Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা

Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা Question Answer can be of great value to excel in the examination.

Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা

Join Telegram channel

Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা Notes cover all the exercise questions in UGC Syllabus. The Axomiya Kobitar Saneki Unit 3 প্রত্ন অসমীয়া কবিতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

প্রত্ন অসমীয়া কবিতা

ASSAMESE

AXOMIYA KOBITAR SANEKI

অসমীয়া কবিতাৰ চানেকি

১ । অসমীয়া সাহিত্যৰ প্রথম সাহিত্যিক নিদর্শন হিচাপে চৰ্যাপদৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বতমান সময়ত বিভিন্ন গৱেষণাৰ অন্তত চর্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বঙলা, উৰিয়া, হিন্দী, মৈথেলী আদি ভাষাৰো আদি কালৰ নিদৰ্শৰ্ন ৰক্ষিত হৈছো বুলি প্ৰমাণিত হৈছে। চর্যাপদসমূহ মূলতঃ বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ গীত। এই চর্যাপদসমূহ পোন প্ৰথমবাৰৰ বাবে লোকচক্ষুৰ আগত তুলি ধৰে হৰপ্ৰসাদ শাস্ত্ৰীয়ে। কলিকতাৰ এচিয়াটিক ছচাইটিৰ পুথি সংগ্ৰহৰ কামত হৰপ্ৰসাদ শাস্ত্ৰী কেইবাবাৰো নেপাললৈ গৈছিল। ইয়াৰে ১৯০৭ চনত তৃতীয়বাৰৰ বাবে নেপাললৈ যাওঁতে তাৰে ৰাজ দৰবাৰৰ গ্ৰন্থাগাৰত ৰক্ষিত কেইখনমান নতুন পুথি বিচাৰি পায়। সেইকেইখন হ’ল চর্যাচর্যবিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকাষ আৰু কৃষ্ণাচাৰ্যৰ দোহাকোষ। এই তিনিখন পুথিৰ লগতে আগৰবাৰ যাওঁতে সংগ্ৰহ কৰি অনা ডাকাণৱ নামৰ পুথিখন একেলগ কৰি ১৯১৬ খ্ৰীষ্টাব্দত ‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাৰ বৌদ্ধ গান ও দোহা’ নামেৰে ছপা কৰি উলিয়ায়। প্রকাশক আছিল বঙ্গীয় সাহিত্য পৰিষদ। উল্লেখ্য যে হৰপ্ৰসাদ শাস্ত্ৰীযে পোৱা চর্যাচর্যবিনিশ্চয় পুথিখন মূল পুথি নাছিল। 

এইখন আছিল আচার্য মুনিদত্তই লিখা এখন টীকা পুথিহো। পুথিখনৰ কতো চৰ্যাচর্যবিনিশ্চয় নামটোত উল্লেখ নথকাৰ পৰা অনুমান কৰা হয় যে এই নামটো শাস্ত্রীদোৱে নিজেই দিছিল। মুনিদত্তই লিখা টীকা পুথিখনত অৱশ্যে চৰ্যৰ্যানীতিকোষবৃত্তি নামটো আছো আৰু ইয়াৰ লগতে মূল চর্যাখিনিও সন্নিবিষ্ট আছিল। উল্লেখ্য যে চর্যাগীতৰ তিব্বব্বতী অনুবাদৰ প্ৰথম সন্ধান লাভ কৰে ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ে। পৰৱৰ্তীকালত ড° প্ৰবোধ চন্দ্ৰ বাগচী, নীলৰতন সেন আদিযে চর্যাপদ সম্পৰ্কে গৱেষণা কৰি বিভিন্ন নতুন নতুন তথ্যৰ সম্ভেদ দিযে। ড° বাগচীৰ গৱেষণাৰ কালতেই চর্যাগীতৰ সম্পূৰ্ণ তিববতী অনুবাদটি আৱিষ্কৃত হয় আৰু তাৰ পৰাই সংস্কৃত টীকাকাৰ নাম যে মুনিদত্ত আছিল সেয়া গম পোৱা যায়।

তিববতী অনুবাদৰ পৰা গম পোৱা যায় যে আচার্য মুনিদত্তই এশটা গানৰ কোষ-গ্ৰন্থৰ পৰা একাৱন্নটা গান বাচি লৈ টীকা ব্যাখ্যা কৰিছিল। তাৰে এটা টীকা পৰৱৰ্তীকালৰ কোনো লিপাকাৰৰ হাতত হোৰাল আৰু সেইটি বাদ দিয়েই মুনিদত্তৰ টীকাখন নকল কৰি উলিয়ায়৷ অৱশ্যে নেপালত উদ্ধাৰ হোৱা পুথিখনত (চর্যাগীতিকোষ)ৰ শেষৰ পাতখিলা আৰু মাজৰ কেইখিলামান পাত নাই (৬৯ খন পাত আছে)। সৰ্বমুঠ তিনিটা সম্পূৰ্ণ আৰু এটাৰ আধা অংশৰ মূল পাঠৰ লগতে টীকা অংশ নাছিল।

হৰপ্ৰসাদ শাস্ত্ৰীযে চৰ্যাচৰ্যৰ্যবিনিশ্চয় পুথিখনৰ গানবোৰক বৌদ্ধ কীতন, বৌদ্ধ সংকীতৰ্ন বুলি অভিহিত কৰিছো। অৱশ্যে টীকাকাৰে চৰ্যাৰ উপৰি গীত আৰু পদ শব্দ দুটাও উল্লেখ কৰিছে। এই গীতসমূহৰ ভাষাৰ লগত নব্য ভাৰতীয় আর্যভাষাৰ অন্তগর্ত মৈথিলী, বঙালী আৰু অসমীয়া ভাষাৰ মিল দোখা যায়। সেযে বিভিন্ন ভাষাৰ পণ্ডিতসকলে নিজৰ নিজৰ ভাষাৰ সম্পত্তি বুলি এই চৰ্যাপদসমূহক চিহ্নিত কৰিছে৷ ড° বাণীকান্ত কাকতিয়েও ইয়াৰ ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক দিশসমূহ ফঁহিয়াই অসমীয়া ভাষাৰ লগত যে মিল আছো সেয়া প্ৰমাণ কৰি গৈছো। এই পুথিখনত সবমুঠ ২৩ জন সিদ্ধাচৰ্যৰ দ্বাৰা ৰচিত গীত সন্নিবিষ্ট হৈছে। উল্লেখ্য যে এওঁলোক ৮৪ জন তান্ত্রিকসিদ্ধাচাৰ্যৰ অন্তৰ্ভুক্ত ৷ 

তেওঁলোকৰ নামসমূহ হল কাহ্নপাদ (১৩ টা চর্যা), ভূসুকপাদ (৮টা), সৰহপাদ, (৪ টা), কুকুৰীপাদ, (৩ টা),লুইপাদ, শৱৰপাদ, শান্তিপাদ (এইসকলৰ দুটা), বিয়াপাদ, গুঞ্জৰীপাদ, চাটিল্লপাদ, কম্বলাম্বৰপাদ, ডোম্বীপাদ, মহীধৰপাদ, বীণাপাদ,আর্যদেৱপাদ, ঢেণ্ঢনপাদ, দাৰিকপাদ, ভাদেপাদ, তাড়কপাদ, কংকনপাদ, জয়নন্দীপাদ, ধামপাদ, তন্ত্রীপাদ (তেওঁলোকৰ এটাকৈ চৰ্যা)। ইয়াৰে লুইপাদ, সৰহপাদ, মীননাথ, শান্তিপাদ, ডোম্বীপাদ, ঢেণ্ঢনপাদ, মহীধৰপাদ আদিক কামৰূপৰ লগত বিশেষ সম্পর্ক থকা বুলি পণ্ডিতসকলে ঠাৱৰ কৰিব খোজো। এওঁলোকৰ বাহিৰেও চর্যাপদ, ইউডীপাদ, মীননাথ, আচার্য বিনাওক, ধোকৰীপাদ,বিৰুপাক্ষপাদ, তিলোপাদ আদি সিদ্ধাচাৰ্যৰ নামো টীকাত উল্লেখ আছে। 

চর্যাপদসমূহ অধিকাংশই দহ শাৰীয়া, তাৰে ভিতৰত ১০, ২৮ আৰু ৫০ নং চৰ্যা চৌধ্য শাৰীৰ; ২১ আৰু ২২ বাৰ শাৰীৰ; ৩৯ নং ঊনৈশ শাৰীৰ; ১৪ নংটি সাত শাৰীৰ; ২৩ নং ছয় শাৰীৰ; ২৫ নম্বৰটিৰ চাৰিটা শাৰীৰ নমুনাত ছয়টামান শব্দ আছো আৰু ২৪, ৪৮ নম্বৰ চৰ্যা দুটি লুপ্ত। সাধাৰণতে মাত্রাবৃত্ত ছন্দত লিখা চৰ্যাসমূহত অন্ত্যানুপ্ৰাসৰ প্রযোগ বহুল। এই গীতসমূহ গাবৰ বাবে নিৰ্ধাৰণ কৰি দিয়া হৈছো সবমুঠ ১৭ টি ৰাগ— পটমঞ্জৰী, গৱড়া (গউড়া), অৰু, গুঞ্জৰী, দোৱক্ৰী, দোশাখ (দ্বেশাখ), ভৈৰৱী, কামোদ, ধানসী,ৰামক্ৰী, বৰাড়ী (বলাড্ডী), শীৱৰী, মল্লাৰী, মানসী, গরুড়া, কাহ্নগুঞ্জৰী আৰু বঙ্গাল। ইয়াৰে প্ৰায়বোৰেই পুৰণি অসমীয়া গীতত পোৱা যায়। বৰগীতৰ দৰে চৰ্যাটো ভণিতা আছো আৰু প্ৰত্যেক পদৰ দ্বিতীয় চৰণটোত ধ্ৰং বা ধ্ৰৱ বুলি নিদেৰ্শ কৰা হৈছে। 

চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়ী। মূলত‌‌ : নির্বাণ লাভ কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই ইয়াক ৰচনা কৰা হৈছে। নিৰ্বাণ মানে বাসনাৰ পৰা নিবৃত্তি লাভ। পাথিৱ পৃথিৱীৰ অনিত্যতা জ্ঞান লাভ কৰি, অবিদ্যা মোহ ধবংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধৰ্মৰ সহজযানী পন্থাৰ ধৰ্ম সাধনাৰ কাৰণে, নিৰ্বাণ লাভ কৰাৰ পথ দেখুৱাবৰ বাবে বিভিন্ন ধৰণৰ ৰপক, প্রতীক, দ্ব্যাথক পারিভাষিক শব্দ, বিবিধ উপামা আদি ব্যৱহাৰ কৰি এই চৰ্যাসমূহ ৰচনা কৰা হৈছো। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ’লে গুৰুৰ সহায় লাগিবই। সেইবাবেই প্রথম চর্যটিত কোৱা হৈছে– ‘লুই ভণই গুৰু পুচিছঅ জান।।’ চৰ্যাবোৰৰ মাজোদি সহজীয়া ধৰ্মৰ দার্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তন্ত্ৰ সম্বন্ধীয় দিশ প্রতীকি ভাষাৰে অৱগত কৰা হৈছে।

সাধাৰণতে চর্যাপদত ব্যৱহাত ভাষাৰ ৰূপটি পূৰ্বী অৱহঠ। সিদ্ধাচাৰ্যসকলে দ্ব্যাথৰ্ক পাৰিভাষিক শব্দ, নানান উপমা-প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময়ী কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্রীয় ইয়াৰ ভাষাক ‘সন্ধ্যা ভাষা’ আখ্যা দি মন্তব্য কৰিছে— ‘সন্ধ্যাভাষা মানে আলো-আঁধাৰি ভাষা, কতক আলো, কতক অন্ধকাৰ, খানিক বুঝা যায়, খানিক বুঝা যায় না।’ প্ৰাচ্যতত্ত্ববিদ মহোশ্বৰ নেওগদেৱেও ইচ্ছাকৃত জটিলতা বতমান, কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়, সি বোৱা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাত্র। বৃত্তিকাৰে সেই ভাষাক সন্ধ্যাভাষা বা সন্ধ্যাবচন, সন্ধ্যাসংকেত বা সন্ধ্যা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থ গভীৰভাৱে অনুধ্যান কৰিহে হৃদয়ঙ্গম কৰিব পৰা যায়।’ বুলি মন্তব্য কৰিছে। আচার্য মুনিদত্তইও ব্যাখ্যা কৰাৰ প্ৰসংগত সন্ধ্যাবচন, সন্ধ্যাসংকেত, সন্ধা এনে শব্দৰে গূঢ়তত্ত্ব ব্যাখ্যা কৰিছে। গ্ৰন্থৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গূঢ়তত্ত্বৰ গুৰুত্ব সন্ধ্যাভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ  ভাষা দ্ব্যৰ্থৰ্ক পাৰিভাষিক আৰু আলংকাৰিক। উল্লেখযোগ্য যে,সবসাধাৰণ জনগণে ব্যৱহাৰ কৰা ভাষাৰ মাধ্যমেৰেই ইয়াত ধৰ্মৰ গূঢ়তত্ত্ব ব্যাখ্যা কৰা হৈছে। 

আইসন চৰ্যা কুকুৰীপাএঁ গাই উ।

কোডি মাঝে একু হিঅৰ্হি সমাইউ।। (২ নং চর্যা)

প্রধান কথাটি হ’ল এই কথ্য ভাষাটি আছিল প্রাচীন কামৰূপ, মগধ, উত্কল, গৌড় আদি ঠাইৰ উমৈহতীয়া কথ্য ভাষা ৷ চৰ্যাত এই সকলো ঠাইৰে আঞ্চলিক ভাষিক বৈশিষ্ট্য মিহলি হৈ আছে। সেয়ে প্রত্যেকেই চর্যাসমূহ নিজৰ নিজৰ প্ৰাচীন সম্পত্তি বুলি দাবী কৰে। তদুপৰি চৰ্যাবোৰৰ মাজোদি সমকালীন সমাজ জীৱনৰ বিভিন্ন চিত্র, যেনে তুলা বা কপাহ ধুনা কাৰ্য, শৱৰ, ডোম প্রভৃতি কৰ্মজীৱীৰ ব্যৱসায়িক ভিত্তি, মাছমৰা, বিবাহ পদ্ধতি, নাৱৰীয়া আদিৰ উল্লেখেৰে ঘৰুৱা চিত্ৰক, দৈনন্দিক কমৰ্ক ৰূপক হিচাপে ব্যৱহাৰ কৰি ধৰ্মতত্ত্বৰ ব্যাখ্যা আগবঢ়াইছে। এক কথাত ক’ব পাৰি যে চৰ্যাত ব্যৱহাৰিক জীৱনত সদায় দোখি থকা বা উপলব্ধি কৰা চিত্ৰৰ মাজোদি গভীৰ তাত্ত্বিক কথা এটি সহজসৰলভাৱে উপস্থাপন কৰিবলৈ বিচৰা হৈছো।

ড° বাণীকান্ত কাকতিয়ে চৰ্যাপদৰ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্কৰ কথা ধবনিতাত্ত্বিক আৰু ৰপতাত্ত্বিক বিশ্লেষণেৰে ফঁহিয়াই দেখুৱাইছে। তলত তাৰে কেইটিমান উল্লেখ কৰা হ’ল—

হ্রস্ব আৰু দীৰ্ঘ বৰ্ণ অবিচাৰিতভাৱে ব্যৱহত, যেনে চুম্বি, চুম্বি, চুম্বী, পঞ্চ, পাঞ্চ।

অসমীয়াৰ দৰে চৰ্যাত কৰ্তা, কৰ্ম, কৰণ আৰু অধিকৰণ কাৰক বাক্যত বিভক্তিযুক্ত নোহোৱাকৈ ব্যৱহাৰ হয়, যেনে— বাঢ়ই সো তৰু সুভাসুভ পানী (৪৫ নং), কামৰ ণাঅ (২নং) ।

অসমীয়াৰ দৰে স্ত্ৰী বিভক্তিৰ সম্বন্ধ পদৰ চিন ‘ৰ’ ব্যৱহাৰ, হৰিণাৰ খুৰ, ডোম্বীৰ সঙ্গে । 

স্ত্ৰী প্ৰত্যয় ‘ঈ’ আৰু ‘নী’ৰ ব্যৱহাৰ, যেনে— হৰিনী, দোৱী, জোইণি।

পুৰণি অসমীয়াত প্ৰচলিত তত্সম, অৰ্দ্ধ-তত্সম, তদ্ভৱ আৰু দেশী শব্দৰ ব্যৱহাৰ । যেনেঃ তৎসম শব্দ- অৱকাশ, অভাব, আকাশ, গগণ, চৰণ, নাটক, নায়ক; অৰ্দ্ধ-তৎসম শব্দ- গৰাহক— গ্ৰাহক, পৰসস্পৰ্শ, পহাৰা প্ৰহৰ; তৰ্ভৱ শব্দ- সমধৰ— শশধৰ, সোণ— সুৱৰ্ণ, কামৰু— কামৰূপ; দেশী শব্দ- টাকলি, ভিডি, খাল, ঘাট ইত্যাদি।

পয়াৰ, অনুষ্টুভ, পাদাকুলক আদি মাত্রাবৃত্ত ছন্দসজ্জাৰে ৰচিত এই চৰ্যাবোৰৰ মাজোদি উদ্ভৱ কালৰ অসমীয়া ভাষাৰ সাহিত্যিক ৰূপ এটি ৰক্ষিত হৈছে।

২। অসমীয়া ভাষাৰ প্ৰাচীন নিদর্শন হিচাপে চৰ্যাপদৰ বিষয়ে আঁতিগুৰি মাৰি এটি টোকা লিখা।

উত্তৰঃ কাব্যিক গুণ নিহিত হৈ থকা অসমীয়া লিখিত সাহিত্যৰ প্রথম নিদর্শন তথা প্রথম পদ্য সাহিত্য চর্যাপদক চর্যাগীত, বৌদ্ধ গান বা দোহা নামেৰেও জনা যায়। চর্যাপদসমূহ বৌদ্ধধর্মী তান্ত্রিক সহজযান পন্থৰ ধৰ্মীয় সাধনতন্ত্ৰৰ গীত। সিদ্ধ পুৰুষসকলে বৌদ্ধধৰ্মৰ মূল আচাৰনীতিসমূহ গীতৰ আকাৰে প্ৰচাৰ কৰিছিল ৷

চৰ্যাপদবোৰ অৱশ্যে উদ্ধাৰ হোৱা বৰ বেছিদিন হোৱা নাই। ১৯০৪ খ্রীষ্টাব্দত (এই সময় সম্পর্কত দ্বিমত নথকা নহয়) মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজকীয় গ্রন্থাগাৰৰপৰা চৰ্যাচর্য বিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ নামে চাৰিখন পুথি উদ্ধাৰ কৰি ১৯১৬ চনত হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা নাম দি বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰে। 

চর্যাচর্য বিনিশ্চয়ৰ অৰ্থ হৈছে চর্য = আচৰণীয় + অচর্য = অনাচৰণীয়; বিনিশ্চয় = নিৰূপণ বা নিৰ্ধাৰণ; অর্থাৎ বৌদ্ধ ধৰ্মৰ আচাৰব্যৱহাৰ, বিধি-নিষেধ সম্বন্ধীয় শাস্ত্র। উল্লেখযোগ্য যে চর্যাচর্য বিনিশ্চয় । নামটি শাস্ত্ৰীদেৱে দিয়া। মূল পুথিখনৰ নাম আছিল চর্যাগীতিকোষ। যি কি নহওক এই পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা (লৌহিত্যপাদ), সৰহপা/সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ (মছীন্দ্ৰ) আদি লোকসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে। আনহাতে তিব্বতীগ্রন্থ Pag Sam Jon Zan ৰ মতেও সৰহপা কামৰূপৰ ৰাজ্ঞী অঞ্চলৰ লোক আছিল বুলি উল্লেখ আছে। সেই ৰাজ্ঞী পুৰণি কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰে। এইখিনিতে স্বাভাৱিকতে এটি প্ৰশ্নৰ উদয় হ’ব পাৰে যে বাঙালীসকলে তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰা এই চৰ্যাপদসমূহক আমাৰ লিখিত সাহিত্যৰ প্ৰথম সাহিত্যিক নিদৰ্শন হিচাপে টানি অনাৰ আৰু কিবা যুক্তি আছেনে? যুক্তি নিশ্চয় নোহোৱা নহয়! কিয়নো— 

(১) অসমীয়া ভাষাত নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; চৰ্যাপদতো নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; যেনে— ন জাই , ন লেই আদি ।

(২) অতীত কলাৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰেই ব্যৱহাৰ কৰিছে। যেনে— চোৰে নিল; বিবাহে চলিলা ইত্যাদি।

(৩) অসমাপিকা ক্রিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে চৰ্যাটো ব্যৱহাৰ হৈছে।

যেনে— গই (গৈ); উঠি, মাৰিআ আদি।  

(৪) বিভক্তিযুক্ত পদবোৰো অসমীয়াৰ দৰেই হুবহু। প্রথমা বিভক্তিৰ এ, ই – যেনে— কুম্ভীৰে খাঅ, ৰুখেৰ তেন্তেলি, 

দ্বিতীয়া বিভক্তিৰ— ‘ক’ ঠাকুৰক পৰিনিবিতা ইত্যাদি।

(৫) চৰ্যাত সঅল হিচাপে বহুবচনাত্মক প্রত্যয় আধুনিক অসমীয়াৰ ‘সকল ব্যৱহাৰ হৈছে। 

যেনে— মণ্ডলসঅল।

(৬) তদুপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চর্যাত দেখা যেনে— ঘৰ, চকা, পানী, ভাত, তেন্তেলি, তৰু, যায়। চোৰ ইত্যাদি।

এনেবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক সাদৃশ্যৰ বাবেই চর্যাপদসমূহক আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন বুলি সামৰি লোৱা হৈছে।

চৰ্যাপদৰ বিষয়বস্তু সাঁথৰৰ দৰে ৰহস্যপূৰ্ণ; ইয়াৰ বাহ্যিক অৰ্থ যিমান সহজ; গূঢ়ার্থ বা মমার্থ কিন্তু সিমান সহজ নহয়। প্রত্যেকটো চর্যাকেই এক ৰহস্যঘন আৱৰণেৰে আৱৰি ৰাখিছে। ইয়াত সাধনতত্ত্বৰ কথাবোৰ সাংকেতিক ভাষাত লিখা হৈছে। সেয়ে গুৰুৰ আশ্ৰয় অবিহনে ইয়াৰ মমাৰ্থ বুজা কঠিন হৈ পৰে; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাথোন। গুৰুৰ আশ্ৰয়ৰ কথা এটি চর্যাত নির্দেশ দিছে এনেদৰে— 

দিঢ় কৰিঅ মহাসুহ পৰিমাণ।

লুই ভনই গুৰু পুচ্ছিঅ জান।

এনে ৰহস্যঘন ভাষাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাপদৰ ভাষাক সন্ধ্যাভাষা বুলি মত পোষণ কৰিছে। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যঘনতাই আৱৰি থকাৰ বাবেই হয়তো এই ভাষাক সন্ধ্যাভাষা বুলিবলৈ বাধ্য হৈছে। চৰ্যাপদৰ ভাষা সাংকেতিক হোৱাৰ মূলতে অৱশ্যে আন এক কাৰণো জড়িত নোহোৱা নহয়। সেই সময়ত অসমত শাক্ত, শৈৱ, বৈষ্ণৱ আদি অন্যান্য ধৰ্মাৱলম্বীলোক তথা ৰাজৰোষৰ ভয়তে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই ধর্ম গোপনে আচৰণ কৰিবলগীয়া হোৱাৰ বাবেও এই ধৰ্ম সাধনতত্ত্বৰ গীতবোৰৰ ভাষা সাংকেতিক হোৱা বুলি অনুমান কৰিব পাৰি। গীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নির্বাণ লাভৰ উপায় সম্পর্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক নাশ কৰি অহংভাবৰ বিলুপ্তি ঘটাই শূন্যতাত স্থিত হ’ব পাৰিলেই যে সহজানন্দ লাভ হয়; এই কথাও চৰ্যাপদসমূহৰ মাজেৰে বুজাবলৈ যত্ন কৰা হৈছে।

অসমীয়া সাহ্যিতৰ প্ৰথম লিখিত সাহিত্য তথা প্রথম পদ্য সাহিত্য হিচাপে ইয়াৰ সাহিত্যিক মূল্য অৱশ্যেই স্বীকাৰ কৰিবলগীয়া। গাবৰ কাৰণে ৰচনা কৰা চৰ্যাপদবোৰক ভাব, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা চৰ্যাপদক দেহ বিচাৰৰ গীত আৰু বৰগীতৰ লগত তুলনা কৰিব পাৰি। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাতো গভীৰ দাৰ্শনিক তত্ত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ মুক্তিৰ উপায় আদিৰ কথা উল্লেখ আছে! তদুপৰি নৈতিক আৰু আধ্যাত্মিক ভাবেৰেও ভৰপূৰ। বৰগীতৰ দৰে চৰ্যাতো পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি ৰাগৰ উল্লেখৰ লগতে গীতিকাৰৰ নামোল্লেখো পোৱা যায়। গীতৰ প্ৰথম দুশাৰীক ধ্ৰুৱ বা ধ্ৰুং বোলা হৈছে। সাধাৰণতে প্ৰতিটো গীততে দহশাৰী পদ আৰু অন্ত্যানুপ্রাস দেখা যায়। চৰ্যাৰ ছন্দই অপভ্রংশ আৰু নব্য ভাৰতীয় আর্যভাষাৰ মাজৰ স্তৰ প্ৰতিফলিত কৰে। পিছৰ কালৰ পয়াৰ আৰু ত্ৰিপদীৰ ৰূপ ইয়াত স্পষ্ট ৰূপত নাপালেও মাত্রাবৃত্তৰ পাদাকুলক চউপঈ ছন্দ ধ্বনিত হৈছে।

প্রতীক বা ৰূপকৰ প্ৰয়োগে চৰ্যাপদক এক কাব্যিক মহত্ত্ব প্রদান কৰিছে–

কা আ তৰুবৰ পঞ্চ বি ডাল‌‌ । 

চঞ্চল চীএ পইঠো কাল । 

( ইয়াত দেহৰ পঞ্চ ইন্দ্ৰিয়ক এজোপা তৰুৰ পাঁচোটি ডালৰ লগত তুলনা কৰা হৈছে।) 

যিকোনো সাহিত্যই একোখন সমাজৰ দাপোণ। সেই সাহিত্য দাপোণত প্রতিফলিত হয় সমসাময়িক সমাজ জীৱনৰ সামগ্রিক চিত্র। চর্যাপদতো সমসাময়িক সমাজ জীৱনৰ এখন নিখুঁত ছবি উদ্ভাসিত হোৱা দেখিবলৈ পোৱা যায়। ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গোঁঠা, নাও বোৱা আদি অনেক বৃত্তিৰ কথাও পোৱা যায়। চৰ্যাপদৰ আন এক বিশেষত্ব এয়ে যে ইয়াত প্ৰতিফলিত হোৱা সমাজখন সম্পূৰ্ণৰূপে নিম্নশ্রেণীৰ সমাজ; ইয়াত কোনো উচ্চ অভিজাত শ্ৰেণীৰ জীৱনধাৰাৰ বিষয়ে উল্লেখ পোৱা নাযায়।

ভাৰতীয় মানুহৰ যে প্রধান আহাৰ ভাত আছিল তাৰ প্ৰমাণো চৰ্যাত পোৱা যায়—

টালত মোৰ ঘৰ নাহি পৰবেশী

হাড়িত ভাত নাহি নিতি আবেশী।।

সেই সময়ত নৃত্য-গীতৰ মাধ্যমেৰে বৌদ্ধধৰ্ম প্ৰচাৰ প্ৰধান বুদ্ধ কাহিনী নাটকীয় ৰূপত দৰ্শন কৰোৱা হৈছিল বুলিও অনুমান কৰিব পাৰি তলৰ চৰ্যাটিৰ জৰিয়তে—

নাচন্তি বাজিল গান্তি দেৱী।

বুদ্ধ নাটক বিসমা হোই।। 

আনহাতে চোৰৰ ভয়ত দুৱাৰত তলাৰ ব্যৱস্থাৰ কথাও পোৱা যায়— দুআৰে দিঢ় তালা বি দিজ্জই (দুৱাৰত ভাল তলা লগাবা)

এনেদৰে অনেক চৰ্যাতে সমসাময়িক সমাজৰ জীৱনধাৰাৰ এক চিত্রময় বর্ণনাই চর্যাপদক এক সুকীয়া মর্যাদা প্রদান কৰিছে। যাৰ বাবে চৰ্যাপদক দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ অসমীয়া সমাজজীৱনৰ একোখন নজহা নপমা দলিল বুলিব পাৰি; তদুপৰি যাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যৰ দ্বাৰ উন্মোচিত হ’ল, সেই চর্যাগীতক অসমীয়া কাব্য ইতিহাসত এক বিশিষ্ট মাইলৰো খুঁটি বুলিব পাৰি। 

২। প্ৰত্ন অসমীয়া কবিতা সম্পর্কে এটি আলোচনা আগবঢ়োৱা?

উত্তৰঃ প্ৰত্ন অসমীয়া কবিতা বুলিলে চর্যাপদ, শ্রীকৃষ্ণ কীৰ্ত্তন, আৰু শূন্য পুৰাণ আদিকেই প্রধানত :  সামৰি লোৱা হয়। তলত আটাইবোৰৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা হ’ল—

চর্যাপদঃ

চৰ্যাপদবোৰ অৱশ্যে উদ্ধাৰ হোৱা বৰ বেছিদিন হোৱা নাই। ১৯০৪ খ্ৰীষ্টাব্দত (এই সময় সম্পর্কত দ্বিমত নথকা নহয়) মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ ৰাজকীয় গ্রন্থাগাৰৰপৰা চৰ্যাচর্য বিনিশ্চয়, সৰোজবজ্ৰৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ নামে চাৰিখন পুথি উদ্ধাৰ কৰি ১৯১৬ চনত হাজাৰ বছৰেৰ পুৰাণ বাঙ্গালা ভাষায় বৌদ্ধ গান ও দোহা নাম দি বঙ্গীয় সাহিত্য পৰিষদৰ পৰা প্ৰকাশ কৰে।

চর্যাচর্য বিনিশ্চয়ৰ অৰ্থ হৈছে চৰ্য আচৰণীয় + অচর্য অনাচৰণীয়; বিনিশ্চয় = নিৰূপণ বা নিৰ্ধাৰণ; অর্থাৎ বৌদ্ধ ধৰ্মৰ আচাৰব্যৱহাৰ, বিধি-নিষেধ সম্বন্ধীয় শাস্ত্র। উল্লেখযোগ্য যে চর্যাচর্য বিনিশ্চয় নামটি শাস্ত্ৰীদেৱে দিয়া। মূল পুথিখনৰ নাম আছিল চর্যাগীতিকোষ। যি কি নহওক এই পুথিখনত ৪৬ টা সম্পূৰ্ণ আৰু এটা খণ্ডিত গীত পোৱা যায়। এই গীতসমূহ ২৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত। এই সিদ্ধাচাৰ্যসকলৰ ভিতৰত লুইপা (লৌহিত্যপাদ), সহপা/সৰহপাদ, মীননাথ, মৎস্যেন্দ্রনাথ (মছীন্দ্ৰ) আদি লোকসকল পুৰণি কামৰূপৰ লোক আছিল বুলি প্ৰসিদ্ধি আছে। আনহাতে তিব্বতীগ্রন্থ Pag Sam Jon Zan ৰ মতে  সৰহপা কামৰূপৰ ৰাজ্ঞী অঞ্চলৰ লোক আছিল বুলি উল্লেখ আছে সেই ৰাজ্ঞী পুৰণি কামৰূপৰ ৰাণী অঞ্চল বুলি পণ্ডিতসকলে অনুমান কৰে। এইখিনিতে স্বাভাৱিকতে এটি প্রশ্নৰ উদয় হ’ব পাৰে বাঙালীসকলে তেওঁলোকৰ সম্পত্তি বুলি দাবী কৰা এই চৰ্যাপদসমূহ আমাৰ লিখিত সাহিত্যৰ প্ৰথম সাহিত্যিক নিদর্শন হিচাপে টানি অনা৷ আৰু কিবা যুক্তি আছেনে? যুক্তি নিশ্চয় নোহোৱা নহয়ঙ্গ কিয়নো— 

(১) অসমীয়া ভাষাত নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; চৰ্যাপদতে নিষেধাৰ্থক ‘ন’ ক্ৰিয়াৰ আগত বহে; যেনে— ন জাই,লেই আদি ।

(২) অতীত কলাৰ ক্ৰিয়া বুজাবলৈ ল, ইলা আদি প্ৰত্যয় অসমীয়াৰ দৰেই ব্যৱহাৰ কৰিছে। যেনে— চোৰে নিল; বিবাহে চলিলা ইত্যাদি।

(৩) অসমাপিকা ক্রিয়া বুজাবলৈ ই আৰু ইয়া প্ৰত্যয় অসমীয়াৰ দৰে চৰ্যাটো ব্যৱহাৰ হৈছে। যেনে— গই (গৈ); উঠি, মাৰিআ আদি৷ –

(৪) বিভক্তিযুক্ত পদবোৰো অসমীয়াৰ দৰেই হুবহু৷ প্ৰথমা বিভক্তি ৰ এ, ই – যেনে— কুম্ভীৰে খাঅ, ৰুখেৰ তেন্তেলি; দ্বিতীয়া বিভক্তিৰ— ‘ক’ যেনে— ঠাকুৰক পৰিনিবিতা ইত্যাদি।

(৫) বহুবচনাত্মক প্রত্যয় আধুনিক অসমীয়াৰ ‘সকল’ চৰ্যাত সঅল হিচাপে ব্যৱহাৰ হৈছে। যেনে— মণ্ডলসঅল।

(৬) তদুপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চৰ্যাত দেখা যায়। যেনে— ঘৰ, চকা, পানী, ভাত, তেন্তেলি, তৰু, চোৰ ইত্যাদি৷ এনেবোৰ ধ্বনিতাত্ত্বিক, ৰূপতাত্ত্বিক সাদৃশ্যৰ বাবেই চৰ্যাপদসমূহক আমাৰ অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদর্শন বুলি সামৰি লোৱা হৈছে৷

চৰ্যাপদৰ বিষয়বস্তু সাঁথৰৰ দৰে ৰহস্যপূৰ্ণ; ইয়াৰ বাহ্যিক অৰ্থ যিমান সহজ; গূঢ়ার্থ বা মমার্থ কিন্তু সিমান সহজ নহয়। প্রত্যেকটো চৰ্যাকেই এক ৰহস্যঘন আৱৰণেৰে আৱৰি ৰাখিছে। ইয়াত সাধনতত্ত্বৰ কথাবোৰ সাংকেতিক ভাষাত লিখা হৈছে। সেয়ে গুৰুৰ আশ্ৰয় অবিহনে ইয়াৰ মমাৰ্থ বুজা কঠিন হৈ পৰে; যি বোবা গুৰুৱে কলা শিষ্যক (গুৰু বোব সে সীস কাল) বুজোৱা কিছুমান ইংগিত মাথোন। গুৰুৰ আশ্ৰয়ৰ কথা এটি চর্যাত নির্দেশ দিছে এনেদৰে— 

দিঢ় কৰিঅ মহাসুহ পৰিমাণ।

লুই ভনই গুৰু পুচ্ছিঅ জান। 

এনে ৰহস্যঘন ভাষাৰ বাবেই হৰপ্ৰসাদ শাস্ত্ৰীদেৱে চৰ্যাপদৰ ভাষাক সন্ধ্যাভাষা বুলি মত পোষণ কৰিছে। সন্ধ্যাৰ আধা আলো আধা ছায়াৰ ৰহস্যঘনতাই আৱৰি থকাৰ বাবেই হয়তো এই ভাষাক সন্ধ্যাভাষা বুলিবলৈ বাধ্য হৈছে। চৰ্যাপদৰ ভাষা সাংকেতিক হোৱাৰ মূলতে অৱশ্যে আন এক কাৰণো জড়িত নোহোৱা নহয়! সেই সময়ত অসমত শাক্ত, শৈৱ, বৈষ্ণৱ আদি অন্যান্য ধৰ্মাৱলম্বীলোক তথা ৰাজৰোষৰ ভয়তে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই ধর্ম গোপনে আচৰণ কৰিবলগীয়া হোৱাৰ বাবেও এই ধৰ্ম সাধনতত্ত্বৰ গীতবোৰৰ ভাষা সাংকেতিক হোৱা বুলি অনুমান কৰিব পাৰি। গীতবোৰৰ মাজেৰে সংসাৰৰ অনিত্যতা, নিৰ্বাণ লাভৰ উপায় সম্পর্কে উল্লেখ পোৱা যায়। মায়া বা অবিদ্যাক নাশ কৰি অহংভাবৰ বিলুপ্তি ঘটাই শূন্যতাত স্থিত হ’ব পাৰিলেই যে সহজানন্দ লাভ হয়; এই কথাও চৰ্যাপদসমূহৰ মাজেৰে বুজাবলৈ যত্ন কৰা হৈছে।

অসমীয়া সাহ্যিতৰ প্ৰথম লিখিত সাহিত্য তথা প্রথম পদ্য সাহিত্য হিচাপে ইয়াৰ সাহিত্যিক মূল্য অৱশ্যেই স্বীকাৰ কৰিবলগীয়া। গাবৰ কাৰণে ৰচনা কৰা চৰ্যাপদবোৰক ভাব, ৰচনাৰীতি আৰু সাংগীতিক গুণৰ ফালৰপৰা চৰ্যাপদক দেহ বিচাৰৰ গীত আৰু বৰগীতৰ লগত তুলনা কৰিব পাৰি। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাপদবোৰো নাতিদীর্ঘ ছন্দোবদ্ধ ৰচনা। দেহবিচাৰ গীত আৰু বৰগীতৰ দৰে চৰ্যাতো গভীৰ দার্শনিক তত্ত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ মুক্তিৰ উপায় আদিৰ কথা উল্লেখ আছে! তদুপৰি নৈতিক আৰু আধ্যাত্মিক ভাবেৰেও ভৰপূৰ। বৰগীতৰ দৰে চৰ্যাতো পটমঞ্জৰী, বৰাড়ী, মল্লাৰ আদি ৰাগৰ উল্লেখৰ লগতে গীতিকাৰৰ নামোল্লেখো পোৱা যায়। গীতৰ প্ৰথম দুশাৰীক ধ্ৰুৱ বা ধ্ৰুং বোলা হৈছে। সাধাৰণতে প্ৰতিটো গীততে দহশাৰী পদ আৰু অন্ত্যানুপ্রাস দেখা যায়। চৰ্যাৰ ছন্দই অপভ্রংশ আৰু নব্য ভাৰতীয় আর্যভাষাৰ মাজৰ স্তৰ প্ৰতিফলিত কৰে। পিছৰ কালৰ পয়াৰ আৰু ত্ৰিপদীৰ ৰূপ ইয়াত স্পষ্ট ৰূপত নাপালেও মাত্রাবৃত্তৰ পাদাকুলক চউপঈ ছন্দ ধ্বনিত হৈছে।

প্রতীক বা ৰূপকৰ প্ৰয়োগে চৰ্যাপদক এক কাব্যিক মহত্ত্ব প্রদান কৰিছে—

কা আ তৰুবৰ পঞ্চ বি ডাল।

চঞ্চল চীএ পইঠো কাল।

( ইয়াত দেহৰ পঞ্চ ইন্দ্ৰিয়ক এজোপা তৰুৰ পাঁচোটি ডালৰ লগত তুলনা কৰা হৈছে। )

যিকোনো সাহিত্যই একোখন সমাজৰ দাপোণ। সেই সাহিত্য দাপোণত প্রতিফলিত হয় সমসাময়িক সমাজ জীৱনৰ সামগ্ৰিক চিত্ৰ। চৰ্যাপদতো সমসাময়িক সমাজ জীৱনৰ এখন নিখুঁত ছবি উদ্ভাসিত হোৱা দেখিবলৈ পোৱা যায়। ডোমৰ বৃত্তি, তাঁতৰ কাম, জাল গোঁঠা, নাও বোৱা আদি অনেক বৃত্তিৰ কথাও পোৱা যায়। চৰ্যাপদৰ আন এক বিশেষত্ব এয়ে যে ইয়াত প্ৰতিফলিত হোৱা সমাজখন সম্পূৰ্ণৰূপে নিম্নশ্ৰেণীৰ সমাজ; ইয়াত কোনো উচ্চ অভিজাত শ্ৰেণীৰ জীৱনধাৰাৰ বিষয়ে উল্লেখ পোৱা নাযায়।

ভাৰতীয় মানুহৰ যে প্রধান আহাৰ ভাত আছিল তাৰ প্ৰমাণো চৰ্যাত পোৱা যায়—

টালত মোৰ ঘৰ নাহি পৰবেশী

হাড়িত ভাত নাহি নিতি আবেশী।।

সেই সময়ত নৃত্য-গীতৰ মাধ্যমেৰে বৌদ্ধধৰ্ম প্ৰচাৰ প্ৰধান বুদ্ধ কাহিনী নাটকীয় ৰূপত দৰ্শন কৰোৱা হৈছিল বুলিও অনুমান কৰিব পাৰি তলৰ চৰ্যাটিৰ জৰিয়তে

নাচন্তি বাজিল গান্তি দেৱী।

বুদ্ধ নাটক বিসমা হোই।।

আনহাতে চোৰৰ ভয়ত দুৱাৰত তলাৰ ব্যৱস্থাৰ কথাও পোৱা যায়দুআৰে দিঢ় তালা বি দিজ্জই

(দুৱাৰত ভাল তলা লগাবা)

এনেদৰে অনেক চর্যাতে সমসাময়িক সমাজৰ জীৱনধাৰাৰ এক চিত্রময় বর্ণনাই চর্যাপদক এক সুকীয়া মর্যাদা প্রদান কৰিছে। যাৰ বাবে চৰ্যাপদক দশম শতিকাৰ পৰা দ্বাদশ শতিকাৰ অসমীয়া সমাজজীৱনৰ একোখন নজহা নপমা দলিল বুলিব পাৰি; তদুপৰি যাৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যৰ দ্বাৰ উন্মোচিত হ’ল, সেই চর্যাগীতক অসমীয়া কাব্য ইতিহাসত এক বিশিষ্ট মাইলৰো খুঁটি বুলিব পাৰি।

বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীর্তনঃ

পণ্ডিতসকলে যিদৰে চৰ্যাপদৰ ভাষাত অসমীয়া, বঙলা, উড়িয়া আদি ভাষাৰ নিদৰ্শন আছে বুলি দাবী কৰিছে; ঠিক তেনেদৰেই অসমীয়া আৰু বঙলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন থকা আন এখন উল্লেখযোগ্য পুথি হৈছে বড়ু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন। এই পুথিখনৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক বসন্তৰঞ্জন ৰায় বিদ্বৎবল্লভে পুথিখন সম্পাদনা কৰোঁতে মূলৰ বহুবোৰ পাঠ এৰি যোৱাৰ লগতে বহুতো নিজস্ব সংযোজন কৰি নিজৰ আপোন কৰি ল’বলৈ যাওঁতে তেওঁ হাঁহিয়াতৰ পাত্ৰ হ’ব লগা হৈছে। সেয়ে এই পুথিখনৰ আন এজন সম্পাদক ড° অমিত্রসূদন ভট্টাচাৰ্যই ক’বলৈ বাধ্য হৈছে যে শ্রীকৃষ্ণ কীৰ্তনৰ পাতে পাতে কিমান যে ভল ভ্রান্তি, অসতর্কতা আৰু দায়িত্বহীনতাৰ পৰিচয় ঘটিছে তাক

দেখি শিক্ষিত বঙালী মাত্রেই লজ্জিত আৰু মৰ্মাহত হ’ব। এনে কথাই প্ৰমাণ কৰে যে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাক সংস্কাৰ কৰি তথা অসমীয়া বৰ্ণৰ পৰিৱৰ্তন কৰি তাক অধিক বঙলুৱা কৰিবলৈ যাওঁতেই পুথিখনৰ এনে দশা হ’বলৈ পালে। মূলতে পুথিখন অসমীয়া-বঙালী এই ভাষা দুটাৰ উমৈহতীয়া স্তৰৰ নিদৰ্শন আৰু বৰঞ্চ আমাৰ অসমীয়াৰহে বেছি ওচৰ চপা আছিল বুলিব পাৰি। সেয়ে বঙালী হ’লেও পুথিখনৰ ভাষা সমালোচনা কৰি বসন্তৰঞ্জন ৰায়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে পুথিখনে শেষ লিপিকাৰৰ হাতত পৰাৰ আগতে সম্ভৱতঃ কামৰূপ বা অসম ভ্ৰমণ কৰি আহিছিল। আনহাতে ড° বাণীকান্ত কাকতিয়ে ধ্বনিতাত্ত্বিক-ৰূপতাত্ত্বিক বিশ্লেষণৰ জৰিয়তে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত যে অসমীয়া ঠাঁচ যথাৰ্থ ৰূপত বিদ্যমান সেই কথা উনুকিয়াই গৈছে৷

(১) পুথিখনত বঙলা ব্যৱহাৰ নোহোৱা অথচ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা অনেক শব্দ বা পদ পোৱা যায়। যেনে— বাটে বাটে, আছিলা, আই, পেলাইয়া আদি অনেক শব্দ।

(২) পুথিখনত অসমীয়াৰ দৰে ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ আগত বহা দেখা গৈছে। যেনে— নহোঁ, নাবোলসি ইত্যাদি। তাৰ পৰিৱৰ্তে বাংলাত ক্ৰিয়াৰ নিষেধাৰ্থক ‘ন’ সদায় পাছতহে বহে।

(৩) শব্দৰ ক্ষেত্ৰতো বহুতো শব্দ আছে যিবোৰ অন্ততঃ আধুনিক বঙলাত ব্যৱহাৰ নহয়, অথচ অসমীয়াত এতিয়াও জীৱন্ত ৰূপত চলি আছে।

(৪) আনহাতে বড়ু শব্দটোও আমাৰ বৰুৱা শব্দৰে ৰূপান্তৰ বুলি সত্যেন্দ্র নাথ শৰ্মাই ক’ব খোজে।

এনেবোৰ যুক্তিৰ খাতিৰতে শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষাত বঙলুৱা ঠাঁচ থাকিলেও প্রাচীন স্তৰৰ জঁকাটোত যে অসমীয়া ৰূপ স্পষ্টভাৱে দেখিবলৈ পোৱা যায় তাক ন দি ক’ব পৰা যায়।

পুথিখনত কৃষ্ণ, ৰাধা আৰু বড়াই (বৰ আই ) এই তিনিটি চৰিএকে লৈ এটি প্রণয় কাহিনী নিৰ্মাণ কৰা হৈছে। যথাৰ্থতে শ্রীকৃষ্ণ কীর্তন ৰাধা-কৃষ্ণৰ প্ৰণয় সম্বলিত এখনি মনোৰম কাব্য। ইয়াত কাহিনীভাগক গীতৰ মাধ্যমেৰে আগুৱাই নিয়া হৈছে। গীতিধর্মিতা ইয়াৰ অন্যতম মুখ্য আকর্ষণ। পুথিখনত ১৬১ টা শ্লোক আৰু ৪১৮ টা পদ আছে। কাব্যখনত অংকীয়া নাটৰ দৰে মাজে মাজে সংস্কৃত শ্লোক আছে আৰু পদবোৰত | কথোপকথন থকাত কাব্যখনে নাটকীয় গুণ লাভ কৰিছে।

ৰামাই পণ্ডিতৰ শূন্য পুৰাণঃ

শূন্য পুৰাণৰ কবি ৰামাই পণ্ডিতৰ আৱিৰ্ভাৱ সম্পর্কেও সমালোচকসকলৰ মাজত মত পার্থক্য দেখিবলৈ পোৱা যায়। শূন্য পুৰাণৰ সম্পাদক নগেন্দ্ৰনাথ বসু আৰু দীনেশ চন্দ্ৰ সেনৰ একাদশ শতিকাৰ ব্যক্তি যোগেশচন্দ্ৰ বিদ্যানিধিৰ মতে তেওঁ চতুৰ্দশ শতিকাৰ আগৰ নহয়; ড° সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে পঞ্চদশৰ আগৰ নহয়; আৰু ড° সুকুমাৰ সেনৰ মতে ষোড়শ শতিকাৰ আগৰ হ’ব নোৱাৰে। সি যি কি নহওক শূন্য পুৰাণত প্রাচীন অসমীয়া ভাষাৰ শব্দ আৰু বৈয়াকৰণিক ৰূপলৈ লক্ষ্য ৰাখি শূন্য পুৰাণক আমাৰ অসমীয়া আৰু বঙলাৰ পূৰ্বাৱস্থাৰ তথা উমৈহতীয়া নিদৰ্শনৰূপে আগুৱাই চাব পাৰি। বঙালী সম্পাদকৰ হাতত পৰি অধিক বঙলুৱা হৈ পৰিলেও পুথিখনৰ বহু ঠাইত অসমীয়া চাপ স্পষ্টৰূপত বিদ্যমান।

(১) পিতাক, খুড়াক, বাপা, পো, খৰিকা, ঝিয়াৰী (জীয়ৰী), দৰৱ, জুই, টোপোলা, বেগেতে আদি অসমীয়া শব্দৰ প্ৰয়োগে পুথিখনক আমাৰ বুলিবলৈ সকলোকে বাধ্য কৰে।

(২) বিভক্তিসমূহৰ প্ৰয়োগো অসমীয়াৰ দৰেই ব্যৱহৃত হোৱা পৰিলক্ষিত হৈছে। শূন্য পুৰাণ ধৰ্মদেৱতাৰ পূজাৰ পুথি; ইয়াত সৃষ্টিতত্ত্বৰ ৰহস্যও কাব্যিক ভাষাৰে ফুটাই তোলা হৈছে। 

নাছিল জল থল নহিছি আ

মেৰু মন্দাৰ নাছিল না (ছিল) কৈলাস।।

নহি ছিষ্টি ছিল আৰ নহি সুৰ নৰ। 

ব্ৰহ্ম বিষ্ণু নাছিল নাছিল আঁবৰ।।

তদুপৰি —

(১) প্ৰতিটো পদৰে শেষ বৰ্ণৰ মিল ইয়াৰ এটি উল্লেখযোগ্য বিশেষত্ব বুলিব পাৰি।

(২) ছন্দ আৰু উপমা আদি অলংকাৰৰ যথাযথ প্রয়োগে কাব্যখনিক এক সুকীয়া মর্যাদা প্ৰদান কৰিছে।

অন্যান্য কাব্যগ্রন্থঃ

বহুতো সমালোচকে আকৌ ভৱানী দাসৰ ময়নামতীৰ গান; সুকুৰ | মামুদৰ গোপীচন্দ্ৰেৰ গান; দুৰ্লভ মল্লিকৰ গোবিন্দচন্দ্ৰেৰ গীত আদিকো অসমীয়া সাহিত্যৰ পূৰ্বাৱস্থাৰ নিদৰ্শন বুলি দাবী কৰিব খোজে। ড° দীনেশচন্দ্র সেন আৰু বসন্তৰঞ্জন ৰায়ে ময়নামতী গোপীচন্দ্ৰেৰ গান বুলি সদৃশ। ১৯২২-২৪ চনত প্ৰকাশ কৰি প্ৰাচীন বঙলা সাহিত্যৰ নিদৰ্শন দাবী কৰিলেও শব্দ আৰু ব্যাকৰণগত দিশত তাৰ মাজতো বহুবো অসমীয়া ৰূপ পৰিলক্ষিত হয়। যেনে— আই, ইয়াৰ, ঠেং, ডাঙৰ আদি শব্দ ; বিভক্তিযুক্ত পদ যেনে— প্রথমা বিভক্তিৰ –‘এ’ (মায়ে জানে) সপ্তমী বিভক্তিৰ ‘ত’ খাজনাৰ তাপত আদিৰ ব্যৱহাৰ অসমীয়া অসমাপিকা ক্রিয়াত ব্যৱহৃত ‘ই’ (ৰাজ্য কৰি) ৰ ব্যৱহাৰ অসমীয়া দৰে। এই কথাই প্রমাণ কৰে যে বহু শতাব্দী ধৰি চলি অহা এই কাহিনীসমূহেও বঙালী ভাষাৰ প্ৰভাৱ বা লিপিকাৰৰ হাতত পৰি সপ্তদশ শতিকামানত ই লিখিত ৰূপ পৰিগ্ৰহণ কৰে যদিও অসমীয়া ভাষাৰ চিন-মোকাম একেবাৰে নিঃশেষ হৈ যোৱা নাই। 

আনহাতে পণ্ডিতসকলৰ মতেও কাহিনী কেইটাৰ পটভূমি একাদশ দ্বাদশ শতিকাৰ। কিয়নো গোপীচন্দ্ৰ আৰু তেওঁৰ মাক ময়নামতী গুৰু হাড়িপাৰ উদ্ভৱকাল দশম-একাদশ শতিকাৰ বুলি অনুমান কৰা হৈছে। কাহিনীৰ জুমুধি দুটা দ্বাদশ-ত্রয়োদশ শতিকাত বঙ্গদেশ আৰু ইয়াৰ ওচৰ-পাঁজৰে প্ৰচলিত আছিল। ড° দীনেশচন্দ্র সেনৰ মতেও ভৱানী দাস আৰু সুকুৰ মামুদ ক্ৰমে ত্ৰিপুৰা আৰু উত্তৰবংগৰ লোক। সেই সময়ত উত্তৰবংগৰ ভাষা বঙালীতকৈ অসমীয়াৰহে বেছি ওচৰ চপা আছিল৷ এনেবোৰ কথাই প্রমাণ কৰে যে কাহিনী কেইটাৰ ওপৰত মাথোন বঙালীৰ হাতৰ পৰশহে পৰিছে; ই মূলত অসমীয়াৰ পূৰ্বস্তৰৰ উদ্ভৱকালীন অসমীয়াৰ উৎকৃষ্ট নিদর্শন।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে অসমীয়া কবিতাৰ প্ৰত্ন এটি বিবাদমান বিষয়। অথচ বহু আলোচনা বিলোচনাই এই কথা পোহৰলৈ আনে যে অসমীয়া, বঙালী, উড়িয়া, হিন্দী আদি ভাষাৰ উমৈহতীয়া ৰূপৰ নিদর্শন হিচাপে অন্যান্য প্রান্তীয় ভাষা সমূহতকৈ অসমীয়া ভাষাই বেছি দাবীদাৰ হৈ ব্যাকৰণগত দিশৰ পৰা সেইসমূহ বিশ্লেষণ কৰি আমাৰ সাহিত্যৰ আওঁতালৈ টানি আনি এক গৌৰৱময় অধ্যায়ৰ সূচনা কৰিছে। যিবোৰ সাহিত্য এতিয়া আমাৰ বাবে এক আপুৰুগীয়া সম্পদ হৈ পৰিল।

৩। চৰ্যাপদৰ সাহিত্যিক মূল্য নির্ণয় কৰা।

উত্তৰঃ ১৯০৭ চনত নেপালৰ ৰাজদৰবাৰৰ পৰা হৰপ্ৰসাদ শাস্ত্রীয়ে চর্য্যাচর্যবিনিশ্চয়,সৰোজবজ্ৰৰ দোহোকোষ আৰু কৃষ্ণাচাৰ্য্যৰ দোহোকোষ— এই চাৰিখন পুথি সংগ্ৰহ কৰি আনি প্ৰকাশ কৰে। এই পুথিকেইখনৰ লগত পূৰ্বতে সংগ্ৰহ কৰি অনা ডাকাৰ্ণৱ নামৰ পুথিখন লগ লগাই ১৯১৬ চনত বংগীয় সাহিত্য পৰিষদৰ পৰা ‘হাজাৰ বছৰেৰ পুৰাণ বাংলা ভাষাই “বৌদ্ধ গান ও দহা” নামৰ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়। এই পুথিৰ গীতৰ ভাষা বাংলা ভাষাৰ আদি স্তৰৰ নিদৰ্শন বুলি পোনতে তেওঁ ক’ব বিচাৰিছিল যদিও পৰৱৰ্তী গৱেষণাই তেওঁক চৰ্য্যাপদৰ ভাষাত শৌৰসেনী অপভ্রংশৰ নিদৰ্শনৰ কথাও স্বীকাৰ কৰিবলৈ বাধ্য কৰিলে। অৱশ্যে পৰৱৰ্তী সময়ত চৰ্যাপদ যে অকল বঙলা ভাষাৰেই সম্পদ নহয় অসমীয়া, উড়িয়া আৰু মৈথিলীৰ নিদর্শনো যে চৰ্যাপদত প্রকটিত হৈ আছে সেই কথা গৱেষণা কৰ্মৰ জৰিয়তে প্রতীয়মান কৰিলে। বাণীকান্ত কাকতি, ডিম্বেশ্বৰ নেওগ আদি ভাষাতাত্ত্বিক পণ্ডিতৰ মতে, চৰ্য্যাপদত প্রাচীন অসমীয়া ভাষা-ৰূপো প্রকটিত হৈ উঠিছিল। যাৰ বাবে চৰ্য্যাপদ উমৈহতীয়া সাহিত্য হৈয়ো প্রত্যেক ভাষাৰে স্বকীয় সাহিত্য ৰূপে পৰিচিত হৈ পৰিছিল।

চৰ্যাপদত ৮৪ জন বৌদ্ধ সিদ্ধাচাৰ্য্যৰ ভিতৰত ২৩ জন সিদ্ধাচাৰ্য্যৰ গীতৰ টীকাসহ উল্লেখ পোৱা গৈছে। লৌহপাদ বা লুইপাদক প্রথমজন চৰ্যালেখক। সহজীয়া ধর্ম প্ৰচাৰৰ বাবে ৰচিত চৰ্য্যাগীতসমূহৰ মাজেৰে ধৰ্মৰ ফল্গুধাৰা অবিৰতভাৱে প্ৰকাশিত হৈ আহিছে। উচ্চ আধ্যাত্মিক ভাবাসম্পন্ন গীত হৈয়ো চৰ্যাপদসমূহ সাহিত্যিক সৌন্দৰ্য্যৰে মহীয়ান হোৱাৰ মূলতে আছে ইয়াৰ বিষয়বস্তুৰ নিৰ্মিতি আৰু ভাষা। বৌদ্ধধৰ্মৰ মূলমন্ত্ৰ হৈছে- নির্বাণ লাভ। “নির্বাণ মানে বাসনাৰ নিবৃত্তি৷ পাৰ্থিৱ স্থিতিৰ অনিত্যতা সম্বন্ধে জ্ঞান লাভ কৰি অবিদ্যা-মোহ ধ্বংস কৰিব পাৰিলেই নিৰ্বান লাভ হয়।” (পৰীক্ষিত হাজৰিকা, ২০০৪ : ৬২)। চৰ্যাপদসমূহৰ মাজেৰে জাগতিক সুখদুখৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় সম্বন্ধে উল্লেখ আছে। সহজীয়া ধৰ্ম অনুসৰি কোনো বস্তুৰেই স্থায়িত্ব নাই। অনিত্য এই সংসাৰ-জগত। এই সংসাৰ জগতৰ পৰা নিবৃত্তি লাভ কৰা সহজ নহয়। মানুহে জগত নির্বান আদিৰ বিষয়ে ভ্রান্ত ধাৰণা লৈ সংসাৰ বন্ধনত আৱদ্ধ হৈ আছে। এই বিষয়ে চৰ্যাগীতত উল্লেখ আছে এনেদৰে

“অপণে ৰচি ৰচি ভৱ নিৰ্বাণা।

মিছে লোঅ বন্ধাৱএ অপণা।।

অম্ভে ন জানহু অচিন্ত জোই।

জাম মৰণ ভৱ কইসণ হোই।।”(চৰ্যা নং-২২) 

চিত্তৰ উৎকর্ষ সাধনৰ জৰিয়তে জাগতিক মায়া-মোহৰ পৰা জীৱক আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। তন্ত্র মন্ত্ৰ, যাগ-যজ্ঞৰ বিপৰীতে যোগ সাধনা কৰি চিত্তৰ চঞ্চলতা দূৰ কৰি নিৰ্বাণৰ পথত অগ্ৰসৰ হ’বলৈ চৰ্য্যাপদে উপদেশ দিছে। চৰ্যাপদৰ মাজেৰে ধৰ্মৰ এনে এক নিগূঢ় তত্ত্ব ফুটি উঠিছে; যি চৰ্যাপদৰ বিষয়বস্তু আৰু উদ্দেশ্যক একমূখী কৰি তুলি তাক সাহিত্য কর্ম হিচাপে তাত্ত্বিকতা প্ৰদান কৰিছে।

উপৰুৱা দৃষ্টিৰে চালে চৰ্যাপদসমূহ আমাৰ বাবে দুর্বোধ্য। কাৰণ ইয়াৰ মূল তত্ত্বসমূহ জটিল আৰু দার্শনিক ভাবাপন্ন হোৱাৰ লগতে ইয়াৰ ভাষাও সাংকেতিক। “চৰ্য্যাপদৰ ভাষা দুতৰপীয়া – সাংকেতিক আৰু সাধাৰণ। গীতচকসকলে বিষয়বস্তুৰ গূঢ়তা বোধগম্য কৰিবলৈ উপমা, ৰূপক, ব্যাজোক্তি আৰু উৎপ্ৰেক্ষা অলংকাৰৰ সহায় লৈছে ; এইয়া শব্দ চয়নৰ কুশলতা আৰু বাহ্যিক সাধাৰণ ভাষাটোৰ অৰ্থ – নিৰ্দেশক উপকৰণ।” (হাজৰিকা,২০০৪ :১২২) চৰ্যাপদৰ ভাষাক সান্ধ্য ভাষা বুলি সাংকেতিক ভাষা যি বুলিয়েই কোৱা নাযাওক কিয় চৰ্য্যাপদৰ ভাষাইহে ইয়াৰ সাহিত্যিক সৌন্দর্য বিকশিত কৰি তুলিছে। চৰ্যাপদত লৌকিকতাই প্রধান ঠাই পাইছে। ঠ. সান্ধ্যভাষা বা আলো আধাঁৰি ভাষা বা সমকালীন অসমীয়া সমাজ-সংস্কৃতিৰ চিত্ৰ চৰ্য্যাপদৰ মাজেৰে বিধৃত হৈছে। অসমত বাস কৰা বিভিন্ন শ্ৰেণীৰ লোকক জীৱনাচাৰ্য চৰ্য্যাপদৰ মাজেৰে প্ৰতিফলিত হৈছে। বিশেষকৈ তাঁতী,যোগী, ব্যাধ, সুতাৰ, শবৰ, চণ্ডাল, ব্ৰাহ্মণ, ডোম, কুমাৰ, নাপিত,মালী. আদি বিভিন্ন বৃত্তিধাৰী লোকৰ জীৱনচাৰ্যৰ বিষয়ে চৰ্যাপদত উল্লেখ আছে। কৃষিভিত্তিক অসমৰ সমাজ জীৱনৰ চিত্ৰ চৰ্য্যাপদৰ মাজেৰে মূৰ্তমান হৈ উঠিছে। গৰু বান্ধিবৰ বাবে সেই সময়ৰ সমাজত যে গোহালি ঘৰৰ । প্ৰচলন আছিল আৰু কৃষিকৰ্মত যে গৰুৱে মূখ্য ভুমিকা গ্ৰহণ কৰিছিল সেই কথা তলৰ গীতফাঁকিৰ মাজেৰে প্ৰকাশ পাইছে যিয়ে অসমৰ কৃষিকৰ্মৰ নিদৰ্শন দাঙি ধৰিছে :

“সৰহ ভণন্তি বৰ সূণ গোহালী কি মো দুঠ্যে বলন্দে।

একেঁলে জগ নাশিঅ ৰে বিহৰুঈ চ্ছন্দ্ৰে।”(চৰ্যা নং-৩৯) 

ইয়াৰ উপৰিও যৌথ পৰিয়ালৰ চিত্র, বিবাহকেন্দ্রিক লোকসংস্কৃতি, অসমৰ আ-অলংকাৰ, সাজপাৰ, বাদ্যযন্ত্ৰ, খাদ্যাভাস, যাতায়ত ব্যৱস্থা, প্রাকৃতিক সম্পদ, বনজ সম্পদ আদি বিভিন্ন পৰিস্থিতি চিত্ৰ চৰ্য্যাপদৰ মাজেৰে বৰ্ণিত হৈছে। মুঠতে ক’বলৈ গ’লে, অসমৰ সাংস্কৃতিক – অর্থনৈতিক- ভৌগোলিক চিত্ৰ চৰ্য্যাপদৰ মাজেৰে প্ৰকাশি উঠিছে। পৰিবেশ-পৰিস্থিতি আৰু সমকালীন সমাজ-সংস্কৃতিৰ এখন সজল চিত্র লোকচক্ষুৰ আগত দাঙি ধৰিবলৈ সক্ষম হোৱা বাবেই  চৰ্যাগীতসমূহে সাহিত্যিক সৌন্দৰ্য্যৰ স্বাক্ষৰ আজিকোপতি বহন কৰি আহিছে। 

চৰ্য্যাপদৰ গঠনশৈলীয়ে ইয়াৰ সাহিত্যিক সৌন্দৰ্য্যক নতুন মাত্রা প্ৰদান কৰিছে। অসমীয়া গীতি সাহিত্যৰ আলোচনাতো চৰ্যাগীতে বিশেষ স্থান লাভ কৰিছে। “ ধ্ৰুৱপদ বা শাস্ত্রীয় সংগীতত থকা লক্ষণেৰে পৰিপূৰ্ণ চৰ্য্যাগীতবোৰ বৌদ্ধ সহজীয়া পন্থৰ ধৰ্ম সাধনৰ গীত হ’লেও সেইবোৰ সংগীত শাস্ত্ৰৰ বিধানত ৰচিত।” (গোস্বামী, ২০১০ : ১১৮) যাৰ বাবে চৰ্য্যাপদসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা৷ চৰ্য্যাগীতত তলত উল্লেখ কৰা ৰাগসমূহ সাধাৰণতে ব্যৱহৃত হোৱা৷ দেখিবলৈ পোৱা যায়- অৰুৰাগ, কামোদৰাগ, কহ্নগুঞ্জৰীৰাগ, গউড়া ৰাগ, গৱড়া ৰাগ, গুঞ্জৰী/গুৰ্জৰী ৰাগ, দেৱক্ৰীৰাগ, দেশাখ ৰাগ, ধনশ্ৰ ‌ৰাগ, সীৰাগ, পটমঞ্জৰী ৰাগ, বৰাড়ী/ বড়াড়ী ৰাগ, বল্লাড়ীৰাগ, বঙলা/বংগালৰাগ, ভৈৰবীৰাগ, মল্লাৰীৰাগ, মালশী, মালশী গৱৰা, ৰামক্ৰীৰাগ, শৱৰী, শীৱৰী ইত্যাদি। বিভিন্ন ৰাগ আৰু তালত বন্ধা চৰ্য্যাগীত সমূহৰ এক সাংগীতিক লয় আছে, যি মানুহৰ মন-প্রাণ আহলাদিত কৰি মানুহৰ মন বৌদ্ধধৰ্ম অভিমুখী কৰি তোলাত সহায় কৰিছে। চৰ্য্যাগীত গাবৰ সময়ত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাৰ কথা ক’তো উল্লেখ নাই । চৰ্যাপদত উল্লিখিত ডম্বৰু, দুন্দুভি, মাদল, পটহ আদি বাদ্যই চৰ্য্যালেখক সকলৰ এই বাদ্যসমূহৰ সৈতে যে চিনাকি আছিল সেই কথাৰ সম্ভেদ দিয়ে। চৰ্যাগীতসমূহ ৰূপকাত্মক। ৰূপক-ব্যঞ্জনাৰ ব্যৱহাৰে চৰ্যাপদৰ সাহিত্যিক সৌন্দৰ্য্য বিকশিত কৰি তুলিছে। বর্ণনীয় বিষয়ক মনোগ্রাহী কৰিবৰ বাবে সচৰাচৰ ৰূপকৰ ব্যৱহাৰ হয় যদিও চৰ্য্যাপদত ৰূপকৰ ব্যৱহাৰে ইয়াৰ দাৰ্শনিক তত্ত্বৰ নিৰ্মিৰ্তিত সহায় কৰিছে। চৰ্য্যাপদত মানৱীয় আৱেগ-অনুভূতি ৰূপকৰ মাজেৰে সফল ৰূপত চিত্রায়িত হোৱা আমি দেখিবলৈ পাওঁ— 

উঞ্চা উষ্ণা পাবত তঁহি বসই সৱৰী বালী।

মোৰঙ্গি পীচছ পৰহিণ সৱৰী গিৱত গুঞ্জৰী মালী।।

উমত সৱৰো পাগল শৱৰো মা কৰ গুলী গুহাড়া তোহৌৰী। 

ণিঅ ঘৰিণী নামে,সহজ সুন্দাৰী।” (চৰ্য্যা নং-২৮)

এই গীতটিত প্রকৃতি বন্দনাৰ মাজেৰে শৱৰ-শৱৰীৰ মিলন চিত্র অংকিত হৈছে আৰু এই চিত্র অংকনত গীতিকাৰ শৱৰপাদে সফলতা লাভ কৰিছে। কুকুৰপাদ, ভুসুকপাদ আদি চৰ্য্যাকাৰৰ গীততো ৰূপকে বিশেষভাৱে স্থান পোৱা দেখিবলৈ পোৱা যায়।

কাব্যৰ ৰমণীয়তা বৃদ্ধিত সহায় কৰা অলংকাৰে চৰ্যাপদৰো ৰমণীয়তা বৃদ্ধি কৰিছে। শব্দালংকাৰ আৰু অৰ্থালংকাৰ এই দুইবিধ অলংকাৰৰে ব্যৱহাৰ চৰ্যাপদত আছে। শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাসৰ ব্যৱহাৰ বেছি। আদ্যানুপ্রাস, অন্ত্যানুপ্রাস আৰু ছেকানুপ্ৰাসেৰে চৰ্য্যাগীত পৰিপূৰ্ণ হৈ আছে। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হ’ল—

আদ্যানুপ্রাসঃ কবিতাৰ বিভিন্ন চৰণৰ আদ্য বৰ্ণৰ মিল থাকিলে আৰু শুনিবলৈ শুৱলা হলে তাক অদ্যানুপ্রাস বোলা হয়। চৰ্য্যাপদত অদ্যানুপ্রাসৰ উদাহৰণ আছে—

“জিম জিম কাৰিয়া

ডিম ডিম তথতা।” (চৰ্য্যা নং-৯)

অন্ত্যানুপ্রাসঃ কবিতাৰ বিভিন্ন চৰণৰ শেষৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলে তাক অন্ত্যানুপ্রাস বোলা হয়। চৰ্য্যাপদত অন্ত্যানুপ্ৰাসৰ উদাহৰণ আছে

“কা আ তৰুবৰ পঞ্চ বি ডাল 

চঞ্চল চীত্র পইঠো কাল।” (চৰ্য্যা নং-১)

ছেকানুপ্রাসঃ ছেক শব্দৰ অৰ্থ চতুৰ। সেইবাবে ছেকানুপ্রাসক বিদগ্ধ কবিয়ে প্রয়োগ কৰা অনুপ্রাস বুলি কোৱা হয়। এইবিধ অনুপ্ৰাসত দুটা বা তাতোধিক বর্ণ একেটা ক্রমতে সংযুক্ত বা বিযুক্তভাবে দুবাৰ ধ্বনিত হয়। চৰ্যাপদত ইয়াৰ ব্যৱহাৰ থকা পৰিলক্ষিত হয়—

“ধমন চমন বেনি পাণ্ডি বহঁঠা।” (চৰ্য্যা নং-১) 

“সঅ সম্বেঅন সৰুঅ বিআঁৰেতে অলকখ লকখ ন জাই‌।”(চৰ্যা নং-১৫)

অর্থালংকাৰ ভিতৰত উপমা, ৰূপক, উৎপ্রেক্ষা, বিৰোধ, সমাসোক্তি, স্বভাৱোক্তি আদি অলংকাৰৰ ব্যৱহাৰ চৰ্য্যাপদত থকা দেখিবলৈ পোৱা যায়। তলত কেইটমান উদাহৰণ চৰ্য্যাগীতৰ আধাৰত দাঙি ধৰা হ’ল—

উৎপ্রেক্ষঃ উপমেয়ক উপমান বুলি হোৱা সন্দেহৰ ভিত্তিত যি অলংকাৰ নিৰ্ণিত হয় তাকে উৎপ্রেক্ষা অলংকাৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে

“সোনে ভৰিলী কৰুণা নাৱী 

ৰূপা থোই নাহিকে ঠাৱী।”(চৰ্য্যা নং-৮)

ইয়াত কৰুণা উপমেয়। সোণ আৰু নাৰী হল উপমান। কৰুণা শব্দই ৰোধিচিত্তক বুজাইছে৷কৰুণা শব্দৰ দ্যোতনা কৰিবলৈ যাওঁতে উৎপ্ৰেক্ষা অলংকাৰৰ সৃষ্টি হৈছে।

ৰূপকঃ ৰূপকৰ সহায়ত ধৰ্মীয় তত্ত্বৰ ব্যাখ্যা চৰ্য্যাপদত দাঙি ধৰা হৈছে। তলৰ উদাহৰণত উল্লিখিত তেন্তলি আৰু কুম্ভীৰ শব্দই যথাক্রমে বোধিচিত্ত আৰু কুম্ভক যোগৰ কথা বুজাইছে। কুম্ভক যোগৰ জৰিয়তে সহজানন্দ প্ৰাপ্তিৰ বিষয়েহে কোৱা হৈছে—

“দুলি দুহি পিটা ধৰণ নজাই

ৰুখেৰ তেন্তলি কুম্ভীৰে খাআ।”(চৰ্য্যা নং-৮)

বিৰোধঃ যত দুটা বস্তুৰ মাজত পৰস্পৰ বিৰোধে দেখা দিয়া যেন লাগিলেও প্রকৃততে তাৰ তাৎপর্য নিৰূপনৰ দ্বাৰা সেই বিৰোধৰ অৱসান ঘটে, তাক বিৰোধ বা বিৰোধাভাস অলংকাৰ বুলি জনা যায়। তলত ইয়াৰ উদাহৰণ দাঙি ধৰা হল—

“জো সো বুধী সৌধ নিবুধী

জো সো ঢৌৰ সৌই ষাধী।”(চৰ্যা নং-৮) 128

সমাসোক্তিঃ প্রস্তুতৰ ওপৰত অপ্রস্তুতৰ ব্যৱহাৰ আৰোপ কৰিলে তাক সমাসোক্তি অলংকাৰ বুলি জনা যায়। উদাহৰণস্বৰূপে–

“ভৱ ৭ই গহন গম্ভীৰ বেগে বাঁহী।”(চৰ্য্যা নং-৫) —সাধাৰণতে নদী অচেতন বস্তু যদিও ইয়াত নদীৰ ওপৰত চেতনা আৰোপ কৰা হৈছে বাবেই ৰ সৃষ্টি হৈছে।

ছন্দৰ ব্যৱহাৰে চৰ্য্যাপদক শ্রুতিমধুৰ কৰি তোলাৰ লগতে তাৰ সাহিত্যিক সৌন্দৰ্য্য নির্ণয়তো প্রধান ভূমিকা লৈছে৷ চৰ্যাপদত মূলতঃ পদ ছন্দৰ ব্যৱহাৰ হৈছে যদিও দুই এটা গীতত ত্ৰিপদী ছন্দৰো ব্যৱহাৰ হোৱা পৰিলক্ষিত হয়। পয়াৰ ছন্দৰ ভিতৰত হ্রস্ব আৰু দীৰ্ঘ দুয়োটা পয়াৰৰে ব্যৱহাৰ আছে। ইয়াৰ উপৰিও ঝুনা ছন্দৰ ব্যৱহাৰ আছে। সুনীতিকুমাৰ চট্টোপাধ্যায়ৰ মতে, “প্রাকৃতৰ যি তিনিটি ছন্দোৱন্ধৰ পৰা চৰ্য্যাগীতিৰ ছন্দোৱন্ধৰ উদ্ভৱ হৈছে বুলি অনুমান কৰা হয়,সেই পাদাকুলক, চউপইআ আৰু দোহা ছন্দবন্ধও মূলতঃ জাতি বা কলামাত্রা উচ্চাৰণ ৰীতিৰ ছন্দ।” (চক্ৰৱৰ্তী আৰু হাজৰিকা, ২০০৪০৮৮) তলত চৰ্য্যাপদৰ ছন্দৰ উদাহৰণ দাঙি ধৰা হ’ল

হ্রস্ব পয়াৰঃ ইয়াত ১৩টা অক্ষৰ থাকে।

“ বৰ গুৰু বঅণে কুঠাৰেঁ চিজঅ। 

কাহ্ন ভণই তৰু। পুণ ন উইজঅ।।”(চৰ্য্যা নং-৪৫) 

ত্রিপদী ছন্দঃ “ণাণা তৰুবৰ    মৌলিল ৰে 

গঅণত লাগেলী ডালী।

একেলী সৱৰী এ বণ হিণ্ডই

কণ্ন কুণ্ডল বজ্ৰধাৰী।” (চৰ্য্যা নং-২৮)

চৰ্য্যাপদৰ মাজেৰে ক্ষীণ ভাবে হ’লেও কাব্য ৰস আস্বাদন কৰিব পাৰি। চৰ্য্যাপদৰ মাজেৰে ধৰ্মীয় তত্ত্ব প্রতিপাদন হোৱা হেতুকে ইয়াৰ মাজেৰে প্ৰধানত : ভক্তিৰসৰ সোৱাদহে অনুভূত হয়। অৱশ্যে এই ভক্তিৰসৰ লগতে শৃংগাৰ আৰু হাস্যৰসে চৰ্যাপদক মানুহৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে। কাহ্নপাদৰ ১০ নং চৰ্য্যা আৰু শবৰ পাদৰ ২৮ নং চৰ্য্যাত শৃংগাৰ ৰসৰ আৱিৰ্ভাৱ হৈছে। “তো মুহ চম্বী কমলৰস পীবমি’ ৰূপকাত্মক ভাৱে উদ্ধৃত চৰ্য্যাটিত কোৱা হৈছে যে— তোমাৰ মুখ চুহি মই পৰমাৰ্থ মধুপান কৰিম। কিন্তু সাধাৰণ ভাৱে এই চৰ্য্যাৰ মাজেৰে প্রেমিক যুগলৰ প্ৰেমৰ চৰিত্ৰহে প্ৰতিভাত হৈছে। য’ত শৃংগাৰ ৰসে ভুমুকি মাৰিছে। হাস্যৰসৰ সমান্তৰাল ভাৱে অদ্ভুত ৰসৰ উদ্রেক হৈছে চৰ্য্যাগীতত। সমকালীন সমাজৰ জাতিগত বিভেদৰ চিত্ৰ হাস্যৰসাত্মকভাবে তুলি ধৰা এটি চৰ্য্যাগীতৰ উল্লেখ কৰা হ’ল – 

“নগৰ  বাহিৰি ৰে ডোম্বি তোহোৰি কোড়িআ

ছই ছোই জাই সো ব্রাহ্ম নাড়িয়া।”(চৰ্য্যা নং-২৮) 

চৰ্য্যাপদৰ মাজেৰে বিভিন্ন ৰস প্ৰকাশি উঠিছে যদিও ই চৰ্য্যাপদৰ মূল তত্ত্বত আঘাত হানিব পৰা নাই বৰঞ্চ সাহিত্যিক সৌন্দৰ্য্য বিকশিত কৰিহে তুলিছে।

শব্দৰ সুবিন্যস্ত চয়ন আৰু শিল্প নৈপুন্যই চৰ্যাপদৰ ভাষাক নতুনত্ব প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভঁৰালো চহকী কৰি তুলিছে। শব্দৰ চিত্রময় আৰু যথোপযুক্ত ব্যৱহাৰে চৰ্য্যাপদক প্ৰাণৱন্ত কৰি তুলি মানুহৰ ওচৰলৈ লৈ গৈছে। গুণ্ডিনীৰ ঘৰত মদ বিক্ৰী কৰাৰ মাজেৰে যি তাত্ত্বিক চিত্ৰ বৰ্ণিত হৈছে তাৰ মাজেৰে আমি চৰ্য্যালেখকৰ শব্দচয়নৰ নিপুনতাৰ উদাহৰণ দাঙি ধৰিব পাৰে —

“এক যে গুঙিনী দুই ঘৰে সান্ধঅ।

চীঅন বাকলঅ বাৰুনী বান্ধঅ।।

সহজে থিৰ কৰি বাৰুনী বান্ধ।

জে অজৰামৰ হোই দিয় কান্ধ।।

দশমি দুআৰত চিহ্ন দেখাইআ

আইল গৰাহক অপনে বহিআ।।”(চৰ্য্যা নং-৩) 

অসমীয়া লিখিত সাহিত্যৰ প্ৰথম নিদর্শন হিচাপে চৰ্য্যাপদৰ গুৰুত্ব অপৰিসীম। ইয়াৰ গঠনশৈলী নিখুঁত বুলি ক’ব পৰা নাযায় যদিও ৰচনাৰ সময়লৈ চাই ই সাহিত্য ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। অনুভূতিৰ গাঢ়তা আৰু মননশীলতাই চৰ্যাপদক সাহিত্যকর্ম হিচাপে বিশিষ্টতা প্ৰদান কৰিছে। চৰ্য্যাপদৰ সাহিত্যিক মূল্যই মানৱীয় প্রমূল্য নির্ণয়তো তাৎপৰ্যপূৰ্ণ ভূমিকা লৈছে; যাৰ বাবে ই সহজীয়া বৌদ্ধধৰ্মৰ গীত হৈয়ো সাৰ্বজনীন ৰূপ লাভ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top