বেগম হজৰত মহল জীৱনী – অৱধৰ বিপ্লৱী ৰাণী | Begum Hazrat Mahal

বেগম হজৰত মহল | Begum Hazrat Mahal Essay in Assamese | Biography of Begum Hazrat Mahal in Assamese | বেগম হজৰত মহল বিষয়ে জীৱনী | বেগম হজৰত মহল বিষয়ে ৰচনা | বেগম হজৰত মহলৰ চমু পৰিচয়।

Join Telegram channel

বিভিন্ন সময়ত জাতিৰ ইতিহাসত, সভ্যতাৰ বিকাশত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।  ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামত ভাৰতীয় নাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰকৃততে ভাৰতীয় নাৰীসকলে বিদেশী শাসনৰ পৰা মুক্ত হ’বৰ বাবেই প্ৰকৃত দেশপ্ৰেম আৰু অদম্য সাহসৰ সৈতে ব্ৰিটিছ সকলৰ বিৰুদ্ধে যুঁজ দিছিল। জাতি-বৰ্ণ-লিংগ-ধৰ্ম নিৰ্বিশেষে সকলো ব্যক্তিয়েই এই স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল। পুৰুষ সকলৰ সমান্তৰালকৈ মহিলাসকলেও চাৰিবেৰৰ সীমাৰ মাজত আৱদ্ধ নাথাকি ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণ কৰি এটা নজিৰ সৃষ্টি কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে ‌সেই সময়ত মহিলা সকলে ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় ভাৱে অংশগ্ৰহণ কৰাৰ এটা পৰিৱেশ নাছিল তথাপিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় অংশগ্ৰহণৰ জৰিয়তে নাৰী সকলৰ সাহসৰ ক্ষেত্ৰত এটা নতুন পথৰ সূচনা কৰা এটা বিপ্লৱী সত্বা হ’ল বেগম হজৰত মহল

বেগম হজৰত মহল

বেগম হজৰত মহল জীৱনী | Biography of Begum Hazrat Mahal 

নামবেগম হজৰত মহল (Begum Hazrat Mahal[1])
জন্ম চন১৮২০ চন
জন্ম স্থানফৈজাবাদ, অৱধ
মৃত্যু৭ এপ্ৰিল, ১৮৭৯ চন

Also Read: জীৱনী: নীলম সঞ্জীৱ ৰেড্ডী – ভাৰতৰ ৬ষ্ঠ গৰাকী ৰাষ্ট্ৰপতি | Neelam Sanjiva Reddy

বেগম হজৰত মহল প্ৰাৰম্ভিক জীৱন

অৱধৰ বেগম হিচাপে অভিহিত কৰা বেগম হজৰত মহল শিশুকালৰ নাম আছিল মুহাম্মদী খানুম।  ১৮২০ চনত অৱধৰ অন্তৰ্গত ফৈজাবাদৰ এটা দৰিদ্ৰ পৰিয়ালত জন্ম হৈছিল মুহাম্মদী খানুমৰ। উল্লেখ্য যে মুহাম্মদী খানুম পেচাগত ভাৱে আছিল এগৰাকী গণিকা।

দৰিদ্ৰতাৰ বাবেই মুহাম্মদী খানুমক তেওঁৰ পিতৃ মাতৃয়ে ৰয়েল এজেন্টৰ ওচৰত বিক্ৰী কৰি দিয়াৰ  সময়ত khawasin অৰ্থাৎ দাসী হিচাপে ৰাজকীয় হেৰেমত প্ৰৱেশ কৰিছিল আৰু পৰৱৰ্তী সময়ত হেৰেমত মুহাম্মদী খানুমে নিজৰ বাহ্যিক সৌন্দৰ্য, বুদ্ধিমত্তা আৰু সৃষ্টিশীল প্ৰতিভাৰ বাবে হেৰেমৰ পৰী হিচাপে পদোন্নতি লাভ কৰিছিল।

বিবাহ

পৰী হিচাপে পদোন্নতি লাভ কৰাৰ পিছত বেগম হজৰত মহল তেওঁ নৱাব ৱাজিদ আলী শ্বাহৰ সৈতে মুতাহ নিকাহত (চুক্তিৰ অধীনত অস্থায়ী বিবাহ) আৱদ্ধ হৈছিল। নৱাব ৱাজিদ আলী শ্বাহৰ সৈতে নিকাহ সম্পন্ন হোৱাৰ পিছত তেওঁ বেগমৰ মৰ্যাদা লাভ কৰিছিল। এটা পুত্ৰ সন্তানৰ মাতৃ হোৱা মুহাম্মদী খানুম পৰৱৰ্তী সময়ত মুহাম্মদী খানুম বেগম হজৰত মহল‌ হিচাপে পৰিচিত হৈছিল। 

গুৰুত্বপূৰ্ণ কথা যে বেগম হজৰত মহল ৰাজপৰিয়ালৰ মাজত জনপ্ৰিয় নাছিল কাৰণ তেওঁ ৰাজপৰিয়ালৰ সম্পৰ্কৰ জৰিয়তে বিবাহ পাশত আবদ্ধ হোৱা নাছিল। অন্যহাতে বেগম হজৰত মহলৰ সৌন্দৰ্য আৰু প্ৰতিভাৰ প্ৰতি নৱাব ৱাজিদ আলী শ্বাহ আকৰ্ষিত হোৱা বাবে নৱাবৰ আন আন পত্নীয়ে বেগম হজৰত মহলক ঈৰ্ষাৰ চকুৰে চাইছিল। অৱশ্যে নৱাব ৱাজিদ আলী শ্বাহৰ মৰম আৰু বিশ্বাসৰ পৰা বঞ্চিত হোৱা নাছিল বেগম হজৰত মহল। 

গুৰুত্বপূৰ্ণ কথা যে, ১৮৫৬ চনত লৰ্ড ডেলহাউচিৰ দ্বাৰা প্ৰৱৰ্তন কৰা doctrine of lapse জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অৱধ ৰাজ্য অধিগ্ৰহণ কৰিছিল। অৱধ ৰাজ্য আছিল কপাহ আৰু নীলৰ বাবে বিখ্যাত। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অৱধ ৰাজ্য অধিগ্ৰহণ কৰাৰ পিছত নৱাব ৱাজিদ আলী শ্বাহক ১৯৫৬ চনৰ ১৩ ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ সৈনিকে বন্দী কৰি সিংহাসনচ্যুত কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁক ১৮৫৬ চনৰ ১৩ মাৰ্চত তেওঁৰ পৰিয়ালৰ এটা অংশৰ সৈতে কলিকতালৈ প্ৰেৰণ কৰিছিল। বেগম হজৰত মহল আৰু অন্যান্য বিবাহ  উপপত্নীসকলক অৱধৰ ৰাজধানী লক্ষ্ণৌত এৰি থৈ গৈছিল নৱাব ৱাজিদ আলী শ্বাহে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অবৈধভাৱে অৱধ দখল কৰা কথাটো এই অঞ্চলৰ সাধাৰণ জনতা আৰু স্থানীয় শাসকসকলৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছিল।

ইংৰাজৰ অৱধ দখল

ইংৰাজে অৱধ দখল কৰাৰ পিছৰে পৰা অৱধৰ ৰাজনৈতিক পটৰ লগতে বেগম হজৰত মহলৰ জীৱনৰ দিশো সলনি হৈ পৰিছিল। নৱাব ৱাজিদ আলী শ্বাহক ব্ৰিটিছে কলিকতালৈ প্ৰেৰণ কৰাৰ পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শাসনৰ পৰা অৱধক মুক্ত কৰিবলৈ সন্মুখৰ পৰা নেতৃত্ব বহন কৰিছিল বেগম হজৰত মহলে। সেইসময়ত মহিলাসকলে ৰাজনৈতিক শিক্ষা আয়ত্ত কৰাৰ পৰিৱেশ নাছিল, সেই সময়ত মহিলা সকল পৰ্দাৰ আঁৰতহে আছিল। এনে এক পৰিস্থিতিত বেগম হজৰত মহলে সাহসেৰে অৱধৰ প্ৰশাসনিক দিশৰ লগতে ব্ৰিটিছৰ পৰা অৱধক মুক্ত কৰিবলৈ কৌশলগত পৰিকল্পনা হাতত লৈছিল। সক্ষম প্ৰশাসক আৰু যুদ্ধ ৰণনীতিবিদ বেগমে এগৰাকী নেতা হিচাপেও নিজৰ দক্ষতা প্ৰমাণ কৰি হিন্দু আৰু মুছলমান সকলোকে ব্ৰিটিছৰ বিৰুদ্ধে ব্ৰিটিছৰ বিৰুদ্ধে কৰিছিল। উল্লেখ্য যে মহিলাসকলকো তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ  অনুপ্ৰাণিত কৰিছিল। সমাজৰ সকলো শ্ৰেণীৰ জনতাক ব্ৰিটিছৰ বিৰুদ্ধে শক্তিশালী ভাৱে যুঁজ দিবলৈ পুঁজি দান দিবলৈও অনুৰোধ জনাইছিল হজৰত মহলে।

ব্ৰিটিছ বিৰোধী সংগ্ৰাম

উল্লেখ্য যে বেগম হজৰত মহলে ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰি অৱধৰ স্বাধীনতাৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছিল। বেগম হজৰত মহলে নিজৰ কুটনৈতিক বুদ্ধিৰে অৱধৰ নেতৃত্ব লৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰথমে সেনা বাহিনী গঠন কৰি মিত্ৰশক্তিৰ সহায়ত ব্ৰিটিছ সেনাৰ সন্মুখত যুঁজ দিছিল। উল্লেখ্য যে বেগম হজৰত মহলে অশ্বাৰোহী, বৰটোপ আৰু পদাৰোহী এই তিনিটা সামৰিক মৰ্চা ব্ৰিটিছৰ বিৰুদ্ধে একত্ৰিত কৰিছিল। সামৰিক যুঁজৰ সেনাপতি দায়িত্ব দিছিল ৰাজা জয় লাল সিঙক ইয়াৰ বিপৰীতে বেগম হজৰত মহলৰ বিশ্বাসী মাম্মু খানক ভাৰপ্ৰাপ্ত বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল। উল্লেখ্য যে মহিলা গোটক নেতৃত্ব দিছিল উদা দেৱীয়ে। উদা দেৱীয়ে sniper (স্নাইপাৰ) হিচাপে এক অনুকৰণীয় ভূমিকা পালন কৰিছিল। ইয়াৰ লগতে ব্ৰিটিছৰ বিৰুদ্ধে অধিক শক্তিশালী ভাৱে যুঁজ দিবলৈ বেগম হজৰত মহলে ৰজা জালাল সিঙৰ সহায় লৈছিল, ৰাজা জালাল সিঙে ১৯৫৭ চনৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰি থকা বিপ্লৱীসকলক সহায় কৰিছিল।

১৮৫৭ চনৰ ৩১ মে’ত অৱধৰ ৰাজধানী লক্ষ্ণৌৰ Chavani অঞ্চলত বেগম হজৰত মহলে স্থানীয় শাসক আৰু সাধাৰণ জনতাৰ সৈতে একত্ৰিত হৈ অৱধৰ স্বাধীনতা ঘোষণা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁৰ ১৪ বছৰীয়া পুত্ৰ বিৰজিছ কাদৰক ১৮৫৭ চনৰ ৭ জুলাইত অৱধৰ নৱাব হিচাপে ঘোষণা কৰে। নৱাবৰ মাতৃ হিচাপে তেওঁ  ৰাজ্যৰ নিৰাপত্তাৰ দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ সুশাসনৰ বাবে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰিছিল।

বেগম হজৰত মহলৰ নেতৃত্বত ব্ৰিটিছে অশান্ত কৰি তোলা অৱধৰ পৰিৱেশ শান্ত হ’বলৈ আৰম্ভ কৰিছিল। ৱাজিদ আলী শ্বাহৰ অনুপস্থিতিতো ৰাজ্যখনৰ জনতাক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত হজৰত মহলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ব্ৰিটিছ সকলক কৰ দিবলৈ অস্বীকাৰ কৰা অৱধৰ কৃষক আৰু জমিদাৰ সকলে হজৰত মহলক কৰ প্ৰদান কৰিছিল।

গুৰুত্বপূৰ্ণ কথা যে প্ৰায় দহ মাহ দিন বেগম হজৰত মহলে অৱধত শাসন কৰাৰ পিছত পুনৰ ব্ৰিটিছ সকলে অৱধৰ ৰাজধানী লক্ষ্ণৌ অধিকাৰ কৰিছিল। উল্লেখ্য যে ব্ৰিটিছ চৰকাৰে অৱধ দখল কৰাৰ পিছত  বেগম হজৰত মহলক পেঞ্চন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল।  কিন্তু স্বাভীমানি আৰু দেশৰ বাবে আপোচহীন মনোভাৱ পোষণ কৰা হজৰত মহলে ব্ৰিটিছৰ পৰা পেঞ্চন ল’বলৈ অস্বীকাৰ কৰে। নিজৰ ৰাজ্যৰ মংগলৰ বাবে জনতাৰ স্বাৰ্থত আত্মসমৰ্পন নকৰা বেগম হজৰত মহলে ১৮৫৯ চনৰ নৱেম্বৰ লৈকে  ব্ৰিটিছৰ সৈতে গৰিলা যুদ্ধ অব্যাহত ৰাখিছিল অৱধ উদ্ধাৰৰ বাবে।  নিজৰ ৰাজ্য পুনৰ প্ৰাপ্ত কৰাৰ চেষ্টা অব্যাহত ৰখাৰ পিছতো অৱধক ঘূৰাই পাব নোৱাৰাৰ বাবে পৰৱৰ্তী সময়ত নেপালৰ মহাৰাজা জং বাহাদুৰৰ ওচৰত আশ্ৰয় লয় বেগম হজৰত মহলে। অৱশ্যে প্ৰথম অৱস্থাত জং বাহাদুৰে আশ্ৰয় প্ৰদান কৰিব বিচৰা ‌নাছিল বেগম হজৰত মহলক। ইয়াৰ পৰৱৰ্তী সমগ্ৰ জীৱন কাল নেপালতে অতিবাহিত কৰা বেগম হজৰত মহলে ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে।

Also Read: জীৱনী: ৰাণী লক্ষ্মীবাই- ঝান্সিৰ ৰাণী | Rani Laxmi Bai

সামৰণি

ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্রামৰ ইতিহাসত নিজৰ নাম  সােণালী আখৰেৰে লিখি থৈ যোৱা বেগম হজৰত মহল হ’ল  সাহসৰ এটা অন্যতম নাম। প্ৰৱল দেশপ্ৰেমী তথা জাতীয়তাবাদী অন্তৰৰ শক্তিশালী ব্যক্তিত্বৰ গৰাকী বেগম হজৰত মহলে ব্ৰিটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ‌ প্ৰথম অৱস্থাতে‌ দেশৰ প্ৰতি থকা নিজস্ব দায়বদ্ধতা প্ৰমাণ কৰিছিল। মহিলাৰ ওপৰত আৰোপিত হৈ থকা সমাজ ব্যৱস্থাৰ বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি তেওঁ দেশৰ স্বাৰ্থত দেশপ্ৰেমৰ এক উজ্জ্বল প্ৰতিভু হিচাপে দেখা দিছিল।

সাহসী, স্পষ্টবাদী ব্যক্তিত্বৰ অধিকাৰী বেগম হজৰত মহলে কৰ্তব্যনিষ্ঠা, দেশপ্ৰেম তথা সমাজসেৱাৰ জৰিয়তে ভাৰতীয় সমাজত এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ যোৱাৰ সমান্তৰালকৈ নিজৰ কামৰ জৰিয়তে ভাৰতীয় জাতীয় ইতিহাসত এটা সোণালী অধ্যায় ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰচি থৈ গৈছে। মহিলা সকলৰ চিন্তা দৰ্শন যে চাৰিবেৰৰ মাজত আৱদ্ধ নহয়, তেওঁলোকো দূদান্ত সাহসী এই কথাও প্ৰমাণ কৰি থৈ গৈছে তেওঁ। বৰ্তমান সময়তো বেগম হজৰত মহলৰ দক্ষতা, বিচক্ষণতা, সাহস, দেশপ্ৰেম সকলোৰে বাবে আদৰ্শ আৰু অনুকৰণীয়।

Also Read: জীৱনী: ৰামাস্বামী ভেঙ্কটৰমন – স্বাধীন ভাৰতৰ ৮ম গৰাকী ৰাষ্ট্ৰপতি | Ramaswamy Venkataraman

FAQs 

) বেগম হজৰত মহলৰ প্ৰকৃত নাম কি?

উত্তৰবেগম হজৰত মহলৰ প্ৰকৃত নাম হ’ল মুহাম্মদী খানুম।

) বেগম হজৰত মহলৰ পেছাগত ভাৱে কিহৰ লগত জড়িত আছিল?

উত্তৰমুহাম্মদী খানুম ওৰফে বেগম হজৰত মহল পেচাগত ভাৱে আছিল এগৰাকী গণিকা।

) স্বাধীনতা আন্দোলনত কিদৰে অংশলৈছিল বেগম হজৰত মহলে?

উত্তৰ১৮৫৬ চনত লৰ্ড ডেলহাউচিয়ে দ্বাৰা প্ৰৱৰ্তন কৰা doctrine of lapse জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অৱধ ৰাজ্য অধিগ্ৰহণ কৰিছিল। সেই সময়ত মহিলা সকলে সামাজিক ৰাজনৈতিক ক্ষেত্ৰখনত পুৰুষৰ সমানে অংশগ্ৰহণ কৰা নাছিল যদিও বেগম হজৰত মহলে নিজৰ কুটনৈতিক বুদ্ধিৰে অৱধৰ নেতৃত্ব লৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সূচনা কৰাৰ লক্ষ্যৰে সেনা বাহিনী গঠন কৰি মিত্ৰশক্তিৰ সহায়ত ব্ৰিটিছ সেনাৰ সন্মুখত যুঁজ দিছিল।

৪) বেগম হজৰত মহল কাৰ পত্নী আছিল?

উত্তৰ – নৱাব ৱাজিদ আলী শ্বাহ।

৫) বেগম হজৰত মহলৰ কেতিয়া মৃত্যু হৈছিল?

উত্তৰ- বেগম হজৰত মহলে ১৯৭৯ চনৰ ৭ এপ্ৰিল তাৰিখে নেপালত ইহলীলা সম্বৰণ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top