৰ নাম ‘পেববং’ বা পর্ব) প্রায় ৯০০০ গাথাৰে ৰামায়ণৰ কাহিনীক জৈন মতেৰে বৰ্ণনা কৰা হৈছে আৰু সেই কাৰণে এই কাব্যক জৈন ৰামায়ণ’ বা ‘প্রাকৃত ৰামায়ণ’ বুলিও কোৱা হয়। ইয়াৰ চৰিত্ৰ চিত্ৰণ, পৰিৱেশ, বিশ্বাস সকলো জৈন মত অনুগামী। ‘পটম’ (পদ্ম) আখ্যাৰে ৰামক বুজোৱা হৈছে। ৰাৱণক জৈন উপাসক হিচাপে উজ্জ্বলভাৱে অংকন কৰা হৈছে যদিও নিজ কর্মফলৰ কাৰণে ‘পউম’ বা ৰামৰ দ্বাৰা তেওঁ নিধন হৈছে আৰু শেষত ৰামেও জৈন মত গ্ৰহণ কৰা বুলি বৰ্ণনা কৰা হৈছে।

বিমল সুৰিৰ গ্ৰন্থক আদর্শ হিচাপে লৈ পৰৱৰ্তী কেইবাগৰাকী জৈন কবিয়ে ৰামায়ণৰ কাহিনী ৰচনা কৰিছিল। অৱশ্যে প্ৰাকৃতত নহয়, সংস্কৃততহে। এনে জৈন ৰামায়ণৰ ভিতৰত ৰবিসেনৰ ‘পদ্ম-চৰিত’, হেমচন্দ্ৰৰ ‘ত্রিষষ্টিশলাকা পুৰুষ’ ইত্যাদি।

জৈনসকলে মহাভাৰতৰ কাহিনী লৈ জৈন-মহাভাৰত ৰচনা কৰাৰ প্ৰমাণ পোৱা নাযায় যদিও সংস্কৃতৰ মাধ্যমত আৰু অপভ্ৰংশত ৰচনা কৰাৰ নিদৰ্শন আছে। সংস্কৃতত লেখা প্রাচীনতম জৈন-মহাভাৰত’ হ’ল জিনসেনৰ ‘হৰিবংশ পুৰাণ’। কৃষ্ণ আৰু বলৰামৰ কাহিনী ঘাইকৈ বর্ণিত হৈছে যদিও কৌৰৱ-পাণ্ডৱৰ কথাও আছে। কৌৰৱসকলে জৈনধর্ম গ্রহণ কৰা আৰু পাণ্ডৱসকলে নির্বাণমাৰ্গত প্ৰৱেশ কৰা দেখুওৱা হৈছে।

২। ‘পুৰাণ” বা ‘চৰিত’: সংস্কৃত পুৰাণ সাহিত্যৰ অনুসৰণত বিভিন্ন মহাপুৰুষৰ জীৱন কাহিনীৰে শ্বেতাম্বৰ সম্প্রদায়ে ‘চৰিত’ নামেৰে আৰু দিগম্বৰ সম্প্রদায়ে ‘পুৰাণ’ নামেৰে এক শ্ৰেণী চৰিত সাহিত্য সৃষ্টি কৰিছিল। এইবোৰক জৈনসকলে মহাপুৰাণ’ বুলিও অভিহিত কৰিছিল। এনে ‘পুৰাণ’ বা ‘চৰিত’ গ্ৰন্থৰ ভিতৰত দিগম্বৰ সম্প্ৰদায়ৰ হেমচন্দ্ৰৰ দ্বাৰা ৰচিত ‘ত্রিষষ্টিশলাকা’, ‘পুৰুষ চৰিত’ বিশেষ উল্লেখযোগ্য।

৩। ধম্মকহাঃ চৰিত সাহিত্য জাতীয় অন্য এক উল্লেখযোগ্য ধর্মীয় সাহিত্যৰ অন্তৰ্গত সাহিত্য হ’ল— ‘ধম্মকহা’ বা ‘ধর্মকথা’। জৈনসকলে ‘ধম্মকহা’ বুলি কোৱা এই শ্রেণী সাহিত্যৰ মূল বিষয়বস্তু ধর্ম সম্পৰ্কীয় উপাখ্যানৰ বিৱৰণ; জৈন ধর্মানুসাৰে কৰ্মবাদ, জন্মান্তৰবাদ আৰু ধর্মতত্ত্ব প্ৰচাৰৰ উদ্দেশ্যই গদ্য-পদ্য মিশ্ৰিত কৰি বিভিন্ন আখ্যান বর্ণনা কৰা হৈছিল। ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য থকা সত্ত্বেও এইবোৰৰ প্রকাশভংগী সহজ-সৰল আৰু প্ৰেমমূলক তথা বীৰত্বাভিযানমূলক কাহিনীক কাব্যসুলভ অলংকাৰাদিৰে আকর্ষণীয়কৈ উপস্থাপন কৰিছে। ইয়াৰ ফলত এইবোৰো উৎকৃষ্ট কাব্য যেন হৈ উঠিছে। এনেধৰণৰ আখ্যান-সম্বলিত সৰল প্ৰকাশভংগীৰ ধৰ্ম্মকহাবোৰৰ ভিতৰত মহাৰাষ্ট্ৰী প্ৰাকৃতত গদ্য আৰু পদ্য উভয়তে ৰচনা কৰা হৰিভদ্ৰ সুবি ‘সমৰাইচ্চকহা’ (সমৰাদিত্য কথা) বিশেষ উল্লেখযোগ্য। ‘ভৱ’ নামেৰে নটা অধ্যায়ত ভাগ কৰি গ্ৰন্থখন আৰম্ভ কৰা হৈছে আদি তীর্থংকৰ ঋষভৰ বন্দনাৰে। নায়কে নিজ কৰ্মফলৰ কাৰণে ন বাৰ জন্ম গ্ৰহণ কৰি বিবিধ দুঃসাহসিক কার্যত লিপ্ত হ’ব লগা আৰু কৰ্মফল ভুগিব লগা কথা শিল্পকুশলতাৰে বৰ্ণনা কৰা হৈছে। কৰ্ম আৰু জন্মাত্তবাদৰ ভিত্তিতে কাব্যখন ৰচনা কৰা হৈছে আৰু সেইকাৰণে প্ৰত্যেক অধ্যায়ক ‘ভৱ’ নামকৰণ কৰা হৈছে।

৪। কথানকঃ ‘ধর্মকথা’ জাতীয় আৰু এক শ্ৰেণীৰ ধৰ্মীয় কাব্য পোৱা যায়, যিবোৰক ‘কথানক’ শ্ৰেণীৰ কাব্য বুলি অভিহিত কৰিব পাৰি। ইয়াৰ কাহিনী ধৰ্মকথাৰ দৰে দীৰ্ঘসূত্রী নহয়, বৰং সৰু সৰু চুটিগল্পৰ নিচিনা। সৰু সৰু কাহিনীযুক্ত কাৰণেই ‘কথানক’ বুলি কোৱা হৈছে। এনে সৰু কাহিনী ব্যাখ্যা গ্রন্থ ‘নিজ্জুত্তি’ আৰু ‘চুণ্ণী’তো যথেষ্ট পোৱা যায় যদিও স্বতন্ত্র গ্ৰন্থাকাৰেও ৰচিত হৈছিল; ইয়াৰ ফলতে একশ্রেণীৰ কথানক সাহিত্যৰ সৃষ্টি হয়। সংস্কৃত, প্রাকৃত, অপভ্রংশ সকলোতে কথানক ৰচনা কৰা হৈছিল। প্ৰাকৃতত ৰচনা কৰা কথানকসমূহৰ ভিতৰত ‘কালকাচাৰ্য কথানক’ সকলোতকৈ জনপ্ৰিয় আৰু সুপৰিচিত। গদ্য-পদ্য উভয়তে ৰচনা কৰা চম্পু জাতীয় এই প্ৰসিদ্ধ গ্ৰন্থৰ ৰচয়িতাৰ নাম জানিব পৰা নাযায় আৰু ৰচনাকাল সর্ম্পকেও একো ক’ব নোৱাৰি। কিন্তু এই গ্রন্থ জৈন সম্প্ৰদায়ৰ অতি শ্ৰদ্ধাৰ গ্ৰন্থ। জৈনসকলে ‘কল্পসূত্ৰ’ পাঠৰ শেষত ইয়াক আবৃত্তি কৰাৰ নিয়ম আৰু ইয়াৰ পৰাই এই গ্ৰন্থৰ গুৰুত্ব বুজিব পাৰি।

(গ) অন্যান্যঃ স্তব-স্তোত্র, নীতি-কবিতা আৰু তত্ত্বমূলক নানা গ্রন্থও জৈনসকলে প্রাকৃতত ৰচনা কৰিছিল। প্ৰাকৃতত ৰচনা কৰা স্তব-স্তুতিৰ ভিতৰত ভদ্ৰবাহুৰ ‘উৱসগ্গহৰ স্তোত্ৰ’ প্রাচীনতম। অন্যান্য এনে গ্ৰন্থৰ ভিতৰত মানত্বংগৰ দ্বাৰা পার্শ্বনাথৰ উদ্দেশ্যে ৰচিত “ভয়হৰ স্তোত্র, ঋষভৰ উদ্দেশ্যে ধনপালে ৰচনা কৰা ‘ঋষভ পঞ্চাশিকা’, ‘নন্দিষেণৰ’ ‘অজিয়সন্তিথয়’ (অজিতশান্তিস্তব), অভয়দেৱৰ ‘জয়তিহুয়ন স্তোত্ৰ’, ‘ধৰ্মঘোষৰ ‘ইসিমণ্ডল’ (ঋষিমণ্ডল) আদি উল্লেখযোগ্য। নীতিমূলক কবিতা বা নীতিবাক্যসমূহ ঘাইকৈ গৃহী আৰু সন্ন্যাসীসকলক জৈন ধর্মশিক্ষা দিবৰ কাৰণে বা উপদেশ প্রদানৰ অৰ্থে ৰচনা কৰা হৈছিল। এনে নীতিমূলক ৰচনাৰ ভিতৰত ধৰ্মদাসৰ ‘উৱত্ৰমালা’ (উপদেশমালা), জয়কীৰ্তীৰ ‘সীলোৱএসমালা’, ‘মুণিচন্দ্ৰসুৰিৰ ‘গাথাকোশ’, সময় সুন্দৰৰ ‘গাথাসহস্ৰী’ আদি প্ৰধান।

তত্ত্বমূলক বা জৈন দর্শন সম্পর্কীয় নানা গ্রন্থও জৈনসকলে প্রাকৃততে ৰচনা কৰিছিল। এনে ধৰণৰ গ্ৰন্থৰ ভিতৰত প্ৰাকৃত-গাথাত ৰচিত ‘পবয়ণসাৰ’ (প্রবচনসাৰ), ‘সময়সাৰ’, ‘নিয়মসাৰ, ‘মুলাচাৰ’, ‘ত্ৰিবৰ্ণাচাৰ’, ‘দব্বসংগ্রহ’ (দ্রব্য সংগ্রহ), নৱতত্ত্ব প্ৰকৰণ, ‘জীৱ-বিয়াৰ’ (জীৱ-বিচাৰ), ‘ভৱ-ভাৱনা’ আদি উল্লেখযোগ্য। 

এনে তত্ত্বমূলক গ্রন্থৰ ৰচয়িতাসকলৰ ভিতৰত শ্বেতাম্বৰ আৰু দিগম্বৰ উভয় সম্প্ৰদায়ৰ শ্রদ্ধাভাজন কুন্দকুন্দই ৮৩ ঘন গ্রন্থ প্রাকৃতত ৰচনা কৰিছিল বুলি উল্লেখ পোৱা যায় ৷

(ঘ) ধৰ্ম নিৰপেক্ষ প্রাকৃত সাহিত্যঃ জৈন ধৰ্মমূলক বিবিধ সাহিত্যৰ উপৰি প্ৰাকৃতত ধৰ্ম বহির্ভূত বা ধৰ্মনিৰপেক্ষ বিশুদ্ধ ৰস-সাহিত্য বুলি অভিহিত কৰিব পৰা নানান সাহিত্যও সৃষ্টি হৈছিল, এনে সাহিত্যসমুহে প্রাকৃত-সাহিত্যিক বৈচিত্র্যময় বা ঐশ্বর্যময় কৰি তোলাৰ উপৰি বহুকেইটা দিশত সংস্কৃত সাহিত্যকো প্ৰভাৱিত কৰিছিল। প্ৰাকৃতত ৰচিত কথা-সাহিত্যৰ বিপুলতা লক্ষ্য কৰি আৰু লৌকিক প্রেম কবিতাৰ প্ৰচুৰ্য দেখি সংস্কৃত কথা-সাহিত্য আৰু শৃংগাৰাত্মক চূর্ণ-কবিতা সৃষ্টিত প্ৰাকৃতৰ কিছু অৱদান থাকিব পাৰে বুলি অনুমান কৰা হৈছে। আনকি এনে মতো পোষণ কৰা হয় যে ৰামায়ণ-মহাভাৰতো লোক মুখে প্রচলিত থাকি প্ৰথমতে প্রাকৃততে ৰচিত হৈছিল। পাছতহে সংস্কৃতত ৰূপান্তৰ কৰা হৈছিল। কিন্তু সংস্কৃত সাহিত্য সৃষ্টিৰ গৌৰৱময় কালতে প্রাকৃত সাহিত্যসমূহো সৃষ্টি হোৱাৰ কাৰণে আৰু সংস্কৃতৰ আদৰ্শৰে প্ৰাকৃত মহাকাব্যসমূহ ৰচিত হোৱাৰ বাবে পাৰস্পৰিক প্ৰভাৱ কেনেধৰণৰ আছিল সেই কথা নিৰ্ণয় কৰা টান। 

ধৰ্ম নিৰপেক্ষ প্রাকৃত-সাহিত্যক ৰচনা -ৰীতি অনুসৰি প্ৰধানতঃ চাৰি ভাগত ভাগ কৰিব পাৰি —

(ক) কথা-সাহিত্যঃ সমগ্ৰ প্ৰাকৃত কথা সাহিত্যৰ ভাণ্ডাৰ। কি বৌদ্ধ সাহিত্য, কি জৈন সাহিত্য সকলোতে কথা সাহিত্যৰ ব্যাপক সমাবেশ লক্ষ্য কৰা যায়। লোক জীৱনত বিবিধ আখ্যান, ৰূপকথা বা সাধুকথা শুনা বা কোৱাৰ যি প্ৰবৃত্তি দিয়েই লোকজীৱনৰ ভাষা প্ৰাকৃতত বিপুল কথা-সাহিত্য সৃষ্টি হোৱাৰ অন্যতম কাৰণ বুলি ভাবিবৰ অৱকাশ আছে। ধর্ম-সাহিত্যৰ বাহিৰেও প্ৰাকৃতত যি কথা সাহিত্যৰ সৃষ্টি হৈছিল তাৰ প্ৰধান গ্ৰন্থৰ ভিতৰত প্ৰাকৃতৰ আদি কথাকাৰ বুলি খ্যাত গুণাত্যৰ দ্বাৰা পৈশাচী প্রাকৃতত ৰচিত ‘বড্ডকহা’ (বৃহৎ কথা) বিশেষ উল্লেখযোগ্য।

(খ) মহাকাব্যঃ প্রাকৃতত ৰচনা কৰা দুখন সুখ্যাত মহাকাব্য হ’ল প্ৰবৰসেনৰ দ্বাৰা ‘ৰাৱণবহো’ বা ‘দেহ মুহবহো’ আৰু বপুইৰাঅ বা বাকপতিৰাজৰ দ্বাৰা ৰচিত ‘গউড়বহো’। ‘ৰাৱণবহো’ আৰু “দহমুহবহো’ কাব্যক ‘সেতুবন্ধ’ বুলিও কোৱা হয়। সংস্কৃতজ্ঞসকলৰ ওচৰত এই নামেই বেছি পৰিচিত। এই দুখন প্ৰধান মহাকাব্যৰ উপৰিও ‘বিষমবান লীলা’ ‘কুবলয়াশ্বচৰিত’, ‘হৰিবিজয়’ আৰু ‘ৰাৱণবিজয়’ নামৰ কাব্য ৰচিত হোৱাৰ উল্লেখ পোৱা যায়। কিন্তু এইবিলাক কাব্য সম্প্ৰতি বিচাৰি পোৱা নাযায়। ‘বিষমবানলীলা’ অভিনয় গুপ্তই ৰচনা কৰে বুলি আৰু ‘কবলয়াশ্বচৰিত’ সাহিত্য দর্পনকাৰ বিশ্বনাথে ৰচনা কৰে বুলি জনা যায়। ‘হৰিবিজয়’ ৰচনা কৰিছিল সর্বসেনে। এই মহাকাব্যবোৰৰ ভিতৰত সকলোতকৈ প্ৰসিদ্ধ হ’ল ‘সেতুবন্ধ’ বা ‘ৰাৱণবহো।

(গ) গীতি কাব্যঃ গীত-কবিতা বা গীত কাব্য বিষয়ত প্রাকৃত সাহিত্য বিশেষভাৱে সমৃদ্ধিশালী। ধর্মীয় আদর্শ বহির্ভূত যিবোৰ কাব্য মহাকাব্য প্রাকৃতত পোৱা গৈছে সেইবোৰ সম্পূর্ণৰূপে সংস্কৃত আদর্শ অনুসৃত আছিল, সংস্কৃতৰ দৰেই শব্দাড়ম্বৰ অর্থাৎ দীর্ঘ সমাসবদ্ধ পদৰ প্ৰয়োগ ঘটা দেখিবলৈ পোৱা যায়। কিন্তু প্রাকৃত গীতি কবিতাসমূহ সংস্কৃতৰ প্রভাৱৰ সৰা মুক্ত, বৰং এইবোৰে সংস্কৃত গীতি কবিতা বা চূর্ণ কবিতা সৃষ্টিত প্রকৃতভাৱে প্রভাৱিতহে কৰিছিল। গীত বা গীতি কবিতা প্ৰাকৃতৰ নিজস্ব সম্পদ।

খ্রীষ্টীয় দ্বিতীয় শতাব্দীৰ ভৰতৰ নাট্যশাস্ত্ৰত উল্লিখিত ‘ধ্ৰুৱ’ গীতসমূহেই প্রাকৃত গীতি কবিতাৰ সর্বপ্রাচীন নিদর্শন। কিন্তু প্রাকৃত গীতি কবিতাৰ সৰ্বশ্ৰেষ্ঠ নিদর্শন হৈছে ৰজাহানৰ দ্বাৰা সংগৃহীত বুলি জনাজাত ‘গাহাসত্তসঈ’ (গাথাসপ্তশতী) আৰু জৈন কবি জয়বল্লহৰ (জয়বল্লভ) ‘বজ্জালগগ’ (ব্রজ্যালগ্ন)।

(ঘ) নাট্য সাহিত্যঃ প্রাকৃতত ৰচনা কৰা নাটকৰ সংখ্যা কম। সংস্কৃতৰ আদৰ্শতেই প্রাকৃত কাব্যাদি সৃষ্টি হোৱা সত্ত্বেও আৰু সংস্কৃতত বিপুল পৰিমাণৰ উচ্চমানৰ নাট্য সাহিত্য থকা সত্ত্বেও প্রাকৃতত নাট্য সাহিত্যৰ সৃষ্টি দশম শতাব্দী পর্যন্ত হোৱা নাছিল। হয়তো সংস্কৃত নাটকত মাধ্যম আৰু নিম্নশ্রেণীৰ চৰিত্ৰৰ মুখত ব্যাপকভাৱে প্রাকৃত প্রয়োগ হোৱাৰ কাৰণে কবি-সাহিত্যিকসকলে সুকীয়াকৈ সম্পূৰ্ণ প্ৰাকৃতৰ মাধ্যমেৰে নাটক ৰচনা কৰাৰ কোনো প্রয়োজনবোধ কৰা নাছিল। সেইকাৰণে সংস্কৃত নাটকত প্ৰাকৃতৰ ব্যৱহাৰ খ্ৰীষ্টীয় প্রথম শতাব্দীৰ পৰাই পোৱা যায়। যদিও সম্পূর্ণৰূপে প্ৰাকৃতত ৰচনা কৰা নাটকৰ নিদৰ্শন খ্ৰীষ্টীয় দশম শতাব্দীৰ আগলৈকে হোৱা নাই। দশম শতাব্দীৰ আদিভাগৰ মধ্যদেশৰ গুৰ্জৰ প্ৰতিহাৰৰ ৰজা মহেন্দ্ৰপালৰ গুৰু বুলি নিজৰ পৰিচয় ব্যক্ত কৰা সু-প্রসিদ্ধ সংস্কৃত নাট্যকাৰ, প্ৰৱন্ধকাৰ, কবি আৰু আলংকাৰিক কবিৰাজ ৰাজশেখৰৰ ‘কৰ্পূৰ মঞ্জুৰী’ নামৰ নাটকখনিয়েই প্ৰাকৃতৰ প্ৰথম নাটক। অৱশ্যে নাট্যকাৰে এইখনক ‘নাটক’ বুলি অভিহিত নকৰি ‘সট্ৰক’ বুলিহে অভিহিত কৰিছে।

১১। উড়িয়া ভাষাৰ ধ্বনিতত্ত্বৰ এটি সম্যক বিশ্লেষণ দাঙি ধৰা। লগতে ভগ্নীস্থানীয় ভাষা বাংলা আৰু অসমীয়াৰ লগত ইয়াৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ আলোচনা কৰা। 

উত্তৰঃ উড়িষ্যাৰ উড়িয়া ভাষা আধুনিক ভাৰতীয় আর্যভাষাবোৰৰ ভিতৰত এটি বিশেষ সমৃদ্ধ ভাষা। সংস্কৃত ভাষাৰ ধ্বনিতত্ত্বৰ তুলনাত এই ভাষাৰ ধ্বনিতত্ব বহুপৰিমাণে সৰলীকৃত হ’ল। ভগ্নীস্থানীয় ভাষা বাংলা আৰু অসমীয়াৰ লগত ইয়াৰ ধ্বনিতত্ত্বৰ অনেক সাদৃশ্য আছে যদিও কেইটামান বৈসাদৃশ্যই ইয়াক সেইকেইটা ভাষাৰ পৰা পৃথকভাষা ৰূপে প্ৰতিষ্ঠা কৰিছে।

স্বৰধ্বনি (Vowel Phonemes ):

উড়িয়া ভাষাৰ স্বৰধ্বনি ছটা―অ, আ, ই, উ, ও আৰু এ। জিভাৰ অংশ অনুযায়ী ইয়াক সন্মুখ (Front), কেন্দ্রীয় (Central) আৰু পশ্চ (Back) – এই তিনিটা ভাগত ভাগ কৰা হৈছে। জিভাৰ উচ্চতা অনুযায়ী ইহঁতক উচ্চ বা সংবৃত্ত, উচ্চমধ্য বা অর্ধসংবৃত্ত, নিম্নমধ্য বা অৰ্দ্ধবিবৃত, নিম্ন বা বিবৃত— এইকেইটা ভাগত ভগাব পাৰি।

উড়িয়া ভাষাত স্বৰধ্বনিৰ সংখ্যা ছয়টা যদিও বানানৰ (বৰ্ণমালাত) ক্ষেত্ৰত তাৰ তাৰতম্য ঘটিল। কাৰণ, সংস্কৃত ভাষাত ধ্বনি আৰু আখৰৰ মাজত পাৰ্থক্য নাছিল। অসমীয়াৰ দৰে উড়িয়া বর্ণমালাতো ধ্বনিৰ তুলনাত বৰ্ণ বা আখৰৰ সংখ্যা অধিক। সংস্কৃত ভাষাৰ আৰ্হিৰে উড়িয়া ভাষাতো অসমীয়াত প্ৰয়োগ হোৱাৰ দৰে এঘাৰটা স্বৰবৰ্ণ আছে— অ, আ, ই, ঈ, উ, ঊ, ঋ (উচ্চাৰণ ৰু), এ, ঐ, ও, ঔ। উৰিয়া ভাষাতো ই-ঈ আৰু উ-ঊৰ উচ্চাৰণত পাৰ্থক্য নাই। উড়িয়া ভাষাত ঐ আৰু ঔ যথাক্রমে অ+ ই আৰু অ+ উ-ৰ যুক্ত ৰূপত উচ্চাৰণ হোৱা পৰিলক্ষিত হয়। ঋ ধ্বনিৰ উচ্চাৰণত বিশেষত্ব দেখা যায়। উড়িয়া ভাষাত ঋ ধ্বনি ‘ৰু’ৰূপে উচ্চাৰিত হয়।

অসমীয়া আৰু বাংলা ভাষাত থকাৰ দৰে উড়িয়া ভাষাৰ স্বৰবৰ্ণবোৰৰ একোটা গৌণ ৰূপ পোৱা যায়, যিবোৰ ব্যঞ্জনৰ লগত মিলিত হৈ যায়। অৱশ্যে, ‘অ’ স্বৰবৰ্ণৰ এনে গৌণ ৰূপ নাই। ই ব্যঞ্জনৰ লগত অদৃশ্য হৈ যায়। অসমীয়া আৰু বাংলা ভাষাৰ দৰে উড়িয়া ভাষাতো উ, ঊ, ঋ- কেইটামান বর্ণত যোগ হৈ বেলেগ বেলেগ ৰূপ হয়।

ই/i/: ই সন্মুখ, উচ্চ বা সংবৃত্ত স্বৰধ্বনি। এই ধ্বনি শব্দৰ আদ্য, মধ্য আৰু অন্ত্য তিনিটা স্থানতে প্রয়োগ হয়।

আদ্যমধ্যঅন্ত্য
ইটাখিলআজি

এ/e/:  ই উচ্চমধ্য, সম্মুখ স্বৰধ্বনি। এই ধ্বনি শব্দৰ আদ্য, মধ্য, অন্ত্য তিনিও অৱস্থানতে বহে।

আদ্যমধ্যঅন্ত্য
এলাখেলকেতে

আ/a/: ই কেন্দ্রীয়, নিম্ন বা বিবৃত স্বৰধ্বনি। এই ধ্বনি শব্দৰ আদ্য, মধ্য, অন্ত্য স্থানতে প্রয়োগ আদ্য হোৱা দেখা যায়।

আদ্যমধ্যঅন্ত্য
আঠখালফটা

অ/D/: ই পশ্চ, নিম্ন বা বিবৃত স্বৰধ্বনি। এই ধ্বনি শব্দৰ আদ্য, মধ্য, অন্ত্য তিনিও স্থানতে ব্যৱহাৰ হয়।

আদ্যমধ্যঅন্ত্য
অটাখলকাস

ও/O/: ই পশ্চ, উচ্চমধ্য স্বৰধ্বনি। এই ধ্বনি শব্দৰ আটাইকেইটা স্থানতে হয়।

আদ্যমধ্যঅন্ত্য
ওঁঠখোলমো

ড/u/: ই পশ্চ, উচ্চ বা সংবৃত্ত স্বৰধ্বনি। এই ধ্বনি শব্দৰ আদ্য, মধ্য, অন্ত্য তিনিও স্থানতে প্রয়োগ হয়।

আদ্যমধ্যঅন্ত্য
উটকুলআলু

উৰিয়া ভাষাৰ ছয়টা স্বৰধ্বনিৰ ভিতৰত ‘অ’ ধ্বনিৰ প্ৰয়োগত বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। প্ৰায়বোৰ উড়িয়া শব্দই স্বৰান্ত বাবে শব্দত ইয়াৰ অন্ত্য প্রয়োগ মনকৰিবলগীয়া।

ব্যঞ্জন ধ্বনি (Consonant Phonemes): অসমীয়া ভাষা আৰু বাংলা ভাষাৰ দৰে উড়িয়া ভাষাতো বর্ণমালাত যিমানবোৰ আখৰ প্ৰয়োগ কৰা হয় উচ্চাৰণত এই সকলোবোৰ পোৱা নাযায়। উৰিয়া ভাষাত পোৱা ব্যঞ্জন বর্ণসমূহ হ’ল—

উড়িয়া ভাষাত চ-ছ আৰু জ-ঝ ধ্বনিৰ উচ্চাৰণ আছে। তদুপৰি উড়িয়া ভাষাত ট, ঠ, ড, ঢ, ণ ধ্বনিৰ উচ্চাৰণো পোৱা যায়। উড়িয়া ভাষাত দুটা ল ধ্বনিৰ উচ্চাৰণ আছে। ৱ আৰু য় — এই দুটা অৰ্দ্ধস্বৰকে ধৰি উড়িয়া ভাষাত ব্যঞ্জন ধ্বনি একত্রিশটা। উড়িয়া ভাষাৰ ব্যঞ্জন ধ্বনিৰ প্রয়োগত কেইটামান বিশেষত্ব মনকৰিবলগীয়া। সেইকেইটা হৈছে— দন্ত্য, মূর্ধন্য আৰু দন্ত্যমূলীয় ধ্বনিৰ প্ৰয়োগ। তালব্য ধ্বনিৰ ক্ষেত্ৰত ছ আৰু ঝ-ৰ প্রয়োগ মনকৰিবলগীয়া, যিটো অসমীয়া ভাষাত নাই। আনহাতে মূর্ধন্য ট, ঠ, ড, ঢ, ণ-এই ধ্বনি কেইটাৰ উচ্চাৰণো উড়িয়া ভাষাৰ অন্যতম বৈশিষ্ট্য। দন্তমূলীয় আৰু মূৰ্ধন্য— এই দুই ধৰণে ‘ল’ ধ্বনিটো উচ্চাৰিত হয়, যিটো ভগ্নীস্থানীয় ভাষাত পোৱা নাযায়। ড আৰু ড় এই দুয়োটা ধ্বনিকে একে ৰূপত ধৰা হয়। আনহাতে ঢ আৰু ঢ় কো একে ধ্বনিৰূপে ধৰা হয়। বৰ্ণমালাত দুটা বৰ উল্লেখ আছে যদিও ইয়াৰ বিশেষ উচ্চাৰণো পোৱা নাযায়। কাৰণ, ‘অ’ স্বৰটো শব্দৰ মাজত বা শেষতো প্রয়োগ হয়। যিটো সাধাৰণতে অসমীয়া আদি ভাষাত নহয়।

অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ ধ্বনিতত্ত্বৰ তুলনাঃ 

স্বৰধ্বনিঃ অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ স্বৰধ্বনিৰ প্ৰয়োগৰ ক্ষেত্ৰত কেইটামান উমৈহতীয়া বৈশিষ্ট্য লক্ষ্য কৰা যায়। সংস্কৃত বর্ণমালাত থকা এঘাৰটা স্বৰবৰ্ণ এই তিনিটা ভাষাৰ বৰ্ণমালাতে প্রয়োগ হৈছে। জিভাৰ অংশ অনুযায়ী এই স্বৰধ্বনিসমূহক সন্মুখ, কেন্দ্রীয় আৰু পশ্চ— এই তিনিটা ভাগত ভগোৱা হৈছে। জিভাৰ উচ্চতা অনুযায়ী বা উচ্চাৰণৰ ধৰণ অনুযায়ী ইহঁতক উচ্চ, মধ্য, নিম্ন আদি কেইবাটাও ভাগত ভগোৱা হৈছে। অসমীয়া ভাষাৰ স্বৰধ্বনি হ’ল আঠোটা, বাংলা ভাষাৰ সাতোটা আৰু উড়িয়া ভাষাৰ স্বৰধ্বনি হ’ল— কেৱল এটা। হ্রস্ব-দীর্ঘৰ পাৰ্থক্যহীনতা তিনিওটা ভাষাৰ স্বৰধ্বনিৰে অন্যতম বৈশিষ্ট্য। অসমীয়া ভাষাত এ স্বৰৰ দুই ধৰণৰ উচ্চাৰণ হয়। সেই দুটা হৈছে— এ’ আৰু এ । এই ধ্বনি উচ্চমধ্য আৰু নিম্নমধ্যৰূপে উচ্চাৰিত হয়। এই ধ্বনি দুটাৰ উচ্চাৰণ বাংলা ভাষাতো পোৱা গৈছে। কিন্তু, উড়িয়া ভাষাত এই ধ্বনিৰ উচ্চাৰণ একেটাই। অসমীয়া ভাষাৰ স্বৰধ্বনিৰ ক্ষেত্ৰত আন এটা বিশেষ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ‘অ’ স্বৰটোৰ দুই ধৰণৰ উচ্চাৰণ। এটা হ’ল ‘অ’ আৰু আনটো অ। উদাহৰণস্বৰূপে ল’ৰা আৰু লৰা— এই দুটা শব্দত প্ৰয়োগ হোৱা অ স্বৰৰ পাৰ্থক্য মনকৰিবলগীয়া। অসমীয়া আৰু উড়িয়া ভাষাত অ স্বৰধ্বনিটো নিম্ন পশ্চ স্বৰধ্বনিৰূপে উচ্চাৰিত হৈছে। অসমীয়া আৰু বাংলাত ঐ আৰু ঔ এই দ্বিম্বৰ দুটাৰ উপৰি ভালেকেইটা দ্বিম্বৰৰ প্ৰয়োগ পোৱা গৈছে। কিন্তু উড়িয়া ভাষাত দ্বিম্বৰৰ প্ৰয়োগ একেবাৰেই পোৱা নাযায়।

স্বৰৰ অনুনাসিকতাৰ ক্ষেত্ৰত তিনিওটা ভাষাতে কেতবোৰ বৈশিষ্ট্য লক্ষ্য কৰা যায়। অর্থাৎ তিনিও ভাষাতে অনুনাসিকতা স্বৰৰ অন্যতম লক্ষণ অৱশ্যে অনুনাসিকতাৰ প্ৰয়োগৰ ক্ষেত্ৰত তিনিওৰে মাজত কিছু পার্থক্যও আছে। অনুনাসিকতাৰ প্ৰয়োগৰ বাবে শব্দৰ অৰ্থৰ পৰিবৰ্তন হোৱাটো এই তিনিওটা ভাষাতে পোৱা যায় ৷

ব্যঞ্জন ধ্বনিঃ অসমীয়া, বাংলা আৰু উড়িয়া ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰতো কেইটামান উমৈহতীয়া বৈশিষ্ট্য লক্ষ্য কৰা যায়। সংস্কৃত ব্যঞ্জন বর্ণমালাৰ আর্হিত এই তিনিওটা ভাষাতে ব্যঞ্জন বর্ণমালা সজোৱা হৈছে। কিন্তু উচ্চাৰণ অনুযায়ী সংস্কৃতৰ সকলোবোৰ ব্যঞ্জন এই ভাষাকেইটাত ব্যৱহাৰ হোৱা নাই অসমীয়া ভাষাত দণ্ড আৰু মূর্ধন্য ধ্বনিৰ প্ৰয়োগৰ বিপৰীতে নতুনকৈ দন্ত্যমূলীয় ধ্বনিৰহে সৃষ্টি হ’ল। অসমীয়া ভাষাত চ-ছৰ মাজত উচ্চাৰণৰ পাৰ্থক্য নাই। কিন্তু বাংলা আৰু উড়িয়া ভাষাত পার্থক্য আছে। অসমীয়া ভাষাত মূর্ধন্য ট, ঠ, ড, ঢ, ণ ব্যঞ্জনকেইটাৰ প্ৰয়োগ উচ্চাৰণত নাথাকি বানানতহে থাকিলগৈ। কিন্তু বাংলা ভাষাত মূর্ধন্য ট, ঠ, ড, ঢ-ৰ উচ্চাৰণ বৰ্তি থাকিল, আৰু উড়িয়া ভাষাতে মূর্ধন্য ট, ঠ, ড, ঢ, ণ আটাইকেইটা ধ্বনিৰে উচ্চাৰণ ৰক্ষিত হ’ল। অসমীয়া ভাষাত জ, ঝ, য-ব্যঞ্জনৰ প্ৰতিনিধিত্বকাৰী ধ্বনি থাকিল এটাহে (জ)। তাৰ বিপৰীতে বাংলা আৰু উড়িয়া ভাষাত জ আৰু ঝ এই দুয়োটা ধ্বনিৰে প্ৰয়োগ থাকিল। অৱশ্যে, ‘য’ৰ পৃথক উচ্চাৰণ নাথাকিল। অসমীয়া ভাষাত শ, ষ, স-ৰ উচ্চাৰণৰ পাৰ্থক্যহীনতা মনকৰিবলগীয়া। এই ভাষাত কেৱল স / X/ৰ উচ্চাৰণ পশ্চতালব্য উম্মৰূপে পোৱা গ’ল। বাংলা ভাষাত শ ধ্বনিটো দন্ত্য তালব্য উষ্মৰূপে প্রয়োগ হ’লগৈ। উড়িয়া ভাষাত এই ধ্বনিটো দন্ত্যমূলীয় উষ্মৰূপেই উচ্চাৰিত হ’ল। অৰ্দ্ধস্বৰ ‘ৱ’ আৰু ‘য়’ প্রয়োগ অসমীয়া ভাষাত বিশেষভাৱে পোৱা যায়, বাংলা ভাষাত ‘ৱ’ৰ প্ৰয়োগ নাই আৰু ই বহুক্ষেত্ৰত ‘ৱ’ ৰূপেই উচ্চাৰিত হয়। উৰিয়া ভাষাতো ‘য়’ ‘ব’ দুয়োৰে প্রয়োগ আছে যদিও ‘ৱ’ স্থান বহুসময়ত ‘ব’ য়েই অধিকাৰ কৰিছে। উৰিয়া ভাষাত ব্যঞ্জন ধ্বনিৰ ক্ষেত্ৰত এনে এটা বৈশিষ্ট্য পৰিলক্ষিত হৈছে, যিটো অসমীয়া বা বাংলা ভাষাত পোৱা নাযায়। সেইটো হৈছে দুটা ল-ৰ উচ্চাৰণ। অসমীয়া আৰু বাংলা ভাষাত ‘ল’ ধ্বনিটো দন্ত্যমূলীয় পার্শ্বিক ধ্বনিৰূপে উচ্চাৰিত হৈছে। উৰিয়া ভাষাতো এইটো উচ্চাৰণ থকাৰ উপৰি মূর্ধন্য পার্শ্বিকৰূপে আন এটা ‘ল’ ধ্বনিৰো উচ্চাৰণ পোৱা হৈছে। মূর্ধন্য ঢ আৰু ঢ়-ৰ একে ৰূপ আৰু মূর্ধন্য ড আৰু ড় ৰ একে ৰূপ উৰিয়া ভাষাৰ অন্যতম বৈশিষ্ট্য। এইটো বৈশিষ্ট্য অসমীয়া আৰু বাংলা ভাষাত পোৱা নাযায়।

অসমীয়া, বাংলা আৰু উড়িয়া ভাষাৰ ধ্বনিতত্ত্বৰ দিশত স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনিয়ে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ধ্বনিতত্ব দিশত স্বৰধ্বনি আৰু ব্যঞ্জন ধ্বনিৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ আলোচনা কৰি তিনিও ভাষাৰে তুলনামূলক আলোচনা আগবঢ়োৱা হ’ল।

১২। বাংলা আদি আর্যভাষাৰ লগত অসমীয়া ভাষাৰ সম্বন্ধসমূহ নিৰূপণ কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ বিদেহ মগধীয় পৰিয়ালৰ ভাষা বঙলা, উড়িয়া ইত্যাদি ভাষাবোৰেৰে সৈতেও সম্বন্ধৰ আঁতডালি বিচ্ছিন্ন হৈ যোৱা নাই। সেই ভাষাবোৰেৰে সৈতে অসমীয়া ভাষাৰ এটা সম্পর্ক আছে। অথচ তাৰ ভিতৰতে অসমীয়াই এটা সুকীয়া বৈশিষ্ট্যও ৰক্ষা কৰিছে। ইয়াৰ দ্বাৰাও অসমীয়া ভাষাটো মগধীয় ভাষা হিচাপে প্রতিষ্ঠিত হৈছে। তামৰ ফলিৰ ভাষাই অসমীয়া ভাষাৰ চিত্ৰটো স্পষ্ট কৰি তোলে; কিন্তু অসমীয়া ভাষাৰ বিস্তৃত নিদর্শন চর্যাপদবোৰৰ (অষ্টম-দ্বাদশ শতিকা) ভাষাতহে পোৱা যায়। চর্যাপদৰ পিছত অসমীয়া ভাষাৰ নিদর্শন আছে। প্রাচীন অসমীয়া সাহিত্যত। এইক্ষেত্রত বিশেষ উল্লেখযোগ্য হ’ল মাধৱ কন্দলীৰ (চৈধ্য শতিকা) ৰামায়ণৰ ভাষা ইয়াৰ লগত শ্রীকৃষ্ণকীর্তনৰ ভাষাৰে সৈতে থকা সম্পর্কই (শ্রীকৃষ্ণকীৰ্তনৰ ভাষাৰ লগত চর্যাপদৰো সম্পর্ক আছে) অসমীয়া ভাষাৰ পূৰ্ব-ভাৰতৰ একেবাৰে মিথিলাৰ ভাষাৰে সৈতে যোগসূত্ৰডালি আৰু দৃঢ় কৰি তোলে।

বঙলা ভাষাৰে সৈতে অসমীয়া ভাষাৰ কামৰূপী উপভাষাৰ কোনো কোনো ঠাইত মিল আছে। দুয়ো ভাষাৰ ঠাইতে ওচৰা-ওচৰিকৈ থকা অক্ষৰ দুটাত ‘আ’ ধ্বনি থাকিব পাৰে; যেনে— চাকা (কামৰূপী, বঙলা) আৰু চকা (মান্য অসমীয়া)। দুয়ো ঠাইতে শব্দৰ আদি বা প্রথম অক্ষৰত বলাঘাত পৰা হেতুকে মধ্যৱর্তী অক্ষৰ লুপ্ত হয়; যেনে—

কামৰূপীবঙলা
কুমৰাকুমড়া
কাকৰাকাকড়া

দুয়ো ঠাইত স্বৰ-সংগতিৰ ফলত কিছুমান শব্দই সমৰূপতা লাভ কৰে, যেনে—

কামৰূপী আৰু বঙলাঃ  মধু > মোধু,

মান্য অসমীয়াঃ ম’ধু

বঙলাত পোৱা চ, জ, শ, ট, ড আদি ধ্বনি গোৱালপৰীয়া উপভাষাত আছে, কিন্তু কামৰূপী আৰু মান্য অসমীয়াত নাই। অসমীয়াত সকৰ্মক আৰু অকর্মক ক্রিয়া অনুযায়ী কৰ্তাৰ পিছত প্রথমা বিভক্তি যোগ হয়। বঙলাত এনে নিয়ম নাই। অধিকৰণ অৰ্থত পৰসৰ্গ ‘মধ্যে’ৰ ব্যৱহাৰ কামৰূপীত আছে, যেনে— ঘৰমধ্যে (ঘৰত)। বঙলাত এনে নিয়ম নাই। সর্বনাম, শব্দ-বিভক্তি, ক্রিয়া-বিভক্তি, বহু বচনৰ প্ৰত্যয়, ক্রিয়া বিশেষণ, ক্ৰিয়াৰ নাস্ত্যৰ্থক ৰূপ, প্ৰতিধ্বন্যাত্মক শব্দৰ গঠন পদ্ধতি, তুমুনন্ত ক্রিয়া— ৰূপ, অসমাপিকা ক্রিয়া-ৰূপ, বিশেষণৰ তুলনা আদিৰ ক্ষেত্ৰত অসমীয়া ভাষাই সুকীয়া ৰূপ ৰক্ষা কৰিছে। উদাহৰণ—

অসমীয়াবঙলা
মইআমি
তোমালোকতোমৰা
কোনকে
গছতগাছে/গাছেতে
ধুমধোব
মানুহবোৰলোকগুলো
আকৌআবাৰ
কেতিয়াকখন/কবে
তাতসেখানে/ওখানে
নাচাব/নেচাবাচেওনা
দাঁত-চাঁতদাঁত-টাঁত
দিদিয়ে
তোমাতকৈ ডাঙৰতোমাৰ চেয়ে বড়ো
মোকআমাক/আমায়
তাইসে
সিসে
ক’লেবললো
গছবোৰগাছগুলো
মাইকী মানুহবোৰস্ত্রী লোকগুলি
আজিআজ
ক’তকোথায়
এতিয়াএখন
নথ’বাৰেখো না
খাবলৈখেতে
খাইখেয়ে
সকলোতকৈ ভালসব, সেয়ে ভাল

অসমীয়া ভাষাৰ দৰেই বাংলা ভাষাতো উ, ঊ, ঋ কেইটামান বর্ণত যোগ হৈ বেলেগ বেলেগ ৰূপ হয়। উদাহৰণস্বৰূপে— নিৰূপমা, ৰূপসী, হৃদয় আদি। বাংলা ভাষাৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ দৰেই কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। সৰ্বনামৰ শ্ৰেণীবিভাগৰ ক্ষেত্ৰত পুৰুষবাচক, নির্দেশক, সম্বন্ধবাচক, প্রশ্নবাচক, কালবাচক, স্থানবাচক আদি সৰ্বনামৰ প্ৰয়োগ আছে। বাংলা ভাষাতো পুৰুষবাচক সর্বনামে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে।

পুৰুষবাচক সর্বনামএকবচনতীৰ্যকৰূপবহুবচন
প্ৰথম পুৰুষআমিআমাআমৰা
দ্বিতীয়পুৰুষ (মান্য)তুমিতোমাতোমৰা
(তুচ্ছ)তুইতোৰা
(অধিক মান্য)আপনিআপনাআপনাদেৰ
তৃতীয় পুৰুষসেতাসেতাৰা

মাগধী অপভ্ৰংশৰ পৰা ওলোৱা অসমীয়া আৰু বাংলা ভাষাই সমগোত্রীয় ভাষা বাবে দুয়োৰে মাজত যথেষ্ট সাদৃশ্য আছে। যদিও দুয়ো ভাষাৰ ক্ৰিয়াই এনে কিছুমান বৈশিষ্ট্য নিজাকৈ সংৰক্ষণ কৰিছে যিবোৰে অসমীয়া আৰু বাংলা ভাষা পৃথক পৃথক ৰূপে স্বীকৃত হোৱাত সহায় কৰিছে। ভাষা পৰিৱৰ্তনশীল। মাগধীৰ পৰা সৃষ্টি হোৱা এই ভাষাই জন্ম মুহূৰ্তৰ পৰা বিভিন্ন পৰিৱৰ্তন লাভ কৰি বৰ্তমান স্তৰত পদার্পণ কৰিছেহি। বিদেশী ভাষা আৰু হিন্দী আদি ভাৰতীয় বিভিন্ন ভাষাৰ প্ৰভাৱে এই ভাষা দুটাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে। যাৰ ফলস্বৰূপে ই কেতবোৰ নতুন ৰূপ লাভ কৰিছে।

১৩। অসমীয়া ভাষাৰ ধ্বনিতত্ত্বৰ ঐতিহাসিক বিকাশ সম্বন্ধে ডঃ বাণীকান্ত কাকতিয়ে ‘এছামিছ ইটছ ফৰমেছন এণ্ড ডেভেলপমেন্ট’ গ্ৰন্থত কেনেদৰে উল্লেখ কৰিছে, আলোচনা কৰা।

উত্তৰঃ প্ৰাচীন ভাৰতীয় আর্যভাষাৰ স্বৰ আৰু ব্যঞ্জন-ধ্বনিসমূহৰ অসমীয়া ভাষালৈ কেনেদৰে বিকাশ ঘটিছে তাৰ বিস্তৃত আলোচনা ডঃ বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে। অসমীয়া ভাষাত প্রাচীন ভাৰতীয় আৰু মধ্যভাৰতীয় আৰ্য-ভাষাৰ স্বৰ আৰু ব্যঞ্জনধ্বনিবোৰৰ বিকাশৰ নিৰ্দেশ তলত দাঙি ধৰা হ’ল—

স্বৰ-ধ্বনিৰ বিকশঃ

(১)অন্ত্য স্বৰ-ধ্বনিঃ

(ক) প্রাচীন ভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য স্বৰ-ধ্বনিবোৰ সাধাৰণভাৱে ক’বলৈ গ’লে অসমীয়াত লোপ পাইছে উদাহৰণঃ

―অঃ আঁচল (অঞ্চল)

উলাহ (উল্লাস)

খেৰ (খেট)

ভেল ‘ভূৰ’ (ভেল)

শোল ‘মাছ-বিশেষ’ (শকুল)

― আঃ ঘিন (ঘৃণা)

শিল (শিলা)

লাল (লালা)

লাজ (লজ্জা)

বান (বন্যা)

― ইঃ আঙুল (আঙ্গুলি)

তৰোৱাল (তৰৱাৰি)

সত্তৰ (সপ্ততি)

দিঠক (দৃষ্টি > দিটঠি > দিঠ)

মুঠ (মুষ্টি)

কিন্তু ৰাতি (ৰাত্ৰি), গাঁথি (গ্রন্থি), তিনি (ত্রীণি), তাৰি (চত্বাৰি)

― উঃ আঁহ (অংশু)

জাম (জম্বু) 

হিঙ (হিঙ্গু)

পেঙ-আ > পেঙা (পঙ্গু)

(খ) মধ্যভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য সংযুক্ত আৰু অসংযুক্ত স্বৰধ্বনি কেতবোৰ বিকাশ তলত দিয়া ধৰণে হোৱা দেখা যায়ঃ

আঅ > আঃ গুৱা (গুৱাক)

                      ওজা (উপাধ্যায়)

                      ঘা (ঘাত > ঘাঅ)

                      গা (গাত্র > গাত > গাঅ)

আঅ > আঃ ছাঁ (ছায়া > ছাআ > ছা)

ইঅ / -ঈঅ > -ই / -ঈঃ কাতি (কাৰ্ত্তিক > কাৰ্ত্তিঅ)

ননী (নৱনীত > নৱনীঅ)

― ইআ < -ইকা > ঈঃ কুঁৱলী (কুহেলিকা)

শেৱালী (শেফালিকা)

বাৰী (বাটিকা)

― উঅ / -ঊঅ > উ / -ঊঃ শিহু (শিশুক)

কেঁচু (কিঞ্চিলুক > * কিষ্ণুক)

উলু (উলুপ) 

― এঅ > -এওঃ ছেও (ছেদ > ছঅ)

খেও (ক্ষেপ > খো)

ওঅ > ওঃ পো (পোত) 

লো (লোতক পু. অস. লোহ > লোঅ)                                                       

লো (লোহ)

এ > – ইঃ সি (সঃ > শে > সে)

যি (য়ঃ> যে)

আমি (অস্মে > অমেহ > অমহি) 

তুমি (তুস্মে > তুমহে > তুমহি)

আজি (অদ্য > অদ্যে > অচ্ছে > অজ্জে> অজ্জি)

(গ) প্ৰাচীন ভাৰতীয় আৰ্য-ভাষাৰ অন্ত্য ‘অ’ স্বৰধ্বনিৰ কোনো কোনো ক্ষেত্ৰত লোপ নহয়। উদাহৰণঃ

১। অন্ত্য ‘অ’ৰ আগত দুটা বা অধিক সংযুক্ত ব্যঞ্জন-ধ্বনি থাকিলে সেই ‘অ’ৰ লোপ নহয়, যেনে— চন্দ্র, সূর্য, ধর্ম, কৃষ্ণ, মূর্খ, বাক্য।

২। আন কিছুমান শব্দতো অন্ত্য ‘অ’ৰ লোপ নঘটে, যেনে— মূঢ় (মুঢ়), গাঢ় (গাঢ়), পেয়, দেয়, বিধেয়, মৃগ, মৌন, তৈল, শৈল ইত্যাদি।

(ঘ) প্রাচীন ভাৰতীয় আৰ্য-ভাষাৰ শব্দৰ শেষত থকা -অপ, অৱ, আৰু মধ্য ভাৰতীয় আৰ্য-ভাষাৰ শব্দৰ শেষত থকা অৱ, অহ, অসমীয়াত ‘অলৈ ৰূপান্তৰিত হোৱাও দেখা যায়।

উদাহৰণঃ

কাছ (কচ্ছপ)

পল (পলৱ)

শ (শৱ) 

পাৰ (পাৰাৱত > পাৰৱঅ > পাৰৱ)

ভাদ (ভাদ্রপদ > * ভদ্দৱঅ > ভাদৱ)

বাৰ (দ্বাদশ > বাৰহ)

গাধ (গর্দভ > গদ্দহ > গাদ)

এঘাৰ (একাদশ > এগাৰহ; এগাৰ)

(ঙ) শব্দৰ আদি বা আদি অক্ষৰত থকা ‘আ, ই, উ, এ, ও’ ধ্বনিবোৰ অসমীয়াত সচৰাচৰ ৰক্ষিত হৈছে। উদাহৰণঃ

আ-ঃ আলি (আলি) ‘আলি-বাট’

আৰী ‘মাছ বিশেষ’ (আটিক)

কাহ (কাস) 

বাওঁ (বাম

ভাও (ভাৱ)

ই-/ঈ-ঃ নিয়ৰ, নীয়ৰ (নীহাৰ) তু.কাম.নিয়াৰ

গিল (গিলতি)

খীণ (ক্ষীণ)

খীলা (কীলক)

তীখা (তীক্ষ্ণ)

উ-/ঊ-ঃ গুৱা (গুৱাক)

ছুৰী (ক্ষুৰিকা > ছুৰিকা > ছুৰিআ)

ভুঁই (ভূমি)

উকা (উল্কা)

উগুল (উদগুৰ্ণ) 

উদ (উদ্ৰ)

শুদা (শুদ্ধ)

এ-ঃ এৰা গছ-বিশেষ’ (এৰশু)

কেৰা (কেকৰ)

খেৰ (লেপ)

বেত (বেত্র )

ভেড়া (ভেডৰ > ভেডেড > ভেড > ভেড়)

ও-ঃ ওল (ওল) 

কোঁহ (কোশ)

গোট (গোত্র)

খোৰা (খোৰ)

(চ) শব্দৰ আদি বা আদি অক্ষৰত থকা স্বৰ-ধ্বনিবোৰৰ আন কিছুমান পৰিৱৰ্তনো হোৱা দেখা যায়। তলৰ উদাহৰণবোৰে তাৰ প্ৰমাণ দাঙি ধৰে―

ঐ > এ-ঃ  বেজ (বৈদ্য > বেজ্জ)

তেল (তৈল > তেল্ল)

জেঠ (জ্যৈষ্ঠ > জেটঠ)

উ- / ঊ- > এঃ বেল (বিল্ব > বেল্ল)

হেঙুল (হিংগুল)

এন্দুৰ (ইন্দুৰ)

উ- / ঊ- > ওঃ কোদাল (কুদ্দাল) তু. কাম.কদাল 

গোঁফ (গুমফ)

মোল (মূল্য) 

ঔ- > ও-ঃ সোণ (সৌৱৰ্ণ)

সোন্দা (সৌগন্ধ)

অপ- / অৱ- > ওঃ ওহাৰ (অপহাৰ > ওসাৰ)

থোক (স্তৱক > থৱক্ক)

লোণ (লৱণ)

ওৰ ‘শেষ’ (অৱৰ)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top