Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ

Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ Question Answer can be of great value to excel in the examination.

Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ

Join Telegram channel

Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ Notes cover all the exercise questions in UGC Syllabus. The Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ

ASSAMESE

BHAKHA BIGYANOR PARICHAY

ভাষাবিজ্ঞানৰ পৰিচয়

(ব্যক্তিভাষা, উপভাষা, সামাজিক উপভাষা, স্থানীয় উপভাষা, ৰাষ্ট্রভাষা, আন্তঃৰাষ্ট্ৰীয় ভাষা, সংযোগী ভাষা, কেঅ’ল, পিজিন)


১। ভাষা বুলিলে কি বুজা? বিভিন্ন পণ্ডিতে ভাষাৰ সন্দৰ্ভত আগবঢ়োৱা সংজ্ঞাসমূহ উল্লেখ কৰা?

উত্তৰঃ সমাজিক ভাৱে মানুহে বসবাস কৰোঁতে ইজনৰ লগত সিজনৰ মনৰ ভাব বিনিময় বা আদান-প্রদান কৰিবলগীয়া হয়। ভাষা অবিহনে সাহিত্য-সমাজ-সংস্কৃতিৰ জীৱন অচল হৈ পৰে। বিভিন্ন ভাষাবিজ্ঞানী, দার্শনিক, মনোবিজ্ঞানীসকলে ভাষাক সংজ্ঞাবদ্ধ কৰিবলৈ যত্ন কৰিছে। তেনে কেইটামান সংজ্ঞা তলত দাঙি ধৰা হ’ল—

ষ্টুৰ্টভেণ্টৰ মতে, “ভাষা হ’ল যাদৃচ্ছিক বাক্-ধ্বনি প্রতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।”

হেনৰী লী স্মিথৰ মতে, “ভাষা হ’ল আয়ত্ব কৰা, গাৰস্পৰিক আৰু যাদৃচ্ছিক ধ্বনি প্রতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা-সম্প্রদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিবাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাব বিনিময় কৰে।”

নৰ্মান এ. মেককুৱনৰ মতে, “ভাষা হ’ প্রধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্রিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একীভূত কৰে। ভাষাই প্রধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সংস্কৃতিৰ অংশীদাৰ-ভংগী হৈ তেওঁৰ সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।”

এৰিষ্টট’লব মতে, “ভাষাই মনৰ অভিজ্ঞতাক প্রতিনিধিত্ব কৰে।”

পতঞ্জলিৰ মতে, “মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।”

ছাপিৰৰ মতে, “ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহির্ভূত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্রতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।”

গোলোকচন্দ্ৰ গোস্বামীৰ মতে, “ভাষা মানুহৰ মনৰ ভাৱ আদান-প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্ৰিয়েৰে উচ্চাৰণ কৰা সু-সংগঠিত, সু-পৰিকল্পিত ধ্বন্যাত্মক সংকেত বিশেষ । মানুহৰ মনৰ ভাৱ আৰু চিন্তাৰ শ্ৰয়মান প্রতীকেই ভাষা।”

উপেন্দ্ৰনাথ গোস্বামীৰ মতে, “উচ্চাৰিত ধ্বনি-প্রতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা।”

তেখেতৰ আন এটা বক্তব্য হৈছে—“কোনো জনসমষ্টিয়ে প্রণালীবদ্ধ আৰু যাদৃষ্টিক স্পষ্ট ধ্বনি প্রতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰথাৰ নাম ভাষা।”

২। ভাষা কাক বোলে? ভাষাৰ উপাদানবোৰ কি কি? উপাদানসমূহৰ বিষয়ে বহলাই আলোচনা কৰা?

উত্তৰঃ ভাষাৰ মাধ্যমেদি মানুহে মনৰ ভাবৰ আদান-প্রদান কৰে। ভাষা হ’ল মানৱ-সভ্যতা-সংস্কৃতিৰ এক অপৰিহাৰ্য অঙ্গ। সংস্কৃত ‘ভাষ’ ধাতুৰ পৰা সৃষ্টিৰ হোৱা ‘ভাষা’ শব্দৰ উৎপত্তিৰ অৰ্থ ‘ব্যক্ত বাণী’। সৃষ্টিৰ পাতনিৰে পৰা মানুহে ইতৰ প্ৰাণীৰ দৰেই বসবাস কৰিছিল; উলঙ্গ ভাৱে, বৰ্বৰভাৱে হাবি বন ভেদি গছৰ ফল-মূল ভক্ষণ কৰি, জীৱ-জন্তু, চৰাই-চিৰিকতি বধ কৰি জীৱিকা নিৰ্বাহ কৰিছিল। নৃতত্ত্বই আমাক মানৱ জীৱনৰ আদিমতম অৱস্থাৰ কথা অৱগত কৰায়। আদিম অৱস্থাৰ ক্ৰমবিৱৰ্তনৰ ফলত স্বকীয় মস্তিষ্কৰ বলত মানুহে সভ্যতাৰ প্ৰথম ঢাপত গছৰ ছাল বাকলিৰে লাজ নিবাৰণ কৰিবলৈ শিকিলে, ক্ষুধা নিবাৰণ কৰিবলৈ শিকিলে, অস্ত্ৰ-শস্ত্ৰৰ সৃষ্টি কৰি বনৰীয়া জীৱ-জন্তুৰপৰা আত্মৰক্ষা কৰিবলৈ শিকিলে। 

আপোন মস্তিষ্ক বিকাশৰ প্ৰথম যি কচৰত আৰম্ভ হ’ল তাৰ আৰু বিৰাম নাই। আদান-প্ৰদানৰ ইচ্ছা প্রকাশতে ইজনে সিজনক ইঙ্গিত, চিৎকাৰ, অঙ্গী-ভঙ্গী আদিৰে মনৰ ভাব বুজাবলৈ ধৰিলে। ভাষাৰ জন্মৰ ইতিকথা ইয়াতেই লুকাই আছে। অৱশ্যে ভাষাৰ জন্ম মানুহৰ জন্মৰ পৰৱৰ্তী ঘটনাহে। ইঙ্গিত, চিৎকাৰ, অঙ্গী- ভঙ্গী আদিৰে মনৰ ভাব প্ৰকাশ কৰাৰ পৰিৱৰ্তে ক্রমে কিছুমান ধ্বনি-প্রতীকৰ সৃষ্টি হ’বলৈ ধৰিলে। এই প্রতীকবোৰে উচ্চাৰণ মাধ্যমেৰে বিশেষ বিশেষ অৰ্থ প্ৰকাশ কৰিবলৈ ধৰিলে। ইয়াতেই বাক্‌-ইন্দ্ৰিয় প্ৰয়োগৰ প্ৰশ্নটো আহি পৰিল। মানৱ সভ্যতা সংস্কৃতিৰ কেবাটাও ঢাপ পাৰ হোৱাৰ পিছতহে ভাষাৰ জন্ম আৰু ক্ৰমবিকাশৰ দিশটো উন্মোচিত হয়।

ভাষাৰ সংজ্ঞা :

সমাজিক ভাৱে মানুহে বসবাস কৰোঁতে ইজনৰ লগত সিজনৰ মনৰ ভাব বিনিময় বা আদান-প্ৰদান কৰিবলগীয়া হয়। ভাষা অবিহনে সাহিত্য-সমাজ-সংস্কৃতিৰ জীৱন অচল হৈ পৰে। বিভিন্ন ভাষাবিজ্ঞানী, দার্শনিক, মনোবিজ্ঞানীসকলে ভাষাক সংজ্ঞাবদ্ধ কৰিবলৈ যত্ন কৰিছে। তেনে কেইটামান সংজ্ঞা তলত দাঙি ধৰা হ’ল—

ষ্টুর্টভেণ্টৰ মতে, “ভাষা হ’ল যাদৃচ্ছিক বাক্-ধ্বনি প্রতীকৰ এটা পদ্ধতি, যাৰ যোগেদি এখন সমাজৰ মানুহে সহযোগ কৰে আৰু পাৰস্পৰিক কাম-কাজ চলায়।”

হেনৰী লী স্মিথৰ মতে, “ভাষা হ’ল আয়ত্ব কৰা, পাৰস্পৰিক আৰু যাদৃচ্ছিক ধ্বনি প্রতীকৰ এনে এক পদ্ধতি যাৰ দ্বাৰা একে ভাষা-সম্প্রদায় অথবা উপসংস্কৃতিৰ মানুহবোৰে কাৰ্যনিবাহ কৰে আৰু সামূহিক সাংস্কৃতিক অভিজ্ঞতা আৰু প্ৰত্যাশাৰ ক্ষেত্ৰত ভাব বিনিময় কৰে। “

নৰ্মান এ. মেককুৱনৰ মতে, “ভাষা হত প্ৰধান আহিলা যাৰ জৰিয়তে মানুহে চিন্তা কৰে আৰু যিহৰ যোগেদি মানুহে আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে ক্রিয়াশীল ব্যক্তি আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে সমাজত নিজকে একীভূত কৰে। ভাষাই প্রধান আহিলা যাৰ যোগেদি এজন ব্যক্তিয়ে স্বকীয় আৰু সামাজিক সংহতি, উৎকৰ্ষিত আচৰণ আদি সংস্কৃতিৰ অংশীদাৰ-ভংগী হৈ তেওঁৰ সৈতে সামাজিক গোট সৃষ্টি কৰিবলৈ প্ৰভাৱিত কৰে।”

এৰিষ্টট’লৰ মতে, “ভাষাই মনৰ অভিজ্ঞতাক প্রতিনিধিত্ব কৰে।”

পতঞ্জলিৰ মতে, “মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলাই হৈছে ভাষা।” 

ছাপিৰৰ মতে, “ভাষা হৈছে মানৱীয় আৰু স্বভাৱ বহির্ভূত পদ্ধতি যাৰ দ্বাৰা মানুহে নিজ ইচ্ছাৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্রতীকৰ সহায়ত ভাৱ, অনুভূতি আৰু বাসনা প্ৰকাশ কৰিব পাৰে।”

গোলোকচন্দ্ৰ গোস্বামীৰ মতে, “ভাষা মানুহৰ মনৰ ভাৱ আদান-প্ৰদানৰ উদ্দেশ্যে বাগিন্দ্রিয়েৰে উচ্চাৰণ কৰা সু-সংগঠিত, সু-পৰিকল্পিত ধ্বন্যাত্মক সংকেত বিশেষ। মানুহৰ মনৰ ভাৱ আৰু চিন্তাৰ শ্ৰুয়মান প্রতীকেই ভাষা।”

উপেন্দ্ৰনাথ গোস্বামীৰ মতে, “উচ্চাৰিত ধ্বনি-প্রতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা।”

তেখেতৰ আন এটা বক্তব্য হৈছে— “কোনো জনসমষ্টিয়ে প্রণালীবদ্ধ আৰু যাদৃষ্টিক স্পষ্ট ধ্বনি প্রতীকৰ দ্বাৰা পৰস্পৰে সহযোগিতা কৰি দৈনন্দিন জীৱনৰ কাৰ্য চলোৱা প্ৰধাৰ নাম “ভাষা।”

ভাষাৰ উপাদানঃ

ভাষা এটাৰ গঠন পদ্ধতি সম্পাদন হয় প্রধানতঃ চাৰিটা উপাদানৰ সমন্বয়ত। সেই উপাদানকেইটা হৈছে— ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ। এইকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

ধ্বনিঃ

মানুহৰ হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু প্ৰৱাহে ডিঙিৰ ঘটিকা, ওঁঠ আৰু মুখৰ ভিতৰৰ বিভিন্ন অংশত আংশিক অথবা সম্পূর্ণভাৱে বাধা পাই যি নাদৰ সৃষ্টি কৰে, সেয়ে ধ্বনি। মুখেদি ধ্বনি উচ্চাৰিত হয় গুণে ইয়াৰ আন নাম বাক্ যন্ত্র বা বাগিন্দ্রিয়। কোনো কোনো ঠাইত বাহিৰৰ পৰা মুখেৰে বতাহ শুহি নিও ধ্বনিৰ সৃষ্টি নকৰা নহয়। পিছে তেনে ধ্বনিৰ সংখ্যা আঙুলিমূৰত লেখিব পৰা। ধ্বনিৰ সৃষ্টি কৰিবলৈ যিকেইটা অংগ ব্যৱহাৰ কৰা হয়, সেইকেইটা হ’ল— দুই ওঁঠ, দাঁতৰ গুৰি, তালুৰ আগ, মাজ আৰু পিছ ভাগ, জিভা, ঘটিকা, গলকোষ আৰু নাক।

বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিবোৰক বহলভাৱে দুটা ভাগত ভগাব পাৰি— ক. স্বৰ আৰু খ. ব্যঞ্জন ধ্বনি। স্বৰধ্বনিৰ কম্পনত উৎপন্ন যি ধ্বনি বাগ্ যন্ত্ৰৰ কোনো ঠাইতে বাধা নোপোৱাকৈ সহজতে উচ্চাৰিত হয়, তাক স্বৰধ্বনি কোৱা হয়। একো একোটি স্বৰধ্বনি উচ্চাৰণৰ কালত কণ্ঠ তন্ত্রী, ওঁঠ আৰু জিভা বিশেষ বিশেষ স্থানত স্থিৰ হৈ থকাটো উল্লেখযোগ্য। স্বৰধ্বনিৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) ই সম্পূৰ্ণৰূপে অনিয়ত।

(খ) ইবোৰ সাধাৰণতে ঘোষধ্বনি।

(গ) এই ধ্বনিক ইচ্ছামতে দীঘলীয়াকৈ উচ্চাৰণ কৰিব পাৰি।

(ঘ) ইহঁতক কেতিয়াবা অনুনাসিক হিচাপত উচ্চাৰণ কৰিব পাৰি ৷

(ঙ) ইহঁতে সুৰ আৰু শ্বাসাঘাত বহন কৰা শুনা যায়। 

(চ) এই ধ্বনি দূৰৰ পৰা স্পষ্টৰূপে শুনা যায়।

হাওঁফাওঁৰ পৰা প্ৰৱাহিত বায়ু প্রবাহে মুখৰ ভিতৰত সম্পূৰ্ণ অথবা আংশিকভাৱে বাধা দি যি ধ্বনিৰ সৃষ্টি কৰে তাক ব্যঞ্জনধ্বনি বোলে। ব্যঞ্জনধ্বনিৰ বৈশিষ্ট্যসমূহ হ’ল—

(ক) এই ধ্বনি সদায় নিয়ত।

(খ) ইবোৰ ঘোষ আৰু অঘোষ উভয়ে হ’ব পাৰে।

(গ) এই ধ্বনিক দীর্ঘ সময়জুৰি উচ্চাৰণ কৰিব নোৱাৰি, অৱশ্যে ঘঁহনি খাই উচ্চাৰিত হোৱা ব্যঞ্জনধ্বনিক দীর্ঘ সময় ধৰি উচ্চাৰণ কৰিব পাৰি।

স্বৰধ্বনি উচ্চাৰণত জিভাৰ স্থান গুৰুত্বপূর্ণ। আলোচনাৰ সুবিধাৰ অর্থে ধ্বনি বিজ্ঞানীসকলে জিভাক তিনিটা ভাগত ভগাইছে— জিভাৰ আগভাগ, মাজভাগ আৰু পিছভাগ। এই তিনিটা ভাগৰো প্রত্যেকৰে আকৌ দুই-তিনিটাকৈ উপবিভাগ আছে। যেনে :

(ক) উচ্চ— উচ্চ আৰু উচ্চাভাস।

(খ) মধ্য— মধ্য মধ্যসম আৰু মধ্যাভাস।

(গ) নিম্ন— নিম্ন আৰু নিম্নাভাস।

মুখ বিবৰৰ বিস্তৃতি অনুযায়ী স্বৰধ্বনিবোৰৰ ভাগ দুটা— সংবৃত আৰু বিবৃত। ইহঁতৰো প্ৰত্যেকৰে তিনিটাকৈ উপবিভাগ। যেনে—

 সংবৃত— সংবৃত, অর্থ সংবৃত আৰু সংবৃতাভাস।

বিবৃত— বিবৃত, অর্থ সংবৃত আৰু বিবৃতাভাস।

স্বৰধ্বনি উচ্চাৰণত ওঁঠ দুটাৰ প্ৰয়োজনীয়তা উপেক্ষা কৰিব নোৱাৰি। স্বৰধ্বনি উচ্চাৰণৰ কালত জিভাৰ যি আকৃতি লয়, তালৈ লক্ষ্য ৰাখি স্বৰধ্বনিবোৰক দুটা ভাগত ভগোৱা হৈছে— সংবৃত আৰু বিবৃত। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা হ’ল— ৮। সেইকেইটা হ’ল— ই, এ’, এ, আ, অ, অ’, ও আৰু উ।

ৰূপঃ

বাগিন্দ্ৰিয় জৰিয়তে ধ্বনিৰ সৃষ্টি হয় আৰু ধ্বনি সংযোগৰ জৰিয়তে ৰূপৰ সৃষ্টি হয়। ৰূপবিলাক অর্থযুক্ত হ’লে ভাষাত শব্দৰূপত ব্যৱহাৰ হয়। এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অর্থযুক্ত গোটকে শব্দ বোলে। যেনে- ই, সি ক, মানুহ, গৰু, ঘৰ আদি। শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে ইয়াৰ লগত জড়িত অৰ্থটো আপোনা-আপুনি স্পষ্ট হয়। কেতিয়াবা দুটা ভিন্ন অর্থযুক্ত শব্দ লগ লাগিও অন্য এটা অর্থযুক্ত শব্দ গঠন হ’ব পাৰে। যেনে— তেল-সৰা, তলা-নালা, চকু-মুদা ইত্যাদি। এইদৰে বিভিন্ন ধৰণে শব্দ। গঠন হ’ব পাৰে।

বাক্যঃ

ভাষাৰ আটাইতকৈ ডাঙৰ উপাদানবিধেই হৈছে বাক্য। শব্দৰ সু-সমন্বয়ত বাক্য গঢ় লৈ উঠে। পৰস্পৰ  সম্বন্ধযুক্ত শব্দসমষ্টিয়ে একোটা মনোভাৱ পূর্ণকৈ প্ৰকাশ কৰিব পাৰিলে একোটা বাক্য হয়। বাক্যত সংযুক্ত শব্দবোৰ এটা ক্ৰমত লগ লাগে। পূর্ব প্রস থাকিলে কেতিয়াবা এটা শব্দৰেও বাক্য গঠন হ’ব পাৰে। যেনে—

তুমি ভাত খালানে? (তিনিটা শব্দৰে গঠন হোৱা বাক্য)

খালোঁ। (এটা শব্দৰে গঠন হোৱা বাক্য)

অর্থঃ

ধ্বনিৰপৰা ৰূপ, ৰূপৰপৰা বাক্য সৃষ্টি হোৱাৰ পিছত বাক্যত অর্থযুক্ত হ’লেহে সি ভাষা হৈ থাকিব। ধ্বনি, ৰূপ আৰু বাক্যক খণ্ডিতকৰণ কৰি দেখুৱাব পাৰি; কিন্তু অৰ্থক নোৱাৰি। প্ৰত্যেক ভাষাৰে শব্দ আৰু অৰ্থৰ সম্পৰ্ক নির্ণয়ৰ নিজস্ব প্রণালী আছে। এই প্রণালী অবিহনে ভাষা নহয়।

৩। চমু টোকা লিখা ।

(ক) উপভাষাঃ

উত্তৰঃ একোটা ভাষা যেতিয়া বিশাল জনসমষ্টিৰে এক বৃহৎ অঞ্চল জুৰি থাকে তেনে ক্ষেত্ৰত যাতায়তৰ অসুবিধা, যোগাযোগৰ অভাৱ আদিৰ বাবে অঞ্চল বিশেষে একোটা সুকীয়া সুকীয়া ভাষাৰূপৰ সৃষ্টি হয়। যাতায়তৰ অসুবিধা বিভিন্ন প্রাকৃতিক, ৰাজনৈতিক আদিৰ কাৰণৰ বাবেও হ’ব পাৰে। একোটা মান্যভাষাত এনেবোৰ কাৰণত বহু আঞ্চলিক ৰূপৰ সৃষ্টি হ’ব পাৰে। ভাষাৰ আঞ্চলিক ৰূপকে উপভাষা আখ্যা দিয়া হৈছে। ব্যক্তিভাষা বা পৰিয়ালৰ ভাষাবোৰৰ মাজত থকা ভেদবোৰৰ অতি সামান্য আৰু প্ৰবল সুক্ষ্ম দৃষ্টিৰে নিৰীক্ষণ নকৰিলে সকলোবোৰ ভেদ নিৰূপণ কৰা সহজ নহয়। কিন্তু উপভাষাৰ ক্ষেত্ৰত ভাষাৰ ভেদ নিৰূপণ বিশেষ জটিল কাম নহয়। এটা জনসমষ্টিৰ এজনৰ ব্যক্তিভাষা আন এজনে যেতিয়া বুজিব, সেই জনসমষ্টিৰ ব্যক্তিভাষাৰ সমগ্ৰতাই হ’ল এটা উপভাষা।

উপভাষা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে—

(ক) উজনি অসমৰ ভাষা।

(খ) নামনি অসমৰ ভাষা।

নামনি অসমৰ ভাষাত দুটা উপভাষা আছে— কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষা।

ডাঙৰ নদ-নদী, পৰ্বত-পাহাৰ, অটব্য- অৰণ্য আদি উপভাষা। সৃষ্টিৰ প্ৰাকৃতিক মূল কাৰণ। এইবিলাক কাৰণতে হয়তো অসমৰ উজনি আৰু নামনিৰ ভাষাগত প্রভেদ পৰিলক্ষিত হয়। ইয়াত ৰাজনৈতিক কাৰণো নিহিত হৈ আছে। ছশ বছৰীয়া উজনি অসমত আহোমৰ ৰজাসকলৰ ৰাজত্বৰ ফলত নামনি অসমৰ লগত যোগাযোগৰ অভাৱ ঘটিছিল। ইয়ে নামনি অসমৰ ভাষাক পৃথককৈ সংৰক্ষণ কৰাত সহায় কৰিলে। কিন্তু দলং-নির্মাণ, পাহাৰ-পৰ্বত, অৰণ্য আদি নিৰ্মূল কৰি যাতায়তৰ সুবিধাৰ ফলত ক্রমান্বয়ে উপভাষাত বিভেদবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলে। বিশেষভাৱে ব্যৱসায়-বাণিজ্য, শিক্ষাৰ প্ৰসাৰ, সামাজিক অনুষ্ঠান, বিয়া-বাৰু, পূজা-পাতল, উৎসৱ আদিত পৰস্পৰৰ মাজত নিঃশেষ হৈ নাযায়। উপভাষা সংৰক্ষণৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা আকৌ প্রাকৃতিক বা ৰাজনৈতিক প্রতিবন্ধকসমূহো প্ৰধান কাৰণ নহ’ব পাৰে। তেনেক্ষেত্ৰত সামাজিক ব্যবধানৰ কথা উল্লেখ কৰিব পাৰি। উদাহৰণ স্বৰূপে কামৰূপী উপভাষা আৰু গোৱালপৰীয় উপভাষাৰ কথা উল্লেখ কৰিব পাৰি। মূল অসমীয়া ভাষাৰে দুটি পৃথক পৃথক উপভাষাৰূপেই কামৰূপী আৰু গোৱালপৰীয়া উপভাষা পৰিচিত।

(খ) স্থানীয় উপভাষাঃ

উত্তৰঃ উপভাষা হ’ল মান্যভাষাটোৰ একোটা আঞ্চলিক ৰূপ। কিন্তু একোটা উপভাষাৰো আকৌ একাধিক আঞ্চলিক ৰূপ থাকে। তেনে উপভাষাক স্থানীয় উপভাষা আখ্যা দিয়া হয়। অৱশ্যে মান্যভাষাৰ লগত উপভাষাৰ সম্পৰ্কবোৰ যিদৰে স্পষ্ট কৰি দেখুৱাব পাৰি তেনেদৰে স্থানীয় উপভাষাৰ ক্ষেত্ৰত সকলো সময়তে দেখুৱাব নোৱাৰি। স্থানীয় উপভাষা কোৱা লোকসকলৰ মাজত ধ্বনি, ৰূপ, শব্দ, বাক্য-গঠনৰ প্ৰক্ৰিয়া আদিত সমৰূপতা পৰিলক্ষিত হয়। কিন্তু এটা স্থানীয় উপভাষাৰ লগত আন এটাৰ আকৌ কিছুমান প্রভেদ থাকে। সাধাৰণতে বাক্য, শব্দ আৰু ৰূপৰ ক্ষেত্ৰতহে সাধাৰণ কিছুমান বৈসাদৃশ্য পৰিলক্ষিত হয়। অৱশ্যে উচ্চাৰণত পার্থক্য অলপ থাকিব পাৰে। সামান্য ভেদ থকা সত্ত্বেও ইটো অঞ্চলৰ লোকে সিটো অঞ্চলৰ লোকৰ ভাষা বুজিব পাৰে। অৱশ্যে তেওঁলোকে নিজৰ অঞ্চলৰ কথিত ৰূপটো পৰিহাৰ নকৰে। স্থানীয় উপভাষাৰ উদাহৰণস্বৰূপে কামৰূপী উপভাষাৰ স্থানীয় ৰূপৰ কথা উল্লেখ কৰিব পাৰি। বৰপেটা অঞ্চলৰ উপভাষাৰ লগত নলবাৰী অঞ্চলত উপভাষাৰ পাৰ্থক্য আছে। তেনেদৰে বৰপেটা নলবাৰী উপভাষাৰ লগত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছয়গাঁও বকো অঞ্চলৰ উপভাষাৰ পাৰ্থক্য আছে। 

স্থানীয় উপভাষাৰ ভিতৰতো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ অঞ্চলৰ মাজত কিছু পার্থক্য থাকে। নলবাৰী আৰু বৰপেটাৰ মাজৰ অঞ্চলৰ লোকৰ ভাষাতো আকৌ সামান্য পার্থক্য আছে। এনেদৰে একোটা উপভাষাতে বিভিন্ন ভাষাগত ভেদ পৰিলক্ষিত হয়। উপভাষাৰূপে উজনি অসমৰ ভাষাৰো কিছুমান আঞ্চলিক ৰূপ থাকে। অৱশ্যে সেই পার্থক্যবোৰ সকলো ক্ষেত্ৰতে স্পষ্ট নহয়। নগাঁও অঞ্চলৰ ভাষাৰ লগত শিৱসাগৰৰ কথিত ভাষাৰ কিছু পার্থক্য পৰিলক্ষিত হয় আৰু শিৱসাগৰৰ কথিক ভাষাৰ লগত লক্ষীমপুৰৰ কথিত ভাষাৰ পাৰ্থক্য পৰিলক্ষিত হয়। তেনেদৰে স্থানীয় উপভাষাত প্রভেদ সকলো ভাষাৰ ক্ষেত্রতেই প্রযোজ্য।

(গ) মান্যভাষাঃ

উত্তৰঃ ব্যক্তিভেদে ব্যক্তিভাষা, অঞ্চলভেদে উপভাষাৰ প্রচলন হয়। ভাষাৰ প্ৰয়োজন হয় কেৱল আদান-প্রদানৰ বাবেহে। ব্যক্তিগত কাৰণ, আৰ্থ-সামাজিক কাৰণ, সাংস্কৃতিক কাৰণ আদিৰ বাবেই ভাষাই যোগাযোগৰ মাধ্যম বিচাৰে। ভাষা কেৱল দুজন ব্যক্তি, কেবাজনো ব্যক্তি অথবা এটা অঞ্চলৰ এমুঠি লোকৰ মাজতেই সীমাবদ্ধ হ’ব নোৱাৰে। ভাষা মাধ্যমৰ বাবে প্রয়োজন বহল পৰিসৰৰ। তেনেক্ষেত্ৰত একোটা বৃহৎ অঞ্চলৰ যোগাযোগৰ মাধ্যমৰূপে এটি মাথোঁ উমৈহতীয়া ভাষাৰ প্রয়োজন হয়। পৃথিৱীৰ সকলো ভাষাৰ বুৰঞ্জীতে দেখা যায় প্রথম অৱস্থাত হোৱা কথিত ভাষাৰ প্ৰচলনেই পিছলৈ পৰিমাৰ্জিত হৈ সাহিত্যিক ৰূপ লাভ কৰে। অঞ্চলভেদে প্রয়োগ হোৱা উপভাষা একোটাই কেতিয়াবা বহু উপভাষা কোৱা লোকৰ মাজত প্ৰচলিত হৈ সাহিত্যিক মর্যদা লাভ কৰেগৈ। সেই ভাষাকে মান্যভাষা আখ্যা দিয়া হয়।

একোটা উপভাষাই  একোটা  উপভাষাৰ  মাজত মান্যভাষাৰূপে স্বীকৃতি লাভ কৰাৰ মূলতে বহুতো কাৰণ থাকিব পাৰে। বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ধর্মীয় আদি কাৰণত উপভাষাই মান্যৰূপ লয়। অসমত উজনি অসমৰ উপভাষাই মান্যৰূপ লোৱাৰ মূলতেও এনেধৰণৰ কাৰণবোৰ নিহিত হৈ আছে। ছশ বছৰ জুৰি আহোম ৰজাসকলে উজনি অসমত ৰাজত্ব কৰিছিল আৰু শিৱসাগৰ অঞ্চলেই প্রধান কেন্দ্ৰস্বৰূপ আছিল। সেই সময়ত নামনি অসমৰ লগত উজনি অসমৰ যোগাযোগ বৰ কম আছিল। ফলত উজনি অসম একেটা ৰাজকীয় শাসনত থকাৰ ফলত উজনি অসমৰ উপভাষাগত পাৰ্থক্যৰ সীমাৰেখা বহু কমি যায়। সেইবাবে এই উজনিৰ ভাষাই প্রাধান্য লাভ কৰে। 

ঠিক তেনেদৰে ধৰ্ম প্ৰচাৰৰ হকে অহা খৃষ্টান বেপ্টিষ্ট মিছনেৰীসকলে ইংৰাজৰ আমোলত মানৰ আক্ৰমণত মৃত প্ৰায় অসমীয়া ভাষাৰ পুনৰদ্বাৰৰ বাবে যি প্ৰচেষ্টা চলালে সেই ক্ষেত্ৰতো তেওঁলোকে উজনি অসমৰ ভাষাক বিশেষকৈ শিৱসাগৰৰ কথিত ভাষাকে মর্যাদা দান কৰিলে। ফলত উজনি অসমৰ ভাষাই মান্যভাষাৰূপে প্রতিষ্ঠিত হ’ল। যোগাযোগৰ মাধ্যম ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত আদিৰ ক্ষেত্ৰতো মর্যাদা সম্পন্ন উপভাষাটোৱেই প্ৰাধান্য লাভ কৰে।

ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আদি কেন্দ্ৰ পৰিৱৰ্তনৰ ফলত কেতিয়াবা কেতিয়াবা উপভাষাইও অধিক মর্যদা লাভ কৰিব পাৰে। ভাষাৰ গতিশীলতাইও মান্যভাষাৰ পৰিৱৰ্তন ঘটায় একোটা মান্যভাষা ৰাজ্যখনৰ ৰাজ্য ভাষাৰূপেও স্বীকৃত হয়।

৪। উপভাষাৰ সৃষ্টিৰ কাৰণসমূহ কি কি? এই বিষয়ে এটি টোকা লিখা।

উত্তৰঃ কোনো ভাষা সম্প্রদায়ে বাস কৰা অঞ্চল যদি ভৌগোলিকভাৱে বিস্তৃত হয় তেতিয়াহ’লে নির্দিষ্ট ভাষা সম্প্রদায়ে ব্যৱহাৰ কৰা নিৰ্দিষ্ট ভাষাটোৰ কেতবোৰ পৃথক পৃথক আঞ্চলিক ৰূপে গঢ় লৈ উঠে। সুকীয়া সুকীয়া বৈশিষ্ট্য ৰক্ষিত এনে পৃথক পৃথক ৰূপবোৰক উপভাষা বোলা হয়।

অসমীয়াৰে, উজনী, কামৰূপী, গোৱালপৰীয়াসহ তিনিটা প্রধান উপভাষা পোৱা যায়।

উপভাষা সৃষ্টিৰ কাৰণবোৰ —

(ক) ভৌগোলিকঃ

কোনো এটা ভাষা সম্প্ৰদায়ৰ ভৌগোলিক পৰিসৰ বিস্তৃত হ’লে উপভাষাৰ সৃষ্টি হ’ব পাৰে। কিয়নো বৃহৎ অঞ্চলত থকা প্রাকৃতিক বাধাৰ বাবে যেনে— বৃহৎ নৈ, পর্বত, পাহাৰ, অৰণ্য, সাগৰ আদিৰ বাবে দুখন ঠাইৰ মাজত সহজ যোগাযোগ ব্যাহত হয়। ফলস্বৰূপে দুয়ো ঠাইত ভাষাৰ কিছু স্বকীয়া বৈশিষ্ট্য গা কৰি উঠে আৰু উপভাষাৰ ৰূপ লয়। উদাহৰণস্বৰূপে অসমীয়া ভাষাৰ কথা উল্লেখ কৰিব পাৰি। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কলীয়াভোমোৰা দলং হোৱাৰ পূৰ্বে উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ আৰু দক্ষিণপাৰৰ মানুহৰ যোগাযোগ সুকলমে হোৱা নাছিল ফলত শোণিতপুৰ আৰু নগাঁৱৰ ভাষাৰ পাৰ্থক্য দেখা গৈছিল।

(খ) ৰাজনৈতিকঃ

কোনো ভৌগোলিক পৰিবেষ্টনৰ বেলেগ বেলেগ অঞ্চল যদি বেলেগ বেলেগ শাসনৰ অধীন হয়, তেতিয়াহ’লে এটা অঞ্চলৰ মানুহৰ আন এটা অঞ্চলৰ মানুহৰ সৈতে যোগাযোগৰ অভাৱ ঘটিব পাৰে।

উদাহৰণ স্বৰূপে— মধ্যযুগৰ অসমৰ ৰাজনৈতিক শাসন প্ৰণালীৰ কথা ক’ব পাৰি। উজনি অসমত আহোমসকল আৰু নামনি অসমত কোচসকলেই হ’ল দুটা প্রধান শাসকীয় জাতি। আহোম আৰু কোচ ৰাজ্যৰ মাজত বিবাদ ঘটি থকাৰ ফলত দুয়ো ৰাজ্যৰ প্ৰজাৰ মিলামিছা হোৱা নাছিল বুলিব পাৰি। ফলত ভাষায়ো বেলেগ ৰূপ লৈছিল।

(গ) সামাজিকঃ

একে ভাষা সম্প্ৰদায়ৰ দুখন ঠাইৰ জনসাধাৰণৰ মাজত যদি কোনো ধৰণৰ সামাজিক উৎসৱ, ধৰ্মীয় অনুষ্ঠান, বিয়া-বাৰু আদি অনুষ্ঠিত নহয় তেতিয়া দুয়ো ঠাইৰ মানুহৰ পৰস্পৰ মিলামিছাৰ অভাৱ ঘটিব। দুয়ো ঠাইৰ ভাষাৰো পাৰ্থক্য আহি পৰিব।

(ঘ) ঐতিহাসিকঃ

ঐতিহাসিক কাৰণৰ ভিতৰত প্ৰধান কাৰণ হ’ব পাৰে জনবসতিৰ গঠন প্রক্রিয়া। বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন সুঁতিয়েদি জাতি-উপজাতিসমূহৰ প্ৰব্ৰজন হৈছিল। প্ৰত্যেক জাতি-উপজাতিৰে একোটা জিস্ব ভাষা থাকে। এনেদৰে বিভিন্ন জাতিগোষ্ঠীৰ প্ৰব্ৰজন ঘটি নিগাজীকে বসবাস কৰোতে সেই ঠাইত আগৰে পৰা থকা বিভিন্ন ভাষা-ভাষীৰ লগত সংমিশ্রণ ঘটে। তাৰ ফলত প্ৰব্ৰজনকাৰীসকলে আৰু আগৰে পৰা থকা ভাষা-ভাষীৰ প্ৰত্যেকৰে ওপৰত প্ৰভাৱ পৰে। ভাষাৰ ওপৰত পৰা প্ৰভাৱৰ ফলত মূল ভাষাটোৰ পৰা কিছু পৰিমাণে হ’লেও ধ্বনি উচ্চাৰণৰূপ, শব্দ প্ৰয়োগ আদিত বেলেগ হৈ পৰে। এইদৰে ভাষাবিলাকৰ পৰা কিছুমান আঞ্চলিক ৰূপৰ সৃষ্টি হয়। অসমীয়া বাষাৰ উপভাষাৰ ক্ষেত্ৰতো ঐতিহাসিক কাৰণ নিহিত হৈ আছে।

(ঙ) সাংস্কৃতিকঃ

বৃহত্তৰ অঞ্চলত অন্তৰ্ভুক্ত হৈ থকা কোনো এটা অঞ্চল যদি সাহিত্য, সংস্কৃতিৰ দিশত বেছিকৈ আগবঢ়া হয় তেতিয়াই সেই অঞ্চলত প্ৰচলিত ভাষাৰ এটা সুকীয়া ৰূপ ল’বলৈ আৰম্ভ কৰে। সাংস্কৃতিক কেন্দ্ৰৰ সাল-সলনি হ’লেই ভাষা আৰু উপভাষাৰ সৃষ্টিৰো কাৰণ হ’ব পাৰে। উদাহৰণস্বৰূপে— অষ্টম শতিকামানৰ পৰা ষোড়শ শতিকা মানলৈকে নামনি অসম সাহিত্য সংস্কৃতিৰ কেন্দ্র বিন্দু আছিল। এই নামনি অসমত কোচ, জয়ন্তীয়া, বৰাহী, ৰজাসকলে কমতাপুৰ, জয়ন্তীপুৰ, কোচবিহাৰ আদি ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁলোকৰ পৃষ্ঠপোষকতাত প্ৰাক্-শংকৰী আৰু শংকৰী যুগৰ সাহিত্যিকসকল মাধৱ কন্দলী, শংকৰদেৱ, মাধবদের, অনন্ত কন্দলী, ৰামসৰস্বতী, ভট্টদেৱ, মনকৰ, দুর্গাবৰ আদি কবি সাহিত্যিকসকলে সাহিত্য সৃষ্টিত মনোনিৱেশ কৰিছিল। 

সেই হেতু নামনি অসমত অসমীয়া ভাষাৰ এক সুকীয়া ৰূপ গ্ৰহণ কৰিছিল; আকৌ দ্বাদশ শতিকাৰ পিছত আহোমসকলে উজনি অসমত ৰাজ্য স্থাপন কৰি আহোমৰ পশ্চিম সীমা গুৱাহাটী পর্যন্ত বিস্তৃত কৰিছিল। সেইদৰেই লাহে লাহে নামনি অসমৰ পৰা সাহিত্য-সংস্কৃতিৰ কেন্দ্রস্থল উজনি অসমলৈ স্থানান্তৰিত হৈছিল। আহোমৰ পৃষ্ঠপোষকতাতেই সৃষ্টি হৈছিল বুৰঞ্জী সাহিত্য, তাৰ ফলতেই এই অঞ্চলৰ ভাষাই এক বেলেগ ৰূপ লাভ কৰিলে। এইদৰেই অসমীয়া ভাষাৰ দুটা ৰূপৰ সৃষ্টি হ’ল এটা উজনিৰ আনটো নামনিৰ।

৫। মান্যভাষা আৰু কামৰূপী উপভাষাৰ ধ্বনি, ৰূপ আৰু শব্দগত পার্থক্য সম্পর্কে আলোচনা কৰা।

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰধান উপভাষা তিনিটা—

(ক) উজনি অসমৰ উপভাষা বা মান্যভাষা।

(খ) কামৰূপী উপভাষা।

(গ) গোৱালপৰীয়া উপভাষা।

(ক) উজনি অসমৰ উপভাষা বা মান্যভাষা : এই তিনিওটা উপভাষাৰে আকৌ আঞ্চলিক ৰূপ পৰিলক্ষিত হয়। উজনি অঞ্চলৰ ভাষাত একপ্ৰকাৰ সমৰূপতা ৰক্ষিত হৈছে যদিও ভালদৰে চালি জাৰি চালে পূবৰ ভাষাৰে সৈতে মাজৰ জিলাকেইখনৰ ভাষাৰ পাৰ্থক্য দেখা যায়। কামৰূপী উপভাষা অসমৰ পশ্চিমৰ অবিভক্ত কামৰূপ জিলাত প্রচলিত এটি প্রধান উপভাষা। কামৰূপী উপভাষাৰ স্থানীয় পার্থক্যবোৰে ইজনে সিজনক বুজাত অসুবিধা নজন্মায়। উজনি অঞ্চলৰ ভাষা বা মান্যভাষা আৰু কামৰূপ উপভাষাৰ মাজত থকা প্ৰধান পার্থক্যবোৰ আলোচনা কৰা হ’ল—

ধ্বনিতাত্ত্বিক পার্থক্যঃ

১. কামৰূপী উপভাষাত সাতোটা বিশিষ্ট স্বৰধ্বনি আছে। সেই কেইটা হ’ল অ, আ, ই, উ, এ, এ’, ও। মান্যভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা হ’ল অ, অ’, আ, ই, উ, এ, এ’ আৰু ও। মান্য ভাষাত পোৱা অ’ ধ্বনি কামৰূপী উপভাষাত পোৱা নাযায়। মান্য আৰু কামৰূপী দুয়োটা উপভাষাতে ২১ টা ব্যঞ্জন ধ্বনি পোৱা যায় ।

২. মান্য ভাষাত শ্বাসঘাত শব্দৰ উপধা অক্ষৰত পৰে আৰু কামৰূপীত শব্দৰ আদি অক্ষৰত পৰে। ফলত কামৰূপীৰ শব্দৰ মাজত থকা স্বৰ ধ্বনিবোৰ উচ্চাৰিত নহয় আৰু ওচৰত থকা ব্যঞ্জন ধ্বনি দুটা লগ লাগে।

যেনে—

(মান্য) কুকুৰা, ভোমোৰা, নিগনি। 

(কামৰূপী) কুকৰা, ভম্‌ৰা, কৰকা, নিঙনি আদি।

৩. শ্বাসঘাতৰ কাৰণে কামৰূপী উপভাষাত অপিনিহিতৰ সংখ্যা বেছি। মান্য ভাষাত অপিনিহিতিৰ সংখ্যা কম।

মান্যকামৰূপী
মহুৰামউৰা, মউহৰা
কাজিয়াকাইজা, কাইজে
কেৱলীয়াকেউলা, কেউইলা ইত্যাদি

৪. মান্য ভাষাত পদান্ত ঐ আৰু ঔ ধ্বনি ৰক্ষিত হয়। আনহাতে কামৰূপী উপভাষাত শব্দৰ শেষৰ ঐ ধ্বনি দীর্ঘ এ বা দ্বিস্বৰ ‘এয়’ আৰু ঔ ধ্বনি দীর্ঘ উ বা দ্বিস্বৰ ওৱ লৈ পৰিৱৰ্তন হয়। যেনে—

মান্যকামৰূপী
হিলৈহিলে, হিলেই
কাবৌ কাবৌ, কাবু, কাবোর ইত্যাদি

৫. মান্য ভাষাত মহাপ্রাণ ধ্বনিৰ প্ৰাধান্য দেখা নাযায়। কিন্তু কামৰূপী উপভাষাত মহাপ্ৰানতাৰ প্ৰৱণতা অধিক।

মান্যকামৰূপী
শুকান শুখান্, শুখ্না
শিতানশিখান, শথন
ফাপৰফাফৰ, ফাফাৰ

৬. মান্য ভাষাত দুটা অক্ষৰ যুক্ত শব্দৰ দ্বিতীয় অক্ষৰত থকা ‘অ’ ধ্বনি কামৰূপীত ‘অ’ হয়। যেনে—

মান্যকামৰূপী
দীঘলদীঘাল
গৰমগৰাম
মৰণমৰাণ

৭. মান্য ভাষাত অনুনাসিক ওঁ আৰু ব ধ্বনি সাধাৰণতে কামৰূপীত ঙ (অং) আৰু উ ৰূপে উচ্চাৰিত হয়। যেনে—

মান্যকামৰূপী
যাওঁযাং, বাঁড়
ধোঁৱাধঙা

৮. মান্যভাষাৰ ন আৰু ৰ ধ্বনিৰ ঠাইত কামৰূপীত ল-ধ্বনি শুনা যায়। যেনে—

মান্যকামৰূপী
নোমলুম
নেজলেজ
শৰীৰশৰীল

৯. মান্য ভাষাৰ দ্বি অক্ষৰ যুক্ত শব্দৰ দ্বিতীয় অক্ষৰৰ ‘অ’ ধ্বনি কামৰূপী উপভাষাত ‘ও’ ধ্বনিলৈ পৰিৱৰ্তন হয়।

মান্যকামৰূপী
আগতআগোত
পাছতপাছোত

১০. মান্য ভাষাৰ কোনো শব্দৰ শেষত থকা ‘ই’ ধ্বনি কামৰূপী উপভাষাত আ আৰু এ হয়।

মান্যকামৰূপী
ছাতিছাতা
বালিবালা, বালে
ধুলিধূলা, ধুলে

১১. উচ্চাৰণৰ ক্ষীপ্ৰতাৰ বাবে মান্য ভাষাৰ শব্দৰ শেষত থকা স্বৰ আৰু ব্যঞ্জন ধ্বনি কিছুমান কামৰূপী উপভাষাত লোপ পায়।

মান্যকামৰূপী
বতাহবাতা, বতা
কাউৰীকাউৰ

ৰূপতাত্ত্বিক পার্থক্যঃ

উজনি আৰু কামৰূপী উপভাষাৰ ৰূপ গঠন প্রণালী একে। অৱেশ্য ঔপভাষিক ৰূপ বিশেষে কেতিয়াবা ৰূপবোৰ আৰু এইবোৰৰ প্রায়োগিক বৈশিষ্ট্য সুকীয়া হয়। ৰূপতত্ত্বৰ অন্তৰ্গত বচন, লিংগ, প্রত্যয়, কাৰক, বিভক্তি আদি ঔপভাষিক ক্ষেত্র সমূহত ধ্বনিগত পৰিবৰ্তনৰ বাবে ৰূপগত ভাৱে ভিন্ন যদিও এইবোৰৰ সৰহ পৰিমাণৰ মিলো লক্ষ্য কৰিবলগীয়া।

১. মান্য ভাষাত বহুলভাৱে প্ৰয়োগ হোৱা বহুবচনাত্মক ৰূপবিলাক কামৰূপী উপভাষাত সুকীয়া সুকীয়া।

২. নির্দিষ্টতাবাচক প্রত্যয় সমূহৰ ৰূপ মান্য আৰু কামৰূপী উপভাষাত সুকীয়া যদিও এইবোৰৰ অর্থগত ভিন্নতা নাই। কিছুমান নির্দিষ্টতা বাচক প্রত্যয় দুয়োটা অঞ্চলতে ব্যৱহাৰ হয়। যেনে—

৪. শব্দৰ ক্ষেত্ৰত মান্যভাষা আৰু কামৰূপী উপভাষাত কাৰকত বিভক্তিবোৰৰ ৰূপ একেই, কেৱল প্ৰয়োগৰ ক্ষেত্ৰতহে কিছু তাৰতম্য দেখা যায়।

(ক) মান্য ভাষাত ব্যৱহাৰ হোৱা নিমিত্তে কাৰকৰ চতুর্থী — লৈ বিভক্তিৰ ঠাইত কামৰূপী উপভাষাত কৰ্ম কাৰকৰ দ্বিতীয় বিভক্তি –ক আৰু অধীকৰণ কাৰকৰ সপ্তমী বিভক্তি –ত যোগ হয়। যেনে— মই ঘৰোক যাম। বাজাৰোত যাবো।

মান্যবাষাত, সম্প্রদান কাৰকৰ ‘লৈ’ পৰিৱতে ‘ক’ প্রয়োগ হয়। 

যেনে— বামুণক দক্ষিণা দিলো।

(খ) কৰণ কাৰকৰ — এৰে বিভক্তিৰ ঠাইত কামৰূপীত— এদি যোগ হয়। যেনে— নাকেদি (নাকেৰে) বাৰিদি (মাৰিৰে) ইত্যাদি।

(গ) অপদান কাৰক বুজোৱা অনুপদ – পৰা ৰ ঠাইত কামৰূপীত পে, পেৰে, পাৰা, পাই অনুপদ যোগ হয়। যেনে— ঘৰোৰ পে, তাৰপেৰে চহৰৰ পাৰা, তাৰ পাই আদি।

(ঘ) সৈতে ৰ ঠাইত কামৰূপীত লগোত হয়। যেনে— হৰিব লগোত (হৰিৰ সৈতে)

৫. মান্যভাষাত নোহোৱা অৰ্থ বুজাবলৈ ক্ৰিয়াৰ ৰূপৰ আগত ‘ন’ পূর্ব প্রত্যয় যোগ হয় আৰু এই ‘ন’ ৰ ‘অ’ সচৰাচৰ ক্ৰিয়াৰূপৰ আদিত থকা স্বৰটোৰ লগত সমীভূত হয়। কিন্তু কামৰূপীত এনে সমীভূত নহয়। যেনে—

মান্যকামৰূপী
ন-লাগে-নালাগেনাল্ গে, নাল্ গেই
ন- দেখো নেদেখোঁনেদ্ খো, নেদ্ খু, নাদেখুউ ইত্যাদি

৬. মান্য ভাষাতকৈ কামৰূপী উপভাষাত নামধাতুৰ বিস্তৃত প্রয়োগ লক্ষ্য কৰা যায়। যেনে—

মান্যকামৰূপী
চিঞৰাগেৰিয়া
দম কৰদামা
পিচুৱাপিচা, পিচুঅ
মেৰামেইৰা
খোঁচাহানা ইত্যাদি

শব্দমূলকঃ

শব্দ ভাণ্ডাৰৰ ক্ষেত্ৰত মান্যভাষা আৰু কামৰূপী উপভাষাত সৰহ সংখ্যক একে ধৰণৰ শব্দৰ ব্যৱহাৰ হয় আৰু কিছুমান নিজা শব্দও ব্যৱহাৰ হয়।

তলত তেনে শব্দ কিছুমান উল্লেখ কৰা হ’ল—

মান্যভাষাকামৰূপী
পৰুৱাপিপৰা, পিপাৰ, পিপ্‌ৰা
গামোচাপাম্ চা, মুক্‌চা
কুঁৱালান্দ, পাত্কি, ইন্দ্ৰা
মিচামাছনিচ্ লা
ঠাণ্ডা তেকি
কর্কৰা ভাতজাক্ ৰা, ঝক্ ৰ‌ (ভাত)
টোপনিঘুম্ টি
মধুৰী আমসফ্ ৰী, সফ্ ৰী আম, সোইফৰাম
অমিতামোদফল, মোইথ ফল, মৈধফল
মোইপ্ ফলমোধুফল
ল’ৰাআপা
ছোৱালীআপী
ককাদেউতাআতা
আইতাআবু
পখিলাচকুৰী
নেমুটেঙাতুইল্লা-টেঙা ইত্যাদি

৬। চমু টোকা লিখাঃ

(ক) ৰাজ্য ভাষা।

উত্তৰঃ এখন ৰাজ্যত একাধিক ভাষা প্রচলন থাকিলে সেইবোৰৰ কোনো এটা ভাষাক ৰাজ্যখনৰ সামূহিক কাম-কাজ চলাবলৈ বাহি লোৱা হয়। ৰাজ্যৰ শিক্ষাদান আদিও এই ভাষাটোৰ মাধ্যমত কৰা হয়। এনেকুৱা ভাষাকে ৰাজ্যভাষা বোলা হয়। ৰাজ্যভাষা হিচাপে বাছি লোৱা ভাষাটো সকলোৱে বুজি পোৱা হ’ব লাগে আৰু সেই ভাষা ঐতিহ্যপূর্ণ তথা সাংস্কৃতিকভাৱে মর্যদাসম্পন্ন হ’ব লাগে। যেনে— অসম ৰাজ্যৰ ৰাজ্যিক ভাষা অসমীয়া। অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ভাষা কোৱা লোক আছে যদিও অসমীয়া ভাষাটো প্রায় মানুহে বুজি পায়। অসমীয়া ভাষা প্রাচীনকালৰে পৰা চলি আহিছে। এই ভাষাৰ সাহিত্য সম্পদী চহকী। সেয়ে অসমত অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে প্ৰচলিত হৈ আছে। বাকী ৰাজ্যভাষাবোৰৰ ক্ষেত্ৰতো ৰাজ্যভাষাবোৰ এনেকুৱা ক্ষেত্ৰতে স্বীকৃতি।

(খ) আন্তঃৰাষ্ট্ৰীয় ভাষা।

উত্তৰঃ বিভিন্ন ৰাষ্ট্ৰৰ মাজত যোগাযোগ গঢ়ি তোলাৰ বাবে ব্যৱহাৰ কৰা ভাষাক আন্তঃৰাষ্ট্ৰীয় ভাষা বোলা হয়। আন্তঃৰাষ্ট্ৰীয়। ভাষাৰ মৰ্যাদা পাবলৈ হ’লে ভাষাটো হ’ব লাগিব শক্তিশালী, সু – বিস্তৃত আৰু সৰল। বৰ্তমান ইংৰাজী ভাষাটো এনে গুণেৰে সমৃদ্ধ বাবে ইংৰাজী ভাষাটোৱে আন্তঃৰাষ্ট্ৰীয় ভাষাৰূপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় ভাষা স্বাভাৱিক নাইবা কৃত্রিমো হ’ব পাৰি। পণ্ডিতসকলে কৃত্রিম ভাষা একোটাক আন্তঃৰাষ্ট্ৰীয় ভাষা হিচাপে মর্যদা দিবলৈ সময়ে সময়ে যত্ন কৰি আহিছে। ৱাৰ্ছৰ ড° ঝমেহনক নামৰ পণ্ডিত এগৰাকীয়ে ১৮৮৬ চনত ‘এছপিৰেণ্টো’ নামৰ এটা কৃত্রিম ভাষাৰ আৱিষ্কাৰ কৰিছিল আৰু সেই ভাষাটোৱে প্রাধান্য লাভ কৰিছিল। আন কেইটামান কৃত্রিম ভাষা হ’ল — ইডো, গ্লোৰো, নোৱিয়েল, ৱোলাপক আদি।

(গ) সামাজিক উপভাষা।

উত্তৰঃ পৰম্পৰাগত উপভাষা বিজ্ঞান ঘাইকৈ ভাষা আৰু ভূগোলৰ মাজত থকা সম্বন্ধকে লৈ কেন্দ্ৰীভূত হৈছিল, অর্থাৎ ভাষাৰ আঞ্চলিক ৰূপকে লৈ প্ৰধানলৈ আলোচনা কৰা হৈছিল। কিন্তু সাম্প্রতিক উপভাষা-বিজ্ঞানত ভাষা আৰু সামাজিক বৈশিষ্ট্যৰ সম্বন্ধৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, অর্থাৎ ভাষা ব্যৱহাৰত সামাজিক বিভিন্নতাক বেছি পোহৰলৈ অনা হয় আৰু সেই কাৰণে উপভাষা-বিজ্ঞানীসকলে ‘সামাজিক উপভাষা’ বা ‘সমাজ-ভাষাৰ’ কথা কয়। একে সমাজভূক্ত ব্যক্তিসকলৰ ভৌগোলিক দূৰত্ব সত্ত্বেও ভাষাৰ সাদৃশ্য দেখা যায়। কিন্তু ভৌগোলিক দূৰত্ব নাথাকিলেও বা ওচৰা-ওচৰিকৈ বাসকৰা ভিন্‌ ভিন্‌ সমাজভুক্ত ব্যক্তিসকলৰ ভাষাৰ মাজতো প্রভেদ দেখা যায়। উদাহৰণস্বৰূপে — কৰ্ণাটকৰ অন্তৰ্গত বাঙ্গালোৰ চহৰৰ ব্ৰাহ্মণসকলৰ কন্নাড়া ভাষাৰ সৈতে সেই একে চহৰৰ হৰিজনসকলৰ কন্নাড়া ভাষাৰ মিল নাই। কিন্তু ধাৰোৱাড় বা মহীশুৰ চহৰৰ ব্ৰাহ্মণসকলৰ সৈতে বাংগালোৰৰ ব্ৰাহ্মণসকলৰ কন্নাড়া প্রায় একে।

সামাজিক জীৱনৰ গাঁথনিত যাজকতন্ত্রই বিশেষ ভূমিকা গ্রহণ কৰা গ্ৰেটবৃটেইনৰ নিচিনা দেশত ভাষাৰ আঞ্চলিক সুকীয়া ৰূপত সামাজিক শ্রেণীবিন্যাসে ভৌগোলিক কাৰণতকৈও অধিক ভূমিকা গ্ৰহণ কৰে। সেই কাৰণে ভাষা ব্যৱহাৰত সমাজৰ উচ্চ স্তৰৰ লোকসকলতকৈ নিম্নস্তৰ শ্ৰেণীৰ ভাষাৰ পার্থক্য যথেষ্ট।

সামাজিক বাধা আৰু দূৰত্বই ভাষাত ব্যৱধান বা প্রভেদ সৃষ্টি কৰে আৰু তাৰ দ্বাৰাই সামাজিক উপভাষাৰ সৃষ্টি হয়। সামাজিক উপভাষাক এনেদৰে ব্যাখ্যা কৰিব পাৰি—

এটা ভাষাৰ যিকোনো দলে যেতিয়া একে ধৰণৰ সামাজিক বান্ধোনেৰে বান্ধ খাই একে ব্যৱস্থাপনাৰে বসবাস কৰি সেই দলৰ অন্তর্ভূক্ত নোহোৱাসকলৰ ভাষাতকৈ সুকীয়া ধৰণেৰে ভাৱ প্ৰকাশ কৰি দলীয় একতা প্ৰকাশ কৰে বা তাৰ মাজেদি তেওঁলোকৰ স্বকীয়তা প্ৰকাশ কৰে, তেতিয়াই সামাজিক উপভাষাৰ উদ্ভৱ হয়।

পশ্চিমীয়া ঔদ্যোগিক সমাজক সামাজিক শ্ৰেণী ব্যৱস্থাৰে ভাগ কৰিব পাৰি; অৱশ্যে এনে সামাজিক শ্রেণী ব্যৱস্থা বা বিভাজন সার্বিক লক্ষণ নহয়। কোনো সংজ্ঞাৰে এই সামাজিক শ্ৰেণী স্পষ্ট কৰি দেখুৱাব নোৱাৰি অথবা তাৰ অস্তিত্বকো নিৰ্দিষ্ট কৰিব নোৱাৰি; মাত্র ক’ব পাৰি একে ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰে বসবাস কৰি থকা একো একোটা জনসমষ্টি কোনো এটা সামাজিক শ্ৰেণীৰ অন্তৰ্ভুক্ত শ্ৰেণীক্রমভিত্তিক সমাজৰ জোখমাৰিত উঠা বা নমাৰ অৱস্থাত থাকে। এই গতিশীলতাৰ কাৰণেই সামাজিক শ্ৰেণীসমূহৰ ভাষাৰ বিভিন্নতাৰ প্ৰণালীবদ্ধ অধ্যয়নত সমস্যাৰ সৃষ্টি কৰে। সেয়েহে ভাষাৰ শ্ৰেণীগত বিভিন্নতাতকৈও ভাষাৰ জাতিগত ফৈদৰ বিভিন্নতা বেছি সুস্পষ্ট।

ভাষা আৰু সামাজিক শ্ৰেণী-ব্যৱস্থাৰ মাজত এটা সঠিক সম্বন্ধ স্থাপন কৰিবলৈ ভাষাগত আৰু সামাজিক লক্ষণ, এই দুটা কথা উপযুক্তভাৱে বিচাৰ বিশ্লেষণ কৰিব লাগিব।

ভাষা আৰু শ্ৰেণীভেদৰ পৰাই সৃষ্টি হৈছে— সামাজিক শ্রেণীগত উপভাষা। সমাজৰ কথা কওঁতে সামাজিক ব্যৱস্থাপনাৰ ভিতৰত এজন ব্যক্তিৰ ব্যৱসায়, উপার্জন, শিক্ষা ইত্যাদি অথবা জাতি বা ফৈদ আদি সামাজিক বৈশিষ্ট্যৰ কথা মনত ৰাখিব লাগিব আৰু আনৰপৰা তেওঁ তেনেবোৰ ক্ষেত্ৰত কিমান বেলেগ সেইবিলাকো বিচাৰ কৰিব লাগিব। এনেদৰে বিচাৰ কৰিলে দেখা যাব যে সমাজে প্রতি শ্ৰেণীৰ সংখ্যা বিভিন্নতৰ। উদাহৰণস্বৰূপে আমেৰিকাৰ ডেট্রইট চহৰত ইংৰাজী ভাষা কোৱা সমাজ চাৰি শ্ৰেণীৰ— 

(ক) উচ্চ মধ্যবিত্ত। 

(খ) নিম্ন মধ্যবিত্ত। 

(গ) উচ্চ শ্রমিক শ্ৰেণী। আৰু 

(ঘ) নিম্ন শ্রমিক শ্রেণী। 

কিন্তু ইংলেণ্ডত ইংৰাজী ভাষা কোৱা নৰউইছ সমাজক পাঁচ শ্ৰেণীত ভাগ কৰিব পাৰি : 

(ক) মধ্য মধ্যবিত্ত।

(খ) নিম্ন মধ্যবিত্ত।

(গ) উচ্চ শ্রমিক শ্রেণী। 

(ঘ) মধ্য শ্রমিক শ্ৰেণী। আৰু 

(ঙ) নিম্ন শ্রমিক শ্রেণী। 

আর্থিক অৱস্থাৰ ওপৰত ভিত্তি কৰি এই সামাজিক স্তৰ বা শ্রেণীবিলাক বিভাজন কৰা হৈছে। ভাৰতৰ কৰ্ণাটক প্ৰদেশৰ ধাৰোৱাড় জিলাৰ কন্নাড়ী ভাষা কোৱা সমাজক এনেদৰে শ্ৰেণী বিভাজন কৰা হৈছে আৰু সেই সমাজক উচ্চবিত্ত বা অভিজাত শ্রেণী, মধ্যবিত্ত শ্ৰেণী আৰু অনুন্নত শ্ৰেণী, এনেদৰে তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। বিশ্লেষণ কৰি দেখা গৈছে যে এই ভাগবোৰ সমাজত প্ৰৱৰ্তিত হৈ থকা ব্রাহ্মণ, অব্ৰাহ্মণ আৰু হৰিজন তিনিপ্ৰকাৰ জাতি-ভেদৰ লগত সম্বন্ধযুক্ত।

ভাষাৰ এনে শ্রেণী বিভাজন আপেক্ষিকভাৱে এক জটিল কাম; ইয়াৰ কাৰণ হ’ল ওপৰত উল্লেখ কৰাৰ দৰে এজন ব্যক্তি প্রায়েই সামাজিক জোখৰ উঠা-নমা অৱস্থাত থাকিব পাৰে আৰু ফলস্বৰূপে এই সামাজিক জোখে প্রত্যেক ফৈদৰ ভাষাৰ বিভিন্নতাত সংকটাপন্ন অৱস্থাৰ সৃষ্টি কৰিব পাৰে। তথাপিতো প্ৰধানকৈ এই ভাষাগত বিভিন্নতা সমাজ ভাষা-বিজ্ঞানৰ অনুসন্ধানৰ কেন্দ্ৰবিন্দু। একে সমাজৰ বিভিন্ন সামাজিক গোটত বা ফৈদত ভাষিক বিভিন্নতা স্পষ্টভাৱে ধৰা পৰে আৰু বিভিন্ন গোট বা ফৈদৰ এই ভাষিক বিভিন্নতাই ‘সামাজিক উপভাষা’ সৃষ্টি কৰে; ই ভাষাৰ সকলো স্তৰতে যেনেঃ 

(ক) ধ্বনি (ধ্বনিতত্ত্ব আৰু ধ্বনিবিজ্ঞান)। 

(খ) ব্যাকৰণ (ৰূপতত্ত্ব আৰু বাক্যতত্ত্ব)। 

(গ) শব্দ আৰু আনকি কেতিয়াবা অর্থতো (অর্থবিজ্ঞান) দেখা দিয়ে।

(ঘ) ব্যক্তি ভাষা।

উত্তৰঃ ভাষাৰ সংকীৰ্ণ ৰূপ হ’ল উপভাষা। উপভাষাৰ সংকীৰ্ণ ৰূপ স্থানীয় উপভাষা আৰু আন স্থানীয় উপভাষাৰ সংকীৰ্ণ ৰূপ ব্যক্তি-ভাষা এইটোৱেই ভাষাৰ সংকীর্ণতম ৰূপ। ব্যক্তি অনুযায়ী ভাষাৰ অলপ তাৰতম্য ঘটে। শিক্ষা-দীক্ষা নোপোৱা মানুহ এজনৰ ভাষা অলপ শিক্ষা পোৱাজনতকৈ অলপ বেলেগ হয়। অর্থাৎ প্রথমজনে যিবোৰ শব্দ ব্যৱহাৰ কৰিব দ্বিতীয়জনে দুই চাৰিটা বেলেগ শব্দ প্রয়োগ কৰিব। সেইদৰে নিজৰ গাঁও বা জিলাখনৰ বাহিৰলৈ নোযোৱা মানুহজনে যিধৰণৰ কথা ক’ব বাহিৰত ফুৰা বা আন ঠাইত কিছুদিন থাকি অহা মানুহজনৰ ভাষা অলপ বেলেগধৰণৰ হ’ব। পুৰুষসকলতকৈ মহিলাসকলে যিহেতু আপেক্ষিকভাৱে কম চলা-ফুৰা কৰে, সেইবোৰ এজন পুৰুষ আৰু এগৰাকী মহিলাৰ ভাষা অলপ বেলেগ যেন হয়। কোনো ঠাইৰ ভাষাৰ আচল ৰূপ পাবলৈ হ’লে মহিলাসকলৰ ভাষা নিৰীক্ষণ কৰাটো দৰ্কাৰ, কিয়নো তেওঁলোকে ভাষাৰ আচল ৰূপটো সংৰক্ষণ কৰে।

ব্যৱসায়, অর্থনৈতিক অৱস্থা, আৰু ধৰ্ম অনুযায়ীও ভাষাৰ কিছু তাৰতম ঘটে। এজন সদাগৰ আৰু এজন শিক্ষক, এজন উকীল আৰু এজন ইঞ্জিনিয়াৰ, এজন ব্ৰাহ্মণ আৰু এজন মাছমৰীয়াৰ ব্যৱসায় ভিন্ন হোৱা হেতুকে ভাষাৰো কিছু ভিন্নতা পৰিলক্ষিত হয়। এজন ধনী মানুহ আৰু তেওঁৰ ঘৰৰ ল’ৰা- ছোৱালীৰ ভাষা এজন দুখীয়া মানুহ আৰু তেওঁৰ ল’ৰা-ছোৱালীৰ ভাষাৰ মাজত কিছু পার্থক্য থাকিব, কাৰণ ধনী মানুহজনৰ ঘৰত যিবোৰ বস্তু আছে, সেই ঘৰত যি ধৰণে যিবোৰ কথা-বতৰা হয়, দুখীয়াজনৰ ঘৰত সেইবোৰ বস্তু নথকাত আৰু কথা-বতৰাও কিছু সুকীয়া হোৱাত ভাষাৰ তাৰতম্য দৃষ্টি- গোচৰ হয়। বেলেগ ধৰ্মৰ লোকৰ মাজতো ভাষাৰ কিছু ভিন্নতা ধৰা পৰিব। মতা আৰু তিৰোতাসকলৰ ভাষাৰ তাৰতম্যৰ বিষয়ে আগতে আলোচনা কৰা হৈছে। কোনো এক সময়ৰ কোনো এক ব্যক্তিৰ কথা কোৱা ধৰণৰ সমগ্ৰ ৰূপটোৱে ব্যক্তিভাষা। আনধৰণে ক’বলৈ হ’লে কোনো এজন লোকৰ ভাষা কোৱা সুকীয়া প্ৰণালীটোৰ নাম ব্যক্তিভাষা।

সূক্ষ্ম দৃষ্টিৰে চালে ব্যক্তিভাষাকো সকলো সময়ত একে ৰূপত পোৱা নাযায়। এজন মানুহে এটা পৰিৱেশত যি ধৰণে কথা ক’ব আন এটা পৰিৱেশত ঠিক একেধৰণে কথা নকয়। সাধাৰণভাৱে ঘৰত কথা-বতৰা পাতোঁতে এজন লোকে ভাষাৰ যিটো ৰূপ ব্যৱহাৰ কৰে সেই মানুহজনে কোনো এক ৰাজহুৱা অনুষ্ঠানত কথা ক’বলৈ হ’লে অন্য একধৰণে কথা ক’ব। নিজৰ বন্ধু-বান্ধৱসকলৰ মাজত কথা পাতোঁতে এজনে ব্যৱহাৰ কৰা ভাষা এটাৰ ৰূপ তেওঁতকৈ বয়সস্থ আৰু সন্মানিত এজনৰ লগত বা তেওঁতকৈ সৰু এজনৰ লগত কথা-বতৰা হওঁতে কৰা ৰূপৰ মাজত পার্থক্য থাকিব। বিভিন্ন পৰিৱেশ আৰু পৰিস্থিতিত ব্যৱহাৰ কৰা কোনো ব্যক্তিৰ ভাষাৰ বিভিন্ন ৰূপক শৈলী আখ্যা দিয়া হয়।

(ঙ) ৰাষ্ট্ৰ ভাষা।

উত্তৰঃ ৰাজ্য-ভাষাৰ নিচিনা কোনো ৰাষ্ট্ৰৰ বিভিন্ন ৰাজ্যৰ মাজত যোগাযোগ আৰু সামূহিক কাৰ্যবোৰ পৰিচালনাৰ বাবে এটা ভাষাৰ প্রয়োজন আছে। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰৰ সকলো অঞ্চলৰ লোকৰ মাজত আৱেগিক ঐক্য স্থাপন হ’ব বুলিও আশা কৰা হয়। এখন স্বাধীন দেশৰ এটা নিজৰ ৰাষ্ট্ৰ-ভাষা থকাতো বহুত মানত গৌৰৱৰ কথা। যেতিয়া ৰাষ্ট্ৰখনৰ ভিন ভিন ৰাজ্যত ৰাজ্য-ভাষাবোৰ চলি থাকে তাৰ ভিতৰত ৰাষ্ট্র-ভাষা এটা বাছি লোৱাটো সহজ যেন বোধ হ’লেও ৰাষ্ট্ৰ-ভাষা নিৰ্ণয়ৰ সমস্যা কিছু জটিলতৰ। ৰাষ্ট্ৰ-ভাষা স্বাভাৱিক নাইবা কৃত্রিমো হ’ব পাৰে। যিটো ভাষা স্বাভাৱিক ৰূপা বিকশিত নোহোৱাকৈ মানুহে নিজেই সজাই লয় তাকে কৃত্রিম ভাষা বোলে। সামূহিক কাৰ্যবোৰ চলাবলৈ যি কোনো এটা ৰাজ্য- ভাষাক বাছি ল’লে ৰাষ্ট্র-ভাষাটো স্বাভাৱিক হ’ব। যদি কোনো এখন ৰাজ্যৰ ৰাজ্য-ভাষাক সেই স্থান নিদি কোনো এটা ৰাজ্য- ভাষাৰ ওপৰত ভিত্তি কৰি প্ৰকৃততে ব্যৱহাৰ নোহোৱা এটা ভাষাৰ সৃষ্টি কৰি চলোৱা হয়, তেতিয়া ৰাষ্ট্ৰ-ভাষা চলাবলৈ মহাত্মা গান্ধীয়ে মানস কৰিছিল : “মই আজিয়ে যত্ন কৰি দুয়োটা লিপি শিকা উচিত আৰু এনে এটা ভাষা কোৱা উচিত য’ত হিন্দী আৰু উর্দু দুয়োটা ভাষা মিহলি হৈছে।” মৃত ভাষা এটাক ৰাষ্ট্ৰভাষাৰূপে | স্বীকাৰ কৰিবলৈও বহুতে আগ্রহ দেখুৱায়। অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় জীৱন আৰু সাহিত্যৰ লগত ৰামায়ণ, মহাভাৰত আৰু পুৰাণবোৰ ওতপ্রোতভাৱে জড়িত হৈ ভাৰতীয় সাংস্কৃতিক ঐক্য ৰক্ষা কৰি আহিছে। এইবোৰৰ ভাষা হৈছে সংস্কৃত। এই ভাষাৰ জৰিয়তে আজিও অনেক ধার্মিক আৰু সাংস্কৃতিক কাৰ্যৰ সমাধান হয়। সংস্কৃতৰ গঠন-প্ৰণালী যথেষ্ট জটিল। সেইহেতুকে গঠন- প্রণালীটোক সহজভাৱে সজাই এই ভাষাটোক বহুতে ভাৰতৰ ৰাষ্ট্ৰ-ভাষাৰূপে স্বীকৃতি দিয়া মত পোষণ কৰে। মৃত ভাষা এটাক এনে স্বীকৃতি দিলে ভাষাটোৰ পৰিবৰ্তনৰ স্থল নাইকিয়া হ’ব আৰু তাক সহজ কৰিবলৈ লোৱা প্ৰচেষ্টাই ভাষাটোক কৃত্ৰিম কৰি তুলিব ।

ৰাজ্য-ভাষাৰ নিচিনা ৰাষ্ট্ৰ-ভাষাৰ ক্ষেত্ৰতো অকল পাৰস্পৰিক যোগাযোগৰ কাৰণেই ৰাষ্ট্র-ভাষা এটা মানি লোৱা নহয়। উচ্চ শিক্ষা মাধ্যম আদিৰ প্ৰশ্নও ইয়াৰ লগত সময়ত জড়িত হৈ পৰে। গতিকে ৰাষ্ট্র-ভাষাৰ সমস্যাটোৰ কোনো সহজসাধ্য সমাধান পোৱা নাযায়। এই সমস্যাটোক বিভিন্ন দিশৰ পৰা পৰীক্ষা কৰি চাব পাৰি। প্ৰথমতে কোনো ৰাষ্ট্ৰৰ এটা বা অধিক ৰাজ্য-ভাষাক ৰাষ্ট্ৰৰ সকলো কামৰ বাবে স্বীকৃতি দিব পাৰি। তেতিয়া স্থানীয় সংস্কৃতিও ৰক্ষা হ’ব, প্রাথমিক স্তৰত শিক্ষা দানৰ সুবিধা হ’ব। সমাজত এটা বিশিষ্ট বৰ্গৰ সৃষ্টি নহ’ব। কিন্তু উচ্চ শিক্ষা, অর্থনৈতিক প্রগতি আদিৰ ক্ষেত্ৰত নানা অসুবিধা উপস্থিত হ’ব। ৰাজনৈতিক আৰু সাংস্কৃতিক ফালৰ পৰা ৰাষ্ট্ৰখন আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা আঁতৰি থাকিবলগীয়াত পৰিব পাৰে। যি কোনো এটা ভাষাক ৰাষ্ট্র – ভাষাৰূপে স্বীকাৰ কৰিলে ৰাষ্ট্ৰীয় ঐক্য স্থাপন হ’ব বুলি ভাবিলেও কার্যতঃ নহ’ব পাৰে, কাৰণ আনভাষা কোৱা লোকে তাৰ বিৰোধিতা কৰিব। 

দুটাতকৈ অধিক ভাষাক একে স্থান দিলে অনৈক্যৰ ভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যদি ৰাষ্ট্ৰখনৰ প্ৰায় সকলো ভাষা- ভাষী লোকৰ মাজত বুজি পোৱা আৰু অসম্পূৰ্ণৰূপে ক’ব পৰা ধৰণৰ ভাষা এটাক ৰাষ্ট্ৰভাষাৰ স্থান দিয়া হয়, তেতিয়া ৰাষ্ট্ৰীয় ঐক্য সাধনৰ পথ হয়তো মুকলি হ’ব; কিন্তু তেনে ভাষা সাংস্কৃতিক আৰু সাহিত্যিক ফালৰ পৰা মৰ্যদাবিহীন হ’ব পাৰে। এনে পৰিস্থিতিত এটা বা অধিক স্থানীয় ভাষা আৰু এটা আন্তৰাষ্ট্ৰীয় ভাষাক ৰাষ্ট্ৰ – ভাষাৰূপে ল’ব পাৰি। এনে সিদ্ধান্তৰ দ্বাৰা স্থানীয় ভাষা মাধ্যমেৰে প্রাথমিক শিক্ষা আৰু আন্তৰাষ্ট্ৰীয় ভাষাৰ মাধ্যমেৰে উচ্চ শিক্ষাৰ প্ৰসাৰ বাঢ়িব; বহির্জগতেৰে সৈতে সম্পৰ্ক অটুট থাকিব, অর্থনৈতিক বিকাশত বাধা নহ’ব ইত্যাদি। কিন্তু এই পদ্ধতিৰে ৰাষ্ট্ৰখনত এট বিশেষ শ্রেণীৰ লোকৰ সৃষ্টি হ’ব। সুবিধা পোৱাসকলে আন্তৰাষ্ট্ৰীয় ভাষাৰ মাধ্যমেৰে শিক্ষা গ্ৰহণ কৰিবলৈ আগ্রহান্বিত হ’ব, স্থানীয় ভাষাবোৰৰ বিকাশৰ সা-সুবিধাবোৰ দুৰ্বল হ’ব। 

তেতিয়া আন এটা উপায় অৱলম্বন কৰিব পৰা যায়। ৰাষ্ট্ৰখনৰ সকলো কামৰ বাবে এটা আন্তৰাষ্ট্ৰীয় ভাষাৰ গ্ৰহণ। সেইটো হ’লে উপযুক্ত শিক্ষক আৰু শিক্ষা ব্যৱস্থাৰ যোগেৰে অতি কম সময়ৰ ভিতৰত দেশৰ উঠি অহা বহুভাষী যুৱক-যুৱতীক একে সূত্ৰেৰে সাঙুৰিব পৰা যায়। কিন্তু ইয়াৰ দ্বাৰা ডেকাচামক স্থানীয় সংস্কৃতিৰ পৰা আঁতৰাই অনা হ’ব আৰু জন-সাধাৰণে তাক জাতীয়তা আৰু আদৰ্শ-বাদৰ পৰিপন্থী বুলি প্ৰতিবাদ কৰিব ।

(চ) পিজিন।

উত্তৰঃ ‘পিজিন’ আচলতে কাম চলাবিধৰ এক প্ৰকাৰ বাণিজ্যিক ভাষা। ব্যৱসায়িক কাৰণত বজাৰত গোট খোৱা দুদল লোকে পৰস্পৰে পৰস্পৰৰ ভাষা বুজি নাপালে লেনদেনৰ বাবে এক মিশ্রিত ভাষাৰ সৃষ্টি হয়। ব্ৰিটিছ আৰু চীনাসকলৰ মাজত ব্যৱসায়িক কাৰণতে ‘পিজিন’ৰ সৃষ্টি হৈছিল। ‘পিজিন’ৰ সৃষ্টি এদিনতে হোৱা নাই— ই এক ধাৰাবাহিক প্ৰচেষ্টাৰ ফল। ইউৰোপীয় বণিকে নিজৰ ভাষাৰ পৰা Article, সংযোজক অব্যয় আদি বাদ দি একপ্ৰকাৰ শিশুৰ হেনাহুচা মাতেৰে ভাৱ বিনিময় কৰে। থলুৱা বেপাৰীয়েও ব্যৱসায়িক তাগিদাত সেয়াই প্রকৃত ভাষা বুলি অনুকৰণ কৰিবলৈ লয়। এনে অনুকৰণ অসম্পূৰ্ণ আৰু বিকৃত হোৱাই স্বাভাৱিক। ইউৰোপীয় বণিকেও তেতিয়া থলুৱা লোকজনৰ লগত মিলাবলৈ নিজৰ বাক্য-গাঁথনি আৰু উচ্চাৰণ পাৰ্যমানে সহজ কৰে। পৰিস্থিতিটো বুজাবৰ বাবে গুৱাহাটীৰ চিনাকি দৃশ্য এটা উল্লেখ কৰিব পাৰি—

যাত্রীঃ এ ৰিচ্‌কা জায়েগা নেকি?

ৰিক্সাৱলাঃ জায়েগা।

‘পিজিন’ আচলেত কাৰো কথিত ভাষা নহয়। ‘উমৈহতীয়া ভাষা’ও নহয়। ‘পিজিন’ ব্যৱহাৰ কৰা লোকসকলে অন্য পৰিৱেশত নিজ নিজ ভাষাকেই ব্যৱহাৰ কৰে। ‘পিজিন’ হ’ল পৰিস্থিতিজনিত সাময়িক ভাষা। কিন্তু কেতিয়াবা দেখা যায়, এনে পিজিনেই একোটা সম্প্ৰদায়ৰ মুখ্য ভাষা হৈ পৰে আৰু স্থায়ী ভাষা সম্প্ৰদায়ৰ অধিকাৰী হৈ পৰে। ‘পিজিনে’ এনে মর্যদা পালে ‘ক্ৰেঅ’ল’ বুলি কোৱা হয়। ক্রেঅ’লৰ মৰ্যদা পোৱাৰ পিছতে ই স্বাভাৱিক ভাষাৰ দৰেই গঢ়ি উঠে। পার্ক্য হ’ল, অন্য স্বাভাৱিক ভাষাৰ দৰে ইয়াৰ জন্ম আৰু বিকাশৰ গতি নিমিলে। পাপুৱা নিউগিয়েনাত এনে ক্ৰেঅ’ল আৰম্ভ হৈছে, আনহাতে আটলান্টিক মহাসাগৰৰ পাৰত ক্রেঅ’ল সম্পূর্ণ হৈছে।

কেতিয়াবা পিজিনে উমৈহতীয়া ভাষাৰ ভূমিকা ল’ব লগা হয়। উদাহৰণ স্বৰূপে নগা পিজিনকে ল’ব পাৰি। নগাসকলৰ অলেখ ফৈদ আৰু ইটো ফৈদে সিটো ফৈদৰ ভাষা বুজি নাপায় । গতিকে পাৰস্পৰিক ভাবৰ আদান-প্ৰদানৰ বাবে নগা পিজিনৰ সহায় লয়। এতিয়া শিক্ষিতসকলে নগা পিজিনৰ অস্তিত্বকে অস্বীকাৰ কৰিব খোজে যদিও বাস্তৱ ক্ষেত্ৰত ই চলি আছে। ‘নাগামিজ’ নগাসকলৰ বাবে যিদৰে উমৈহতীয়া ভাষা, তেনেদৰে ‘অৰুণামিজ’ অৰুণাচলীসকলৰ উমৈহতীয়া ভাষা। জামাইকাৰ পৰিস্থিতি কিছু বেলেগ। অষ্টাদশ শতিকাৰ বিষয়াসকলৰ মান্য ইংৰাজীৰ সৈতে আফ্ৰিকাৰ ছাত্ৰসকলৰ ইংৰাজীৰ এক মিশ্ৰিত ৰূপ গঢ় লৈ উঠিছিল। জামাইকাত স্থায়ীভাৱে বাস কৰিবলৈ লোৱা। কৃষ্ণাংগসকলে দুখীয়া শ্বেতাংগসকলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল। আৰু কথা-বাৰ্তাত এক ধৰণৰ মিশ্রিত ভাষা ব্যৱহাৰ কৰিছিল। ঊনবিংশ শতিকাৰ মাজ ভাগত দাস প্ৰথাৰ বিলুপ্তি ঘটাত কৃষ্ণাংগ শ্বেতাংগ সকলোৱে বিদ্যালয়ত মান্য ইংৰাজী পঢ়িবলৈ লয়। সময়ত গৈ, ক্ৰেঅ’ল গৌণ উপভাষালৈ অৱনমিত হয়।

পিজিনৰ সৃষ্টিত উৎস ভাষা দুটা থাকে। পৃথিৱী বিখ্যাত পিজিনবোৰত ইংৰাজী বা পর্তুগীজে মুখ্য ভূমিকা লৈছে। স্থানীয় ভাষাৰ প্ৰভাৱ দহৰ পৰা পোন্ধৰ শতাংশহে। চীনা পিজিনত আকৌ ইংৰাজীয়ে মুখ্য ভূমিকা লৈছে যদিও চীনা, পর্তুগীজ আৰু স্পেইনৰ  শব্দও আছে।

পিজিনৰ সাধাৰণ বৈশিষ্ট্য এনেধৰণৰ —

(ক) মিশ্রিত ভাষা।

(খ) বর্ণগত পদ্ধতি অত্যন্ত শিথিল।

(গ) উচ্চাৰণগত পার্থক্যও ব্যাপক।

(ঘ) শব্দ সংখ্যা সীমিত যদিও একেটা শব্দই পৰিৱেশ আৰু ব্যক্তিভেদে বেলেগে বেলেগে অর্থ প্রকাশ কৰিব পাৰে।

(ঙ) বেলেগ বেলেগ ভাষাৰ পৰা অবাধে ধাৰ কৰিব পাৰে। 

পিজিন কেনে ধৰণৰ সৰলীকৃত ভাষা তলৰ ইংৰাজী বাক্যবোৰ চালেই স্পষ্ট হ’ব—

মোৰ দেউতাpapa belong me
তোমাৰ দেউতাৰাpapa belong you
ম‍ই যাওঁme go

পিজিন কাৰো প্ৰথম ভাষা নহয়, ক্ৰেঅ’ল কিন্তু প্রথম ভাষা— A pidgin is no one’s first language, creole is.

1 thought on “Bhakha Bigyanor Parichay Unit 1 ভাষাৰ সংজ্ঞা, উপাদান, বৈশিষ্ট্য আৰু ভাষাৰ বিভিন্ন ৰূপ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top